ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 21, 2017

কাণখোৱাৰ হাতপুথি ৫ : ৰূপগত (Formalist) বা/আৰু বস্তুনিষ্ঠ (Objective) সমালোচনা

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"

[টোকা-
"আখৰুৱা" দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। 
- সমুদ্ৰ কাজল শইকীয়া]


বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)

                 নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ"


ৰূপগত (Formalist) বা/আৰু বস্তুনিষ্ঠ (Objective) পাঠ

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" ষোল্ল শাৰীত সম্পূৰ্ণ হোৱা, তিনিটা অসমপংক্তিক স্তৱকৰ এটা নাতিদীৰ্ঘ আৰু "সুখপাঠ্য" (প্ৰচলিত অৰ্থত) কবিতা। ১৯৪৭ চনত শান্তিনিকেতনত ৰচিত এই কবিতাটো "মোৰ আৰু পৃথিৱীৰ" গ্ৰন্থখনত সন্নিবিষ্ট হৈছিল। কবিতাটোৰ বিষয়বস্তু সম্পৰ্কে একেটা বাক্যতে ক'বলৈ গ'লে এনেকৈ ক'ব পাৰি যে- কবিমনে মানুহৰ বুৰঞ্জী লিখিব খুজিছে এটা বিশেষ পৰিপ্ৰেক্ষিতেৰে আৰু সেই পৰিপ্ৰেক্ষিতটোৰ আধাৰ হ'ল বিস্ময়বোধ, আৰু পৃথিৱীৰ আদিম মানুহটোৰ সৰ্বপ্ৰথম বিস্ময়বোধটো কেনেকৈ সময়ে সময়ে মানৱ ইতিহাসত জাগ্ৰত হৈ আহি আছে কিন্তু সম্প্ৰতি আধুনিক মননৰ পৰা কেনেকৈ সি মেলানি মাগিবৰ উপক্ৰম হৈছেহি তাৰ প্ৰতি কবিৰ উদ্বিগ্নতা প্ৰকাশেই কবিতাটোৰ মৰ্ম।

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?

"প" ধ্বনিৰ ঈষৎ অনুপ্ৰাসেৰে কবিতাটোৰ আৰম্ভণী হোৱাৰ ফলত সি এটা গীতিময়তা আনি দিছে যিয়ে পাঠকক কবিতাটোৰ বৰ্ণনালৈ সোমাই যোৱাৰ পথত দুৱাৰ খুলি দিয়ে। কবিতাটো বৰ্ণনাধৰ্মী, আৰু ততোকৈ ভালকৈ ক'বলৈ হ'লে এটা কাহিনী কথনৰ পদ্ধতিৰে আগবঢ়া ধাৰাভাষ্য। দুটা প্ৰশ্নেৰে আৰম্ভ হোৱা কবিতাটোত প্ৰশ্নদুটাৰ উত্তৰ শেষলৈকে নাই। উত্তৰ নাই কাৰণ উত্তৰ সঁচাকৈয়ে নাই, আৰু উত্তৰ যে নাছিল বা নাই সেয়েই কবিতাটোৰ মৰ্ম।

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?

এই প্ৰশ্নদুটায়েই কাহিনীকথনৰ প্ৰক্ৰিয়াটোৰ প্ৰতি পাঠকৰ মন আকৃষ্ট কৰি লয় আৰু পাঠকৰ মনত এটা অনুচ্চাৰিত প্ৰশ্নৰ অৱতাৰণ হৈ গৈ থাকে - আৰু তাৰপাছত? আৰু তাৰপাছত?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

যিহেতু শিৰোনামটোৱেই "বুৰঞ্জী", এটা বিৰাট মহাকাব্যিক পৰিসৰৰ অনুমান পাঠকে কৰিয়েই লৈছে। আৰম্ভণীৰ প্ৰশ্নবোধক কথাখিনি আছিল যথাসম্ভৱ সৰল বৰ্ণনা, যথাসম্ভৱ নিভাঁজ আৰু কোনো যুক্তাক্ষৰ নথকা সহজ উচ্চৰণেৰে আগবঢ়া। সেই 'প্ৰথম মানুহ'টোৰ পৰা ধাৰাভাষ্য আগুৱাই আহি যেতিয়া 'উপনিষদৰ কবি'ৰ প্ৰাৰ্থনামন্ত্ৰ পালেহি ছন্দলৈ আহিল যুক্তাক্ষৰৰো পয়োভৰ -
সৃষ্টি, প্ৰাৰ্থনা, মন্ত্ৰ, হিৰন্ময়, পাত্ৰ, সত্য, আচ্ছন্ন, উন্মুক্ত আদি।
কণ্টেণ্টে যে ফৰ্ম এটাকো অৱলীলাক্ৰমে গঢ় দি গৈ থাকে ই তাৰে উদাহৰণ।

তিনিটা স্তৱকৰ কবিতাটোৰ প্ৰথম স্তৱকটোৱে "বুৰঞ্জী" কবিতাটোৱে কৈ থকা বুৰঞ্জীখিনিৰ আটাইতকৈ বেছি সময়কাল (time-frame) অধিগ্ৰহণ কৰিছে। প্ৰাগৈতিহাসিক কালৰ 'প্ৰথম মানুহ'টোৰ পৰা উপনিষদৰ কবিলৈকে এটা বিৰাট সময়-সীমাক যুগুতাই দি বিষয়বস্তু সম্পৰ্কে প্ৰাথমিক কৌতুহলখিনি নিৰ্বাপিত কৰিছে যে - কৌতুহলেই বিষয়বস্তু। দ্বিতীয় স্তৱকে ৰবীন্দ্ৰনাথৰ কথা কওতেই আমি মানসিক ভাবে সচেতন হৈ উঠিছোঁহক যে তৃতীয়টোৱে নিশ্চয় আমাৰ নিজৰ সময়ৰ কথাকেই ক'ব।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ

এই বাক্যটোত "আকৌ" আৰু "নতুনকৈ" দুয়োটা শব্দৰ উপস্থিতি নথকাহ'লে বাক্যটো অলপ সহজ হ'লহেতেন কিন্তু দুয়োটা শব্দৰ উপস্থিতিয়ে বাক্যটোৰ মাজেৰে এটা বহল ব্যাখ্যাৰ উমান দিয়ে। "আকৌ" মানে আগতে এই ঘটনাটো - মানে মানুহ প্ৰকৃতিৰ সন্মুখত, মহাজগত আৰু মহাজীৱনৰ সন্মুখত, বাৰে বাৰে আগতেও বিস্ময়াভিভূত হৈ আহিছে। সেয়েহে আকৌ। কিন্তু আকৌ ঘটিলেও ঘটনাটো নতুন। (আচলতেই নিত্যনতুন!) সেয়েহে "নতুনকৈ"। 

অসমীয়া কবিতাৰ লীৰিকেল চৰিত্ৰটোক ধৰি ৰাখি ছন্দোবদ্ধ আৰু অন্ত্যমিল-বিশিষ্ট কবিতা লিখা শেষ ব্যক্তিজন সম্ভৱ নৱকান্ত বৰুৱা। ইয়াৰ পিছতো অজিত বৰুৱাদেৱে বহুকাললৈকে ছন্দত লিখি থাকিলেও (লগতে গীত বা লীৰিক্স লিখিলেও) সেই ছন্দৰ পঠনৰ অভিজ্ঞতা অলপ পৃঠক। আলোচ্য "বুৰঞ্জী" নামৰ কবিতাটো মুক্তক ছন্দৰ আৰু অন্ত্যমিল বিশিষ্ট নহয় যদিও অৱলীলাক্ৰমে দুটামান শাৰীয়ে কোনো নিয়ম নামানিও অন্ত্যমিল মানি চলিছে যিয়ে কবিতাটোক সুখপাঠ্য হৈ উঠাত সহায়ক হৈছে।

হে পূষণ,
উন্মুক্ত কৰা সেই আৱৰণ।
...
সেই প্ৰথম মানুহটোৰ দৰে,
জীৱনেৰে....
...
ঈশ্বৰ
মাথোন এবাৰ

মন কৰিবলগীয়া যে নৱকান্ত বৰুৱাৰ উত্তৰসূৰী অসমীয়া কবিকূলে চিৰদিনৰ বাবেই অন্ত্যমিলক বাদ দিয়াৰ দৰে হ'ল যদিও এই পদ্ধতিটো তেওঁলোকে আকোঁৱালি লৈ সফলকাম হ'ল। বিশেষকৈ হীৰেণ ভট্টাচাৰ্যৰ পাছৰ পৰা এই Accidental বা Arbitrary অন্ত্যমিলৰ পয়োভৰ অসমীয়া কবিতাত চলি থাকিল।

উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

এইখিনি কথাৰ বাবে ৰবীন্দ্ৰনাথৰ সম্পৰ্কে দুআষাৰ কৈ ল'ব লাগিব। জীৱন, প্ৰকৃতি আৰু মহাজীৱনৰ প্ৰতি বিস্ময়বোধেই ৰবীন্দ্ৰনাথৰ সমগ্ৰ সৃষ্টিক চিৰকাল আগুৰি থাকিল। গোটেই জীৱনজুৰি ৰবীন্দ্ৰনাথে কেৱল প্ৰশ্নকেই কৰি গ'ল, আৰু সেই প্ৰশ্নৰ উত্তৰত নহয়, সেই প্ৰশ্নৰ আঁৰত থকা অতৃপ্তি, অপ্ৰাপ্তি আৰু অস্থিৰতাখিনিতেহে পৰম তৃপ্তি, প্ৰাপ্তি আৰু সন্তুষ্টিৰ সন্ধান কৰি গ'ল। "কাণ্ডাৰি কে গো" বুলি অজানাক প্ৰশ্নকে সুধিলে "কোন সুৰে আজি বাজিব যন্ত্ৰ কি মন্ত্ৰ হ'ব গোৱা"? নোপোৱাখিনিৰ বাবে অসন্তুষ্টিত উচপিচাই থাকিও সেই অপ্ৰাপ্তিকেই এক অনন্য মৰ্যাদা দি ধন্য হৈ আনকো ধন্য কৰি গ'ল। "নিবিচৰাকৈয়ে মোক যি কৰিছা দান, আকাশ, আলোক, তনু মন প্ৰাণ" বুলি কৃতঘ্ন হোৱাৰ পৰিৱৰ্তে কৃতজ্ঞ হৈ ৰ'ল এইবুলি যে
"মই বহু বাসনাৰে প্ৰাণপণে খোঁজো, বঞ্চিত কৰি বচালাহে তুমি
এই কৃপা কঠোৰ সঞ্চিত মোৰ জীৱন জুৰি"।  

এই কবিতাটো লিখিবৰ সময়ছোৱাত নৱকান্ত বৰুৱা যে শান্তিনিকেতনত শিক্ষাগ্ৰহণৰত স্নাতক পৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অথবা সদ্য উত্তীৰ্ণ যুৱক সেই কথা জানো। তাৰ লগতে এই কথাও কৈ থোৱা উচিত যে ৰবীন্দ্ৰসংগীতৰ অসমীয়া অনুবাদৰ প্ৰথমটি অসমীয়া এলবাম মুকলি হৈছিল নৱকান্তৰ অনুবাদেৰেই। নৱকান্তৰ কবিতাত বহুধৰণেৰে ৰবীন্দ্ৰনাথ ঘূৰি পকি আহিছে সেই কথাৰো উমান পোৱা যায়।

[আৰু এষাৰ কথা ছেগতে কৈ থওঁ। অসমীয়া অনুবাদক (লগতে আন বহু সংখ্যক শিল্প, সাহিত্য, সংস্কৃতিৰ কৰ্মী) সকল প্ৰায়ে বঙালী সাহিত্যৰ ওচৰত শৰণাপন্ন হয় কিন্তু অসমীয়া আৰু বঙালী দুটা ওচৰা ওচৰি কিন্তু কালিকাৰ ফালৰ পৰা পৃথক বৈশিষ্ট্য সম্পন্ন ভাষাৰ সঠিক বুজা পৰাৰ অভাৱৰ হেতুকে বহুখিনি বেমেজালিৰ সৃষ্টি হয়। এই সম্পৰ্কে নৱকান্ত বৰুৱাই এষাৰ কথা কৈছিল। ৰবীন্দ্ৰসংগীতৰ "বিৰহ দহন লাগে" বাক্যাংশটিত দেখাত আটাইকেইটা শব্দয়েই অসমীয়াতো আছে - বিৰহ আছে, দহন আছে, লাগে আছে। সেয়েহে জনৈক অনুবাদকে অনুবাদ কৰোতে অসমীয়াতো তেনেদৰেই ৰাখিলে। কিন্তু বিৰহ আমাক লাগে জানো? নে দহন লাগে? আমি যিটো বিচাৰোঁ সেইটোহে লাগে বুলি কওঁ। তেনেহ'লে বিৰহ বা বিৰহৰ দহন লাগে বুলি কিয় ক'ম? বঙালীত "লাগে" মানে লগা - আঘাত লগা, দুখ লগাৰ দৰে। অসমীয়াত বুজোৱাৰ দৰে বিচৰা অৰ্থত নহয়। ফলত অৰ্থটোৱেই ওলোটা হৈ থাকিল। নৱকান্ত বৰুৱাই ক'ৰবাত কথাখিনি কৈছিল, ক'ত কেতিয়া কৈছিল সেই সম্পৰ্কে এই মুহূৰ্তত মোৰ হাতত তথ্য-প্ৰমাণ নাই। ক্ষেমিব।]

সি যি কি নহওক, "বুৰঞ্জী" কবিতাটোত শেষৰ স্তৱক কবিয়ে বুৰঞ্জী নিৰিখি নিজৰ সময়ত আৰু অৱস্থানত আহি অৱতীৰ্ণ হৈছেহি-

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

প্ৰথমৰ একেটা স্তৱকতে প্ৰাগৈতিহাসিকৰ পৰা ঔপনিষদিক সময়লৈকে যদি সাঙোৰা হৈছিল তেনেহ'লে পাছৰ ৰবীন্দ্ৰনাথৰ পৰা কবিৰ সময়লৈকে, তাকে আমাৰ সমসাময়িকতা বুলি ধৰি লৈছোঁ, একেত্ৰে উল্লেখ কৰাটো একো ডাঙৰ কথা নাছিল। বুৰঞ্জীৰ ক্ৰমক সময়ৰ হিচাপেৰে চালে ই অযৌক্তিক। কিন্তু কবিৰ অভিপ্সা যি - তাৰ পৰিপ্ৰেক্ষিতেৰে চালে কথাটো অন্য। আন নেলাগে ৰবীন্দ্ৰনাথৰ সময়ৰ পৰাও এই সময়লৈকে কবিয়ে এটা বিস্তৰ ব্যৱধান অনুভৱ কৰিছে যি সময়ে আমাক সেই কৌতুহল-বোধৰ পৰা ইতিমধ্যেই বঞ্চিত কৰি ৰাখিছে। সেই বাবেই এই স্তৱকৰ বিভাজন কবিতাটোৰ ইপ্সিত মৰ্ম আৰু কথকতাৰ ছন্দ সাপেক্ষে সাৰ্থক।

তিনিটি স্তৱকৰ শব্দসংখ্যা অথৱা শাৰীৰিক কলেৱৰৰ ফালেও যদি চকু দিয়া যায়, তেনেহ'লে অসমপাংক্তিক কবিতাটোৰ প্ৰথম স্তৱকটো আটাইতকৈ ডাঙৰ, তাৰ পিছত স্তৱকৰ আকাৰ ক্ৰমে সৰু হৈ আহিছে। প্ৰথম স্তৱকটো বৰ্ণনাশ্ৰয়ী। দ্বিতীয়টোৱে তাতকৈ কম পৰিসৰত নিৰ্যাসভাগ আৰু এঢাপ আগুৱাই গৈ সাব্যস্ত কৰিলে। এই স্তৰটোক এৰিষ্ট'ট'লৰ নাট্যশিল্পৰ সেই পিৰামিডটোৰ পৰা ধাৰ কৰি ক'ব পাৰি একধৰণৰ - Growth of Action.  তৃতীয় তথা শেষ তথা ক্লাইমেক্স স্তৱকটোৰ পৰিসৰ আটাইতকৈ সৰু - যিটোৱে বক্তব্যক দিলে একধৰণৰ কৌশলী সূক্ষ্ম ধাৰ। ক'ব খোজা কথা এষাৰ ক'লে অত্যন্ত subtle ভাবে। সেই পৰিমিতিবোধ বা সংক্ষিপ্তকৰণতেই ৰ'ল কবিৰ উইট। কিয় নৱকান্ত বৰুৱা অসমীয়া কাব্যশিল্পৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হৈ ৰ'ব এয়া তাৰেই ব্যাখ্যা। 





সমুদ্র কাজল শইকীয়া   

Thursday, January 12, 2017

কাণখোৱাৰ হাতপুথি ৪ : সৃষ্টিশীল আৰু চিন্তাশীলৰ সংযোগ আৰু বিৰোধ

(কবি এজনে কবিতাৰ সমালোচনা কেনেকৈ পঢ়িব?)

সৃষ্টিশীল কৰ্মত, ধৰাহওক কবিতা লেখন প্ৰক্ৰিয়াত সমালোচনাৰ প্ৰয়োজন আছে নে নাই সেই প্ৰশ্নৰ পৰা এঢাপ আগুৱাই তাৰ পৰৱৰ্তী প্ৰশ্নটোৰ আঁত ধৰি কিছু আলোচনা কৰা যাওক। আগৰ আলোচনাখিনি যতি সমালোচনা কেনেকৈ লিখিব লাগে তাৰ আঁত ধৰি কৰা আলোচনা, আজিৰখিনিক ক’ব পাৰি সমালোচনা কেনেকৈ পঢ়িব লাগে সেই সূত্ৰ ধৰি আগবঢ়া কিছু কথা-বাৰ্তা। পৰৱৰ্তী প্ৰশ্নটো হ’ব – সমালোচনা অথবা সমালোচনাত্মক সাহিত্যই সৃষ্টি প্ৰক্ৰিয়াক কেনেকৈ সহায় আগবঢ়াব? সমালোচনা সাহিত্য নিজতেই সম্পূৰ্ণ শিল্পৰূপ আৰু এক বিদ্যায়তনিক আৰু বৌদ্ধিক চৰ্চা (Praxis) বুলি বাৰু মানি লোৱা হ’ল। এতিয়া এই চৰ্চাৰ প্ৰতি সৃজনীশীল/ সৃষ্টিমূলক কৰ্মৰ অভ্যাসীসকলৰ সঁহাৰি কেনে ধৰণৰ হ’ব বা হোৱা উচিত?

আখৰুৱা দলৰ সদস্যসকলে কবিতাৰ পুনৰীক্ষণখিনি যেনে ধৰণেৰে আগবঢ়াই আহিছে ঠিক একে ধৰণেৰেই পুনৰীক্ষণৰ পুনৰীক্ষণখিনিও আগবঢ়াবলৈ আমি কিয় আগ্ৰহী নহয় সেই কথাৰ উত্তৰো এইখিনি আলোচনাতেই পোৱা যাব।

ধৰা হওক মই এজন কবি আৰু মোৰ কবিতা সম্পৰ্কে এজন সমালোচকে নিজৰ বিশ্লেষণ আগবঢ়ালে। এতিয়া সেই সমালোচনাই দেখুওৱা ধৰণেৰে মোৰ ‘বেয়া দিশ’খিনি আঁতৰাবলৈ চেষ্টা কৰা উচিত বুলি বুজি উঠিলেও, সেয়া কৰাটো মোৰ বাবে এটা সহজ কাম হ’ব নে? তাকে কৰিবলৈ যাওঁতে মোৰ ব্যক্তিনিষ্ঠা (Subjectivity) অথবা মোৰ লেখাত মোৰ নিজৰ উপস্থিতিৰ যি উমান আছে সেয়া ক্ৰমে বিলুপ্ত হোৱাৰ উপক্ৰম ঘটিব নেকি? যিমানেই বস্তুনিষ্ঠ হ’বলৈ চেষ্টা নকৰক, সমালোচনা এটাত সমালোচকৰ ব্যক্তি-অৱস্থান অলপ হ’লেও অলপ সোমাই থাকিবই। আনকি, আমি আগৰ লেখাত সমালোচকৰ ব্যক্তিনিষ্ঠাক অগ্ৰাধিকাৰ দিয়াৰ কথাটোৰেই পোষকতা কৰিছিলোঁ। তেনে ক্ষেত্ৰত অন্য এক ব্যক্তিমনৰ বিচাৰ-বিবেচনাক মই কিমান দূৰলৈ গ্ৰহণ কৰিম, কৰিলেও কেনেকৈ কৰিম? এয়া এক জটিল সমস্যা আৰু এই সমস্যাটো সম্পৰ্কে বৰ বিশেষ কথা পতা নহয় বাবেই সমালোচনা সাহিত্যই সৃষ্টিশীল সাহিত্যক ক্ষতি কৰাৰ নজিৰ দেধাৰ।

প্ৰথমেই সমালোচনাক সমালোচনা হিচাপে গ্ৰহণ কৰিবলৈ শিকিব লাগিব। অন্যথা, সমালোচনাক নিন্দুকৰ কাম বুলি ভ্ৰুকুটি কৰি যি সকলে সমালোচনা “গঠনমূলক” হ’ব লাগে বুলি কৈ থাকে তেওঁলোকে অলপ চালি জাৰি চালে নিজেই দেখা পাব যে ইতিহাসত ‘নিন্দুক’ সমালোচনাই যিমান ক্ষতি কৰিছে, ‘গঠণমূলক’ সমালোচনাই ক্ষতি কৰিছে বেছি। ‘নিন্দুক’ সমালোচনাই এজন কবিক সাময়িকভাবে হতাশাগ্ৰস্ত কৰিব পাৰে যদিহে কবিজন অসাৱধান আৰু খুব বেছি স্পৰ্শকাতৰ হয়। কিন্তু ‘গঠনমূলক’ হোৱাৰ নামতে প্ৰশস্তিমূলক সমালোচনাই হয়তো চিৰদিনৰ বাবে কবি এজনৰ থাকিব পৰা সম্ভাৱনাসমূহক শেষ কৰি দিব পাৰে। কাৰো নাম নোলোৱাকৈ কেনেকৈ উদাহৰণ দিব পাৰি তাৰে অলপ চেষ্টা কৰিম। ধৰা হওক এজন কবিয়ে বিভিন্ন ধৰণৰ বিষয়ত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে কবিতা লিখি এখন কাব্য সংকলণ প্ৰকাশ কৰিলে। এতিয়া সেইখিনি চালি জাৰি চাই সমালোচকে ‘গঠণমূলক’ভাবেই কোনখিনি বিষয়বস্তু আৰু কোনখিনি পদ্ধতিত লেখক সফল হৈছে আৰু তেওঁ সেই বিশেষ দিশত আগবাঢ়িলে যে তেওঁৰ উত্তৰোত্তৰ অগ্ৰগতি সহজ হ’ব সেয়া বুজাই দিলে। ইয়াৰ পিছত হয়তো কবিজন আগবাঢ়ি গ’ল আৰু জনপ্ৰিয়তাৰ মাপকাঠীত অথবা বঁটাবাহনৰ দিশেৰে সফলো হ’ল। কিন্তু এনেকৈ ভাবি ল’বৰ থল থাকি গ’ল যে অন্যান্য বিষয়বোৰক লৈ লিখা অথবা অন্যান্য পদ্ধতিৰ প্ৰয়োগেৰে লিখা সেই একেজন কবিৰে আনবোৰ কবিতাৰ মাজত সোমাই থকা সম্ভাৱনাখিনি (সেয়া লাগিলে যিমানেই অপৈনত নহওক তেখতৰ প্ৰথম পুথিখন প্ৰকাশৰ কালত) চিৰকালৰ বাবেই নিৰ্বাপিত হৈ গ’ল। এই সমস্যাটো বুজাই দিয়াত যদি আমি সফল হৈছোঁ, তেনেহ’লে কবি, লেখক, অভ্যাসী, পাঠক সকলে বুজিব যে সমালোচনা এটা আগবঢ়াওতে যেনেকৈ বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, কবিতা এটা লিখোতে যেনেকৈ সাৱধান আৰু যত্নপৰ হোৱা যায়, ঠিক তেনেকৈ সমালোচনাৰ পঠনৰ বেলিকা পাঠকসকলো সমানেই সাৱধানতা আৱলম্বন কৰিবলগীয়াত পৰে।

ইয়াৰ বাবে কেইটিমান প্ৰাথমিক (fundamental) বিধান হ’ব এনে-

১/ নিজৰ পৰা নিজৰ দূৰত্ব (স্থানিক)

নিজে লিখা কবিতা এটা আন এজন মানুহৰ ভূমিকা লৈ পাঠক হিচাপে পঢ়াটো সম্ভৱ হয়নে? অন্য কবিৰ কবিতাৰ সম্পৰ্কে লিখা সমালোচনা এটা ‘মই’ যেনেধৰণেৰে পঢ়িম, ‘মোৰ’ নিজৰ কবিতা সম্পৰ্কে  লিখা লেখা এটাও তেনেদৰেই পঢ়িব পাৰিম নে? হয়তো নোৱাৰিম। কিন্তু যিমান দূৰ সম্ভৱ আমি চেষ্টা কৰা উচিত। নিজৰ পৰা নিজৰ এটা স্থানিক ব্যৱধান সৃষ্টিৰ প্ৰয়াস কৰা উচিত। অন্যথা নিজৰ মাজতে বৰ বেছিকৈ সোমাই পৰাৰ সম্ভাৱনাই বেছি - যিটো ক্ষতিকৰ। এই স্থানিক দূৰত্ব যদি অৱান্তৰ আৰু অসম্ভৱ যেন লাগে তেনেহ’লে সময়-ভিত্তিক দূৰত্বৰ ফালে ধ্যান দিব পাৰি।

২/ নিজৰ পৰা নিজৰ দূৰত্ব (সময়-ভিত্তিক)

সময়ে নিজৰ পৰা নিজৰ এটা দূৰত্বৰ সৃষ্টি কৰে। কবিতা এটা লিখি উঠি লগে লগেই প্ৰকাশৰ বাবে পঠাই নিদিবলৈ সেয়েহে পৰামৰ্শ দিয়া হয়। কাৰণ লিখি থকাৰ সময়খিনিত আমি এটা মোহত আৱদ্ধ হৈ থাকোঁ আৰু কবিতাটোৰ প্ৰতি সুবিচাৰ কৰিব নোৱাৰো। বহুসময়ত আমাৰ এনে হৈছে যে – দহবছৰ বা কুৰি বছৰৰ আগৰ কবিতা এটা পঢ়ি এতিয়া নিজেই লজ্জিত হওঁ। ইমান ব্যৱধানলৈও ৰ’ব নেলাগে। এমাহৰ আগৰ লেখা এটা দেখিও কেতিয়াবা ভাবো- এইটো ময়েই লিখিছিলোঁনে?

নীলমণি ফুকনদেৱে এটা আঠাইশ শৰীৰ কবিতা কাটি কুটি দুশাৰী কৰাৰ এটা অসাধাৰণ উদাহৰণ আছে। আপুনিও সেই একেটা কামকেই কৰিব লাগিব বুলি কোৱা নাই। বহু লোকে প্ৰথম বহাতেই প্ৰাণৰ তাগিদাত লিখি উলিওৱাখিনিৰ স্বতঃস্ফুৰ্ততাক বিশ্বাস কৰে আৰু ভাবে যে বৰ বেছি কটা-কুটি কৰিলে তাৰ ভাবৰ উচাহখিনি ম্লান পৰি যোৱাৰ ভয় থাকে। মতান্তৰক সন্মান জনাই যদি সেইখিনি কথা মানিও লওঁ তেতিয়াহ’লেও কবিতা এটা লিখি কিছুসময় থৈ দিয়াটো জৰুৰী। আগলৈ কটাকুটি বা সম্পাদন কৰিম বুলি নহ’লেও, অন্য এটা মানসিক অৱস্থানত, অন্য এটা অৱস্থানত থিয় হৈ, অন্য এজন মানুহৰ দৃষ্টিৰে, এবাৰ এজন পাঠকৰ চকুৰে পঢ়ি চাম বুলি হ’লেও কবিতা এটা অলপ ‘পেলাই থোৱা’ ভাল। কবিতায়ো সময়ৰ লগে লগেহে পক ধৰে।

এইখিনিতেই আখৰুৱাৰ পুনৰীক্ষণৰ পৰ্যবেক্ষক আৰু কবি- দুয়োপক্ষই বাৰে বাৰে সন্মুখীন হোৱা সংকটটো : পৰ্যবেক্ষকে বস্তুনিষ্ঠ আলোচনা এটা আগবঢ়ালেও, কবিয়ে সেই আলোচনাটি কিমান বস্তুনিষ্ঠভাবে গ্ৰহণ কৰাৰ সাধ্য বা সাহস ৰাখে? 

৩/ চেতনা আৰু অৱচেতনাৰ বীক্ষণ

কাব্য-চৰ্চা, কাব্য-পাঠ আদিবোৰ যিমানেই বৈজ্ঞানিক, বৌদ্ধিক আৰু চিন্তন সম্পৰ্কীয় চৰ্চা বুলি নকও কিয়, বিজ্ঞানৰ আৰু দৰ্শনৰ বাকীবোৰ শাখা প্ৰশাখাবোৰতকৈ ইয়াত কথাবোৰ ঘটে অলপ পৃথকভাবে। ইয়াত এটা এটা আৱিষ্কাৰে, এটা এটা অনুধাৱনে, এটা এটা উপলব্ধিয়ে চেতনাৰ পৰা অৱচেতনালৈ এটা বাট গঢ়ে। পৰিসংখ্যা বিজ্ঞানত অথবা অন্যান্য বিজ্ঞানৰ শাখাত হয়তো এটা সমীক্ষা অথবা লেবৰেটৰীৰ পৰীক্ষাত প্ৰাপ্ত উপলব্ধি এটাক আপুনি পোণপটীয়াকৈ গৱেষণাত প্ৰয়োগ কৰি কামত আগবাঢ়িব পাৰিব। কবিতাৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। সেইটো কৰিবলৈ গৈ বহু কবি হামখুৰি খাই পৰাটোহে দেখা যায়। তাৰ বাবেও অলপ সময় ব্যয় কৰাটো প্ৰয়োজনীয় হৈ উঠে। ধৰক মোৰ কবিতা সম্পৰ্কে এজন সমালোচকে কিছু কথা লিখিলে আৰু কিছু কথাত মই সন্মত হ’লোঁ আৰু অনুভৱ কৰিলোঁ যে এইখিনি বস্তু মোৰ সৃষ্টি কৰ্মত প্ৰয়োগ কৰা উচিত। এতিয়া একে ৰাতিতে সেয়া প্ৰয়োগ কৰিবলৈ গ’লে সেয়া সফলকাম হৈ নুঠাটোৱেই স্বাভাৱিক। তাৰ মানে কিবা এটা খাই উঠি লগে লগে তাক ওকালি উলিয়াই দিয়াটোহে বুজাব। কিবা এটা খাই তাক হজম কৰি দেহৰ প্ৰয়োজনত কামত লগোৱাটো নুবুজাব। সেয়েহে, বোধ এটা- চেতনাৰ স্তৰৰ পৰা অৱচেতনাত নিহিত হৈ নপৰালৈকে তাৰ সু-প্ৰয়োগ সৃষ্টিশীল কামত সম্ভৱপৰ নহ’ব। হ’লেও সি হ’ব উপৰুৱা, বাহ্যিক আৰু অগভীৰ। উদাহৰণ স্বৰূপে, তীক্ষ্ণধী পাঠকে বুজি পায় কবিয়ে কেতিয়া কেৱল সমাজৰ প্ৰতি সচেতনতা দেখুৱাব লাগে বাবেই কবিতা এটাত কিবা এষাৰ কয়, আৰু কেতিয়া সেই সমাজ চেতনা কবিৰ মজ্জাগত চেতনাৰ বহিঃপ্ৰকাশ হিচাপে আপোনা-আপুনি ঘটে।

গতিকে সমালোচনা পঢ়ক। আনৰ কবিতাও পঢ়ক। কোনে কি কৈছে কি নকৈছে মন দি শুনক। তাৰ পিছত তাক পাহৰি যাওক। পাহৰণি মানৱ সভ্যতাৰ এটা আশীৰ্বাদ। যদি আপোনাৰ স্মৃতিশক্তি প্ৰখৰ আৰু আপুনি ইতিমধ্যেই কাব্যকলাৰ বিধি বিধান শিকি পেলাইছে, তেনেহ’লে এতিয়া আপোনাৰ কাম হ’ব পাহৰিবলৈ শিকাটো। শিক্ষিত বিষয় এটাত নিজকে আকৌ অশিক্ষিত কেনেকৈ কৰি তুলিব পাৰি? এইখিনি কথা ক’বলৈ পাবলো পিকাছোৰ উদাহৰণ দিব লাগিব – কেনেকৈ শিল্পী হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰাৰ পিছত, শিল্পকলাৰ সকলোবোৰ কৌশল আয়ত্বলৈ অনাৰ পিছত হঠাতে তেওঁ স্ব-ইচ্ছাৰে ছবি কেনেকৈ আঁকে সেই কথা পাহৰিবলৈ চেষ্টা কৰিছিল। শিল্পৰ ক্ষেত্ৰত সকলো শিল্পীয়েই এটা সময়ৰ পিছৰ পৰা আনলাৰ্ণ (Unlearn) কৰিবলৈ চেষ্টা কৰে আৰু এই আনলাৰ্ণৰ পৰ্যায়টোৱেই শিল্পীক পূৰ্ণতা দিয়ে। এই যে কিবা এটা পঢ়ি, বুজি আকৌ তাক পাহৰি যোৱা; অথবা লাৰ্ণ কৰা বস্তু এটাক আনলাৰ্ণ কৰা- এই সম্পৰ্কে পৰৱৰ্তী লেখাত বহলাই লিখিম।

৪/ Reading between the lines (নিহিতাৰ্থৰ সন্ধান)

সমালোচক এজনে কৈ থকা কথাখিনিৰ উপৰিও বহুখিনি কথা নোকোৱাকৈ থাকি যায়,  যিখিনি পঢ়িব পৰাটো এটা বিৰল গুণ। সমালোচক এজনে এজন কবিৰ অমুক গুণটোৰ প্ৰশংসা কৰিছে মানে সেই কবিয়ে আগলৈকো সেই বিশেষ গুণটোৰেই বিকাশ ঘটোৱাটো কামনা কৰিছে নে নাই সেইটো বুজাত কেতিয়াবা অসুবিধাও হয়। সেয়েহে লেখা এটাৰ মাজত নিহিত গূঢ়াৰ্থ বিচাৰি উলিয়াব পৰাটো আটাইতকৈ জৰুৰী। নীৰৱতা, নৈশব্দ অথবা শূন্যস্থানৰো যে ভাষা থাকে সেই কথা কবিতকৈ ভালকৈ আৰু কোনে বুজিব?

৫/ প্ৰাসংগিক পাঠ সমীক্ষাৰ ধাৰণা

এইখিনিতেই প্ৰসংগ, অনুষংগ আৰু সমালোচনাত্মক লেখা এটাৰ শাৰীৰিক অৱয়বৰ বাহিৰৰ কিছুমান কথাৰ সম্ভেদ ৰখাটো জৰুৰী হৈ পৰে। কবিতাৰ সমালোচনা মানে কেৱল কবিতা এটাৰ দেহ-বিচাৰ, অস্ত্ৰোপচাৰ আদিয়েই নহয়। কেতিয়াবা কবিতা এটা হ’ব পাৰে সমালোচকৰ অন্য এটা ইপ্সিত বিষয়বস্তুৰ আলোচনাৰ পথত এটা সহায়ক সমল মাত্ৰ। এটা বিশেষ সময়ৰ সমাজ বিপ্লৱৰ আৰু সামজিক স্থিতি আদিৰ বিশ্লেষণ কৰিবলৈ বুলি বহি এজন সমলোচকে অমূল্য বৰুৱাৰ ‘কুকুৰ’ কবিতাটোক তুলি ল’ব পাৰে। কেতিয়াব কোনোবা পৰ্যবেক্ষকে, পুনৰীক্ষকে, সমালোচকে আকৌ ইচ্ছাকৃতভাবেই কবিৰ (অথবা পাঠকৰ) ধ্যান অন্যফালে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব পাৰে।

মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ সংকলনখনিৰ পাতনিটো কেৱল সেই বিশেষ কিতাপখনৰ পাতনিয়েই নহয়, অসমীয়া কবিতাৰ পৰ্বান্তৰ সম্পৰ্কীয় সি এটা স্বয়ংসম্পূৰ্ণ লেখা- যি আজিৰ তাৰিখতো সমানেই প্ৰাসংগিকতা ৰাখে। তেনেকৈয়ে আমি সকলোৱে হয়তো সহমত পোষণ কৰিম যে হীৰেণ গোঁহাইদেৱে লিখা ‘সাগৰতলীৰ শংখ’ কিতাপৰ পাতনিভাগ কেৱল কবি নীলমণি ফুকন সম্পৰ্কে লিখা কথা মাত্ৰ নহয়। সেই কবিতাখিনি কেন্দ্ৰবস্তু হ’লেও তাৰ বাহিৰেও আৰু বহুখিনি কথা ঘূৰিপকি থাকে যিখিনি কথা মিলি এটা বাকধাৰা বা ডিছকোৰ্ছ গঢ় দিয়ে। সেই বাকধাৰাৰ এটা অংশ হৈ উঠিব নোৱাৰিলে কবিতা আৰু সমালোচনা সম্পৰ্কীয় আমাৰ ধাৰণাবোৰ খণ্ডিত, বিক্ষিপ্ত আৰু অসম্পূৰ্ণ হৈ ৰোৱাটোৱেই স্বাভাৱিক।


সমুদ্র কাজল শইকীয়া   


Monday, January 9, 2017

জুবিন গাৰ্গৰ সন্ধানত

[তলৰ আলোচনাটো “অসমীয়া গীত, সংগীত আৰু ব্যক্তিনিষ্ঠা(Subjectivity)-ৰ ইতিহাস” শীৰ্ষক গ্ৰন্থৰ এটা অধ্যায়ৰ কিয়দংশ]

অসমৰ সংগীত জগতৰ ইতিহাসত জুবিন গাৰ্গ চিৰদিনৰ বাবে এটা ট্ৰেজেডী হৈ ৰ'ব। কথাষাৰ বিতৰ্ক-উদ্ৰেককাৰী আৰু অখজা লাগিলেও এই কথাষাৰ কেনেকৈ আৰু কিয় ক'ব লগা হ'ল তাৰ আঁতি-গুৰি বিচাৰিয়েই কিছু কথা আলোচনা কৰিম।

আজিৰ পৰা কুৰি বছৰৰো আগতে, বিংশ শতিকা আহি যেতিয়া শেষ প্ৰান্তত উপনীত হৈছিলহি,  তেনে সময়তে হঠাতে ১-২-৩-৪ [বিৰতি], ১-২-৩-৪ [বিৰতি]... এনে এক ছন্দেৰে ইলেক্ট্ৰিক গীটাৰৰ(১) শব্দ এটাৰে অসমৰ আকাশ বতাহ মুখৰিত হৈ উঠিল। এটা সম্পূৰ্ণ অচিনাকি prelude, পূৰ্বৰংগ। কিবা এটা যেন হ’বলৈ গৈ আছে, কিবা এটা যেন আহি আছে। সেই উৎকণ্ঠা আৰু কৌতুহল উদ্ৰেককাৰী বেছ গীটাৰৰ শব্দৰ আঁত ধৰিয়েই আহিল ইলেক্ট্ৰিক গীটাৰৰ নিসি- শব্দ উঠিল উচ্চাংগলৈ। যেতিয়া ভাঁহি আহিল “বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা (নুমুৱাবা)/ মৰমৰ বৰষাৰে অনামিকা” বুলি যেতিয়াই বাজিল, এৰা-পথাৰত ক্ৰিকেট খেলি থকা ল’ৰাবোৰে দূৰণিৰ ক’ৰবাত সেই শব্দ শুনি ঢাপলি মেলিলে ক’ৰ পৰা আহিছে এই এক নতুন শব্দৰ উৎস বুলি। সেয়াই আছিল আৰম্ভণী। যাৰ আগমণী আছিল সেয়া আছিল সঁচাই সাংঘাতিক। হাতে হাতে গীটাৰ লৈ মঞ্চত গীত পৰিবেশনৰ অংগী ভংগী কৰিলে ল’ৰাহঁতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। যাৰ গীত মুখৰিত হৈছিল অসমৰ আকাশে বতাহে তাকে শুনি কিমান প্ৰেমৰ গল্প, প্ৰেমৰ কবিতা আৰু প্ৰেম পত্ৰ লিখা হ’ল তাৰ হিচাপ নাই। অসমৰ আকাশ বতাহ কঁপাই তোলা সেই সুৰ, কণ্ঠ আৰু ব্যক্তিত্বই আছন্ন কৰি থাকিল অসমৰ সংগীত জগত। সেয়াই জুবিন গাৰ্গ।

আজি আৰু জুবিন গাৰ্গক নতুনকৈ চিনাকি কৰাই দিয়াৰো প্ৰয়োজন নাই অথবা অসমৰ সংগীতৰ জগতখনলৈ অৱদান কি তাকো ব্যাখ্যা কৰাৰ সকাম নাই বুলিলেই হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো সম্ভৱ সাংস্কৃতিক জগতখনৰ কৰ্মী সকলৰ মাজত জাগ্ৰত কৰা অদম্য কৰ্মানুৰাগ আৰু নিৰবিচ্ছিন্ন ভাবে অহৰহ গান গাই যোৱাৰ এক ধৰণৰ বডি লেংগুৱেজ। ইয়াৰ আগতে সম্ভৱ ভূপেন হাজৰিকাক বাদ দি এনে মনোবৃত্তি দেখা নগৈছিল। সচৰাচৰ অসমৰ শিল্প-সাহিত্য আৰু সাংস্কৃতিক জগতত কৰ্মীসকলক এমেচাৰ হিচাপেই দেখা যায়। ধৰক অমুকে অমুকত অধ্যাপনা কৰে আৰু মাজে মাজে লেখা মেলা কৰে। তমুকে অমুক চাকৰী কৰে মাজে মাজে গীতচৰ্চা কৰি থাকে। সেই সূত্ৰে এই প্ৰজন্মৰ অন্যতম অগ্ৰণী প্ৰফেছনেল কৰ্মী হ’ল – জুবিন।

যি আদৰ আৰু উৎসাহেৰে সৈতে জুবিন গাৰ্গক অসমৰ সংগীতপ্ৰেমী ৰাইজে আকোঁৱালি ল’লে সেয়া অছিল সঁচাই ঈৰ্ষণীয়। গায়ক আৰু শ্ৰোতাৰ, সৃষ্টিৰ আৰু দৰ্শকৰ এটা ৰেচিপ্ৰোকেল  সম্পৰ্ক আছে। এজন গায়কে যেনেকৈ তেওঁৰ শ্ৰোতামণ্ডলীক জন্ম দিয়ে বা গঢ় দি লয়, তেনেকৈয়ে শ্ৰোতাসকলৰ ৰুচি, আকাংক্ষা আৰু প্ৰত্যাশায়ো গায়ক এজনক ক্ৰমাগতভাবে গঢ় দি গৈ থাকে। সমগ্ৰ অসম জুৰি, প্ৰথমে এটা উঠি অহা প্ৰজন্মক, আৰু তাৰ পিছত প্ৰজন্মান্তৰকো জুবিনে নিজৰ মতে গঢ় দি ল’লে। অজস্ৰ ফেন-ফল’ৱাৰ যে জন্ম দিলে, জুবিন-পৰৱৰ্তী গায়কসকলৰ গায়কী আৰু আনকি কণ্ঠৰ আৱেদনো যে জুবিনৰ দৰেই হৈ গৈ থাকিল কেৱল সেই কথাই কোৱা হোৱা নাই। লগতে ইয়াকো বুজোৱা হৈছে যে সাংস্কৃতিক আকংক্ষাকো জুবিনে নিজৰ মতে গঢ় দি ল’লে, মানুহৰ প্ৰত্যাশাকো নিজৰ অনুকূলে গঢ়িলে। এতিয়া তাৰ ওলোটা ঘটনাটোও ঘটিল। অসমীয়া মানুহৰ আকাংক্ষাই গঢ় দিলে ক্ৰমাগতভাৱে জুবিনৰ শৰীৰ। অসমীয়া মানুহ বুলিলে যিহেতু মূলতে মধ্যবিত্তীয় অসমীয়া ভাষী মানুহখিনিৰ কথাই বুজোৱা হৈ থাকে, সেইসকল মানুহৰ প্ৰত্যাশা অনুযায়ী জুবিনে এদিন বিহুগীত (নাম?) গাবলৈ আৰম্ভ কৰিলে। অসামান্য প্ৰতিভাধৰ জুবিনে নিজৰ কণ্ঠৰ যাদু ইয়াতো দেখুৱালে আৰু জনপ্ৰিয়তাৰ মাপকাঠিত উত্তীৰ্ণ হ’ল। তেনেকৈয়ে এদিন আৰম্ভ কৰিলে বৰগীত। অসমীয়া মানুহৰ প্ৰত্যাশা সদায়ে এয়ে যে শিল্পীয়ে নিজৰ দেশ, জাতি, সংস্কৃতি আৰু পৰম্পৰাৰ ধ্বজা বহন কৰিব লাগিব। সেই সূত্ৰেই জুবিনে বৰগীতো গালে। প্ৰতিভাধৰৰ শীৰত আশীৰ্বাদ এয়ে আছিল যে ইয়াতো জুবিন জনপ্ৰিয় হ’ল। এই আশীৰ্বাদ যে পোছাকী ৰুপত এক অভিশাপহে আছিল সেই কথা আমি সময়ত আলোচনা কৰিমগৈ। তাৰ পিছত জুবিনে এফালৰ পৰা গাই গ’ল সকলোবোৰ, পূৰণ কৰি গ’ল পৰম নৈপুণ্যৰে এটা এটা কৰি আধুনিক অসমীয়া সমাজৰ আটাইবোৰ প্ৰত্যাশা। আৰু সেইমতেই এই প্ৰতিভাধৰে কাকো নিৰাশ নকৰিলে। কামৰূপীয়া লোকগীত, গোৱালপৰীয়া গীত, বনগীত, নেগেৰা নাম, দেহবিচাৰৰ গীত একো নেৰিলে। জুবিনৰ নিজৰ মুখৰ কথাৰেই ক’বলৈ গ’লে – বিয়ানামৰ বাহিৰে তেওঁ নোগোৱা অসমীয়া গীত নাই। বিয়ানামো হয়তো গালে হেতেন যদি সেয়া মহিলাসকলৰ পৰম্পৰা নহ’লহেতেন। এই সহস্ৰ প্ৰত্যাশা পূৰণৰ পদ্ধতিত আৰু তাৰ সফলতাৰ আঁৰত ঢাক খাই থাকিল এক অনন্য সম্ভাৱনা তথা প্ৰতিশ্ৰুতি, আৰু সেই কথা আজিলৈকে কোনেও প্ৰশ্নও নকৰিলে, দুই দশকৰো আগতে বেছ গীটাৰৰ ঝংকাৰ তুলি অসমৰ আকাশ বতাহ কঁপাই তোলা সেই ল’ৰাটোৰ আচল সম্ভাৱনা বা প্ৰতিশ্ৰুতি কি আছিল? অজস্ৰ গান গোৱাৰ পিছতো, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অগণিত মানুহৰ হাৰ্ট থ্ৰ’ব হোৱাৰ পিছতো, জনপ্ৰিয়তাৰ শীৰ্ষবিন্দু হৈ উঠাৰ পিছতো, অসমীয়া আধুনিক গীত নামৰ এটা কেটেগ’ৰীৰ পৰা সকলোবোৰ শাখা-প্ৰশাখালৈ সম্প্ৰসাৰিত হৈ চলচ্ছিত্ৰ নিৰ্মাণ আৰু অন্যন্য বিতৰ্কেৰে সকলো সময়তে মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ পিছতো আজি যদি অসমীয়া গীত আৰু সংগীতৰ গ্ৰগতিৰ ইতিহাসত এজন শিল্পী হিচাপে জুবিন গাৰ্গৰ স্থান নিৰূপনৰ উদ্দেশ্য ৰাখি এবাৰ উভতি চাবৰ চেষ্টা কৰোঁ, তেনেহ’লে দেখা পাম- জুবিন গাৰ্গ ক’ৰবাত নিৰুদ্দিষ্ট হৈ ৰ’ল। Where is Zubin Garg?   

এক সুদীৰ্ঘ কাল ধৰি অনলস চৰ্চাত নিবৃত হৈ অহাৰ পিছতো জুবিন গাৰ্গৰ শৈল্পিক যাত্ৰাৰ পৰ্বান্তৰ চিহ্নিত কৰাটো অলপ দুৰূহ। দুৰূহ বুলি কোৱা হৈছে এই কাৰণে নহয় যে শিল্পীজন জীৱিত আৰু এতিয়াও কৰ্মৰত, এইবাবেই নহয় যে তেওঁৰ কৰ্মৰ বিস্তাৰ আৰু পৰিসৰ ব্যাপক। দুৰূহ এই বাবেহে যে এজন শিল্পী হিচাপে তেওঁ এটা স্থানৰ পৰা অন্য এটা স্থানলৈ গমণ কৰাৰ সম্ভেদ বৰকৈ নিদিয়ে। যাত্ৰা বুলিলে এটা স্থানান্তৰণৰ ধাৰণা থাকিব। এটা দিশ থাকিব। ‘ক’ স্থানৰ পৰা ‘খ’ স্থানলৈ গতি কৰিব লাগিব। এজন ব্যক্তি-শিল্পী হিচাপে চাই জুবিনৰ উত্তৰণৰ যাত্ৰাপথলৈ চকু দিব খুজিলে যি যাত্ৰাৰ উপান পোৱা যায় সেই যাত্ৰাই বৰ বেছি সন্তোষজনক ছবি এখন কিন্তু আমাক নিদিয়ে। সেই "অনামিকা"ৰ বাছ গীটাৰৰ প্ৰিল্যুডেৰে ৰক সংগীতৰ সংবেদনাৰে এসময়ত এক চাঞ্চল্যকৰ আৰম্ভণী কৰা জুবিন গাৰ্গে অসমৰ সংগীত জগতত নিজৰ কুৰিটা বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এটা নতুন এলবাম অসমৰ ৰাইজলৈ উপহাৰ দিলে আৰু যাৰ নাম ৰাখিলে “ৰক” - যিটো হৈ উঠিল আচলতে আমাৰ প্ৰত্যাশাৰ এটা শোচনীয় বিপৰ্যয়।   

“তুমি প্ৰজাপতি হৰিলা ঘুমটি
নুবুজা মোৰ বেদনা..."
– কথাৰ ফালৰ পৰাই হওক বা সুৰৰ ফালৰ পৰাই হওক, কোনোফালেই গীতটোৱে ‘ৰক’ সংগীতৰ সংবেদনশীলতাৰ ওচৰ নাছাপে। একেটা গানতে আছে-
“হৰিণীনয়না তোমাৰ নাই চকুপানী,
কিদৰে বুজাম তোমাক মোৰ কাহিনী..."
হৰিণীনয়না? ‘ৰক’ এলবামৰ গানত ‘হৰিণীনয়না’? সৌ তাহানিতে “বেদনাৰ জ্বলা জুই কিদৰে নুমাবা” বুলি কোৱা অনামিকা গানৰ প্ৰকৃত ৰক আবেদন আহি ধৰাশায়ী হৈ পৰিল কুৰি বছৰৰ পিছৰ ‘ৰক’ নাম ৰখা এলবামৰ “নুবুজা মোৰ বেদনা” কথাষাৰত। “বেদনা”ৰ পৰা আৰম্ভ হৈ “বেদনা”তে শেষ হৈ থাকিল। শব্দচয়নে কোনোফালে গতি তো নকৰিলেই বৰঞ্চ সেই “জ্বলা জুই”কুৰাহে নুমাই থাকিল। এই সময়ৰ এজন অন্যতম জনপ্ৰিয় যুৱ কবিয়ে “যি হ’ব মোৰ প্ৰেয়সী” নামেৰে এটা কবিতা লিখিবৰ পৰত এটা ব্যক্তিগত কথা বাৰ্তাত অসমৰ বৰেন্য কবি হীৰেণ ভট্টাচাৰ্যই, সকলোৰে মৰমৰ হীৰুদাই আমাক কৈছিল- “কিছুমান শব্দ আজিকালি আমি আৰু ব্যৱহাৰ নকৰোঁ। কিছুমান শব্দৰ অৰ্থ সলনি হৈছে, কিছুমানে সময়ৰ লগে লগে ব্যৱহাৰযোগ্যতা হেৰুৱাইছে। এই যে নতুন কবিজনে ‘প্ৰেয়সী’ বুলি লিখিলে, আজিৰ তাৰিখত আমি ভালপোৱাকজনক প্ৰেয়সী বুলি কওঁ জানোঁ?” কথাষাৰ সঁচা, এটা সময়ৰ পিছত কিছুমান শব্দই আৰু ইপ্সিত অৰ্থ প্ৰকাশ কৰিব নোৱাৰা হয়গৈ। শব্দ পুৰণি হয়। অসমীয়া গানত “বেদনা” শব্দটো তেনে এটা বহুব্যৱহৃত হৈ নিজৰ ওজন আৰু মাত্ৰা হেৰুৱাই পেলোৱা শব্দ। আজিৰ তাৰিখত "বুকুৰ বেদনা", "অবুজ বেদনা", "জোনাকী ৰাতি", "উজাগৰী ৰাতি" এইবোৰ অসমীয়া গীতৰ ক্লীছে। জুবিন গাৰ্গৰ যুগ আৰম্ভ হোৱাৰ প্ৰাকক্ষণতেই এই "বেদনা" শব্দটো আটাইতকৈ বেছি ব্যৱহৃত হৈছিল আৰু জনা সকলে জানিব যে সেই সময়ৰ সাংঘাতিক ভাবে জনপ্ৰিয় কুমাৰ শানুৱে তেওঁৰ বিশেষ কম্পন মিশ্ৰিত নাসিক উচ্চাৰণেৰে
“ইমান বেদনা সাবটি,
ৰৈ আছোঁ মই নিজম ৰাতি”,
অথবা
“ইমান বেদনা বুকুৰ মাজত মোৰ
নিৰৱ নদী
তুমি দেখা নাই, তুমি দেখা নাই
দেখা নাই” (সংগীত- জিতুল সোণোৱাল, কথা- খনিন দাস, এলবাম- অঞ্জনা)
এনেধৰণৰ গীত গাই গাই সৌ তেতিয়াই “বেদনা” শব্দটোৰ জাত মাৰি থৈছিল। তাৰ পিছত এটা শতিকাৰ এক চতুৰ্থাংশ সময়কাল পাৰ হৈ যোৱাৰ পিছত জুবিনে “বেদনা” পৰিহাৰ কৰিব নোৱাৰাটো সঁচায়ে বেদনাদায়ক। এই বেদনা হয়তো ৰৈ যাব। 

উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া প্ৰদেশবোৰৰ সৈতে তুলনা কৰিলেও অসমীয়া সংগীতত ৰক সংগীতৰ বৰ শক্তিশালী ইতিহাস এটা কোনোকালেই নাছিল। “অনামিকা” এলবামৰ জৰিয়তে এটা নতুন সম্ভাৱনাৰ উমান অসমৰ শ্ৰোতাই পাইছিল। কিন্তু অসমৰ শ্ৰোতামণ্ডলীয়ে আবেগ-মিশ্ৰিত আৰু মেল’ডিয়াছ ঘৰাণাবোৰৰ সৈতেহে বেছি সম্পৰ্ক স্থাপন কৰিব পাৰে। সেয়েহে কালক্ৰমত ৰকৰ পৰা পপৰ মাজেৰে জুবিন গাৰ্গে যেনি তেনি বাট বুলিবলৈ ধৰিলে। এইখিনিতে মনত পেলাই থোৱা ভাল যে জুবিন সম্পৰ্কে কথা পাতি আছোঁ যদিও, “অনামিকা” আৰু তাৰ পিছৰ ৰক আৰু পপ মিশ্ৰিত সংগীতৰ অনুভৱখিনিক যদি অসমীয়া সংগীত জগতৰ নতুন দিগন্তৰ উন্মেষ বুলি ধৰি লোৱা হয়, সেই দিগন্তৰ উন্মোচক কিন্তু জুবিন গাৰ্গ নহয়। জুবিন গাৰ্গৰ অভ্যুত্থানৰ আগেয়েই জিতুল সোণোৱালে অসমীয়া শ্ৰোতাৰ মাজলৈ এটা নতুনৰ সোৱাদ আনি দি থৈছিল। তবলা, হৰমনিয়াম, ঢোল, বাঁহীৰ সংৰচনাৰ সংবেদনশীলতাৰ পৰিৱৰ্তে পিয়ানো আৰু গীটাৰৰ ভিত্তিত সংৰচনাৰে নতুন যুগৰ ফিটা কাটি থৈছিল জিতুল সোণোৱালে। শব্দযন্ত্ৰৰ সংচয়নৰ লগতে গানৰ কথাৰ ক্ষেত্ৰতো এক্স্প্ৰেছনিষ্ট বা অভিব্যক্তিবাদী এটা মেজাজ আনিছিল যাৰ অবিহনে হয়তো জুবিন গাৰ্গৰ উত্থান ইমান সহজে সম্ভৱ নহ’লহেতেন।

জিতুল সোণোৱালৰ কথা ওলাওতেই আৰু দুটামান কথা কৈ থওঁ। ভূপেন হাজৰিকাৰ সাম্ৰাজ্য ইতিমধ্যেই স্তিমিত আৰু সেই সময়লৈ ভূপেন হাজৰিকাৰ নামত দুই এটা গালি-গালাজ পাৰিব পাৰিলেই গৌৰৱ বোধ কৰা এটা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ জাগৰণ ঘটিছিল। এয়া জিতুল সোণোৱালৰ ৰাজত্বৰ ঠিক আগৰ অথবা সমসাময়িক কথা। এই সময়খিনিতে অসমীয়া সংগীত জগতত ‘বিহুসুৰীয়া আধুনিক গীত’ নামেৰে এটা আধা সিজা বা ডাঁহেছীয়া বস্তু ওলাইছিল যাৰ পৰা মানুহ বিৰক্ত হৈ পলায়ন কৰিবলৈ বিচাৰিলেও পলাবৰ বাট নাছিল। সেইবোৰ আচলতে বিহুও নাছিল, আধুনিক গীতো নাছিল। অথবা একেসময়তে দুয়োটা আছিল। সন্ধ্যা মেনন, বিজয় ভূঞা প্ৰমুখ্যে কেইজনমান বৰেণ্য শিল্পীৰ কিছুমান কালজয়ী গীতে মানুহক আপ্লুত কৰিছিল যদিও এটা ধাৰা বা Genre হিচাপে সেইবোৰ আছিল সীমাবদ্ধ। হ’ল বুলিনো আৰু চেনাইয়ে লাহৰীলৈ কপৌফুল কিমান আনি থাকিব? এসময়ত কপৌফুল লেৰেলিবই। তোৰে মোৰে মাজত আছে সমাজৰে নৈ। জানোঁ। পিছে এসময়ত নৈয়ে দিশ সলনি কৰিবই। এনে সময়তে শব্দ-মিশ্ৰণৰ এটা নতুন মেজাজ, পশ্চিমীয়া সংগীতৰ দৰে তলে ওপৰে সমান্তৰাল ভাবে চলা নাটকীয় সুৰ বিন্যাস আৰু অভিব্যক্তিবাদী ভাব-ভাষাৰ আমদানীৰে জিতুল সোণোৱালে দিবলৈ চেষ্টা কৰিলে এটা নতুন সোৱাদ। নক’লেও হ’ব যে এই কাৰ্যত জিতুলৰ সন্মুখত পথ সহজ নাছিল। সমাজৰ সকলো স্তৰৰ মানুহেই একে আষাৰতে জিতুলক আদৰি ল’ব বুলি আশা কৰাটোও ভুল আছিল।  জিতুলৰ গানৰ উন্মেষৰ লগতে মন কৰিবলগীয়া আৰু এটা নতুন কথা হ’ল ইপ্সিত দৰ্শকৰ প্ৰতি (টাৰ্গেট অডিয়েন্স) এটা ধাৰণাগত চেতনা আৰু তাৰ লগে লগে এটা নতুন প্ৰজন্মক সন্মুখত ৰাখি আনি দিয়া পাৰফৰ্মেন্সৰ মুড। ‘বিহুসুৰীয়া আধুনিক গীত’ নামৰ শাখাটোৰ জনপ্ৰিয়তাৰ আঁৰত আছিল নতুনকৈ বাঢ়ি অহা বিহুমেলা, বিহুসন্মীলণী, বহাগী-বিদায় আদি অনুষ্ঠানবোৰ। কিন্তু অপ্ৰিয় হ’লেও সত্য যে এই অস্থায়ী মঞ্চ সাজি ওৰে ৰাতি জিলমিলাই থকা লাইট আৰু সাজসজ্জাৰ অনুষ্ঠানবোৰৰ আশা কৰি থকা আৰ্হি হ’ল পশ্চিমীয়া মিউজিক শ্ব’বোৰ, আৰু প্ৰেক্টিকেলি সেইবোৰ আছিল সমসাময়িক পপুলাৰ কালচাৰৰ থলী। লোকায়ত শিল্পৰ অভিধাৰ পৰা সেইবোৰ শতযোজন আঁতৰত। নতুন পুৰুষে তেনে এখন কৃত্ৰিম মঞ্চত বিহু বা বিহুসুৰীয়া শুনিবলৈ আগ্ৰহী একেবাৰেই নছিল। এই পৰিবেশটোৰ সালসলনি এতিয়াও হোৱা নাই। স্থবিৰ অসমীয়া মধ্যবিত্তই স্থিতাৱস্থাকেই ভাল পাই আহিছে। সি যি কি নহওক, জিতুলৰ “বহু ৰাতি হ’ল জানা, বহু গীত আজি হ’ল গোৱা” গীতটোৰ সৃষ্টিৰ আঁৰৰ কাহিনী কি নাজানোঁ। কিন্তু “এতিয়া যাবৰ হ’ল, আকৌ দূৰলৈ, দূৰলৈ দূৰলৈ” বুলি গানটোৱে সেই পৰিবেশটোকে চিহ্নিত কৰে ব্যৱহাৰিক আৰু প্ৰতিকী দুয়ো অৰ্থতেই। শেষ ৰাতিলৈকে চলা সংগীত কেন্দ্ৰিক অনুষ্ঠান এটাত গাবলৈ ভাল এই গীতৰ কথা। লগতে এইটোও কোৱা হ’ল যে এতিয়া আচলতে এতিয়ালৈকে চলি থকাবোৰ দূৰলৈ “যাবৰ হ’ল”।

পূৰ্বসূৰী শিল্পী সকলৰ অসাধাৰণ অৱদানেৰে অসমীয়া সংগীতৰ ইতিহাস চিৰকালৰ বাবেই চহকী হৈ থাকিলেও সময়ৰ লগে লগে ‘পাৰফৰমেন্স’ৰ দিশৰ পৰা পূৰ্বৰ ধৰাণা, বা পদ্ধতি, বা মেজাজবোৰ পিছ পৰি গৈ থাকিছিল। পুলক বেণাৰ্জীৰ দৰে দৰদী আৰু সুৰীয়া কণ্ঠ অসামাণ্য হ’লেও তাৰ পাৰফৰ্মেন্স-ভেল্যু নতুন পুৰুষৰ বাবে উপযোগী আৰু হৈ থকা নাছিল। সেয়েহে “দূৰণিৰ ৰং” চিনেমাৰ “অ’ সোৱৰণী, নিদিবি আমনি” এটা কালজয়ী গীত হৈ থাকিলেও জিতুলৰ “উজাগৰী এই ৰাতি” গীতৰ “নাহিবি সোৱৰণী” বোলা টানটোৱেহে অধিক মঞ্চশুৱনী হৈ উঠিব পৰাৰ সম্ভাৱনা আনি দিলে। নিজৰ কণ্ঠৰ লগতে সেই সময়ৰ সমগ্ৰ দেশৰে জনপ্ৰিয় আৰু আগশাৰীৰ কলা-কুশলীক আনি অসমীয়া গীত গোৱাই জিতুলে এটা নতুন পৰ্বৰ সূচনা কৰিছিল। অসমৰ সংস্কৃতিৰ চৰ্চাৰ সৈতে জড়িত হিমজ্যোতি তালুকদাৰে অলপতে আক্ষেপেৰে কথা এষাৰ উলিয়াইছিল যে ভূপেন হাজৰিকাই যিদৰে মহম্মদ ৰফী, কিশোৰ কুমাৰ, মান্না দে, লতা মংগেশকাৰ, ঊষা মংগেশকাৰ, আশা ভোষলে আদি সৰ্বভাৰতীয় পৰ্যায়ৰ গায়ক আৰু সংগীতশিল্পী সকলক আনি অসমৰ সংগীতজগত চহকী কৰিছিল সেই পৰম্পৰা যেন আজি নোহোৱা হ’ল। সেই পৰম্পৰাটো নতুনকৈ আৰম্ভ কৰিছিল জিতুলে কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ, কুমাৰ শানু আদিৰ দৰে শিল্পীৰ হতুৱাই অসমীয়া গীত গোৱাই। বিশেষকৈ “নিৰিবিলি গধূলি” এলবামৰ সময়ৰ গানখিনি অসমীয়া সংগীতৰ ৰুচিবান শ্ৰোতাই কেতিয়াও পাহৰিব নোৱাৰিব। এই নতুন গানখিনিৰ আৰু এটা অৱদান অছিল সেয়া হ’ল- এইবোৰৰ মাজত আছিল ভালেখিনি নতুন ডেন্স আইটেম। “অ’ মৰমী লগৰী, আছা বুকুজুৰি, নাযাবা আঁতৰি, দূৰণিলৈ” গীতটো আছিল সেই সময়ৰ এটা ডেন্স আইটেম। ৰমেন বৰুৱাৰ সৌ তাহানিৰ “ডক্তৰ বেজবৰুৱা”ৰ দৰে গীতবোৰৰ পিছত জিতুল সোণোৱালৰ সময়লৈকে বিহুসুৰীয়া গীতবোৰ, অথবা মেল’ডিয়াছ আধুনিক গীতবোৰৰ বাহিৰে  কণ্টেম্প’ৰেৰী ডেন্স আইটেম প্ৰায় নাছিলেই বুলি ক’লে বৰ বেছি ভুল নহ’ব।   

গায়ন শৈলীত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিলেও মঞ্চত পৰিবেশণৰ কলা জুবিন গাৰ্গৰ আয়ত্বত নাই। ব্যক্তি হিচাপে জুবিনৰ বাবে এয়া এক অৰ্বাচীন শুভ লক্ষণ যে মঞ্চত পৰিবেশনৰ বেলিকা তেওঁ বিশেষ দক্ষতা কোনোদিনেই দেখুৱাব নোৱাৰিলেও তেওঁৰ অনুষ্ঠানত হেজাৰ হেজাৰ গুণমুগ্ধ উত্ৰাৱল হৈ উঠে। জুবিনৰ বিপুল জনপ্ৰিয়তাৰ বহু পিছত অংগৰাগ মহন্ত বা পাপনে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় যদিও এটা কথা ক’বই লাগিব যে পৰিবেশনাৰ কলা পাপনৰ সম্পূৰ্ণ আয়ত্বত। বিগত এটা দশকত পাপনৰ ষ্টেজ শ্ব’ বোৰৰ ধৰণ কৰণৰ অগ্ৰগতি সম্পৰ্কে আগ্ৰহী কোনোবাই আলোচনা কৰিব পাৰে। একে ধৰণেৰে “জোনাকী ৰাতি” এলবামৰ প্ৰকাশৰ সময়ৰ গজল ভিত্তিক গীতৰ চৰ্চাৰে আহৰণ কৰা কণ্ঠৰ অণুশীলনৰ পৰা “বানাও বানাও”ৰ দৰে গীতৰ ৰচনালৈকে, আৰু “বানাও বানাও”ৰ পৰা অতি-সাম্প্ৰতিক মিউজিক ভিডিঅ’লৈকে পাপনৰ গীতৰ ধৰ্ম, চৰিত্ৰ আৰু পৰিবেশনৰ মেথ’দ বা পদ্ধতিক এটা যাত্ৰা হিচাপে চাব পৰা যায়। দুজন সমসাময়িক প্ৰতিভাধৰক তুলাচনীত তুলি জোখ মাখ কৰিবলৈ যোৱাটো হয়তো সঠিক নহয়, কিন্তু কথাখিনি বুজাবলৈ ইয়াতকৈ সহজ পথ আৰু নাছিল।



সি যি কি নহওক, জুবিন গাৰ্গৰ যি ৰেপৰ্টোৱা, বা কৰ্ম সমগ্ৰ, তাৰ তুলনা এই সময়ৰ আন কাৰো লগতেই হ'ব নোৱাৰে। তেওঁৰ প্ৰতিভাৰ উন্মোচনে এক অভিনৱ ব্যাপ্তি পাইছেগৈ যাৰ পৰিধি স্পৰ্শ কৰাটো এই সময়ত জীৱিত কাৰো পক্ষেই সম্ভৱ হৈ উঠা নাই। কিন্তু এই সকলোবোৰৰ পিছতো সকলোখিনি হৈয়ো একো নোহোৱাৰ, সকলোবোৰ পায়ো একো নোপোৱাৰ এক প্ৰতীক হৈ ৰ'ব - জুবিন গাৰ্গ। সহস্ৰ সহস্ৰ সৃষ্টি কৰ্মৰ মাজত সোমাই জুবিন গাৰ্গ নামৰ মানুহটোক বিচাৰি উলিওৱাটো কিন্তু সম্ভৱ নহয়। শিল্পী এজন তেওঁৰ কামৰ মাজতে সোমাই থাকে বুলি ধৰা হয়। জুবিনক কিন্তু তেনেকৈ পোৱা নাযায়। জুবিনৰ গানৰ মাজেৰে আমি নাজানো জুবিনৰ ঘৰ ক'ত, ক'ত থাকে, কি খায়, কি পিন্ধে। আমি জানিব নোৱাৰোঁ জুবিনৰ ভাল লগা বেয়া লগাবোৰ কি। "ইউকেলিপ্টাচৰ দৰে ওখ হ'ব খোজোঁ মই" বুলি হয়তো কেতিয়াবা গুনুক ঘানাককৈ কোৱা শুনিছোঁ। কোনোবাখিনিত কেতিয়াবা হয়তো গানৰ ভিতৰৰ মানুহটোক অলপমান চুব পৰা যেন লাগিছে কিন্তু মুহূৰ্ততে মানুহটো আকৌ হেৰাই গৈছে "হৰিণীনয়না", "অৱগুণ্ঠণ", "ফাগুণ" আদিৰ দৰে কিছুমান কাণ জুৰ পেলোৱা কিন্তু মৰ্মহীন ফুলাম শব্দৰ আঁৰত।

কথাখিনি কওতে আমিও জানো যে এজন গায়কৰ অস্ত্বিত্ব বা আত্মনিষ্ঠা (Subjectivity) মানে গানৰ কথাভাগেই হ'ব নোৱাৰে। গায়কৰ গায়কী, থেউকি, গায়নৰ মাজতে শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ পদ্ধতি, নাসিক উচ্চৰণ অথবা কণ্ঠৰ গাম্ভীৰ্য, কণ্ঠৰ পিচ্চ আদিবোৰতেই গায়ক এজন সোমাই থাকে। সেই হিচাপে শ্ৰোতা ৰাইজে জুবিন গাৰ্গ নামৰ গায়কজনৰ আঁৰৰ ব্যক্তিজনক কে'বাবাৰো ওচৰৰ পৰা পাইছে। কিন্তু সেইখিনিতো আহুকাল নুগুছিল। প্ৰথম শত্ৰুটো হ'ল জুবিন গাৰ্গৰ নিজৰ প্ৰতিভা। জুবিনৰ কণ্ঠ পৰিষ্কাৰ, নিভাঁজ আৰু নিপুণ। অসমীয়া ভাষাত "ফ" আখৰটোৰ উচ্চাৰণক বাদ দি জুবিনৰ অসমীয়া উচ্চাৰণত বিকৃতি নাই- যিটো এটা বিৰল ঘটনা। ৰবীন্দ্ৰসংগীতত যেনেকৈ বৰষা, পৰ্বতীপ্ৰসাদ আৰু ভূপেন হাজৰিকাৰ গীতত যেনেকৈ আহিন, জুবিন গাৰ্গৰ গীতত তেনেকৈ ফাগুণ। সম্ভৱ ফাগুণ জুবিনৰ প্ৰিয় মাহ। কিন্তু ফাগুণ শব্দটো উচ্চাৰণ কৰোতেই জুবিনৰ কণ্ঠত সেইটো ইংৰাজি "এফ" আখৰটোৰ উচ্চাৰণৰ দৰে শুনি। দুখজনক ভাবে জুবিনৰ উত্তৰসুৰী এই সময়ৰ সকলো গায়ক গায়িকায়েই ইংৰাজী F-ৰ দৰে "ফ" ক'বলৈ লৈছে। তাকে বাদ দি জুবিনে নাকী সুৰেৰে নাগায়, ফটা মাতেৰেও নাগায়। অত্যাধিক মদ্যপানৰ পিছত ভাৰসাম্য হেৰুৱাই পেলাওতেও, খঙৰ ভমকত মঞ্চত পৰিবেশনৰ মাজতে হাতৰ মাইক্ৰ'ফোন দলিয়াই পেলাওতেও জুবিনৰ কণ্ঠৰ মাধুৰ্য কিঞ্চিত মাত্ৰও ম্লান পৰা নাই। কণ্ঠৰ আৰু সুৰৰ এই যি ফিনিছ (Finish) সি সদায়ে জুবিনৰ কণ্ঠক এটা চিকুণ চিকচিকীয়া বস্তু কৰি ৰাখিছে। কেতিয়াবা আটাইতকৈ সুন্দৰ বস্তু এটাৰো কোনোবা নহয় কোনোবাখিনিত কিবা এটা খুঁত ৰৈ গ'লে সেই খুঁতটোৰ ভেঁটীতেই ব্যক্তিগত ভালপোৱাখিনি আৰু অলপ জীপাল কৰি ল'ব পাৰি। এই সম্পৰ্কে শ্লাভ’জ জিজেকৰ বিশ্লেষণ এটা আছে, আগ্ৰহী সকলে খুছৰি চাব পাৰে। জুবিনৰ কণ্ঠৰ এই "ফিনিছ" চৰিত্ৰটোৰ বাহিৰেও গায়কীৰ ক্ষেত্ৰত এটা শুভ হৈয়ো অশুভ দিশ হ'ল - জুবিনৰ অনায়াস প্ৰয়াস। উধৰ পৰা মূধলৈ সকলো ধৰণৰ গীত গাই গৈ থকোতে কেতিয়ও কোনোটো গানতেই নালাগিল যেন জুবিনে কষ্ট কৰি গাব লগীয়া হৈছে। এই অনায়াস সাধনে শ্ৰোতা মণ্ডলীক চিৰদিনেই অভিভূত কৰি ৰাখিছে সঁচা, কিন্তু সিয়েই আকৌ গায়কজনক এটা নিৰ্দিষ্ট দূৰত্বলৈকো থেলি দিছে।


মঞ্চত পৰিবেশনৰ কুশলতা নথকাৰ দিশটোলৈ চাই ক’ব লগিব জুবিন গাৰ্গ এজন সম্পূৰ্ণ ৰূপে ষ্টুডিঅ’ শিল্পী, অথবা প্লে’বেক গায়ক। আৰু তেনেকৈয়ে হেজাৰ হেজাৰ গীতেৰে তেখেতে মনোৰঞ্জন কৰি গ’ল। কোনো বাচ বিচাৰ নোহোৱাকৈ শ্ৰোতা ৰাইজৰ প্ৰত্যাশা পূৰণ কৰি গৈ থকাৰ ফলত এটা সময়ত জুবিন গাৰ্গ এজন “চাৰ্ভিছ প্ৰভাইডাৰ” শিল্পী হৈ পৰিল। ৰং ৰহইচৰ বাবে বিহু গালে, ভকতিৰ বাবে হৰিনাম গালে। গাড়ীত গৈ থাকোতে শুনিবৰ বাবে, উৰুকাৰ ভোজ খাওতে শুনিবৰ বাবে অজস্ৰ গান দিনে। পুৰণি অসমীয়া গীতবোৰ হেৰাই যাব নেকি বুলি সময়ে সময়ে উঠা উদ্বিগ্নতাখিনিৰ উপসমৰ বাবে পুৰণি শিল্পীৰ গানবোৰো গালে। সংস্কৃতিবান অসমীয়াৰ মন জুৰাবৰ বাবে, ডেকা গাভৰুৰ মন ভাল লগা বেয়া লগাবোৰৰ বাবে, দেশৰ বাবে, দহৰ বাবে গঁড়ৰ বাবে, সৰ্বানন্দ সোণোৱালৰ বাবে, টি ভি চেনেলৰ বাবে, চিনেমাৰ বাবে, বলিউডৰ বাবে, বিহু ফাংচনৰ বাবে, কাৰোবাৰ ৰূপালী জয়ন্তী - সোণালী জয়ন্তীৰ বাবে, কোনোবা নতুন শিল্পীৰ ডেবিউট এলবামৰ বাবে হাজাৰে হাজৰে গান গালে। সকলোকে সমানে চাৰ্ভিছ দি গ'ল।


এতিয়া কোনোবাই যদি অসমীয়া সংগীতৰ ইতিহাসত জুবিন গাৰ্গৰ অৱদান কি বা অৱস্থান কোনখিনিত বুলি প্ৰশ্ন এটা লৈ উভটি চায় তেতিয়াহে সমস্যাটো হয়। অসমীয়া সংগীতলৈ ৰক অথব পপ সংগীতৰ আমদানী কৰাজন জুবিন নহয়, জিতুলহে। Genre হিচাপে জুবিনৰ নতুন আৱিষ্কাৰ একো নাই, অসমীয়া আধুনিক গীতৰ মেল'ডী-প্ৰধান ধাৰাটোকে তেওঁ কেৱল বৰ্তাই হে ৰাখিলে। জনমুখী গীতৰ ক্ষেত্ৰত জুবিন সফল হোৱা নাই, মানুহে সেইভাবে তেওঁক কোনোদিনে চাবও খোজা নাই। লোকগীত গালে জুবিনৰ গান মানুহে শুনি ভাল পায় কিন্তু লোকগীতৰ শিল্পী বুলি আখ্যাটো মানুহে জুবিনক নিদিয়ে। জুবিনৰ বিহু মানুহৰ মুখে মুখে চলিলেও বিহুগীতৰ কালিকা বা 'জাত' সেইবোৰত ৰক্ষিত হোৱা নাই বাবেই জুবিনে বিহুৰ ওজা বুলিও স্বীকৃত নাপায়। কথখিনি চালি জাৰি চাই এনেকৈয়ে ক'ব লাগিব যে এজন শিল্পী হিচাপে জুবিন পৰিপূৰ্ণ হৈ উঠক, অথবা এটা শিল্প-ৰূপত জুবিন ওজা হৈ উঠক সেইটো অসমৰ ৰাইজে কোনোদিনেই বিচৰা নাছিল। সময়ে সময়ে অৱসৰৰ আমোদ প্ৰদান কৰি থাকিবলৈকে অসমৰ মানুহে জুবিনক বিচাৰিলে।  

সমুদ্ৰ কাজল শইকীয়া

টোকা-
১। এইখিনিতে বাছ গীটাৰৰ (Bass Guitar) শব্দ বুলি পোনতে উল্লেখ কৰা হৈছিল। শেহতীয়াকৈ সংশোধন কৰা হৈছে। 

Saturday, January 7, 2017

হোক্স, মেমে, চিনেমা, ষ্ট্ৰেটেজী আৰু বকুলতললৈ ছাকিৰা অহাৰ সম্বাদ

"কি নাম দি মাতিম" 

চিনেমাৰ কিমান যে নাম! লগতে বদনাম। কিমান যে চৰ্চা। মুখ-চুপতি। উৰা-বাতৰি। কিমান যে যাত্ৰা, স্থানচ্যুতি, নিজৰ পৰা আঁতৰি যোৱা, আকৌ উভতি অহা...

চিনেমা নামটোৰে এক বিশেষ কলাকেই বুজিছিলোঁ সৰুৰে পৰাই। ডাঙৰ হৈ হে দেখিলোঁ চিনেমা মানে কেৱল পৰ্দাখন আৰু তাত দেখা পোৱা বস্তুখিনি নহয়, চিনেমা মানে হলঘৰটোহে। থিয়েটাৰ বুলিলে নাটক বুজিছিলোঁ। কিন্তু অভিধান চাই বুজিলোঁ- থিয়েটাৰ মানে ৰংগমঞ্চ, নাট্যশালা। যিহেতু ছবিবোৰ আৰু শব্দবোৰ চলমান, সেয়েহে মুভি বুলিলোঁ। যিহেতু কথাও আছে ছবিও আছে সেয়ে কথাছবি বুলিলোঁ। কথা ভাগক বেছি গুৰুত্ব দি যেতিয়া 'সাহিত্য-ধৰ্মিতা'ৰ দাদাগিৰিখিনি বাঢ়ি যোৱা দেখিলোঁ তেতিয়াই উদ্দেশ্যপ্ৰণোদিত ভাবে চলচ্ছিত্ৰ বুলিলোঁ। সৰু সৰু পৰ্দাৰ উপকৰণবোৰ আহি পৰাৰ পিছত মাজে মাজে বিগ-স্ক্ৰীণ বুলিও কৈ থ'লোঁ। আৰু চেনেহতে মাজে মাজে ক'লোঁ ছিলভাৰ-স্ক্ৰীণ, ৰূপালী পৰ্দা। (মন কৰিব, প্ৰতিটো নামকৰণেই সাংঘাতিকভবে, নিচকভাবে, কাৰিকৰী।) এতিয়াও খুব সহজতে ফিল্ম বুলি থাকোঁ। অথচ আমি জানোঁ যে ফিল্ম মানে ৰসায়ণিক পদ্ধতিৰে প্ৰস্তুত কৰিব পৰা এটা বিশেষ বস্তু, এটা ৰিল, ফটোগ্ৰাফীৰ 'নিগেটিভ' বুলিলে যি বুজোঁ তেনেকুৱাই কিবা এটা। সময় আৰু তাৰ লগে লগে পদ্ধতি সলনি হৈ সকলোবোৰ ডিজিটেলাইজড হৈ যোৱাৰ পিছত ৰীল বা ফিল্ম নাথাকিলেও তাকো ফিল্মেই বুলি থাকিলোঁ। কি যে আইৰণি! নিজৰ সুবিধামতে এনেকৈয়ো কৈ থাকিলোঁ যে- ডিজিটেল ফিল্ম! ডিজিটেলটো বাৰু বুজিলোঁ, কিন্তু ফিল্মখিনি ক'ত? তথাপি ফিল্ম। আৰু আপোন কৰি ক'বলৈ হ'লে ফিলিম! তাত কিন্তু আমি বুজাব খোজাখিনিত একো অসুবিধা নহ'ল। কাৰণ শব্দবোৰ বহুবীহি। ই ভগৱানৰ দৰেই। যি নামেৰেই নামাতোঁনো কিয়, সেই অজানাজন সেইজনেই (নে সেই জনীয়েই?)। এই বস্তুটোও তেনেকুৱাই- যি নামেৰেই নামাতোঁ কিয় আমি জানো ই কি। লগতে জানো যে এই বস্তুটো একক নহয়, ই সমগ্ৰতাক সাঙুৰি গা কৰি উঠা এটা বিৰাট আয়োজন। কিন্তু আমাৰ সংকুচিত বীক্ষণৰ বাবে এই সমগ্ৰতাৰ কথাখিনি মাজে মাজে পাহৰি যাওঁ। 

হিমাংশু প্ৰসাদ দাসৰ "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ" নামৰ চিনেমাখনৰ প্ৰমোচনৰ কাম চলি থকাৰ সময়তে এই সমগ্ৰতাৰ দিশটোৰ কথা আকৌ এবাৰ মনত পেলাবলৈ আৰু ন-কৈ ভাবিবলৈ অলপ সুযোগ ওলাল। লগতে পপুলাৰ কালচাৰ, মাছ কালছাৰ আৰু স্পেক্টেটৰশ্বিপ সম্পৰ্কেও দুটা কথা পাতিব পৰা যাব।

ডেৰঘণ্টাৰ পৰা তিনি ঘণ্টাৰ মাজৰ সময়খিনিত পৰ্দাত চলি থকা কাৰবাৰখিনিয়েই চিনেমা নহয়। তাৰ বাহিৰতো ই আছে। কেতিয়াবা কিছুমান দিশলৈ চাই ক'ব পাৰি তাৰ বাহিৰতেইহে আছল বস্তুটো। The art lies somewhere outside the object. অসমীয়া দৰ্শকৰ (ননি টেৰনৰ পৰা ধাৰ কৰা ভাষাৰে ভকতীয়া দৰ্শকৰ) সীমাবদ্ধতা এয়ে যে চিনেমা মানে কেৱল কাহিনী এটা। কাহিনীটোৱে যদি সমাজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিছে, বা মেছেজ দিছে তেনেহ'লেই সেয় ভাল কিবা এটা। 'মেছেজ' (message)  নিদি যদি কেনেবাকৈ 'মাছাজ' (massage) দিবলৈ আৰম্ভ কৰে তেতিয়া? পক্ষাঘাতগ্ৰস্ত, স্নায়ু-বিকল, ক্লিনিকেলি নাম্ব ভকতীয়াই সেয়া অনুভৱ কৰিব নোৱাৰে। কাহিনী এটাতকৈ চিনেমা এখন ক'ত, কেনেকৈ, কাৰ লগত চাইছিল সেই চোৱাৰ মুহূৰ্তখিনিৰ অনুভৱখিনি বৰ গুৰুত্বপূৰ্ণ। সেয়ে গুৰুত্বপূৰ্ণ হৈ উঠে- পোষ্টাৰ, বেনাৰ, বেনাৰৰ আখৰৰ ফণ্ট/ হাফ-টোন প্ৰিণ্ট, ত্ৰাই-কালাৰ প্ৰিণ্ট/ চাইজ এইবোৰ, টিকট কাউণ্টাৰত শাৰী পাতি থকা মানুহবোৰৰ গছিপ আৰু উৎকণ্ঠা, বেৰত চোবোৱা তামোলৰ দাগ, পপ-কৰ্ণ, চিনেমাহলৰ আসনত থকা উৰহৰ কামোৰ, বাথৰুমত থকা নেপথেলিন গুটি অথবা চিত্ৰনলাৰ গোন্ধ আদি সকলোবোৰ। আপোনাক যদি অমুক চিনেমাখনৰ কথা সোধা হয় কি কি কথা অপোনাৰ মনলৈ আহে বাৰু? সেই অমুক চিনমাখন চাবলৈ যোৱাৰ দিনা আপোনাৰ কোষ্ঠ-কাঠিন্য আছিল নে পাতলীয়া আছিল সেইটোও গুৰুত্বপূৰ্ণ নহয় জানো? মোৰ বাবে কিন্তু হয়। কাৰণ চিনেমা এখন চোৱাটো এটা অভিজ্ঞতা। এই অভিজ্ঞতা বাতাৱৰণৰ সৈতে যুক্ত, ইক'ল'জিকেল। চাউণ্ড চিষ্টেম কেনে আছিল? গাঁঠিৰ ধন ভাঙি চাবলৈ গৈছিল নে কোনোবাই ফ্ৰীতে দেখুৱাইছিল? সেইদিনা অসম বন্ধ আছিল নেকি? বতৰটো গোমা আছিল নে ফৰকাল?


"কিতনে আদমি থে?"


আমি বলিউড ভাল পাওঁ এইবাবেই যে বলিউডে চিৰকালেই ৰূপালী পৰ্দাৰ আয়তক্ষেত্ৰাকাৰ স্পেচৰ পৰা চিনেমাক উন্মুক্ত কৰি আহিছে। বলিউডৰ আচল মজা সদায়ে চিনেমাখনৰ বাহিৰত। ত্বাত্বিক ভাবে ক'বলৈ গ'লে বলিউডৰ প্ৰতিখন চিনেমাই এটা বাগধাৰাৰ মাজৰ এটা অৱস্থান। আমাৰ ঘৰতে আমাৰ দেউতা প্ৰাণৰ ফেন, আমাৰ সৰু খুৰা ধৰ্মেন্দ্ৰৰ ফেন, মা সঞ্জীৱ কুমাৰৰ ফেন। সৰুতে দূৰদৰ্শনত যেতিয়াই চিনেমা এখন আহিছিল, চিনেমাখনৰ আগতেই আমি তাৰ সম্পৰ্কে বহু কথা শুনিছিলোঁ। কথাবোৰ শুনি শুনিয়েই চিনেমাখনক কেন্দ্ৰ কৰি এটা আৱহাৱা তৈয়াৰ হৈ গৈছিল। ৰাজেশ খান্না বা দেৱানন্দৰ চিনেমা এখন চোৱাৰ পৰত সেই অভিনেতা সকলে অভিনয় কৰা চৰিত্ৰ সমূহতকৈ বহুগুণে ডাঙৰ হৈ ধৰা দিছিল সেই ব্যক্ত্বিত্ব খিনিৰ কাষৰ গোলাকৃতিৰ মৰল। এতিয়াও চিনেমা এখন হললৈ অহাৰ আগতেই ফিল্ম-মেগাজিন, ৰিয়েলিটি শ্ব', ইউ-টিউব আৰু চ'ছিয়েল চাইটৰ যোগেদি আমি আগতেই সোমাই পৰোঁ চিনেমাখনৰ পাৰিপাৰ্শ্বিকতাত। এইখিনিক বাদ দি চিনেমাখন সম্পূৰ্ণ নহয়। বলিউডৰ অন্যতম মাইলৰ খুটা "শ্ব'লে" বুলি ক'লে সেই আয়তাকাৰ ক্ষেত্ৰত দেখা ঘটনাখিনি নহয়, আমাৰ মনলৈ আহে গব্বৰ সিঙৰ “লাৰজাৰ দেন লাইফ” ভাৱ-মূৰ্তিটো, বিভিন্ন মাধ্যমত শুনা ডাকু আৰু ঠাকুৰৰ অজস্ৰ কৌতুক, চ'ছিয়েল মাধ্যমত দেখা শতাধিক মেমে। কেৱল স্ক্ৰীণ-টাইমৰ বাবেই শ্ব'লে শ্ব'লে হোৱা নাই, শ্ব'লে শ্ব'লে হৈ উঠিছে এই সকলোবোৰ সামৰিহে।



“তুমি জানিলেই জানা মোৰো জনা হয়”


"ষড়দ্ৰষ্টা" নামৰ এটা লেখাত আমি ছয় প্ৰকাৰৰ দ্ৰষ্টা বা দৰ্শকৰ কথা উল্লেখ কৰিছিলোঁ। শিল্প অনুধাৱণৰ পদ্ধতি আৰু অভিনেতা আৰু দৰ্শকৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত কৰা সেই আলোচনাটোত ছয় প্ৰকাৰৰ দৰ্শকৰ মাজত এবিধ আছিল "ঘৰচীয়া বা ঘৰুৱা দৰ্শক (Domestic Spectator)"। এইবিধ দৰ্শক আছিল এনেধৰণৰ:

"এইজন দৰ্শক হ'ব পাৰে নাটকৰ কৰ্মকৰ্তা সকলৰে কোনোবা এজন, অভিনেতা-পৰিচালক-প্ৰযোজক, অথবা তেওঁলোকৰ কোনোবা অঙহী-বঙহী, ৰিহাৰ্ছেল চলি থকা সময়ত সদায়ে কাষেৰে পাৰ হৈ যোৱা কোনবা এজন, নাট্যবলিয়া কোনোবা ছাত্ৰ বা অনুসন্ধিৎসু বিদ্বান যিয়ে যেনেকৈয়ে নহওক কিয় হ'বলগীয়া বা হৈ থকা নাটকখনৰ সম্পৰ্কে অলপ হ'লেও কিবা এটা জানে। যিহেতু ইতিমধ্যেই কিবা নহয় কিবা এটা জানে, তেওঁ নাট্যমুহূৰ্তটোত নিজকে এজন বহিৰাগত ব্যক্তি বুলি নাভাবে, তেওঁৰ হাতত এনে বহুটো সমল আছে যাৰ জৰিয়তে তেওঁ পৰিবেশটোত নিজকে খাপ খুৱাই ল'ব পাৰে। এই ঘৰুৱা দৰ্শকজনেই শ্ৰেষ্ঠতম দৰ্শক, কিয়নো নাটক এখন তেওঁ নিজৰ মতে বুজি পায় আৰু নিজৰ ব্যক্তিগত স্মৃতি অথবা জ্ঞানৰ সৈতে ৰজিতা খুৱাই তাক উপভোগ কৰে।

মন কৰিবলগীয়া কথা যা সাম্প্ৰতিক হিন্দী চিনেমাৰ প্ৰমোচনেল ষ্ট্ৰেটেজিবোৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতেই গানবোৰ বজাৰত উলিয়াই দি, পোষ্টাৰ উলিয়াই, নায়ক-নায়িকাৰ মুখৰোচকৰ কাহিনী সজাই, ৰিয়েলিতি শ্বো পাতি, 'ইউ-টিউব'ৰ দৰে চ'চিয়েল নেটওৱৰ্কত প্ৰচাৰ কৰি আচলতে এই শ্ৰেণীৰ ঘৰুৱা দৰ্শকৰ প্ৰস্তুতিকেই পোষকতা কৰে। এইবোৰ মাৰ্কেটিং চানেকীয়ে আগতীয়াকৈয়ে চিনেমাখনৰ সম্পৰ্কে কিছুমান ক্লু বা সূত্ৰ ভাবি-দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়ে, যাৰ জৰিয়তে সেই ভাবি দৰ্শকজনৰ শিল্পকৰ্মটোত মনোনিৱেশ কৰিবলৈ সুবিধা হ'ব পাৰে।..."

(দ্ৰষ্টব্য- সমুদ্ৰ কাজল শইকীয়া, "ষড়দ্রষ্টা- বিভিন্ন স্থান-কালৰ পৰিপ্রেক্ষিতত ছয় প্রকাৰৰ দ্রষ্টা বা দর্শকৰ সংজ্ঞা নিৰূপণৰ প্রয়াস"
http://assameseculturalwriting.blogspot.in/2011/11/blog-post_2305.html)


কৰ্কৰা ভাত খাই ধনশ্ৰী ৰাগ টনা অসমীয়া


কিবা কিবি কাৰণবশত: আমাৰ সকলোবোৰ লেখাই একেখিনি কথালৈকে ঘুৰি পকি আহে, আৰু তেনেকৈয়ে এইখিনিতে আমি আগতে বাৰম্বাৰ উল্লেখ কৰি অহা অসমীয়া সমালোচনাৰ সংকট আৰু অসমীয়া মধ্যবিত্তীয় পণ্ডিতৰ শুচিবায়ুগ্ৰস্থতাৰ কথা অলপ কৈ ল'ম। প্ৰথমতে, অসমীয়া সমালোচনাৰ সংকট এয়ে যে, সমালোচনাক সমালোচনা হিচাপে বা এক স্বকীয় গৰিমামণ্ডিত কলা হিচাপে আজিও অসমীয়া মানুহে গ্ৰহণ নকৰিলে। ফলত সমালোচনা হয় হ'ল নিন্দুকৰ নহয় হ'ল চাটুকাৰৰ বৃত্তি। দ্বিতীয়তে, ওপৰলৈ শিল এটা দলিয়াই দিলে যাৰ মূৰতে পৰিব তেওঁৱেই এজন লেখক - সেই কথা বাৰু ভাল কথা। মত প্ৰকাশৰ স্বাধীনতা সকলোৰে আছে আৰু সেয়াই হোৱা উচিত। কিন্তু তাৰ মাজতো এনে লোকৰ সংখ্যা খুবেই কম যাৰ যি বিষয়ত যি লিখি থকা হৈছে সেই বিষয়ত অলপ হ'লেও ব্যৱহাৰিক জ্ঞান আছে। চিনেমা এটা টেকনিকেল মাধ্যম। ফিল্ম, ছিল্ভাৰ স্ক্ৰীণ- এই সকলোবোৰ নামেই টেকনিকেল ব্যৱহাৰিক বস্তু। একো একোটা ব্যৱহাৰিক বস্তু, পদ্ধতি, কাৰিকৰী প্ৰক্ৰিয়া এইবোৰৰ ন্যুনতম জ্ঞান নোহোৱাকৈ আপুনি লিখিবই পাৰে। লিখক। কিন্তু তেতিয়া আপোনাৰ লেখাটো খুব বেছি সাহিত্য নিৰ্ভৰ হৈ গৈ থকাৰ সম্ভাৱনা আছে। হওক, তাতো আপত্তি নাই। কিন্তু সমস্যাটো হ’ল সেইখিনিতহে যেতিয়া সকলো লোকেই একেখিনি পৰিপ্ৰেক্ষিতেৰে একেখিনি কথাকেই পাতি থাকিলে! ইমান বিস্তাৰিত, বহুমুখী মাধ্যম এটাক একমূখী আৰু সীমিত কৰি পেলোৱাটো এটা অপৰাধেই নহ'ল নে? ইয়াৰ শাস্তি কি হোৱা উচিত- আজীৱন কাৰাদণ্ড নে ফাঁচী? তৃতীয়তে, লিখি থকা মানুহখিনি যেনেকৈ সীমাবদ্ধ, পঢ়ি থকা মানুহখিনিও সমানে সীমাবদ্ধ। সংখ্যাগত ভাবেও, ধাৰণাগতভাবেও। লিখি থকা মানুহখিনিও "মান্য" অসমীয়া-ভাষী আধুনিকতাবাদী মধ্যবিত্ত, পঢ়ি থকাখিনিও একেখিনিয়েই। অথচ মাধ্যমগত ভাবে চিনেমা আছিল মধ্যবিত্তীয়- নিম্নবিত্তীয় নিৰ্বিশেষে (আনকি ভাষা নিৰ্বিশেষেও আৰু দেশ নিৰ্বিশেষেও) সকলোকে সম্বোধন কৰিব পৰা এক বিৰাট শিল্প। গতিকে এনে এক বিৰাট শিল্পক নিজৰ কমফ'ৰ্ট জ'ন এটা বিচাৰি উলিয়াই সীমাবদ্ধ পৰিসৰৰ মাজলৈ সুমুৱাই নি কথা পাতি থকাটো অপৰাধেই নহ'লনে? চতুৰ্থতে, অপ্ৰিয় হ'লেও সত্য যে অসমীয়া শিক্ষিত সমজখন সাংঘাতিক ধৰণেৰে এলিট (Elite)। কৰ্কৰা ভাত খাই ধনশ্ৰী ৰাগ টনা অসমীয়া সমাজখনত ধূতি-নীতি আৰু শুচিবায়ুগ্ৰস্থতা ইমানেই যে - অলিখিত কিছুমান বিধানৰ পৰা অলপ ইফাল সিফাল হ'লেই বস্তুবোৰ আৰু গ্ৰহণ যোগ্য নহয়। গতিকে ইয়াত নীতি আৰু নৈতিকতাহে মূল কথা। আমোদ, প্ৰমোদ অথবা সকলোৰে উৰ্ধত "অভিজ্ঞতা"- এইখন এলিট সমাজে কাহানিবাই নস্যাৎ কৰি থৈছে। গতিকে চিনেমাক পপুলাৰ কালচাৰ বা মাছ কালচাৰৰ অংশ হিচাপে চোৱাটোতো দূৰৰে কথা, কোনোবাই তেনেদৰে চাবলৈ বিচাৰিলেও তাক এই (ভ্ৰান্ত) এলিট সমাজে লেই লেই চেই চেই কৰাটোহে স্বাভাৱিক। অলপতে অসমৰ ভ্ৰাম্যমাণ নাটক সম্পৰ্কে কোৱা কথা এষাৰ আকৌ ক'ম যিটো অসমীয়া চিনেমাৰ ক্ষেত্ৰতো প্ৰযোজ্য। কথাষাৰ আছিল "বিশ্বায়নে নহয়, পুঁজিবাদে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ ধ্বংস কৰিলে অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উন্নাসিকতাই"। যিটো সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা তুঙ্গত আছিল সেই সময়ত সকলো শিক্ষিত চিৰিয়াছ নাট্যকৰ্মী আৰু 'সমালোচকে' ভ্ৰাম্যমানৰ নাট্য-ধৰ্মিতাক নিন্দা কৰি গ'ল। হয় সেই আটাইবোৰ কথাই গুৰুত্বপূৰ্ণ আৰু যুক্তি-যুক্ত আছিল। কিন্তু সমস্যাটো এইখিনিতে ৰ'ল যে ভ্ৰাম্যমাণক এটা পপুলাৰ আৰু মাছ কালছাৰৰ অংশ হিচাপে কোনেও নাচালে। ফলত কালক্ৰমত অসমৰ এটা আপুৰুগীয়া সমসাময়িক পৰম্পৰা (Contemporary Tradition) নিম্নমুখী হৈ আহিল। চিনেমা শিল্পৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বান খিনিৰ কথাও পাতি থকা হয়। তাৰ মাজত থাকে- কেনেকৈ হলবোৰ আজিকালি নোহোৱা হ'ল, কেনেকৈ নব্য-মাধ্যমৰ সম্প্ৰসাৰণে মানুহৰ জুতি বা টেষ্ট সলনি কৰি গৈ আছে ইত্যাদি। পুঁজিবাদ, বিশ্বায়নকে সাঙুৰি আৰ্থ সামাজিক সকলো কথা পতা হৈ থাকে। কিন্তু Mass Culture বা Popular Culture-ৰ দৃষ্টিৰে আৰু তাৰ প্ৰতি অসমীয়া এলিট সমাজৰ শুচিবায়ুগ্ৰস্থতাই কৰা ক্ষয় ক্ষতিৰ দৃষ্টিৰে কথা পতাই নহ'ল।


অহুকাণে পহুকাণে ছাকিৰা আহিব বকুলতলৰ বিহুলৈ


১৯৯৭ চনৰ পৰা ২০০০-ৰ মাজৰ সময়খিনিত হিমাংশু প্ৰসাদ দাসক গুৱাহাটী ক্লাবত কে’বাবাৰো পাইছিলোঁ। প্ৰতিৰোধৰ ক্ষমতা ৰখাটো কিমান গুৰুত্ব পূৰ্ণ সেই কথাত, দীঘলী পুখুৰীৰ পাৰত ডেকা-গাভৰুৱে কিয় প্ৰেম কৰিব নোৱাৰিব সেই প্ৰশ্নত হিমাংশুৰ নাকৰ পাহি ফুলিছিল। নেছনেল স্কুল অফ ড্ৰামাত শিক্ষাগ্ৰহণৰ সময়খিনিত হিমাংশুৰ ব্যৱহাৰ-পাতি আছিল বেক-বেঞ্চাৰবোৰৰ দৰে। প্ৰডাকচনৰ বাহিৰলৈ আহি সকলোকে উধাই মুধাই গালি পাৰিবলৈ পালেই ভাল পাইছিল। ২০১২ চনত গুৱাহাটী মহানগৰ জুৰি আমি আয়োজন কৰা এটা পাব্লিক আৰ্টৰ উৎসৱৰ সময়ত হিমাংশুৱে আমাৰ অনুৰোধ মৰ্মে ‘পণবন্দী’ নামৰ অভূতপূৰ্ৱ নাটকখন আকৌ কৰিছিল। যৌতুকৰ সমস্যা আৰু সমসাময়িক যুৱ-সমাজৰ অৱস্থানক সাঙুৰি চলন্ত চিটিবাছৰ মাজতে সংঘটিত সেই নাটকখনৰ উত্তেজনা ইমানেই বাঢ়ি গৈছিল যে এসময়ত কণ্ডাক্টৰে চলন্ত বাছখন আদবাটতে ৰখাই দিবলৈ বাধ্য হৈছিল। পেছেঞ্জাৰৰ ৰূপত থকা নাট্যকৰ্মী সকলৰ বাহিৰেও অন্যান্য যাত্ৰী সকলৰ পাৰ্টিচিপেছনে এক অনন্য ৰূপ লৈছিল। ‘এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি’ বুলি কবিতা এটাক ভিডিঅ’ৰূপ দিছিল- পপুলাৰ চিনেমাৰ কিছুমান অনুষংগ ব্যৱহাৰ কৰি। কবিতাটোত থকা সুৰটোকলৈ অলপ অসুবিধা পাইছিলোঁ কিন্তু সেইখিনি কথা অসমীয়া কবিতাৰ গতিবিধি সম্পৰ্কীয় অন্যস্থানত লিখিম। কিন্তু চিনেমাৰ আৰু ভিডিঅ’ৰ স্ক’প’ফিলিয়া কৰবাৰটোক হিমাংশুৱে যেনেকৈ ব্যৱহাৰ কৰিছিল তাৰ শলাগ নলৈ নোৱাৰি। এই হিমাংশুৱে যেতিয়া চিনেমা কৰিবলৈ লৈছে তাত মেজাজটো যে অলপ অন্য হ’ব সেই কথাত দ্বিধা নাই।

হিমাংশু প্ৰসাদ দাসে বুজি পালে যে চিনেমা এখনৰ নিৰ্মানৰ লগতে তাৰ প্ৰমোচনৰ দিশটো এটা প্ৰক্ৰিয়া বহিৰ্ভূত বস্তু নহয়। প্ৰমোচন চিনেমাখনৰে এটা অংশ। এইটো যিহেতু চ'ছিয়েল মেডিয়াৰ যুগ, চ'ছিয়েল নে'টৱৰ্কিঙৰ প্লেটফৰ্মবোৰ হিমাংশুৱে সুপৰিকল্পিতভাবেই ব্যৱহাৰ কৰি গ'ল। মেমে (Meme) আৰু ফটো মেনিপুলেচন চ'চিয়েল মেডিয়াৰ এটা অভূতপূৰ্ব আৱিষ্কাৰ। নতুন নতুন গ্ৰাফিক্সৰ সংযোজনেৰে, ফটো মেনিপুলেচনেৰে সদায়ে মানুহৰ সন্মুখলৈ আহি থাকিল "ছাকিৰা আহিব"-ৰ নিৰ্মাণৰ আৰু প্ৰম'চনৰ নতুন নতুন খবৰ। দেখিব বিশ্বৰ ক্ৰীড়াংগণৰ, বিশ্ব-সংগীতৰ, হলিউডৰ আৰু বলিউডৰ একো একোজন বাঘা বাঘা তাৰকাই “ছাকিৰা আহিব” চিনেমাখনৰ প্ৰ’ম’চনত নামি পৰিছে। এনেধৰণেৰ চ’চিয়েল মিডিয়াই দিব পৰা চমক আটাইখিনি হিমাংশুৰ টীমে ব্যৱহাৰ কৰিছে। ইণ্টাৰনেট হোক্স (Hoax)-ক যে কেনেকৈ এটা গঠণমূলক কামত ব্যৱহাৰ কৰিব পাৰি তাকেই হিমাংশুৰ পি আৰ টীমে দেখুৱালে। তাৰ লগে লগে ইভেণ্ট মেনেজেমেণ্টৰ আয়োজনবোৰো চলি থাকিল। অহা বিছ জানুৱাৰীত মুক্তি পাবলগীয়া চিনেমাখনৰ সম্পৰ্কে অসমৰ চুকে কোণে অগণন জনে বিভিন্ন ধৰণেৰে প্ৰকাশ কৰিলে এই উষ্মা- "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ"। নামটোৰ মাজতেই আছে এটা উষ্মা। কোনোবা আহিব। কিবা এটা হ'ব। কিবা এটা ঘটিব। আজিৰ পৰা পোন্ধৰ বিছ বছৰমানৰ আগতে এখন একাংকিকা নাটকৰ নামে নাম কৰিছিল- "কিবা এটা হৈ আছে"। সেই নামটোতো এটা উষ্মা আছিল। ভ্ৰাম্যমাণ থিয়েটাৰ চোৱা দৰ্শক মাত্ৰেই জানে গমগমীয়া কণ্ঠৰে ঘোষিত হোৱা "আৰু ক্ষন্তেক পাছতেই" বুলি কোৱা কথাষাৰৰ মাজত কি উত্তেজনা সোমাই আছে। এই চিনেমাখনৰ নামকৰণৰ মাজত থকা সেই উষ্মাটোক অতি কৌশলেৰে এটা পাৰফৰমেটিভ ৰূপ দিয়া হ'ল। ক্ৰমাগতভাবে এই প্ৰম'চনৰ পদ্ধতিটোৱেই হৈ উঠিল এটা পাৰফৰমেন্স। চিনেমাখন, সেই আয়তাকাৰ ৰূপালী পৰ্দাত নিৰ্দিষ্ট সময়ত কি ওলাব বা কি ঘটিব সেইবোৰ কথা পিছত। হয়তো চিনেমাখন সফল হ'ব, অথবা ফ্লপ হ'ব। চিনেমাজগতত হয় পুজাৰ নিৰ্মালি পোৱা যায় নহ'লেবা কুকুৰে কাঁইট নোখোৱাকৈ পৰা গালি। ইয়াত কোনো মধ্যৱৰ্তী অৱস্থান নাথাকেই। কিন্তু তাৰ আগতেই এই যি প্ৰম'চনৰ পাৰফৰমেন্স - তাত ইতিমধ্যেই "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ"-খনে সফলতা লাভ কৰিছে। ইতিমধ্যেই অসমৰ ৰাইজে বুজি পাইছে যে - কিবা এটা ঘটিবলৈ গৈ আছে। এই কথাটো সঁচা যে অসমৰ চিনেমাৰ জগতখনতেই আচলতে কিবা এটা ঘটিবলৈ গৈ আছে।

হিমাংশু প্ৰসাদ দাসৰ এটাও মঞ্চ প্ৰযোজনা মই দেখিবলৈ পোৱা নাই। কিন্তু শুনি আহিছোঁ, আৰু এষাৰ কথাই কাণত পৰিছে বাৰে বাৰে যে - 'দৰ্শকক কেনেকৈ আকৃষ্ট কৰি ধৰি ৰাখিব লাগে সেই কথা হিমাংশুৱে জানে'। যি সময়ত অসমৰ শিল্প-সাহিত্যত জোনাকী ৰাতি, বৰষুণৰ টোপাল, পথাৰৰ ধান, বুকুৰ বেদনা আৰু ফাগুণৰ উতলা বা-ৰ দৰে লীৰিকেল কথা-বাৰ্তাৰ পয়োভৰ সেই সময়ত হিমাংশুৰ এখন নাটকে জনপ্ৰিয়তা লাভ কৰিছিল যাৰ নাম আছিল - "মই শ্বাহৰুখ খান হ'ব খোজোঁ"। আমি জানোঁ যে এই সময়ৰ অসমীয়া মিউজিক ভিডিঅ'বোৰে আমদানী কৰা সংবেদনশীলতাৰ পৰা হিমাংশু বহু আঁতৰত, কিন্তু এইটোও বুজাই যায় যে অসমৰ এলিট পৰিমণ্ডলৰ মাজত আৱদ্ধ হৈ থকিবলৈ হিমাংশু প্ৰসাদ দাসৰ আৰু ইচ্ছা নাই। এলিট আৰু পপুলাৰৰ মাজত কোনোবাখিনিত দলং এখন হয়তো এনেকৈয়ে অতি শীঘ্ৰেই গঢ়ি তুলিব পৰা যাব।

চৰ্চা হওক। চুপতি হওক। উৰাবাতৰি ওলাওক। আমি গছিপবাজ।



সমুদ্ৰ কাজল শইকীয়া
৭ জানুৱাৰী ২০১৭, নতুন দিল্লী