ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, October 26, 2016

ডুখৰীয়া দেশ [Position Space and Momentum Space]

কাণখোৱাৰ প্ৰিভিউ : পাঁচজন যুৱ পৰিচালকৰ পাঁচখন অসমীয়া ছুটিছবিৰে “প্ৰজেক্ট দেশ” 



Shorts were never substitutes for the longs.
ছুটি গল্প এটা উপন্যাস এখনৰ সংক্ষিপ্ত ৰূপ নহয়। একাংকিকা নাটক এখনো পুৰ্ণাংগ নাটক এখনৰ পৰা কাটি উলিওৱা অংক এটা মাত্ৰ নহয়। ‘কাহিনী মিডিয়া’ৰ উদ্যোগত "প্ৰজেক্ট দেশ"ৰ অন্তৰ্গত পাঁচজন উদীয়মান পৰিচালকৰ পাঁচখন ছুটিছবিৰ সম্পৰ্কে এইটোৱেই ভাল কথা যে কেউজন পৰিচালকেই বুজি পাইছে যে ছুটিছবি মানে হ্ৰস্ব দৈৰ্ঘ্যৰ হোৱাৰ ব্যতিৰেকেও তাৰ এটা নিজস্ব ভাষা আছে। আটাইকেইখন ছবিয়েই উপস্থাপনৰ ফালৰ পৰা পৃথক, কাহিনী কথন, নিৰ্মান পদ্ধতি, গীতিময়তা আৰু ধাৰণাগত পৰিকাঠামোৰ ফালৰ পৰাও আটাইকেইখন ছবিয়েই সম্পূৰ্ণ বেলেগ বেলেগ। আনকি আটাইকেইখন ছবিকে এটা প্ৰকল্পৰ অন্তৰ্গত বুলি সাঙোৰ খুৱাই ৰাখিব পৰাকৈ কোনো উমৈহতীয়া চৰিত্ৰই নাই বুলিব পাৰি। যদিহে কিবা সামঞ্জস্য বিচাৰি উলিয়াবলৈকে হয় তেনেহ'লে সেয়া হয়তো হ'ব তেওঁলোকৰ আত্মবিশ্বাসখিনি - যে তেওলোকে কি কৰিব খুজিছে সেই বিষয়ত তেওঁলোক আটাইকেইজন যেন স্পষ্ট।


প্ৰবাসী অসমীয়াৰ কথা বাৰ্তাৰ এখন প্লেটফৰ্ম হিচাপে বহু-ভৌগলিক ক্ষেত্ৰত ভাৱনাৰ আদান প্ৰদানৰ বাবে "প্ৰজেক্ট দেশ"ৰ জন্ম হৈছিল। সমসাময়িক অসমকে পটভূমি হিচাপে লৈ "কাহিনী মিডিয়া"ই পাঁচজন নতুন পৰিচালক ক্ৰমে সাগৰ সৌৰভ, অজিৎ গিৰি, সৃষ্টি শ্ৰেয়ম, অমৃতা গোস্বামী আৰু স্নেহাংকৰক লৈ পাঁচটা জীৱনৰ "খণ্ডচিত্ৰ" (Slice of Life) হিচাপে প্ৰজেক্ট দেশ ছুটিছবিলানি আগবঢ়াবলৈ লৈছে।  

[লেখাটো ইংৰাজীত পঢ়িবলৈ হ'লে ইয়াত ক্লিক কৰক- ]


ভেকো ভাওনা
Bheko Bhaona [Much Ado About Nothing]

 

"ৰাইজ আজি ভাৱৰীয়া/ দেশেই নাটঘৰ/
কোনে কি ভাও ল'বা আহাঁ/ সময় যে তাকৰ"
ভূপেন হাজৰিকা

প্ৰকল্পৰ প্ৰথমখন ছবি সাগৰ সৌৰভৰ "ভেকো ভাওনা" অসমৰ গাঁৱলীয়া পটভূমিৰ এখন সূক্ষ্মভাবে ৰাজনৈতিক ড্ৰামা ফিল্ম। ছবিখনৰ কাহিনী কথনত সংলাপৰ প্ৰাধান্যলৈ চাই খেনোৱে চলচ্ছিত্ৰীয় গুণাগুণ কম বুলি ভাবিব পাৰে, কিন্তু একে সময়তে কৈ থওঁ যে বাচিক সংলাপৰ প্ৰাধান্যক পৰিহাৰ কৰাটোৱেই চিনেমা এখনৰ উৎকৃষ্টতাৰ একমাত্ৰ মাপকাঠি নহয়। বৰঞ্চ সাগৰ সৌৰভৰ ছবিখন চাই দৰ্শকে তেখেতৰ ৰসিকতা কৰাৰ মেজাজ, তীক্ষ্ণতৰ ব্যংগ আৰু সামজিক সমালোচনাখিনিৰ বাবেহে আপ্লুত হ'ব। বিশ্বনাথ চাৰিআলিৰ নিকটৱৰ্তি চতিয়া অঞ্চলতে ছবিখন কৰা হৈছে আৰু আমি সকলোৱে জানোঁ যে চতিয়া অঞ্চলৰ নাট্যচৰ্চাৰ এটা গৌৰৱপূৰ্ণ ঐতিহ্য আছে। প্ৰয়াত দীপক কুমাৰ গগৈ আৰু পঙ্কজ জ্যোতি ভূঞাৰ দৰে তীক্ষ্ণধী নাট্যকৰ্মী সকলে ইতিমধ্যেই সামজিক বাস্তৱতাৰে সমসাময়িক কালৰ অসমীয়া নাটকলৈ এটা নতুন যুগৰ আমদানী কৰি থৈছে। সাগৰ সৌৰভৰ ছুটিছবিখন একান্ত ভাবে স্থানীয় আৰু গঞা ৰাইজৰ দৈনন্দিন কথা বতৰাৰ মাজত নিহিত সহজাত ব্যংগোক্তিৰে পুষ্ট। কবি আৰু গীতিকাৰ হিচাপেও আত্মপ্ৰকাশ কৰা সাগৰ সৌৰভ বহুকাল ধৰি অসমৰ বাহিৰতে কৰ্মৰত যদিও তেওঁৰ কাম কাজত এটা গাঁৱলীয়া সুৰ বিদ্যমান। কিন্তু দেখি ভাল লগা কথা এয়েই যে এই গাঁৱলীয়া সুৰৰ মাজত আধুনিকতাবাদী অতীতমূখী বিলাসিতা নাই অথবা পুণৰোত্থানবাদী আদৰ্শৰ প্ৰৰোচনাও নাই। বৰঞ্চ নিৰন্তৰ পৰিৱৰ্তনশীল এক সমসাময়িক সামাজিক পৰিস্থিতিক অৱলোকন কৰাতহে তেওঁ আগ্ৰহী।       

Read more on “Bheko Bhaona” and Sagar Saurabh: https://projectdesh.wordpress.com/2016/10/18/introducing-sagar-saurabh-for-project-desh/

ৰং
Rang [Colours]


“তেলৰ বটল ভাঙিলে বুলি / মাজনীক তোমালোকে খং কৰা
তোমালোকে যে ডাঙৰ মখাই / দেশখন ভাঙি সাং কৰা সেই বেলা?”
অন্নদা শংকৰ ৰায়

দুটি শিশুমনক কেন্দ্ৰ কৰি অজিৎ গিৰিৰ "ৰং" ফিল্মখনে এটা মানৱীয় কাহিনী কয়। কাহিনীটো ক’বলৈ যাওতে অজিতে এনে এক চলচ্ছিত্ৰীয় পদ্ধতি গ্ৰহণ কৰিছে য’ত কাহিনী-কথনৰ অন্যতম প্ৰধান উপাদান ‘চৰিত্ৰ’কেই তেওঁ গতানুগতিক ধাৰণাৰে উপস্থাপন নকৰি তাক ৰহস্যৰ আৱৰ্তত ৰাখি দিবলৈ দু:সাহস কৰিছে। এইখন ছবিত সংলাপ অথবা বাচিক অংশ অনুপেক্ষণীয় যদিও এক অন্যধৰণৰ দৃশ্যময়তাৰ সংৰচনাৰে চিনেমাখন আগবঢ়িছে আৰু ইয়েই প্ৰমাণ কৰে যে অজিৎ গিৰিয়ে চিনেমাক এক দৃশ্যগত সংস্কৃতিৰ উপাদান হিচাপেই বুজিবৰ চেষ্টা কৰিছে। ইয়াৰ অৰ্থ এইটোও নহয় যে এইজন যুৱ পৰিচালক নিচক চিনেমাৰ ফৰ্ম সম্পৰ্কে পৰীক্ষা নিৰীক্ষাতে আৱদ্ধ আছে। সমাজৰ শ্ৰেণী বৈষম্যক তেখেতে নিজৰ ফৰ্মৰ মাজেৰে সমালোচনাত্মক দৃষ্টিভংগীৰে চাবলৈ বিচাৰি তাত সফলো হৈছে।    

Read more on “Rang” and Ajit Giri:https://projectdesh.wordpress.com/2016/10/19/introducing-ajit-giri-for-project-desh/

চাতক
Chaatak


এগৰাকী ছুটি গল্পৰ লেখিকা হিচাপে সৃষ্টি শ্ৰেয়মে জানে কাহিনী এটা কেনেকৈ ক’ব লাগে। তেখেতে নিজৰে পূৰ্বপ্ৰকাশিত গল্প এটাকে চলচ্ছিত্ৰায়ণৰ বাবে তুলি লয় আৰু গল্পটোৰ মনস্তত্বলৈ পুণৰাৱলোকণ কৰে মাধ্যমগত পাৰ্থক্য আৰু বৈশিষ্ট্যখিনি মনত ৰাখি। গুৱাহাটী নগৰত থকা ছোৱালী এজনীৰ দৈনন্দিন জীৱনৰ আপাত দৃষ্টিত তেনেই গতানুগতিক যেন লগা এটা সৰু ঘটনাৰ মাজেৰে সৃষ্টিয়ে বাসনা আৰু আকংখ্যাৰ এটা পাঠ নিৰ্মাণ কৰিব খুজিছে। সকলোৰে শেষত এই চিনেমাখন এটা গল্প মাত্ৰ নহয়, এটা পৰিস্থিতিও নহয়, বৰঞ্চ এক ধৰণৰ মনোবৃত্তি বা এটিট্যুডক (attitude) হে দৰ্শায়। কাহিনী কথনত এই ক্ষমতা আছে যিয়ে এজন দৰ্শকক প্ৰেক্ষাগৃহৰ পৰা ওলাই আহোতে নিজে নিজকে এবাৰ সুধিবলৈ বাধ্য কৰাব – “মইনো আচলতে বিচাৰি ফুৰিছোঁ কি?”   

Read more on “Chaatak” and Srishti Shreyam:https://projectdesh.wordpress.com/2016/10/20/introducing-srishti-shreyam-for-project-desh/

মদাৰ
Modar [The Exiled]


“মই সীমান্তত ঠিয় দি থকা এখন বেৰা নহয়,
সেই বেৰাত মেলিব পৰা এটা ফাটহে মই।“
কমলা ভাছিন 

আন এটা সামাজিক ৰাজনৈতিক পটভূমিৰ কাহিনী অমৃতা গোস্বামীৰ “মদাৰ, The Exiled” যি ভৌগলিক আৰু ৰাজনৈতিক  সীমাৰ পৰিসৰৰ বিপৰীতে মানৱীয় সম্পৰ্কৰ প্ৰমূল্যকলৈ কিছু প্ৰশ্ন উত্থাপিত কৰে। কুঁৱলীৰ মাজেৰে ক্ৰমশ: প্ৰকট হ’বলৈ লোৱা এটা দৃষ্টিনন্দন দৃশ্যৰে আৰম্ভ হৈ চিনেমাখন কুঁৱলীৰ মাজত নিৰুদ্দেশ হোৱা এটা দৃশ্যতেই শেষ হয় আৰু এই দৃশ্যময়তাই ভাবিবলৈ বাধ্য কৰোৱা অস্তিত্ব আৰু অস্তিত্বহীনতাৰ দুদোল্যমানতাৰ মাজতে আমি একো একোটা চৰিত্ৰৰ সৈতে মুখামুখি হ’বলৈ লওঁ। এটা ভাটিয়ালি গীতৰ সুৰে ছুটিছবিখন বান্ধি ৰাখিছে। দেশৰ সমসাময়িক সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটলৈ চাই এইখন চিনেমাই বিশেষভাবে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব।   

See more about Amrita Goswami and Modar:https://projectdesh.wordpress.com/2016/10/21/introducing-amrita-goswami-for-project-desh/

Red+Yellow=



“ভাত দে হাৰামজাদা, নহ’লে মানচিত্ৰখনকে চোবাম”
ৰফিক আজাদ

“Red+Yellow=” এখন অ-সৰলৰৈখিক (nonlinear) চিনেমাৰ জৰিয়তে নিৰ্মাতা স্নেহাংকৰে এলানি দৃশ্যনিৰ্ভৰ কল্পনাৰ মাজেৰে দৰ্শকক লৈ যায়। ট্ৰিটমেণ্টৰ বহুমাত্ৰিকতালৈ চাই আৰু চিনেমাৰ নামত কাহিনী এটা ক’বলৈ পৰিচালকৰ আপত্তিখিনিলৈ চাই এইখন ছবিৰ মাজত কোনো কোনোৱে চিনেমাৰ নেৰেটিভ ট্ৰেডিচনটোৰ বিপৰীতে এসময়ৰ অধিবাস্তৱবাদী ভিডিঅ’ আৰ্টৰ কথাহে মনলৈ আনিব পাৰে। অসমীয়া সাহিত্যত বৰকৈ নাম নথকা এজন অখ্যাত কবিৰ কবিতা এটাকে ভিত্তি হিচাপে লৈ আৰম্ভ কৰা স্নেহাংকৰৰ চিনেমাখনত আছে সমসাময়িকতাৰ স্মৃতিচাৰণ। সমসাময়িক অসমত গৈৰিকীকৰণে আৰম্ভ কৰা ৰাজনৈতিক ধামখুমীয়া আৰু আত্মপৰিচয়ৰ সংকটেই চিনেমাখনৰ আধাৰ।      

Read more on “Red+Yellow=” and Snehankar:https://projectdesh.wordpress.com/2016/10/22/introducing-snehankar-for-project-desh/

এনেকৈয়ে “প্ৰজেক্ট দেশ”ৰ অন্তৰ্গত পাঁচজন যুৱ পৰিচালকৰ পাঁচখন ছুটিছবিয়ে পাঁচটা বিষয়সূচক শব্দ (keywords)ক কেন্দ্ৰ কৰি আৱৰ্তিত হয় : Irony, Imagination, Desire, Diaspora আৰু Metamorphosis. এই সংকলণটোৰ ছুটিছবি আটাইকেইখনেই ভিন্নস্বাদৰ। সাগৰৰ ছবিখন যদি গাঁৱলীয়া পটভূমিৰ, সৃষ্টিৰ ছবিখন সমূলাঞ্চে নগৰীয়া। অমৃতাৰ ছবিখনে যদি সৰলকৈ সুশৃংখলিত কাহিনী এটা কৈ যায়, স্নেহাংকৰে অকৌ একো কাহিনীয়েই ক’বলৈ মান্তি নহয়। সাগৰে যদি এটা চৰিত্ৰৰ নিৰ্মাণেৰে কহিনীভাগ আগবঢ়াব খোজে, অজিতৰ ক্ষেত্ৰত কিন্তু কেমেৰা, মুভমেণ্ট বা gesture বোৰেই চৰিত্ৰ। এই সকলোবোৰ বৈচিত্ৰ্য আৰু ভিন্নতাক সাঙুৰি লৈও আটাইকেইখন সম্পৰ্কে একত্ৰে ক’ব পৰা এটা কথা হ’ল যে আটাইকেখন চিনেমাতে নিহিত আছে আছে এক আভ্যন্তৰীণ ৰাজনৈতিক চেতনা। পৃষ্ঠভাগত দৃষ্টিগোচৰ হোৱা কিছু মুহূৰ্তৰ অন্তৰালত আটইকেইখন চিনেমায়েই অন্য এটা চেতনাক নিৰ্দেশিত কৰিবলৈ সচেষ্ট হয়। এই খণ্ডচিত্ৰখিনিকে একত্ৰিত কৰি “কাহিনী মেডিয়া” আগবঢ়িছে অহা নৱেম্বৰ মাহৰ তিনি তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত পৰিবেশনৰ বাবে।   


আমাৰ বাবে “দেশ” শব্দটোৰ অৰ্থ বহু তৰপীয়া। প্ৰসংগ অনুযায়ী সময়ে সময়ে ইয়াৰ অনুবাদ বিভিন্ন ধৰণেৰে হৈ আহিছে। Country, Nation, State আৰু Land আদি বহুকেইটা সমাৰ্থক শব্দৰ আমি সন্মুখীন হওঁহক। হিন্দুস্থানী ধ্ৰুপদী সংগীতত জনপ্ৰিয় “দেশ” এটা ৰাগ – মল্লাৰৰ দৰেই যাৰ উন্মাদনা। ভাৰত উপমহাদেশৰ দৰ্শণ বিদ্যাৰ ইতিহাসত সামগ্ৰিক ভাৱে “স্থান”ক নিৰ্দেশ কৰিবলৈ “দেশ” শব্দৰ প্ৰয়োগ ঘটে। “Space” আৰু “Time” কথাখিনিক বৰ্ণোৱা হৈ থাকে “দেশ” আৰু “কাল” হিচাপে। 


“দেশ” শব্দটো এটা বিষয়বস্তু হিচাপে আটাইকেইখন চিনমাতে কেন্দ্ৰস্থ নহয়। কিন্তু দূৰণিবতীয়াভাবে ঘূৰি-পকি হ’লেও আটাইকেইখন ছবিৰ লগতেই কোনোবাখিনিত ইয়াৰ সম্পৰ্কও নথকা নহয়। “ভেকো ভাওনা”ই এটা ব্যংগাত্মক সামাজিক পৰিস্থিতিৰ উপস্থাপন কৰে য’ত প্ৰতিজন মানুহেই নিজৰ অৱস্থিতি সম্পৰ্কে সচেতন আৰু উদ্বিগ্ন ( আনকে এটা চৰিত্ৰই কৈও উঠে - “আমাৰ দেশখন ৰসাতলে গ’ল বুইছ“) কিন্তু ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত সকোলোবোৰ কক্ষচ্যুত। দ্বিতীয়খন ছবি “ৰং” হ’ল কল্পনা, নক্সাকৰণ আৰু উপলব্ধিৰ মাজেৰে শ্ৰেণীবৈষম্যৰ সিপাৰে মানৱীয়তাক চিত্ৰায়ণ কৰাৰ এক হাবিয়াস। “চাতক”ৰ সাৰভাগ দাৰ্শনিক আৰু নামটোৱেই লোৱা হৈছে ভাৰতীয় পৰম্পৰাগত উৎসৰ পৰা। ব্যক্তিগত ভাবে কেৱল মেঘৰ বাহিৰে অন্য পানী নাখাওঁ বুলি প্ৰতিজ্ঞাবদ্ধ চাতকৰ কথা শুনিলেই মোৰ দেহতত্ব সম্পৰ্কীয় দাৰ্শনিক চৰ্চা সমূহলৈ মনত পৰেই। মানৱ দেহকো দেহদেশ বুলি গণ্য কৰা হয় য’ত বাস কৰি মনে এক পৰমৰ সন্ধনত নিজকে উৎসৰ্গিত কৰে। চাতকৰ উল্লেখ থকা লালন ফকীৰৰ কে’বাটাও গীতৰ এটাত আছে -  “চাতক ৰ’ল মেঘৰ আশে, মেঘ ভাঁহিছে অন্য দেশে।।“ দেশৰ কথা ক’লেই এৰাব নোৱাৰাকৈয়ে পৰদেশৰ কথাও আহে, তেনেকৈয়ে আহে প্ৰবাস আৰু উদ্বাস্তুৰ প্ৰসংগ আৰু এইখিনিকেই মূলবস্তু হিচাপে লৈ আগবাঢ়িছে “মদাৰ” ছবিখন। সংকলণটোৰ শেষৰখন ছবি “Red+Yellow=” “দেশ লৈ মই কি লাওখোলাটো কৰিম” নামৰ কাবিতা এটাৰ ওপৰত আধাৰিত আৰু ই দেশপ্ৰেম আৰু জাতীয়তাবাদৰ নামত দেশত হৈ থকা অনৰ্থক হৈ চৈ বোৰৰ কথাকেই কয়। 



এই পাঁচখন চিনেমা ছজন অন্ধ মানুহে অন্ধকাৰত চুই চাই হাতী এটাৰ বৰ্ণনা দিয়া ৰুমিৰ সাধুটোৰ দৰেই হয়তো খণ্ডিত ছবি কিছুমানহে আগবঢ়াব। কিন্তু ছুটিছবিৰ মজা সেইখিনিতেই। ষ্টিফেন কিংৰ ছুটিগল্প সম্পৰ্কীয় কথা এষাৰ এইখিনিতে মনোলৈ আহিছে – “ছুটিগল্প সমূলি এটা বেলেগ বস্তু – এটা ছুটিগল্প হ’ল অন্ধকাৰত অচিনাকি কোনোবা এজনে টপককৈ খাই যোৱা এটা চুমাৰ দৰে।" মুঠতে “প্ৰজেক্ট দেশ”ৰ এই পাঁচখন ছুটিছবিয়েই খণ্ডিত, বিভক্ত, ডুখৰীয়া, কম্পিত এনেকি অস্ম্পুৰ্ণ। আৰু ঠিক এইখিনি কাৰণতেই এইখিনি চিন্তাউদ্ৰেগকাৰী আৰু চিত্তাকৰ্ষক।

এনে এক ‘কাল’ত যেতিয়া দেশীয় কথা বাৰ্তাত 'দেশপ্ৰেমী' আৰু 'দেশদ্ৰোহী'ৰ নতুন নতুন আখ্যাৰ সম্প্ৰসাৰণ হ’ব লাগিছে, এনে এক ‘দেশ’ত য’ত অণুপ্ৰবেশকাৰীৰ বৈধতা আৰু অবৈধতাকে ধৰি নিৰন্তৰ আত্মপৰিচয়ৰ সংকটে মানুহক আগুৰি ৰাখিছে তাত ‘কাহিনী মেডিয়া’ৰ “প্ৰজেক্ট দেশ”ৰ উন্মোচনে নিশ্চয়কৈ এটা গুৰুত্বৰ দাবী কৰিব।  

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৩ নৱেম্বৰ ২০১৬ তাৰিখে বিয়লি ৬:৩০ বজাত হ’বলগীয়া প্ৰদৰ্শণটি চাবলৈ নাপাহৰিব।  



সমুদ্ৰ কাজল শইকীয়া, নতুন দিল্লী, অক্টোবৰ ২০১৬     

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ, ২০১৬

No comments: