["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৫ জুলাই, ২০২০]
ছবিত স্বাক্ষৰ কৰাৰ মুহূৰ্তত নীলপৱন বৰুৱা, ফটো- গীতাশ্ৰী কলিতা |
আৰ্টিষ্টিক লাইচেন্স বা পয়েটিক লাইচেন্স বোলা এই গোলমলীয়া কথাষাৰ আজিকালি বৰকৈ শুনা নাযায়। বাস্তৱ-অনুকৃত বা বৰ্ণনা-প্ৰধান কাম এটাত বিসংগতি দেখি দ্ৰষ্টা-পাঠকৰ মনত আপত্তি জাগিবই পাৰে। কিন্তু সমূলাঞ্চে উদ্ভট কাম এটাৰ ক্ষেত্ৰত কি হ’ব? তাতো কিবা বিসংগতি ধৰা পৰাটো সম্ভৱনে? উপমা, পটন্তৰ, ৰূপক আদি বাৰেপাচি পোছাকী নামেৰে কবিতা সহজতেই ৰিজনি নিৰ্ভৰ। এতিয়া কোন বস্তুটোৰ সৈতে কোনটোৰ ৰিজনি খাপ খাব আৰু কোনটো খাপ নাখাব সেইটোৰ কিবা বিচাৰৰ দণ্ড আছে নেকি? এটা সৃষ্টিশীল কামত বাস্তৱিক তথ্য আৰু বিজ্ঞান-সন্মত সত্যাসত্যৰ স্থান কিমানখিনি? পাখিলগা হাতী এটা উৰি যোৱা দেখিছোঁ বুলি লিখিলে তাক হাতীৰ পাখি থাকে নেকি কিবা বুলি ওলোটাই সুধিলে হ’ব জানো? এই কথা সত্য যে, শিল্পৰ মাজেৰে নিৰ্মিত বাস্তৱতা এক অন্য বাস্তৱতা আৰু এই বাস্তৱতাৰো আপোন সত্যাসত্য আৰু বাস্তৱ-অবাস্তৱৰ বিচাৰ থাকিব পাৰে।
ভক্তিবাদৰ
কালৰ ভকতিৰ হেনো দুটা মাৰ্গ আছিল- মিত্ৰতা আৰু বৈৰীতা। দৰ্শনৰ পৰম্পৰাৰো দুটা পদ্ধতি-
বিশ্বাস আৰু সংশয়। শিল্পকলা-সহিত্যৰ ৰসাস্বাদনৰো এই দুটা কায়দা থাকিব পাৰে। বিশ্বাসৰ
বাটটোৱেই বেছি প্ৰশস্ত। যি চাই আছে, যি পঢ়ি আছে তাক আপুনি বিশ্বাসত লওক। কিয় নোৱাৰিব,
হাতীৰ পাখি থাকিবই পাৰে, আকাশেদি হাতী এটা উৰি যাবই পাৰে। কিবা এটা কাৰণ আছে বাবেহে
কৈছে, এনেয়ে ক’ব নে? এনেকৈয়ে পঢ়ি গৈ থাকোঁতে আপুনি হয়তো তাতে কিবা এটা পালে। আকৌ এবাৰ
পঢ়িলে, এইবাৰ আন কিবা এটা পালে। কিবা মানে বা অৰ্থ পালে বা নাপালে, পঠনৰ অভিজ্ঞতা এটাতো
পালে!
সংশয়ৰ
বাটটো অত্যন্ত নাটকীয় সংঘাতেৰে ভৰা আৰু সেয়ে ইয়াৰ অভিজ্ঞতাও উত্তেজনাপূৰ্ণ। আপুনি আগৰে
পৰাই এটা সিদ্ধান্ত বা conviction লৈ বহি আছে যে, নাই এই কথা হ’বই নোৱাৰে, আমি কোনোপধ্যেই
মানি নলওঁ। ইমান ভৰবিশিষ্ট জন্তুদেহ এটা আকাশত উৰিবই নোৱাৰে, আমিও কাহানিও দেখা নাই,
সেয়ে হাতীৰ পাখি থাকিবই নোৱাৰে, সি যি চৰ্ততেই নহওক। কিন্তু তাৰ পিছত কি আছে চাওঁ বুলি
আপুনি পঢ়িছে। আপুনি ইমানেই গোঁৱাৰ গোবিন্দ যে একো কথায়েই আপোনাক পতিয়ন নিয়াব পৰা নাই।
এনেকৈ পঢ়া শেষ হ’লত, আকৌ এবাৰ চকু ফুৰালে। এটা সময়ত হয়তো নিজেই এবাৰ ভাবিবলৈ বাধ্য
হ’ল, যদি ইমানেই মিথ্যাচাৰ আৰু বিভ্ৰান্তি, তাৰ পিছতো আপুনিনো পঢ়ি আছে কিয়? কিহে আপোনাক
বান্ধি ৰাখিছে? এটা সুৰে? সুৰ-ছন্দ-লয় এইবোৰৰ কিবা এটাই আপোনাক এৰি উঠি যাবলৈ দিয়া
নাই। সেয়াটো এটা কথা কথা ওলালেই। লগতে, এই যে এইটো কিয় হ’ল, কেনেকৈ হ’ল বুলি অভিযোগ
এটা সন্মুখত ৰাখিও আপোনাক বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ই বাধ্য কৰি ৰাখিছে- তাৰপানে ইমানপৰে
আপুনি নিষ্ক্ৰিয় হৈ ৰোৱা নাই। আপুনি এজন সক্ৰিয় পাঠক। আপুনি এজন সক্ৰিয় দ্ৰষ্টা। তাৰমানে
আপোনাৰ সন্মুখৰ ‘বস্তু’টোও নিৰ্জীৱ কিবা এটা নহয়, বৰঞ্চ আপোনাক সঁহাৰি দিব পৰাকৈ এটা
জীৱন্ত শৰীৰ। এই সংশয়ৰ পন্থা উজু নহ’লেও উৎকৃষ্ট এইবাবেও যে আপুনি আপোনাৰ পূৰ্বাপৰ
সিদ্ধান্তক সত্য কৰি সন্মুখৰ সমলটিক ভুল প্ৰতিপন্ন কৰিবলৈকে হয়তো আনুষাংগিক আৰু কেইবাটাও
কথা মনলৈ আনি জুকিয়াই চালে। এনেকৈ কিয় কৈছে, এনেকৈ নক’লে তেনেকৈ ক’লে কি হ’ল হেতেন?
এই সমগ্ৰ প্ৰক্ৰিয়াটোত আপুনি হয়তো একাধিকবাৰ সন্মুখৰ পাঠটোক মনৰ মাজত নিজেই নতুনকৈ
লিখি উলিয়াইছে আৰু মোহাৰিছে। এনে বহু কবিতা আছে যিবোৰ কবিয়ে যিমানটা খচৰাৰ মূৰকত প্ৰস্তুত
কৰি উলিয়াইছিল, তাতকৈ বহুগুণে বেছি খচৰা নিৰ্মাণ আৰু তাৰ বিনিৰ্মাণ কৰি গৈ আছে পাঠকে।
নিৰন্তৰ।
কেৰেলাৰ শিল্পী বিষ্ণু মাধৱে অঁকা “পাখি লগা হাতী” শীৰ্ষক কাণখোৱাৰ কিতাপৰ ইলাষ্ট্ৰেচন |
দেশ-কালৰ
অৱস্থা ভাল নহয়। এনে সময়ত এই সংশয় মাৰ্গৰ দিহা দিবলৈ ভয় বহুত। কাৰণ কেইবাটাও। গণ-প্ৰহাৰ
আৰু তইনো কোন কূটা বুলি তুচ্ছ-তাচ্ছিল্যৰ এই সময়ত এই সংশয় আৰু সংঘাতৰ মৰ্ম সকলোৱে অনুধাৱন
কৰিবনে নাই সেয়া নিজেই সন্দেহৰ আৱৰ্তত। শিল্পকৰ্মৰ অন্তৰ্ৱৰ্তী বস্তৱতাক বাহ্যিক বাস্তৱতাৰে
ব্যাখ্যা কৰি ব্যক্তিগত আখেজ পুৰোৱাৰ দৰে ভয়ানক সময় এটাত আমাৰ বাস। দ্বিতীয়টো অসুবিধা
এই যে, অলপ আগতে কোৱা “কিমানটা খচৰাৰ মূৰকত” কথাষাৰকো এই সময়ৰ সৃষ্টিশীল কৰ্মত জড়িত
সকলে বৰকৈ গুৰুত্ব নিদিয়ে যেন লাগে। এয়া একেবহাতে লিখি উলিয়াই একেবাৰতে সুৰ দি গাই
ৰেকৰ্ড কৰি একেকোবেই ৰাইজৰ মাজলৈ উলিয়াই দিয়া দৌৰাদৌৰিৰ যুগ। কথাই কথাই গানৰ কথা ওলালেই
যেতিয়া ক’বলৈ আৰু ইতঃস্তত নকৰোঁ যে প্ৰস্তুতি-পদ্ধতিগত, ভাষিক-বৈয়াকৰণিক, বক্তব্য আৰু
উদ্দেশ্য এই সমস্ত দিশেৰেই অসমীয়া গান ইমানেই অসাৱধানতাজনিত ভুল আৰু বিভ্ৰান্তিৰে ভৰা
যে এইবোৰৰ মাজত আমি শিল্পৰ ৰসাস্বাদন সম্পৰ্কীয় কথা পাতিম নে নাই। পাতিলেও কোনখিনি
সমলক লৈ পাতিম? সমূলাঞ্চে বাৰেবিংকৰা কাৰবাৰ এটাত আৰু প’য়েটিক লাইচেন্স কথাষাৰৰ কি
মানেটো থাকিব?
লুই কেৰলৰ ‘এলিচ ইন ৱণ্ডাৰলেণ্ড’ৰ ইলাষ্ট্ৰেচন |
যোৱা
১৭ জুন তাৰিখে ফে’চবুক লাইভৰ যোগেদি মানুহৰ শিল্পী লোকনাথ গোস্বামীদেৱে এই সময়ৰ গীতৰ
কথাত থকা অসাৱধানতাৰ কথা উনুকিয়াইছিল। কোনোবাই হেনো গাইছে, “বৰষা আহিছে শেৱালী ফুলিছে
জানৈ তোলৈ মনত পৰিছে”, তাৰমানে গাওঁতা বা ৰচয়িতাই শেৱালী কেতিয়া ফুলে সেয়াই নাজানে?
আৰু এটা উদাহৰণত কৈছে কোনোবা এটা গানত হেনো “ফাগুন মাহত সোণালী ধান” ছপাইছে। ধান ছপোৱা
মাহটো ফাগুন নে আঘোন? এইখিনি কথাক শৈল্পিক-স্বাধীনতাৰ আবুৰলৈ আনিব পাৰি নে? অজ্ঞতা,
মূৰ্খতা আৰু অসাৱধানতাজনিত ঘটনা- এইকেইটাই ইয়াত আছে। এইখিনি পপুলাৰ ফ্ৰণ্টৰ সমল। তাৰ
বাহিৰে অলপ অন্যধৰণৰ আৰু নিজে নিজকে ‘চিৰিয়াছ’ বুলি দাবী কৰিব খোজা আন এটা স্তৰৰ অসমীয়া
গানৰ প্ৰাদুৰ্ভাৱ ঘটিবলৈ লৈছে যিবোৰ সমূলাঞ্চে বিমূৰ্ততাৰে ভৰা। বাক্য এটা আৰম্ভ হৈ
কেতিয়া শেষ হ’ব বুলি ৰৈ থাকোঁ, চাৰি-পাঁচ মিনিটৰ পিছত গানটোৱেই শেষ হৈ থাকে কিন্তু
বাক্যটো আৰু সম্পূৰ্ণ নহয়। ভাব-বিলাসৰ আতিশয্য, চৰম অভিব্যক্তিবাদী নহ’লেবা ‘কাব্যিকতা’
ভৰা কিছুমান শব্দৰ এনে অদ্ভূত চয়ন কিছুমান এইবোৰত থাকে যে আঁতি-গুৰি একো উৱাদিহ নাপাই
কিবা এটা ভাল কথাই কৈছে চাগৈ বুলি একাষৰীয়া কৰিবলগাত পৰে।
ডালিৰ “লবষ্টাৰ টেলিফোন”, লণ্ডনৰ টে’ট মিউজিয়ামত, ফটো- লেখকৰ |
কিন্তু
মন কৰিব, অজ্ঞতা, মূৰ্খতা আৰু অসাৱধানতাজনিত ঘটনা- এইকেইটাৰ শিল্পৰ জগতত বিশেষ ভূমিকা
আছে। এইকেইটা কথাৰ লগত আৰু এটা আছে- সেয়া হ’ল ধূৰ্তালি। পৃথিৱীৰ বেছিভাগ শিল্প আৰু
আৱিষ্কাৰ অজ্ঞতাৰ ফলতে হৈ উঠিছে। মূৰ্খতা আৰু অসাৱধানতায়ো বহু সৃষ্টি সাধন কৰিছে। আমাৰ
জ্ঞান হ’বৰ দিন ধৰি কোনো শিল্পীকেই যে “এইখন ছবিৰে আপুনি কি বুজাব খুজিছে” বুলি সোধাটো
যে ভুল এই কথাই বাৰম্বাৰ দোহাৰি আহিছোঁ। শিল্পীয়ে নিজেই হয়তো নাজানে তেওঁ কি আঁকিছে,
কিয় আঁকিছে। কবিয়ে নিজেই নাজানে তেওঁৰ কবিতাৰ আধাখিনি বাক্যৰ মানে কি। কিবা এটা কৰিবলৈ
গৈ বহুসময়ত আন কিবা এটাহে ঘটি যায়। দুৰ্ঘটনাবশত: এই ঘটি যোৱাটোকে এটা সময়ৰ পিছত বহু
শিল্পীয়ে মনে-প্ৰাণে কামনা কৰিবলৈ লয়। অলপতে শিল্পৰ ছাত্ৰী গীতাশ্ৰী কলিতাই নীলপৱন
বৰুৱাৰ কৰ্মত মুহূৰ্তৰ ভিডিঅ’ এটা প্ৰচাৰ কৰিছিল। ব্ৰাছডাল ওভোতাই লৈ ব্ৰাছৰ পিছফালেৰে
ঘঁহি ঘঁহি কিবা এটা আঁকিছে। কোমল ব্ৰাছডালে কেতিয়াবা ঘটনা এটা নঘটায়, কাৰণ আপুনি ইতিমধ্যেই
তাৰে সৈতে অভ্যস্ত। এটা দুৰ্ঘটনা বিচাৰি, এটা সংঘাতৰ কামনা কৰি এইবাৰ হয়তো আপুনি ব্ৰাছডালৰ
টান কাঠৰ আগটোৰে ঘঁহিবলৈ লৈছে, তাতো সন্তুষ্ট নহ’লে হয়তো এইবাৰ আপুনি পাকঘৰৰ পৰা আনি
ছুৰিখনতে ৰং সানি লৈ তাৰে কিবা এটা আঁকিবলৈ লৈছে। একেবহাতে কবি এজনে কবিতা এটা লিখি
উলিয়ালে, লেখাটো বাৰু ভালেই হ’ল। কিন্তু ভাল হোৱাটোৱেই জানো শেষ কথা আছিল? তেওঁ সেইটো
তেনেকৈয়ে থৈ দিলে। এসপ্তাহ, এমাহ বা এবছৰৰ পিছত শাৰী কেইটামান কাটি পেললে আৰু আন কেইটামান
জোৰা দি চালে। এনেকৈয়ে যুঁজ-বাগৰ এখন আৰম্ভ হ’ল। কিছুমান কাণ্ড ঘটি গ’ল। এতিয়াহে কবিয়ে
মনত শান্তি পালে। শিল্প মানে এটা অভিজ্ঞতা।
সুৱাগমণি শইকীয়াৰ এক্ৰিলিক মাধ্যমৰ ছবি |
বাস্তৱতাৰ
কেইবাটাও স্তৰ থাকিব পাৰে। এই ঘটি যোৱা ঘটনাবোৰেও পৰ্য্যায়ক্ৰমে এটা এটা বাস্তৱতাৰ
যৌক্তিক আধাৰ নিৰ্মাণ কৰি গৈ থাকে। প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে অলপতে অনুবাদ কৰিছিল নিকি
জিওভানিৰ I wrote a good Omlet কবিতাটি যদি অ’মলেট লেখে, কবিতা খায়; তেনেদৰেই গাড়ীখনৰ
বুটাম মাৰিলে কোটটো চলাই ঘৰলৈ আহে। একান্ত উদ্ভট যেন লাগিলেও এনেকৈয়ে ইয়াত প্ৰতিবাৰতে
দুটা বস্তুৱে ইটোৱে সিটোৰ চৰিত্ৰ পৰস্পৰে সলাই লৈ গৈ আছে। কেনেকৈ এটা যৌক্তিক ভেটী
নিৰ্মাণ হৈ গৈ আছে সেয়া আৱিষ্কাৰ কৰি উলিওৱাটোও এটা মজাৰ অভিজ্ঞতা। কিছুমান উপমা বা
ৰূপকৰ বাস্তৱিকতা আমি কেতিয়াও পৰীক্ষা কৰিবলৈ নাযাওঁ কাৰণ আমি জানো আৰু মানিয়ে লওঁ
যে এয়া কেৱল শৈল্পিক নিৰ্মাণৰে অংগ। “জোন যেন মুখনি” এটা উপমা আৰু “চান্দমুখ” এটা ৰূপক।
কিন্তু সঁচাকৈ জোনৰ দৰে মুখ এখন কল্পনা কৰকচোন। পূৰ্ণিমাৰ জোনৰ দৰে সম্পূৰ্ণ গোল মুখৰ
কোনোবা থাকিলে তাক হাম্পটী-ডাম্পটী যেনহে দেখাব, নহ’লেবা কাঁচিজোনৰ লেখীয়া হ’লে তাকে
দেখি কবি নিজেই ভয়তে দূৰলৈ পলাব। ইয়াক কোনোবাই চিত্ৰকল্প বুলি কৈ থাকিলেও ই আচলতে চিত্ৰকল্প
নহয় : চিত্ৰীয় (pictorial) বা দৃশ্যগত (visual) সাযুজ্য ইয়াত নাই, ই এটা ধাৰণা-কল্পহে।
বাহাৰুল ইছলামৰ চিনেমা “ৰ’দৰ চিঠি’ত সন্নিবিষ্ট শশাংক সমীৰৰ যথেষ্ঠ জনপ্ৰিয় হোৱা গীত
“আকাশে দিয়া ৰ’দৰে চিঠি”ত “পোহৰৰ চিয়াঁহী পৰিছে চিটিকি” কথাষাৰত এটা নান্দনিক বিসংগতি
বিচাৰি পাওঁ। [অসাৱধানতাবশত: দৈনিক অসমত প্ৰকাশ হোৱা লেখাটোত এই গীতটো পৰম শ্ৰদ্ধাৰ
আৰু স্নেহৰ হীৰুদাৰ লেখা বুলি ভুলকৈ ওলাইছিল।] কাৰণ, চিয়াঁহী, মহী, কালী- এই গোটেইখিনিয়েই
উজ্জ্বলতাতকৈ দাগকহে বেছিকৈ প্ৰতিনিধিত্ব কৰে। শুভ্ৰতাতকৈ কৃষ্ণবৰ্ণ বা ডাঁহেচীয়াৰ
ভাব এটাহে আনে। পূৰ্বাপৰস্থিত প্ৰতীতী এটাক ইচ্ছাকৃতভাবে অন্যৰূপ দিবলৈ কৰা এটা প্ৰয়াস
যেনো ইয়াত নালাগে। চিয়াঁহী শব্দৰ ধ্বনিয়েও উজ্জ্বলতাৰ ফালে মন নাটানে। ইয়াৰ পৰিৱৰ্তে
উৰ্দু আৰু হিন্দী কবি গীতিকাৰে চিয়াঁহীক সদায়ে ৰাতিৰ স’তে ৰিজাই আহিছে। গুলজাৰৰ কবিতাত
থকা “ৰাত কি চিয়াঁহী” কথাষাৰৰ নান্দনিক আৰু যৌক্তিক আধাৰ বেছি মজবুত।
অলপতে
এজন কবিয়ে চ’ত-বহাগৰ সময়ৰ পৰিৱেশৰ ভিত্তিত বৰ্ণনা কৰি লিখা কবিতা এটাত “বহাগৰ গধূলি
চতিয়না ফুলে”- এনে উল্লেখ এটা পাই ব্যক্তিগতভাবে জনাইছিলোঁ- এইটো খাপ খোৱা নাই। চতিয়না
শৰৎ কালত ফুলি শীতকাললৈকে পায়গৈ বুলিয়ে জানো, বসন্তৰ নহয়। তেতিয়া, কিন্তু ব্যক্তিগত
এটা অনুষংগৰে তাক ব্যৱহাৰ কৰিব পৰা যাব নে নাই সুধিছিল। তেতিয়াৰে পৰাই এইখিনি কথা ভাবি
আছোঁ। হাতী এটাৰো পাখি থাকিব পাৰে সেই কথা পাতিয়েই আহিছোঁ। কিন্তু কৈ থকা কবিতাটোৰ
বাকী অংশখিনি চ’ত-বহাগৰ চিৰপৰিচিত সমলখিনিৰে সৈতে স্বাভাৱিকতাৰে গা কৰা। তাৰ মাজত হঠাতে
এইখিনি লাইচেন্স ল’ব পৰা যাব নে নাই সেইটোত অলপ সন্দেহ ৰ’ল। ইয়াৰ বিপৰীতে ভৌতিক, স্বাভাৱিক,
ইন্দ্ৰীয়লব্ধ, অভিজ্ঞতালব্ধ, বাস্তৱিক সমস্ত যৌক্তিকতাক মষিমূৰ কৰি আগবঢ়া কিছুমান কাম
থাকিবই পাৰে। নাৰ্জী মৌচুম শৰ্মাৰ তেনে এটা ৰহস্যময় ভাল লাগি যোৱা কবিতা তুলি দিছোঁ-
দিনৰ পোহৰত সিহঁতে মোৰ ফালে চাই ভেঙুচালি কৰি গৈ থাকে
টেঙা মৰ্টন মই ভাল নাপাওঁ
সাজ লাগিলে পুৰণি প্ৰেমিকে মোক ৰাস্তাটো আগবঢ়াই দিয়ে
বেপাৰীটোৱে মোৰ বগা অন্তৰ্বাসটোৰ পিনে ৰ' লাগি আছিল
তাৰ ভৰিত বগাই থকা কলা পৰুৱাকেইটাৰ তেজেৰে মই জোতাযোৰ
পলিছ কৰি দিলোঁ
গাৰ তিয়নিৰে মই আজিকালি চোতাল মচো
তাৰ মাজত থিয় দি থকা মেটেকাৰ তুলসীৰ সতে বিয়া
শিল গুটিটো মাৰি পঠিয়ালত সিহঁতৰ ঘৰখন পুৰি চাই হৈ গ'ল
আধা খোৱা ভাতখিনি ডাইনিজনীৰ পেটত গছকি থৈ দিলোঁ
আজি মোৰ ভাগৰ লাগিছে
টেঙা মৰ্টন মই ভাল নাপাওঁ
পুৰণি প্ৰেমিকে মোক বাটত এগিলাচ চৰবত খুৱাইছে
মোৰ ভয় নাই
এন্ধাৰৰ মাজত মোক কিহবাই কিলকিলাই যায়
চিঞৰ শুনিলে মই সিহঁতৰ ডিঙিকেইটা চেপা মাৰি ধৰো
আজি গাওঁৰ পথাৰত ভাওনা
ৰাৱণৰ ঠাইত সিহঁতে এইবাৰ ৰামৰ বধ কৰিছে (- নাৰ্জী মৌচুম
শৰ্মা/ কবিতা ৩)
সমুদ্র
কাজল শইকীয়া