যোৱাৰাতি অকস্মাৎ
মোৰ সতে কথা পাতি
গ’ল
ছিনথেটিক ডিঙি এটাত ফুলাম গামোচা
এখন আঁৰি অহা
ক’তো কোনোদিন নেদেখা
ভীষণভাবে অচিনাকি
মূৰ নথকা মানু্হ এটাই...
(জৰাসন্ধ
: ৰফিকুল হোছেইন)
ফুলাম গামোচা তাহানিৰে পৰা চলি অহা বিহুনাম প্ৰভৃতিৰে পৰা আধুনিক কবিতালৈকে প্রতীকৰূপে ৱ্যৱহূত হৈ আহিছে। ৰফিকুল হোছেইনৰ 'জৰাসন্ধ' কবিতাটো ফেণ্টাচীৰে ভৰা এটা মেজিক ৰিয়েলিজিমৰ কবিতা। গোটেই কবিতাটোৰ মৰ্ম অনুধাৱন কৰাৰ পথত ছিনথেটিক ডিঙি এটাত ফুলাম গামোচা এখন বোলা কথাষাৰে অন্য মাত্ৰা আনি দিয়ে। কবিতাটোৰ অভিপ্ৰেত দেশ-কাল–পাত্ৰৰ উমান এই প্ৰতীকটোৱেই কেৱল আনিব পাৰে।
আমাৰ আলোচ্য বিষয়ৰ লগত এইখিনি কথাৰ পোনপটীয়া সম্পৰ্ক নাই। আমি আমাৰ গামোচাখন এক শিল্পবস্তু হিচাপে স্বীকৃত আৰু বিশ্লেষিত হওক তাকে বিচাৰোঁ। ‘জৰাসন্ধ’ কবিতাত ই এক সময় সাপেক্ষে ৰাজনৈতিক-সামাজিক ইংগিতৰূপে কাম কৰিছে। আমি বিচাৰোঁ আমাৰ দৈনন্দিন ৱ্যৱহাৰৰ সামগ্ৰিকতালৈ চাই গামোচাৰ আৰু নতুন নতুন ক্ষেত্ৰ উদ্ভাৱন হওক। গামোচাৰ শিল্পৰূপে অন্য শিল্পৰূপক প্ৰভাৱিত কৰক (যদিও ই বিতৰ্কৰ অৱকাশ ৰাখিব, নতুন মাত্ৰা সংযোজনৰ সম্ভাৱনাৰে ই কাম্যও) আৰু গামোচাই নিজেও নতুন বাখ্যা লাভ কৰক।
পিকাছোৱে অঁকা ষাড় গৰুটো বা ঘোঁৰাটো আমি বুজি নাপাওঁ। কাৰণ সেইবোৰ বাস্তৱতে দেঁখা ৰঙেৰে অঁকা নহয় বা গোল, চাৰিচুকীয়া, শংকু এইবোৰৰ নিচিনাকৈ অঁকা। আমাৰ নীলপৱন বৰুৱাই অঁকা ফেঁচাৰ মুখখনো আমি বুজি নাপাওঁ, কাৰণ ইয়াৰ চকুবোৰ অৰ্ধবৃত্তৰ ভিতৰৰ কেইটামান বৃত্ত, গাল দুখনো আয়তক্ষেত্ৰ আৰু সমদ্বিবাহু ত্ৰিভুজৰ লেখীয়া। কিন্তু গামোচাখনত থকা পহুটো বা ময়ুৰটো বা গছজোপা আমি বুজি পাওঁ। অথচ এইবোৰৰো মূৰটো আচলতে একোটা ত্ৰিভুজ, গাটো আচলতে আয়তক্ষেত্ৰ বা অৰ্ধবৃত্ত বা ত্ৰিভুজ। ইয়াৰ দুটা কাৰণ হ’ব পাৰে। প্ৰথমতে আমি ৱ্যৱহাৰ কৰি থকা গামোচাখনৰ আঁচুফুলবোৰ কেতিয়াও ছবি হিচাপে চোৱাই নাই। দ্বিতীয়তে আমি প্ৰত্যেকেই তাঁতশালৰ বয়ন পদ্ধতি সম্পৰ্কে সামান্য হ’লেও জানো, কাৰন অসমীয়া নাৰী মাত্ৰেই শিপিনী। একোটা ফুল বাছিবৰ বাবে একোগৰাকী শিপিনীয়ে দেহা মাটি কৰি পৰিশ্ৰম কৰিবলগীয়া হয়। প্ৰতিডাল সূতা গণি গণি কাঠী ভৰাবলগীয়া হয়। কেতিয়াবা পুৱাৰে পৰা গধুলিলৈকে পৰিশ্ৰম কৰিও একোহালি বস্ত্ৰও বৈ উলিয়াব নোৱাৰি। ৰাছৰ ব তোলোতে কৰা হিচাপ, সূতাৰ বাছনিৰ হিচাপ– এনেবোৰ বিভিন্ন পৰ্য্যায়ৰ বিভিন্ন হিচাপৰ অন্তত একোটা ফুলে দৃশ্যমান ৰূপ লয়। ফলস্বৰূপে বয়ন শিল্পত ৰূপ গ্ৰহণ কৰা যিকোনো ফুল বা ডিজাইনেই কাৰিকৰী কাৰণতে জ্যামিতীয় ৰূপ লয়। এনেদৰে একোটা জ্যামিতীয় ৰূপ গ্ৰহণ কৰাটো বয়ন শিল্পৰ স্বভাৱজাত হোৱাৰ লগে লগেই এই প্ৰৱণতাই ডিজাইনৰো প্ৰাথমিক তাগিদা পূৰণ কৰে।
অসমীয়া শিপিনীয়ে সকলো ডিজাইনকে ‘ফুল’ বোলে। সি লতা ফুলেই হওক অথবা কোনো জ্যামিতীয় সজ্জাই হওক। আঁচুফুলৰ ঘাই ‘ফুল’টোৰ দুকাষে এলানিকৈ সৰু সৰু ফুল থাকে, যাক কোৱা হয় কাষৰি। সৰু একোখনত ফুলৰ পুনৰাবৃত্তিৰে কাষৰি দেখাত একোডাল মালাৰ লেখীয়া হয়। আঁচুফুলৰ পৰা গামোচাখনৰ শেষলৈকে ঠাইডোখৰকো এযোৰা এযোৰাকৈ ৰেখাৰে দুই বা তিনিটা (কেতিয়াবা চাৰিটা) ভাগত বিভক্ত কৰা হয়। এইখিনিকে খিয়নি বোলা হয়। খিয়নিৰ দুডাল ৰেখাৰ মাজৰ বিন্দু বিন্দু দাগ কটা থাকে। ইয়াৰ নাম চিৰিয়া। গামোচাৰ দুই মূৰত সুতা অলপ দীঘলকৈ উলিয়াই ৰাখি গামোচাখন কাটি উলিওৱা হয়। এই আঙুলিৰ পাব সমানকৈ ওলাই থকা সুতাবোৰ হ’ল অনাকটা বা দহি। খুব আদৰুৱা গামোচা একোখনৰ দহিবোৰত সুতা এডালেৰে মেৰিয়াই গাঁঠি দি দি ডিজাইন তোলা হয়, যাক আমি দহিবটা বোলোঁ। কেতিয়াবা ঘাই ফুল আৰু দহিৰ মাজৰছোৱাত দহিৰ লেখীয়াকৈ অলপমান সুতা নোবোৱাকৈ এৰি দিয়া হয়। চুলা ৰখা বুলি কোৱা এই অংশত কেৱল দীঘৰ সুতাখিনিহে থাকে বাণিৰ সুতা নাথাকে। সাধাৰণ গামোচাৰ মাজডোখৰ উকা যদিও বিশেষ আদৰুৱা বা ভকতীয়া গামোচাৰ মাজডোখৰ কেতিয়াবা পথালিকৈ ভাগ কৰা কেইশাৰীমান লতাফুল থাকে; নহ’লে সৰু সৰু ফুলেৰে বুটা বাছি গোটেইখন ভৰাই থোৱা থাকে। গামোচাখনৰ দুইকাষে দীঘলে দীঘলে থকা ৰঙা শাৰী দুটা হ’ল পাৰি। পাৰিত সাধাৰণতে কোনো ফুল নাথাকে। আঁচুফুল আৰু পাৰি ওপৰা-উপৰি হোৱা অংশটোত ঢৌ খেলোৱা কিছুমান ৰেখাৰে অথবা ঘৰ ঘৰ কটা কিছুমান নক্সাৰে ডিজাইন তোলা হয়। তাকে নকৰি আঁচুফুল আৰু সৰল পাৰি পৰস্পৰ কটাকটি কৰিবলৈ এৰি দিলে দেখিবলৈ অশুৱনি হয়। যিবোৰৰ পাৰিতো ফুল বছা হয় সেইবোৰক পাৰিবছা বা তাঁতি পাৰি বুলি কোৱা হয়।
অসমীয়া শিপিনীৰ ডিজাইন-চেতনা প্ৰকৃতিজাত। গামোচা ব’বৰ বাবে কোনো পাঠ্যক্ৰমৰ পাঠ ল’ব নালাগে। জীয়েকে মাকৰ পৰা তাঁত ব’বলৈ শিকে। ওচৰ চুবুৰীয়াৰ পৰা ফুল বাছিবলৈ শিকে। তাকে শিকিব নোৱাৰিলে জীয়ৰী হয় থুপৰী। যাক আমি ফুল বুলি কওঁ, সি আচলতে ডিজাইন। ছবিও নহয়, প্ৰকৃততে ফুলো নহয়। ডিজাইনৰ ক্ষেত্ৰত যিখিনি প্ৰাথমিক ব্যাকৰণ, সেয়া হ’ল ধনাত্মক আৰু ঋণাত্মক স্হানৰ সমবিভাজনৰ ধাৰণা, সুষমতা, পুনৰাবৃত্তি আৰু ধাৰাবাহিকতা ইত্যাদি। আহল-বহল চাৰিচুকীয়া বা ঘুৰণীয়া কাপোৰত ডিজাইন তোলাৰ ক্ষেত্ৰত সাধাৰণতে একোটা কেন্দ্ৰভিমুখী বা ঐককেন্দ্ৰিক বিন্যাস লক্ষ্য কৰা যায়। কেন্দ্ৰীয় বিন্যাস সততে সুস্থিৰ আৰু সংবদ্ধ হয়। কিন্তু গামোচাৰ আঁচুফুলৰ অংশটো দীঘল আয়তক্ষলেত্ৰ। এই অংশত ঐককেন্দ্ৰিক ডিজাইন নাথাকে। বৰঞ্চ একোটা সজ্জাত পুনৰাবৃত্তিহে ইয়াত সঘন। আমাৰ গাঁৱলীয়া ঘৰৰ আগবাৰী-পিচবাৰী যেনেকৈ এনেয়ে ছন পৰি নাথাকে, ঘাই ফুলৰ মাজতো উকা ঠাই তেনেকৈ নাথাকে। ফুল বাছিবৰ সময়ত আমাৰ শিপিনীহঁতে ঘাই ফুলৰ দাঁতি-কাষৰীয়া ঠাইবোৰো সৰু-সুৰা ফুল-পাতেৰ ভৰাই তোলে। ধনাত্মক আৰু ঋণাত্মক স্থানৰ এক সহজাত ধাৰণাৰেই এইবোৰ ফুল অংকিত হয়। ঐককেন্দ্ৰিক নহ’লে প্ৰত্যেকটো ডিজাইনেই সুষম। গামোচাত তোলা বেছিভাগ ফুলেই আধাতে ভাগ কৰি ওলোটাই দিব পৰা ধৰণৰ। গাঁৱলীয়া ভাষাত এইবোৰ ভঙা ফুল। ইয়াৰ ফলত শিপিনীৰ বাছিবলৈকো সুবিধা হোৱাৰ লগতে Symmetryও ৰক্ষা পৰে।
অসমীয়া শিপিনীয়ে মুৰ তুলিলেই দেখে এখন তাৰকাখচিত আকাশ আৰু ঘৰৰ কাষতে দেখিবলৈ পায় ফুলি থকা সৰিয়হনি এডৰা। তাৰেই অনুপ্ৰেৰণাৰে তেঁওলোকে সৰু সৰু ফুলেৰে বুটা বাছি আদৰৰ ভক্তিৰ গামোচাখন ভৰাই পেলায়। বগা আৰু উজ্জ্বল ৰঙা ৰঙেই গামোচাৰ ৰং। সোণালী ৰুলেক্সেৰে বা গুণা কৰাই গামোচাখনত অতিৰিক্ত সৌষ্ঠৱ প্ৰদান কৰা হয়। ঘৰুৱা কাম-বন কৰোঁতে বগা কাপোৰ ব্যৱহাৰ কৰোতে দাগ লাগি সতকাই লেতেৰা হোৱাৰ ভয় থাকে। সেয়েহে অন্য ঠাইৰ মানুহে বগা গামোচা ব্যৱহাৰ নকৰে। কিন্তু অসমীয়াই বগা গামোচাখন নেৰে। ‘নাজানোহো আৱাহন নাজানোহো বিসৰ্জন, পূজাৰ মন্ত্ৰ নাজানো কিঞ্চিৎ’ বোলা ‘মুক্তিত নিস্প্হ’ ‘মূঢ়মতি’ ‘শংকৰীয় দৰ্শন’ৰ আত্মত্যাগী সাৰল্যৰ প্ৰতীক এই বগা ৰংটো। অসমীয়া জীৱনযাত্ৰা, ভাষা আৰু মননৰ সৰলতাকে প্ৰতিনিধিত্ব কৰি আহিছে এই বগা ৰঙে। একেদৰেই প্ৰাণৰ আৱেগ, কল্পনা, উছাহ, কাতৰতা এইবোৰৰ সাক্ষী হৈ ৰৈছে ৰঙা ৰং।
স্বাভাৱিকতে গামোচাৰ ফুল আৰু মেখেলাৰ ফুল একে নহয়। ফুল বাছিব নোৱাৰিলেও সাধাৰণ গামোচা এখনকে প্ৰতিখন ঘৰতে লগোৱা হয়। তাৰ পিচতো বাহিৰৰ পৰা অহা মিলৰ গামোচাৰে অসমৰ বজাৰ ভৰি পৰেহি। হাতে বোৱা গামোচাখনৰ মূল্য সদায়ে আপুৰুগীয়া, কাৰণ মিলত নিৰ্মিত গামোচাত কাজিৰঙা হাবি, বৃন্দাবনৰ কদম্ব গছ, ময়ুৰ-ময়ুৰী এইবোৰ বিচাৰি যোৱাটো সম্ভব নহয়। বহিৰাগত বস্তু-বাহানিৰ প্ৰতি আসক্তি অনুভৱ কৰা অসমীয়াই প্ৰায়বোৰ অতীত ঐতিহ্যকে পাহৰিবলৈ ধৰিছে যদিও হাতে বোৱা গামোচাখনৰ মোহ এৰিব পৰা নাই। তথাপি অলপ সচেতন হোৱা ভাল। গাঁৱে-ভুঞে থকা পৰিশ্ৰমী শিপিনীহঁতৰ অৰ্থনৈতিক অৱস্থাৰ বুজ লোৱা উচিত। কাৰণ গ্ৰাম্য শিল্পৰ লগত জীৱন-নিৰ্বাহৰ প্ৰণালী আৰু আৰ্থিক অৱস্থাৰ প্ৰত্যক্ষ যোগাযোগ আছে।
গামোচা আৰু তাঁতশাল আঁতৰিলে আমাৰ ভাষাটোও লৰিব, ঐতিহ্যও লৰিব। ৰুদ্ৰ বৰুৱাৰ গীতত আছে– ‘তাঁতৰ দোৰেপতি সলাই ঘনেপতি, পলকত টোলোঠা ঘুৰে। কোননো সেইগৰাকী চিলনীৰ জীয়ৰী চেলেং নে ছকঠীয়া জুৰে’। আমাৰ দৈনন্দিন কথা-বাৰ্তাতো তাঁতশালখন সোমাই আছে। হেম বৰুৱাৰ উপন্যাৰসৰ ‘আঁচুফুল’ নামটোৱেই কিমান ধুনীয়া। ড০ মহেশ্বৰ নেওগৰ আত্মজীৱনীখনৰো নাম হ’ল– ‘জীৱনৰ দীঘ বাণি’। ড০ নেওগৰ কথা-বতৰাৰ সুৰৰ উমান পাবলৈ হ’লে তলৰ কথাখিনিলৈকে মন কৰক :
‘অৱশ্যে বোৱনত
জীৱনৰ বৰ কাপোৰখন জেলেঙা হ’ল নে খটখটীয়াকৈ বোৱা ঘন হৈছে, বুঢ়া বিহকৰমদেৱে আৰু দেখান্তসকলে
দেখা পাব।......কিন্তু এই আখ্যানত জীৱনৰ দীঘবোৰ আৰু বাণিবোৰকেই কেৱল ঘাই ঠাই দিয়া হৈছে,
ক’ৰবাত যদি জোঁথা ওলাইছিল বা আঊল লাগিছিল, তাৰ চানেকী ইয়াত বিশেষ তোলা ন’হল নেকি’।
[প্ৰকাশ-
সম্ভাৰ, অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া পৰিপূৰিকা, সম্পাদক- মনোৰম গগৈ, ২৮ মাৰ্চ,
২০০৪
সংকলন- পলস (A collection of Cultural Criticism
in Assamese Language), পৃষ্ঠা- ২২৭,
সম্পূৰ্ণ কিতাপখনৰ ডাউনলোডৰ লিংক-
https://drive.google.com/file/d/1Juz_jy2dZKrZOaabsFJIlBD6cnPJSWT6/view?usp=sharing]
No comments:
Post a Comment