ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 22, 2022

পেখু পেখু (আশী): আৰে ভাই কেহনা ক্যা চাহতে হ’? (লেখকৰ হাতপুথি : ‘উদ্দেশ্য’)

   ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ চেপ্তেম্বৰ, ২০২১]


লেখক বা শিল্পীসকলক সমাজ বহিৰ্ভূত কৰি ৰখাৰ আধুনিকতাবাদী পৰম্পৰাটোৰ বিৰোধিতা কৰি থাকিলেও আকৌ আমি একেটা সময়তে এই কথাও কওঁ যে লেখক-শিল্পীৰ ক্ষেত্ৰত সমাজত সাধাৰণ ভাবে ব্যৱহাৰ হৈ থকা অৰ্থত সততাৰ ধাৰণাখিনি প্ৰযোজ্য নহয়। শিল্পী সৎ নহয়, হ’ব নোৱাৰে আৰু তাতোকৈ ডাঙৰ কথা হোৱা উচিতো নহয়। একেবাৰে সহজ কথাত শিল্পী মানেই মূলগতভাবে ‘বদমাছ’, ‘দুষ্ট’। সমাজৰ প্ৰচলিত সহজ ধাৰণাৰে ‘ভাল মানুহ’ যে একেবৰেই নহয়।
  প্লেটোৰ আদৰ্শৰাজ্যৰ পৰা শিল্পীকূল বহিস্কৃত হোৱাৰ এটা কাৰণ হয়তো এয়ে। একেবাৰে সহজভাবে চমুৱাই ক’লে সমাজে ভাল বোলা ব্যক্তিজনে পৰীক্ষাত ভাল নম্বৰ পাই চাকৰী পাই বিয়া পাতি ঘৰ সাজিব। তাকে নকৰি ছবিয়েই বা আঁকিবলৈ যাব কিয়, গান গায়েই সময় নষ্ট কৰিব কিয়? সমাজে ভাল বোলাজনে সমাজৰেই সমালোচনা কৰি প্ৰয়োজনত বিৰুদ্ধাচৰণ কৰিবলৈ যাব কিয়। সি যি কি নহওক, ইমানকৈয়ো ব্যাখ্যাৰ প্ৰয়োজন নাই হয়তো। 

সাধাৰণ অৰ্থত আপাত নঞৰ্থক কথা কিছুমান শিল্পৰ বাগধাৰাত সদৰ্থক হৈ দেখা দিয়ে। তাৰে কেইটিমানৰ উদাহৰণ দিম। উদ্দেশ্যধৰ্মীতা বা উদ্দেশ্য প্ৰণোদিত আচৰণ দৈনন্দিন প্ৰয়োগত বা ৰাজনৈতিক ক্ষেত্ৰত অশোভনীয়। কিন্তু শিল্পৰ ক্ষেত্ৰত ই এটা প্ৰয়োজনীয় দিশ। তেনেকৈয়ে কোনোবাই হঠাতে আহি ‘এনকাউণ্টাৰ’ বুলি ক’লে কোনোবাই কাৰোবাক গুলীয়াই মৰাৰ দৰে হিংস্ৰ ঘটনা এটা মনলৈ আহিব। কিন্তু শিল্পত বিষয়ৰ পৰা বিষয়ান্তৰৰ মাজত, আদৰ্শ আৰু প্ৰতি-আদৰ্শৰ এনকাউণ্টাৰ (encounter) ঘটি থাকে। ঘটি থাকে কনফ্লিক্ট (conflict), অৰ্থাৎ সংঘাত। দৈনন্দিন বা সামাজিক জীৱনতো আমি হয়তো সংঘাত নিবিচাৰিম। কিন্তু শিল্পই আৰু দৰ্শনে বিচাৰে সংঘাত, সংঘাতৰ পৰাই সৃষ্টি সম্ভৱপৰ হৈ উঠে। Provocation- হায় হায়! কোনোবাই কাৰোবাক উচতনি দিয়াটোতো নিৰ্ঘাত অপৰাধেই হয়। পিছে শিল্পত নহয়। উচতনি বৰঞ্চ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। আনকি কোনটো শিল্পই বা কোনজন শিল্পীৰ শিল্পচেতনাই কেনেকৈ দ্ৰষ্টাক উদ্বুদ্ধ কৰিছে কিম্বা কি নতুন চিন্তাৰ উদ্ৰেক কৰিছে- সেই উচতনিৰ আধাৰতেই শিল্পৰ মহত্ব বিচাৰ কৰা হয়। তেনেকৈয়ে manipulation, distortion, imitation, debate এই আটাইখিনি কথাৰেই মাত্ৰা শিল্পৰ জগতত অন্য। শিল্প-বাক মানেই যে দৰ্শন চৰ্চা এই কথা মানি ল’লে আমাৰ এইখিনি কথাতো সহমত হ’বলৈ অসুবিধা নাথকিব। এটা চিন্তা সাব্যস্ত হোৱাৰ পিছত তাৰ বিতৰ্কৰ আধাৰত পৰৱৰ্তী চিন্তাৰ উন্মেষ ঘটে। এই বিতৰ্কৰ প্ৰয়োজন যেনেকৈ আছে তেনেকৈয়ে সীমা ঠেলি আগবাঢ়িবলৈ হ’লে পূৰ্বাপৰস্থিত কৰ্ম বা ধাৰণা এটিক কেতিয়াবা অনুকৰণ, কেতিয়াবা তাৰ ইচ্ছাকৃত বিকৃতিকৰণ জৰুৰী হৈ উঠে। Appropriation শব্দটো ৰাজনৈতিক আলোচনাত কেতিয়াবা ইতিবাচক কেতিয়াবা নেতিবাচক। ইয়াক যদি আত্মসাৎ-কৰণ বা আত্মীকৰণ বোলা হয় অসমীয়াতো শুনিবলৈ বেয়া শব্দ যেনেই লাগিব। কিন্তু চাবলৈ গ’লে সমগ্ৰ কলাৰ ইতিহাসেই আচলতে আত্মীকৰণৰ ইতিহাস। বেদখল আৰু অধিগ্ৰহণৰ দৰে কথাবোৰ শিল্পত সহজ। শৈল্পিক তৰ্কবিদ্যাই আইনী পৰিভাষা নামানিবও পাৰে। 


উদ্দেশ্যধৰ্মী লেখক 

সাহিত্যত উদ্দেশ্যধৰ্মিতা বুলি আলোচনা কিছুমানৰ সন্মুখীন হৈ থাকোঁ। বুজিবলৈ টান হ’ব নালাগে যে এই ক্ষেত্ৰত উদ্দেশ্যধৰ্মিতাই আভিধানিক অৰ্থ বহন কৰাৰ পৰিৱৰ্তে এক পৰিভাষা হিচাপেহে ঠিয় দিয়ে আৰু বহুব্ৰীহিৰ দৰে প্ৰগতিশীল সাহিত্যৰ ফালে বাট পোনায়। এতিয়া এই প্ৰগতিশীল কথাষাৰৰ বেলিকাও কথা একেটাই। আভিধানিক অৰ্থৰ প্ৰগতিৰ পৰা ফালৰি কাটি ই মাৰ্ক্সবাদ বা সামাজিক বাস্তৱতাৰ দিশে আগবাঢ়ে। এই সামাজিক বাস্তৱতাও জানো কম? সাধাৰণ অৰ্থৰ চাক্ষুস বা ৰেটিনেল, প্ৰপঞ্চবাদী-অস্তিত্ববাদী বাস্তৱতাতে আবদ্ধ নাথাকি ইয়ো উদ্দেশ্যধৰ্মী প্ৰগতিশীল-সামাজিক বাটটোৰ ইংগিত দি থাকে। এনেকৈয়ে এটাৰ পিছত আন এটাকৈ শব্দৰ পাৰিভাষিক ৰূপবোৰলৈ মন কৰি গৈ থাকিব পাৰি।   

প্ৰগতিশীলতাৰ দিশটোক আওকাষে থৈয়ো সাহিত্যত উদ্দেশ্যধৰ্মীতা ভাল নে বেয়া- বিতৰ্ক হ’ব পাৰে। হৈছেও চাগৈ। লেখকৰ উদ্দেশ্য যদি থাকিব নালাগে তেন্তে বিপৰীতাৰ্থক আখ্যাটো কি হ’ব? উদ্দেশ্যহীন লেখক? কোন লেখকে বাৰু নিজকে উদ্দেশ্যহীন লেখক বুলিবলৈ ভাল পাব- আখ্যাটোৱেই ইমান আপচু! উপায় নাপাই এটা আপাত শ্ৰুতিসাধ্য আখ্যা তুলি অনা হ’ল- কলাকৈৱল্যবাদ (art for art’s sake)। কিন্তু ইংৰাজী মূল কথাটোতেই ‘sake’ শব্দটো আছে, নিজতে নিজৰ উদ্দেশ্য বুলি উদ্দেশ্যৰ অস্তিত্বৰ যৌক্তিক আধাৰ এটা ইয়াতেই সোমাই আছে। সেয়ে এই প্ৰয়োগ নিতান্তই এটা কূটাভাস, পেৰাডক্স।

 

অসমীয়া লেখকৰ প্ৰতি 

বাতৰি কাকতীয় লেখাত বৰ বেছি বহলাই লেখাৰ সুবিধা নাই। ওপৰৰ কথাখিনি একাধিক প্ৰসংগৰ অৱতাৰনাহে। ইতিমধ্যেই এনেবোৰ প্ৰসংগৰ বহু আলোচনা হৈ গৈছে, নতুন আলোচনা সেয়ে বহুলাংশে চৰ্বিত-চৰ্বনেই হ’ব। ‘উদ্দেশ্য’ লেখকৰ লেখাৰ এটা পৰিহাৰ্য উপাদান- এই কথাষাৰকে কওঁ বুলি বহোঁতেহে কথাত কথা বাঢ়ি ওপৰৰ কথাখিনি ওলাল। আৰ্থিক সমৰ্থনৰ অভাৱ, স্বীকৃতিহীনতা আদি বহু আহুকাল বা নৈৰাশ্যৰ মাজতো ভালেখিনি অসমীয়া লেখকে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে। কিন্তু ভালেখিনি লেখকৰ লেখাই আমাক নিৰাশ এনেকৈ কৰে যে লেখা এটা পঢ়ি উঠি প্ৰায়ে মনলৈ আহে- এয়া যেন কেৱল সময় নষ্ট। লেখাসমষ্টিৰ এফাল কেৱল বা-বাতৰি, ইনফৰমেচন; আনটো ফাল ভাবোচ্ছাস আৰু আবেগৰ ভঁৰাল। গদ্যৰ সাধনা সহজ কথা নহয়, সেয়ে ইয়াৰ কোনো উজু পদ্ধতিও নাই। কিন্তু নতুন লেখকক যদি সহজকৈ আৰু তপৰাই কিবা এটা ক’বই লাগে কি কথা কেনেকৈ ক’ব পাৰি সেয়া ভাবি থাকোঁতেই তপৰাই ক’বখোজাটো কেইবাতৰপীয়া হৈ ওলাল। তথাপি আজিলৈ থাওকতে যিটো কথালৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচাৰিলোঁ সি হ’ল- ‘উদ্দেশ্য’। 

এই সময়ৰ ভালেখিনি লেখকৰ লেখাই উদ্দেশ্য-হীন। এই দোষটোক কেতিয়াবা নিৰ্বোধিতা বুলিব পাৰি, কেতিয়াবা অসাধুতা। নিৰ্বোধিতা এইবাবেই যে লেখা এটাৰ উদ্দেশ্য কি সেই বিষয়ে অলপো নভবাকৈ কেৱল লিখিব লাগে বাবেই লিখি যোৱাটো নিৰ্বোধিতাই হয়। কিন্তু উদ্দেশ্যবিহীন যিকোনো অস্তিত্বই সম্ভৱ জানো? তেন্তে উদ্দেশ্য নাই বুলোঁতেও উদ্দেশ্য এটা আছেই। কিন্তু উদ্দেশ্য নথকাৰ ভাও লৈ থকাটো এটা দায়িত্বৰ পৰা পলায়নৰ লক্ষণ। কাৰণ উদ্দেশ্য এটা থকা মানেই লেখাটোত কি লেখা হৈছে কিয় কি কথা কোৱা হৈছে তাৰ এটা দায়িত্বভাৰ কান্ধত ল’বলগীয়া হয়। নতুন অসমীয়া লেখক এই দায়িত্বভাগৰ পৰা পলাই ফুৰিবলৈ ভাল পায়। 

যিকোনো লেখাৰ ক্ষেত্ৰতেই এইখিনি কথা প্ৰযোজ্য। উদাহৰণ হিচাপে লোৱা যাওক কোনোবা ক নামৰ লেখকে লিখা চিনেমা সম্পৰ্কীয়, বাতৰি কাকতত ছপা হোৱা এটা লেখা। লেখাৰ প্ৰকৰণটো কি? চিনেমা-সমালোচনা নে প্ৰতিবেদন নে বাতৰি? বাতৰি কাকতত যিহেতু শব্দ-সংখ্যাৰ সীমাবদ্ধতা আছে সেয়ে সবিস্তাৰ সমালোচনাৰ সুযোগ বৰকৈ নাথাকে। এইখিনিতে আমি সন্মুখীন হৈ থকা এটা অসুবিধা এনে যে, ‘মই বাৰু সমালোচক নহয় দেই’ বোলা এটা স্পষ্টীকৰণ আমি প্ৰায়ো শুনিবলৈ পাম, কিন্তু কেনেবাকৈ লেখাটো প্ৰশংসিত হৈ লেখকক বা লেখিকাক চিনেমা-সমালোচক বুলি অভিহিত কৰিলে তেতিয়া কিন্তু লেখকে নিজকে সমালোচক বুলিয়ে পৰিচয় দিবলৈ আগবাঢ়ি আহে। এই কথা বাৰু স্পষ্ট যে সমালোচনা বুলিলেই তাত এটা দাৰ্শনিক আধাৰ থাকিব। পিছে প্ৰতিবেদন বা কেৱল বাতৰি বুলিব পৰা লেখাবোৰত? আমাৰ কথা এয়ে যে যি কোনো লেখাতেই এটা দাৰ্শনিক ভিত্তি, লেখকৰ এটা অৱস্থান থকাটো জৰুৰী। আৰু অলপ জোৰ দি ক’বলৈ বিচাৰিম যে, কেৱল এটা বাতৰি কাকতৰ সাময়িক লেখাহে বুলিও যদি কোনোবাই ক’ব খোজে তেন্তে মন কৰা ভাল যে বাতৰি কাকতৰ লেখা এটাত এইখিনি কথা আৰু বেছি গুৰুত্বপূৰ্ণ। বিশেষকৈ আজিৰ তাৰিখত। এটা সময় আছিল যেতিয়া আমি চিনেমা এখনৰ কেৱল নামটোহে শুনিছিলোঁ। চাবলৈ হ’লে দহোবন কাটি কৰি দূৰ দূৰলৈ ধাপলি মেলিবলগীয়া হৈছিল, অথবা বছৰৰ পিছত বছৰ অপেক্ষা কৰি থাকিবলগীয়া হৈছিল। আজিৰ তাৰিখত চিনেমা এখন হাততে পোৱাটো সহজ। এটা সময় আছিল ইণ্টাৰনেটৰ বহুল প্ৰসাৰৰ যুগৰ আগৰ, যেতিয়া চিনেমা এখন ৰীলিজ হোৱাৰ লগে লগে তাৰ বিস্তৰ ইনফৰমেচন আগবঢ়াই কিছুমান লেখকে কেৱল ইনফৰমেচনেৰেই আমাক আশ্চৰ্যচকিত কৰিছিল। এতিয়া প্ৰযুক্তিগত সুবিধাৰ যুগত চিনেমাখন পোনচাটেই চাব পাৰোঁ। লেখা এটাই যদি চিনেমাখনৰ সম্পৰ্কে কোনো বিশেষ দৃষ্টিকোণ অথবা লেখকৰ নিজস্ব ধাৰণা একোটাক সাব্যস্ত কৰিব নোৱাৰে, যদিহে কেৱল চিনেমাখনৰ সম্পৰ্কে খবৰ অলপহে আগবঢ়াই দিয়ে, তেন্তে আমি লেখাটো পঢ়ি আমাৰ সময় নষ্ট কিয় কৰিম? কিবা খবৰ লাগিলে আমি উইকিপেডিয়া পঢ়িম। ৰেটিং চাবলৈ হ’লে আই-এম-ডি-বি খুচৰিম। কাজেই লেখা এটা যিহেতু পঢ়িবলৈ বহিছোঁ, তাত আমি চিনেমাখনৰ পঢ়াৰ লগে লগে লেখাটোৰ লেখককো নিশ্চয়কৈ পঢ়িম। 

কিয় ভাল বা কেনেকৈ ভাল তাৰ ইংগিত যদি নাথাকে তেন্তে ‘চিত্ৰনাট্য ভাল’ এই কথাষাৰৰ অৰ্থ নোলায়গৈ। অমুকৰ অভিনয় যথাযথ কথাষাৰো অবান্তৰ। যথাযথ নহ’লে তাৰ বাবেতো আৰু অযথাযথ বা অযথাঅযথ ধৰণৰ শব্দ একোটা নাই! তেন্তে কম শব্দত চমুৱাই কথাবোৰ কেনেকৈ ক’ব পাৰি? সেই বাট বিচাৰিব লাগিব লেখকেই। চমু লেখাত বহলাই লিখাৰ অৱকাশ নাথাকে- এই অভিযোগটো (আচলতে অজুহাত) সাধাৰণ ধাৰণাৰেই অৰ্থহীন। লেখাটো যিহেতু চমু, সেয়ে লেখাটো কিয় লিখা হৈছে, ইয়াৰ উদ্দেশ্য কি সেই প্ৰশ্নটো প্ৰথমে নিজে নিজকে কৰি ল’লেই সমাধানৰ বাট ওলায়। লেখা এটা লিখা হৈছে যেতিয়া লেখোঁতাজন লেখকেই হয়। লেখক হয় যিহেতু লেখকৰ লিখিবলগীয়া বা ক’বলগীয়া কিবা এটা নিশ্চয় আছে। যদি নাই নিলিখিলেই হ’লহেতেন দেখোন। লিখিছে যেতিয়া কিনো লিখিছে তাকে আমি পাঠক হিচাপে পঢ়িবলৈ বিচাৰিম। যি লিখিছে সেয়া কিয়নো লিখিছে প্ৰশ্নটো আমি কৰিমেই। লেখকক নকৰিলেও পাঠকে নিজেই নিজকে কৰে। লেখকে নিজেও নিজকে কৰিছেনে? অন্যথা লেখা এটা পঢ়ি উঠি এনেকুৱা প্ৰতিক্ৰিয়া হোৱাটোৱেই স্বাভাৱিক- আৰে ভাই, আখিৰ কেহনা ক্যা চাহতে হ’?     

 

সমুদ্ৰ কাজল শইকীয়া

Email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: