["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৭ জুন, ২০২১]
আজি ২৭ জুন, ভাছাৰিৰ মৃত্যুতিথি (৩০ জুলাই, ১৫১১- ২৭ জুন, ১৫৭৪)। কলা-ইতিহাসৰ পিতৃপুৰুষ।
ইতিহাসৰো ইতিহাস থাকে। এই কথাটো প্ৰায়ে পাহৰি থকা যায়। যিকোনো ইতিহাসৰ ক্ষেত্ৰতেই
এই কথাটো মনত ৰখা জৰুৰী যে এই ইতিহাসলেখনৰো নিজাববীয়া এটা ইতিহাস আছে। ইতিহাসক পৰম,
চৰম কিম্বা আকাশৰ পৰা সৰি পৰা বুলি ভাবি থকাৰ সমস্যাটো তেতিয়াহে দূৰ হ’ব। শিল্পৰ ইতিহাস
সম্পৰ্কে ভালেখিনি শিল্পৰসিকৰ আগ্ৰহ থাকিলেও কলা-ইতিহাসৰ ইতিহাস সম্পৰ্কে বৰকৈ আগ্ৰহ
দেখা নাযায়। আজি বৈশ্বিক, বিশেষকৈ পশ্চিমীয়া কলা-ইতিহাসৰ প্ৰাথমিক পৰ্বৰ এক গুৰুত্বপূৰ্ণ
ব্যক্তি ষড়দশ শতাব্দীৰ জৰ্জিঅ’ ভাছাৰি (Giorgio Vasari) সম্পৰ্কে উল্লেখ কৰিম।
জৰ্জিঅ’ ভাছাৰি, আত্মপ্ৰতিকৃতি,
১৫৫০-১৫৬৭ কালৰ
ইউৰোপৰ ৰেনেছাঁ আৰু সেইকালৰ শিল্প সম্পৰ্কে অলপ হ’লেও ধাৰণা সকলোৰে আছে।
সেই ৰেনেছাঁ যেতিয়া শীৰ্ষবিন্দুত (ৰেনেছাঁক আদি, মধ্য আৰু শীৰ্ষ- এনেকৈ ইয়াৰ তিনিটা
ভাগ আছে), সেই সময়ৰে এজন প্ৰসিদ্ধ শিল্পী আছিল জৰ্জিঅ’ ভাছাৰি। মানৱ অবয়ৱৰ গঢ়-গতি
(এনাটমী), পৰিপ্ৰেক্ষিত আদিৰ অধ্যয়নেৰে পুষ্ট এই সময়ৰ শিল্পীসকল আছিল ইজনতকৈ সিজন চৰা।
তাতে আকৌ ভাছাৰি আছিল নিজৰ কাৰ্যকালতে প্ৰসিদ্ধি আৰু কৃতকাৰ্যতা লাভ কৰা এজন ব্যক্তি।
এটা কুমাৰ পৰিয়ালৰ পৰা অহা ভাছাৰি (ইংৰাজীত Vase-মানে পাত্ৰ বুলি আমি জানো, একেটা মূলৰে
পৰাই- ‘Vasari’) আছিল একেসময়তে সুদক্ষ ইটালীয়ান চিত্ৰশিল্পী, স্থপতি, অভিযন্তা, লেখক
আৰু জীৱনীকাৰ। ১৫১১ চনৰ ৩০ জুলাইত টাছকেনীত (আৰেজ্জ’) জন্ম গ্ৰহণ কৰা ভাছাৰিয়ে কম বয়সতে
ষ্টেইনড-গ্লাছৰ শিল্পী গুলিয়েল্মো ডা মাৰ্ছিগ্লিয়াৰ শিষ্য হয় আৰু ষোল্ল বছৰ বয়সত ফ্লোৰেন্সলৈ
আহে আৰু ইয়াতে ‘মানৱতাবাদী শিক্ষা’ৰ (Humanism) প্ৰতি আকৰ্ষিত হয়। অসামান্য প্ৰতিভাধৰ
মাইকেলেঞ্জেলোৰ সৈতে ইয়তে বন্ধুত্ব স্থাপন হয় আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিতও হ’বলৈ লয়।
১৫২৯ চনত ৰোমলৈ আহি ভাছাৰিয়ে ৰাফাইল সমন্বিতে ৰোমান চৰম ৰেণেছাঁকালৰ শিল্পীসকলৰ অধ্যয়ন
কৰে। ভাছাৰিৰ নিজৰ Mannerist পেইণ্টিং সমূহ তেওঁৰ জীৱিতকালতেই আটাইতকৈ প্ৰশংসিত হৈছিল।
চিত্ৰ অংকণত সফলতা লাভ কৰাৰ লগতে তেখেতে ১৫৪৭ চনত ৰোমত ফ্ৰেস্কোৰে সৈতে hall of the chancery in Palazzo della Cancelleria আৰু
১৫৭৮-ত ফ্ল’ৰেন্সত মাইকেলেঞ্জেলোৰ সমাধি নিৰ্মাণ কৰে। ৰোম আৰু ফ্ল’ৰেন্সৰ ৰাজকীয় আৰু
অভিজাত মেডিচি-পৰিয়ালৰ দ্বাৰা ভাছাৰি সদায়েই নিয়োজিত হৈছিল, তাৰোপৰি নেপলছ, আৰেজ্জ’
আদি ঠাইতো কাম কৰি গৈছিল। ফ্লোৰেন্সৰ Sala di Cosimo
I-ৰ বেৰ আৰু চিলিঙৰ পেইণ্টিং তেওঁৰ উল্লেখনীয় কাম। ৰোমৰ Sala Regia-ত তেখেতৰ
ফ্ৰেস্কো আন উল্লেখনীয় কাম। ভাছাৰিৰ ডিজাইনেৰে নিৰ্মিত স্থাপত্য এতিয়াও বিৰাজমান, চৰম-ৰেণেছাঁকালৰ
উচ্চমানৰ দৃষ্টান্ত হিচাপে দেশ বিদেশৰ পৰ্যটকে এতিয়াও খেদিকুৰি চাবলৈ যায়।
শিল্পীৰ জীৱনী গ্ৰন্থৰ বাকলি
পৃষ্ঠা
ভাছাৰিয়ে নিজৰ জীৱনকালতে বহু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল আৰু আৰ্থিক সচ্ছলতাৰে
জীৱন কটাইছিল। ১৫৪৭ চনত আৰেজ্জ’ত তেওঁ নিজাকৈ এটা মহল সাজি তাক ছবিৰে সুসজ্জিত কৰিছিল-
পাছলৈ তেওঁৰ নামেৰে সি এটা সংগ্ৰহশালালৈ ৰূপান্তৰিত হয়। নিজৰ অঞ্চলৰ নগৰ সমিতিৰ পৰিষদৰ
বাব লাভ কৰি পিছলৈ অধিকাৰী হয়। পোপৰ দ্বাৰা তেওঁ Knight of the Golden Spur ঘোষিত হয়।
আৰেজ্জ’ৰ আটাইতকৈ আঢ্যৱন্ত আৰু ক্ষমতাশালী পৰিয়ালৰ সদস্যা নিকোল’চা বচ্চিৰ সৈতে তেওঁৰ
বিবাহ। ১৫৬৩-ত তেওঁ Florentine Accademia e Compagnia delle Arti del Disegno স্থাপনৰ
সহায়ক হয়।
জৰ্জিঅ’ ভাছাৰি, কুমাৰী মাতৃ
অংকণৰত ল্যুক
কিন্তু চিত্ৰশিল্পী আৰু স্থাপত্যবিদ হোৱাৰ লগে লগে সামাজিক সন্মানৰ শীৰ্ষত
থকা জৰ্জিঅ’ ভাছাৰিৰ অৱদান আটাইতকৈ স্মৰণীয় হৈ ৰ’ল আন এটা কথাতহে আৰু তাৰ বাবেহে আজি
আমি আলোচনালৈ ভাছাৰিৰ প্ৰসংগটো আনিলোঁ। ‘উৎকৃষ্টতম চিত্ৰকৰ, ভাস্কৰ আৰু স্থপতিসকলৰ
জীৱনী’ (The Lives of the Most Excellent Painters, Sculptors, and Architects) বুলি
সেইকালৰ শিল্পীসকলৰ জীৱনী এলানি তেওঁ লিখি উলিয়ালে আৰু ই কিতাপ আকাৰে প্ৰকাশ পালে ১৫৫০
চনত, সংশোধন আৰু সংযোজনেৰে সৈতে দ্বিতীয় সংকৰণটি ওলাল ১৫৬৮-ত। ভাছাৰিয়ে তেওঁ আগুৰি
ধৰা সময়খিনিক তিনি ভাগে ভাগ কৰি শিল্পীসকলক ৰাখিছে। জিয়’ত্ত’ (Giotto), ব্ৰুণেলেচ্ছি
(Brunelleschi)-ৰে পৰা মিকেলেঞ্জেলো (Michelangelo), লিঅ’নাৰ্ডো ডা ভিঞ্চি (Leonardo
da Vinci), আৰু ৰাফাইল (Raphael)-লৈকে মূধাফুটা শিল্পীসকলৰ জীৱনীৰ এই সংকলনতেই পশ্চিমীয়া
আৰ্ট-হিষ্ট্ৰীৰ প্ৰথম উন্মেষ।
পেইণ্টিঙৰে সৈতে ভাছাৰিৰ স্থাপত্যৰ
উদাহৰণ
চমুকৈ The Lives (ইটালীয়ান ভাষাত Le Vite) বুলি খ্যাত, চৰিত-পুথি সদৃশ এইখন
কিতাপ সম্পৰ্কে কোৱা হয়-
১) পুৰণি
শিল্পকলা সম্পৰ্কীয় এইখনেই আটাইতকৈ জনপ্ৰিয় আৰু আজিলৈকে আটাইতকৈ বেছি পঠিত গ্ৰন্থ;
২) ইটালীয়
ৰেণেছাঁ সম্পৰ্কীয় আটাইতকৈ প্ৰভাৱশালী লেখাসমূহৰ অন্যতম;
৩) শিল্পকলাৰ
ইতিহাসতেই প্ৰথমখন উল্লেখনীয় কিতাপ।
ইটালীয় কলা ইতিহাসৰ প্ৰথমজন ইতিহাসবিদ হিচাপে ভাছাৰিয়ে শিল্পীৰ জীৱনী লেখনৰ
বিশ্বকোষ (এনচাইক্ল’পেডিয়া) ধৰণৰ যি পদ্ধতি আৱিস্কাৰ কৰিলে, জীৱনী-চয়নৰ সেই একে পদ্ধতিয়েই
আজিও বহুল ৰূপত প্ৰচলিত হৈ আহিছে। ১৫৫০-ৰ প্ৰথম প্ৰকাশনটি ফ্ল’ৰেন্সত ল’ৰেঞ্জ’ ট’ৰেণ্টিন’ৰ
দ্বাৰা প্ৰকাশিত আৰু Cosimo I de' Medici, Grand Duke of Tuscany-ৰ প্ৰতি সমৰ্পিত।
শিল্পত প্ৰয়োগ হোৱা কাৰিকৰী পদ্ধতিসমূহ সম্পৰ্কে এটি মূল্যবান প্ৰৱন্ধ ইয়াত সন্নিবিষ্ট
হৈছে। ১৫৬৮-ৰ দ্বিতীয় সংস্কৰণত কিছু সংযোজনেৰে সৈতে লেখাটি বিস্তাৰিত হয় আৰু শিল্পী
সকলৰ উড-কাট মুখাবয়ব যোগ দিয়া হয়।
ভাছাৰিৰ কিতাপখনৰ সমস্যা বহুত। প্ৰথমটো দোষ স্বজনপ্ৰীতিৰ। কিতাপখনত ফ্লোৰেন্সৰ
শিল্পীসকলক অধিক অগ্ৰাধিকাৰ দি চলিছে আৰু ভেনিচ বা অন্যান্য ইউৰোপৰ অঞ্চলসমূহক ইচ্ছাকৃতভাবে
উপেক্ষা কৰি চলে বুলি অভিযোগ এটা আছে। অৱশ্যে প্ৰথম প্ৰকাশনৰ পিছত ভাছাৰিয়ে ভেনিচ ভ্ৰমণ
কৰে আৰু দ্বিতীয় সংস্কৰণত ভেনেচিয়ান (Venetian) শিল্পীৰ উল্লেখ বৃদ্ধি পায়। অন্যথা
টিশ্বান (Titian)-ৰ দৰে গুৰুত্বপূৰ্ণ শিল্পীও হাস্যকৰভাবে বাদ পৰি ৰৈছিল। ভাছাৰিৰ লেখাখিনিক
ইতিহাস বুলিবপৰা যাব নে নেযাব তাকো লৈ অলপ সন্দেহ ৰৈ যায় এইবাবে যে এইলানি লেখা আছিল
মুখ্যতঃ জীৱনকাহিনী। সমস্যা কেৱল সেয়াই নহয়। এই জীৱনকাহিনীৰ ভালেখিনি আছিল কল্পনাপ্ৰসুত;
মনে সজা উপকাহিনী অথবা মুখে মুখে শুনা গল্প-গুজৱ। আজিৰ সময়ত এজন ইতিহাসবিদৰ প্ৰাথমিক
দায়িত্ব হিচাপে যিখিনি বুজোঁ, নথি-পত্ৰ পৰীক্ষা কৰি চন-তাৰিখ আদিৰ শুদ্ধা-শুদ্ধ বিচাৰ
কৰি তাক প্ৰয়োগ কৰা- আদিবোৰত ভাছাৰিয়ে একেবাৰেই গুৰুত্ব নিদিলে। ফলত ঠাই বিশেষে চন-তাৰিখৰো
বিসংগতি ৰৈছে।
জৰ্জিঅ’ ভাছাৰি, পাঁচজন তাস্কানিদেশীয়
কবি
বহুতো সমস্যা থাকিলেও জৰ্জিঅ’ ভাছাৰিৰ গুৰুত্ব অনুপেক্ষণীয়। আন নালাগে ৰেনেছাঁ
শব্দটোৰ উৎপত্তিয়েই ঘটিছিল ভাছাৰিৰ পৰা। ইংৰাজী Renaissance শব্দৰ মূল rinascita
('rebirth') শব্দটো ভাছাৰিৰ ৰচনাতেই (১৫৫০) প্ৰথমবাৰৰ বাবে পোৱা যায়। আজি লিঅ’নাৰ্ডোৰ
মনা লিছা আৰু সমগ্ৰ বিশ্বতেই কাৰো বাবে অজানা নহয়। কিন্তু বহুতে হয়তো নাজানে যে এই
‘মনা লিছা’ (Mona Lisa) নামটোৰ উৎসটোও আছিল ভাছাৰিৰ লেখা।
কালক্ৰমত শিল্পকলাৰ ইতিহাস লেখনৰ বিভিন্ন পদ্ধতি আৱিস্কাৰ হয় আৰু আজিলৈকে
মেথ’ড’ল’জী বা পদ্ধতিবিধি সম্পৰ্কে নিৰন্তৰ পৰীক্ষা নীৰিক্ষা চলি আছে। জীৱনালেখ্যৰ
(Biography) আৰ্হিটোৰ বাহিৰেও আগলৈ আমি ৰূপবাদ (Formalism), আইকন’গ্ৰাফী
(Iconography), মনোবিশ্লেষণ বা মনস্তত্ববাদ (Psychoanalysis), সমালোচনা-তত্ব
(Critical Theory), সমাজবাদ (Socialism), মাৰ্ক্সবাদ (Marxism), নাৰীবাদ
(Feminism), উত্তৰ-আধুনিকতাবাদ (Post-modernism), উত্তৰ-ঔপনিৱেশিকতাবাদ (Post
Colonialism), কুইয়াৰ (Queer Theory) আদি বিভিন্ন শৃংখলাৰ আৰ্ট-হিষ্ট্ৰী সম্পৰ্কে জানিবলৈ
পাম। [এইখিনিতে অলপ আত্মসমালোচনা আৰু অনুযোগ : অসমীয়া ভাষাত আলোচনা কৰি আছোঁ হেতুকে
কৈ থওঁ, আৰ্ট-হিষ্ট্ৰী বুলিয়ে নহয়, অসমীয়া যিকোনো শাখাৰ আলোচনা-সমালোচনাত জীৱনী-নিৰ্ভৰ
আলোচনাই এতিয়াও গুৰুত্ব পাই আহিছে। কবি-সাহিত্যিক-শিল্পী সম্পৰ্কে কোনোবা লেখা বিচাৰিলে
কেতিয়া জন্ম, কেতিয়া মৃত্যু এইখিনি তথ্যৰে সৈতে মূলতঃ জীৱনীভিত্তিক আলোচনায়েই এতিয়াও
আমাৰ মাজৰ আটাইতকৈ পৰিচিত ইতিহাস-চৰ্চা কিম্বা সমালোচনা-সাহিত্যৰ চৰিত্ৰ। সেই হিচাপেৰে
শিল্প-ইতিহাসৰ প্ৰথমজন হিচাপে যাক জনা যায়, সেই প্ৰথমজনৰ প্ৰথমটো প্ৰয়াসতেই আমাৰ চৰ্চাৰ
স্বৰূপ আজিকোপতি আঁঠা লাগি ৰৈছে। মানে, ভাছাৰি-পদ্ধতিয়েই এতিয়াও জনপ্ৰিয়। আৰু অলপ আগুৱাই
গৈ ব্যঙ্গোক্তিৰে সৈতে কোনোবাই ক’ব পাৰে, সহজতে চকুত পৰি থকা আমাৰ আলোচনা-সমালোচনা
আদিৰ বিভ্ৰান্তিকৰ তথ্য, গৱেষণাৰ অভাৱ আৰু বৈজ্ঞানিক ভিত্তিৰ ঠাইত কল্পনা আৰু গল্প-গুজৱৰ
পয়োভৰ এইবোৰেও দেখোন আমাৰ ভালেখিনি লেখকক ভাছাৰিৰ কাষ ছপাই আনে!)।
সি যি কি নহওক, বিভিন্ন ধাৰা বা পদ্ধতিৰ মাজত জীৱনী-নিৰ্ভৰতাও এটা পদ্ধতি
হ’বই পাৰে। হয়, আৰু এয়া এক প্ৰাথমিক প্ৰয়োজনো, ইতিহাসত ব্যক্তিৰ উপস্থিতিৰ ইতিহাসৰ
গুৰুত্ব থাকিবই। প্ৰাচীন চৰিতপুথি সমূহ পৰৱৰ্তী কালৰ ইতিহাসপ্ৰণেতা আৰু গৱেষকৰ বাবে
জৰুৰী সমল। এই আলোচনাটো আৰম্ভ কৰিছিলোঁ এই কথাৰে- “ইতিহাসৰো ইতিহাস থাকে”। পশ্চিমীয়া
শিল্প-ইতিহাসৰ ইতিহাসক সূত্ৰপাত কৰাৰ বাবে জৰ্জিঅ’ ভাছাৰিয়ে আজিকোপতি যেনেকৈ গুৰুত্ব
পাই আহিছে আগলৈকো পাই থাকিব।
জৰ্জিঅ’ ভাছাৰি, গে’থছেমানেৰ
বাগিচা
সমুদ্র
কাজল শইকীয়া
Address for communication:
Samudra Kajal Saikia, Kamar
Gaon, Biswanath Chariali, Biswanath- 784176
No comments:
Post a Comment