ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, December 20, 2017

পেখু পেখু (ছয়): গল্পকাৰৰ এটিট্যুড

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৭ জানুৱাৰী ২০১৮]

ধৰক কিবা এখন বিশেষ ক্ষেত্ৰত কোনোবা এটা পৰ্যায়ত পাৰদৰ্শিতাৰ বাবে আপোনালৈ এটা বঁটা আগবঢ়োৱা হ'ল অৰু আপুনি লাভ কৰিলে জাউৰিয়ে জাউৰিয়ে শুভকামনা। এনে এক প্ৰাপ্তি আৰু কৃতিত্বৰ কালত আপুনি আপোনাৰ শুভাকাংক্ষীলৈ কি প্ৰত্যুত্তৰ-সংবাদ প্ৰেৰণ কৰিবলৈ বিচাৰিব? আপুনি জড়িত ক্ষেত্ৰখনৰ প্ৰতি আপুনি কিমান দায়বদ্ধ, কেনেকৈ ক্ষেত্ৰখনৰ সৈতে আগলৈ সম্ভাৱনাৰ প্ৰতিশ্ৰুতি বহন কৰি চলিব তাকেই ক'বলৈ নিবিচাৰিব জানো? অলপতে মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা ঘোষনা কৰা হ'ল যে এই সময়ৰ এজন প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ ডালিম দাসে তেখেতৰ "হৰি যদু মধু" গ্ৰন্থৰ বাবে মুনীন বৰকটকী স্মাৰক বঁটা লাভ কৰিছে। কিতাপখনৰ প্ৰথম পঢ়নতেই আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ- ইতিহাস এনেকৈয়ে আগবাঢ়ে। ক বিন্দুৰ পৰা এজনে খ বিন্দুলৈ বলটো লৈ আনে, পাছৰজনে সেই খ বিন্দুৰ পৰা গ বিন্দুলৈ লৈ যাব। এনেকৈয়ে নিৰ্মাণ হ'ব ঐতিহ্য। এয়ে আছিল কথা। এটা অন্য মতো আছে। X জনে যেনেকৈ ক বিন্দুৰ পৰা খ বিন্দুলৈ যিখিনি অভিজ্ঞতাৰ মাজেৰে গতি কৰিলে, Y ৰ ক্ষেত্ৰতো আমি তেনেকৈয়ে চাম, কেনেকৈ তেওঁ‌ ক ৰ পৰা খলৈ গতি কৰিলে। এই দ্বিতীয়টো মত বা ধাৰাই এতিয়াও আমাৰ মাজত প্ৰৱল। সেয়েই আমি বেছিদূৰ আগুৱাব পৰা নাই। ক-ৰ পৰা খ-লৈ আহি আকৌ আমি একেটা যাত্ৰালৈকে উভটি গৈ ভাল পাওঁ‌- কৰ পৰা খলৈ। খুব কম সংখ্যককহে দেখিলোঁ‌ যি X এ আনি দিয়া খ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ডালিম দাস তেনে এজন। যি গল্পৰে আগৰ জনে গল্পজীৱনৰ সমাপ্তি ঘটায়, সেই গল্পৰে তেওঁ‌ৰ আৰম্ভণী। বলটো এনেকৈয়ে আগবাঢ়িব। দাসৰ কিতাপখনে প্ৰকাশৰ বছৰতেই বহুখিনি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়েহে স্বাভাৱিকতেই গল্পকাৰে বহুখিনি শুভকামনা লাভ কৰিলে। এই শুভকামনাৰ সঁহাৰি হিচাপে কৃতজ্ঞতাসূচক বাৰ্তা প্ৰেৰণ কৰি গল্পকাৰে ৭ নৱেম্বৰ তাৰিখে যিখিনি কথা লিখিলে, তাৰ মাজতে আছিল এইখিনি কথা- "যদি এটুকুৰা এঙাৰেৰে ৰাজপথত অঁ‌কিয়াই বকিয়াই সেই গুলুম লাগি থকা কথাবোৰ বেছি ভালকৈ ক'ব পাৰি, মই গল্প লিখা বাদ দি এঙাৰত ধৰিম।" কথাখিনি দেখি তৎক্ষণাৎ মোৰ মনলৈ আহিল, প্ৰখ্যাত চলচ্ছিত্ৰকাৰ ঋত্বিক ঘটকেও এবাৰ কৈছিল- আজি চিনেমা কৰি পইচা পাইছোঁ বাবে মই চিনেমা কৰি আছোঁ। কাইলৈ অন্য কোনোবা মাধ্যমত যদি মই পইচা পাওঁ মই সেই মাধ্যমলৈ গুছি যাম। মই চিনেমাৰ প্ৰেমত আৰু নিচাৰ পৰা নাই। ডালিম দাস বা ঘটকৰ এই কথাখিনিক আমি কি বুলি চাম? স্বাভিমান? এটিট্যুড? আগৰ লেখাত আমি কবিৰ এটিট্যুড সম্পৰ্কে লিখিছিলোঁ। এটিট্যুড বাৰু হয়েই, কিন্তু ই কিহৰ সূচক?

নিজৰ দখল থকা বা নিজে ব্যস্ত হৈ থকা ক্ষেত্ৰখনৰ প্ৰতি আনুগত্য, সন্মান আৰু ভালপোৱা বেয়া কথা নহয়। এজন শিক্ষক প্ৰকৃত শিক্ষক তেতিয়াহে হৈ উঠিব যেতিয়া শিক্ষকতাৰ প্ৰতি এটা টান বা আৱেগ থাকিব। বিশেষকৈ লেখক-সহিত্যিকৰ টান এটা থাকেই। অসমত জীৱিকাৰ তাড়নাত পৰি বাধ্য হৈ কোনো লেখক নহয়। এটা আন্তৰিক তাগিদাতেই সকলোৱে লিখে। কবিৰ কবিতাৰ সৈতে বা গল্পকাৰৰ গল্পৰ সৈতে এটা এৰাব নোৱাৰা টান থাকে আৰু সেইটো আমি এই সময়ৰ সমস্ত লেখকৰ মাজতেই দেখি আহিছোঁ। কবিয়ে কবিত্বক উদযাপন কৰাৰ নজিৰ বিৰল নহয়। জ্যোতিপ্ৰসাদেও 'কবি মই' বুলি কবিতা লিখিছিল, হীৰেন নামৰ কবিয়েও "কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ" বুলি কবিত্বক একাধিকবাৰ উদযাপন কৰি গৈছে। এই সময়ৰ কবি নিবেদিতা ফুকনৰ পৰা অনিতা গগৈলৈকে বহুতে "কবি মই, কবিতাৰ বাহিৰে একো লিখিব নোৱাৰোঁ"ৰ দৰে কবিত্বক উদযাপন কৰা দেখোঁ। মনালিছা শইকীয়া, গীতালি বৰাৰে পৰা সৃষ্টি শ্ৰেয়ম বা জুৰি বৰুৱালৈকে গল্পকাৰ সকলে নিজৰ গল্পকাৰ-সত্তাক উদযাপন কৰা দেখোঁ গল্পৰ ভিতৰে বাহিৰে, অৰ্থাৎ গল্পৰ আংগিকৰ মাজতো সেই গল্পকাৰ গল্পকাৰ হিচাপেই সোমাই পৰে, আনহাতে ৰাজহুৱা স্তৰতো গল্পৰ নিৰ্মান আৰু গল্পৰ চৰিত্ৰৰ বিচৰণ আদিৰে সৈতে নিজৰ বিষয়ী অৱস্থানটোক লৈ সময়ে সময়ে সচেতন হৈ ৰয়। এজন গল্পকাৰ বা এজন কবিৰ এটা কৃতিত্বৰ সংবাদে আমালৈ কঢ়িয়াই আনে প্ৰতিশ্ৰুতি, আৰু আমাৰ (আমাৰ মানে পাঠকৰ, দ্ৰষ্টাৰ, স্পেক্টেটৰ-ৰ) প্ৰতিশ্ৰুতিয়ে দায়ৱদ্ধ কৰি তোলে সেই কৰ্তাক। আমি জানো ডালিম দাসৰ গল্পনিৰ্মানত দখল কিমান। আমি জানো ঋত্বিক ঘটকৰ জন্মই হৈছিল চিনেমাৰ বাবে। কিন্তু সেই ডালিম দাসে বা সেই ঘটকে যদি কয় "মই গল্প লেখা বাদ দিম" বা "মই চিনেমা কৰা বাদ দিম", তাৰ পৰা আমি কি বুজিম, বা এই মনোবৃত্তিটোক কেনেদৰে পৰ্যবেক্ষণ কৰিম?   

নিজৰ মাধ্যমটোৰ প্ৰতি আনুগত্যখিনি প্ৰয়োজনীয় বুলি স্বীকাৰ কৰিও এই কথা ক'বলৈ বাধ্য হওঁ যে এটা মাধ্যমৰ প্ৰতি অত্যাধিক আনুগত্য বৰ ভাল কথা নহ'বও পাৰে। চিত্ৰশিল্পীয়ে ৰং আৰু ৰূপৰ সৈতেই খেলিব। সেয়েই তেওঁৰ জগত। সেই ৰং আৰু ৰূপৰ নিজস্ব আৱেদনৰ পৰিপ্ৰেক্ষিততেই শিল্পীক বুজিবলৈ চেষ্টা কৰিব লাগিব। তেনেকৈয়ে শব্দৰ সৈতে খেলা কৰা খনিকৰক শব্দৰ খেলাৰ আধাৰতেই বুজিবলৈ চেষ্টা কৰিব লাগিব। এইখিনি কথাত দ্বিমত থাকিব নালাগে। কবিয়ে কবিতাক আৰু গল্পকাৰে গল্পক উপাসনা নকৰি কৰিব কাক? কিন্তু কবিতা মানৱ সভ্যতাৰ এক অনুপম সৃষ্টি বুলি গদগদ হৈ তাৰ উপাসনাতে মছগুল হৈ থকাৰো কিছুমান অসুবিধা আছে। এইখিনি কথা আজিৰ তাৰিখত পতাটো জৰুৰী এইবাবেই যে কবি হিচাপে বা গল্পকাৰ-উপন্যাসিক হিচাপে এক অতি-ৰোমাণ্টিক মনোবৃত্তি অসমীয়া চৰ্চাকাৰী সকলৰ মাজত সঘনে পৰিলক্ষিত হ'বলৈ লৈছে। কবিয়ে কাব্যবন্দনাৰ নামেৰে কবিতাৰ তোষামোদত আৰু তেনেকৈয়ে গল্পকাৰে গল্প-সাহিত্যৰ তোষামোদত নিমগ্ন হৈছে। এহাতে কোনোবাখিনিত যেন এটা বিৰাট সংকট- আমিয়েই কবিতাক উদ্ধাৰ নকৰিলে কবিতাৰ ভৱিষ্যৎ বুলিবলৈ আৰু একো নাথাকিব। কিন্তু তেওঁলোকে পাহৰি যায় যে কবিতা তেওঁলোকে ভাবি থকাতকৈ বহুত বেছি শক্তিশালী এটা মাধ্যম। নহ'লেবা ঘটনাটো ঘটে এনেকৈ- যিহেতু কবিতা মানেই বিৰাট কিবা এটা, ইয়াৰ উপাসনা নকৰিলে ভয়ংকৰ পাপ হ'ব। তেওঁলোককো একেদৰেই ক'বলগীয়াত পৰে যে আপুনি ভাবি থকাৰ দৰে কবিতা বিৰাট কিবা এটাও নহয়। আপুনি কেৱল কবিতাটো লিখক, অথবা গল্পটো লিখক। আপোনাৰ কবিসত্তা বা গল্পকাৰ-সত্তাক সময়ে নিজে উদযাপন কৰিব।আন্যথা ইয়াৰ ফলত আমি দেখা পোৱা সমস্যাটো হৈছে এইখিনিত যে- ইমানবোৰ কবিতা আৰু গল্প লিখা হৈ থকাৰ পিছতো, পঢ়া হৈ থকাৰ পিছতো কেনিও সেইবোৰৰ মাজৰ পৰা কোনোধৰণৰ বাগধাৰাৰ সম্প্ৰসাৰণ ঘটা নাই।

*
কিন্তু মাধ্যমগত চৰ্চা বা কচৰতৰ সিপাৰেও এখন জগত আছে যিখন বক্তব্যৰ জগত, বক্তাৰ বিষয়ী-অৱস্থান বা ব্যক্তিনিষ্ঠাৰ জগত। একক আৰু স্বতন্ত্ৰ ব্যক্তি-বিশেষ হিচাপে আপুনি মুক্ত। এটা মাধ্যমে আপোনাক বান্ধি ৰাখিব নোৱাৰে। কথাখিনি ফৰ্ম আৰু কণ্টেণ্ট সম্পৰ্কীয় সেই পুৰণি আৰু কাহানিও নিৰসন নোহোৱা আহুকলীয়া দ্বন্দটোৰ এটা পৰ্যায়ত কণ্টেণ্টো এটা ফৰ্ম আৰু ফৰ্মো এক প্ৰকাৰৰ কণ্টেণ্ট বুলি সন্তুষ্টি ল'বলগা হোৱাৰ দৰে। একে ধৰণৰ এটা কুটাভাস হ'ল- সৃষ্টিৰ জগতখনৰ সমস্ত মাধ্যমৰে যথেষ্ট জোৰ আছে যে ই বিশ্বৰ যিকোনো বিষয়বস্তুকেই নিজৰ মাধ্যমেৰে ধৰি ৰাখিব পাৰে; আৰু একে সময়তে সকলো মাধ্যমৰে মাধ্যমগত সীমাবদ্ধতাও সমানে আছে যাৰ বাবে মাজে মধ্যে স্ৰষ্টাৰ ব্যক্তিমনে অন্য কেনিবা পলায়ন কৰিব খোজে। মাধ্যমৰ সীমাবদ্ধতা সেয়েহে আৰু পাতিবলগীয়া কথা হৈ নাথাকে। যিটো কথা পাতিব পাৰি বা পতা উচিত সেইটো হ'ব পাৰে- সীমাৰ বিস্তাৰণ (Pushing the boundary)। সৌৰভ কুমাৰ চলিহাৰ "ভাল খবৰ" এটা স্বয়ংসম্পূৰ্ণ ভাল লেখা। তেনেহ'লে তাকে ভিত্তি কৰি আলতাফ মজিদে এখন ছুটি চিনেমাৰ নিৰ্মাণ কিয় কৰিছিল? মনালিছা শইকীয়াৰ "পুনৰ জনম লয় তেজীমলাই" যদি গল্প হিচাপে সফলেই আছিল, তাকে লৈ ৰবীন্দ্ৰ ভৱনত মঞ্চাভিনয়ৰ অভিযোজনা কিয় কৰিবলগীয়া হৈছিল? মাধ্যমৰ পৰা মাধ্যমান্তৰ আচলতে বিকল্প নহয়। বিস্তাৰণ।

বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত আমি শিল্প বিষয়ক কৰ্মশালা পাতি আহিছোঁ। বাৰে বাৰে বিভিন্ন ক্ষেত্ৰত জড়িত সৃষ্টিশীল আৰু চিন্তাশীল ন-শিকাৰুৰ মুখামুখি হৈ বাৰে বাৰে শিল্পৰ মৰ্মস্থলৰ মূলগত প্ৰশ্নখিনিৰ সন্মুখীন হ'বলগীয়াত পৰে। স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতত সকলো কথাৰেই মানে বা অৰ্থ সলনি হৈ গৈ থাকিলেও আমি দেখিলোঁ যে যিবোৰ কথা এৰাব নোৱৰাকৈ সঁচা হৈ ৰয় তাৰ মাজত এটা হ'ল- শিল্পকৰ্ম এটাই কেনে ধৰণৰ বাগধাৰাৰ জন্ম দিছে বা এটা বাগধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ই কেনেকৈ কি ভূমিকা পালন কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে শিল্পকৰ্মটিৰ অস্তিত্বৰ গুৰুত্ব। যদি সেয়ে হয়, তেনেহ'লে সকলোৰে শেষত যিটো ৰৈ যায় সি হ'ল এটা বাগধাৰা। চিনেমা এখন চোৱাৰ পিছত সৈ শেষ হৈ যায়। যি ৰৈ যায় সি হ'ল এটা কথোপকথনৰ অচিলা। নাটকখনো শেষ হৈ যায়। গান শেষ হৈ যায়। ছবি এখন এদিন নষ্ট হৈ যায়। কবিতা বা গল্পৰ কিতাপ এখনো কোনোবাই পঢ়িবলৈ নি ঘূৰাই নিদিয়া হয়। সকলো শেষ হৈ যায়। যিটো ৰৈ যায় সি হ'ল এটা কথোপকথনৰ অচিলা।

এতিয়া আমি কেইটামান সিদ্ধান্তলৈ আহিম। প্ৰথম, কিবা এটা ক'বৰ বাবেই, কিবা এটা প্ৰকাশ কৰিবৰ বাবেই যদি শিল্পৰ আশ্ৰয় লোৱা হয়, তেনেহ'লে সেই প্ৰকাশ অমুক মাধ্যমতেই হ'ব লাগিব, তমুকটোত নহয়- এনে ধাৰণাৰ পোষকতা কৰাৰ মানে নাই।  দ্বিতীয়, দেখাত একক যেন লাগিলেও কোনো মাধ্যমেই আচলতে এটা ভৰিত থিয় দি এঠেঙীয়া হৈ থাকিব নোৱাৰে। পৰিৱেশনধৰ্মী কলাৰ ক্ষেত্ৰত এইটো বুজিবলৈ সহজ যে ই বহুখিনি কৰ্তা, কলাকুশলীৰ সহযোগতহে সম্ভৱপৰ হয়। গান এটা শুনোঁতেও তাৰ আঁৰত গীতিকাৰ, সংগীতকাৰ, বাদ্যযন্ত্ৰী, শব্দযন্ত্ৰী আৰু বহুতো মানুহৰ দিন-ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰম সোমাই আছে। এনেকৈয়ে কিন্তু সাধাৰণ ভাবে এজন গল্পকাৰে লিখা এটা মাত্ৰ গল্পও একক নহয়। তাত বহুখিনি ভূমিকা পালন কৰে পাঠকৰ ৰুচি-অভিৰুচিয়ে, প্ৰকাশন ব্যৱস্থাই। গল্পৰ সমল আহৰিত সেই পৰিৱেশ, চৰিত্ৰ আৰু বহুখিনি নোকোৱাকৈ ৰৈ যোৱা বস্তু-বিশেষে। গতিকে প্ৰতিটো ফৰ্ম বা ৰূপ বা মাধ্যমৰ মাজতেই এটা ক'লাব'ৰেটিভ চৰিত্ৰ নিহিত আছেই আছে। সেইটোক উপেক্ষা কৰি চলি মই কবি বা মই গল্পকাৰ বুলি একক অস্তিত্বৰ দাবীদাৰ হৈ বহি থকাটো অশোভনীয়। অসুবিধাটো সেইখিনিতেই হয় যেতিয়া গল্পৰ ভাষ্য অথবা গল্পৰ নিজস্ব উপস্থিতিক পিছপেলাই গল্পকাৰৰ আপোন সত্তাই অধিক প্ৰাধান্য পাবলৈ লয়। অসুবিধা তেতিয়াই হয় যেতিয়া কবিতাৰ স্বকীয় উপস্থিতিক অতিক্ৰমি গৈ কবিত্বৰ উদযাপনে অধিক গুৰুত্ব পায়। ক'বলৈ কথা নাই, নক'ব। লিখিবলৈ মন যোৱা নাই, নিলিখিব। এটা মাধ্যমৰ পৰা ফালৰি কাটি গৈ অন্য এটা মাধ্যমত আপুনি তৃপ্তি বিচাৰি পাইছে যদি তাকে কৰক। সম্পূৰ্ণ স্বাধীনতা আপোনাৰ আছে। এইখিনিতেই ডালিম দাস আৰু ঘটকৰ অৱস্থানখিনি গুৰুত্বপূৰ্ণ।  


সমুদ্র কাজল শইকীয়া 

No comments: