ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, June 15, 2019

প্ৰেমে প্ৰতিবাদে পাৰফৰমেন্স আৰ্ট


[গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ বাবে, সম্পাদনা : হিমাক্ষী বৰা]
“Gauss, Riemann, and Einstein had between them come up with a description of how the space and time we exist in can be warped. They showed that space and time are not the fixed, unchanging stage on which the actions of the universe are played out. They are actually part of the performance”.
Jim Al-Khalili,
Everything and Nothing: The Amazing Science of Empty Space


বিদ্ৰোহমনষ্কতা পাৰফৰমেন্স আৰ্টৰ মজ্জাগত

শিল্পৰ সৈতে ৰাজনৈতিক চেতনা কিম্বা বিপ্লৱ, বিদ্ৰোহ আৰু প্ৰতিবাদৰ সংযোগ এটা আছেই। পাৰফৰমেন্স আৰ্ট-ৰ সৈতে এই সংযোগটো আৰু বেছি ওচৰ চপা। এই ৰাজনৈতিক চেতনা কথাষাৰ শিল্পবোধৰ পৰিসৰেৰে অলপ বহলাই বুজা হয়। কিন্তু কেতিয়াবা ই দেশৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিৰ সৈতে প্ৰত্যক্ষভাবেই যুক্ত হৈ পৰিব পাৰে। প্ৰত্যক্ষ ৰাজনৈতিক সংযোগে কামটোৰ শিল্ৰ্মূল্য হ্ৰাস কৰে নেকি, শিল্পী হিচাপে বা ব্যক্তি হিচাপে কৰ্তাৰ অৱস্থান বা ভূমিকা কি বা কেনে হোৱা উচিত এইবোৰ কথা লৈ বিতৰ্কৰ অৱকাশ থাকি যাব, দেধাৰ বিতৰ্ক হৈয়ো আহিছে। কিন্তু সমসাময়িকতা নিৰ্ভৰ ৰাজনৈতিক চেতনাৰ উপস্থিতিখিনিক কোনোপধ্যেই উলাই কৰা নাযায়। শিল্পৰ উদ্দেশ্য কি? শিল্পৰ অৰ্থ ক’ত নিহিত থাকে, তাৰ বিষয়বস্তু কিম্বাত্ভাষিক বক্তব্যত (কণ্টেণ্ট) নে তাৰ ৰূপ, গঢ়, আয়তন- এইবোৰত (ফৰ্ম)? এই প্ৰশ্নখিনিও চিৰকালৰ বাবেই অমীমাংসীত প্ৰশ্ন। কিন্তু এই সকলোবোৰ অমীমাংসীত প্ৰশ্নক বুকুত সামৰি লৈয়ো এটা বাগধাৰা হিচাপে, অৱস্থান গ্ৰহণ আৰু মনোবৃত্তিৰ নিৰ্ধাৰক হিচাপে শিল্পই এক এনন্য ভূমিকা পালন কৰি থাকিব।

পাৰফৰমেন্স আৰ্ট শিল্পৰ সকলোবোৰ প্ৰকাৰ বা ৰূপ-ভেদৰ ভিতৰত আটাইতকৈ বিতৰ্ক-জনক খণ্ড। পাৰফৰমেন্স আৰ্ট মানে কি বুলি সুধিলে যেনেকৈ ইয়াৰ নিৰ্দিষ্ট কোনো সংজ্ঞা নাই, তেনেকৈয়ে ইয়াক সংজ্ঞায়িত কৰিবৰ পদ্ধতিসমূহৰ বিৰুদ্ধেই প্ৰশ্ন তুলি পাৰফৰমেন্স আৰ্টে সমস্ত সম্ভাৱ্য বাটবোৰ এৰি অন্যবাটে আগুৱাই যাবলৈ উদগ্ৰীৱ হয়। এই যে কোনো সংজ্ঞাৰ মাজত নিজকে আৱদ্ধ কৰিবলৈ মান্তি হোৱাৰ মনোবৃত্তিটো- ই নিজেই এটা প্ৰদত্ত গঠণ বা স্থিতাৱস্থা বিৰোধী এটা ঘোষণা। সেই সূত্ৰে এটা বিশেষ সময় আৰু স্থানত এটা বিশেষ শৰীৰে যেতিয়া ঘোষণা কৰিবলৈ বিচাৰে- ময়েই আৰ্ট, আৰ্ট বা শিল্প সম্পৰ্কে কৌটিকলীয়া ভালেখিনি ধূতি-নীতিৰ ওপৰত ই আঘাত হানে। এই মজ্জাগত বিদ্ৰোহমনষ্কতায়েই পাৰফৰমেন্স আৰ্টক এটা ৰাজনৈতিক চৰিত্ৰ প্ৰদান কৰে। একধৰণৰ বিদ্ৰোহমনষ্কতা নাথাকিলে শিল্পই ছবি হিচাপে চাৰিকোণীয়া কেনভাচৰ ফ্ৰেমতে বেৰত ওলমি থাকিবলৈ ভাল পালেহেতেন, অথবা ভাষ্কৰ্য হিচাপে পৰম্পৰাগত মাধ্যম এটাৰেই ঠাই এডোখৰ আগুৰি থাকিলেহেতেন। সূক্ষ্ম দৃষ্টিৰে কবিতা বা গল্পয়ো আমাক বুজিবলৈ দিয়ে যে কেৱল শ্লোগানধৰ্মিতাতেহে যে প্ৰতিবাদ থাকে তেনে নহয়, বৰঞ্চ এপাহ ফুল ফুলি উঠাৰ বৰ্ণনাতো ৰাজনৈতিক চেতনা নিহিত থাকিবই পাৰে।

আলথুজাৰিয়ান মতাদৰ্শৰ ব্যাখ্যাটোৰ পিছৰ পৰা এই কথা স্পষ্ট হৈ পৰিছিল যে মতাদৰ্শ আচলতে থাকে আমাৰ দৈনন্দিন জীৱনত সততে সন্মুখীত হৈ থকা অপৰিত্যাজ্য উপাদানবোৰতে। জাতি, ধৰ্ম, ভাষা, গোষ্ঠী, ভৌগলিক স্থান, লৈংগিক পৰিচয় আদিৰ ভিত্তিত এক ব্যক্তি-অৱস্থানে যেতিয়া কথা ক’বলৈ লয় সেই কথা মূলগতভাবে ৰাজনৈতিকেই হয়। ৰাজনীতি শব্দটোক এনেকৈ এটা বহল পৰিসৰত আৰু সূক্ষ্ম বিচাৰবোৰেৰে বিবেচনা কৰিব নোৱৰালৈকে ৰাজনীতিয়ে কেৱল ৰজা-ভঙা-পতা কিম্বা ৰাজপথত সমদলবোৰকেই জনমানসত প্ৰতিনিধিত্ব কৰি থাকিব আৰু অসমৰ ক্ষেত্ৰত সেয়াই বহুকাল ধৰি হৈ আহিছে যিটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। ফলস্বৰূপে অসমৰ পৰিপ্ৰেক্ষিতত শিল্পীৰ বা লেখকৰ “সামাজিক দায়বদ্ধতা” সৃষ্টিশীল কৰ্মৰম্মূল্যায়নৰ এক অন্যতম মাপকাঠি হৈ থাকিও বেছিভাগ সময়তে সৃষ্টিশীল ব্যক্তিসকলৰ ৰাজনৈতিক স্থিতিৰ প্ৰকাশৰ সময়ত আকৌ একধৰণৰ দায়সৰা বা পলায়ণবাদী অৱস্থাংৰহণহে দেখা গৈ থাকে। আনহাতে প্ৰত্যক্ষ ৰাজনৈতিক সম্পৰ্ক থকা ৰচনাৰাজিক সাহিত্য শিল্পৰ ঘাই আলোচনা সমূহৰ পৰা সদায়েই পৃথক কৰি ৰখা হয়। একে এক পৰস্পৰ-বিৰোধী দ্বৈত অৱস্থান আমাৰ মাজত সঘনে দেখা দিয়া এটা প্ৰপঞ্চ।


পাৰফৰমেন্স-আৰ্ট, পাৰফৰমেন্স-অধ্যয়ণ আৰু প্ৰতিবাদৰ ভাষা

ফাউণ্ডেচন ফোৰ ইণ্ডিয়ান কণ্টেমপ’ৰেৰী আৰ্ট (থোৰতে ফিকা)ৰ ফালৰ পৰা ২০১৩ চনত এটা গৱেষণাৰ বাবে দিয়া অনুদানৰ অধীনত বেচ কিছুকাল পাৰফৰ্মেন্স আৰ্ট সম্পৰ্কীয় আলোচনা বিলোচনাৰ সন্মুখীন হৈছিলোঁ। ভাৰতবৰ্ষত এই শিল্পৰ চৰ্চা কৰা ভালেখিনি ন পুৰনি ব্যক্তিৰ সান্নিধ্যও লাভ কৰিছিলোঁ। পাৰফৰমেন্স আৰ্ট এতিয়া আৰু ভাৰতত একেবাৰে নতুন হৈ থকা নাই যদিও শিল্পৰ অন্যান্য ধাৰা, বা মাধ্যম বা ফৰ্মৰ তুলনাত ই আজিও নতুন। ইয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ প্ৰাথমিক কৌতুহলৰ পৰা ইয়াৰ একক চৰিত্ৰ আৰু বৈশিষ্ট্য নিৰূপন কিম্বা পাৰফৰ্মেন্স আৰ্ট ‘উপভোগ’ কৰাৰ পদ্ধতি-সমূহলৈকে সকলো দিশতে নতুন নতুন চিন্তাৰ অৱকাশ আছে। তাৰ পিছতে এছিয়া আৰ্ট আৰ্কাইভৰ সহযোগত ভাৰতত কৰ্মৰত শিল্পীসকলৰ ভিত্তিত পাৰফৰমেন্স আৰ্টৰ এটা ডিজিটেল সংগ্ৰহশালাৰ নিৰ্মানৰ কামত যুক্ত হ’বৰ সময়তো অনুধাৱন কৰিছিলোঁ যে এই সম্পৰ্কত নতুন প্ৰজন্মৰ উৎসাহ ক্ৰমাগতভাৱে বাঢ়িব লাগিছে, এই সম্পৰ্কীয় আলোচনাৰ প্ৰয়োজনীয়তাও বাঢ়িছে পিছে যিমানখিনি কাম ইতিমধ্যেই হৈ উঠিব লাগিছিল সিমানখিনি হৈ উঠা নাই। একে সময়তে অসমীয়া ভাষাতো লেখা মেলাৰ সৈতে জড়িত হৈ থাকোঁ বাবে মাজে সময়ে কিছু পাঠক বন্ধুৰ কৌতুহলৰো সন্মুখীন হওঁ। অসমীয়া ভাষাত এই সম্পৰ্কীয় কথা পাতিবলৈ আৰু বেছি অসুবিধা হয় মূলত: শৈল্পিক পৰিভাষাগত সমস্যাখিনিৰ বাবে। কিন্তু আমাৰ বিচাৰেৰে অসমৰ পৰিপ্ৰেক্ষিতত পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে। ন-শিকাৰু শিল্পী সকলৰ মাজত কৌতুহল উদ্ৰেক কৰাৰো প্ৰয়োজন আছে।

এই সমস্ত আলোচনাৰ প্ৰয়োজনীয়তাই কেৱল এইটোকেই নুসূচায় যে এইবোৰে পাৰফৰমেন্স আৰ্টৰ চৰ্চাহে কেৱল বৃদ্ধি কৰিব বা কৰা উচিত। পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় চৰ্চা আৰু আলোচনাই শিল্প সম্পৰ্কেই নতুন চিন্তা-ভাবনাৰ জন্ম দিব পাৰে আৰু সামগ্ৰিক ভাবে পাৰফৰমেন্স-অধ্যয়নৰ বাত এটাও যে মুকলি কৰিব পাৰে সেইখিনিহে বেছি গুৰুত্বপূৰ্ণ দিশ। কেইদিনমানৰ আগলৈকে কালচাৰেল-ষ্টাডিজ বোলা বিদ্যায়তনিক বিভাগটোও এটা নতুন বিভাগেই আছিল। পাৰফৰমেন্স-ষ্টাডিজৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাৰ সময়ো ইতিমধ্যেই আহি পৰিছে।

পাৰফৰমেন্স আৰ্ট সম্পৰ্কে অত্যুৎসাহী মুষ্টিমেয় এচামৰ বিপৰীতে ইয়াৰ প্ৰতি বিৰাগ ভাব পোষণ কৰা এটা বুজন সংখ্যক লোক আমাৰ মাজত দেখা পোৱা যায়। এই বিৰাট সংখ্যাৰ পক্ষটোৰ মতে পাৰফৰমেন্স আৰ্ট বা এই সম্পৰ্কীয় কথা বতৰাৰো কোনো প্ৰয়োজন নাই। তেওঁলোক সততে নন্দনতত্বৰ নাম লৈ দৃষ্টিনন্দন, সুখপাঠ্য আৰু শ্ৰুতিমধুৰ কিবা এটাৰ নিৰ্মাণ কৰাটোকেই শিল্প বুলিবলৈ আগ্ৰহী। জীৱনটো যিমানেই দ্ৰুতগতিত সলনি হৈ গৈ নাথাকক শিল্প সংক্ৰান্তীয় চিন্তা-ভাবনাখিনিক তেওঁলোকে স্থৱিৰ কিবা এটা বুলিয়ে ভাবি সন্তুষ্টি লভে। কোনোবাখিনিক এটা বৌদ্ধিক অনীহাৰ ফলতে শিল্প যে একধৰণৰ চিন্তন আৰু মন প্ৰক্ৰিয়া সেইটোও মানি ল’বলৈ এই পক্ষটো নাৰাজ। কিন্তু তাৰ মাজতো কিছু লোক আছে যি আগ্ৰহ প্ৰকাশ কৰে কিন্তু শিল্প সংক্ৰান্তীয় চিন্তা-চৰ্চাৰ এটা সুচল পৰিৱেশ আমাৰ মাজত নাই বাবেই ওৰ মোৰ নোপোৱাত ৰয়। এনে ক্ষেত্ৰত পাৰফৰমেন্স আৰ্ট বুলি এই আহুকলীয়া “আৰ্ট” শব্দটো যুক্ত নকৰাকৈও অন্তত: পাৰফৰমেন্স বুলি কৈয়ো কিছুমান দিশলৈ নতুনকৈ চাবলৈ শিকিব পাৰি।

অলপ সাধাৰণীকৰণ কৰি ক’ব পাৰি যে সকলোবোৰ বস্তুৱেই একোটা নিৰ্দিষ্ট স্থান আৰু কালত অৱস্থান কৰি ঘটি থকা একো একোটা পাৰফৰমেন্স মাত্ৰ। আৰ্ট শব্দটোক মুকলি কৰি দিলেও ৰাজনীতিয়েই হওক বা পদাৰ্থ বিজ্ঞানেই হওক, েকোটা পৰিঘটনাক পাৰফৰমেন্স বুলি চোৱাৰ যুক্তিযুক্ততা পুৰামাত্ৰাই থাকে। আনকি থিয়েটাৰ বা নাটকৰ কৰ্মীসকলেও এটা পৰ্যায়ৰ পিছৰ পৰা নাটককো এটা ঘটি যোৱা ঘটনা হিচাপেই চাবলৈ ভাল পোৱা হয়। বিয়া-সবাহকে ধৰি যিকোনো লোক-পৰম্পৰাৰ অন্তৰ্গত গীত-মাতৰ উদাহৰণবোৰকো ঘটনা বুলি চাব পাৰি। বিৰাট সাংস্কৃতিক আয়োজনবোৰৰ পৰা দৈনন্দিন জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম ঘটনাবোৰ যেনে বাটৰ কাষত জীৱিকাৰ বাবে কোনোবাই খেল দেখুৱাই থকা, বাচৰ ভিতৰত ৰহণ লগাই লগাই কথা কৈ কৈ সামগ্ৰী বিক্ৰী কৰা, মাটি খন্দা মেচিনে মাতি খান্দি থাকোতে তাকে চাবলৈ জুম বান্ধি থকা মানুহবোৰ- এই সকলোবোৰেই পাৰফৰমেন্স। এটা বিশেষ সময়ত আৰু স্থানত ঘটা এটা বিশেষ ঘটনাই কি অৰ্থ বহন কৰে? কি বাৰ্তা কঢ়িয়াই আনিব পাৰে? এজন চিন্তাশীন ব্যক্তি হিচাপে এনে একোটা ঘটনাৰ দৰ্শনে কিবোৰ ভাবৰ উন্মেষ ঘটাব পাৰে?

দেশৰ ৰাজনীতিৰ ক্ষেত্ৰত বিগত পাঁচটা বছৰ, বিশেষকৈ এই চলিত ২০১৯ চনটো অত্যন্ত গুৰুত্বপূৰ্ণ। শাসনাধিস্থ ভাৰতীয় জনতা পাৰ্টী আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ কাৰ্যকালত দেশজুৰি ইমানবোৰ ঘটনা ঘটিব লাগিছে যে প্ৰতিদিনেই অভূতপূৰ্ৱ কিছু খবৰে সমাজ জীৱনতো আলোড়নৰ সৃষ্টি কৰি আহিছে। মোডি ডাঙৰীয়াৰ ভাষণৰ পৰা আৰম্ভ কৰি বিমুদ্ৰাকৰণ, জি এছ টি লাঘু কৰাকে ধৰি সকলোবোৰ চৰকাৰী উদ্যোগৰ মাজতো বিৰাট পাৰফৰমেন্স সোমাই আছে। এই ঘটি থকা কাৰবাৰবোৰকো একোটা পাৰফৰমেন্স হিচাপে অধ্যয়ণ কৰাৰ এটা অৱকাশ নিশ্চয় আছে। কেৱল পাৰফৰমেন্স হিচাপেই নহয়, পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় কথাবতৰাতো সততে যিখিনি দিশ লৈ আলোচনা হৈ থাকে সেইখিনিৰ বিচাৰেৰেও এইবোৰক চাব পাৰি। ২০১৮ চনৰ জানুৱাৰী মাহত কলকাতা ইণ্টাৰনেচনেল ফাৰফৰমেন্স আৰ্ট ফেষ্টিভেল (কিপাফ, ২০১৮)-ত এটা পাৰফৰমেন্স কৰিবলৈ গৈ পাৰফৰমেন্সৰ নামেৰে ধেমালীৰ ছলেৰে কিছুমান কথাহে কৈছিলোঁ। কথাখিনি থোৰতে এনেধৰনৰ আছিল যে- এই সময়ৰ শ্ৰেষ্ঠ পাৰফৰমেন্স আৰ্টিষ্ট কোন- এই প্ৰশ্নটো কোনেও কৰা নাই যদিও এই প্ৰশ্নটোৰ এটা উত্তৰ মোৰ হাতত আছে, সেই আৰ্টিষ্টজন হ’ল- নৰেন্দ্ৰ দামোদৰ মোডি। পাৰফৰমেন্স আৰ্টে সৰ্বপ্ৰথমে শিল্পীৰ শাৰীৰিক উপস্থিতি, শৰীৰৰ নিয়োজনক লৈ কথা কয়। মোডি ডাঙৰীয়ায়ো কোনো বিৰতি নোহোৱাকৈ দৈনিক ওঠৰ ঘণ্টাকৈ নিজৰ শৰীৰক ব্যস্ত ৰখাৰ কথা কয়। পাৰফৰমেন্স আৰ্টে এটা চমক বা ‘চক’ৰ কথা কয়। মোডি ডাঙৰীয়ায়ো এটাৰ পিছত আন এটা চমক দেশবাসীক দি আহিছে। ধেমালীৰ ছলেৰে হ’লেও কোৱা এইলানি খুহুতীয়া কথাৰ মাজেৰে আচলতে পাৰফৰমেন্স আৰ্ট বোলা কথাষাৰে যিখিনি চৰিত্ৰ আৰু বৈশিষ্ট্যক সাঙুৰি লয় সেইখিনিৰ কথা পাতিবলৈ এটা বাট মোকোলাই লোৱা হৈছিল। পৰিশেষত আৰু এটা দিশলৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা হৈছিল যে ক্ৰমআগতভাবে পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় চৰ্চা আমাৰ দেশত বাঢ়িব লাগিছে যদিও একেখিনি কথাৰ চৰ্বিত চৰ্বন আৰু একেখিনি পৰিৱেশতে ইয়াৰ চৰ্চা নিবদ্ধ থকাৰ ফলত ইয়াৰ আচল উদ্দেশ্য যেন সিদ্ধ হোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে। সামগ্ৰিক ভাবে শিল্পজগতৰেই একধৰণৰ ব্যৰ্থতা আজিৰ সময়ত দেখা গৈছে। শিল্পই যি ব্যতিক্ৰমী, বৈপ্লৱিক আৰু ‘ৰেডিকেল’ প্ৰকাশৰ প্ৰতিশ্ৰুতি দিয়ে তেনেধৰণৰ প্ৰতিশ্ৰুতি আজিকালি শাসক পক্ষইহে বেছি ভালকৈ আয়ত্ব কৰি লৈছে। কথা আছিল স্থিতাৱস্থা বিৰোধী চিৰ-উন্মুক্ত মনৰ শিল্পীবৃন্দই নতুন ভাসাৰে কথা পাতিব। কিন্তু স্থিতাৱস্থাৰ পোষক শ্ৰেণীহে আজিৰ তাৰিখত অধিক সবাক হৈ ৰৈছে। কেনেবাকৈ শিল্পীসকলে নতুন কথা পাতিবলৈ এৰিছে নেকি? এটা নতুন বাতৰ সন্ধান কৰিবলৈ শিল্পীসকল ব্যৰ্থ হৈছে নেকি?

তাৰো এবছৰমান আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত আয়োজিত এটা কৰ্মশালা সদৃশ অনুষ্ঠানত “পাৰফৰমেন্স আৰ্ট আৰু প্ৰতিবাদৰ ভাষা” শীৰ্ষক এটা এদিনীয়া মুখামুখিৰ আয়োজন কৰা হৈছিল। তাতো মূল কথাখিনি আছিল এই যে বহুভাষিক, বহু-সংস্কৃতিক-সন্মিলনেৰে ভৰা অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত পৰিৱেশন সম্পৰ্কীয় কথাখিনিয়ে যেনেকৈ মনযোগ আকৰ্ষণ কৰিব লাগিছিল তেনেকৈ কৰিব নোৱৰাটো দুৰ্ভাগ্যৰ কথা। বিগত চল্লিশ বছৰ ধৰি অসম প্ৰতিবাদৰ কাৰ্যকলাপেৰে অশান্ত। কিন্তু প্ৰতিবাদৰ বাবে এটা নতুন প্ৰায়োগিক আৰু ফলপ্ৰসু ভাষাৰ সন্ধান কোনেও নকৰিলে। অসম বন্ধৰ দৰে ইমান শক্তিশালী নৈৰাজ্যবাদী কাৰ্যকো ইমান সঘনে ব্যৱহাৰ কৰি থকা হ’ল যে আজিৰ তাৰিখত আৰু অসম বন্ধই কোনো মানে কঢ়িয়াই নানে। গোটেই ৰাজ্যখনৰ অগণিত মানুহৰ জীৱন-যাত্ৰা ব্যাহত হোৱাৰ পিছতো সি আৰু কোনো চমক সৃষ্টি কিম্বা দাবী সাব্যস্ত কৰিবলৈ সমৰ্থবান নহয়গৈ। তেনেহ’লে কিবা প্ৰতিবাদ এটা সাব্যস্ত কৰিবলৈ আমি কৰ্মপন্থা হাতত ল’ম? ৰাস্তাত থিয় হৈ সলোগান দিয়াটোৱেই কিম্বা আমৰণ অনশনৰ দৰে আয়োজনখিনিয়েই বিপ্লৱৰ পন্থা হৈ থাকিব নেকি? কি হ’ব আমাৰ প্ৰতিবাদৰ ভাষা? কি ভাষাৰে কথা ক’লে যাক আমি কথাবোৰ শুনাবলৈ বিচাৰিছোঁ তেওঁলোকে শুনিবলৈ পাব? বিপ্লৱৰ মানে কেৱল চৰকাৰ কিম্বা শাসকৰ পক্ষৰ বিৰোধিতায়েই নহয়। প্ৰতিবাদৰ কথা বা বক্তব্য জনগণৰ কাণত পৰাটোও এটা দিশ। এনে ক্ষেত্ৰত আজি প্ৰতিবাদ আৰু প্ৰতিবাদৰ ভাসা সম্পৰ্কে নতুনকৈ ভাবিবৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰতিবাদক এটা পাৰফৰমেন্স হিচাপে চাবলৈ শিকিলেহে এই নতুন ভাষাৰ সন্ধানটোৱেও এটা নতুন মোৰ পাবগৈ পাৰিব।      





সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: