ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, October 9, 2016

প্ৰকাশিত অপ্ৰকাশিত লেখাৰ তালিকা ১

বেছিভাগেই হেৰাল। কিছুমান খনন কাৰ্যত উদ্ধাৰ হৈছে - সমুদ্ৰ কাজল শইকীয়াৰ দুই দশকৰ গদ্য সম্ভাৰ :
(সুত্ৰধাৰ, সাতসৰী, সম্ভাৰ, সাদিন, অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক জনসাধাৰণ, গণ অধিকাৰ আৰু কিবাকিবি লিটিল মেগাজিনত সিচৰিত) *Disclaimer: ৮০ শতাংশই অখাদ্য।
  1. ৰ'দ পাই ৰঙা হ'ল- কেশৱ মহন্তৰ গীত আৰু কবিতা (১৯৯৫)
  2. আশাপূৰ্ণা দেবীৰ "প্ৰথম প্ৰতিশ্ৰুতি" (১৯৯৫)
  3. এবছাৰ্ড: কেম্যু: অচিন মানুহ (১৯৯৫)
  4. নিৰ্জন দ্বীপৰ আত্মাহীন পশু (সূত্ৰধাৰ, ১-১৫ জুলাই, ১৯৯৬)
  5. সাদৃশ্যৰ ৰজ্জুত হেমলেট আৰু কাৰণাড, ভাগীৰথীৰ তুগলক (অসমীয়া প্ৰতিদিন, ২৭ জুলাই ১৯৯৭)
  6. 'অচিন মানুহ', জীৱনৰ অৰ্থহীনতাৰ ধাৰণা (পূৱালী- ১৬-৩১ ডিচেম্বৰ ১৯৯৭)
  7. গান শুনাৰ মধুৰ সময় (আমাৰ অসম, ৩১ মে' ১৯৯৮)
  8. শব্দ আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ৮ ছেপ্তেম্বৰ ২০০২)
  9. চকুৰ ভাষা, শব্দ আৰু সাহিত্যৰ বিৰুদ্ধে এক বিক্ষিপ্ত আলোচনা (সম্ভাৰ, ১৫ ছেপ্তেম্বৰ ২০০২)
  10. ৰবীন্দ্ৰ ভৱনত সূৰ্যৰ ভয় (সম্ভাৰ- ১০ নৱেম্বৰ ২০০২)
  11. অসমীয়াৰ চেতনাত কিমান দূৰলৈকে শিপাব পাৰিছে জ্যোতিপ্ৰসাদ (সম্ভাৰ-২৩ জুন ২০০২)
  12. মেফিষ্টো (সম্ভাৰ, ৮ ডিচেম্বৰ ২০০২)
  13. তামোলৰ ঢকুৱা জোনাকী পৰুৱা (সাদিন, ২৩ আৰু ৩০ মে' ২০০৩)
  14. মীৰা আৰু আমি, তাৰ পিছত পৰ্ণব মুখাৰ্জী আৰু আমি (সম্ভাৰ- ৯ মাৰ্চ ২০০৩)
  15. পেখু পেখু - এখন বাটৰ নাটৰ কথাৰে (ইত্যাদি, দৈনিক জনসাধাৰণ, ১ জুন ২০০৩)
  16. আমাৰ গামোচাখনেও লোককলাতাত্বিক অধ্যয়ণ বিচাৰে (সম্ভাৰ-২১ মাৰ্চ ২০০৩)
  17. অসমীয়া গীত মাতেৰে, অসমৰ লোকজীৱনৰ পটভূমিত বঙালী নাটকৰ ত্ৰিল'জী (সম্ভাৰ-৬ এপ্ৰিল ২০০৩)
  18. অভিযোজনা ব্যাখ্যা আৰু কলকাতাৰ সম্প্ৰদায়িকতা বিৰোধী সাংস্কৃতিক আন্দোলন (সম্ভাৰ-১৮ মে' ২০০৩)
  19. জ্যোতিপ্ৰসাদ মাহপ্ৰসাদ (সম্ভাৰ-২২ জুন ২০০৩)
  20. প্ৰসংগ: চিত্ৰপট (সম্ভাৰ- ১৩ জুলাই ২০০৩)
  21. অসমত লোককলা অধ্যয়ণ (সম্ভাৰ-১৪ ছেপ্তেম্বৰ ২০০৩)
  22. শিল্পকলাৰ ৰসাস্বাদন (আমাৰ অসম, শাৰদ সমগ্ৰ, ২০০৩)
  23. আমি আৰ্ট বুজি নাপাওঁ কিয় (দৈনিক জনসধাৰণ, শৰৎ সাহিত্য, ২০০৩)
  24. ইনষ্টলেশ্যন আৰু কাৰেঙৰ লিগিৰী (ইত্যাদি, দৈনিক জনসাধাৰণ, ২৬ অক্টোবৰ ২০০৩)
  25. সাহিত্যৰ পৰিৱৰ্তে নাটক শিল্প হওক (সম্ভাৰ- অক্টোবৰ ২০০৩)
  26. পেখু পেখু (ইত্যদি, দৈনিক জনসাধাৰণ, ২৩ নৱেম্বৰ, ২০০৩)
  27. পৰ্ণব মুখাৰ্জীৰ অভিনৱ নাট্য প্ৰযোজনা (সম্ভাৰ- ২২ ফেব্ৰুৱাৰী ২০০৪)
  28. আঁচুফুল (সম্ভাৰ-২৮ মাৰ্চ ২০০৪)
  29. ভিক্তোৰিয়া সংগ্ৰহশালাত সাম্প্ৰতিক চীনদেশৰ তৈলচিত্ৰ প্ৰদৰ্শনী (সম্ভাৰ-৩০ মে' ২০০৪)
  30. নতুন দিল্লীৰ ললিত কলা একাডেমীৰ ৰবীন্দ্ৰ ভৱনত পাঁচখন শিল্প প্ৰদৰ্শনী (সম্ভাৰ-২ মে' ২০০৪)
  31. কল্যাণী নাট্যচৰ্চ কেন্দ্ৰৰ "খোৱাবনামা" (সম্ভাৰ- ?)
  32. ৰবীন্দ্ৰভৱনত কথাৰ "মমৰ ঘৰ" (সম্ভাৰ- ?)
  33. যাত্ৰাপথৰ অভিজ্ঞতা (সম্ভাৰ- ১২ জুন ২০০৫)
  34. থিয়েটাৰৰ অধিকাৰ- এদিন এটি সম্বৰ্ধনা আয়োজনত ফেদেৰিকো গাৰ্থিয়া লৰকাই কোৱা কথাবোৰ (সম্ভাৰ, ১০ জুলাই ২০০৫)
  35. তোমাৰ নাম (সম্ভাৰ- ৯ অক্টোবৰ, ২০০৫)
  36. কবিতাই যেতিয়া নাটকৰ ৰূপ লয় (সম্ভাৰ- ২৫ চেপ্তেম্বৰ ২০০৫)
  37. পুতলাৰ কথা (অসমীয়া প্ৰতিদিন, শৰৎ সম্ভাৰ, ২০০৫)
  38. বিনোদবিহাৰী মুখোপাধ্যায়ৰ জীৱন-জিজ্ঞাসা- 'মই আজি পোহৰৰ জগতত অন্ধকাৰৰ প্ৰতিনিধি' (অসমীয়া প্ৰতিদিন, ২০০৫)
  39. বিহপুৰীয়াত ৰাধা নৈ পানী (সম্ভাৰ, ২০০৫)
  40. দূৰণিৰ কোনোবাখিনিত - ৰবীন্দ্ৰনাথৰ এখন নিসৰ্গ চিত্ৰ (সাতসৰী, ১-১৫ ডিচেম্বৰ, ২০০৬, পৃ-৩)
  41. প্রাচীণ ভাৰতীয় গুহাবোৰত থকা কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূর্তি (২০০৬, অপ্ৰকাশিত)
  42. কাক ক'ম কোনে পতিয়াব - দুলাল ৰয়ৰ আয়োনেস্কো (সম্ভাৰ, ২৭ আগষ্ট, ২০০৬)
  43. সহজ কথাৰে বাস্তৱতাৰ সংজ্ঞা নিৰূপণৰ চেষ্টা (সাতসৰী, ১-১৫ জানুৱাৰী, ২০০৬)
  44. বিষয় - বাস্তৱতা (সাতসৰী, ১৬-৩০ জুন, ২০০৬)
  45. ডন কিখোটেৰ চাৰিশ বছৰীয়া জয়ন্তীঃ অন্য এজন কিখোটে অ'নৰে ডমিয়েৰ (সাতসৰী, দ্বিতীয় বছৰ পঞ্চম সঙ্খ্যা, ১-১৫ অক্টোবৰ ২০০৬, পৃ। ৩২)
  46. আমাৰ জাহ্নু বৰুৱা (অসমীয়া প্ৰতিদিন, ২৪ আগষ্ট, ২০০৮)
  47. লুইতৰে পানী যাবি অ বৈ (অসমীয়া প্ৰতিদিন, ৭ চেপ্তেম্বৰ, ২০০৮)
  48. ঘুনুচাই নাচিব লাগিলে মেঘে ওন্দোলাই আনিব (অসমীয়া প্ৰতিদিন, ২৭ জুলাই, ২০০৮)
  49. নির্বাসিত অভিনেতা, নির্বাসিত দর্শক (অসমীয়া প্ৰতিদিন, ১৩, ২০, ২৭ চেপ্তেম্বৰ, ২০০৯)
  50. প্রাত্যহিকতাৰ কল্পৰূপ - অসমীয়া একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা (বীণাপাণি নাট্য সমাজৰ স্মৰণিকা, চেপ্তেম্বৰ, ২০০৯, সাতসৰী, ২০০৯)
  51. বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (প্রথম খণ্ড) (গণ অধিকাৰ, ২৭ মাৰ্চ ২০১১)
  52. বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল) (দ্বিতীয় খণ্ড) (গণ অধিকাৰ, এপ্ৰিল, ২০১১)
  53. সলিল সমাধিস্থ উপত্যকাৰ গান ১ (গণ অধিকাৰ, ২০১১)
  54. সলিল সমাধিস্থ উপত্যকাৰ গান ২ (গণ অধিকাৰ, ২০১১)
  55. কাণখোৱাৰ ঘৰৰ ইতিবৃত্ত (সাদিন, ২১ অক্টোবৰ ২০১১)
  56. এবাৰ কৰি দলিয়াই পেলাব পৰা থিয়েটাৰঃ ডিচপোজেবল থিয়েটাৰ (সাদিন, ৪ নবেম্বৰ, ২০১১)
  57. আধুনিকতাবাদৰ আইক'ন'গ্রাফাৰ (সাহিত্য ডট অৰ্গ, সম্পাদকীয়, ডিচেম্বৰ ২০১১)
  58. সদৌ অসম সূর্য বৰা সোঁৱৰণী একাঙ্ক নাট প্রতিযোগিতাৰ পঞ্চদশ বর্ষপূর্তিৰ মুহূর্তত সম্ভাৱনা, প্রতিশ্রুতি আৰু প্রত্যাশা – অলপমান ভৱিষ্যতমূখী চিন্তা (আৰিয়া, ২০১১)
  59. ষড়দ্রষ্টা - বিভিন্ন স্থান-কালৰ পৰিপ্রেক্ষিতত- ছয় প্রকাৰৰ দ্রষ্টা বা দর্শকৰ সংজ্ঞা নিৰূপণৰ প্রয়াস (২০১১, কলসমন্বয় ২০১৪)  
  60. পাব্লিক আর্ট কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (প্রথম খণ্ড) (সাদিন, ৪ নৱেম্বৰ ২০১১)
  61. অসমৰ সমস্যা কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড) (সাদিন, ৬ জানুৱাৰী ২০১২)
  62. নীলপৱন (চাতক,২০১৩)
  63. ছন্দ মর্ম আৰু চনেটৰ দেহবিচাৰ (সহিত্য ডট অৰ্গ, ২০১৩)
  64. অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম (সহিত্য ডট অৰ্গ, ২০১৩)
  65. নাটকৰ কথা, শিশুনাট আৰু আমাৰ অনুভৱ... ইত্যাদি (নৱেম্বৰ ২০১৩)
  66. কৃতি আৰু প্ৰত্যাশা - এমুঠি নতুন কবিৰ কবিতা (আখৰুৱা, অক্টোবৰ, ২০১৩)
  67. পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে শিল্প-কণ্ঠ- দিল্লীত সাংস্কৃতিক প্ৰতিবাদ (সাদিন, ১৫ আগষ্ট ২০১৪)
  68. বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা) (চেপ্তেম্বৰ ২০১৪, সহিত্য ডট অৰ্গ)
  69. যি শিল্পত "হাতেৰে নুচুব" বুলি লেখা নাথাকে... কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত (চাতক, ২২ নবেম্বৰ ২০১৫)
  70. কা মেইখাৰ ঘৰ আৰু ঘৰৰ দাৰ্শনিক মৰ্ম (সাতসৰী, ডিচেম্বৰ ২০১৪)
  71. ধাৰলৈ অনা অলপ হালধীয়া:The Rabha Pluarility (জানুৱাৰী ২০১৬, ব্লগ)
  72. কবিৰ ব'ৰ্ডাৰলাইন পাৰ্ছনেলিটি ডিজৰ্ডাৰ আৰু আধুনিকতাবাদৰ পুহকৰ (জুলাই ২০১৬, ব্লগ)
  73. সুজাতা- ৰামকিংকৰ বেইজৰ সুজাতা (মুক্তচিন্তা, আগষ্ট ২০১৬)
  74. ফৰ্ম আৰু কণ্টেন্ট (পাঠ - ১) (চেপ্তেম্বৰ, ২০১৬, ব্লগ)
 

Sunday, October 2, 2016

প্রাচীণ ভাৰতীয় গুহাবোৰত থকা কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূর্তি


বিভিন্ন চিত্রশিল্পৰ পৰম্পৰাত ৰাৱণৰ বভিন্ন ৰূপ দেখিবলৈ পাওঁ। সেইবোৰৰ কোনোটোৱেই ইটোৰ লগত সিটো নিমিলে। কিন্তু এটা কথা স্পষ্ট যে যেতিয়াই কোনোবা শিল্পী এজনে ৰাৱণক উপস্থাপণ কৰিবলৈ বিচাৰিছে নিজৰ কল্পনাৰ অবাধ স্বাধীনতা যেন গ্রহণ কৰিছে। ৰাৱণ বিভিন্ন পৰম্পৰাত এক বিশেষ মর্যাদা সহকাৰে উপস্থিত হৈছে। দৰাচলতে প্রভূ শ্রীৰামচন্দ্রতকৈয়ো এক গুৰুত্বপূর্ণ ৰূপতহে যেন আবির্ভাৱ হৈছেহি। ৰাৱণৰ এটা নির্দিষ্ট আইকনগ্রাফিক ৰূপ দেখিবলৈ পোৱাটো অসম্ভৱ। তাৰোপৰি এটা শৰীৰৰ ওপৰত দহোটা মূৰক সংস্থান কৰাৰ লেখীয়া সমস্যাটোৰো এটা গুৰুত্ব আছে নিশ্চয়। আমাৰ ৰাৱণ কথাৰ দশম স্কন্ধত এটা চৰিত্রই কয়ঃ
ৰাৱণৰ দহটা মূৰ একেলগে বহোৱাটো বৰ টান। ভাৰসাম্য কোনোমতেই নৰয়।এপিনে চাৰিটা, মাজত এটা, আনফালে পাঁচটা নাই নহল, ঠিক নহল।
মাজতে এটা ডাঙৰকৈ, তাৰ চাৰিওফালে সৰু সৰুকৈ নটা, অথবাদুয়োফালে চাৰিটা চাৰিটা কৰি আঠটা, তলে উপৰে একোটাকৈ মুঠ হলগৈ দহটা
না না নহল নহল ওহোঁ 
Ravana Shaking Kailasa, Kailashnath, Cave No. 16, Ellora


প্রাচীণ ভাৰতবর্ষৰ শিলত খোদাই কৰা গুহাবোৰত বিদ্যমান ভাষ্কর্য শিল্পৰ পৰম্পৰাবোৰত ৰাৱণে শিৱৰ কৈলাশ পর্বত কঁপাই তোলাৰ কাহিনীটোৱে এটা বিশেষ গুৰুত্ব পাই আহিছে। সম্ভৱতঃ এই উপকাহিনীৰ দৃশ্যায়ণৰ মাজত থকা নাটকীয়তাই তাৰ প্রধান কাৰণ। ৰাৱণে এবাৰ শিৱৰ মনযোগ আকর্ষণ কৰিবলৈ শিৱৰ কৈলাশ পর্বতটোকে কঁপাই তুলিছিল। ৰাৱণৰ পৰাক্রমৰ অন্ত নাই। অন্যহাতে শিৱৰো মহিমাৰ অন্ত নাই, কেৱল ভৰিৰ বুঢ়া আঙুলিটোৰে হেঁচুকি ধৰিয়েই যেন কৈলাশ খনক শান্ত কৰিলে।

যদিওবা ৰাৱণ ৰামায়ণখনৰে এটা মূখ্যতম চৰিত্র, আৰু আমি ইয়াক এটা বৈষ্ণৱ পাঠ হিচাপেই মানি আহিছোঁ, অগণিত শৈৱ মন্দিৰত ৰাৱণৰ ৰূপায়ণ আমি দেখিবলৈ পাইছোঁ। এই ৰাৱণ মূলতে পৌৰাণিক ৰাৱণ, ৰাৱণ অনুগ্রহ মূর্তি বুলি ইয়াৰ স্বকীয় স্থিতি আছে। উদাহৰণ স্বৰূপে ইলোৰাৰ কৈলাশনাথ মন্দিৰৰ ভিতৰতে (গুহা নম্বৰ ১৬) মুঠতে চাৰিবাৰ ৰাৱণক আমি দেখিবলৈ পাইছোঁ। লঙ্কেশ্বৰ গুহাৰ বেধৰ উত্তৰ ফালে, মূল মণ্ডপত, পিছফালৰ সোঁফালৰ বেৰখনত আৰু মূল মন্দিৰতো আমি ৰাৱণৰ সৈতে বাৰে বাৰে মুখামুখি হৈছোঁ। এইলানি মূর্তি ৰাষ্ট্রকূট সাম্রাজ্যৰ ৰজাসকলে ৭৫০-ৰ পৰা ৭৭৫ চনৰ ভিতৰত খোদাই কৰাইছিল বুলি ধাৰণা কৰা হয়।
 
Ravana Shaking Kailasa, A different one in Kailashnath, Cave No. 16, Ellora
ৰাৱণে কৈলাশ পর্বত কঁপাই তোলাই এই জনপ্রিয় কাহিনীটোৰ এটা পৰিক্রমা যদি অনুধাৱণ কৰিবলৈ হয় তেনেহলে কব লাগিব ই সম্ভৱতঃ যোগেশ্বৰীৰ পৰা খাৰোচালৈ, তাৰ পৰা এলিফেন্টালৈ আৰু তেনেকৈয়ে ইলোৰালৈ গৈছিল। [Shubhra Joshi, Iconographic Changes in “Ravana Shaking Kailasha” in Caves of Jogeshwari, Kharosa, Elephanta & Ellora,  (read in the UGC/DSA Departmental seminar on “Medieval Concepts and Aspects” in the Department of Art History and Aesthetics, MS University of Baroda, 24-25-26 January, 2000)]

Ravana Shaking Kailasa, Cave No. 29, Ellora
ৰাৱণে কৈলাশ গিৰি কঁপাই তোলাৰ চিত্রকল্প নির্মাণত সততে দেখিবলৈ পোৱা মূল চৰিত্রবোৰ হলঃ প্রভূ শিৱ আৰু পার্বতি, গণ চৰিত্রবোৰ, দাহোটা মূৰ আৰু কুৰিটা বাহুৰে স্বয়ং ৰাৱণ, ছত্রধাৰী, পৰিচাৰিকাবোৰ, কেইজনমান অন্যান্য দেৱতা আৰু তাৰ লগতে কেতিয়াবা কেইজনমান সঙ্গীত শিল্পী। স্থান বিশেষে আৰু সময় বিশেষে এই একেটা কাহিনীৰে ভাষ্কর্য সুলভ উপস্থাপনৰ ধৰণ কৰণৰ ভিন্নতা আমি দেখিবলৈ পাওঁ।

মূলগত ভাবে ফর্ম আৰু শাৰীৰিক অবয়ৱবোৰৰ ভিন্নতা আছে। যেনে কেতিয়াবা ৰাৱণৰ শৰীৰটো গুৰুত্বপূর্ণ হৈ উঠে আৰু কেতিয়াবা মহাদেৱ শিৱ। তেওঁলকৰ কর্মৰাজি আৰু গতিবিধি তথা সামগ্রিক সংৰচনা (composition)-ৰ বেলিকাও ভিন্নতা দেখিবলৈ পাওঁ। যোগেশ্বৰীত আমি কেৱল কিছুমান ৰৈখিক বিন্যাস হে দেখিবলৈ পাওঁ। ৰাৱণ আৰু গণ চৰিত্রবোৰৰ উপস্থিতি স্পষ্ট যদিও শিৱ আৰু পার্বতিক স্পষ্ট ভাবে দেখিবলৈ পোৱা নাযায়। খাৰোচাৰ মহেশ নামৰ গুহাটোত একেটা থিমৰে এটা অনুচ্চ ৰিলিফ দেখিবলৈ পাওঁ। পর্বতৰ কাৰণে এটা বক্রৰেখা পাওঁ যাৰে ইয়াৰ উচ্চতাৰ কিঞ্চিত আভাস পাব পাৰি। অন্যান্য গুহাবোৰত ৰাৱণক পিঠিৰ ফালৰ পৰা দেখা যায়, কিন্তু ইয়াত দেখা যায় সন্মুখৰ ফালৰ পৰা আৰু ৰাৱণে তৰোৱাল এখনো ধাৰণ কৰি আছে। ৰাৱণৰ পোছাক পৰিচ্ছেদত সামাণ্য বাস্তবিকতাৰ আভাস আছে। এলিফেন্টাৰ ৰাৱণে কৈলাশ পর্বত কঁপোৱাৰ চিত্রটোত পার্বতি আছে শিৱৰ সোঁফালে, যিটো এটা অগতানুগতিক দৃশ্য। (এলিফেন্টাৰ প্রথম গুহা, উত্তৰ দেৱাল, আনুমাণিক মধ্য ষষ্ঠ শতিকা, ৫২৫-ৰ পৰা ৫৭৫-ৰ ভিতৰত কালাচুৰি ৰজাসকলৰ দ্বাৰা কৃত)। পার্বতিৰ শৰীৰটো ভাঙিছে কিন্তু মূল দেহাটো বুজিব পাৰি। আগৰ উদাহৰণ দুটাৰ তুলনাত এইখিনিত ভাষ্কর্য নির্মাণৰ কুশলতা দেখিবলৈ পোৱা যায়, কিন্তু গতি বা মুভমেন্ট সীমিত। পর্বতিত অর্থাৎ বেকগ্রাউণ্ডত যথেষ্ঠখিনি কাম কৰা হৈছে যদিও মূখ্য চৰিত্রবোৰো যেন বেকগ্রাউণ্ডৰ লগতে আৱদ্ধ হৈ ৰৈছে।
Ravana Shaking Kailasa, Virupakkhya Pattadakal

ইলোৰাতেই আমি ৰাৱণে কৈলাশ পর্বত কঁপাই তোলাৰ বিষয়বস্তুটোক কেন্দ্র কৰি কৰা শিল্পকর্মৰ শ্রেষ্ঠ নিদর্শনবোৰ দেখিবলৈ পাওঁ। তাৰ মাজত ১৬ নম্বৰ গুহা অর্থাৎ কৈলাশনাথ মন্দিৰৰ ভাষ্কর্যটোৱেই আটাইতকৈ বান্ময় আৰু ধ্বনিময়। এই বিষয়বস্তুৰ ভাষ্কর্যৰূপ আমি ইলোৰাত দেখাপাওঁ ৰাৱণ কি খাই (অথবা ১৪ নম্বৰ গুহা), দশাৱতাৰ (১৫ নম্বৰ গুহা), কৈলাশনাথ (অথবা ১৬ নম্বৰ গুহা) আৰু ধুমাৰলেনা (অর্থাৎ ২৯ নম্বৰ গুহা)-ত।

Ravana Shaking Kailasa, Elephanta
দশাৱতাৰত এটা অনুচ্চ ৰিলিফ পাটিত (low relief panel) আমি দেখোঁ শিৱই তলৰ ফালে চাই আছে, যেন কোনেনো তেওঁক অসুবিধা দি আছে তালৈ বিৰাট আগ্রহ। ইয়াত শিৱ আৰু পার্বতিৰ আকাৰ ৰাৱণৰ তুলনাত অপ্রত্যাশিতভাবে ডাঙৰ। ৰাৱণ কি খাই গুহাটোৰ অনুচ্চ পাটিটোৰ সংৰচনা ঘূৰণীয়া। (interior, pillared hall, proper left side wall, 2nd niche from left, Date: ca. early seventh century, 600 CE - 650 CE). দৃশ্যগত ভাৰসাম্য আৰু গতিময়তা দুয়োটা ক্ষেত্রতে ই দুর্বল কিন্তু ৰাৱণৰ হাতবোৰৰ বিন্যাসবোৰত এটা মজা আছে। এটা হাতেৰে মাটিত ভৰসা ৰাখি আছে আৰু অন্য হাত এটা এনেকৈ আৰামেৰে নিজৰ আঁঠুৰ ভাঁজত থৈ দিয়া আছে যেন পর্বত এটা দাঙি ধৰাটো তেওঁৰ কাৰণে কোনো কথাৰ লগৰ কথাই নহয়। বাকী থকা হাতবোৰৰ বিন্যাসে এটা ঘূৰণীয়া ডিজাইন ৰচনা কৰিছে। পার্বতিয়ে শিৱলৈ চাই আছে, শিৱই এহাতেৰে পার্বতিক ধৰি আছে, তেওঁলোক দুয়োজনেই বেচ সুখ সন্তোষেৰে আছে। পৰিচাৰিকাবোৰো যথেষ্ঠ স্বাভাবিক ভাবেই আছে যেন তেওঁলোক নিশ্চিন্ত যিহেতু স্বয়ং মহাদেৱ শিৱ তেওঁলোকৰ লগত আছে। ১৪ আৰু ১৫ নম্বৰ গুহাৰ তুলনাত ধুমাৰলেনা গুহাটোৰ ভাষ্কর্য শিল্প গুণ উন্নত, কিন্তু ইয়াতো মুভমেন্ট সীমিত। (west entrance, veranda, right end, Kalacuri, Date: ca. sixth century CE, 501 CE - 600 CE). কৈলাশনাথ বা ১৬ নম্বৰ গুহাৰ বিখ্যাত ভাষ্কর্যটোত আমি দেখিবলৈ পাওঁ উচ্চতম ভাষ্কর্যগুণ, মেটেৰিয়েল আন্দাৰষ্টেন্ডিং আৰু স্থানৰ উপযুক্ত ব্যৱহাৰ। 
Ravana Shaking Kailasa, Dhumarlena, Ellora

যোগেশ্বৰী, খাৰোচা আৰু ইলোৰাৰ বাজেও বিভিন্ন ঠাইত আমি ৰাৱণে কৈলাশ পর্বত তুলি ধৰাৰ চিত্রটো দেখিবলৈ পাই আহিছোঁ। সেইবোৰৰ মাজত এটা অন্যতন হল পট্টডকলৰ বিৰূপাক্ষ মন্দিৰৰ ৰাৱণৰ মূর্তি, যত ৰাৱণৰ বিৰাট আকাৰৰ তুলনাত শিৱ পার্বতি আৰু তেওঁলোকৰ পৰিচাৰিকাবোৰৰ উপস্থিতি তেনেই নগণ্য। 
(অসম্পূৰ্ণ)  
Ravana Shaking Kailasa, Banteay Srei in Siem Reap, Cambodia

Ravana Shaking Kailasa, Cave No. 21, Ellora

Ravana Shaking Kailasa, Chennakeshava Temple Belur


Ravana Shaking Kailasa, Elephanta


Ravana Shaking Kailasa, Annamalaiyar Temple_ Thiruvannamalai


Monday, September 12, 2016

ফৰ্ম আৰু কণ্টেন্ট (পাঠ - ১)

অলপতে ফেচবুকত দেখা পোৱা দুজন ব্যক্তিৰ ভিন্ন বিষয়ক পৰস্পৰ সম্পৰ্ক নথকা দুটা আপডেটেৰে কথা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমটো সৌমিত্ৰ যোগীৰ। আপডেটটো হুবহু তুলি দিয়া হ'ল _

“ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম হ'ল কালিদাস। কালিদাসৰ কাব্যপ্ৰতিভাত ঈৰ্ষান্বিত বাকী কবিসকলৰ পৰা তেওঁ সদায়ে একাষৰীয়া হৈ থাকিবলগা হৈছিল। পৰিস্থিতি এনেকুৱা আছিল যে ৰাজসভাত কালিদাস নোহোৱা সময়ত বাকী কবিসকলে ৰজাক বিভিন্ন কথা লগায়। বহুতে আনকি এনেকৈও ক'ব খোজে যে কালিদাসৰ আচলতে প্ৰতিভা বুলি একো বস্তুৱেই নাই। তেওঁ ওপৰতে এনেই চলি আছে। এনেকুৱা কথা শুনি শুনি ৰজা বিক্ৰমাদিত্য এসময়ত বৰ বিৰক্ত হ'ল। কাৰ কিমান প্ৰতিভা আছে পৰীক্ষা কৰি চাবলৈ ৰজাই আটাইকে এখন নদীৰ পাৰলৈ লৈ গ'ল। নদীৰ পাৰত এটুকুৰা কাঠ পৰি আছিল। ৰজাই কাঠটুকুৰালৈ চাই ক'লে - হে কবিসকল, আপোনালোকে আপোনালোকৰ কাব্যপ্ৰতিভাৰে এই দৃশ্যটো বৰ্ণনা কৰকচোন। কালিদাসক বাদ দি আটাইকেইজন কবিয়ে বেলেগে বেলেগে উচ্চাৰণ কৰিলে - শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে।। ইয়াৰ অৰ্থ হ'ল - শুকান কাঠডাল সন্মুখত পৰি আছে। এটা তেনেই সাধাৰণ বাক্য। কিন্তু কালিদাসে তেনেকৈ বৰ্ণনা নকৰিলে। তেওঁ ক'লে - নীৰস তৰুবৰ পূৰতঃ ভাতি।।

এই বাক্যটোৰো অৰ্থ একেটাই। কিন্তু কালিদাসে “শুষ্কং” অৰ্থাৎ শুকান শব্দটোৰ পৰিৱৰ্তে “নীৰস”, “কাষ্ঠং” অৰ্থাৎ কাঠৰ পৰিৱৰ্তে তৰুবৰ, “তিষ্ঠতি” অৰ্থাৎ সন্মুখত বুজাবলৈ “পূৰতঃ” আৰু “অগ্ৰে” অৰ্থাৎ পৰি আছে বুলি নকৈ প্ৰকাশ তথা পৰিস্ফুট হৈ আছে অৰ্থত ভাতি ব্যৱহাৰ কৰিছে। সংস্কৃত বুজি নোপোৱা মানুহেও নিজেই তুলনা কৰি চাব পাৰিব কোনটো বাক্যত সাংঘাতিক ভাবঘন শ্ৰুতিমাধুৰ্য আছে। কালিদাসৰ বাক্যটোত থকা ভাষাৰ মাধুৰ্য আৰু সৌন্দৰ্যবোধ আগৰ বাক্যটোৰ সৈতে তুলনাই নহয়। ৰজাই পুনৰবাৰ কালিদাসৰ কাব্যপ্ৰতিভাকে মুকলিকৈ শলাগিলে”।

আনটো আপডেট হ'ল মৃণাল জ্যোতি গোস্বামীৰ।

এখন নাটক অথবা চিনেমাৰ বিষয়ে লোচনা কৰোঁতে মি কোন কেইটা দিশ বিবেচনা কৰিম! এই লোচনাত মূল বক্তব্য তথা কাহিনীৰ স্থিতি কিমান শতাংশ ৰু বাকী কলাত্মক দিশসমূহৰ স্থিতি কিমান?? কেৱল কাহিনী বা বিষয়বস্তু চাই কলাত্মক দিশসমূহ ওকান কৰি মন্তব্য কৰাটো কিমান সমিচীন?? ৰু ডিজাইন কৰিবলৈ বুলি কৰা কামখিনি কিমান যুগুত??
সম্প্ৰতি এখন চিনেমা, কেইবাখনো নাটক সম্পৰ্কে লোচনা হৈ থকা দেখি প্ৰশ্ন কেইটা মনলৈ হিল। মতামত শা কৰিলোঁ ৰাইজৰ”

*
সাধাৰণতে ফেচবুকত সৰুকৈ আপডেট একোটা দিওতেও তাৰ আঁৰত কিছুমান উদ্দেশ্য থাকে। যদিওবা ই সকলোৰে বাবে উপলব্ধ এক মুকলি মঞ্চ, লেখা এটা আগবঢ়াওতে তাৰ টাৰ্গেট অ'ডিয়েঞ্চ মনত ৰখাই হয়। সৌমিত্ৰ যোগীৰ বাবে সেই টাৰ্গেট অ'ডিয়েঞ্চ নিশ্বয় আছিল ন-লেখক সকল। কথা এষাৰ কওতে আমি কেনেকৈ ক'ম। লেখা এটা লিখোতে কোনখিনি কথালৈ ধ্যান ৰাখি তাক কেনেকৈ কলেৰিজীয় ধাৰণাৰে “best possible words in best possible order”-ৰ জৰিয়তে সুৱলাকৈ লিখিম- এইটো এটা প্ৰাথমিক প্ৰশ্ন সকলোৰে বাবে। কালিদাসৰ কাহিনীটো আমাৰ মাজত বহুল প্ৰচলিত আৰু তাৰ সাৰমৰ্ম বুজিবলৈ আমাৰ অসুবিধাও নহয়। আপাতদৃষ্টিৰে চাবলৈ গ'লে কথাখিনিৰ লগত দ্বিমত বা বিৰোধ থকাৰো কথা নাহে। কিন্তু আলোচনা তাৰ পৰা আৰু এঢাপ আগলৈ যাব পাৰে, যোৱাটো উচিত। কালিদাসৰ কবি প্ৰতিভাক উচ্চাসন দিবৰ বাবেই কোৱা হ'ল যে “নিৰস তৰুবৰ পুৰত ভাটি” কথাষাৰ “সুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে”তকৈ শ্ৰেষ্ঠ। কিন্তু শ্ৰেষ্ঠত্বৰ বিচাৰ পঠন পদ্ধতি আৰু পাঠকৰ অৱস্থানৰ ওপৰতেইহে নিৰ্ভৰ কৰে।

অলপ কাকতলীয় ভাবেই সৌমিত্ৰ যোগীৰ এই আপডেটটো দেখাৰ মাত্ৰ দুদিনমানৰ আগতে দিল্লীৰ এখন ডিজাইন ইনষ্টিটিউটলৈ পাঠদানৰ বাবে গৈছিলোঁ। কেন্দ্ৰীয় বিষয় আছিল “তথ্য সংগ্ৰহ, সংকলণ আৰু উপস্থাপন পদ্ধতি”। প্ৰথম দিনাই গৈ ম এই কালিদাসৰ কাহিনীটোৰেই আলোচনা কৰিলোঁ- ছাত্ৰছাত্ৰী সকলক বুজাবৰ বাবে যে ভাষাৰ সঠিক প্ৰয়োগ 'উপস্থাপন' আৰু 'পৰিবেশন'ৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ। কিন্তু পিছদিনা গৈ কলা ইতিহাসত কেনেকৈ যুগে যুগে মানুহৰ বুজা-পৰা আৰু বোধৰ বিৱৰ্তন ঘটি আহিছে, কেনেকৈ ফৰ্ম আৰু কন্টেন্টৰ সাতামপুৰুষীয়া বিতৰ্কখনেই নতুন নতুন ৰূপ পাই আহিছে সেইবোৰ কৈ আগদিনাৰ কথাখিনিকে - মানে কালিদাসৰ উপকাহিনীটোকেই খণ্ডন কৰিলোঁ।

কথা হ'ল ভাষাটো শুনিবলৈ শুৱলা হোৱাটোৱেই শেষ কথা নহয়। কেনেকৈ ক'ম - সেইটো যদি ফৰ্ম হয়, কি ক'ম বা কিহৰ কথা ক'ম সেইটো হ'ব কন্টেন্ট। এতিয়া দুইটা প্ৰসংগ পৰস্পৰ পৰিপূৰক। পৰস্পৰ নিৰ্ভৰশীল। এপাহ ফুলৰ কথা আমি যেনেকৈ ক'ম, একুৰা জুইৰ কথা বা মানুহৰ বিষ্ঠাৰ কথা আমি তেনেকৈ নকওঁ। এসময়ত ৰঘূনাথ চৌধাৰীয়ে যেনেকৈ এপাহ গোলাপৰ কথা বৰ্ণনা কৰিছিল - “কাৰ পৰশত ফুলিলি বান্ধৈ...” বুলি আৰম্ভ কৰি, সেই একেটা ভাষাবোধ বা সংবেদনাৰে আমি নিশ্চয় সমুখত পৰি থকা শুকান কাঠ এটুকুৰাক বৰ্ণনা নকৰোঁ। এই দৃষ্টিভংগীৰে চাবলৈ গ'লে “শুষ্কং কাষ্ঠং” বাক্যাংশটো “নিৰস তৰুবৰ” বাক্যাংশতকৈ বেছি ৰজিতা খোৱা। নিৰ্বিবাদে ক'ব লাগিব কালিদাসৰ ভাষাজ্ঞান, শব্দচয়নৰ দক্ষতা, আৰু কাব্যিক প্ৰতিভা বাকী সকলতকৈ অধিক আছিল। কিন্তু বিষয়বস্তুৰ অনুধাৱন আৰু তাৰ সঠিক উপস্থাপনৰ বেলিকা তেওঁ সফল নহ'ল বুলিও কোনোবাই ক'ব পাৰে। কথা হ'ল দৃষ্টান্ত এটাক আমি কেনেকৈ চাম আৰু কোন অৱস্থানৰ পৰা পৰ্যবেক্ষণ কৰিম।  

সুকান্তই “ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়” বুলি কৈ কবিতাক ছুটি দি দিয়াৰ পিছত কবিৰ কবিতাৰ ভাষা কেনেকুৱা হৈ থাকিব? গ্রাম্য প্রকৃতিৰ মাজত বহি লিখা ৰমন্যাসিক কবিকূলৰ সুন্দৰৰ উপাসনা কৰা কবিতাৰ ভাষাই প্ৰযুজ্য হৈ থাকিবনে সাম্প্ৰতিক মহানগৰৰ কবিতাতো?

কালিদাসৰ কাহিনীটোৰ সাৰমৰ্মখিনিয়েই চূড়ান্ত বিচাৰ হোৱা হ'লে “ৰিক্লাইনিং ৱ'মেন” নামেৰে একে বিষয়বস্তুৰে অঁকা ৰেণোৱা, পিকাছো আৰু এগন শ্বিল্ডৰ ছবিবোৰ দেখিবলৈ একেই হ'ল হেতেন। এফ এন চুজাৰ ছবিবোৰ বিভৎস বুলি কেতিয়াবাই প্ৰত্যাখিত হ'লহেতেন।
 
ৰেণোৱা
পিকাছো 

এগন শ্বিল্ড

এফ এন চুজা

প্ৰায় ডেৰ-দুই দশকমানৰ আগতেই শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰক লগ পাইছিলোঁ। যিমানবাৰেই লগ পাইছিলোঁ সিমানবাৰেই তেখেতে আমাক উৎসাহ দিবলৈকে আমাৰ লেখাক প্ৰশংসা কৰি কৈছিল - "তোমাৰ লেখা ভাল পাইছোঁ কাৰণ তাত কন্টেন্ট আছে। কন্টেন্টটো নেৰিবা। কন্টেন্টহে আচল।" সমসাময়িক লেখকৰ লেখা মেলাত ফৰ্ম সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা দেখি তেখেতে অসন্তুষ্টি প্ৰকাশ কৰিছিল। ছাৰৰ লগত কথাখিনি আধৰুৱা হৈ থাকিল এইবাবেই যে মই তেতিয়া ওভটাই ধৰি সুধিব নাজানিলোঁ - ছাৰ আপুনি কন্টেন্ট বুলি আচলতে কি বুজাব খুজিছে? 

আমাৰ চলতি বিশ্বাসত কন্টেন্ট বা বিষয়বস্তুক সদায়ে অগ্ৰাধিকাৰ দিয়া হয় - অথচ আমাৰ ধাৰণাই নাই কন্টেন্ট মানে আমি আচলতে বুজোঁ কি। সাহিত্যৰ ক্ষেত্ৰত এই সমস্যাটো গুৰুতৰ তিনিটা কাৰণত। প্ৰথম কাৰণটো অৱশ্যাম্ভাৱী। সাহিত্য যিহেতু ভাষা নিৰ্ভৰ, আমি যিহেতু ভাষাৰেই চিন্তা কৰোঁ, পূণৰীক্ষণ বা মূল্যায়ণো যিহেতু ভাষাৰ জৰিয়তেই হয় সেয়েহে ভাষা-নিৰ্ভৰ শিল্প, মানে সাহিত্য, খুব সহজতে "বিষয়বস্তুটোনো কি" এই প্ৰশ্নটোৰ সন্মুখীন হয়। আৰু একেই কাৰণতেই "বিষয়বস্তুটো এই" বুলি থাওকতে উত্তৰ এটা উলিয়াই লৈ সন্তুষ্টি লাভ কৰাৰ প্ৰৱণতা এটাও থাকে। দ্বিতীয় কাৰণটো বিদ্যায়তনিক বিভ্ৰান্তি। সাহিত্যৰ শ্ৰেণীকোঠাত “ইয়াত কবিয়ে এইবুলি ক'ব খুজিছে যে” বুলি যি পাঠদান কৰা হয় তাত কবিয়ে কি ক'ব খুজিছে - মানে বিষয়টোনো কি সেইটোৱেই গুৰুত্বপূৰ্ণ হৈ থাকে। ফৰ্ম সম্পৰ্কীয় কথা বতৰা বৰ বিশেষ নহয়। তৃতীয় কাৰণটো হ'ল আধাসিজা বাওঁগন্ধী লেখাবোৰ। (এইখিনিতেই মই আকৌ গালি খোৱাৰ সম্ভাৱনা পূৰামাত্রাই আছে!)। “লেখকৰ সামাজিক দায়বদ্ধতা” জাতীয় লক্ষ লক্ষ চৰ্বিত চৰ্বনত কেৱল আলোচনা কৰি থকা হ'ল কিয় খাটি খোৱা মানুহৰ কথা কোৱা উচিত। সোঁ গন্ধী লেখাবোৰৰ কথা নক'লোৱেই বা - সৰ্বশেষত দেশপ্ৰেম সমাজপ্ৰেম জাতিপ্ৰেম প্ৰমাণ কৰি দিব পাৰিলেই লেঠা শেষ। ফৰ্ম আৰু কন্টেন্টৰ দ্বৈতবিৰোধী ভাবেৰে চাবলৈ গ'লে কিজানি শংকৰদেৱেই আছিল আটাইতকৈ কন্টেন্ট নথকা লেখক। মানুহক হৰি নাম ল'বলৈ কোৱাৰ বাহিৰে তেওঁৰ লেখাত অন্য বিষয়বস্তু একো নাই। সৰ্বভাৰতীয় পৰ্যায়ত পূৰ্বসূৰী আৰু সমসাময়িক লেখক কবি সকলৰ মাজত তুলনামূলক বিচাৰ কৰিলেও বিষয়বস্তুৰ (যদি তাকেই কণ্টেণ্ট বুলি মানি থাকো) মান বা গুণাগুনেৰে শঙ্কৰদেৱ তলৰ ফালেই থাকিব। (যদি কবীৰ আদিৰ কথা মনত পেলোৱা যায়)। এইখিনি কথালৈ আকৌ উভটি আহিম।   

দৃশ্য শিল্পৰ ক্ষেত্ৰত ফৰ্ম আৰু কণ্টেন্ট সম্পৰ্কীয় এইখিনি কথা বুজিবলৈ বেছি সুবিধা হয়। কাৰণ বস্তুগত আৰু ব্যৱহাৰিক কলাকৌশলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই দৃশ্যশিল্পত বিষয়বস্তুতকৈ ৰূপ, টেকনিক বা কৌশল, পদ্ধতি, উপাদান, পৰিস্থিতি, স্থান আৰু কাল বেছি গুৰুত্বপূৰ্ণ হৈ থাকে। মাটিৰে মূৰ্তি নিৰ্মান কৰিবৰ সময়ত শিল্পীয়ে মাটিৰ গুণাগুণ নোহোৱা কৰি নেপেলায়। তেওঁ জানে যে তেওঁ মাটিৰ লগত খেলি আছে আৰু তেওঁ সেইমতেই মাটিক ব্যৱহাৰ কৰাৰ যথাসাধ্য কৌশল আয়ত্ব কৰি লয়। তেনেকৈয়ে খোদাই কৰি কৰা মূৰ্তিত দেখিব আপুনি ধাতৱ চিজেলৰ দাগ। পানীৰঙৰ ছবিত দেখিব পানীয়ে অৱলীলাক্ৰমে সৃষ্টি কৰা টেক্সাৰ আৰু তেল ৰঙৰ ছবিত দেখিব খহটা ব্ৰাছৰ আঁচোৰ। ৰামকিংকৰ বেইজ সম্পৰ্কে কথা পাতিলে এইখিনি কথা বুজাবলৈ সুবিধা হয়। অলপতে “সুজাতা” নামেৰে লেখা এটি লিখিছিলোঁ, মুক্ত চিন্তা আলোচনীৰ বাবে।

“ফৰ্ম আৰু কন্টেন্টৰ দ্বন্দাত্মক বাগধাৰা শিল্পৰ ক্ষেত্ৰত অলপ সুকীয়া। "স্ৰষ্টাই কি বুজাব খুজিছে" সুৰীয়া এটা আওপুৰণি পদ্ধতিৰে শিল্পৰ ৰসবিচাৰ সাহিত্যপাঠত আজিও চলি আছে। যিমানেই সমালোচিত নহওক সেয়া চলিয়েই থাকিব যেন লগা হৈছে আৰু সাহিত্যৰসিক কিছু পৰিমাণে সিবোৰত সুখীও হয়। কিন্তু প্লাষ্টিক শিল্পত সেয়া একেবাৰেই অবান্তৰ হৈ থাকে। শিল্পত কন্টেন্ট সদায়ে নিহিত থাকে অন্যত্ৰ। কেতিয়াবা যদি পটভূমিত, কেতিয়াবা আকৌ নিচক এটা স্পৰ্শানুভূতিত অথবা একান্ত পদাৰ্থ বা বস্তুৰ গুণাগুণত...”। [দ্রষ্টব্য- “সুজাতা]

ৰামকিংকৰ বেইজৰ সুজাতা নামৰ ভাষ্কৰ্যটোৰ বিষয়ে যদিও লেখাটো আচলতে বহুকাল আগতে লেখা এটা কবিতাৰ পশ্চাদপটহে। 'সুজাতা' কবিতাটোলৈ চালেও দেখিব কবিতাটোৰ শাৰীৰীক অবয়ব উলম্ব। দুটা বা তিনিটা শব্দতকৈ একে শাৰীত বেছি শব্দ নাই। কবিতাটোক 'ভিজুৱেল পয়েট্ৰি বুলি নকওঁ, কিন্তু তাৰ উলম্ব অবয়ৱে লনি শীৰ্ণদেহি সুজাতাৰ ৰূপকেই অণুকৰণ কৰে। 

কবিতা এটা পঢ়োতে তাৰ শাৰীৰিক ৰূপটোৰো এটা বিশেষ গুৰুত্ব আছে। নীলমণি ফুকনৰ কবিতায়েই এই কথাটো আমাক আটাইতকৈ বেছি ভালকৈ অনুধাৱন কৰালে। দুটা শাৰীৰ মাজৰ ব্যৱধানখিনি য'ত এৰাই চলিব নোৱাৰা। শব্দতকৈ নৈশব্দ য'ত অধিক বেছি বাঙ্ময়। প্ৰসঙ্গান্তৰ হৈ যোৱাৰ বিপদ সম্ভাৱনা থাকিলেও কৈ থওঁ - অসমীয়া ভাষাত লেখা মেলা কৰা সকলৰ ভাষা লেখনৰ দৃশ্যগত ভাগটোত অধিক সংবেদনশীল হোৱাৰ অৱকাশ আছে। কাৰণ সেই তাহানিৰে "হেমকোষ" প্ৰণেতাৰে পৰা আজিলৈকে সমস্ত ভাষাবিদে বানান উচ্চাৰণ সাপেক্ষ বুলি কৈ থাকিলেও আমি জানোঁ যে অসমীয়া ভাষাৰ বানান প্ৰকৰণ বিসঙ্গতিপূৰ্ণ আৰু ই উচ্চাৰণ নিৰ্ভৰ নহয়। "বাচ-বিচাৰ" আৰু "বাছ-বিছাৰ" এই দুটাৰ উচ্চাৰণত আমি খাৰ খোৱা জিভাৰে একো তফাৎ উলিয়াব নোৱাৰোঁ। এই ক্ষেত্ৰত আমি কিহৰ ভৰষা কৰোঁ? শব্দ এটাৰ বানান সুধিলে আপুনি সততে কি কৰে? আমি বেছিভাগেই এবাৰ কাগজ এখনত লিখি চাওঁ। হয়তো আপোনেলোকেও তাকেই কৰে। সঠিক বানানটো কি হ'ব তাত খু দুৱনি থাকিলে এবাৰ লিখি চালেই আমি গম পাওঁ যে- এইটো দেখোন ভুল বানান। মানে ইয়েই এটা ইঙ্গিত যে আমি দৃশ্যগত ভাবেহে শব্দবোৰৰ বানান মনত ৰাখোঁ। অন্য ভাষাত হ'লে তেওঁলোকে এবাৰ উচ্চাৰণ কৰি চালেহেতেন আৰু উচ্চাৰণেই নিৰ্ধাৰণ কৰিলে হেতেন প্ৰথম চ  হ'ব নে দ্বিতীয় ছ হ'ব। কবিতা এটা কাগজত লিখি তাৰ পিছত ছপা হৈ ওলাওতেও আমাৰ উৎকন্ঠাৰ সীমা নাথাকে কিয়? আমি উদ্গ্ৰীৱ হৈ থাকোঁ- ছপা আখৰত বা কেনেকুৱা দেখাইছে? ডি টি পি কৰাৰ পিছত শাৰীবোৰৰ মাজত সঠিক ব্যৱধান বা সংৰক্ষিত হৈছে নে নাই! এই কাৰণটোতেই আমি ৰচনাৱলীত সংগৃহীত কবিতা পঢ়ি সেই মজাটো নাপাওঁ - যিটো মজা আমি পাই থৈছিলোঁ কবিৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনত। প্রান্তিক আলোচনীৰ কবিতাৰ পৃষ্ঠাটো ভাল নাপাইছিলোঁ। ছপা হোৱাৰ পিছত কবিতা একোটাৰ দৈহিক গঢ় কেতিয়াবা বেলেগ হৈ ওলাইছিল। সেয়েহে এটা সময়ত কবিতা পঠোৱাটোকেই বন্ধ কৰি দিছিলোঁ। 

পদাৰ্থৰ গুণ আৰু সহজাত ধৰ্মৰ কথা বিমূৰ্ত শিল্পৰ উত্থানৰ কালতেই মানুহে বেছিকৈ ভাবিবলৈ আৰম্ভ কৰিছিল। উত্তৰ আধুনিকতাৰ মাজেদি আহি সমসাময়িক (কণ্টেপৰেৰী) পৰ্যায় পোৱা শিল্পচিন্তাতো আগবাঢ়ি গৈ কোনোবাখিনি পালেগৈ। সকলো কথাই কোৱা হৈ গৈছে, নতুনকৈ আৰু আমি ক'ব পৰা নতুন কথা একো নাই- এয়া সৌ তাহানিতেই হৰ্হে লুই বৰ্হেই কৰি যোৱা অনুভৱ। এতিয়া উত্তৰ-আধুনিকতাবাদৰ নাম শুনিলেই সাত জাপ মাৰি সেইবোৰ পশ্চিমৰ ধাৰণা - আমি তেনেকৈ নাভাবোঁ বুলি কোৱা মানুহো আমাৰ মাজতে ওলাব। কিন্তু তেওলোকক উত্তৰ দিবলৈ বাণীকান্ত কাকতিৰ এইষাৰ কথাই যথেষ্ঠ-

...সাহিত্যৰ ক্ষেত্ৰত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্ৰতিধ্বনি মাথোন। পূৰ্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্ৰতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে...
ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

যদি কন্টেন্ট বা বিষয়বস্তুৱেই শেষ কথা হ'ল হেতেন তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব - য'ত সকলো কথাই কোৱা হৈ গৈছে বুলি মানি লৈছোঁ? তেনেহ'লে আমি এতিয়া কি কৰি থাকিম?

এইখিনিতেই মৃণাল জ্যোতি গোস্বামীৰ প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ সচৰাচৰ চলি থকা ধাৰণাত ফৰ্ম আৰু কন্টেণ্টক নিলগাই চাব খোজাৰ প্ৰৱণতা এটা আছে বাবেই বেছি আহুকাল হয়। সম্ভৱ মৃণালে এই কথাটোলৈকে ইঙ্গিত কৰিব খুজিছে। হয়তো তেওঁ কিবা এটা বেলেগ মেথডলজী বিচাৰিছে।

*
এতিয়া আকৌ আহোঁ শ্ৰীমন্ত শংকৰদেৱ বুলি জ্ঞাত ব্যক্তিজনৰ কৰ্মৰাজিলৈ। ফৰ্মৰ মাজেৰে প্ৰতিভাত হোৱা কন্টেন্টখিনিৰ বাবেহে তেখেত পূজ্য, ভাষিক ব্যাখাৰে বিষয়বস্তুৰ বাবে নহয়। সেয়েহে উদ্দেশ্যপ্ৰণোদিত ভাবেই ভাওনাৰ কন্টেন্টক 'অংকীয়া নাট'ৰ কন্টেন্টতকৈ আমি বেছি গুৰুত্ব দিব খোজোঁ। অংকীয়া নাট বুলিলে আমি বুজিম সাহিত্যকৰ্মখিনিক। ভাওনা বুলিলে বুজিম তাৰ পৰিবেশনক। কেনেকৈ এটা স্বকীয় আংগিকে গা কৰি উঠিছিল, কেনেকৈ সি তাৰ উদ্দেশ্যসিদ্ধিত সফল হৈছিল - সেইখিনিলৈহে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিম। আৰু তেনেকৈয়ে দেখিম কোনখিনিত শংকৰদেৱ অদ্বিতীয়। সম্ভৱতঃ মোৰ এই কথাত আপোনালোকেও সহমত জনাব যে - কীৰ্তন ঘোষাত লিখিত থকা কথাখিনিতকৈ বহুত বেছি কথা তেখেতে ক'লে - ঘোষা-পাঠেৰে, নামেৰে, শ্রৱণ কীৰ্তনেৰে- মুঠতে পাৰফৰ্মেন্সেৰে। সমাজখন তেখেতে বান্ধিলে সাহিত্য কৃতিৰে নহয় _ আঙ্গিকেৰে আৰু ব্যৱহাৰিক প্ৰয়োগেৰে। ফৰ্মেৰে। ফৰ্মৰ মাজেৰে গা কৰি উঠা কণ্টেন্টেৰে।

বহু ক্ষেত্ৰত ফৰ্ম কি আৰু কন্টেন্ট কি বুলি বেলেগে চাব নোৱাৰি। কেতিয়াবা ফৰ্মটোৱেই কণ্টেন্ট হৈ উঠে। যি বোৰ কৃতি কৰ্মত ফৰ্ম আৰু কন্টেন্ট পৰস্পৰ সংপৃক্ত _ সেইবোৰেই শ্ৰেষ্টত্বৰ বিচাৰত কালোত্তীৰ্ণ হৈ আহিছে।  ফৰ্ম আৰু কন্টেন্টৰ সামঞ্জস্যৰ কওতে মনলৈ আহিছে - অজিৎ বৰুৱাদেৱৰ ব্ৰহ্মপুত্ৰ কবিতাটো। কবিতাটোৰ গঢ় গতি, গঠণ, কলেৱৰ তেখেতৰেই আনবোৰ কবিতাৰ দৰে নহয়। ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ আৰু প্ৰকৃতিৰ দৰেই আগবাঢ়িছে কবিতাটো।

অসমীয়া কবিতাৰ আন দুজন প্ৰাতঃস্মৰণীয় কবি হীৰেণ ভট্টাচাৰ্য আৰু নীলমণি ফুকনৰ জনপ্ৰিয় কবিতা দুটা লোৱা যাওক। দুয়োটা কবিতাৰে বিষয়বস্তু মৃত্যু। কিন্তু দুয়োটাতে মৃত্যুক কৰা সম্বোধন কিমান যে পৃথক...

ভুলতে তোমাক বিচনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি জালি ফুলি আছা।
(নীলমণি ফুকন)

মৃত্যুওতো এটা শিল্প.
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!'
(হীৰেণ ভট্টাচাৰ্য)

দুয়োটা কবিতাই ব্যাখ্যাৰে বা বৰ্ণনাৰে বুজিবলৈ চোৱাটো প্ৰায় অসম্ভৱ। শব্দচয়ণৰ মাজত থকা চেতনাৰ অণুৰণনখিনিক বাদ দি কবিয়ে কি ক'ব খুজিছে বা ইয়াৰ বিষয়বস্তু কি সেইবোৰ আলোচনা কৰি থাকিলে কবিতাখিনিত ৰস বুলি একোৱেই নাথাকিবগৈ।

শুনা মতে নীলমণি ফুকনে আঠাইশ শাৰীৰ কবিতা এটা কাটি কুটি শেষত দুশৰীয়া কবিতা কৰিছিল।

হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল ঘন্টা
জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা

কিহৰ প্ৰয়োজনত, কি কাৰণত সেইখিনি কৰিবলগা হৈছিল? একেটা বিষয়বস্তু আঠাইশ শৰীয়া কবিতা এটা হৈ থাকিলে কি ক্ষতি হ'লহেতেন? এনেবোৰ উদাহৰণে ফৰ্মৰ গুৰুত্ব কোনখিনিত তাকেই বাৰে বাৰে ভাবিবলৈ বাধ্য নকৰায়নে?  

এতিয়া উভটি আহোঁ মৃণালৰ প্ৰশ্নখিনিলৈ। নাটক আৰু চিনেমাৰ কথা আহিলে কথাবোৰ আৰু বেছি জটিল। প্ৰায় ডেৰ দশকমানৰ আগতেই নাটক যে কেৱল সাহিত্য মাত্ৰ নহয় _ এক সামগ্ৰিক শিল্প সেই কথা ক'বলৈ গৈ মানুহৰ ৰোষত পৰিছিলোঁ। আমি শ্বেইকছপীয়েৰৰ নাটকৰ কাহিনীবোৰ জানোঁ, গীৰিশ কাৰ্ণাডৰ নাটকৰ কথাভাগ জানোঁ। সেইবোৰৰ সাহিত্যগুণ ম্পর্কে আমি কথা পাতোঁ - কাৰণ সেই চৰ্চাৰ এটা পৰিবেশ আমাৰ ক্লাছৰুমবোৰে তৈয়াৰ কৰি থৈছে। কিন্তু আমি কথা নাপাতো নাটকৰ প্ৰডাকচন সম্পৰ্কে। শিল্পৰ সামগ্ৰিকতা সম্পৰ্কে কথা পাতিব পৰাকৈ আমাৰ নাই নক্সা, নাই মেথড'লজী, নাই দক্ষতা। অভিনয় সম্পৰ্কে বিশ্লেষণ কৰিবৰ মাপকাঠি নথকাৰ ফলত আমি কৈ থওঁ _ “অমুকৰ অভিনয় যথাযথ”। চাক্ষুস অভিজ্ঞতাক গুৰুত্ব দিব নজনাৰ ফলত কৈ থওঁ “দৃশ্যসজ্জা ভাল আছিল”। এটাও সংলাপ নথকা নাটক এখন আমি কেনেকৈ চাম? উপভোগ কৰিব পাৰিম নে? কোনো কাহিনী নথকা চিনেমা এখন আমি উপভোগ কৰিবলৈ সমৰ্থবান হ'মনে?

ফর্মৰ বাহিৰত আমি কন্টেন্ট বিচাৰি ফুৰোঁ। তাৰ পিছত প্ৰশ্নবোৰ আমিয়েই কৰোঁ, আৰু উত্তৰবোৰো আমিয়েই জানোঁ।



সমুদ্ৰ কাজল শইকীয়া
+91 9811375594