ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, July 17, 2020

পেখু পেখু (এষষ্ঠি) : সমসাময়িকতাৰ দস্তাবেজ


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২১ জুন, ২০২০] 
বাঘজানৰ ঘটনাৰ আধাৰত ময়ূৰ ৰাজবংশীৰ ড্ৰয়িং

মজাৰ কথা যে কেৱল কলাৰ বাবে কলা কথাষাৰ আজিৰ তাৰিখত আৰু কোনেও নকয় যদিও শিল্পৰ সৈতে ৰাজনীতি আৰু সমাজৰ সম্পৰ্কৰ বিষয়টোকো সঘনে প্ৰশ্নৰ আৱৰ্তত ৰখা হৈ থাকে। ৰাজনৈতিক শিল্প বুলি এক বিশেষ স্কুল বা ঘৰাণাক বাদ দিও কিছুমান শাখা যেনে কাৰ্টুন আদিৰ ক্ষেত্ৰত এইখিনি প্ৰশ্ন অলপ কম। কাৰণ স্বভাৱগতভাবেই কাৰ্টুন ৰাজনৈতিক। ব্যংগ কথাষাৰৰ মাজতেই এটা আক্ৰমণৰ ভংগী, সমালোচনাৰ চেতনা সোমাই থাকে। ব্যংগক বাদ দি কেৱল ‘হাস্য’ৰ উদ্দেশ্যৰে কৰা কাৰ্টুনেও পাকে প্ৰকাৰে একোটা কমেণ্টৰী প্ৰকাশ কৰে। মানুহ, সমাজ, প্ৰকৃতি, সম্পৰ্ক আদিবোৰৰ কোনোবা নহয় কোনোবা এটা দিশৰ পৰ্যবেক্ষন তাত থাকেই বাবে সি স্বঘোষিত অৰ্থেৰে ৰাজনৈতিক নহ’লেও চেতনাস্ৰোতত সমাজ আৰু ৰাজনীতিক বহন কৰি চলেই চলে। 
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
ইলাষ্ট্ৰেচন সম্পৰ্কীয় আগৰ আলোচনাখিনিত কিম্বা চাৰুকলা আৰু কাৰুকলা সম্পৰ্কীয় কথাখিনিত বিষয়বস্তু আৰু ৰূপগত উপস্থাপনৰ কথা কিছুমান পাতি আহিছিলোঁ যিখিনিৰ বাবে অতি সম্প্ৰতি দেশজুৰি চলি থকা অস্থিৰতা আৰু নৈৰাজ্যৰ পৰিপ্ৰেক্ষিতত কৰা কেইজনমান শিল্পীৰ কামে আমাৰ বিশেষ মনযোগ দাবী কৰে। শিল্পৰ মাধ্যমেৰে এই সময়ৰ দলিল এখন ৰাখি যোৱাৰ দায়িত্বও শিল্পীসকলৰেই বুলি শিল্পৰ ডকুমেণ্টেচনৰ প্ৰাসংগিকতা বিষয়ক আলোচনা এটাটো কোৱা হৈছিল। এচাম নতুন শিল্পীৰ শেহতীয়া কাম-কাজে এই দিশেৰে বাট বুলিছে। তেনে এজন শিল্পী ময়ূৰ ৰাজবংশীয়ে প্ৰায় প্ৰতিদিনেই পৰিস্থিতি-সাপেক্ষ ছবি আঁকি গৈছে। এইখিনি কামৰ যিটো দিশে বিশেষ গুৰুত্ব দাবী কৰে সেয় হ’ল কাৰ্টুন, ইলাষ্ট্ৰেচন আৰু এজন বিষয়ী শিল্পীৰ কামৰ মাজৰ এটা মধ্যৱৰ্তী অৱস্থানৰ সন্ধান কৰাটো।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
সুকুমাৰ কলা বা চাৰুকলাৰ আভিজাত্যৰ ধাৰণাটোৱে শিল্পসৃষ্টি আৰু নিৰীক্ষণৰ ক্ষেত্ৰত ভালেখিনি চৰ্চাক অনুচ্চ বা ‘মাইনৰ’ বুলি এলাগী কৰি ৰাখিছিল। যেনে, কাৰ্টুনিষ্ট এজনক শিল্পী বোলা হ’ব নে নহ’ব? এই প্ৰশ্নটো সৌ অ’নৰে ডমিয়েৰৰ দিনৰ পৰা আজিলৈকে একেই আছে। ছবি এখন আঁকোতে সি যদি খুব বেছি ব্যাখ্যাচিত্ৰধৰ্মী হৈ উঠে তাকো যে বহুসময়ত এটা দোষ বুলি পৰিগণিত কৰা হয় সেই কথা আমি আগতে পাতি আহিছোঁ। ছবি, ষ্টাডী ড্ৰয়িং, ব্যাখ্যাচিত্ৰ বা ইলাষ্ট্ৰেচন আৰু কাৰ্টুনৰ সংবেদনশীলতাখিনিৰ সংশ্লেষণৰ সুযোগ এটা আগবঢ়াই আহিছে ৰাজবংশীৰ কামখিনিয়ে। প্ৰায় প্ৰতিদিনেই কৰি যোৱা এই কামখিনিৰ ভৱিষ্যতে কোনো শিল্পমূল্য থাকিবনে নাই, একান্তই দৈনিক-বাতৰি-কেন্দ্ৰিক তাৎক্ষণিক প্ৰতিক্ৰিয়া সূচক কামখিনি সময় আৰু ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যোৱাৰ পিছত আমি কেনেকৈ চাবলৈ ল’ম সেয়া অন্য এটা প্ৰশ্ন। কিন্তু এইবোৰৰ মাজেৰে শিল্পী এজনে এটা শিল্পভাষাৰ সন্ধান যে কৰি আছে, এই অনুসন্ধানখিনিয়ে চিৰকালেই গুৰুত্ব পাই থাকিব। সমসাময়িকতাৰ তথ্যায়নৰ কথা ক’বলৈ গৈ আগতে বংগৰ কুখ্যাত দুৰ্ভিক্ষৰ সময়ৰ ৰামকিংকৰ বেইজ, জইনুল আবেদিন, চিত্তপ্ৰসাদ, সোমনাথ হোড় আদিৰ কামখিনিৰ কথা আমি পাতিছিলোঁ। দেশ আৰু সমাজৰ পৰিস্থিতিলৈ চাই শিল্প-স্কুলৰ অভিজাত শিল্পচৰ্চাৰ গণ্ডীৰ পৰা এইসকল শিল্পী ওলাই আহিছিল। দুৰ্ভিক্ষৰ কালৰ এই অধ্যয়ন আৰু ভোক আৰু দুৰ্যোগেৰে আঘাতপ্ৰাপ্ত মানৱ শৰীৰৰ পৰ্যবেক্ষণে পাছলৈ গোটেই জীৱনৰ বাবেই এটা শিল্পভাষা তৈয়াৰ কৰিবলৈ সুযোগ দিছিল সোমনাথ হোড়ৰ দৰে শিল্পীক। হোড়ৰ “তেভাগাৰ ডায়েৰী” নামৰ কিতাপখনত সংকলিত তেভাগাৰ কৃষক আন্দোলনৰ সময়ৰ প্ৰতিদিনৰ ঘটনাৰ স্কেচ ড্ৰয়িং আৰু প্ৰিণ্টখিনি সমসময়িকতাৰ তথ্যায়ন সম্পৰ্কীয় যিকোনো আলোচনাৰ বাবেই এটা মাইলৰ খুঁটি। শেহতীয়া সময়খিনি অসমৰ পৰিপ্ৰেক্ষিততো ভালেখিনি শিল্পী, ফটোগ্ৰাফাৰ আদিয়ে সামূহিকভাবেই এটা দৃশ্যমান নেৰেটিভৰ নিৰ্মাণ কৰিবলৈ লৈছে যিটো এটা সন্তোষৰ কথা।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
বাঘজানৰ অগ্নিকাণ্ডৰ সময়ত ঘৰ এৰি পলাবলগীয়া হোৱা পৰিয়াল এটাৰ ড্ৰয়িং এটাত ক’লা ইংকৰ ব্যৱহাৰ অনন্য। যিটো মাধ্যমত কাম এটা কৰা হয় সেই মাধ্যমৰ বস্তুগুণ (মেটেৰিয়েল কোৱালিটী)-ক প্ৰাধান্য দি আগবাঢ়িব পৰাটো এটা সাৰ্থকতা। ইংক বা চিয়াঁহী এক অৰ্থত দাগ, উকা কাগজত ই দাগ বহুৱায়। হাতত টালি টোপোলা লৈ সন্মুখলৈ আগবাঢ়ি থকা এহাল দম্পতি আৰু এটি শিশুক কোলাত লৈ লগতে থকা এজনী সৰু ছোৱালীৰ সৈতে এটা পৰিয়ালক কেন্দ্ৰত লৈ সমস্ত নিগেটিভ স্পেচ ভৰি আছে চিয়াঁহীৰ দাগেৰে। দাগেৰে ভৰা ভূমি, দাগেৰে ভৰা এঙেৰুৱা আকাশ। যিহেতু এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ড্ৰয়িংটো কৰা হৈছে, সেয়েহে ছবিখন চাওঁতে একোবাৰ দ্ৰষ্টাই ভাবিবলৈ লয় এয়া কেৱল চিয়াঁহীৰ সহজ দাগ? নে তৈলখাদৰ পৰা নিসৃত কণ্ডেনছেট মিশ্ৰিত তেলৰ দাগ? সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু শাসকীয়পক্ষৰ অমনোযোগিতা আৰু অক্ষমতাৰ দাগ নে পৰিশ্ৰম কৰি খোৱা গাঁৱৰ মানুহখিনিৰ দুৰ্ভাগ্যৰ দাগ? এই দাগখিনিয়েই ড্ৰয়িংটোত থকা চাৰিওটি মানৱ শৰীৰৰে মুখখিনি ঢকা। হয়তো ব্ৰাছৰ পিছফাল বা আন কোনো টান গোতা সঁজুলিৰে ঘঁহি ঘঁহি ছবিখন অঁকা হৈছে। ঘঁহনি খাই মোহাৰি নিয়া মুখায়বে এইসকল ব্যক্তিৰ অভিব্যক্তি চিনিবলৈ নিদিয়ে। চকুবোৰ নাই। মুখবোৰ নাই। ছবি চোৱাৰ অভ্যাসত মুখাবয়ব বা পোৰ্ট্ৰেইতৰ গুৰুত্বৰ কথা ন-কৈ ক’ব নালাগে। গে’জ (Gaze), দৃষ্টিসংযোগ আদিৰ পৰ্যবেক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। কিন্তু সন্মুখলৈ আহি থকা এইখিনি মানুহৰ মুখবোৰ মোহাৰি দি সেই সংযোগ আঁতৰাই দিয়াৰ লগে লগে এইখিনি মানুহৰ বিষয়ী (Subjective) অস্তিত্বলৈ প্ৰশ্ন এটা উঠি আহে। সমসাময়িক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিত এইখিনি মানুহৰ আত্মপৰিচয় বুলি কিবা ৰৈছেগৈ নে? তেওঁলোকৰ অভিব্যক্তিৰেই কিবা মূল্য আছে, নে তেওঁলোকৰ দৃষ্টিয়ে ক’ব খোজা কথাখিনিয়ে আন কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে? দাগেৰে মোহাৰ একোটা মাৰিয়েই এই সময়ৰ দেশৰ খাটিখোৱা মানুহখিনিৰ অস্তিত্বহীনতাৰ দিশটো উন্মোচন কৰা হৈছে।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি

স্থান-কালৰ উৰ্দ্ধত এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি মহাৰ শিল্পৰ সাধনা কৰিবলৈ সহজ। কিন্তু সমসায়িকতাকলৈ কাম কৰাৰ অসুবিধা কি কি সেয়া যিকোনো আৰ্ট-স্কুলৰ (প্ৰাতিষ্ঠানিক বা অনানুষ্ঠানিক) ছাত্ৰমাত্ৰেই জানে। এটা পৰিস্থিতিৰ ব্যাখায়েই শেষ কথা নহয়, তাৰ উৰ্দ্ধলৈ গৈ ই কেনেধৰণেৰে কোন বিৰাটতৰ প্ৰশ্নখিনি উত্থাপন কৰিছে? এই প্ৰশ্নটো সহায়েই থাকে। ইলাষ্ট্ৰেচন-ধৰ্মিতাৰ প্ৰতি আপত্তিৰ এটা প্ৰাথমিক কাৰণ সম্ভৱ এইটোৱেই। একেদৰেই কাৰ্টুনধৰ্মীতাৰ অসুবিধাটো আকৌ প্ৰচলিত পৰম্পৰা আৰু মানুহৰ কাৰ্টুন সম্পৰ্কীয় বৈচিত্ৰ্যহীন ধাৰণাখিনিয়েই আহুকাল। সমসাময়িক কমেণ্টৰীৰ অসুবিধাওতো এটা নহয়। কোনোবাই এয়া সাংবাদিকৰহে কাম, শিল্পীৰ কাম জানো বুলি সুধি দিলেতো লেঠাই শেষ। কালনিৰ্ভৰ সৃষ্টি এটা হৈয়ো কালাতিক্ৰম কৰি যাব পৰাৰ এটা ৰোমাণ্টিক তাগিদাও আৰ্ট-স্কুলে সংৰক্ষণ কৰি থাকে। মানুহৰ জীৱনৰ মূল্য কমি গৈ থকা, বাকস্বাধীনতা বাৰে বাৰে প্ৰশ্নৰ আৱৰ্তলৈ সোমাই আহি থকা এইখিনি সময়ত সমসাময়িক ৰাজনীতিত সৰৱ হ’বলৈ গৈ ঘটিবপৰা সম্ভাব্য ‘ৰাজনৈতিক বিপদ’খিনিৰ কথাতো বাৰু ক’বই নালাগে। তেনেহ’লে কি কেৱল ফুল তৰা আৰু পখিলাই আঁকি থাকিব লাগিব? ছবি বুলিবলৈ তাক কেৱল কেনভাছত তেল-ৰঙেৰেই আঁকিব লাগিব?
 
ময়ূৰ ৰাজবংশী
এই সময়ৰ আন যিকোনো ইলাষ্ট্ৰেটৰ বা কৰ্টুনিষ্ট আদিতকৈ ময়ূৰ ৰাজবংশীক পৃথক কৰি ৰাখিছে এটা কথাই। সেয়া হ’ল, এই সময়ত কোনোটো পৰিচয়তে তেওঁ নিজকে সাঙুৰি ৰখা নাই। প্ৰাতিষ্ঠানিক শিক্ষা থাকিলেও পৰম্পৰাগত মাধ্যম আৰু নন্দনতত্বিক চৰ্চাখিনিৰ পৰা বাহিৰলৈ যেনেকৈ ওলাই আহিছে তেনেকৈয়ে বিভিন্ন শাখাৰ চৰ্চাৰ মাজত নিৰন্তৰ অহা-যোৱা এটা বৰ্তাই ৰাখিছে। ইংক বা এক্ৰিলিকৰ কাম তেওঁ বাদ দিয়া নাই কিন্তু ইমপ্ৰ’ভাইজেছনৰ বাবে সদায়ে উন্মুখ হৈ ৰৈছে : ভোক বিষয়ক ছবি এখন ডিছপোজেবল প্লেট এখনৰ ওপৰতেই আঁকি পেলাইছে, কিম্বা “পলিটিক্স” বুলি লেখা ফলক এখন লেট্ৰিনলৈ প্ৰক্ষেপ কৰি তাৰে ছবি এখন তুলিছে। এই নিৰন্তৰ এটা সংবেদনৰ (চেন্সিবিলিটী) পৰা আন এটা ধাৰাৰ চৰ্চাৰ সংবেদনালৈ অহাযোৱাখিনিয়ে সূচায়, এজন শিল্পী হিচাপেই তেওঁ তেওঁৰ যাত্ৰা অব্যাহত ৰাখিছে। এইখিনিয়ে মূল কথা। বাকী কামখিনি কাৰ্টুন হ’ল নে নহ’ল, ছবি হ’ল নে নহ’ল, কিবা হ’ল নে একোৰে একোটো নহ’ল- সেইবোৰ প্ৰশ্ন অবান্তৰ।  
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি






বাঘজানৰ ঘটনাৰ আধাৰত ময়ূৰ ৰাজবংশীৰ ড্ৰয়িং


সমুদ্র কাজল শইকীয়া

No comments: