ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, April 10, 2021

অসমত লোককলা অধ্যয়ন

দৃশ্যশিল্পৰ অভিজ্ঞতাৰ এটা নিৰৱচ্ছিন্ন আৰু সুস্থ বাতাবৰণ নথকাৰ কুফল আজিৰ অসমীয়াই ভোগ কৰিছে। ইতিহাস-অনুক্ৰমিক এক আৱহমান আভিজ্ঞতাৰ অভাৱতে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ এক গুৰুত্তপুৰ্ণ অংশ ‘চকু’ৰ গুৰুত্ব বহুপৰিমাণে উপেক্ষিত হৈ আহিছে আৰু প্ৰকাৰান্তৰে আমাৰ সমস্ত পয়্যায়ৰ দৃষ্টিভংগী---বিচাৰ বিশ্লেষণত ই প্ৰভাৱ পেলাইছে।

কিন্তু দৃশ্যৰূপৰ অভিজ্ঞতা নাই বা নাছিল বুলিলে ভুল হ’ব, কেৱল ইয়াৰ ধাৰাবাহিকতা ক্ষুণ্ণ হৈছে অথবা আৰু ভালকৈ ক’বলৈ গ’লে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ মাজত ৰূপান্তৰ লাভ কৰিব পৰা নাই। অসমীয়াৰ স্ৱভাৱজাত পৰমুখাপেক্ষী চৰিত্ৰ, হীনমন্যতা ইত্যাদিৰ লগতে অসম আৰু অসমীয়াৰ ‘ট্ৰাইবেল’ জীৱন-যাত্ৰাৰ ওপৰত নাগৰিক প্ৰলোভনৰ আগ্ৰাসনৰ ফলত ছিন্নমূল এক ৰুচিবোধৰ জন্ম আৰু বিকাশ ঘটাটোৱে ইয়াৰ মূল কাৰক। দৃশ্যশিল্পৰ অভিজ্ঞতাৰ কথা কঁওতে কেৱল যে ভাৰ্স্কয্য অথবা পেইণ্টিঙৰ কথা কোৱা হয় এনে নহয়। সুস্থ দৃশ্যশিল্পৰ বাতাবৰণে চিন্তা-ভাৱনাৰো গতি নিৰ্ণায়কৰ ভুমিকা পালন কৰে। ফলত দৃশ্যশিল্প ছবি-ভাৰ্স্কয্যৰ পৰা নাটক, চিনেমা আৰু সাহিত্যৰো প্রভাৱশালী কাৰক হোৱাৰ লগে লগেই সামাজিক, ৰাজনৈতিক আৰু ঐতিহাসিক বিচাৰ-বিশ্লেষণৰো এক উপদান হৈ উঠে।

শিল্পৰ প্ৰয়োজন অথবা শিল্পৰ ৰূপসৃষ্টি প্ৰাথমিক অৱস্থাত খুবেই স্বতঃস্ফুৰ্ত। শিল্প আছিল চিৰকালেই মানুহৰ জীৱন-যাপনৰ প্ৰণালীৰ লগত একান্তভাৱে সম্পৃক্ত। সকলোবোৰ জাতি অৰ্থাৎ জনগোষ্ঠীৰ জীৱনধাৰণৰ পদ্ধতি একে নহয় বাবেই শিল্পৰ চৰিত্ৰও একে নহয়। সেয়েহে শিল্পৰ চৰিত্ৰ অধ্যয়নেৰে কোনো জাতিৰ জাতীয় চৰিত্ৰ অনুধাৱন কৰাটো সম্ভৱপৰ। এনেবোৰ কাৰণতে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰে পৰা লোকশিল্প-সাহিত্য অধ্যয়নৰ গুৰুত্ব বিশ্বজুৰি বৃদ্ধি পাইছে। ইতিমধ্যে লোকসাহিত্য, লোকশিল্প অথবা Folklore- এই অভিধাবোৰে নতুন মাত্ৰা লাভ কৰিছে। এয়া আছিল অৱশ্যম্ভাৱী। কাৰণ, শিল্পৰ স্বৰূপ বুজিবলৈকো লোকায়ত জীৱনলৈ দৃষ্টি নিক্ষেপ কৰিবলগীয়া হোৱাৰ দৰেই সমস্ত আধুনিক মননৰ জটিলতাৰ উৎস সন্ধানৰ উদ্দেশ্যৰেও লোকশিল্পৰ মাজলৈ সোমাব লাগিব।

ৱৰ্ডছৱৰ্থ প্ৰভৃতি ৰমন্যাসিক কবিৰো ৰমন্যাসবাদৰ অন্তৰালত ফৰাচী বিপ্লৱৰ সময়ত ৰুছোৰ আদৰ্শৰ পৰা নিৎসৃত হোৱা ‘প্ৰকৃতিৰ বুকুলৈ উভতি ব’লা’ বোলা আদৰ্শই কাম কৰিছিল। ফোকলোৰৰ অধ্যয়নৰ গুৰুত্ব আহৰণ কৰাৰ আঁৰতো ৰোমণ্টিছিজিমৰ গুৰুত্ব আছে। লোকায়ত শিল্প-সাহিত্যৰ অধ্যয়নৰ আঁৰত জাতীয়তাবোধসম্পন্ন এক প্ৰৱণতা অস্বীকাৰ কৰিব নোৱাৰি।

সি যি কি নহওক, ফোকলোৰৰ পদ্ধতিগত অধ্যয়নক নিম্নোক্তধৰণে বিভক্ত কৰিব পাৰি :- মানৱীয় দৃষ্টিভংগী (Humanistic approach), নৃতাত্বিক দৃষ্টিভংগী (Anthropological perspective), মনস্তাত্ত্বিক বিশ্লেষণ (Psychological approach), মাৰ্ক্সীয় পদ্ধতি (Marxist approach) ইত্যাদি। লোকসাহিত্য বুলিলে সাধাৰণভাবে আমি মুখে মুখে চলি অহা সাধুকথা, নিচুকনি গীত, ল’ৰা-ধেমালিৰ পদ্য, আইনাম, বিয়ানাম, অৰ্থাৎ কোনো উৎসৱ-পাৰ্বণৰ গীত, প্ৰবাদ-প্ৰবচন ইত্যাদিকে বুজোঁ। একেদৰেই ঘৰ-দুৱাৰৰ আৰ্হি, সাজ-পাৰৰ নমুনা, বাচন-বৰ্তনৰ ৰূপ, দা-কোৰ-পাচি-খৰাহি প্ৰভৃতি দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী অথবা পূজা-পাতল বা উৎসৱ পাৰ্বণৰ উদ্দেশ্যে নিৰ্মিত প্ৰতিমা, থাপনা অথবা পুতলা আদিকে লোকশিল্পৰ অন্তৰ্গত কৰোঁ। এই সকলোবোৰেই যিহেতু কোনো এক নৃগোষ্ঠীৰ ব্যৱহাৰ্য উপাদান, সেয়েহে এইবোৰ সৃষ্টিৰ আঁৰত সেই নৃগোষ্ঠীৰ চৰিত্ৰ বিদ্যমান। কোনো শিল্পৰূপ স্থান আৰু কাল নিৰপেক্ষ নহয়। অৰ্থাৎ ভূগোল আৰু বুৰঞ্জীৰ ঊৰ্ধত নহয়, উচ্চস্তৰীয় শিল্প (High Art) বা সুকুমাৰ কলা (Fine Art)ৰ প্ৰণালীবদ্ধ চৰ্চা বহুযুগৰে পৰা চলি আহিছে যদিও ইয়াতকৈও অধিক পুৰাতন তথা অধিকতৰভাৱে বিস্তাৰিত লোকশিল্পৰ প্ৰণালীবদ্ধ অধ্যয়নৰ ইতিহাস কিন্তু নতুন। ১৮৭৮ চনত ইংলেণ্ডত Folklore Society গঠনৰ পিছৰে পৰা লোক সাহিত্য-সংস্কৃতিৰ গুৰুত্ব বাঢ়িবলৈ লয় বুলিব পাৰি। 

‘লোক সাইত্য-সংস্কৃতি চৰ্চা সন্দৰ্ভত’ শীৰ্ষক এটি লেখাত প্ৰয়াত ড সুভাষ সাহাই ফোকলোৰৰ চৰ্চাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ গৈ উল্লেখ কৰা এই কথাখিনি প্ৰণিধানযোগ্য : ‘……লোক সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু অধ্যয়নৰ পৰিসৰ দিনে দিনে বহল হৈ আহিছে। নতুন নতুন পৰীক্ষা-নিৰীক্ষাই আমাৰ দৃষ্টিভংগীৰ দিগন্ত প্ৰসাৰিত কৰিছে। সঠিক আৰু বস্তুনিষ্ঠ পদ্ধতিৰে অসমৰ লোক-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু অধ্যয়নক এক বলিষ্ঠ ভেটিত প্ৰতিষ্ঠা কৰিব পাৰিলে কেৱল লোক-কলা আৰু শিল্পই যে সমৃদ্ধ হ’ব তেনে নহয়, অসমৰ বহু জ্বলন্ত সমস্যা যেনে – ভাষা সমস্যা, জাতি সমস্যা, আৰ্থ-সামাজিক-ৰাজনৈতিক সমস্যাৰ সমাধানৰ পথো উন্মুক্ত হ’ব; কেৱল প্ৰয়োজন আৱেগৰ পৰিৱৰ্তে সামাজিক দায়বদ্ধতা, গভীৰ নিষ্ঠা আৰু খাটি খোৰা সাধাৰণ মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা’। 

অসমত লোক সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত থাওকতে মনলৈ অহা বৰেণ্য ব্যক্তিকেইগৰাকী হ’ল – ড মহেশ্বৰ নেওগ, ড বিৰিঞ্চি কুমাৰ বৰুৱা, ড লীলা গগৈ, ড সূৰ্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, হেম বৰুৱা, শশী শৰ্মা, ড বীৰেন্দ্ৰ নাথ দত্ত, ভুৱন সন্দিকৈ, নীলমণি ফুকন, যুগল দাস, নৰেন কলিতা, আব্দুছ ছাত্তাৰ, সৰ্বানন্দ ৰাজকুমাৰ, প্ৰেমধৰ চৌধুৰী, বেণুধৰ শৰ্মা, সুৰেশ গোস্বামী, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি। এইসকল বৰেণ্য ব্যক্তিৰ কিছুসংখ্যক মূলতঃ বুৰঞ্জীবিদ হিচাপেই স্বীকৃত। বিৰিঞ্চি কুমাৰ বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ আদিৰ লোক-সংস্কৃতি সম্পৰ্কীয় বহুখিনি বিশ্লেষণ আমি পাওঁ। যদিও সিবোৰ ঘাইকৈ সাহিত্যকেন্দ্ৰিক। লোককলাৰ দৃশ্যমান ৰূপটো সেইবোৰত অনুপস্থিত। তাৰ তুলনাত বীৰেন্দ্ৰ নাথ দত্ত, নীলমণি ফুকণ, যুগল দাস, নৰেন কলিতা আদিৰ প্ৰচেষ্টাই লোকায়ত দৃশ্য-কল্প-ৰূপৰ ওপৰত আলোকপাত কৰে। সত্ৰীয়া-শংকৰী সংস্কৃতি, নৃত্য-গীত-কবিতা, লোকায়ত আচাৰ-নীতি-নিয়ম, সাহিত্যৰে পৰা পুথিচিত্ৰলৈকে সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিৰ পূৰ্ণাংগ অধ্যয়ন বিশ্লেষণৰ ক্ষেত্ৰত ড মহেশ্বৰ নেওগ এটা প্ৰাতঃস্মৰণীয় নাম। সংস্কৃতি চেতনাৰ পৰিপূৰ্ণতা আৰু সঠিক ‘অৰিয়েন্টেচন’ৰ ক্ষেত্ৰত যিজন বাটকটীয়া ব্যক্তিৰ নাম বিনাদ্ৱিধাই উল্লেখ কৰিব পাৰো তেওঁ হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সাহিত্য, নৃত্য-গীত, নাটক, চলচ্ছিত্ৰৰ সমান্তৰালভাৱে দৃশ্যকলাৰো বিশ্লেষণ জ্যোতিৰ ৰচনাত পোৱা যায়। মানুহৰ মূল্যবোধ আৰু সমাজ সম্পৰ্কে বিজ্ঞানসন্মত ধাৰণা জ্যোতিয়ে লাভ কৰিছিল। নিজস্ব সহজাত প্ৰতিভা, অধ্যৱসায়ৰ লগতে দায়িত্ববোধৰ মিশ্ৰণেই ইয়াৰ ঘাই কাৰণ। 

যিকোনো বিষয়বস্তু একোটাৰ নিৰ্দিষ্ট অধ্যয়ন পদ্ধতিৰ কিছুমান নিৰ্দিষ্ট ৰূপ বা গঠন থকাৰ লগতে কিছুমান পৰিভাষাও থাকে। বিশ্লেষণৰ পদ্ধতি আৰু তাৰ উপস্থাপনৰ ধৰণৰ মাজত সামঞ্জস্য থকা উচিত। ৰসায়ন বা পদাৰ্থবিজ্ঞানৰ ভাষাৰ লগত সমাজতত্বৰ বিশ্লেষণৰ ভাষা একে নহয়। কলা সমালোচনায়ো কিছুমান পৰিভাষা বিচাৰে। এনেধৰণে বিজ্ঞানসন্মত ভাষাত কিছু পৰিভাষাৰ ব্যৱহাৰেৰে কলা সমালোচনালৈ অৱদান আগবঢ়োৱা এজন ব্যক্তি হ’ল নৰেন কলিতা। ‘বৰদোৱাৰ শিল্পবস্তু’ নামৰ গ্ৰন্থখন অথবা উনবিংশ শতিকাৰ অসমৰ চিত্ৰকলা আৰু ভাস্কৰ্য’ প্ৰবন্ধটোলৈ আঙুলিয়াব পাৰি। এইবোৰ যুক্তিনিষ্ঠ বা বিজ্ঞানসন্মত’ হয় কিন্ত লোকতাত্বিক বিশ্লেষণৰ দাবী এইবোৰে পূৰ্ণ কৰিব নোৱাৰে। কবি নীলমণি ফুকনৰ লেখাই সেই দাবী বহুলাংশে পূৰ্ণ কৰে। ‘লোক কল্পদৃষ্টি’ গ্ৰন্থখনিৰ ভাষা, গ্ৰন্থৰ শাৰীৰিক লোককলা অধ্যয়নৰ পৰিপ্ৰেক্ষিতত ৰক্ষিত হৈছে। কিন্তু ফুকন ডাঙৰীয়ায়ো নিজকে লোককলাৰ গৱেষকতকৈ গুণগ্ৰাহী বুলিহে বুলিহে নিজকে পৰিচয় দিবলৈ বিচাৰে যেন বোধ হয়। লোক কলাৰ বৈচিত্ৰময় লাৱণ্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাই যেন তেওঁৰ মূখ্য উদ্দেশ্য। তদুপৰি লেখক মূখ্যতঃ এজন কবি হোৱাৰ সূত্ৰেই হয়তো ভাষাৰ ব্যৱহাৰ ডেকোৰেটিভ হোৱাৰ ফলত বহল কলেৱৰৰ এই গ্ৰন্থখনতো বস্তুনিষ্ঠ বিশ্লেষণৰ নিজস্ব তাগিদা কিছুপৰিমাণে শিথিল হৈ পৰিছে। তথাপি এহাতে ‘অৰণ্যৰ গান’ৰ দৰে জনজাতীয় গীতিকবিতাৰ সংকলন আৰু আনহাতে ‘ৰূপ-বৰ্ণ-বাক’ৰ লেখাবোৰ বা ‘লোক কল্প দৃষ্টি’ৰ প্ৰয়াস - এইবোৰ আমাৰ মাজত এক অনুসন্ধানৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে। লোককলাৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰা প্ৰথম অসমীয়াজন জ্যোতিপ্ৰসাদ বুলি নীলমণি ফুকন ডাঙৰীয়াই উল্লেখ কৰিছে। বীৰেন্দ্ৰনাথ দত্তৰ বিশ্লেষণত এক অন্য মাত্ৰা অনুভূত হয়। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰম্পৰাগত সংস্কৃতি আৰু কলা ৰূপ বিভাগৰ বিভাগীয় প্ৰধান হৈ থকা কালতে আমি তেঁওৰ পৰা বহুখিনি আশা কৰিছিলো। সেই সময়ছোৱাত প্ৰকাশিত ‘Assamese Folk Painting’ নামৰ ইংৰাজী ভাষাত ৰচিত গ্ৰন্থখনি এখন আপুৰুগীয়া গৱেষণা গ্ৰন্থ।

স্থাপত্যৰ অধ্যয়ন অসময়ত আজিও দুৰ্লভ। এই দিশতো জ্যোতিপ্ৰসাদেই দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল (প্ৰসংগ : “অসমীয়া স্থাপত্যৰ নৱৰূপ”)। ৰাজমোহন নাথৰ “অসমীয়া স্থপতিবিদ্যাৰ পটভূমি”ৰ লেখীয়া ছেগা-চোৰোগাকৈ কিছু আলোচনা আমি দেখিবলৈ পাঁও যদিও সেয়াই যথেষ্ট নহয়। 

আধুনিক অসমীয়া সাংস্কৃতিক অভিজ্ঞতা সাহিত্যনিৰ্ভৰ। নাটক বা চলচ্ছিত্ৰতো আমি সাহিত্য বিচাৰোঁ। নৃত্য-গীতৰ মাজতো আমি বাখ্যা বিচাৰোঁ। লোক শিল্প-সংস্কৃতিৰ অধ্যয়নতো গীত-মাত-কবিতা-মন্ত্ৰ-প্ৰৱচন এইবোৰ লৈয়ে সন্তুষ্ট থাকোঁ। তাৰ মাজতো উদ্ধৃত সমলখিনিয়ে আমাৰ মাজত আশাৰ সঞ্চাৰ কৰে। লোককলাৰ দৃশ্যমান ৰূপটোৰ প্ৰতি আৰু অধিক গুৰুত্ব প্ৰদান কৰিলে নিজৰ অস্তিত্বৰ অনুসন্ধান কৰিব পৰাৰ লগতে বোধ বা ভাৱনাৰো পৰিপুষ্টি সাধিত হ’ব। ‘আধুনিক ছবি একো বুজিয়েই নাপাওঁ’ বোলা অভিযোগটো দূৰ কৰাৰো এয়ে এক উপায়।

 

(প্ৰকাশ- সম্ভাৰ, অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া পৰিপূৰিকা, সম্পাদক- মনোৰম গগৈ, ১৪ ছেপ্টেম্বৰ, ২০০৩

সংকলন- পলস (A collection of Cultural Criticism in Assamese Language), পৃষ্ঠা- ২১৭,

সম্পূৰ্ণ কিতাপখনৰ ডাউনলোডৰ লিংক-

https://drive.google.com/file/d/1Juz_jy2dZKrZOaabsFJIlBD6cnPJSWT6/view?usp=sharing )

No comments: