ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, January 3, 2017

কাৰেং ঘৰৰ শুদ্ধিকৰণ, আইডেণ্টিটি পলিটিক্স আৰু পাৰফৰ্মেন্স

#The_Politics_of_Representation
#Politics_of_Appropriation
#Performance_in_Contemporary_Politics
#Identity_Politics_and_Position
#History_Monument_and_Creation_of_Memory
#Iconoclasm_Reclaim_and_the_question_of_Ethics


কাৰেং ঘৰত আৰ এছ এছৰ অনুষ্ঠান আৰু তাৰ পিছত তাৰ প্ৰতিবাদ সুচক ভাবে বিভিন্ন সন্মিলিত সংগঠণৰ দ্বাৰা কৃত শুদ্ধিকৰণৰ ঘটনাটো আইডেণ্টিটি পলিটিক্সৰ এটা ৰূপ আৰু আইডেণ্টিটি পলিটিক্সৰ প্ৰপঞ্চ বোৰক প্ৰসংগায়িত নকৰাকৈ এই ঘটনাটোক লৈ মত অমত প্ৰকাশ কৰি গৈ থাকিলে কথাবোৰ আগ নাবাঢ়ি হোঁহোকা পিছলা কৰি থকাৰ বাহিৰে আন একো নহ’ব। এদিন আৰ এছ এছৰ কৰ্মকৰ্তাই কাৰেংঘৰ চৌহদত (আৰু ওপৰত উঠি) "বন্দে মাতৰম" আৰু ভাৰত মাতা কি জয়" ধ্বনি দিলে। তাকে লৈ খিলঞ্জীয়া মানুহখিনি অসন্তুষ্ট হ'ল। আন এদিন আটাছু, আমছু, মটক ছাত্ৰ সন্মিলনী, মৰান ছাত্ৰ সন্মিলনী, অসমীয়া যুৱ-মঞ্চ, মুছলিম যুৱ পৰিষদ লগতে বহুতো দল-সংগঠনৰ সহযোগত কাৰেং ঘৰত গাখীৰ ঢালি সেই স্থানৰ শুদ্ধিকৰণ কৰা হ'ল। আৰ এছ এছৰ কাণ্ড যদি অনুচিত আছিল তেনেহ’লে তাৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ গাখীৰেৰে কাৰেং ঘৰ ধুৱাবলৈ যোৱা কাৰ্য কিমান  যুক্তিসংগত হ'ল এই সম্পৰ্কত মন্তব্য দিবলৈ আমাৰো দোধোৰ মোধোৰ অৱস্থা। কিন্তু এই খিনিতেই অলপ বহলাই কিছু কথা আলচিবৰ থল ওলাল।

ৰাজনৈতিক ক্ষেত্ৰত (আৰু যিকোনো ক্ষেত্ৰতেই) আৱস্থান গ্ৰহণ এক গুৰুত্বপূৰ্ণ প্ৰসংগ। আপুনি কোন স্থানত থিয় হৈ দৃষ্টি নিক্ষেপ কৰিছে সেই স্থানিক দূৰত্ব আৰু অৱস্থানেই আপোনাৰ কথা বাৰ্তাৰ ৰেহ ৰূপ নিৰ্ধাৰণ কৰে। এতিয়া, এই অৱস্থান কেতিয়াবা আপুনি নিজেই ইচ্ছাকৃত ভাবে নিৰ্বাচন কৰি লয় আৰু কেতিয়াবা অৱলীলাক্ৰমেই আপুনি সেই অৱস্থানত উপনীত হৈ থাকে (অথবা সেই বুলি ভবা হয়)। ইয়াৰ মাজত নিৰপেক্ষ বুলি সততে ঘোষণা কৰি থকা অৱস্থানটোও এটা ৰাজনৈতিক অৱস্থানেই। অৱস্থানৰ পৰিপ্ৰেক্ষিতত নোচোৱাকৈ আগ বাঢ়িব খুজিলে অসুবিধা বহুত। দুটামান সৰু উদাহৰণ দিয়া যাওক। আৰ এছ এছৰ বিৰুদ্ধাচৰণ কৰা কোনোবাই যদি হিন্দুত্ববাদ বিৰোধী কথা কয় তেনেহ’লে অসচেতন এচামে তেওঁক হিন্দুৰ আৰু হিন্দু-ধৰ্মৰ বিৰোধী বুলি ধৰি লোৱা দেখা যায়। কিন্তু কথাটো যে তেওঁ হিন্দু আৰু হিন্দু নামৰ ধৰ্ম এটাৰ পৰিপন্থী নহয় বৰঞ্চ কিছুমান পক্ষই (এজেঞ্চী) নিৰ্ধাৰণ কৰি দিয়া অথবা ওপৰৰ পৰা আৰোপ কৰি দিব খোজা নিৰ্দিষ্ট কিছুমান মতাদৰ্শৰ হে পৰিপন্থী সেয়া বুজাবলৈ টান হৈ পৰে। তেনেকৈয়ে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয়তাবাদ বিৰোধী যিকোনো কথাকে বা কাণ্ডকে দেশপ্ৰেম-বিৰোধী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থকা হ’ল। অৱস্থান গ্ৰহণৰ প্ৰসংগটোক যি সকলে গুৰুত্ব সহকাৰে লয় তেওঁলোকে জানে যে এয়া এক উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক ভূমিকা, আনহাতে অৱস্থান সম্পৰ্কে নভবা সকলে ভাবি থাকিল এয়া স্বাভাৱিক ঘটনা। এনেবোৰ যুক্তিৰে চালে যে ‘অসম শ্মশান নোহে কোনে কয়’ বুলি কোৱা অগ্নিকবিও যে দেশদ্ৰোহীয়েই হ’বগৈ সেইবোৰ কথা চালি জাৰি চোৱাৰ অৱস্থা আৰু নাথাকিলগৈ। এনে সময়ত আটাইতকৈ ডাঙৰ কথা হৈ উঠিল দেশপ্ৰেম প্ৰদৰ্শণ কৰাটো। এইখিনিতে ডেকা-গাভৰুৰ প্ৰেমৰ প্ৰদৰ্শণ আৰু দেশৰ প্ৰতি ভালপোৱা প্ৰদৰ্শণৰ মাজত কিছুমান মিল দেখা পালোঁ।  ডেকাই গাভৰুক ক’বই লাগিব যে – তুমিয়েই আটাইতকৈ ধুনীয়া আৰু কাষৰ ঘৰৰ ছোৱালীজনী বেয়া। দেশৰ ক্ষেত্ৰতো ক’বই লাগিব যে জন্ম হোৱা দেশখনেই ভাল আৰু পাকিস্থান বেয়া। চুপতি সামৰি, "আৰ এছ এছ যদি হিন্দুত্ববাদী, কাৰেংঘৰ গাখীৰেৰে ধুওৱাবলৈ বিচৰাটো দেখোন একেধৰণেৰেই এক হিন্দু প্ৰথাই হ’ল" বুলি অহা অভিযোগটোৰ কথা ভাবি চাব পাৰি। এই সময়ত হিন্দু প্ৰথা, হিন্দু ৰীতি নীতি, অথবা সামগ্ৰিক ভাবে হিন্দু ধৰ্মৰ বিৰোধিতা আচলতে কোনোবাই কাহানিবা কৰিছে জানো? যদি কোনোবা ধৰ্ম বিৰোধী আছে তেনেহ’লে সকলো ধৰ্মৰ বিৰুদ্ধেই মাত মাতিছে। যদি ধৰ্মান্ধতাৰ কথা হৈছে তেন্তে অমুক-তমুক নিৰ্বিশেষে সকলো ধৰণৰ ধৰ্মান্ধতাৰ বিৰুদ্ধেই হৈছে। আৰ এছ এছ আৰু তদানুৰূপ পক্ষৰ মতাদৰ্শৰ বিৰোধিতাক দেশৰ বিৰোধিতা অথবা ধৰ্মৰ বিৰোধিতা আৰু অলপ টানি লৈ গৈ সংস্কৃতিৰ আৰু পৰম্পৰাৰ বিৰোধিতাৰ সৈতে সাঙুৰি পেলোৱাটো নিৰ্বোধিতাৰ বাহিৰে একো নহয়।

[অলপ অপ্ৰাসংগিক ব্যক্তিগত কথা এটা কৈ থওঁ। দেশক ভাল পাবই লাগিব আৰু দায়বদ্ধ হ’বই লাগিব বুলিও কোনো কথা নাই। পৃথিৱীখন মই সূৰ্যৰ পৰা ফ্ৰীতে পাইছিলোঁ।]

মানুহৰ পৰিচয় যিবোৰ গোষ্ঠীগত স্বাৰ্থ অথবা পৰিপ্ৰেক্ষিতে নিৰ্ধাৰণ কৰে তাৰ আলমত অৱস্থান গ্ৰহণ কৰি যি ৰাজনীতিয়ে গা কৰি উঠে সহজ অৰ্থত সেয়েই ‘পৰিচয়ৰ ৰাজনীতি’, Identity politics, অথবা identitarian politics।  বহলভাবে যিবোৰ সামাজিক সাংগঠনিক স্বৰ্ত বা অৱস্থাই মানুহৰ পৰিচয় সূচায় সেইবোৰেই ইয়াৰ ভিত্তি, যেনে- বয়স, সংস্কৃতি, উপভাষা, শাৰিৰীক অক্ষমতা, শিক্ষা, নৃগোষ্ঠীয়, ভাষা, জাতীয়তা, লিংগ পৰিচয়, প্ৰজন্ম, বৃত্তি, পেছা, জাতি, ধৰ্ম, যৌন প্ৰবৃত্তি, উপনিবেশ, নগৰীয়া অথবা গাঁৱলীয়া বসতি, পূৰ্ণবয়স্কতা ইত্যাদি। কিন্তু এইবোৰৰ ভিত্তিত গঢ়ি উঠা খণ্ডবোৰৰ অন্তৰ্গত সকলোৱেই পৰিচয় ৰাজনীতিত জড়িত নহয়।  কুৰি শতিকাৰ শেষৰ ফালে, নাগৰিক অধিকাৰৰ যুগত [Civil Rights Era] আইডেণ্টিটি পলিটিক্স কথাষাৰৰ উদ্ভৱ হয়। একো একোটা সংখ্যালঘূ বা নিম্নবৰ্গীয় গোষ্ঠীৰ নিজৰ অস্তিত্ব সম্পৰ্কে সজাগতাৰ উন্মেষৰ লগে লগেই পৰিচয়ৰ ৰাজনিতিৰ ভূমিকা বাঢ়ি আহি থাকে। [এইখিনি কথা উইকিপেডিয়াৰ আলমত টুকি দিয়া দৈছে]।


যি সকলে দলিত সাহিত্য পঢ়িছে, নাৰীবাদ সম্পৰ্কে জানে, এলজিবিটি [LGBT] বা লেজবিয়ান গে’ বাইচেক্সুৱেল আৰু ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সম্ভেদ ৰাখিছে তেখেতসকল পৰিচয়ৰ ৰাজনীতি সম্পৰ্কে ভালদৰেই অৱগত বুলি ভাবিবৰ থল আছে। ভালেই হওক বেয়াই হওক, অথবা অপুনি আৰু মই বিচাৰোঁ বা নিবিচাৰোঁ পৰিচয়ৰ ৰাজনীতি এটা এৰাব নোৱাৰা প্ৰসংগ ইতিমধ্যেই হৈ উঠিছে। ইয়াৰ বিৰুদ্ধে এটা অভিযোগ হ’ল এয়ে যে এটা গোষ্ঠীৰ অন্তৰ্গত সকলো মানুহৰে একে ইচ্ছা, অভিৰুচি অথবা প্ৰয়োজন থাকিব বুলি ভাবি লোৱা হয়। ২০০৮ চনত বাৰাক ওবামাৰ জয়ৰ কালত কৃষ্ণবৰ্ণী সমস্ত লোকৰে দ্বিধাহীন সমৰ্থন লাভ কৰিছিল বুলি সমালোচনা আৰু বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু এই সমৰ্থনৰ আঁৰত ওবামাৰ ব্যক্তিগত ৰাজনৈতিক স্থিতি বা দৰ্শনো গৌণ হৈ পৰিছিল। কিন্তু একে সময়তে ইয়াৰ যুক্তি সংগত দিশো আছে। যেনে নাৰী অভ্যুত্থান অথবা নাৰীবাদৰ সমৰ্থক সকলে এগৰাকী নাৰী প্ৰতিনিধিৰ অগ্ৰগতিৰ সৈতে বৃহত্তৰ নাৰীসমাজৰ উত্তৰণৰ সোপান গঢ়িব বুলি ভবাটোত একো ভুল নাথাকে।

কিন্তু কালক্ৰমত এটা ঐতিহাসিক ৰাজনৈতিক প্ৰস্তাৱ প্ৰতিপক্ষৰ দ্বাৰা সমাদৃত (appropriation) হৈ নিজৰ অৱস্থান বা গৰিমা হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়। সহজ সৰল জনসাধাৰণৰ মাজৰ ৰাজনৈতিক অসচেতনতাই এনে ধৰণৰ স্থানচ্যুতিত ইন্ধন যোগায়। শক্তিশালী, সংখ্যাগৰিষ্ঠ, অথবা ইতিমধ্যেই প্ৰভূত্বশালী পক্ষই দূৰ্বল শ্ৰেণীৰ ভাষা আয়ত্ব কৰি তাক সন্মান জনোৱাৰ আচিলা লৈ সেই দুৰ্বলৰ মুখৰ ভাষা কাঢ়ি লোৱাৰ নজিৰ ইতিহাসৰ পাতে পাতে। এইষাৰ কথা যিয়ে বুজি পায় তেওঁ অতি সম্প্ৰতি ব্যৱসায়িক গোষ্ঠী আদিয়ে সমাজৰ “ভাল”ৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহি সমাজ-হিতকৰ আৰু ‘পলিটিকেলি কাৰেক্ট’ কাম কাজত উদ্যোগ লোৱাত সমস্যা কি হ’ব পাৰে সেইটো ভালদৰেই বুজি পাব। অন্যথা সাধৰণ জনচক্ষুত সেইবোৰ দিশ ধোঁৱা কোঁৱা হৈ থাকে আৰু আমি ধৰিব নোৱাৰোঁ। এটা বহুজাতিক ব্যৱসায়িক কোম্পেনীয়ে বিজ্ঞাপনৰ যোগেদি যেতিয়া নাৰী-সশক্ত-কৰণৰ কথা কয়, গাঁৱৰ মানুহক শিক্ষিত কৰি তোলাৰ কথা কয় অথবা প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিব লাগে জাতীয় কিবা “ভাল” কথা কয় আমি তাত একো কেৰোণ দেখা নাপাওঁ- আমাৰ লাগে তেওঁলোকে যি কৰিছে সেয়া দেখোন ভালেই কৰিছে, ভালৰ বাবেই কৰিছে। [তেনেকৈয়ে কোনোবাই যদি কাৰেং ঘৰৰ মূধচত উঠি "বন্দে মাতৰম" বুলি ক'লে তাত কিনো জগৰ লাগিল, ভাল কাম হে হ'ল]।  আৰু অলপ ফঁহিয়াই বুজাবলৈ হ’লে – ধৰক আপুনি এগৰাকী দুখুনী তিৰোতা আৰু অন্যায় অবিচাৰেৰে আপুনি জৰ্জৰিত হৈ আপুনি নিজাকৈ এটা প্ৰতিবাদৰ ভাষা বিচাৰি উলিয়াইছে। এতিয়া এখন শক্তিশালী মঞ্চই আপোনাৰ দুখতে দুখী হৈ আপোনাৰ কথা সকলোৱে শুনিব পৰাকৈ বন্দোৱস্ত এটা কৰিলে যিটোৱে আপোনাক সকাহ দিয়াৰ লগতে কিছুমান প্ৰতিশ্ৰুতিও দিলে। এতিয়া এই ঘটনাটোৰ ফলশ্ৰুতি কি হ’ল, অথবা আগলৈ কি হ’বগৈ নাজানো, কিন্তু আপোনাৰ মুখৰ ভাষা যে হেৰাই থাকিল বা আনে কাঢ়ি নিলে সেই কথা হয়তো আপুনি মনেই নকৰিলে। [“পিংক” বা “ডংগল” আদি চিনেমাত ত্বত্বিক সকলে কিয় সমস্যা দেখা পাইছিল সেয়া হয়তো এতিয়া বুজিবলৈ সহজ হ’ব।] এইখিনি কথাৰ সৈতে সহমত হ’ব পাৰিলে আৰু কেইটামান কথা বুজিবলৈ সহজ হৈ গৈ থাকিব। ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয়তাবাদী দল আৰু চৰিত্ৰগতভাবে সৰ্বগ্ৰাসী (Totalitarian)। বিগত নিৰ্বাচনৰ সময়ত সেই দলৰ কৰ্মীসকল আৰু সমৰ্থক সকলৰ মুখত যেতিয়া জাতি-মাটি-ভেটিৰ কথা ওলাইছিল তেতিয়াও আমাৰ সাধৰণ খিলঞ্জীয়া মানুহ উল্লাসিত হৈ উঠিছিল যে – হওক, ভাল কথাই হৈছে, তেওঁলোকে আমাৰ সুৰেৰেই কথা কৈছে। যি দুই একে বিৰোধিতা কৰিছিল তেওঁলোকক কংগ্ৰেছী বুলি, অথবা দেশদ্ৰোহী আখ্যা দি আওকান কৰি থৈ দিয়া হ’ল। কিন্তু এক সমগ্ৰ ৰাষ্ট্ৰৰ কথা কোৱা এটা পক্ষই আহি এটা অঞ্চলৰ মানুহৰ মুখৰ ভাষাৰে কথা ক’বলৈ আৰম্ভ কৰি দিয়াৰ অন্তৰালত অলপ আগতে কৈ অহা মুখৰ ভাষা কাঢ়ি নিয়াৰ দৰেই যে এটা অৱস্থাৰ সূচক সোমাই থকিল সেই কথাটো এতিয়া বুজোতাই বুজিব। খিলঞ্জীয়াৰ প্ৰতিনিধি বুলি প্ৰক্ষেপণ হৈ থকা বা কৰি থকা এক ব্যক্তিৰূপক এক সৰ্বগ্ৰাসী ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি হিচাপে আমি আদৰি লোৱাটো যে কিমান ডাঙৰ গণ্ডগোলীয়া কাৰবাৰ এটা সেইটো নকলোৱেই বা। বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰীজনক অসমৰ জনজাতীয় মূলৰ হোৱা বাবেই আৰু তেখেতৰ পূৰ্বৰ ৰাজনৈতিক অভিজ্ঞতা আঞ্চলিক স্বাৰ্থৰ হকে হোৱাৰ বাবেই এতিয়াও একাংশ মানুহে তেওঁক আঞ্চলিক আৰু খিলঞ্জীয়া স্বাৰ্থৰ প্ৰতিনিধি হিচাপে ভাবি থাকিল। কিন্তু এই প্ৰতিনিধিকৰণৰ প্ৰতিচ্ছবিখন (ৰিপ্ৰেজেণ্টেচন) যে কাহনিবাই অপৰ পক্ষৰ দ্বাৰা ধুই মেলি নিকা কৰি 'জাতত তুলি' লোৱা হ'ল সেই কথাটো ধোঁৱা কোঁৱা হৈ থাকিল।   

বিমুদ্ৰাকৰণৰ পিছত, বছৰৰ শেষত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দূৰদৰ্শণ যোগে দেশবাসীক উদ্দেশ্যি দিয়া দ্বিতীয়টো ভাষণত ভীম নামৰ নতুন এপ-টোৰ কথা উল্লেখ কৰিছিল। উলেখযোগ্য যে তাৰ ঠিক এদিনৰ আগতে তালকতোৰা ক্ৰীড়াংগণলৈ তেখেত আহিছিল 'ডিজিধন মেলা' উপলক্ষে য'ত ডিজিটেলাইজেচন আৰু কেছলেছ অৰ্থনীতিৰ সম্প্ৰসাৰণক খৰতকীয়া কৰাৰ উদ্যোগ সমূহ ঘোষণা কৰা হৈছিল। এদিন অগা পিছাকৈ দুঠাইত দুবাৰ ভীম-এপৰ কথা কওতে কথাৰ কায়দা আছিল দুই ধৰণৰ। তালকতোৰাত ভীম সম্পৰ্কে ক'বলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু সময় ধৰি, বহু ডিটেইল সামৰি ভীমৰাও আম্বেদকাৰ আৰু তেখেতৰ আদৰ্শৰ গুণানুকীৰ্তন কৰিছিল। পাছদিনা দেশবাসীক উদ্দেশ্যি কথা কওতে সেইখিনি কথা সম্পাদন কৰা হ'ল। পাছদিনা আমি কেৱল শুনিবলৈ পালোঁ ভীম কেৱল এটা সংক্ষিপ্তকৃত শব্দ (abbreviation), BHIM- Bharat Interface for Money. কথা হ'ল তালকতোৰাত দৰ্শক সংখ্যা আছিল সীমিত। দেশবাসীক উদ্দেশ্যি কথা কওতে ভীম শব্দটোৰ অন্য ব্যাখ্যা কৰা হ'লে হয়তো দেশ জাঙুৰ খাই উঠিলেহেতেন। কাৰণ ইমান দিনে ভীম এটা বিশেষ বৰ্গৰ মহানায়ক আৰু "জয় ভীম" এক বিশেষ আন্দোলন আৰু মতাদৰ্শৰ শ্লোগান। তেওঁলোক নিজৰ আদৰ্শ আৰু স্থিতি সম্পৰ্কে ইমানেই সচেতন যে দেশৰ প্ৰধানমন্ত্ৰীয়েও ভীমৰ জয়গান গাইছে বুলি তেওঁলোক পতিয়ন নাযায়। তেওঁলোকে জানে এপ্ৰ'প্ৰিয়েচনৰ ৰাজনীতি কিমান বিপদজনক। অসমৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। বাহিৰৰ পৰা আহি অভ্যন্তৰীণ সমস্যা, দাবী, প্ৰয়োজনীয়তা আৰু ইতিহাস নজনকৈয়ো কোনোবাই যদি "জয় লাচিত", "জয় শংকৰদেৱ" বুলি কৈ দিলেহেতেন আমি ছাগৈ দুগুণে হাতচাপৰি মাৰি উৎসাহ প্ৰদৰ্শণ কৰিলোঁহেতেন!

যিহেতু পৰিচয়ৰ ৰাজনীতি বিষয়টো তুলনামূলকভাৱে নতুন আৰু যিহেতু পৰম্পৰাগত বহল শ্ৰেণী বা গোষ্ঠীবোৰৰ পূৰ্বাপৰ প্ৰচলিত ধ্যান ধাৰণাত ই আঘাত হানে সেয়েহে ইয়াৰ ৰাজনৈতিক গতি বিধি সমূহৰ সম্পৰ্কে সাধাৰণ মানুহ সততে সচেতন হৈ উঠে। সাধাৰণ মানুহ বুলি কওতে সেইখিনি সাধাৰণ মানুহৰ কথা কোৱা হৈছে যিয়ে এতিয়াও অসমত জাত পাত নাই বুলি ভাবি থাকে, অসমৰ নাৰী সমাজত যৌতুক, সতীদাহ আদি প্ৰথাবোৰ নাই আৰু সেই সূত্ৰেই অসমীয়া নাৰী আন ঠাইতকৈ আগবঢ়া বুলি ভাবি থাকে, অথবা দেশৰ সংৰক্ষণৰ ব্যৱস্থাটোক এটা অৰ্থনৈতিক অনগ্ৰসৰতাৰ প্ৰতিকাৰৰ বিধান মাত্ৰ বুলি ভাবি তাৰ ন্যায্যতা নাই বুলি মত প্ৰকাশ কৰি থাকে। পৰিচয়ৰ ৰাজনীতিয়ে পূৰ্ৱস্থিত স্থিতাৱস্থাত মোক্ষম আঘাত হানে। বাদ বাকী আন কথাত সমূহ পৰিচয়ৰ ৰাজনীতিক কিবা চৰিত্ৰগত বৈশিষ্ট্যৰ ফালৰ পৰা একত্ৰে উল্লেখ কৰিব পৰা যাব নে নাযাব নাজানোঁ, কিন্তু এটা পূৰ্বাপৰ প্ৰচলিত স্থিতাৱস্থাক তচ নচ কৰি দিয়াৰ যে প্ৰৱণতা ইবোৰে ৰাখে সেই কথা ঠিক। সেয়েহে স্থিতাৱস্থাৰ আয়াসত অভ্যস্ত আমাৰ সাধাৰণজনে নিম্নবৰ্গীয়, লঘূসংখ্যাগত, লিংগবৈষম্য সংক্ৰান্তীয়, যৌন-বাসনাৰ লগত জড়িত অভ্যুত্থান-মূলক কথাবতৰাত ৰাজনৈতিক চাল-চাতুৰি আছে বুলি সহজে দেখা পায়। কিন্তু এইবোৰৰ ব্যতিৰেকেও গতানুগতিক যেন লগা দৈনন্দিন জীৱনৰ আন সকলোবোৰ দিশতো ৰাজনীতি সোমাই আছে সেইটো দেখা নাপায় বা সেই ভাবে চাব নোখোজে। দেশৰ চুকে কোণে থকা সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠান, বাট পথ আদি সকলোবোৰৰ নামকৰণৰ ক্ষেত্ৰত কংগ্ৰেছী-কৰণৰ কথাটো বহুতৰ বাবেই অলক্ষিতেই ৰৈ যোৱা এটা সাধাৰণ কথাৰ দৰে আছিল। এতিয়া চৰকাৰ সলনিৰ পিছত (অসমত) "অসমৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীৰ অৱদানেই বা কি আৰু কিয় ৰাজীৱ গান্ধীৰ নামেৰে অমুক-তমুক অনুষ্ঠানৰ নামকৰণ হ’ব" বুলি যিসকলে প্ৰশ্ন তুলিছে তেওঁলোকে এইটো মন কৰা ভাল যে এইবোৰ সচেতনতা পৰিচয়-ৰাজনীতিৰ উত্থানৰ হোতাসকলে বহু আগতেই কৰিছিল। এই সময়ত গেৰুৱা দলৰ বিৰোধিতা কৰি যি সকলে কংগ্ৰেছী বা কংগ্ৰেছী-দালাল আদি আখ্যা পাইছে সেই সকলেই কংগ্ৰেছৰ আমোলাতো কংগ্ৰেছৰ সৰ্বগ্ৰাসী চৰিত্ৰক সমানেই সঁকিয়নি দি আহিছিল।

দেশৰ আদ্যোপান্ত সমস্তবোৰ সম্পদ আৰু সমলৰ কংগ্ৰেছীকৰণৰ দিশটো দেখিও নেদেখাৰ ভাও দি থকা সকলে কিন্তু মায়াৱতীৰ মূৰ্তি নিৰ্মাণ নেদেখাকৈ নাথাকিল। অথবা সেই মূৰ্তি নিৰ্মাণত কিমান কোটি টকা ব্যয় হ’ল আৰু জনতাৰ অৰ্থ-শ্ৰম বা প্ৰয়োজন কেনেকৈ আপোচত সোমাল সেইবোৰৰ খতিয়নো মানুহৰ নখদৰ্পনত থাকিল। এই বিতৰ্কখিনিলৈ মন দিলেই আৰু বহুতো কথা ওলাই পৰে। বহুজন সমাজ পাৰ্টিক প্ৰতিনিধিত্ব কৰা মায়াৱতীয়ে আত্মপ্ৰচাৰৰ নামত কিমান ব্যয় কৰিলে সেই কথালৈ আঙুলি টোঁৱাব খোজা সকলক সমৰ্থক সকলে সোঁৱৰাই দিব খোজে যে সিমানখিনি ব্যয় বা অপব্যয় ৰাষ্ট্ৰই সকলো সময়তেই কৰি আহিছিল বা কৰি আহিছে কিন্তু সেয়া অলক্ষিতেই ৰৈ গৈছে। এই মুহূৰ্তত মানুহৰ চকু পুৰিছে কিয়নো এইখিনি মানুহ সমাজৰ অন্য এটা শ্ৰেণীৰ প্ৰতিনিধি। কথাখিনিৰ সৈতে জৰিৰ ঔচিত্য ওনৌচিত্যৰ বিচাৰ এই মুহূৰ্তত পৰিহাৰ কৰি চলা হ'ল। মায়াৱতীৰ জীৱনীকাৰ অজয় বোসে কোৱাৰ দৰে "এজন দলিতে মায়াৱতীক এজন ব্ৰাহ্মণে যেনেকৈ চাব তাতকৈ বহুত বেছি বেলেগকৈ চাব। তেখেতে যদি উন্নয়ণমূলক বিশেষ একো কৰি উঠিব পৰাও নাই তথাপিও তেওঁলোকৰ বাবে তেখেতে বিশেষ কিছুমান দিশৰ প্ৰতিনিধিত্ব কৰি থাকে।" কথা হ’ল "দলিত" "বহুজন"ৰ উত্থানৰ প্ৰসংগখিনিক সম্পুৰ্ণৰূপে আওকাণ কৰি থাকি, ৰাষ্ট্ৰৰ সৰ্বগ্ৰাসী চৰিত্ৰটোক নুই কৰি থাকি মায়াৱতীৰ মূৰ্তি নিৰ্মাণৰ প্ৰসংগটোক কেৱল এক ক্ষমতাশালী ব্যক্তিবিশেষৰ আত্মপ্ৰেম বা নাৰ্চিচ্ছিজম বা megalomaniac মানুহৰ কাণ্ড বুলি কৈ থ’লে আৰু পাতিবলৈ কথাই নাথাকিব।    

সম্প্ৰতি কাৰেং ঘৰত ঘটি যোৱা দুটা ঘটনা সম্পৰ্কে 'ব্যক্তিগত মত', 'অৰাজনৈতিক মত' আদিবোৰ প্ৰকাশ কৰি থকাতকৈ বহল প্ৰেক্ষাপটলৈ ইয়াক উলিয়াই আনি কোনোবাই চাব পাৰিলে আমি লাভবান হ'ব পাৰিম। যিহেতু এটা জাতীয় সম্পদ, এটা ঐতিহাসিক স্মৃতিচিহ্ন ইয়াত জৰিত হৈ আছে - এইখিনি কাণ্ড কাৰখানা স্পৰ্শকাতৰ হৈ দেখা দিয়াটো স্বাভাৱিক। অসমীয়াৰ গৌৰৱ বুলি অতকালে চিহ্নিত কাৰেংঘৰত আৰ এছ এছ কৰ্মী আহি "ভাৰত মাত কি জয়"ৰ দৰে শ্লোগান দিয়াটোৰ আঁৰত বহুখিনি সংকেত বা ইংগিত সোমাই আছে। তেনেকৈয়ে তাত গাখীৰ ঢালি তাক 'শুদ্ধিকৰণ' ঘটোৱাটোও এটা সাংকেতিক বা প্ৰতিকী কাৰবাৰ। অনেকে এটাক যেনেকৈ কালাপাহাৰী (iconoclasm) বুলি চাইছে তেনেকৈয়ে আনটোক পুণৰোদ্ধৰৰ (re-claim) প্ৰতিকী পাৰফৰ্মেন্স বুলি চাবলৈ চেষ্টা কৰিছে। ৰাজনৈতিক ক্ষেত্ৰত সম্পদৰ ওপৰত দখলদাৰীৰ, বেদখলকৰণৰ আৰু পুণৰদখলদাৰীৰ খেলখিনিত সাধাৰণ জীৱন যাত্ৰাৰ সময়ত আমি পালন কৰি থকা বা মানি থকা নৈতিকতা আৰু ঔচিত্য আৰু অনৌচিত্যৰ বিধানখিনি প্ৰায়ে তল পৰি ৰয়। 


সমুদ্ৰ কাজল শইকীয়া, ৩ জানুৱাৰী ২০১৭

No comments: