নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"
[টোকা-
আখৰুৱা দলৰ অসমীয়া
সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি
সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি
সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস।
এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ
নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই
ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।
আলোচ্য কবিতাটি হ’ল
নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এইলানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট)
বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা
সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। - সমুদ্ৰ কাজল শইকীয়া]
বুৰঞ্জী
প্ৰথমে
এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ
সেই বিৰাট কাৰবাৰটো কি?
ৰাতি
ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে
সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি
হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে
পূষণ,
তোমাৰ
হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত
কৰা সেই আৱৰণ।
আকৌ
এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই
প্ৰথম মানুহটোৰ দৰে,
উত্তৰ
নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....
আমি
যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন
এবাৰ
আমাকো,
এবাৰ আচৰিত কৰি দিয়া।
(শান্তিনিকেতন,
১৯৪৭)
নৱকান্ত
বৰুৱা, "মোৰ আৰু পৃথিৱীৰ"
উত্তৰ আধুনিকতাবাদী
পাঠ
আমি আগতে আগবঢ়াই অহা ঐতিহাসিক প্ৰেক্ষাপটত অৱস্থান নিৰূপনৰ
যোগেদি কবিতাৰ পৰ্যবেক্ষণৰ দৰে এটা একেধৰণৰ প্ৰয়াস উত্তৰআধুনিক অৱস্থানৰ পৰাও কৰিব পৰা যায়
যদিও দুয়োটাৰে মাজত প্ৰধান তফাৎ থাকিব এইখিনিত যে – অসমীয়া কবিতাৰ ৰমন্যাসবাদৰ পৰা
আধুনিকতাৰ বাটত নৱকান্ত বৰুৱা এজন কবি হিচাপে কবিজনৰ অৱস্থানটোৱে তাত (আগৰ লেখাটোত) গুৰুত্ব পাইছিল।
এতিয়া কিন্তু কবিতাটোৱেহে বেছি গুৰুত্ব পাব এটা পাঠ হিচাপে – লেখক নৱকান্ত বৰুৱা নে
ক, খ অথবা গ সেইটো গৌণ।
উত্তৰ আধুনিকতাবাদী তত্ব সমূহৰ আটাইতকৈ বেছিকৈ চকুত পৰা
বৈশিষ্ট্য কেইটাৰ মাজত দুটা হ’ল – বহুত্ব আৰু pastiche. “উপনিষদৰ কবি”ৰ পৰা ধাৰ কৰি
অনা হিৰন্ময় পাত্ৰৰ ধাৰণাটোৱে এটা pastiche-ৰ ধাৰণা দিয়ে। পূৰ্বজ ৰমন্যাসিক কবিকূলে
প্ৰকৃতিৰ উপাদান একোটাৰ বৰ্ণনা কৰোতে কবিমনৰ আৰু বিষয়বস্তুৰ মাজৰ নিবিড় সম্পৰ্কটোৰ
বিশুদ্ধতাকেই প্ৰাধান্য দিছিল। এই সময়ত কবিতাটো যে অন্য ঐতিহাসিক সমলৰ ওপৰত আধৰিত সেই
কথা কবিতাটোৰ পাজতেই প্ৰত্যক্ষ ভাবেই কৈ গৈছে। প্ৰকৃতিৰ প্ৰতি আৰু ‘মহাজগতৰ’ প্ৰতি
বিস্ময়বোধটো যে ৰবিন্দ্ৰীয় এটা চেতনা সেই কথা পাদটীকা অথবা গ্ৰন্থৰ নিৰ্ঘণ্টলৈ নেৰাখি
কবিতাটোৱেই নিজেই সাঙুৰিছে। উপনিষদৰ এষাৰি বাক্য হুবহু উঠি আহিছে –
“হে পূষণ
উন্মুক্ত কৰা সেই
আৱৰণ”।
আধুনিকতাবাদৰ যিকেইটা প্ৰপঞ্চ আৱিষ্কাৰ কৰি উত্তৰ আধুনিকতাবাদী
ত্বত্ব সমূহ সমালোচনাত মুখৰ হৈ উঠে সেই আটাইকেইটাই এই কবিতাত দেখা যায়।
ৰেণে ডেকাৰ্টে (René Descartes) নামৰ
গণিতজ্ঞ আৰু দাৰ্শনিক এগৰাকী আধুনিকতাবাদী সকলৰ বাবে নমস্য ব্যক্তি আছিল। তেখেতৰ এষাৰ
বিখ্যাত উক্তি – Cogito ergo sum -“মই ভাবোঁ সেয়ে মই আছোঁ” কথাষাৰে ব্ৰহ্মাণ্ড সম্পৰ্কেই
মানুহৰ ধাৰণা সলনি কৰি পেলাইছিল। সেই কথাষাৰত তেখেত উপনীত হৈছিল এটা মজাৰ দাৰ্শনিক
পদ্ধতিৰে। আমি যি ইন্দ্ৰিয় সমূহেৰে বহিৰ্জগতখন প্ৰত্যক্ষ কৰোঁ সেই ইন্দ্ৰিয়সমূহে আমাক সঠিক জ্ঞান দিয়ে বুলি আমি কেনেকৈ জানিম? আমি কেনেকৈ নিশ্চিত হ’ব পাৰিম যে চকুৰে দেখা
বস্তুটো সচাকৈয়ে চকুৰ সন্মুখতে আছে অথবা আমি কাণেৰে শুনা শব্দটো সঁচাকৈয়ে হোৱা এটা
শব্দ আৰু কোনো ভ্ৰান্তি নহয়। এনেকৈ তেখেতে এটা এটাকৈ ইন্দ্ৰিয়লব্ধ সংবেদনাখিনিকে প্ৰশ্ন
কৰিবলৈ ল’লে। এনেকৈ প্ৰশ্ন কৰি কৰি আৰু নাকচ কৰি কৰি তেওঁ এনে এটা পৰ্যায় পালেগৈ যেতিয়া
এই প্ৰশ্নটোৰ সন্মুখীন হ’ল যে- এই সকলোবোৰ বাৰু মিছা, কিন্তু এইবোৰ যে ভাবি আছে সেই
মনটো? সেই মনটোৰ উপস্থিতিতো সঁচা। যদি মন নেথাকিলেহেতেন তেনেহ’লে এইবোৰ কথা কোনে ভাবি
আছে? কোনোবাইতো ভাবিয়ে আছে। তেনেকৈয়ে তেওঁ আৱিষ্কাৰ কৰিলে যে যিহেতু মই ভাবি আছোঁ
– সেয়েহে মই আছোঁ। মই যিহেতু আছোঁ, মোৰ অস্তিত্ব যিহেতু আছে, মই যিটো দেখি আছোঁ সেইটোও
আছে। এই মজাৰ ঘটনাটোৱে বিশ্বজুৰি যুগান্তকাৰী পৰিৱৰ্তন আনিলে। ‘মই’ আৰু ‘মই’ বুলি চিন্তা
কৰিব পৰা মানুহ স্থাপিত হ’ল বিশ্বজগতৰ কেন্দ্ৰস্থলত (man at the centre of the
universe)।
“বুৰঞ্জী” কবিতাটোৰো কেন্দ্ৰস্থলত থাকিল মানুহ। কবিতাটোৰ আৰম্ভণীয়েই
হৈছে – “প্ৰথমে এদিন আচৰিত হ’ল পৃথিৱীৰ প্ৰথম মানুহটো”। বুজিবলৈ আৰু বাকী নাথাকিল যে
এই “বুৰঞ্জী” হ’ল মানুহৰ বুৰঞ্জী। বিশ্বজগতৰ ৰহস্যময়তাত “পূৱৰ সেই বিৰাট কাৰবাৰটো কি”
বুলি প্ৰশ্ন কৰিব পৰা মানুহ। কাৰণ আধুনিকতাবাদৰ মানৱতাবাদ ‘মানুহ হোৱাৰ গৌৰৱ’ৰো বাদ।
উত্তৰ আধুনিকতাবাদে বিশ্বজগতৰ কেন্দ্ৰস্থলৰ পৰা মানুহক অপসাৰিত কৰে। মানুহহে নেলাগে,
কেন্দ্ৰস্থলৰ ধাৰণাটোকেই স্মূলি নৎস্যাৎ কৰি দিবলৈ বিচাৰে। এই বিকেন্দ্ৰীকৰণ আধুনিকতাবাদৰ
অনন্য অৱদান। ৰাষ্ট্ৰৰ গঠণ প্ৰক্ৰিয়াটোত এটা
কেন্দ্ৰৰ স্থাপন হোৱা কাৰবাৰটোও ক্ৰমশ: নিগৃহিত হ’বলৈ আৰম্ভ কৰিলে সমসাময়িক চিন্তাধাৰাত।
মানুহকে কেন্দ্ৰ বুলি ভবা ধাৰণাটোৱে কয় যে মানুহে বস্তু এটা চাব পাৰে। কিন্তু জাক ডেৰিডাৰ নিৰ্গঠনবাদী চিন্তা চৰ্চাৰ পিছৰ পৰা কথাবোৰ এনে হ’লগৈ যে – মই যদি বস্তু এটালৈ চাই
আছোঁ তেনেহ’লে এই কথাও সম্ভৱপৰ যে সেই বস্তুটোৱেও মোলৈ চাই আছে (Seeing Other-
Derrida).
"I see not
only the eye of an other; I see also that he looks at me." That is, what
is SEEN is not only a thing, a dead object, but also a responding subject, an
intention even. If a LOOK can be seen, then empiricism and all the
reductionisms that are associated with it are destroyed. But a look CAN be
seen, not only the face, but another face's glance at my face. [Jaques Derrida, Derrida quotes Scheler in
his essay "Violence and Metaphysics: An Essay on the Thought of Emmanuel
Levinas”, Writing and difference.]
আধুনিকতাবাদে সভ্যতালৈ আগবঢ়োৱা আন এটা কেৰোন আছিল সৰলৰৈখিকতা।
ইতিহাস-বীক্ষন আৰু ইতিহাস সচেতনতা আধুনিকতাবাদে আনিলে সঁচা কিন্তু সেই ইতিহাসৰ ধাৰণাটো
যেনেকৈ নিৰ্মাণ কৰা হ’ল সেই পদ্ধতিটোৱেই যে ভুল সেই কথা কালক্ৰমত প্ৰতীয়মান হ’ল। ইতিহাস
লিখা হৈছিল সৰলৰৈখিক ভাবে। যেনে প্ৰথমে ক ঘটনাটো ঘটিল, তাৰপিছত খ ঘটিল, তাৰপিছত ঘটিল
গ। এই ইতিহাস লেখনৰ পদ্ধতিটোক বায়’গ্ৰাফিকেল, প্ৰগ্ৰেছিভ (প্ৰগতিশীল, কিন্তু সমাজবাদী
প্ৰগতিশীলৰ লগত ভুল নকৰিব) অথবা ডাৰউইনিয়ান পদ্ধতি বুলিও কোৱা হয়। কাৰণ জীৱন এটা যেনেকৈ
প্ৰথমে জন্ম হয়, তাৰপিছত ডাঙৰ দীঘল হয়, তাৰপিছত বুঢ়া হয় আৰু তাৰ পিছত মৰে – তাৰ মাজতো
এনেধৰণৰ সৰলৰৈখিক গতি দেখা যায়। জীৱজগতৰ এনে সৰলৰৈখিক অগ্ৰগতিৰ কথা কৈছিল ডাৰউইনে অৰু
তেনেকৈয়ে আমি জানিব পাৰিলোঁ কেনেকৈ আদিম মানৱৰ পৰা ক্ৰমবিকাশৰ মাধ্যমেৰে আহি আজিৰ মানুহ
হ’লহি। এই ক্ৰম-বিৱৰ্তনক ক্ৰম-বিকাশ বুলি ধৰা হ’ল, মানে ক্ৰমে বস্তুবোৰ উন্নতৰ হৈ আহে-
যিটোক লৈ পাছলৈ প্ৰশ্ন উঠিল। ডেকাৰ্টেৰ দৰেই ডাৰউইন আছিল আন এজন আধুনিকতাবাদৰ বন্দিত
ব্যক্তি কিন্তু উত্তৰ আধুনিক পৰ্যায়ত আটাইতকৈ বেছি নিন্দিত একোজন।
কিন্তু উত্তৰ আধুনিকতাই দেখুৱালে যে কথাবোৰ এডাল সৰল ৰেখৰ দৰে
পোণ আৰু সহজ নহয়। ক-ৰ পিছত খ ঘটিলেও হয়তো ক-ৰ কিছু অংশ খ বা গ হে নেলাগে ঘ, বা ঙ ঘটিবৰ
সময়ত ঘটিয়েই আছিল। ওলোটাভাবে, ঘ ঘটনাটো ক খ আৰু গ ঘটাৰ পিছতহে ঘটিছিল বুলি ইতিহাসে
কৈছিল যদিও অন্যত্ৰ হয়তো ঘ-টো বা ঙ-টো ক ঘটাৰো বহু আগতেই ঘটি আছিল। আধুনিক হৈ অহাৰ সৈতে উন্নতি আৰু বিকাশৰ যিটো ধাৰণা
সংযুক্ত হ’বলৈ ল’লে সেইটোও গণ্ডগোলীয়া। আমি কেনেকৈ ক’ম যে আদিম মানৱ উন্নত নাছিল আৰু
আজিৰ মানুহ উন্নত? ইলোৰাৰ কৈলাশনাথ নামৰ গুহাৰ সন্মুখত থিয় হৈ বা কোণাৰ্কৰ সূৰ্যমন্দিৰত
থিয় হৈ আমি ভাবিবলৈ বাধ্য নহওনে – তেতিয়াৰ প্ৰযুক্তিবিদ্যা যে যথেষ্ঠ উন্নত আছিল? অষ্টদশ
বা উনবিংশ শতিকাত মধ্য ভাৰতত এটা জনগোষ্ঠীয়ে হয়তো ধাতু গলাই ডোক্ৰা কাষ্টিং কৰিবলৈ
শিকিছেহে, কিন্তু তাৰ সহস্ৰ বছৰৰ আগেয়ে হৰাপ্পা মহেঞ্জোদাৰোত দেখোন মানুহে ব্ৰোঞ্জেৰে
মূৰ্তি গঢ়ি থৈ গৈছিল। এনে ক্ষেত্ৰত জ্ঞানৰ ইতিহাস, বা মানুহৰ ইতিহাস এটা সৰলৰেখাত কেনেকৈ
সজাই তোলাটো সম্ভৱ হ’ব পাৰে? কিন্তু “বুৰঞ্জী” কবিতাটোৰ ইতিহাসৰ ধাৰণাটোৱে এই সৰলৰৈখিক
ইতিহাস বীক্ষণৰ ধাৰণাটোকেই সংপৃক্ত কৰে। প্ৰথেম সেই ‘প্ৰথম মানুহটো”ৰ কথা, তাৰ পিছত
উপনিষদৰ কবিৰ কথা, তাৰ পিছত ৰবীন্দ্ৰনাথ আৰু শেষত কবিৰ নিজৰ প্ৰজন্ম। কিন্তু আমি আগৰ
আলোচনাত উল্লেখ কৰি অহা “বুৰঞ্জী” কবিতাটোৰ প্ৰায় তিনি দশকৰ পাছলৈ ৰচিত নীলমণি ফুকনৰ
কবিতাটোৰ বিস্ময়ৰ চেতনাই কবিৰ আধুনিকতাবাদী সৰলৰৈখিক আৰু মানুহ কেন্দ্ৰিক চেতনাক নাকচ
কৰি দিয়ে। এজন কবিয়ে যেতিয়া এতিয়াৰ মানুহে আচৰিত হ’বলৈ পাহৰিছে বুলি কৈ মোখনি মাৰিব
খুজিছে তাৰ বিপৰীতে আমি অন্যত্ৰ আশ্চৰ্যচকিত মানুহৰ কণ্ঠত কৌতুহলৰ সুৰ শুনিবলৈ পাইছোঁ-
আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ
[নীলমণি ফুকন, "নৃত্যৰতা পৃথিৱী",
প্ৰথম প্ৰকাশ- নৱেম্বৰ ১৯৮৫]
কথা ওলাওতেই আৰু
এটা কথালৈ মন কৰিব পাৰি- সেয়া হ'ল, কেনেকৈ নীলমণি ফুকনৰ নৃত্যৰতা পৃথিৱীৰ আশ্চৰ্যবোধ
বা বিস্ময়ৰ চেতনাই সৰলৰৈখিকতাক সমূলি বৰ্জন কৰিছে। আধুনিকতাবাদ আছিল নিশ্চিতিৰ আৰু
মানুহৰ জ্ঞানৰ অহংকাৰৰ। উত্তৰ আধুনিকতা হ'ল অনিশ্চিতিৰ আৰু জ্ঞান-ত্বত্ত্বৰ প্ৰতি থকা
অনাস্থাৰ। সন্দিগ্ধ আৰু উদ্বিগ্ন হ'লেও শেহত নৱকান্তৰ সম্বোধন আছিল কোনোবা "ঈশ্বৰ"ৰ
প্ৰতি। এই ঈশ্বৰ কোন ঈশ্বৰ কেনেকুৱা ঈশ্বৰ সেয়া আমি নাজানো কিন্তু সেই সম্বোধনৰ সিপাৰে
আছিল এক একক সত্বা। কিন্তু নীলমণিৰ কবিতাত কবিয়ে কাক সম্বোধন কৰিছে তাৰেই নিশ্চিতি
নাই
কাক সোধোঁ কি সোধোঁ কাক সোধোঁ
একেদৰেই নৱকান্তৰ
"বুৰঞ্জী"ৰ সৰলৰৈখিক বৰ্ণনাক্ৰমৰ পদ্ধতিক মাধমাৰ সোধাইছে নীলমণিৰ কাহানিও
উত্তৰ নোপোৱা প্ৰশ্নই -
শেষ ক'ত শেষ নে আৰম্ভ কিহৰ আৰম্ভণি
ক'ত আৰম্ভণি
কোনে ল'ব কাৰ কিহৰ পৰিমাপ
[নীলমণি ফুকন, নৃত্যৰতা পৃথিৱী, প্ৰথম প্ৰকাশ-
নৱেম্বৰ ১৯৮৫]
উত্তৰ আধুনিকতাবাদী দৃষ্টিৰে দেখা পোৱা আৰু কেইটামান আধুনিকতাবাদৰ
আসোঁৱাহ সম্পৰ্কে এই কবিতাটোৰ আলম লৈ কথা পাতিব পাৰি। আধুনিকতাবাদীয়ে সকলো সময়তে যুক্তি,
কাৰ্যকাৰণ আৰু বিজ্ঞানমনস্কতাৰ নামত এটা সামুহিক ত্বত্বৰ সন্ধান কৰিছিল। হয় এটা পৰম
সত্য ক’ৰবাত আছে আৰু তাৰ সন্ধান কৰিব লাগিব, নহ’লে, কিবা এটা সৰ্বগ্ৰাসী তত্ব থাকিব যাৰ
জৰিয়তে বাকী সকলোবোৰ ব্যখ্যা কৰিব পৰা যাব। মৰ্ক্সবাদে বিশ্বাস কৰা শ্ৰেণী সংগ্ৰামৰ সৰ্বগ্ৰাসী
ত্বত্বটোও সমালোচিত হ’ল উত্তৰ আধুনিকতাবাদত। বিস্ময়বোধৰ এটা সূত্ৰ ধৰি “বুৰঞ্জী” কবিতাটোৱেও
ক’ৰবাত এটা যেন পৰম তত্বৰ সুৰ বিচাৰি ফুৰিছে। আৰু বৈপৰীত্যসূচকভাবে ঔদ্যোগীকৰণ,
বজাৰ সংস্কৃতি আদি যি আধুনিকতাবাদৰ দান, সেইবোৰৰ হাত ধৰি অহা পৰিস্থিতিবোৰত সৃষ্টি হোৱা হতাশা বা
নিৰাশাৰ সুৰটোও আধুনিকতাবাদী সুৰেই। “বুৰঞ্জী” কবিতাৰ শেষৰ স্তৱকত সোমাই থকা হতাশাৰ
সুৰটোও সেই সূত্ৰে আধুনিকতাবাদী সুৰেই।
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment