ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 22, 2022

বাচনিত স্বনিৰ্বাচিত : মুনমুন সৰকাৰৰ অনুবাদ কবিতাৰ সংকলন


(পাতনি)

মুনমুন সৰকাৰৰ অনুবাদ কবিতাৰ সংকলনটি এবাৰ চকু ফুৰায়ে ভাবিলোঁ, সমসাময়িক বাংলা কবিতা মই বৰ বেছি পঢ়া নাই। বাংলা সাহিত্যই খুব কম পঢ়িছোঁ। কথাষাৰ কওঁতে অলপ লাজো পাইছোঁ এইবাবেই যে মই মোৰ নিজৰ প্ৰথমখন কবিতাৰ সংকলন আকৌ বাংলা ভাষাতে উলিয়াইছিলোঁ। সি যি কি নহওক, যি অলপ অচৰপ পঢ়িছিলোঁ তাৰ মাজতো বেছিভাগ আচলতে আধুনিক কবিতাহে বেছি। এই শেষৰ উক্তিটোতে অলপ কথা আহিয়েই যায়। যিসকল কবিক মুনমুন সৰকাৰে বাচি লৈছে সেইসকল আধুনিক নহয় তাৰমানে? কবিতাৰ আলোচনাৰ সৈতে ‘আধুনিকতা’ বোলা এই লিকটীয়া অভিধাটো পুহকৰৰ দৰে লাগিয়েই থাকে। হয়তো পৃথিৱী ধ্বংস হৈ কবিতাৰ অস্তিত্ব শেষ হৈ যোৱালৈকে কবিতা-আলোচনাই এই বোজা কঢ়িয়াই থাকিবই লাগিব। প্ৰাচ্য কিম্বা পাশ্চাত্য- ক’তোৱেই আধুনিকতাৰ সংজ্ঞা স্থানু নহয়, বৰঞ্চ একান্তই প্ৰসংগ আৰু পৰিপ্ৰেক্ষিত নিৰ্ভৰ। তথাপি পশ্চিমৰ প্ৰসংগত অলপ হয়তো স্পষ্ট। ভাৰতবৰ্ষত যে আৰু গণ্ডগোলীয়া। বুদ্ধদেব বসুৰ প্ৰভাৱশালী কিতাপ ‘আধুনিক বাংলা কবিতা’ সংকলনত যিখিনি আছে সেয়া ৰবীন্দ্ৰোত্তৰ কালৰ কবিতা। আজিৰ পৰা এশ বছৰৰ আগৰ কল্লোলীয় কালৰ যি ‘সৰ্বগ্ৰাসী অন্বেষা’[i] সেয়ে যদি আধুনিক আছিল তেন্তে তাত এইসকল কবিৰ এজনো অন্তৰ্ভূক্ত নহয়। নিজা নিজা সময়-সাপেক্ষে যে প্ৰত্যেকেই আধুনিক- সেই আভিধানিক অৰ্থৰ পুনৰুক্তিলৈ আৰু নাযাওঁ; এতিয়া প্ৰয়োজনো নাই। আধুনিকতাৰ পৰ্বৰ পৰৱৰ্তী কালত উত্তৰ আধুনিকতা বুলি যি আখ্যাৰ আৱিৰ্ভাৱ হ’ল এইসকল কবিৰ কিছু কিছু তাৰ অন্তৰ্ভূক্ত হ’ব পাৰে। উত্তৰ আধুনিকতাৰ ব্যাখ্যা, সংজ্ঞা আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰে সেয়া সাব্যস্ত কৰিবই পাৰি। কিন্তু উত্তৰ আধুনিকতাৰ লক্ষণেৰে আধুনিকতাবাদ-বিৰোধিতা সকলোৰে পচন্দৰ নহয়। সেয়ে সমসাময়িক বোলা কথাষাৰেই অধিক সহজ ভাবে গ্ৰহণ কৰি থাকিব পাৰি। এতিয়া মন কৰক, এই সমসাময়িক কথাষাৰো ইতিমধ্যে এটা পৰিভাষা হৈ উঠিছে। কাৰণ একান্তই সত্যটো ক’বলৈ হ’লে সমসাময়িকতাৰো ম্যাদ উকলিছে। এইখন সংকলনত সংকলিত কবিসকলো ইতিমধ্যেই পুৰণি হৈছে। শিল্পৰ জগতত চাৰিটা বা তিনিটা দশক বহুত বেছি সময় আচলতে। সমালোচনা সাহিত্য পিছ পৰি থাকিল বুলিয়ে কবিতা ৰৈ নাথাকে। সমালোচকে কানি খাই শুই থাকিব পাৰে। কবি সদা জাগ্ৰত। 

মুনমুনৰ এই কিতাপখনৰ গুৰুত্বটো ক’ত? গুৰুত্বটো এইখিনিতেই যে মুনমুন ৰবীন্দ্ৰনাথৰ পৰা জীবনান্দলৈকে পৰ্যায়টোত ৰৈ থকা নাই। নিশ্চয়কৈ বংগদেশত কাব্যচৰ্চা আৰু আলোচনা এই সময়ৰ অসমৰ কবিতা আৰু আলোচনাতকৈ আগবঢ়া। কিন্তু কিছুমান বাস্তৱিক সমস্যা একেই- এই দেশতো সেই দেশতো। অসমৰ কবিতাৰ সমালোচনা নৱকান্ত-অজিৎ-হীৰেন-নীলমণি (যাক আমি এসময়ত সোণালী চতুৰ্ভূজ বুলিছিলোঁ)- ইয়াৰ বাহিৰে কোনো আলোচনা পাবলৈ নাই। বংগদেশতো কথা একেটাই। ৰবীন্দ্ৰনাথৰ পৰা আৰম্ভ কৰি জীবনানন্দলৈকে ৰেখা এটা টানি দায়িত্ব সামৰিয়ে থোৱা হৈছে আজিকোপতি। কিন্তু মুনমুন সৰকাৰ ৰৈছে এই পৰিসৰৰ বাহিৰত। আৰু বেছি সমসাময়িকতাৰ সৈতে খোজ মিলাই আগবাঢ়িছে। এই নিৰ্বাচনী পদ্ধতিৰ সন্মুখত অনুবাদ হিচাপে অনুবাদ-তত্বৰ কথাবোৰ যেন গৌণ। কোনোবাখিনিত মুনমুনৰ ৰাজনৈতিক অৱস্থানখিনিহে যেন অধিকতৰ গুৰুত্বপূৰ্ণ। 

ব্যক্তিগতভাবে বাংলাৰ পৰা অসমীয়ালৈ কবিতা অনুবাদক লৈ মই বহুত সমস্যা পাওঁ। ওচৰ চুবুৰীয়া ভাষা বুলিয়েই বহুতৰ মনত ই তেনেই সহজ কাম। কিন্তু লিপি আৰু শব্দৰ বহু মিল থাকিলেও এই মিলখিনিয়ে কেতিয়াবা আহুকালহে কৰে। আমি অন্যত্ৰ উল্লেখ কৰি অহা কিছু কথা এইখিনিতে আকৌ উনুকিয়াব খুজিছোঁ। অসমীয়া আৰু বঙালী তেনেই ওচৰা ওচৰি ভাষা। মিচিং বড়ো কার্বি বা আনবোৰ জনজাতীয় ভাষাতকৈও ইয়াক বেছি ওচৰচপা যেন লাগে। কিন্তু তাৰ পিছতো, আমি বোলা ‘মৰম’ শব্দটো আৰু বঙালিয়ে বোলা মৰম শব্দৰ মাজত এশ যোজন ফাঁক। বঙালীৰ মৰম শব্দটো সংস্কৃত মর্ম শব্দৰ অলপমান ইফাল সিফাল মাত্র, কিন্তু আমাৰ কাৰণে তাতেই কিমান মৰম কেনেকৈ বুজাওঁ? আমাৰ মৰমৰ সমান্তৰাল কিবা যদি আছে বঙালীত সেয়া হ’ল দৰদ। কিন্তু আমি দৰদ বুলিলে বুজোঁ অলপমান বেলেগ। এই যে অলপমান বেলেগ, তাতেই বহু অঘটন ঘটিব পাৰে। এই সম্পৰ্কে নৱকান্ত বৰুৱাই এষাৰ কথা কৈছিল। ৰবীন্দ্ৰসংগীতৰ "বিৰহ দহন লাগে" বাক্যাংশটিত দেখাত আটাইকেইটা শব্দয়েই অসমীয়াতো আছে - বিৰহ আছে, দহন আছে, লাগে আছে। সেয়েহে জনৈক অনুবাদকে অনুবাদ কৰোতে অসমীয়াতো তেনেদৰেই ৰাখিলে। কিন্তু বিৰহ আমাক লাগে জানো? নে দহন লাগে? আমি যিটো বিচাৰোঁ সেইটোহে লাগে বুলি কওঁ। তেনেহ'লে বিৰহ বা বিৰহৰ দহন লাগে বুলি কিয় ক'? বঙালীত লাগে মানে লগা - আঘাত লগা, দুখ লগাৰ দৰে। অসমীয়াত বুজোৱাৰ দৰে বিচৰা অৰ্থত নহয়। ফলত অৰ্থটোৱেই ওলোটা হৈ থাকিল। দ্বিতীয়তে, এয়া কেৱল এটা ভাষিক অনুবাদ নহয়। কবিতাৰ অনুবাদ। মৌখিক বা লিখিত ভাষাৰ সংজ্ঞাটোৰ সিপাৰে কবিতাৰো এটা নিজা ভাষা থাকে। এতিয়া অনুবাদকৰ সিদ্ধান্তৰ কথা আহি পৰে, সেই কাব্যভাষাক তেওঁ হুবহু ৰাখিব নে অনুবাদৰ বেলা কাব্যভাষাকো আত্মীকৰণ কৰি তাক অভিযোজনাৰ ৰূপ দিব। 

অনুবাদ শিল্পৰ প্ৰয়োজনীয়তাৰ প্ৰসংগখিনি বাৰু আছেই, কিন্তু যেতিয়া দেখিলোঁ অনুবাদিকাই শঙ্খ ঘোষকে ধৰি ৰূদ্ৰ মুহম্মদলৈকে সামৰিছে- তেতিয়া আৰু থমকি ৰ’বৰ কাৰণ নাথাকিল। শঙ্খ ঘোষৰ সৈতে যদি আছে এই লেখকৰ ব্যক্তিগত আবেগ, বিনয় বা ৰুদ্ৰক লৈ আছে বন্ধুমহলত বিভিন্ন আড্ডাখানাৰ গল্প-গুজৱৰ মাজেৰে গঢ় লৈ উঠা এটা ফেণ্টাচীৰ সম্পৰ্ক। 

মুনমুন সৰকাৰৰ কিতাপখনৰ মই পঢ়া পাণ্ডুলিপিটোৰ প্ৰথমটো কবিতাই বিনয় মজুমদাৰৰ। ক’তো কোনো কামতে সিদ্ধহস্ত নহৈ হতাশাগ্ৰস্থ হৈ কবিতা লেখিবলৈ আৰম্ভ কৰা কবিৰে ভৰা এই দেশত বিনয় মজুমদাৰৰ কথানো কেনেকৈ ক’ম সেয়া এক জটিল প্ৰশ্ন। বিনয় তীক্ষ্ণধী। প্ৰচুৰ মেধা। গণিত বিজ্ঞানৰ অদ্ভূত পাৰদৰ্শিতাৰ সম্ভাৱনা থকা বিনয়ে কবিতা লিখা আৰম্ভ কৰিলে। কিয়? সেই উত্তৰ কাৰো ওচৰতে নাই। সেই বিনয়ৰ কবিতাৰে মুনমুনে কিতাপখন আৰম্ভনী কৰিছে- সেয়া দেখি ভাল লাগিল। বিনয়ৰ মেগনাম অ’পাছ ‘ফিৰে এসো চাকা’-ৰ সমালোচনাত শক্তি চট্টোপাধ্যায়ে কৈছিল “বিনয়ে ইচ্ছা কৰিলেই যিকোনো বিষয় লৈয়েই কবিতা লিখিব পাৰে। মল-মূত্ৰ-গোবৰ লৈয়ো পাৰে”। 

বিনয়ে গণিতৰ সৈতে থকা তেওঁৰ মেধাৰ সম্পৰ্কেৰে বহু কবিতা লিখিছে। কিন্তু ইয়াত গণিত উপস্থিত হৈছেহি এটা একান্তই কাব্যিক ৰূপ লৈ। কিছুকাল আগেয়ে আমাৰ অলপ কথা হৈছিল। কবিতাৰ বিষয় সদায়ে ফুল-তৰা-পখিলা কিম্বা উজাগৰী ৰাতি কিয় হ’ব? পদাৰ্থ বিজ্ঞান লৈ কবিতা, ফুটবল খেলক লৈ কিয় হ’ব নোৱাৰিব? বিনয় মজুমদাৰৰ দৰে ব্যক্তিয়ে এইবোৰ কাম বহু আগেয়েই কৰি থৈ গৈছে। কবিতাৰ পথাৰখনৰ নিৰন্তৰ সম্প্ৰসাৰণত যিসকল মানুহৰ অনবদ্য অৱদান আছে সেইসকল কবিৰ কবিতাকেই মুনমুন সৰকাৰে বাচি লৈছে। আন সকলো প্ৰসংগ বাদ দিও কবি আৰু কবিতাৰ নিৰ্বাচনৰ দিশটোৰেই মুনমুনৰ এইখন পুথিয়ে এটা গুৰুত্ব দাবী কৰি থাকিব। 

কবিতা এটা পঢ়া, বা কবিতাৰ অনুবাদ এটা পঢ়া এক কথা। কিন্তু কবিতাৰ অনুবাদৰ কিতাপ এখন পঢ়া সমূলি অন্য কথা। দা আৰ্ট অফ বুক মেকিঙৰ কথাখিনি এইখিনিতে আহি পৰে। মুনমুনে নিজে মৌলিক কবিতাও লিখে, চখতে কেতিয়াবা গানো গায়। অনুবাদত আগ্ৰহী যিহেতু হয়তো আৰু কবিৰ কবিতা তেওঁ অনুবাদ কৰিছে। কিন্তু এই কিতাপখনৰ বাবে কোনকেইজন কবিৰ কোন কেইটা কবিতা বাচনিত তুলিছে তাৰ আঁৰৰ ষ্ট্ৰেটেজী এটা নিশ্চয় থাকিব। সেই ষ্ট্ৰেটেজীটো কি বুজিবলৈ চেষ্টা কৰিলোঁ। দুটা দিশ বিচাৰি পালোঁ। প্ৰথমটোত আছে- দৰ্শনৰ দুটা প্ৰপঞ্চৰ মাজৰ সংঘাত আৰু সামঞ্জস্য : সমাজ দৰ্শন আৰু মেটাফিজিক্স। দ্বিতীয়টোত আছে ব্যক্তিবোধৰ ৰাজনীতি : বিষয়ী অৱস্থান বা চাবজেক্টিভিটী। 

কবিতাই কোনো কথাই পোনপটীয়াকৈ নকয় বুলি এটা অভিযোগ আছে। আমি স্পেক্টেটৰশ্বিপ বা দ্ৰষ্টাবাদ লৈ কাম কৰা মানুহ বাবে কওঁ, দোষটো কেৱল কবিতাক দিলে নচলে। কবিতাই কিবা পোনপটীয়া কথা ক’লেও পাঠকে তাৰ আওপকীয়া ‘মানে’ৰ সন্ধান কৰিবলৈ লাগি যাব। কবিৰ যি দোষ, পাঠকৰো সেই একেই দোষ। কবিতা মূলতঃ স্বাধীন[ii]। ৰবীন্দ্ৰনাথৰ প্ৰেম পৰ্যায়ৰ গানবোৰ আচলতেই প্ৰেমৰ নে? প্ৰেমৰ বুলি শুনি থাকি এদিন হঠাৎ আৱিষ্কাৰ কৰোঁ- এয়া দেখোন ব্ৰাহ্ম-সংগীত। প্ৰাৰ্থনাগীত। প্ৰাৰ্থনা বুলি শুনিবলৈ লৈ পিছত বুজি উঠোঁ ই দেখোন একান্তই প্ৰেম! ৰবীন্দ্ৰনাথেই এই চূড়ান্ত ‘বদমাছী’ কৰি থৈ গৈছে। শঙ্খ ঘোষৰ কবিতাটো এতিয়া কি? কিবা শ্ৰেণীবিভাজন সম্ভৱনে? 

‘গৃহ-স্থ সন্যাস’ নামটোতেই বহুত ইংগিত। আৰু বেছি ইংগিত ৰৈছে গৃহস্থ নিলিখি গৃ-হস্থ লিখাত এই এষ্টেৰিস্কৰ (asterisk) প্ৰয়োগটোত। গৃহতে থাকিয়া-ৰ গৃহ-স্থ। এই গৃহস্থ ঘৰৰ মালিক বোলা প্ৰচলিত অৰ্থৰ নহয়। অথচ হয়ো। ‘আমি সে ঘৰেৰ মালিক নই’ৰে পৰা হাসন ৰাজাৰ ‘ঘৰ-বাড়ি ভালা নাই আমাৰ’-লৈকে অজস্ৰ বাউল-ফকিৰী গানে ঘৰ আৰু শৰীৰক যুক্ত কৰি থৈছে। আৰম্ভনীখিনি প্ৰেমৰ যেন। যেতিয়া আগবাঢ়ে তেতিয়া ই আধিভৌতিক বা মেটাফিজিকেল মাত্ৰা এটা লয়। কিন্তু শেষৰ বাক্যটো কি? মুনমুনৰ অনুবাদটো পঢ়ক- “প্ৰশ্নটো আছিল জনগণ আছে নে আৰামত?” সমাজবীক্ষা বা একালৰ টাৰ্ম প্ৰগতিশীল শ্ৰেণীতহে ইয়াৰ অৱস্থান নেকি? শ্ৰেণীবিভাজন কৰিবলৈ লৈ বহি এই কবিতাটো ইফালেও থ’ব নোৱাৰি সিফালেও থ’ব নোৱাৰি অৱশেষত অনিৰ্দিষ্ট কাললৈকে ইয়াক লিৰিকি বিদাৰি থাকিবলৈ আমি বাধ্য।

 

চ’তৰ বৰদৈচিলাৰ বাবে আছিলা বাট চাই

অকস্মাতে তাই পাৰ হৈ গ’ল বেকাবেকি বাটেৰে

দিক্‌ হেৰুৱাই ঘূৰি ফুৰিছা জোঁট লগা

এইহেন উত্তপ্ত পথেৰে।

 

লগ ল’বলৈ এখন হাতো কেনিও নাই যেতিয়া

কাৰ ভৰসাত আছিলা অতদিনে চিনচাব তাৰো নাই,

চোৱা-

দহনৰ ক্ষণ সমাগত এতিয়া।

 

ক’ত ভুল হ’ল? ঘৰৰ চুকত।

টান নাছিল গাৰ্হস্থ্যত, নাছিল সন্যাসতো।

কেনে আছা তুমি সুধি কিনো পাম?

প্ৰশ্নটো আছিল জনগণ আছে নে আৰামত?

(শঙ্খ ঘোষ, ‘গৃহ-স্থ সন্যাস’) 

দৰ্শন আৰু সাহিত্য একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মানুহে কয়। এটা সাহিত্য-পাঠ আচলতেই এটা দৰ্শনপাঠ। সাহিত্য আৰু সমাজ এই দুইটাও একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি- একেখিনি মানুহেই ক’ব। তেনেহ’লে সাহিত্যই দৰ্শন? সাহিত্যই সমাজ? দৰ্শনৰ নামেৰে মহাজাগতিক এক পৰম বীক্ষা আৰু তাৰ বিপৰীতে দৈনন্দিন জীৱনৰ ঘন-ঘটা, এই দুইৰ মাজতেই মুনমুন সৰকাৰৰ কবিতাৰ নিৰ্বাচন অৱস্থান কৰে যেন অনুভূত হ’ল। 

ভালেখিনি উদাহৰণ থাকিলেও, শঙ্খ ঘোষ তাৰ মাজত অন্যতম। ‘গৃহ-স্থ সন্যাস’- কবিতাটিৰ বিষয়বস্তু কি? ধাৰা কি? জাগতিক, তাৰ পিছত মহাজাগতিক, তাৰ পিছত আকৌ উভতি আহি এখন সমসাময়িক সমাজক প্ৰশ্ন কৰিব পৰাৰ ক্ষমতা ৰখা ই কেনে কবিতা? 

এইখন সংকলনৰ প্ৰায়ভাগ কবিতায়ে এইখিনি ঠাইত বিৰাজে। এহাতে আধিভৌতিক, আনহাতে বাস্তৱিক, নিত্য-নৈমিত্তিক অথবা বাস্তৱিক। আৰম্ভণীৰ কবিতাটোত বিনয় মজুমদাৰে গণিতেৰে জুখিবলৈ চাইছে মহাজাগতিক তত্ব। সেই একে বিনয়ৰে, যি বিনয়ে গণিতেৰে জুখিছিল মহাজগত অলপ আগেয়ে, এতিয়া আকৌ দেখিছোঁ ‘বাৰিষা’ নামৰ কবিতাত অন্যধৰণেৰে চাবখুজিছে সেই একেই মহাজগত

 

“ভেটফুলৰ প্ৰতিটো পাহিৰ, প্ৰতিখিলা পাতৰ মাজত কেতিয়াবা ভয়ংকৰ মিল থাকে

কেতিয়াবা সম্পূৰ্ণ অমিল”।

(বিনয় মজুমদাৰ, ‘বাৰিষা’) 

এই সংকলনত থকা ‘গৃহ-স্থ সন্যাস’-ৰ কবি শঙ্খ ঘোষৰ আনটো কবিতা আকৌ ‘সবিনয় নিবেদন’। কেনে ক্ষোভ আৰু ভ্ৰূকুটি! কি ব্যঞ্জনা! কেনে ক্ষুৰধাৰ। এতিয়া আমি অলপ আগেয়ে কোৱা কথাখিনি ঘুৰাই লৈছোঁ। কোন পাষণ্ডই কয় কবিতাই কোনো কথাই পোনপটীয়াকৈ নকয় বুলি? 

ব্যক্তি, বাস্তৱতা আৰু ৰহস্যৰ এই অদ্ভূত ইলাষ্টিক বন্ধনৰ মাজতে আমি একেদৰেই পাইছোঁ তসলিমা নাসৰিনক-

 

মই আৰু মৃত্যুৱে মিলি ওৰে ৰাতি হাল্লা কৰোঁ,

তচ্‌নচ্‌ কৰোঁ ঘৰ, শেষত কান্দো

পকাত বাগৰি বাগৰি কান্দো।

মৃত্যুৱে তাৰ নোমাল দীঘল হাতখনেৰে মোৰ নিজান, নিথৰ শৰীৰটোক চুৱে, কয়,

খুব নিবিড়ভাবে কয়- জী থাকা

(তসলিমা নাসৰিন, ‘জী থকা’) 

শ্ৰীজাতও জানো কম?

পুৰণি চাউল ভাতত বাঢ়ে

আৰু নতুন কবিতাত বাঢ়ে ভাত...

(শ্ৰীজাত, ‘ভাত’) 

গ্ৰন্থ নিৰ্মানৰ প্ৰয়াস হিচাপে মুনমুন সৰকাৰৰ এই কিতাপখন এটা ৰাজনৈতিক সিদ্ধান্ত বুলি ক’বলৈ আমি এতিয়া বাধ্য।

সহজ অৰ্থৰ দাৰ্শনিক আৰু সহজ অৰ্থৰ সামাজিক- এই দুই বিন্দুৰ মাজৰ অৱস্থানতেই মুনমুন সৰকাৰৰ এই কাব্যসংকলনৰ নিৰ্বাচন বিৰাজমান যেন লাগিল। আৰু এই সহজ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবেই সহজতে এই কিতাপখনৰ প্ৰতি মই আকৃষ্ট হ’লোঁ। 

এতিয়া আহোঁ অন্যটো দিশ- বিষয়ী চেতনা। আলোকৰঞ্জন দাশগুপ্তই তেওঁৰ ‘আধুনিকতাৰ সংজ্ঞা’ নামৰ ৰচনাখনৰ আৰম্ভণীতেই এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষন দাঙি ধৰিছে। ঋষি ঘোষ সম্পাদিত ‘আধুনিক বাংলা কবিতা : সময়ের অভিজ্ঞান’ গ্ৰন্থৰ পাতনিও আৰম্ভ হৈছে তাৰ উদ্ধৃতিৰে- “প্ৰাচীন আৰু আধুনিক কবিতাৰ প্ৰস্থানভুমিৰ পাৰ্থক্য যদি একে আষাৰতে ক’বলৈ হয়, ইমানকণ ক’লেই পৰ্যাপ্ত হ’ব, প্ৰাচীন কাব্যৰ মূলসূত্ৰ ৰচয়িতাৰ আত্মবিলুপ্তি আৰু পৰৱৰ্তী কবিতাৰ উপপাদ্য অভিমানী অহং”।[iii] বাংলা কবিতাত কবিতাৰ অন্তৰালত অন্ততঃ কবিজন আছে, এজন মানুহ হিচাপে। এই কথাও খুব সহজ কথা নহয়। মই ‘কোন’ আৰু মই ‘ক’ত এই দুটা কথা এইখিনিতে খুব বেছি জৰুৰী। তাৰ লগতে সাঙোৰ খাই থাকে মই ‘কিয়’ আৰু মই ‘কেতিয়া’। 

আধুনিকতাক সংজ্ঞায়িত কৰাৰ সমস্যাৰে আলোচনাখিনি আৰম্ভ কৰিছিলোঁ। বিভিন্ন সমস্যাৰ মাজত এটা সমস্যাৰ মূল এয়ে যে আধুনিকতা বাৰে বাৰে ন-কৈ আৰম্ভ হয়, কিন্তু কোনোটো আধুনিকতাই শেষ নহয়। কিন্তু প্ৰতিবাৰেই ন-কৈ আত্মপ্ৰকাশ কৰা আধুনিকতাত নিহিত থাকে একধৰণৰ বিৰোধৰ চেতনা। মাইকেল মধুসুদন দত্তৰ বিৰোধিতাৰে ৰবীন্দ্ৰনাথৰ আধুনিকতা যদি আছিল, মহাযুদ্ধ-পৰৱৰ্তী কালৰ আধুনিকতাৰ এটা প্ৰধান চেলেঞ্জ আছিল মানৱীয় চেতনাৰ ৰবীন্দ্ৰীয় প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি অনাটো। এটা যুক্তিৰে আধুনিকতাবাদৰ দুৰ্ঘোৰ বিৰোধী উত্তৰ-আধুনিকতাও আধুনিকতাৰেই সম্প্ৰসাৰণ মাত্ৰ। ইংৰাজ শাসিত ভাৰতত কল্লোলৰ কালৰ আত্মচেতনা আছিল অন্যমাত্ৰাৰ। স্বাধীনতাৰ পৰৱৰ্তী কাললৈ এই আত্মচেতনা গাঢ় হ’বৰ বাবে বংগৰ ইতিহাসে আৰু ভালেখিনি আন্দোলন গৰকি আহিলে। আন্দোলন বোলোঁতে কৃষক আন্দোলন তে-ভাগা আৰু নক্সালবাৰি যেনেকৈ আছিল, দেশ-ভাগৰ পিঢ়া যেনেকৈ আছিল, তেনেকৈয়ে হাংৰি আন্দোলনৰ দৰে কাব্য-আন্দোলনো আছিল। 

কথাত কথা বাঢ়ি গৈ থাকিব। সদ্যহতে সামৰিছোঁ।

আমি যিহেতু অসন্তোষিয়া মানুহ, সেয়ে দুটামান কথা কৈ থওঁ। এই সংকলনটোৰ নাম ‘স্বনিৰ্বাচিত’ কিয় সেয়া নুবুজিলোঁ। সেই ব্যাখ্যা অনুবাদকে নিজে দিব। প্ৰাপ্ত পাণ্ডুলিপিৰ প্ৰথমটো কবিতা বিনয় মজুমদাৰৰ ‘গান এটা’-ৰ শেহৰ বাক্যটোৰ অনুবাদিত ৰূপটো হ’লগৈ “পৃথিৱীখনো এনেদৰেই সৃষ্টি হৈছিল চাগে”। এই চাগে যিটো আচলতে চাগে’, চাগৈ শব্দৰ অন্যৰূপ, অসমীয়া ভাষিক কথোপকথনৰ এটা পৰিচিত ৰূপ। বিনয়ৰ কথাত সেয়া আছিল এটা ষ্টেটমেণ্ট। মুনমুনৰ অনুবাদত সেয়া হৈ থাকিল এটা সম্ভাৱনা। অনুবাদ সম্পৰ্কীয় আৰু বহু কথা পাতিবলৈ আছে। পাতি আছোঁ, পাতি থাকিম। তাৰ আগতে এই কিতাপখন পঢ়ক। 

ইতিমধ্যেই বহু পলম হৈছে, এনে এখন কিতাপৰ প্ৰয়োজন অসমীয়া ভাষাত বহু আগতেই আছিল। সময়ৰ গুৰুত্ব আছে, কাৰণ- 

ৰাতিবোৰ ক্ৰমান্বয়ে শেষ হৈ হৈ গৈ আছে, জ্বলি জ্বলি নুমাই গৈ আছে ৰাতিবোৰ।

তেওঁক হয়তো বিচাৰিলে পাম এদিন,

কিন্তু ৰাতিবোৰ ঘূৰাই নাপাম।

(তসলিমা নাসৰিন, ‘ৰাতি’)

 

 

সমুদ্ৰ কাজল শইকীয়া, শিলপুখুৰী, নৱেম্বৰ ২০২১

kankhowa@gmail.com, Mobile: 9811375594



[i] বুদ্ধদেব বসু, ‘আধুনিক বাংলা কবিতা’

[ii] হীৰুদাৰ বাক্য

[iii] ঋষি ঘোষ (সম্পাদক), ‘আধুনিক বাংলা কবিতা : সময়ের অভিজ্ঞান

পেখু পেখু (একাশী): মধ্যমেধাৰ দেহবিচাৰ

   ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৩১ অক্টোবৰ, ২০২১]

আজি কিছুদিন আগতে সামাজিক মাধ্যমত ‘মধ্যমেধা’ শব্দ (বা শব্দ-যুগল)-ক কেন্দ্ৰ কৰি ভালেখিনি প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ। অসমীয়া ভাষাৰ এক অন্যতম গল্পকাৰ তথা সংবাদ মাধ্যমৰো এজন অগ্ৰণী ব্যক্তি মনোজ গোস্বামীৰ মন্তব্য এষাৰৰ পৰাই কথাখিনিৰ আৰম্ভণী। ‘সমাজ, সাহিত্য, ৰাজনীতি, সাংবাদিকতা, সংস্কৃতি ---সকলোতে এতিয়া চূড়ান্ত মধ্যমেধাৰ দপদপনি’ [কথাখিনি Manoj Goswami নামৰ ফে’চবুকৰ প্ৰফাইলৰ পৰা ১২ অক্টোবৰ ২০২১ তাৰিখে আগবঢ়োৱা হৈছিল]। এই ‘মধ্যমেধা’ শব্দটোৰ প্ৰয়োগক লৈ বহুত প্ৰতি-মন্তব্য, ভ্ৰুকূটি আৰু বিসম্বাদ চলিল। মধ্যমেধা বুলিলেই উচ্চমেধা কি? এই প্ৰশ্নটো যেনেকৈ আহিল, এই সময়ৰ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত বহুলোকে ‘আমি তেনেহ’লে নিম্নমেধাৰ নেকি’ বুলি এটা অৱস্থানৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। মন্তব্য প্ৰকাশৰ এটা ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত দিশ থকে। সেয়া বাৰু আমি অন্যত্ৰ আলচিম। 
শিল্পী- শুভম কাশ্যপ বৰুৱা

এই সমগ্ৰ উদাহৰণটোৱে অসমীয়া ভাষাত পৰিভাষা নিৰ্মাণৰ সমস্যাটোকেহে উদং কৰি দেখুৱালে। 

মধ্যমেধা- এই কথাষাৰৰ প্ৰথমভাগ ‘মধ্য’-ত মন দি এচামে নিম্ন কি উচ্চ কি এনে বিতৰ্কৰ সূত্ৰপাত কৰিলে যেনেকৈ, আন এচামে পাছৰ ভাগ ‘মেধা’ মানে কি ‘মেৰিট’ নেকি বুলিও অন্য এক ধাৰাৰ বিতৰ্কৰ উত্থান ঘটালে। এইখিনিতেই আমাৰ সাংস্কৃতিক পৰিমণ্ডলত শব্দ একোটাৰ পাৰিভাষিক প্ৰয়োগৰ অকৃতকাৰ্যতাৰ উমান আমি পাব পাৰোঁ। আমাৰ বিচাৰেৰে ‘মধ্যমেধা’ এটা সাধাৰণ শব্দ নহয়, বৰঞ্চ এটা পৰিভাষা। পৰিভাষা (term) হোৱাৰ লগে লগে শব্দ এটাই সাধাৰণ বৈয়াকৰণিক অৰ্থৰ সীমাৰ পৰা কেতিয়াবা উৰ্ধলৈ গৈ আৰু আন কেতিয়াবা ফালৰি কাটি গৈ নিজৰ অন্য সীমা নিৰ্দ্ধাৰণ কৰি লয়। তেতিয়া আৰু তাৰ আভিধানিক কিম্বা বৈয়াকৰণিক অৰ্থবোৰত লাগি থকাৰ কোনো মানে নাথাকে। 

শিল্পী- শুভম কাশ্যপ বৰুৱা

আমি যিমানদূৰ বুজিছিলোঁ ‘মধ্যমেধা’ শব্দটো ইংৰাজী ভাষাৰ mediocre আৰু mediocrity-ৰ অসমীয়া ৰূপান্তৰ আছিল। মধ্যমেধা হয়তো আপুনি অসমীয়া কোনোখন অভিধানতেই নাপাব। তথাপিও আভিধানিক অৰ্থ ইয়াৰ যি ওলাবগৈ পাৰে, ইংৰাজী শব্দটোৰো একেই আভিধানিক (আকৌ কৈছোঁ ‘আভিধানিক’) অৰ্থ ওলাবগৈ। অৰ্থটো মধ্যমীয়া। মধ্য কেতিয়া থাকিব? যেতিয়া উচ্চ আৰু নিম্ন থাকিব, নহয়নে? উচ্চ-নিম্নৰ অৱস্থান নাথাকিলে কিহৰ সাপেক্ষে মধ্য বা মাধ্যমে স্থিতি ল’বগৈ? এয় হ’ল সাধাৰণ তাৰ্কিক যুক্তি। কিন্তু কথাখিনি যথাৰ্থতে তেনে নহয়। ইংৰাজীত mediocre শব্দটো স্বতন্ত্ৰ। ই সকলো সময়তে উচ্চ আৰু নিম্ন দুটা অৱস্থানৰ ওপৰত আস্থাশীল হৈ অৱস্থান নকৰে। তাতোকৈ ডাঙৰ কথা, মধ্য বোলোঁতে আক্ষৰিক অৰ্থৰ মধ্যটো ইয়াত বুজোৱা হোৱাই নাই। এই মধ্যটোৱেই কেতিয়াবা উচ্চ হ’ব পাৰে, কেতিয়াবা নিম্ন হ’ব পাৰে। ইয়াৰ অৱস্থানৰ বাবে আন কিবা এটা উচ্চ আৰু আন কিবা এটা নিম্নৰ প্ৰয়োজন নাই। সেইকাৰণেই কওঁ, শব্দ এটাই যেতিয়াই পৰিভাষাৰ ৰূপ লয়, তেতিয়াই সি বহুব্ৰীহি হৈ পৰে। আভিধানিকতাৰ পৰা ফালৰি কাটি সি তাৰ অন্য ইপ্সিত অৰ্তহহে প্ৰকাশ কৰিবলৈ বেছিকৈ আগ্ৰহী। 

শিল্পী- শুভম কাশ্যপ বৰুৱা

এটা সাযুজ্য টানি আনিবলৈকে যদি হয়, তেন্তে এটা শব্দলৈ মনত পেলাওক- ‘মধ্যবিত্ত’। মধ্যবিত্ত মানেই হৈছে এচাম উচ্চবিত্ত আছে আৰু তাৰ বিপৰীতে আন এচাম নিম্নবিত্ত আছে, আৰু এই দুই মেৰুৰ মাজত যাৰ অৱস্থান সেয়ে মধ্যবিত্ত। এয়ে আভিধানিক, বৈয়াকৰণিক, যৌক্তিক, তাৰ্কিক। কিন্তু এটা বাগধাৰাত যেতিয়া মধ্যবিত্ত শব্দটো এটা পৰিভাষা হৈ যায়, তেতিয়া সি আৰু উচ্চবিত্ত কিম্বা নিম্নবিত্ত-ৰ আখ্যা কিম্বা ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকেগৈ। ধৰক এজন সমাজ বিশ্লেষকে ক’লে (আজিৰ পৰা বিছ বছৰৰ আগতে ক’লে), ‘অসমত প্ৰকৃতাৰ্থত উচ্চবিত্তৰ মানুহ নাই বুলিলেই হয়’। তাৰ বাবে তেওঁৰ বহুত যুক্তি আছে, আমিও পতিয়ন গ’লোঁ : বাৰু সঁচা অৰ্থত অত্যন্ত আঢ্যৱন্ত অসমীয়া মানুহ কেইঘৰনো আছে! আকৌ তেখেতে ক’লে, সঁচা অৰ্থত দুখীয়া মানুহো অসমত নাই। হয়তো! অমিতা এটা খাই গুটিবোৰ দলি মাৰি দিলেই সেইখিনিতে অমিতা গছ এজোপা হয়। একো নথকা মানুহ এঘৰত অমিতা এজোপা হ’লেও আছে। সঁচা অৰ্থত ভোকত অসমীয়া মানুহ মৰাৰ নজিৰ নাই, সেই হিচাপেৰে ‘সৰ্বহাৰা’ আৰু ভোকত মৰা অসমীয়া মানুহ পাবলৈ টান। অকাট্য যুক্তি। মানি ল’লোঁ। তাৰ পিছত একেজন লেখকে ক’লে সকলো অসমীয়া মানুহেই ‘মধ্যবিত্ত’। এই শেষৰ কথাষাৰ আপুনি মানিবলৈ এতিয়া বাধ্য। এইখিনি মানি চলোঁতে আপুনি মধ্যবিত্ত মানে উচ্চবিত্ত আৰু নিম্নবিত্ত থাকিবই লাগিব বুলি আকোৰগোঁজ হৈ বহি থাকিলে নিসিঁজে। এতিয়া মাহে ডেৰ লাখ দৰমহা পোৱাজনো মধ্যবিত্ত, মাহে কোনোমতে চাৰি হেজাৰ পোৱাজনো মধ্যবিত্ত। মধ্যবিত্ত শব্দটো তাৰ পিছত এনেকুৱা হ’লগৈ যে, তাৰ মাজত সোমাই থকা মধ্য-টোও আৰু মধ্য হৈ নাথাকিল, বিত্ত-টোৰো আৰু কোনো বিত্তীয় লেনদেন হৈ নাথাকিল। ই হৈ উঠিল একধৰণৰ মানসিক অৱস্থান বা সামাজিক অৱস্থান। এতিয়া মধ্যবিত্ত আৰু এটা আভিধানিক শব্দ হৈ থকা নাই, ই হৈ উঠিছে এটা পাৰিভাষিক প্ৰয়োগ।

ছবি ইণ্টাৰনেটৰ পৰা সংগৃহীত
 

মধ্যমেধা আৰু মধ্যবিত্ত- এই দুই পৰিভাষাৰ ৰজিতাখিনি যুক্তিসংগত এইকাৰণেই যে, কোনেও মধ্যবিত্ত হ’বলৈ ভাল নাপায়, কোনেও মধ্যমেধাৰ হ’বলৈ ভাল নাপায়। কিন্তু এই ‘মধ্য’টো মধ্যবিত্তৰ আৰু এই একেটা ‘মধ্য’য়েই মধ্যমেধাৰ আটাইতকৈ সুচল-সুবিধাৰ ঠাই (comfort zone)। মধ্যবিত্তৰ চৰিত্ৰ এয়ে যে ওপৰে-তলে সকলোতে আপোচ কৰোঁতেই জীৱনটো যায়, মধ্যমেধাৰো কাহিনী ঠিক একেটাই। মধ্যবিত্তয়ো আনৰ সন্মুখত নিজকে দেখুৱাবলৈ যাওঁতে- নিজকে উচ্চ বুলি দেখুৱাবলৈ চেষ্টা কৰে, মধ্যমেধায়ো ঠিক একেটা কামকেই কৰে। যেনিবা তেওঁতকৈ শ্ৰেষ্ঠ আন কোনো নাই। কিন্তু সময়ত আকৌ, মইনো আৰু কোন আমি দুখীয়া মানুহ বুলি সেই একেজন(নী) মধ্যবিত্তয়েই যেনেকৈ স্থিতি সলনি কৰে, মধ্যমেধায়ো তাকেই কৰে- ‘মই আকৌ কবি নহয় দেই’, ‘মই আকৌ ছবি নুবুজোঁ দেই’, ‘আমি হ’লোঁ সাধাৰণ পাঠক মাত্ৰ’ এইবোৰ কৈ। এই মধ্যবিত্তক নিজৰ অৱস্থানৰ বাবে কোনো উচ্চ বা নিম্নৰ প্ৰয়োজন যেনেকৈ নাই, এই মধ্যমেধাকো কোনো উচ্চ কিম্বা নিম্নৰ প্ৰয়োজন নাথাকে।    

ছবি ইণ্টাৰনেটৰ পৰা সংগৃহীত

শব্দ কিছুমান বুজিবলৈ কেতিয়াবা অলপ সময় লাগে। অলপ ব্যক্তিগত কথা কওঁ। আগতেও কৈছোঁ হয়তো। এবাৰ সমালোচনাত্মক ৰচনাৰ শ্ৰেণীকোঠাত নিজে সাংঘাতিক কিবা এটা কৰিছোঁ বুলি ভাবি কাকত এখন পাঠ কৰিলোঁ। পৰিৱেশনৰ অন্তত কিছু প্ৰশ্নোত্তৰ হ’ল। আমাৰ শিক্ষকে টিপ্পনি কৰিলে- আমাৰ লেখা হেনো ‘ইডি’অ’চিনক্ৰেটিক’ (Idiosyncratic)। প্ৰথমতে বুজি নাপালোঁ শব্দটোৰ মানে কি। তাৰ পিছত দুদিনমানলৈকে অলপ গৰ্বত ওফন্দি থাকিলোঁ ইয়াক এটা প্ৰশংসা বুলি ভাবি। কাৰণ ইডি’অ’চিনক্ৰেটিক শব্দটোৱে যি বুজায় যি হ’ল কিবা এটা একক, স্বতন্ত্ৰ, স্বকীয় ইত্যাদি। অসমৰ লেখা-মেলাৰ জগতৰ অভিজ্ঞতাৰে সেয়া ভাল বুলিয়ে বুজিলোঁ, আৰু ধৰি ল’লোঁ কিবা এটা বাজিমাৎ কৰি দিলোঁ চাগৈ। সেই দুদিনমানৰ পিছৰ পৰা এতিয়া গোটেই জীৱন সেই ঘটনাটোকলৈ লজ্জানত হৈ ৰওঁ। সাংঘাতিক একক, স্বকীয় বা ব্যতিক্ৰমী হোৱাটো সকলো ক্ষেত্ৰতে, বিশেষকৈ গৱেষণা বা বিদ্যায়তনিক কামত বৰ ভাল কথা নাছিল। কিছুমান পদ্ধতি (method) যেনেকৈ থাকে, তাৰ পদ্ধতিবিধিও (methodology) তেনেকৈয়ে থাকে। এতিয়াও বুজিবলৈ থাকি গ’ল, মোৰ লেখাক ইডি’অ’চিনক্ৰেটিক বোলাটো এটা প্ৰশংসা আছিল নে আছিল এটা বোন্দাচৰ!   

পৰিশেষত, মনোজ কুমাৰ গোস্বামীয়ে উল্লেখ কৰা ‘মধ্যমেধা’ কথাষাৰৰ মানে আছিল mediocrity। তাকে গ্ৰহণ নকৰি তাৰ পৰিপ্ৰেক্ষিতত ‘তেন্তে উচ্চমেধা কি’, ‘তেন্তে নিম্নমেধা কি’ ধৰণৰ যি আলোচনাখিনি উঠিল, সেই আলোচনাখিনিয়েই আছিল মধ্যমেধাৰ আলোচনা। গোস্বামীৰ কষ্ট লাঘৱ হ’ল : আমি মধ্যমেধাৰেই হয়। সদ্যহতে কথা শেষ।


সমুদ্ৰ কাজল শইকীয়া

Email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (আশী): আৰে ভাই কেহনা ক্যা চাহতে হ’? (লেখকৰ হাতপুথি : ‘উদ্দেশ্য’)

   ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ চেপ্তেম্বৰ, ২০২১]


লেখক বা শিল্পীসকলক সমাজ বহিৰ্ভূত কৰি ৰখাৰ আধুনিকতাবাদী পৰম্পৰাটোৰ বিৰোধিতা কৰি থাকিলেও আকৌ আমি একেটা সময়তে এই কথাও কওঁ যে লেখক-শিল্পীৰ ক্ষেত্ৰত সমাজত সাধাৰণ ভাবে ব্যৱহাৰ হৈ থকা অৰ্থত সততাৰ ধাৰণাখিনি প্ৰযোজ্য নহয়। শিল্পী সৎ নহয়, হ’ব নোৱাৰে আৰু তাতোকৈ ডাঙৰ কথা হোৱা উচিতো নহয়। একেবাৰে সহজ কথাত শিল্পী মানেই মূলগতভাবে ‘বদমাছ’, ‘দুষ্ট’। সমাজৰ প্ৰচলিত সহজ ধাৰণাৰে ‘ভাল মানুহ’ যে একেবৰেই নহয়।
  প্লেটোৰ আদৰ্শৰাজ্যৰ পৰা শিল্পীকূল বহিস্কৃত হোৱাৰ এটা কাৰণ হয়তো এয়ে। একেবাৰে সহজভাবে চমুৱাই ক’লে সমাজে ভাল বোলা ব্যক্তিজনে পৰীক্ষাত ভাল নম্বৰ পাই চাকৰী পাই বিয়া পাতি ঘৰ সাজিব। তাকে নকৰি ছবিয়েই বা আঁকিবলৈ যাব কিয়, গান গায়েই সময় নষ্ট কৰিব কিয়? সমাজে ভাল বোলাজনে সমাজৰেই সমালোচনা কৰি প্ৰয়োজনত বিৰুদ্ধাচৰণ কৰিবলৈ যাব কিয়। সি যি কি নহওক, ইমানকৈয়ো ব্যাখ্যাৰ প্ৰয়োজন নাই হয়তো। 

সাধাৰণ অৰ্থত আপাত নঞৰ্থক কথা কিছুমান শিল্পৰ বাগধাৰাত সদৰ্থক হৈ দেখা দিয়ে। তাৰে কেইটিমানৰ উদাহৰণ দিম। উদ্দেশ্যধৰ্মীতা বা উদ্দেশ্য প্ৰণোদিত আচৰণ দৈনন্দিন প্ৰয়োগত বা ৰাজনৈতিক ক্ষেত্ৰত অশোভনীয়। কিন্তু শিল্পৰ ক্ষেত্ৰত ই এটা প্ৰয়োজনীয় দিশ। তেনেকৈয়ে কোনোবাই হঠাতে আহি ‘এনকাউণ্টাৰ’ বুলি ক’লে কোনোবাই কাৰোবাক গুলীয়াই মৰাৰ দৰে হিংস্ৰ ঘটনা এটা মনলৈ আহিব। কিন্তু শিল্পত বিষয়ৰ পৰা বিষয়ান্তৰৰ মাজত, আদৰ্শ আৰু প্ৰতি-আদৰ্শৰ এনকাউণ্টাৰ (encounter) ঘটি থাকে। ঘটি থাকে কনফ্লিক্ট (conflict), অৰ্থাৎ সংঘাত। দৈনন্দিন বা সামাজিক জীৱনতো আমি হয়তো সংঘাত নিবিচাৰিম। কিন্তু শিল্পই আৰু দৰ্শনে বিচাৰে সংঘাত, সংঘাতৰ পৰাই সৃষ্টি সম্ভৱপৰ হৈ উঠে। Provocation- হায় হায়! কোনোবাই কাৰোবাক উচতনি দিয়াটোতো নিৰ্ঘাত অপৰাধেই হয়। পিছে শিল্পত নহয়। উচতনি বৰঞ্চ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। আনকি কোনটো শিল্পই বা কোনজন শিল্পীৰ শিল্পচেতনাই কেনেকৈ দ্ৰষ্টাক উদ্বুদ্ধ কৰিছে কিম্বা কি নতুন চিন্তাৰ উদ্ৰেক কৰিছে- সেই উচতনিৰ আধাৰতেই শিল্পৰ মহত্ব বিচাৰ কৰা হয়। তেনেকৈয়ে manipulation, distortion, imitation, debate এই আটাইখিনি কথাৰেই মাত্ৰা শিল্পৰ জগতত অন্য। শিল্প-বাক মানেই যে দৰ্শন চৰ্চা এই কথা মানি ল’লে আমাৰ এইখিনি কথাতো সহমত হ’বলৈ অসুবিধা নাথকিব। এটা চিন্তা সাব্যস্ত হোৱাৰ পিছত তাৰ বিতৰ্কৰ আধাৰত পৰৱৰ্তী চিন্তাৰ উন্মেষ ঘটে। এই বিতৰ্কৰ প্ৰয়োজন যেনেকৈ আছে তেনেকৈয়ে সীমা ঠেলি আগবাঢ়িবলৈ হ’লে পূৰ্বাপৰস্থিত কৰ্ম বা ধাৰণা এটিক কেতিয়াবা অনুকৰণ, কেতিয়াবা তাৰ ইচ্ছাকৃত বিকৃতিকৰণ জৰুৰী হৈ উঠে। Appropriation শব্দটো ৰাজনৈতিক আলোচনাত কেতিয়াবা ইতিবাচক কেতিয়াবা নেতিবাচক। ইয়াক যদি আত্মসাৎ-কৰণ বা আত্মীকৰণ বোলা হয় অসমীয়াতো শুনিবলৈ বেয়া শব্দ যেনেই লাগিব। কিন্তু চাবলৈ গ’লে সমগ্ৰ কলাৰ ইতিহাসেই আচলতে আত্মীকৰণৰ ইতিহাস। বেদখল আৰু অধিগ্ৰহণৰ দৰে কথাবোৰ শিল্পত সহজ। শৈল্পিক তৰ্কবিদ্যাই আইনী পৰিভাষা নামানিবও পাৰে। 


উদ্দেশ্যধৰ্মী লেখক 

সাহিত্যত উদ্দেশ্যধৰ্মিতা বুলি আলোচনা কিছুমানৰ সন্মুখীন হৈ থাকোঁ। বুজিবলৈ টান হ’ব নালাগে যে এই ক্ষেত্ৰত উদ্দেশ্যধৰ্মিতাই আভিধানিক অৰ্থ বহন কৰাৰ পৰিৱৰ্তে এক পৰিভাষা হিচাপেহে ঠিয় দিয়ে আৰু বহুব্ৰীহিৰ দৰে প্ৰগতিশীল সাহিত্যৰ ফালে বাট পোনায়। এতিয়া এই প্ৰগতিশীল কথাষাৰৰ বেলিকাও কথা একেটাই। আভিধানিক অৰ্থৰ প্ৰগতিৰ পৰা ফালৰি কাটি ই মাৰ্ক্সবাদ বা সামাজিক বাস্তৱতাৰ দিশে আগবাঢ়ে। এই সামাজিক বাস্তৱতাও জানো কম? সাধাৰণ অৰ্থৰ চাক্ষুস বা ৰেটিনেল, প্ৰপঞ্চবাদী-অস্তিত্ববাদী বাস্তৱতাতে আবদ্ধ নাথাকি ইয়ো উদ্দেশ্যধৰ্মী প্ৰগতিশীল-সামাজিক বাটটোৰ ইংগিত দি থাকে। এনেকৈয়ে এটাৰ পিছত আন এটাকৈ শব্দৰ পাৰিভাষিক ৰূপবোৰলৈ মন কৰি গৈ থাকিব পাৰি।   

প্ৰগতিশীলতাৰ দিশটোক আওকাষে থৈয়ো সাহিত্যত উদ্দেশ্যধৰ্মীতা ভাল নে বেয়া- বিতৰ্ক হ’ব পাৰে। হৈছেও চাগৈ। লেখকৰ উদ্দেশ্য যদি থাকিব নালাগে তেন্তে বিপৰীতাৰ্থক আখ্যাটো কি হ’ব? উদ্দেশ্যহীন লেখক? কোন লেখকে বাৰু নিজকে উদ্দেশ্যহীন লেখক বুলিবলৈ ভাল পাব- আখ্যাটোৱেই ইমান আপচু! উপায় নাপাই এটা আপাত শ্ৰুতিসাধ্য আখ্যা তুলি অনা হ’ল- কলাকৈৱল্যবাদ (art for art’s sake)। কিন্তু ইংৰাজী মূল কথাটোতেই ‘sake’ শব্দটো আছে, নিজতে নিজৰ উদ্দেশ্য বুলি উদ্দেশ্যৰ অস্তিত্বৰ যৌক্তিক আধাৰ এটা ইয়াতেই সোমাই আছে। সেয়ে এই প্ৰয়োগ নিতান্তই এটা কূটাভাস, পেৰাডক্স।

 

অসমীয়া লেখকৰ প্ৰতি 

বাতৰি কাকতীয় লেখাত বৰ বেছি বহলাই লেখাৰ সুবিধা নাই। ওপৰৰ কথাখিনি একাধিক প্ৰসংগৰ অৱতাৰনাহে। ইতিমধ্যেই এনেবোৰ প্ৰসংগৰ বহু আলোচনা হৈ গৈছে, নতুন আলোচনা সেয়ে বহুলাংশে চৰ্বিত-চৰ্বনেই হ’ব। ‘উদ্দেশ্য’ লেখকৰ লেখাৰ এটা পৰিহাৰ্য উপাদান- এই কথাষাৰকে কওঁ বুলি বহোঁতেহে কথাত কথা বাঢ়ি ওপৰৰ কথাখিনি ওলাল। আৰ্থিক সমৰ্থনৰ অভাৱ, স্বীকৃতিহীনতা আদি বহু আহুকাল বা নৈৰাশ্যৰ মাজতো ভালেখিনি অসমীয়া লেখকে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে। কিন্তু ভালেখিনি লেখকৰ লেখাই আমাক নিৰাশ এনেকৈ কৰে যে লেখা এটা পঢ়ি উঠি প্ৰায়ে মনলৈ আহে- এয়া যেন কেৱল সময় নষ্ট। লেখাসমষ্টিৰ এফাল কেৱল বা-বাতৰি, ইনফৰমেচন; আনটো ফাল ভাবোচ্ছাস আৰু আবেগৰ ভঁৰাল। গদ্যৰ সাধনা সহজ কথা নহয়, সেয়ে ইয়াৰ কোনো উজু পদ্ধতিও নাই। কিন্তু নতুন লেখকক যদি সহজকৈ আৰু তপৰাই কিবা এটা ক’বই লাগে কি কথা কেনেকৈ ক’ব পাৰি সেয়া ভাবি থাকোঁতেই তপৰাই ক’বখোজাটো কেইবাতৰপীয়া হৈ ওলাল। তথাপি আজিলৈ থাওকতে যিটো কথালৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচাৰিলোঁ সি হ’ল- ‘উদ্দেশ্য’। 

এই সময়ৰ ভালেখিনি লেখকৰ লেখাই উদ্দেশ্য-হীন। এই দোষটোক কেতিয়াবা নিৰ্বোধিতা বুলিব পাৰি, কেতিয়াবা অসাধুতা। নিৰ্বোধিতা এইবাবেই যে লেখা এটাৰ উদ্দেশ্য কি সেই বিষয়ে অলপো নভবাকৈ কেৱল লিখিব লাগে বাবেই লিখি যোৱাটো নিৰ্বোধিতাই হয়। কিন্তু উদ্দেশ্যবিহীন যিকোনো অস্তিত্বই সম্ভৱ জানো? তেন্তে উদ্দেশ্য নাই বুলোঁতেও উদ্দেশ্য এটা আছেই। কিন্তু উদ্দেশ্য নথকাৰ ভাও লৈ থকাটো এটা দায়িত্বৰ পৰা পলায়নৰ লক্ষণ। কাৰণ উদ্দেশ্য এটা থকা মানেই লেখাটোত কি লেখা হৈছে কিয় কি কথা কোৱা হৈছে তাৰ এটা দায়িত্বভাৰ কান্ধত ল’বলগীয়া হয়। নতুন অসমীয়া লেখক এই দায়িত্বভাগৰ পৰা পলাই ফুৰিবলৈ ভাল পায়। 

যিকোনো লেখাৰ ক্ষেত্ৰতেই এইখিনি কথা প্ৰযোজ্য। উদাহৰণ হিচাপে লোৱা যাওক কোনোবা ক নামৰ লেখকে লিখা চিনেমা সম্পৰ্কীয়, বাতৰি কাকতত ছপা হোৱা এটা লেখা। লেখাৰ প্ৰকৰণটো কি? চিনেমা-সমালোচনা নে প্ৰতিবেদন নে বাতৰি? বাতৰি কাকতত যিহেতু শব্দ-সংখ্যাৰ সীমাবদ্ধতা আছে সেয়ে সবিস্তাৰ সমালোচনাৰ সুযোগ বৰকৈ নাথাকে। এইখিনিতে আমি সন্মুখীন হৈ থকা এটা অসুবিধা এনে যে, ‘মই বাৰু সমালোচক নহয় দেই’ বোলা এটা স্পষ্টীকৰণ আমি প্ৰায়ো শুনিবলৈ পাম, কিন্তু কেনেবাকৈ লেখাটো প্ৰশংসিত হৈ লেখকক বা লেখিকাক চিনেমা-সমালোচক বুলি অভিহিত কৰিলে তেতিয়া কিন্তু লেখকে নিজকে সমালোচক বুলিয়ে পৰিচয় দিবলৈ আগবাঢ়ি আহে। এই কথা বাৰু স্পষ্ট যে সমালোচনা বুলিলেই তাত এটা দাৰ্শনিক আধাৰ থাকিব। পিছে প্ৰতিবেদন বা কেৱল বাতৰি বুলিব পৰা লেখাবোৰত? আমাৰ কথা এয়ে যে যি কোনো লেখাতেই এটা দাৰ্শনিক ভিত্তি, লেখকৰ এটা অৱস্থান থকাটো জৰুৰী। আৰু অলপ জোৰ দি ক’বলৈ বিচাৰিম যে, কেৱল এটা বাতৰি কাকতৰ সাময়িক লেখাহে বুলিও যদি কোনোবাই ক’ব খোজে তেন্তে মন কৰা ভাল যে বাতৰি কাকতৰ লেখা এটাত এইখিনি কথা আৰু বেছি গুৰুত্বপূৰ্ণ। বিশেষকৈ আজিৰ তাৰিখত। এটা সময় আছিল যেতিয়া আমি চিনেমা এখনৰ কেৱল নামটোহে শুনিছিলোঁ। চাবলৈ হ’লে দহোবন কাটি কৰি দূৰ দূৰলৈ ধাপলি মেলিবলগীয়া হৈছিল, অথবা বছৰৰ পিছত বছৰ অপেক্ষা কৰি থাকিবলগীয়া হৈছিল। আজিৰ তাৰিখত চিনেমা এখন হাততে পোৱাটো সহজ। এটা সময় আছিল ইণ্টাৰনেটৰ বহুল প্ৰসাৰৰ যুগৰ আগৰ, যেতিয়া চিনেমা এখন ৰীলিজ হোৱাৰ লগে লগে তাৰ বিস্তৰ ইনফৰমেচন আগবঢ়াই কিছুমান লেখকে কেৱল ইনফৰমেচনেৰেই আমাক আশ্চৰ্যচকিত কৰিছিল। এতিয়া প্ৰযুক্তিগত সুবিধাৰ যুগত চিনেমাখন পোনচাটেই চাব পাৰোঁ। লেখা এটাই যদি চিনেমাখনৰ সম্পৰ্কে কোনো বিশেষ দৃষ্টিকোণ অথবা লেখকৰ নিজস্ব ধাৰণা একোটাক সাব্যস্ত কৰিব নোৱাৰে, যদিহে কেৱল চিনেমাখনৰ সম্পৰ্কে খবৰ অলপহে আগবঢ়াই দিয়ে, তেন্তে আমি লেখাটো পঢ়ি আমাৰ সময় নষ্ট কিয় কৰিম? কিবা খবৰ লাগিলে আমি উইকিপেডিয়া পঢ়িম। ৰেটিং চাবলৈ হ’লে আই-এম-ডি-বি খুচৰিম। কাজেই লেখা এটা যিহেতু পঢ়িবলৈ বহিছোঁ, তাত আমি চিনেমাখনৰ পঢ়াৰ লগে লগে লেখাটোৰ লেখককো নিশ্চয়কৈ পঢ়িম। 

কিয় ভাল বা কেনেকৈ ভাল তাৰ ইংগিত যদি নাথাকে তেন্তে ‘চিত্ৰনাট্য ভাল’ এই কথাষাৰৰ অৰ্থ নোলায়গৈ। অমুকৰ অভিনয় যথাযথ কথাষাৰো অবান্তৰ। যথাযথ নহ’লে তাৰ বাবেতো আৰু অযথাযথ বা অযথাঅযথ ধৰণৰ শব্দ একোটা নাই! তেন্তে কম শব্দত চমুৱাই কথাবোৰ কেনেকৈ ক’ব পাৰি? সেই বাট বিচাৰিব লাগিব লেখকেই। চমু লেখাত বহলাই লিখাৰ অৱকাশ নাথাকে- এই অভিযোগটো (আচলতে অজুহাত) সাধাৰণ ধাৰণাৰেই অৰ্থহীন। লেখাটো যিহেতু চমু, সেয়ে লেখাটো কিয় লিখা হৈছে, ইয়াৰ উদ্দেশ্য কি সেই প্ৰশ্নটো প্ৰথমে নিজে নিজকে কৰি ল’লেই সমাধানৰ বাট ওলায়। লেখা এটা লিখা হৈছে যেতিয়া লেখোঁতাজন লেখকেই হয়। লেখক হয় যিহেতু লেখকৰ লিখিবলগীয়া বা ক’বলগীয়া কিবা এটা নিশ্চয় আছে। যদি নাই নিলিখিলেই হ’লহেতেন দেখোন। লিখিছে যেতিয়া কিনো লিখিছে তাকে আমি পাঠক হিচাপে পঢ়িবলৈ বিচাৰিম। যি লিখিছে সেয়া কিয়নো লিখিছে প্ৰশ্নটো আমি কৰিমেই। লেখকক নকৰিলেও পাঠকে নিজেই নিজকে কৰে। লেখকে নিজেও নিজকে কৰিছেনে? অন্যথা লেখা এটা পঢ়ি উঠি এনেকুৱা প্ৰতিক্ৰিয়া হোৱাটোৱেই স্বাভাৱিক- আৰে ভাই, আখিৰ কেহনা ক্যা চাহতে হ’?     

 

সমুদ্ৰ কাজল শইকীয়া

Email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (ঊনাশী): বৃন্দাবনী বস্ত্ৰ আৰু লেখকৰ ভিত্তি

   ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১১ জুলাই, ২০২১]

একক বিষয়ক কেন্দ্ৰ কৰি নিৰহ নিপানীকৈ লেখা অসমীয়া ভাষাৰ কিতাপ তাকৰ। সেয়ে মৃণাল চন্দ্ৰ কলিতাৰ বৃন্দাবনী বস্ত্ৰ নামক কিতাপখন প্ৰশংসাৰ যোগ্য। বৃন্দাবনী বস্ত্ৰৰ সৈতে আমাৰ বহু আবেগ জড়িত হৈ আছে যদিও ইয়াৰ সম্পৰ্কে আমি বৰ বিশেষ কথা জানিবলৈ নাপাওঁ। সেয়ে বহু সময়ত কাকত-আলোচনীত সিচৰতি হৈ থকা বিভিন্ন জনৰ প্ৰবন্ধপাতিলৈকে মুখ মেলি ৰ’ব লগা হয়। অসম সাহিত্য সভাৰ অন্তৰ্গত প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা (গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ)-ৰ দ্বাৰা ২০০৮ চনত প্ৰকাশিত এষষ্ঠি পৃষ্ঠাৰ এইখন কিতাপত সন্নিবিষ্ট বাৰটাকৈ অধ্যয়ত বৃন্দাবনী বস্ত্ৰখনৰ আৰ্হি আৰু গঠণ সম্পৰ্কীয় সকলোবোৰ দিশ, যেনে ইয়াত উপস্থাপন কৰা চানেকীসমূহ, সূতাত ব্যৱহাৰ কৰা ৰং, দীঘ আৰু পুতল আদিবোৰৰে পৰা ইয়াৰ ইতিহাস, গুৰুত্ব তথা সংৰক্ষণ সম্পৰ্কীয় প্ৰায় গোটেইবোৰ দিশেই সাঙোৰা হৈছে। গতিকে এই কিতাপখন যে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতৰ গৱেষকসকলৰ বাবেও সহায়ক পুথি তাক বহলাই সময় নষ্ট নকৰোঁ।   

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

‘প্ৰকাশকৰ এষাৰ’ত প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশচন্দ্ৰ শৰ্মাদেৱে কৈছে, “গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰৰ ওপৰত অসমত যোৱা ৫০০ বছৰৰ ভিতৰত কোনো লোকে গ্ৰন্থ লিখা শুনা নাযায়। বৈষ্ণৱ সাহিত্যৰ ভঁড়াললৈ এই ‘বৃন্দাবনী বস্ত্ৰ’ পুথিখন অন্য এক সংযোজন বুলিব পাৰি”। অৱশ্যে এইখন কিতাপক ‘বৈষ্ণৱ সাহিত্য’ৰ ভঁড়াললৈ এক সংযোজন বোলাত শৰ্মাদেৱৰ প্ৰতি আমাৰ আপত্তি আছে। এইখন সৰ্বাংগে এখন আধুনিক অসমীয়া ভাষাৰ কিতাপ আৰু সকলো বস্তুকেই ‘সাহিত্য’ৰ সৈতে সাঙুৰি বৰ্ণোৱাৰ প্ৰৱণতাক আমি বিৰোধিতাই কৰি আহিছোঁ। বৈষ্ণৱ-সংস্কৃতি বা বৈষ্ণৱ-চৰ্চা বুলিলেও আপত্তি নাথাকিলহেতেন কিজানি। ‘ভূমিকা’ত লেখক কলিতাই বিনয় সহকাৰে কেনেকৈ তেওঁ ঘটনাক্ৰমে এই কিতাপখন লিখি উলিওৱাৰ কামটো হাতত ল’লে তাৰ সবিশেষ বৰ্ণনা আছে। বিভিন্নজন গৱেষক পণ্ডিতক সাক্ষাৎ কৰি, চৰিত-পুথিৰে পৰা ভালেখিনি সমসাময়িক গৱেষণাপত্ৰ অধ্যয়ন কৰি কলিতাদেৱে কিতাপখন যুগুত কৰি উলিয়াইছে। 

মৃণাল চন্দ্ৰ কলিতাৰ ‘বৃন্দাবনী বস্ত্ৰ’ কিতাপ  
সি যি কি নহওক, আজিৰ আমাৰ এই আলোচনাটো আৰম্ভণীতে গ্ৰন্থ সমালোচনা যেন লাগিলেও আচলতে ইয়াত লেখকৰ লেখাৰ আধাৰ সম্পৰ্কেহে কিছু কথা উনুকিয়াবলৈ বিচাৰিছোঁ। অতি আগ্ৰহেৰে হাতত তুলি লোৱা এইখন কিতাপে আৰম্ভণীতেই প্ৰচুৰ সম্ভাৱনা বহন কৰিও শেষ পৰ্যন্ত আমাক নিৰাশ কৰিছে কেইবাটাও কাৰণত। বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে নহয়, এইখন বিশেষ কিতাপৰ বিষয়ে নহয়, বৰঞ্চ সামগ্ৰিকভাবে অসমীয়া লেখকৰ লেখা মেলাৰ অভ্যাসৰ প্ৰসংগতেই কেইটামান কথালৈ চকু দিয়াটো জৰুৰী বুলি ভাবিলোঁ। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

“জগতপতি শ্ৰীবিষ্ণুৰ নিবাস স্থল বৈকুণ্ঠপুৰিত সদায় প্ৰকাশিত হয় হৰি নাম” বুলি আৰম্ভ হোৱা প্ৰথমটো অধ্যায়ৰ এইখন কিতাপত কেইবা ঠাইতো গুৰুজনাৰ দৈৱগুণৰ উল্লেখ কৰা হৈছে। এই দিশটোৱে কিতাপখনক বৈজ্ঞানিক বস্তুনিষ্ঠ আলোচনাৰ পৰা বঞ্চিত কৰে। বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰিবৰ পৰত বাৰম্বাৰ চৰিতপুথি সমূহৰ প্ৰসংগ অনা হৈছে। চৰিতপুথি সমূহৰ উল্লেখেৰে তাহানিৰ দৰে শংকৰত দৈৱগুণ আৰোপ কৰি চলা কথাবতৰাবোৰৰ উল্লেখ হয়তো এটা ৰেফাৰেন্সিয়েল উল্লেখ হৈ থকালৈকে ঠিকেই আছিল। পাঠ সমীক্ষাৰ এটা দিশৰ প্ৰয়োজন বাৰু আছে। কিন্তু চৰিতপুথি আৰু কিংবদন্তিৰ আধাৰত বৃন্দাবনী বস্ত্ৰৰ কথাসমূহ এটা অধ্যায়তে সোমাই থকা হ’লে ভাল আছিল। ভিন্ন ঠাইত লেখকে নিজেও সভক্তিৰে গদগদ হৈ কিছুমান কথা বৰ্ণনা কৰিছে যিখিনি এখন গৱেষণামূলক গ্ৰন্থৰ বাবে একেবাৰেই শোভনীয় নহয়। উদাহৰণ স্বৰূপে এটা অধ্যায়ৰ নাম হ’ল- ‘বৃন্দাবনী বস্ত্ৰ বিশ্বৰ ইতিহাস প্ৰসিদ্ধ যাদুঘৰসমূহৰ মজিয়া পালেগৈ কেনেকৈ’, কিন্তু তাত থকা কেইটিমান বাক্য এনেধৰণৰ-

“গুৰুজনা যে স্বয়ং ভগৱানৰ অংশ আছিল, সেইকথা ৰজা নৰনাৰয়ণে অনুধাৱন কৰিছিল সেই দিনাখনৰ পৰা যিদিনাখন তেওঁ চাবলৈ মানস কৰা কৃষ্ণৰ ৰূপক শংকৰ গুৰুই তেৰাৰ অলৌকিক শক্তিৰে দিব্যৰূপী ভগৱন্তক স্বচক্ষে দেখুৱাইছিল”।

… …

“এই ঘটনাৰ কিছুদিনৰ পিছত তেওঁৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ গুৰুজনাৰ দ্বাৰা তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰৰ বিস্ময়াভিভূত কৃষ্ণলীলা দেখি ৰজা নৰনাৰায়ণ নিঃসংকোচ হৈছিল যে গুৰুজনা অৱতাৰী পুৰুষ” (পৃ- ৫০)। 

একবিংশ শতিকাৰ এখন আধুনিক কিতাপত এইখিনি কথা গ্ৰহণ কৰিবলৈ তেনেই অসুবিধা :

“গুৰুজনাৰ মহাপ্ৰয়াণৰ সময় আৰু তেৰাই ৰজা নৰনাৰায়ণক বিষ্ণুৰ দৈৱ ৰূপ দেখুওৱাৰ সময়কণ লক্ষ্য কৰিলে দেখা যায় যে দুয়োটা ক্ষণেই দুপৰীয়া চাৰিদণ্ড”। …ভগৱন্তৰ অংশস্বৰূপ হোৱাৰ বাবেই হয়তো গুৰুজনাই ৰজা নৰনাৰায়ণক বিষ্ণুৰ স্বৰূপ দেখুৱাৰ ব্যৱস্থা কৰাৰ লগতে তেৰাৰ নিজৰ প্ৰয়াণৰ সময়ো স্থিৰ কৰিব পাৰিছিল” (পৃ- ৫২)।

 ভগৱন্তৰ অংশস্বৰূপ, অলৌকিক শক্তিৰ অধিকাৰী, অৱতাৰী পুৰুষ এইজন শংকৰদেৱে মানুহ শংকৰদেৱক ঢাকি ধৰে। যদি অলৌকিক দৈৱ ঐশ্বৰিক শক্তিৰেই প্ৰভাৱ আছিল তেন্তে বৃন্দাৱনী বস্ত্ৰহে নালাগে আৰু বহুত কিবাকিবি অলৌকিক অসাধ্য সাধন কৰাটোও একো আশ্চৰ্যৰ বিষয় হৈ থাকিব নালাগিছিল। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

এইখিনি অসুবিধাৰ বাহিৰেও, বিভিন্ন তথ্য তথা তথ্যসূত্ৰৰ উল্লেখ থাকিলেও ভালেখিনি প্ৰসংগই ইয়াত উল্লিখিত হৈছে কেৱল অনুমান আৰু ধাৰণাৰ ভিত্তিত। সূতাৰ প্ৰকাৰ, ৰং, নিৰ্মাণৰ সময়কাল, নিৰ্মাণ-পদ্ধতি, প্ৰস্তুতিৰ আচল কাৰণ, দীঘ আৰু বাণি, কেনেকৈ কেতিয়া সংগ্ৰহশালালৈ প্ৰৰিভ্ৰমণ কৰিলে- এইবোৰৰ কোনোটো কথাই কিতাপখনত নিৰ্দিষ্টতাবাচক নহয়। বিভিন্ন তথ্যৰ সংযোজনেৰে ই আগলৈ অন্য গৱেষকক কিছু তথ্যসূত্ৰৰ সমল অৱশ্যে দিব পাৰিব কিন্তু কোনো বাট দেখুৱাবও নোৱাৰে অথবা ইয়াৰ আধাৰত এটা সমালোচনাৰ ভেটিও নিৰ্মাণ কৰিবলৈ নিদিয়ে। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

এতিয়া কিতাপখন হাতত তুলি লোৱাৰ পৰত থকা আমাৰ প্ৰত্যাশাৰ কথা ক’ম। মৃণাল চন্দ্ৰ কলিতাৰ ‘বৃন্দাবনী বস্ত্ৰ’ কিতাপখন এটা প্ৰস্তাৱ অথবা সম্ভাৱনা। এইটো আচলতে প্ৰায়ভাগ অসমীয়া লেখকৰ ক্ষেত্ৰতে সততে দেখিবলৈ পোৱা এটা সমস্যা যে আলোচনাৰ এটা দাৰ্শনিক ভেটী প্ৰস্তুত কৰি ল’বলৈ তেওঁলোক অপাৰগ হয়। আনকি লেখা এটাৰ বাবে যে এটা ভিত্তিভূমিৰ প্ৰয়োজন হয় হয়তো সেই কথালৈ বহুতে মনেই নকৰে। লেখক কলিতা হ’ল এজন বস্ত্ৰ প্ৰযুক্তিবিদ তথা সদৌ অসম হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিষয়া সন্থাৰ সাধাৰণ সম্পাদক। প্ৰসংগতঃ কৈ থওঁ তেওঁ হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠানৰ সংযোগেৰে ‘শিপিনীৰ হাতপুথি’-ৰ দৰে ব্যৱহাৰিক গ্ৰন্থৰো ৰচক। সেই সূত্ৰেই প্ৰথম প্ৰত্যাশাটো আছিল যে- বস্ত্ৰ প্ৰযুক্তিবিদ্যাৰ আধাৰত নৈৰ্ব্যক্তিক, বস্তুবাদী, প্ৰযুক্তিগত আৰু বিজ্ঞানসন্মত বিশদ আলোচনা হয়তো আমি পাম। কিছুমান ডিটেইল হয়তো আমি পাইছোঁ, কিন্তু অলৌকিকতা আৰু দৈৱিকতাৰ দিশবোৰে সেইবোৰ আলোচনা ঢাকি ধৰিলে। দ্বিতীয়টো প্ৰত্যাশা আছিল আমাৰ প্ৰৰম আগ্ৰহৰ- যিহেতু বিষয়টো শিল্প ইতিহাসৰ এক বিশিষ্ট সমল, শিল্প-কলা বীক্ষণৰ ইতিহাসৰ আধাৰত ইয়াৰ আলোচনা আগুৱাব পাৰিলেহেতেন। কিন্তু অসমত প্ৰচলিত থকা শ্ৰীমন্ত শংকৰদেৱে দিব্যগুণেৰে অকলেই সমস্তখিনি কৰিলে বোলা ধাৰণাকে সাৰোগত কৰি থকাৰ ফলত সমগ্ৰ কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ সাংস্কৃতিক ইতিহাসখিনি সংকুচিত হৈ ৰ’ল। বৃন্দাবনী বস্ত্ৰৰো পূৰ্বৰে পৰা অসমত বয়ন শিল্পৰ প্ৰচলন থকাৰ কথা উল্লেখ আছে, কিন্তু সেয়া উল্লেখ মাত্ৰ [“(সমিৰণ) বৰুৱাদেৱে ষ্টিভেন কহেনৰ গৱেষণাপত্ৰৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমত বৈষ্ণৱ ধৰ্মীয় কাপোৰ বোৱা পৰম্পৰাটো তাতকৈয়ো প্ৰাচীন”। পৃ- ২২]। বয়ন শিল্পৰ সৈতে জড়িত নন্দনতাত্বিক ইতিহাস ইয়াত তেনেই উপক্ষিত হৈ ৰ’ল। তৎকালীন সমাজৰ বৌদ্ধ, তান্ত্ৰিক কিম্বা জনজাতীয় পৰম্পৰাগত শিল্পৰ দৃশ্যগুণ; পুথিচিত্ৰ অথবা আন কলাশৈলীৰ অভ্যাস; সৰ্বভাৰতীয় শিল্পচেতনাৰ আগমন নাইবা পাৰ্শ্বদেশীয় শিল্পৰীতিৰ পৰিব্ৰাজন- এইবোৰৰ কোনো প্ৰসংগ এইখন কিতাপত নাই। বহুখিনি তথ্যসূত্ৰ সমাবেশিত হোৱাৰ পিছতো এইখন কিতাপতো পৰিশেষত বৃন্দাবনী বস্ত্ৰখন দিব্যগুণেৰে আকাশৰ পৰা সৰি পৰা বস্তু এবিধহে হৈ ৰ’ল। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ
গৱেষণা গ্ৰন্থ বুলি কোৱা হওক বা নহওক, বিষয়বস্তু আৰু ই বিচৰণ কৰা দিশবোৰলৈ চাই এইখন গৱেষণামূলক গ্ৰন্থই হয়। ওপৰৰ তাৰ্কিক বিশ্লেষণখিনিক চমুৱাই আনি ক’ব পাৰোঁ, এনে এখন কিতাপৰ আধাৰ হ’ব পাৰিলেহেতেন- (১) বস্ত্ৰ-প্ৰযুক্তি (Handloom and textile technology), (২) নৃতত্ব (Anthropology), (৩) সমাজ বিজ্ঞান (Social Sciences), (৪) কলা ইতিহাস (Art History), (৫) সাংস্কৃতিক ইতিহাস (Cultural History), (৬) সংৰক্ষণ-তত্ব (Censervation), (৭) ৰাজনীতি (Politics), (৮) ধৰ্ম আৰু পৰম্পৰা (Religion and tradition), (৯) লোকশিল্প অধ্যয়ন (Filklore Studies) ইত্যাদি।    

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

সদৌ শেষত আমাৰ ক’বলগীয়াখিনি এয়ে যে, কথাবোৰ কেৱল এই বিশেষ কিতাপখনক লৈয়েই নহয় : যদি বিদ্যায়তনিক অৰ্থেৰে ‘গৱেষণা’ নামৰ শব্দটো এৰায়ো চলা হয়, সাধাৰণ পাঠকৰ বাবে লিখা কিবা এটা লেখাই হওক কিম্বা ‘মই কেৱল মোৰ মনৰ ভাবহে প্ৰকাশ কৰিছোঁ’ বোলা ব্যক্তিগত ৰচনাই হওক, সকলো প্ৰকাৰৰ লেখাতেই এক সুদৃঢ় দাৰ্শনিক কিম্বা শৃংখলা-নিৰ্ভৰ (ডিচিপ্লিনেৰী) ভিত্তিভূমি নিৰ্দিষ্ট হৈ থকাটো জৰুৰী।      

প্ৰদৰ্শনীত বৃন্দাবনী বস্ত্ৰ 

 

সমুদ্ৰ কাজল শইকীয়া

email: kankhowa@gmail.com, mobile: +91 9811375594


পেখু পেখু (আঠসত্তৰ): আই-ঐ-দেহী সংস্কৃতি : পাৰ্শ্বজ্যোতি আৰু মূল্যাৰোপন (Value Addition)

  ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২২ আগষ্ট, ২০২১]

মূল্যাৰোপন বুলিলে সচৰাচৰ শৈল্পিক কাম এটা প্ৰাথমিক স্তৰ সম্পূৰ্ণ হোৱাৰ পিছত তাত সংযোগ কৰা পৰৱৰ্তী স্তৰৰ আঁচোৰখিনিকে বুজি থকা হয়। যিকোনো প্ৰসংগকেই বাহ্যিক বা আপাত অপ্ৰাসংগিক সূত্ৰ কিছুমানেৰে ব্যাখ্যা কৰি তাত মূল্য আৰোপণ কৰাৰ প্ৰৱণতা এটা আমাৰ থাকেই। শব্দ আৰু দৃশ্যৰ সংযোগ তথা বিযোগ সম্পৰ্কীয় কথাবোৰত এনে প্ৰসংগ সাধাৰণতেই আহি থাকে। ছবি এখন তাৰ দৃশ্যগুণেৰেই স্বয়সম্পূৰ্ণ হয় নে নহয়? কেৱল চাক্ষুস বা ৰেটিনা নিৰ্ভৰ সংবেদনাতে ভৰ দি ই ঠিয় দি থাকে, নে ভাষিক ব্যাখ্যাৰ বাবেই ই মুখ মেলি থাকে? ছবি এখন কেৱল ছবি, যি চাক্ষিক সি কেৱল চাক্ষিক- তাৰ বাহিৰত কোনো মৌখিক বা লিখিত ভাষাৰে ব্যাখ্যা কৰিব পৰা কাহিনীৰ যে প্ৰয়োজন নাই তাকে সাব্যস্ত কৰিবলৈ আধুনিকতাবাদৰ আলমত ভালেখিনি শিল্পৰ আন্দোলন ঘটি গৈছে। আনকি বিমূৰ্ত শিল্পধাৰাৰ উন্মেষৰ আঁৰতো ই এক প্ৰধান কাৰণ বুলি কৈ থকা হয়। চিত্ৰ আৰু ব্যাখ্যাচিত্ৰ বুলি দুটাকৈ অভিধা সৃষ্টি হোৱাৰো ইয়ে কাৰণ। চিত্ৰ এখন কেৱল চিত্ৰ, ই কিবা কাহিনী এটা ব্যাখ্যা কৰিবই লাগিব বুলি কোনো কথা নাই। কিন্তু সমান্তৰলভাবে ইয়ো সত্য যে পূৰ্ৱৱৰ্তী কিম্বা পৰৱৰ্তী পৰ্যায়ৰ কথা-বতৰা আৰু গল্প-গুজৱে কোনো শিল্পকেই সমূলি লগ এৰা দিয়া নাই। দুই এজনক বাদ দি আমাৰ মাজৰে কোনেও আন নালাগে বিষ্ণু ৰাভাই অঁকা শংকৰদেৱৰ ছবিখনকেই চাই পোৱা নাই। কিন্তু আমি সেই সম্পৰ্কে যৎকিঞ্চিত জানো কাৰণ আমি তাৰ কথা শুনিছোঁ। মুখেৰে ক’ব পৰা বা কাণেৰে শুনিব পৰা, হাতেৰে লিখিব পৰা বা পঢ়িব পৰা ভাষাৰে তাৰ কিছুমান কাহিনীৰ সন্মুখীন হৈছোঁ। 

ভেন গঘ, ঘেঁহুপথাৰৰ উপৰেদি কাউৰীজাক 

জন বাৰ্জাৰৰ ‘ৱেইজ অফ চিয়িং’ কিতাপৰ পৃষ্ঠা

এনেবোৰ প্ৰসংগত জন বাৰ্জাৰে ‘ৱেইজ অফ চিয়িং’ কিতাপখনত ভেন গঘৰ সেই বিখ্যাত ঘেঁহু খেতিৰ ওপৰেৰে কাউৰী উৰি যোৱাৰ ছবিখনৰ কথাৰে যেনেকৈ জেৰ টানিছে তালৈ মনত পৰে। এপৃষ্ঠাত ছবিখন দিয়া হৈছে পাঠক-দ্ৰষ্টাক কেৱল চকুৰে চাবৰ বাবে। একেখন কিতাপৰে পিছৰ পৃষ্ঠাত ছবিখন আকৌ দিয়া হৈছে কিন্তু এইবাৰ তলত বাক্য এটাত উল্লেখ আছে যে- এইখনেই ভিনচেণ্ট ভেন গঘে আত্মহত্যা কৰাৰ আগেয়ে অঁকা জীৱনৰ শেষখন ছবি। চাওক, আগৰ পৃষ্ঠাত হয়তো আপুনি যিকোনো এখন নিসৰ্গ চিত্ৰ যেনেকৈ চায় তেনেকৈয়ে চাইছিল, কিন্তু এইবাৰ আপুনি আকৌ এবাৰ চালে, কিন্তু এইবাৰ অন্য এটা মানসিক প্ৰস্তুতি লৈ। এইটো এটা কাহিনী- এইখন আত্মহত্যাৰ আগেয়ে অঁকা জীৱনৰ শেষ ছবি। এই নেৰেটিভটোৱে ছবিখনৰ ব্যাখ্যাকো মুহূৰ্ততে সলনি কৰি দিলে।  

এইখিনি শিল্পৰ কথা। কিন্তু শিল্পক বাদ দি অন্যান্য ক্ষেত্ৰতো দেখোঁ মূল কামটোতকৈ তাৰ অনুষাংগিক কথা-বতৰা গল্প-গুজবখিনি কেতিয়াবা আগবাঢ়ি যায়। ক নামৰ খেলুৱৈ এগৰাকীয়ে অধ্যাৱসায়ৰ বলত অলিম্পিকত খেলিবলৈ গ’ল, এটা পৰ্যায়লৈকে কৃতকাৰ্যতাও লাভ কৰিলে। এইটো এটা কামৰ কথা। এতিয়া প্ৰচাৰিত হ’ল ক কেনেকৈ এখন দুখীয়া ঘৰৰ পৰা অশেষ কষ্টৰ মাজেৰে আগবাঢ়িছিল তাৰ কাহিনী। আমি দেখিবলৈ পালোঁ এটা কেঁচা ঘৰৰ মজিয়াত বহি ক-ই ভাত খাই থকাৰ দৃশ্য। ক-ৰ কৃতকাৰ্যতাৰ বাতৰিটোত সংযোজিত হ’ল এটা অন্য নেৰেটিভ- মূল্যাৰোপণ বা ভেল্যু-এডিচনৰ প্ৰয়োজনত। ক-ৰ নামটো দুদিন পিছতে হয়তো পাহৰি যাব। কিন্তু ৰৈ যাব এই দুখীয়া হৈয়ো অমুক দক্ষতা প্ৰদৰ্শন কৰাৰ কাহিনীটো। এতিয়া ক নহৈ যদি সেই ঠাইত খ হ’লহেতেন আৰু খ যদি ধনী ঘৰৰ ব্যক্তি হ’লহেতেন তেতিয়া কি হ’লহেতেন? নেৰেটিভখিনি সলনি হ’লহেতেন, কিন্তু তাৰ আধাৰটো একেই থাকিলেহেতেন। ধনীঘৰত দাঙৰ দীঘল হৈয়ো খ-ই অমুক ক্ষেত্ৰত মনোনিৱেশ কৰিলে- ই আপাত দৃষ্টিত অন্য এটা নেৰেটিভ যেন লাগিলেও কিন্তু ইয়ো একেটা আধাৰৰেই সম্প্ৰসাৰণ। এই কাহিনীবোৰ এৰাব নোৱৰা। বহল দৃষ্টিৰে, এইবোৰ কাহিনীৰ কোনো দোষো নাই। সমস্যাটো তেতিয়াহে হয় যেতিয়া কাহিনীবোৰ বহুদূৰ আগবাঢ়ি যায় আৰু মূল প্ৰসংগটো তল পৰি ৰয়। যেতিয়া আনুষংগিক কাহিনীটোক লালন পালন কৰি অভ্যস্ত হৈ আমি কাহিনীটোক জীয়াই ৰাখিবৰ তাগিদাতে আনকি মূল প্ৰসংগটোৰো ক্ষতিসাধন কৰিবলৈ কুণ্ঠাবোধ নকৰা হওঁগৈ। 

মীৰাবাই চানুৰ ঘৰুৱা পৰিৱেশৰ ছবি

এনে আনুষংগিক নেৰেটিভৰে বলি হৈ আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ল অসমীয়া সাহিত্যিক-শিল্পীকূল। “তুমিতো জানাই এই কবিৰ আৰু একো নাই” বোলা নেৰেটিভটোৱে অসমীয়া কবিক ধনী হ’বলৈ নিদিলে। শিল্পীয়ে সুন্দৰৰ উপাসনা কৰে বোলা নেৰেটিভটোৰ ফলতে এজনে যদি লিখে স্মৃতিৰ জোনাক, আনজনে লিখে স্মৃতিৰ ৰ’দালি। এজনে যদি গায় জোনাকী ৰাতি, আনজনে গায় উজাগৰী নিশা। এই নেৰেটিভবোৰ আমাৰ সামুহিক চেতনাত ইমানেই আগবাঢ়ি গ’ল যে দাৰিদ্ৰ্যৰ উদযাপন আৰু গৰিমা বিস্তাৰে ধৰ্ষকামী (sadist) মনস্তত্বক প্ৰতিপালন কৰিবলৈ ল’লে। ক্ৰীড়াজগতৰ কথাবতৰাতো বহুজনে বিশ্লেষণ কৰি ক’বলৈ ল’লে কেনেকৈ দাৰিদ্ৰইহে ক-ৰ, খ-ৰ অথবা গ-ৰ অধ্যাৱসায় আৰু কৃতকাৰ্যতাক সহায় কৰিছিল। এইটো হয় যে খেলুৱৈসকলৰ সংগ্ৰামৰ কাহিনী আন হাজাৰজনৰ কাৰণে অনুপ্ৰেৰণাৰো কাহিনী। কিন্তু তাৰ মানে এইটো হ’ব নালাগে যে দৰিদ্ৰতা অথবা সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া পৰিৱেশ একোটাক আমি গৰিমামণ্ডিত কৰি থাকিম।

 এনেবোৰ কাৰণতে আমাৰ সমাজত একধৰণৰ ‘আই-ঐ-দেহী সংস্কৃতি’য়ে গা কৰি উঠিবলৈ সুবিধা পালে। কেনেকৈ একালত চৰম অসুবিধাৰ মাজেৰেও জ্যোতিপ্ৰসাদে চিনেমা এখন কৰিছিল তাৰ কাহিনী আমি শুনিছোঁ, শুনি অনুপ্ৰাণিতও হওঁ। কিন্তু আজিৰ তাৰিখতো অসমীয়া চিনেমা এখন সম্পৰ্কে কথা পাতিবলৈ গৈ কিমান অসুবিধাৰ মাজেৰে কামটো কৰি উঠিছে তাক প্ৰাধান্য দি ‘আই-ঐ-দেহী আমাৰ অমুকে যে ইমান কষ্টৰে তমুকটো কৰিব পাৰিছে’ বুলিয়ে বিতচকুৰে চিনেমাখন চাবলৈ লওঁ। এয়া এটা উদাহৰণ মাত্ৰ। এনেকৈয়ে মজলীয়া (mediocre) মানৰ শিল্পকো গৰিমামণ্ডিত কৰি আমাৰ সামূহিক শিল্পচেতনাকেই অৱনমিত কৰি ৰখা হৈ আছে। শিল্পক বিতচকু খুলি তাৰ আপোন স্থানত চাবলৈ যেনিবা আমি আজিও নাৰাজ।    

এইখন অসমতে এটা নোহোৱা নোপজা ঘটনা ঘটিছিল। দেশ আৰু সমাজৰ বিভিন্ন সমস্যাক সন্মুখলৈ আনি সোচ্চাৰ হৈ থকা এজন ব্যক্তিক বিনা কাৰণত (শেষ পৰ্যন্ত যাৰ অপৰাধেই সাব্যস্ত হোৱা নাছিল) ডেৰ বছৰৰ অধিক কাল জেইলত ভৰাই থোৱা হৈছিল। এটা ঐতিহাসিক ঘটনা ইয়ো যে জেইলত থাকিয়েই তেঁও ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জিকিছিল। প্ৰতিদ্বন্দিতা কৰিবৰ পৰত বা জিকিবৰ পিছতো তেওঁ জেইলত আছিল। পিছত এটা সময়ত যেনিবা তেঁও মুকলি হ’ল। এতিয়া ৰাজনৈতিক বিশ্লেষণৰ আগ্ৰহীসকলে ক’বলৈ ল’লে- কেনেকৈ জেইলত থকাটো সেই ব্যক্তিজনৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এটা ‘ভাল কথা’ আছিল। জেইলত থাকি প্ৰতিদ্বন্দিতা- এটা আজৱ ঘটনা হয় আৰু এই কাহিনীয়ে মুহূৰ্তৰ ৰাজনীতিক প্ৰভাৱিত কাৰাটোও সঁচা হ’ব পাৰে। কিন্তু নিৰ্বিচাৰে কিম্বা ভুল বিচাৰে এজন ব্যক্তিৰ কৰ্মঠ সময়ৰ এটা দীঘলীয়া সময় কাৰাবাসৰ নামত নষ্ট হোৱাৰ কথাটোক তল পেলাই সংগ্ৰামী ব্যক্তিৰ কাৰাবাসৰ কাহিনীক গৰিমামণ্ডিত কৰাৰ প্ৰৱণতাটো ধৰ্ষকামীয়েই হয়। 

এনেকৈ হ’লে, আমি বহুত কাহিনী শুনিবলৈ পাওঁ, অমুক লেখকজনে তমুক বিখ্যাত কিতাপখন হেনো কাৰাবাসত থাকোঁতে লিখিছিল, তেনেহ’লে সকলো লেখককে ধৰি বান্ধি নি জেইলত ভাৰাই থোৱা উচিত। মই অন্ততঃ ইমান দিনে ইমানকে বুজিলোঁ।   

 

সংঘৰ্ষক গৰিমামণ্ডিত কৰাক লৈ কৰা এটা সমসাময়িক মীম (meme) 

 

সমুদ্ৰ কাজল শইকীয়া

Address for communication:

Samudra Kajal Saikia, Kamar Gaon, Biswanath Chariali, Biswanath- 784176,

email: kankhowa@gmail.com, mobile: +91 9811375594