ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, January 27, 2017

ঘৰ বিৰহীৰ উক্তি

উদ্বাস্তু? উদ্বাস্তু কোন নহয়? আমি বায়ুভূত, নিৰালম্ব।
[উৎস, ঋত্বিক ঘটকৰ “সুবর্ণৰেখা”]


সৃষ্টিশীল কৰ্মত, এটা চেতনা অথবা ধাৰণাৰ পৰ্যায়ত স্থানচ্যুতি, দেশান্তৰণ, নিৰ্বাসন, দ্বীপান্তৰ, প্ৰব্ৰজন আদিৰ প্ৰসংগ সকলো সময়তে লক্ষ্য কৰিব পৰা যায়। কেৱল একোটা ভৌগলিক, স্থানিক অথবা শাৰীৰিক স্তৰৰ পৰা উৰ্ধলৈ গৈ এটা চেতনাৰ স্তৰত বিবেচনা কৰিলে বহল অৰ্থত বিশাল সমল আমি দেখিবলৈ পাওঁ। সকলো সময়তে কোনোবা নহয় কোনোবাই বিদেশাভিমূখে গতি কৰিছে। কোনোবাই এৰি থৈ গৈছে। কোনোবাই এৰি থৈ অহা ঠাইৰ মোহ এৰিবও পৰা নাই, উভটিও যাব পৰা নাই। আদিকাব্য বুলি খ্যাত ৰামায়ণ খনেই মূলগত ভাৱে এটা নিৰ্বাসনৰ আৰু স্থানান্তৰণৰ কাহিনী। ৰামচন্দ্ৰ পিতৃগৃহৰ পৰা নিৰ্বাসিত হৈ বনবাস খাটিবলৈ গৈছে। অপহৃত সীতা অন্যদেশত ৰৈছে। “আত্ম-মৰ্যাদা” পুণৰোদ্ধাৰৰ বাবে ৰামে সেতু গঢ়ি ভ্ৰমণ কৰিছে। ৰামায়ণখনক ভাৰতবৰ্ষত আৰ্যসকলৰ প্ৰব্ৰজনৰ ৰূপক বুলি চাব খোজা সমাজত্বত্বিকৰ দৃষ্টিতো চিকাৰ-জীৱী আৰ্য ৰামে জনক জীয়ৰী সীতাক বিয়া পাতি কৃষি কাৰ্য শিকিলে, তাৰ পিছত অৰ্থনীতি আৰু ৰাজনৈতিক দক্ষতা আহৰণৰ বাবে লংকা জয় কৰিলে। আটাইতকৈ কাতৰ বৰগীত সমূহতো কৃষ্ণই বৃন্দাৱন এৰি থৈ গুছি গৈছে। “ধ্বজ ব্ৰজ যৱ অংকুশ কমল চিহ্ন সৱ আছে পৰি” আৰু বাৰে বাৰে সোধা হৈছে “কহৰে উদ্ধৱ প্ৰাণৰ বান্ধৱ” – আউৰ কি আহিব হৰি? পৰম্পৰাগত গীতি সাহিত্যতো সামগ্ৰিকভাবে এক পৰদেশী বিৰহৰ ভাৱনাই সকলো সময়তে আগুৰি আছে। বিৰহী নাৰীয়ে বাৰে বাৰে মাহুতক সুধিছে- তোৰ কোন দেশত ঘৰ? এৰি থৈ যাবলৈ ওলোৱা বন্ধু কাজল ভোমোৰা আকৌ উভটি আহিবনে নাই তাৰ ভাৱনাত বিহ্বল হৈ স্মৃতিচিহ্ন হিচাপে কান্ধৰ গামোচাখনকে এৰি থৈ যাবলৈ কাকূতি মিনতি কৰা হৈছে। বজাৰ সামৰি আহি ৰাধা নৈৰ পাৰত ৰৈ আছে, নাৱৰীয়া কলীয়াৰ বাবে, সিপাৰলৈ যাবলৈ দুৰ্বাৰ হেঁপাহ। আনফালে কলীয়াৰ নাৱৰ তলি ফুটা। পাৰ হয় এতিয়া কেনেকৈ? পীৰিতি বলিয়া বিহুৱা ডেকা গাভৰুৰো ঘৰ নদীৰ ইপাৰে নদীৰ সিপাৰে।   

ৰহস্যবাদী আৰু দেহত্বত্বৰ কবিকূলে ঘৰ আৰু পৰ, দেশ-পৰদেশৰ ধাৰণাটোক আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰি আহিছে। আইৰ ঘৰত থাকি আৰু কবীৰাও সুখী নহয়, এই ঘৰ পৰৰ ঘৰ। সাঁইৰ ঘৰ, পৰম অতি সুন্দৰ, তালৈ যাবলৈ কবীৰাৰ মন ব্যাকুল। লালন ফকীৰে নিজৰ হৃদয়হীনা মাককে তোৰ ঘৰত আৰু নাথাকোঁ, খুলি দে মোৰ হাতৰ বান্ধোন যেনিয়েই চকু যায় তেনিয়েই গুছি যাওঁ বুলি ভাবুকি দি উঠিছে। ভবা পাগলাই কৈ আছে যে আজিও সেই বৃন্দাৱনত বাঁহী বাজে, যমুনা বয়। মনতে আশা আছিল সেই বৃন্দাৱনলৈ যাবৰ, পিছে ঘৰৰ মায়াত থাকি ভবাই ঘৰকে এৰিব পৰা নাই। দিনৰ কাম শেষ কৰি ৰবীন্দ্ৰনাথো ৰৈ থাকিল নৈৰ ঘাটত – “যাব ওপাৰেৰ ঘাটে”। এই দেহ এটা সজাহে মাথোঁ, চৰাইটো আজি অছে কাইলৈ নাই। এই বিশ্বসংসাৰত আমি দুদিনৰ আলহীহে মাথোঁ, এই দেহ-ঘৰ আমাৰ নিজা ঘৰ নহয়।  এই দেহ-দেশ আমৰ দেশ নহয়। আমি পৰিব্ৰাজক মাথোঁ। সকলো সময়তেই শুনি আহিছোঁ একোটা কাতৰ সুৰ, এহাতে যদি ক’ৰবালৈ গুছি যোৱাৰ প্ৰচণ্ড হাবিয়াস, আনহাতে হয়তো আপোন ঠিকনা হেৰুওৱাৰ অব্যক্ত বেদনা। আধুনিক কবিৰ ভাষাতো একেধৰণৰেই আবদাৰ- “এটা অজুহাত পালেই মই গুছি যাব পাৰোঁ”। কেতিয়াবা হয়তো নিজৰে পৰা পলায়নৰ অজুহাত বিচৰা হৈছে, কেতিয়াবা আকৌ বিচৰা হৈছে নিজৰ হেৰোৱা ঠিকনা। বিহুৰে উৰুকা নিশা খেনোৱে কান্দিছে- তুমি পৰদেশী হ'লা। খেনোৱে নতুন বাট বুলিছে- মই যি বাটেৰে ওলালোঁ আজি নাহোঁ ওলটি। খেনোৰ আকৌ বাতৰি আহিছে বঙাইগাঁৱত মিলিছে চাকৰী। এফালে জয়মতীৰ শুভাকাংক্ষী ৰৈ আছে নগা পাহাৰৰ পৰা গদাপাণি উভটি আহিব বুলি,  আনফালে তেজীমলা ৰৈ আছে - সাউদ মোৰ পিতৃদেৱতা আহিব উভটি বুলি। দুখিনী নাৰীয়ে সৰু শালিকী, ছুটি শালিকীক আইৰ দেশলৈ পঠিয়াইছে বাৰ্তা কঢ়িয়াবলৈ।   

সাধুকথাবোৰতো দেশে বিদেশে বণিজ কৰি ফুৰা সাউদ এজন যে থাকে, কিয় থাকে? সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কথা কিয় কোৱা হয়? কেতিয়াবা বেপাৰ বণিজৰ নামেৰে, কেতিয়াবা বিবাহ সূত্ৰে নাৰীয়ে ঘৰ এৰি যোৱাৰ ৰিজনিৰে, কেতিয়াবা ঘাটৈয়ে নিজবৃত্তিৰ স্বৰূপেৰে নদী পাৰ কৰাৰ ৰূপকেৰে এই স্থানচ্যুতিৰ চেতনাটো ইমান শক্তিশালী হৈ কিয় চলি আহিছে? 

নৃত্বাত্বিকৰ দৃষ্টিৰে মানুহ মাত্ৰেই প্ৰব্ৰজনকাৰী। আনহাতে সামাজিক আৰু পৰিয়াল প্ৰিয় মানুহক লাগে এটা স্থিতাৱস্থা। লাগে এখন স্থায়ী ঘৰৰ ঠিকনা। লাগে স্বদেশৰ স্বাভিমান। তাৰেই হাতত ধৰি লগে লগে আহে বিদেশৰ উৎকণ্ঠা আৰু উদ্বিগ্নতা। দেশ বিভাজনৰ সময়খিনিত আটাইতকৈ বেছি আক্তান্ত হোৱা অঞ্চলখিনি আছিল পাঞ্জাৱ আৰু বংগদেশীয় ঠাইখিনি। বিশ্ব সাহিত্যত যেনেকৈ দ্বিতীয় মহাযুদ্ধৰ বিভীষিকাই বাৰে বাৰে বিভিন্ন ৰূপত আত্ম প্ৰকাশ কৰাৰ নজিৰ আছে, তেনেকৈয়ে ভাৰতীয় সাহিত্য শিল্পৰ কথা ক’লে দেশ বিভাজনৰ পৰৱৰ্তি ঘটনাক্ৰমৰ উল্লেখৰ কথা ক’ব পাৰি। পাঞ্জাৱতো বহুতৰে ঘৰ সিপাৰে ৰৈ গ’ল, সিপাৰে থকা বহুতৰে ঘৰ ইপাৰে ৰৈ গ’ল। বংগৰ কাহিনীও একে। ঋত্বিক ঘটকৰ দৰে প্ৰতিভাধৰ চলচ্ছিত্ৰ নিৰ্মাতাই বংগ-ভংগৰ যন্ত্ৰণাকে গোটেই জীৱন ধৰি বহন কৰি থাকিল।

অসমভূমিৰ ইতিহাসৰ কাহিনী আৰু বেছি জটিল। সকলো সময়তে প্ৰব্ৰজন ঘটিছে। জাতি জনগোষ্ঠীৰ মিলন আৰু সংঘাত সকলো সময়তে ঘটিছে। আত্মপৰিচয়ৰ সংকট এটা চিৰাচৰিত ঘটনা। জাতীয় পৰিচয়ৰ দুদোল্যমান স্থিতি ইয়াত সকলো সময়তে বিৰাজমান। ৰাজনৈতিক কাৰণসমূহৰ লগতে গোষ্ঠীগত সংঘাত আৰু ভাষিক আগ্ৰাসনৰ দৰে বহুখিনি কাৰক এই মুলুকত সকলো সময়তে দেখা গৈছে। প্ৰসংগতে প্ৰাকৃতিক কাৰক সমূহৰ কথাও ক’ব লাগিব। প্ৰতি বছৰে নিয়মীয়া ৰূপত বানপানীয়ে বহুতো পৰিয়ালক ইয়াত গৃহহাৰা কৰে। এই সমস্ত ঘটনাই অসমীয়া ভাষাৰ অসমীয়া সাহিত্যত ভূমুকি যে মৰা নাই সেয়া নকওঁ। কিন্তু তথাপি এনে লাগে যেন ইমানবোৰ ঘটনা আৰু সংকটৰ মাজেৰে অগ্ৰসৰ হৈয়ো অসমীয়া সাহিত্যৰ চেতনাৰ মাজত কোনোবাখিনিত যেন এই স্থান-চ্যুতিৰ ধাৰণাখিনিয়ে তেনেকৈ মূৰ দাঙি উঠা দেখা পোৱা নাই। কোনোবা এটা সময়ৰ আঁচোৰ, এটা ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ প্ৰতিবিম্ব সাহিত্যত দেখা পোৱা যায়েই। কিন্তু অন্তৰ্হিত এটা দাৰ্শনিক চেতনা যেন কোনোবাখিনিত অনুপস্থিত। সমসাময়িক সাহিত্য চৰ্চাৰ বহুখিনি ইতিবাচক দিশ থাকিলেও এইখিনি কথাও সত্য যে ৰাজনৈতিক চেতনা, সামাজিক দায়বদ্ধতা অথবা মাটিৰ গোন্ধ আদিৰ ধাৰণাখিনিয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বহুলাংশে এটা ক্লীছেৰ পৰ্যায় পাইছেগৈ। একোটা সামগ্ৰিক দাৰ্শনিক ঘৰাণাই গা কৰি উঠা আমি দেখা পোৱা নাই।

গৃহহাৰা বা দেশহাৰা হোৱাৰ অৱস্থাটো (Diaspora) এটা গুৰুতৰ ৰাজনৈতিক পৰিস্থিতি। নিজৰ জন্মস্থানৰ পৰা নিলগত বসবাস কৰাৰ এই পৰিস্থিতিটোক এটা মানসিক অৱস্থান বুলিও ক’ব পৰা যায়। সময় সলনি হয়। সময়ৰ লগে লগে স্থানৰো পৰিৱৰ্তন ঘটি গৈ থাকে। একে স্থানতে থাকিও মানুহ এজনে হয়তো অনুভৱ কৰিব পাৰে যে তেওঁ আৰু আগৰ স্থানত নাই। আপোন দেশত থাকিও কোনোবাই অনুভৱ কৰিব পাৰে যে তেওঁ আপোন দেশত নাই।

পাৰ্ফৰমেন্স আৰ্টৰ গৱেষণাৰ লগত জৰিত আমেৰিকাৰ এগৰাকী মহিলাই মোক দক্ষিণ পুৱ এছিয়াৰ আপোন দেশৰ পৰা বাহিৰত, অথবা প্ৰৱাসত থকা শিল্পী সকলৰ শিল্প অভ্যাসৰ এটা সমীক্ষাৰ পৰামৰ্শ দিছিল। বহুখিনি ভাৰতীয় মূলৰ শিল্পীয়ে দেশৰ বাহিৰলৈ গৈ অন্যত্ৰ বসবাস কৰি নিজৰ কাম কৰি আছে। মুখৰ ভাষা সলনি হোৱাৰ লগে লগেই একোটা শিল্প ভাষা নিৰ্বাচন কৰি লোৱাৰ ক্ষেত্ৰতো নিশ্চয় তেওঁলোকে বহুখিনি সমস্যাৰ সন্মুখীন হ’ব লগা হয়। একেটা প্ৰসংগতে মনালি মেহেৰ নামৰ শিল্পী গৰাকীৰ লগত কথা পাতিছিলোঁ। প্ৰায় ডেৰ দশকৰো অধিক কাল আগতেই নেডাৰলেণ্ডত নিগাজীকৈ থাকিবলৈ লোৱা মনালিৰ লগত কথা পাতিও অনুভৱ কৰিছিলোঁ যে এটা ভৌগলিক অৱস্থানতকৈও ডাঙৰ কথাটো হ’ল যে এই প্ৰবাসীৰ অনুভূতিটো আচলতে এটা মানসিক অৱস্থানো। ঠিক এই কথাখিনিকেই ঋত্বিক ঘটকে সূবৰ্ণৰেখা চিনেমাখনৰ সম্পৰ্কে ক’বলৈ গৈ উল্লেখ কৰিছিল। “ছবিখনত প্রথমতঃ পূর্ববংগৰ পৰা খেদাই দিয়া সকলকেই বুজোৱা নাই... আমি সকলোৱেই কোনোবা নহয় কোনোবা প্রকাৰে জীৱনৰ পৰা উদ্বাস্তু হৈ পৰিছোঁ। এটা ভৌগোলিক অৱস্থানতকৈ এয়া বহুত ওপৰৰ সমস্যা। এই ছবিত আদর্শবাদী হৰপ্রসাদৰ সংলাপত এই ধাৰণাৰ প্রতিধ্বনি শুনোঁ – আমি বায়ুভূত, নিৰালম্ব – অথবা ছবিৰ আৰম্ভণীতে যেতিয়া প্রেছ কর্মীয়ে কয়, উদ্বাস্তু? কোন উদ্বাস্তু নহয়?”  – এয়া “সুবর্ণৰেখা” চিনেমাখনৰ সম্পর্কত ঋত্বিক ঘটকে কোৱা কথা।

দিল্লীত থকা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা মানুহখিনিক কেন্দ্ৰ কৰি আলোচনী এখন কৰাৰ কথা ভাবোতেই এইখিনি কথা মনলৈ অহাটো স্বাভাৱিকেই আছিল। এৰি থৈ অহা গাঁওখন, নগৰখনৰ প্ৰতি উভটি যোৱাৰ এক বাসনা প্ৰতিজন মানুহেই মনতে পুহি ৰাখে। বেছিভাগৰ ক্ষেত্ৰতেই সি আকৌ সম্ভৱপৰ হৈ নুঠেগৈ। কিন্তু তাতোকৈ ডঙৰ কথাটো হ’ল কোনোবাই উভটি যাবলৈ সুযোগ পালেও সেই এৰি অহা সময়ৰ এৰি অহা নিজৰ ঘৰখন আকৌ বিচাৰি পোৱাটো সম্ভৱ হয় নে? নহয়। কথাষাৰ একেখন নদীতে দুবাৰ ভৰি থ’ব নোৱাৰাৰ দৰে। এৰি অহা ঘৰখন আকৌ এবাৰ বিচাৰি পোৱাটো সম্ভৱেই হৈ নুঠে।



*
একে সময়তে মন কৰিবলগীয়া যে অসমীয়া সাহিত্যৰ অগ্ৰগতিৰ ইতিহাসতো পৰবাসী ভাৱনাৰ এটা ডাঙৰ ভূমিকা আছে। অসমভূমিৰ পৰা বাহিৰত থকা কেইটিমান কলেজীয়া যুৱকৰ উদ্যোগতে গঢ়ি উঠিছিল ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধনী সভা। আজিৰ নব্য মাধ্যমৰ সম্প্ৰসাৰণৰ সময়তো আমি দেখি আহিছোঁ যে বিশ্বৰ বিভিন্ন প্ৰন্তত থকা অসমীয়া ভাষা প্ৰেমী, সাহিত্য প্ৰেমী সকলে এক যুগন্তকাৰী ভূমিকা গ্ৰহণ কৰিছে। ব্যক্তিগত পৰ্যায়ত লেখা মেলাৰ চৰ্চা অব্যাহত ৰখাৰ লগতে বৈদ্যুতিন মাধ্যমৰ কে’বাখনো ই-আলোচনী আৰু আলোচনাৰ নতুন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰি নতুন পুৰুষে নতুন দিগন্তৰ সূচনা কৰিছে। আজিৰ তাৰিখত নব্য মাধ্যম এটা অপৰিত্যাজ্য পৰিস্থিতি। পৰিৱৰ্তিত সময়ৰ লগে লগে এয়া এক নতুন সম্ভাৱনা আৰু তাৰ লগে লগেই আহি পৰা কাৰিকৰী ব্যৱস্থা তথা এক সমকালীন ভাষা। নব্য মাধ্যমত অসমীয়া সাহিত্য সম্পৰ্কে ইতিমধ্যে বহু চৰ্চা হৈছেই। ভাল বেয়া বহুখিনি কথা আলোচিত হৈছে যদিও আমি সুখী আৰু আশাবাদী। নব্য মাধ্যম ব্যৱহাৰকাৰী সিংহভাগেই হ’ল নতুন প্ৰজন্মৰ যুৱক যুৱতী সকল। সেয়েহে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত থকা প্ৰবীণ সাহিত্যিকৰ সাহিত্য আৰু নবীনৰ চৰ্চাৰ মাজত থকা ব্যৱধানেই এইখন ক্ষেত্ৰতো স্পষ্টভাবে ধৰা দিয়াটো স্বাভাৱিক। কিন্তু ছপা মাধ্যমক অধিক মান্যতা প্ৰদান কৰি নব্য-মাধ্যমক হেয় চকুৰে চোৱাৰ এটা মানসিকতা আছে, যাৰ ফলত কিছু সংখ্যক লব্ধপ্ৰতিষ্ঠ লেখক লেখিকাই বৈদ্যুতিন মাধ্যম ব্যৱহাৰ কৰিলেও ইয়াত লেখা মেলা আগ নবঢ়ায়। অৱশ্যে ক্ৰমাগত ভাবে মানুহে এই নব্য মাধ্যমৰ উপকৰন সমূহকি লেখত ল’বলগীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে – যিটো এটা আশাপ্ৰদ ঘটনা। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত ইতিমধ্যেই অসমীয়া ভাষা সাহিত্যয়ো বহুখিনি উন্নতি সাধন কৰিছে আৰু প্ৰসাৰো লাভ কৰিছে। কেইটামান উদাহৰণে কথখিনি ফঁহিয়াই দিব।

প্ৰথম, উদাহৰণ স্বৰূপে যি সময়ত অসমীয়া মাধ্যমৰ দুৰাৱস্থা চকুত লগা হৈ আহিছে আৰু অসমীয়া ভাষা কোৱা বা লেখা মানুহৰ সংখ্যা কমি আহিছে বুলি হা-হুতাশ কাঢ়িব লগা পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে, সেই সময়খিনিতে যদি নব্য মাধ্যমলৈ চকু দিয়া যায় তেনেহ’লে দেখা যাব এখন বিপৰীত ছবি।  ইয়াত প্ৰতিদিনেই কোনোৱে নহয় কোনোৱে নতুনকৈ অসমীয়া ভাষাত, অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে।

দ্বিতীয়, পৰম্পৰাগত মাধ্যমেৰে কাগজে কলমে সাহিত্য চৰ্চা কৰা মানুহবোৰে এটা সময়ত দৈনন্দিন জীৱনৰ ব্যস্ততাৰ অজুহাতত এটা পৰ্যায়ত সাহিত্য চৰ্চা প্ৰায় বাদ দিয়াৰ দৰেই হয়গৈ। কিন্তু বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ আৰু নব্য মাধ্যমৰ সহজলভ্যতাই বহুখিনি পৰস্পৰ-সংযুক্ত ক্ষেত্ৰ উন্মোচন কৰি দিয়াৰ ফলত দৈনন্দিন ব্যস্ততাৰ অজুহাতত লেখা মেলা বন্ধ হোৱাৰ উপক্ৰম হ’বৰ অৱকাশ আৰু নাথাকিল। আপুনি ঘৰত নাই, কাৰ্যালয়ত অলপ আহৰি পাইছে তাতে লিখক। খেনোৱে বাছে মেট্ৰোৱে যাত্ৰাৰ মাজতো লিখিব পাৰে। অনলাইন আলোচনী এখন অথবা ই-বুক এখনতো পঢ়িবই পাৰে। আপোনাৰ হাতত কাগজ নাই কলম নাই, কম্পিউটাৰত লিখক। কম্পিউটাৰ নাই, মোবাইলতে লিখক।

তৃতীয়তে, পৰস্পৰ সংযুক্ত কিছুমান তথ্য সংগ্ৰহ আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰই আগৰ কালৰ বহুখিনি সমস্যা আঁতৰাই পেলালে। নিজৰ আধা লেখা খছৰা এটা, আধা পঢ়া নিবন্ধ এটা ব্লগ, গুগল ড্ৰাইভ অথবা আন বহুতো ক্লাউড-পদ্ধতিত আপুনি জমা কৰি থ’ব পাৰে যি যিকোনো ঠাইৰে পৰা প্ৰয়োজন সাপেক্ষে উপলব্ধ হৈ থাকিব।

চতুৰ্থতে, পৰম্পৰাগত মাধ্যমসমূহতো ব পদ্ধতি সমূহতো আজিৰ তথ্য প্ৰযুক্তিয়ে প্ৰভাৱ পেলাইছে। ডিটিপি, টাইপ-ছেটিং কৰাৰে পৰা প্ৰুফ ছেকিংলৈকে বহুখিনি কাম আজিকালি তেনেই সহজ হৈ পৰিল। আজিকালি সকলো ছপাকৰা আলোচনী, বাতৰি কাকত আদিয়েও নিজাকৈ ৱেবছাইট ৰাখে, তেওঁলোকৰ সমন্তৰাল ভাবে একোটা অনলাইন উপলব্ধ সংষ্কৰণ উলিয়ায় আৰু লেখা মেলাও এ-মেইল যোগে গ্ৰহণ কৰে। লগতে ফেচবুক আদিত তেওঁলোকৰ পে’জ বা গ্ৰুপ একোটাও থাকে। আজি এই কথা সৰ্বজনবিদিত যে মই কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে য’তেই নাথকোঁ কিয়, অসমীয়া দৈনিক বাতৰি এখন মই দৈনিক পঢ়িব পাৰোঁ।  

বহুখিনি নতুন ধাৰাৰ লেখাই নব্য মাধ্যমত আত্মপ্ৰকাশ কৰিছে। এই চলিত সময়খিনিতে গ্ৰন্থমেলাত কেইবাজনো নতুন লেখকৰ ভিন্নসুৰীয়া গ্ৰন্থৰ প্ৰকাশ হৈছে যিসকলে লেখক জীৱনৰ পাতনি মেলিছে ফে’চবুকৰ মাধ্যমতে আৰু তেওঁলোকৰ লেখাৰ ধৰণ-কৰণ খিনিও নিৰ্ধাৰিত হৈছে চ’চিয়েল নে’তৱৰ্কিং মাধ্যমে আনি দিয়া কিছু কণ্ডিছন – অৰ্থাৎ পৰিস্থিতিয়ে। এইখিনি নিশ্চয়কৈ ইতিবাচক ঘটনা। আনহাতে পঢ়ুৱৈ নিৰ্মানৰ ক্ষেত্ৰতো আমি এনে বহুজন ব্যক্তিক লগ পাইছোঁ যাৰ কিতাপ পঢ়াৰ অভ্যাস হয়তো বহুত বেছি নাছিল, কিন্তু নব্য মাধ্যমৰ সৈতে যুক্ত হোৱাৰ পিছৰে পৰা তেওঁলোকৰ পঢ়াৰ হাবিয়াস আৰু অভ্যাস দুয়োটাই ক্ৰমাগতভাবে বৃদ্ধি পাব লাগিছে।

ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰথমভাগৰে পৰাই বহুকেইজন বিদেশত থকা উদ্যোগী যুৱকে অসমীয়া ভাষাত অসমীয়া সাহিত্যক সমল হিচাপে লৈ ব্লগৰ আৰম্ভণী কৰিছিল। সাহিত্য ডট অৰ্গৰ দৰে এখন আলোচনীৰ জন্মদাতা ‘অসমীয়াত কথা বতৰা’ ফেচবুক গ্ৰুপৰ জন্মলগ্নতে আছিল কেইজনমান প্ৰবাসী অসমীয়া।  উইকিপেডিয়াৰ অসমীয়া সংষ্কৰণ এটাও আছে আৰু নিতৌ ন ন তথ্যৰ যোগান ঘটিব লাগিছে। আজিৰ তাৰিখত অসমীয়া ইতিহাস, শিল্প আৰু সংস্কৃতি বিষয়ক কে’বাটাও আৰ্কাইভ অনলাইন উপলব্ধ। এনাজৰী ডট কমৰ দৰে সমীয়া সাহিত্যৰ আৰ্কাইভৰ উদ্যোগ আৰম্ভ হৈছিল এসময়ত দিল্লিত থকা কেইজনমান অসমীয়া যুৱকৰ প্ৰচেষ্টাতেই। তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সততে এলেহুৱা বুলি নাম থকা অসমীয়াৰ কেইজনমান যুৱকৰ এনে উদ্যোগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাটোও এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পিছতো আপোন শিপাৰ সন্ধানৰ তাড়ণাই এইখিনি নতুন যুৱকক উদ্বুদ্ধ কৰা নাই বুলি ক’লে ভুল কৰা হ’ব। উচ্চশিক্ষাৰ বাবে দিল্লীলৈ অহা এচাম ছাত্ৰ ছাত্ৰীয়ে বিদ্যায়তনিক ক্ষেত্ৰতো অসমীয়া ভাষাত চৰ্চা অব্যাহত ৰাখিছে আনহাতে সৃষ্টিশীল জগতখনতো সক্ৰিয়তা দেখুৱাইছে। এই সংকলণখনিৰ মাধ্যমেৰে অসমীয়া পাঠকে তাৰ এটা আভাস পাব। লগতে এই আলোচনীখনৰ জৰিয়তেই অনাগত দিনত দিল্লীবাসী অসমীয়া সাহিত্য চৰ্চাত জৰিত ব্যক্তি সকলৰ মাজত ভাবৰ আদান প্ৰদানৰ এখন মঞ্চই গা কৰি উঠিব বুলি আমি আশাবাদী।      


সমুদ্ৰ কাজল শইকীয়া

নতুন দিল্লী, ডিচেম্বৰ ২০১৬

No comments: