ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Sunday, July 7, 2019

পেখু পেখু (ঊনচল্লিছ): Gaze (১) : কি চাই আছা?

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৭ জুলাই, ২০১৯]
'অনামী' মহিলা শিল্পীৰ কাম


"I see not only the eye of an other; I see also that he looks at me." That is, what is SEEN is not only a thing, a dead object, but also a responding subject, an intention even. If a LOOK can be seen, then empiricism and all the reductionisms that are associated with it are destroyed. But a look CAN be seen, not only the face, but another face's glance at my face.
Jaques Derrida, [Derrida quotes Scheler in his essay 'Violence and Metaphysics: An Essay on the Thought of Emmanuel Levinas', "Writing and difference".]

দৃষ্টিৰ অৱৰোধ, চাৱনিৰ প্ৰতি প্ৰত্যাহ্বান

এই লেখাৰ সৈতে ক'লা ছবি এখন সংলগ্ন কৰা হৈছে। ছবিখন এখন মাৰাঠী চিনেমাৰ শেষ দৃশ্যৰ অন্তিম শ্বট বুলি ধৰি ল'ব পাৰে। কি দেখা পাইছে? ক'লা। আন্ধাৰ। আপোনাৰ দৃষ্টিক ঢাকি ধৰি যি প্ৰশ্ন কৰিব পাৰে : কি চাই আছা?

অলপতে “চৈৰাট” নামৰ মাৰাঠী ভাষাৰ এখন অনন্য সুন্দৰ চিনেমাৰে বিশ্বজুৰি চৰ্চিত হোৱা, কলাত্মক দিশৰ লগতে ব্যৱসায়িক দিশেৰেও ভাৰতীয় চিনেমাৰ জগতত এটা বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাগৰাজ মঞ্জুলেৰ প্ৰথমখন ফিচাৰ ফিল্ম “ফেণ্ড্ৰী”য়েও ভালেখিনি চিনেমাৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দলিত সকলৰ অৱস্থানৰ প্ৰতি সচেতন জাতিভেদ-জনিত সামাজিক বৈষম্যৰ আধাৰ দুয়োখন চিনেমাতে আছে। দুয়োখন চিনেমাৰে শেষৰ দৃশ্য কেইটাৰ অভাৱনীয় ট্ৰিটমেণ্টে চিনেমাৰ জগতৰ ভাষা আৰু ফৰ্ম সংক্ৰান্তীয় কথা-বতৰাতো বহুকাললৈকে স্থান পাই থাকিব। “ফেণ্ড্ৰী” (মানে গাহৰি) চিনেমাৰ শেষ দৃশ্যত প্ৰতিবাদী হৈ উঠা দলিত ল’ৰাজনে হাতত শিলগুটি এটা তুলি লৈ খঙেৰে ক্ষোভেৰে দলিয়াই পঠায়। এই শিলগুটিটো দলিয়াওতে ওফৰি অহা দলিটোৰ যি এক চেকেণ্ডতকৈয়ো কম সময়ৰ ব্যাপ্তি- সেইকণতেই গোটেই চিনেমাখনে অন্য এটা মাত্ৰা লাভ কৰে। চলি থকা এটা নেৰেটিভ বা কাহিনী-কথনৰ পৰা অন্য স্তৰলৈ উন্নীত হৈ চিনেমাখনে সাব্যস্ত কৰে যে চিনেমা মানে কেৱল কাহিনী নহয়, বৰং it is all about gaze, কাৰণ শিলগুটিটো নিক্ষেপ কৰা হয় কেমেৰাৰ লেন্সলৈ। কেমেৰাৰ লেন্স শিলগুটিটোৱে আগুৰি ধৰাৰ পিছত সকলো আন্ধাৰ। আপুনি আৰু একো নেদেখে। আপোনাৰ চকু বন্ধ।

চিনেমাত কেমেৰাটোৱেই প্ৰথম চকু, নিৰ্মাতাৰ, কাহিনীৰ কথকৰ। চিনেমাত কেমেৰাটোৱেই আনটো চকুও, দৰ্শকৰ : কাহিনীৰ শ্ৰোতাৰ, গ্ৰাহকৰ, উপভোক্তাৰ। সাধাৰণ-ভাৱে চিনেমা এখন চাই থাকোতে কেমেৰাটোৰ উপস্থিতি অনুভৱ কৰা নাযায়। যেনিবা কাহিনীবোৰ বাস্তৱত যেনেকৈ ঘটে তেনেকৈয়ে অন্য এক সমান্তৰাল বাস্তৱতাত ঘটি গৈছে কেৱল। দৰ্শক হিচাপে অতীজৰে পৰাই আপোনাৰ ধাৰণা এয়ে যে এঠাইত আৰামেৰে বহি আপুনি সকলো চাই থাকিব পাৰে আৰু চোৱাৰ আনন্দখিনি লৈ নিজৰ ক্ষমতা সাব্যস্ত কৰিব পাৰে। সাংস্কৃতিক পৰিৱেশনৰ ব্যৱস্থাটোত আসনাধীস্থ দৰ্শকৰ ভূমিকা নিষ্ক্ৰিয় বুলি ধৰা হয়, যেনিবা কেৱল সন্মুখৰ পৰিৱেশনৰ পৰিৱেশক সকলহে সক্ৰিয়। কিন্তু কেৱল চাই থকাটোও যে এটা সক্ৰিয় কাৰবাৰ সেই কথাটো এনেদৰেই কিছুমান শিল্পকৰ্মই আমাক সোঁৱৰাই দিয়ে। "ফেণ্ড্ৰী"ৰ শেষ দৃশ্যৰ এই শিলগুটিটোৱে আপোনাক সঁকিয়াই দিয়ে, আপুনি আপোনাৰ নিজৰ কমফ’ৰ্ট-জোনত আৰামেৰে বহি থাকি সকলো কেৱল চাই চাই উপভোগ কৰি গৈ থাকিব নোৱাৰে। আপোনাক অসুবিধাত পেলোৱাটোৱেই এই শিলগুটিটোৰ উদ্দেশ্য। ই সোধা প্ৰশ্নটো কৌতুহলৰ নহয়, বৰঞ্চ ক্ষোভ আৰু প্ৰত্যাহ্বানৰ : “কি চাই আছে?”
 
নাগৰাজ মঞ্জুলেৰ "ফেণ্ড্ৰী"
বহুতো দৰ্শকৰ সৈতে একেলগে বহি চাই থাকিলেও চিনেমা এখনৰ দ্ৰষ্টাজন এজন নি:সংগ একক। কবিতা পঢ়ি থকা পাঠকজন বা ছবি এখনৰ দ্ৰষ্টাও একক আৰু সহজাত ধাৰণামতে দ্ৰষ্টাজনে যি চাই আছে সেয়া চাই থকা ঘটনাটো যেনিবা আনে দেখা পোৱা নাই। সেয়েহে চিনেমা চোৱাৰ অভিজ্ঞতাটোও ভয়েৰিষ্ট দৰ্শনৰ অভিজ্ঞতায়েই হয়। কিন্তু যি মুহূৰ্ততে এই দৰ্শকজন ধৰা পৰি যায় যে তেওঁ যে চাই আছে, তেওঁৰ এই চাই থকা কামটো আনৰ দ্বাৰাও চাই থকা হৈছে, সেই মুহূৰ্ততে তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, কিম্বা অস্বস্তিত পৰিবলগীয়া হয়।  অ'লিনৰ কথাৰে- "Once the sadistic erotic power of the bearer of the gaze is exposed, however, the pleasure of gazing is thretened".

দলিত সকলৰ প্ৰতি বঞ্চনা, অৱজ্ঞা আৰু অত্যাচাৰৰ কৌটিকলীয়া ইতিহাসৰ আপুনিও সাক্ষী, সহভাগী কিম্বা অংশীদাৰ। সেয়েহে “মইনো কি জানো, মই কেৱল এজন সাধাৰণ মানুহ, মই কেৱল চাই হে আছোঁ” বুলি থকা আপোনাৰ স্থিতিক অসুবিধাত পেলোৱাটোৱেই ইয়াৰ উদ্দেশ্য। চিনেমাৰ নেৰেটিভৰ বাস্তৱতাত আপুনি হেৰাই যোৱাৰ পৰা আপোনাক আপোনাৰ নিজা বাস্তৱতালৈ লৈ আনিব পৰা ই এক ব্ৰেখটীয় উপাদান।

ঊনবিংশ শতিকালৈকে শিল্প আছিল এটা নিৰ্জীৱ বস্তু, আপুনি দ্ৰষ্টা হিচাপে ইয়ালৈ চাব পাৰে কিন্তু ভবা হৈছিল, ই আপোনালৈ ওলোটাই দৃষ্টি নিক্ষেপ কৰিব নোৱাৰে। কিন্তু বিশেষকৈ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধলৈ বহুখিনি চিন্তক আলোচক এই কথাটোত সৈমান হ'ল যে আপুনি যে ছবি এখন চাই থাকে সেয়ে নহয়, ছবিখনেও আপোনালৈ চাই থাকিব পাৰে। আপোনাৰ চৌপাশৰ বস্তুবোৰৰ দ্বাৰাও আপুনি অহৰহ নিৰীক্ষিত হৈ আছে। সেইবোৰৰ দৃষ্টিজালেৰে আপুনি আৱদ্ধ। আপুনি মুক্ত নহয়। দৃষ্টি শিল্পৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ। বিশেষকৈ দৃশ্যকলাৰ ক্ষেত্ৰততো হয়েই যিহেতু দৃশ্যৰ সৈতেই ইয়াৰ সম্বন্ধ। কিন্তু এই দৃষ্টিৰ প্ৰসংগটোত চাই থকা বস্তুটো আৰু চাই থাকোঁতা পক্ষটো- এই দুই পক্ষৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰসংগই যেতিয়া নতুন বাগধাৰা বিচাৰিবলৈ ল'লে তেতিয়া কথাবোৰ জটিল হৈ আহিবলৈ ল'লে। এইখিনিৰে পৰা এটা নতুন শব্দই গুৰুত্ব পাবলৈ ল'লে, সেয়া হ'ল- গে'জ (Gaze), চাৱনি। 

আভিধানিক অৰ্থেৰে Gaze (চাৱনি?) মানে ৰ লাগি চাই থকা, মন দি চোৱা, একেথিৰে চোৱা- ইত্যাদি। কিন্তু কথাষাৰ জটিল হৈ আহিল এইকাৰণেই যে কেৱল চাই থকাটোতে ই সাঙোৰ খাই নাথাকি কোনে চাই আছে আৰু কি (বা কাক) চাই আছে দুয়োটা প্ৰশ্নই যুগপৎ ভাবে সন্মুখলৈ আহি পৰে। লগতে কিয় চাই আছে সেই প্ৰশ্নটোতো আছেই। সেই সূত্ৰেই Gaze দ্ৰষ্টাবাদ বা স্পেক্টেটৰশ্বিপ নামেৰে খ্যাত আন এক ধাৰাৰ চিন্তনশৈলীৰ অংগীভূত হৈ পৰে। আৰু একেটা কাৰণতেই ব্যক্তিৰ ব্যক্তিনিষ্ঠা আৰু বিষয়ী অৱস্থানৰ কৌতুহলখিনিও আলোচনাৰ মাজলৈ আজি পৰে। কাৰণ আপুনি চাই থকা ব্যক্তিজনৰ এটা অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অৱস্থান আছে। আপোনাৰ কায়িক-স্থানিক অৱস্থিতিয়েই আপোনাৰ মানসিক স্থিতিৰো চৰিত্ৰ নিৰূপক।

আচলতে ‘এনেয়ে চাই থকা’ বুলি একো নাই। চাই থকাটো এটা ৰাজনৈতিক, আৰ্থসামাজিক, লৈংগিক, মনস্তাত্বিক ঘটনা। এইকেইটা দিশে ‘চাই থকা’ কাৰবাৰটোক জটিল ৰূপ দিয়ে-
১) আৰ্থিক ভাৱে উচ্চ শ্ৰেণীৰ ব্যক্তি এজনে নিম্ন শ্ৰেণীৰ ব্যক্তি এজনলৈ যেনেকৈ দৃষ্টিনিক্ষেপ কৰে ওলোটা ক্ষেত্ৰত সেই দৃষ্টিও একে হৈ নাথাকে। পুৰুষে নাৰীলৈ, নাৰীয়ে আন নাৰীলৈ আনকি এগৰাকী নাৰীয়ে আনৰ দৃষ্টিৰ ধাৰণাৰে নিজলৈকে কেনেকৈ চাব খোজে সেইখিনি বৰ জটিল বিষয় হৈ আহিছে। সমাজ আৰু ইতিহাসে ব্যক্তিৰ এটা ব্যক্তিপৰিচয় নিৰ্ধাৰণ কৰি দিয়ে। সেই পৰিচয়ৰ বাজলৈ ওলাই এটা নৈৰ্ব্যক্তিক দৃষ্টি বা চাৱনিৰ ক্ষমতা ধাৰণ কৰাটো প্ৰায় অসম্ভৱ। এই ব্যক্তিপৰিচয় বা বিষয়ী অৱস্থান নিৰ্ণয়কাৰী কাৰক সমূহৰ মাজত আছে : ক) ধৰ্ম, খ) ভাষা, গ) লিংগ, ঘ) যৌনতা, ঙ) শিক্ষা, চ) আৰ্থিক অৱস্থা (শ্ৰেণী), ছ) জাতিগত বা সাম্প্ৰদায়িক পৰিচয়, জ) ব্যক্তিগত আশা-আকাংক্ষা ইত্যাদি। 

২) আপুনি যালৈ চাই আছে সেই ব্যক্তিয়েও (কিম্বা সেই বস্তুৱেও) আপোনালৈ চাই আছে। এই কথাটো মানি ল’লেই যিকোনো বস্তু (বা ব্যক্তি) চাই থকাৰ আপোনাৰ একক ক্ষমতাখিনি আৰু একপক্ষীয় ক্ষমতা হৈ নাথাকিল।

ফিল্ম-তত্বত Gaze শব্দটোৱে দৰ্শকৰ সন্মুখত কি আৰু কেনেকৈ দেখুৱাই থকা হৈছে তাক দৰ্শকজনে কেনেকৈ চাইছে সেই বিষয়ক কৌতুহলে স্থান পায়। মাৰ্গাৰেট অ'লিনে (Margaret Olin) তেওঁৰ 'Gaze' নামৰ ৰচনাত উল্লেখ কৰিছে যে সামাজিক সমালোচনাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে Gaze শব্দটো প্ৰথম পোহৰলৈ আহিছিল লৌৰা মালভেই(Laura Mulvey)-ৰ বহুল উল্লিখিত "Visual Pleasure and Narrative Cinema" (1975) নামৰ গ্ৰন্থখনৰ নাৰীবাদী চিনেমা সমালোচনাৰ মাধ্যমেৰে। কেনেকৈ এজন পুৰুষে এক নাৰীলৈ দৃষ্টি নিক্ষেপ কৰে, কেনেকৈ এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক চাব খোজে, আৰু আনকি এগৰাকী নাৰীয়ে নিজে নিজকে কেনেকৈ কি ৰূপত চাবলৈ হাবিয়াস কৰে এই কথাখিনি নাৰীবাদী ফিল্ম সমালোচনাৰ আঁত ধৰোঁতা মালভেইৰ কথাখিনিয়ে সাঙুৰি লয়। আনহাতে গোটেই আলোচনাখিনিৰ লগতে মন: সমীক্ষণ (psychoanalysis)-ৰ প্ৰাথমিক ধাৰণা কিছুমানো এনেকৈ সাঙোৰ খাই আছে যে কেৱল লিংগ-বিভাজন, লৈংগিক-অসমতা আৰু লৈংগিক-পৰিচয়েই নহয়, যৌনতা আৰু যৌন-হাবিয়াসৰ প্ৰসংগখিনিও ইয়াত সকলো সময়তেই অংগাংগীভূতভাবে জড়িত হৈ ৰৈছে। মালভেয়ে "দৃষ্টিৰ স্থান"(Place of the look)-কে চিনেমাৰ এক সংজ্ঞা নিৰূপক দিশ বুলিব খোজে। শিল্পকলাৰ ইয়িহাসবিদ ডেভিড কেৰিয়াৰেও দ্ৰষ্টাৰ স্থানিক অৱস্থানক ('Where is the spectator') অধিক গুৰুত্ব দিব খোজে। মালভেৰ কিতাপখন প্ৰকাশৰ আগেয়ে ১৯৭২ চনৰ "Seeing comes before words" বুলি আৰম্ভ হোৱা জন বাৰ্জাৰৰ (John Berger) বিখ্যাত অলোচনাৰ শৃংখল "Ways of Seeing"-ৰ মাজেৰেও বাৰ্জাৰে সাব্যস্ত কৰিবলৈ বিচাৰিছিল যে 'Gaze'-ৰ প্ৰসংগটো সকলোতকৈ আগেয়ে আহে।

ষঠিৰ দশকত জেক লাকানৰ (Jacques Lacan) দৰে ফৰাছী চিন্তকসকলৰ মাজত 'Gaze' সম্পৰ্কীয় আলোচনাই বিকাশ লাভ কৰিছিল। জেক লাকানৰ মনোবিশ্লেষণৰ তত্বৰ সম্প্ৰসাৰণেৰে মালভেয়ে চিনেমাত চৰিত্ৰ এটাৰ উপস্থাপনত আত্মপ্ৰেমী পৰিচয়ৰ আৱিষ্কাৰ আৰু দৃষ্টিৰ গোপন উপভোগৰ এটা সংশ্লেষণ দেখা পায়। এইখিনিতে আলোচনাৰ বাবে আৰু কেইটিমান প্ৰয়োজনীয় শব্দৰ সন্মুখীন হওঁ, যেনে, Voyeurism, Scopophilia, Fetish ইত্যাদি। মালভেই যিহেতু নাৰীবাদী সমালোচনাকে ভেটী হিচাপে লৈছিল, লিংগ বৈষম্যৰ দিশ এটা দৃষ্টি সংক্ৰান্তীয় আলোচনাত সোমায়েই পৰিছিল। Scopophilia মানে হ'ল কিবা এটা চোৱাৰ হাবিয়াস। পুৰুষৰ ইগ'-ৰ আৱিষ্কাৰৰ প্ৰসংগত যদি লাকানৰ দাপোন-মঞ্চৰ ধাৰণাৰ এটা সংযোগ আছে, পুৰুষৰ দৃষ্টিৰে নাৰী-দেহৰ পৰ্যবেক্ষণৰ প্ৰৱণতাৰ আঁৰত ফ্ৰয়ডীয় স্ক'প'ফিলিয়া বা দৰ্শনাকাংক্ষাৰ ধাৰণাৰ সম্পৰ্ক আছে।

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আপুনি চাই থকা বস্তুটোৱে যে আপোনালৈকো চাই থাকিব পাৰে এই ধাৰণাটোক কেইবাজনো চিন্তকে একেসময়তে সাৰোগত কৰিবলৈ লয়। স্বিলাৰৰ উদ্ধৃতিৰে ডেৰিডাই আগবঢ়োৱা কথাখিনি আৰম্ভণীতেই সেয়েহে উল্লেখ কৰা হৈছিল। দৃষ্টি এটালৈ দৃষ্টি নিক্ষেপ যদি কৰিব পাৰি, দৃষ্টিটোৱেও আপোনালৈ দৃষ্টিপাত কৰি থাকিব পাৰে আৰু সেই দৃষ্টিটোৱে যে আপোনালৈ দৃষ্টি নিক্ষেপ কৰি আছে সেইটোও প্ৰথম দৃষ্টিটোৰ দৃষ্টিগোচৰ হৈ থাকিব পাৰে।
 
বাৰ্বাৰা ক্ৰুগেন-ৰ শিল্প
দ্ৰষ্টাই তেওঁৰ চাৱনিৰ মাজেৰে এটা নিৰাপদ দূৰত্বত থাকি "কেৱল চাই হে আছোঁ" ধৰণৰ এটা সন্তুষ্টিত থকা অৱস্থানটোক অস্বস্তিকৰ মুহূৰ্তলৈ পৰ্যবসিত কৰা শিল্পৰ ৰূপত "ফেণ্ড্ৰী" চিনেমাখনৰ উল্লেখ কৰা হৈছিল যিহেতু এই প্ৰসংগতে সগহ্নে উল্লিখিত হোৱা আন এক শিল্পকৰ্ম হ'ল বাৰ্বাৰা ক্ৰুগেন (Barbara Kruger)-ৰ পোষ্টাৰ সদৃশ ছবি এখন (১৯৮১)। শিলত কটা নাৰীমূৰ্তি এটাৰ প্ৰফাইল এটাৰ ছবি এখনত লিখি দিয়া হ'ল- "তোমাৰ চাৱনিয়ে মোৰ মুখৰ পাৰ্শ্বদিশত আঘাত হানে (Your gaze hits the side of my face)"। ছবিখনত ভাষিক উল্লেখেৰে প্ৰত্যক্ষভাবেই দৰ্শকৰ চাৱনিক প্ৰশ্ন কৰা হৈছে যাৰ ফলত দৰ্শকজন আৰু নিৰ্লিপ্ত অৱস্থানত থাকিব নোৱাৰে। বস্তু এটাক (বিষয় এটাক) চাবৰ সময়ত যদি বস্তুটোৱে (বিষয়টোৱে) মুখতে ওলোটাই প্ৰশ্ন কৰে বা অভিযোগ কৰে যে "তোমাৰ দৃষ্টিৰে মই আঘাতপ্ৰাপ্ত" তেনেহ'লে মুহূৰ্ততে চাই থকাজন মুহূৰ্ততে এজন নিৰীহ দৰ্শকৰ পৰিৱৰ্তে এজন অপৰাধী হৈ উঠে। 'কেৱল চাই থকা' কামটোও অপৰাধী কাৰ্যকলাপৰ অন্তৰ্ভূক্ত এটা হ'ব পাৰে।

আজি দুবছৰমানৰ আগতে আমাৰ দেশখনত মহিলা সংক্ৰান্তীয় ঘটনা সঘনে ঘটিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত এগৰাকী অনামী মহিলা শিল্পীয়ে দিল্লীৰ ৰাজহুৱা স্থানত এনেধৰণৰ কিছুমান পোষ্টাৰ আঠা লগাই থৈ দিছিল যিখিনিৰ উদ্দেশ্যই আছিল দ্ৰষ্টাৰ চাৱনিক অসুবিধাত পেলোৱাটো। এই পোষ্টাৰ সমূহত একোটা নাৰীৰ শৰীৰেই উপস্থিত আছিল। কিন্তু মানুহৰ সন্মুখত কোনো শুং সূত্ৰ নাছিল এইখিনিৰ উদ্দেশ্য কি। এইখিনি পোষ্টাৰ চিনেমাৰ পোষ্টাৰ নহয়, কোনো ব্যৱসায়িক উৎপাদৰ বিজ্ঞাপন নহয়, কোনো ধৰণৰ বেচা-কিনাৰ যোগেৰে থাকিব পৰা ন্যস্তস্বাৰ্থৰ ইংগিত ইয়াত নাছিল। নাৰীৰ শৰীৰটোৰ প্ৰতিৰূপায়ণ বা ৰিপ্ৰেজেণ্টেচন আৰু পুৰুষতান্ত্ৰিক চাৱনি কিয় ইমান বেছি ক্ষমতাশালী সেই প্ৰশ্নটোৱেই ইয়াতো উত্থাপিত হৈছিল।   
 
দিল্লীৰ ৰাজহুৱা স্থানৰ দেৱালত 'অনামী' মহিলা শিল্পীৰ কাম

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594



No comments: