["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৭ নৱেম্বৰ, ২০১৯]
এই
অলোচনাটোৰ শীৰোনাম ৰাখিব খুজিছিলোঁ “সামূহিকতাৰ নন্দনতত্ব” অথবা “ভীৰৰ গতিবিদ্যা”।
কিন্তু কথাখিনি কিবা ভীৰৰ ব্যৱসায় ধৰণৰহে হ’লগৈ। সামূহিকতা, ভীৰৰ মনস্তত্ব, একক বা
ৰৈখিক অস্তিত্বৰ বিপৰীতে বহুত্বৰ বাৰোৱাৰী ভাগীদাৰীত্বৰ কথাখিনি উত্তৰ-আধুনিকতাৰ হাত
ধৰি আগবাঢ়ে। আমাৰ পপুলাৰ স্তৰত উত্তৰ-আধুনিকতা যে অৱধাৰিত সেইটোক স্বীকাৰ কৰাৰ পৰিৱৰ্তে
ই ‘কৃত্ৰিম বৌদ্ধিক’ কিম্বা ‘পুঁজিবাদী আগ্ৰাসনৰ এটা আহিলা’ – এনেধৰণৰ কিছুমান অভিযোগহে
সততে শুনা যায়। ধন-টকা-পইচাৰ সৈতে শৈল্পিক অভিজ্ঞতাৰো যে এটা সম্পৰ্ক আছে সেয়া এই সময়ত
স্পষ্টভাবে স্বীকাৰ কৰা হয়। আধুনিকতাবাদৰ সময়ৰ আৰ্থিক দিশবোৰৰ কথা লুকুৱাই ৰাখি শিল্পক
পৰম মহান সাধুবাদী ফকিৰী কিবা এটা বুলি গণ্য কৰি থকাৰ ভণ্ডামিখিনি যে ইয়াত নাই সেই
কথাও কিন্তু কোনেও নুই কৰিব নোৱাৰে।
ৰাইজে
নখ জোকাৰিলে নৈ বয় বুলি কথা এষাৰৰ লগতে মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই ধৰণৰ কথাৰো
প্ৰচলন আছে। এই সকলোবোৰেই সামূহিকতাৰ জোৰৰ কথা কয়। সামূহিকতা বুলিলে তেনেই সহজ বিষয়
হৈয়ো পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত ক্ৰমশ: জটিল হৈ গৈ থকা এটা প্ৰপঞ্চ। আদিম কালৰে
পৰাই মনুষ্যৰ বিকাশ আৰু অধোগতিৰ ৰেহ-ৰূপ বৈচিত্ৰ্যময় আৰু বিক্ষিপ্ত হ’লেও এটা কথা সকলো
সময়তে একেৰাহে সত্য যে মানুহ সামাজিক প্ৰাণী। সেয়ে সামাজিকতা এটা তেনেই চিনাকি প্ৰসংগ।
সূক্ষ্মভাৱে চাবলৈ গ’লে কোনো কামেই মানুহে অকলে নকৰে, আৰু এই কামটো অকল মইহে কৰিছোঁ
কিম্বা মই অকলেই অমুক কামটো কৰিব পাৰোঁ- এই গৰ্ববোধখিনিও পৰম্পৰাগত লোকসমাজখনত বৰকৈ
নাছিল। আধুনিকতাবাদৰ হাত ধৰি অহা ব্যক্তিমনৰ বিকাশৰ পিছৰ পৰাহে এনেবোৰ দিশ উন্মোচিত
হ’বলৈ লৈছিল। বিহুৱে-সংক্ৰান্তীয়ে উৎসৱে পাৰ্ৱনে যেনেকৈ সমূহীয়াকৈ ৰাইজে কাম একোটা
সমাধা কৰে, দৈনন্দিন জীৱনতো ইজনে সিজনৰ সহযোগিতাৰে আগবাঢ়ি গৈ থাকে। কিন্তু কোন মুহূৰ্তত
এই সামূহিকতাৰ স্বৰূপ কেনে হ’ব, ইয়াৰ দ্বাৰা কোনখিনি কাম কেনেকৈ সমাধা কৰা হ’ব, অনুষ্টুপ
বা তাৎক্ষণিক সামূহিক কাৰ্যকলাপৰ আঁৰতো বিশাল স্তৰৰ কিবা উদ্দেশ্য বা দীৰ্ঘ্ম্যাদী
স্বাৰ্থ সোমাই থাকিব নেকি এইবোৰৰ বাবে কিছুমান এজেন্সীয়ে কাম কৰি থাকে। অতি সহজকৈ বুজিবলৈ
হ’লে এনে প্ৰসংগত ধৰ্ম এটা আটাইতকৈ প্ৰভাৱশালী এজেন্সী। কিছুমান কাৰ্যকলাপত এই এজেন্সীৰ
উপস্থিতিটো পোনপটীয়াকৈ বুজা যায়, কিছুমানত ই মনিব নোৱৰাকৈ লুকাই থাকে। কিন্তু কোনোবাখিনিত
থাকে। ইয়াৰ পিছতো চাবলৈ মজাৰ দিশ এইটোৱেই যে সামূহিকতাৰ এটা নিজস্ব গতিবিদ্যা (dynamics)
আছে। কোনোবা এজেন্সীৰ দ্বাৰা পৰিচালিত হৈয়ো ইয়াৰ নিজাকৈ এটা ভৰবেগ (momentum) আছে।
সমূহীয়া কাম-কাজ, ৰাজহুৱা স্থান, সমিলমিলৰ উদ্যোগ – এই সকলোবোৰৰ সন্মীলনৰ নিজাববীয়া
গতিৰ একধৰণৰ স্বতষ্ফূৰ্ততাই অৱলীলাক্ৰমে (random) কাৰ্যক্ষম হ’বলৈ চেষ্টা কৰে আৰু এজেন্সীৰ
লক্ষ্য আৰু উদ্দেশ্য ব্যতিৰেকেও ই নিজে নিজে কিছুমান কাম সমাধা কৰি গৈ থাকে। একালত
হয়তো খ্ৰীষ্টীয় ধৰ্মপ্ৰসাৰৰ উদ্দেশ্যে কিম্বা আৰু বহল অৰ্থত ইংৰাজৰ ক্ষমতাক বাহাল ৰাখিবৰ
স্বাৰ্থতেই ছপাশালবোৰ পতা হৈছিল বা মিছনেৰীবোৰ স্থাপন কৰি শিক্ষাৰ প্ৰসাৰ কৰা হৈছিল।
শিক্ষা মানেই ক্ষমতা, জ্ঞান মানেই ক্ষমতা। কিন্তু কালক্ৰমত তাৰ ফলাফল কি হ’ল সেয়া আমাৰ
সকলোৰে অৱগত। একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু উদযাপনৰ উদ্দেশ্যেই এটা সময়ত আমাৰ গাঁৱৰ
ভাওনাখন হৈছিল যদিও আমি জানো যে ভাওনাখন কেৱল ধৰ্মচিন্তাৰেই বাহকমাত্ৰ নহয়। তাতোকৈ
বেছি সামূহিক অভিজ্ঞতা আৰু সমস্ত গঞা ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে ঘটি উঠা এটা ঘটনা।
শংকৰ-মাধৱৰ উদ্যোগখিনি খোলত দিয়া প্ৰথম চাপৰটোহে। বাকী অৰ্কেষ্ট্ৰাখিনি, সৰুধেমালি
বৰধমালিখিনি কালাতিক্ৰমণ কৰিবলৈ সাধ্যৰখা অগণিত নামী-অনামী গঞা ৰাইজৰ।
এই
সামূহিকতাৰ বিপৰীতে একক স্ৰষ্টা, একক কৰ্তাৰ ধাৰণাটোৱে গা কৰি উঠিছিল আধুনিকতাবাদৰ
বন্ধনীৰ ভিতৰলৈ সোমাব পৰা তেনেই কম সময়ৰ বাবেহে। মন কৰিবলগীয়া যে অতীজৰ যিখিনি কাহিনী
শুনিবলৈ পঢ়িবলৈ পোৱা যায়, সেই প্ৰাচীণ কালৰ একক মনীষী, একক সৰ্বগুণাকৰ কৰ্তা-ধৰ্তাৰ
কাহিনীবোৰো কিন্তু বহুলাংশে আধুনিক কালৰ ৰচিত, কথিত কিম্বা পুণৰ্নিৰ্মিত। সি যি কি
নহওক, বিচ্ছিন্ন নাগৰিক ‘একাকীত্ব’ৰ চালনীৰে পৰিশোধিত হৈ আহি আজিৰ তাৰিখত সমূহ আৰু
সামূহিকতাই নতুন ৰূপত নতুন মৰ্ম বিচাৰিবলৈ আৰম্ভ কৰিছে। শিল্পয়ো সহযোগী তথা সামূহিক
অভিজ্ঞতাৰ মাজেৰে বাট বুলিবলৈ বিচাৰিছে, পুঁজিবাদী বজাৰখনেও সামূহিকতাকেই মূলধন কৰি
লৈ আগবাঢ়িব খুজিছে। এসময়ত থকা আৰ্টিষ্টৰ ষ্টুডিঅ’ৰ ধাৰণাটো আজি আৰু নাই। গাঁৱে-ভূঞে
সোমাই জনসমাগমৰ মাজত কিম্বা কেইবাজনৰো সমিলমিলৰ মাজেৰেহে আজিকালি তেওঁলোকে কাম কৰিবলৈ
বিচাৰে। পাব্লিক আৰ্ট, কমিউনিটি আৰ্ট, কোলাব’ৰেটিভ আৰ্ট, এনভাইৰণমেণ্টেল আৰ্ট এনেকৈ
বহুতো পোছাকী নাম লৈ আজিৰ শিল্পই মূলত: শুভ্ৰ-ঘনক বা হোৱাইট-কিউবটোৰ পৰা ওলাই আহিবলৈকে
চেষ্টা কৰি আহিছে। স্তৰে স্তৰে শিল্পীকূলে বুজিবলৈ চেষ্টা কৰিছে আজিৰ সময়ত সামূহিকতাৰ
মানে কি হ’ব পাৰে। পৰিৱৰ্তিত সময়ত ৰাজহুৱা স্থানৰ সংজ্ঞা তথা ব্যাখ্যা কেনেধৰণৰ হোৱা
উচিত। আজিৰ সময়ত এই ন-কৈ গুৰুত্ব পাবলৈ লোৱা সামূহিকতাৰ ভালে বেয়াই মিলি কেইবাটাও দিশ
আছে। আজিৰ আলোচনাত বিষয়খিনিত অলপমানকৈ চুই যোৱাহে হ’ব।
শিল্পৰ
জগতত দ্ৰষ্টাৰ নিষ্ক্ৰিয় ভূমিকাৰ পৰিৱৰ্তে সক্ৰিয় ভূমিকা আৰু অংশগ্ৰহণৰ কথাটোত জোৰ
দিছিল মাৰ্চেল ডুচাম্পে। এই পাৰ্টিচিপেটৰী বা ভাগিদাৰী ভূমিকাৰ দ্ৰষ্টা-দৰ্শকৰ ধাৰণাটোৱেই
পাৰফৰমেন্স আৰ্ট বা ইনষ্টলেচন আৰ্ট আদিৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কথা হৈ ৰয়। ভাৰতবৰ্ষত
থিয়েটাৰৰ আন্দোলনবোৰৰ ভিতৰত তৃতীয় থিয়েটাৰৰ প্ৰৱক্তা বাদল চৰকাৰৰ আলোচনা সমূহে থিয়েটাৰ
মননৰ এটা তত্বিক ভেটী নিৰ্মাণ কৰাৰ চেষ্টা কৰিছিল য'ত তেওঁ বাৰে বাৰে অভিনেতা আৰু দৰ্শকৰ
প্ৰত্যক্ষ যোগাযোগ আৰু দৰ্শকৰ সক্ৰিয় ভূমিকাৰ কথা প্ৰসংগায়িত কৰিছিল।
অৱশ্যে
আধুনিকতাবাদৰ চূড়ান্ত সময়খিনিতো একক স্ৰষ্টা-শিল্পীৰ একক পাৰদৰ্শিতাৰ উদযাপনৰ মাজতো
শিল্প নিৰ্মাণত বহুত্বৰ ক্ৰিয়াশীল প্ৰভাৱৰ কথাখিনি বাৰে বাৰে উঠিছিল; কিন্তু অলপ অন্য
ধৰণেৰে। এনেকুৱা কাহিনী এটা শুনিবলৈ পোৱা যায় যে পিকাছোৱে তেওঁৰ বিখ্যাত গুৱেৰ্ণিকা
ছবিখন অঁকাৰ পিছত সেনাবাহিনীয়ে গৈ সুধিছিল- এইখন ছবি আপুনি আঁকিছে? যুদ্ধবিদ্ধস্ত নগৰৰ
ভয়াবহতাৰ এই ছবিখন সম্পৰ্কে পিকাছোৱে টপৰাই উত্তৰ দিছিল- নহয়, আপোনালোকেহে আঁকিছে।
কথাষাৰ প্ৰতিকী আৰু ব্যংগাৰ্থক হ'লেও বাস্তৱতা সম্পৰ্কীয় প্ৰশ্ন কিছুমান ইয়াত আছে।
শিল্পীয়ে একধৰণৰ বাস্তৱতাৰ প্ৰতিৰূপায়ণহে কৰিছে নেকি যি বাস্তৱতাৰ নিৰ্মাতা আচলতে অন্য?
ছবি এখন আচলতে কোনে আঁকে সেই প্ৰশ্নটোও ইয়াত আছে- শিল্পীয়ে নে দ্ৰষ্টায়? সি যি কি নহওক,
আজিকালিৰ শিল্পীয়ে নিজে 'মইয়েই স্ৰষ্টা' বোলা অহংকাৰটোৰ বিপৰীতে দ্ৰষ্টা আৰু উপভোক্তাৰ
সক্ৰিয় সহযোগিতাৰ বাবে বেছিকৈ হাবিয়াস কৰে। অলপতে দিল্লীৰ মেক্সমুলাৰ ভৱনত প্ৰীতি সিং
নামৰ উদীয়মান শিল্পী এগৰাকীয়ে এটা পৰফৰমেন্সৰ পৰিৱেশৰ আয়োজন কৰিছিল য'ত বিক্ষিপ্ত ৰূপত
সজ্জিত কিছুমান আচবাবৰ ভিত্তিত চাবলৈ অহা দৰ্শকে সহযোগ কৰি নিজে নিজে কিছুমান পাৰফৰমেন্স
কৰিছিল। ইয়াত শিল্পী এক কিউৰেটৰ সদৃশ বা কেৱল এজন উদ্যোক্তা; শিল্প নিৰ্মাণ, উপভোগ
আৰু অংশদাৰীত্ব সকলোবোৰ সমাসীত দৰ্শকৰ।
উপৰুৱা
দৃষ্টিৰে চালে ৰাজহুৱা, সামাজিক, বাৰোৱাৰী, সামূহিক- এই প্ৰায় সমাৰ্থক সকলোবোৰ কথাৰ
আঁৰত একধৰণৰ স্বতষ্ফূৰ্ত, নি:স্বাৰ্থ আৰু বিনিয়োগ-তথা-লাভালাভ ৰহিত সহযোগিতাৰ ধাৰণা
সোমাই আছে যদিও এই সামূহিকতাৰ পৰাই এই সময়ৰ বিশ্বৰ সকলো পুঁজিবাদী উদ্যোগ আটাইতকৈ বেছি
লাভাম্বিত হৈ আহিছে। আজিৰ জনমানসক আতাইতকৈ বেছি ব্যস্ত কৰি ৰখা চ’চিয়েল মিডিয়া ইয়াৰ
এটা উৎকৃষ্ট উদাহৰণ। বিশেষ এখন চ’চিয়েল মিডিয়াৰ ক্ষেত্ৰ এটা কোম্পেনীয়ে আৰম্ভ কৰাৰ
পিছত তাক সক্ৰিয় কৰি ৰাখি সফলকাম কৰাৰ দায়িত্বটো সমস্ত ৰাইজে নিজে নিজেই লৈ লয়। দিনে
নিশাই অহৰহ ফে’চবুকত ব্যস্ত হৈ থকা আমি সকলোবোৰেই আচলতে ফে’চবুক নামৰ কোম্পেনীটোৰ অবৈতনিক
কৰ্মী। কথাই কথাই আজিকালি গুগলতে সকলো খবৰ বা তথ্য পাই যায় বুলি কৈ থাকোঁ যদিও আমি
সততে পাহৰি থাকোঁ যে আমি যিখিনি তথ্যৰ কথা কৈ থাকোঁ সেয়া আচলতে গুগলে আগবঢ়োৱা তথ্য
নহয়। গুগল এটা চাৰ্ছ-ইঞ্জীনহে, মানে সন্ধান-কৰাৰ-আহিলা মাত্ৰ (A search engine is
a web-based tool that enables users to locate information on the World Wide Web)
। ইয়াৰ সমস্ত তথ্য আপুনি, মই আৰু আমাৰ দৰে লক্ষ লক্ষ জনে বিভিন্ন সময়ত, বিভিন্ন প্ৰয়োজনত
আপলোড কৰি থোৱা সমল। আপুনি ‘নামঘোষা’খন অনলাইন বিচাৰিছিল, পালে। সোধোতে ক’লে যে আপুনি
গুগল কৰি পালে। মুহূৰ্তৰ বাবে আমি হয় পাহৰি থাকোঁ নহয় ভাবিবলগীয়া কথা বুলিয়েই নাভাবোঁ
যে নামঘোষাখনৰ ইউনিকোড ৰূপান্তৰটো গুগলে কৰা নাই, দিল্লীত কৰ্মৰত প্ৰতিম প্ৰতাপ বৰুৱা
নামৰ ব্যক্তিবিশেষেহে কৰিছিল নিজা উদ্যোগত।
আপোনাৰ
আৰু মোৰ দৰে অগণন অনামী ব্যক্তিৰ সমষ্টিৰ সামূহিকতাই এইবোৰ প্লেটফৰ্মক জীয়াই ৰাখিছে,
আৰু ৰাখিব। আজিৰ যুগ বিজ্ঞাপনৰ যুগ। একো একোটা কোম্পেনীয়ে বিজ্ঞাপনৰ নামত কোটি কোটি
টকা খৰছ কৰে ঠিকেই। কিন্তু সমান্তৰালভাৱে বিজ্ঞাপনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ স্বেচ্ছাসেৱীৰ
ৰূপত আমি সকলোবোৰেই অজানিতেই ব্যস্ত হৈ আহিছোঁ। যিকোনো টুথপেষ্টক ‘কলগে’ট’, যিকোনো
ষ্টীলৰ আলমাৰীক ‘গডৰেজ’ বা যিকোনো কাপোৰ ধোৱা পাওদাৰক ‘চাৰ্ফ’ বুলি কৈ থাকোতে আমি আনৰ
একো একোটা ব্ৰেণ্ডৰ উদযাপনেই কৰি থাকোঁ। তেনেকৈয়ে এটা ব্ৰেণ্ড জনপ্ৰিয় হোৱাৰ লগে লগে
তাৰ যিমান পাইৰেচী বা শুনিবলৈ একে যেন লগা ভূৱা নামৰ সস্তীয়া ব্ৰেণ্ড ওলায়, সেই সকলোবোৰেই
আচলতে ইতিমধ্যে জনপ্ৰিয় ব্ৰেণ্ডটোৰ জনপ্ৰিয়তা আৰু বেছি বঢ়াবলৈহে সহায় কৰে। আজি সন্ধিয়া
আপুনি মেক-ডনালডত পিজা খাই মনৰ আনন্দত তাৰ ফটোখন আনক দেখুৱাবলৈ বিচৰাটোও এই সামূহিক-বিজ্ঞাপনৰে
অংগ।
সকলোৰে
ভাল হওক, সমাজৰ দহৰ উপকাৰ সাধন কৰিব লাগে, যিয়ে যেনেকৈ পাৰে দেশৰ বাবে আৰু দহৰ বাবে
কিবা এটা হ’লেও কৰিব লাগে- এইখিনি চিৰকালেই ভাল ভাল বুলি শলাগি থকা ভাল কথা। এই সাধুবাদো
এতিয়া বিজ্ঞাপনৰ সহায়ক অন্যতম সঁজুলি। এতিয়া ভাইৰেল ভিডিঅ’ৰ নামত, কিম্বা যিকোনো উৎসৱ
আদিৰ গইনা লৈ হেভেল কোম্পেনীয়ে আমাক শিকাব খোজে নাৰী জাগৰণৰ কথা, ফ্লিপকাৰ্ট কোম্পেনীয়ে
আমাক শিকায় লৈংগিক সমতাৰ কথা, আটোমোবাইল কোম্পেনীয়ে
শিকায় দেশপ্ৰেম কি, আনকি বাহ্যিক সৌন্দৰ্যৰ যত্ন লোৱা দ্ৰৱ্যৰ কোম্পেনীয়েও শিকাব খোজে
অন্তৰৰ সৌন্দৰ্যহে আচল কথা। এই সাধুবাদে সামূহিক মনস্তত্বক প্ৰভাৱিত কৰে আটাইতকৈ বেছি।
সামূহিকতাক উপলক্ষ কৰিবৰ বাবেই এই সমস্ত আয়োজন। এয়া বিজ্ঞাপন নহয়, বৰঞ্চ পি-এছ-এ :
সমাজৰ স্বাৰ্থত পাব্লিক-চাৰ্ভিছ-এনাউন্সমেণ্ট। এয়া মাছ নহয়, জিজি। আমিও সমাজৰ স্বাৰ্থত
(নি:স্বাৰ্থভাবে) এইবোৰৰ প্ৰচাৰ কৰোঁ আৰু এইবোৰে সমাজৰ কিবা কৰক বা নকৰক, কোম্পেনীবোৰৰ
স্বাৰ্থ সিদ্ধি কৰে ঠিকেই।
আপুনি
মনৰ আনন্দত বুলি ভাবি থাকি সৰু বৰ যি কামেই কৰি নাথাকক কিয় সেই কামটোৱে কোনোবা ক’ৰবাত
কোনোবা নহয় কোনোবা ব্যৱসায়িক উদ্যোগক মুনাফা আহৰণত সহায় কৰি থাকে। এতিয়া ভাবিও আচৰিত
লাগে যে পিটাৰ ৱেইৰ পৰিচালিত জিম কেৰী অভিনীত “ট্ৰুমেন শ্ব’” চিনেমাখন সেই ১৯৯৮ চনতেই
নিৰ্মিত হৈছিল য’ত নায়কজন আজন্ম বন্দী হৈ ৰয় টেলিভিচন ৰিয়েলিটী শ্ব’ এটাৰ প্ৰযোজকৰ
পৰিকল্পনাত আৰু তেওঁৰ ব্যক্তিজীৱনৰো ক্ষণ প্ৰতিক্ষণ অতিবাহিত হয় কেমেৰাৰ গোপন দৃষ্টিৰ
মাজত। এটা বিশেষ সময়ত অতীষ্ঠ হৈ পলায়ণৰ বাট বিচাৰি যাওতেহে তেওঁ বুজিবলৈ সক্ষম হয় যে
তেওঁৰ গোটেই দুনীয়াখন পূৰ্ৱনিৰ্মিত। সদায় চকুৰে দেখি থকা আকাশখনো কৃত্ৰিমভাবে নিৰ্মিত
বিশালাকাৰ দেৱাল এখনৰ বাদে আন একো নহয়।
কৌশলগত
বিচাৰেৰে এটা বিন্দুত সামান্য হেঁচা প্ৰয়োগ কৰিলেই তাৰ ফলাফল অৱলীলাক্ৰমে বিশাল হৈ
উঠিব পাৰে। ইয়াৰ কিছু পৰ্যায় গণিতীয়ভাবে নিয়ন্ত্ৰিত হয়, কিন্তু কিছুমান পৰ্যায় এনে
য’ত ক্ৰিয়াবোৰ মাত্ৰ সংঘটিত হৈ যায় নিজগুণে। কোনো নিয়ন্ত্ৰণ অবিহনেই ঘটি গৈ থাকে একোটা
শৃংখলাৰ ৰূপত। বিশ্বচৰাচৰৰ সৰ্বত্ৰ এই ৰেণ্ডমনেছ বা অৱলীলাক্ৰমে ঘটি যোৱাৰ নিজা এটা
সূত্ৰহীন সূত্ৰ আছে – যাক আমি ক’ম অৱলীলাতত্ব, থিয়োৰী অফ ৰেণ্ডমনেছ, যি ক’ব নোৱৰাকৈয়ে
ঘটি যাব পৰা সম্ভাৱনাকো এই পুঁজিবাদী সময়ে মুনাফা লাভৰ বাবে সদ্ব্যৱহাৰ কৰি চলিছে ঠিকেই।
কলকাতালৈ
যাওতে হাওড়া ষ্টেচনত, দিল্লীৰ চান্দনী চ’কত, অম্বুবাসীৰ কামাখ্যাত মানুহৰ ভীৰৰ মাজত
এনেকুৱা পৰিস্থিতি হয় যে সন্মুখলৈ আগুৱাই যাবলৈ আপুনি একো কৰিব নালাগে, খোজ এটাও দিব
নালাগে। লোক-সমূহে, ৰাইজে, ভীৰ নিজে নিজে আপোনাক ঠেলি ঠেলি লৈ গৈ থাকিব। আমি কৈ থকা
সামূহিকতা আৰু ভীৰৰ গতিবিদ্যাৰ এটা স্বৰূপ এনেকুৱাই।
এজেন্সীৰ
ফালৰ পৰা ন্যূনতম প্ৰয়াস কৰি সমূলাঞ্চে সামূহিকতাৰ জোৰত চলি থকা অসমৰ এটা উদ্যোগ হৈছে
অসমীয়া গ্ৰন্থ উদ্যোগ। এতিয়া গ্ৰন্থমেলাৰ উত্তেজনা চলি আছে। সমস্ত গ্ৰন্থপ্ৰেমীয়ে আশাৰে
বাট চাই থকা এটা সময়। নতুনকৈ প্ৰকাশিতব্য কিতাপৰ খবৰ ইজনৰ পৰা সিজনে লৈ সকলোৱে নিজগুণে
প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে। এই সামূহিকতায়েই এই উদ্যোগটোৰ মূলধন স্বৰূপ। অন্যথা উদ্যোগটোৰ
সৈতে জড়িত যিখিনি এজেন্সী আছে কেৱল তেওঁলোকৰ কৰ্মপন্থায়েই উদ্যোগটোক জীয়াই ৰাখিবলৈ
যথেষ্ট নহয়। অমুক কিতাপখন ভাল লাগিল, এইবাৰ গ্ৰন্থমেলাত অমুক কিতাপখন আটাইতকৈ বেছি
বিক্ৰী হ’ব- এনেধৰণৰ কথাবোৰ পাতিবৰ সময়ত আমি আচলতে ভাবি নাচাওঁ যে এইখিনি অব্যৱসায়িক
কথাই কোনোবা বিশেষ ব্যৱসায়িক প্ৰকাশকক প্ৰকাৰান্তৰে সহায় কৰি থাকে। সেই প্ৰকাশক ঐকান্তিক
নিষ্ঠাবান, সচেতন আৰু দায়িত্বশীল; কিম্বা, লেখকক মাননী দিয়াৰ পৰিৱৰ্তে ওলোটাই লেখকৰ
পৰা খৰছ লৈ কিতাপ প্ৰকাশ কৰা, লেখকৰ পৰা দহকপি কিতাপ বিকিবলৈ লৈ বছৰৰ পিছত বছৰ ধৰি
তাৰ প্ৰাপ্য পইচা আদায় দিয়া দূৰৰে কথা এখনমানো কিতাপ বিক্ৰী হ’ল নে নহ’ল খবৰ এটাও নিদিয়া
অথবা যিকোনো পৰ্যায়ৰে ব্যৱসায়ী নহওক কিয়। লাভ তেওঁলোকৰে। কাৰণ তেওঁলোকৰ মুনাফাৰ বাবে
তেওঁলোকৰ কৰণীয়খিনি আপুনি কৰি আছে, মই কৰি আছোঁ, আমাৰ সামূহিকতাই কৰি আছে।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001
mobile: +91 9811375594
No comments:
Post a Comment