["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২ ফেব্ৰুৱাৰী, ২০২০]
(প্ৰতিবাদৰ ভাষা শৃংখলাৰ আলোচনা)
প্ৰত্যেকটো আন্দোলনেই
অগণন নতুন শ্লোগানৰ জন্ম দিয়ে আৰু এই শ্লোগান সমূহৰ বৈশিষ্ট্যবোৰো অধ্যয়ণ কৰিবলগীয়া
বিষয়। সাধাৰণতে সমাজ সচেতনতা বিষয়ক কবিতা গান আদিত শিল্পগুণ কম হৈ কেৱল বক্তব্যইহে
অধি গুৰুত্ব পালে তেতিয়া তাক “শোগান-সৰ্বস্ব” বুলি কোৱা হৈ থাকে য’ত শ্লোগানধৰ্মীতা
এটা নঞৰ্থক শব্দ। একেদৰেই ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় কোনোবা দল-সংগঠণ আদিৰ কাৰ্যকলাপত
কোনো ৰণনীতি বা মতাদৰ্শ নথকাকৈ কেৱল বিৰোধৰ বাবেই বিৰোধ দেখা পোৱা গ’লে সেই ক্ষেত্ৰতো
কাৰ্যাৱলী “শ্লোগান-সৰ্ৱস্ব” হৈ পৰা বুলি কৈ থাকোঁ। কিন্তু এই দুয়োটা নঞৰ্থক প্ৰয়োগৰ
সিপাৰে আছে শ্লোগানৰ বিৰাট ব্যৱহাৰিক, প্ৰয়োগিক আৰু যোগাত্মক দিশ। শ্লোগান নিজেই এটা
শিল্প হয় নে নহয়? হয়, আৰু হ’ব পাৰে। সাৰ্থক শ্লোগানৰ নিৰ্মাণ এপ্লাইড আৰ্ট বা প্ৰায়োগিক
শিল্পত দখল থকা ব্যক্তিৰ দ্বাৰাহে সম্ভৱ। ব্যৱসায়িক সফলতা লাভত মেকডনালডৰ “I’m
Lovin’ it”, নাইকিৰ “Just Do it” বা কিটকাটৰ “Have a break, have a kit kat” শ্লোগান
সমূহৰ গুৰুত্ব কি সেয়া বুজিবলৈ টান নহয়।
শ্লোগান কাক বোলে?
শ্লোগানৰ প্ৰয়োজনীয়তা কোনখিনিত? শ্লোগান এটা শ্লোগান হৈ উঠিবলৈ হ’লে কোনখিনি গুণ থকাৰ
আৱশ্যক? শ্লোগান এটাৰ সাৰ্থকতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
শ্লোগানৰ
কেইটিমান দিশ সম্পৰ্কে বুজিবলৈ হ’লে আমি যিকোনো কোম্পেনী বা প্ৰতিষ্ঠান এটাৰ প্ৰতীকচিহ্ন
বা ল’গ’ আৰু ইয়াৰ উদ্দেশ্য তথা ডিজাইনৰ দৃষ্টিকোণেৰে ইয়াৰ নিৰ্মাণতত্বলৈ মনত পেলাব
পাৰোঁ। প্ৰতিষ্ঠান এটাৰ সামগ্ৰিক চৰিত্ৰ, ইয়াৰ বিচৰণ ক্ষেত্ৰ, কেন্দ্ৰীয় বিষয়বস্তু
এই সকলোখিনিৰে আভাস সামান্য ল’গ’-টোৱেই বহন কৰি চলে বা বহন কৰি চলিব বুলি আশা কৰা যায়।
শ্লোগানৰো একে কথা : আন্দোলন বা প্ৰতিবাদ এটাৰ সামগ্ৰিকতা, লক্ষ্য আৰু উদ্দেশ্য তথা
ইয়াৰ কাৰ্যপ্ৰণালীৰ আভাস ইয়াৰ শ্লোগানৰ মাজতেই নিহিত থাকে। ল’গ’ আৰু শ্লোগান দুয়োটাই
মতাদৰ্শ আৰু কেন্দ্ৰীয় চেতনাৰ বাহক। আগৰ বাক্যত “সামান্য ল’গ’” বুলি উল্লেখ কৰিছিলোঁ
এইবাবেই যে, ল’গ’ সাধাৰণতেই দেখাত সামান্য আৰু বাহুল্যবৰ্জিত হয়। মিনিমেলিজম বা সৰলীকৰণ
ল’গ’ ডিজাইনিঙৰ এক প্ৰাথমিক চৰ্ত। শৈল্পিক ৰূপ দিয়াৰ নামতেই এসোপামান ৰং কিম্বা উপাদান
(এলিমেণ্ট) থূপ খুৱাই ল’গ’ ডিজাইন কৰা নহয়। শ্লোগানৰো একেই কথা। শ্লোগান সাধাৰণতে নাতিদীৰ্ঘ,
আঁটিল, আৰু আড়ম্বৰবিহীন হয়। প্ৰথমদৰ্শনতেই চকু টানি ধৰিব পৰাটো যেনেকৈ ল’গ’ এটাৰ ইপ্সিত
চৰিত্ৰ, শ্লোগান এটাও প্ৰথমবাৰ শুনিয়েই মন টানি ধৰিব পৰাটো বা মনত ৰৈ যোৱাটো এটা আকাংক্ষিত
চৰিত্ৰ। ল’গ’-ৰ মিনিমেলিজম আচলতে একান্তই ব্যৱহাৰিক কাৰণতে পালন কৰা হয়। মাত্ৰ এটা
বা দুটা ৰঙৰ, মসৃণ ৰেখাৰ জ্যামিতীয় ডিজাইনৰ ল’গ’য়েই আটাইতকৈ বেছি। ব্যৱহাৰিক প্ৰায়োগিক
কাৰণটো এয়ে যে ল'গ'টো বিভিন্ন সময়ত বিভিন্ন মাধ্যমত সহজে ছপা কৰিবপৰা হ'ব লাগিব। লেটাৰ
প্ৰেছ, অফছেট, ডিজিটেল তাৰ লগতে ৰঙীণ কিম্বা গ্ৰে'-স্কেল যিকোনো ৰূপতে যাতে ইয়াৰ পুণৰৰূপায়ণ
সহজসাধ্য হয়। শ্লোগানৰো একেটাই কথা। সহজে যাতে ইয়াৰ পুণৰাবৃত্তি কৰিব পৰা যায়। ডেকা
বুঢ়া সকলোৱে সমস্বৰে চিঞৰিবলৈ যাতে সুবিধা হয়। শ্লোগান কেতিয়াবা বাক্যসমষ্টি, কেতিয়াবা
বাক্যাংশ আৰু কেতিয়াবা কেৱল কেইটিমান শব্দৰ সঞ্চয়। ফৰাছী বিপ্লৱৰ আটাইতকৈ জনপ্ৰিয় শ্লোগান
আছিল কেৱল শব্দসমষ্টি : liberty, equality, fraternity, তেনেকৈয়ে মনত পেলাব পাৰি আম্বেদকাৰৰ
শব্দ তিনিটালৈ- Educate, Agitate, Organize.
ৰাজনৈতিক
শ্লোগান সাধাৰণতে এজন আঁত ধৰোতাই মাতে, তাৰ পিছত অনুসৰণকাৰীসকলে মাতে। কিছুসংখ্যক শ্লোগানত
আঁত ধৰোতা আৰু অণুসৰণকাৰীয়ে একেখিনি কথাকে আওৰোৱাৰ বিপৰীতে বেছিভাগ ক্ষেত্ৰতেই আঁত
ধৰোতাই কোৱা কথাখিনিৰ পিছৰছোৱা বাকীসকলে ব্যক্ত কৰে। "জয় আই অসম" আঁত ধৰোতা
দলপতি আৰু সমবেত ৰাইজে একে ৰূপতে পুণৰাবৃত্তি কৰা শ্লোগানৰ উদাহৰণ। আনটো ধৰণৰ উদাহৰণ
হ'ল : আঁত ধৰোতাই যদি কয় "আৱাজ দ'", বাকীসকলে ক'ব, "হাম এক হে"।
এই এজনে আঁত ধৰা আৰু বাকীসকলে তাক আগুৱাই লৈ যোৱা কাৰবাৰটো লোকসংস্কৃতৰ প্ৰাচীণতম উপাদান।
সম্পৰ্কটো ওজা আৰু পালিৰ মাজৰ সম্পৰ্কৰ দৰে। বিহুৱেই হওক বা বিয়ানামেই হওক, এক নামতী
বা আয়তীয়ে নাম ধৰে, বাকীসকলে জাত-খিনি আগুৱাই লৈ যায়। ছন্দ আৰু ধ্বনিমাধূৰ্যই ইয়াক
বাৰে বাৰে পুণৰাবৃত্ত কৰি থাকিবলৈ অনুপ্ৰেৰণা যোগায়। ল'গ' ডিজাইনৰ দৰেই শ্লোগান ডিজাইনো
মিনিমেলিষ্ট হয় যদিও কেতিয়াবা তুলনামূলকভাবে অপ্ৰাসংগিক কথাৰ অৱতাৰণাও দেখা যায়। ননচেন্স
পদ্যৰ দৰেই কিছুমান কথা কেতিয়াবা জোৰা দিয়া হয় কেৱল ছন্দ মিলাই তাক মনোগ্ৰাগী কৰি তুলিবৰ
বাবেই। "নিম ক পত্তা কড়োৱা হেই" তেনেকুৱা এক বাক্যাংশ। "যম তক ৰহেগা
চমোচা মে আলু, তব তক ৰহেগা বিহাৰ মে লালু" তেনেকুৱা আন এক উদাহৰণ। বিহুনামতো
"কেলৈ মনে মাৰি থাক" বুলি সুধিবলৈ গৈ "তামোলৰ ঢকুৱা জোনাকী পৰুৱা"ৰ
উল্লেখ কেনেকৈ কৰা হয় সেই সম্পৰ্কে আমি আগতে কথা পাতি আহিছোঁ।
অলপতে
এটা ভিডিঅ'ত দেখা গ'ল অসমৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই উদাত্ত কণ্ঠৰে ঘোষণা কৰিছে
"আপোনালোকেও মোৰ লগতে কওক, অসম সদায় অসমীয়াৰ হৈ থাকিব লাগিব"। তাৰ পিছতে
তেওঁ "অসম সদায়" বুলি চিঞৰ এটা মাৰি অলপ সময় ৰয়। তাৰ পিছত আকৌ এবাৰ ক'লে
"অসম সদায়"। নাই, প্ৰথমবাৰৰ দৰে দ্বিতীয়বাৰো সমাসিত দৰ্শকৰ কোনো সঁহাৰি নাই।
তৃতীয়বাৰো "অসম সদায়" বুলি কওঁতে যেতিয়া দৰ্শকৰ সঁহাৰি পোৱা নগ'ল হতাশ হৈ
তেখেতে ক'বলৈ বাধ্য হ'ল, ৰাইজ আপোনালোকে মোৰ কথাত সঁহাৰি দিয়ক। এতিয়া কথা হ'ল, কোনোবাই
"অসম সদায়" বুলি ক'লে বাকী ৰাইজে সমস্বৰে "অসমীয়াৰ হৈ থাকিব লাগিব"
বুলি চিঞৰিব বুলি ভাবি থকা হয় সেয়া বাতুলতা। কথাখিনিত শ্লোগানধৰ্মিতাই বিচৰা ছন্দ বা
প্ৰায়োগিক কুশলতা একেবাৰেই নাই। শ্লোগান এটাত থাকিব লগা ব্যৱহাৰিক চৰিত্ৰখিনি নাথাকিলে
শ্লোগানটোৱে যিমানেই গুৰুত্বপূৰ্ণ কথা নকওক, সি শ্লোগান হৈ উঠিব নোৱাৰে।
প্ৰতিবাদী
কাৰ্যসূচীত সদায়ে এটা প্ৰতিপক্ষ থাকে। কিন্তু শ্লোগান সদায়ে সেই প্ৰতিপক্ষক উদ্দেশ্য
কৰি কোৱা কিবা এষাৰ হ'ব লাগিব বুলিও কোনো কথা নাই। আনকি বেছিভাগ সময়তেই দেখা যায় শ্লোগানসমূহ
অন্তৰ্মূখী - অৰ্থাৎ, সমবেত সুহৃদসকলৰ নিজৰ আত্মোপলব্ধি, নিজৰ শক্তি আৰু ধৈৰ্যক বাহাল
ৰাখিবৰ বাবে নিজেই নিজকে দিয়া সঁকিয়নি আদি। এইখিনিতে কবিতাৰ স'তে শ্লোগানৰ অন্তৰ্মূলৰ
এটা সম্পৰ্ক আছে। কবিতাৰ দৰেই শ্লোগান এটাৰো বহুমাত্ৰিক অৰ্থ থাকিব পাৰে। কবিতাৰ দৰেই
শ্লোগান কেতিয়াবা আনৰ বাবে, কেতিয়াবা আনক সম্বোধি কোৱা কথা এষাৰো আচলতে নিজেই নিজকে
কোৱা কথাহে। কেতিয়াবা কবিতা শ্লোগানৰ শৰণাপন্ন হয়, কেতিয়াবা শ্লোগান সহায়ৰ হাত বিচাৰি
কবিতাৰ কাষ চাপে। হীৰেণ ভট্টাচাৰ্যৰ "দেশ বুলিলে আদেশ নালাগে" কবিতাৰ শাৰী
পাছলৈ শ্লোগানত পৰিণত হৈছিল। "জয় আই অসম" কথাষাৰ পোণতে কোনে কেতিয়া ক'ত ব্যৱহাৰ
কৰিছিল নাজানো। যদি বেজবৰুৱাৰ অসম-সংগীতত "অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল"-এই
যদি আৰম্ভণি হয় তেন্তে সেয়াও কবিতাৰ পৰা আহি শ্লোগানৰ ৰূপ লোৱাৰ এটা উদাহৰণ।
ৰাষ্ট্ৰই
সমস্ত নাগৰিকক নাগৰিক হোৱাৰ প্ৰমাণ বিচাৰি প্ৰত্যেকেই কাগজ দেখুওৱাটো বাধ্যতামূলক কৰিবলৈ
ওলোৱাৰ প্ৰতিবাদত একান্তই সমসাময়িকতাত ৰচিত কবিতা আৰু শ্লোগান "হাম কাগজ নেহী
দিখায়েংগে" এই সময়ত সৰ্বব্যাপী হৈ পৰিল। বৰুণ গ্ৰোভাৰৰ ৰচিত এটা কবিতাই তুমুল
জনপ্ৰিয়তা পোৱাৰ পিছত তাৰ আধাৰত কেইবাধৰণৰো পাঠ-পাৰফৰমেন্স হ'ল বিভিন্ন ঠাইত, সুৰেৰে
সজাই গীতৰ ৰূপতো পৰিৱেশিত হ'বলৈ ল'লে। "হাম কাগজ নেহী দিখায়েংগে" একাইন্তই
এই সময়ৰ সৃষ্ট একক আৰু স্বকীয় শ্লোগান।
কিছুমান
শ্লোগানৰ সাৰ্ৱজনীনতাৰ বাবে বাৰম্বাৰ যিকোনো প্ৰতিবাদী সত্বাই আওঁৰাবলৈ ভাল পায়।
"ইনকিলাব জিন্দাবাদ" তেনে এটি শ্লোগান। কিছুমান প্ৰতিবাদী কাৰ্যসূচীত কিছুমান
বিশেষ পূৰ্ৱৰে পৰা প্ৰচলিত শ্লোগান ইচ্ছাকৃতভাবে ব্যৱহাৰ কৰা হয় প্ৰতিবাদৰ এটা জিনিঅ'ল'জী
বা ঐতিহাসিক প্ৰেক্ষাপটক দৰ্শাবৰ বাবে। কিন্তু সকলো আয়োজনতে নিজাকৈ একোটা শ্লোগানে
জন্ম লয়েই। ছবছৰীয়া অসম আন্দোলনৰ নিজা উদ্ভাৱন আছিল "এই জুই জ্বলিছে, জ্বলিছে,
জ্বলিবই"। হাতত জোৰ লৈ সমদলত আগবঢ়া অগণন মানুহৰ মুখত উচ্চাৰিত এই শ্লোগান আক্ষৰিক
আৰু প্ৰতিকী- দুয়োটা দিশেৰেই কাৰ্যকৰী শ্লোগান আছিল।
এই
সময়ত সমগ্ৰ ভাৰতবৰ্ষতে গুঞ্জিত হোৱা শ্লোগানটো হৈছে আজাদী। কাশ্মীৰত ৰাষ্ট্ৰৰ দমননীতি,
সময়ে সময়ে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ৰাজনৈতিক ঘটনাৱলী
আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিয়া এই সময়ত এই "আজাদী" শব্দটোৱে মান্যতা
আৰু যুক্তিযুক্ততা দাবী কৰিছে। ইয়াৰ লগতে এই "আজাদী" ধাৰাৰ শ্লোগানৰ এটা
বৈশিষ্ট্য হৈছে ই এটা মাত্ৰ শ্লোগান নহয়, বৰঞ্চ অলেখ শ্লোগানৰ এটা শৃংখলহে। আজিৰ সময়ত
সমগ্ৰ দেশৰ চুকে কোণে নিৰন্তৰ প্ৰতিবাদ প্ৰদৰ্শণ হৈ আছে যদিও সকলোৰে লক্ষ্য আৰু উদ্দেশ্য
একে নহয়। ভাৰতৰ সাম্প্ৰদায়কিতা বিৰোধী স্থিতিৰ স'তে অসমৰ খিলঞ্জীয়াৰ নিৰাপত্তাৰ বাবে
কৰা সংগ্ৰামৰ পাৰ্থক্য আছে। লগতে এই সময়ত আমাৰ সকলোৰে প্ৰতিপক্ষ একক নহয়। শাসনাধীষ্ঠ
চৰকাৰে জোৰ কৰি জাপি দিয়া এখন আইনী বিধেয়কৰ বিৰোধিতাৰ লগে লগে ৰাষ্ট্ৰসন্ত্ৰাস, বৰ্বৰতা,
স্বেচ্ছাছাৰীতা, মধ্যযুগীয় কুপমণ্ডুকতা, পশ্ছাদমুখী ঘৃণাকেন্দিক ৰাজনীতি আদি বহুখিনি
কাৰণ আৰু কাৰকৰ বিৰুদ্ধে একেসময়তে সংগ্ৰামত লিপ্ত হৈছে আজিৰ জনতা। এই কাৰণতো
"আজাদী" শৃংখলাই গুৰুত্ব পাইছে। আজাদী মানে কাৰ পৰা আজাদী? কিহৰ পৰা আজাদী?
আঁত ধৰোতাই এটা এটাকৈ প্ৰসংগৰ অৱতাৰণা কৰি গৈ থাকে আৰু উপস্থিত সকলে আজাদী শব্দৰ উচ্চাৰণেৰে
তাক ছন্দায়িত কৰি গৈ থাকে। আমাক কাৰ পৰা আজাদী লাগে? সাম্প্ৰদায়িকতাৰ পৰা লাগে। দাৰিদ্ৰৰ
পৰা লাগে। অশিক্ষাৰ পৰা লাগে। ভ্ৰষ্টাচাৰৰ পৰা লাগে। মনুবাদৰ পৰা লাগে। স্বেচ্ছাচাৰিতাৰ
পৰা লাগে। আগ্ৰাসণৰ পৰা লাগে। ইত্যাদি ইত্যাদি।
কিন্তু
ভাৰতবৰ্ষৰ বাকী অঞ্চলৰ ৰাইজ সাৰ পোৱাৰ আগৰে পৰাই সুদীৰ্ঘকালীণ প্ৰতিবাদৰ শৃংখলা অসমত
চলি থাকিলেও অসমত কোনো বিশিষ্ট ব নিৰ্দিষ্ট এই সময়ৰ শ্লোগান সৰ্বব্যাপী হৈ উঠা দেখা
যোৱা নাই। তাৰ মাজতো অৱশ্যে "নামানো মানে নামানো" কথাষাৰ একান্তই এই সময়ৰ
সৃষ্টি বুলিব লাগিব। তাৰ বাহিৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা প্ৰতিবাদী কাৰ্যকলাপত
"হৈ হৈ" "অ-হৌ" আদি শ্লোগানসমূহে একাংশ মানুহক বিৰক্তহে কৰিছে।
নাট্যচৰ্চা তথা পাৰফৰমেন্সৰ কৰ্মশালাসমূহৰ সৈতে জড়িত ব্যক্তি হিচাপে ধ্বনিৰ কচৰৎ, ধ্বনিৰ
পুনৰাবৃত্তিৰ প্ৰায়োগিক অভ্যাস আদিৰ গুৰুত্ব বুজি পাওঁ, আৰু সেই ফালৰ পৰাই জিবাৰিছ
(gibberish) ভাষাৰো গুৰুত্ব স্বীকাৰ কৰোঁ। কিন্তু আজিৰ সময়ত এই জিবাৰিছৰ প্ৰয়োগ আৰু
ভূমিকা সম্পৰ্কে কিছুমান সন্দেহ আৰু প্ৰশ্ন মনত উদয় হয়। আনফালে য'ত "আমি কাগজ
নেদেখুৱাওঁ" ধৰণৰ স্পষ্ট আৰু দৃঢ় মত সাব্যস্ত হৈছে সেই সময়ত এইফালে কেনেবাকৈ স্পষ্টতা
আৰু দৃঢ়তাৰ অভাৱ ঘটিছে নেকি? যি সময়ত সৰ্বত্ৰ "আজাদী"ৰ গুঞ্জনেৰে মানুহে
এটাৰ পিছত এটাকৈ নিজৰ চেতনাৰ কথাবোৰ কৈ গৈ আছে সেই সময়ত আমি ক'বলগীয়া একোৱেই বিচাৰি
নোপোৱাত পৰিলোঁ নেকি? ইয়াৰ পিছতে মনলৈ অহা কথাষাৰ আৰু বেছি বিপদজনক। বহুতো ভাষিক সাংস্কৃতিক
নৃতাত্বিক গোষ্ঠী জনগোষ্ঠীৰ সমন্বয় সম্প্ৰীতিৰ কথা কৈ থাকিলেও সত্য কথা এয়েই যে আমি
আমাৰ মাজতে থকা আনসকলৰ ভাষা একোটো নিশিকিলোঁ। আমাৰ মাজত আচলতেই বহুভাষিক সম্প্ৰীতিৰ
পৰিৱেশ এটা নাই। এনে সময়ত আমাৰ নিজৰ ভাষাটো (অসমীয়া বুলি ধৰি লৈ)বাদ দি আৰু তাৰ লগতে
হিন্দী আৰু বঙালীৰ দৰে আগ্ৰাসী ভাষা সমূহ পৰিহাৰ কৰি চলিবলৈ বিচাৰিলে আমি আচলতে কাৰো
লগতেই কোনো যোগাযোগৰ সূত্ৰ স্থাপন কৰিব নোৱাৰোঁ। এনে এটা পৰিৱেশত অহৌ হৌ হৌ ধৰণৰ জিবাৰিছ
শ্লোগানবোৰ আমাৰ নিজৰ অক্ষমতাৰেই এক প্ৰতীকী প্ৰকাশ নেকি? অভূতপূৰ্ৱভাৱে স্বতস্ফুৰ্ত
তুমুল জনজাগৰণৰ পিছতো নেতৃস্থানীয় ব্যক্তিসকললৈ আঙুলি টোঁৱাই কিয় আজিও সাধাৰণ জনতাই
সুধিবলগাত পৰিছে : মহাশয়, আপোনাৰ স্থিতি কি?
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium
Annexe Building,
New Delhi – 110001
mobile: +91 9811375594