"কোন
কালিন্দীৰ ধলে মাতে"
চামচুল
হক
প্ৰকাশক:
পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিচিং
প্ৰথম
প্ৰকাশ: নৱেম্বৰ, ২০১৬
বেটুপাত:
সঞ্জীৱ বৰা
অংগসজ্জা:
মৃণাল আকাশ মেধি
মূল্য:
৮০.০০ টকা
অসমীয়া
কবিতাত লীৰিকেল ধৰ্ম এটা অতীজৰে পৰাই বিদ্যমান। চামচুল হকৰ কবিতাৰ ক্ষেত্ৰত এই কথাষাৰ
বিশেষভাবে ক’বলগীয়া হয় কাৰণ তেওঁৰ প্ৰত্যেকটো কবিতাতেই অন্তৰস্থ সুৰ এটাই আহি এনেকৈ
ধৰা দিয়েহি যে কবিতা পঠণৰ পিছতো বহু সময়লৈকে সেই সুৰটোৱে পাঠকক আছন্ন কৰি ৰাখে। প্ৰথম
পঠনতে কোনোটো কবিতাৰ সৈতে যদি পাঠক সংযোগ স্থাপনত অক্ষমো হয়, এটা আভ্যন্তৰীণ সুৰে গুণগুণণি
নোতোলাকৈ কিন্তু নেৰে। অসমীয়া কবিতাৰ যাত্ৰাপথৰ দুটা মাইলৰ খুটা সদৃশ হীৰেণ ভট্টাচাৰ্য
আৰু নীলমণি ফুকণৰ কবিতাৰ নিহিত লীৰিচিজমে সমসাময়িক অসমীয়া কবিতাৰ গঢ় গতি বহু পৰিমাণে
নিৰ্ধাৰণ কৰিছে। সেই আওতাত থাকিও চামচুল হকৰ কবিতাই এটা নিজস্ব সুৰ বহন কৰে আৰু সেই
সুৰ নিৰ্মাণত কবিৰ নৈপুণ্য আৰু পৰিপক্কতা শলাগনীয়। একে সময়তে কবিতা এটাৰ কলেৱৰ বা দেহনিৰ্মাণৰ
বেলিকা আৰু তাৰ লগতে প্ৰাত্যহিক নাগৰিক জীৱনৰ একো একোটা প্ৰপঞ্চক উপজীৱ্য কৰি লোৱাৰ
দিশটোত চামচুল হকৰ কবিতাই নৱকান্ত বৰুৱাৰ কাব্যভাষালৈ উজাই যায়। কিন্তু এই সকলোৰে উৰ্দ্ধত
চামচুল হক আধুনিকতা চেৰাই আহি থিয় দিয়া এই সময়ৰ এজন স্বতন্ত্ৰ কবিসত্বা – এই কথা তেখেতৰ
সদ্য প্ৰকাশিত “কোন কালিন্দীৰ ধলে মাতে” নামৰ কাব্যগ্ৰন্থখনেই সিদ্ধ কৰে।
অন্তৰ্নিহিত
এই সুৰটোৰ বাহিৰেও চামচুল হকৰ কবিতাত আৰু কেইটামন বিশেষ বৈশিষ্ট্য আমৰ চকুত পৰিছে যাৰ
বাবে তেখেতৰ কবিতাই আমাৰ মন টানিছে, আৰু সমসাময়িক অসমীয়া কবিতাৰ পৰিপ্ৰেক্ষিতত সেই
বৈশিষ্ট্যখিনিৰ বিষয়ে কথা পতাটো প্ৰয়োজনীয়। অসমৰ আকাশ বতাহ আৰু প্ৰকিতিৰে লালিত পালিত
হ’লেও চামচুল হকৰ এক বুজন সংখ্যক কবিতাৰ প্ৰেক্ষাপট – নাগৰিক। স্বাধীনতা উত্তৰ কালৰ
অসমীয়া কবিতালৈ নাগৰিক উপাদান কঢ়িয়াই আনিবলৈ একাংশ কবিয়ে চেষ্টা কৰিছিল যদিও সামগ্ৰিক
ভাবে অসমীয়া কবিতাৰ গ্ৰাম্য চহাজীৱনৰ সুৰটোৱেহে বেছিকৈ প্ৰাধান্য পোৱা দেখা যায়। অসমৰ
ভৈগলিক স্থিতি আৰু পাৰিপাৰ্শ্বিকতালৈ চাই প্ৰকৃতিৰ সান্নিধ্য কবি মানসত প্ৰতিফলিত হোৱাটো
স্বাভাৱিক। লগতে আৰ্থ সামাজিক পটভূমিৰেও অধিকাংশ গাঁও আৰু মফস্বলীয় জীৱন-যাত্ৰাই আগুৰি
থকা কথাষাৰো নুই কৰিব নোৱাৰি। কিন্তু গ্ৰাম্য উপাদান আৰু “মাটিৰ গোন্ধ”ৰ প্ৰকট প্ৰতিফলনে
একধৰণৰ আধুনিকতাবাদী অতীতমুখিতাকো দৰ্শায়। কাব্যচৰ্চাত গ্ৰাম্য উপাদানৰ পয়োভৰ এটা সময়ৰ
পিছত এক ধৰণৰ ক্লীছেত পৰিণত হোৱাৰ কথাষাৰ আমি অন্যত্ৰ পাতিছোঁ। এই সমূহৰ পৰা চামচুল
হকৰ কবিতা সম্পূৰ্ণৰূপে মুক্ত। চামচুল হকৰ ঘৰটো নগৰীয়া মধ্যবিত্তৰ ঘৰ। চামচুল হকৰ কবিতাৰ
আলহীজন নগৰীয়া মধ্যবিত্তৰ ঘৰৰ আলহী। পথাৰ, ধান, শইচ আদিতে আৱদ্ধ থাকাৰ পৰিৱৰ্তে চামচুল
হকৰ কবিতাৰ বিষয় হৈ উঠে গাড়ী। নগৰীয়া জীৱনৰ খুতি নাটি আৰু সৰু সুৰা অভিজ্ঞতাবোৰেই তেখেতৰ
কবিতাত উপজীব্য হৈ ধৰা দিয়াটো এটা মন কৰিবলগীয়া বৈশিষ্ট্য।
বনেটখন
দাঙি চালেহে দেখি
সৰু পাংখাখনে
কিদৰে
কৃত্ৰিম
মৰমৰ বা ছটিয়াই
ইঞ্জিনটোক
ঠাণ্ডা কৰিবলৈ চেষ্টা কৰিছে
(গাড়ীখনৰ
মালিতা)
বাহিৰত
থাকি যিদৰে ভিতৰলৈ ভুমুকি মাৰোঁ
সেইদৰে
ভিতৰত থাকি আমনি লাগিলেও
হোটেললৈ
আহি চাহ একাপকে খাওঁ
এইদৰে
ভিতৰ-বাহিৰ
বাহিৰ-ভিতৰ।
(ভিতৰ-বাহিৰ
বাহিৰ-ভিতৰ)
থোৱা
এইখন পাজল
চাহৰ
পিয়লাত মুখ দিওগৈ ব’লা
জেৰক্স
কৰি লওঁ দৰকাৰী পতকেইখিলা
(বাট
বিচৰাৰ খেল)
এইখনেই
নাগপুৰ
কেউফালে
ধোঁৱা আৰু ধোঁৱা
নাহৰক
সুধিলোঁ
পদ্মাৰ
কোনো ফোন নাম্বাৰ আছে নেকি
সিওচোন
আমালৈ পিঠি দি থাকিল
(পৰিব্ৰাজকৰ
দিনলিপি এখিলা)
লগতে
মন কৰিব লাগিব যে কেৱল বিষয়বস্তু অথবা উপজীব্যখিনিহে যে নাগৰিক তেনে নহয়, কবিৰ দাৰ্শনিক
ভাৱনাকো নিয়ন্ত্ৰণ কৰিছে এই নাগৰিক চেতনাই – য’ত সকলো বস্তু, বস্তু হৈ উঠিছে, আৰু তেনেকৈয়ে
মানৱ সত্বাও “বস্তু” হৈ উঠিবৰ উপক্ৰম হৈছে। যি কোনো অস্ত্বিত্বৰ ক্ষণভঙ্গুৰতা সম্পৰ্কে
এটা ভাৱনাৰ দৰ্শন কবিৰ কবিতাৰ মৰ্মস্থলত ৰৈছে। হয়তো হেৰাক্লাইটাছৰ দৰে, বুদ্ধৰ দৰে
কবিৰো দৰ্শনৰ ভিত্তি – Impermanence, কবিয়েও স্বীকাৰ কৰি লৈছে সকলো অস্ত্বিত্বৰে অৱসান
ঘটে আৰু স্বাস্বত বুলি একো নাই।
…মাটিৰহে
পাত্ৰ
কোনো
বীমাকাৰকে মূৰ পাতি নলয়
সময়ত
হ’বগৈ পৰা ক্ষতি
এনেকৈ
হাজাৰটা ফুটা ওলোৱাৰ কথা
আছিলেই
যদি
কিয়নো
সাঁচিছিলি আঠাঘন মিঠৈ
কিয়নো
সাজিছিলি খোলাকটিৰ ভঁৰাল…
(কিনো
সাঁচিছিলি অ’ জৰৌৰৱা)
সেই সীমাটো
কোনেও খুচিমতে
দীঘল
কৰি ল’ব নোৱাৰে
সকলো
পচনশীল বস্তু এদিন ভেঁকুৰে
টেঙা
হয়
উকলি
যোৱা তাৰিখটো
উকা চকুৰে
নেদেখিলেও বা মন নকৰিলেও
প্ৰত্যেকটো
বস্তুৰ ওপৰত
(উকলি
যোৱা তাৰিখ)
ৰাখোঁ
বুলি ৰাখিব নোৱাৰি কোনো বস্তু যুগমীয়া কৰি
(সৰ্ববস্তুবাদিতাৰ
চৰিত কথা)
কিন্তু
এই প্ৰাত্যহিকতাৰ অনুষংগখিনিৰ মাজেৰেই কবিয়ে জীৱন জগতৰ প্ৰতি চেতনাৰ অন্য এটা দ্যোতনা
তৈয়াৰ কৰিবলৈ সক্ষম হৈছে যিটো আমি পাছলৈ দেখুৱাম। ইয়াৰ ফলতে কবিতাখিনি নিচক খুহুতীয়া
বৰ্ণনাৰ পৰ্যায়তে ৰৈ থকা নাই। কিন্তু বৰ্ণনৰ বেলিকা বহু সময়ত জীৱন মৃত্যু, মহাজগত আৰু
মহাজীৱন আদি বিৰাট পৰিসৰলৈ প্ৰসাৰিত কৰি কথা পতাৰ পৰিৱৰ্তে কবিয়ে বচি লৈছে কিছুমান
ক্ষুদ্ৰত্বৰ মাজেৰেই দাৰ্শনিক বীক্ষা প্ৰকাশ কৰিবলৈ। এই ক্ষণস্থায়িত্বৰ ভাৱনাৰ মাজত
কিন্তু কোনো ক্ৰন্দন নাই, অস্থিৰতা নাই, উদ্বিগ্নতা নাই। আধুনিকতাবাদী অতীতমুখীতাও
নাই, ৰমন্যাসবাদী চকুপানীৰ লেথাৰি নিছিগা ধাৰো নাই। এনেকৈয়ে চামচুল হকৰ কবিতাই অসমীয়া
কবিতাৰ সমসাময়িকতাত এটা অন্য প্ৰজন্মৰ ইংগিত দিয়ে।
দৰাচলতে
কবিয়ে কল্পনা কৰাৰ দৰে
এখন মাথোঁ
আকাশ পোৱাটো সহজসাধ্য নহয়
সকলোৰে
থাকে নিজা নিজা আকাশ
(সেই
আকাশ, এই আকাশ)
এই সমকালীন
চেতনাৰ লগতে উত্তৰাধুনিকতাবাদে উন্মোচিত কৰা বহুত্বকো কবিয়ে স্বীকাৰ কৰি লৈছে। আপোন
স্থানত বস্তুৰ অৱস্থানৰ মূল্যও কবিয়ে অনুধাৱণ কৰিছে। কবিৰ মানৱীয় প্ৰমূল্যৰ মাজতো শুভ
কামনাৰ বেলিকা কবিয়ে কাহনিও বিচৰা নাই বহুত্বৰ মাজেৰে খণ্ড খণ্ডকৈ থকা সৰু বৰ বিভিন্ন
অস্ত্বিত্ববোৰে কেনেবাকৈ নিজৰ মৰ্যাদা হেৰুৱাওক। কবি হিচাপে কোনো এক সত্যৰ সন্ধান থাকিলেও
কবিয়ে এক পৰম ‘হিৰন্ময় পাত্ৰ’ৰ বিপৰীতে ‘প্ৰত্যেকৰে নিজা নিজা সূৰ্য’ৰ কথাহে কৈছে।
কেতিয়াবা যদি সি এটা উপলব্ধি, কেতিয়াবা সি এটা শ্লেষ।
চাবলৈ
গ’লে
জলধাৰা
আছে বাবেই দুপাৰৰ স্থিতি
(দলঙৰ
কবিতা)
আমি কোনেও
নিবিচাৰোঁ
ৰংবোৰ
হেৰাই যাওক
ফুলবোৰ
নিপাতে যাওক
নদীখন
উলটি বওক
কিম্বা
বালিত পোত খাই ৰওক
কোনো
নাৱৰীয়াৰ সপোন।
(শিল
হৈ নপৰক পৃথিৱী)
আমাৰে
উত্তৰাধিকাৰ সকলে
কষটি
পাথৰেৰে সাজিছেচোন
নিজা
নিজা সূৰ্য
…….
চৌপাষে
সূৰ্যৰ সাংঘাতিক ট্ৰেফিক জাম
…….
(নিজা
নিজা সূৰ্য)
কাব্যভাষাৰ
ক্ষেত্ৰত চামচুল হকৰ কবিতা কোনো দিশৰ পৰাই উগ্ৰ নহয়। বৰঞ্চ এটা মধ্যৱৰ্তী অৱস্থানেই
কবিয়ে গ্ৰহণ কৰি আহিছে। সামগ্ৰিকভাবে বাকশৈলী নিৰ্মাণৰ ক্ষেত্ৰতো কবিতা শিল্পক বহলকৈ
দুভাগত ভগাব পাৰিল। উপমা, ৰূপক, চিত্ৰকল্প আৰু প্ৰতীকৰ ঘনত্বৰে এচামে যদি সংক্ষিপ্ত
আৰু জটিল আৰু গাঢ় কাব্য দেহৰ প্ৰয়াস কৰে, আন এচামে যথাসম্ভৱ সহজ সৰল কথকতা বা কথনভংগী
আকোঁৱালি লয়। ৰূপক বা প্ৰতীকে ঠায়ে ঠায়ে ভূমুকি মাৰিলেও চামচুল হকে ভাঙি পাতি কথা এষাৰ
ক’বলৈকে ভাল পায়।
এতিয়া
ৰাতি বহু হ’ল
জিলিৰ
মাতটো ক্ৰমশ:
ডাঙৰ
হৈ আহিছে
উপভোগ
কৰিছোঁ আন্ধাৰ।
(ৰাধা
আৰু নাই)
ধূলি-ধুমুহাত
বাট হেৰুওৱাৰ আগতে
ডিমৰুবোৰ
বোটলোগৈ ব’লা
কেঁচেলুৱা
ডিমৰুবোৰ
এতিয়া
পকিছে চাগৈ।
(ডিমৰু
বোটলোগৈ ব’লা)
মই যিটো
পাহাৰত থাকোঁ
তাৰ বাট
সুগম নহয় বাবে
বহুতে
মোক চিনি নাপায়
অনেকৰ
মাজতো অকলশৰীয়া
(স্ব-প্ৰতিকৃতি)
কিন্তু
এই ভাঙি পাতি ক’বলৈ যাওতে আমি ক’তো মেদবহুলতা দেখা নাই। ভালেখিনি কবিতাত প্ৰতীকী উপস্থাপন
থাকিলেও তাৰ সহজ সৰল যেন লগা কথকতাই তাক এটা অধিবাস্তৱবাদী অথবা চুৰিয়েলিষ্টিক ৰূপ
দিছে। খুব সহজ আৰু সাধাৰণ যেন লগা বৰ্ণনাৰে কবিয়ে কৈ যায় কথা – অবাস্তৱৰ। কেতিয়াবা
সেইবোৰত সাধুকথাৰ দৰে মেজিকে ভুমুকি মাৰিছেহি।
উচ্ছল
সোণবৰণীয়া হাঁহিবোৰ যে
বৰ পিছল
সেই কথা
গম পোৱাৰ বহু আগতেই
কূঁৱাত
পৰে পিছলি
……..
অকস্মাৎ
এদিন সিহঁতৰ কূঁৱালৈ
বৰষুণ
নামে
তাৰ তৰংগ
লাগি বেং উভচৰী
জাঁপ
মাৰি উঠি আহোঁতে
সকলোৱে
ভাল পায় এই কথা ভাবি যে
ঘৰলৈ
উভতি আহিল এইবেলি
নিৰুদ্দিষ্টা
খিলখিল সুন্দৰীজাক
(কূঁৱাত
পৰা হাঁহিবোৰ)
ভূতবঙলা
এটাত সোমালোঁ
আটাইৰে
মূৰবোৰ সযতনে ওলোমাই থোৱা আছে
হালধীয়া
তাঁৰ এডালত
(সেই
জালখন)
এই কথকতাৰ
প্ৰতি থকা কবিৰ আনুগত্যৰ বাবেই কিছু কিছু কবিতাত কবিতাৰ শব্দৰ খেলুৱৈ সুলভ এটা মনোবৃত্তিও
প্ৰকাশ পাইছে। যেনিবা ঠিক পিকাছোৰ দৰে শিল্পীয়ে সাধাৰণতে যিটো কৰে - যিয়ে ছবি এখন আঁকিবৰ
আগমুহূৰ্তলৈকে নাজানে তেওঁ কি আঁকিবলৈ গৈ আছে। আঁকিবলৈ আৰম্ভ কৰাৰ পিছত পদ্ধতিখিনিয়ে
অৱলীলাক্ৰমে এটা ফৰ্মৰ গঢ় দি গৈ থাকে। বিশেষকৈ কাব্যগ্ৰন্থখনৰ শীৰোনাম কবিতাটোৱেই এনে
ধৰণৰ এটা অনুভৱ দিয়ে।
কিনো
হৈছে মানুহটোৰ হৈছে কি
হাবিৰ
ভেলেঙীজনীয়ে কন্দা শুনিলে
মোকলাই
দিয়ে সজাৰ চৰাইকেইটা
ফুটপাথত
বিক্ৰী হোৱা গছপুলিবোৰৰ নিয়ৰ টোপালবোৰ
মচি দিয়ে
আলফুলে
(কোন
কালিন্দীৰ ধলে মাতে)
যেনিবা
কবিতাটোৰ প্ৰথম স্তৱকটোৱে অৱলীলাক্ৰমে পৰৱৰ্তী স্তৱক কেইটাৰ দিক নিৰ্ণয় কৰি কৰি গৈ
থাকে। যেনিবা পূৰ্ৱৱৰ্তী কাব্যাংশই পৰৱৰ্তী অংশৰ চৰিত্ৰ নিৰ্দ্ধাৰণ কৰি চলে। বেছিসংখ্যক
কবিতাতেই অধিবাস্তৱবাদী পৰিবেশ একোটাৰ নিৰ্মান হৈছে যদিও কেতিয়াবা কিচুমান কথা শুনিবলৈ
পাইছোঁ য’ত যিষাৰ কথা কোৱা হৈছে – কথা সেইখিনিতেই শেষ। কবিতাৰ পাঠকৰ সহজাত অনুসন্ধিৎসাই
এনে এটা প্ৰৱণতাৰ সৃষ্টি কৰে যাৰ ফলত সকলো স্থানতে এটা অভ্যন্তৰীণ “অৰ্থ” বা “মানে”
আমি বিচাৰি ফুৰোঁ। “ওজন বাঢ়িছে” কবিতাটোৰ পঠনৰ ক্ষেত্ৰতো তেনে হ’ব পাৰে। এই “ওজন” বঢ়া
কাৰবাৰটো কিহৰ প্ৰতীক, কিহৰ ইংগিত, কিহৰ ৰূপক? কিন্তু হ’বওতো পাৰে যে একোৰে ইংগিত নহয়
সি কেৱল কবিৰ শৰীৰৰ ওজন বঢ়াৰ কথাকেই কৈছে- আন একো কোৱা নাই। এই একেবাৰে গতানুগতিক যেন
লগা মাণ্ডেইন কথা এষাৰো কবিতাৰ উপজীৱ্য কিয় হ’ব নোৱাৰে?
মোৰ এই
অস্বাভাৱিক ওজন কমোৱাৰ বাবে
ডাক্তৰে
মাটিত খোজ কঢ়াৰ পৰামৰ্শ দিছে
পাৰিলে
মুকলি ঠাইত নিতৌ উঠা-বহা।
(হেনো
মোৰ ওজন বাঢ়িছে)
দৈনন্দিন
কথা বাৰ্তাত আমি ইজনে সিজনক সোধোঁ – “কেনে চলিছে?” এনে প্ৰশ্নৰ উত্তৰত প্ৰায়ে কোৱা
হয় “চলি আছে আৰু”। কথাষাৰৰ মাজতে এটা দ্যাৰ্ত্থ-বোধক ব্যঞ্জনা আছে। চলি আছে মানে, হয়তো
চলি থকা নাই। কোনোমতে চাৰে ঘাৰে হে চলি আছে। এটা আপোচৰ মাজেৰে “চলি যায় আৰু” এনে ভাবেৰে
চলি থকাৰ কথা কোৱা হয়। “গাড়ী” কবিতাটোত ‘চলি থকা’ কথাষাৰ যেন এই প্ৰাত্যহিক জীৱনৰ সৰু
কথাটোৰ পৰাই উঠি আহিছে। কবিৰ ইপ্সিত অন্য কিবা অৰ্থ থাকিব পাৰে, কিন্তু আমি এনেকৈয়ো
পঢ়িব পাৰোঁ।
গাড়ীখনক
সুধিছোঁ
কি খবৰ
ক’লে
চলি আছোঁ
গতি নাই
যেতিয়া চলিয়েই আছোঁ
(গাড়ীখনৰ
মালিতা)
বস্তুবাদী
সমাজখনৰ আগ্ৰাসনে গঢ় দিছে কবিৰ কাব্যচেতনা। বস্তুবাদ বুলোতে বোলা ‘বস্তু”ৰ ধাৰণা আৰু
কবিৰ “সৰ্ববস্তুবাদী” কবিতাটোত থকা “বস্তু”ৰ ধাৰণাৰ কোনোবাখিনিত সংগতি আছে। এই বস্তুবাদত
কবি সুখী একেবাৰেই নহয়। কিন্তু ইনাই বিনাই ক্ৰন্দন কৰি অতীতৰ দিনবোৰেই ভাল আছিল – এনে
ধৰণৰ সুৰ এটা গ্ৰহণ কৰিবলৈয়ো কবি নাৰাজ। নিতান্তই এই কথাখিনিতেই কবি সমসাময়িক (কেণ্টেম্পৰেৰী)
শিল্পী – যি সমকালীন পৰিৱৰ্তনক সমালোচনাও কৰিব কিন্তু তাৰ অপৰিহাৰ্যতাক মানিও ল’ব।
বস্তুবোৰ
আমি চকুৰে দেখোঁ
পুতলা
খেলিব পাৰোঁ
মনে বিচৰা
ধৰণে ৰং-ৰূপ সলনি কৰিব পাৰোঁ
চকিত
কৰি সকলোকে
সেয়ে
তাৰ অস্তিত্বত আমাৰ সৰল বিশ্বাস
…
সকলো
বস্তুৰ দৰে আমিও নিজকে নোসোধোঁ
আমিনো
কি বস্তু
(সৰ্ববস্তুবাদিতাৰ
চৰিত কথা)
চামচুল
হকৰ সংকলনখনৰ বহুকেইটা কবিতা প্ৰত্যক্ষ ভাবে পলিটিকেল। দৈনন্দিন অভিজ্ঞতাৰ একোএকোটা
সৰু বৰ অভিজ্ঞতাক নিয়াৰিকৈ আৰু খোকোজা নলগাকৈ ক'ব পৰা কবিজনে যেতিয়া এই সময় আৰু এই
সমাজৰ পৰিস্থিতিৰ কথা কৈছে সিও হৈ উঠিছে তীৰ্যক। এক ধৰণৰ আত্মোপলব্ধিৰ মাজেৰে আহিছে
এটা কটাক্ষৰ সুৰ।
তথাপিতো
আমি পুহি ৰাখিছোঁ
গৰু-গাহৰি-ভেড়া
দুৰ্গন্ধময়
এচুকত
বন্দুকৰ
কাৰ্টুজত সানিবলৈ চৰ্বি
(দুমুখীয়া
সাপ)
সংকলনটোত
"বাছনিত ছাঁটোৱে যি কথা পাতে" নামৰ কবিতাটো ফৰ্মৰ দিশৰ পৰা একেবাৰে ভিন্ন।
অসমীয়া কবিতাৰ স্থিতাৱস্থাক আঘাত হানিব পৰা এনেধৰণৰ কিছুমান ফৰ্মেল প্ৰকাশ আমাক আৰু
লাগে।
ভালপোৱা
কেনেকৈ বঢ়াব পাৰি
? তিতাকেৰেলা
ভাজিৰে আহুদি কৰি
? দাঁতেৰে
গুৰিয়াই নখেৰে বিদাৰি
? বুকুৰ
ক্ষত চিনবোৰত পটি লগাই
? আঠা
দৈ পকামিঠৈ সানি-পুটকি
মাটি
কলহত সাঁচি থৈ
(বাছনিত
ছাঁটোৱে যি কথা পাতে)
সহজ কথকতা
আৰু দৈনন্দিন উপাদান সমূহৰ কথা কওতে তাৰ মাজত নিহিত ৰূপকাশ্ৰয়ী গুণটোৰ কথাও কৈ নল’লে
চামচুল হকৰ কবিতাৰ অন্য এটা ব্যাপ্তি বাদ পৰি ৰ’ব। কেনেকৈ প্ৰাত্যহিকতাৰ উপাদান কিছুমানেৰে
কৰা সংৰচনা এটাকো পৰবৰ্তী পৰ্যায়লৈ লৈ গৈ ৰসোত্তীৰ্ণ কাব্যদৰ্শনৰ আভাস দিব পাৰি তলৰ
"নগৈ নোৱাৰি মাৰ ঘৰলৈ" কবিতাটি তাৰেই উদাহৰণ। কবিতাটোৰ ৰচয়িতাৰ আঁৰৰ দুটা
ব্যক্তি সত্বা এই কবিতাটোত সমাহিত হৈছে। প্ৰথম দৃষ্টিত, আগতে কৈ অহাৰ দৰে নাগৰিক জীৱনত
স্বাভাৱিকতাৰে ঘটা এটা স্থানচ্যুতি আৰু তাৰ ফলত আহি পৰা এক ধৰণৰ অতৃপ্তিয়ে ইয়াত দেখা
দিয়ে।
কেতিয়াৰ
পৰা মই চকা এটা হৈ
বৃত্ত
এটাৰ ভিতৰত
ফোঁ-ফোঁৱাই
ঘূৰি আছোঁ গমেই নাপালোঁ
নগৰীয়া জীৱন যাত্ৰাত আমি সকলোৱেই স্থানচ্যুত। ঋত্বিক ঘটকে
ক'বৰ দৰে - "উদ্বাস্তু কোন নহয়? আমি সকলোৱেই বায়ুভূত। নিৰালম্ব।" "সুবৰ্ণৰেখা"
চিনেমাখনৰ প্ৰসংগত ঘটকে কোৱা কথাষাৰ কেৱল যে পূৰ্ববংগৰ ডায়াস্পোৰা সম্পৰ্কতেই প্ৰযোজ্য
আছিল তেনে নহয়। সামগ্ৰিক ভাবে আধুনিক মানৱৰ স্থিতিৰ কথাকেই ঘটকে ক'ব খুজিছিল। এনে এক
উদ্বাস্তু-ভাৱনাই বাৰে বাৰে ব্যক্তিমনক পীড়া দিয়ে এবাৰ উভতি যাবৰ বাবে।
আজি মই
পুণৰ মাৰ ঘৰলৈ যাম
আৰু সুধিম
তাৰ বাবেই
জন্ম দিছিল নেকি
কিন্তু দ্বিতীয় দৃষ্টিত উন্মোচিত হয় সেই উদ্বাস্তু চেতনাৰ
অন্য এক মাত্ৰা। এই ভৌতিক সংসাৰ, পৃথিৱীখনেই যেতিয়া এটা ক্ষণস্থায়ী স্থানচ্যুতি মাত্ৰ,
(এই ক্ষণস্থায়ীত্বৰ কথা কবিৰ কবিতাত কে'বাবাৰো আহিছে) সেই ক্ষেত্ৰত আপোন মূললৈ (জন্মস্থানলৈ)
অথবা "মাৰ ঘৰলৈ" উভটি যোৱাৰ বাসনাটোৱে কি সূচায়?
মায়ে
এই ভুৱা চহৰখন এৰি
মোৰ জন্মঠাইলৈকে
এদিন
ঘূৰি যোৱাৰ কথা কয়
ঘূৰি
যাবলৈকে যে মই প্ৰথমতে ইয়ালৈ আহিছিলোঁ
সেই কথা
প্ৰায়েই পাহৰি থাকোঁ।
(নগৈ
নোৱাৰি মাৰ ঘৰলৈ)
মানুহ প্ৰকৃতিৰেই সন্তান আৰু সেই আদি মূললৈকে উভতি যোৱাৰ
বাসনাই আহি ধৰা দিছেহি কবিৰ কথকতাত। এই কবিতাটো পঢ়িবৰ পৰত কবীৰৰ গীত এতিলৈ মনত পৰিছিল
য'ত একেধৰণেৰেই কবীৰ উভতি যাবলৈ বিচাৰিছিল। কবীৰৰ গীতত এই ভৌতিক সংসাৰ মাকৰ ঘৰ, য'ত
বিৰহী উত্ৰাৱল হৈ উঠিছে প্ৰিয়জনৰ ঘৰলৈ উভতি যাবলৈ যিখন তেওঁৰ নিজৰ ঘৰ। সেইখন ঘৰহে পৰম,
সিহে অনন্ত। ক্ষণিকৰ প্ৰাপ্তিয়ে আৰু তৃপ্তি নিদিয়া হয়।
তেনেদৰেই কোনো বাহুল্য নকৰাকৈয়ে সহজ
কথাৰে এক পৰম আবেদনৰ প্ৰকাশ দেখোঁ "ফুটবল" কবিতাটোত।
মই কামনা
কৰোঁ
তুমি
ভাগৰি নপৰাকৈ
ওৰেটো
জীৱন যাতে মোৰ সৈতে খেলি থাকিব পাৰা
(ফুটবল)
এই "তুমি" কোন তুমি? এক
অন্য ব্যক্তিবিশেষ মাত্ৰ হিচাপে নধৰিলে এই তুমিয়ে জীৱনৰ অন্য এক মৰ্ম সম্পৰ্কে সম্ভেদ
দিয়ে। এই "তুমি"ৰ সংজ্ঞাতকৈ কবিৰ আবেদনটোহে বেছি গুৰুত্বপূৰ্ণ। এই আবেদনটোত
থকা সুৰটো আমি একাধিকবাৰ শুনিবলৈ পাইছিলোঁ -
ম্যাদ
যোৱাৰ আগতে
কাৰোবাৰ
কামত অহ হ’লে অন্তত: ।।।
(উকলি
যোৱা তাৰিখ)
ৰুমিয়েও এসময়ত কৈছিল-
"হে অনন্ত আত্মা, মোৰ মাজেৰেও তুমি
গান বা কিবা এটা কৰিবতো পাৰা...
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment