নবীন কবি, নতুন কবিতা, তালিকা, সমালোচনা ইত্যাদি
"Emerging Artist" বা উদীয়মান
শিল্পী কথাষাৰৰ সন্দৰ্ভত কে'বাখনো আলোচনা সভাত উপস্থিত থকাৰ সৌভাগ্য ঘটিছিল। সেই সূত্ৰেই,
আৰু কৰ্মসূত্ৰে নিতে নিতে সন্মুখীন হ'বলগীয়া হোৱাৰ বাবেও এই কথাষাৰৰ আঁৰত থকা জটিলতাখিনি
সম্পৰ্কে আমি অৱগত। শিল্প আৰু সাহিত্যৰ পৰম, অমূল্য মৰ্যাদাখিনিক স্বীকাৰ কৰিও কেতিয়াবা
নিজৰ বুজিবৰ সুবিধাৰ স্বাৰ্থতেই হওক অথবা খতিয়ন ৰখা, ঐতিহাসিক সমীক্ষা প্ৰস্তুত কৰা
অথবা মূল্যায়ণ কৰিবৰ অৱলম্বন হিচাপেও আমি শ্ৰেণীকৰণ, শ্ৰেনীবিভাজন, পৰ্ব-নিৰ্ধাৰণ,
পৰ্বান্তৰকৰণ আদিৰ সহায় ল'বলগীয়া হয়। কিন্তু শিক্ষা আৰু বৌদ্ধিক চৰ্চাৰ অগ্ৰগতিৰ লগে
লগে এই সমূহ প্ৰক্ৰিয়াৰো সালসলনি অৱলীলাক্ৰমেই ঘটি গৈ থকাটো স্বাভাৱিক। অসমীয়া কবিতাৰ
ক্ষেত্ৰত কবিতাক লৈ নিষ্ঠাৱান কথোপকথন যেন কোনোবাখিনিত স্থবিৰ হৈ ৰৈ গ'ল। এয়া সততে
উঠা এটা অভিযোগ। অভিযোগটোৰ সত্যতা যে একেবাৰে নাই এনে নহয়, কাৰণ অসমীয়া কবিতাৰ চৰিত্ৰ
আৰু "মান" নিৰ্ণায়ক লেখা মেলা আৰু তেনে ধৰণৰ লেখা-মেলাৰ সমলসমূহ বিংশ শতিকাৰ
কিছুসংখ্যক কবিৰ ৰচনাতে আৱদ্ধ হৈ থকাটো উপেক্ষা কৰিব নোৱাৰি। এনে পৰিপ্ৰেক্ষিতত এই
সময়ত চৰ্চা কৰি থকা কমবয়সীয়া কবি সকল দিগভ্ৰান্ত হোৱাটো স্বাভাৱিক। তাতোকৈ ডাঙৰ কথা
- কোনোবাখিনিত স্বীকৃতিৰ প্ৰসংগটোও জড়িত হৈ আছে। এই সময়ত নিষ্ঠা সহকাৰে কবিতাৰ চৰ্চা
কৰি থকা কবিসকলক লৈ কাম কৰিব খোজা বিজয় বেজবৰুৱাৰ কিছু ভূমিকাই আমাক আপ্লুত কৰিছে আৰু
সেই সূত্ৰেই কিছু আলোচনা আগবঢ়োৱাটো যুগুত বুলি ভাবিলোঁ।
"সাম্প্ৰতিক কবি", "অতি-সাম্প্ৰতিক কবি", "নবীন কবি", "নতুন কবি", "নতুন প্ৰজন্মৰ কবি", "এই সময়ৰ কবি", "যুৱ-কবি", "উদীয়মান কবি", "একবিংশ
শতিকাৰ প্ৰথম দুটা দশকৰ কবি" - আদি বিভিন্ন ৰূপেৰে এচাম কবিৰ কথা উনুকিয়াবলৈ আমি মাজে
মাজে চেষ্টা কৰি থাকোঁ। এই আটাইকেইটা অভিধাৰে কিছু সীমাবদ্ধতা আছে এই কাৰণত যে ইয়াৰ
কোনোটোৱেই চূড়ান্তভাবে নিৰ্দিষ্টতাবাচক নহয়। অলপতে বেজবৰুৱাই ফে'চবুকত "অতিসম্প্ৰতি
অসমীয়া কাব্য সাহিত্যত যিসকল নবীন কবিয়ে নিষ্ঠা সহকাৰে কাব্যচৰ্চা অব্যাহত ৰাখিছে"
তেখেতেসকলৰ বিষয়ে কিছু জনমত সংগ্ৰহ কৰিবলৈ বিচাৰিছিল। প্ৰচেষ্টাটো যে শলাগনীয় তাত আমাৰ
দ্বিধা নাই। বহুকেইজনে নিজৰ সাধ্যানুসাৰে মন্তব্যও আগবঢ়াইছে। কিন্তু বাৰে বাৰে সকলোৱে
সন্মুখীন হোৱা সমস্যাটো হৈছে - "অতিসাম্প্ৰতিক নবীন কবি" নিৰ্ধাৰণ কৰাৰ মাপকাঠিটো
কি হ'ব? অথবা, তেনে কোনো ষ্টেণ্ডাৰ্ড বা সৰ্বজন-গ্ৰহণযোগ্য সামান্য একক মাপকাঠি থকাটো
কেনেবাকৈ সম্ভৱপৰ হৈ উঠিব নে নাই? যিখিনি কাৰকে বা দিশে এই কথাখিনিক বাৰে বাৰে খেলিমেলি
লগাই থাকে সেইখিনিৰ কথাই উল্লেখ কৰি কিছু দায়িত্বপুৰ্ণ দিশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ
বিচাৰিম।
ইমাৰ্জিং (Emerging) মানে যিটো ইমাৰ্জ হৈ আছে,
সম্পূৰ্ণকৈ হোৱা নাই। মাটি ফুটি ওলাইছে, এটা গজালি, কিন্তু গছ হৈ উঠাগৈ নাই। এটা সম্ভাৱনা।
কিন্তু সম্পূৰ্ণ হোৱা নাই। সম্ভাৱনা বুলি এইবাবেই কৈছোঁ কাৰণ এই গজালিটোৱেই এসময়ত এজোপা
গছ হ'বগৈ আমি ইতিমধ্যেই জানোঁ। কিন্তু সঁচাকৈয়ে জানো নে? এইখিনিতেই এটা সমস্যা থাকিল।
এই মাটি ফুটি ওলোৱা গজালিটোৱেই এসময়ত অমুক গছজোপা হ'বগৈ বুলি আমি কেনেকৈ জানিলোঁ? সেই
জ্ঞানৰ আধাৰখিনি কি কি? উদীয়মান বুলি কওতেও একেটাই কথা। উদয় হৈ আছে, হৈ আছে, হৈ আছে
- মানেটোৱেই হ'ল : হৈহে আছে। এটা উৎকণ্ঠা আছে, কিন্তু সম্পূৰ্ণৰূপে উদয় হোৱা নাই। নবীন
বোলোতেও গম পাইছোঁ যে সি প্ৰবীণ হৈ উঠা নাই। কিন্তু অৱলীলাক্ৰমেই আমি ধাৰণাটো লৈ লৈছোঁ
যে সি প্ৰবীণৰ বাটে বাট বুলিছে বা বুলিব। কিন্তু শিল্পৰ ক্ষেত্ৰত যদি শিল্পী ব্যক্তি
গৰাকীক গুৰুত্ব নিদি শিল্পবস্তুটোক গুৰুত্ব দিওঁ তেতিয়া? কেনেকৈ, কিহৰ আধাৰত গম পাম
যে ই উদীয়মান- উদিত নহয়, ই নবীন - প্ৰবীন নহয়, ই ইমাৰ্জিং - ইমাৰ্জড নহয়? তাৰ পাছৰ
সমস্যাটো হ'ল, কোনে নিৰ্ধাৰণ কৰিব এইখিনি কথা? কোনে কিহৰ ভিত্তিত কিহৰ কৰ্তৃত্ব বা
কিহৰ বশ্যতাত নিৰ্ধাৰিত হ'ব এইখিনি কথা? এজেন্সী কোনখিনি?
মেথ'ড'ল'জিকেল কুৱেশ্বন
(Methodological Question) বা পদ্ধতিবিধিৰ প্ৰশ্নখিনিক বাদ দিলে আমি সদুত্তৰ কোনোদিনেই
নাপাম অথবা এইবোৰ কথা পাতিবলৈ আগলৈ কোনো বাটেই নাথাকিব। "আপুনি বয়স হৈলে বুদ্ধি
হৈব ভাল" এষাৰ আপ্তবাক্য আৰু ইয়াৰ সত্যতা সন্দেহাতীত বুলি বহুতেই ভাবে। কিন্তু
সকলো সময়তে ই সত্য নহ'বও পাৰে। কবিতা পুৰঠ হ'বলৈ সময় লাগে। সঁচা। কিন্তু এই সময়ৰ ধাৰণাটো
মানুহৰ বয়সৰ ক্ষেত্ৰত থকা সময়ৰ ধৰণাটোৰ সৈতে যুগপৎ থিয় কৰিব পৰা নহ'বও পাৰে। এটা যুক্তিয়ে
এনেকৈয়ো কয় যে বয়সৰ লগে লগে কবি এজনৰ কবিতাই পূৰ্ণতা বা পৰিপক্কতা (Maturity) পোৱা
ধাৰণাটো একান্তই "আধুনিকতাবাদী" - যিটো উত্তৰ-আধুনিকতাবাদে ইতিমধ্যেই বহুবাৰ
খণ্ডন কৰি থৈছে। মানসিক ভাবে, বৌদ্ধিক ভাবে, সৃষ্টিক্ষমতাৰ দিশেৰে এজন শিশুতকৈ এজন
পূৰ্ণ বয়স্ক লোক যে সকলো সময়তে আগবঢ়া হ'ব তাৰ কোনো মান্যতা নাই। ডাৰুইনৰ ক্ৰম-বিবৰ্তনবাদ
কাব্যচৰ্চাৰ উত্তৰণৰ সৈতে খাপ নাখাবও পাৰে। কবিতাতো আৰু মূৰৰ ছুলি নহয় যে বয়স হ'লেহে পকিব! উদাহৰণ দিবলৈকো বিশেষ অসুবিধা নহ'ব। আমি পোন্ধৰবছৰীয়া উদীয়মান কবিও দেখা পাইছোঁ, চল্লিশ বছৰীয়া উদীয়মানকো তেনেকৈয়ে পাইছোঁ। কবি হীৰেণ
ভট্টাচাৰ্যৰ আগবয়সৰ কবিতা কেঁচা আৰু শেষ বয়সৰ কবিতা পকা বুলি ক'বৰ সাধ্য আমাৰ আছেনে?
হীৰুদাৰ গূণানুকীৰ্তন কৰি যিখিনি কবিতা সচৰাচৰ মানুহে উল্লেখ কৰা দেখোঁ সেইখিনিৰ বেছিভাগেই
দেখোন আগবয়সৰেই ৰচনা! "ভুলতে তোমাক বিছনাখনত খেপিয়াই ফুৰিছিলোঁ; তুমি যে পৰ্বতটোৰ
নামনিত তিলফুল হৈ হালি-জালি ফুলি আছা" বুলি লিখিবলৈ নীলমণি ফুকনে শেষ বয়সলৈকে
অপেক্ষা কৰিব লাগিছিল নেকি? তেনেই কম বয়সতে ঢুকোৱা জ্যোতিপ্ৰসাদ আৰি লক্ষ্মীধৰ শৰ্মাৰ
জিনিছবোৰক দেখোন নবীন লেখকৰ ডাঁহেচীয়া লেখা বুলিয়েই আমি সামৰি থ'ব লাগিছিল। নবীন, নতুন,
উদীয়মান এইবোৰ আখ্যা দূৰতে থাওক, "শোণিত-কুঁৱৰী" দেখোন চৈধ্য বছৰীয়া চেঙেলীয়া
এটাইহে লিখিছিল।
ফেচবুকৰ "আখৰুৱা" দলত সমালোচনা
সাহিত্য সম্পৰ্কীয় এলানি লেখাৰ আঁত ধৰি এটা পৰীক্ষামূলক পদ্ধতিৰে নৱকান্ত বৰুৱাৰ
"বুৰঞ্জী" নামৰ কবিতাটোৰ পাঁচ ধৰণৰ সমালোচনা আগ বঢ়াই আহিছোঁ। ২০০২ চন মানতে
সেই কবিতাটোৰ আধাৰত আমি এলানি নাটকীয় পৰিবেশনা কৰিছিলোঁ। সেই তাহনিৰে পৰাই, মানে পোন্ধৰ
বছৰৰো অধিক কাল ব্যক্তিগতভাবে সেই কবিতাটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। এতিয়া ৰূপগত
(আৰু বস্তুনিষ্ঠ), ঐতিহাসিক, উত্তৰ-আধুনিক, নাৰীবাদী আৰু সমাজ-তত্ত্বিক - এই পাঁচধৰণেৰে
কবিতাটোৰ বিশ্লেষণ কৰিবলৈ গৈ বাৰে বাৰে কবিতাটোৰ প্ৰেমত আকৌ পৰিছোঁ। কিন্তু কবিতাটো
১৯৪৭ চনত যেতিয়া লিখা হৈছিল তেতিয়া কবিৰ বয়স ২১ বছৰ, স্নাতক পৰ্যায়ৰ ছাত্ৰ। তেনেহ'লে
তাক কলেজীয়া ডেকা ল'ৰাৰ কবিতা বুলি, অথবা নবীন কবিৰ "সম্ভাৱনাপূৰ্ণ" কবিতা
বুলিহে চাব লাগিছিল নেকি?
এই গোটেইখিনি কথাই আমাক এইটোৱেই সঁকিয়াই
দিয়ে যে শিল্প সাহিত্যৰ ক্ষেত্ৰত "বায়'ল'জিকেল বয়স" নবীন-প্ৰবীণ নিৰ্ধাৰণৰ মাপকাঠি নহয়। কিন্তু তাৰ পিছতো আমাৰ
সুবিধাৰ্থে সেয়া কৰিব লগা হয়। প্ৰভাত বৰাদেৱে "আশীৰ পৰৱৰ্তী কবিতা" লিখিছিল,
অৰিন্দম বৰকটকীদেৱেও এই সময়ত জন্ম হোৱা কবি সকলৰ কবিতা সংকলিত কৰিছিল, অসমীয়া সাহিত্যৰ
বুৰঞ্জীতো এম কামালুদ্দিন আহমেদে "অসমীয়া কবিতা (১৯৯৩-২০১০)" সমীক্ষাটোত
কবিৰ জন্মৰ চন ধৰি কথাখিনি আগবঢ়াইছিল। অন্যথা, ঐতিহাসিক বা কালভিত্তিক সমীক্ষা এটা
যুগুত কেনেকৈ কৰিম? কবিৰ প্ৰকাশিত পুথি এক অনন্য নীতিসিদ্ধ বা প্ৰামাণ্য মাপকাঠি হ'ব
পাৰে। কিন্তু অসমৰ দৰে এখন দেশত য'ত কবিতাৰ পুথি প্ৰকাশ কৰাটো এটা যন্ত্ৰনা (পদ্ধতি,
ব্যৱসায় - সকলো ফালৰ পৰা) - তাত প্ৰকাশিত কিতাপৰ নাম/ তাৰিখ/ তথ্য আদিক প্ৰামাণ্য হিচাপে
গ্ৰহণ কৰাটো সদুচিত প্ৰথা হ'ব পাৰেনে? নিজৰ কিতাপ প্ৰকাশ কৰিবলৈ অনীহা প্ৰকাশ কৰা লাজকুৰীয়া
অথবা প্ৰচাৰবিমুখ কবি সকলৰ কথা নক'লোৱেই বা। সমস্যাটোৰ আঁত ধৰি ইচ্ছা কৰিলে হিন্দীত
প্ৰচলিত প্ৰবাদ "হাবিত ম'ৰাই নাচিলে কোনেনো দেখা পালে" অথবা "হাবিত
গছ এজোপা বাগৰি পৰিল কিন্তু তাৰ শব্দটো যদি কোনেও নুশুনিলে গছজোপা আচলতে বাগৰি পৰিছিল
নে নপৰিছিল" বোলা সেই জটিল দাৰ্শনিক সাঁথৰটোলৈকে উজাই গৈ থাকিব পাৰি। কবিতাৰ কিতাপ প্ৰকাশ কৰিবলৈ আগ্ৰহী
উদ্যোগী উৎসাহী কবি সকলৰ ক্ষেত্ৰতো কিতাপ এখন প্ৰকাশ কৰাৰ ক্ৰাফট-টোৰ সম্পৰ্কে থকা
অজ্ঞতা আৰু প্ৰকাশকৰ কিউৰেচন সম্পৰ্কীয় জ্ঞান শূণ্যতাৰ কথানো আৰু কি ক'ম? নীলমণি ফুকনে
কবি হিচাপে স্বীকৃতি লভিছিল আৰু ভবেন বৰুৱাৰ দৰে সমালোচকে তেখেতক এক নিৰ্দিষ্ট আসনত
অৱতীৰ্ণ কৰিছিল যেতিয়া - তেতিয়ালৈকে কবিৰ এখনো কিতাপ প্ৰকাশ হোৱাই নাছিল। তেনেহ'লে
তাৰ পাছত আৰু এটা পদ্ধতি থাকিল- কাকত আলোচনীত প্ৰকাশ হোৱা কবিতাৰে সময়ৰ হিচাপত এটা
খতিয়ন ৰাখিবলৈ চেষ্টা কৰাটো। কিন্তু "প্ৰান্তিক"লৈ পঠোৱা কবিতা এটা ডেৰ-বছৰ
দুবছৰ পাছতো প্ৰকাশ হ'ব পাৰে বুলি শুনিছোঁ। আনহাতে কবিৰ নিজৰ ফালৰ পৰাও বিলম্ব হয়।
আমি নিজেই আজিৰ তাৰিখত প্ৰকাশৰ বাবে পঠোৱা কোনোবাটো কবিতা হয়তো পোন্ধৰ বা বিশ বছৰৰ
আগতেই লিখা। এতিয়া এইটো সমস্যাক কি বুলি ক'ম? ১৯৯৫ চনৰ কবিতা এটা যদি আজি ২০১৭ চনত
প্ৰকাশ কৰোঁ (সাধাৰণতে কবি এটা লিখি লগে লগেই আমি প্ৰকাশলৈ নপঠাওঁ) সেই কবিতাটোক বিংশ
শতিকাৰ শেষৰ ফালৰ কবিতা বুলি ক'ম, নে একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিতা বুলি ক'ম? এইবিলাকেই
হ'ল মহা পয়মালৰ ঘটনা। বুইছে?
এতিয়া উদীয়মান/নবীন vs প্ৰতিষ্ঠিত/প্ৰবীণৰ যি দ্বিৰথ বিৰোধ - সেয়া আহে স্বীকৃতিৰ ধাৰণাটোৰ পৰা। কবি এজনক আমি কেতিয়া লাব্ধ-প্ৰতিষ্ঠ
বুলি ক'ম? এই ক্ষেত্ৰত বয়স এটা ফেক্টৰ যদিও সি যে গণ্ডগোলীয়া সেইটো ইতিমধ্যেই সবিস্তাৰে
কৈ আহিছোঁ। বাকী কাৰকবোৰ হয়তো হ'ব - প্ৰকাশিত কিতাপৰ সংখ্যা, বঁটা-বাহন, সমালোচকৰ দৃষ্টি
আকৰ্ষণ আৰু 'জনপ্ৰিয়তা' আদিবোৰেই সম্ভৱত: মাপকাঠি। কথা হ'ল কবিক পুৰষ্কাৰ কোনে দিয়ে?
এটা এজেন্সীয়ে দিয়ে। অমুক আলোচনীখনৰ মান্যতা অমুকখনতকৈ বেছি বুলি আমি কিহৰ ভিত্তিত
মানো? "প্ৰান্তিক"ত কবিতা প্ৰকাশ হোৱাটোক সকলোৱে গুৰুত্ব সহকাৰে লয়। আমাকো
মানুহে চিনি পাইছিল প্ৰান্তিকৰ পাতৰ পৰাই। কিন্তু হাস্যকৰ কথাটো হ'ল - প্ৰান্তিক সাহিত্য
আলোচনী নহয়েই, নিউজ-লেটাৰহে। আনকি কবিতা এটাৰ কলেৱৰে বিচৰা স্থানিক সৌন্দৰ্যখিনিকো (থেপাথেপি টাইপ-ছেটিঙত) কেতিয়াবা প্ৰান্তিকে মৰ্যাদাই নিদিয়ে। তেন্তে? বঁটাৰ ক্ষেত্ৰতো অমুক বঁটাটো তমুক বঁটাতকৈ
মূল্যবান বুলি কিহৰ ভিত্তিত মানো? বাৰু, কবিৰ আচল পুৰস্কাৰ পাঠকহে। মানি ল'লোঁ। কিন্তু
এই 'পাঠক' ধাৰণাটোও এটা এজেন্সীয়েই। এই পাঠক কেনেকৈ তৈয়াৰ হয়? কোনে তৈয়াৰ কৰে? তাৰ
মাধ্যমবোৰ কি কি? স্থানান্তৰত এইখিনি কথাও বহলাই পতিম। কিন্তু কবিৰ স্থান নিৰূপণৰ আৰু এটা
দিশ আছে যিটো বাহিৰৰ পৰা নহয়, বৰঞ্চ কবিৰ নিজৰ মাজৰ পৰাই আহে। আপুনি যদি এজন কবি, নিজৰ
বায়'ডাটা লিখিবলৈ দিলে আপুনি নিজকে উদীয়মান বুলি উল্লেখ কৰিব নে লব্ধ প্ৰতিষ্ঠ বুলি
উল্লেখ কৰিব? অলপতে এখন আলোচনী সম্পাদন কৰাৰ সময়ত লেখকক নিজৰ বিষয়ে দু-আষাৰ লিখিবলৈ
অনুৰোধ জনাওতে দেখিছিলোঁ এগৰাকী লেখিকাই নিজকে জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত লেখক হিচাপে
উল্লেখ কৰিছে, অন্য এটা সংকলনৰ সময়ত তাতকৈ বয়স্ক এজনে নিজকে চৰ্চাৰ প্ৰতি উদ্যোগী
(উদীয়মান অৰ্থত) বুলি উল্লেখ কৰিছিল। এই বয়সতো, আৰু এনে বিপুল স্বীকৃতিৰ পিছতো নীলমণি
ফুকনদেৱে কোৱা শুনোঁ তেখেতে লিখিব খোজা কবিতাটো হেনো আজিও লিখা হৈ উঠা নাই। সেই ফালৰ
পৰা নীলমণি ফুকনক আচলতে এজন সম্ভাৱনাশালী উদীয়মান কবি বুলিয়েই কোৱা উচিত। গতিকে কবিৰ
নিজৰ মুখৰ কথাত পতিয়ন যাব নোৱাৰি। তেন্তে স্বীকৃতি বস্তুটো আহিব লাগিব বাহিৰৰ পৰা।
কিন্তু বাহিৰৰ পৰা দিব কোনে? কোনে ঘোষণা কৰিব নিজৰ কৰ্তৃত্ব? কিহৰ ভিত্তিত? এই Authority আৰু Agency সম্পৰ্কীয় কথাবোৰ আৰু প্ৰশ্নবোৰ ইমান দিন ধৰি অসমৰ সাহিত্যৰ পৰিমণ্ডলত ইমান দিনে উহ্য আছিল। এতিয়া নতুন পুৰুষেই সেইবোৰ কৰিব লাগিব।
এতিয়ালৈকে আলোচনাখিনিত বহুত ধৰণৰ প্ৰশ্ন
উত্থাপন কৰা হ'ল। আমাৰ হাতত প্ৰশ্ন হে আছে। উত্তৰ নাই। বহু সময়ত কথাবোৰ এনে হয় যে প্ৰশ্নবোৰেই
বেছি গুৰুত্বপূৰ্ণ। উত্তৰবোৰ নহয়। উত্তৰ নাই বুলি জানিও কিছুমান প্ৰশ্ন বাৰে বাৰে কৰি
থকাটো জৰুৰী। উত্তৰ পালেও উত্তৰবোৰ পুৰণি হৈ যায়। প্ৰশ্নবোৰ নহয়।
"অতিসম্প্ৰতি অসমীয়া কাব্য সাহিত্যত
যিসকল নবীন কবিয়ে নিষ্ঠা সহকাৰে কাব্যচৰ্চা অব্যাহত ৰাখিছে" তেওঁলোকৰ নাম বিচাৰি
বিজয় বেজবৰুৱাই দিয়া 'আপডেট'টোত যিসকল ব্যক্তিয়ে মন্তব্য কৰিছে তেওঁলোকক হয়তো ওপৰৰ
আলোচনাখিনিয়ে কিবাকিবি ভাবিবলৈ সুৰুঙা দিব। বেজবৰুৱাই 'প্ৰিয় কবিৰ' নাম বিচৰা নাই যদিও
স্বাভাৱিকতেই বহু কেইজনে প্ৰিয় কবিৰ নাম উল্লেখ কৰাটো স্বাভাৱিক। কিন্তু এনেবোৰ ক্ষেত্ৰত
ল'বলগীয়া এটা সাৱধানতাৰ কথা থাওকতে উল্লেখ কৰি থওঁ। আমাৰ ওপৰৰ আলোচনাই একো কথাই স্পষ্টকৈ
নকয় যদিও এষাৰ কথাৰ ইংগিত দিয়ে যে - নবীন, প্ৰবীন আদি শ্ৰেণীবিভাজনবোৰ আমি আমৰ বিশেষ
সুবিধাৰ বাবেহে কৰি ল'ব লগীয়া হয়, এইবোৰৰ কোনো নিৰ্দিষ্ট বা পৰম মাপকাঠি নাই। চূড়ান্ত
বিচাৰত কবিতা এটা কবিতা। সি স্ব-মহিমাৰে আপোন মৰ্যাদাৰেই থিয় দি থাকিব। হয়তো স্থান
কাল উধাই গৈ থাকিব পৰাৰ ক্ষমতাও ৰাখিব। এনে পৰিপ্ৰেক্ষিতত নবীন কবিৰ কবিতাই নবীন হোৱাৰ
স্বাৰ্থতেই (বয়স, খ্যাতি, স্বীকৃতি যিয়েই নহওক কিয়) 'সহানুভূতি ভোট' (Sympathy
Vote) নাপাওক। অসমৰ সাংস্কৃতিক পৰিমণ্ডলত এই 'সহানুভূতি ভোট' বস্তুটো বৰ দ-কৈ শিপাই
আছে। বহুকাল আগতেই "অ' আমাৰ জাহ্নু বৰুৱা" নামৰ লেখা এটাত কৈছিলোঁ কেৱল জাহ্নু
বৰুৱাই নিৰ্মাণ কৰা বাবেই, অসমৰ মানুহ বুলিয়েই, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বুলিয়েই
তেখেতে নিৰ্মাণ কৰা বেয়া চিনেমা এখনকো ভাল চিনেমা বুলিবলৈ আমি অপাৰগ। "আই ঐ দেহী"
নতুন কম বয়সীয়া লেখকে লিখিছে বুলি পুতৌ আৰু সহানুভূতিৰে কবিতাৰ বিচাৰ নহওক। এটা সময়
আছিল যেতিয়া গাঁৱে ভূঞে গঢ় লোৱা উদ্যোগ এটাক কেৱল উদ্যোগটোক উৎসাহিত কৰাৰ স্বাৰ্থতেই
ভালে বেয়াই শলাগিবলগীয়া হৈছিল। কাৰণ তেতিয়া সমল, কেঁচা-মাল, প্লেটফৰ্ম আদি সকলোৰে অভাৱ
আছিল। কিন্তু বিশ্বায়ণৰ পিছত, প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ৱ পৰিৱৰ্তনৰ পিছত কথাবোৰ একে
হৈ নাথাকিল। কবিতাৰ ক্ষেত্ৰত যে সেই পুতৌ আৰু সহানুভূতিৰ আৰু বেছি স্থান নাই। হাতে
হাতে মোলাইল ফোন, ফোনে ফোনে ইণ্টাৰনেট। পবলো নেৰুদা, গাৰ্থিয়া লৰ্কাৰ পৰা ৱাছুলৈকে
বিশ্বৰ সমস্ত প্ৰান্তৰ সমস্ত সময়ৰ কবিৰ কবিতা just a click away. কবিতা এটা বিছাৰি
কোনো অৰু চহৰলৈ ঢাপলি মেলিবও নেলাগে, লাইব্ৰেৰী খুছৰিবগৈয়ো নেলাগে। কবিতাৰ বাবে অনুপ্ৰেৰণা,
ৰেফাৰেন্স- আদি সকলোবোৰ সুলভ হৈ আহিছে আৰু তাক নতুন পুৰুষে সদৰ্থক বা ইতিবাচক ভাবে
ব্যৱহাৰো কৰিছে বুলি আমি ভাবোঁ। গতিকে সহানুভূতিৰ "আই ঐ দেহী"টোৰে নহয়, কবিতাক
কবিতাৰ মৰ্যাদাৰেই চোৱা হওক।
বিজয় বেজবৰুৱাৰ কিছুমান উদ্যোগ আৰু
মনযোগে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমি বহু পুথি-পাজি পঢ়োঁ বুলি কিছু লোকৰ ধাৰণা আছে।
কথাষাৰ সঁচা নহয়। আটাইতকৈ নিষ্ঠা সহকাৰে ফে'চবুককেই পঢ়োঁ। কিবা ভাল দেখিলে মানে মাজে
টুকি থওঁ। তেনেকৈয়ে গ্ৰন্থমেলা চলি থকা কালত বিজয় বেজবৰুৱাই দিয়া এটা আপডেটো টুকি থৈছিলোঁ।
সেয়া হ'ল -
"কালি গ্ৰন্থমেলাত শেহতীয়া অসমীয়া কবিতাৰ সমালোচনামূলক
গ্ৰন্থ বিচাৰি ঘূৰিলোঁ৷ কিন্তু এখনো নাপালোঁ৷ এটা প্ৰকাশনত অৰিন্দম বৰকটকীৰ "অনুশীলন"খন
পাই তাকেই কিনি আনিলোঁ৷… কিতাপখনৰ আলোচনা মহিম বৰা, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি
ফুকন, হৰেকৃষ্ণ ডেকাকে আদি কৰি এঘাৰজন কবিৰ কবিতে সীমাবদ্ধ৷ অৱশ্যে বিদ্ৰোহীৰ কবিতা
হিচাপে ৰাজেন্দ্ৰনাথ শৰ্মা, কবিৰঞ্জন শইকীয়া আৰু মেগন কছাৰীৰ কবিতাৰো সমালোচনা লেখকে
কৰিছে৷ এই কবিকেইগৰাকীৰ কবিতা সম্পৰ্কে ইতিমধ্যে কম-বেছি পৰিমাণে আলোচনা হৈছে বিভিন্ন
কাকত-আলোচনীত৷ বৰকটকীয়েও খুব সুন্দৰভাৱে আলোচনা কৰিছে৷ কিন্তু অতিসম্প্ৰতি জনপ্ৰিয়
আৰু প্ৰতিষ্ঠিত কবিসকলৰ কবিতাৰ সমালোচনাত্মক গ্ৰন্থৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিছো৷
এই সম্পৰ্কীয় গ্ৰন্থ যদি কোনোবাই প্ৰকাশ কৰিছে, অনুগ্ৰহ কৰি জনালে উপকৃত হ'ম৷"
বেজবৰুৱা কোনখিনি বিষয়ক লৈ উদ্বিগ্ন
সেয়া এইখিনিতেই বুজা যায়, আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল সেই উদ্বিগ্নতা প্ৰকাশতে ক্ষান্ত
নাথাকি হাতে কামে কিছু কৰিবলৈ তেওঁ আগবাঢ়ি অহিছে। দুদিনমান আগতে নৱবৰ্ষৰ উপহাৰ হিচাপে
তেওঁৰ "আপোনাৰ ভালনে আৰু অন্যান্য কবিতা" কিতাপখন আৰু "অন্তৰীপ"
(কবিতা বিশেষ) সংকলনখন হাতত পৰিলেহি। নবীন-প্ৰবীণ যিমানখিনি কবিৰ কবিতা তেখেতে সাঙুৰিছে,
আৰু তাতোকৈয়ো ডাঙৰ কথা, যেনেকৈ নিয়াৰিকৈ সজাই পৰাই উলিয়াইছে তালৈ চাই গম পোৱা যায় যে
এই সময়ত তেওঁ অগ্ৰসৰ হোৱা সাম্প্ৰতিক সময়ৰ কবিতাৰ সমালোচনামূলক কামটোৰ পৰাও আমি বহুত
কিবাকিবি পাম।
আমি ঈৰ্ষাপৰায়ণ। আনে ভাল কাম কৰা দেখিলে ঈৰ্ষা হয়। বিজয় বেজবৰুৱাৰ মাথাটো
অলপ ঘোলা কৰি দিওঁ বুলিয়েই ওপৰৰ আলোচনাখিনি কৰিলোঁ।
No comments:
Post a Comment