নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"
[টোকা-
আখৰুৱা দলৰ অসমীয়া
সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি
সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি
সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস।
এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ
নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই
ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।
আলোচ্য কবিতাটি হ’ল
নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট)
বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা
সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম।
- সমুদ্ৰ কাজল শইকীয়া]
বুৰঞ্জী
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট
কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ
চকুৱে
ইংগিতেৰে সিহঁতক
ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ
কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে
সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই
আৱৰণ।
আকৌ এদিন নতুনকৈ
আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ
দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও
ৰঙাই গ'ল
জীৱনেৰে....
আমি যে আচৰিত হ'বলৈ
পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত
কৰি দিয়া।
(শান্তিনিকেতন, ১৯৪৭)
নৱকান্ত বৰুৱা,
"মোৰ আৰু পৃথিৱীৰ"
নাৰীবাদী
পাঠ
ইংৰাজী ভাষাৰ ভিত্তিত কৰা ভাষাত্বাত্বিক বিশ্লেষণ এটাক হুবহু
ৰূপত অসমীয়ালৈ অনুবাদ কৰিলে হয়তো আসোঁৱাহ বহুত থাকিব, কিন্তু তাৰ উদ্দেশ্য আৰু পৰিমেয়খিনি
বুজিবলৈ চেষ্টা কৰিলে কিছু সদৰ্থক উত্তৰ পোৱা যাব। ফৰ্দিনান্দ চচ্যুৰৰ ভাষাত্বত্ত্বৰ
আঁত ধৰি (ভাল খবৰ যে পোণা মহন্তদেৱে চচ্যুৰৰ কিতাপখন অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে)
গঠণবাদী আৰু তাৰ পিছত উত্তৰ-গঠণবাদী চৰ্চাৰ প্ৰসাৰ হোৱাৰ কালছোৱাত নাৰীবাদী চৰ্চায়ো
ভাষাত্বত্বৰ আলমত সমাজত নাৰীৰ অৱস্থান সম্পৰ্কীয় বহুখিনি পুৰ্বে অলক্ষিত দিশলৈ আমাৰ
দৃষ্টি আকৰ্ষণ কৰিছিল। বিগত শতিকাৰ ষাঠি আৰু সত্তৰৰ দশকত নাৰীবাদী আন্দোলনৰ দ্বিতীয়
ঢৌটোৰ সময়ত ভাষিক ব্যৱহাৰৰ মাজত সোমাই থকা লিংগ সম্পৰ্কীয় পক্ষপাতদুষ্টতাৰ কথাখিনি
বহুল ৰূপত আলোচিত হয়। ডেনিছ বেৰন (Dennis Baron) আৰু এন ব’ডিনৰ (Anne Bodine) দৰে লেখকসকলে
এণ্ড্ৰ’চেণ্ট্ৰিক (Androcentric) বা পুৰুষকেন্দ্ৰিক ভাষাৰ বিকাশৰ ইতিহাসখিনি পোহৰলৈ
আনে। ভাষাৰ সহজ আৰু সাধাৰণ শব্দ একোটা আৰু সিবোৰৰ প্ৰয়োগৰ ধৰণ কৰণবোৰ যে কেনেকৈ লিংগায়িত
(Gendered) সেই কথা বহুকাললৈকে পোহৰলৈ অহা নাছিল। অতি সৰলভাবে ক'বলৈ বিচাৰিলে এনেকৈয়ে
বুজাব পাৰি যে মানৱ সভ্যতাৰ ইতিহাসটোৱেই আছিল - History of Man বা মানুহৰ ইতিহাস। এতিয়া
এই Man বা মানুহ বুলি কওতে সি পুৰুষেই, আৰু ভালকৈ চালে দেখা যাব সেয়া পুৰুষৰেই ইতিহাস।
এই কথাষাৰত অৱস্থান কৰি ইতিহাসলৈ উভটি চালে, মানে এই অধুনাপৰ্যন্ত "মানুহ"ৰ
দ্বাৰা লিখিত (তাৰ মানেই সৃষ্ট, কথাষাৰ মন কৰিব) সভ্যতাৰ ইতিহাসৰ সকলোবোৰ বিভাগতে সকলোবোৰ
হোতাই পুৰুষ। ৰেণেছাঁৰ শিল্পী, দাৰ্শনিক, বিজ্ঞানী, ভ্ৰমণকাৰী, আৱিষ্কাৰক সকলোবোৰেই
পুৰুষ। আধুনিকতাক গঢ় দিয়া সকলো বিভাগীয় সাকলো শীৰ্ষস্থানীয় ব্যক্তিয়েই পুৰুষ। মানে
শেষ বিচাৰত সভ্যতাক গঢ় দিয়া সকলোৱেই পুৰুষ - আৰু তেনেকৈয়ে মানুহ মানে আচলতেই পুৰুষ।
সৌভাগ্যক্ৰমে অসমীয়া ভাষা অন্যান্য আধুনিক ভাষাবোৰতকৈ, আনকি
হিন্দী আদিৰ লগত তুলনা কৰিলেও, তুলনামূলকভাবে কম লিংগায়িত (Gendered)। মানুহ বুলিলে
তাৰ লগত জন বা জনী প্ৰত্যয় যোগ দিহে আমি তাৰ লিংগ নিৰূপন কৰোঁ, যেনে মানুহজন বুলিলে
পুৰুষ, মানুহজনী বুলিলে নাৰী। কিন্তু এই কথাই আমাৰ আলোচনাখিনিত কোনোধৰণেৰে সহায় আগনবঢ়ায়।
কাৰণ শেষ বিচাৰত যেতিয়া সাধাৰণ ভাবে "মানুহ" বুলি কোৱা হয় আমাৰ অৱচেতনাত
নিমজ্জিত ছবিখন কিন্তু পুৰুষৰেই ছবি।
"প্ৰথমে এদিন
প্ৰথম মানুহটো আচৰিত হ'ল"
এই বাক্যটোৰ মানুহটো পুৰুষ, তাক "টো" বুলিয়েই কোৱা হৈছে। গতিকে
নৱকান্ত বৰুৱাৰ এই "বুৰঞ্জী" যে পুৰুষ-মানুহৰেই বুৰঞ্জী সেই কথাত সন্দেহ
নাই। কবিয়ে "টো" প্ৰত্যয় যুক্ত কৰি মানুহ শব্দটোৰ যদি পুৰুষকৰণ নকৰিলেহেতেন
তেতিয়া কি হ'ল হেতেন? যদি বাক্যটো এনে হ'লহেতেন- "প্ৰথমে এদিন প্ৰথম মানুহ আচৰিত
হ'ল" তেতিয়া? এইখিনিতে মন কৰিবলগীয়া কথা এইটোৱেই যে কবিৰ তৰফৰ পৰা সেই নিৰ্দিষ্টতাসূচক
ইংগিতটো নেথাকিলেও আমাৰ অৱচেতনাত কিন্তু এখন পুৰুষৰ ছবিয়েই উদ্ভাসিত হ'লহেতেন। নাৰীবাদী
সকলে দৃষ্টি আকৰ্ষণ কৰিব খোজা কথা এইটোৱেই।
প্ৰথমে এদিন প্ৰথম
মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট
কাৰবাৰটো কি?
এইখিনিতেই আৰু এটা দিশ আছে যে মানুহটোৱে কিবা এটা চাইছে, বা
দেখিছে। তেওঁ এজন দ্ৰষ্টা বা দৰ্শক (Spectator, Audience) ব চাওতা। এই চাওতাজন সকলোসময়তে
পুৰুষ। পুৰুষেহে চায় বা দেখে। দ্ৰষ্টা, দৰ্শক, চাওতা এই কথাকেইটাৰ আটাইকেইটা পুলিংগবাচক
আৰু ইয়াৰ এটাৰো স্ত্ৰীলিংগ নাই। ইংৰাজীতো কথা একেটাই। পুলিংগবাচক "অভিনেতা"
শব্দটোৰ বিপৰীতে যেনেকৈ যেনেকৈ স্ত্ৰীলিংগৰ "অভিনেত্ৰী" শব্দটো আছে তেনেকৈ
দৰ্শক শব্দটোৰ বিপৰীতে "দৰ্শকী" ধৰণৰ কিবা আছে জানোঁ? নাই। যদি নাই কিয় নাই?
কথাষাৰ ধেমেলীয়া বা লঘূ অথবা নিচল এটা ভাষাৰ খেল বুলি উৰাই দিব নোৱাৰি এইবাবেই যে দৈনন্দিন
ঘৰুৱা বা সামাজিক স্তৰৰ অভিজ্ঞতাৰ পৰা বিৰাট সাংস্কৃতিক পৰিমণ্ডললৈকে সকলো ক্ষেত্ৰতে
দৃষ্টি নিক্ষেপ কৰোতাজন পুৰুষেই হৈ আহিছে। তাৰ বিপৰীতে নাৰী সদায়ে দৰ্শনযোগ্য, দৃষ্টিক্ষম
নহয়। আমাৰ সাংস্কৃতিক ধাৰণাত ল'ৰাই হে ছোৱালীক চায়, ছোৱালীয়ে ল'ৰাক নাচায়। গতিকে
"বুৰঞ্জী" কবিতাটোৰ প্ৰথম বাক্যতে মানুহ কথাষাৰেই যদি নাথাকিলে হেতেন তেতিয়াও
আমি ধৰিয়েই ল'লোঁ হেতেন যে যাৰ কথা কোৱা হৈছে, যি চাই আছে বা দেখিছে আৰু আচৰিত হৈছে
সি - মানুহ, পুৰুষ।
ক্ৰমাগতভাবে
সেই প্ৰথম মানুহটো যেনেকৈ পুৰুষ যি দেখিছে আৰু আচৰিত হৈছে, তেনেকৈয়ে দ্বিতীয়জন- উপনিষদৰ
কবি যি "উন্মুক্ত কৰা সেই আৱৰণ" বুলি নিজৰ ইচ্ছা বা বাসনা প্ৰকট কৰিছে সিও
পুৰুষ। "আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ"- তৃতীয়জন পুৰুষ। "আমি
যে আচৰিত হ'বলৈ পাহৰিলোঁ" - পুৰুষ কবিৰ এই "আমি"খিনিও পুৰুষেই আৰু যাক
সম্বোধন কৰা দৈছে সেই "ঈশ্বৰ" পুৰুষেই। গতিকে এই গোটেই বুৰঞ্জী আচলতেই পুৰুষৰেই
বুৰঞ্জী - যাক মানুহৰ বুৰঞ্জী বুলি মানি থকা হ'ল।
এইখিনি
কথাক যদি কেৱল এটা যুক্তি-তৰ্কৰ খাতিৰতে চালে বেৰে কোবাই বা জোৰ কৰি প্ৰতিষ্ঠা কৰিবলৈ
খোজা হৈছে বুলি কোনোবাই প্ৰতি-যুক্তি দিবলৈ বিচাৰে তেনেহ'লে এটা আপাততুচ্ছ কথাৰ অৱতাৰনা
কৰিম। নৱকান্ত বৰুৱা এজন পুৰুষ কবি নহৈ এগৰাকী নাৰী কবি হ'লহেতেন তেতিয়া কি হ'লহেতেন?
অথবা, ১৯৪৭ চনত নৱকান্তই "বুৰঞ্জী" কবিতাটো লিখি থকাৰ একে সময়তে অসমীয়া ভাষাত
কবিতা লিখি থকা নাৰী কবিৰ কবিতাত কেনে ধৰণৰ সুৰ শুনা গৈছিল। এতিয়া আপোনাৰ কাম আৰম্ভ
হ'ল। অসমীয়া কবিতাৰ আৰু সাহিত্যৰ ইতিহাসৰ সমস্তবোৰ পুথি-পাজি বিচাৰি চলাথ কৰক। এই প্ৰশ্নৰ
উত্তৰ ক'তো নাপায়। নাৰী কবি সকল নিৰুদ্দিষ্ট। কাৰণ অসমীয়া কবিতাৰ ইতিহাসো পুৰুষেই লিখা
পুৰুষৰেই সৃষ্টি। “নাৰী, মহিলা কবি আৰু অসমীয়া কবিতা” শীৰ্ষক এটি লেখাত অলপতে এইখিনি
কথা ফঁহিয়াই দেখুওৱা হৈছিল যে কেনেকৈ অসমীয়া সাহিত্যৰ ইতিহাস ৰচনাৰ পথটোতো কেনেকৈ পুৰুষ
কেন্দ্ৰিকতাই বহুখিনি কথাৰ নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে। আমেৰিকান শিল্পইতিহাসবিদ
লিণ্ডা নকলিনে (Linda Nochlin) সুধিছিল “Why Have There Been No Great Women
Artists?” তেনেকৈয়ে আমাৰ মাজে মাজে সুধিবৰ মন যায় “Why Have There Been No Great
Assamese Women Poet?” এই কথাটোৱেই সেই সম্ভাব্য প্ৰতিযুক্তিটোকো গুৰিতেই খণ্ডন কৰিবলৈ
যথেষ্ঠ।
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment