ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, October 11, 2016

মধুৰ মূৰুতি : শ্ৰীমন্ত শংকৰদেৱৰ দৃশ্যগত ৰূপায়ণ সম্পৰ্কে

শিল্পী-  দিগন্ত মাধৱ গোস্বমী আৰু বিনোদ বৰা; পূৰ্ণশিল্পম
পলিটিকেলি ইনকাৰেক্ট যেন লাগিব পাৰে কিন্তু এটা কথা আমি প্ৰায়েই কওঁ যে একো একোটা ভৌগোলিক অঞ্চল অনুযায়ী দৃশ্যশিল্পৰ মান বেলেগ বেলেগ হয়।  বিশ্বমান অথবা সৰ্বভাৰতীয় মান – কথদুটাও বেচ গণ্ডগোলীয়া। বহু সময়ত এনেবোৰ ধাৰণা আমি অগ্ৰাহ্য তথা সিবোৰৰ বিৰোধিতা কৰি আহিছোঁ। তথাপি সাময়িক আলোচনাৰ সুবিধাৰ্থে যদি সেইবোৰ কথা মানিও লওঁ, তেনেহ’লে ক’ব লাগিব, বিশ্বমানতো দূৰৈতে থাওক, সৰ্বভাৰতীয় মানৰ সৈতে ফেৰ মাৰিবলৈকো অসম প্ৰদেশৰ দৃশ্যশিল্পৰ অভ্যাসৰ কোনো উদাহৰণ আমাৰ চকুৰ সন্মুখত আজিলৈকে নাই।  উড়িষ্যাৰ শিল্পীৰ যি ছন্দোময় গীতিময় হাতৰ ৰেখা, সেয়া লগিলে পৰম্পৰগত অথবা লোক শিল্পীয়েই হওক বা অধ্যয়ণৰত যুৱ শিল্পীয়েই হওক, সেই কুশলতা ব স্কিল (skill) অসমীয়া শিল্পীৰ পৰা আশা কৰাটো ভুল। তেওঁলোকৰ দৰে ফটো-ৰিয়েলিজমো দূৰতে বিদূৰ। কলকাতাৰ বাটে পথে কৰ্মৰত ছাত্ৰ শিল্পীৰ পানী ৰঙৰ দক্ষতা অসমৰ শিল্পীৰ পৰা অশা কৰিব নোৱাৰোঁ।  হায়দৰাবাদী শিল্পীৰ ডেক’ৰেটিভছৰ যি সংবেদনা সেয়া অসমীয়া শিল্পীৰ মাজত নাই। এতিয়া কিয় নাই সেইবোৰ কথা আমি অগতে পতিছোঁ, আগলৈকো পাতি থাকিম।   

এই অভিযোগ আজিৰ নহয়। ঐতিহাসিক অথবা মধ্যযুগীয় কিছু সমলক বাদ দি প্ৰাক-আধুনিক অথবা আধুনিক কালৰ কোনো সমল আমাৰ হাতত নাই যাক সন্মুখত লৈ এটা দৃশ্যভাষা কোনো শিল্পীয়ে অথবা শিল্পীকূলে নিজাববীয়াকৈ গঢ় দি ল’ব পাৰে অথবা আজিলৈকে পাৰিলে। অসমৰ সমাজখন বহুলাংশেই সাহিত্যকেন্দ্ৰিক। এই সাহিত্য কেন্দ্ৰিকতাৰ বাবেই মূলত: আজিও আমি ছবি এখনৰ সন্মূখত ৰৈ তাক বিশদভাবে নিৰীক্ষণ কৰাৰ অগেয়েই সুধি পেলাওঁ- “এই ছবিখনে কি বুজাব খুজিছে?”, অথবা “এই ছবিখনৰ মানে কি?” এই সমস্যা আন ঠাইত যে নাই তেনে নহয়, কিন্তু তুলনামূলকভাবে অসমতকৈ শিল্পচৰ্চাত আগবঢ়া আন আন প্ৰদেশত এই সমস্যাটো ইমান বেছি নহয়, যিমান অসমত। চাক্ষুস নিৰক্ষৰতা অথবা দৃষ্টিগত নিৰক্ষৰতাৰে আক্ৰান্ত এখন সমাজত বাস কৰাৰ বাবেই কেৱল সাহিত্য আৰু সমাজ বিজ্ঞানত দখল থকা ব্যক্তি একোজনে আমাৰ অসমত চিনেমাৰ সম্পেৰ্কেও বিশদ অলোচনা কৰিবলৈ সাহস কৰিব পাৰে। ই কথা ৰহোক।

স্কিল, কুশলতা ব দক্ষতা শিল্পচৰ্চাৰ ক্ষেত্ৰত এটা এৰাব নোৱাৰা প্ৰসংগ। যেনেকৈ টেকনিক আৰু মেটেৰিয়েল। এতিয়া এই দক্ষতা লাগিলে ৰেণেছাঁ-উদ্ভূত বৈজ্ঞানিক পৰ্যবেক্ষণৰ আধাৰিত এনাটমি আৰু পৰিপ্ৰেক্ষিতৰ দক্ষতাই হওক কিম্বা ধাৰণা প্ৰসূত বা আইডিয়েলিষ্টিক দৰ্শণেৰে দৃষ্টিনন্দনিকতাৰ পৰিনিৰ্মাণৰ দক্ষতায়েই হওক।  ইয়াৰে প্ৰথমবিধ স্কিলক আমি একডেমিক স্কিল বুলি কওঁ। কাৰণ বিদ্যায়তিক পৰিমণ্ডলত মডেল সন্মুখত ৰাখি এনাটমি আৰু পৰিপ্ৰেক্ষিতৰ বৈজ্ঞানিক অনুধাৱণৰ প্ৰশিক্ষণ দিয়া হয়।  দ্বিতীয়বিধ স্কিলৰ ক্ষেত্ৰত পৰম্পৰাগত শিল্পীসকল সততে সিদ্ধহস্ত। প্ৰথমবিধ স্কিলৰ আধাৰ বিজ্ঞান, দ্বিতীয়বিধ লীৰিকেল - যাৰ আধাৰ সংগীত। প্ৰথমবিধ চাক্ষুস, অপ্টিকেল, ৰেটিনেল। দ্বিতীয়বিধ মানসিক, বোধ আৰু অনুভৱ ভিত্তিক। বাৰু যেনেকৈয়েই নহওক, দক্ষতা ব স্কিলৰ এট প্ৰসংগ নোহোৱাকৈ শিল্প সংক্ৰান্তীয় কথা পতাটো অলপ মস্কিলেই। 

শুনিবলৈ বেয়া হ’লেও কওঁ যে অসমীয়া শিল্পীৰ একাডেমিক স্কিল দেখা পোৱা প্ৰায় দুৰূহ। বিজ্ঞান মনষ্কতাৰ অভাবেই ইয়াৰ কাৰণ বুলি ক’ব পাৰি নেকি বাৰু? নে কাৰণটো ভৌগলিক? সঠিক সিদ্ধন্তলৈ আহিবলৈ হয়তো আৰু অলপ সময় লাগিব।  পদ্ধতিগত শিল্পশিক্ষাৰ আনুষ্ঠানিক পৰিবেশৰ অভাৱটো যে এটা মূখ্য কাৰক সেইটো বাৰু অলপো সন্দেহ নোহোৱাকৈ কৈ দিব পাৰোঁ।  আৰু লগতে এই অভাৱটো যে ঐতিহাসিকভাবেই উত্তৰধিকাৰী সূত্ৰে আমি ভোগ কৰি অহা এটা দুৰ্ভোগ – সেই কথাটোও দৃঢ়তাৰ সৈতে ক’ব পাৰোঁ।

কিন্তু কথা হ’ল দ্বিতীয়বিধ স্কিলৰ ক্ষেত্ৰতো অপৰিপক্কতা অসমীয়া শিল্পী (লব্ধপ্ৰতিস্থ শিল্পীসকলৰ কথা কোৱা হোৱা নাই) অথবা ক্ৰাফটমেন সকলৰ মাজত দেখা গৈছে। ইয়াৰ কাৰণ সম্ভৱত: পৰম্পৰাৰ সৈতে বিচ্ছিন্নতা আৰু আত্মবিশ্বাসৰ অভাৱেই হ’ব। বঙ্গীয় পটচিত্ৰৰ পৰম্পৰাৰ যি এক নিৰবিচ্ছিন্ন ইতিহাস দেখা যায়, অথবা উৰিষ্যাৰ তাল-পাতৰ ছবিৰ পৰম্পৰা যেনেকৈ তাৰ মানুহে অব্যহত ৰাখিলে তেনেকৈ তদানুৰূপ কোনো দৃশ্যশিল্পৰ পৰম্পৰা আমি জীয়াই নাৰাখিলোঁ। আমাৰ পটচিত্ৰৰ, সীমিত সংখ্যক হ’লেও, কেইটামান দুধৰ্ষ সমল আছে। কিন্তু পৰম্পৰাটো বৰ্তাই ৰাখিব নাজানিলোঁ। আনহাতে বয়ন শিল্প আৰু আন আন জনজাতীয় দৈনন্দিন জীৱনৰ সৈতে ওত:প্ৰোত স্ম্পৰ্ক থকা কেতবোৰ সমলৰ আৰ্হিৰে দুই এক শিল্পীয়ে মাজে মাজে এক শিল্পভাষা তৈয়াৰ কৰাৰ চেষ্টা চলালেও সি কাহানিও এটা আন্দোলনৰ ৰূপ নল’লে।

মানে না থাকিল বিজ্ঞান, না থাকিল সংগীত। না যুক্তি, না অনুভৱ। অসমৰ অ’ত ত’ত থকা পাব্লিক মূৰ্তিবোৰলৈ মন দি চাওকচোন। না চকুৰ তৃপ্তি, না মনৰ শান্তি। অংগ নৰ্থ-ইষ্ট দলৰ ফালৰ পৰা অলপতে অসমৰ পাব্লিক স্কাল্পছাৰ সম্পৰ্কে কিছু কথা ফেচবুকতে ব্যক্ত কৰা হৈছিল। কথাখিনি এই সময়তে প্ৰণিধানযোগ্য। 

অসমীয়া শিল্পীৰ কি কি গুণ নাই, অথবা কোনখিনি দিশত অসমৰ শিল্প পিছপৰা – আমি কেৱল সেইখিনি বস্তুহে খুছৰি ফুৰিছোঁ বুলি ভাবি আমাক কোনোবাই ভেনামাখিৰ লগতহে ৰিজাব পাৰে। সেইখিনি কথা আমি পাতিম অন্যত্ৰ। অসমীয়াৰ অহংকাৰ থাকিব বয়ন-শিল্পত। কাঠ-বাঁহৰ কামত। বিষ্ণুপুৰ-বাঁকুৰাৰ শিল্পীৰ দক্ষতা যদি এডিটিভ মৃৎশিল্পত, উত্তৰ-পূৰ্বাঞ্চলীয় শিল্পীৰ দক্ষতা ডিডক্টিভ কাঠ খোদাইত। কি এক দৈব কাণ্ড এয়া নাজানোঁ। উত্তৰ পূৰ্বাঞ্চলীয় শিল্পীৰ কাঠ খোদাইত এক অৰ্বচীন আনন্দ পোৱাই যায়। পছে পৰে এইবোৰ কথ হ’ব বাৰু।

শিল্পী- বিষ্ণু ৰাভা, ১৯৩৫

এতিয়া আমি কৈ অহা দুয়ো ধৰণৰ স্কিল - একডেমিক আৰু পাৰম্পৰিক, বৈজ্ঞানিক আৰু লীৰিকেল – দুয়োটাৰে সু সমন্বয় ঘটিছিল অসমৰ আশ্বৰ্য শিল্পী বিষ্ণু ৰাভাৰ কৰ্মত। বিষয়বস্তুৰ অনুধাৱণ, যুগৰ তাগিদা, মধ্যমৰ সঠিক জ্ঞান আৰু তাৰ লগে লগে স্কিল – এই আটাইবোৰৰ সমন্বয়ত শিল্পসৃষ্টি সম্ভৱ হৈছিল ৰাভাৰ হাতত। এটা নিজস্বতাবিশিষ্ট আপোন শিল্পভাষাৰ সন্ধান সকলো যুগতে সকলো স্থানতে অনুভূত হৈ আহিছে। এই সন্ধান অতি তীব্ৰতৰ হৈ উঠিছিল বেংগল স্কুলৰ অভ্যুত্থানৰ সময়ত। আপোন শিপাৰ অনুসন্ধান আৰু ঔপনিবেশিকতাৰ বিৰোধিতা কৰি কৰা আপোন দেশীয় ঐতিহ্যৰ অনুসন্ধানৰ বাবেই সেই সময়ৰ শিল্প আন্দোলনক ৰিভাইভেলিষ্ট বোলা হয়। অৱনীন্দ্ৰনাথ ঠাকুৰে উদ্ভাৱণ কৰা ৱাছ টেকনিকটো এই চেতনাৰেই ফচল। বিষ্ণু ৰাভাৰ অঁকা শ্ৰীমন্ত শংকৰদেৱৰ ছবিখনত (১৯৩৫) এই ৱাছ টেকনিকৰ সংবেদনাই দেখা পোৱা যায়।  অসমৰ ঐতিহ্যক পুণৰাই উপস্থাপন কৰাৰ প্ৰৱণতাটোও এটা ৰিভাইভেলিষ্ট প্ৰৱণতাই আছিল। ৰাভাৰ ছবিখনৰ শংকৰদেৱজনৰ এনাটমিৰ ড্ৰয়িং, পেলৱতা এইবোৰলৈ চাই শিল্পীৰ একাডেমিক কুশলতা বুজিব পাৰি। কিন্তু তাৰ লগতে দীঘল হাত দুখনলৈ চালে ‘অজানুলম্বিত’ বুলি বৰ্ণিত পাঠ সমীক্ষাৰ বুজাপৰাও বুজিবলৈ অসুবিধা নহয়।  মানৱী শৰীৰটোৰ উপস্থাপন বৈজ্ঞানিক, কিন্তু কাপোৰৰ ভাঁজৰ ৰৈখিক বিন্যাস আৰু বাতাবৰণৰ আভাস পাৰম্পৰিক। একাডেমিক আৰু পাৰম্পৰিক, অথবা অন্যভাবে ক’লে প্ৰাচ্য প্ৰশ্চাত্যৰ দুই ধৰণৰ সংমিশ্ৰণেৰে এক শিল্পভাষা নিৰ্মানৰ ক্ষেত্ৰত অবনীন্দ্ৰনাথতকৈয়ো আগৰ জাহংগীৰৰ সময়কালৰ মিনিয়েচাৰ পোৰ্ট্ৰেইট আঁকোটা সকলৈকো মনত পেলাব পাৰি।  

শংকৰদেৱৰ চিত্ৰিত ৰূপ ইতিহাসত পোণপ্ৰথমবাৰৰ বাবে কোনে কেতিয়া কৰিছিল তাৰ অনুসন্ধানৰ প্ৰয়োজন আছে। জনৈক ৰূপম দাসে ফেচবুকতে আপলোড কৰা এক সূত্ৰ মতে তলৰ ছবিখনেই আটাইতকৈ প্ৰাচীণতম সমল (Evidence) হ’ব লাগে।


তেখেতে উল্লেখ কৰা মতে Portrait of Srimanta Sankardev (1449–1568AD ), perhaps made during his own life time.. in 1461 Xok ( i.e. 1539 AD ) . At the bottom of this portrait the artist (unknown) has written- Srimanta Sankardev 1461. This portrait of Sankardev was found in Srimanta Sankardev's illustrated "Daxam Skandha Pod Bhagavat" written in 1539 AD & later published by the renowned publisher Harinarayan Duttabaruah...
Srimanta Sankardev was 90 years old in 1461 Xok (1539 AD)
Picture Courtesy : Prantic (monthly magazine published from Guwahati) ; carefully collected and preserved by a fan and follower of Srimanta Sankaradeva ( Mr Rupam Das)

ছবিখন দেখিলে ধ্যনমগ্ন গৌতম বুদ্ধলৈহে বেছিকৈ মনত পৰে। বিশেষকৈ ছুলিখিনিলৈ যদি মন দিয়া হয়।

  


আজি কেইদিনমান আগতে দিগন্ত মাধৱ গোস্বামীৰ কৰ্মৰত অৱস্থাত থকা শ্ৰীমন্ত শংকৰদেৱৰ ভাষ্কৰ্য এটাৰ কিছু ছবি দেখা পাইছিলোঁ।  একাডেমিক অৰ্থত ক’বলৈ গ’লে যাথেষ্ট স্কিলড। মানৱী মুখৱয়বৰ অধ্যয়ণ, মাটি এক মাধ্যম হিচাপে মাধ্যমৰ আণ্ডাৰষ্টেণ্ডিং, ত্ৰিমত্ৰিকতা সকলোবোৰৰ পিনৰ পৰাই ই এক দৃষ্টিনন্দন কাম হ’বলৈ গৈ আছে। চকু, নাক, কাণকে ধৰি এটা ৰসাল ব্যক্তিত্বক ফুটাই তুলিব পৰাকৈ ঈষৎ হঁহিমুখীয়া মুখৰ গালৰ ভাঁজলৈকে সকলোখিনিয়েই নিখুঁত। কৰ্মটি ‘পূৰ্ণশিল্পম” নামৰ উদ্যোগটিৰ দ্বাৰা প্ৰতিপালিত বুলি গম পোৱা গৈছে। দিগন্ত মাধৱ আৰু পূৰ্ণশিল্পম – দুয়ো এই কৃতিত্বৰ দাবীদাৰ।  চেল্যুট।
   
কিন্তু ক্ল’জ আপত দেখা পোৱা এখন ছবিয়ে মোক তৃপ্ত কৰাতকৈ উদ্বিগ্নহে কৰিছিল বেছিকৈ। একাডেমিক স্কিলে সকলো সময়তে আমক আনন্দ দিয়ে। যেনেকৈ এখন ফটোগ্ৰাফে দিয়ে। একাডেমিক স্কিলৰ কাম অৰ্থাৎ নেচাৰেলিষ্টিক ৰিপ্ৰেজেনটেচনৰ গুৰুত্ব সদায়েই আছে বা থাকিব। কিন্তু কথা হ’ল শ্ৰীমন্ত শংকৰদেৱ বুলি ক’লে যেনে এটা ইমেজ আমাৰ মানসপটত আছে সেইজন দেখিবলৈ কেনেকুৱা হোৱা উচিত? এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে পোৱা নগ’ল আৰু কোনো শিল্পীয়েই আমাক সন্তুষ্ট কৰিব নোৱাৰিলে। এনে ক্ষেত্ৰত কৰণীয় কি হোৱা উচিত? এয়া এক লাখটকীয়া প্ৰশ্ন হৈ ৰৈছে।

কাকতলীয় ভাবে এইখিনি লিখি থাকোতেই উৎপল দত্তদেৱে একেটা সুৰতে ফেচবুকত প্ৰশ্ন এটা আগবঢ়ালে এই মাত্ৰ- “এইকেইখন ছবি কোনে অঁকা নাজানো, কিন্তু ’দৰশিত সুন্দৰ’ মহাপুৰুষজনাক এইকেইখনত পোৱা যাবনে ? মানবদেহৰ অংগপ্ৰত্যংগৰ বিষয়ে সাধাৰণজ্ঞান থকাজনেই কৈ দিব যে ভৰা ব্ৰক্ষ্মপুত্ৰ সাতুৰি পাৰ হ’ব পৰা মানুহৰ চেহেৰা এইটো হ’ব নোৱাৰে I মহাপুৰুষজনাৰ ছবি এখন ভালদৰেআঁকিব পৰা চিত্ৰকৰ এজন আমাৰ অসম মুলুকত নাইনে বাৰু ? বেণু মিশ্ৰ, নৰেন দাস অাদিৰ দৰে শিল্পীক আঁকিবলৈ দিয়াৰ দায়িত্ব কোনোবাই ল’ব নেকি বাৰু ?”

এটা কথাত বুজিব পৰা গৈছে যে নেচাৰেলিষ্টিক ৰিপ্ৰেজেনটেচন সঠিক পথ হ’ব নোৱাৰে। যিজন মানুহক কোনো কেমেৰাই ধৰি ৰখাৰ প্ৰশ্নই উঠিব নোৱাৰে, স্বচক্ষে দেখা কোনো ব্যক্তি জীৱিত নাই, যাৰ চৰিত-পুথি বা অন্যান্য বৰ্ণনা বহুলংশে কাব্যাশ্ৰিত, কেইবাটাও শতিকাজুৰি জনমানসত যি অন্য অন্য ৰূপেৰে উজ্জীৱিত হৈ আহিছে – সেই মানৱক, সেই ৰূপক নেচাৰেলিষ্টিক ৰিপ্ৰেজেনটেচনে সুবিচাৰ কৰিব নোৱাৰাটোৱেই স্বাভাবিক। কিন্তু সেয়ে যদি নহয় তেনেহ’লে অন্য ৰূপ বা পদ্ধতি কি হ’ব? এইটো প্ৰশ্নতে সঙোৰ খাই আহিব শিল্পভাষাৰ প্ৰসংগটো। এই কাৰণতে শ্ৰীমন্ত শংকৰদেৱৰ দৃশ্যৰূপৰ উপস্থাপনৰ কথা লিখিবলৈ বহি কথাখিনিৰ ইমানখিনি পাতনি মেলিবলগীয়া হৈছিল। নহ’লে আমাৰ ভিজুৱেলি নিৰক্ষৰ চকুৱে বুজি নাপায় ছবি এখন বেয়া, আৰু যদি বেয়াও কিয় বেয়া।

স্কিল ব কুশলতা, চাক্ষুস সংবেদনা, এইবোৰতকৈয়ো শিল্পভাষাৰ সমস্যাটো আৰু বেছ গভীৰ। নেচাৰেলিষ্টিক ৰিপ্ৰেজেনটেচন অগ্ৰাহ্য কৰাৰ লগে লগে যদি ষ্টাইলাইজড ৰিপ্ৰেজেনটেচনক মই প্ৰাধান্য দিব খুজিছোঁ বুলি কোনোবাই ভাবিছে তেনেহ’লে সেয়াও ভুল হ’ব। শিল্পভাষাৰ প্ৰসংগটো আৰু বেছি গভীৰ আৰু বিশাল। এটা উদাহৰণ স্বৰূপে তলত দিয়া গৌতম বুদ্ধক দৰ্শোৱা গ্ৰাফিক নভেলৰ ছবিলৈ চাব পাৰে। ষ্টাইলাইজড কৰা হ’ল, কিন্তু তাৰ চেন্সিবিলিটি পশ্চিমীয়া গ্ৰাফিক শিল্পৰ অনুগামী হোৱাৰ ফলতেই ক’ৰবাৰ বুদ্ধ ক’ৰবাতে ৰ’ল।
[reference picture to be uploaded]        

উৎস অজ্ঞাত

ওপৰৰ ছবিখন চাওক। শংকৰদেৱৰ উপস্থাপনৰ ক্ষেত্ৰত কেইটিমান উদাহৰণ আছে যি কেইটা দৃষ্টিনান্দনিকো নহয়, চৰিত্ৰটোৰ প্ৰতি সুবিচাৰ কৰাৰ কথা দূৰতে থাওক।  

ৰূপম দাস নামৰ এক শিল্পীৰ কাম দেখা পালোঁ – স্কিলড কাম বুলি যাক ক’ব পাৰি। কিন্তু কোনোবাখিনিত এক আৰ্যীয় ৰূপ তাত বিদ্যমান। এনেকুৱা কামো হ’ব লাগে। কিয় নালাগে?

 

এইবোৰৰ তুলনাত বহুল প্ৰচলিত এখন দুখন ছবি আছে যাক কেলেণ্ডাৰ আৰ্ট বা পপুলাৰ আৰ্ট বুলি ধৰি ল’লে তাৰ মাজতেইহে অলপ অচৰপ তৃপ্তি বিচাৰি পোৱা যায়।

শিল্পী- ৰণজিত কুমৰ বৰুৱা

সেই আৰ্হিটোকে সম্বল হিচাপে লৈ আৰু অলোপ বস্তৱতা সন্নিৱিষ্ট কৰিবোলৈ গৈ ড০ ৰণজিত কুমৰ বৰুৱাই বুকুৰ লোমেৰে সৈতে আৰু এখন দৃষ্টিকটু বেয়া ছবিহে অঁকিলে।  

শিল্পী- দধি পাঠক

ইয়াতকৈ দধি পাঠকে বাঁহেৰে কৰা এটা মূৰ্তিহে মোৰ বেছি ভাল লাগিল। হয়তো এইবাবেই যে ইয়াত অন্তত: অলপ কল্পনাৰ অৱকাশ ৰৈছে। [ছবি সংগ্ৰহ- মামনি ৰয়]

শিল্পী- দেৱানন্দ উলুপ
পৰম্পৰাগত, লোকায়ত আৰু লোকেল বিষয়বস্তু তথা চেন্সেচনকলৈ শিল্পী দেৱানন্দ উলুপে এলানি ছবি আঁকি আহিছে। তেখেতৰে অঁকা এখন ছবি দেখিবলৈ পাওঁ যিখন ভূপেন হাজৰিকাদেৱে গোৱা টোকাৰি গীত “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান”ৰ ইলাষ্ট্ৰেচন হিচাপে জ্ঞাত। কিন্তু ৰেখাৰ লীৰিকেল বিন্যাসৰ স্বত্বেও ছবিখনত থকা শংকৰদেৱজন জঠৰ বা হাৰ্ড (hard)।

ডিটেইল- বৃন্দবনী বস্ত্ৰ

শিল্পী- নীলপৱন বৰুৱা

শিল্পী- বেণু মিশ্ৰ
পুথিচিত্ৰ আৰু বয়নশিল্পলৈ আকৌ এবাৰ উভতি চাব পৰা যায় নেকি বাৰু? বয়ন শিল্পৰ কথাটো কিয় প্ৰাসংগিক তাক হয়তো বহলাই নক’লেও হ’ব। এহাতে থকিল আমৰ ভৌগলিক আৰু সংস্কৃতিক পৰিমণ্ডলে দিয়া আমাৰ সহজাত স্কিল, আনহাতে থকিল খোদ বৃন্দাৱনী বস্ত্ৰখনেই। টেকনিকেল কাৰণতেই বয়ন শিল্পৰ ম’টিফবোৰ দ্বিমাত্ৰিক আৰু জ্যমিতিয়। ত্ৰিমাত্ৰিক হ’বৰ অৱকাশ তাত নাই। সেই দ্বিমাত্ৰিক জ্যামিতিকেই আৱলম্বন কৰি বেণু মিশ্ৰৰ দৰে শিল্পীয়ে যথেষ্ঠ উন্নত মানৰ কাম কৰি গৈছে। নীলপৱন বৰুৱাৰো অগণন কাম আছে। মন কৰিবলগীয়া যে বয়ন শিল্পৰ মটিফৰ দৰেই আমাৰ পুথিচিত্ৰ সমূহো বহুলাংশে দ্বিমাত্ৰিক। সেইবোৰত কিছুমান মানৱী ৰূপ খুব বেছি সৰলীকৃত যদিও কেইখনমান ছবি দেখা মনত আছে যিখিনি ভিজুৱেলি অত্যন্ত চহকী। বৃটিছ মিউজিয়ামত থকা এখন ৰাসলীলাৰ ছবি দেখা মনত আছে।

পুথিচিত্ৰ - ‘সচিত্ৰ সৰুঘোষা’ 

হেঙুল হাইতাল বুলীয়া শংকৰদেৱ এজন কোনেও কিয় অঁকা নাই? কোনোবাই অঁকিছে নেকি? মিছৰীয় ৰিলিফ চিত্ৰৰ দৰে আমাৰ পুথিচিত্ৰবোৰতো থকাৰ দৰে কাষলৈ মুখ কৰি, সন্মুখলৈ গা-অংশ কৰি থকা জ্যমিতিয় শংকৰদেৱ এজন কিয় হ’ব নোৱাৰে? নিশ্চয় পাৰে।


শ্ৰীমন্ত শংকৰদেৱ দেখাত কেনেকুৱা আছিল? এই প্ৰশ্নটো সদায়ে অমীমাংসিত হৈয়েই থাকিব। তাৰ পিছতো সৰ্বজনগ্ৰাহ্য এক মান্য ৰূপায়ণ কেনেকুৱা হ’ব পাৰে? এই প্ৰশ্নটোৰেই এই আলোচনাখিনিৰ আৰম্ভণী।   

No comments: