["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৮ এপ্ৰিল, ২০২১]
ব’হাগ বিহু বসন্তৰ উৎসৱ হয় নে?
ব’হাগ বিহু কিম্বা ৰঙালী বিহু প্ৰকৃতিৰ সৈতে জড়িত উৎসৱ। তাতোকৈ শুদ্ধ হ’ব
যদি কওঁ- ঋতুৰ সৈতে সামঞ্জস্য থকা উৎসৱ। যদি সেয়ে হয়, সমসাময়িক বিহু পালন পদ্ধতিবোৰৰ
(বিহুমেলাবোৰকে ধৰি) গতিবিধি আৰু ঋতুসম্পৰ্কীয় আমাৰ বুজাপৰাখিনিত বেচ আঁসোৱাহ আছে।
“ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমনত
উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ”- উইকিপেডিয়াৰ বাক্যটো ভুল এইবাবেই যে কোনো হিচাপেৰেই
ব’হাগ মাহত ঋতুৰ বুজাপৰা কিম্বা কেলেণ্ডাৰৰ হিচাপ নিকাচৰ একাধিক পদ্ধতি বিদ্যমান হ’লেও
কোনোটো যুক্তিৰেই বসন্তৰ ‘আগমন’ নঘটে। ব’হাগ অহালৈ আচলতে বসন্তৰ সমাপ্তি ঘটি গ্ৰীষ্মৰ
আৰম্ভণী ঘটে। আন কোনো হিচাপ-পদ্ধতিৰে যদি সমাপ্তি নঘটেও, অন্ততঃ ই বসন্তৰ শেহৰটো পৰ্ব,
আৰম্ভণী যে মুঠেই নহয়।
“গছে পাত সলাইছে, অমুক ফুল ফুলিছে” বুলি বাহু দাঙি দাঙি নচালৈ ফুলবোৰ মৰহি যায়, শিমলুৰ জুই নুমাবৰ হয়।
দিল্লীৰ মোগল গাৰ্ডেন যি অজস্ৰ ফুলৰ সমাহাৰ তাৰো উদ্যাপনৰ সময় ফাগুনতে শেষ হয়। ব’হাগক
বসন্ত বোলাটো প্ৰাকৃতিক নহয়, এটা সাংস্কৃতিক নিৰ্মানহে। তেনেকৈয়ো আকৌ বিহুৰ উদযাপন
ব’হাগত হোৱাকলৈ অসুবিধা আছে। ব'হাগত মহুৰা
নুঘূৰে। ব'হাগ কেৱল স্মৃতিৰ উৎযাপন। ব'হাগ
সদায়েই এটা Post-বসন্ত চেলিব্ৰেচন। “…নেৰিছোঁ নাচনী, দেহাৰ
ঘাম ওলোৱা নাই” বুলি বিহুৱাই গালেও আমি জানো যে ব’হাগৰ পৰাই মানুহৰ দেহৰ ঘাম এনেয়েও
ওলাবলৈ আৰম্ভ কৰে। ব'হাগত ফুলৰ গোন্ধতকৈ
বিহুৱতী নাচনীৰ কাষলতি তলৰ ঘামৰ গোন্ধহে বেছি। গীতে-মাতে বসন্তৰ অনুষংগ থকা
ফুলবোৰ ফাগুনতে ফুলি শেষ। মাৰ্চমাহৰ মাজভাগতে আমে মলিয়ায়। ব'হাগত পলাশ ফুলিছে বুলি গান গোৱাৰ মানে নাই। তাঁতৰ
দোৰেপতি সলায় ঘনেপতি- চ'তত। ব'হাগত
নহয়। ব'হাগৰ প্ৰথম দিনটোতে যদি বিহুৱান যাছিবলৈ হয় শালখন
ফাগুন-চ'ততে জুৰিব নালাগিব জানো? ব'হাগতো যদি নাচনিৰ 'মাকো সৰি সৰি পৰে' তেনহ'লে হ'লেই আৰু, সেইগৰাকী শিপিনী কিমানৰ কাজী বুজা গ'ল। ব'হাগতো যদি যদি "ঢেকী দে ঢেকী দে” কৰি থাকে,
চাউল গুৰি হ'ব কেতিয়া, পিঠা
খাব কেতিয়া? সকলো কাম চ'তৰ। ব'হাগৰ নহয়। ব'হাগত কেৱল ফুলি
যোৱা, ফুলি সৰি যোৱা ফুলৰ স্মৃতি ৰোমন্থন। আনহাতে আহিবলগীয়া
বাৰিষাৰ বাবে এটা প্ৰতীক্ষা। এটা ঘটি যোৱা আৰু এটা ঘটিবলগীয়াৰ মাজৰ দুদুল্যমান
অৱস্থাটোৱেই ব'হাগ। এতিয়াহে বুজিছোঁ,
অসমীয়াৰ অত্যাধিক স্মৃতিকাতৰতাৰ বাবেও ব'হাগেই দায়ী।
|
পাহাৰী মিনিয়েচাৰ ছবিত বসন্ত |
পশ্চিমীয়া দেশৰ চাৰিটা ঋতুৰ বিপৰীতে আমাৰ ঋতু ছটা। অলপ ওপৰাউপৰি হ’লেও বছৰৰ
বাৰটা মাহত মোটামুটি দুমাহ দুমাহকৈ ইয়াক ভগাই ল’ব পাৰি। উত্তৰ, পশ্চিম আৰু মধ্যভাৰতীয়
কেলেণ্ডাৰৰ বুজাপৰামতে চ’ত আৰু ব’হাগ মিলি বসন্ত ঋতু। সেই হিচাপেৰে বাৰিষা পৰেগৈ শাওণ-ভাদত
আৰু সেয়েই হিন্দী গায়কে কান্দি গায়- “মেৰে নেইনা শাৱন-ভাদ”। আনহাতে বেংগলী, উড়িয়া,
মৈথিলী আৰু অসমীয়া কেলেণ্ডাৰৰ মতে ফাগুন-চ’ত মিলিহে বসন্ত ঋতু। ব’হাগ-জেঠ আচলতে গ্ৰীষ্ম।
জেঠৰ বাৰখৰ বুলি কথাই আছে, জেঠ যে গৰম তাত দ্বিমত নাই। কিন্তু জেঠ-আহাৰক গ্ৰীষ্ম বুলিবলৈ
টান এইবাবেই যে আহাৰে বৰষুণৰ অনুষংগ সৰ্বত্ৰ ধৰি ৰাখিছে- ‘আহাৰ মাহৰ এদিন’ৰে পৰা। তেন্তে
গ্ৰীষ্ম বুলিবলৈ ব’হাগ-জেঠেই জোৰা পাতিব লাগিব। যিখন কেলেণ্ডাৰকেই মান্য বুলি ভবা নাযাওক
কিয়, কোনোখনতেই ব’হাগত বসন্তৰ আৰম্ভণী ঘটা নাই।
প্ৰতিবছৰে ঋতুৰ আগমন অলপ অগা-পিছা হ’ব পাৰে। জ্যোতিষমতে চলিত বৰ্ষত (২০২১)
বসন্ত ঋতু আৰম্ভ হয় ১৮ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে বিয়লি চাৰি বাজি তেৰ মিনিটত আৰু অন্ত
পৰে ২০ এপ্ৰিল, মংগলবাৰে পূৱা দুই বাজি দুই মিনিটত। মানে আমাৰ সাতবিহুৰ সাতটা দিন বসন্তৰ
শেষৰ দিনকেইটাত কোনোমতেহে লুথুপকৈ সৰি নপৰাকৈ ওলমি থাকিল।
আমি জানো যে বিহু শব্দৰ উৎপত্তিৰ সৈতেই বিষুৱৰেখাৰ এটা সংযোগ আছে। (বিষুৱ
আৰু সূৰ্যৰ অৱস্থান আৰু সংযোগৰ সৈতে বসন্তৰ উদযাপন আৰু নৱবৰ্ষৰ ধাৰণা এই দেশৰ প্ৰায়ভাগ
প্ৰদেশতে যে আছে সেয়ে নহয়, সমগ্ৰ বিশ্বৰেই ভালেখিনি সভ্যতাত এইখিনি সময়ত নৱবৰ্ষৰ ধাৰণা
চলি আহিছে)। এইখিনিতেই আৰু এটা বিষম কথা আছে। কেইহাজাৰমান বছৰৰ আগেয়ে হয়তো এই গণনাপদ্ধতিৰ
আৱিষ্কাৰ হৈছিল য’ত ১৪ এপ্ৰিলৰ দিনা বিষুৱ সংক্ৰান্তি ঘটিছিল। কিন্তু অলপ জনাশুনা ব্যক্তিমাত্ৰেই
এইকথা জানে যে আজিৰ সময়ত বিষুৱসংক্ৰান্তি আচলতে ঘটে মাৰ্চ মাহৰ একৈছ তাৰিখে। ২১ মাৰ্চৰ
পৰা ১৪ এপ্ৰিললৈকে ২৪ দিনৰ ব্যৱধান। তাৰমানে আমি আমাৰ নৱবৰ্ষ তথা বাপোতি সাহোন বিহুটি
আজিলৈ আহি আহি চৌবিছ দিন পিছুৱাইহে পালন কৰি আছোঁ। বিদ্বানসকলে দেখুৱায় যে বৰাহমিহিৰৰ
সময়ৰ বৰ্ষ তথা ঋতুবিন্যাসৰ গণনা আজিৰ দৰে একে নহয়। বৈশ্বিক সময় (Universal Time) অনুযায়ী
২০২১ চনত সূৰ্যৰ অৱস্থান বিষুৱ ৰেখাৰ সমকৌণিক হোৱাৰ আচল সময় ২০ মাৰ্চৰ পূৱা ০৯:৩৭ বজাত,
আৰু চেপ্তেম্বৰৰ ২২ তাৰিখে বিয়লি ০৭:২১ বজাত। হিচাপমতে এই দুটাই আমাৰ বাবে নাতিশীতোষ্ণ
দিন।
বসন্তৰ উৎসৱ আৰু নৱবৰ্ষৰ গণনা আদি ভাৰতবৰ্ষৰ ভালেখিনি ঠাইতে প্ৰায় একেখিনি
সময়তে মিলে। কিন্তু এইবোৰৰ সম্যক ধাৰণা কৰিবলৈ গৈ উজুটি খাবলগীয়া হয় কেইবাটাও কাৰণত।
কিছুমান সমাজে চান্দ্ৰমাহ আৰু আন কিছুমানে সৌৰমাহ অনুসৰণ কৰাৰ ফলত এলানি খেলিমেলিৰ
সন্মুখীন হোৱা যায়। শুক্লপক্ষ-কৃষ্ণপক্ষৰ পষেকীয়া হিচাপেৰে চান্দ্ৰমাহৰ গণনা হয়তো গণনা
হিচাপে সিদ্ধ হ’ব, কিন্তু ঋতুৰ পৰিৱৰ্তন প্ৰত্যক্ষ কাৰকটো সৌৰ-অৱস্থানহে। আনহাতে পৃথিৱীৰ
প্ৰত্যাৱৰ্তনৰ হিচাপত ৩৬৫ দিনৰ লগত দশমিক দুই চাৰি-টো থকাৰ বাবেও কেলেণ্ডাৰৰ হিচাপৰ
আধাৰ দিন বা প্ৰত্যহৰ সাধাৰণ বুজাপৰা আৰু গণিতীয় বুজাপৰাত ব্যৱধান ৰৈ যায়।
|
বসন্তৰ বিষুৱ অৱস্থানৰ সৈতে
সংগতি থকা পাৰ্ছিপোলিছৰ সমক্ষমতাসম্পন্ন ষাঁড়(পৃথিৱী) আৰু সিংহ(সূৰ্য)-ৰ যুদ্ধ, পাৰস্যৰ নৱবৰ্ষৰ প্ৰতীক |
এতিয়া আৰম্ভণীৰ উপশিৰোনামটিলৈ মন কৰক। ব’হাগ বিহু ‘বসন্তোৎসৱ’ হয়নে বুলি
নুসুধি ‘বসন্তৰ উৎসৱ’ হয় নে বুলিহে প্ৰশ্নটো কৰিছোঁ। ইয়াৰ কাৰণ হ’ল বসন্তোৎসৱ বুলিলে
প্ৰাচীন পুথি-পাজিৰে পৰা বিভিন্ন উৎসই দেধাৰ (ধৰ্মীয়, ধৰ্ম-ৰহিত, জনজাতীয়, স্থানীয়)
উৎসৱ-পাৰ্ৱনৰ তথ্য দেখুৱায় যিখিনি ব’হাগ বিহুৰ চৰিত্ৰৰ সৈতে পৃথক। প্ৰকৃতিৰ উদযাপন,
ৰঙৰ বৈচিত্ৰ্য আৰু যৌৱন তথা কামনাৰ সংযোগখিনি আছে। কিন্তু বহুলাৰ্থত হোলী কিম্বা ফাকুৱা
আৰু সেই সময়ৰ অনুৰূপ (ফাগুন মাহৰ শুক্লা পূৰ্ণিমাৰ সময়ৰ) উদযাপনখিনিকহে
বসন্তোৎসৱ বোলা হৈ থাকে।
প্ৰফেছৰ এমেৰিটাছ আৰু মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট লিয়’না এণ্ডাৰছন
(Leona Anderson)ৰ ১৯৮৫ চনৰ ‘প্ৰাচীন আৰু মধ্যযুগৰ সংস্কৃত পাঠৰ আধাৰত ভাৰতীয় বসন্ত
উৎসৱসমূহৰ এটি অধ্যয়ন’ শীৰ্ষক গৱেষণাখন পাছলৈ ১৯৯৪ চনত গ্ৰন্থ আকাৰে প্ৰকাশ পায়-
‘The Vasantotsava: Indian Spring Festival, Texts and Contexts’।
‘কথাসৰিৎসাগৰ’ কিম্বা মধ্যযুগীয় তান্ত্ৰিক শাস্ত্ৰ ‘নিত্যোৎসৱ’ আদিৰ অধ্যয়নে
চ’ত মাহৰ পূৰ্ণিমাৰহে গুৰুত্ব দেখুৱাইছে। “চৈত্ৰপূৰ্ণিমাকৃত্যম অস্যমেৱ পূৰ্ণিমায়ম
ৱসন্তোৎসৱো পি ৱিহিতঃ- নিত্যোৎসৱ”; (চ’ত মাহৰ পুৰ্ণিমা-উৎসৱৰ লগতে বসন্তোৎসৱো পালন
কৰিব লাগে)। বসন্তোৎসৱ কেতিয়া পালন কৰিব লাগে তাকে লৈয়েই ‘ৱসন্তোৎসৱনিৰ্নয়’ নামেৰে
এখন মধ্যযুগৰে পুঁথি আছে।
অৱশ্যে হোলি আৰু বসন্তোৎসৱ সৰ্বত্ৰ একে নহয়। ‘ভাৰতৰ উৎসৱসমূহ’ গ্ৰন্থৰ প্ৰণেতা
বি এন কৃষ্ণমূৰ্তি শৰ্মাই বসন্তোৎসৱ আৰু হোলিক পৃথক কৰিছে। তাৰ সলনি তেওঁ কালিদাসৰ
পঞ্চম শতিকাৰ পাঠ ‘ৰঘুবংশ’ত বৰ্ণিত হোৱা ঋতুৎসৱ, ৰজা ভোজৰ একাদশ শতিকাৰ পাঠ ‘শৃংগাৰমঞ্জৰিকথা’ৰ
মদনৰ যাত্ৰামহোৎসৱ আৰু জিমুতবাহনে বৰ্ণনা কৰা ‘কামমহোৎসৱ’ৰ সৈতেহে বসন্তোৎসৱসমূহক ৰিজায়।
‘কথাসৰিৎসাগৰ’ৰ গৱেষণায়ো হোলি আৰু বসন্তোৎসৱক পৃথক কৰে। বিভিন্ন পাঠৰ আধাৰত ভিন্নজনে
বহুধাবিভক্ত উৎসৱসমূহৰ ঐক-যোগসূত্ৰ বিচাৰিবলৈকো চেষ্টা কৰি থাকে। অতীতৰ তথ্যাদি প্ৰাপ্ত
হ’বৰে পৰা উৎসৱ-পাৰ্ৱনৰ অধ্যয়ন চলি আহিছে আৰু চলি থাকিব। এইখিনি আলোচনা আমাৰ কেন্দ্ৰবিন্দু
নহয়। কেৱল এই কথাই দৰ্শাব খুজিছোঁ যে বসন্ত শব্দটোৰ সৈতে ব’হাগৰ সম্পৰ্ক ওতঃপ্ৰোত নহয়।
বসন্ত যদি ফুল হয়, ব’হাগ সেই ফুলৰ পৰা হোৱা ফলটো বুলিব পাৰি হয়তো।
|
ৰাজা ৰবি বাৰ্মাৰ ‘বাসন্তীকা’ |
একালত ‘চ'তৰ বিহু’ বুলি কথা এষাৰৰ
প্ৰচলন আছিল। যেনেকৈ ‘ৰাতি বিহু’ বুলি
কিবা এটা আছিল। ফাগুনত নহয়, ব'হাগত নহয়,
চ'ততহে প্ৰেম হৈছিল। ফাগুনত মন উৰুঙা উৰুঙা
লাগিছিল। চ'তত পিৰিতিৰ লুকাভাকুখন ঘটিছিল। কটা তামোল নিদিলে
ওফোন্দা ওফোন্দিখন চ'ততে হৈছিল। বিৰহ হৈছিল। প্ৰেমে পক
ধৰিছিল। কথা দিয়া হৈছিল। আৰু সেই কথা দিয়ামতে ব'হাগত পলুৱাই
নিছিল। ঘৰৰ মানুহৰ মত নিমিলিলে অঘৈয়া হুলৰ কথা উঠিছিল, মাজত
থকা সমাজৰ নৈ সাতুৰি পাৰ হোৱাৰ কথা হৈছিল। ঘৰৰ মত থাকিলে- ‘ব'হাগতে পাতি যাওঁ বিয়া’। ব'হাগত যদি প্ৰেম কৰিবলৈ থ'লে বিয়াখন পাতিবগৈ কেতিয়া? ব'হাগ
প্ৰেমৰ নহয়, বিয়াৰ মাহ। ফাগুনত নহয়, ব'হাগত নহয়, চ'ততহে বিহুৰ
মজ্জাখিনি আছে। ব'হাগলৈ যিখিনি ৰ'লগৈ
সেয়া হ'ল ‘হাততে মলঙি যোৱা’ৰ বেথাখিনি।
তথাপি ব’হাগ ব’হাগেই। বসন্ত ধ্বনিটো আমাৰ সিমান আপোন নহয়, ব’হাগ যিমান।
শীত শেষ হৈ গছৰ পাত সৰি ফুল ফুলি জাতিষ্কাৰ হৈ এক ভৰপক সময়ত বিহু পালন কৰোঁ। ফাগুন-চ’তৰ
সমস্ত ধূলিয়ৰি উন্মাদনা, কিংকৰ্তব্যবিমূঢ়তা, ধামখুমীয়া, দ্বিধা-ভয়-সংশয় আঁতৰি এক সুনিশ্চিত
আৰম্ভণীৰ সময়খিনি ব’হাগ। এই ব’হাগ সিদ্ধান্তৰ, প্ৰাপ্তিৰ। সেয়েই ভূপেনদায়ো বাৰে বাৰে
দঢ়াই দঢ়াই উনুকিয়ইছে- “ব’হাগেই বতৰ কিজানি”!
এতিয়া কথা হ’ল, নগৰায়ন আৰু পৰিৱৰ্তিত সময়ৰ প্ৰভাৱত চহা উৎসৱ ব’হাগৰ বিহুৰ
মূল সাতটা দিন সেৰেঙা হৈ আহি আছে। ৰং-ৰহইচেৰে ভৰা বিহু সন্মিলনী নামৰ অনুষ্ঠানবোৰ বিভিন্ন
আৰ্থিক আৰু ব্যৱহাৰিক কাৰণত পিছুৱাই গৈ গৈ গোটেই ব’হাগ মাহটো আগুৰিছে। ব’হাগী-বিদায়
বোলা বস্তুবিধ ঘটোঁতে ঘটোঁতে জেঠৰ শেষ পোৱাৰো উদাহৰণ আছে, হয়তো আষাঢ়ো সোমায়গৈ। এই ব’হাগী-বিদায়
বস্তুবিধ বেয়া। কেউপিনৰ পৰাই সামঞ্জস্য নথকা। বসন্ত বা প্ৰকৃতিৰ কথাখিনি পাতিয়ে আহিছোঁ।
ব’হাগ এটা আৰম্ভণীৰ মাহ বুলি ধৰি লৈ, ব’হাগ এটা কেৱল মাহৰ নাম নহয়- এটা প্ৰতিকী অভিধা
বুলি ধৰিলেও ধাৰণাগতভাবেও ব’হাগক বিদায় জনাব নাপায়। আজিৰ এই আলোচনাখিনিৰ উদেশ্য এই
প্ৰস্তাৱটো উত্থাপন কৰাহে যে- ব’হাগী-বিদায়জাতীয় ধাৰণাখিনিৰ পৰিৱৰ্তে ‘ব’হাগ-আৱাহনী’,
‘ব’হাগ-আমন্ত্ৰণী’ এনেধৰণৰ অনুষ্ঠান কিছুমানহে অধিক যুক্তিসংগত। তাঁতশালখন জুৰক, পিঠা-পনা
কৰক, ৰং-ধেমালি কৰি নাচি বাগি ব’হাগ সোমাওতে দোমাহীৰ পৰা সাতটা দিনলৈ সকলো উদযাপন পাগলৈ
উঠিব আৰু সেইখিনিতেই উৎসৱৰ পৰিসমাপ্তি ঘটিব। তাৰপিছত সকলো কামে-কাজে লাগক। বিহুৰ নামেৰে
নৃত্য-গীতৰ আধুনিক অনুষ্ঠানকেন্দ্ৰিকতা আজিৰ তাৰিখত আৰু পৰিহাৰ কৰিব নোৱাৰি। আমি ভাল
পালেও বেয়া পালেও সময়ৰ সোঁতত এইবোৰে নিজৰ গুৰুত্ব সাব্যস্ত কৰি লৈছে। কিন্তু এই সমস্ত
উদযাপন মাহৰ শেষলৈ ৰাখি আৰম্ভণীৰ মূল দিনকেইটা, সেই সাতটা দিন সেৰেঙা হ’বলৈ দিয়াতকৈ,
সেই আচল ভৰপক সময়খিনিকেই আৰু বেছি মুখৰ কৰি তোলাটোহে যুগুত।
সমুদ্র
কাজল শইকীয়া
Address for communication:
Samudra Kajal Saikia, A-41, Takshshila
Apartments,
I.P. Extentions, Patparganj, New Delhi-110092
email: kankhowa@gmail.com, mobile: +91 9811375594
No comments:
Post a Comment