["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৩ জুন, ২০১৯]
আপুনি একেটা পাকতে ছবি এখন আঁকি উলিয়াব
পাৰে নেকি? আপুনি একে বহাতে এবাৰো কটাকুটি নকৰাকৈ কবিতা এটা লিখি উলিয়াব পাৰে আৰু তাকে
লৈ গৰ্ব কৰে নেকি? শিল্পত স্কিল বা দক্ষতাৰ এটা বিশেষ গুৰুত্বৰ কথা আগতে আমি পাতি আহিছোঁ।
কিন্তু ছবিখন বা কবিতাটো নিৰ্মাণ কৰি উলিওৱাটোৱেই শিল্পৰ শেষ কথা নহ’বও পাৰে।
“মই আৰ্ট বুজি নাপাওঁ” বুলি সততে শুনিবলৈ
পাই থকা এই কথাষাৰেই আচলতে আৰ্ট বুজি পোৱাৰ বাটত প্ৰথম আৰু ঘাই হেঙাৰ। আমাৰ পৰামৰ্শ
এয়ে যে প্ৰথমেই এই কথাষাৰ ক’বলৈ এৰিলেই প্ৰথমখন দুৱাৰ আপোনাপুনি খুলিবলৈ ল’ব। শিল্প
অনুধাৱনৰ পদ্ধতিগত কিবা উপায় থাকে নেকি? থাকিলে সেই পদ্ধতিৰ আধাৰ কিম্বা উপাদানবোৰ
কি কি? এইবোৰ প্ৰশ্ন আমি বাবে বাৰে কৰিবলগা হয়। দেখা যায় যে কেৱল “বিষয়বস্তু” বুলি
সাধাৰণতে বুজাই থকা এটা বাচিক বৰ্ণনাৰে ব্যাখ্যা কৰিবপৰা দিশলৈ বাট চাই থকাটোৱেই এটা
কেৰোণ। এই ছবিখনৰ মানে এইটো, ইয়াৰ দ্বাৰা শিল্পীয়ে ইয়াকে বুজাব খুজিছে- এনেধৰণেৰে শিল্পীয়ে
সমাজলৈ প্ৰেৰণ কৰিব খোজা এটা “বাৰ্তা”ৰ ধাৰণা, আৰু সেই বাৰ্তাটোক শাব্দিক ভাষালৈ অনুবাদ
কৰি বুজিবলৈ চেষ্টা কৰি থকাৰ অভ্যাসেই শিল্পৰ উপভোগৰ পথত চিৰকালেই অন্তৰায় হৈ ৰৈছে।
সি যি কি নহওক, এইলানি লেখাত মাজে সময়ে আমি শিল্প উপভোগৰ বাবে পাথেয় হৈ উঠিব পৰা কেতবোৰ
দিশৰ কথা পাতি আহিছোঁ। কেতিয়াবা একো একোটা শব্দ বা তাৰ পাৰিভাষিক প্ৰয়োগৰ বুজাপৰায়েই
বহুখিনি সহায়ক হৈ উঠিব পাৰে। তেনেকৈ “Engagement” আজিৰ শব্দ।
বত্ৰিছ শাৰীৰ কবিতা এটাক কাটি কুটি দুশাৰী
কৰিবলৈ নীলমণি ফুকনক কিহে অণুপ্ৰাণিত কৰিছিল? জাৰ্মান শিল্পীজনে প্ৰতিদিনে এটা পাত্ৰত
গাখীৰ ঢালি থকাৰ এটা আপাত বিৰক্তিকৰ অভ্যাস কিয় কৰি লৈছিল? সুদূৰ ইৰাণৰ পৰা লেপিচ-লেজুলি
পাথৰ আনি তাজমহলত খচিত কৰিবৰ কি কাৰণ আছিল? মাকে শিশুটিক উপদেশ দিবলৈ কওঁতে হজৰত মহম্মদে
“পোনা তুমি চেনী নাখাবা দেই” বুলি এবাৰতে কিয় কোৱা নাছিল?
পৰিশেষত শিল্পও বস্তু। কিন্তু এই বস্তুমূল্য
আন কেতবোৰ আনুষংগিক ঘটনাৰ আধাৰতহে বেছিকৈ নিৰ্ধাৰিত হয়। পিকাচোৱে পেন আৰু চিয়াঁহীৰে
কাজত কৰা আঁক-বাক কিছুমান দেখি সাধাৰণ দৰ্শক এজনে কৈ উঠাটো তেনেই স্বাভাৱিক- এয়ানো
কি কথাটো হ’ল, মই দেখোন ইয়াতকৈ আৰু ভালকৈ কৰিব পাৰিলোঁহেতেন! কিন্তু কিছুমান বিশেষ
পৰিস্থিতিৰ মাজেৰে আৰু বিবেচনাৰ মাজেৰেহে আহি সেই বিশেষ বস্তুপদে এটা শিল্পমূল্য লাভ
কৰি গুৰুত্বপূৰ্ণ অৱস্থান এটাত উপনীত হৈছেহি। সেয়েহে শিল্প-সাহিত্যত এই প্ৰশ্নটো সদায়েই
আছে যে শিল্পবস্তুৰ মূল্য বস্তুটোৰ মাজতেই থাকে নে বাহিৰত থাকে? বস্তুৰ বাহিৰত ধাৰণাগত
দিশখিনিত সদায়ে নিমজ্জিত থাকিলেও বিপদ, আনহাতে কেৱল সেই বস্তুটোৰ মাজতেই সকলো নিৰ্যাস
বিচাৰিবলৈ গ’লেও হয়টো আমি বিচাৰি থকা প্ৰশ্নবোৰৰ সঠিক মীমাংসা নাপামগৈ।
পুৰোধা কবি আৰু শিল্প আলোচক নীলমণি ফুকনদেৱক
ঋষিতুল্য বুলি কোৱা হয়। ঋষিতুল্য কবি বুলি ক’লেই বগা কাপোৰ পৰিহিত শান্ত সুধী ফুকনদেৱৰ
ছবিখনেই অনেকৰ মনলৈ ভাঁহি উঠে। ফুকনদেৱৰ কবিতাত একধৰণৰ দাৰ্শনিক ভিত্তি নিশ্চয় আছে।
পল গঁগাৰ ছবিৰ সেই দীঘলীয়া শীৰোনাম “আমি ক’ৰ পৰা আহিছোঁ, আমি কোন, আমি ক’লৈ গৈ আছোঁ”ৰ
দৰে এটা শ্বাস্বত অনুসন্ধানত এইজন কবি সদায়ে ব্ৰতী। “আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়/
বৰষুণ কিয় হয় কিয় হয়/ পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ”ৰ দৰে কৌতুহলত নিবৃত 'নৃতৰতা
পৃথিৱী'ৰ কবিজনক ঋষিজনক কেৱল একোটা আধ্যাত্মিক, ৰহস্যবাদী কিম্বা দাৰ্শনিক ভিত্তিৰ
আধাৰতে ঋষিতুল্য বোলা হয় জানো? আমাৰ ধাৰণাত কথাটো অলপ বেলেগ। “দুশৰীয়া কবিতা এটা যে
কিমানবাৰ পৰিমাৰ্জনা কৰিছিলোঁ তাৰ লেখ-জোখ নাই। প্ৰথম খচৰাৰ কবিতাটোৰ বত্ৰিছটা শাৰী
আছিল; শেহত গৈ ৰাখিলোঁগৈ মাত্ৰ দুটা শাৰী”- এয়া মে’ ১৯৯২-ৰ এটি সাক্ষাৎকাৰক ড০ হীৰেন
গোহাঁইৰ আগত কবিজনে কোৱা কথা, ১৯৯৪ চনত প্ৰকাশিত ‘সাগৰতলিৰ শংখ’ত সন্নিবিষ্ট। কবিৰ
ঋষিত্ব এই ধ্যামগ্নতাতে ৰৈছে। ফুকনদেৱৰ দৰে এজন সিদ্ধহস্ত (সিদ্ধহস্ত শব্দটো মন কৰিব)
কবিৰ দ্বাৰা নিৰ্মিত বত্ৰিছ শাৰীৰ অবয়ৱ এটাতো হয়তো কবিতাটোৱে এক পঠনযোগ্য নান্দনিক
সৌন্দৰ্য বহন কৰিলেহেতেন। তাকে দুশাৰীলৈ ঘণীভূত কৰাত কিমান কি প্ৰাপ্তি ঘটিল সেয়াও
বিচাৰ্য হ’ব পাৰে। কিন্তু এইখিনি কথাৰ উৰ্দ্ধত শব্দচয়নৰ আঁৰত যি আত্মনিবিষ্টতা সেই
ঐকান্তিক চৰ্চাই শিল্পৰ সাধনাক দিয়ে অনন্য মাত্ৰা।
পিয়েট মণ্ড্ৰিয়ানৰ বিগত শতিকাৰ তৃতীয়
চতুৰ্থ দশকৰ চেপেটা নিমজ ৰঙ, কঠিণ ৰঙৰ সীমাৰে বিভাজিত সমান ক্ষেত্ৰবোৰে বিমূৰ্ত কলাৰ
দৰ্শন আৰু আলোচনাত বিশেষ গুৰুত্ব পাই আহিছে। ক’লা বা ডাঠ ৰঙৰ ৰেখাৰে বিভাজিত কিছুমান
ৰঙীণ ক্ষেত্ৰৰ বাহিৰে মণ্ড্ৰিয়ানৰ সেই ছবিখিনিত একো নাছিল। কিন্তু পৰ্যবেক্ষকসকলে জানিবলৈ
দিয়ে যে সে আপাত চেপেটা (ফ্লেট) ৰংখিনিয়েও কেইবাটাও তৰপ বহন কৰে। কেনভাচত তৰপে তৰপে
ৰং বুলাই বুলাই তেনে একোখন ৰঙৰ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছিল। কেৱল বগা ৰঙৰ ক্ষেত্ৰ এখন
নিৰ্মাণ কৰাটোৱেই শেষ কথা নাছিল। ক্ৰমান্বয়ে ৰঙৰ প্ৰলেপ সানি গৈ থকাটোও এটা সাধনাৰ
অংশ। শিল্প নিৰ্মাণৰ আঁৰৰ ধ্যানমগ্নতা ইয়াতো প্ৰকাশ পায়।
এই সময়ত পানী ৰঙৰ কামেৰে দৃষ্টি আকৰ্ষণ
কৰা বৰোডাত থকা অসমীয়া যুৱ-শিল্পী পংকজ শৰ্মাৰ কাম কিছুমান অলপতে চাবলৈ পাইছিলোঁ। দৈনন্দিন
জীৱনৰ একো একোটা ঘৰুৱা কোণাৰ কিছুমান আংশিক আৰু আপাত ক্ষুদ্ৰ দৃশ্যৰ ৰূপায়ণৰ যোগেদি
এটা বিষাদগ্ৰস্ত, কেতিয়াবা স্মৃতিকাতৰ ‘মুড’ সৃষ্টি কৰে তেওঁৰ কামে। বিশেষ বাহুল্য
নথকা তেওঁৰ কামত কিবা এটা কাহিনীৰ বৰ্ণনা বিচাৰিবলৈ গ’লে ভুল কৰা হ’ব। তেনেই সাধাৰণ
যেন লগা পানীৰঙৰ সহজাত চৰিত্ৰ যেনে কাগজত পানী বিয়পি যোৱা, কোনোবাটো অংশত ৰঙৰ প্ৰলেপে
ফাঁট মেলা আদিবোৰ দেখি তেনেই সাধাৰণ যেন লাগিব। কিন্তু সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰিলে
দেখা যায় কোন অংশত কেনেকৈ, কিমানলৈকে পানীখিনি বিয়পি যাব সেইখিনিও শিল্পীয়ে অন্ত্যন্ত
মনযোগেৰে আৰু সাৱধানতাৰে কৌশলগতভাবে নিৰ্ধাৰণ কৰিছে। আন বহুতো পানীৰঙৰ শিল্পীয়ে কৰাৰ
দৰে সেইখিনিক কেৱল ‘এক্সিডেণ্টেল এফেক্ট’ বুলিয়ে কৈ থ’ব পৰা নাযায়। সাধাৰণ বেৰৰ টেক্সাৰ
আৰু কাগজত পানীয়ে কৰা টেক্সাৰ যেন লগা অংশ এটাও তেও সন্তৰ্পণে নিৰ্মাণ কৰে। যথেষ্ট
সময় আৰু একাগ্ৰতাৰ অন্ততহে ই সম্ভৱপৰ হৈ উঠে। এইখিনি অংশ তেওঁ কেনেকৈ কিমান সময় ধৰি
বা কৰিছিল- এই কৌতুহলখিনিয়েও ছবিৰ দ্ৰষ্টাক বহুসমময় ন্যস্ত (এংগেজ) কৰি ৰাখিব পাৰে।
এই এংগেজমেণ্টখিনি শিল্পৰ এটা মূলগত
উপাদান। এংগেজমেণ্ট দ্ৰষ্টা আৰু স্ৰষ্টা দুয়োপক্ষত ক্ষেত্ৰতেই গুৰুত্বপূৰ্ণ। শিল্পীজন
শিল্পনিৰ্মাণৰ আঁৰত কিমান সময় কেনেকৈ এংগেজ হৈ আছিল সেইটো যেনেকৈ এটা কৌতুহলৰ দিশ,
সেই কৌতুহলৰ আঁত ধৰিয়েই ছবি এখন চাবৰ সময়ত দ্ৰষ্টা কিমান সময় ধৰি এংগেজ হৈ আছিল বা
থাকিব পাৰে সেইটোও সেই শিল্পটোৰ বাবে এটা সাৰ্থকতাৰ দিশ।
কেইবছৰমান আগতে দিল্লীৰ ৱদেহ্ৰা আৰ্ট
গেলেৰীত ৱলফগেং লেইব (Wolfgang Laib) নামৰ এজন শিল্পীক লগ পোৱাৰ সৌভাগ্য হৈছিল যি আছিল
আক্ষৰিক অৰ্থতেই এজন ঋষিতুল্য সাধক। প্ৰতিদিনে তেওঁ এখন ট্ৰে’ত ট্ৰে’খনৰ উপৰিপৃষ্ঠৰ
সমানকৈ গাখীৰ বাহিৰলৈ পৰি নোযোৱাকৈ গাখীৰ ঢালি ৰাখে। “দুগ্ধশিলা” (milkstones) নামেৰে
এয়েই তেওঁৰ চিৰ-নিৰ্মীয়মান অৱস্থাত থকা একধৰণৰ ভাস্কৰ্যৰূপ। গাখীৰ যিহেতু সোনকালে বেয়া
হৈ যোৱা জৈৱিক পদাৰ্থ সেয়েহে প্ৰতিদিনেই তেওঁ এই শিল্পকৰ্মটোক বেয়া হৈ নাযাবলৈ ইয়াত
নতুনকৈ গাখীৰ ঢালিব লগীয়া হয়। এয়ে তেওঁৰ ৰিচুৱেল, প্ৰাৰ্থনা-সদৃশ নিত্য-কৰ্ম। আক্ষৰিক
অৰ্থতেই দৈনিক জীৱন-চৰ্যাৰ পৰা তেওঁৰ এই শিল্পসাধনাক বিচ্ছিন্ন কৰাৰ কোনো উপায় নাই।
সুদীৰ্ঘ সময়জুৰি চলি থকা এয়া এক ডিউৰেচনেল পাৰফৰমেন্স। প্ৰাৰম্ভিকভাবে ঔষধ বিষয়ক পঢ়াশুনা
কৰা লেইবৰ মনত কালক্ৰমত পশ্চিমীয়া ঔষধ-তত্বৰ প্ৰতি অনীহা গা কৰি উঠাত আৰু একে সময়তে
ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ প্ৰতি প্ৰৱলভাবে আকৰ্ষিত হোৱাত প্ৰাচ্যৰ দৰ্শনৰ চৰ্চা তেঁও
আৰম্ভ কৰে। সংস্কৃত আৰু ভাৰতীয় দৰ্শনৰ অধ্যয়নৰ পিছত লেইবে “ব্ৰহ্মাণ্ড” (১৯৭২) নামেৰে
এটা ভাস্কৰ্য নিৰ্মাণ কৰি উলিয়ায়। ১৯৭৭ চনত ৱলফগেং লেইবে তেওঁৰ গাঁৱৰ ওচৰে পাজৰে থকা
পথাৰ আৰু হাবি-বননিৰ পৰা বসন্ত-বৰষা একাকাৰ কৰি বিভিন্ন ঋতুত প্ৰতিদিনেই অলপ অলপ কৰি
ফুলৰ ৰেণু সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু ফুলৰ ৰেণু সংগ্ৰহ কৰা এই প্ৰাত্যহিক অভ্যাসটো
তেওঁ বছৰৰ পিছত বছৰ ধৰি কৰি গৈ থাকে। এই নিবিষ্টতা, ঐকান্তিক অভ্যাসেই তেওঁৰ জীৱনৰ
এক অংগ হৈ উঠে। তেওঁৰ বহু কষ্টাৰ্জিত এই ৰেণুখিনি বিভিন্ন শিল্প-বীথিকাত তেওঁৰ শিল্পকৰ্মৰ
ৰূপত তেওঁ প্ৰদৰ্শণ কৰে।
প্ৰতিদিনৰ নিয়মিত এই অভ্যাস; বাৰে বাৰে
গঢ়ি, ভাঙি আকৌ গঢ়া; কিবা উদ্দেশ্য থাকিবই লাগিব বুলি কথা নাই কিন্তু কৰি থকা কামটোত
ঘণ্টাৰ পিছত পিছত ঘণ্টা, কেতিয়াবা দিনৰ পিছত দিন অথবা বছৰৰ পিছত বছৰ ধৰি নিবিষ্ট হৈ
থাকিব পৰা গুণ- এইখিনিয়ে শিল্পক কেৱল বস্তু-নিৰ্মাণৰ পৰ্যায়তে নাৰাখি এক ধ্যানৰ পৰ্যায়লৈ
লৈ যায়। শিল্পীৰ এই সময় ভিত্তিক আত্ম-নিবিষ্টতাই মনলৈ আনি
দিয়া কৌতুহলখিনিৰেও শিল্প উপভোগৰ বাট এটা মোকোলাই দিয়ে। সাধাৰণ ছবি বা ভাস্কৰ্য বা
যিকোনো শিল্পৰূপৰ সন্মুখত থিয় হৈ দ্ৰষ্টাই একোবাৰ ভাবিবলৈ লয়- কিমান সময় বা লাগিছিল,
কিমান কষ্ট বা মনযোগ কিজানিবা ইয়াৰ আঁৰত আছিল!
শেষত অলপ পাতলীয়া সুৰত উল্লেখ কৰি থওঁ
যে “Engagement” আৰু “Involvement” সম্পৰ্কে কিছু কথা লিখোঁ বুলি ইয়াৰ অসমীয়া পৰিভাষা
বিচাৰোতে যিখিনি শব্দ পোৱা গ’ল সেই গোটেইখিনিয়েই বৰ কঠিন আৰু সততে ঘৰুৱাভাবে ব্যৱহাৰ
নোহোৱা শব্দ, যেনে- নিবিষ্টচিত্ততা, প্ৰণিধান, ব্যাপৃত, প্ৰবৃত্ত, প্ৰৱিষ্ট, অভিনিৱিষ্ট,
সনিৰ্ব্বন্ধ, দুৰাগ্ৰহ, মুহ্যমান, অভিনিৱিষ্ট, ব্যাপৃত আদি। এই কথাটোৱে কিজানিবা এই
সময়ৰ আমাৰ চৌপাশে সততে দেখা পাই থকা শৈল্পিক আৰু সাংস্কৃতিক চৰ্চা সমূহত
“Engagement” আৰু “Involvement”-ৰ অভাৱকেই সূচায়।
সমুদ্র কাজল শইকীয়া
Rajya Sabha
Television (RSTV), 3rd Floor,
Talkatora
Stadium Annexe Building, New Delhi – 110001
No comments:
Post a Comment