[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৯ চেপ্তেম্বৰ, ২০১৮]
গল্পকাৰ সৃষ্টি শ্ৰেয়মৰ অঁকা ছবি |
যিকোনো মাধ্যমৰে সম্ভাৱনাৰ সম্প্ৰসাৰণৰ কথাকেই
আমি কৈ থাকোঁ। এটা মাধ্যমত সিদ্ধহস্ত একোজন ব্যক্তিৰ অন্য মাধ্যমত থকা দখলৰ কথাও
এনেকৈয়ে আমাৰ দৃষ্টিৰ পৰিসৰলৈ আহে। বিশেষকৈ সাম্প্ৰতিক সময়ত মাল্টি-ডিছিপ্লিনেৰী, ইণ্টাৰ-ডিছিপ্লিনেৰী, ক্ৰছ-জনাৰ আদি বহুত্ব-সূচক শব্দবোৰৰ প্ৰচলণ বৰকৈ ঘটিব লাগিছে। এটা মাধ্যমৰ
কলা-কুশলী কেৱল সেই সংশ্লিষ্ট মাধ্যমতেই ওৰে জীৱন জড়িত হৈ থাকিব লাগিব বুলি কোনো
কথা নাথাকে। বৰঞ্চ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ কৰা বিস্তাৰনে নতুন নতুন
সম্ভাৱনাৰ বাটহে কঢ়িয়াই অনা দেখা যায়। কিন্তু কিবা এটা কাৰণত যিমানেই আমি
মাল্টি-ডিছিপ্লিনেৰী, ইণ্টাৰ-ডিছিপ্লিনেৰী
আদি শব্দৰ পয়োভৰ দেখিবলৈ লৈছোঁ সিমানেই মাধ্যমগত সীমাবদ্ধতাখিনি বাঢ়ি অহাহে
পৰিলক্ষিত হয়। সৃষ্টিশীল কাম আৰু চিন্তাশীল কামৰ ক্ষেত্ৰত সামগ্ৰিক নন্দনতাত্বিক
বোধৰ অভাৱেই ইয়াৰ কাৰণ। কিছুদিন আগতে অসমীয়া কবিতাৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে
কথা পাতোতেও এইখিনি কথাই সন্মুখলৈ আহিছিল যে শব্দ আৰু ভাষাৰ কচৰৎ কৰি গৈ থাকোঁতে
কোনোবাখিনিত যেন অসমীয়া কবিতাৰ যাত্ৰাপথত এটা বহল অৰ্থত দাৰ্শনিক পৰম্পৰা ক্ৰমশ:
কমি গৈ থাকি প্ৰায় নোহোৱাই হৈ থাকিল। কবিতা এটা সুখপাঠ্য হৈছে নে নাই, পাঠক-সমালোচকৰ বাবে মনোগ্ৰাহী হৈ উঠিছে নে নাই আদিবোৰ কথাতে
কথাবোৰ নিমজ্জিত হৈ থাকোতে ব্যক্তিবিশেষৰ জীৱন-বীক্ষা, জগত-দৰ্শন আদিবোৰ কথা আৰু কোনেও পাতিবলৈ আহৰি নোপোৱা হ'ল।
অসমৰ সাংস্কৃতিক চৰ্চাকাৰী সকলৰ মাজত চালভাডোৰ
ডালি এক অন্যতম জনপ্ৰিয় শিল্পী। ডালিক চিত্ৰকৰ বুলিয়ে জনা যায়। কিন্তু একে সময়তে
ডালি আৰু লুই বুনুৱেলৰ যৌথ প্ৰয়াসত (ক'লাবৰেচন)
নিৰ্মিত চিনেমা আৰু ভিডিঅ' শিল্প সমূহৰ কথা
কোনে অস্বীকাৰ কৰিব? ভাষ্কৰ্য নিৰ্মাণ, চিত্ৰ অংকনৰ পৰা আৰম্ভ কৰি নাটকত অভিনয় আৰু মঞ্চসজ্জালৈকে
ৰামকিংকৰে নকৰিছিল কি? এম এফ হুছেইনে
চিত্ৰকৰ বুলি জনপ্ৰিয় হৈ উঠাৰ আগতে চিনেমাৰ পোষ্টাৰ অংকন কৰিছিল বুলি আমি আটায়ে
জানো। ভূপেন খক্কৰ এজন চিত্ৰকৰ হোৱাৰ লগে লগে আছিল এজন পৰিপক্ক গল্পকাৰ। এনে দেধাৰ
উদাহৰণ আমাৰ সন্মুখত আছে। বেছি দূৰলৈ যাবও নালাগে। অসমীয়া ভাষাৰ অন্যতম প্ৰভাৱশালী
গল্পকাৰ ভৱেন্দ্ৰনাথ শইকীয়া যে একে ধৰণেৰেই অসমীয়া চলচ্চিত্ৰৰো এটা অন্যতম
প্ৰভাৱশালী নাম সেয়া আমি জানো। আলোচনী সম্পাদনাত দেখুৱাই যোৱা কুশলতাৰ লগতে
সংখ্যাত তাকৰীয়া হ'লেও গীত ৰচনাতো
ৰাখি থৈ যোৱা শইকীয়া দেৱৰ এটা অনুভৱী কুশলী মনৰ পৰিচয় আমি পাই থৈছোঁ। একেদৰেই কবি
হীৰেন ভট্টাচাৰ্য আৰু গীতিকাৰজনৰ কথাও আমি জানো। সময় পালেই কবিজনে ছবি আঁকিছিল। আমি
পাহৰা উচিত নহয় যে প্ৰখ্যাত অভিনেতা তপন দাস এজন কুশলী গল্পকাৰো।
কবি হীৰেন ভট্টাচাৰ্যৰ ছবি। গোলাঘাটৰ পিকুমনি দত্তৰ সংগ্ৰহৰ পৰা, সাহিত্য ডট অৰ্গৰ বিতোপন গগৈৰ লেখাৰ পৰা সংগৃহিত। |
যিকেইজন প্ৰাত:স্মৰণীয় ব্যক্তিয়ে অসমীয়া সাংস্কৃতিক পৰিচয়ৰ ভেটি
নিৰ্মাণ কৰি থৈ গৈছে শ্ৰীমন্ত শংকৰৰ পৰা জ্যোতি-বিষ্ণুলৈকে, আমি জানো যে তেওঁলোক সকলোৱেই
আছিল সৰ্বগুণাকৰ। কেইবাটাও দিশত তেওঁলোক আছিল সমানে সিদ্ধহস্ত। আজিও সৃষ্টিশীল জগতৰ
সৈতে জড়িত ব্যক্তিসকলক আমি দেখা পাওঁ ক্ষেত্ৰ-নিৰ্বিশেষে থকা দখলতা। আন নহ'লেও চৰ্চাৰ
ক্ষেত্ৰৰ প্ৰতি অনুৰাগ অন্তত: থাকেই। এই সময়ৰ গল্পকাৰ হিচাপে নাম কৰা সৃষ্টি শ্ৰেয়মে
সময় পালে ছবিও আঁকে। ইলাষ্ট্ৰেচনধৰ্মী হ'লেও সৃষ্টিৰ ছবিৰ মাজেৰে যি নান্দনিকতা ফুটি
উঠে সেয়া আন বহুতো 'অপেছাদাৰী' ছবি-আঁকোতাতকৈ পৃথক আৰু প্ৰশংসনীয়। কেৱল কপি বা অনুকৰণতে
আৱদ্ধ নাথাকি সৃষ্টিয়ে নিজৰ অক এন্য বাস্তৱতা নিৰ্মাণত ব্যস্ত। তেনেকৈয়ে জয়ন্ত আকাশ
বৰ্মন, কৌশিক কিশলয় আদি বহুতো নতুন কবিয়ে সমানে সমানে ছবি আঁকি আহিছে। কবি সমালোচক
মৃদুল শৰ্মাই কাঠত ৰূপৰ সাধনা কৰে। এইখিনি হ'ল অল্পচৰ্চিত উল্লেখ। ইয়াৰ বাহিৰেও ছবি
আৰু কবিতাত সমানে চৰ্চা কৰি অহা শিৱপ্ৰসাদ মাৰাৰৰ দৰে শিল্পীৰ কথা অনেকেই জানে। সাধাৰণতে
চলচ্চিত্ৰ সম্পৰ্কীয় লেখা মেলাৰ প্ৰতি আগ্ৰহী ননী টেৰনৰ ছবিৰ আবেদন অসাধাৰণ। অভিনেতা
আৰু অলপতে মুক্তি লাভ কৰিবলগীয়া "বৰনদী ভটিয়াই" চিনেমাৰ উদ্যোক্তা পৰিচালক
অনুপম কৌশিক বৰায়ো দৃশগত ৰূপনিৰ্মাণত নিজৰ কুশলতাৰ প্ৰমাণ দি আহিছে।
নাট্যকৰ্মী অনুপম কৌশিক বৰাৰ অংকিত ইলাষ্ট্ৰেচন |
আমি জনা সকলক বাদ দিও এই সময়ৰ কৰ্মৰত কেইবাজনো কবিয়ে সমান্তৰালকৈ
ছবি অঁকাৰ চৰ্চা কৰে। নিয়মীয়া নহ'লেও এনে ধৰণৰ চৰ্চাই তেওঁলোকৰ এখন ক্ষেত্ৰত থকা অনুভৱে
আন এখন ক্ষেত্ৰত সহায়ক হ'বই হ'ব। কিন্তু এইখিনিতেই অলপ অসুবিধাৰ দিশ আমাৰ চকুত পৰে।
কবিতা লিখা মানুহৰ ছবি অথবা ছবি অঁকা মানুহৰ কবিতাই কোনোবাখিনিত যেন ইপ্সিত মান আহৰণ
কৰিবলৈ সমৰ্থবান নহয়গৈ। দুয়োখন ক্ষেত্ৰতে সমানে পেছাদাৰীত্ব আশা কৰাটো হয়তো ভুল হ'ব।
সেই মৰ্মেই একোটা মাধ্যমে দাবী কৰা কুশলতা, দখল বা পৰিপক্কতা যে সকলো সময়তে দেখা যাব
সেয়াও আমি দাবী কৰিব নোৱাৰোঁ। কিন্তু প্ৰাথমিক স্তৰত থাকিবলগীয়া কিছুমান বুনিয়াদী বোধৰ
অসামঞ্জ্যস্যই আমাক অলপ অসুবিধাত পেলায়। এই আপত্তিসূচক কথাখিনিৰ দুটা ভিত্তি উল্লেখ
কৰা যাওক। প্ৰথম ভিত্তি, এই সময়ৰ এজন কবিয়ে নিশ্চয় গোলাপৰ সৌন্দৰ্যৰ বৰ্ণনাৰে গোলাপ
নামেৰে কবিতা এটা নিলিখে, কিন্তু ছবিখন আঁকিবৰ পৰত পৰম্পৰাগত ধাৰণাৰ বাস্তৱতাৰে গোলাপৰ
প্ৰতিৰূপায়ক ছবি এখনেই আঁকিব। দ্বিতীয় ভিত্তি, কবিতা লিখিবৰ পৰত এই সময়ৰ কবিয়ে জানে
যে কবিতাত নিৰ্মিত শব্দই নিজৰ সত্য আৰু বাস্তৱতা নিজেই নিৰ্ধাৰণ কৰি চলে। ই যেনেকৈ
এটা বাস্তৱতাৰ হুবহু অনুবাদ নহয়, তেনেকৈয়ে অন্য এটা মাধ্যমত সম্ভৱপৰ কথাৰ পুনৰ্কথনো
নহয়। যেনে, গল্পৰে ক'ব পৰা কাহিনী এটাকে কবিতাৰে অন্যভাবে কোৱা হৈছে মাত্ৰ। ক'ৰবাত
এটা দুটা উদাহৰণ থাকিলেও বেছিভাগ কথাতেই এনে মনোবৃত্তি প্ৰামাণ্য নহয়। কিন্তু ছবি আঁকিবলৈ
বহি বেছিভাগৰ ক্ষেত্ৰতেই সি একধৰণৰ শব্দৰ পৰা দৃশ্যলৈ অনুবাদ বা মাধ্যমান্তৰন হৈ ৰয়।
কবি হীৰেন ভট্টাচাৰ্যৰ ছবি। গোলাঘাটৰ পিকুমনি দত্তৰ সংগ্ৰহৰ পৰা, সাহিত্য ডট অৰ্গৰ বিতোপন গগৈৰ লেখাৰ পৰা সংগৃহিত। |
দক্ষতা, পাৰদৰ্শিতা অথবা পেশাদাৰীত্বৰ কথা ইয়ালৈ অনাই নাই। তথাপি
প্ৰথম ভিত্তিটোৱে দেখুৱায় যে এটা মাধ্যমত চৰ্চাৰ সময়ত তেওঁলোক যিমান সচেতন আৰু 'চিৰিয়াছ'
আনটো মাধ্যমত তেওঁলোক সিমানখিনি নহয়। কিন্তু আমাৰ এটা ধাৰণাই কয় যে যি কামতেই নিবিষ্ট
নহওক কিয় কৰোঁতা বা স্ৰষ্টাৰ বিষয়ী (subjective) উপস্থিতি সেই কৰি থকা কামটোত আহি সোমাই
পৰেহিয়েই। যদি সেয়া হৈ উঠা নাই তেনেহ'লে নিশ্চয় কৰি থকা কামটোত থাকিবকগীয়া সততাত অলপ
প্ৰশ্ন উঠিব লাগে। ভাল কবিতা লিখা মানুহে বেয়া ছবি আঁকিব নোৱাৰে, ভাল ছবি অঁকা মানুহে
বেয়া কবিতা লিখিব নোৱাৰে। মাধ্যমগত অণুশীলনৰ অভাৱ বা দক্ষতাত প্ৰশ্ন থাকিব পাৰে। কিন্তু
বোধ, চেতনা বা বহলকৈ দৰ্শনৰ মাপেৰে মানৰ এটা স্তৰ প্ৰতিফলিত হ'বই। যদিহে নাই হোৱা,
তেনেহ'লে সামগ্ৰিক নান্দনিক চেতনাৰ নিৰ্মাণতেই সমস্যা ৰৈ গৈছে। চালভাডোৰ ডালিৰ উদাহৰণেৰে
আৰম্ভ কৰিছিলোঁ যেতিয়া এইটো কথালৈকো মনত পেলোৱা দৰকাৰ যে চিত্ৰকৰ হোৱা স্বত্বেও ফিল্ম
আৰু ভিডিঅ'ৰ সৈতে জড়িত হৈ কৰা ডালিৰ যিকেইটা কাম আছে সেইকেইটা আজিও সমানে চিন্তা উদ্ৰেককাৰী।
ফিল্ম আৰু ভিডিঅ'ৰ সৈতে কাম কৰা মানুহৰ বাবে সেইখিনিও সমানেই গুৰুত্বপূৰ্ণ প্ৰসংগ
(ৰেফাৰেন্স)। তেনেহ'লে আজি আমাৰ মাজৰ অধিবাস্তৱবাদী কবিতা লিখি থকা কবিজনৰ অধিবাস্তৱবাদৰ
বীক্ষণ আৰু তাৰ সৈতে সংপৃক্ত তেওঁৰ নিজস্ব জীৱনচৰ্যা উপৰুৱা? ই কেৱল এই সময়ৰ কবিতাই
দাবী কৰা এটা প্ৰয়োজন পূৰণৰ প্ৰতিফলন? কোনো দাৰ্শনিক ভিত্তিৰ অবিহনেই কেৱল এটা মাধ্যমগত
কুশলতাৰ চৰ্চাতেই আমিবোৰ নিবিষ্ট হৈ আছোঁ নেকি?
সাহিত্যচৰ্চাৰ গোট "আখৰুৱা"ৰ এটা অনুষ্ঠানত জয়ন্ত আকাশ বৰ্মনৰ উদ্যোগত এটো আয়োজনত কেনভাছত ৰং বুলাইছে কবি নীলাভ সৌৰভে |
উল্লিখিত দ্বিতীয়টো ভিত্তিতো একেদৰে ভিন্ন মাধ্যমৰ প্ৰতি থাকিবলগীয়া
শ্ৰদ্ধা বা মনযোগৰ অভাৱখিনি যেনেকৈ সোমাই আছে তাৰ লগতে সোমাই আছে আন এটা জটিল গৱেষণাৰ
বিষয়। সেয়া হ'ল শব্দ আৰু দৃশ্যমানৰ (word and image) সৈতে জড়িত আমাৰ ধাৰণাখিনি আৰু
সেই দুটা বিষয়ৰ পাৰস্পৰিক সম্বন্ধৰ কথাখিনি। অসমৰ সাংস্কৃতিক পৰিমণ্ডল বহুলাংশে শব্দ
আশ্ৰিত হোৱাৰ ফলত আমাৰ চিন্তা চৰ্চাৰ লগতে কল্পনাও শব্দই নিয়ন্ত্ৰণ কৰে। সেয়েহে কোনোবা
কবিয়ে যেতিয়া পথাৰ, ধান অথবা বোকাপানীক লৈ এটা কবিতা লিখে আমি অলপ সন্দেহৰ চকুৰেই চাবলৈ
লৈছোঁ, সেয়া প্ৰকৃততেই সেই কবিৰ সেইখিনি বস্তুৰ সৈতে থকা সম্পৰ্কৰ ফচল নে অসমীয়া কবিতাত
এইখিনি শব্দই এক বিশেষ গুৰুত্ব দি অহাৰ ফলত ঘটা একধৰণৰ চৰ্বিত চৰ্বন? কিছুমান বিশেষ
শব্দৰ অনুৰাগ, কিছুমান বিশেষ চিত্ৰকল্পই পৌনপৌণিক ভাবে পাই অহা প্ৰাধান্যৰ ফলত অসমীয়া
সাম্প্ৰতিক কবিতাত ভৰি পৰা ক্লিচেৰ কথা আমি বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ। ছবি আঁকিবলৈ
বহিও বেছিভাগ সময়তে একেখিনি ঘটনাই ঘটে। এটা সময় আছিল মহাবিদ্যালয় আলোচনী, প্ৰাচীৰ পত্ৰিকা
সকলোতে ভৰি আছিল ওপৰলৈ মেলি থকা হাত আৰু সূৰ্যৰ ছবিৰে। আজিকালিও তেনেকুৱাই যদি বৰকৈ
নাজানো। নদীৰ পাৰত বহি থকা বিৰহী নাৰী, কলহ লৈ পানী আনিবলৈ যোৱা ছোৱালী, চকুৰে বৈ অহা
এটোপাল পানী এইবোৰ খুব সঘনে দেখা পোৱা একো একোটা চিত্ৰকল্প। ছবি আঁকিবলৈ বহি ছবিখনৰ
মানে কি এই প্ৰশ্নটোৱে যদি আগতেই খুন্দিয়াবলৈ লয় তেনেহ'লে ছবিখন আৰু ছবি হৈ নুঠাটোৱেই
স্বাভাৱিক। এনেবোৰ কাৰণতেই মাটিৰ গোন্ধ আৰু সামাজিক দায়বদ্ধতা বিচাৰি ফুৰা পাঠক-সমালোচকৰ
এক্তিয়াৰবোৰৰ পৰা আঁতৰি ফুৰিবলৈ সৃষ্টিশীল লোকক সদায়ে পৰামৰ্শ দিওঁ। এইবোৰ কাৰণতেই
হয়গৈ কি, শব্দ শিল্পৰ সৈতে জড়িত ব্যক্তিৰ ছবি সৰহভাগ সময়তেই কেৱল ইলাষ্ট্ৰেচন বা ব্যাখ্যাচিত্ৰ
হৈ ৰয়গৈ। পূৰ্ণাংগ ছবি হৈ উঠিবগৈ আৰু নোৱাৰে।
কথাখিনি জটিল আৰু বহুখিনি দিশ ইয়াত সাঙোৰ খাই আছে। ভাল কবিয়ে
বেয়া ছবি অঁকাৰ আৰু ভাল চিত্ৰকৰে বেয়া কবিতা লিখাৰ পিছত আত্মপক্ষ সমৰ্থনৰ এটা অজুহাত
এনে যে- "এইখন মোৰ ক্ষেত্ৰ নহয়, মই কেৱল শিকিহে আছোঁ"। এই কথাষাৰৰ সঁহাৰি
হিচাপে মোৰ ক'বলগীয়া কথাষাৰেৰে এই আলোচনা সদ্যহতে সামৰিম। কবিতাত আৰু সামগ্ৰিক ভাবে
শিল্পত আপুনি শিকাৰু হ'লেও শিকাৰু বুলি ভাবি কাম কৰিবৰ প্ৰয়োজন নাথাকে। কবিতাটো লিখি
থাকিবৰ পৰত আপুনি কবিয়েই। ছবিখন আঁকিবৰ পৰত সেইখন ছবিৰ আপুনিয়েই চিত্ৰকৰ। ভৱিষ্যতে
সাধনাৰে উৎকৰ্ষৰ বাট এটা থাকিলেও সৃষ্টিৰ মুহূৰ্তটোত আপুনিয়েই একমাত্ৰ সৰ্বতোভাবে সক্ষম
ব্যক্তি আৰু যি ঘটিছে তাৰ বাবে আপুনিয়েই দায়ী। আপোনাৰ কামটোৰ অৰ্থ তাতেই নিহিত আছে।
তাৰ বাহিৰত একো নাই। যদি কিবা আছে, সেইখিনি পৰৱৰ্তী সংযোজন অথবা সম্প্ৰসাৰণহে মাত্ৰ।
উঠক, কলম, তুলি যিয়ে যি পাৰে তুলি লওক।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594
No comments:
Post a Comment