["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৪ মে', ২০২০]
Anecdote (উপাখ্যান):
সায়ান আমাৰ বন্ধু। বাংলাদেশৰ অতি জনপ্ৰিয় সংগীতকাৰ গায়ক অৰ্ণৱ তেতিয়াও জনপ্ৰিয় কিন্তু সায়ান চৌধুৰী নামেৰেহে ভাৰতত পপুলাৰ। লোকগীতক ৰক মিউজিকৰ ৰূপ দি চঞ্চল্যকৰ “কিংকৰ্তব্যবিমূঢ়” নামৰ বাংলা বেণ্ডৰ এলবামটোৰ অভূতপূৰ্ৱ জনপ্ৰিয়তাৰ পিছতে বাংলাদেশৰ পৰা অহা সেই সময়ৰ ‘চেনচেছন’ আনুশ্বেহ সমন্বিতে কুশীলৱবৃন্দক লৈ পৰিৱেশন চলি আছে শান্তিনিকেতনত। আনুশ্বেহৰ উদাত্ত কণ্ঠৰ ‘লাউড’ উপস্থিতিৰ সন্মুখত সায়ানৰ মাতটো কোমল, মিহি আৰু অন্তৰ্মুখী। মানুহ সায়ানে গোৱালৈ ৰৈ আছে, সায়ানে নাগায় হে নাগায়। অৱশেষত সায়ান কেন্দ্ৰলৈ আহিল, হাতত গীটাৰখন লৈ বহিল। মানুহ উবুৰি খাই আছে। হেতা ওপৰা লগাইছে। সায়ানে চকু দুটা মুদি আৰম্ভ কৰিলে ৰবীন্দ্ৰসংগীত- মাঝে মাঝে তব দেখা পাই চিৰদিন কেন পাই না। গানৰ আৰম্ভণীতেই বন্ধু মহলৰ কোনোবাই কৈ উঠিল, সায়ানৰ ষ্টেজ প্ৰেজেন্স ভাল নহয়। হয় হবলা। আনুশ্বেহৰ ‘লাউড’ উপস্থিতিৰ পিছত তুলনাৰ বিচাৰেৰেই হয়তো কৈছিল কোনোবাই। অসমৰো ভালেখিনি মানুহে সায়ান ওৰফে অৰ্ণৱৰ গান শুনিছে আৰু তেওঁৰ জনপ্ৰিয়তা সম্পৰ্কে অৱগত, কিন্তু বহুতে বিশ্বাস কৰিবলৈকো টান পাব যে একপ্ৰকাৰৰ চাইলড-প্ৰ’ডিজী, তেনেই সৰুৰে পৰাই পাব্লিক ফিগাৰ হৈ উঠা সায়ান গান গোৱাৰ সময়ত অত্যন্ত লাজকুৰীয়া আছিল। যেনিবা নিজৰ মাতটোক লৈয়ে সন্দিহান। চকু দুটা মুদি যেনেকৈ গানটো গাই গৈ থাকিল লাগিছিল যেন ‘পাব্লিক’ৰ সৈতে সংযোগটো ভালকৈ নঘটিব আৰু পৰিৱেশনটো নজমিব। কিন্তু লাহে লাহে শতাধিক মানুহে জুমুৰি দি ধৰা সেই পৰিৱেশটো এটা অবৰ্ণনীয় নৈশব্দেৰে ভৰা অভিজ্ঞতালৈ সলনি হ’ল। নিজম পৰা মানুহবোৰ মন্ত্ৰমুগ্ধৰ দৰে ৰ’ল বহুসময়। সায়ানৰ মুদা চকুত তেওঁলোক সকলোৰে চকু নিবদ্ধ। অলপ আগেয়ে সায়ানে ষ্টেজত জমাব নোৱাৰিব বুলি কোৱা সেই বন্ধুজনেই পিছলৈ ক’লে, এয়া আছিল এক স্বৰ্গীয় অনুভূতি।
পৰিৱেশনৰ মুহূৰ্তত সায়ান চৌধুৰী (অৰ্ণব) |
গানৰ
বহী : কিয় চকুৱে চকুৱে চালা
মঞ্চত
গান এটা পৰিৱেশন কৰিবলৈ যাওঁতে কেৱল গানটোহে যে শিকা হয় সেয়া নহয়। অন্তত: মঞ্চৰ বাবে
প্ৰস্তুতিকালত গানটো গৌণই হৈ পৰে। ফটোগ্ৰাফীৰ ক্ষেত্ৰত ফটোজেনিক বুলি শব্দ এটা থকাৰ
দৰেই মঞ্চৰ ক্ষেত্ৰতো ষ্টেজ-ফিট বুলি কথা এষাৰ আছে। সকলোকে মঞ্চত ভাল নেদেখিবও পাৰে।
মঞ্চত থিয় হৈহে বুজা যায়, এনেয়ে থিয় হৈ থকাটোও কিমান অসুবিধাজনক- য’ত সহস্ৰ চকুৱে অন্ধকাৰৰ
পৰা আপোনালৈ চাই আছে, অথবা ইফালৰ পৰা সিফাললৈ খোজ কাঢ়ি যোৱাটোও তেনেই সাধাৰণ কথা এটা
নহয়। গানৰ ক্ষেত্ৰত বিশেষকৈ গায়ক বা গায়িকা যেতিয়া দৃষ্টিৰ কেন্দ্ৰবিন্দুত থাকে দৰ্শকৰ
প্ৰতি তেওঁলোকৰ চাৱনি কিম্বা দৰ্শকৰ দৃষ্টিৰ প্ৰত্যাৱৰ্তন সম্পৰ্কে তেওঁলোকে ভাবিবলৈ
বাধ্য হয়। কাৰণ চকুৱে চকুৱে চাই মানুহে সংযোগ স্থাপন কৰে। পাঠদান কৰিবলৈ শ্ৰেণীকোঠালৈ
সোমোৱা নতুন শিক্ষক বা অধ্যাপক এজনৰ বাবেও এইখিনি কথা একেই। কোনজন ছাত্ৰ বা ছাত্ৰীৰ
ফালে চাই কথাখিনি ক’ব? সকলো ছাত্ৰছাত্ৰীৰ মূৰৰ ওপৰেৰে যোৱা এডাল কাল্পনিক ৰেখাতে দৃষ্টিক
অনা নিয়া কৰি সকলো ছাত্ৰৰ প্ৰতি সমান দৃষ্টি ধৰণৰ অভিব্যক্তি এটা প্ৰকাশ কৰি চলিব নে
একো একোজন ছাত্ৰৰ চকুত চকু থৈ ব্যক্তিগত স্তৰলৈ নামি গৈ ব্যক্তিৰ সৈতে ব্যক্তিৰ সংযোগটো
স্থাপন কৰিব? স্কুল-কলেজত পাঠদান, ৰাজহুৱা ভাষণ বা যিকোনো সমূহীয়া স্থানৰ পৰিৱেশনৰ
অভিজ্ঞতা যদি আছে তেন্তে আপুনি এইখিনি কথা সহজেই বুজিব। আপুনি এইটোও মানি ল’ব যে কেতিয়াবা
সমজুৱাকৈ কথা কৈ থাকোঁতেও নিজেই নিজৰ ওচৰত ধৰা পৰি যোৱা যায়। কেতিয়াবা দৃষ্টিৰে ৰাইজৰ
মনযোগ আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থকাৰ মাজতেই আকৌ এটা পলায়নৰ বাট বিচাৰিবওলগীয়া
হয়। সকলোৰে সৈতে দৃষ্টি বিনিময় কৰি থাকিও মাজতে একোটা মুহূৰ্ত আহে যেতিয়া আপুনি মনে
প্ৰাণে কামনা কৰে- হে ভগৱান! কাৰো যাতে চকুৱে চকুৱে নপৰক!
সংগীতৰ নোটেচন পৰ্যবেক্ষণ কৰি থকা অৱস্থাত আমি জড়িত হৈ থকা এটা অৰ্কেষ্ট্ৰা চিম্পনীৰ সংগীতজ্ঞ আৰু পৰিচালকসকল |
মঞ্চত
গান গোৱা মানুহে যে সন্মুখত ষ্টেণ্ড এডালত গানৰ বহী একোখন মেলি লয় সেই কাৰবাৰটোলৈ বহুখিনি
দৰ্শকৰ বিৰাট কৌতুহল। যি গায়কে মাজৰাতি মঞ্চলৈ উঠি ৰাতিপূৱালৈকে পৰিৱেশন কৰে, দৰ্শকৰ
‘অনুৰোধ ৰক্ষা কৰি’ এটাৰ পিছত এটাকৈ গান গাই গৈ থাকে তেওঁলোকে বাৰু গানৰ বহী এখন সন্মুখত
ৰাখিবলগীয়া হয়েই। সকলোৰে বাবে সকলো সময়তে সকলো গান কন্ঠস্থ নাথাকিবও পাৰে। কিন্তু
‘সাংস্কৃতিক সন্ধিয়া’ৰ উদ্যোক্তা সকলৰ কাৰোবাৰ জীয়েক, কাৰোবাৰ ভতিজাক এজনে যেতিয়া এটা
মাত্ৰ গান গাবলৈ, যিটো তেওঁৰ হয়তো প্ৰিয়তম গানটো, মঞ্চলৈ উঠে তেতিয়াও সেই গানৰ বহীখন
কিয় মেলি ল’ব লাগে? গানটো মনত নাই? নহয়। বহীখনত কি আছে? কেৱল গানৰ কথাভাগ নে সুৰ-সমলয়ৰ
নোটেচন বা স্বৰলিপি? টেকনিকেল ইনষ্ট্ৰাকচন? অন্তত: এই সময়ৰ অসমীয়া আধুনিক গীত নামৰ
আজৱ বস্তুটোৰ ক্ষেত্ৰত পশ্চিমৰ অৰ্কেষ্ট্ৰা বা চিম্ফনীৰ সংগীতকাৰ সকলৰ দৰে কোনোবাই
স্বৰলিপিৰ টোকাবহী মানি চলে যেন দেখোন একেবাৰেই নালাগে। তেনেহ’লে এই গানৰ বহীখনত কি
আছে? ভগৱানৰ ফটো? বহুদিনৰ পৰা সাঁচি থোৱা এটা মৈৰৰ পাখি কিম্বা লেৰেলি শুকাই যোৱা
‘বিদ্যাপাত’? কি কাৰণত বহী চাই গান নাগাবা কেনেবাকৈ বহীৰ পাত উলটি গ’লে উজুটি খাবা
বুলি সুমনে দি যোৱা সঁকিয়নিৰ পিছতো আমাৰ গায়ক-গায়িকাই বহীখন এৰা নাই এটা মাত্ৰ গানৰ
বাবে হ’লেও?
ভাবি
ইয়াকে পালোঁ যে এই গানৰ বহীখন এহাতে এটা ষ্টাইল-ষ্টেটমেণ্ট। লাইট, মইক্ৰ’ফ’ন, চাদৰ-মেখেলা
(‘ভাল’ গায়িকা হ’বলৈ হ’লে চাদৰ-মেখেলা অত্যন্ত গুৰুত্বপূৰ্ণ), গামোচা আদিৰ দৰেই এই
গানৰ বহীৰ ষ্টেণ্ডডাল এটা প্ৰ’প, এটা অত্যাৱশ্যকীয় সঁজুলি, তাক বাদ দিলে দৃশ্যটো অসম্পূৰ্ণ।
আনহাতে দ্বিতীয় কথাটো হ’ল, এই গানৰ বহীখন এটা পলায়নৰ বাট। অলপ আগেয়ে পাতি অহা- পৰিৱেশন
কৰি থাকোতে কেনি চাব লাগে এই প্ৰশ্নৰ উত্তৰ বহুতেই নাজানে। সকলোৰে শৰীৰ ষ্টেজ-ফিট নহয়।
হাত দুখন ক’ত থ’ম, ওলোমাই থ’লে জঠৰ যেন লাগিব, কঁকালত থোৱাটো কেজুৱেল আৰু অশোভনীয়,
সংগীতৰ সৈতে সঞ্চালন কৰিলেও যদি বেছি হৈ যয় সেয়া অতি-নাটকীয় যেন লাগিব পাৰে- ইত্যাদি
সমস্যাৰ অন্ত নাই। তেনেকুৱাই সমস্যা হ’ল একেৰাহে দৰ্শকলৈকে চাই থাকিম নেকি? নে মাজে
মাজে বাদ্যযন্ত্ৰী সংগীবৃন্দলৈকো চাম? একেকেইটা চাৱনিৰ নক্সা পুনৰাবৃত্তি কৰিলে সিও
আমনিদায়ক হ’বগৈ। মাজতে যদি দৃষ্টিৰ পলায়নৰ বাট এটা লাগে তেতিয়া? তেতিয়া এই গানৰ বহীখন।
লোকচক্ষুৰ কেন্দ্ৰমূলত থাকিও যদি ক্ষণিকৰ বাবে হ’লেও অলপ আত্মগোপণ কৰিবলগীয়া হয়, তেতিয়া?
তেতিয়া এই গানৰ বহীখন। এই গানৰ বহীখনৰ কাহিনী আৰু ঢেৰ আছে, আগলৈ লিখিম।
লাইভ
আৰু মাধ্যমৰ মধ্যস্থতা
লাইভ
পৰিৱেশন আৰু চকুৰ চাৱনিৰ খেলখন বহুতৰপীয়া আৰু জটিল। মঞ্চৰ লাইভ পৰিৱেশনৰ সময়ত থকা কিছুমান
অসুবিধাৰ পৰা যেন ফে’চবুক আদি চ’চিয়েল মিডিয়াত কৰিবলৈ ওলোৱা লাইভ পৰিৱেশনত পৰিৱেশকসকল
মুক্ত। মোবাইল ফোনটো সেই অৰ্থেৰে বহুতৰ বাবে এটা ডাঙৰ সকাহ। সততে লোকচক্ষুৰ সন্মুখলৈ
আহিবলৈ লাজ কৰা, ভয় কৰা, স্বাভাৱিকতে অন্তৰ্মূখী চৰিত্ৰৰ ব্যক্তিয়েও ফোনটোৰ সন্মুখত
লাইভ আহিবলৈ বৰকৈ সংকোচ নকৰে। মন কৰিব এইখিনি কথাত ‘লাইভ’ শব্দটো বাৰে বাৰে ব্যৱহাৰ
কৰিছোঁ আৰু লাইভ বুলি যেতিয়াই কওঁ তেতিয়াই তাত যে মাধ্যম, সঁজুলি, ৰেকৰ্ডিং আৰু ব্ৰডকাষ্টৰ
টেকনিকেল কথা কিছুমান আমাৰ অলক্ষিতে হ’লেও সোমাই থাকে তাৰ ব্যাখ্যা আমি আগতে অন্য ঠাইত
কৰি আহিছোঁ। মঞ্চৰ পৰিৱেশনটোও লোকচক্ষুৰ সন্মুখত, ফে’চবুক লাইভো লোকচক্ষুৰ সন্মুখত।
কিন্তু এইবাৰ আপোনাৰ সঁজুলি মঞ্চ নহৈ এটা মোবাইল ফোন বা স্মাৰ্ট ফোন যিটোৰ সৈতে আপোনাৰ
দিবা-নিশি ঘনিষ্ঠ সম্পৰ্ক- যি সম্পৰ্ক মঞ্চখনৰ সৈতে আপোনাৰ হয়তো গঢ়ি উঠা নাছিল। ষ্টেজ-ফিট,
বা ষ্টেজ-ফ্ৰেইণ্ডলী হৈ উঠিবলৈ ভালেখিনি সময় লাগে। এটা দুটাকৈ কেইবাটাও পৰিৱেশনৰ বাবে
মঞ্চত কেইবাবাৰো উঠাৰ পিছতহে দেখাত সাধাৰণ যেন লগা কিন্তু অত্যন্ত জটিল কথাখিনি কাৰোবাৰ
বাবে সহজ হৈ উঠে- যেনে মঞ্চত কেনেকৈ থিয় হ’ব লাগে, হাত দুখন কেনেকৈ ৰাখিব লাগে, পৰিৱেশনত
দৰ্শকলৈ কেতিয়া কেনেকৈ চাব লাগে ইত্যাদি। মঞ্চৰ সান্নিধ্যলৈ আহি আহি যাৰ বাবে মঞ্চই
ঘৰ হৈ উঠে সেই সকলৰ বাবেহে মঞ্চ স্বাভাৱিক স্থান। আনহাতে স্মাৰ্টফোনটো শুই উঠাৰ পৰা
ৰাতি শুবলৈ যোৱালৈকে হাততে থকাৰ ফলত ইয়াৰ সন্মুখত এই প্ৰাথমিক অসুবিধাখিনি বৰকৈ অনুভৱ
কৰা নাযায়। কিন্তু এই সহজ আয়াস বা উজু ব্যৱহাৰ্যতাই আন কিছুমান নান্দনিক কথা ভবাৰ পৰা
আমাক বিৰত ৰাখে নেকি? চেলফী তুলি তুলি অভ্যস্ত হোৱা এটা প্ৰজন্মৰ হ’লোঁ বুলিয়েই লাইভ
পৰিৱেশন এটাত আপোনাৰ বিগ-ক্ল’জ-আপ ফ্ৰেম এটাৰ লাইভ বৰ এটা দৃষ্টি নন্দন নহ’বও পাৰে,
আপোনাৰ ‘চান্দ মুখ পেখু’ বুলি দৰ্শক ৰৈ নাথাকিবও পাৰে। আনহাতে স্মাৰ্টফোন কেমেৰাৰ পৰা
জোখতকৈ বেছি দূৰত্বত ঠিয় হ’লেও দৃশ্যৰ কেন্দ্ৰ-বিষয়ৰ গুৰুত্ব হ্ৰাস পাই দৰ্শকৰ মনযোগত
বিঘিনি ঘটাব পাৰে। স্মাৰ্টফোনতো বাৰু স্মাৰ্টেই, ই কালাৰ কাৰেকচন ব ফিল্টাৰ বা এডিটিঙত
আপোনাক সহায় কৰিব, কিন্তু দৃশ্যমান পৰ্দাখনৰ স্থানিক সজ্জা (স্পেচ-ডিষ্ট্ৰিবিউচন) বা
সংৰচনা (কম্প’জিচন) নিৰ্ধাৰণ কৰিবলৈ আপুনি নিজেও স্মাৰ্ট হ’ব লাগিব। এতিয়া গোটেই ‘লাইভ’টোত
আপুনি যদি কাগজ এখনৰ পৰা পঢ়ি পাঠ কৰে, কাগজখনলৈকে চাই থাকিব, নে আগতে মুখস্ত কৰি লৈ
কেৱল কেমেৰালৈকে (কেমেৰা মানে দৰ্শক) চাই থাকিব, নে মাজে মাজে কাগজলৈ আৰু মাজে মাজে
কেমেৰালৈ চাব সেয়া সিদ্ধন্তও আপোনাৰ। পৰিৱেশনৰ প্ৰাথমিক ব্যৱহাৰিক কথাখিনি গুৰুত্ব
নিদিয়াকৈ আপুনি যিমানেই মহান কবিৰ মহৎ কবিতা পাঠ কৰি নাথাকক, সেয়া চাই থাকিব নোৱাৰি।
এইখিনি
কথা লিখি থকালৈকে বিগত লকডাউনৰ সময়চোৱাত প্ৰচলন হৈ থকা শত শত কবিতা-পাঠ আৰু গল্প পাঠৰ
এটও মই শেষলৈকে শুনিবলৈ বা চাবলৈ ধৈৰ্য্য হোৱা নাই। মাজে মাজে ভাবোঁ, মোৰহে ধৈৰ্যৰ
অভাৱ ঘটিছে নেকি! কিন্তু মোৰ এই অস্থিৰতা কেৱল মোৰ দোষ নহয়। অভিনেতা হৈ হৈ এসময়ত অসহায়
হৈ পৰা মেফিষ্টোৱে “মই এজন অভিনেতা মাত্ৰ” বুলি কোৱাৰ দৰেই দৰ্শক বা দ্ৰষ্টা হিচাপে
আমাৰ মাজত সোমাই থকা এক দ্ৰষ্টাসত্বায়ো কয়, “মই এজন দ্ৰষ্টা মাত্ৰ, মোকনো দোষ দিয়ে
কিয়?”
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment