নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"
[টোকা-
"আখৰুৱা" দলৰ অসমীয়া
সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি
সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি
সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস।
এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ
নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই
ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।
আলোচ্য কবিতাটি হ’ল
নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট)
বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা
সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম।
- সমুদ্ৰ কাজল শইকীয়া]
- সমুদ্ৰ কাজল শইকীয়া]
বুৰঞ্জী
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট
কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ
চকুৱে
ইংগিতেৰে সিহঁতক
ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ
কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে
সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই
আৱৰণ।
আকৌ এদিন নতুনকৈ
আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ
দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও
ৰঙাই গ'ল
জীৱনেৰে....
আমি যে আচৰিত হ'বলৈ
পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত
কৰি দিয়া।
(শান্তিনিকেতন, ১৯৪৭)
ৰূপগত (Formalist) বা/আৰু বস্তুনিষ্ঠ (Objective) পাঠ
নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" ষোল্ল শাৰীত সম্পূৰ্ণ হোৱা,
তিনিটা অসমপংক্তিক স্তৱকৰ এটা নাতিদীৰ্ঘ আৰু "সুখপাঠ্য" (প্ৰচলিত অৰ্থত) কবিতা। ১৯৪৭ চনত শান্তিনিকেতনত
ৰচিত এই কবিতাটো "মোৰ আৰু পৃথিৱীৰ" গ্ৰন্থখনত সন্নিবিষ্ট হৈছিল। কবিতাটোৰ
বিষয়বস্তু সম্পৰ্কে একেটা বাক্যতে ক'বলৈ গ'লে এনেকৈ ক'ব পাৰি যে- কবিমনে মানুহৰ বুৰঞ্জী
লিখিব খুজিছে এটা বিশেষ পৰিপ্ৰেক্ষিতেৰে আৰু সেই পৰিপ্ৰেক্ষিতটোৰ আধাৰ হ'ল বিস্ময়বোধ,
আৰু পৃথিৱীৰ আদিম মানুহটোৰ সৰ্বপ্ৰথম বিস্ময়বোধটো কেনেকৈ সময়ে সময়ে মানৱ ইতিহাসত জাগ্ৰত
হৈ আহি আছে কিন্তু সম্প্ৰতি আধুনিক মননৰ পৰা কেনেকৈ সি মেলানি মাগিবৰ উপক্ৰম হৈছেহি
তাৰ প্ৰতি কবিৰ উদ্বিগ্নতা প্ৰকাশেই কবিতাটোৰ মৰ্ম।
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট
কাৰবাৰটো কি?
"প" ধ্বনিৰ ঈষৎ অনুপ্ৰাসেৰে কবিতাটোৰ আৰম্ভণী হোৱাৰ
ফলত সি এটা গীতিময়তা আনি দিছে যিয়ে পাঠকক কবিতাটোৰ বৰ্ণনালৈ সোমাই যোৱাৰ পথত দুৱাৰ
খুলি দিয়ে। কবিতাটো বৰ্ণনাধৰ্মী, আৰু ততোকৈ ভালকৈ ক'বলৈ হ'লে এটা কাহিনী কথনৰ পদ্ধতিৰে
আগবঢ়া ধাৰাভাষ্য। দুটা প্ৰশ্নেৰে আৰম্ভ হোৱা কবিতাটোত প্ৰশ্নদুটাৰ উত্তৰ শেষলৈকে নাই।
উত্তৰ নাই কাৰণ উত্তৰ সঁচাকৈয়ে নাই, আৰু উত্তৰ যে নাছিল বা নাই সেয়েই কবিতাটোৰ মৰ্ম।
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট
কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ
চকুৱে
ইংগিতেৰে সিহঁতক
ক'লৈ মাতিছে?
এই প্ৰশ্নদুটায়েই কাহিনীকথনৰ প্ৰক্ৰিয়াটোৰ প্ৰতি পাঠকৰ মন আকৃষ্ট
কৰি লয় আৰু পাঠকৰ মনত এটা অনুচ্চাৰিত প্ৰশ্নৰ অৱতাৰণ হৈ গৈ থাকে - আৰু তাৰপাছত? আৰু
তাৰপাছত?
সৃষ্টি হ'ল উপনিষদৰ
কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে
সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই
আৱৰণ।
যিহেতু শিৰোনামটোৱেই "বুৰঞ্জী", এটা বিৰাট মহাকাব্যিক
পৰিসৰৰ অনুমান পাঠকে কৰিয়েই লৈছে। আৰম্ভণীৰ প্ৰশ্নবোধক কথাখিনি আছিল যথাসম্ভৱ সৰল বৰ্ণনা,
যথাসম্ভৱ নিভাঁজ আৰু কোনো যুক্তাক্ষৰ নথকা সহজ উচ্চৰণেৰে আগবঢ়া। সেই 'প্ৰথম মানুহ'টোৰ
পৰা ধাৰাভাষ্য আগুৱাই আহি যেতিয়া 'উপনিষদৰ কবি'ৰ প্ৰাৰ্থনামন্ত্ৰ পালেহি ছন্দলৈ আহিল
যুক্তাক্ষৰৰো পয়োভৰ -
সৃষ্টি, প্ৰাৰ্থনা,
মন্ত্ৰ, হিৰন্ময়, পাত্ৰ, সত্য, আচ্ছন্ন, উন্মুক্ত আদি।
কণ্টেণ্টে
যে ফৰ্ম এটাকো অৱলীলাক্ৰমে গঢ় দি গৈ থাকে ই তাৰে উদাহৰণ।
তিনিটা
স্তৱকৰ কবিতাটোৰ প্ৰথম স্তৱকটোৱে "বুৰঞ্জী" কবিতাটোৱে কৈ থকা বুৰঞ্জীখিনিৰ
আটাইতকৈ বেছি সময়কাল (time-frame) অধিগ্ৰহণ কৰিছে। প্ৰাগৈতিহাসিক কালৰ 'প্ৰথম মানুহ'টোৰ
পৰা উপনিষদৰ কবিলৈকে এটা বিৰাট সময়-সীমাক যুগুতাই দি বিষয়বস্তু সম্পৰ্কে প্ৰাথমিক কৌতুহলখিনি
নিৰ্বাপিত কৰিছে যে - কৌতুহলেই বিষয়বস্তু। দ্বিতীয় স্তৱকে ৰবীন্দ্ৰনাথৰ কথা কওতেই আমি
মানসিক ভাবে সচেতন হৈ উঠিছোঁহক যে তৃতীয়টোৱে নিশ্চয় আমাৰ নিজৰ সময়ৰ কথাকেই ক'ব।
আকৌ এদিন নতুনকৈ
আচৰিত হ'ল ৰবীন্দ্ৰনাথ
এই
বাক্যটোত "আকৌ" আৰু "নতুনকৈ" দুয়োটা শব্দৰ উপস্থিতি নথকাহ'লে বাক্যটো
অলপ সহজ হ'লহেতেন কিন্তু দুয়োটা শব্দৰ উপস্থিতিয়ে বাক্যটোৰ মাজেৰে এটা বহল ব্যাখ্যাৰ
উমান দিয়ে। "আকৌ" মানে আগতে এই ঘটনাটো - মানে মানুহ প্ৰকৃতিৰ সন্মুখত, মহাজগত
আৰু মহাজীৱনৰ সন্মুখত, বাৰে বাৰে আগতেও বিস্ময়াভিভূত হৈ আহিছে। সেয়েহে আকৌ। কিন্তু
আকৌ ঘটিলেও ঘটনাটো নতুন। (আচলতেই নিত্যনতুন!) সেয়েহে "নতুনকৈ"।
অসমীয়া
কবিতাৰ লীৰিকেল চৰিত্ৰটোক ধৰি ৰাখি ছন্দোবদ্ধ আৰু অন্ত্যমিল-বিশিষ্ট কবিতা লিখা শেষ
ব্যক্তিজন সম্ভৱ নৱকান্ত বৰুৱা। ইয়াৰ পিছতো অজিত বৰুৱাদেৱে বহুকাললৈকে ছন্দত লিখি থাকিলেও
(লগতে গীত বা লীৰিক্স লিখিলেও) সেই ছন্দৰ পঠনৰ অভিজ্ঞতা অলপ পৃঠক। আলোচ্য "বুৰঞ্জী"
নামৰ কবিতাটো মুক্তক ছন্দৰ আৰু অন্ত্যমিল বিশিষ্ট নহয় যদিও অৱলীলাক্ৰমে দুটামান
শাৰীয়ে কোনো নিয়ম নামানিও অন্ত্যমিল মানি চলিছে যিয়ে কবিতাটোক সুখপাঠ্য হৈ উঠাত সহায়ক
হৈছে।
হে পূষণ,
উন্মুক্ত কৰা সেই
আৱৰণ।
...
সেই প্ৰথম মানুহটোৰ
দৰে,
জীৱনেৰে....
...
ঈশ্বৰ
মাথোন এবাৰ
মন
কৰিবলগীয়া যে নৱকান্ত বৰুৱাৰ উত্তৰসূৰী অসমীয়া কবিকূলে চিৰদিনৰ বাবেই অন্ত্যমিলক বাদ
দিয়াৰ দৰে হ'ল যদিও এই পদ্ধতিটো তেওঁলোকে আকোঁৱালি লৈ সফলকাম হ'ল। বিশেষকৈ হীৰেণ ভট্টাচাৰ্যৰ
পাছৰ পৰা এই Accidental বা Arbitrary অন্ত্যমিলৰ পয়োভৰ অসমীয়া কবিতাত চলি থাকিল।
উত্তৰ নোপোৱাৰ গ্লানিটোও
ৰঙাই গ'ল
জীৱনেৰে....
এইখিনি
কথাৰ বাবে ৰবীন্দ্ৰনাথৰ সম্পৰ্কে দুআষাৰ কৈ ল'ব লাগিব। জীৱন, প্ৰকৃতি আৰু মহাজীৱনৰ
প্ৰতি বিস্ময়বোধেই ৰবীন্দ্ৰনাথৰ সমগ্ৰ সৃষ্টিক চিৰকাল আগুৰি থাকিল। গোটেই জীৱনজুৰি
ৰবীন্দ্ৰনাথে কেৱল প্ৰশ্নকেই কৰি গ'ল, আৰু সেই প্ৰশ্নৰ উত্তৰত নহয়, সেই প্ৰশ্নৰ আঁৰত
থকা অতৃপ্তি, অপ্ৰাপ্তি আৰু অস্থিৰতাখিনিতেহে পৰম তৃপ্তি, প্ৰাপ্তি আৰু সন্তুষ্টিৰ
সন্ধান কৰি গ'ল। "কাণ্ডাৰি কে গো" বুলি অজানাক প্ৰশ্নকে সুধিলে "কোন
সুৰে আজি বাজিব যন্ত্ৰ কি মন্ত্ৰ হ'ব গোৱা"? নোপোৱাখিনিৰ বাবে অসন্তুষ্টিত উচপিচাই
থাকিও সেই অপ্ৰাপ্তিকেই এক অনন্য মৰ্যাদা দি ধন্য হৈ আনকো ধন্য কৰি গ'ল। "নিবিচৰাকৈয়ে
মোক যি কৰিছা দান, আকাশ, আলোক, তনু মন প্ৰাণ" বুলি কৃতঘ্ন হোৱাৰ পৰিৱৰ্তে কৃতজ্ঞ
হৈ ৰ'ল এইবুলি যে
"মই বহু বাসনাৰে
প্ৰাণপণে খোঁজো, বঞ্চিত কৰি বচালাহে তুমি
এই কৃপা কঠোৰ সঞ্চিত
মোৰ জীৱন জুৰি"।
এই
কবিতাটো লিখিবৰ সময়ছোৱাত নৱকান্ত বৰুৱা যে শান্তিনিকেতনত শিক্ষাগ্ৰহণৰত স্নাতক পৰ্যায়ৰ
চূড়ান্ত বৰ্ষৰ ছাত্ৰ অথবা সদ্য উত্তীৰ্ণ যুৱক সেই কথা জানো। তাৰ লগতে এই কথাও কৈ থোৱা
উচিত যে ৰবীন্দ্ৰসংগীতৰ অসমীয়া অনুবাদৰ প্ৰথমটি অসমীয়া এলবাম মুকলি হৈছিল নৱকান্তৰ
অনুবাদেৰেই। নৱকান্তৰ কবিতাত বহুধৰণেৰে ৰবীন্দ্ৰনাথ ঘূৰি পকি আহিছে সেই কথাৰো উমান
পোৱা যায়।
[আৰু
এষাৰ কথা ছেগতে কৈ থওঁ। অসমীয়া অনুবাদক (লগতে আন বহু সংখ্যক শিল্প, সাহিত্য, সংস্কৃতিৰ
কৰ্মী) সকল প্ৰায়ে বঙালী সাহিত্যৰ ওচৰত শৰণাপন্ন হয় কিন্তু অসমীয়া আৰু বঙালী দুটা ওচৰা
ওচৰি কিন্তু কালিকাৰ ফালৰ পৰা পৃথক বৈশিষ্ট্য সম্পন্ন ভাষাৰ সঠিক বুজা পৰাৰ অভাৱৰ হেতুকে
বহুখিনি বেমেজালিৰ সৃষ্টি হয়। এই সম্পৰ্কে নৱকান্ত বৰুৱাই এষাৰ কথা কৈছিল। ৰবীন্দ্ৰসংগীতৰ
"বিৰহ দহন লাগে" বাক্যাংশটিত দেখাত আটাইকেইটা শব্দয়েই অসমীয়াতো আছে - বিৰহ
আছে, দহন আছে, লাগে আছে। সেয়েহে জনৈক অনুবাদকে অনুবাদ কৰোতে অসমীয়াতো তেনেদৰেই ৰাখিলে।
কিন্তু বিৰহ আমাক লাগে জানো? নে দহন লাগে? আমি যিটো বিচাৰোঁ সেইটোহে লাগে বুলি
কওঁ। তেনেহ'লে বিৰহ বা বিৰহৰ দহন লাগে বুলি কিয় ক'ম? বঙালীত "লাগে" মানে
লগা - আঘাত লগা, দুখ লগাৰ দৰে। অসমীয়াত বুজোৱাৰ দৰে বিচৰা অৰ্থত নহয়। ফলত অৰ্থটোৱেই
ওলোটা হৈ থাকিল। নৱকান্ত বৰুৱাই ক'ৰবাত কথাখিনি কৈছিল, ক'ত কেতিয়া কৈছিল সেই সম্পৰ্কে
এই মুহূৰ্তত মোৰ হাতত তথ্য-প্ৰমাণ নাই। ক্ষেমিব।]
সি
যি কি নহওক, "বুৰঞ্জী" কবিতাটোত শেষৰ স্তৱক কবিয়ে বুৰঞ্জী নিৰিখি নিজৰ সময়ত
আৰু অৱস্থানত আহি অৱতীৰ্ণ হৈছেহি-
আমি যে আচৰিত হ'বলৈ
পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত
কৰি দিয়া।
প্ৰথমৰ
একেটা স্তৱকতে প্ৰাগৈতিহাসিকৰ পৰা ঔপনিষদিক সময়লৈকে যদি সাঙোৰা হৈছিল তেনেহ'লে পাছৰ
ৰবীন্দ্ৰনাথৰ পৰা কবিৰ সময়লৈকে, তাকে আমাৰ সমসাময়িকতা বুলি ধৰি লৈছোঁ, একেত্ৰে উল্লেখ
কৰাটো একো ডাঙৰ কথা নাছিল। বুৰঞ্জীৰ ক্ৰমক সময়ৰ হিচাপেৰে চালে ই অযৌক্তিক। কিন্তু কবিৰ
অভিপ্সা যি - তাৰ পৰিপ্ৰেক্ষিতেৰে চালে কথাটো অন্য। আন নেলাগে ৰবীন্দ্ৰনাথৰ সময়ৰ পৰাও
এই সময়লৈকে কবিয়ে এটা বিস্তৰ ব্যৱধান অনুভৱ কৰিছে যি সময়ে আমাক সেই কৌতুহল-বোধৰ পৰা
ইতিমধ্যেই বঞ্চিত কৰি ৰাখিছে। সেই বাবেই এই স্তৱকৰ বিভাজন কবিতাটোৰ ইপ্সিত মৰ্ম আৰু
কথকতাৰ ছন্দ সাপেক্ষে সাৰ্থক।
তিনিটি
স্তৱকৰ শব্দসংখ্যা অথৱা শাৰীৰিক কলেৱৰৰ ফালেও যদি চকু দিয়া যায়, তেনেহ'লে অসমপাংক্তিক
কবিতাটোৰ প্ৰথম স্তৱকটো আটাইতকৈ ডাঙৰ, তাৰ পিছত স্তৱকৰ আকাৰ ক্ৰমে সৰু হৈ আহিছে। প্ৰথম
স্তৱকটো বৰ্ণনাশ্ৰয়ী। দ্বিতীয়টোৱে তাতকৈ কম পৰিসৰত নিৰ্যাসভাগ আৰু এঢাপ আগুৱাই গৈ সাব্যস্ত
কৰিলে। এই স্তৰটোক এৰিষ্ট'ট'লৰ নাট্যশিল্পৰ সেই পিৰামিডটোৰ পৰা ধাৰ কৰি ক'ব পাৰি একধৰণৰ
- Growth of Action. তৃতীয় তথা শেষ তথা ক্লাইমেক্স
স্তৱকটোৰ পৰিসৰ আটাইতকৈ সৰু - যিটোৱে বক্তব্যক দিলে একধৰণৰ কৌশলী সূক্ষ্ম ধাৰ। ক'ব
খোজা কথা এষাৰ ক'লে অত্যন্ত subtle ভাবে। সেই পৰিমিতিবোধ বা সংক্ষিপ্তকৰণতেই ৰ'ল কবিৰ
উইট। কিয় নৱকান্ত বৰুৱা অসমীয়া কাব্যশিল্পৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হৈ ৰ'ব এয়া তাৰেই
ব্যাখ্যা।
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment