ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, January 12, 2020

পেখু পেখু (ঊনপঞ্চাছ) : কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান

(ৰাজনৈতিক শিল্প আৰু ডকুমেণ্টেচন সম্পৰ্কে)
["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৫ জানুৱাৰী, ২০২০]


“আৰ্ট হিষ্ট্ৰীহে মানুহৰ আচল হিষ্ট্ৰী, বাকীবোৰ পলিটিকেল শাসকৰ হিষ্ট্ৰী”
-       দিলীপ তামুলী (দিল্লীৰ তিহাৰ জেইলত লগ পাওতে কোৱা কথা)

ৰাজকুমাৰ মজিন্দাৰ, মিশ্ৰ মাধ্যম, ২০০৬
ৰাজনৈতিক শিল্প বুলি নিৰ্দিষ্ট কোনো শাখা বা শ্ৰেণী আচলতে নাই। তথাপিও ৰাজনৈতিক চেতনাবিশিষ্ট কিম্বা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰপাগণ্ডা শিল্পৰ দেধাৰ উদাহৰণ আমাৰ সন্মুখত আছে। পলিটিক্স শব্দটোক ৰাজনীতি বুলি ব্যৱহাৰ কৰিবলৈকো কেতিয়াবা খোকোজা লাগে। ধৰক Everyday Politics কথাষাৰক ‘প্ৰাত্যহিকতাৰ ৰাজনীতি’ বুলিবলৈ অসুবিধা। ৰাজনীতি শব্দটোত স্পষ্টত: থকা ৰাজ (শাসন) আৰু নীতি (বিধান) শব্দযুগলে কেৱল দেশ শাসন আৰু নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক দিশটোলৈহে পোনে পোনে মন টানে। কিন্তু পলিটিক্স শব্দটোৱে সেই বিচাৰেৰে সহজেই বহল ক্ষেত্ৰ একোখন আগুৰি ধৰে। এতিয়া কথা হ’ল ‘সকলো শিল্পই পলিটিকেল’ বুলি একে আষাৰতে কৈ থ’ব পাৰি, কাৰণ শিল্পই সকলো সময়তে এক ব্যক্তিমনৰ বিষয়ী (Subjective) অৱস্থানক চিহ্নিত কৰে আৰু স্থিতাৱস্থাক হয় সমৰ্থন কৰে নহয় মুকলিকৈ বিৰোধ কৰে। সকলো শিল্পয়ে কিবা নহয় কিবা প্ৰশ্ন একোটা সন্মুখলৈ আনেই আনে – এই কথাষাৰ সাব্যস্ত কৰি আমি আগতে কেইবাটাও আলোচনা আগবঢ়াইছোঁ। এইখিনি কথা বাদ দি দেৱাল-লিখন, পোষ্টাৰ আদিৰ জড়িয়তে সমসাময়িক ৰাজনৈতিক মুহূৰ্ত একোটাৰ প্ৰতি দেখুওৱা চেতনাৰ শিল্পখিনিৰ ৰাজনীতি সকলোৰে বাবে স্পষ্ট। পলিটিকেল আৰ্ট কি, কেনেকুৱা, কিয় এই প্ৰশ্নবোৰ বহুধাবিভক্ত। কেৱল যে বিদ্ৰোহী ভাৱাপন্ন শিল্পকেই পলিটিকেল বোলা হ’ব তেনে নহয়। বিদ্ৰোহী আৰু বিপ্লৱী দুয়োটা কথাৰো মৰ্ম বেলেগ। বিদ্ৰোহী নোহোৱাকৈয়ো বৈপ্লৱিক হ’ব পাৰি। স্বাধীনতা আন্দোলনৰ কালৰ জ্যোতিপ্ৰসাদৰ বিদ্ৰোহী ভাৱাপন্ন গীত-মাতৰ কথা আমি জানো। কিন্তু স্বোচ্ছাৰ বিদ্ৰোহৰ ব্যতিৰেকেও এসময়ৰ আগ্ৰাসী ৰবিন্দ্ৰীয় সংগীতৰ পৰা অসমীয়া সংস্কৃতিক চৰ্চাক মুক্ত কৰিবলৈ পশ্চিমীয়া বাদ্য অৰ্গেনত বজাই উলিওৱা বিয়া নামৰ সুৰৰ “গছে গছে পাতি দিলে ফুলৰে শৰাই” গানটোৰ অন্তৰালতো যে এটা বৈপ্লৱিক চেতনাই আছিল সেই কথাটো আমি বুজি পাওঁ। সেই দিশেৰে প্ৰকৃতি বন্দনাৰ শ্ৰুতিমধুৰ গান এটাৰো পলিটিক্স আছে। পলিটিক্স ক’ত থাকে, শিল্পৰ কণ্টেণ্টত নে ফৰ্মত, সেই কথাৰো এটা সমাধান এই উদাহৰণটোৱে দিলে। সেয়া হ’ল প্ৰসংগ (Context) আৰু প্ৰাসংগিকীকৰণ (Contextualization)। ৰাজনীতি সাধাৰণ জনজীৱনৰ দৈনন্দিন অভ্যাসৰ অংগ। এই সত্যৰ ভেটীৰে “সকলো শিল্পই পলিটিকেল” ধাৰণাটোক দেশৰ আজিৰ এই অস্থিৰতাৰ সময়ত অলপ কাষৰীয়াকৈ থৈ প্ৰত্যক্ষভাবে ৰাজনৈতিক বিষয় আৰু উদ্দেশ্যৰ শিল্পখিনিলৈ যদি চাব খোজা যায় তেতিয়াও দেখিম উদ্দেশ্যৰ দিশেৰে আৰু ফৰ্ম বা পদ্ধতিৰ দিশেৰে এইখিনিৰো কেইবাটাও ভাগ আছে।  একে বিষয়ৰে “গ্লোবেল ৰিচাৰ্ছ”ত প্ৰাপ্ত লেখা এটা কেইমগেইন-অ’-ক্ৰিধেইন (Caoimhghin Ó Croidheáin) নামৰ আইৰিছ শিল্পী এজনে তিনিটা ভাগৰ কথা কৈছে যিটো আমি ক’বলৈ বিচাৰি থকা কথাখিনিৰ স’তে বহুলাংশে  একে : Portrayal, Promotion, or Projection. ইয়াৰে Portrayal বা চিত্ৰায়ণ ভাগটোৱে দৰ্শাব খোজে “এয়া ঘটিব পাৰে, এয়া ঘটি আছে কিম্বা অতীতত এয়া ঘটিছিল”। ইয়াত একোটা পৰিস্থিতিক এনেকৈ বৰ্ণোৱা হয় য’ত মানুহে একোটা ৰাজনৈতিক বা সামাজিক কাঠামোৰ ফলাফলৰ খতিয়ন বিচাৰি পায়। Promotion, আৰু Projection খণ্ডকেইটাই বিশেষ একোটা ৰাজনৈতিক দিশক বা মতবাদক সন্মুখলৈ লৈ আনিব খোজে।

ধ্ৰুবজিৎ শৰ্মা, ২০১৯

কিছুমান শিল্পত এটা বিশেষ ৰাজনৈতিক মতবাদে গুৰুত্ব পায় আৰু সেয়া স্পষ্টত: দেখা পোৱা যায়। আৰু তাকে কৰিবলৈ গৈ শিল্পীয়ে ইচ্ছাকৃতভাৱে অৰু অভ্যাসবশত: সেই মতবাদৰ সৈতে যুক্ত ঐতিহাসিকভাবে সাব্যস্ত হোৱা একোটা শিল্পভাষাকো আদৰি লোৱা দেখা যায়। যেনে ৰাছিয়ান সমাজবাদী বাস্তৱবাদৰ একধৰনৰ দৃশ্যগত নন্দনতত্ব আছে যিখিনি সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ শিল্পীয়ে প্ৰায়ে আদৰি লয়। তেনেকৈয়ে গ্ৰাফিটি বা দেৱাল-অংকণৰ শিল্পীসকলে পপ-আৰ্টৰ নন্দনতত্বক সহজতে আঁকোৱালি ল’বলৈ বিচাৰে। শাসক বিৰোধী শিল্প যদি ৰাজনৈতিক, শাসকীয় পক্ষই নিজৰ সমৰ্থনত আগবঢ়োৱা শৈল্পিক উপস্থাপনো ৰাজনৈতিকেই হয়। পক্ষ আৰু বিপক্ষ, দুয়োবিধ শিল্পই প্ৰপাগণ্ডা শিল্প হ’ব পাৰে। নিজৰ কণ্ঠ, নিজৰ দাবী, নিজৰ বক্তব্যক জনতাৰ সন্মুখলৈ অনাটো এইবোৰৰ উদ্দেশ্য। ইয়াৰ লগে লগে আপোন ৰাজনৈতিক আৰু বৈপ্লৱীক সত্বাক জাগ্ৰত কৰি ৰখাটোও এটা উদ্দেশ্য। সেই উদ্দেশ্যৰেও কিছু কাম হয় যিখিনি কাম নিজৰ বাবে। নিজৰ সংগ্ৰামী সত্বাক জাগ্ৰত ৰাখিবৰ বাবে আৰু নিজৰ সমৰ্থনত (Solidarity) মানুহক একত্ৰিত কৰি ৰাখিবৰ বাবে এইখিনি কামৰ গুৰুত্ব থাকে। সি যি কি নহওক, আজিৰ আলোচনাটোত প্ৰথমভাগ, পোৰ্ট্ৰেয়েল বা চিত্ৰায়ণৰ দিশটোলৈহে বেছিকৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিম।
চন্দন বেজবৰুৱা, উড-কাট, ২০১৭ 
নাগৰিকত্ব (সংশোধনী) বিধেয়ক আৰু আইনৰ বলবৎ-কৰণ, তাৰ প্ৰতিবাদৰ আঁত ধৰি ৰাষ্ট্ৰযন্ত্ৰৰ স্বৈৰতন্ত্ৰ আৰি ৰাষ্ট্ৰনিয়োজিত সন্ত্ৰাস, সাম্প্ৰদায়িকতাৰ উন্মেষ, নিজৰ ভাষিক আৰু সাংস্কৃতিক অস্তিত্বৰ সংকট এই সকলোবোৰৰ জটিল ঘনঘটাৰ আজি অসমৰ উত্তপ্ত পৰিস্থিতিতো শিল্পী সমাজৰ ভূমিকা কি হ’ব, কৰণীয় কি, পদ্ধতিবোৰ কেনেকুৱা এনে এশ এবুৰি প্ৰশ্নই শিল্পীসকলক জুমুৰি দি ধৰিছে। যেতিয়া মানুহক একত্ৰ কৰিবৰ সময় আহিছে, যেতিয়া নিজৰ কণ্ঠস্বৰক বলিষ্ঠ ৰূপত উপস্থাপন কৰিবলগাত পৰিছে, যেতিয়াই একোটা দাবী বা ঘোষণাৰ প্ৰয়োজন হৈছে পোষ্টাৰ, দেৱাল লিখনকে ধৰি সমস্ত পৰ্যায়ৰ কামতে শিল্পীসকলে হাত দিছে। শাসকীয় পক্ষৰ স্বেচ্ছাচাৰিতাই যেতিয়া জনতাৰ কণ্ঠৰোধ কৰিবলৈ লয় তেতিয়া শিল্পৰ শৰণাপন্ন হোৱাৰ ব্যতিৰেকেও বাট নাথাকে। এনেকুৱা অৱস্থাত শিল্পীসকলে কোনটো বাট ল’ব? উত্তৰ সহজ নহয়, আৰু সৰলৰৈখিক কিম্বা একক উত্তৰ সম্ভৱো নহয়। এইখিনিতেই কৰণীয় কি বুজি নোপোৱকৈ দোধোৰ-মোধোৰত থকা ন-শিকাৰু শিল্পীসকললৈ কিটিপ এটা দিওঁ। আন একো নহ’লেও সকলোৱে অন্তত: এটা কাম কৰিবই পাৰে আৰু কৰিবই লাগে। আন একো নকৰিলেও অৱশ্যকৰণীয় এইটো প্ৰাথমিক কাম। আৰু বাদ-বাকী সকলো হৈ থাকিলেও নোহোৱাকৈ ৰৈ গৈছে এই প্ৰাথমিক কামটো : পোৰ্ট্ৰেয়েল। চিত্ৰায়ণ। ডকুমেণ্টেচন। এইটো এটা কিটিপ বুলি এইবাবে কৈছোঁ কাৰণ ইয়াৰ প্ৰয়োগ কৰি আমি নিজে সুফল পাইছোঁ। কেতিয়াবা কিবা কবিতা, গল্প, ছবি, চিনেমা সম্পৰ্কে কিবা ক’বলগীয়াত পৰিলে কি ক’ম কি নক’ম অৱস্থা এটা আহি পৰিলে আটাইতকৈ উজু বাটটো হ’ল সমল শিল্পকৰ্মটোৰ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰা। বৰ্ণনাৰ মাজেৰে আপোনাৰ কথাই নিজে নিজে এটা বাট বিচাৰি উলিয়ায়। এই সময়ত আমাৰ কৰণীয় কি বুলি যদি সন্দিহান হৈছে, তেনেহ’লে আটাইতকৈ উজু আৰু প্ৰশস্ত বাটটো এয়ে যে চকুৰ সন্মুখত কি দেখিছে তাৰেই বৰ্ণনা কৰিবলৈ আৰম্ভ কৰক। আপোনাৰ বৰ্ণনাই নিজৰ বাট নিজেই মোকোলাই ল’ব।

শিল্পী- নীলিম মহন্ত

শিল্পী- নীলিম মহন্ত

ডকুমেণ্টেচন (তথ্যায়ন), আৰ্কাইভ, লাইব্ৰেৰী, সংগ্ৰহ, সঞ্চয়ন, সংশ্লেষণ- এইখিনিৰ বিষয়ত সবিস্তাৰে একাধিকবাৰ আলোচনা কৰি আহিছোঁ আৰু এই মুহূৰ্তত এই কথা বুজিবলৈ আৰু বেছি সহজ হৈ উঠিছে যে এইবোৰৰ গুৰুত্ব অপৰিসীম। দলিল, খতিয়ন, তথ্য সংগ্ৰহ – এইবোৰ কাম কেৰাণীগিৰীৰ লেখীয়া আৰু সততে বিৰক্তিদায়ক আৰু কষ্টকৰ বুলি ভাবি থকা হয়। কিন্তু তথ্য সংগ্ৰহ আৰু তথ্যৰ ভিত্তিত কৰিবপৰা বা কৰিবলগীয়া কামখিনিও যে সৃষ্টিশীল আৰু আমোদজনক হ’ব পাৰে তাকে লৈ বহুদিন ধৰি কাম কৰি আহিছোঁ। ফাউণ্ডেচন ফৰ ইণ্ডিয়ন কণ্টেমপ’ৰেৰী আৰ্ট (FICA) আৰু এছিয়া আৰ্ট আৰ্কাইভৰ (AAA) সৈতে যুক্ত হৈ কৰা কিছু কাম, দিল্লীৰ নাইন স্কুল অফ আৰ্টৰ ফালৰ পৰা আৰু নিজা কিছু উদ্যোগতো বিভিন্ন ঠাইত পৰিচালনা কৰা এলানি কৰ্মশালাৰ আধাৰত লব্ধ ডকুমেণ্টেচন সম্পৰ্কীয় কিছু ভাৱনাক লৈ লিখা মোৰ অসমীয়া ভাষাৰ লেখাটোৰ নাম আছিল “বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল”। নৱকান্ত বৰুৱাৰ সেই একেটা কবিতাৰেই আন এটা শাৰীৰে সেয়েহে এইটো লেখাকো নামকৰণ কৰা হ’ল: “কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান”।  ডকুমেণ্টেচনো এটা শিল্প। ডকুমেণ্টেচনো ৰাজনীতিৰ অংশ। ডকুমেণ্টেচন জ্ঞান আৰু চেতনাৰ আধাৰ। জ্ঞানেই ক্ষমতা, Knowledge is Power, এই আপ্তবাক্যও এইখিনিতে সাঙোৰ খাই আছে। এই সময়ত কি ঘটি আছে সেইখিনি যদি ডকুমেণ্টেড হৈ নাথাকে তেনেহ’লে আগন্তুক দিনবোৰত আমি কি সমল হাতত লৈ কথা পাতিম? আগন্তুক দিনত পাতিবলগা কথাখিনিৰ ন্যায্যতা কেনেকৈ প্ৰমাণ কৰিম? আমি বাৰে বাৰে চিঞৰি আছোঁহক যে অসম আৰু উত্তৰ-পূবাঞ্চলৰ সমস্যা ভাৰতবৰ্ষৰ বাকী ঠাইবোৰৰ সৈতে একে নহয়। কিন্তু এতিয়া কোনোবাই যদি বিগত চল্লিশ বছৰৰ অসমৰ ইতিহাস জানিবলৈকো বিচাৰে আমাৰ হাতত আচলতেই সমল যথেষ্ঠ কম। বিগত চল্লিছবছৰে অলপ হোম-ৱৰ্ক কৰি ৰাখিলে আজি আমাৰে লাভ হ’লহেতেন। অসমৰ অনুপ্ৰৱেশৰ সমস্যা, অসম আন্দোলন আদি সম্পৰ্কে এতিয়া কোনোবাই পঢ়িব জানিব খুজিলেও আমাৰ হাততে পোৱাতে বিশেষ নিৰ্ভৰযোগ্য ডাটা-বেছ বা বিশ্লেষণ নাই। অসমীয়া ভাষাত লিখিত আৱেগসৰ্ৱস্ব খণ্ডিত খতিয়ন কিছুমান অৱশ্যে ওলাব। এই মুহূৰ্ততো আমাৰ কৰিবলগীয়াখিনি কোনেও কৰা দেখা পোৱা নাই। অন্তত: কটনৰ প্ৰতিবাদৰ পৰা আৰম্ভ কৰি বিগত ইণ্টাৰনেট নোহোৱা সময়খিনিত অসমৰ চুকে কোণে কি কি ঘটিল কালানুক্ৰমিক তালিকা এখনো দেখা নাপালোঁ। যদি কোনো খতিয়নেই নৰ’ল, ইমান কষ্টৰ কি মূল্য থাকিল? এতিয়াও সময় আছে। হাতে কামে লাগক। ইমানকালে আমি কৰিবলগীয়া হোমৱৰ্কখিনি নকৰাৰ ফল ইতিমধ্যেই ভোগ কৰিছোঁ। এই সময়ত আমাৰ চাইওফালে কি ঘটি আছে তাক চিত্ৰায়ণ কৰা, তাক বৰ্ণনা কৰা, তাক দৰ্শোৱা, তাক তথ্যায়ণ (ডকুমেণ্টেচন) কৰা এয়াই আচলতে আমাৰ প্ৰাথমিক দায়িত্ব। এই ডকুমেণ্টেচনে নিজেই নিজৰ কথা ক’বলৈ আৰম্ভ কৰিব। বেলেগে আকৌ প্ৰপাগণ্ডাৰ প্ৰয়োগ নকৰিলেও ই নিজেই নিজৰ প্ৰপাগণ্ডা হৈ ঠিয় দিব।     



সোমনাথ হোড়, তেভাগাৰ ডায়েৰী

এই ক্ষেত্ৰত আমাৰ সন্মুখত থকা এটা আদৰ্শ ফিগাৰ হৈছে সোমনাথ হোড়। তেখেতৰ জীৱনৰ শেষ সময়খিনিত লগ পোৱাৰ সৌভাগ্য ঘটিছিল আৰু বুজিছিলোঁ তেওঁৰ ৰাজনৈতিক সত্বা। ভাৰতবৰ্ষৰ ৰাজনৈতিক শিল্পীসকলৰ ভিতৰত স্বনামধন্য এইজন শিল্পীয়ে কিন্তু পোষ্টাৰ, প্ৰপাগণ্ডা একো কৰা নাছিল। তেওঁ কৰিছিল কি, চকুৰ সন্মুখত দেখিথকাবোৰকে নিজৰ মাধ্যমেৰে, স্কেচ্ছ, উডকাট, ভাস্কৰ্য আদিবোৰত ধৰি ৰাখিছিল। বিশেষকৈ ইংৰাজৰ শাসনকালৰ কুখ্যাত বংগৰ দুৰ্ভিক্ষ আৰু বিখ্যাত কৃষকৰ জাগৰণ ‘তেভাগা আন্দোলন’ৰ এটা এটা মুহূৰ্তক তেওঁ ধৰি ৰাখিছিল। ১৯৪৬ চনত, তেতিয়া তেওঁ ডেকা শিল্পৰ ছাত্ৰ। তেভাগা আন্দোলনৰ সকলো মুহূৰ্ত, সভা, মানুহৰ মিছিল, এজন এজন মানুহৰ পোৰ্ট্ৰেইট, সেইসময়ৰ গাঁৱৰ পৰিৱেশ- এই সকলোবোৰ তেওঁ ধৰি ৰাখিলে যিখিনি আজি এটা বিৰাট কৃষকৰ জনজাগৰণৰ ডকুমেণ্টেচনৰ অনবদ্য সমল হিচাপে চিহ্নিত হৈ ৰৈছে। “তেভাগাৰ ডায়েৰী” বুলি কিতাপ আকাৰে এইখিনি দৃশ্যায়ণ সংকলিত যাৰ আধাৰত সেই সময়ৰ জনজাগৰণৰ এটা খতিয়ন আমি পাব পাৰোঁ। একেধৰণৰ উদাহৰণ হিচাপে ইংৰাজ শাসিত বংগৰ দুৰ্ভিক্ষৰ কালৰ পৰিস্থিতিকে আধাৰ হিচাপে লৈ সোমনাথ হোড়, জইনুল আবেদিন, চিত্তপ্ৰসাদ আৰু ৰামকিংকৰ বেইজে কৰি যোৱা কামখিনিলৈকো চকু দিব পাৰে। সেয়েহে এই ধাৰণাত আমি স্পষ্ট যে Documentation is a political act, কাৰণ ইয়াৰ আধাৰতেই ইতিহাস ৰচিত হয়।

হে শিল্পীসকল, এই সময় আমাৰ সময়, আমি আমাৰ এই সময়ৰ খতিয়ন ভৱিষ্যতৰ বাবে ৰাখি থৈ যাব পৰাকৈ কাম কৰিছোনে?

বংগৰ দুৰ্ভিক্ষৰ কালত কৰা ৰামকিংকৰ বেইজৰ কাম 

বংগৰ দুৰ্ভিক্ষৰ কালত কৰা জইনুল আবেদিনৰ কাম

বংগৰ দুৰ্ভিক্ষৰ কালত কৰা চিত্তপ্ৰসাদৰ কাম


সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001


mobile: +91 9811375594 

No comments: