কাব্যভাষাৰ নিৰ্মাণ প্ৰসংগত
প্ৰতিটো ভাষাৰ মাজতেই সুৰ এটা সোমাই থাকেই। অসমীয়া
ভাষাৰো এটা সুৰ আছে। আনহাতে কবিতাৰো এটা সুৰ আছে। অসমীয়া কবিতাই ক্ৰমবিকাশৰ মাজেৰে
আহি আজিলৈকে নিজস্ব আন এটা সুৰ তৈয়াৰ কৰি লৈছেহি। এই সুৰ, স্বন, অথবা
ধ্বনি-মাধুৰ্যয়েই ‘অসমীয়া কবিতা’ৰ চৰিত্ৰ নিৰূপণ কৰিছে। এই ঘটনাটোক ইতিবাচক
হিচাপেও চাব পৰা যায় যিহেতু তাৰ মাধ্যমেৰেই অসমীয়া কবিতাই এটা নিজস্ব ৰূপ পৰিগ্ৰহ
কৰিবলৈ সক্ষম হৈছে। আনহাতে ইয়াক আসোঁৱাহপূৰ্ণ বুলি ভাবিবৰো থল থাকি যায় কিয়নো ইয়াৰ
মাধ্যমেৰে কাব্যভাষাৰ নতুনত্বৰ প্ৰতি কবিমন তথা ৰসগ্ৰাহীৰ যি জিজ্ঞাসা, সেয়া
স্থবিৰ হৈ পৰাৰ ভয় থাকে। গতিময়তাৰ পৰিৱৰ্তে একধৰণৰ স্থৱিৰতাৰ সংশয়ৰ উন্মেষ
এইখিনিতে ঘটে।
মন কৰিবলগীয়া যে জনপ্ৰিয়, জনমুখী অথবা বিনোদনধৰ্মী
সাংস্কৃতিক উপাদানবোৰে সৰ্বজনগ্ৰাহ্যতাৰ স্বাৰ্থতেই কিছুমান সাধাৰণীকৃত উপভাষা বা
ইডিয়মৰ লালন পালন কৰে। পপুলাৰ হিন্দী চিনেমা এখন চাবলৈ যোৱাৰ আগতেই আমি জানো বা গম
পাওঁ যে চিনেমাখনত আমি কি দেখিবলৈ পাম। আমাৰ প্ৰত্যাশা পূৰণ কৰাটোৱেই সেই
মাধ্যমটোৰ এটা উদ্দেশ্য। কেনেবাকৈ সেই প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলেই চিনেমাখন
ফ্লপ। আমি জানো যে হেজাৰ বাধা বিঘিনীৰ পিছতো সৰ্ব শেষত ভিলেইন পৰাজিত হ’ব, আৰু
হিৰোই জয়লাভ কৰাত এটা হেপ্পী এণ্ডিং হ’বগৈ আৰু হাঁহি মুখে আমি হলঘৰৰ পৰা গান এটা
গুণগুণাই ওলাই আহিম। ছয় ধৰণৰ দ্ৰষ্টা বা দৰ্শকৰ চৰিত্ৰ নিৰ্ণয় কৰিবলৈ গৈ
“ষড়দ্ৰষ্টা” নামৰ এটা লেখাত আমি সাংস্কৃতিক উপাদান সমূহৰ আপোন দ্ৰ্ষ্টা প্ৰস্তুতি
পদ্ধতি সমূহৰ কথা লিখিছিলোঁ আৰু তাৰ নাম ৰাখিছিলোঁ “ঘৰুৱা দৰ্শক” বা ডমেষ্টিক
স্পেক্টেটোৰ – যি সকলো জানে। “মন কৰিবলগীয়া কথা যা সাম্প্রতিক হিন্দী
চিনেমাৰ প্রমোচনেল ষ্ট্রেটেজিবোৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতেই গানবোৰ বজাৰত উলিয়াই
দি, পোষ্টাৰ উলিয়াই, নায়ক-নায়িকাৰ মুখৰোচকৰ
কাহিনী সজাই, ৰিয়েলিতি শ্বো পাতি, ‘ইউ-টিউব’ৰ দৰে চ’চিয়েল নেটওৱর্কত প্রচাৰ কৰি আচলতে এই শ্রেণীৰ
ঘৰুৱা দর্শকৰ প্রস্তুতিকেই পোষকতা কৰে। এইবোৰ মার্কেটিং চানেকীয়ে আগতীয়াকৈয়ে চিনেমাখনৰ
সম্পর্কে কিছুমান ক্লু বা সূত্র ভাবি-দর্শকৰ মাজলৈ আগবঢ়াই দিয়ে, যাৰ জৰিয়তে সেই ভাবি দর্শকজনৰ শিল্পকর্মটোত মনোনিৱেশ কৰিবলৈ সুবিধা হ’ব পাৰে” [ঘৰচীয়া বা ঘৰুৱা দর্শক
(Domestic Spectator)]। আমি যিমানেই ‘আমাক নতুন কিবা এটা লাগে’ বুলি কৈ
নাথাকোঁ কিয় মনোৰঞ্জনৰ বাবে চাবলৈ যোৱা চিনেমা এখনত যদি চলমান খান আছে তেনেহ’লে
চলমান খানৰ যিটো ইতিমধ্যে নিৰ্মিত (projected) ইমেজ আছে আমি সেই ৰূপতেই চাবলৈ
বিচাৰিম।
কিন্তু মূলগত ভাবেই শিল্পকলা আৰু কবিতা এনে দুটা
ক্ষেত্ৰ য’ত মানুহে সঁচা অৰ্থতে সদায়ে নতুন কিবা এটা বিচাৰে। অথবা সেইবুলি ভবা হয়।
সভ্যতাৰ আদিকালৰে পৰা আজিকোপতি সেয়েহে এই দুটা ক্ষেত্ৰয়েই মানুহৰ বৌদ্ধিক
জয়যাত্ৰাক নিৰন্তৰ জোকাৰি আহিছে। দ্ৰষ্টাক বিনোদন প্ৰদান কৰা, তৃপ্ত কৰা অথবা
সন্তুষ্ট কৰি ৰখাটো শিল্পকলাৰ অথবা কবিতাৰ উদ্দেশ্য কাহানিও নছিল। বিপৰীতক্ৰমে
সময়ে সময়ে স্থিতাৱস্থাক জোকাৰণি তোলাটোহে ইবোৰৰ উদ্দেশ্য। চিন্তন আৰু মননক এটা
নতুন মাত্ৰা দিব নোৱাৰিলে সেই শিল্প মহত্বৰ তুলাচনীত নুঠে। ছন্দেৰে ৰূপেৰে বৰ্ণেৰে
কেতিয়াবা কবিতা আৰু শিল্পই মানৱ মনক পুলকিত কৰি ৰাখিব পাৰে, কিন্তু তাৰ লগে লগে
সেই পুলকৰ উৰ্ধলৈ গৈ সেই শিল্পই কেনে ধৰণৰ প্ৰশ্ন দ্ৰষ্টাৰ মনত উদ্ৰেক কৰিছে
সেইটোহে মৰ্মভাগত থকা এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া এই প্ৰশ্ন বা কৌতুহলেৰে দ্ৰষ্টা
পাঠকক জোকাৰণি কেনেকৈ তুলিব সেয়া শিল্পকৰ্মটিৰ অন্তৰ্নিহিত চৰিত্ৰই নিৰ্ধাৰণ কৰিব।
সূৰ্যাস্তৰ এখনি মনোমোহা নিসৰ্গ ছবিৰ মাজতো সেই ক্ষমতা থাকিব পাৰে, যদি দিৱাৱসানৰ
ক্ষণৰ ভাৱাকুলতাই আপোনাক ব্যাকুল কৰি তোলে। যদি মাত্ৰ এখন ছবিয়ে, আলোকচিত্ৰই হওক
বা হস্তাংকিতই হওক, আপোনাক দিবা নিশি সন্ধিক্ষণত ক্ষণভংগুৰতা সম্পৰ্কে অথবা
চিৰাচৰিত পৰিৱৰ্তন সম্পৰ্কে কিবা এটা প্ৰশ্নৰ উদ্ৰেক কৰে। এয়া আছিল এটা
দৃষ্টিনন্দন কলাৰ উদাহৰণ। ইয়াৰ বিপৰীতে কোনোবা শিল্পীয়ে দৃষ্টিনান্দনিকতাকেই
সমূলাঞ্চে উৎখাৎ কৰি আপোনাক আমনি কৰিবলৈ বিচাৰিব পাৰে। হ’ব পাৰে আপোনাক আমনি
কৰিবলৈ বিচৰাৰ প্ৰৱণতা তীৰ্যক। তীব্ৰ। আপোচবিহীন। আপোনাৰ পুৰ্ৱাপৰ স্থিত ধাৰণাক ই
নামানিবও পাৰে আৰু আপোনাৰ প্ৰত্যাশা পূৰণৰ বাবে ই দায়বদ্ধ নহ’বও পাৰে। তেতিয়া পাঠক
বা দ্ৰষ্টা হিচাপে আপুনি প্ৰথমে অসন্তুষ্ট হ’ব। সেই অসন্তুষ্টিয়ে যদি মূৰত
খুন্দিয়াই থাকে আপুনি শিল্পীয়ে বা কবিয়ে কিয় এনে কৰিলে বুলি এটা প্ৰশ্ন হাতত লৈ
অণুসন্ধানত ব্ৰতী হ’ব। আপোনাৰ সহজাত আৰাম-বোধ ক্ষুন্ন হ’ব, কাৰন আপোনাৰো কুচ-কাৱাজ
আৰম্ভ হ’ব। আপুনি বুজি উঠিব কেৱল স্ৰষ্টাৰে নহয়, শিল্প নিৰ্মাণত দ্ৰষ্টাৰো কৰণীয়
থাকে।
অসমীয়া শিল্পকলা বুলি একো নাই,
অসমত চৰ্চা হৈ থকা শিল্পকলা সম্পৰ্কে কথা পাতিবলৈ বিশেষ সমল পোৱা নাযায়। কিন্তু
কবিতা সম্পৰ্কে কথা পতাৰ থল আছে। সম্প্ৰতি অসমীয়া কবিতা চৰ্চাৰ গতি বিধিলৈ চাই আমি
মন কৰিছোঁ যে অসমীয়া কবিতাৰ ঐতিহ্য নিৰ্মাণৰ পদ্ধতিটোত কবি, পাঠক, আলোচক-সমালোচক
সকলোৰে বাবে এটা সন্তুষ্টিৰ পৰ্ব চলিব লাগিছে। যি সকল অগ্ৰজ কবিক বৰেণ্য,
প্ৰাত:স্মৰণীয় অথবা অৱশ্যপঠণীয় বুলি মানি অহা হৈছে তেওঁলোকৰ দ্বাৰা নিৰ্মিত কাব্যভাষা
(সমূহ) নিৰ্দ্বিধাই অৱশ্য-অণুকৰণীয় বুলি মানি লোৱা হৈছে। তাৰ ফলশ্ৰুতিত যি ধৰণৰ
কাব্যভাষাৰ অৱতাৰণা হৈ আহিছে সেয়া বিস্তৰভাবে সুৰীয়, লীৰিকেল। কবি আৰু পাঠকৰ মাজতো
ইতিমধ্যেই একধৰণৰ বুজা পৰা অথবা আপোচ হৈ গৈছে। আপোচটো এনে ধৰণৰ যে – পাঠকে যিহেতু
অসমীয়া ভাষাত কথা-বতৰাৰ এটা কালিকা আৰু তাৰ লগতে অসমীয়া কবিতাই আকোঁৱালি লোৱা এটা
সুৰক মান্যতা দি লৈছে, গতিকে কবিয়ে সেই সুৰটো ৰক্ষা কৰিয়ে চলিব। ওলোটাকৈ ক’বলৈ
গ’লে, যিহেতু ইমান দিনে অসমীয়া কবিয়ে এটা “অসমীয়া কবিতাৰ সুৰ” নিৰ্ধাৰণ কৰি লৈছে
গতিকে পাঠকে সেই সুৰটোতেই নতুন কবিতা এটা পঢ়িবলৈ বিচাৰিব। ঠিক এইখিনিতেই
সাম্প্ৰতিক অসমীয়া কবিতাৰ চৰ্চাৰ ৰেহ-ৰূপ সম্পৰ্কে আমাৰ আপত্তি।
আন ঠাইৰ কথা নাজানো, কিন্তু অসম
দেশত এটা কথা ভাল যে কবিতা পঢ়াৰ বা কবিতা লিখাৰ এটা বিস্তৰ পৰিবেশ ইয়াত আছে। বহুতো
নতুন নতুন কবি আমি দেখা পাই আহিছোঁ। তেওঁলোকৰ প্ৰতিভাৰ শলাগ নলৈ নোৱাৰি। তাৰে
কেইবাজনকো ক’ব পাৰি আজন্ম-কবি। একধৰণৰ ‘ঈশ্বৰপ্ৰদত্ত প্ৰতিভা’ৰেই তেওঁলোক
গৌৰৱাম্বিত যেন ধাৰণ হয়। খুব অনায়াসে তেওঁ লোকে একোটা ‘কবিতা কবিতা যেন লগা’ বাক্য
সৃষ্টি কৰি শ্ৰোতা-পাঠকক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে থিতাতে। কিন্তু এই উক্তি যদি
সত্য হয়, কবিতাৰ অগ্ৰগতিৰ বাবে এয়া সুখবৰ হ’ব নোৱাৰে। শ্ৰুতিমধুৰতা অথবা
সুখপাঠ্যতাৰ ধাৰণাটোৱে কবিতালৈ একধৰণৰ স্থিতাৱস্থা কঢ়িয়াই অনাৰ বাহিৰে আন একো
উপকাৰ সাধিব নোৱাৰিব। সুখপাঠ্যতাৰ দাবীৰ আঁৰত হয়তো বহুখিনি বিষয়বস্তু, বহুখিনি
প্ৰসংগ কবিৰ আওতাৰ পৰা বাজতেই ৰৈ যাবলৈ বাধ্য হ’ব। শ্ৰৱণেন্দ্ৰিয়ক তৃপ্ত কৰাই শেষ কথা হোৱা হ’লে সংগীতত
সকলোৱে নিচুকনি গীতকেই ৰচিলেহেতেন। হাৰ্ড ৰক বা মেটেলিকাৰ উত্থান নহ’লেই হেতেন।
দৃষ্টিনান্দনিকতাই শেষ কথা হোৱা হ’লে ছবি যথাদৃষ্টবাদতে অথবা জ্যামিতিতে ৰৈ
থাকিলেহেতেন।
সুখপাঠ্যতা আৰু সুশ্ৰাব্য অথবা শ্ৰুতিমধুৰতাৰ আন
কিছুমান অসুবিধাও আছে। এজন ভাল বক্তাৰ পৰা সম্ভাব্য বিপদ এইটোৱেই
যে তেওঁ কেনেকৈ আৰু কিমান ধুনীয়াকৈ কথাবোৰ কৈছে সেইখিনিতেই আমি মুগ্ধ হৈ থাকোঁ। কি
কথা কৈছে বা কথাৰ মৰ্মখিনি কি সেইবোৰলৈ সোমাবলৈ আমি পাহৰিয়ে থাকোঁ। ভাল কথা ক'ব জনা মানুহে শ্ৰোতাৰ এই দুৰ্বলতাখিনি জানে আৰু সেইমতেই তেওঁলোকে শ্ৰোতাক সহজে
পৰিচালিত কৰে। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ৰাজনীতিলৈ চকু দিলে এই কথাষাৰ বুজিবলৈ হয়তো কাৰো
একো অসুবিধা নহ’ব। ভাষাৰ প্ৰয়োগ বা ফৰ্মৰ মনোগ্ৰাহিতাৰ মাজতে আমি ইমানকৈ
নিমজ্জিত হৈ থাকো যে আচলতে ক'ব খোজা কথাখিনিৰ প্ৰতি আমি আওকাণ কৰি গুছি যাওঁ। এইখিনিতেই সতৰ্ক হোৱাটো পাঠকৰ
দায়িত্ব।
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment