ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, January 26, 2017

দৰিয়া, আচমান আৰু মানিমুনি শাক (৩) #Alkhalla 05

সহজ মানুহ

জীৱন জগতৰ ৰহস্যৰ সন্মুখত থিয় হৈ মানৱ মনৰ কৌতুহল বা বিস্ময়বোধৰ প্ৰসংগতে এতিয়ালৈকে কথাখিনি আলোচনা কৰা হ’ল যদিও প্ৰকৃতাৰ্থত চুফি দৰ্শনৰ ধাৰণাখিনি অন্য। ই এটা স্বকীয় দাৰ্শনিক অভ্যাসৰ ধাৰা আৰু কিছুমান মূলগত চৰ্চাক বাদ দি সিবোৰৰ সম্পৰ্কে কথা ক’বলৈ গ’লে সৰলীকৰণৰ দোষে চুব। চুফি কোনো একমুখী বা সৰলৰৈখিক ধাৰা নহয়। ইয়াৰ ইমানেই ঠাল ঠেঙ্গুলি নানান দিশে প্রসাৰিত হৈ আছে যে বহু সময়ত সেই ক্ষুদ্রাগ্রকে আমি মূল ধাৰা বুলি ভাবি থাকোঁ। পিছে তাত কোনো বিশেষ ভুল নাই, কাৰণ বিন্দুতে সিন্ধু বুলিলে আমি যি বুজোঁ, সেয়াও এইবোৰ চিন্তাৰ এক গুৰুত্বপূর্ণ উপাদান। বহু সময়ত চুফিবাদৰ লগত কিছু সামঞ্জস্য থকাৰ বাবেই অন্যান্য ভক্তিবাদী ধাৰাৰ সৈতে ইবোৰক সনাপোটোকা কৰি পেলোৱাৰ প্রৱণতাও থাকে। কিন্তু কিছুমান উপাদানক কেন্দ্র কৰিহে যিহেতু এই আলোচনা আগবাঢ়িছে সেয়েহে এই প্রসঙ্গত আপত্তি থাকিব নালাগে। বহু সময়ত চুফি সকলে যিখিনি কথা কোইছিল বা ক'ব খুজিছিল, মধ্যযুগৰ বৈষ্ণৱ ভক্তিবাদৰ পুণৰোত্থানৰ কালত গুণী জ্ঞানী সকলে একেখিনি কথাকেই ক'ব খুজিছিল। দুয়োটা ধাৰা মূলতে একেই, আধাৰো একেই - সহজ মানুহ।

"সহজ মানুহে ভজে চা হেৰ' মন দিব্যজ্ঞানে,
পাবি যে অমূল্য নিধি- বর্তমানে"
(লালন ফকীৰ)

চুফি বা চুফিবাদ সম্পৰ্কে পঢ়া শুনা কৰিবলৈ গ'লে অজস্ৰ লেখা-মেলাৰে এখন অথাই সাগৰত পৰা যায় যদিও অসমীয়া ভাষাত লেখা মেলাৰ সমল বৰ বেছি দেখা নাযায়। চৈয়দ আব্দুল মালিকদেৱৰ “চুফি আৰু চুফিবাদ” নামৰ গ্ৰন্থ এখন আছে। “অসমত চুফীবাদৰ ইতিবৃত্ত” নামেৰে ড° জাকিৰ হুছেইন দেৱৰ এটা প্ৰৱন্ধ জুলাই, ২০১৪ সংখ্যাৰ প্ৰকাশ আলোচনীত প্ৰকাশ হৈছিল। পাৰস্যৰ পৰা পূৰ্ব ভাৰত হৈ চুফিবাদে কেনেকৈ অসমত প্ৰবেশ কৰিছিলহি সেই সম্পৰ্কে ড০ পইনুৰুদ্দিন আহমদেও "আজান ফকীৰৰ জীৱন কথা" গ্ৰন্থত লিখিছে। 
"অসমত প্ৰবেশ কৰা প্ৰথমজন পীৰ-চুফি হিচাপে খোৱাজ পীৰ বা খোৱাজ খিজিৰৰ নামটো উল্লেখ কৰা হয়। তেওঁ আছিল পাৰস্যৰ চিৰাজৰ হজৰত নুৰৰ বংশধৰ। আদিতে তেওঁ আছিল এজন এজন সদাগৰ। পিচত সেই বৃত্তি ত্যাগ কৰি ভগৱত চিন্তাত মনোনিবেশ কৰে আৰু পশ্চিম অসমলৈ আহে। গুৱাহাটীৰ নীলাচল পাহাৰৰ শিলালিপিত এই খোৱাজ খিজিৰৰ নাম পোৱা গৈছে এইদৰে - "আব-ই-হায়াত চচমা-ই খিজিৰ" (অৰ্থাৎ অমৃতৰ নিজৰা)।"

সাধাৰণ ব্যখ্যা মতে- “মুছলমানসকলৰ এক বিশেষ মতবাদ য'ত ধৰ্মীয় মৌলবাদী চিন্তাধাৰাৰ উৰ্ধত, ইছলাম ধৰ্মৰ গোপন তথ্যভিত্তিক সাধনা আৰু আধ্যাত্মিক উৎকৰ্ষতাক বিশেষ প্ৰাধান্য দিয়া হয়” (Xobdo.org, শব্দ সংযোজক- তপন কুমাৰ শৰ্মা)৷ ইছলামিক আধ্যাত্মিক দৰ্শন চুফিবাদে পৰম সৃষ্টিকৰ্তাৰ সৈতে আত্মাৰ মিলন, প্ৰেমভাব আৰু ‘অবিনশ্বৰ আত্মাৰ পৰিশুদ্ধিৰ কথা কয়। চুফিৰ আন এটা প্ৰতিশব্দ তচাউওফ-ৰ অৰ্থ আধ্যাত্মিক তত্ত্বজ্ঞান। পাৰস্যত বিকাশ ঘটা এই দৰ্শনক সেই দেশৰ চুফি-দৰবেশ, কবি-সাহিত্যিক, আৰু দাৰ্শনিক সকলে বিভিন্ন শাস্ত্ৰ, কাব্য আৰু ব্যাখ্যানৰ ৰচনাৰ মাধ্যমেৰে সাধাৰণ জনগণৰ মাজত জনপ্ৰিয় কৰি তোলে। চাৰিটা মূখ্য ‘তৰিকা’ৰ ভিত্তিত চুফি সাধনা আগবাঢ়ে। আত্মাৰ পবিত্রতাৰ মাধ্যমেৰে ফানাফিল্লাহ (আল্লাহৰ সৈতে অৱস্থান কৰা) আৰু ফানাফিল্লাহৰ মাধ্যমেদি বাকাবিল্লাহ (আল্লাহৰ সঙ্গে স্থায়ীভাবে বিলীন হৈ যোৱা) লাভ কৰিব পাৰি। তাসাওউফ দর্শন অনুযায়ী এই সাধনাক ‘তৰিকত’ বা আল্লাহ-প্রাপ্তিৰ পথ বুলি কোৱা হয়। তৰিকত সাধনাত  মুৰ্ছিদ বা পথপ্রদর্শকৰ প্রয়োজন হয়। সেই পথ হ’ল ফানা ফিশ্শাইখ, ফানা ফিৰৰাছুল, আৰু ফানাফিল্লাহ। ফানাফিল্লাহ হোৱাৰ পিছত বাকাবিল্লাহ লাভ হয়। বাকাবিল্লাহ অর্জিত হলে চুফি দর্শন অনুযায়ী চুফি আল্লাহ প্রদত্ত বিশেষ শক্তিৰে শক্তিমান হয়। তেতিয়া  সুফিৰ অন্তৰত সার্বক্ষণিক শান্তি ও আনন্দই বিৰাজ কৰে।

ইৰাণৰ সাহিত্যৰ পথাৰতে চুফি কবিতাৰ প্ৰথম প্ৰসাৰ দেখা যায়। বিখ্যাত কবি আবদুৰ ৰহমান জামী, নিজামী গঞ্জভী, ওমৰ খইয়াম, হাফিজ আৰু ভাৰতবর্ষৰ আমীৰ খুছৰু আদি ফাৰ্চি ভাষৰ দেৱান, গজল, ৰুবায়ৎ, খমছা প্রভৃতি আঙ্গিকে বহু কাব্য ৰচনা কৰে। চুফি সম্পৰ্কে আমৰ কৌতুহলখিনি জাগ্ৰত হৈছিল লালন ফকীৰৰ গীত আৰু তাৰ পাছত কবীৰৰ গীত আৰু দোহাৰ মাজেদি। তেনেকৈয়ে পাঞ্জাবী সাধক সকলৰ কবিতাৰ মাজেদি উজাই গৈ তুৰস্কৰ কবিকূললৈকে আমৰ চুফি দৰ্শনৰ অন্বেষণটো ওভোটাকৈ চলা এটা বাট। অধ্যয়নৰ পৰিসৰ কম হোৱাৰ বাবে চুফি সম্পৰ্কে ক’বলৈ গ’লে বিসংগতিয়ে দেখা দিয়াৰ সম্ভাৱনাই বেছি বাবে বিশেষ ক’বলৈ নগৈ ঠিক যিখিনি চৰিত্ৰগত বৈশিষ্ট্যৰ বাবে চুফি দৰ্শনে বাৰে বাৰে আমাৰ মন টানে সেইখিনিকে চমুৱাই উল্লেখ কৰিব পাৰোঁ।

  • প্ৰেম
  • তাত্বিক আৰু বৌদ্ধিক চর্চাৰ মাধ্যম হিচাপে সংস্কৃতি
  • সহজ সাধাৰণ মানুহৰ ভাৱনাৰ উত্তৰণ
  • ৰহস্য, বিস্ময়
  • মৃত্যুচেতনা
  • আনন্দ
  • আত্মানুসন্ধান
  • প্ৰাত্যহিক জীৱনৰ লগত সংযুক্তি
  • সমাজ জীৱনৰ লগত তাৰ ছন্দ মিল
  • সামাজিক স্থিতিৰ লগতে ব্যক্তি স্বাতন্ত্র্য আৰু স্ব-মানসৰ উজ্জীবিত প্রকাশ
  • সমাজ সংষ্কাৰ
  • চিৰায়ত প্রতিবাদী সত্বা, বিদ্ৰোহ
  • উত্ভট-বাদ, ভাব-প্ৰকাশৰ অভিনৱত্ব

সমস্ত মানৱীয় অনুভূতিৰ ভিতৰত প্রেমেই আটাইতকৈ বাছিকৈ চর্চিত বিষয়। চুফিবাদৰ আদ্যোপান্তে প্রেমৰ কথা। চুফিৰ চর্চা মানেই প্রেমৰ চর্চাৰ নামান্তৰ মাত্র। এই প্রেম অদম্য সাহসী, বিপ্লবী আৰু আত্মোৎসর্গী। এই প্রেমত জাহ যাবলৈকে যেন সমস্ত মানৱকূল বিচলিত আছিল ইমান দিনে। প্ৰেমেই মূল। মানৱপ্ৰেম তথা সৃষ্টিৰ প্ৰতি প্ৰেমৰ মাধ্যমেৰে স্ৰষ্টাৰ প্ৰেমাৰ্জন চুফিবাদৰ মূল অদৰ্শ। চুফ মানে পছম আৰু তচও উফ মানে পছমী বস্ত্ৰ পৰিধানৰ অভ্যাস। মৰমীত্বত্ত্বৰ সাধনাত কাৰোবাৰ জীৱন নিয়োজিত কৰাকে  তাসাওউফ বোলা হয় (সংক্ষিপ্ত ইসলামি বিশ্বকোষ, প্রথম খন্ড, পৃ.৪৫২)। যিহেতু আল্লাহ নিৰাকাৰ, সেয়েহে তাৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ হ’লে নিৰাকাৰ শক্তিৰ প্রতি প্রেমেই একমাত্র মাধ্যম। চুফি সকল দুৰ্দান্ত প্ৰেমিক। এই প্ৰেমৰ উন্মাদনা আৰু প্ৰকাশৰ অনবদ্য ধৰণ কৰনৰ বাবেই সম্প্ৰতি বিশ্বজুৰি চুফি কবিতা আৰু গীত মাতৰ সমাদৰ ক্ৰমশ: বাঢ়িব লাগিছে।

প্ৰেম নদী বয়, খুশ্রু, ওলোটা গতি তাৰ
যি জপিয়ালে সি বুৰিলে, বুৰাজনে পালে পাৰ।।  
[আমিৰ খুশ্ৰু]

সমাজত শিল্প, সাহিত্য আৰু সংস্কৃতিৰ ভূমিকা কোনখিত সেয়া বুজাবলৈ হ'লে চুফিবাদী চর্চাৰ বিকল্প নাই। অনাখৰী লোকসমাজৰ পুৰোধা সকলে মৌখিক শিল্পৰ জৰিয়তেই নিজৰ মত অমত প্রসাৰ কৰি গৈছিল আৰু তাৰ চর্চা অব্যাহত আছিল তেনেকৈয়ে। আজিৰ বিদ্যায়তনিক গণ্ডীৰ মাজত নিবিষ্ট থকা বৌদ্ধিক মহলে এইখিনি কথাৰ গুৰুত্ব বুজি পোৱাটো ৱাঞ্চনীয়। ধ্রুপদী চর্চাৰ আওতাত যি শিল্পৰস সৃষ্টি আৰু আৰু আস্বাদন কেৱল এক মুষ্টিমেয় শ্রেণীৰ মাজতে আৱদ্ধ আছিল, তাৰ সমান্তৰাল এক চর্চা এতিয়া বহুতৰ মাজত বিতাৰিত হৈ পৰিল। সমাজ গঢ় দিয়ে চিন্তাই, উত্তৰণৰ বাট মোকোলায় বুদ্ধিয়ে, আৰু এই কথাও সত্য যে আনন্দৰ উৎস নিহিত থাকে জাগ্রত চেতনাত। সাংস্কৃতিক উপাদানবোৰ, যেনে গীত-মাত, কবিতা, নাট আদিৰ জৰিয়তে লোকসমাজত যেতিয়া সেই চিন্তা, বুদ্ধি আৰু চেতনাৰ প্রসাৰ সম্ভৱপৰ হ'ল সি এটা নতুন মাত্রা লাভ কৰাটো সহজেই অনুমেয়। সহজ সাধাৰণ মানুহৰ ভাৱনাৰ উত্তৰণৰ সূচক হিচাপে সহজ মানুহৰ কন্ঠই এতিয়া এটা অন্য স্থান পালে। সহজ মানুহ বিষয় বস্তুও হৈ উঠিল। সংষ্কৃতিৰ আপুৰুগীয়া উপাদানবোৰ এতিয়া সহজ মানুহৰো সম্পদ হৈ থাকিল। বাউল সকলৰ পৰ্যায়লৈ আহি চৰ্চাই সহজীয়া নাম পালে।  

বিশালতাৰ সন্মুখত ৰৈ মানৱ মনত উদ্ভৱ হোৱা বিষ্ময়বোধৰ কথা আমি ইতিমধ্যেই পাতি আহিছোঁ। কিন্তু এই ৰহস্যবাদৰ ক’তো দুখবোধ বা বিষাদৰ স্থান নাই। লগতে আধ্যাত্মিকতাৰ নামত পলায়ণবাদিতাৰো কোনো লক্ষণ নাই। চুফিবাদৰ লগত ভক্তিবাদৰ আন আন ঠাল ঠেঙুলিবোৰৰ বহুখিনি চৰিত্ৰগত মিল থাকিলেও এই পৰম আনন্দৰ দিশটোতে ই বহুখিনি সুকীয়া। মৃত্যুৰ ধাৰণা ইয়াত বাৰে বাৰে ঘূৰি আহিলেও সেই মৃত্যুৱে কোনো দু;খৰ বাৰ্তা নানে বৰঞ্চ
"ভালেই হ'ল দে মোৰ লোটাটো ভাগিল,
নিতে নিতে পানী অনাৰ লেঠাটো ছিগিল"
বুলি কবীৰৰ দৰে আনন্দহে কৰিব।

কেতিয়াবা যদি দুখ বা বিষেদ্গাৰ আছেও সেয়া আছে আত্ম-বোধৰ অপূৰ্ণতাৰ বাবেহে। বুলে শ্বাহৰ গোটেই জীৱন ধৰি এটাই দুখ থাকিল যে তেওঁ নিজকে চিনি নাপালে।



পঢ়িলাহে পঢ়িলা হেৰা কিতাপ হাজাৰ,  
নিজকে নিজেই পিছে নপঢ়িলা এবাৰ।    
মন্দিৰে মছজিদে ঢপলিয়াই ফুৰিলা,   
নিজৰে মাজলৈ যদি ভূমুকি নামাৰিলা,
চয়তানৰ বিৰুদ্ধে সমস্ত যুঁজ ভ্ৰম, 
শত্ৰু নিচিনি যি তোমাৰ নিজৰে অহম ।।
(বুলে শ্বাহ)

আঠ কুঠৰী আৰু নখন দুৱাৰেৰে এই মানৱদেহৰ ৰহস্য ভেদ কৰাটোও চুফি সকলৰ এটা কেন্দ্ৰীয় লক্ষ্য। আমাৰ ‘কাণখোৱাৰ ঘৰ’ শীৰ্ষক শিল্প-প্ৰকল্পসমূহৰ প্ৰস্তুতিপৰ্বত আৰম্ভণীৰে পৰা লালন ফকীৰৰ গান আৰু তাত থকা ঘৰৰ কল্পৰূপবোৰেই হয়তো আটাইতকৈ প্রভাৱশালী কাৰক হৈ আছিল। শান্তিনিকেতনক পঢ়ি থকা কালত বহুতো বাউল আৰু ফকীৰৰ লগে লগে ঘূৰি ফুৰি লালন ফকীৰৰ গানৰ প্রতি তীব্র ভাবে আকর্ষণ অনুভৱ কৰিছিলোঁ। লালন ফকীৰৰ গীতে মাতে ঘৰ কথাষাৰ বাৰে বাৰে শুনিবলৈ পোৱা যায় আৰু ই কে'বাঠাইতো কে'বাটাও বেলেগ বেলেগ মানে বহন কৰে। আমাৰ অসমীয়া দেহতত্বৰ গীততো মানুহৰ দেহ-ঘৰৰ কথা আছে। সূফীবাদী অথবা দেহতাত্বিক লোকগীতিৰ শ্রোতা মাত্রেই এই কথা জানে যে বহু সময়ত মানুহৰ দেহাটোকেই এটা ঘৰ বুলি ভবা হয় য'ত আত্মা বা আত্মন আহি বাস কৰি গুছি যায়। কেতিয়াবা এই দেহাটো এটা সঁজা য'ত 'অচিন পাখী' আহে আৰু যায়। অন্যত্র আমি আলোচনা কৰিম কেনেকৈ ঘৰ কথাটো আজান ফকীৰ আৰু পুর্বসূৰী গীতি-কবিকূলৰ বাবে এটা সঘনে ব্যৱহৃত চিত্রকল্প হৈ ৰৈছে। সি যি কি নহওক, লালন ফকীৰ আৰু সমসাময়িক বহুতো গীতিকাৰৰ বাবে ঘৰ কেতিয়াবা মানুহৰ দেহা, কেতিয়াবা এটা সত্বাৰ প্রতিৰূপ। এই সত্বা বা 'চেল্‌ফ' বহুমাত্রিক, বহুতৰপীয়া। এই ঘৰৰ ভিতৰলৈ সোমাই উৱাদিহ পোৱা নাযায়। এটা ঘৰৰ ভিতৰত কেইটা ঘৰ আছে নাজানোঁ। ঘৰটোত থাকে বা কোন, নাজানোঁ। যি কেইটা সত্বা এই ঘৰ বা ঘৰৰ সমস্তিবোৰত আছে তাৰ ভিতৰতো আকৌ কোননো গৃহস্থ কোননো প্রতিবেশী কোননো চোৰ ধৰিবকে নোৱাৰি। সূফীবাদি চর্চাই এই বিভিন্ন ঘৰৰ ভিতৰৰ আচল সত্বাটোকেই সদায়ে সন্ধান কৰি থাকে, লালন ফকিৰ, আজান ফকিৰ, হাসন ৰাজা, কবিৰ দাসৰে পৰা বুলে শ্বাহলৈকে সকলোৰে সন্ধান একেই।

"ৰুৱা দিলা পান্তি পান্তি মাৰলি দিলা যুটা" বুলি "আপোনাৰ ঘৰক এৰি পৰক লাগি কান্দে" মাধৱ দাসে। নাজানোঁ কোন সেই মাধৱ দাস, কোনেই বা সেই ঘৰৰ মাজত বহি থকা পূর্ণানন্দ হৰি। চিনি নাপাওঁ "নফালৰ নখনি দুৱাৰ"। লালনৰ ঘৰৰ কাষতে আইনাৰ নগৰ, তাতে এজন চুবুৰীয়া বাস কৰে যাক লালনে কাহানিও দেখা নাই। লালনে জানে তেওঁৰ ঘৰত আৰু কোনোবা এজন থাকে, কিন্তু মাজত যেন "লক্ষ যোজন ফাঁক"। লালনৰ ঘৰৰ তলাৰ চাবি পৰৰ হাতত থাকে। দেহতত্বৰ কবিয়ে আৰু কয় যে দেহৰ মাজত বাগিছা আছে। তাৰ ছয়জনা মালী। দেহৰ মাজত নদী আছে, তাত নাও চলে, তাৰ ছয়জন ব’ঠাধাৰী। দেহৰ মাজত ঘৰ আছে তাতে ছয়জন চোৰ সোমায়। পাঁচজনক চিনি পাওঁ, এজনক চিনি নাপাওঁ। "খুলি মোৰ ঘৰৰ চাবি কোনে মোক লৈয়ে যাবি" বুলি ৰবীন্দ্রনাথেও কান্দে। "মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনে বাৰে বাৰে অহা-যোৱা কৰে" বুলি পার্বতি প্রসাদৰো ঘুমটি ভাঙে বাৰে বাৰে। মাটি-ঘৰ-কলহৰ কথা কবীৰায়ো বৰকৈ কয়। বাউলে সোধে, মন, তোমাৰ ঘৰত কেইজন বাস কৰে? এজনে ৰঙ ঢালে, এজনে ছবি আঁকে, সেই ছবিখন আকৌ নষ্ট কৰে কোনে? এজনে দোতাৰাত সুৰ তোলে, এজনে মঞ্জিৰাত তাল ধৰে, মাজত ধৰি সেই সঙ্গীত নষ্ট কোনে কৰে? এনেকৈয়ে বাৰে বাৰে আমি ঘৰৰ কথা শুনোঁ। ঘৰৰ চিত্রকল্প কেতিয়াবা আধিভৌতিক, কেতিয়াবা নিচক শাৰীৰিক-বাস্তবিক আৰু কেতিয়াবা একান্তই বিমূর্ত।

এইসমূহৰ ব্যতিৰেকে একধৰণৰ বিদ্ৰোহৰ মনোবৃত্তি বা বৈপ্লৱিক সত্বা চুফি চৰ্চাৰ মৰ্মস্থলত সৰ্বদা বিৰাজমান। এই বিদ্ৰোহৰ চেতনা নাথকিলে সি যিমানেই প্ৰেমৰ কথা, প্ৰকৃতিৰ কথা অথবা আত্মানুসন্ধানৰ কথা নকওক, সি চুফিবাদৰ কাষ চাপিব নোৱাৰিব। এই বিপ্লৱৰ চেতনা বহুস্তৰীয়। ধৰ্ম, জাতি, লিংগবৈষম্যৰে পৰা আৰম্ভ কৰি বিজ্ঞানমনস্কতাৰ প্ৰসাৰলৈকে চুফিবাদী সকলে সকলো সময়তে সমাজ সংস্কাৰকৰ ভূমিকা পালন কৰি আহিছে। সকলোধৰণৰ মৌলবাদ বা কট্টৰ ধৰ্মীয় পৰম্পৰাৰ বিৰোধিতা কৰি জনসমাজত মানৱপ্ৰেমক চুফিবাদে প্ৰতিস্থা কৰিছিল। চুফিবাদ এটা ইছলাম ধৰ্মৰ দৰ্শন পদ্ধতি হৈয়ো কালক্ৰমত মানৱপ্ৰেমেই শ্ৰেষ্ঠ ধৰ্ম বুলি ই ধৰ্মৰ আটাইবোৰ বিভাজনকামী ৰেখাকেই মচি গ’ল। হিন্দু বা ইছলাম ধৰ্ম বহু পিছৰ কথা, চুফিসকল কেতিয়াবা ইমানেই ৰেডিকেল হৈ উঠে যে মন্দিৰেই হওক বা মছজিদেই হওক তাক ভাঙি পেলোৱাৰেই পক্ষপাতী হৈ উঠে-

মছজিদ ভাঙিবি, মন্দিৰ ভাঙিবি,
ভাঙিবি যিহকে দেখ তাকেই
কিন্তু কৰোৰে হৃদয় নাভাঙিবি
ঈশ্বৰ বিৰাজে তাতেই।
[বুলে শ্বাহ]

তেনেকৈয়ে অষ্টম দশকতেই ৰাবিয়া অল বছৰি এহাতে এবাল্টি পানী আৰু এহাতে জোৰ লৈ ওলাই আহিছিল, নৰকত জুই দিম বুলি আৰু স্বৰ্গৰ জুই নুমুৱাম বুলি। কবীৰ দাসক যেনেকৈ হিন্দুৱে হিন্দু বুলি আৰু মুছলমানে মুছলমান বুলি মানি লৈ চলি থাকিল, লালন ফকীৰো একেটা সময়তে হিন্দু আৰু মুছলমান দুয়োটা হৈ থাকিল।

হিন্দুৱে ৰাম নাম লয়, মুছলমানে খুদায়
কবীৰে কয় জিৱাৱস্থায় কোনেও মোৰ নাম নলয়।।
[কবীৰ]

সবে লোকে কয় লালন ফকির হিন্দু কি যবন।
লালন বলে আমার আমি না জানি সন্ধান।।
[লালন ফকীৰ]

হিন্দু কি মুছলমান
একে আলাৰ ফৰমান
মোৰ মনত একেটি ভাব
[আজান ফকীৰ]

কেৱল হিন্দু বা ইছলাম ধৰ্মৰ ক্ষেত্ৰতহে যে এনে তেনে নহয়। এই চুফি সকলে বৈপ্লৱিক চৰ্চাক ভাৰতবৰ্ষৰ অভিষাপ স্বৰূপ জাত-পাতৰ ক্ষেত্ৰতো এন্ধাৰকলীয়া পৰম্পৰাবোৰত আঘাত কৰিছিল –

নুসুধিবা সাধুৰ জাতি পৰিচয়, ল'বা মাথোঁ জ্ঞানভাগ
মোল ৰাখিবা হেংদাং খনৰ, পৰি থাওক তাৰ খাপ।।
[কবীৰ]

সব লোকে কয় লালন কী জাত সংসারে ।।
লালন কয় জাতের কী রূপ
আমি দেখলাম না দুই নজরে।
সব লোকে কয় লালন কী জাত সংসারে ।।
[লালন ফকীৰ]

বিশেষকৈ তলৰ পংক্তিটোৱে জাত-পাতৰ সমস্যাটোক সম্বোধন কৰিবলৈ গৈ লিংগ বৈষম্যৰ দিশটোও কেনেকৈ পোহৰলৈ আহিব পাৰে তাৰেই কথা কয়। লিংগ-বৈষম্য, বা নাৰী-মুক্তি আদি আলোচনাবোৰৰ লগত জাত-পাতৰ ৰাজনীতিৰ কোনো সম্পৰ্ক নাই বুলি ভাবি থকা বিশুদ্ধতাবাদী সকলৰ বাবেও এটা সুস্পষ্ট ইংগিত এইখিনিতেই ৰৈছে-
যদি ছুন্নত দিলে হয় মুসলমান,
নারীর তবে কি হয় বিধান,
বামণ চিনি পৈতা প্রমাণ,
বামণি চিনে কিসে রে
সব লোকে কয় লালন কী জাত সংসারে ।।

তেনেকৈয়ে-
পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই
এই দেশে যি পাপ গণ্য
অন্য দেশে পূণ্য সেয়েই।।
তিব্বত নিয়ম অনুসাৰে, এক নাৰী বহু পতি ধৰে
এই দেশে সেয়া হ'লে পিছে
ব্যভিচাৰী দণ্ড হয়েই।।

আজিৰ তাৰিখতো দেশজুৰি উত্তপ্ত হৈ থকা খাদ্যাভ্যাসক লৈ চলি থকা ৰাজনীতিৰ প্ৰতিও লালন ফকীৰৰ তৰফৰ পৰা এটা সম্বাদ আগবঢ়াব পৰা যায় –
গাহৰি গৰু দুটি পশু, খাবলৈ কৈ গৈছে যিশু
তেনে কিয় মুছলমান হিন্দুৱে কৰে
পৰস্পৰক লেই লেই ছেই ছেই,
পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই।।

একেদৰেই বিশুদ্ধতাবাদী দৃষ্টিৰে বহুত্বক স্বীকাৰ কৰিব নোখোজাসকলৰ বাবেও লালনে সম্বাদ এৰি থৈ গৈছে -

দেশ সমস্যা অনুসাৰে, ভিন্ন বিধান হ'বও পাৰে
সূক্ষ্মজ্ঞানৰ বিচাৰ কৰিলে
পাপ পূণ্যৰ আৰু ঠাই নায়েই।।
পাপ পূণ্যৰ কথা মই সোধোঁ বা কাকেই

পুৰণি পৰম্পৰা আৰু সমাজ ব্যৱস্থাৰ মাজত অৱদমিত ব্যক্তি সত্বাৰ জাগৰণৰ বাবেও চুফিবাদী সকলে মাত মাতিছিল। কিন্তু এই ব্যক্তিসত্বাৰ জাগৰণে যাতে অহংবাদৰ উন্মেষ নঘটায় তাৰ বাবেও তেওঁলোক সচেতন আছিল- এইখিনি কথা আমি উল্লেখ কৰি আহিছোঁ। আজিও পৰিচয়ৰ ৰাজনীতিৰ উত্থানৰ কালতো, বহুত্বক আঁকোৱালি ল’বৰ মতবাদবোৰৰ প্ৰসাৰৰ কালতো সেয়েহে এই চুফি-ভাৱনাৰ পুণৰোত্থানৰ প্ৰয়োজনখিনি আমি বাৰে বাৰে অনুভৱ কৰিছোঁ।

প্ৰসংগতে সততে আমাৰ মন টানিব খোজা চুফি সকলৰ ৰচনাৰ মাজৰ ননচেঞ্চ বা উদ্ভট উপাদান সমূহৰ বিষয়েও দু-আষাৰ উনুকিয়াই থ'ম। "কবীৰাই কয়" কিতাপখনৰ অনুবাদকৰ নিবেদনত নৱকান্ত বৰুৱাই লিখিছে- "গুহ্য তত্ত্ব প্ৰকাশক উত্ভট বৰ্ণনাৰ ৰীতি বিভিন্ন সাধন সম্প্ৰদায়ত প্ৰচলিত। সেইবোৰ প্ৰায় সাঁথৰৰ দৰে। চৰ্যাপদত আছে- 'ৰুখেৰ তেন্তেলি কুন্ভীৰে খাই' (গছৰ তেতেলি ঘঁৰিয়ালে খায়"। আমাৰ ভকতীয়া ফকৰা কিছুমানত আমি প্ৰহেলিকাৰ দৰেই ব্যৱহাৰ পাওঁ :
হাঁহে নিলে হাপাক খেদি
শিয়াল থাকিল চাই।
জুইশালৰ পোৰা মাছে
বোন্দাক পেলালে খাই।।
বা
'পানী মৰে পিয়াহত অগ্নি মৰে জাৰত'

এনেধৰণৰ অবাস্তৱ আৰু আপাত দৃষ্টিত অবান্তৰ চিত্ৰকল্পবোৰে ধৰ্মীয় তত্ত্ব বুজাওকেই বা নুবুজাওকেই - একোটা আকৰ্ষণীয় ৰহস্যময় ভাব মনলৈ আনি দিয়ে। সেইবিলাক জ্ঞান সন্ধানীৰ আধ্যাত্ম প্ৰহেলিকা বা শিশুৰ মনোজগতৰ বিচিত্ৰ অনুভূতি জগোৱা সাঁথৰৰ দৰে। কবীৰৰ ক্ষেত্ৰত সেইবোৰৰ বিস্তাৰ অলপ বেছি, ৰহস্যবাদৰ ইপাৰ সিপাৰে, দুয়োপাৰে সিহঁতৰ স্থিতি"।

শংকৰদেৱক চাৰিটা বাহু যুক্ত পোছাক চিলাই দিয়া বুলি জনাজাত চান্দসাঁইৰ লেখাখিনিত কবিৰৰ ভণিতা আছে। এনে কবিৰৰ ভণিতা থকা এটা গীত ভূপেন হাজৰিকাৰ কণ্ঠতো শুনা যায়। চুফি কবিতা গীতৰ প্ৰসাৰৰ আধাৰটো পুথি পাজি নহয়। কবীৰ নিজেই আছিল অনাখৰী। মানুহৰ মুখে মুখে চলি অহা গীত মাত আৰু চৰ্চাই ইয়াৰ আধাৰ। সেয়েহে লোকায়ত চৰ্চাৰ বহুখিনি সমলেৰে এই চুফি চিন্তাৰ বাটবোৰো সমৃদ্ধ হৈছে। প্ৰচলিত আন আন লোকগীত আৰু কাহিনী কথনৰ ধৰণ কৰণে আহি ইয়াত প্ৰতীকী ৰূপ পাইছেহি। ইহকাল আৰু পৰকালৰ দ্যোতনাটো দেখুৱাবলৈ গৈ কেতিয়াবা কোনো বিৰহীনী নাৰীৰ দৰে চুফিয়ে মাকৰ ঘৰলৈ মনত পেলাই কান্দিছে - যিখিনিয়ে বিবাহ সম্পৰ্কীয় পৰম্পৰাগত সাহিত্যৰ কথা মনলৈ পেলাব, তেনেকৈ কেতিয়াবা আকৌ নদীৰ ইপাৰ সিপাৰ কৰাবলৈ বুলি অহা নাৱৰীয়া কৃষ্ণৰ কথাও তেওঁলোকে কয়।

এই আলোচনাৰ প্ৰথম ভাগত অসমীয়া কবিতাত চুফি ভাৱনা সম্পৰ্কে আমি আগবঢ়োৱা কথাখিনি আঁসোৱাহপূৰ্ণ কাৰণ অসমলৈ চুফিবাদৰ আগমণ অথবা তৎভৱ কাব্যজিজ্ঞাসাৰ কথাখিনি পৰিহাৰ কৰি চলিছিলোঁ। চুফিবাদ বুলি নকৈ চুফি-ভাৱনা বুলি উল্লেখ কৰি সামান্য পাপ-খন্দনৰ চেষ্টা কৰি থ’লোঁ। কিন্তু চুফি-ভাৱনা বুলি সুফি কবিতাৰ পঠণ শ্ৰৱনেৰে আমি যেনেকৈ যি কেইটা চৰিত্ৰগত বৈশিষ্ট্যৰ কথা উল্লেখ কৰিলোঁ তাৰ আলমত আকৌ এবাৰ অসমীয়া কবিতাৰ গতিধাৰালৈ উভটি চালে জ্যোতিপ্ৰসাদৰ কৰ্মৰাজিতহে সেই সাধক বিপ্লৱীসকলৰ প্ৰেম, প্ৰকৃতিৰ ৰহস্যৰ পৰা এটা সামাজিক ক্ৰিটিক নিৰ্মাণলৈকে মৰ্মস্থ সত্বাটোৰ বিশাল ব্যাপ্তিৰ উমান দূৰণিবটীয়াকৈ হ’লেও অলপ পাব পাৰোঁ।

মোৰ গানত জ্বলে
          শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
          চিৰ দুখীয়াৰ
                   চিৰ পৰিত্ৰাণ৷
মোৰ গানত গুমৰি
          ভূঁইকঁপ কৰে
                   পৃথিৱীৰ নিৰ্ব্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
                   দুষ্কৃতি সাৱধান৷
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷
          প্ৰালয়িকী মোৰ জাগিছে ছন্দ
                   কৃতান্ত মূৰ্ত্তিমান
গানেৰে মই বিশ্বজীৱন
          কৰি আছোঁ আহ্বান৷



No comments: