["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২১ ডিচেম্বৰ, ২০১৯]
"মই নন্দনতত্বক নিৰস্ত্ৰ কৰিবলৈকে বিচাৰিছিলোঁ। মই বটল ওলোমাই ৰখা সঁজুলি আৰু মূত্ৰাগাৰটো তেওঁলোকৰ মুখলৈকে দলিয়াইছিলোঁ, আৰু এতিয়া তেওঁলোকে সেইবোৰক প্ৰশংসা কৰিবলৈ লৈছে তাৰ নন্দনতাত্বিক সৌন্দৰ্যৰ আধাৰত..." – মাৰ্চেল ডুচ্যঁ
"মই নন্দনতত্বক নিৰস্ত্ৰ কৰিবলৈকে বিচাৰিছিলোঁ। মই বটল ওলোমাই ৰখা সঁজুলি আৰু মূত্ৰাগাৰটো তেওঁলোকৰ মুখলৈকে দলিয়াইছিলোঁ, আৰু এতিয়া তেওঁলোকে সেইবোৰক প্ৰশংসা কৰিবলৈ লৈছে তাৰ নন্দনতাত্বিক সৌন্দৰ্যৰ আধাৰত..." – মাৰ্চেল ডুচ্যঁ
ডুচ্যঁৰ কুখ্যাত মূত্ৰাগাৰটোৰ কাষত লেখক |
কি
হ’ব যদি এনেকৈ ভাবিবলৈ লওঁ যে মাইকেঞ্জেলোৰ ডেভিডৰ মূৰ্তিটো এটুকুৰা শিলৰ বাহিৰে আন
একো নহয়? যদি নীলমণি ফুকনৰ কবিতাবোৰ কেৱল কিছুমান শব্দৰ সমষ্টি? আজি আপুনি চাই অহা
চিনেমাখন আচলতে শব্দৰ সৈতে চলমান ছবি মাত্ৰ?
বস্তু আৰু বস্তুৰ বস্তুগুণ সম্পৰ্কীয় সুকীয়া
আলোচনাৰ প্ৰয়োজন আছে। আগতে ইম্প্ৰোভাইজেচন সম্পৰ্কে আলোচনা কৰোঁতেও বস্তুগুণ
সম্পৰ্কীয় কিছু কথা পাতিব খুজিছিলোঁ যদিও কথাবোৰ ইমানেই জটিল হৈ উঠিল যে কথাখিনি
কেনেকৈ আগবঢ়োৱা যায় সেয়া ঠিৰাং কৰিবলৈকে বহুসময় লাগিল। বস্তু, বস্তুধৰ্ম, ইয়াৰ
সৈতে জড়িত বিভিন্ন দাৰ্শনিক মত, পদাৰ্থ বিজ্ঞানৰ দৃষ্টিৰে বস্তু সম্পৰ্কীয় ধাৰণাৰ
বিৱৰ্তন, বস্তুৰ সৈতে আপোনআপুনি সাঙোৰ খাই অহা বস্তুবাদৰ ৰাজনীতি এইবোৰ ইমানেই
বিস্তৃত ক্ষেত্ৰ এখনৰ উন্মোচন কৰিবলৈ ল’লে যে “বস্তু” শীৰ্ষক সাতটা কবিতাৰ শৃংখলা
এটায়েই লিখি উলিয়াইছিলোঁ। শিল্পীৰ বাবে বস্তুৰ মাজত নিহিত নিজস্ব ধৰ্মৰ এটা বিশেষ
গুৰুত্ব আছে। ঘাইকৈ দৃশ্যশিল্পৰ সৈতে জড়িত সকলে এই কথা আৰু বেছি ভালকৈ অনুভৱ কৰিব।
চিত্ৰ,
ভাস্কৰ্ষ আদি দৃশ্যকলাক বুজাবলৈ সেয়েহে "প্লাষ্টিক
আৰ্ট" বুলিও কোৱা হয়। কাৰণ এইবোৰৰ এটা স্পৰ্শক্ষম, tactile, বা স্পৃশ্য অৱস্থিতি আছে আৰু এই অস্তিত্বৰ বাবে
এইবোৰ বস্তু বা ভৌতিক উপাদানৰ ওপৰত একান্তভাবে নিৰ্ভৰশীল। শিল্পভাষা বা দৃশ্যভাষাক
মাধ্যমগত কাৰকে সদায়েই প্ৰভাৱিত কৰে আৰু সকলোৰে শেষত এই মাধ্যম আচলতেই 'বস্তু', মেটেৰিয়েল। পানীৰঙৰ
ছবি এখন তেলৰঙৰ ছবি এখনৰ সৈতে একে নহয়। দুয়োটা মাধ্যমৰে নিজস্ব দৃশ্যমান আৱেদন আছে।
দ্ৰষ্টায়ো পানীৰঙৰ ছবি এখনক পানীৰঙৰ আৱেদনখিনিৰ সৈতেই চাবলৈ বিচাৰে। স্বাভাৱিকতেই
পানীৰঙৰ আধাৰ যিহেতু পানী, সেই পানীয়ে স্বধৰ্ম
ৰক্ষা কৰি বৈ যোৱা, বিয়পি যোৱা
অৱলীলাক্ৰমে (accidental) সৃষ্টি কৰা ৰূপবোৰক সেই ৰূপতেই
ৰাখিবলৈ আঁকোতায়ো ভাল পায়।
বস্তুৰ
ধৰ্মই শিল্পৰো ভাষা নিৰ্ধাৰণ কৰি দিয়ে আৰু তেনেকৈয়ে বস্তুক নিজৰ চৰিত্ৰৰ মতে চলিবলৈ
এৰি দিব পৰাটোৱে এটা কৃতিত্ব। পানীৰঙৰ ছবি এখনক জোৰ কৰি তেলৰঙৰ নিচিনা বা মাটিৰ ভাষ্কৰ্য
এটাক ঘঁহি-পিহি মাৰ্বলৰ লেখীয়া কৰিবলৈ যোৱাটোক বৰ সজ অভ্যাস বোলা নাযায়। এটা মাধ্যমৰ
পৰা অন্য এটা মাধ্যমলৈ অনুবাদৰ সময়তো এইখিনি কথাই গুৰুত্ব বেছিকৈ পায়। গল্প এটা গল্প।
এতিয়া সেই গল্পটোক কোনোবাই চিনেমাৰ ৰূপ দিলে যদি তেতিয়াও সি গল্পৰ ৰূপতেই থাকি যায়,
অথবা চিনেমাৰ মাজতো কেৱল গল্পকেই দৰ্শকে বিচাৰি ফুৰিবলৈ লয় তেন্তে সেয়া এটা সমস্যা।
আজিৰ সময়তো বিস্তৰ ভাবে চৰ্চিত হোৱা “বুলবুল কেন ছিং” অথবা বহুল বিতৰ্কিত “আমিষ”ৰ দৰে
চিনেমাক কেন্দ্ৰ কৰি হোৱা কথাবতৰাখিনিতো দৰ্শকৰ চিনেমা সম্পৰ্কীয় ধাৰণা, প্ৰত্যাশা
আদিবোৰে এনেধৰণৰ সমস্যাখিনিকে উদঙাই দেখুৱায়। একেসময়তে অলপতে কোনোবাই উল্লেখ কৰিছিল
আৰু আমিও মন কৰিছিলোঁ যে ভালেখিনি অসমীয়া গল্পকাৰেই চিনেমা সম্পৰ্কে লেখামেলা কৰে।
আমি এটা মাধ্যমৰ লোকে অন্য এটা মাধ্যমৰ চৰ্চা কৰাৰ বিষয়টোত সদায়েই আগ্ৰহী আৰু সমৰ্থক।
কিন্তু কিবা কাৰণত অন্যতম পুৰোধা ব্যক্তি গল্পকাৰ-টাৰ্ণ-চিনেমাকাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ
বাটেৰে চিন্তা কৰিবলৈ লৈ গল্প আৰু চিনেমাৰ সম্পৰ্কটোৱেই আটাইতকৈ ওচৰৰ বুলি যদি কোনোবাই
ভাবিবলৈ লয় তেন্তে সেয়া বৰ সুবিধাৰ কথা নহয়। কোনো এটা মাধ্যমকে হেয় কিম্বা উচ্চাসন
দিয়াৰ প্ৰশ্নই নুঠে, কিন্তু সময়-সাপেক্ষে আৰু ক্ষেত্ৰ-বিশেষে চিনেমাশিল্প গল্পশিল্পতকৈ
বেছি দৃশ্যশিল্প, কবিতাশিল্প বা সংগীতশিল্প আদিৰ সংবেদনশীলতাৰহে বেছি ওচৰ ছাপিব পৰা
সম্ভাৱনা সদায়েই আছে। (বাক্যটো মন কৰিব। অসমীয়া সাংস্কৃতিক পৰিমণ্ডলত কাব্য-, নাট্য-,
চলচ্ছিত্ৰ- আদি সকলো শব্দৰ পিছতে ‘-সাহিত্য’ উপসৰ্গটো লগাই দিয়াৰ এৰাব নোৱৰা প্ৰৱণতাটোৰ
বিৰোধিতা কৰিয়েই ইয়াত সকলো শব্দৰ পিছতে ‘-শিল্প’ উপসৰ্গ ব্যৱহাৰ কৰা হ’ল।) নাটক আৰু
চিনেমা- দুয়োবিধ কলাতে চৰিত্ৰ, সংলাপ, পৰিৱেশ, দৃশ্য, সময়, অভিনয়, দৰ্শক এনেধৰণৰ উমৈহতীয়া
কিছুমান উপাদান থকাৰ বাবেই বহুকাললৈকে মঞ্চশিল্পৰ কৰ্মীয়ে পৰ্দা-শিল্পতো একেধৰণেৰেই
কাম কৰি সুফল পাব বুলি ভাবি থকা ভুলখিনি ভাঙিবলৈকে আমাৰ বহুকাল লাগিল। মঞ্চৰ ত্ৰিমাত্ৰিক
ঘনক স্থান আৰু ৰূপালী পৰ্দাৰ দ্বিমাত্ৰিক আয়তাকাৰ ক্ষেত্ৰ, আৰু তাৰ ঠিক বিপৰীতক্ৰমে
মঞ্চ-দৰ্শনৰ একমুখী বা সৰলৰৈখিক ভিণ্টাজ-বিন্দুৰ পৰিপ্ৰেক্ষিত আৰু চিনেমাৰ কেমেৰা তথা
সম্পাদনাই নিৰ্মাণ কৰিব পৰা বহুতৰপীয়া জটিল পৰিপ্ৰেক্ষিত যে একে নহয় সেয়া বুজি উঠাটো
সহজ নাছিল। সেয়েহে আন সকলোবোৰ কথা পাছলৈ থৈ কোনটো মাধ্যমত কাম কৰা হৈছে, কোন-কেইপদ
বস্তুক হাতত তুলি লোৱা হৈছে সেইসমূহৰ বস্তুধৰ্ম বা বস্তুগুণখিনিকহে প্ৰথমে বুজি লোৱাটো
বাঞ্চনীয়।
মানি চলা ভাল যে অসমত শিল্পচৰ্চাৰ পৰিৱেশ
সম্পৰ্কে আমি নিজকে যিমানেই পতিয়ন নিয়াও কিয় আমাৰ শিল্পৰ ধাৰণাখিনি এতিয়াও বহুলাংশে
শব্দ বা সাহিত্যকেন্দ্ৰিক। শিল্পত শব্দৰে ব্যাখ্যা-সম্ভৱ এটা মানে বা অৰ্থ বিচাৰি
ফুৰা আমাৰ পৰিৱেশৰ পৰা আৰ্ট-কলেজলৈ শিল্প-শিক্ষাৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ এটা
উমৈহতীয়া অভিজ্ঞতা আছে। আমি ছাত্ৰ হিচাপে ভাস্কৰ্যৰ ষ্টুডিঅ'লৈ গৈ দেখিলোঁ আমাক দিনৰ পিছত দিন ধৰি কেৱল মাটি ফেনেকি
থাকিবলৈকে দিয়া হ'ল। বহুত কিবাকিবি
ভাবি চিন্তি বিৰাট অৰ্থ থকা মহান শিল্প এটা কৰিম বুলি যথেষ্ট কষ্টৰে কৰা মাটিৰ কাম
এটা চাবলৈ আহি শিক্ষক বা জ্যেষ্ঠ শিল্পী-ছাত্ৰসকলে এইখিনিত মাটিৰ ব্যৱহাৰ ঠিক হোৱা
নাই বুলি ফেনেকি থৈ গুছি যায়। এনেকুৱা কেইবাবাৰো হৈছে। তেতিয়ালৈকে কোনোমতে আঁক
একোডাল মাৰিয়েই সেয়া মাহন শিল্প সৃষ্টি কৰিছোঁ বুলি ভাবি থকা আমি দেখিলোঁ যে এঙাৰ
বা পেঞ্চিলৰ তেনে অজস্ৰ আঁক-বাক মানুহে কৰিছে আৰু ডাষ্টবিনলৈ প্ৰক্ষেপ কৰিছে।
ইতিমধ্যেই শিল্পী হিচাপে নাম কৰা জ্যেষ্ঠ একোজনেও দেখিছোঁ নতুন কাম এটা কৰিবৰ
পৰিকল্পনা কৰাৰ সময়খিনিত কাগজত ঘঁহিছে, আঁক-বাঁক কৰিছে আৰু পেলাই দিছে। যদি এঙাৰেৰে কৰা কাম তেনেহ'লে বাৰে বাৰে সেই এঙাৰখিনিক, যদি মাটিৰ কাম তেনেহ'লে সেই মাটিখিনিক
নতুনকৈ বাৰে বাৰে যেন বুজিবলৈ চেষ্টা কৰিছে। আমাৰ দৰে মধ্যমীয়া বা মিডিঅ'কাৰ মানুহক এই কথাখিনি বুজি উঠোঁতেই বহু সময় লাগে যে মাধ্যম
এটাক বা সেই মাধ্যমটোৰ যি আধাৰ-বস্তু সেই বস্তুক বুজি উঠাটোৱেই প্ৰথম আৰু আনকি
প্ৰধান কথা। মাটিখিনি ফেনেকি ফেনেকি তাৰ স্বধৰ্মক যেতিয়ালৈ বুজি উঠিব পৰা হ'মগৈ তেতিয়ালৈ মাটিখিনিয়ে নিজে নিজেই কথা ক'বলৈ আৰম্ভ কৰিব। সেই মাটিখিনিক বুজি নুঠালৈকে তাৰ বাহিৰত
আমাৰ যিমানেই উচ্চ বা মহান ধাৰণা নাথাকক, লাভ নাই। শিল্প সম্পৰ্কীয় সকলো ধাৰণা বা কথা বতৰা পিছপেলাই সেয়েহে আমাৰ প্ৰথম
আৰু একমাত্ৰ কামটো হৈ ৰয় মাটিখিনিক কেৱল মাটি হিচাপেই বুজি উঠাটো।
চন্দন বেজবৰুৱাৰ পানী-ভিত্তিক মাধ্যমৰ কাম |
দিল্লী
নিবাসী শিল্পী চন্দন বেজবৰুৱাৰ কেইটিমান শিল্পকৰ্ম এই আলোচনাৰ লগতে সাঙুৰি দিয়া হৈছে।
এসময়ৰ শান্তিনিকেতনৰ শিল্পী বেজবৰুৱাৰ হাতখন বৰ নিপুণ আৰু তেওঁ কামখিনি শিল্পীৰ একাগ্ৰতা
আৰু অধ্যাৱসায়ৰ পৰিচায়ক। ছবিখিনিত দেখা যায় কেনেকৈ মাধ্যমগত ভিন্নতাই তেওঁৰ শিল্পভাষাক
ইটোৰ পৰা সিটোক পৃথককৈ গঢ় দিছে। একেজন শিল্পীৰেই হাতৰ সৃষ্টি, কিন্তু কেনেকৈ পানীৰঙৰ
ছবিখিনিয়ে পানীৰ ধৰ্ম মানি চলিছে, উড-কাট যিহেতু কঠিন ধাতুৰ সঁজুলিৰে কৰা টান পৃষ্ঠত
কৰা কাম সেইবোৰে সেইমতেই এটা চৰিত্ৰ লৈছে আৰু কেনেকৈ লিথোগ্ৰাফীৰ ক্ৰেয়ন-পেঞ্চিলৰ ড্ৰয়িঙে
আকৌ অন্য এটা ৰূপ লৈছে দেখিলেই বুজিব পাৰিব।
Wood Engraving-ৰ কাৰণে অনা শিল্পী চন্দন বেজবৰুৱাৰ সঁজুলি |
এটা মাধ্যম হিচাপেই নহয়, একো একোপদ বস্তুৰ সৈতে শিল্পীৰ গঢ় লৈ উঠা ব্যক্তিগত সম্পৰ্ক, তাৰ সৈতে জড়িত হৈ ৰোৱা আন্তৰিকতাৰ সময় আদিবোৰে কালক্ৰমত নতুন
কাহিনীৰ জন্ম দিয়ে। সেয়েহে শিল্পদৰ্শনৰ বেলা শিল্পক আমি কেনেকৈ চাম এই প্ৰশ্নটোৰ
আঁত ধৰি শিল্পটোত কি দেখা গৈছে তাৰ লগে লগে 'এই কামটো
কৰিবলৈ বা কিমান সময় লাগিছিল' সেই প্ৰশ্নটোৱেও
আমাক বাট দেখুৱাবলৈ আৰম্ভ কৰে। এজন সিদ্ধহস্ত কবিৰ বাবে দহ শাৰীৰ কবিতা এটা লিখি উলিয়াবলৈ
পোন্ধৰ মিনিট সময়ো নালাগিব পাৰে। কিন্তু সেইজন কবিয়েই দুশাৰীৰ কবিতা লিখিবলৈ হয়তো
দুবছৰ সময় লগাব পাৰে। ঘাই কথাটো হ'ল কৰি থকা
কামটো বা কৰিবখোজা কামটোৰ বস্তুসত্বাৰ সৈতে ব্যক্তিসত্বাৰ সম্পৰ্কটো কেনেকৈ কিমান
দূৰলৈকে গাঢ় কৰি তুলিব পৰা যায়।
লণ্ডনৰ টে'ট মডাৰ্ণ
মিউজিয়ামত মাৰ্চেল ডুচ্যঁৰ 'ফাউণ্টেন ১৯১৭' নামৰ কামটোৰ ১৯৬৪ চনৰ এটা ৰেপ্লিকা আছে। অলপতে লণ্ডনলৈ
যোৱাৰ সুযোগ এটা পাই পোনেপোনেই সেয়া চাবলৈ গৈ দেখিলোঁ মিউজিয়ামৰ কিউৰেচনৰ অংশ
হিচাপে তাক ৰখা হৈছে 'মেটেৰিয়েল এণ্ড
অবজেক্ট'
শিতানত। হয়, ফাউণ্টেইন নামেৰে ডুচ্যঁই এয়ে মোৰ শিল্প বুলি প্ৰদৰ্শন কৰিবখোজা বস্তুটো (এটা
চীনামাটিৰ মূত্ৰাগাৰ) বজাৰৰ পৰা কিনি অনা এপদ বস্তুৱেই আছিল। আৰম্ভণীতে শিল্প
নিৰ্মাণৰ সমলবস্তুখিনি যেনেকৈ বস্তু, তেনেকৈ শেষ বিচাৰতো শিল্প-বস্তুও এটা বস্তুৱেই হৈ ৰয়। এটা মুত্ৰাগাৰৰ এশবছৰ
বুলি আঠিটাকৈ সুদীৰ্ঘ আলোচনা আগবঢ়াবৰ সময়ত এই বস্তু বিশিষ্টতাৰ কিছু কথা পাতি
আহিছিলোঁ। টে'ট মডাৰ্ণৰ সেই একেটা "বস্তু আৰু
পদাৰ্থ" শিতানতে প্ৰদৰ্শিত হৈ ৰৈছে বিভিন্ন সময়ত বিভিন্ন শিল্পীয়ে ব্যৱহাৰ
কৰা বস্তুৰ অংশ বিশেষ- কেইটুকুৰমান বাতৰি কাকত, চক-মাটি, মাটি, লোহা,
কাঠ, চিমেণ্ট, বেজী-গুলি, কাপোৰ ইত্যাদি।
তেনেই সাধাৰণ যেন লগা এই বস্তুখিনিয়ে টে'ট মডাৰ্ণৰ
চতুৰ্থ তলৰ ইমান গুৰুত্বপূৰ্ণ ঠাই কিয় আগুৰি আছে? তাতে প্ৰশ্ন কিছুমানো দি থোৱা আছে-
"What comes first, the material or the
idea?"
"How
do materials affect meaning?"
ডুচ্যঁৰ
কামটো সম্পৰ্কে আমাৰ লেখাখিনিৰ মাজতো আকৌ বস্তু সম্পৰ্কীয় আলোচনা আছে, অলপ অন্য ধৰণেৰে-
“পুঁজিবাদৰ আগ্ৰাসী শক্তিৰ মহিমাও কম নহয়। শিল্পৰ যি পণ্যকৰণৰ বিৰোধিতা কৰি ডুচ্যঁই
মূত্ৰাগাৰটো প্ৰতিষ্ঠাপন কৰিছিল (আচলতে কৰিবলৈ বিচাৰিছিল), য'ত শিল্পবস্তুৰ বস্তুমূল্য
নোহোৱা কৰি কেৱল তাৰ স্থান আৰু কালৰ ভিত্তিত আৰু শিল্প তথা দ্ৰষ্টাৰ প্ৰত্যক্ষ সংযোগৰ
ভিত্তিত প্ৰাসংগিকতাৰ আধাৰতহে তাৰ মানে বা অৰ্থ একোটা নিৰ্মাণ হ'ব বুলি প্ৰস্তাৱ দিব
খুজিছিল, যি মূত্ৰাগাৰটোৰ জৰিয়তে শিল্পক মিউজিয়াম আৰি কলা-বীথিকাৰ চাৰিবেৰৰ মাজৰ পৰা
বাহিৰলৈ উলিয়াই আনিব খুজিছিল, পৰৱৰ্তী কালত পুঁজিবাদী পণ্যকৰণৰ হাতোৰাই তাকেই আকৌ নিজৰ
বশৱৰ্তী কৰি পেলালে। আজি আমি জানো যে ডুচ্যঁৰ সেই কুখ্যাত মূত্ৰাগাৰটোৰ কি হ'ল কোনেও
নাজানে। যিমান যি আছে সেই সকলোবোৰ কেৱল ৰেপ্লিকা। প্ৰতিৰূপ। সেই আটাইবোৰেই আকৌ একোটা
মিউজিয়ামৰেই সম্পদ। প্ৰপাৰ্টী। [দ্ৰষ্টব্য : “এটা পেচাবখানাৰ এশ বছৰ (পাঁচ): ৰাজনৈতিক
আৰু আৰ্থ-সামাজিক পৰিপ্ৰেক্ষিতত মাৰ্চেল ডুচ্যঁৰ কৰ্মৰ বিচাৰ”, প্ৰকাশ আলোচনীত প্ৰকাশিত।
শিল্প
সম্পৰ্কে সমস্ত ধাৰণাগত কথাবতৰাবোৰ পিছপেলাই থৈ শিল্পক কেৱল বস্তু হিচাপেই এবাৰ চোৱাৰ
অভ্যাসটো আমি কৰা উচিত। আধুনিক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব শ্ৰীমন্ত শংকৰদেৱৰ
পোৰ্ট্ৰেইট এখন আঁকিছিল আন এক পুৰোধা ব্যক্তি বিষ্ণু ৰাভাই। এই কথা সৰ্বজনবিদিত আৰু
এই কথা এক গৌৰৱৰ বিষয় বুলিও আমি জানো। কিন্তু এই সকলোবোৰেই হৈছে কথা আৰু ধাৰণা। অলপতে
জনৈক ব্যক্তিয়ে সেই ছবিখনৰ বৰ্তমান অৱস্থাৰ ফটো এখন তুলি প্ৰচাৰ কৰিছিল। আলৈ আথানিত
ৰং বিবৰ্ণ, উঁয়ে খোৱাৰ ফলত এতিয়া জহি খহি যোৱা অৱস্থা। আমি কথাবোৰক কেৱল কথা হিচাপেই
পাতি থকাৰ সলনি শিল্পক এটা বস্তু হিচাপে বুজিবলৈ শিকাহেতেন কিজানি সেই শিল্পবস্তুৰ
সঠিক তদাৰক কৰিবলৈ জানিলোঁহেতেন।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium
Annexe Building,
New Delhi – 110001
mobile: +91 9811375594
No comments:
Post a Comment