ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, October 3, 2018

পেখু পেখু (বাইশ): আত্মসাৎ (appropriation আৰু misappropriation)


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৩০ চেপ্তেম্বৰ, ২০১৮]
ডেলাক্ৰ'ৱাৰ "লিবাৰ্টী লিডিং পিপল"

প্ৰয়োগ আৰু অপপ্ৰয়োগ- দুয়োটা কথাৰ মানে একেটাই হ'ব পাৰেনে? যেতিয়া এপ্ৰ'প্ৰিয়েচন শব্দটোৰ কথা কোৱা যায় তেতিয়া হ'ব পাৰে। এই কথাষাৰৰ এটা মজাৰ দিশ এয়ে যে বেছিভাগ সময়তেই এপ্ৰ'প্ৰিয়েচন আৰু মিছ-এপ্ৰ'প্ৰিয়েচন দুয়োটাই একেই অৰ্থ বুজায়। এপ্ৰ'প্ৰিয়েচন মানে হ'ল কোনোবা এটা পূৰ্ৱস্থিত বস্তুক নিজৰ সুবিধা মতে নিজৰ প্ৰয়োজনত সজাই পৰাই লোৱাটো। খুব বেছি মৌলিকতা বা "সত্য-সন্ধান"ৰ কথা কৈ থকা মানুহখিনিক এই বিষয়টো বুজাবলৈ অলপ অসুবিধা হ'ব। অসুবিধাটো আকৌ হ'ব সত্য সম্পৰ্কে তেওঁলোকে কৰি থকা একধৰণৰ এপ্ৰ'প্ৰিয়চনৰ বাবেই, আন একো কাৰণ নাই।

এপ্ৰ'প্ৰিয়েচনৰ বাবে উপযোজন বুলি অসমীয়া শব্দ এটা আছে (উৎস- 'শব্দ ডট ইন'ত প্ৰবোধ বৰাৰ সংযোজন)। ইয়াৰ লগে লগে মনলৈ আহিব পৰা আন এটা শব্দ হ'ল অভিযোজন। বিশেষকৈ নাটকৰ অনুবাদ আৰু তাৰ পৰিৱেশনাৰ ক্ষেত্ৰত অভিযোজনা শব্দটো বেছিকৈ ব্যৱহৃত হয়। ইয়াৰ বাবে আনটো ইংৰাজী শব্দ- এডাপ্টেচন (adaptation)। আপুনি হয়তো শ্বেইক্সপীয়েৰৰ ইংৰাজী মূলৰ নাটক এখন অসমীয়ালৈ তৰ্জমা কৰিলে, কিন্তু তাকে কৰিবলৈ যাওঁতে অসমৰ পৰিৱেশ-পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিজা কৰি ল'লে- সেয়ে এডাপ্টেচন, অভিযোজনা। পৰিৱেশনৰ ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহৃত আন এটি প্ৰাসংগিক শব্দ- ইম্প্ৰোভাইজেচন (improvisation)। এই কাৰণতেই ডেনমাৰ্কৰ ৰাজকুমাৰ হেমলেট অসমলৈ আহি হ'লহি ৰাজকুমাৰ হেমেন্দ্ৰজিৎ। নিজৰ প্ৰয়োজন অনুসাৰে তুলি লোৱা প্ৰক্ৰিয়াটোৱেই ইম্প্ৰোভাইজেচন। কিন্তু প্ৰায় সমাৰ্থক যেন লাগিলেও এপ্ৰ'প্ৰিয়েচন শব্দটো বহুলাংশে ৰাজনৈতিক আৰু জটিল। অভিযোজনাত থকা স্পষ্টতা ইয়াত নাথাকিবও পাৰে। অভিযোজনাত থকা সততাখিনিও ইয়াত আশা কৰিব নোৱাৰি। কাৰণ এপ্ৰ'প্ৰিয়েচন বুলিলে যিখিনি বুজা যায় সেইখিনিত বেছিভাগ সময়তে মূল বা উৎসৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰা নহয়, সৌজন্যতাও নাথাকে। এটা সময়ত পাবলো পিকাছোৱে আফ্ৰিকাৰ মুখা-শিল্পৰ সংবেদনশীলতাখিনি আয়ত্ব কৰি যেতিয়া নিজৰ ছবিত ব্যৱহাৰ কৰিবলৈ লৈছিল আফ্ৰিকা মূলৰ লোকশিল্পীৰ পৰা অনুমতি লৈছিলনে? একপ্ৰকাৰে কুম্বীলক বা চৌৰ্যবৃত্ত্তিৰো ই কছৰৎ। নিজৰ প্ৰভূত্ব স্থাপন আৰু প্ৰসাৰৰ লগে লগে ক্ষমতাকেন্দ্ৰিক দিশ এটাও ইয়াত আছে। ইয়াৰ লগত জড়িত দিশখিনি হ'ল- নিজাকৰণ, আত্মসাৎকৰণ, দখলদাৰীত্ব।

আভিধানিক ভাবে :- appropriation/ misappropriation:  Take (something) for one's own use, typically without the owner's permission. "the accused had appropriated the property". synonyms: seize, commandeer, expropriate, annex, arrogate, sequestrate, sequester, take possession of, take over, assume, secure, acquire, wrest, usurp, claim, lay claim to, hijack
উপযোজন : কামত খটোৱা কাৰ্য্য, গ্রাহ, গ্রাস, দখল, আত্মসাৎ, অধিকৰণ, অধিকাৰ সাব্যস্তকৰণ। 

"ষ্টেচ্যু অফ লিবাৰ্টী" আৰু আইক'ন'ক্লাজম

কিন্তু আমি স্বীকাৰ কৰোঁ বা নকৰোঁ, সকলো সময়তে মানৱ-কৃত সকলো কামতেই এপ্ৰ'প্ৰিয়েচন সংযুক্ত হৈ আহিছে। এটা পৰ্যবেক্ষণে কয় যে শিশু এটিৰ পুতলাৰ প্ৰতি যি হেঁপাহ, সেয়াও আচলতে পুতলাটোক নিজৰ কৰি ল'বলৈ বা তাৰ ওপৰত নিজাববীয়া অধিকাৰ সাব্যস্ত কৰিবৰ বাবে থকা হাবিয়াসখিনিৰেই বহিৰ্প্ৰকাশ (আমেৰিকান বুৰঞ্জীবিদ আৰু সমাজ সমালোচক খ্ৰিষ্টোফাৰ লেশ্চৰ কথাৰ আঁত ধৰি)। শালগছৰ পাতবোৰ সী কৰা কাঁহীত আমি ভাত খাওঁ, কলৰ পাতত ভাত খাওঁ। কিন্তু আমি ভাত খাম বুলিতো আৰু শলহগছৰ পাতবোৰ গজি উঠা নাছিল, বা কলগছৰ পাতবোৰো সেই অৰ্থত আচলতে গজা নাছিল। কিন্তু প্ৰয়োজনত সেইবোৰ আমি আমাৰ সুবিধামতে ব্যৱহাৰ কৰিলোঁ। অতি সৰল ভাবে বুজিবলৈ হ'লে এইটোৱেই এপ্ৰ'প্ৰিয়েচন। পূৰ্ৱস্থিত একোপদ বস্তুক আমি আমাৰ প্ৰয়োজনত ব্যৱহাৰ কৰিলোঁহক। মৌজোলকণ সংগ্ৰহ কৰিবৰ পৰত আমি মৌ-জাকক সুধি নলওঁ। ফুলপাহ ছিঙিবৰ পৰতো গছজোপাৰ অনুমতি লোৱাৰ প্ৰয়োজন অনুভৱ নকৰোঁ।  
 
"হেমলেট"ৰ অসমীয়া অভিযোজনা "ৰাজকুমাৰ হেমেন্দ্ৰজিৎ"
শ্ৰীমন্ত শংকৰদেৱ নামৰ ঐতিহাসিক চৰিত্ৰটোৰ বহুধৰণৰ ব্যাখ্যা হ'ব পাৰে। কিন্তু অসমীয়া মনস্তত্বত ইমানদিনে সৰ্বভাৰতীয় মূৰ্তি-পূজাৰ বিৰোধিতাকাৰী এক নাম-ধৰ্মী নব্য-বৈষ্ণৱবাদী চৰিত্ৰ হিচাপেই ই গঢ় লৈ উঠিছিল। কিন্তু অতি সম্প্ৰতি শংকৰদেৱে অসমৰ কথা কোনোদিনেই কোৱা নাছিল ভাৰতবৰিষৰ কথাহে কৈছিল, এনে ধৰণৰ কথাৰ প্ৰসাৰেৰে শংকৰদেৱকো আকৌ এই সময়ৰ প্ৰভূত্বশীল হিন্দুত্ববাদীসকলে নিজৰ মতে সেই চৰিত্ৰটোক এপ্ৰ'প্ৰিয়েট কৰি ল'বলৈ চেষ্টা কৰি আহিছে। সমসাময়িক এপ্ৰ'প্ৰিয়েচনৰ এইটো যেনেকৈ এটা উদাহৰণ তেনেকৈয়ে শংকৰ-কৃত সৃষ্টিৰাজিও যে আচলতে পূৰ্ৱস্থিত ভাৰতীয় দৰ্শন চৰ্চাৰ কিছু সুনিৰ্বাচিত অংশৰ এপ্ৰ'প্ৰিয়েচনেই আছিল সেইখিনি কথাও মন কৰিবলগীয়া। একেবাৰে নতুন একো দৰ্শন, তত্ব বা প্ৰথা শংকৰে উদ্ভাৱন কৰা নাছিল যি কৰিছিল সেয়া হ'ল সংগ্ৰহ, সংমিশ্ৰণ, তৰ্জমা, অভিযোজনা, ইম্প্ৰোভাইজেচন আৰু এপ্ৰ'প্ৰিয়েচন। এটা স্থান আৰু কাল সাপেক্ষ সাৰ্থক সংশ্লেষণৰ দক্ষতাখিনিয়েই শংকৰৰ যুগান্তকাৰী কৃতিত্ব।
 
আফ্ৰিকান মূলৰ লোকশিল্প আৰু পাবলো পিকাছোৰ কাম 
চলতি সময়খিনিৰ ৰাজনৈতিক ঘটনাৰাজিয়ে এপ্ৰ'প্ৰিয়েচন সম্পৰ্কে বুজিবলৈ আমাক প্ৰচুৰ সমল সুবিধা দি আহিছে। বিগত শতিকাৰ শেষাৰ্ধত মূৰ দাঙি উঠা সমস্ত পৰিচয়-ৰাজনীতি (আইডেণ্টিটী-প'লিটিক্স)-ৰ বাবে আটাইতকৈ প্ৰশস্ত হাথিয়াৰ হ'ল এপ্ৰ'প্ৰিয়েচন। ঐতিহাসিক সমল একোটাক জাতি, গোষ্ঠী কিম্বা ব্যক্তিৰ আদৰ্শৰ অনুপাতে এটা সাঁচত পেলাই লৈ তাক নৱ-ৰূপ দিয়াটোৱেই এপ্ৰ'প্ৰিয়েচন। দলিত ৰাজনীতিৰ সৈতে আম্বেদকাৰৰ নামৰ সংযুতি আৰু শেহতীয়াকৈ দীনদয়াল উপাধ্যায়ৰ নামেৰে বিভিন্ন নিৰ্মাণৰ উদ্যোগ দুয়োটাই এপ্ৰ'প্ৰিয়েচনৰ উদাহৰণ। কালাপাহাৰী ঘটনা বা Iconoclasm-ৰো মূল কাৰক এপ্ৰ'প্ৰিয়েচনৰ প্ৰয়াস। সঘন উচ্চাৰিত শৰাইঘাটৰ ৰণখন মোগল সাম্ৰাজ্যৰ বিস্তাৰ ৰোধৰ ৰণ বুলি থকা জ্ঞানখিনিৰ সম্প্ৰসাৰণ ঘটাই সেয়া হিন্দু আৰু মুছলমানৰ ৰণ বুলি এটা নতুন ব্যাখ্যাৰ জন্ম হৈছে। মোটামুটিকৈ এপ্ৰ'প্ৰিয়েচন এয়াই।

জনমানসত প্ৰচলিত এটা ধাৰণাত আঘাত কৰাৰ ফলত, সহজাত অনুভূতিত আঘাত কৰাৰ বাবে এনে ধৰণৰ ঘটনা নতুন যেন লাগে। কিন্তু আমাৰ সকলোৰে জ্ঞাত, সুপৰিচিত, সতী জয়মতীৰ চৰিত্ৰটোও (কিজানিবা) বাস্তৱ নহয় বৰঞ্চ আধুনিক (আধুনিকতাবাদী) অসমীয়া পৰিচয়, ঐতিহ্য তথা জাতীয় গৌৰৱ সাব্যস্ত কৰিবৰ জোখাৰে এটা নিৰ্মিত কল্প-চৰিত্ৰহে মাত্ৰ সেই কথাটোতো প্ৰশ্ন তোলা হৈছে আৰু সেই প্ৰশ্ন একেবাৰে অমূলক নহয়। আধুনিকতাবাদ সম্পৰ্কীয় সমস্ত আলোচনা, আৰু বিশেষকৈ অসমৰ ঐতিহাসিক প্ৰেক্ষাপটত ইয়াৰ ব্যাখ্যা কিম্বা বিশ্লেষণ বেছিভাগ সময়তেই আউললগা হৈ ৰোৱাৰ এটা মূখ্য কাৰণ এয়ে যে আধুনিকতাবাদ বুলি এটা পশ্চিমীয়া ধাৰণাক ভাৰতীয়কৰণ কৰি লোৱা হৈছিল আৰু বংগীয় নৱজাগৰণ আৰু পুনৰোত্থান (ৰিভাইভেলিজম)ৰ লক্ষনসমূহকে অসমৰ ক্ষেত্ৰতো পুনৰীক্ষণ কৰি থাকিবলৈ চেষ্টা কৰি থকা হৈছিল। সেই অৰ্থত আধুনিকতাবাদ কথাষাৰেই এপ্ৰ'প্ৰিয়েচনৰ মাজেৰে আহি আমাৰ ওচৰ চপা বস্তু। আমেৰিকাৰ গৌৰৱ, ওপৰলৈ হাত তুলি থকা প্ৰখ্যাত প্ৰতিমা "ষ্টেচ্যু অব লিবাৰ্টি" আচলতে ফৰাছী বিপ্লৱৰ আধাৰত ইউজিন ডেলাক্ৰোৱাই অঁকা "মুক্তিয়ে নেতৃত্ব দিয়া জনতা" শীৰ্ষক বিখ্যাত ছবিখনৰ মুক্তি বা "লিবাৰ্টী"ৰ অভিযোজনা। আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা অশোক চক্ৰটোও এপ্ৰ'প্ৰিয়েচনৰেই নমুনা।
 
ৰাজনৈতিক কাৰণত ভঙা আম্বেদকাৰৰ মূৰ্তি 
আমি আজি যি ভাষাৰে কথা পাতি আছোঁ সেই ভাষাটো আমাক কোনোবাই শিকাই দিয়া ভাষা। আশৈশৱ লৈ আহিছোঁ পাঠগ্ৰহণ, শিকি আহিছোঁ বৰ্ণমালা, উচাৰণ, একো একোটা সংকেতৰ কি মানে হ'ব পাৰে। উমৈহতীয়া বুজাপৰা আৰু আদান-প্ৰদানৰ মাজেৰেহে ভাষা এটাই কাম কৰিব পাৰে, এক সাৰ্বিক গ্ৰহণযোগ্য ব্যকৰণৰ মাধ্যমেৰে। এনেকুৱা পৰিপ্ৰেক্ষিতত একান্ত মৌলিক প্ৰকাশ কেনেকৈ সম্ভৱ হ'ব পাৰে? খুব বেছি হ'ব পাৰে শব্দ চয়নত, ভাৱ প্ৰকাশৰ পদ্ধতিত কোনোবাই আনিবলৈ চেষ্টা কৰা কিছু অভিনৱত্ব অথবা বৈচিত্ৰ্য মাথোঁ। একান্ত মৌলিক বুলি যে একোৰে অস্তিত্ব থাকিব নোৱাৰে সেই কথাৰ যুক্তি দি গৈ থাকিলে আৰু অলপ আগবাঢ়ি গৈ পদাৰ্থ বিজ্ঞানে সন্মত হোৱা এই কথাষাৰলৈকো মন কৰিব পাৰি। বস্তুৰ আৰু শক্তিৰ ক্ষয় কিম্বা জন্ম নহয়, কেৱল ৰূপান্তৰিত হয়। ভাষাৰ, শিল্প-সৃষ্টিৰ, চিন্তন প্ৰক্ৰিয়াৰ নতুনকৈ জন্ম নহয়। কেৱল ৰূপান্তৰিত হৈ গৈ থাকে।  

শিল্পত এপ্ৰ'প্ৰিয়েচনৰ গুৰুত্ব অপৰিসীম। এপ্ৰ'প্ৰিয়েচনৰ পৰিপ্ৰেক্ষিতেৰেও শিল্পৰ ৰসাস্বাদনৰ পদ্ধতিগত বাট এটা ওলায়। আপুনি যদি সৃষ্টিশীল কৰ্মত নিয়োজিত, তেন্তে এক্ষন্তেক ভাবি চাওক। আপুনি আজি নিজা সৃষ্টি বুলি ভাবি থক কবিতাটো আচলতে হয়তো নীলমণি ফুকন নামৰ আন এজন কবিয়ে নিৰ্মাণ কৰি থৈ যোৱা কাব্যভাষা আত্মসাৎ কৰিহে লিখি আছে। আপুনি গাই থকা গানটো হয়তো বিগত আঢ়ৈ দশকত জুবিন গাৰ্গ নামৰ এজন গায়কে সাব্যস্ত কৰি থোৱা এটা গায়কী আত্মসাৎ কৰিহে গাই আছে। ক'ব নোৱৰাকৈয়ে, অথবা ইচ্ছাকৃতভাবেই আপুনি সকলো সময়তে আনৰ পৰা কিবা নহয় কিবা এটা আত্মসাৎ কৰি আছে।  
 
"লাডেন পট", লোকশিল্প পটচিত্ৰত আহি সোমাই পৰা সমসাময়িক ঘটনা- বিন লাডেন আৰু ৯/১১ 



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: