["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১১ জুলাই, ২০২১]
প্ৰাথমিক আৰু প্ৰাথমিকতা দুটা কথা। জোৱান এজন বুলিলেই জানো যে তেওঁ সুস্থ-সবল,
শাৰিৰীকভাৱে সদাপ্ৰস্তুত। দীৰ্ঘকালীন প্ৰশিক্ষণৰ মাজেৰে আহি তেওঁ এই জোৱানজন হৈছেহি।
স্বাস্থ্যৰ যত্ন তেওঁৰ প্ৰাথমিক চৰ্ত, সেয়া প্ৰাথমিকতাও। কিন্তু কৰ্মৰত পৰ্যায়ত কেৱল
নিজৰ শৰীৰৰ যত্ন লৈ থকাটোৱেই প্ৰাথমিকতা হৈ থাকিব- এই কথা হ’ব নোৱাৰে। চিকিৎসক এজনে
জীৱদেহৰ অধ্যয়ণ, বিশ্লেষন আৰু গৱেষণাৰ সুদীৰ্ঘ প্ৰক্ৰিয়াৰে আহি আজিৰ অৱস্থান পাইছেহি।
কিন্তু এতিয়া অভ্যাসৰ কালত তেওঁৰ সন্মুখত থকা শয্যাগত ৰোগীক তেওঁৰ সমস্ত জ্ঞান উজাৰি
দি লাভ নাই। সমস্যা ক’ত তাৰ বুজ লৈ সেই মুহূৰ্তত কৰণীয়খিনিৰ বুজ লৈ সেইখিনিকহে প্ৰাথমিকতা দিব লাগিব। লেখক এজনে
ভাষাটো জানে। প্ৰায়ে শুনো, “তেওঁৰ ভাষা ভাল”, বা “তেওঁ ভাল লিখে”। তেওঁ ভাষাটো ভালকৈ
জানে আৰু ভাল লিখে বাবেইতো তেওঁ লেখক! কিন্তু লিখিছে কি? বক্তা হ’বলৈ হ’লে কণ্ঠ ভাল,
অৰ্থাৎ স্পষ্ট উচ্চৰণৰ হোৱাটো আছিল এক প্ৰাথমিক চৰ্ত। লগতে শুনিবলৈ শুৱলা (যাতে মানুহে
শুনি আমনি নাপায়) হোৱাও ভাল বুলি কোনোবাই ক’ব পাৰে। কিন্তু মঞ্চত উপবিষ্ট হৈ বক্তৃতা
এটা দিবৰ সময়তো তেওঁৰ কণ্ঠটো ভাল, পৰিস্কাৰ আৰু শুনিবলৈ শুৱলা হৈ থকাটোৱেই প্ৰাথমিকতা
হৈ থাকিব জানো?
হয়, এই প্ৰাথমিক চৰ্তখিনিও প্ৰাথমিকতাই হয়। কেৱল ছাত্ৰাৱস্থা বা শিক্ষণকালতেই
নহয়, গোটেই জীৱন ধৰি যিহেতু জ্ঞান আহৰণ চলি থাকে, সেয়ে এই প্ৰাথমিকতাখিনি সদায়েই থাকিব।
কিন্তু সেয়ে শেষ কথা নহয়। অভিনেতাৰো একে কথা। মঞ্চৰ বাবে বা কেমেৰাৰ সন্মুখত ঠিয় হ’বৰ
বাবে তেওঁ শাৰীৰিকভাবে- ফিট। ক’লা, বগা, ধুনীয়া, কুৎসিৎ, ওখ, চাপৰ সেই হিচাপেৰে নহয়,
তেওঁ তেওঁৰ কামখিনি কৰি উলিয়াবলৈ প্ৰস্তুত, আৰু শৰীৰটোৱেই যিহেতু অভিনেতাৰ প্ৰথম সম্পদ,
সেয়ে এই শৰীৰটোক তেওঁ নিজৰ মতে প্ৰস্তুত কৰি আনিছে বুলি বিশ্বাস কৰিয়েই দৰ্শকে তেওঁক
চাবলৈ আহিছে। সংলাপ প্ৰধান নাটক হ’লে, কণ্ঠস্বৰৰ অনুশীলনো তেওঁ কৰিছে। শৰীৰটোৰ যত্ন
লোৱা যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন ভাষা আৰু কথা (বাচিক) সম্পৰ্কীয় প্ৰাথমিক জ্ঞানখিনি
থকাটো। ভাষাটো শুদ্ধ হ’ব লাগে। কেৱল অভিনয়ত কিয়, দৈনন্দিন জীৱনতো সেয়া লাগে। কণ্ঠ পৰিস্কাৰ
হ’ব লাগে, হয় লাগে, এনেয়েও লাগে। মাতটো বা কথা পতাৰ ধৰণটো শুৱলা হোৱাটো সদায়েই কাম্য।
কিন্তু সেয়াই প্ৰাথমিকতা হৈ ৰ’লে সমস্যা।
অসমত অভিনয়চৰ্চাৰ গতিবিধি দেখি এইখিনি কথা সদায়ে মনলৈ আহে। আঙুলিমূৰত লেখিব
পৰা দুই এক দৃষ্টান্তক বাদ দি বেছিভাগ ক্ষেত্ৰতে দেখা যায় অভিনেতা সকলৰ অভিনয় বুলিলেই
কেৱল দেখিবলৈ ‘দৃষ্টিনন্দন’ হৈ থকা আৰু শুনিবলৈ শুৱলা হোৱাকৈ সংলাপ নিক্ষেপ কৰাটোতেই
তেওঁলোকৰ প্ৰাথমিকতা ৰয়। সঁচা, আপোনাৰ উচ্চাৰণ স্পষ্ট
হ’ব লাগিব, আপোনাৰ প্ৰতিটো সংলাপ প্ৰেক্ষাগৃহৰ শেষৰ দৰ্শকেও শুনিবলৈ পাব লাগিব। এয়া
প্ৰাথমিক চৰ্ত। কিন্তু অসমৰ অভিনয়ত এয়েই শেষ চৰ্ত হৈ থাকিল। চাহ দোকানী এজনৰো মনোমোহা
কণ্ঠ, স্পষ্ট উচ্চাৰণ; নাৰিকল বেপাৰী, কোটিপতি ব্যৱসায়ী, চাহবাগানৰ লগুৱা, জুৱাৰী-মদাহী
সকলোৰে মুখতে সেই একেই উচ্চাৰণ। স্পষ্ট। লাউড। ভাষা- মান্য অসমীয়া। অলপমান ইফাল-সিফাল
‘বিজতৰীয়া’ ভাষা হ’লেও সেয়া ‘মান্য অসমীয়া’ই বুজি পোৱা অসমীয়া। চৰিত্ৰৰ অধ্যয়ন, চৰিত্ৰৰ
আৰোপন, চৰিত্ৰৰ নিৰ্মাণ- তাৰ গঢ় আৰু বিকাশ- এইবোৰ দিশলৈ চাবলৈ আৰু কোনো বাটেই নৰয়।
আৰ্কিটাইপ আৰু ষ্টেৰিঅ’টাইপ সম্পৰ্কে আগতে কৈ আহিছোঁ- ইয়াৰ বাজলৈ ওলাবৰ পৰাহে অভিনয়
আৰম্ভ হয় সেই কথাও কৈ আহিছোঁ। প্ৰাথমিক কথাবোৰ বাৰু জানিলোঁ, এতিয়া পৰৱৰ্তী স্তৰত কোনখিনিক
প্ৰাথমিকতা দিম, এই প্ৰশ্নটো মনলৈ আহেনে? এইখিনিতে বিশাল আৰু ক্ষুদ্ৰ, সামগ্ৰিকতা আৰু
বিশেষত্ব, সাধাৰণ আৰু নিৰ্দিষ্টতা, বহুত্ব আৰু একক, সিন্ধু আৰু বিন্দুৰ প্ৰসংগ এটা
আহিব।
আপুনি এজন অভিনেতা আৰু আপোনাক এটা চৰিত্ৰ দিয়া হ’ল। আপুনি
চৰিত্ৰটো ৰূপায়ণ কৰিব। এয়া প্ৰাথমিক ধাৰণা। কিন্তু শেষলৈ এয়ে প্ৰাথমিকতা হৈ নাথাকে।
ৰূপায়ণ কথাষাৰত এটা বাহ্যিক ৰূপ আছে, অন্তঃস্থ হোৱাৰ প্ৰসংগটো ইয়াত উহ্য। আপুনি চৰিত্ৰটো
অধ্যয়ন কৰি নিজৰ স্বকীয় সত্বাক চেলেঞ্জ কৰি, নিজৰ ইগ’-খিনি পাহৰি অন্য এজন মানুহ হৈ
উঠিব পাৰিছেনে নাই? এই প্ৰশ্নটোহে এতিয়া প্ৰাথমিকতা হ’ব লাগিছিল।
চৰিত্ৰ বুজিবলৈ সকলোৰে জ্ঞাত চাৰিটা ডব্লিউ(W)-ৰ সহজ বুদ্ধি
এটা আছেই, কোন, ক’ত, কেতিয়া, কিয় (Who, Where, When, Why)। আপোনাক দিয়া হ’ল এটা চৰিত্ৰ-
এগৰাকী অসমীয়া মধ্যবিত্ত পুৰুষ। এয়া এটা বিৰাট সাধাৰণীকৃত ধাৰণা। বয়স? কি কৰে (জীৱিকা)?
কেনেকৈ কথা পাতে? ক’ৰ বাসিন্দা? ইয়াৰে কিছুমান প্ৰশ্নৰ উত্তৰ নাট্যকাৰে দিব (পাণ্ডুলিপিতে
লিখা আছে)। আৰু অলপ প্ৰশ্ন ৰৈ গ’লে সেইখিনি পৰিচালকে কৈ দিব। কিন্তু এজন অভিনেতা হিচাপে
আপোনাৰ নিজা উদ্যোগখিনি ক’ত? নাট্যকাৰ, পৰিচালক সকলোৰে নিজা একোটা অৱস্থান আছে। দৰ্শকৰো
আছে নিজা সত্বা। সকলো শিল্পীৰে আছে, ব্যক্তি মাত্ৰেই থাকিব। কবিয়ে কি বুজাইছে, গল্পকাৰে
কি ক’ব খুজিছে, চিত্ৰকৰে কি দৰ্শাইছে- আমি তালৈ মন দিওঁ। কিন্তু অভিনেতাজনে কি ক’ব
খুজিছে সেইটো প্ৰশ্ন ক’ত? অভিনেতাজন কি কেৱল নাট্যকাৰৰ মানস-প্ৰতিমা? পৰিচালকৰ হাতৰ
পুতলা? কথাত কথা বঢ়াৰ দৰে কথাৰ মাজৰ সমস্যাবোৰ এনেকৈ বাঢ়ি গৈ থাকিব। এই সমস্যাবোৰৰ
সন্মুখীন হ’লেহে এজন অভিনেতাক অভিনেতা বোলা যায়। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ চাৰিওকাষৰ
অভিনেতা সকলে এলাহতে সকলো সামৰি থয়, সেয়া হ’ল- কেৱল এটা ধাৰণাক খামোচ মাৰি ধৰি তাতে
সন্তুষ্ট হৈ বহি থকা। শিক্ষক হ’লে এনেকুৱা, উকীল হ’লে এনেকুৱা আৰু মজদুৰ হ’লে এনেকুৱা-
এইকেইটা আৰ্হি। প্ৰাথমিক বিদ্যালয়ত হোৱা go as you like বা ভেশচন প্ৰতিযোগিতাবোৰৰ উৰ্দ্ধলৈ
অসমীয়া নাটক-চিনেমাৰ অভিনয় আগ নাবাঢ়িলেই। [পাণ্ডুলিপিত উল্লেখ নাই কিন্তু সৰুতে চৰিত্ৰটোৰ
এটা দুৰ্ঘটনা হৈছিল তাৰ বাবে মাজে মাজে কঁকালৰ বিষ এটাই উজায়, মাজে মাজে কোনো কাৰণ
নোহোৱাকৈ মূৰ খজুৱাই থকাৰ মুদ্ৰাদোষ এটা তেওঁৰ আছে। এনেধৰণৰ সংযোজন কিছুমান অভিনেতা
এজনে নিজাববীয়াকৈ কৰি ল’ব পাৰে নে নোৱাৰে?]
এইখিনিতে পুৰুষ আৰু মহিলাৰ কথা প্ৰসংগ উল্লেখ কৰি থোৱা
ভাল। ইংৰাজী ভাষাত এক্টৰ আৰু এক্ট্ৰেছ এই দুটা শব্দৰ লৈংগিক সমতাৰক্ষাৰ বাবে আজিকালি
কেৱল এক্টৰ শব্দটোকে ব্যৱহাৰ কৰিবলৈ লৈছে উভয়লৈংগিক ৰূপত। অসমীয়াত নেতাটো পৌৰষিক শব্দ,
বোধকৰোঁ সেয়ে দুয়ো ক্ষেত্ৰতে নেতা শব্দটো সেয়ে এতিয়ালৈকে প্ৰয়োগ হ’বলৈ লোৱা নাই। আমাৰ
লেখাতো মাজে মাজে অভিনেতা(/ত্ৰী) বুলি উল্লেখ কৰিছিলোঁ যদিও বহুসময়ত এয়া লিখিবলৈ (বা
দেখিবলৈকো) অসুবিধাজনক। অভিনেত্ৰী মানেই মহিলা। তেন্তে মহিলা অভিনেত্ৰী প্ৰয়োগটো ভুল
হ’ব লাগে নেকি? কেনেবাকৈ যদি মহিলা শব্দটো প্ৰয়োগ কৰিবই লাগে, তেনেহ’লে মহিলা অভিনেতা
বোলাটো কিমান সমীচিন? সেয়া ভাষাবিদেহে উত্তৰ দিব পাৰিব। আছুতীয়াকৈ নতুন শব্দ এটাকে
ব্যৱহাৰ কৰা ভাল নেকি বুলি ‘নট’ শব্দটো মনলৈ আহিল। পিছে নতুন শব্দ এটাৰ প্ৰয়োগে কথাবোৰৰ
গ্ৰহণযোগ্যতাত হেঙাৰ হৈ পৰিস্থিতি আৰু জটিল কৰিহে তুলিব বুলিও ভয়। সেয়েহে সাধাৰণভাবে
‘এজন অভিনেতাৰ সমস্যা’ বুলি বাক্য এটা লিখোঁতে তাতে অভিনেত্ৰীও সাঙোৰ খাই আছে বুলি
পঢ়ি যাতে পাঠকে নিজগুণে বুজি লয়।
এতিয়া মূল কথালৈ আহোঁ। অসমত অভিনেত্ৰীৰ অৱস্থান আৰু শোচনীয়।
যিকোনো ৰাজনৈতিক দলত বা সভাই-সমিতিয়ে মহিলা প্ৰাৰ্থীৰ সংখ্যা কম হোৱাৰ দৰেই অসমীয়া
নাটকতো সচৰাচৰ মহিলা চৰিত্ৰ নগণ্য। সকলো নাৰীচৰিত্ৰৰ নাটক অলপ আছে- সেইবোৰো এটা ভিন্ন
কেটেগ’ৰী হিচাপে চিহ্নিত হৈ থাকে। (একাংকিকা এটা জমনি প্ৰসংগ, ইয়াত শ্ৰেষ্ঠ অভিনেত্ৰী
আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ পুৰস্কাৰ কেইটা গোটাব লাগে কাৰণেই নাট্যদলে নাট্যকাৰে
দুটা নাৰী চৰিত্ৰ থকা নাটক লিখিবলৈ অনুৰোধ জনোৱাৰ দৰে ঘটনা ঘটে)। এইটো প্ৰথম সমস্যা,
উপস্থিতি বা অস্তিত্বই যেতিয়া সীমিত তাৰ কণ্ঠ শুনিবলৈ পোৱাৰ সম্ভাৱনাও নিশ্চয় কমেই
হ’ব।
অলপ আগেয়ে উল্লেখ কৰিছিলোঁ, ধৰাহওক আপুনি এজন অভিনেতা
(পুৰুষ) আৰু আপোনাক এটা চৰিত্ৰ দিয়া হ’ল। চৰিত্ৰ অনুধাৱনৰ বাবে লগে লগে প্ৰশ্ন কিছুমান
আহিব, কৰিব লাগিব। প্ৰশ্নবোৰ যিমানে হয়, যিমানে দূৰলৈকে যাব পাৰে, যিমানেই সূক্ষ্মতা
বা ডিটেইল খুচৰিব পাৰি সিমানে ভাল। এইখিনিতে আমাৰ জঠৰতাৰ কথা ইংগিত কৰিছিলোঁ যে নাট্যকাৰ
আৰু পৰিচালকে ধৰি বান্ধি দিয়া কেইটামান ব্যাখ্যাৰ বাহিৰে অভিনেতাসকল আৰু দূৰলৈ নাযায়
যেন লাগে, নিজাকৈ কোনো প্ৰশ্ন উত্থাপন নকৰে যেন লাগে। মহিলা হ’লে এই প্ৰশ্নবোৰ আৰু
বেছি সংকুচিত হৈ ৰয়। চৰিত্ৰটো এজন মধ্যবিত্ত অসমীয়া ব্যক্তিৰ বোলোঁতে বয়স কিমান, কি
কৰে আদিবোৰ যেনেকৈ আহিছিল, ব্যক্তিৰ ঠাইত বোৱাৰী বোলাৰ লগে লগে ‘কি কৰে’ প্ৰশ্নটো গায়েব
হৈ গ’ল। বোৱাৰী যেতিয়া ভাতেই ৰান্ধিব চাগৈ- এই ধাৰণাটো লৈয়েই অভিনেত্ৰী মঞ্চলৈ জপিয়াই
উঠিল। মঞ্চনাট বা কেমেৰাবদ্ধ শিল্প দুয়োটাতে সমস্যা একেই, চৰ্বিত-চৰ্বণ বা ক্লিচেৰ
উপাদানবোৰো একেই। মতা চৰিত্ৰই বাৰন্দাত পেপাৰ পঢ়িব, মাইকী চৰিত্ৰই পাকঘৰৰ কাম কৰি চাহকাপ
আনিব। জীয়ৰী হ’লে এনেকুৱা হ’ব লাগে, বোৱাৰী হ’লে তেনেকুৱা হ’ব লাগে বুলি সমাজত চলি
থকা ধূতিনীতিখিনি মঞ্চতো একেটা ৰূপতে চলি থাকে। ঢেৰ নাটক, ঢেৰ টেলিফিল্ম, ঢেৰ চিনেমা,
ঢেৰ চৰ্টফিল্ম - কিন্তু বোৱাৰী সেই একেজনীয়ে। মাত কথা ভাল হ’ব লাগে, ভাষাটো শুদ্ধ হ’ব
লাগে, শুনিবলৈ শুৱলা হ’ব লাগে। বাস্তৱত ৰাইজৰ ইচ্ছা সেয়ে। মঞ্চতো সেয়ে, শুৱলা কণ্ঠৰে
ৰৈ ৰৈ ধুনীয়াকৈ সংলাপবোৰ কয়। কিছুমান পেটাৰ্ণ যে অতি বেছি দৃশ্যকটু/শ্ৰুতিকটু। তাৰে
এটা পেটাৰ্ণ মন কৰক। “আজি মই ইমানবোৰ কাম কেনেকৈ কৰিম বুলি ভাবি ভাবি বহি থাকোঁতে একো
কামেই কৰা হৈ উঠা নহ’লগৈ”- এইটো এটা সংলাপ। সাধাৰণ জীৱনত এই বাক্যটো যেনেকৈ লিখা আছে
তেনেকৈয়ে আমি কওঁ। এটা বাক্যৰ এটা কথা। ইয়াত কোনো খণ্ডবাক্যৰ ভাগ নাই; মাজত যতিসন্বিবেশ
বুলিবলৈ কমা (,), চেনিকলন (;), দাৰি (।), ভাববোধক(!), প্ৰশ্নবোধক (?), হাইফেন
(-), ঊৰ্ধ্ব কমা (“__”), চন্দ্ৰ বন্ধনী
( ) একোৱেই নাই। তথাপি অসমীয়া অভিনেত্ৰীৰ সহজতে শুনা মড্যুলেচনৰ পেটাৰ্ণটো এনে-
“আজি মই [বিৰাম] ইমানবোৰ কাম [বিৰাম] কেনেকৈ কৰিম বুলি [বিৰাম] ভাবি ভাবি বহি থাকোঁতে
[বিৰাম] একো কামেই কৰা হৈ উঠা নহ’লগৈ”। অসমীয়া অভিনেত্ৰীৰ উশাহবোৰ ছুটি নেকি? বাক্যটো
অলপ দীঘলেই বাৰু, কিন্তু একেবাৰতে ক’ব নোৱৰাকৈ কথাষাৰ সিমান বেছি জটিলো নহয়। একেবাৰে
ন-শিকাৰু অভিনয়-ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় বঁটাবিজয়ীলৈকে সৰ্বস্তৰৰ অভিনেত্ৰীৰে এয়া এটাই
পেটাৰ্ণ। এতিয়া এইটো ঘটে কিয় আৰু কেনেকৈ? কাৰণ দুটা। এটা ব্যৱহাৰিক। আনটো ধাৰণাৰ বোজা।
মতা চৰিত্ৰৰ ক্ষেত্ৰত চেঙেলীয়াই হওক আদহীয়াই হওক; নিবনুৱা, গুণ্ডা, খঙাল, বিবাহিত-অবিবাহিত
যিয়েই নহওক- খৰকৈ কথাকোৱা মতা এজন থাকিবই পাৰে। খৰকৈ নহ’লেও একে উশাহতে এটা বাক্য কোৱা
মানুহ থাকেই। কিন্তু জীয়ৰী-বোৱাৰীয়ে খৰকৈ ক’লে নচলিব। চৰিত্ৰটো লাগিলে ‘দন্দুৰী’ৰে
হওক বা ‘সংস্কাৰী’ৰে হওক (অপচনো হাতত বৰ বেছি নাই), কথাবোৰ ৰৈ ৰৈ এটা এটাকৈ ক’বই লাগিব।
মাতটো শুৱলা হোৱাৰো কথা এটা আছে! হয় ব্যৱহাৰিক দিশ এটা থাকেই, প্ৰেক্ষাগৃহৰ শেষৰজন
দৰ্শকেও স্পষ্টকৈ শুনিবলৈ পাব লাগিব, লগতে কি কৈছে বুজি পাব লাগিব। সেয়া আছিল প্ৰাথমিক
চৰ্ত অভিনেতাৰ। কিন্তু সেয়াই প্ৰাথমিকতা হৈ থাকিলে চলিব জানো? বাক্যষাৰে (বৈয়াকৰণিকভাবে),
কথাষাৰে (মূলভাবটোৱে), পৰিস্থিতিটোৱে আৰু সৰ্বাতোপৰি চৰিত্ৰটোৱে (বিশেষ চৰিত্ৰটোৱে)-
ইমানখিনি বিৰাম বিচাৰিছিল জানো?
কেনেবাকৈ ডাইলগ এটা মাতিব পৰাটোকেই অভিনয় বুলি আজিও মানি
থকা হ’ল, কিন্তু তাৰ পিছতো সেই ডাইলগটোকো কাহানিও গুৰুত্বই দিয়া নহ’ল? তেন্তে অসমীয়া
অভিনয় শিল্পই কিহক গুৰুত্ব দিলে? আংগিক? বাচিক? আহাৰ্য? সাত্বিক দূৰতে থাওক।
সমুদ্র
কাজল শইকীয়া