ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, June 15, 2019

পেখু পেখু (সাতত্ৰিশ): এজেন্সী আৰু ঘৰুৱা পৰিৱেশত শিল্পৰ আয়োজন


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৯ জুন, ২০১৯]
শিল্প সম্পৰ্কীয় আলোচনা আমাৰ ভাষাত এনেয়েও কম, তাতে আকৌ ব্যৱহাৰিক দিশৰ কথা বতৰাখিনি পাতিবলৈ সুবিধাও নাই। “শিল্প মানৱ সমাজৰ আদিম প্ৰবৃত্তি”- ধৰণৰ কথাখিনি কিম্বা এহাতে সৌন্দৰ্যতত্ব আৰু আনহাতে সামাজিক দায়বদ্ধতাৰ দৰে গুৰু-গম্ভীৰ কথাৰ মাজত প্ৰায়োগিক দিশৰ বহু কথা নোকোৱাকৈ ৰৈ যায়। ন-শিকাৰুসকলকো শিল্প এক সাধনা কিম্বা জীৱন-বীক্ষা বুলি পতিয়ন নিয়াবলৈ গৈ থাকোতে ক’বলৈ থাকিয়েই যায় যে কিছুমান সামাজিক সাংগঠনিক এজেন্সী অৰ্থাৎ কৰ্তৃপক্ষ, মাধ্যম, মধ্যস্থতাকাৰী আদিৰ সক্ৰিয়তাতহে শিল্পসম্পৰ্কীয় কথা-বতৰাই এটা স্থান আগুৰিবলৈ সক্ষম হয়। শিল্পৰ চৰ্চা সকলোবোৰৰ পৰা মুক্ত এক পৰম সাধনা বুলি ভাবি থকাটো ভুল। কথাখিনি সহজকৈ বুজাবলৈ হ’লে কবিতাৰ উদাহৰণ দিবও পাৰি। কবিতা সম্পৰ্কে যিমানেই যি উচ্চ ধাৰণা নাথাকক কিয়, কবিতাৰ গতি-বিধি আৰু চৰিত্ৰ নিৰূপণ কৰে কবিতাটো প্ৰকাশ কৰা কাকত আলোচনীয়ে সৃষ্টি কৰি দিয়া এটা পৰিৱেশ, তাৰ অৱলোকন কৰা সমালোচক-আলোচক সমাজ, কবিতাৰ ইতিহাস সম্পৰ্কে এটা সম্যক ধাৰণা আমাৰ মাজত গঢ় দি তাক বৰ্তাই ৰখা বিদ্যায়তনিক বৌদ্ধিক সমাজ আদিয়ে। এইখিনিয়েই এজেন্সী। এই এজেন্সীখিনি সদায়ে সক্ৰিয় হৈ থাকিলেও শিল্পৰ মূলগত আলোচনাখিনিত ইহঁতবোৰ প্ৰায়ে উহ্য থাকে। অসমত সাহিত্যৰ, বিশেষকৈ কবিতাৰ ব্যাপক চৰ্চাৰ কাৰণ যে বিৰাট সংখ্যাত প্ৰকাশ হোৱা কাকত-আলোচনীসমূহ সেয়া নুই কৰা নাযায়। ইয়াত বাতৰি-কাকততো পৃষ্ঠা ভৰাই কবিতা প্ৰকাশ হয়। কবিতাৰ উদাহৰণেৰে কথাখিনি ক’বলৈ সুবিধা হ’ল কাৰণ কথাখিনি পাতোতেও শব্দই আমাৰ আশ্ৰয়, কবিতাটোতো শব্দই আশ্ৰয়। কবিতা বিৰাট সংখ্যাত মুদ্ৰণ, পুনৰ-মুদ্ৰণ, পাঠ, পুনৰ পাঠ কৰি গৈ থাকিব পাৰি। এইবোৰৰ বাবে প্ৰকাশন গোষ্ঠী আছে, স্ব-প্ৰকাশনৰ ব্যৱস্থাবোৰ আছে, কবিচক্ৰ বা কবি সন্মিলন আছে। কবিতা পঢ়ুওৱা শ্ৰেণীকোঠাবোৰো আছে। শেহৰ ফালে ৱাটছ-আপ বা ফে’চবুকৰ কথা নক’লোৱেই বা। চৰ্চাৰ প্ৰকাশ কিম্বা প্ৰদৰ্শনৰ ক্ষেত্ৰ সমূহে আমাৰ শৈল্পিক চেতনাকো নিয়ন্ত্ৰণ কৰি গৈ থাকে। তেওঁলোকে আমাক কৈ দিয়ে কোনটো শিল্প ভাল, কোনটো বেয়া; এই সময়ৰ চলতি ট্ৰেণ্ড কি আৰু কোন বাটেৰে চৰ্চা আগুৱাই গৈ থাকিলে কলা-কুশলীসকল লাভৱান হ'ব। ব্যক্তিৰ সাধনা আৰু শিল্পৰ প্ৰায়োগিক ব্যৱহাৰিক দিশসমূহ, এমেচাৰ আৰু পেছাদাৰীত্ব- এইখিনিৰ সম্পৰ্কবোৰ জটিল। শিল্পক ব্যক্তিমনৰ নিৰলস সাধনাৰ ফচল বুলি মানি থকাৰ লগে লগে ব্যৱহাৰিক প্ৰায়োগিক দিশ সমূহৰ বিষয়েও সমানেই আলোচনা কৰাৰ প্ৰয়োজনীয়তা থাকে।
ত’ম’ সেতোৰ ঘৰুৱা আয়োজন “Someone’s House”
  
ত’ম’ সেতোৰ ঘৰুৱা আয়োজন “Someone’s House”

দৃশ্যকলাৰ বাবে সেই অনুপাতে কলাবীথিকাবোৰ থাওকতে পোৱাতে নাই। মিউজিয়াম নাই। প্ৰদৰ্শনৰ বিকল্প ব্যৱস্থাও নাই। দুই এক ব্যৱস্থা অ’ত ত’ত থাকিলেও চকুৰে চোৱাৰ অভ্যাস এটা যে লাগে তাৰ প্ৰাথমিক জ্ঞানখিনিও নাই। কিন্তু সেইবুলিয়েই যে ‘জকাইচুকত’ বহি নীৰৱে সাধনা কৰা, কেতিয়াও কোনো দৰ্শকৰ বাবে উন্মোচনৰ ব্যৱস্থা নকৰা এজন প্ৰচাৰ বিমুখ শিল্পীৰ কামত আমি কৈ থকা ‘এজেন্সী’খিনিৰ কোনো প্ৰভাৱ নাই তেনে নহয়। কোনো এজেন্সীৰ সৈতে প্ৰত্যক্ষ সংযোগ নাথাকিলেও জ্ঞান-নিৰ্মান-পদ্ধতি সমূহ পাকে প্ৰকাৰে সেই একেখিনি এজেন্সীৰ দ্বাৰা নিৰ্মিত ব্যৱস্থাৰ মাজেদি সৰকিয়েই আহিছে। একেদৰে ছবিখন চাবৰ পদ্ধতিখিনিও একোটা সংস্থান আৰু সংযুতিৰ পৰা বাহিৰত নহয়। ছবিখনৰ উচ্ছল আৰু বহুতৰপীয়া ৰঙৰ প্ৰলেপখিনি যদি আমাৰ মানত মনচ্ছায়াবাদী, তাক মনচ্ছায়াবাদী বুলি উপভোগ কৰিবলৈ ছবিখনে ঊনবিংশ শতিকাৰ ফৰাছী শৈল্পিক সমাজৰ কিবা অনুষংগ বহন কৰিবই লাগিব বুলি কথা নাই। কিন্তু তৰপে তৰপে অভিজ্ঞতাই মানৱ চেতনা আৰু অনুভূতিক কালক্ৰমত সমৃদ্ধ কৰি গৈ থাকে যাৰ পৰা একক ব্যক্তিবিশেষক পুনৰাই বিচ্ছিন্ন কৰি ৰাখিব নোৱাৰি। 

অনুপম শইকীয়াৰ ঘৰুৱা আয়োজন “Someone’s House 02”

দৃশ্যকলাৰ বাবে উপযুক্ত কলাবিথীকা নাই বুলি হামৰাও কাঢ়ি থকাৰ সমানে সমানে আনফালে শিল্পৰ জগতত আৰ্ট গেলেৰীবোৰৰ প্ৰতি বিৰাট অনীহা আৰু বিৰাগেও জন্ম লৈছে। কাৰণ কেইবাটাও। ভালেখিনি শিল্পীয়ে সেই গেলেৰী ব্যৱস্থাটোৰ মাজত সোমাবলৈ যিখিনি প্ৰয়াস কৰিব লাগে সেইখিনি কৰিবলৈ নাৰাজ। বেছিভাগ শিল্পীৰে অলপ অন্তৰ্মুখী কিম্বা লাজকুৰীয়া স্বভাৱ এটা থাকে। সামাজিক স্তৰত, ব্যৱসায়িক লেন-দেনত তেওঁলোক সিদ্ধহস্ত নহ'বও পাৰে। ঠিক যেনেকৈ লিখি ভাল পোৱা কিন্তু নিজৰ কিতাপ প্ৰকাশৰ বাবে প্ৰকাশকক নেৰানেপেৰাকৈ কুটুৰি থাকিবলৈ অক্ষম হোৱা লেখকো আমাৰ মাজত আছে। এটা বিশেষ ব্যৱস্থৰ মাজেৰে গৈ ধনীক আৰু ব্যৱসায়িক গেলেৰী-অধিকাৰীসকলৰ তোষামোদৰ মাজেৰে শিল্প প্ৰদৰ্শণতকৈ শিল্পৰ নিৰ্মাণৰ আৰু দৰ্শনৰ আন্তৰিক আৰু কায়ক ভাবেও অন্তৰংগ অভিজ্ঞতাখিনিকহে কিছুমান শিল্পীয়ে গুৰুত্ব দিব খোজে। গেলেৰী ভিত্তিক ব্যৱস্থাৰ সৈতে তাল-মিল ৰাখিবলৈ যে এইখিনি শিল্পী অপাৰগ, কিম্বা কোনোবাজন অপাৰগ হ'লেও সেইটোৱেই যে মূল কথা তেনে নহয়। কথাখিনি আদৰ্শগতও। শিল্পৰ সংগ্ৰহ, প্ৰদৰ্শন আৰু দৰ্শনৰ বাবেই গেলেৰীসমূহ যদিও সুসজ্জিত সেই বিথীকাসমূহত শিল্পদৰ্শনৰ বেলিকা একধৰণৰ বিচ্ছিন্নতাৰ অনুভৱো অনেকেই ব্যক্ত কৰে। ইয়াত শিল্পৰ সৈতে একাত্মতা বা অন্তৰংগতা প্ৰায়েই স্থাপন নহয়। সেয়েহে কোনোৱা শিল্পীৰ কাম সম্পৰ্কে আগ্ৰহ জন্মিলে দ্ৰষ্টা যাবলগীয়া হয় শিল্পীৰ ষ্টুডিঅ'লৈ, কৰ্মশালালৈ। শিল্প-শিক্ষাৰ অনুষ্ঠানসমূহত শিক্ষাগ্ৰহণৰ কাললৈকে উঠি অহা শিল্পীসকলে সহপাঠী, শিক্ষক কিম্বা তেওঁলোকৰ ষ্টুডিঅ'লৈ সঘনে অহা যোৱা কৰা বিভিন্ন ব্যক্তিৰ সান্নিধ্যত এটা অনন্য পৰিৱেশ লাভ কৰে। কামৰ অভিজ্ঞতা সম্পৰ্কে দৈনিক কথা বতৰা হয়। কিন্তু সেই প্ৰাতিষ্ঠানিক দেওনা পাৰ হোৱাৰ পিছতে বহল সমাজখনত সকলো ব্যক্তি-জীৱন বিচ্ছিন্ন হৈ পৰে। একক আৰু বিচ্ছিন্ন শিল্পীসকলৰ বাবে দৈনিক কথা-বতৰা আৰু অভিজ্ঞতাৰ ভাগ-বতৰাৰ পৰিৱেশ এটা বিচাৰি উলিওৱাটো কিম্বা নিজাকৈ নিৰ্মাণ কৰি লোৱাটো বৰ সহজ কথা নহয়।  
ঘৰুৱা ষ্টুডিঅ’ত শিল্পী মৌমিতা ঘোষৰ আয়োজন

আনহাতে শিল্পীৰ ষ্টুডিঅ'লৈ মাজে মাজে কলাৰসিকৰ আগমন খুব নতুন কথাও কিন্তু নহয়। এজন শিল্পীৰ বিষয়ে লিখিবলৈ কলা-সমালোচক বা কিউৰেটৰে বাৰে বাৰে ষ্টুডিঅ' পৰিদৰ্শন কৰিবলগা হয়। শিল্পীৰ কাম তাৰ কৰ্মৰত অৱস্থাতে চাবলৈ বিচাৰে, শিল্পীৰ সৈতে কথা পাতে, কৰ্মপদ্ধতি আৰু মাধ্যম সম্পৰ্কে বুজ লয়। ঊনবিংশ শতিকাত শিল্পীৰ ষ্টুডিঅ'ই আধুনিকতাবাদী প্ৰপঞ্চসমূহক গঢ় দিয়াত এক বিশেষ ভূমিকা পালন কৰিছিল। ইউৰোপীয় ৰেণেছাঁৰ পৰৱৰ্তী কালত বিভিন্ন শিল্পীৰ সৃষ্টিতেই আহি শিল্পীৰ নিজৰ ষ্টুডিঅ'টো যেনেকৈ বাৰে বাৰে সোমাইছেহি, শিল্পীৰ ষ্টুডিঅ'ত হোৱা গল্প-গুজৱ আৰু আড্ডাৰ মুখৰোচকৰ কাহিনীয়েও আমাক আমোদ দি আহিছে। এনেকুৱা ষ্টুডিঅ'ত হোৱা কথা-বতৰাৰ আধাৰতেই আধুনিকতাবাদৰ বিশাল চন্দ্ৰতাপখনৰ তলৰ বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্প আন্দোলনৰ খচৰাও প্ৰস্তুত হৈছিল। 
ষ্টুডিঅ’ত পিকাছো

নিৰজ সৎপতিৰ ঘৰত “ঢালাও ২০১৮”

২৯ এপ্ৰিল, ২০১৮ তাৰিখে ত'ম' সেতো নামৰ জাপানী শিল্পী এগৰাকীয়ে দিল্লীত তেওঁ থকা অকণমানি এপাৰ্টমেণ্টটোতে এটা পাৰফৰমেন্স আৰ্টৰ সমাৱেশ পাতিছিল, নাম ৰাখিছিল- Someone's House (কাৰোবাৰ ঘৰ)। তাৰে আৰ্হি লৈ শিল্পী অনুপম শইকীয়াই ২৮ মে' ২০১৮ তাৰিখে কলকাতাৰ সেইসময়ৰ বাসগৃহতে আন এটা আয়োজন কৰিলে। নিৰজ সৎপতি নামৰ ওড়িশাৰ শিল্পীজনে "ঢালাও" নামেৰে দিল্লী আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাৰ নিজৰ ঘৰতে তেওঁৰ সমস্ত কামৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি আৰু কেইবাজনো শিল্পীক তাতে নিজৰ কাম প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিল ২৮ আৰু ২৯ চেপ্তেম্বৰ, ২০১৮ তাৰিখে। মৌমিতা ঘোষ নামৰ আমাৰ নিকট শিল্পী এগৰাকীয়ে বিগত বেছ কিছুদিন ধৰি নিজৰ বাসস্থানকে কেন্দ্ৰ কৰি কিছু কামৰ পৰিকল্পনা কৰি আছে য'লৈ মানুহ আহিব, কাম চাব, কথা পাতিব, কৰ্মশালা হ'ব, নিজৰ বসবাসৰ ঘৰটোৱেই হৈ উঠিব সাময়িকভাবে একোটা প্ৰদৰ্শশালা। কেৱল যে শিল্পৰ নামেৰে কাগজ বা কেনভাচত অঁকা ছবিবোৰেহে এটা গুৰুত্ব পাব সেয়া নহয়। দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা বিচনাখন, পাকঘৰটো বা আন আন গতানুগতিক আচবাববোৰেও এটা নিৰ্দিষ্ট সময়ৰ বাবে নতুন মাত্ৰাৰ অৰ্থ বহন কৰি চলিব। যোৱা এক আৰু দুই জুন তাৰিখে একেধৰণৰ আন এটা উদ্যোগ আমি চাবলৈ পালোঁ। নয়ডাৰ এটা ভাড়াঘৰত থকা প্ৰতিভা সৰকাৰ নামৰ শিল্পীগৰাকীয়ে নিজা বাসস্থানতে "চা ও গপ্পো" নামেৰে এখনি প্ৰদৰ্শণীৰ আয়োজন কৰিলে। পাঁচগৰাকী সমসাময়িক শিল্পীয়ে তাতে ঘৰুৱা পৰিৱেশত কাম চালে, কথা পাতিলে। আমি উপস্থিত থাকিও অনুভৱ কৰিছিলোঁ, লগতে প’ৰ্চিয়া ৰয় নামৰ শিল্পী গৰাকীয়ে উচ্ছাসেৰে সৈতে জানিবলৈ দিয়ে যে সমসাময়িক শিল্পৰ জগতৰ কোনো খা খবৰ নৰখা ওচৰ চুবুৰীয়া সাধাৰণ মানুহখিনিয়েও আহি যেনেকৈ শিল্পদৰ্শনৰ অংশীদাৰ হৈছিলহি সেয়া সঁচায়ে অভাৱনীয়।

ঘৰুৱা আয়োজন “চা-ও-গপ্পো”-ৰ আংশিক দৃশ্য

অসমৰ দৰে ঠাইত য'ত আৰ্ট গেলেৰী আৰু সংগ্ৰহশালাৰ অভাৱৰ কথা বাৰে বাৰে কৈ থকা হয়, তাৰ লগতে সমানে গুৰুত্বপূৰ্ণ শিল্প চোৱাৰ নিয়মিত অভ্যাসটো নথকাৰ কথাও আমি পাতি থাকোঁ, তাত এনেধৰণৰ উদ্যমবোৰ অত্যন্ত ফলপ্ৰসু হ'ব পাৰে। একোটা প্ৰাতিষ্ঠানিক আয়োজনৰ বাবে ৰৈ থকাৰ প্ৰয়োজন নাই। শিল্পী সকলে ব্যক্তিগত স্তৰত কিম্বা দুজন তিনিজন মিলি নিজৰ ঘৰুৱা পৰিৱেশতে শিল্পৰ প্ৰদৰ্শনৰ আয়োজন কৰি বন্ধু বান্ধৱসকলক নিমন্ত্ৰণ জনাব পাৰে। ২ জুন (২০১৯) তাৰিখৰ "আমাৰ অসম" কাকতত ধ্ৰুৱজ্যোতি বৰাদেৱে সদ্যপ্ৰয়াত শিল্পী বেণু মিশ্ৰৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যক্তিগত লেখা এটা লিখিছিল য'ত উল্লেখ কৰিছে- "বেণুদাৰ বাসগৃহতে তেখেতৰ চিত্ৰ আৰু ভাস্কৰ্যৰ এটা সুন্দৰ সংগ্ৰহালয় গঢ়ি তোলা হৈছে বুলি জানিব পাৰিছোঁ"। চালুকীয়া বয়সত আমিও কবি হীৰেন ভট্টাচাৰ্যদেৱৰ ঘৰ "স্নেহতীৰ্থ"লৈ গৈছিলোঁ। নীলপৱন বৰুৱা, নীলমণি ফুকন আদিৰ ঘৰলৈকো গৈছিলোঁ। এতিয়াও এইখিনি পুৰোধা ব্যক্তিৰ ঘৰলৈ যোৱাৰ হেঁপাহ এটা অনেকেই মনতে পুহি ৰাখে। ফুকনছাৰৰ ঘৰটো বা ঘৰৰ সন্মুখৰ বাগিচাখন চাই আহিলে সেই অভিজ্ঞতা কোনোবা কলাবিথীকা দৰ্শনৰ অভিজ্ঞতাতকৈ কোনোগুণে কম নহয়। এইখিনি কথাৰ পৰাই এই সময়ৰ কৰ্মৰত অসমীয়া শিল্পীসকলে ঘৰুৱা পৰিৱেশতে নিজাববীয়াকৈ শিল্প দৰ্শনৰ অভ্যাসৰ পৰিৱেশ একোটা গঢ় দি ল'ব পাৰে। লগতে উল্লেখ কৰি থওঁ যে বিৰাট আয়োজনৰ কোনো প্ৰয়োজন নাই। আনুষ্ঠানিকতাও পৰিহাৰ্য। আলোচনাৰ নামত "মই বিশেষ একো নকওঁ" বুলি কৈ এঘণ্টা ভাষণ দিয়া কিম্বা গামোচা-লুভীয়া মহামাণ্য ব্যক্তিসকলক দূৰত ৰাখিব পাৰিলেই এটা অন্তৰংগ শিল্পবীক্ষণৰ পৰিৱেশ সহজতেই গঢ় দি ল'ব পৰা যাব। বিকল্প নাই বুলি আমাক পতিয়ন নিয়াই থকাটো এটা ৰাজনৈতিক অভিসন্ধি। আচলতে বিকল্পৰ কোনো অভাৱ নাই আৰু বিকল্প তেনেই উজু। বিকল্পহে উজু।   

ঘৰুৱা আয়োজন “চা-ও-গপ্পো”-ৰ আংশিক দৃশ্য


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: