["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২ মে', ২০২১]
ট্ৰেণ্ডিং (Trending) আৰু (Cliché)-ৰ মাজত পাৰ্থক্য আছে। সমসাময়িক সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰৰ কালত টেণ্ডিং প্ৰায় অপৰিহাৰ্য যেন লাগিলেও ই এক প্ৰাচীন প্ৰপঞ্চ। কোনোবাই কিবা এটা কৰা দেখি আন সকলেও একেটা কামকে কৰাৰ প্ৰৱণতা মানুহৰ সহাজাত প্ৰবৃত্তি। ইয়াক গড্ডালিকা প্ৰৱাহ বুলিয়ে কওক বা ‘দেখাক দেখি কুকুৰে কৰে একাদশী’ বুলিয়ে উপলুঙা কৰক, ই সামাজিক প্ৰাণী মানুহৰ মাজত সদায়েই থাকিব। এই প্ৰবৃত্তিৰ আঁৰৰ কাৰক কেইবাটাও থাকিব পাৰে আৰু ইয়াৰ লক্ষণ বা প্ৰকাৰো বহুত। গাঁৱৰ এঘৰ মানুহে মানিপ্লেণ্ট লগোৱা দেখি সকলোৱে লগোৱা, একালত কোনোবাই পিচিঅ’ বা ব্ৰইলাৰ ফাৰ্ম খোলা দেখি সকলোৱে তাকে কৰিবলৈ যোৱা- এইবোৰো ট্ৰেণ্ডিঙৰে চিন। কিছুমান ট্ৰেণ্ডিঙত বিশেষ চিন্তা-ভাবনা নাথাকে, কিন্তু কিছুমান সুচিন্তিত হয়। কোনোবাই গান এটাৰ নৃত্য প্ৰচাৰ কৰিলে তাকে দেখি- আমিও কৰি চাওঁচোন বুলি আন বহুতে কৰিবই পাৰে। আন বহুতে কৰি থকা কামটোত আমিনো কেনেকৈ ষ্টেণ্ড-আউট কৰোঁ বা জাকত-জিলিকা হৈ থাকিব পাৰোঁ বুলি কোনোবাই অহোপুৰুষাৰ্থ কৰিব পাৰে, কৰে। কিন্তু সেয়া সকলোৰে মনোবৃত্তি নহ’বও পাৰে। বহুতৰ বাবে হয়তো সকলোৱে কৰিছে দেখি আমিও কৰিছোঁ- আৰু কথাটো এইখিনিতেই শেষ। আগদিনা কিবা এটা কৰি উঠি পিছদিনা পাহৰিবও পাৰে। সেই হিচাপেৰে ট্ৰেণ্ডিং নিষ্পাপ আৰু সৰল।
ট্ৰেণ্ডিং ভাইৰাছৰ দৰে, তৎক্ষণাত বিয়পি পৰে। ট্ৰেণ্ডিঙৰ মোহ যেনেকৈ বিয়পে, সমান্তৰালভাবে ইয়াৰ বিৰুদ্ধাচৰণো বিয়পে। প্ৰচলিত এটা অভাসৰ প্ৰতি আগ্ৰহটো যেনে সত্য, তেনেকৈয়ে যিকোনো কথাই জনপ্ৰিয় হোৱাৰ লগে লগে তাৰ প্ৰতি অনীহাই গা কৰি উঠাটোও মানুহৰ এটা সাধাৰণ দস্তুৰ। আমাৰো এনে হৈছে, বা হয়। সকলোৱে একেমুখে অমুক উপন্যাসখন ভাল বুলি শলাগিলে দুটা কথা হ’ব পাৰে। হয়তো সকলোৱে ভাল বুলিছে যেতিয়া ময়ো পঢ়িবই লাগিব বুলি হয়তো খেদি কুৰি গৈ পঢ়িম। যেন এতিয়াই পঢ়িবই লাগিব, নপঢ়িলেই জীৱন অসাৰ্থক। আনটো কথা এনেকুৱাও হ’ব পাৰে যে সকলোৱে ভাল বুলিলে বিৰক্ত হৈ সকলোৱে পঢ়িছে পঢ়ক, মই নপঢ়োঁচোন- বুলি হাততে পায়ো হয়তো সেইখন নপঢ়াকৈ থাকিলোঁ। ট্ৰেণ্ডিঙৰ প্ৰতি অনুৰাগ আৰু অনাসক্তিয়ে এনেকৈয়ে ইলুটি সিলুটিকৈ ক্ৰিয়া কৰি গৈ থাকে।
দেৰীয়ে হ’ল
এতিয়া ব’হাগ মাহ, বিহুৰ উদাহৰণেই লোৱা যাওক। বিহু অসমৰ লোকসংস্কৃতিৰ অংগ বুলি ক’লেও আজিৰ বিহুৰ যি প্ৰপঞ্চ সেয়া বহুলাংশে জন সংস্কৃতি বা গণ সংস্কৃতি বা পপুলাৰ কালচাৰৰহে অংশ। বিহুক পপুলাৰ কালচাৰৰ অংশ বুলি বিহু সম্পৰ্কীয় আলোচনা-বিলোচনা তেনেকৈ চকুত নপৰে। ‘বিহু আৰু ইউটিউব’- এটা আলোচনাৰ কেন্দ্ৰীয় বিষয় কিয় হ’ব নোৱাৰে? বিহু বিৰাট, বৃহৎ আৰু বিস্তৰ। বিহু বুলিলেই দীঘলতি-মাখিয়তিৰ অনুষংগৰে পৰা দেধাৰ লোকাচাৰেৰে পৰিপূৰ্ণ এক উৎসৱ। লগতে ঠাই বিশেষে প্ৰচলিত উৎসৱসমূহ আৰু বিভিন্ন জনগোষ্ঠীয় পৰম্পৰা একত্ৰে সামৰি বিহুক আমি বুজোঁ। কিন্তু কথা পাতিবৰ বেলা কেৱল লোকাচাৰ সম্পৰ্কীয় কথাখিনি পাতি থাকি ব্যৱহাৰিক দিশেৰে অন্য কিছুমান উপাদানৰ সৈতেহে জড়িত হৈ থকাটো শুভ লক্ষণ নহয়। বিহু বুলি ৰচনা লিখিবৰ সময়ত বিহুমেলা নামৰ আজৱ ‘ফাংচন’, আলোচনী আৰু কেলেণ্ডাৰ তথা বিজ্ঞাপনত চৌদিশে ধৰা দিয়া জাপি, মহৰ শিঙৰ পেঁপা আৰু কপৌফুলৰ ফটোগ্ৰাফ আদিক কাষৰীয়া কৰি ৰখাটো সমীচিন নহয়। ইয়াত বিহুৰ উৎপত্তি বখানিবলৈ নাযাওঁ। কিন্তু এই কথা স্পষ্ট কৰি দিব খোজোঁ যে বিহু বুলিলে আজি যি উৎযাপিত হৈ থাকে সেইবোৰে আচলতেই পপুলাৰ কালচাৰকহে নিৰ্দেশ কৰে। কোনোবা একালত কোনোবাই মঞ্চবিহুৰ আয়োজন কৰিলে। ইগাঁৱক দেখি সিগাঁৱে আৰম্ভ কৰিলে একেধৰণৰ মঞ্চবিহু। একেখন গাঁৱতে কেইবাখনো মঞ্চবিহুৰো আয়োজন হ’ল। বিহুৱতীয়ে অমুক তমুক ‘কুইজ’ জানিব লাগিব, নাচোনৰ মাজতে এবাৰ হ’লেও গগণা বাব লাগিব- এনেধৰণৰ হাজাৰটা বিধান ওলাল। এই সমস্ত বিধান আচলতে ট্ৰেণ্ড হিচাপেই আমাৰ অভ্যাসলৈ আহিছিল। ‘নৃত্যত ফ্ৰণ্টেলিটী’ শীৰোনামেৰে আমি আগৰ এক লেখাত দৰ্শাইছিলোঁ কেনেকৈ প্ৰচেনিয়াম মঞ্চৰ অদৃশ্য চতুৰ্থখন দেৱালৰ তাগিদা অনুসৰী আৰু ফটোগ্ৰাফীৰ বাবে ৰৈ থকা কেমেৰাৰ একক দ্ৰষ্টাৰ অৱস্থানৰ তাগিদাত নৃত্য বা যিকোনো পৰিৱেশন ঐক-মুখী হ’বলৈ বাধ্য হয়। প্ৰাণৰ তাগিদাত উন্মাদনাৰে ঘূৰি ঘূৰি নচা বিহু-নৃত্যত এই ফ্ৰণ্টেলিটীৰ ধাৰণা থকাৰ কথাই নাছিল। কিন্তু সেয়ে নহ’লে আলোচনীৰ বেটুপাতত কেনেকুৱা ফটো দিয়া হ’ব? শাৰীপাতি মঞ্চলৈ ওলাই আহি, শৃংখলাবদ্ধভাৱে সংযত ৰূপত বিহু নাচি, মঞ্চৰ স্পেচ-মেনেজমেণ্ট বা স্পেচ-ডিষ্ট্ৰিবিউচনৰ সাধাৰণ চৰ্তখিনি মানি চলি (যেনে ধেনুভেৰীয়াকৈ, বা ইংৰাজী V আখৰটোৰ দৰে বিন্যাস প্ৰস্তুত কৰি) বিহু নচাৰ ট্ৰেণ্ডখিনিত আমি ইমানেই অব্যস্ত হৈ পৰিলোঁ যে এতিয়া মুকলিবিহুতো – য’ত দৰ্শক সকলোফালে আছে দলসমূহে একেধৰণৰ ফ্ৰণ্টেলিটী পালন কৰিহে নাচিবলৈ ল’লে। দৰ্শক চাৰিওফালে থাকিলেও এতিয়া বিহুৱা দলৰ ইপ্সিত কাল্পনিক দ্ৰষ্টা এটা বিশেষ দিশতেহে থাকে আৰু সেই দৰ্শকৰ বাবেই বিহু পৰিৱেশিত হয়। (নক’লেও হ’ব, সেই ইপ্সিত দিশটো হ’ল বিচাৰক বহি থকা দিশটো)! এয়া সেইকালৰ এক ট্ৰেণ্ডিং বুলি ধৰি লৈ ট্ৰেণ্ডিঙৰ দস্তুৰ অনুযায়ী সেইবোৰ এটা সময়ত শেষ হৈ গ’লেই হয়তো ভাল আছিল। কিন্তু সেয়া নঘটিল, আৰু এতিয়ালৈ সেই আশাও সুদূৰ পৰাহত। মঞ্চৰ মাইক্ৰ’ফ’ন আৰু ষ্টুডিঅ’ৰ বন্ধ কোঠালিত বিহু জুৰি অভ্যস্ত কণ্ঠবোৰে এতিয়ালৈ খোলা কণ্ঠেৰে নাম ল’ব নোৱৰাত পৰিল। কৃষিপ্ৰধান উৎসৱ বুলি এতিয়া কেৱল ৰচনাতহে লিখা হয়। জনপ্ৰিয় সংস্কৃতিয়ে লোকায়ত সংস্কৃতিক গ্ৰাস কৰি পেলোৱাৰ ইয়াতকৈ ভাল উদাহৰণ আৰু নাই।
ট্ৰেণ্ডিং ক্ষণস্থায়ী বুলি কওঁতেই এই কথাটোও সোমাই আছিল যে টেণ্ডিঙে দীৰ্ঘম্যাদী চৰ্চাৰ প্ৰতি উদ্বুদ্ধ নকৰায়। আন নহ’লেও অন্ততঃ এইটো কাৰণতেই ট্ৰেণ্ডিঙক সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰমূলত স্থান দিবলৈ অসুবিধা। অমুকৰ ঘৰৰ ল’ৰাজনে ভালকৈ ঢোল বজায় বুলি খবৰ পাই তমুকৰ ঘৰৰ ল’ৰাজনকো ঢোলবাদনৰ কৰ্মশালাত নাম লগাই দিয়াতেই ট্ৰেণ্ডিঙৰ সমস্ত উত্তেজনা শেষ হয়। ট্ৰেণ্ডিং বেয়া বুলি ৰায় দি বহি থকাটোও উচিত নহয়। ট্ৰেণ্ডিং হিচাপে আহি নিগাজীকৈ বহি লোৱা কিছুমান ভাল দিশো থাকিব, কিছুমান অপৰিহাৰ্যতাও নিশ্চয় থাকিব। আমি ব্যক্তিগতভাবে নামানো, কিন্তু আন বহুতে মানিবৰ দৰে যিকোনো সাংস্কৃতিক অনুষ্ঠান মানেই মাইক্ৰ’ফ’নৰ ব্যৱহাৰে তেনে এটা অপৰিহাৰ্যতাক সূচায়। যদি মাইক্ৰ’ফ’নৰ ব্যৱহাৰ অপৰিহাৰ্যই হয়, তেন্তে মাইক্ৰ’ফ’নৰ ব্যৱহাৰ সম্পৰ্কীয় জ্ঞান, চৰ্চা আৰু প্ৰশিক্ষণৰ অভাৱ কিয়? এই যে দুপাকমান বিহু নাচি নাচনী বা ঢুলীয়া মাইক্ৰ’ফ’নৰ আগলৈ আহি নেথাই ফোঁপাই যোজনা এফাঁকি গায়, মাতটো মাইকত এফালে যায়, বাকী সংগত কৰাসকলৰ মাত আন এফালে যায়- এইটো এটা সমস্যা হয় নে নহয়? ঢোলৰ bass মাতটো তল পেলাই খুটিতালৰ treble-খিনিয়ে যে কাণত তাল-ফাল লগাই দিয়ে সেইবোৰৰ সমাধানৰ বাবে আৰু কিমান কাল ৰ’ব লাগিব? ট্ৰেণ্ডিঙে এইবোৰ সমস্যাৰ সমাধানৰ বাবে আমাক উদ্বুদ্ধ নকৰে, কাৰণ আনে কৰিছে গতিকে আমিও কৰিম- এইখিনিতে আৰম্ভ হৈ এইখিনিতেই ট্ৰেণ্ডিঙৰ উদ্দেশ্য-বিধেয় শেষ হৈ থাকে।
এইখিনিতে আমাৰ ধৰ্ম-সংকট আৰম্ভ হয়। লোকসংস্কৃতি পাৰবন্ধা পুখুৰী নহয়, প্ৰবাহমান নদীৰ দৰে। লোক বা লোকায়ত বোলাৰ লগে লগেও তাক প্ৰবাহমানতাৰ দিশেৰেই বুজিব লাগিব। সেয়েহে গ্ৰামীন চহা লোকসংস্কৃতিৰ কথা পতাৰ লগে লগে নাগৰিক-লোকাচাৰৰ কথাও পাতিব লাগিব। শ শ বছৰ ধৰি গাঁও এখনৰ চৰিত্ৰ একে হৈ থাকিব বুলি কোনো কথা নাই। কিন্তু পৰিৱৰ্তনখিনি কোন দিশে আগবাঢ়িছে সেই বিচাৰৰ বাট এটাও খোলা থাকিব লাগে। কেৱল ট্ৰেণ্ডিঙৰ হাত ধৰি পৰিৱৰ্তন নাহে, আহিলেও সেয়া সদায়ে সঠিক দিশত ঘটিব বুলি ক’ব নোৱাৰি। কাৰণ, ট্ৰেণ্ডিঙে কেৱল নিজেই নিজকে উদযাপন কৰে। দ্বিতীয়তে, ট্ৰেণ্ডিং সদায়ে মূলৰ উপসৰ্গৰ দৰে। গান এটাৰ ট্ৰেণ্ডিং চলি আছে মানে আমি জানো কিবা মূল গান এটা আছে। ট্ৰেণ্ডিং বিয়পি যোৱা পানীৰ তৰংগৰাশিৰ দৰেহে। এই ট্ৰেণ্ডিঙকে মূল বুলি ধৰিবলৈ হ’লে আমাৰ সাংস্কৃতিক অভ্যাসৰ খোপনিটো ক’ত সেই প্ৰশ্নটো উঠিব। উঠিছেই ইতিমধ্যে। দেৰীয়েই হ’ল।
সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia, A-41, Takshshila Apartments,
I.P. Extentions, Patparganj, New Delhi-110092
email: kankhowa@gmail.com, mobile: +91 9811375594
No comments:
Post a Comment