ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, September 15, 2014

বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা)


বৰঘৰৰ মেকুৰীও নাই আৰু সেই মেকুৰী সৰু ঘৰলৈ যোৱাৰ কথাও ক'ব খোজা নাই। এই মাহৰ সাহিত্য ডট অৰ্গৰ সম্পাদক অঞ্জল বৰাই বেজবৰুৱা বিষয়ক বিশেষ সংখ্যাৰ যো জা চলাই থকা বুলি লেখা এটা বিচাৰিছিল। কিন্তু বেজবৰুৱা সম্পৰ্কীয় লেখা এটা যুগুতাই উলুয়াব পৰাকৈ সামৰ্থ বা সময়-সুবিধাৰ এটাও এই অভাজনৰ নাই। সেয়ে সীমামূৰীয়াকৈ বেজবৰুৱাৰ নামৰ আচিলা লৈ অন্য কিছু কথাহে বখানিব খুজিছোঁ। কিছু মত অভিমতৰ বাহিৰে এই লেখাত আন একো নাই। ঢাকোনখনহে বেজবৰুৱাৰ, পঁইতাভাতখিনি নহ'বও পাৰে।

পঁইতাভাত আমি খাবলৈ পাওঁ এইবাবেই যে কোনোবাই আগদিনা ৰাতিয়েই ৰাহি ভাতখিনিত পানী দি আছুতীয়াকৈ থৈছিল। তাকেই নকৰাহ'লে নাপালোঁ হেতেন। আমাৰ কথাৰ বিধেয়ও এইখিনিতেই।

বাজবৰুৱাৰ অৱদান বহুমূখী। কেবাখনো ক্ষেত্ৰজুৰি আছে। লোকসাহিত্যৰ সংগ্ৰাহক আৰু সংকলক হিচাপে তেখেতৰ যি গুৰুত্ব সেইখিনি কথা মনলৈ অহাতেই এই আলোচনাৰ সূত্ৰপাত ঘটিল। বুঢ়ী আইৰ সাধু কেৱল এখন সাধুৰ কিতাপেই নহয়, ই এটা সঞ্চয়ন আৰু আমাৰ বাবে সমলপুথি। এতিয়া কথা হ'ল ই কিহৰ সমল বা কেনেকৈ ই গুৰুত্বপূৰ্ণ। ইয়াৰ ডাল পাত আৰু শিপা ভাগে ভাগে ফঁহিয়াই চালে বহুখিনি প্ৰয়োজনীয় কথা ওলাই পৰিব। বুঢ়ী আইৰ সাধুৰ অন্তৰ্হিত সমলখিনি যথা-

১) মৌখিক সাহিত্য
২) ত্বৎকালীন বা তাৰো আগৰ কালৰ গ্ৰাম্য জীৱনৰ কথন ভঙ্গী
৩) ফকৰা, যোজনা সমন্বিতে ভাষাৰ কালিকা
৪) সামাজিক পৰিস্থিতিৰ কিছু ৰেঙণি (যি খিনি আঁহে আঁহে সোমাই আছে, বিচাৰিব জানিলেই ওলাই পৰিব)
৫) এখন সমাজৰ ব্যক্তিবিশেষৰ কল্পনাৰ আধাৰখিনি (ভোক-পিয়াহ, অৰ্থ-বৈভৱ ইত্যাদি)
৬) এখন সমাজৰ সমূহীয়া অৱচেতনা (কালেক্টিভ কনচিয়াচনেছ)

এইখিনি কাম কৰাৰ ক্ষেত্ৰত বেজবৰুৱাৰ পদ্ধতি বা উৎসৰিত চেতনা অসমৰ ক্ষেত্ৰত হয়তো প্ৰথম পদক্ষেপ কিন্তু বিশ্বৰ পৰিপ্ৰেক্ষিতত একান্তই স্বকীয় বা একক নহয়। আমাৰ খণ্ডিত বিচাৰ বুদ্ধিৰ বাবেই হওক অথবা অধ্যয়ণৰ সীমাবদ্ধতাৰ কাৰণেই হওক কিছুমান কথাৰ আতি-গুৰি মাৰি আলোচনা কৰিবলৈ আমি আজিও শিকা নাই। তাতে উপহুতা হৈ অলপ জাতীয়তাবাদী ভাৱনায়ো ক্ৰিয়া কৰাৰ ফলত ব্যক্তি পূজনৰ এটা প্ৰয়াসে মূৰ দাঙি উঠে যাৰ পৰিণতিত আমি আচলতে সেই পূজ্যব্যক্তিৰ অৱদানবোৰক নিজে নজনাকৈ আৰু বেছি অপমানহে কৰোঁ। উদাহৰণ স্বৰূপে শঙ্কৰদেৱ সম্পৰ্কীয় কথা পাতোতে আমি ভাবো যে শংকৰদেৱেই সকলো, তেৰাৰ বাদে আৰু কোনো নাই। সে ধৰণেৰেই তেখেতে অণুপ্ৰেৰণা বা সমল আহৰণ কৰা উৎস সমূহ বা সেইবোৰৰ সম্ভাৱনা সম্পৰ্কে কথা পাতিবলৈ আমি উদাসীন হৈ ৰওঁ। ফলত কালক্ৰমত, আমি নিজকে আৰু বেছি সংকীৰ্ণ কৰি পেলাওঁ।

বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু" এটা বিদ্যায়তনিক কাম। এই প্ৰসঙ্গলৈ আমি আহিম। কিন্তু তাৰ আগতে আন এটা কথা উনুকিয়াই থওঁ। বেজবৰুৱাৰ পৰৱৰ্তি কালত তদ্ৰুপ চৰ্চা বহুকাললৈ নোহোৱাৰ ফলত আমাৰ এটা সাধাৰণ ধাৰণা থাকি গ'ল যে ইয়াত সংকলিত সাধুখিনিয়েই অসমীয়া সাধুকথা। সাধুপুথিখনৰ বিস্তৰ জনপ্ৰিয়তা আৰু একক অৱস্থানৰ কাৰণে আজিও সাধুকথা বুলিলেই সেইখিনি সাধুকথাই আমি কওঁ বা শুনিবলৈ পাওঁ। কিন্তু আমি মনত ৰখা দৰকাৰ যে অসমৰ দৰে বহু-ভাষিক, আৰু মিশ্ৰিত সাংষ্কৃতিক আৰু নৃগোষ্টীৰ সমাৱেশভূমিত আৰু বহুধৰণৰ সাধুকথা আছিল বা আছে যিবোৰ হয়তো সেই এখন মাত্ৰ পুথিত সন্নিবিষ্ট নহ'ল। এই কথাৰ ভিত্তিত 'বুঢ়ী আইৰ সাধু'ৰ সাধুখিনি অসমীয়া সাধুকথাৰ পৰিচয় বুলি মানিব পাৰিলেও একমাত্ৰ পৰিচয় বুলি আমি মানি লোৱাটো উচিত নহ'ব। ড০ লক্ষী হাজৰিকাই কোৱা এষাৰ কথাও এইখিনিতে টানি আনিব পাৰি - "সাধুবোৰত বেজবৰুৱাৰ ভাষাৰীতিৰহে প্ৰতিফলন ঘটিছে"। 'বুঢ়ী আইৰ সাধু'ৰ পাতনিত ৱাজবৰুৱাই লিখিছে, "শেহত কওঁ যে তলত নাম দিয়া সকলৰ পৰা আমি এই কিতাপত দিয়া সৰহভাগ সাধু পাইছিলোঁ; কিন্তু কোনটো কাৰ পৰা পোৱা গৈছিল সেইটো কোৱা অসাধ্য, কাৰণ নানা ৰকমকৈ লিখা একোটা সাধুকে আমি কেইবাজনৰ পৰা পাইছিলোঁ আৰু সেই এটাইবোৰ পঢ়ি মিলাই বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছোঁ। স্বৰূপাৰ্থত, তেওঁলোকে যি ভাষাত সাধুবোৰ লিখি পঠাইছিল সেই ভাষা এই সাধুবোৰত নাই বুলিলেই হয়, দৈবাৎহে কোনোটোত এশাৰী আদশাৰী আছে। কিছুমান সাধু আমাৰ সমূলি নিজা।" পাতনিখনৰ পৰা এইখিনি কথাৰ উদ্ধৃতি দি "বুঢ়ী আইৰ সাধুৰ ভাষাতাত্ত্বিক বিচাৰ" নামৰ লেখাত হাজৰিকাই কয়, "বেজবৰুৱাৰ মন্তব্যৰ পৰাই স্পষ্টকৈ বুজিব পাৰি যে 'বুঢ়ী আইৰ সাধু'ৰ যি ভাষাৰীতি তাত বেজবৰুৱাৰ ভাষাৰীতিৰহে প্ৰকাশ পাইছে - লোকভাষাৰ (folk language) প্ৰলেপ তেনেকৈ নাই। অবশ্যে লোকভাষাৰে সমৃদ্ধ সাধুকথাবোৰ বেজবৰুৱাই নিজা ধৰণে সজালেও লোকভাষাৰ কিছু আভাস নিশ্চয় তাত বিচাৰি পোৱা যাব।"  সি যি কি নহওক, বুঢ়ী আইৰ সাধু'ৰ ক্ষেত্ৰত বেজবৰুৱাই কেনেকৈ এজন সম্পাদকৰ ভূমিকা আৰু দায়িত্ব পালন কৰিছে তাৰ আভাস পোৱা গ'ল।

আধুনিকতাবাদ এটা বিশ্বব্যাপী আন্দোলন আৰু ইয়াৰ লগৰ জাতীয়তাবাদী উত্থানৰ সংযোগ আছে। জাৰ্মান গ্ৰীম ভাতৃদ্বয়ে সংগ্ৰহ আৰু সংকলণ কৰা ফেইৰী টেইল অথবা বঙালীৰ "ঠাকুমাৰ ঝুলি"- সম পৰ্যায়ৰ সকলো প্ৰয়াসৰ আঁৰতেই কিছুমান জাতীয়তাবাদী প্ৰৱণতাই কাম কৰিছিল। কথাখিনি বুজিবলৈ তেনেই সহজ - আমাৰ নিজৰ গীত মাত, নিজৰ কথন ভংগী, নিজৰ সমাজ জীৱনক কোনোবাখিনিত কেনেবাকৈ উত্তৰসূৰী প্ৰজন্মৰ বাবে ৰাখি থৈ যাব লাগিব- এই বোধৰ উন্মেষেই অন্তৰালত থকা কাৰণ। উত্তৰসূৰীৰ কথা ভাবোতেও আমি ভাবিব লাগিব পূৰ্বজসকলৰ কথা। এই চেতনা জাগ্ৰত হৈছিল দেশ, মানুহ আৰু ভাষাৰ অস্তিত্বৰ সঙ্কটকালত, ইংৰাজৰ তলতীয়া ভাৰতবৰ্ষত।

সাধাৰনীকৰণৰ দোষত পৰিব খোজা নাই, কিন্তু তথাপি ক'ব পাৰি যে প্ৰত্যেক জাতিৰে কিছুমান সামূহিক বৈশিষ্ট্য থাকে। জাতিগত দোষ বা গুণ হিচাপে সঞ্চয়ৰ প্ৰতি অনীহা আমি অসমীয়াৰ ইতিহাসত দেখি আহিছোঁ। দুবেলা দুমুঠি পেটে ভাতে খাই বিশেষ অপায় অমংগল নোহোৱাকৈ কোনোমতে চাৰে ঘাৰে চলি থাকিব পৰাটোৱেই আমাৰ গাঁৱলীয়া জীৱনৰ দৰ্শন। অসমীয়া সমাজখন বহুলাংশে গ্ৰামীণ হোৱাৰ ফলতেই বোধকৰোঁ সেই অভাবো নাই, ৰাহীও নাই ধৰনৰ এটা মনস্কতা আমাৰ মাজত থাকি গ'ল। এই ক্ষেত্ৰত ইংৰাজ সম্পূৰ্ণভাবে ব্যতিক্ৰম হোৱাৰ ফলতেই আমাৰ বৃন্দাৱনী বস্ত্ৰখন গৈ ইংৰাজৰ দেশৰ সংগ্রহশালা পালেগৈ। যিখিনি আপুৰুগীয়া সমল এই দেশত থাকিল সেইবোৰ ঘূণে খালে, উই পোকে খালে, বানত উটি গ'ল আৰু নাজানো ক'ত যে কি হ'ল। দিন কাল সলনি হ'ল, মানুহৰ চন্তা ধাৰাও সলনি হ'ল। কিন্তু আমি আজিও নাজানো কোনখন হাতেলিখা পুথি কোন সত্ৰত আছে, কেতিয়াৰ পৰা কেনেকৈ আছে বা আজিৰ তাৰিখত কি অৱস্থাত আছে। আমি সদায়ে ব্যৱহাৰ কৰা আঁচুফুলীয়া গামোচাখনৰ ইতিহাস কি? শংকৰদেৱৰ সমকালীন অন্যান্য পণ্ডিত সকলৰ ৰচনাৰাজি বিচাৰিলে ক'ত পোৱা যাব? 

এই যে আমাৰ ঐতিহাসিক সমলবোৰ আধৰুৱা, খণ্ডিত বা বিক্ষিপ্ত- তাৰ ফল আমি ক্ৰমে ক্ৰমে সকলো ক্ষেত্ৰতেই ভোগ কৰিবলৈ আৰম্ভ কৰিছোঁ। এটা সময়ত ৰঙালী বিহুৰ সময়ৰ হুঁচৰি আছিল ডেকাসকলৰ ধেমালী আৰু ৰসিকতাৰ এক জীৱন্ত আৰ্কাইভ। কালক্ৰমত বহু অঞ্চলত সেই হুঁচৰি নোহোৱা হৈ গৈ কেৱল হৰিনামতে আৱদ্ধ হৈ থাকিলগৈ। এটা সময়ত লোকগীত বুলিলে তাত চিত্ৰ বিচিত্ৰ বিষয়বস্তুৰ সমাহাৰ আছিল। কিন্তু ক্ৰমান্বয়ে এনে এটা পৰিস্থিতি হ'ল যে লোকগীত বুলি যিকোনো এটা এলবাম বজাৰৰ পৰা তুলি আনিলে তাত প্ৰায় আটাইখিনিয়েই হৰিনাম-ধৰ্মী গীতহে বিচাৰি পাওঁ। টোকাৰী গীত, দেহ-বিচাৰৰ গীত, কামৰূপীয়া লোকগীত আটাইবোৰ মষিমূৰ কৰি হৰিনামৰ আগাসন দেখা পালোঁ। দিনে দিনে বৈচিত্র্যবোৰ হেৰাই যাবৰ উপক্ৰম হৈছে। এয়ে কালৰ ৰীতি। এতিয়া কথা হ'ল গাঁবে ভূঞে চুকে কোণে যিখিনি একক বৈচিত্ৰ্যময় সমল সোমাই আছিল বা আজিও সোমাই আছে সেইবোৰ উলিয়াই আনি থুপ খুৱাব কোনে?

পুৰণি সম্পদ খুচৰি চালে, সেইবোৰ সংগ্রহ বা সংকলন কৰিলে অতীতমূখী হোৱা নুবুজায়, বৰঞ্চ এই কামে আমাক আৰু বেছি ভবিষ্যতমূখী হে কৰি তোলে। এই কথাটোকেই বেজবৰুৱাই বুজাব খুজিছিল, আৰু তেওঁ যি সময়ত এই কামটো কৰিছিল সেই সময়খিনিত সমগ্ৰ পৃথিৱীতেই ই এক সমানে গুৰুত্ব পূৰ্ণ কাম আছিল। এই কথা সাব্যস্ত কৰিবলৈ মাত্ৰ এইকণ তথ্যই যথেষ্ট যে, ফিনলেণ্ডৰ গৱেষক আন্টি আৰ্নেই সাধুকথাৰ বিভিন্ন প্ৰকাৰ বা ধৰণৰ প্ৰথমখন তালিকা "বুঢ়ী আইৰ সাধু"ৰ প্ৰকাশৰ মাত্ৰ এবছৰ আগতে প্ৰকাশ কৰি উলিয়াইছিল। মন কৰিব, বেজবৰুৱাৰ দিনত ইন্টাৰনেট নাছিল।

আৰ্কাইভ (অভিলেখাগাৰ?) মানে হ'ল ঐতিহাসিক খতিয়নৰ সংকলন অথবা সেইবোৰ থ'ব পৰা এটা অৱস্থান। এয়া কোনো ব্যক্তিবিশেষ বা অনুষ্ঠানক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সমগ্ৰ কাৰ্যকালৰ (বা জীৱনকালৰ) তথ্যৰ সংগ্ৰহ। আৰ্কাইভ বুলিলে সাধাৰণতে কোনো আলোচনী, সংকলণ অথবা লাইব্ৰেৰী মাত্ৰ নহয়। ইয়াত জনপ্ৰিয় মাধ্যমৰ যোগেদি অপ্ৰকাশিত বহুতো সমল একত্ৰ হয় যাৰ ফলত আৰ্কাইভৰ কিছুমান মৌলিক আৰু একক গুৰুত্ব থাকে। সম্প্ৰতি এনে আৰ্কাইভৰ গুৰুত্ব আৰু সমাদৰ বাঢ়ি আহিছে আৰু বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যোগ গ্ৰহণ কৰিছে। তথ্য (অথবা সমল) সংগ্ৰহ, সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত হীমজ্যোতি তালুকদাৰৰ কিছু উদ্যোগ আমি ইতিমধ্যেই দেখা পাইছোঁ আৰু তেওঁলোকৰ আনুষ্ঠানিক প্ৰয়াস এনাজৰীৰ কৰ্মৰাজীয়েও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়াত কথা বতৰা গ্ৰুপৰ জৰিয়তে জন্ম লোৱা সাহিত্য ডট্ অৰ্গ আলোচনীখনো এক প্ৰকাৰৰ আৰ্কাইভেই।

অলপ অপ্ৰিয় হ'লেও সত্য যে অসমৰ বিদ্যায়তনিক পৰিমণ্ডলত কাম কৰাৰ বহুখিনি সুযোগ সুবিধা থকা বুলি আমি গম পাওঁ, কিন্তু সেইবোৰৰ 'আউটকাম' সম্পৰ্কে খবৰ খাতি আমি বৰকৈ নাপাওঁ। বৌদ্ধিক মহলৰ পৰাও আমি খুব বেছি আশাপ্ৰদ ভূমিকা দেখা নাপালোঁ। তাৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ আগৰণুৱা কিছু সংখ্যক যুৱক-যুৱতীৰ গাইগুটীয়া প্ৰচেষ্টাই আমাক বেছিকৈ আকৰ্ষিত কৰিছে। এইখিনি কথাৰ লগতেই আমি আৰ্কাইভিং মনষ্কতা বুলি এষাৰ কথা উনুকিয়াব খুজিছোঁ। সমল (মেটেৰিয়েল), সূত্ৰ (এভিডেন্স) আৰু তথ্য (ডাটা)  সংগ্ৰহ/সংৰক্ষণ/ প্ৰয়োগৰ এই গাইগুটীয়া অথবা বিকল্প প্ৰয়াসবোৰৰ আন এটা বহল পৰিসৰৰ ভূমিকা আছে। সেয়া হ'ল, কেৱল বিদ্যায়তনিক বা বৌদ্ধিক মহলৰহে কাম বুলি হাত সাবটি বহি নাথাকি এই বিকল্প মাধ্যমৰ গুৰুত্ব ক্ৰমাগত ভাবে বৃদ্ধি পাই অহাৰ ফলত এদিন ই আমাৰ মানসিকতাতো সামগ্ৰিক ভাবে প্ৰভাৱ পেলাব। এখন বিশ্ববিদ্যালয়ৰ পৰিসৰত থকা আৰ্কাইভ এটা সীমিত সংখ্যক লোকৰ বাবেহে হাতেৰে ঢুকি পোৱা হোৱাৰ বিপৰীতে এই বিকল্প প্ৰয়াসবোৰ গণমাধ্যমেৰে সহজলভ্য হৈ উঠে। আমাৰ এই মন্তব্য বিদ্যায়তনিক চৰ্চাৰ বিৰোধী বা তাৰ প্ৰতি অনীহা সূচক বুলি ভাবিলে ভুল কৰা হ'ব। বৰঞ্চ আমি প্ৰকাৰান্তৰে বিদ্যায়তনিক চৰ্চাৰ বহুল সঞ্চাৰহে বিচাৰিছোঁ। 

এইখিনিতেই অসমৰ বিশ্ববিদ্যালয় কেইখনৰ সংশ্লিষ্ট বিভাগবোৰৰ লগত (যেনে ফোকলোৰ ষ্টাডিজ, কালচাৰেল ষ্টাডিজ আদি) জড়িত কোনোবা পাঠক আছে যদি তেওঁলোকে এই নিম্নলিখিত কথাখিনিৰ উত্তৰ দিব পাৰে-
১) সেই বিভাগ সমূহৰ চিলেবাচ কিমান ৰেডিকেল?
২) সেইবোৰত তত্ব, তত্ব-চৰ্চা আৰু অভ্যাস সু-সমাবেশ ঘটেনে? (থিয়ৰি, প্ৰেক্সিছ আৰু প্ৰেক্টিছ)
৩) সেই বিভাগসমূহত বহু-আয়তনিক (মাল্টিডিচিপ্লিনাৰী) চৰ্চাৰ অৱকাশ আছে নে?
৪) সেই বিভাগসমূহত মাল্টিমিডিয়া আর্কাইভ আছে নে?
৫) এজন ছাত্ৰই বা ছাত্ৰীয়ে যদি জুবিন গাৰ্গ বা পাপনৰ পৰিবেশন শৈলী সম্পৰ্কে ডিছাৰ্টেচন কৰিব খোজে তেওঁক সেইবোৰত উৎসাহিত কৰা হয় নে?
৬) অসমীয়া লোকসংষ্কৃতিৰ কোন এটা উপাদানৰ উৎস সন্ধান কৰিবলৈ বিচৰা কোনোবাই চত্তিশগড় বা উৰিষ্যালৈকে ঢপলয়াবলৈ প্ৰস্তুত থাকে নে?

যদি উপৰিউক্ত প্ৰশ্নখিনিৰ খুব এটা ইতিবাচক উত্তৰ আমি নাপাওঁ, তেনেহ'লে বেজবৰুৱা জয়ন্তীক লৈ বৰকৈ হৈ হাল্লা কৰি থাকিবৰ অধিকাৰখিনি আমি হেৰুৱাই পেলাম। কাৰণ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' নিজে এখন থিয়ৰি আৰু প্ৰেক্টিচৰ (তত্ব আৰু অভ্যাসৰ) নমুনা। 'বুঢ়ী আইৰ সাধু'ৰ বেজবৰুৱাজন আচলতে এজন আৰ্কাইভিষ্ট। সাধুকথাৰ সংকলনখনৰ সৈতে তাৰ পাতনিখনো সমানে গুৰুত্বপূৰ্ণ। "বেজবৰুৱাৰ পাতনিখন সেই সময়ৰ এখন উল্লেখযোগ্য ৰচনা। পাতনিখনে লোকসংস্কৃতি চৰ্চাৰ আৰম্ভণিৰ কালচোৱাতে লোক-সংস্কৃতি আৰু সাধুকথা সম্পৰ্কে হোৱা চিন্তা-চৰ্চাৰ সৈতে বেজবৰুৱাৰ পৰিচয়ৰ স্বাক্ষৰ বহন কৰে।" (মদন শৰ্মা, "শেহতীয়া তত্ত্বৰ আধাৰত 'বুঢ়ী আইৰ সাধু'- এটি পঠন")। 

বেজবৰুৱাৰ 'গভীৰ বিদ্যায়তনিক দৃষ্টিভঙ্গী' আৰু 'বিদ্যায়তনিক মনষ্কতা' সাব্যস্ত কৰি ড০ নগেন শইকীয়াই কয়, "ফোকলোৰ তথা লোকসংস্কৃতি অধ্যয়নৰ বিদ্যায়তনিক গুৰুত্ব আৰু প্ৰয়োজন অনুভৱ কৰি বেজবৰুৱাই এই পাতনিখনত যি কেইটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে , একবিংশ শতিকাৰ লোক-সংষ্কৃতি বিশেষজ্ঞসকলে তাতকৈ অধিক বিশেষ কথা কোৱা নাই। তেওঁ কৈছে যে ভাষাত একোটা জাতিৰ মানুহৰ পৰিচয়ৰ সাঁচ মচ নোখোৱাকৈ থকাৰ দৰেই পুৰণিকলীয়া সাধুকথাবিলাকতো একোটা জাতিৰ মানুহৰ ব্যৱহাৰিক আৰু মানসিক জীৱনৰ সাঁচ থাকি যায়। তেওঁ ভাষাতত্ব আৰু পুৰাণতত্বৰ দৰেই সাধুকথা তত্বও কোনো জাতিৰ মানুহৰ পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে অতি লাগতীয়াল বুলি কৈ থৈ গৈছে। তদুপৰি তেওঁ সাধুকথাবোৰ যে ল'ৰালিৰ বিষয় বা কোনো কামত নহা বস্তু বুলি ভবাটো অনুচিত সেই বিষয়েও উদাহৰণ সহ উল্লেখ কৰি গৈছে। তেওঁ কৈছে, "বাস্তবিকতে ক'বলৈ গ'লে জাৰ্মান পণ্ডিত সকলৰ পৰিশ্ৰমেহে পোনতে সভ্যজগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰৰ এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যবান।' (উৎস- সাতসৰী, 'বুঢ়ী আইৰ সাধু'ৰ ১০০ বছৰ বিশেষ সংখ্যা, ষষ্ঠ বছৰ, দ্বাদশ সংখ্যা, জুলাই ২০১১, সম্পাদক- অনুৰাধা শৰ্মা পূজাৰী)। 

আজিৰ তাৰিখত ই এক গুৰুত্ব পূৰ্ণ বিষয় আৰু এই সন্দৰ্ভত বিশদ চিন্তা চৰ্চাৰ অৱকাশ আছে। আৰ্কাইভ শব্দটো অলপ সহজ অৰ্থতেই ব্যৱহাৰ কৰিছোঁ যদিও ইয়াৰ লগত পদ্ধতি, লক্ষ্য আৰু উদ্দেশ্য তথা আদৰ্শগত সিদ্ধান্তৰ প্ৰয়োজনীয়তা আছে।  

http://www.xahitya.org/2014/09/14/%E0%A6%AC%E0%A7%87%E0%A6%9C%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%A2%E0%A6%BE%E0%A6%95%E0%A7%8B%E0%A6%A8-%E0%A6%89%E0%A6%A6%E0%A6%99%E0%A6%BE%E0%A6%87-%E0%A6%AA%E0%A6%81/


Saturday, August 2, 2014

পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে শিল্প-কণ্ঠ- দিল্লীত সাংস্কৃতিক প্ৰতিবাদ

http://sadin.co.in/index.php?date=15-08-2014&page=14&year=2014&month=august&edition=3
Published in SADIN, 15th Aug, 2014, Guwahati Assam

Sharmila Tagore in Solidarity  
একোটা সামাজিক বা ৰাজনৈতিক উদ্দেশ্য সন্মুখত লৈ আগবাঢ়ি অহা শিল্পচৰ্চাৰ উদাহৰণ ভাৰতবৰ্ষত বিৰল নহয়। ভাৰতশিল্পত আধুনিকতাবাদৰ আৰম্ভণিৰ কালৰে পৰা কিছুমান সমান্তৰাল ৰাজনৈতিক ভাবধাৰাৰ শিল্প কৰ্মৰ প্ৰয়াস আমি দেখি আহিছোঁ। বিগত শতিকাৰ পঞ্চম আৰু ষষ্ঠ দশকত জইনুল আবেদিন, চিত্তপ্ৰসাদ ভট্টাচাৰ্য, সোমনাথ হোৰ, কামৰুল হুছেইন আৰু গোবৰ্ধন আশ প্ৰমুখ্যে কিছু সংখ্যক শিল্পীয়ে তৎকালীন গতানুগতিকতাৰ পৰা ফালৰি কাটি আহি ৰাজনৈতিক কলাৰ এটা নতুন জাগৰণ  ঘটাইছিল। যেতিয়াই দেশত একোটা প্ৰতিকূল ৰাজনৈতিক বাতাৱৰণৰ সৃষ্টি হৈছে, সৃষ্টিশীল প্ৰয়াসবোৰে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰি আহিছে। সম্প্ৰতি কেইবছৰমানৰ পৰা দৃশ্য শিল্পৰ লগত জড়িত ব্যক্তি সকলৰ মাজত ক্ৰমশঃ গুৰুত্ব বাঢ়ি অহা পাৰফর্মেমেঞ্চ আৰ্ট নামৰ ধাৰাটো স্বাভাবিকতে ৰাজনৈতিক ভাবে অধিক সোচ্চাৰ বুলি ক'ব পৰা যায়। ২০১১ চনৰ চেপ্তেম্বৰ মাহৰ আৰ্ট-এণ্ড-ডীল আলোচনীৰ সম্পাদকীয়ত ৰাহুল ভট্টাচাৰ্যই কয়, "এই কথা কোনেও উপেক্ষা কৰিব নোৱাৰে যে ভাৰতবৰ্ষত কলা আৰু সমাজৰ পাৰস্পৰিক সম্পৰ্কৰ ধাৰণাটোত সম্প্ৰতি অমূল পৰিৱৰ্তনে দেখা দিছে। এয়া একো আশ্চৰ্যৰ কথা নহয় যে এই পৰিৱৰ্তিত ধাৰণাবোৰ প্ৰকাশিত হৈছে আৰু অনুভূত হৈছে পাৰ্ফৰমেঞ্চ (বা পৰিবেশন কলা) আৰু তেনে ধৰণৰ সামাজিক ভাবে পৰিবেশিত ৰূপবোৰৰ মাজেৰে।" পৰিবেশন কলা আৰু সমাজ-কলা (পাব্লিক আৰ্ট) সাম্প্ৰতিক শিল্প চৰ্চাৰ দুটা চকুত লগাকৈ বাঢ়ি অহা ধাৰা আৰু এই দুইটি ধাৰাৰ কামেই অন্তৰ্হিত স্বভাবগত কাৰণতেই ৰাজনৈতিক হ'বলৈ বাধ্য। অলপতে ইন্দৰ চেলিম নামৰ শিল্পীজনে কৰা এটা পৰিবেশনে সামাজিক স্থলত এটা শিল্প-প্ৰকাশৰ ক্ষেত্ৰত পৰিবেশন কলাৰ গুৰুত্বটোক আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

৩১ জুলাই, ২০১৪ তাৰিখে সফদৰ হাছমী মেম'ৰিয়েল ট্ৰাষ্ট (চমুকৈ "চহমত/ সহমত")-ত পেলেষ্টাইনৰ গাজাত ঘটি থকা অমানবীয় ধংসলীলাৰ বিৰুদ্ধে এলানি সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হয়। উক্ত দিনলৈকে প্ৰায় ১৪০০ পেলেষ্টাইনী লোকৰ প্ৰাণ লোৱা ঘটনালানিৰ সন্দৰ্ভত এই অনুষ্ঠানত সমূহ সমসাময়িক শিল্পীবৃন্দৰ সন্মিলিত কন্ঠ শুনিবলৈ পোৱা যায়।
an old proof of Indian solidarity for Palestine
পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ সহমৰ্মিতাৰ ইতিহাস বহু পুৰণি। ১৯৩৮ চনতেই গান্ধীজীৰ মুকলি কন্ঠ শুনিবলৈ পোৱা গৈছিল। কিন্তু ইজৰাইলে সম্প্ৰতি চলাই থকা বৰ্বৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই মুহূৰ্তলৈকে কোনো অৱস্থান গ্ৰহণ কৰা নাই। এইখিনিতেই শিল্পী আৰু কলা-কুশলী সকলে এটা দায়িত্ব কান্ধ পাতি লৈছে।  বিখ্যাত আলোকচিত্ৰশিল্পী আৰু প্ৰতিবাদী শিল্পী ৰাম ৰহমানে এই লেখকৰ আগত ব্যক্ত কৰে যে, "আজিৰ অনুষ্ঠানত যি স্মাৰক প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱা হ'ল তাত আমাৰ চৰকাৰখনক পোণপটীয়াকৈ উদ্দেশ্য কৰি পেলেষ্টাইনী জনতাৰ সমর্থনত এটা পলিচি নিৰ্ধাৰণ কৰিবলৈ কঠোৰভাবে কোৱা হৈছে। আমাৰ স্বাধীনতাৰ আগৰ কালৰে পৰাই, আনকি যেতিয়া ইজৰাইল এখন দেশ হিচাপে গঢ় লৈ উঠাই নাছিল তেতিয়াৰে পৰা পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ সহমৰ্মিতাৰ এক পুৰণি ইতিহাস আছে।" ৰহমানে আৰু কয় যে, "যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰসচিব জন কেৰী আজি দিল্লীতে আছে। ইজৰাইলৰ আগাসনৰ বিৰুদ্ধে পেলেষ্টাইনৰ পক্ষত ভাৰতে সদায়ে ঠিয় দি আহিছিল আৰু আমাৰ এই নতুন চৰকাৰখনেও পেলেষ্টাইনৰ সংগ্ৰামৰ পক্ষত একেদৰেই সহমৰ্মিতা প্ৰদৰ্শণ কৰা উচিত। সহমতৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰসিদ্ধ অভিনেতা আৰু নাট্য পৰিচালক এম কে ৰাইনাৰো একেই ভাষ্য, "আজি আমি ঘটি থকা সেই ভয়াৱহ ঘটনাৰ প্ৰতিবাদৰ বাবেই একত্ৰিত হৈছোঁ। ভাৰতবৰ্ষ দেশখনে যদি একো অৱস্থান গ্ৰহণ নকৰে, আমি শিল্পী সকলে কিবা কৰি দেখুৱাব পাৰো, আৰু কৰি দেখুৱাম।"
Sanjna Kapoor in Solidarity
Subodh Gupta in Solidarity
গাজাত বৰ্বৰোচিতভাবে ঘটি থকা ইজৰাইলী সামৰিক অভিযানবোৰৰ প্ৰতিবাদত আৰু পেলেষ্টাইনী মানুহৰ পক্ষত এই অনুষ্ঠানত দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে যোগদান কৰেহি। ইয়াৰ ভিতৰত যুগজয়ী অভিনেত্ৰী আৰু পদ্মভূষণ প্ৰাপক শৰ্মিলা টেগৰ, মুম্বাইৰ বিখ্যাত নাট্যশিল্পী সঞ্জনা কাপুৰ আৰু জনপ্ৰিয় গায়ক ৰাহুল ৰামৰ নাম উল্লেখযোগ্য।  সহমতৰ দ্বাৰা ঘোষণা কৰা প্ৰতিবেদনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই শৰ্মিলা টেগৰে চামিহ আল্ কাজিম আৰু মেহমুদ ডাৰবিশৰ দুটা কবিতা পাঠ কৰে। পৃথ্বিৰাজ কাপুৰৰ নাতিনী, অভিনেত্ৰী সঞ্জনা কাপুৰে বিজয় প্ৰসাদৰ কবিতা আবৃত্তি কৰে। 'ইণ্ডিয়ান অ'চেন' নামৰ বিখ্যাত বেণ্ডৰ জৰিয়তে নতুন প্ৰজন্মৰ নয়নমণি হৈ উঠা সঙ্গীত শিল্পী ৰাহুল ৰামে "গৰ হো চকে ত' কয়ি চম্মা জলায়িয়ে, ইচ দৌৰ-এ-চিয়াচৰ কা আন্ধেৰা মিটাইয়ে" বুলি এটা প্ৰচলিত প্ৰতিবাদী গীত পৰিবেশন কৰে। তাৰ পিছতে তেওঁ অনুষ্ঠানটোৰ সহমৰ্মিতা প্ৰদৰ্শণ কৰি তেওঁলোকে "কাটিয়াবাজ" নামৰ ছবিখনত সন্নিবিষ্ট কৰা বৰুণ গ্ৰোভাৰ বিৰচিত "কাণপুৰা" শীৰ্ষক গীতটি পৰিবেশণ কৰে।
Rahul Ram from Indian Ocean in Solidarity
সুবোধ গুপ্তা, মালা হাছমী, ৰাম ৰহমান, তুষাৰ যোগ, ভিভান সুন্দৰম, নলিনী মালানি, ইন্দৰ চেলিম, চেইফ মেহমুদ আৰু বহুতো সমসাময়িক শিল্পীয়ে এই অনুষ্ঠানটি ফলপ্ৰসু কৰি তোলাত সহমৰ্মিতা পূৰ্বক সহযোগিতা আগবঢ়ায়। কবি নীলিমা গাৰ্গ আৰু জন নাট্য মঞ্চৰ ড০ বৃজেশ দেবেও কবিতা পাঠ কৰে। শিক্ষাবিদ সোহেইল হাছমীয়ে পেলেষ্টাইনৰ সমৰ-সদৃশ ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত গজল পৰিবেশন কৰে। মাৰ্ক্সবাদী পণ্ডিত আৰু ৰাজনৈতিক ভাষ্যকাৰ আইজাজ আহমেদ আৰু সঙ্গীতশিল্পী মদনগোপাল সিঙেও পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। এই অনুষ্ঠানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা আনবোৰ উল্লেখনীয় ব্যক্তিবৃন্দৰ মাজত আছে গীতিকাৰ জাভেদ আখতাৰ, 'ইনভিজিবল চিটি'-ৰ লেখক ৰাক্ষান্দা জালিল, উৰ্দু গজল কবি নমান শাক, ইতিহাসবিদ ইৰফান হাবিব, শিক্ষাবিদ অনিল সদগোপাল, ইতিহাসবিদ জয়া হাসান আদি।
R K Raina in Solidarity
Activists Singing Protest Songs
কাফিয়া হ'ল পেলেষ্টাইনৰ মানুহে ব্যৱহাৰ কৰা কাপোৰ আৰু ১৯৩০ চনৰ আৰব প্ৰতিবাদৰ কালত ই পেলেষ্টাইনৰ জাতীয়তাবাদী প্ৰতীক হিচাপে চিহ্নিত হৈ উঠিছিল। অনুষ্ঠানৰ ঠাইডোখৰ কাফিয়াৰে সজ্জিত কৰা হৈছিল। পশ্চাদপৃষ্ঠত গাজাত নিহত শিশু, ক্ৰন্দনৰত মাতৃ আৰু বিধ্বস্ত ঘৰ-দুৱাৰৰ ছবি আঁৰি থোৱা হৈছিল। এই সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী আয়োজন কৰাৰ আঁৰত বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হয় যেনে, সফদৰ হাছমী মেম'ৰিয়েল ট্ৰাষ্ট (সহমত), জন নাট্য মঞ্চ (জনম), পাৰ্চম, জনবাদী লেখক সংঘ, প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এচোচিয়েছন, এক্ট ওৱান, inCACBI, জনসংস্কৃতি আৰু পেলেষ্টাইন চ'লিডাৰিটি কমিটি আদি। 

Sanjna Kapoor in solidarity

শৰ্মিলা টেগৰে কয় যে, "এই সঙ্ঘাতত নিহত শিশু সকলৰ প্ৰতি থকা সহানুভূতিৰ বাবেই তেওঁ এই অনুষ্ঠানৰ অংশীদাৰ হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ সম্পদ সঞ্চালকালয়ৰ মতে বিগত তিনিটা সপ্তাহৰ ভিতৰতে গাজাত দুশতকৈ অধিক শিশুৰ মৃত্যু হৈছে।"

"বিশেষকৈ যোৱাকালি ৰাষ্ট্ৰসংঘৰ বিদ্যালয় এখনত বোমা নিক্ষেপ কৰি উৰুৱাই দিয়াৰ পিছত ইউনিচেফৰ গুডউইল ৰাষ্ট্ৰদূত হিচাপে মোৰ এয়ে অনুভৱ যে বিশ্বৰ শিশু সকলৰ পক্ষত মই মাত মতা উচিত। এই যুদ্ধখন সমাপ্ত কৰিবলৈ কোনোবাই আগবাঢ়ি অহালৈকে  আৰু বা কিমান শিশু নিহত হ'বলৈ বাকী আছে?" শৰ্মিলা টেগৰে কয়।

Artists at action

ইন্দৰ চেলিম বহুকাল ধৰি ৰাজনৈতিক কলাৰ লগত জড়িত এগৰাকী দিল্লী নিবাসী পাৰফৰ্মেঞ্চ শিল্পী। 'The Art Cities of the Future, 21st Century Avant Gardes' নামৰ কিতাপখনত প্ৰসিদ্ধ কলাসমালোচক আৰু কিউৰেটৰ গীতা কাপুৰে তেওঁৰ সম্পৰ্কে উল্লেখ কৰিছে এনেধৰণেৰে -  "দিল্লীত বিগত পোন্ধৰটা বছৰৰ পৰিবেশনৰ অভিজ্ঞতাৰে পুষ্ট ইন্দৰ চেলিমে দুটা স্বকীয় আত্মপৰিচয় তুলি ধৰিছে- এটা ব্যক্তিগতভাবে ব্যতিক্ৰমী, আনটো সামূহিক কাৰ্যকলাপৰ বাবে সদা উন্মুখ। ৰাজহুৱা স্থানবোৰত একক ৰাজহুৱা পৰিবেশক হিচাপে তেওঁ অন্তৰ্নিহিত ৰাজনৈতিক বাৰ্তা সম্বলিত সাধাৰণ চাল-চলন দেখুৱায়।  ক্ষমতা-কেন্দ্ৰিক অনুষ্ঠানবোৰৰ বিৰোধিতা কৰি তেওঁ যেতিয়া প্ৰদৰ্শন কৰে, ইতিহাসৰ পাতে পাতে সন্নিবিষ্ট হৈ থকা প্ৰতিৰোধৰ অৱস্থানে সামাজিক মান্যতা এদিন লাভ কৰিব - তেওঁৰ পৰিবেশনে  এই আশা বহন কৰে।"- 

Inder Salim at performance

মহমদ ডাৰৱিশৰ এটি কবিতাৰ অনুপ্ৰেৰণাৰে কৰা এটি পৰিবেশনাত ইন্দৰ চেলিমে ফটা-ছিটা স্কুলীয় পোছাক এজোৰ পিন্ধি তৰমুজ এসোপামান মজিয়াত থেকেচা মাৰি ভাঙি তাৰ মাজৰ পৰা জলফাই কিছুমান উলিয়াই দৰ্শকক খাবলৈ দিয়ে। প্ৰতিবাদৰ অনুষ্ঠানটোৰ বাটচ'ৰাতে তেওঁ টান মজিয়াখনত তৰমুজবোৰ জোৰেৰে দলিয়ায় যাতে সেইবোৰ ভাঙি ছিঙি ওফৰি পৰে। সেউজীয়া তৰমুজৰ ভিতৰৰ ৰঙা অংশখিনি ৰক্তাক্ত মঙহৰ দৰে মজিয়াত যেনি তেনি ওফৰি ওফৰি পৰে। দৃশ্যগত ভাবে ই দৰ্শকসকলক জোকাৰি গৈছিল, তৰমুজ জোৰেৰে পেলোৱাটো বোমা নিক্ষেপৰ দৰে আছিল আৰু তাৰ পিছত ওফৰি পৰি ৰোৱা ৰঙা ৰঙা তৰমুজৰ ভিতৰৰ অংশখিনি যেন আহত মানৱ শৰীৰৰ ওফৰি পৰা মঙহ। তাৰ পিছতে শিল্পীজনে আৰু দৰ্শকে সেই সন্ত্ৰাস-কাৰ্যৰ মাজৰ পৰা সৰু সৰু জলফাইবোৰ খুচৰি খুচৰি বুটলি লয়। জলফাই পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় প্ৰতীক, গাজাৰ মূল ফচল। জলফাইবোৰ ডাৰৱিশৰ "গাজাৰ বাবে মৌন প্ৰাৰ্থনা" শীৰ্ষক কবিতাটিৰ কিছুমান পংক্তিৰ স'তে সৰু সৰু পলিথিনৰ মোনাৰ ভিতৰত বন্ধ কৰি তৰমুজবোৰৰ ভিতৰত সুমুৱাই থোৱা আছিল। ইন্দৰে মানুহক সেই জলফাইবোৰ খাই "পেলেষ্টাইনৰ সোৱাদ" ল'বলৈ আহবান কৰিছিল। 

Performance by Inder Salim

"মই দৰ্শকক জলফাইৰ জৰিয়তে পেলেষ্টাইনৰ সোৱাদ দিবলৈ বিচাৰিছিলোঁ", ইন্দৰে কয়। ভাঙি ছিঙি নষ্ট কৰা তৰমুজৰ অৱশেষখিনিৰ মাজৰ পৰা উলিয়াই অনা জলফাই খিনি হয়তোবা আছিল বিধ্বংসী যুদ্ধৰ জৰিয়তে ইজৰাইলে মানৱতাৰ প্ৰতি কৰা তাচ্ছিল্যৰ পিছতো বাকী থাকিব পৰা কিবা এটা আশাৰ ৰেঙনি। ইজৰাইলৰ আগ্ৰাসনে কেনেকৈ জলফাই গছবোৰ ধংস কৰি গাজাত স্থান অধিগ্ৰহণ কৰিব খুজিছে- জলফাই বিতৰণৰ মাজেৰে হয়তোবা মানুহক সেই ঘটনাৰেই সম্ভেদ দিব খোজা হৈছিল।

Ram Rahman talking to Samudra Kajal Saikia

সাংস্কৃতিক প্ৰতিবাদৰ আয়োজক সকলৰ অন্যতম ৰাম ৰহমানে আমাক কোৱা মতে, "কেইবাটাও বামপন্থী মতাদৰ্শৰ শিল্পী আৰু সাহিত্যিকৰ দলে একগোট হৈহে আজিৰ সন্ধিয়াৰ অনুষ্ঠানটো আয়োজন কৰিছে। গাজাত হৈ থকা ভয়াৱহ পৰিস্থিতিৰ কথা আমি গম পাই আহিছোঁ আৰু মই ভাবোঁ ইয়াৰ ফলত সৃষ্টিশীল মনৰ অধিকাৰী এই মানুহখিনি আটাইতকৈ বেছি অতিষ্ঠ আৰু মৰ্মাহত হৈছে। সেয়েহে আমি বিভিন্ন ধৰণৰ কলাকৃতিৰ মাজেৰে এটা প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ভাবিলোঁ। এই বিভিন্ন ধৰণৰ প্ৰতিবাদী কণ্ঠক একত্ৰিত কৰি বিশ্বৰ দৰবাৰলৈ উলিয়াই নিয়াটোৱেই আমাৰ উদ্দেশ্য।"

"বহুতো সাংস্কৃতিক দল আৰু কলা কুশলীৰ সমাৱেশ আজি ইয়াত ঘটিছে আৰু সকলো দলৰেই প্ৰতিনিধিয়েই নিজৰ সহমৰ্মিতা প্ৰকাশ কৰিছে - কোনোবাই পৰিবেশন কৰিছে, কোনোবাই গান গাইছে, কোনোবাই কবিতা পঢ়িছে। মুঠতে, এয়া এক বহল পৰিসৰত মিলিত হোৱা সৃষ্টিশীল মনবোৰৰ সামগ্ৰিক প্ৰকাশ। মোৰ বিশ্বাস, শিল্পী আৰু বুদ্ধিজীবীসকল আহি একেলগ হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ দেশৰ এই নতুন চৰকাৰখনে এতিয়াও এইটো বিষয়ত যিহেতু মৌনতা আৱলম্বন কৰি আছে সেয়েহে আমিয়েই মাত মতা উচিত, আৰু চৰকাৰখনেও দেশৰ জনগণৰ কণ্ঠস্বৰ শুনিবলৈ চেষ্টা কৰা উচিত।"  

এই লেখকৰ দ্বাৰা নিৰ্মিত আৰু সম্পাদিত এই লেখাৰ লগত জড়িত এটি ভিডিঅ'ৰ লিঙ্ক -
https://www.youtube.com/watch?v=ii4bxhUCx68&feature=youtu.be&app=desktop&hd=1

Sharmila Tagore in Solidarity
 সমুদ্ৰ কাজল শইকীয়া
Samudra Kajal Saikia
A-31, 3rd Floor, Gali No. 10
West Vinod Nagar, Patparganj, New Delhi
110092

email: kankhowa@gmail.com, mobile: +91- 9811375594




Thursday, November 28, 2013

কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা

কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা
আখৰুৱা গ্রুপৰ অক্টোবৰ (২০০১৩) মাহৰ কবিতা

১

নতুন কবিসকলৰ কথা ক'বলৈ যোৱাৰ আগতে দুষাৰ কথা উনুকিয়াই থ'ব খুজিছোঁ। প্ৰথমষাৰ কথা আচলতে ড০ হীৰেন গোঁহাই দেৱে তৎকালীণ অসমীয়া নতুন কবি সম্পৰ্কে কৰা এক মন্তব্য। "... কিন্তু পৰিতাপৰ বিষয় যে অসমত এতিয়াও কেৱল হৃদয়ৰ ঐশ্বৰ্যৰে কবিতাৰ বেদী ওপচাবলৈ চেষ্টা চলি আছে। বিশেষকৈ ডেকাচামৰ ভালেমান কবিৰ কবিতাত এনে দৃষ্টিকোণ দেখা যায়। ফলত ক'ৰবাত কেতিয়াবা যদি তেওঁলোকৰ কবিতাত হঠাতে অভিনৱ অনুভূতি-উপলব্ধিয়ে বিজুলিয়াই গৈছে, বেছিভাগ ক্ষেত্ৰতে চকুত পৰে আমনি লগা পুনৰাবৃত্তি, যান্ত্ৰিক নিৰ্জীৱ বহুব্যৱহৃত বাক্যাংশ(cliche)ৰ বোজা, আৰু অসাৱধান তথা অসফল পৰীক্ষা। কেৱল হৃদয়ৰ ওপৰত নিৰ্ভৰ কৰিলে এনেবোৰ বিফলতা তেওঁলোকৰ নিজৰ চকুতে নপৰিব।" (ড০ হীৰেন গোঁহাই, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা)। ১৯৮৬ চনৰে লেখা যদিও কথাখিনি এতিয়াও সমানে প্ৰাসঙ্গিক, আৰু ইন্টাৰনেট সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত ই আৰু বেছিকৈ মনলৈ আহিছে।

দ্বিতীয় কথাটোৰ বাবে অলপ ব্যক্তিগত অভিজ্ঞতাৰ পাতনিৰ প্ৰয়োজন। ১৯৯৭ চনৰ কথা, আমি তেতিয়া বৰোদাৰ এম এছ ইউনিভাৰ্ছিটিৰ এটা ছাত্ৰ আন্দোলনৰ লগত জড়িত। গুজৰাতৰ বহুখিনি শিক্ষানুষ্ঠানত গৈৰিকীকৰণে দ-লৈকে শিপাইছিল যদিও ফেকাল্টি অব ফাইন আৰ্টছ আছিল ৰাজনৈতিক প্ৰভাৱৰ পৰা বহুখিনি মুক্ত। বিভিন্ন ঘটনাৰ ঘনঘটাত 'আপত্তিজনক' আৰু অশ্লীল ছবি অঁকাৰ অপৰাধত এজন ছাত্ৰক 'মৰেল-পলিচিং' কৰি থানালৈ লৈ যোৱা হৈছিল আৰু ছাত্ৰৰ সপক্ষে থিয় দিয়া সেই সময়ত দায়িত্বত থকা ডীন গৰাকীক বিভিন্ন অভিযোগ আনি নিলম্বিত কৰা হৈছিল। সুদক্ষ শিক্ষক আৰু সুবক্তা বুলি জনাজাত তৎকালীন আন্দোনৰ-বিৰোধী পূৰ্বৰ ডীন এগৰাকীয়ে দায়িত্বভাৰ গ্রহণ কৰি এবাৰ ছাত্ৰসকলক আন্দোলন স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছিল। সেই বক্তৃতাত বহু ছাত্ৰ ছাত্ৰী মুগ্ধ হৈছিল, বহুতৰ সাময়িক ভাবে মত পৰিৱৰ্তনো হৈছিল। তেনেতে আমাৰ আন্দোলনৰ এক অন্যতম নেতাই আমাক কৈছিল, "এজন ভাল বক্তাৰ পৰা সম্ভাব্য বিপদ এইটোৱেই যে তেওঁ কেনেকৈ আৰু কিমান ধুনীয়াকৈ কথাবোৰ কৈছে সেইখিনিতেই আমি মুগ্ধ হৈ থাকোঁ। কি কথা কৈছে বা কথাৰ মৰ্মখিনি কি সেইবোৰলৈ সোমাবলৈ আমি পাহৰিয়ে থাকোঁ। ভাল কথা ক'ব জনা মানুহে শ্ৰোতাৰ এই দুৰ্বলতাখিনি জানে আৰু সেইমতেই তেওঁলোকে শ্ৰোতাক সহজে পৰিচালিত কৰে"। ("The danger of a good speaker is that we are mesmerized by his way of speaking instead of thinking about the content of his speech. More than what he is speaking we focus on how he is speaking.")  

এই একেখিনি কথাই ভাষাৰ দখল থকা লেখক বা কবিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব পাৰে। ভাষাৰ প্ৰয়োগ বা ফৰ্মৰ মনোগ্ৰাহিতাৰ মাজতে আমি ইমানকৈ নিমজ্জিত হৈ থাকো যে আচলতে ক'ব খোজা কথাখিনিৰ প্ৰতি আমি আওকাণ কৰি গুছি যাওঁ। এইখিনিতেই সতৰ্ক হোৱাটো পাঠকৰ দায়িত্ব।

২

বিভিন্ন সাংস্কৃতিক বিষয়ত মাজে মাজে লেখা মেলা কৰি আহিছোঁ যদিও কবিতাৰ প্ৰসংগ ওলালে মই প্ৰায়ে মৌনতাই আৱলম্বন কৰোঁ। সাংষ্কৃতিক সমালোচনাতহে মোৰ ৰাপ বেছি। কবিতা ৰচনা এটা জটিল প্ৰক্ৰিয়া, আৰু কবিতাৰ বিচাৰ কৰাটো আৰু বেছি কঠিণ তথা প্ৰায় দুৰূহ এটা কাম। দায়িত্বভাগৰ কথা নকলোৱেই বা। জীৱিত কবিৰ ক্ষেত্ৰত এই কাম আৰু অলপ কঠিণ এইবাবেই যে ঘূৰি পকি ছেগা চোৰোকাকৈ হ'লেও এটা সমালোচনা বা প্ৰশস্তিয়ে কবিক প্ৰভাৱিত কৰাৰ এটা সম্ভাৱনা থাকি যায়। এই কথাকেই সাৰোগত কৰি সমালোচকৰ ভূমিকাক লৈ মাজে মাজে কথা উঠি থাকে। সকলোৰে শেষত কাঠিণ্যৰ চূড়ান্ত পৰ্যায়টো আৰম্ভ হয় যেতিয়া নতুন কবিৰ কবিতা সম্পৰ্কে লিখিব লগীয়া হয়। কাৰণ কবিতা সম্পৰ্কে লেখা মেলা কেৱল সেই কবিতাৰ বাচ-বিচাৰতে শেষ হৈ নাযায়। তাৰ লগতে কবিৰ ভৱিষ্যৎ, সামগ্ৰিক ভাবে কবিতাৰেই ভবিষ্যৎ গঢ় গতি সাঙোৰ খাই থাকে।

এহাতে যেনেকৈ কবিমনা উদ্যোগী ন-লেখকৰ অপৈণত লেখাক তোষামোদ কৰা উচিত নহয় তেনেকৈয়ে আনহাতে ন-উদ্যমক বুঢ়া আঙুলিৰে হেঁচুকি ৰাখিবলৈ চেষ্টা কৰাটোও পাপ। এইখিনিতেই ধৰ্ম-সংকট আৰম্ভ হয় সমালোচকৰ। নতুন কবিৰ মন চঞ্চল, প্ৰত্যাশী বা অত্যুৎসাহী হোৱাটো অস্বাভাৱিক নহয়। কেৱল কবিতাই নহয়, যি কোনো ধৰণৰ সৃষ্টিৰ ক্ষেত্ৰতেই কাম এটাই পূৰ্ণতা পাবলৈ সময় আৰু অধ্যাৱসায়ৰ প্ৰয়োজন হয়। সময়ৰ কথাটো বেচ তলকিব লগীয়া। কথাটো ফল ধৰি পূৰঠ হৈ পকিবলৈ সময় লগাৰ দৰেই। কথাটো ফঁহিয়াই বুজাবলৈ এজন চিত্ৰশিল্পীৰ ছবি অঁকাৰ ধৰণটোলৈ আঙুলিয়াম। এজন শিল্পী যিমানেই সিদ্ধহস্ত নহওক কিয়, বা যিমানেই মনযোগেৰে না-আঁকক কিয়, খুব বেছি জুপি জুপি ফিগাৰ এটা আঁকিলে তাত এনাটমি ভুল হোৱাৰ সম্ভাৱনা খুবেই প্ৰৱল যদিহে তেওঁ মাজে মাজে মূৰ দাঙি বা দূৰলৈ গৈ ছবিখন বাৰে বাৰে নাচায়। শিল্পীৰ ষ্টুডিও'লৈ আপোনালোক যদি যায় তেতিয়াহ'লে দেখিব, কেনভাচ থোৱা ইজেলৰ সন্মুখত তেওঁলোকে অফুৰন্ত শূণ্যস্থান থৈ দিয়ে- যাতে নিৰ্দিষ্ট দূৰত্বৰ পৰা আঁকিব লগীয়া কেনভাচখন বা আঁকি থকা ছবিখন তেওঁ বাৰে বাৰে চাব পাৰে। যিকোনো বস্তুৰে সামগ্ৰিকতা অনুধাৱণ কৰিবলৈ হ'লে এটা দূৰত্ব বা ব্যৱধান জৰুৰী - এই কথাটোকেই জোৰেৰে বুজাব খুজিছোঁ।

এতিয়া কবিতা এটা লিখাৰ ক্ষেত্ৰৰ এই দূৰত্বটো কেনেকৈ নিৰ্ধাৰণ কৰা যাব? নিশ্চয় সময়েৰে। কবিতে এটা লেখাৰ সময়ত তাৰ ভাবৰ আৱেশে আমাক আচ্ছন্ন কৰি ৰাখে। সেই মুহূৰ্তত কবিতাটো আমাৰ ভালেই লাগে। কাৰণ আমি সেই আৱেশৰ মাজতেই আছোঁ। সেই আৱেশৰ পৰা মুক্ত হৈ আপেক্ষিকভাবে হ'লেও নৈৰ্ব্যক্তিক অৱস্থান এটা ল'বলৈ অথবা নিজৰ পৰা ওলাই 'বাহিৰত' থিয় দি কবিতাটোলৈ চাবলৈ নিশ্চয় সময়ৰ আৱশ্যক। সেয়েহে ইন্টাৰনেটত কবিতা চৰ্চা সম্পৰ্কে আমি বাৰে বাৰে দোহাৰি থকা কথাটো হ'ল কিবা এটা লিখি লগে লগে আপডেট দিয়াটো সমীচীন নহয়। ব্যক্তিগত আপডেট আৰু কবিতাৰ মাজত পাৰ্থক্য আছে। 

আকৌ আহোঁ ন-কবি সম্পৰ্কে মন্তব্য কৰাৰ ক্ষেত্ৰত হোৱা ধৰ্ম-সঙ্কটৰ কথালৈ। এই ক্ষেত্ৰত জ্যেষ্ঠসকলে দুই ধৰণৰ স্থিতি লোৱা দেখা যায়। উৎসাহী আৰু বিসম্বাদী। উৎসাহী ভাগটোৰ লোকসকলে সকলোকে লিখি থাকিবলৈ অণুপ্ৰেৰণা যোগায়। "ভুলে শুদ্ধই লিখি থাকা, লিখি থকাটোহে আচল কথা, লিখিবলৈ নেৰিবা" - এই ধৰণৰ কথাৰে তেওঁলোকে সকলোকে সন্তুষ্ট কৰে আৰু 'অণুপ্ৰাণিত' কৰে। নতুন কবিৰ বাবে এই ভাগটো প্ৰিয় হৈ উঠে। অন্য বিসম্বাদী ভাগটোৱে পোণছাটেই কৈ দিয়ে - "বেয়া হৈছে, নিলিখিবা, এনেকৈ হকে বিহকে লিখি থকাৰ ফলত তোমাৰ লগতে আন দহ জনৰ ক্ষতি হে হৈছে"।  নতুন কবিয়ে এই ভাগটো বেয়া পায়। কিন্তু কালক্ৰমত এই নেতিবাচক মন্তব্যই যে উপকাৰহে কৰে সেইটোও কিন্তু বুজি উঠে। আখৰুৱা গ্ৰুপত অক্টোবৰ মাহত প্ৰকাশ হোৱা কবিতাখিনি পঢ়ি বুজা যায় এইসকল লেখকক লেখিবলৈ নেৰিবা বুলি কৈ লাভ নাই। এই সকলে পৃথিৱীলৈ একঠা খাম বুলি আহিছে, গতিকে তেওঁলোকে লিখিবই। আৰু একেটা চৰ্ততেই নিলিখিবা বা বেয়া লিখিছা বুলি ক'বৰো কোনো ৰাস্তা নাই। আচল কথাটো এতিয়া কৈয়েই দিয়া উচিত বুলি ভাবিছোঁ। শ্ৰী মনোহৰ দত্ত ডাঙৰীয়াই নেৰানেপেৰাকৈ অনুৰোধ কৰি থকাত এইখিনি কবিতা সম্পৰ্কে লিখিম বুলি কথা দিছিলোঁ। কিন্তু "খুব ভাল খুব ভাল আৰু লিখি থাকা" বুলি কৈ অথবা "বেয়া লেখা, আৰু নিলিখিবা" বুলি কৈয়েই একে আষাৰতে দায়িত্ব সামৰি থ'ম বুলি ভাবিছিলোঁ। সেয়া হৈ নুঠিল।

৩

অক্টোবৰ মাহৰ (২০১৩) আখৰুৱা গোটৰ কবিতাখিনি পঢ়ি বুজি উঠিলোঁ সমসাময়িক ন-কবিৰ কবিতা সম্পৰ্কে দুৰ্ভাৱনাৰ কোনো থল নাই। এইসকল কবি কেৱল হৃদয়ৰ প্ৰেম-বাৰ্তা প্ৰেৰণতে মত্ত হৈ থকা নাই। অগ্ৰজ কবিৰ অনুকৰণত একেটা ফৰ্মৰ বিৰক্তিকৰ পুণৰাবৃত্তিতো তেওলোক বান্ধ খোৱা নাই। এহাতে যদি সমসাময়িক বাস্তৱতাক লৈ কবিৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া আছে, তাৰ সমান্তৰাল ভাবে সেই সমাজ বাস্তৱতাৰ এক অতিবাস্তৱীয় ৰূপো আছে য'ত চেতন আৰু অৱচেতনে অৱলীলাক্ৰমে খেলা কৰিছে। শৈশৱ-যৌৱনৰ স্মৃতি ৰোমন্থন আছে, মানবীয় অনুভূতিৰ মৰ্যাদাৰ অনুধাৱন আছে, কোনোবাখিনিত এটা দায়িত্ববোধো আছে। প্ৰেম আৰু প্ৰকৃতিতো থাকিবই। 

বহল ভাবে অক্টোবৰ মাহৰ আখৰুৱা গোটৰ কবিতাখিনি চাৰিটা ভাগত ভগাব পাৰি- উদ্ভট বা এবছাৰ্ড বা অতিবাস্তৱবাদী, প্ৰকৃতি আৰু প্ৰেম বিষয়ক, সম্পৰ্ক আৰু ব্যক্তিমানস,  আৰু সমাজ-মানুহ-সময় বিষয়ক। বুজিবলৈ অসুবিধা নহ'ব যে এই বিভাজন আলোচনাৰ সুবিধাৰ্থেহে কৰি লোৱা।

এই প্ৰথম ভাগটোক সূচিত কৰিবলৈ কিবা অভিধা এটা বিচাৰি আছিলোঁ। এই এবছাৰ্ড শব্দটোৰ উৎস বিচাৰি আলবেয়ৰ ক্যেম্যুৰ দৰ্শনৰ বাটেৰে নগ'লেই ভাল হ'ব। ভাবগত বিচাৰতকৈ ই এক ধৰণৰ ফৰ্মেল বিভাজনহে। অতিবাস্তবীয় (চুপেৰ-ৰিয়েলিষ্ট) উপাদানেৰে এইখিনি কবিতাই এক অন্য অনুভূতিৰ জাগ্ৰত কৰে। কল্পনা আৰু বাস্তৱৰ মাজৰ সীমাৰেখাডাল এইখিনি কবিতাত বিচাৰি পাবলৈ টান। যুক্তি আৰু অযুক্তিৰ বিতৰ্কৰ উৰ্ধত ই সাব্যস্ত কৰিবলৈ বিচাৰে অন্য এক নান্দনিক যুক্তি।

এই বাস্তৱতাৰ বাবে কেৱল যে অতিবাস্তৱবাদী বা প্ৰতীকবাদী পশ্চিমীইয়া কবিকূলৰ কথাহে মনত পেলাব লাগিব এনে নহয়। আমাৰ লোকায়ত প্ৰাচীন সাহিত্যও এনে আপাত-উদ্ভট বাস্তৱতাৰে ভৰি আছে। এইখিনিতেই "কবীৰাই কয়" নামেৰে নৱকান্ত বৰুৱাই কৰা কবীৰৰ দোহা আৰু গীতৰ ভাঙণিৰ পাতনিতে উল্লেখ কৰা কিছু কথা উল্লেখ কৰিব পাৰি- "গুহ্য তত্ত্ব প্ৰকাশক উদ্ভট বৰ্ণনাৰ ৰীতি বিভিন্ন সাধন সম্প্ৰদায়ত প্ৰচলিত। সেইবোৰ প্ৰায় সাঁথৰৰ দৰে। চৰ্যাপদত আছে - 'ৰুখেৰ তেন্তেলি কুন্ভীৰে খাই' (গছৰ তেতেলি ঘৰিয়ালে খায়)। আমাৰ ভকতীয়া ফকৰা কিছুমানত আমি প্ৰহেলিকাৰ দৰেই ব্যৱহাৰ পাওঁ-

হাঁহে নিলে হাপাক খেদি
                শিয়াল থাকিল চাই
জুইশালৰ পোৰামাছে
                বোন্দাক পেলালে খাই।।
বা
'পানী মৰে পিয়াহত অগ্নি মৰে জাৰত'

এনে ধৰণৰ অবাস্তৱ আৰু আপাতদৃষ্টিত অবান্তৰ চিত্ৰকল্পবোৰে ধৰ্মীয় তত্ব বুজাওক বা নুবুজাওকেই - একোটা আকৰ্ষণীয় ৰহস্যময় ভাব মনলৈ আনি দিয়ে। সেইবিলাক জ্ঞান সন্ধানীৰ আধ্যাত্ম প্ৰহেলিকা বা শিশুৰ মনোজগতৰ বিচিত্ৰ অনুভূতি জগোৱা সাঁথৰৰ দৰে। কবিৰৰ ক্ষেত্ৰত সেইবোৰৰ বিস্তাৰ অলপ বেছি, ৰহস্যবাদৰ ইপাৰে সিপাৰে, দুয়োপাৰে সিহঁতৰ স্থিতি।"


কৌশিক বিশ্বাস, পলাশ বৰা আৰু হীৰকজ্যোতি বৈশ্যৰ কবিতাখিনিয়ে এই অতিবাস্তৱতাৰ নিৰ্মান কৰিবলৈ চেষ্টা কৰে। কৌশিক বিশ্বাসে যেতিয়া লিখে
                "তেওঁৰ বুকু কুৰুকি কুৰুকি মই গৈ থাকিলো 
                গৈ থাকো মানে বাট দীঘল হৈ গৈ থাকিল
                কিযে আলৈ-আথানি মোৰ ওৰে গাত আন্ধাৰৰ চেকা 
                কোনোবাখিনিত ৰৈ নিজকে নিজে গৈ থকা চালোও

                মনে মনে জুকিয়ালো
                মই দেখোন য'তেই আছো তাতেই আছো"

কোনোবাখিত এক সপোন-সদৃশ বাস্তৱতাৰ ইঙ্গিত পাওঁ। আৰু সেইবাবেই "গৈ থাকো মানে বাট দীঘল হৈ গৈ থাকিল" জাতীয় উদ্ভট যুক্তিতো আমি ক'ব নোৱাৰাকৈয়েই পতিয়ন যাওঁ। পলাশ বৰাৰ কবিতাই পোণপটিয়াকৈয়েই সাধুকথাৰ অবাস্তৱ বাস্তৱ জগতখনৰ কথা ইছাৰা কৰিছে। ইয়াতো আছে এক সপোন সদৃশ কাল-বিভ্ৰান্তি ("ঠিক কেতিয়া ক'ব নোৱাৰোঁ"), সাধু কথাৰ সাদৃশ্যৰ লগতে ইয়াত সাঙোৰ খাই আছে সাধু শুনাৰ মনস্তত্বও। শ্ৰোতাৰ মনৰ ব্যাকুলতা ব্যাগ্ৰতা বা উৎসুকতা আগবাঢ়ি গৈ থাকে "চাগৈ...", হেতেন..." কিজানিবা..." আদিবোৰেৰে। ইয়াতো পূর্বস্থ ধাৰণাৰ ভেটিতে অথবা মনৰ একোণত সঞ্চিত হাবিয়াসৰ ফলতে কবিয়ে কয়, "মই ভাবিছিলোঁ - সি ৰাতিৰ সাধু ক'ব চাগে, শিয়াল অথবা কাণখোৱাৰ সাধু দেখুৱাব চাগে..."। এই ব্যগ্ৰতাত একধৰৰণৰ শিশু-সুলভ সৰলতাৰ প্ৰকাশ পাইছে যিটো শেহলৈ আহি মুখ থেকেছা খাই পৰিছে। কোৱা বাহুল্য যে "এঙাৰ ক'লে নদী" আৰু "বনৰীয়া গোন্ধ" সেই সাধু-আকাংক্ষী শিশু-সুলভ মনৰ ইপ্সিত নিশ্চয় নাছিল। তেনেকৈয়ে "অন্য এটা জোন" আৰু "নিষিদ্ধ ছবি"ৰ উল্লেখে হেঁপাহৰ ছন্দপতনৰ বাট আৰু সুদৃঢ কৰি তুলিলে। ইমানপৰে আমি বুজি উঠিছোঁ যে হেপ্পী এন্ডিং ধৰণৰ সাধুকথা ই নহয়। "মোক নিষিদ্ধ গলিটোত এৰি সি পলাইছিল" এইখিনিতেই কবি বাস্তৱলৈ আহি মুখ থাকেচা খাই পৰে। 

                ঠিক কেতিয়া ক'ব নোৱাৰো ৰাতিয়ে হাতত ধৰি মোক লৈ আহিল ৰাতিৰ বুকুলৈ
                মই ভাবিছিলো- সি ৰাতিৰ সাধু ক'ব ক'ব চাগে শিয়াল অথবা
                কাণখোৱাৰ সাধু দেখুৱাব চাগে' ৰাতিৰ বতাহৰ ৰং

                সি মোক নদীৰ পাৰলৈ নিছিল এঙাৰ ক'লা নদীখনত সি নাঙঠ হৈ গা ধুইছিল
                বনৰীয়া গোন্ধ এটা মোৰ নাকত লাগিছিল

                মাটি খান্দি সি উলিয়াই আনিছিল অন্য এটা জোন
                দেখুৱাইছিল অন্য এক পোহৰৰ ৰং হাতৰ তলুৱাত দেখুৱাইছিল নিষিদ্ধ ছবি

                সি অশ্লীল হাঁহি এটাৰে মোৰ হাতত ধৰিছিল নিঃসংকোচে টুকুৰিয়াইছিল বেশ্যাৰ দুৱাৰ
                মোক নিষিদ্ধ গলিটোত এৰি সি পলাইছিল

হীৰকজ্যোতি বৈশ্যৰ দুয়োটা ছুটি কবিতা এই ভাগতে পৰে। এপিগ্ৰামিক ধৰণৰ দুয়োটা কবিতাই পূৰঠ আৰু সংযত। ফ্লেছ ফিকচনৰ দৰে ইহঁতে ঠিতাতে এটা জোকাৰণি দি যায়। "স্বগতোক্তি- এতিয় শিয়াল হ'ব নোৱাৰিলে পিছত বাঘ হোৱা মস্কিল" এক নিৰ্মম বাস্তৱৰ প্ৰকাশ। নিগনিৰ দৌৰত যেতিয়া গোটেই সমাজখনেই নিমজ্জিত, এটাৰ পিছত এটাকৈ আপোচৰ ওচৰতে ব্যক্তি মানস সমৰ্পিত তেনে সময়ত কবিয়ে ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰে? 

                বেলি লহিয়াইছে বাঘবোৰৰ ভোক বাঢ়িছে শিয়ালবোৰ ক্ৰমাৎ দিহাদিহি হৈছে সি তাৰ লেলাউতিৰে         লেলাউতি পখালিছে হাবি এৰি লৰ মাৰিছে

                স্বগতোক্তি- এতিয় শিয়াল হ'ব নোৱাৰিলে পিছত বাঘ হোৱা মস্কিল।

অন্যটি কবিতা "ঈশ্বৰ ক'ত" একেধৰণেৰেই এক আত্মবোধনৰ ফচল। উপলব্ধিৰ ঘনত্বই কবিৰ ভাষাকো দিছে ঘনত্ব। এয়া অসমীয়া কবিতাৰ বাবে আশাপ্ৰদ বতৰা। হীৰকজ্যোতিৰ পৰা আৰু বহুতো আশা কৰিছোঁ।

                যি নখেৰে তাই নিজৰ গা খজুৱাই, সখীৰ ওকণি চায়, আৰু শত্ৰুক খামুচি মাৰে,                                নিশ্চয়কৈ সেই নখতেই সোমাই আছে তাইৰ অতদিনৰ মহান ঈশ্বৰ!! [ঈশ্বৰ ক'ত?]


৪

মৌচুমী বৰিৰ 'সাঁকো", মালবিকা ব্ৰহ্মৰ "আহিনীয়া পৰশ", ভাবিতা দাসৰ "ভাৱনাৰ এটি স্তৱক", জ্যোতি পি চি শইকীয়াৰ "নদী নাছিল তাত" ভাষাগত ভাবে নিমজ, সহজ পাঠ্য। খন্তেকীয়া পঠন-সুখ থাকিলেও কবিতা হিচাপে মনত ৰৈ যাবলৈ হ'লে ইয়াত কোনোবাখিনিত কিবা এটাৰ অভাৱ ৰৈ গ'ল। কিন্তু মৌচুমী বৰিৰ আন এটা কবিতা "সোঁৱৰণ" এঢাপ আগবঢ়া। শূন্যতাৰ চেতনা ছন্দিত হৈ পাঠকৰ মনক চুই যাব পৰা সামৰ্থ্য ইয়াত আছে। মৌচুমীৰ তৃতীয়টো কবিতা "জাৰ নামিছে"ৰ উৎকৰ্ষতা আৰু এখোজ আগবঢ়া। "ধোঁৱাবৰণীয়া আকাশ" আৰু "জুই আঙঠাৰ" মাজেৰে আত্মনিগ্ৰহ আৰু উষ্মাভৰা আশাৰ এক দ্যোতনা প্ৰকাশত ই সফল।

              দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালে। 
                জাৰ পাই জোনবায়ে গাত নিহালীখন ল'লে। 
                কাতিৰ আবেলিটোৰ ধোঁৱাবৰনীয়া আকাশখনত দেখা পালোঁ এটুকুৰা জুই-অঙঠা! 
                আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিব আৰু জুহালত বহি গাব জাৰৰ দিনৰ গান!!
                                                                                ["জাৰ নামিছে"]

অজন্তা কুকিৰ কবিতা "কবি" সম্পৰ্কেও একে কথাই ক'ব পাৰি। এই কবিতা সম্পৰ্কে আৰু এটা গুৰুত্বপূণ কথা হ'ল পৰষ্পৰ সংপৃক্ত ভাব আৰু ভাষাৰ প্ৰয়োগ। কবি সম্পৰ্কে তাখেতৰ কল্পনা বা ধাৰণা আৰু তাক প্ৰকাশ কৰা ভঙ্গী দুয়োটাই ইটো সিটোৰ পৰিপূৰক যেন লাগিছে আৰু এয়ে সুস্থ কবিতাৰ লক্ষণ।

অলপ আগতে যি 'কোনোবাখিনিত কিবা এটা ৰৈ যোৱা'ৰ কথা উল্লেখ কৰিছিলোঁ, জাহ্নু ভৰদ্বাজৰ "স্বপ্নময়তা"ই সেই কাব্যগুণ কিছুদূৰ গ্ৰহণ কৰিছে। একো একোটা চিত্ৰকল্পৰ লগত ব্যক্তিগত সম্পৰ্কৰ এটা ৰেঙণি আৰু এটা উপাদানৰ লগত আন এটা স্মৃতি আৰু প্ৰকৃতিজাত উপাদানৰ সংযোগ স্থাপনৰ প্ৰয়াস মন কৰিবলগীয়া। জাহ্নুৰ "অভাগা" তাতোকৈয়ো ভাল লগা। "স্বপ্নময়তা"ৰ ক্ষেত্ৰত ভাবৰ সমন্বয়ৰ ক্ষেত্ৰত অলপ উজুটি খাবলগীয়া হৈছে যিটো এই কবিতাত নাই। এই কবিতাত উপস্থাপন ৰীতি কম্পেক্ট। ইন্দ্ৰনীল গায়নত "ঠিকনা" এইখিনিতে উল্লেখ কৰিব পাৰি। "শব্দহীন ঠিকনা ক'ৰবাত ৰিণি ৰিণি শুনো" আৰু "নিঃসংগতা হেঁনো তেওঁৰ প্ৰিয় সংগী" - এই বাক্যাংশখিনি খুব বেছি 'প্ৰেডিক্টেবল' বা সঘনে শুনি থকা বাবেই ছাগৈ বৰকৈ পাঠকৰ মন টানি নধৰে। কিন্তু "কি হেৰুৱাইছে আপুনি…???", এইখিনিতে য'ত কবিতাটোৰ যতি পৰিছে, তাত এটা ভাব-ছন্দৰ অণুৰণন ৰৈ গৈছে। পূৰ্ণিমা বৰুৱাৰ "প্ৰিয় বন্ধু, তোমালৈ" নামটি যেনে, কবিতাটিও তেনে, এখন ব্যক্তিগত চিঠি উপম। অনুভূতিৰ সৰল প্ৰকাশ আৰু কথকতাই পাঠকক মুগ্ধ কৰে।

মালবিকা ব্ৰহ্মৰ "গতি", সাৰদা শ্ৰেষ্ঠাৰ "বাস্তৱ" আৰু নিৰ্জন নিৰৱ বৰফুকনৰ "মা" সুখপাঠ্য আৰু উমাল। একোটা উপলব্ধি বা বোধৰ স্বতষ্ফুৰ্ত প্ৰকাশেই এইখিনি লেখাৰ সঞ্জীৱনী।

মনোহৰ দত্তৰ গীতিকাৰৰ সত্বাটো তেখেতৰ প্ৰায়বোৰ কবিতাতেই বিচাৰি পোৱা যায়। তেখেতে পৰ্যমানে সহজ ভাষাৰে নিয়াৰিকৈ কথা ক'বলৈ বিচাৰে। তেখেতৰ "বান্ধোনহীন স্বৰ"ও সেই সৰলতা আৰু গীতিময়তাৰ প্ৰকাশ। আইৰ কোলাৰ উম, পিতাইৰ হাতৰ আঙ্গুলি, শৈশৱৰ খেলপথাৰ, বন্ধুৰে ওমলা সময়, পথাৰৰ মায়া, সৰিয়হ ফুলৰ শোভা, যৌৱনৰ পাহাৰীয়া বতাহ, ঘৰ এটি সজাৰ কচৰৎ - এনেকৈ এটি এটি কৈ তেওঁ জীৱনৰ গতিৰ স'তে এটি এটি বান্ধনৰ খতিয়ল লৈ গৈ আছে। এহাতে মানবীয় স্পৰ্শ আনহাতে দৃশ্যময়তা -দুয়োটাই আমাক লৈ গৈ আছে। আৰু নাটকীয়তাৰেই এটা সময়ত এটা 'কনফ্লিক্ট' বা নাটকীয় সঙ্ঘাতৰ সন্মুখীন কৰাইছে, "এদিন নিজম পৰে সকলো সুৰীয়া গান"। এইখিনিতে এটা কথা মনলৈ আহিল। "সোণালী স্বৰবোৰে কান্দে বান্ধোনহীন স্বৰ বিচাৰি" বুলি নকৈ "বান্ধোন হেৰোবা স্বৰ" বুলি কোৱা হ'লে কিজানি অৰ্থটোৱেই বেলেগ হৈ গ'ল হেতেন।  

৫

নিশাংক মিলনৰ "সেউজী পাতৰ কাহিনী"য়ে সাৱলীল ভাষাৰে বৰ্ণাইছে এক মৰ্মষ্পৰ্শী কাহিনী। অনুন্নত, অৱদমিত চাহ বনুৱা শ্ৰেণীৰ দৈনন্দিন জীৱনৰ বতৰা ইয়াত আছে। ক'তো কোনো কৃত্ৰিমতা নাই, কথনভঙ্গীত ক'তো উজুটি খাব লগীয়া নাই। ছুটিগল্প সদৃশ পৰিণতিৰ নাটকীয়তাই সকলোৰে মন চুই যাব বুলি অগাধ বিশ্বাস আছে। নিশাংক মিলনে যদি সততাৰে সৈতে এনেকুৱা কবিতা লিখি গৈ থাকে তেনেহ'লে আমি উপকৃত হ'ম। ভূপেন হাজৰিকাৰ "এন্ধাৰ কাতিৰ নিশাতে" বুলি নিচুকণি ধৰ্মী গীতটিৰ যি মৰ্মান্তিক আবেদন তদ্ৰুপ এক আবেদন এই কবিতাটোতো আমি পাইছোঁ। দুখীয়াৰ দুখ বৰ্ণন, নিম্নবৰ্গৰ কথা আদি অসমীয়া কবিতাত দুষ্প্ৰাপ্য নহয়। কিন্তু ভবাই তুলিব পৰা সামৰ্থ্য সকলোৰে নাথাকে। মনোজগতত জোকাৰণি তোলাৰ লগতে মস্তিষ্কক ভাবিবলৈ বাধ্য কৰা কবিতা আমাক লাগে।

চাৰ্জেন আৰ মেগোৰ "এদিন হ'লেও মই জুই হৈ জ্বলিম"ত সততাৰ অভাৱ হয়তো নাই। স্পষ্টবাদীতাও এক গুৰুত্বপূৰ্ণ উপাদান। কিন্তু আগতে এবাৰ উনুকিয়াই অহাৰ দৰেই কবিতা হিচাপে সি যদি পাঠকৰ মনৰ একোণত ঠাই বিচাৰি উলিয়াবলৈ সমৰ্থ নহয় তেতিয়াহ'লে তাৰ প্ৰভাৱ ক্ষণস্থায়ী হোৱাটোৱেই স্বাভাবিক। কবিতাৰ শিৰোনাম - এদিন হ'লেও মই জুই হৈ জ্বলিম- কথাষাৰত যি ব্যঞ্জনা আছে সি সামগ্ৰিক ভাবে কবিতাটোত খৰ্ব হোৱা যেন লাগে। পাঞ্জাবী বিপ্লবী কবি পাশ বা অৱতাৰ সিং সান্ধুৰ কবিতা পঢ়িলে মেগো উপকৃত হ'ব। কবিগৰাকীলৈ এই এটা সস্নেহ পৰামৰ্শ থাকিল।

ধান পথাৰ আৰু সেউজীয়াৰ পয়োভৰেৰে ভাৰাক্ৰান্ত অসমীয়া কবিতাৰ আওতাত নিৰ্জন নিৰৱ বৰফুকনৰ "এ টি এম"ৰ দৰে কবিতাই মাজে মাজেহে ভুমুকি মাৰে। নগৰীয়া জীৱনৰ নৈৰাজ্য, সমসাময়িক বাস্তৱতা আৰু যান্ত্ৰিকতাৰ তিক্ততাই এই কবিতাৰ উপজীব্য।  

ফুল তৰা পখিলাৰ গানৰ বিপৰীতে বাস্তৱতাৰ সৈতে মুখামুখি কৰি দিব পৰা কবিতা সংখ্যাত তাকৰ হ'লেও অসমীয়া কবিতাত সি একেবাৰে দুষ্প্রাপ্য নহয়। নিশাংক মিলনৰ "বুলেটবোৰ যদি অলপ কোমল হ'লহেতেন..." আৰু মৈত্ৰেয়ী পাটৰৰ "আৰু এটা বিষ্ফোৰণৰ আশংকাত" - দুয়োটা কবিতাই ৩০ অক্টোবৰক কেন্দ্ৰ কৰি বা লক্ষ্য কৰি লিখা। মৈত্ৰেয়ীৰ কবিতাই আমক ব্যক্তিগত জীৱনৰ হা-হুতাশ, হৃদয়-সৰ্বস্ব কল্পনা বিলাস আৰু সহজলভ্য কবিতাংশ বা বাক্যাংশৰ ক্লিচ্ছে (cliche)-ৰ পুণৰাবৃতিৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰিছে সঁচা, কিন্তু ইয়াতো বহু কথা থাকি যায়। ইয়াত সেউজীয়া নাই, সশস্ত্ৰ দুৰ্ভাৱনা আছে। ইয়াত পথাৰ আৰু ধান নাই, বৰঞ্চ মৃতদেহ, শগুণ আৰু আশংকাৰ আঙঠা আছে। সমাজ পৰিবৰ্তনৰ উচ্চবাচ্য না শ্লোগানো ইয়াত নাই। আছে ভয়গ্ৰস্থতাৰ ক্লষ্ট'ফবিয়া। ("কিজানিবা মুক্ত আকাশৰ তলতে নিনাদিত হয় আৰু এটা বন্দীত্বৰ ঘোষণা", "দুৰ্ভাৱ্নাই কুৰুকি খাব খোজে সাহসৰ হাড়")। কেইবছৰমানৰ পৰা মৈত্ৰেয়ী পাটৰৰ কবিতাৰ উত্তৰণ আমি লক্ষ কৰি আহিছোঁ। তেওঁৰ শ্ৰেষ্ঠতম কবিতাবোৰৰ মাজৰ এই কবিতাই হয়তো স্থান নাপাব। কিন্তু ভাবৰ পূৰ্ণতা আৰু প্ৰকাশৰ বলিষ্ঠতা ইয়াত আছে। কবিৰ ৰাজনৈতিক (আদৰ্শগত) স্থিতি এইখিনিতে এক গুৰুত্বপূৰ্ণ প্ৰসংগ। এটা অৱস্থাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ হ'লেও সেয়ে শেষ কথা নহয়। কবিতা পূৰঠ হ'বলৈ যেনেকৈ সময়ৰ প্ৰয়োজন, ভালপোৱাই মৰ্যাদা পাবলৈ যেনেকৈ বহুকাল ৰ'ব লগা হয়, ধান পকালৈ যেনেকৈ বাট চাব লগা হয় - দায়বদ্ধতাৰ প্ৰকাশ পাবলৈকো সময়ৰ প্ৰয়োজন হয়। 

প্ৰত্যক্ষ ভাবে হয়তো কোনো সম্পৰ্ক নাই, কিন্তু এই মুহূৰ্তত হঠাতে মনলৈ অহা কথা এটা উল্লেখ কৰিব খুজিছোঁ। পীট ছিগাৰৰ এটা বিখ্যাত গান আছে Where have all the flowers gone; গানটোৰ প্ৰতিটো স্তৱকে বাৰে বাৰে সোধা হয়
                Oh, when will they ever learn?
                Oh, when will they ever learn? 
এটা পৰিবেশনাত পীট ছিগাৰে নিজে কৈ উঠে - এই গীতটোৰ সম্পৰ্কে মোৰ একমাত্ৰ আপত্তি এয়ে যে কথাখিনি নিৰ্দিষ্ট নহয়। আমি বাৰু কেতিয়া শিকিম বা কেতিয়া বুজি পাম বুলি কোই দিবলৈ আচলতে তেনেই সহজ। কিন্তু আমি সঁচাকোইয়েনো কিহৰ সম্পৰ্কে কথা পাতি আছোঁ?




সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia
Kathputlee Arts & Films,
13, Patparganj Industrial area, New Delhi, 110092

email: kankhowa@gmail.com, mobile: 9811375594