ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, October 20, 2016

দিঘলীপুখুৰীৰ পাৰৰ গছ জোপা

নৈতিকতা, দায়িত্ববোধ আৰু শিল্প : পাব্লিক আৰ্ট বিষয়ক

যোৱা ১৯ অক্টোবৰ ২০১৬ তাৰিখে আমাৰ পৰামৰ্শ মৰ্মে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিৰ্শ্ববিদ্যালয়ৰ চাৰু কলা বিভাগৰ পৰিসৰত ছাত্ৰ-ছাত্ৰী সকলে মুক্তাংগণত (Open Air) এলানি পাৰিবেশিক (Environmental) শিল্পকৰ্ম আৰু পাৰফৰ্মেন্স আৰ্টৰ আয়োজন কৰিছিল। আগষ্ট মাহত আমি তিনি দিনীয়া কাৰ্যসূচীৰে পাৰফৰ্মেঞ্চ আৰ্ট আৰু পাব্লিক আৰ্ট সম্পৰ্কে কৰ্মশালা এটা পৰিচালনা কৰিছিলোঁ “ফাউণ্ডেচন ফৰ ইণ্ডিয়ান কনটেম্প’ৰেৰী আৰ্ট” বা চমুকৈ ফিকা (FICA)ৰ সহযোগত। নেহা অংগাৰিয়া নামৰ শিল্পী ছাত্ৰী এগৰাকীয়ে গছ এজোপাত সূতা আৰু কাপোৰ মেৰিয়াই ইনষ্টলেচন শিল্প কৰিছিল আৰু কাম কৰি থকাৰ সময়তে তেওঁৰ লগত আমি কামটো সম্পৰ্কে কথা পাতিছিলোঁ। [চিত্ৰ- ০১] তেওঁ কৈছিল গছজোপাৰ অস্তিত্বক সমাজত নাৰীৰ অৱস্থানৰ লগত ৰজিতা খুৱাই তেওঁ কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল। কথাৰ মাজতে তেওঁ এটা কথা ক’লে যিটোৱে মন চুই গ’ল। তেওঁ ক’লে, আমাৰ সমাজত বা পৰিয়ালবোৰতো যেতিয়াই কিবা এটা অনুষ্ঠান বা উৎসৱ পাৰ্বণ হয় তেতিয়াই সকলোতকৈ প্ৰথমে গছ কটা হয়। কথাষাৰ বুজিবলৈ মোৰ অলপো অসুবিধা নহ’ল। আমাৰ গাঁওবোৰতো দেখিছোঁ- যেতিয়াই ঘৰ এখনত বিয়াৰ আয়োজন হয়, ৰভা-পৰলা দিবলৈ ঠাই চিকুণোৱাৰ নামত আটাইতকৈ আগতে গছ কটাই হয়। শিল্পী গৰাকীয়ে ক’লে, যেতিয়াই দেশত কিবা এটা ঘটনা ঘটে আটাইতকৈ প্ৰথমতে আক্ৰান্ত হয় মহিলা আৰু শিশু সকল। যুদ্ধক্ষেত্ৰতো নাৰীদেহেই হৈ পৰে যুদ্ধভূমি। সেয়েহে তেওঁৰ কামটোত দেখা পাইছিলোঁ তেজ বিৰিঙি থকা কাপোৰেৰে মেৰিওৱা গছজোপাৰ গুৰি [চিত্ৰ- ০2]।  

অৱশ্যে আজিৰ আলোচনাৰ কেন্দ্ৰত এইখিনি কাম নাই। অলপতে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দিঘলীপুখুৰীৰ পাৰৰ গছ এজোপাত ৰং কৰাক লৈ এলানি বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। আজি আমি তাক কেন্দ্ৰ কৰিহে কিছু কথা পাতিম। [চিত্ৰ- ০৩]     
Picture by Bhaskar Das. From Guwahati City Page
কেইবছৰমানৰ আগতে পাব্লিক আৰ্ট কি আৰু ইয়াৰ প্ৰাসংগিকতা কোনখিনিত সেই বিষয়ত সাদিন কাকতত এলানি লেখা লিখিছিলোঁ। [দ্ৰষ্টব্য- “পাব্লিক আর্ট কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা”, প্রথম খণ্ড, সাদিন, ৪ নৱেম্বৰ ২০১১। “অসমৰ সমস্যা কি? অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা”, দ্বিতীয় খণ্ড, সাদিন, ৬ জানুৱাৰী ২০১২] অসমৰ দৰে এখন ঠাইত য’ত আৰ্ট গেলেৰী আৰু মিউজিয়ামৰ আধুনিক সা-সুবিধাৰ অভাৱ মোচন হোৱাৰ দূৰ দূৰলৈকে কোনো সম্ভাৱনা নাই, য’ত শিল্প চেতনা জাগ্ৰত হোৱাকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ আকাল, তাত পাব্লিক আৰ্টে এক বিশেষ ভূমিকা লৈ শিল্পক নতুন গতিপথৰ সন্ধান দিব পাৰে। এইখিনি কথা আমি আগতে পাতিছোঁ। লগতে আমি এইখিনি কথাও পাতিছোঁ – কেনেকৈ শিল্পক এচাম অভিজাত (Elite) বা সম্ভ্ৰান্ত শ্ৰেণীৰ হাতৰ মুঠিৰ পৰা আঁতৰাই আনি পাব্লিক আৰ্টে শিল্পচেতনাক জনজীৱনৰ লগত সাঙোৰ খুৱাই তাক আৰু বেছি গণমুখী কৰি তুলিব পাৰে। সেইবোৰ কথা মনত ৰাখিয়েই ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত আমি কাণখোৱা আৰু ব্লেক ৰাইচৰ উদ্যোগত গুৱাহাটীত বিভিন্ন প্ৰান্তত এলানি পব্লিক আৰ্টৰ আয়োজনেৰে এটি পব্লিক আৰ্ট উৎসৱৰ আয়োজন কৰিছিলোঁ। গুৱাহাটীস্থ বহু কেইজন শিল্পীৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা অহা কেইবাজনো শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু যিকোনো এটা গতানুগতিক স্থান, যিকোনো এটা প্ৰাত্যহিক মুহূৰ্ত হৈ উঠিছিল শিল্পৰ ক্ষেত্ৰ। অলপতে গুৱাহাটী মহনগৰীৰ দিঘলীপুখুৰীৰ পাৰৰ এজোপা গছৰ গাত কৰা চিত্ৰাংকণে চ’চিয়েল মিডিয়াত যথেষ্ঠ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বহুখিনি বিতৰ্কৰো সূত্ৰপাত কৰিছে। শিল্পক ‘বগা ঘনক’ (White Cube)ৰ পৰা আঁতৰাই আনি চহৰৰ চুকে কোণে বিয়পাই দিবলৈ বুলি উদ্যোগ লৈ কোনোবাই যদি এই কাম কৰিছে সেই উদ্যোগক প্ৰশংসা কৰিবই লাগিব। কিন্তু এইখিনিতে অলপ সমস্যা আছে যিখিনিৰ কথা আমি অলপ বহলাই পতা উচিত।


প্ৰথম সমস্যাটোৱেই হৈছে সৌন্ধৰ্যবৰ্ধনক শিল্পৰ লগত সাঙুৰি লোৱাৰ ধাৰণাটো। শিল্প মানেই সৌন্দৰ্য বৰ্ধন নহয়। সৌন্দৰ্যৰ ধাৰণাটোৱেই আপেক্ষিক। মোৰ চকুৰে ভাল দেখা বস্তু এটা আপোনাৰ চকুৰে ভাল নেদেখিবও পাৰে। শিল্পই সৌন্দৰ্যবৰ্ধনৰ ঠিকা লৈ থৈছে বুলি ভাবি থকাটো ভুল। আজিৰ পৰা প্ৰায় এশ বছৰৰ আগতেই মাৰ্চেল দুচাঁই মূত্ৰাশয় এটা আনি গেলেৰীৰ ভিতৰত সংস্থাপন কৰি যেতিয়া সেইটোকেই তেওঁৰ শিল্পকৰ্ম বুলি ঘোষণা কৰিলে তাৰ পিছৰ পৰা শিল্পৰ সৈতে সৌন্দৰ্যৰ সম্পৰ্কটো আৰু বেছি নোহোৱা হৈ পৰিল। [চিত্ৰ- ০৪] কিন্তু অতি দুখেৰে সৈতে আমি ক’ব লগাত পৰে যে অজিও অসমত শিল্পী বুলিলেই বুজা হয় কেৱল কাগজত বা কেনভাছত ফুল, তৰা, পখিলা অঁকা মানুহ। শিল্পী হ’লেই কেৱল ৰঙেৰে খেলা নেখেলিবও পাৰে। শিল্পীয়ে কেৱল “সুন্দৰৰ জয়গান” নাগাবও পাৰে। শিল্পী সুন্দৰৰ ঠিকাদাৰ নহয়েই। এইষাৰ কথা বাৰে বাৰে ক’ম। কেনেবাকৈ সাহিত্যৰ ক্ষেত্ৰত অসমীয়াৰ অলপ অচৰপ অগ্ৰগতিৰ খতিয়ন পোৱা যায় বাৰু। আন একো নহ’লেও কবিয়ে অকল নদী, আকাশ আৰু পূৰ্ণিমাৰ জোনৰ কথাকেই কয় বুলি অন্তত: আজিৰ মানুহে আৰু নাভাৱে বুলি ধৰি লৈছোঁ। গতিকে দিঘলীপুখুৰীৰ কামটোৰ প্ৰথম সমস্যা হ’ল শিল্পক সৌন্দৰ্যবৰ্ধক বুলি ধৰি লোৱাটো, আৰু তাৰ লগতে সৌন্ধৰ্যবৰ্ধন মানেই ৰং সনাটো। [চিত্ৰ- ০৫]  



দ্বিতীয় সমস্যাটোৰ লগত নৈতিকতা আৰু দয়িত্ববোধৰ কথা সাঙোৰ খাই আছে যিখিনি আৰু বেছি জটিল। সেইখিনি কথাৰ আগতে আন অলপ কথা কৈ লোৱাটো প্ৰয়োজনীয়। মন কৰিব যে পাব্লিক আৰ্ট সকলো শিল্পীৰে কাপ অফ টি নহয়। যি শিল্পী তথাকথিত “ভাল” বা সাধুবাদী, অথবা যি শিল্পী “সন্তুষ্ট” ব্যক্তি, সেই শিল্পী পাব্লিক আৰ্টৰ প্ৰতি বৰকৈ আগ্ৰহী নহয়। আৰু অলপ উগ্ৰভাৱে ক’বলৈ গ’লে শিল্পী মাত্ৰেই কোনোবখিনিত কিবা নহয় কিবা অসন্তুষ্টি থাকেই থাকে। নহ’লেবা থাকিব কিবা এটা জিজ্ঞাসাৰ প্ৰতি অদম্য তাড়না। নহ’লে যি পেঞ্চিলেৰে কাগজত ছবি আঁকিয়েই সুখী তেওঁ গৈ দেৱাল এখনত ছবি আঁকিবলৈ যাব কিয়? ঘৰৰ ভিতৰৰ সুখৰ পৰিবেশ এৰি কোনোবাই ৰ’দে বৰষুণে কাম কৰিবলৈ আগ্ৰহী হ’বই বা কিয়?


এইখিনিলৈকে কৈ থকা কথাখিনি ক’বলৈকো সহজ আৰু বুজিবলৈকো সহজ। কিন্তু এইখিনিৰ লগত কিছুমান ৰাজনৈতিক প্ৰসংগও আছে যিখিনিক বাদ দি কথাখিনি আগবাঢ়িব নোৱাৰে। ৰাজহুৱা স্থান বা পাব্লিক প্লেচ এটাত কৰা যিকোনো অৱস্থানেই ৰাজনৈতিক। ইয়াত ৰাজনীতি কথাষাৰৰ অৰ্থ বিশাল। ঘৰৰ ভিতৰত কাগজ এখিলাত ছবি এটা অঁকা আৰু ৰাজহুৱা দেৱাল এখনত ছবি এখন অঁকাৰ পাজত পাৰ্থক্য আছে। লাগিলে সি এপাহ ফুলৰ ছবিয়েই নহওক কিয়। এইখিনিতেই ইণ্টাৰভেনচন বোলা কথাষাৰ আহি পৰে। ইণ্টাৰভেনচন (Intervention) মানে হ’ল কিবা এটাৰ মাজত সোমোৱা বা আনৰ বিষয়ত নাক সুমুওৱা। এক কথাত ক’বলৈ গ’লে হস্তক্ষেপ বুলিও ক’ব পাৰি। এইখিনিতে মন কৰি থ’ব যে এই হস্তক্ষেপ কথাটোৰ পৰা “অনাধিকাৰ হস্তক্ষেপ” কথাষাৰ খুব বেছি দূৰৰ নহয়। ৰাজহুৱা দেৱাল বুলি যেতিয়াই উল্লেখ কৰিছোঁ তেতিয়াই ধাৰণা এটা কৰি ল’ব পাৰি যে সে দেৱালখনৰ কিবা এটা নিজস্ব উদ্দেশ্য আছে, সি কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ অংশ বিশেষ। এতিয়া এজন শিল্পীয়ে গৈ তাত যদি ছবি আঁকি থৈ আহে তেন্তে বুজিব লাগিব সেই কাৰ্যই সেই দেৱালখনৰ পূৰ্ৱস্থিত অস্তিত্বক অন্য এক অৰ্থ বা মাত্ৰা প্ৰদান কৰিছে। এয়া শিল্পকৰ্মটোৰ হস্তক্ষেপ। বুজিবলৈ অসুবিধ নহয় যে বহুখিনি দৃষ্টান্ততেই এই হস্তক্ষেপ অনাধিকাৰ। “ইয়াত পোষ্টাৰ নলগাব” বা “Stick no Bills” বুলি দেৱালত লিখি থোৱা আমি বহু ঠাইতেই দেখিবলৈ পাওঁ এই একেটা কাৰণতেই। কিন্তু শিল্পীৰ কামেই হ’ল নিয়ম নমনা, আনকি নিয়ম ভঙা। পূৰ্বস্থিতি ধ্যান ধাৰণা আৰু মানে বা অৰ্থৰ পৰা এটা এটা উপাদানক মুক্ত কৰি তাত নতুন মানেৰ সংযোগ ঘটোৱাটোতেই শিল্পৰ মৰ্ম। সেয়েহে এজন শিল্পীয়ে এখন দেৱালক কেৱল এখন দেৱাল বুলিয়েই মানি থাকিবলৈ টান পাই তাক এখন কেনভাচ বুলি ভাবিবলৈ সাহস কৰিব পাৰে। ই হৈ উঠিব পাৰে শিল্পীৰ কণ্ঠ। বন্ধ ঘৰৰ কাগজ এখিলাত আৱদ্ধ থাকিবলৈ অসন্মত দাবী এটা, অন্যান্য স্বীকৃত মাধ্যমত আত্মপ্ৰকাশ কৰিবলৈ বাধাপ্ৰাপ্ত হৈ উকমুকাই নিজৰ মাজতে ঘূৰ্মুটিয়াই থকা চেতনা এটাই কোনোবা এটা নিষিদ্ধ ৰাতি জনচক্ষুৰ অলক্ষিতে হয়তো এখন পাব্লিক দেৱালত সবাক হৈ উঠিবৰ ধৃষ্টতা কৰিব পাৰে। যি সকলে বাংকচীৰ (Banksy) কাম দেখিছে সেই সকলে বুজিব। [চিত্ৰ- ০৬, ০৭]

 
Banksy

Banksy


এতিয়ালৈকে পাতি থকা কথাখিনিৰ আলমত দিঘলীপুখুৰীৰ পাৰৰ ৰং কৰা গছজোপাৰ কথা পাতিব পৰা হেতেন ভাল পালোঁহেতেন। কিন্তু কথাখিনি আচলতে তেনেকুৱা হৈ নাথাকিল। সেয়েহে এতিয়া আহিম আমাৰ মূল প্ৰসংগলৈ – শিল্পৰ সৈতে জড়িত হৈ থকা নৈতিকতা আৰু দায়িত্ববোধৰ কথাখিনিলৈ। মানুহ হিচাপে অনুভৱ কৰিবলগীয়া কিছুমান সাধাৰণ কথালৈ আৰু অলিখিত বিধান সমূহলৈ।                  


অলিখিত কিছুমান বিধান যে সকলোতে থাকে অমি জানোঁ। শিল্পী সাহিত্যিকৰ বাবে থকা এটা অলিখিত বিধান হ’ল আপুনি জাতীয়তাবোধ প্ৰমাণ কৰিব লাগিব। দিঘলীপুখুৰীৰ পাৰৰ গছজোপাতো সেয়েহে জাতীয়তাবোধেইহে আহি ভুমুকি মাৰিলেহি। জাপি গঁড় ইত্যাদি। আমাৰ ৰহণীয়া জাপিটোৰ এটা নিজস্ব সৌন্দৰ্য আছে সঁচা। কিন্তু তাৰ প্ৰতিৰূপন দৃষ্টি নন্দন হ’বই বুলি কোনো কথা নাই। গোলাপ ফুল বাৰু ধুনীয়া বুলি ধৰি ল’লোঁ। কিন্তু গোলাপ ফুলৰ ছবি এখন সদায়েই ধুনীয়া হ’বই বুলি কোনো কথা নাই। ইতিমধ্যে বহুবাৰ বহু ঠাইত বহু ব্যৱহৃত হৈ হৈ ক্লীছে (cliché) বুলি পৰিগণিত সেই একেখিনি উপাদানেই তাতো আছে। গতিকে পন্থাটোক, মানে গছ এজোপাক শিল্প সৃষ্টিৰ প্লেটফৰ্ম হিচপে লোৱাটোক কোনোবাই যদি অভিনৱ বুলি ক’বও খোজে, বিষয়বস্তুত অভিনৱত্ব একো নাই। বৰঞ্চ অছে বিৰক্তিকৰ একঘেয়ামি। যেতিয়াই অসম শব্দটো উচ্চাৰিত হৈছে, অসমতেই হওক বা বাহিৰতেই হওক বাৰে বাৰে আমি দেখি আহিছোঁ গামোচা, জাপি, গঁড় আৰু চাহপাত। এইবোৰে আৰু কাৰো চকুক তৃপ্ত যে নকৰে সেই কথা ধূৰুপ।  

এতিয়া আহোঁ যিখিনি কথাৰ বাবে বিতৰ্ক হৈছে সেইখিনি কথালৈ। চ’চিয়েল মিডিয়াত গছজোপাৰ আলোকচিত্ৰ এখন আগবঢ়াই অসন্তোষ প্ৰকাশ কৰি উৎপল দত্তদেৱে লিখিছিল-
“সৌন্দৰ্যৰ ধাৰণা অসমৰ কিছুমান চৰকাৰী বিষয়াৰ মুঠেই নাই যেন লাগে। পুৰণি গছ এজোপাৰ সৌন্দৰ্য তাৰ বয়সত, যেনেদৰে আমাৰ আইতাৰ সৌন্দৰ্য মুখৰ ৰেখাবোৰত। আইতাক ধুনীয়া কৰিবলৈ কোনোবাই আইতাৰ মুখত ৰং সানি দিব নেকি বাৰু ? দিঘলীপুখুৰীৰ পাৰৰ এই গছজোপাৰ ওপৰত চলোৱা এই নৃশংস আক্ৰমণৰ প্ৰতিবাদ কৰোঁ  আহক”। 
(ফে’চবুক, ২৩ ছেপ্তেম্বৰ, ২০১৬)
সেইদিনাই ফটোখন ‘নিয়মীয়া বাৰ্তা’ কাকততো প্ৰকাশ হৈছিল। [চিত্ৰ- ০৮]



১৭ অক্টোবৰ তৰিখে মৈত্ৰেয়ী পাটৰৰ আপডেট আছিল-
“ধৰি ল'লো মোৰ আজি সাজোন কাচোন কৰিবলৈ মন গ'ল। দেহত ৰং ঘহি মই ধুনীয়া হ'লো। ধৰি ল'লো ৰংখিনি জৈৱিক, গতিকে মোৰ ছালৰ বিশেষ ক্ষতি নহয়। ঘঁহি উঠি মোৰ মন ভৰিল কিন্তু মই এতিয়া ৰংখিনি আৰু আঁতৰাব নোৱাৰোঁ। মোৰ খোৱা, শোৱা, উঠা বহা সকলোতে ৰংখিনি মোৰ গাত লিপিত খাই থাকে। অসহ্য হৈ মই ভিতৰি পচি গৈছো। মই জীৱিত আৰু ৰংখিনি জৈৱিক, কিন্তু জীৱিত প্ৰাণী হিচাপে গোটেই প্ৰক্ৰিয়াটোৱে মোৰ জীৱনটো কোঁচ খুৱাই আনিব।
জীৱিত বুলি গণ্য কৰিলে হয়তো তেওঁলোকে গছজোপাক ৰং নকৰিলেহেঁতেন আৰু তাকে চাই আমাৰ আনন্দ নালাগিলহেঁতেন। আমাৰ সভ্যতা এটা বিৰাট paradox!”

এই দুয়োটা আপত্তিৰে দৃঢ় ভিত্তি আছে। অলপ খুচৰিলেই একেটা সুৰতেই আপত্তি দৰ্শোৱা আৰু বহুজনক বিচাৰি পোৱা যাব ফে’চবুকতে। কৃত্ৰিম ৰং অৰ্থাৎ চিন্থেটিক ৰঙৰ প্ৰলেপেৰে গছজোপাৰ ক্ষতি সাধন হ’ব পাৰে বুলিও বহুজনে উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিক্ৰমজিৎ কাকতিয়ে উৎপল দত্তৰ কথাখিনিৰ মন্তব্যত লিজা হু নামৰ লণ্ডনৰ কাৰ্ভ গেলেৰীৰ কিউৰেটৰ এগৰাকীৰ ফটো এখন উনুকিয়াব খুজিছে যিখনত গছ এজোপাত ৰং বিৰঙেৰে কৰা শিল্পকৰ্ম এটা চকুত পৰে। [চিত্ৰ- ০৯] কিন্তু ভালদৰে মন কৰিলে কাকতিয়ে নিজেই দুটা কথা দেখিবলৈ পাব। প্ৰথম কথা সেই শিল্পকৰ্মত গা-গছজোপাৰ গতি প্ৰকৃতিৰ সৈতে নিজকে সাঙোৰ খুৱাই শিল্পকৰ্মটি আগবাঢ়িছে। নন্দনিক উপস্থাপনাৰে এক দৃশ্যময় সৌন্দৰ্য তাত চকুত পৰে। দ্বিতীয় কথটো হ’ল – সেয়া পেইণ্ট নহয়। সেয়া সূতা বা ৰছী জাতীয় উপাদানেৰে সৃষ্টি কৰা শিল্পকৰ্মহে।
Lisa Who, Curve Gallery

আজিকালি পব্লিক আৰ্ট আৰু এনভাইৰণমেনটেল আৰ্টৰ ক্ষেত্ৰত কাম কৰিবলৈ বিশ্বজুৰি বহুতো শিল্পী ওলাই আহিছে। তেওঁলোকৰ মাজত মাধ্যম, কাম কৰাৰ পদ্ধতি আৰু সামগ্ৰিক ভাবে শিল্প-ভাষাৰ নিৰ্মণৰ ক্ষেত্ৰতো ইমানেই ভিন্নতা আছে যে সেইবোৰ কৈ শেষ কৰিব নোৱাৰি। কিন্তু সকলোৰে মাজত উমৈহতীয়া বৈশিষ্ট্য কিবা যদি আছে তেন্তে সেয়া হ’ল যি ঠাইত, যি সময়ত কামটো কৰা হৈছে তাৰ সম্পৰ্কে সুবিস্তাৰে অধ্যয়ণ আৰু বোধৰ উন্মেষ আৰু তাৰ সমন্তৰাল ভাবে পৰিবেশৰ প্ৰতি দায়িত্ববোধ। অসমৰ এই আমি পাতি থকা শিল্পকৰ্মটো এই দৃষ্টিৰে চালে উপৰিউক্ত দুয়োটা দিশেৰেই আসোঁৱাহপূৰ্ণ।  আমি আৰম্ভণীতে উল্লেখ কৰা জামিয়া মিলিয়াৰ নেহা অংগাৰিয়াৰ কামটোত কিন্তু গছজোপাক শ্বাসৰূদ্ধ কৰি পেলোৱাৰ উপক্ৰম হোৱা নাছিল যিটো দীঘলীপুখুৰীৰ পাৰৰ গছজোপাৰ ক্ষেত্ৰত হৈছিল। গছ জোপাৰ নিজস্ব গতি বিধিক কোনো ধৰণেৰে ক্ষতি সাধন নকৰাকৈয়ে অংগৰিয়াৰ কামে এটা বাকধাৰা গঢ় দিবলৈ সমৰ্থ হৈছিল, কথা বাৰ্তাৰ উন্মেষ ঘটাইছিল – যিখিনি দিঘলীপুখুৰীৰ পাৰৰ গছজোপাই নোৱাৰিছিল।        

নৈতিকতাৰ কথা বা ঔচিত্যৰ বিচাৰতকৈও দিঘলীপুখুৰীৰ পাৰৰ গছজোপাৰ কামখিনিৰ আচল সমস্যাখিনি আচলতে সেইবোৰৰ শৈল্পিক ব্যৰ্থতা।






No comments: