ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, June 18, 2021

পেখু পেখু (চৌসত্তৰ) : অনুবাদকৰ পাগুলন- প্ৰসংগ : প্ৰাসংগিক : প্ৰাসংগিকীকৰণ

  ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৩০ মে', ২০২১]

ধৰাহওক, মোহন আৰু ঘৈণীয়েক কুসুমৰ কাহিনী এটা। মোহনে কণীৰ কুহুম খাই ভাল পায়। সেয়ে গল্পটোৰ এটা বাক্য এনে- “মোহনে ঘৈণীয়েক কুসুমক মৰমতে কুহুম বুলি মাতে”। এই বাক্যটোৰ সঠিক অনুবাদ কেনেকৈ কৰা যাব? ধৰাহওক ইংৰাজীলে এনেকৈ কৰা হ’ল- Mohan adorably calls his wife Kusum as Kuhum, আৰু বাংলাত কৰোঁতে হ’লগৈ- মোহন তাৰ বউ কুসুমকে আদৰ কৰে কুহুম বলে ডাকে। কোনোবাই নিশ্চয় অন্য প্ৰকাৰেও বাক্যটোৰ গঢ়-গতি নিৰ্ণয় কৰিব পাৰিব ভাষাৰ দখল অনুযায়ী। কিন্তু এইখিনিতে অলপমান মূলগত সমস্যা ৰৈ যায় যাৰ সমাধান দুৰূহ। “ক-ই খ-ক খ বুলি নামাতি গ বুলি মাতে” বুলি সৰলীকৃত বুজাপৰা এটা ইয়াত হ’ল। কিন্তু মূল বাক্যটোৰ অন্তৰালত সোমাই থকা ৰূপগত (ভাষিক, ধ্বনিগত), আৰু বিষয়গত (আনুষংগিক) তৰপবোৰ নোহোৱা হৈ বাক্যটোৱে নিজৰ মাত্ৰা হেৰুৱালে। 

কুসুম নামটোৱেই এটা আদৰৰ নাম, ফুল-কুসুমৰ পৰাই নামটো হৈছে। কিন্তু মোহনে যিহেতু কণীৰ কুসুমটো ভাল পায় সেই অৰ্থেৰেহে ঘৈণীয়েকৰ নামটো ৰাখিছে। ইয়াত মানুহৰ নামৰ সৈতে শব্দৰ অৰ্থৰ এটা মাত্ৰা আছে। কিন্তু নামবাচক বিশেষ্য বা প্ৰপাৰ নাউন হিচাপে অনুবাদৰ কালত ইয়াক আপুনি সলনি কৰিব পাৰিব নে নোৱাৰে? 

অসমীয়া ‘স’ ধ্বনি অঞ্চলভেদে আৰু আনকি ব্যক্তিভেদেও ভিন্ন। অসমীয়া ‘স’ উচ্চাৰণ বাহিৰৰ মানুহে সহজে কৰিব নোৱাৰে বুলি কৈ থকা হয় যদিও স-টোক হ, খ এনেধৰণেৰে কোৱা মানুহ আমাৰ মাজতে অনেক আছে। সেয়েহে উচ্চাৰণৰ দিশেৰে কুসুম আৰু কুহুম অসমীয়া এজনৰ ধাৰণাৰে যিমান ওচৰ-চপা, ইংৰাজীভাষী এজনৰ বাবে সিমান নিকট নহ’বও পাৰে। তাতোকৈ ডাঙৰ কথা, ভাষিক পৰম্পৰা আৰু অভ্যাসৰ প্ৰসংগটো ইয়াত বৰ্তাই ৰখা টান। ইংৰাজী অনুবাদেই নহয়, বাংলা চুবুৰীয়া ভাষা বুলিলেও লাভ নাই, বাংলা উচ্চাৰণতো কুসুম-কুহুমৰ সংযোগ দূৰণিবটীয়াই হ’ব। 

এনেকুৱাত এটা সমাধানৰ বাট আছে, কিন্তু কষ্টকৰ আৰু বিপদসংকুল। যদিহে এইটো বাক্য গল্পটোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ আৰু আন ঠাইত চৰিত্ৰটোৰ নামটোক লৈ বিশেষ সমস্যা নাই, তেনেহ’লে আৰম্ভণীৰে পৰাই অনুবাদকে অলপ স্বাধীনতা লৈ এই বাক্যটোৰ ধ্বনি আৰু অৰ্থৰ প্ৰসংগখিনি বাহাল ৰাখিব পৰাকৈ চৰিত্ৰটোৰ নতুন নাম এটা চয়ন কৰি ল’ব পাৰে। এইটো অভিযোজনাৰ বাট, কিন্তু সময়ত সেয়েই ফলপ্ৰসু। সহজতে পোৱা অনুবাদ হিচাপে হেমলেটৰ নাম হেমেন্দ্ৰজিৎ বা হাইদৰ, মেকবেথৰ নাম মকবুল, অ’থেলোৰ নাম ঔমকাৰ হৈছে। আনহাতে ‘শ্বিচকিন মই আৰু বহুতো’ পঢ়োঁতে শ্বিচকিনৰ নাম শ্বিচকিনেই হৈ ৰৈছে। এই অভিযোজনাৰ বাট কষ্টকৰ আৰু বিপদসংকুল কিয় বুলিছোঁ বুজিবলৈ টান নহয়। পৰিশেষত অনুবাদটো মূলৰ কিমান ‘ওচৰ চপা’ হ’ল, নে ‘ফালৰি কাটি যোৱা’হে হ’ল তাৰ এটা সন্দেহ ৰৈ যায়, আৰু মূল ভাষাৰ পৰিৱেশ-পৰিস্থিতিৰ সৈতে নতুন ৰূপৰ প্ৰসংগ-অধ্যয়নেও বাৰম্বাৰ পুনৰীক্ষণৰ দাবী এইখিনিতে উঠিব।

 প্ৰসংগতঃ, এইখিনিতে অনুবাদকৰ্মৰ পাঠকসত্বাৰ বুজ লোৱাটোও প্ৰয়োজন। পাঠক মানেই ধানে প্ৰতি কণটো। “অ’ভাৰকোটটো পিন্ধি খ্ৰিষ্টোফাৰ ৰাস্তালৈ ওলাই আহোঁতেই গুৰিগুৰিকৈ বৰফ পৰিবলৈ আৰম্ভ কৰিছিল” বাক্যটোত পৰিৱেশ আৰু দেশ-কালৰ ধাৰণাৰে পুষ্ট পাঠক এজনে খ্ৰিষ্টোফাৰৰ নামটো কৃষ্ণকান্ত বুলি পঢ়িবলৈ অমান্তি হ’বও পাৰে। পশ্চিমীয়া দেশ এখনৰ সম্পূৰ্ণ পৃথক পৰিৱেশ এটাৰ বৰ্ণনাত, য’ত গোটেইবোৰ উপাদানেই সেইদেশৰ, তাৰ মাজত আকৌ এই দেশৰ নাম এটা খাপ নাখাব। কেৱল খাপ খুৱাবৰ বাবেই এটা এটাকৈ সকলো সমল সলনি কৰি গৈ থাকিলে সেই আৰু মূল গল্পটো হৈ নাথাকি তাৰ ‘ছাঁ’ লৈ লিখা আন এটাহে গল্প হ’বগৈ। এইখিনি সমস্যা গুৰুতৰ।     

দ্বিতীয়টো বাট, কেতিয়াবা কামত আহিব পাৰে। মূল গল্পৰ এটা বাক্য, ভাষাৰ তাগিদা অনুযায়ী দ্বিতীয় ধাই ভাষাত দুটা বাক্য হ’বগৈয়ো পাৰে। দক্ষ অনুবাদকে বিচক্ষণতাৰে বুদ্ধি কৰি মূলৰ ব্যাখ্যা মূল পাঠৰ ভিতৰতে ৰাখি যাব পাৰে। কিন্তু ইয়াত কেতিয়াবা কেৰেলাতকৈ গুটি দীঘল হোৱাৰ ভয় থাকি যায়। অনুদিত ৰূপ অধিক দীঘল হৈ গ’লে মূল লেখাৰ আটিল গাঁঠনি শিথিল হৈ পৰিব। তাতোকৈ ভয়ৰ কথা, সঠিক ভাবে এই ব্যাখ্যাৰ কাম নহ’লে গল্পৰ দৰে এটা সৃজনীশীল ৰূপো গৈ থৈ পাঠসমীক্ষাৰ দৰে কিবা এটাহে হৈ পৰিবগৈ। 

সেয়েহে তৃতীয়টো উজু বাটেই বহুসময়ত কামত আহে। পাদটীকাৰ প্ৰয়োগ। যিকোনো অনুবাদকৰ্ম পঢ়িবলৈ ল’লেই প্ৰথমেই শেষৰ ফালে চকু ফুৰাই লোৱাটো আমাৰ অভ্যাস। গল্প এটা অনুবাদ কৰি উঠি তাৰ প্ৰাসংগিক তথ্য টীকা হিচাপে উল্লেখ কৰি থ’লেই এইখিনি সমস্যাৰ সমাধান হয়। আগ্ৰহী বা অনুসন্ধিৎসুজনে নিজৰ প্ৰয়োজনীয়খিনি নিজেই জোৰাই ল’বগৈ। বৰিছ পেষ্টাৰনাকৰ ৰাছিয়ান কবিতা ‘হেমলেট’ অনুদিত ৰূপত পঢ়োঁতে বাক্য এটা পালোঁ- “জীৱন এটা যাপন কৰাটো পথাৰ এখন পাৰ কৰাৰ দৰে সহজ নহয়”। শেষত উল্লেখ এটা পালোঁ- এয়া হেনো এক ৰাছিয়ান প্ৰবচন। এয়ে উজু বাট। এই উজু বাটটোকো আকোঁৱালি লোৱা অনুবাদক দেখিবলৈ পোৱা নাযায়। 

অনুবাদ বুলিয়েই নহয়, বহুসময়ত মূল লেখাৰ সৈতেও পাদটীকাৰ গুৰুত্ব থাকে। অৱশ্যে কিছুক্ষেত্ৰত মূল লেখাৰ লেখকে ইচ্ছাকৃতভাবেই ইয়াক পৰিহাৰ কৰিব পাৰে। বিশেষকৈ কবিসকল এই ক্ষেত্ৰত মহা চতুৰ। কিছুমান প্ৰসংগৰ ইংগিত তেওঁলোকে মূল কৰ্মৰ মাজতেই দিওঁ নিদিওঁকৈ দি পাঠকক নিজে ভাবিবলৈ অথবা নিজে ডিটেক্টিভ-এজেণ্টৰ দৰে ‘ক্লু’-ৰ আঁত ধৰি অনুসন্ধান কৰি উলিয়াবলৈ এৰি থৈ দিয়ে।       

 


*

কিতাপৰ এখনৰ কেৱল নামটোৰ অনুবাদৰ সময়তে বহুতো প্ৰশ্নৰ সন্মুখীন হ’বলগা হয়। হোমেন বৰগোহাঞিদেৱৰ বহুলপঠিত ‘সাউদৰ পুতেকে নাও মেলি যায়’ কিতাপখনৰ বাংলা অনুবাদ হৈছে, ‘সওদাগরের পুত্র নৌকা বেয়ে যায়’ নামেৰে (অনুবাদ- বাসুদেব দাস)। তেনেহ’লে, ‘হালধীয়া চৰায়ে বাও ধান খায়’-ৰ অনুবাদ কি হ’ব? এই দ্বিতীয়খনৰ আধাৰত কৰা একে নামৰ জাহ্নু বৰুৱাৰ অসমীয়া চিনেমাখন চাবলৈ সৰু সৰু পুতেকহঁতক লৈ যাওঁতে এজন দেউতাকে কৈছিল- “চিনেমাখনৰ নামটো শুনি ইয়াত আকৌ ঢেৰ হালধীয়া চৰাই আহি বাওধান খাই থকাৰ দৃশ্য নেদেখিবও পাৰ দেই!” এজন দেউতাকৰ ফালৰ পৰা দ্ৰষ্টাসত্বা নিৰ্মাণৰ সেয়ে আছিল প্ৰয়াস। ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত সেইখন চিনেমাৰ ইংৰাজী চাবটাইটেলটো ‘The Catastrophe’ আছিল। ‘সাউদৰ পুতেকে নাও মেলি যায়’ কিতাপখনত সাউদৰ পুতেকো নাই সেই পুতেকে নাও মেলি বণিজলৈকো যোৱা নাই, ইয়াত নামটোৰ প্ৰয়োগ বহুব্ৰীহিৰ দৰে, আক্ষৰিক অৰ্থতকৈ তাৰ প্ৰাসংগিক সংযোগখিনিহে জৰুৰী। এটা স্বতন্ত্ৰ শব্দৰ ৰূপত বহুব্ৰীহি-ক আমি সঘনে লগ নাপাওঁ। বাংলা ভাষাত ‘বহুব্ৰীহি’ নামেৰে হুমায়ূ আহমেদৰ এখন আৰু অসমীয়া ভাষাত ফুল গোস্বামীৰ এখন একে নামৰ উপন্যাসৰ কথা জানিব পাৰিলোঁ। অন্যত্ৰ সততে ‘বহুব্ৰীহি সমাস’ বুলিয়ে পাই আহিছোঁ। মানেটোও সকলোৱে জানে, এনে সমাস যি আক্ষৰিক অৰ্থৰ পৰিৱৰ্তে অন্য কাৰোবাকহে সূচায়, যেনে নীলকণ্ঠ, পীতাম্বৰ আদি। পীত (হালধীয়া) আছে বস্ত্ৰ যাৰ সেয়ে পীতাম্বৰ, পিছে আপুনি হালধীয়া ধূতি এখন পিন্ধি ফুৰিলে আপোনাক পীতাম্বৰ নোবোলোঁ, কৃষ্ণকহে বুলিম। নীলকণ্ঠ মানে কি বুলি সুধিলে, ‘কণ্ঠ নীলা যাৰ’ বুলিলে যেনেকৈ শুদ্ধ, ‘নীলকণ্ঠ মহাদেৱৰ এটা নাম’ বুলি উত্তৰ দিলেও তেনেকৈয়ে শুদ্ধ। দুটা বা একাধিক ব্যাখ্যা একেসময়তে শুদ্ধ হ’বই পাৰে। এতিয়া লেখক, পাঠক কিম্বা অনুবাদকৰ অৱস্থানে নিৰূপিত কৰিব কোনটো অৰ্থক গ্ৰহণ কৰিব, আৰু কোনটো অৰ্থক গ্ৰহণ কৰিলে প্ৰাসংগিক যৌক্তিক আধাৰখিনি বেছিকৈ সাব্যস্ত হ’ব। বহুব্ৰীহি সমাস ব্যতিৰেকে বহুব্ৰীহি শব্দৰ অৰ্থও হেমকোষত নাই, ব্ৰীহি মানেনো কি সেয়াও নাই। সংসদ বাঙ্গালা অভিধান মতে ব্ৰীহি সংস্কৃত মূলৰ শব্দ, মানে ধান (ব্ৰীহি- বি. আশুধান্য, ধান্য। [সং.])সেয়ে বহুব্ৰীহি ‘বহুধান্যাদিসম্পন্ন’, বহু ধান থকা ব্যক্তি। আক্ষৰিক অৰ্থেৰে বহুব্ৰীহিয়ে বহুত ধান বুজাব লাগিছিল, কিন্তু ই বুজাইছে বহুত ধান থকা ব্যক্তিকহে। সেই ফালৰ পৰা বহুব্ৰীহি এটা স্বতন্ত্ৰ শব্দ হিচাপে নিজেই এটা বহুব্ৰীহি সমাসৰ উদাহৰণ। কেতিয়াবা কিছুমান আলংকাৰিক প্ৰয়োগ বুজাবলৈ পূৰ্বাপৰস্থিত অলংকাৰ সমূহে আমাক সন্তুষ্ট নকৰিবও পাৰে। ৰূপক তেনে এটা অলংকাৰ। ৰূপকেই হয়, কিন্তু ঠিক ৰূপক বোলা নাযায়, এনে দোধোৰ মোধোৰ অৱস্থাত আগতে কিছু ঠাইত ‘বহুব্ৰীহি সমাস’ শব্দযুগলৰপৰা মোকোলাই আনি বহুব্ৰীহিক নিজে নিজৰ ভৰিত ঠিয় দিবলৈ দিছিলোঁ।           

সি যি কি নহওক, ‘সাউদৰ পুতেকে নাও মেলি যায়’ নামটোৰ অনুষংগত সমল হিচাপে ৰৈছে এফাকি প্ৰচলিত ওমলা গীত। বিষ্ণু প্ৰসাদ ৰাভাৰ এটি গীততো আছে কথাংশ। অসমীয়া শৈশৱ-কৈশোৰৰ অতি পৰিচিত কল্পনাতুৰ ধ্বনিবিন্যাস। এতিয়া ইয়াক হুবহু ৰূপতে বাংলালৈ অনুবাদ কৰি দিওঁতে তাত বাংলাভাষী ব্যক্তি এজনৰ বাবেই সেই অনুষংগ ৰ’লনে? যদি ৰ’ল তেতিয়াহ’লে একো কথা নাছিল। (লোকসাহিত্যৰ পৰা আহৰিত বাক্যৰ হুবহু বা আক্ষৰিক অনুবাদ হ’লেও ‘সওদাগরের পুত্র নহৈ ‘সওদাগরের ছেলে’ অধিক গ্ৰহণীয় হ’লহেতেন। ‘বেদেমেয়ে জ্যোৎস্না’ত মেয়েৰ ঠাইত পুত্ৰী, তনয়া, কন্যা বহুৱাই কল্পনা কৰিবলৈকো অখজা লাগে)। কিন্তু যদিহে অনুষংগ নৰ’ল, কি কাৰণত কি ভাবি কিতাপখনৰ (উপন্যাসখনৰ) নাম তেনেকৈ ৰখা হৈছিল, অনুবাদত উদ্দেশ্যটোৱেই সিদ্ধ নহ’ল দেখোন। ইয়াৰ বিপৰীতে আকৌ নৱকান্ত বৰুৱাৰ ‘শিয়ালী পালেগৈ ৰতনপুৰ’ৰ কথা মনত পেলাওঁ, সেইখনৰ অনুবাদত তাৰ নামটো আক্ষৰিক অনুবাদ হ’লে তাত আমৰ এইখিনি প্ৰশ্ন নুঠিব। এয়াও এটা লোকসাহিত্যৰ পৰা আহৰিত সমলৰ ব্যৱহাৰ। কিন্তু ইয়াত ই ৰূপক-মাত্ৰ হৈ অৱস্থান কৰা নাই, বা বহুব্ৰীহিৰ চৰিত্ৰ গ্ৰহণ কৰা নাই। এনে কাৰণতেই অজিৎ বৰুৱাই তেওঁৰ নিজৰ কবিতাৰ (মনকুঁৱলী সময়) মাজত সোমাই থকা “এদিনাখন এটা ঢেকুৰা কুকুৰে মুখত মঙহ লৈ” বাক্যষাৰৰ (যিটো আছিল আন এটা দূৰ্গাধৰ বৰকটকী সংকলিত স্কুলীয়া পাঠ্যপুথি থকা পদ্যৰ অনুৰনন) হেম বৰুৱাদেৱে One day, a dog with a bit of flesh in its mouth বুলি কৰা ইংৰাজী অনুবাদৰ আপত্তি কৰি নিজে অনুবাদৰ উদাহৰণ এটা দেখুৱাবলৈ গৈ সেই ঠাইত Twinkle twinkle little star বুলি লিখিছিল। আন একোৰে গম নোলোৱাকৈ “এদিনাখন এটা ঢেকুৰা কুকুৰে মুখত মঙহ লৈ”-ৰ ঠাইত Twinkle twinkle little star আকৌ ক’ৰ পৰা কেনেকৈ আহিল যেন লাগিব। কিন্তু তাৰ বিপৰীতে ল’ৰালিৰ পদ্যৰ অনুষংগ বুলি জানিলে (অথবা নাজানিলেও) এজন ইংৰাজী ভাষাৰ পাঠকৰ বাবে মাজতে মুখত মঙহ লৈ এই কুকুৰটো আকৌ ক’ৰ পৰা আহিল যেনো লাগিব। অজিৎ বৰুৱাৰ নিজৰে কবিতাৰ নিজৰ অনুবাদটো কিমান উৎকৃষ্ট হ’ল সেয়া অন্য প্ৰসংগ, কিন্তু ইয়াতে অনুবাদৰ ধাৰণা আৰু পদ্ধতিবিধি সম্পৰ্কে কথা পাতিবৰ অৱকাশ বিচাৰি পালোঁহক। বহুব্ৰীহিৰ উল্লেখ অজিৎ বৰুৱাদেৱেও কৰিছে- “যেন এটা বহুব্ৰীহি সমাস” (দ্ৰষ্টব্যঃ ‘পদ্যৰ পাছৰ কাব্য’)। 

 

সমুদ্র কাজল শইকীয়া 

Address for communication:

Samudra Kajal Saikia, A-41, Takshshila Apartments,

I.P. Extentions, Patparganj, New Delhi-110092

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: