["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৭ জুন, ২০২০]
ইউটিউবত গান এটা কেনেকৈ আপলোড কৰিব আৰু এলবাম বা নতুন ভাষাত
জ্যুকবক্স এটা কেনেকৈ সজাব? এইটো এটা গুৰুতৰ প্ৰশ্ন আৰু চ’চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ
সামগ্ৰী আপলোড কৰাৰ দৰে এইবোৰ কথা তুচ্ছ কথা বুলি যদি আজিৰ তাৰিখতো আপুনি গণ্য কৰি
আছে তেনেহ’লে সেয়া মুৰ্খামিহে হ’ব। বস্তু এটাৰ সৈতে তাৰ ব্যৱহাৰ্যতা আৰু ব্যৱহাৰৰ পদ্ধতিখিনিও
সাঙোৰ খাই আহে, আৰু যদি বস্তুটো সামাজিক স্তৰত বহুল ব্যৱহৃত হয় তেনেহলে তাৰ লগতে যুক্ত
হৈ পৰে কালেক্টিভ কনচিয়াছনেছ বা সামূহিক চেতনাৰ প্ৰসংগখিনি। গ্ৰামোফোন ৰেকৰ্ড, কেছেট,
চিডি, ডিভিডি, এলবাম, জ্যুকবক্স- এনেকৈ সুদীৰ্ঘ পৰিক্ৰমা আৰু বৈচিত্ৰ্যৰ মাজেৰে আহিলেও
অসমীয়া গানৰ জগতখনে এটা কথাত ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে- সেয়া হ’ল সাধাৰণ যেন লগা
বানান ভুলৰ পৰা ইনফৰমেচনৰ বিসংগতি। লেখা-মেলাৰ সৈতে জড়িত কোনোবা এজনেও কেনেবাকৈ লীৰিক-ভিডিঅ’
জাতীয় কিবা এটা কৰিবলৈ গ’লে তাত ভুল বানানেৰে আপলোড কৰাটো যেন নিয়ম। তাহানিৰ এইচ-এম-ভি-ৰ
প্ৰায়ভাগ এলবামতে গানৰ শিৰোনামা, গায়ক বা গীতিকাৰৰ নাম ভুল বানানেৰে দেখিছিলোঁ। তেতিয়াৰ
এটা অজুহাত আছিল এনে যে সেইবোৰ কলিকতাত নিৰ্মাণ হৈ আহিছিল বাবে সততে ভুল ৰৈ গৈছিল।
এতিয়াও ইউটিউবত কোনোবাই আপলোড কৰোতেও বানান ভুল দেখি এটা অচিলা দিয়া হয় যে ইণ্টাৰনেটত
ইউনিকোডত লিখিবলৈ অসুবিধা। লিপ্যন্তৰণৰ ক্ষেত্ৰত থকা বিশাল সমস্যাটোতো আছেই। ধৰা হওক
“জোনাক নিশাৰ গান” বুলি গান এটা আপুনি বিচাৰিব খুজিছে। এতিয়া ইয়াৰ সম্ভাৱ্য ভেৰিয়েচন
বা বিচিত্ৰতাখিনি কেনেকুৱা হ’ব কল্পনা কৰক। “জোনাক” শব্দটোৰ ৰূপবোৰ- Jonak, Junak,
Joonak, Jonaak, Junaak, Zunak, Zoonaak, Zoonak ইত্যাদি। “জোনাক”ৰ যিমান “নিশাৰ”ৰ
বাবেতো আৰু বেছি আহুকাল। Nishar, Nixar, Nikhar, Nihar, Nihaar, Neekhar--- মুঠতে কোনো
অন্ত নাই। এতিয়া সৌভাগ্যক্ৰমে কৃত্ৰিম বুদ্ধিমত্বা আপোনাৰ বুদ্ধিতকৈ আগুৱাই গৈ আছে
বুলি কেনেবাকৈ শূন্যতে মৰা ফৰমুটিটোৰ দৰে হয়তো আপুনি বিচৰা বস্তুটো পাই গ’ল। কিন্তু
বেছিভাগ ক্ষেত্ৰতে যথেষ্ঠ অযথা সময়ৰ অপব্যয় কৰিবলগীয়া হয়। এই সমস্যাটো হিন্দী গানৰ
ক্ষেত্ৰত কেতিয়াও হোৱা নাই। আমাক কোনোবাই স্কুলত শিকাইছিল নেকি হিন্দী গান এটাক ইংৰাজীত
কেনেকৈ লিখিব লাগে বুলি? নাই শিকোৱা। চিনেমাৰ পোষ্টাৰ দেখি, কেছেটৰ বাকলিপৃষ্ঠা দেখি
আমি নিজেই বুজি লৈছোঁ। এতিয়া কথা হ’ল হিন্দী গান আৰু চিনেমাৰ বাবে হিন্দী ভাষাৰ শব্দৰ
ৰোমান লিপিলৈ লিপ্যন্তৰত যদি কিছুমান মান্যতা বা ষ্টেণ্ডাৰ্ড মানি লওঁ, অসমীয়াৰ ক্ষেত্ৰত
একেবাৰে উদঙীয়া গৰু হৈ পৰোঁ কিয়? মোৰ মন, হিন্দীত “মেৰা মন”, ইয়াক ইংৰাজীত এনেকৈ লিখা
যাব- Mera mann. অলপ চালেই বুজিব, মন কথাটোত দুটা ‘এন’ আছে, এটা থাকিলে সি খেলিমেলি
লগালেহেতেন কাৰণ ইংৰাজীত এম-এ-এন মানে মেন (Man) অৰ্থাৎ মানুহ শব্দটো আছে। হিন্দী চিনেমা
এখনো আছে “মন”, লিখা হয় Mann। কেইবছৰমানৰ পিছত মন নামেৰে অসমীয়া গানৰ এলবাম এটা ওলাল।
তেওঁলোকে মনত ৰাখিছিল যে হিন্দী মন-টোক ইংৰাজীত লিখোতে কিবা এটা আখৰ দুবাৰ আছিল, সেয়েহে
এইবাৰ তেওঁলোকে অসমীয়া মন-টোক ইংৰাজীত লিখিবলৈ লৈ দুটা “A” বহুৱাই দিলে, Maan; কাৰবাৰটো
কৰোঁতে যে মন-টো গৈ “মান” হৈ থাকিল তালৈ চাবলৈ ধৈৰ্য নাই। মুঠতে গান উলিয়াব লাগে আৰু
সংস্কৃতি ৰক্ষা কৰি গামোচা গোটাব লাগে। স্মাৰ্টফোন আৰু ইণ্টাৰনেট নহ’লে এখোজো লৰচৰ
হ’ব নোৱৰা আজিৰ দৈনন্দিন জীৱনত “চাৰ্ছ-ইঞ্জিন” এটা অতিকে গুৰুত্বপূৰ্ণ আহিলা। চাৰ্ছ
ইঞ্জিনৰ সাপেক্ষে যদি সামগ্ৰীৰ চয়ন নহয় তেন্তে সেই অসুবিধাই আমাক সন্মুখলৈ আগবাঢ়ি যোৱাত
বাধা প্ৰদান কৰিবই কৰিব।
বৰগীত বুলিলেই যে আমি গদগদ হৈ দিওঁ, এই সভক্তিপূৰ্ণ চিৰিয়াছনেছটোৱেই
বৰগীতৰ ক্ষতি কৰিলে আটাইতকৈ বেছি। এফালে আজিৰ প্ৰজন্মই বৰগীত নুশুনে বুলি হামৰাও কাঢ়ি
আটাহ পাৰি পাৰি আনফালে বৰগীতক কেৱল পাঠ্যপুথিত সুমুৱাই থৈ কোষ্ঠকাঠিন্যত জৰ্জৰিত কিছুমান
শুষ্কং কাষ্ঠং সদৃশ সাহিত্যৰ শিক্ষকৰ হাতত ব্যাখ্যাৰ দায়িত্ব দি থ’লোঁ। ভাষাৰ ব্যৱহাৰৰ
চমৎকাৰিত্ব, কল্পনাৰ উন্মাদনা, পৰিস্থিতি আৰু পৰিৱেশৰ অনুপম বৰ্ননা, মানৱীয় অনুভূতি
আৰু সম্পৰ্কৰ পৰ্যবেক্ষণ এই সকলোবোৰ সঙুৰি বৰগীতৰ যি বিপুল ঐশ্বৰ্য সি যিকোনো এজন শ্ৰোতাকেই
অনুভৱী কৰি তোলাৰ সামৰ্থ্য ৰাখে। বৰগীত আচলতে পপুলাৰেই আছিল, যদি নহয়, পপুলাৰ হৈ উঠাৰ
সম্ভাৱনা ইয়াৰ নিজৰ মাজতেই আছিল। এটা সময়লৈকে সংস্কৃতি ৰসাতলে গৈছে বুলি বাৰে বাৰে
আওৰাই থকা এষাৰি প্ৰৱাদ-বাক্যইহে বৰগীতক সাধাৰণ মানুহৰ পৰা বিচ্ছিন্ন কৰি নিছিল। তাৰ
পিছত একাল আহিল, বৰগীতক জনপ্ৰিয়কৰণ কৰিবলৈ গৈ আন এটা পৰ্যায়ৰ বিপদ কিছুমান চপাই লোৱা
হ’ল।
আজিলৈকে যিমানবোৰ বৰগীতৰ এলবাম দেখিলোঁ তাৰে গোটেইবোৰ নহ’লেও
অন্তত: বেছিভাগেই সম্পূৰ্ণৰূপত বৰগীতৰ এলবাম নহয়। আপুনি যদি বৰগীতৰ একান্ত ৰসিক, সেইবোৰ
এলবাম একেৰাহে শুনি থাকিব নোৱাৰে, কাৰণ বৰগীত শুনি থাকোঁতে মাজতে হঠাৎ ঘোষা এফাকি বাজি
উঠিব, দশাৱতাৰৰ গীত এটাও বাজিব, নহ’লে টোকাৰী গীত এটা, বা হৰিনাম এটা। (এনেয়েও বাৰু
হৰিনাম, টোকাৰীগীত, দেহবিচাৰৰ গীত, কামৰূপীয়া লোকগীত, হুঁচৰি এইবোৰ সনাপিটিকা হৈ একাকাৰ
হোৱা বহুযুগেই হ’ল)! আচল অৰ্থত চকুতে পৰাতে বৰগীতৰ এলবাম এটাও নাই। বৰগীত আৰু ভক্তিমূলক
গীত বুলি বৰগীতকো ভক্তিমূলক গীত বুলিয়েই চিহ্নিত কৰাৰ যেন এটা দুৰ্বাৰ প্ৰয়াস চলি থাকিল।
অন্তত: যোৱা তিনিটা দশকত এয়াকে দেখিলোঁ। এটা বিশুদ্ধ বৰগীতৰ এলবাম সজাই উলিওৱাত বাধা
ক’ত বুলি ভাবি দুটামান অনুসিদ্ধান্ত পালোঁ। বৰগীতৰ গায়কে হয়তো সভক্তিৰে পৰম নিষ্ঠাৰেই
গাইছে, প্ৰযোজকেও দায়িত্ব বুজিয়েই উলিয়াইছে, কিন্তু তেওঁলোকৰ আছে শ্ৰোতা জনতাৰ প্ৰতি
চৰম অনাস্থা। নেৰেটিভটো এনে যে, বৰগীত যিহেতু পপুলাৰ বস্তু এটা নহয়, বৰগীত যিহেতু নতুন
প্ৰজন্মই নুশুনে, মাজতে নেগেৰা নাম টাইপৰ কিবা এটা বা দশাৱতাৰ এটা সুমুৱাই দিলে আন
নহ’লেও সেইটোৰ কাৰণেই এলবামটো ‘পাব্লিকে খাব’। এই পাব্লিকে খোৱা কথাটো বৰ জৰুৰী। গতিকে
সেই বিচাৰেৰে সেইবোৰ একো একোটা আইটেম চং। তাৰমানে অকল হিন্দী চিনেমাতহে আইটেম চং থকা
বুলি ভাবি থকাটো ভুল, বৰগীতৰ এলবামতো আইটেম চং থাকে। এই আইডিয়াটোৰে কিছু কাম সিজিল।
বৰগীতৰ এলবামৰ মাজৰ ঘোষাপাঠখিনি উলিয়াই নি মানুহে মৃতকৰ সকামত লগালে। দশাৱতাৰ অংশখিনি
উলিয়াই নি কোনোবাই নিজৰ জীয়েক-পুতেকক নচুৱাই বাহ-বাহ গোটালে। এই সময়ৰ অসমীয়া সংগীতৰ
জনপ্ৰিয়কৰণৰ প্ৰসংগত অৱশ্যেই উল্লেখনীয় নাম জুবিন গাৰ্গৰো এটা বৰগীতৰ জ্যুকবক্স আছে।
বৰগীত বুলি লিখি থোৱা গানবোৰ ইউটিউবত পাব। তাৰে এটা প্ৰাৰ্থনা। এটা দশাৱতাৰ গান। আৰু
এটা “শংকৰদেৱ গ’লাগৈ অ’” বুলি চিঞৰ এটা মাৰি আৰম্ভ হোৱা কিবা গান এটা। সেইটো কি গান
নাজানো, কাৰণ সেই চিঞৰটো শুনাৰ পিছত পিছৰখিনি আৰু কোনোদিনেই শুনিবলৈ ধৈৰ্য হোৱা নাই।
বিভিন্ন পৰ্যায়ত বিভিন্ন ধাৰাৰ গান গাই যথেষ্ঠ সাফল্য আৰু জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত
অৱশেষত অংগৰাগ মহন্ত পাপনেও বৰগীতৰ কৰণি এটা আগবঢ়ালে। খুব আগ্ৰহেৰে বাট চাই দেখিলোঁ,
তাতো লগতে সাঙুৰি দিয়া আছে ঘোষা।
সময়ে সময়ে কিছুমান নেৰেটিভ সলনি কৰিবলগীয়াত পৰে। এটা সময়লৈকে
অ’ডিয়েন্স এক্সপেক্টেচন বা ৰাইজে কি বিচাৰিছে সেইটো কথাই কেনেকৈ কালচাৰেল প্ৰডাকচনক
নিয়ন্ত্ৰিত কৰে সেইখিনি কথা পাতিছোঁ। কিন্তু এটা পৰ্যায়ৰ পিছত বুজা যায় দৰ্শকৰ অভিৰুচি
বোলা এই কথাষাৰ আচলতে Hoax; এয়া যে এটা বিশেষ শ্ৰেণীৰ ক্ষমতাৱন্ত ব্যৱসায়ীৰ দ্বাৰা
প্ৰচলিত বিভ্ৰান্তিকৰ মিথ্যাচাৰ সেয়া অন্যস্থানত আমি বহলাই পাতিম। কোনে কৈছে বৰ্তমানৰ
প্ৰজন্মই বৰগীত শুনিবলৈ নিবিচাৰে বা বেয়া পায় বুলি?
বৰগীতক যিমান দূৰ পাৰি বৰগীত হৈয়েই থাকিবলৈ দিলে ভাল। তাক আকৌ
ভক্তিমূলক গীত বুলি অন্য ব্যাখ্যাৰ প্ৰয়োজন নাই। এনেবোৰ কাৰণতেই গুৰু দুজনাৰ সৃষ্টিৰাজিক
আধ্যাত্মিকতা আৰু ধৰ্মীয় দৃষ্টিকোণেৰে চোৱাৰ পৰিপন্থী কিছুমান প্ৰস্তাৱ দেখিবলৈ পাওঁ,
যিবোৰত বিতৰ্কৰ অৱকাশ থাকিলেও অন্তত: সেই সৃষ্টিৰাজিৰ নিজস্বতা বাহাল ৰখাৰ স্বাৰ্থতেই
সেইবোৰৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ বাধ্য হওঁ। বৰগীত এটা শুনা আৰু গায়ত্ৰী মন্ত্ৰ শুনাৰ
মাজত পাৰ্থক্য আছে আৰু থকাটো উচিত। অজামিল হ’ম বুলি পাপ খণ্ডন কৰিবলৈকে বৰগীত শুনিবলৈ
উছাহ যোগোৱা ৰাইজে নতুন প্ৰজন্মই বৰগীত ভাল পায় নে নাপায় সেই বিষয়ত মন্তব্য কৰিলে নুশুৱাব
যদিহে বৰগীতৰ সুৰ, লয়, ভাব, ভাষা আৰু পৰিৱেশন শৈলীৰ একক আৰু অদ্বিতীয় বৈশিষ্ট্যৰ কথাখিনি
উলাই কৰি চলে। এতিয়া আপুনি ইউটিউবত বৰগীত এটা বিচাৰি চাওকচোন, “অ’ হৰি হে, প্ৰথমে প্ৰণামো
ব্ৰহ্ম”-টোকো বৰগীত বুলি উল্লেখ কৰা আপলোড এটাও পাব, “হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে”টোকো
বৰগীত বোলা আপলোড এটাও পাব। ৰ’ব, “নিউ বৰগীত” বুলিও আপডেট একোটা পাব। তাকে দেখি আপুনিও
দুই এটা নতুন বৰগীত ৰচিবলৈ কলম খুলি নল’লেই ৰক্ষা। মানে বৰগীত বুলিলেই যে আমি হঠাৎ
গদগদ হৈ দিওঁ, এইবোৰ ভূৱা। বৰগীতক লৈ আমি চিৰিয়াছ কোনোকালেই নাছিলোঁ।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
mobile: +91 9811375594
No comments:
Post a Comment