ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, April 9, 2021

আমাৰ গামোচাখনেও লোককলাতাত্বিক অধ্যয়ন বিচাৰে

লোকশিল্পৰ সকলোবোৰ উপাদানকে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। ধৰ্মীয় কোনো ৰীতি-নীতিৰ সৈতে সম্পৃক্ত উপাদান, কোনো বিশিষ্ট উৎসৱ অথবা বিশেষ সময় আৰু উদ্দেশ্যৰ কাৰণে বিশেষভাবে নিৰ্মিত, আপাতদৃষ্টিত ধৰ্মাচাৰহিত উপাদান (উদাহৰণস্বৰূপে ৰাজস্থান, উৰিষ্যা, পশ্চিমবংগ ইত্যাদিত এসময়ত প্ৰচলিত গঞ্জিকা বা দশাৱতাৰ কাৰ্ড শীৰ্ষক Playing Card), আমোদ-প্ৰমোদৰ উদ্দেশ্যেৰে নিৰ্মিত উপাদান (যেনেঃ পুতলা নাচৰ পুতলা) আৰু নিত্যান্তই দৈনন্দিন ব্যৱহাৰ্য আচ-বাবৰ মাজত নিহিত শিল্পবস্তু। কোৱা বাহুল্য যে লোকায়ত জীৱনযাত্ৰাৰ সহজাত কল্পনা আৰু বাস্তৱৰ প্ৰতিফলন এই চাৰিও প্ৰকাৰৰ আচবাব-পত্ৰৰ মাজত আচম্বিতে লুকাই থকা শিল্পৰূপত লোকজীৱনৰ ছন্দ অনুভৱ কৰাতো অধিক সুচল। 

ছবি- সংগৃহীত

আমি সদায়ে ব্যৱহাৰ কৰি থকা গামোচাখনো তেনে এক শিল্পকৰ্ম আৰু এটা শিল্পকৰ্ম হিচাপেই ই আমাৰ মনোযোগ আৰু অধ্যয়ন দাবী কৰে। 

আমি আজি গামোচাখনক বহুধৰণেৰে ব্যৱহাৰ কৰোঁ। এহাতে ই একান্ত ব্যৱহাৰযোগী, আনহাতে পৰম আদৰ আৰু সন্মানৰ চিনস্বৰূপ। আদৰৰ বা সন্মানৰ প্ৰতীক হোৱাৰ আগতে গামোচাখন আছিল দিন-প্ৰতিদিনৰ ব্যৱহাৰৰ বস্তু। দেহৰ ঘাম মচিবলৈ, গা ধুবৰ পৰত তিয়নী হিচাপে গামোচাখন অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছোঁ। গৰমৰ দিনত সেইখনকে বতাহত ঘুৰাই বা লৈছোঁ। হাতত দাখন লৈ পাচলিৰ বাৰীলৈ যাওঁতে গামোচাখন কঁকালত বান্ধি লৈছো বা বজাৰ-সমাৰলৈ যাওঁতেও ডিঙিত মেৰিয়াই লৈছো। নিঃকিন দৰিদ্ৰজনৰ বাবে গামোচাখন যেনেকুৱা আধ্যবন্ত চহকীজনৰ বাবেও তেনেকুৱাই। হেমকোষে গামোচাৰ সংজ্ঞা দিয়ে এনেধৰণে– (সং, গাত্ৰ-মাৰ্জনী, ৰং, গাম্ছা) গা ধুই গাৰ পানী টোকা সৰু কাপোৰ এতেকে তামোল বন্ধা বা মুৰত বন্ধা সৰু কাপোৰ। নামঘৰৰ পৰা মাহ-চাউলৰ পাতখন গামোচাতে বান্ধি ঘৰলৈ আনো। যেতিয়া প্ৰখৰ ৰ’দত গছৰ ছাঁত জিৰনি ল’বৰ পৰত গামোচাখনেৰেই ঠাইডোখৰ জাৰি-জোকাৰি লওঁ। খুচুৰা পইচা দুটামান, চাবি এমুঠা গামোচাখনতে বান্ধি লওঁ ।  কেতিয়াবা কোনো কথা পাহৰি যাব পাৰোঁ বুলি গামোচাখনৰ এমূৰে গাঁঠি এটা দি লোৱা মানুহো নোহোৱা নহয়। 

বৰ আটকীয়া সম্পদৰ দৰে গামোচাখনে আমাৰ মাজত ঠাই অধিকাৰ কৰি আহিছে । অসমীয়া গামোচাৰ এই সৰ্বব্যাপী ব্যৱহাৰ আৰু দৃষ্টিনন্দন ৰূপ পৃথিৱীৰ ভিতৰতে অদ্বিতীয় । উঠোঁতে-বহোঁতে সদায়ে ব্যৱহাৰ কৰিবলগীয়া এটুকুৰা বস্ত্ৰত কিয় আৰু কেতিয়াৰ পৰা যে ফুল-লতা-গছ-পখিলা-হৰিণ-ময়ূৰ আদিবোৰ আহি সোমালহি, সেয়া সঁচাকৈয়ে বিস্ময়কৰ। তিনি হাত এবেগেত দীঘল, দাঁতিত ৰঙা আঁচ টনা আৰু আঁচুপাৰি বা আঁচুফুল থকা সাধাৰণ এখন বগা কাপোৰৰ ব্যৱহাৰৰ প্ৰাচূৰ্যৰ লগে লগে নান্দনিক চেতনাৰ উমান পোৱা যায়। 

কলাৰ বাবে কলা- এইধৰণৰ কোনো বস্তু লোকশিল্পত পোৱা নাযায়। এহাতে ব্যৱহাৰ আৰু আনহাতে প্ৰস্তুত প্ৰণালী—এই দুয়োটাই লোকশিল্পৰ ৰূপ নিৰ্ণায়ক কাৰক। ব্যৱহাৰ বা প্ৰয়োগ আৰু ৰূপ সৃষ্টি— এই দুয়ো দিশেৰে গামোচাৰ চাৰিটা প্ৰকাৰৰ পাওঁ। দৈনন্দিন ব্যৱহাৰৰ গামোচা, বিহুৰ সময়ত ব্যৱহৃত গামোচা যাৰ অন্য নাম বিহুৱান, নামঘৰৰ কাম-কাজত অৰ্থাৎ ধৰ্মীয় ভাবেৰে ব্যৱহৃত গামোচা আৰু বিশেষভাবে ব্যৱহাৰ কৰিবৰ বাবে নিৰ্মিত গামোচা। ঘৰুৱা ব্যৱহাৰৰ গামোচাখন সাধাৰণতে তিনি হাত এবেগেত দীঘল আৰু পুতলে ৩০৫-৩১০ কাহনি সুতাৰ সমান বহল হয়। গামোচাখন বগা আৰু দুকাষে ৰঙা পাৰি দিয়া হয়। দুই মূৰে দুলানি আঁচু পাৰি দিয়া হয়, আঁচুৰ ফুল সচৰাচৰ নাথাকে। গামোচাৰ এই ৰূপ কিমানদিনৰ পৰা চলি আহিছে জনা নাযায়। যিমান সাধাৰণ কামৰ বাবেই নহওক কিয়, অসমীয়া মানুহে আঁচু নথকা গামোচা ব্যৱহাৰ নকৰে। কথাই কথাই কয় ---‘নহ’লে মৰা ঢাকা কাপড়হে হ’ব’।

 

ছবি- সংগৃহীত

বিহুৰ আগে আগে চ’ত মাহটোজুৰি গাঁৱে-ভূঁয়ে তাঁতশালৰ মাত শুনিবলৈ পোৱা যায়। ফাগুন সোমোৱাৰে পৰা ঘৰে ঘৰে উঘা-চেৰেকী ঘুৰিবলৈ লয়। বিহু উৎসৱৰ এটা গুৰুত্বপূৰ্ণ অংশ আগুৰি আছে তাঁতৰ শাল আৰু বিহুৱানে। সন্মান আৰু মৰম-চেনেহ দুয়োটাৰে বাহক হৈ উঠে বিহুৱানৰূপী গামোচাখন, সেয়েহে স্বাভাৱিকতেই এইখন গামোচা হৈ উঠে ভমকাফুলীয়া। গাঁৱলীয়া শিপিনীয়ে তাঁত ব’বৰ পৰত শালৰ গামোচাখন কাক কেনেকৈ ক’ত দিয়া হ’ব তাৰ গুণা-গঁথা কৰে আৰু সেই জল্পনা-কল্পনা গামোচাৰ ফুলত প্ৰতিফলিত হয়। ফুলৰ ধৰণ অনুযায়ী ফুলৰ নাম আছে। যেনে--- লতাফুল, চেৰেকী ফুল, গছাফুল, গলপতা-ঢোলবিৰি-জোনবিৰি, চাইকেল ফুল আদি। ভঙা ফুল, অসমীয়া ফুল আদি কিছুমান ফুলৰ নাম খুব আমোদজনক। লোকশিল্প আৱদ্ধ ঘৰ-বেৰৰ মাজত এককভাবে কৰা সৃষ্টি নহয়, বৰঞ্চ ই সমূহীয়া প্ৰচেষ্টা। ঢেঁকীত ধান বানোতেও দুই-তিনিগৰাকী মহিলা সমবেত হয় বা তাঁত-বাঁটি কৰিবৰ পৰতো একাধিক মহিলাই পৰস্পৰৰ সহযোগিতা আগবঢ়ায়। তেনেকৈয়ে এজনৰ হাতৰ এটা ফুলে আহি অন্য এজনৰ হাতত অন্য ৰূপ লয়হি। কোনোবা গাভৰুৱে প্ৰিয়জনক দিবলৈ মনে মনে লগোৱা গামোচাখনৰ আঁচু ফুলত পখিলা অথবা হৰিণৰ অবয়ৱে আহি ধৰা দিয়াত আচৰিত হ’বলগীয়া একো নাই। গামোচাৰ বহল ফুলখিনি বাহিৰলৈ উলিয়াই ঢুলীয়াই মূৰত মাৰে, ঢোলতো মেৰিয়াই লয়। বিহুৰ দিনত কঁকালতো গামোচা, মূৰতো গামোচা, ঢোলতো গামোচা আনকি মূখৰ বিহুনামতো গামোচা---

‘লীলা বহে তাঁতৰ পাতত চকু আলি বাটত মাকো সৰি সৰি পৰে’।

‘বিহুৱতী চৰায়ে কৰে বিহু বিহু আমাৰ বিহু কাপোৰ নাই’।

‘অ’ বকু’ল গামোচা ব’ব জানানে?...’

ৰঙালী বিহুৰ দৰে আৱেগ-উচ্ছল, যৌৱনোন্মাদনাৰে ভৰপূৰ ৰং-ৰহইচৰ উৎসৱৰ এটা অবিচ্ছেদ্য অংগ হোৱাৰ দৰেই অসমীয়া ধৰ্মীয় আচাৰ-ব্যৱহাৰতো গামোচাখনে এক গুৰুত্বপূৰৰ্ণ ভুমিকা পালন কৰে। এয়া সচায়ে ৰহস্যময়, এহাতে বান্ধোন নমনা যৌৱনৰ উচ্ছৃংখল আবেদন আৰু আনহাতে সুস্থিৰ, সুসংহত আত্মোৎসৰ্গাৰ পৰিৱেশ— অথচ দুয়োফালেই গামোচাখন হ’ল অপৰিহাৰ্য। হৰিনাম অথবা ভাগৱত কীৰ্তনৰ ঘোষা লিখিত গামোচাৰে নামঘৰৰ খুঁটা মেৰিওৱা হয়। গুৰু আসনখনো গামোচাৰে ঢকা হয়। নাম-কীৰ্তনত ভকতসকলে যি নূন্যতম তিনি বস্ত্ৰ ব্যৱহাৰ কৰে, সেই তিনি বস্ত্ৰৰে এখন হ’ল গামোচাখন। দেউৰী-বিলনীয়াই প্ৰসাদ বিতৰণৰ সময়ত মুখখন ঢাকি লয় গামোচাৰে। সমাজত আঁঠু ল’বৰ পৰতো ঠাইডোখৰ গামোচাখনেৰে সাৰি বিশুদ্ধ কৰি লোৱা হয়। শেষত মাহ-প্ৰসাদৰ পাতখন গামোচাৰে বান্ধি ঘৰলৈ লৈ অনা হয়।

এই ভকতীয়া গামোচাখন সম্ভ্ৰান্ত হ’বৰে কথা। সিংহাসন বা গুৰু আসন ঢাকিবৰ বাবে ব্যৱহূত গামোচাখনত আঁচুফুল বহলকৈ থকাৰ লগতে গোটেই গামোচাখনজুৰি সৰু সৰু ফুলেৰে বুটা বছা হয়। খুঁটাত মেৰিয়াই ৰখা গামোচাখনতো বুটা বছা হয় আৰু ঘোষা আদি লিখি ৰখা হয়। এই ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু’ৰ দৰে হৰিনাম, ঘোষা, ভাগৱতৰ আখৰবোৰেই ডিজাইনৰ কাম কৰে। এনেবোৰ গামোচাৰ আঁচু ফুলত হৰিণ, ম’ৰা চৰাই আদিৰ উপস্থিতিয়ে অন্যভাবে প্ৰাসংগিকতা বহন কৰে। এখন গামোচাত তোলা ম’ৰা ফুলটো কোনো শিপিনীৰ কল্পনাৰ সৌন্দৰ্যৰ প্ৰতীক নে ‘শংকৰদেউৰ চোতালত মৈৰাই চালি ধৰে/মাধৱে আছিলে চাই’ৰ দৰে হৰিনামৰ মৈৰা চৰাই সেইটো সতকাই বুজিব নোৱাৰি। একেদৰেই আঁচুফুলৰ গছজোপা সদায়ে পদূলি সাৰিবলৈ গৈ দেখা পোৱা পদূলিৰ বকুলজোপা নে কৃষ্ণই বাঁহী বজোৱ ‘কদম্ব গছ এজুপি’, সেইটো বুজিব নোৱাৰি। 

এইবোৰৰ বাহিৰেও আছে দৰাক দিয়া গামোচাখন। যিকোনো জনসমাজতে বিবাহ হ’ল সবাতোকৈ গুৰুত্বপূৰ্ণ আনুষ্ঠান আৰু সেইসূত্ৰেই দৰালৈ আগবঢ়োৱা গামোচাখনেও গুৰুত্ব আহৰণ কৰে। দৰাৰ বাবে আছুতীয়াকৈ সাদৰেৰে ৰখা গামোচাখনত গুণাৰ কাম থাকে। আঁচুৰ উপৰি মাজতো কেইবাশাৰী লতা-ফুলেৰে গামোচাখন ভৰি ইয়াক সম্ভ্ৰান্ত ৰূপ দিয়ে। বিয়াৰ দৰেই অন্যান্য যিকোনো সামাজিক অনুষ্ঠান আদিত থাপনা পাতিবলৈ হ’লে শৰাই এখনৰ ওপৰত এথোকা তামোল থৈ তাক গামোচাৰে আবৃত কৰা হয়। কোনো সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চসজ্জাৰো গামোচা এক উল্লেখনীয় উপাদান বা সভাই-সমিতিয়ে অভ্যৰ্থনা জনাবৰ বাবেো এক অত্যাৱশ্যকীয় উপাদান। এই বিশেষ প্ৰয়োজনবোৰলৈ চাই গামোচাৰ ফুলে ভিন্ন ৰূপ গ্ৰহণ কৰে। চাকিগছা, শৰাই আৰু অসমৰ মানচিত্ৰৰ লগতে ‘জয় আই অসম’ বুলি লিখা একোটা ডিজাইনো কেতিয়াবা যায়। আন ক’ৰবাত হয়তো দেখিবলৈ পোৱা যায় এশিঙীয়া গঁড়, হৰিণ, ম’ৰা আৰু গছ-লতা-ফুলেৰে পৰিৱেষ্টিত কাজিৰঙা অৰণ্য। মুঠতে বগা গামোচাত ৰঙা আঁচু বোলোৱাৰ এক অলিখিত নিয়ম অসমীয়া শিপিনীয়ে যেনেকৈ পালি আহিছে তেনেকৈয়ে আঁচু ফুলৰ কল্পৰূপ সৃষ্টিৰ ক্ষেত্ৰত কোনো নিয়মবিহীন অবাধ স্বাধীনতাও প্ৰদৰ্শন কৰি আহিছে। 

[প্ৰকাশ- সম্ভাৰ, অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া পৰিপূৰিকা, সম্পাদক- মনোৰম গগৈ, ২১ মাৰ্চ, ২০০৪। 

সংকলন- পলস (A collection of Cultural Criticism in Assamese Language), পৃষ্ঠা- ২২২। ] 


No comments: