ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 22, 2022

বাচনিত স্বনিৰ্বাচিত : মুনমুন সৰকাৰৰ অনুবাদ কবিতাৰ সংকলন


(পাতনি)

মুনমুন সৰকাৰৰ অনুবাদ কবিতাৰ সংকলনটি এবাৰ চকু ফুৰায়ে ভাবিলোঁ, সমসাময়িক বাংলা কবিতা মই বৰ বেছি পঢ়া নাই। বাংলা সাহিত্যই খুব কম পঢ়িছোঁ। কথাষাৰ কওঁতে অলপ লাজো পাইছোঁ এইবাবেই যে মই মোৰ নিজৰ প্ৰথমখন কবিতাৰ সংকলন আকৌ বাংলা ভাষাতে উলিয়াইছিলোঁ। সি যি কি নহওক, যি অলপ অচৰপ পঢ়িছিলোঁ তাৰ মাজতো বেছিভাগ আচলতে আধুনিক কবিতাহে বেছি। এই শেষৰ উক্তিটোতে অলপ কথা আহিয়েই যায়। যিসকল কবিক মুনমুন সৰকাৰে বাচি লৈছে সেইসকল আধুনিক নহয় তাৰমানে? কবিতাৰ আলোচনাৰ সৈতে ‘আধুনিকতা’ বোলা এই লিকটীয়া অভিধাটো পুহকৰৰ দৰে লাগিয়েই থাকে। হয়তো পৃথিৱী ধ্বংস হৈ কবিতাৰ অস্তিত্ব শেষ হৈ যোৱালৈকে কবিতা-আলোচনাই এই বোজা কঢ়িয়াই থাকিবই লাগিব। প্ৰাচ্য কিম্বা পাশ্চাত্য- ক’তোৱেই আধুনিকতাৰ সংজ্ঞা স্থানু নহয়, বৰঞ্চ একান্তই প্ৰসংগ আৰু পৰিপ্ৰেক্ষিত নিৰ্ভৰ। তথাপি পশ্চিমৰ প্ৰসংগত অলপ হয়তো স্পষ্ট। ভাৰতবৰ্ষত যে আৰু গণ্ডগোলীয়া। বুদ্ধদেব বসুৰ প্ৰভাৱশালী কিতাপ ‘আধুনিক বাংলা কবিতা’ সংকলনত যিখিনি আছে সেয়া ৰবীন্দ্ৰোত্তৰ কালৰ কবিতা। আজিৰ পৰা এশ বছৰৰ আগৰ কল্লোলীয় কালৰ যি ‘সৰ্বগ্ৰাসী অন্বেষা’[i] সেয়ে যদি আধুনিক আছিল তেন্তে তাত এইসকল কবিৰ এজনো অন্তৰ্ভূক্ত নহয়। নিজা নিজা সময়-সাপেক্ষে যে প্ৰত্যেকেই আধুনিক- সেই আভিধানিক অৰ্থৰ পুনৰুক্তিলৈ আৰু নাযাওঁ; এতিয়া প্ৰয়োজনো নাই। আধুনিকতাৰ পৰ্বৰ পৰৱৰ্তী কালত উত্তৰ আধুনিকতা বুলি যি আখ্যাৰ আৱিৰ্ভাৱ হ’ল এইসকল কবিৰ কিছু কিছু তাৰ অন্তৰ্ভূক্ত হ’ব পাৰে। উত্তৰ আধুনিকতাৰ ব্যাখ্যা, সংজ্ঞা আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰে সেয়া সাব্যস্ত কৰিবই পাৰি। কিন্তু উত্তৰ আধুনিকতাৰ লক্ষণেৰে আধুনিকতাবাদ-বিৰোধিতা সকলোৰে পচন্দৰ নহয়। সেয়ে সমসাময়িক বোলা কথাষাৰেই অধিক সহজ ভাবে গ্ৰহণ কৰি থাকিব পাৰি। এতিয়া মন কৰক, এই সমসাময়িক কথাষাৰো ইতিমধ্যে এটা পৰিভাষা হৈ উঠিছে। কাৰণ একান্তই সত্যটো ক’বলৈ হ’লে সমসাময়িকতাৰো ম্যাদ উকলিছে। এইখন সংকলনত সংকলিত কবিসকলো ইতিমধ্যেই পুৰণি হৈছে। শিল্পৰ জগতত চাৰিটা বা তিনিটা দশক বহুত বেছি সময় আচলতে। সমালোচনা সাহিত্য পিছ পৰি থাকিল বুলিয়ে কবিতা ৰৈ নাথাকে। সমালোচকে কানি খাই শুই থাকিব পাৰে। কবি সদা জাগ্ৰত। 

মুনমুনৰ এই কিতাপখনৰ গুৰুত্বটো ক’ত? গুৰুত্বটো এইখিনিতেই যে মুনমুন ৰবীন্দ্ৰনাথৰ পৰা জীবনান্দলৈকে পৰ্যায়টোত ৰৈ থকা নাই। নিশ্চয়কৈ বংগদেশত কাব্যচৰ্চা আৰু আলোচনা এই সময়ৰ অসমৰ কবিতা আৰু আলোচনাতকৈ আগবঢ়া। কিন্তু কিছুমান বাস্তৱিক সমস্যা একেই- এই দেশতো সেই দেশতো। অসমৰ কবিতাৰ সমালোচনা নৱকান্ত-অজিৎ-হীৰেন-নীলমণি (যাক আমি এসময়ত সোণালী চতুৰ্ভূজ বুলিছিলোঁ)- ইয়াৰ বাহিৰে কোনো আলোচনা পাবলৈ নাই। বংগদেশতো কথা একেটাই। ৰবীন্দ্ৰনাথৰ পৰা আৰম্ভ কৰি জীবনানন্দলৈকে ৰেখা এটা টানি দায়িত্ব সামৰিয়ে থোৱা হৈছে আজিকোপতি। কিন্তু মুনমুন সৰকাৰ ৰৈছে এই পৰিসৰৰ বাহিৰত। আৰু বেছি সমসাময়িকতাৰ সৈতে খোজ মিলাই আগবাঢ়িছে। এই নিৰ্বাচনী পদ্ধতিৰ সন্মুখত অনুবাদ হিচাপে অনুবাদ-তত্বৰ কথাবোৰ যেন গৌণ। কোনোবাখিনিত মুনমুনৰ ৰাজনৈতিক অৱস্থানখিনিহে যেন অধিকতৰ গুৰুত্বপূৰ্ণ। 

ব্যক্তিগতভাবে বাংলাৰ পৰা অসমীয়ালৈ কবিতা অনুবাদক লৈ মই বহুত সমস্যা পাওঁ। ওচৰ চুবুৰীয়া ভাষা বুলিয়েই বহুতৰ মনত ই তেনেই সহজ কাম। কিন্তু লিপি আৰু শব্দৰ বহু মিল থাকিলেও এই মিলখিনিয়ে কেতিয়াবা আহুকালহে কৰে। আমি অন্যত্ৰ উল্লেখ কৰি অহা কিছু কথা এইখিনিতে আকৌ উনুকিয়াব খুজিছোঁ। অসমীয়া আৰু বঙালী তেনেই ওচৰা ওচৰি ভাষা। মিচিং বড়ো কার্বি বা আনবোৰ জনজাতীয় ভাষাতকৈও ইয়াক বেছি ওচৰচপা যেন লাগে। কিন্তু তাৰ পিছতো, আমি বোলা ‘মৰম’ শব্দটো আৰু বঙালিয়ে বোলা মৰম শব্দৰ মাজত এশ যোজন ফাঁক। বঙালীৰ মৰম শব্দটো সংস্কৃত মর্ম শব্দৰ অলপমান ইফাল সিফাল মাত্র, কিন্তু আমাৰ কাৰণে তাতেই কিমান মৰম কেনেকৈ বুজাওঁ? আমাৰ মৰমৰ সমান্তৰাল কিবা যদি আছে বঙালীত সেয়া হ’ল দৰদ। কিন্তু আমি দৰদ বুলিলে বুজোঁ অলপমান বেলেগ। এই যে অলপমান বেলেগ, তাতেই বহু অঘটন ঘটিব পাৰে। এই সম্পৰ্কে নৱকান্ত বৰুৱাই এষাৰ কথা কৈছিল। ৰবীন্দ্ৰসংগীতৰ "বিৰহ দহন লাগে" বাক্যাংশটিত দেখাত আটাইকেইটা শব্দয়েই অসমীয়াতো আছে - বিৰহ আছে, দহন আছে, লাগে আছে। সেয়েহে জনৈক অনুবাদকে অনুবাদ কৰোতে অসমীয়াতো তেনেদৰেই ৰাখিলে। কিন্তু বিৰহ আমাক লাগে জানো? নে দহন লাগে? আমি যিটো বিচাৰোঁ সেইটোহে লাগে বুলি কওঁ। তেনেহ'লে বিৰহ বা বিৰহৰ দহন লাগে বুলি কিয় ক'? বঙালীত লাগে মানে লগা - আঘাত লগা, দুখ লগাৰ দৰে। অসমীয়াত বুজোৱাৰ দৰে বিচৰা অৰ্থত নহয়। ফলত অৰ্থটোৱেই ওলোটা হৈ থাকিল। দ্বিতীয়তে, এয়া কেৱল এটা ভাষিক অনুবাদ নহয়। কবিতাৰ অনুবাদ। মৌখিক বা লিখিত ভাষাৰ সংজ্ঞাটোৰ সিপাৰে কবিতাৰো এটা নিজা ভাষা থাকে। এতিয়া অনুবাদকৰ সিদ্ধান্তৰ কথা আহি পৰে, সেই কাব্যভাষাক তেওঁ হুবহু ৰাখিব নে অনুবাদৰ বেলা কাব্যভাষাকো আত্মীকৰণ কৰি তাক অভিযোজনাৰ ৰূপ দিব। 

অনুবাদ শিল্পৰ প্ৰয়োজনীয়তাৰ প্ৰসংগখিনি বাৰু আছেই, কিন্তু যেতিয়া দেখিলোঁ অনুবাদিকাই শঙ্খ ঘোষকে ধৰি ৰূদ্ৰ মুহম্মদলৈকে সামৰিছে- তেতিয়া আৰু থমকি ৰ’বৰ কাৰণ নাথাকিল। শঙ্খ ঘোষৰ সৈতে যদি আছে এই লেখকৰ ব্যক্তিগত আবেগ, বিনয় বা ৰুদ্ৰক লৈ আছে বন্ধুমহলত বিভিন্ন আড্ডাখানাৰ গল্প-গুজৱৰ মাজেৰে গঢ় লৈ উঠা এটা ফেণ্টাচীৰ সম্পৰ্ক। 

মুনমুন সৰকাৰৰ কিতাপখনৰ মই পঢ়া পাণ্ডুলিপিটোৰ প্ৰথমটো কবিতাই বিনয় মজুমদাৰৰ। ক’তো কোনো কামতে সিদ্ধহস্ত নহৈ হতাশাগ্ৰস্থ হৈ কবিতা লেখিবলৈ আৰম্ভ কৰা কবিৰে ভৰা এই দেশত বিনয় মজুমদাৰৰ কথানো কেনেকৈ ক’ম সেয়া এক জটিল প্ৰশ্ন। বিনয় তীক্ষ্ণধী। প্ৰচুৰ মেধা। গণিত বিজ্ঞানৰ অদ্ভূত পাৰদৰ্শিতাৰ সম্ভাৱনা থকা বিনয়ে কবিতা লিখা আৰম্ভ কৰিলে। কিয়? সেই উত্তৰ কাৰো ওচৰতে নাই। সেই বিনয়ৰ কবিতাৰে মুনমুনে কিতাপখন আৰম্ভনী কৰিছে- সেয়া দেখি ভাল লাগিল। বিনয়ৰ মেগনাম অ’পাছ ‘ফিৰে এসো চাকা’-ৰ সমালোচনাত শক্তি চট্টোপাধ্যায়ে কৈছিল “বিনয়ে ইচ্ছা কৰিলেই যিকোনো বিষয় লৈয়েই কবিতা লিখিব পাৰে। মল-মূত্ৰ-গোবৰ লৈয়ো পাৰে”। 

বিনয়ে গণিতৰ সৈতে থকা তেওঁৰ মেধাৰ সম্পৰ্কেৰে বহু কবিতা লিখিছে। কিন্তু ইয়াত গণিত উপস্থিত হৈছেহি এটা একান্তই কাব্যিক ৰূপ লৈ। কিছুকাল আগেয়ে আমাৰ অলপ কথা হৈছিল। কবিতাৰ বিষয় সদায়ে ফুল-তৰা-পখিলা কিম্বা উজাগৰী ৰাতি কিয় হ’ব? পদাৰ্থ বিজ্ঞান লৈ কবিতা, ফুটবল খেলক লৈ কিয় হ’ব নোৱাৰিব? বিনয় মজুমদাৰৰ দৰে ব্যক্তিয়ে এইবোৰ কাম বহু আগেয়েই কৰি থৈ গৈছে। কবিতাৰ পথাৰখনৰ নিৰন্তৰ সম্প্ৰসাৰণত যিসকল মানুহৰ অনবদ্য অৱদান আছে সেইসকল কবিৰ কবিতাকেই মুনমুন সৰকাৰে বাচি লৈছে। আন সকলো প্ৰসংগ বাদ দিও কবি আৰু কবিতাৰ নিৰ্বাচনৰ দিশটোৰেই মুনমুনৰ এইখন পুথিয়ে এটা গুৰুত্ব দাবী কৰি থাকিব। 

কবিতা এটা পঢ়া, বা কবিতাৰ অনুবাদ এটা পঢ়া এক কথা। কিন্তু কবিতাৰ অনুবাদৰ কিতাপ এখন পঢ়া সমূলি অন্য কথা। দা আৰ্ট অফ বুক মেকিঙৰ কথাখিনি এইখিনিতে আহি পৰে। মুনমুনে নিজে মৌলিক কবিতাও লিখে, চখতে কেতিয়াবা গানো গায়। অনুবাদত আগ্ৰহী যিহেতু হয়তো আৰু কবিৰ কবিতা তেওঁ অনুবাদ কৰিছে। কিন্তু এই কিতাপখনৰ বাবে কোনকেইজন কবিৰ কোন কেইটা কবিতা বাচনিত তুলিছে তাৰ আঁৰৰ ষ্ট্ৰেটেজী এটা নিশ্চয় থাকিব। সেই ষ্ট্ৰেটেজীটো কি বুজিবলৈ চেষ্টা কৰিলোঁ। দুটা দিশ বিচাৰি পালোঁ। প্ৰথমটোত আছে- দৰ্শনৰ দুটা প্ৰপঞ্চৰ মাজৰ সংঘাত আৰু সামঞ্জস্য : সমাজ দৰ্শন আৰু মেটাফিজিক্স। দ্বিতীয়টোত আছে ব্যক্তিবোধৰ ৰাজনীতি : বিষয়ী অৱস্থান বা চাবজেক্টিভিটী। 

কবিতাই কোনো কথাই পোনপটীয়াকৈ নকয় বুলি এটা অভিযোগ আছে। আমি স্পেক্টেটৰশ্বিপ বা দ্ৰষ্টাবাদ লৈ কাম কৰা মানুহ বাবে কওঁ, দোষটো কেৱল কবিতাক দিলে নচলে। কবিতাই কিবা পোনপটীয়া কথা ক’লেও পাঠকে তাৰ আওপকীয়া ‘মানে’ৰ সন্ধান কৰিবলৈ লাগি যাব। কবিৰ যি দোষ, পাঠকৰো সেই একেই দোষ। কবিতা মূলতঃ স্বাধীন[ii]। ৰবীন্দ্ৰনাথৰ প্ৰেম পৰ্যায়ৰ গানবোৰ আচলতেই প্ৰেমৰ নে? প্ৰেমৰ বুলি শুনি থাকি এদিন হঠাৎ আৱিষ্কাৰ কৰোঁ- এয়া দেখোন ব্ৰাহ্ম-সংগীত। প্ৰাৰ্থনাগীত। প্ৰাৰ্থনা বুলি শুনিবলৈ লৈ পিছত বুজি উঠোঁ ই দেখোন একান্তই প্ৰেম! ৰবীন্দ্ৰনাথেই এই চূড়ান্ত ‘বদমাছী’ কৰি থৈ গৈছে। শঙ্খ ঘোষৰ কবিতাটো এতিয়া কি? কিবা শ্ৰেণীবিভাজন সম্ভৱনে? 

‘গৃহ-স্থ সন্যাস’ নামটোতেই বহুত ইংগিত। আৰু বেছি ইংগিত ৰৈছে গৃহস্থ নিলিখি গৃ-হস্থ লিখাত এই এষ্টেৰিস্কৰ (asterisk) প্ৰয়োগটোত। গৃহতে থাকিয়া-ৰ গৃহ-স্থ। এই গৃহস্থ ঘৰৰ মালিক বোলা প্ৰচলিত অৰ্থৰ নহয়। অথচ হয়ো। ‘আমি সে ঘৰেৰ মালিক নই’ৰে পৰা হাসন ৰাজাৰ ‘ঘৰ-বাড়ি ভালা নাই আমাৰ’-লৈকে অজস্ৰ বাউল-ফকিৰী গানে ঘৰ আৰু শৰীৰক যুক্ত কৰি থৈছে। আৰম্ভনীখিনি প্ৰেমৰ যেন। যেতিয়া আগবাঢ়ে তেতিয়া ই আধিভৌতিক বা মেটাফিজিকেল মাত্ৰা এটা লয়। কিন্তু শেষৰ বাক্যটো কি? মুনমুনৰ অনুবাদটো পঢ়ক- “প্ৰশ্নটো আছিল জনগণ আছে নে আৰামত?” সমাজবীক্ষা বা একালৰ টাৰ্ম প্ৰগতিশীল শ্ৰেণীতহে ইয়াৰ অৱস্থান নেকি? শ্ৰেণীবিভাজন কৰিবলৈ লৈ বহি এই কবিতাটো ইফালেও থ’ব নোৱাৰি সিফালেও থ’ব নোৱাৰি অৱশেষত অনিৰ্দিষ্ট কাললৈকে ইয়াক লিৰিকি বিদাৰি থাকিবলৈ আমি বাধ্য।

 

চ’তৰ বৰদৈচিলাৰ বাবে আছিলা বাট চাই

অকস্মাতে তাই পাৰ হৈ গ’ল বেকাবেকি বাটেৰে

দিক্‌ হেৰুৱাই ঘূৰি ফুৰিছা জোঁট লগা

এইহেন উত্তপ্ত পথেৰে।

 

লগ ল’বলৈ এখন হাতো কেনিও নাই যেতিয়া

কাৰ ভৰসাত আছিলা অতদিনে চিনচাব তাৰো নাই,

চোৱা-

দহনৰ ক্ষণ সমাগত এতিয়া।

 

ক’ত ভুল হ’ল? ঘৰৰ চুকত।

টান নাছিল গাৰ্হস্থ্যত, নাছিল সন্যাসতো।

কেনে আছা তুমি সুধি কিনো পাম?

প্ৰশ্নটো আছিল জনগণ আছে নে আৰামত?

(শঙ্খ ঘোষ, ‘গৃহ-স্থ সন্যাস’) 

দৰ্শন আৰু সাহিত্য একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মানুহে কয়। এটা সাহিত্য-পাঠ আচলতেই এটা দৰ্শনপাঠ। সাহিত্য আৰু সমাজ এই দুইটাও একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি- একেখিনি মানুহেই ক’ব। তেনেহ’লে সাহিত্যই দৰ্শন? সাহিত্যই সমাজ? দৰ্শনৰ নামেৰে মহাজাগতিক এক পৰম বীক্ষা আৰু তাৰ বিপৰীতে দৈনন্দিন জীৱনৰ ঘন-ঘটা, এই দুইৰ মাজতেই মুনমুন সৰকাৰৰ কবিতাৰ নিৰ্বাচন অৱস্থান কৰে যেন অনুভূত হ’ল। 

ভালেখিনি উদাহৰণ থাকিলেও, শঙ্খ ঘোষ তাৰ মাজত অন্যতম। ‘গৃহ-স্থ সন্যাস’- কবিতাটিৰ বিষয়বস্তু কি? ধাৰা কি? জাগতিক, তাৰ পিছত মহাজাগতিক, তাৰ পিছত আকৌ উভতি আহি এখন সমসাময়িক সমাজক প্ৰশ্ন কৰিব পৰাৰ ক্ষমতা ৰখা ই কেনে কবিতা? 

এইখন সংকলনৰ প্ৰায়ভাগ কবিতায়ে এইখিনি ঠাইত বিৰাজে। এহাতে আধিভৌতিক, আনহাতে বাস্তৱিক, নিত্য-নৈমিত্তিক অথবা বাস্তৱিক। আৰম্ভণীৰ কবিতাটোত বিনয় মজুমদাৰে গণিতেৰে জুখিবলৈ চাইছে মহাজাগতিক তত্ব। সেই একে বিনয়ৰে, যি বিনয়ে গণিতেৰে জুখিছিল মহাজগত অলপ আগেয়ে, এতিয়া আকৌ দেখিছোঁ ‘বাৰিষা’ নামৰ কবিতাত অন্যধৰণেৰে চাবখুজিছে সেই একেই মহাজগত

 

“ভেটফুলৰ প্ৰতিটো পাহিৰ, প্ৰতিখিলা পাতৰ মাজত কেতিয়াবা ভয়ংকৰ মিল থাকে

কেতিয়াবা সম্পূৰ্ণ অমিল”।

(বিনয় মজুমদাৰ, ‘বাৰিষা’) 

এই সংকলনত থকা ‘গৃহ-স্থ সন্যাস’-ৰ কবি শঙ্খ ঘোষৰ আনটো কবিতা আকৌ ‘সবিনয় নিবেদন’। কেনে ক্ষোভ আৰু ভ্ৰূকুটি! কি ব্যঞ্জনা! কেনে ক্ষুৰধাৰ। এতিয়া আমি অলপ আগেয়ে কোৱা কথাখিনি ঘুৰাই লৈছোঁ। কোন পাষণ্ডই কয় কবিতাই কোনো কথাই পোনপটীয়াকৈ নকয় বুলি? 

ব্যক্তি, বাস্তৱতা আৰু ৰহস্যৰ এই অদ্ভূত ইলাষ্টিক বন্ধনৰ মাজতে আমি একেদৰেই পাইছোঁ তসলিমা নাসৰিনক-

 

মই আৰু মৃত্যুৱে মিলি ওৰে ৰাতি হাল্লা কৰোঁ,

তচ্‌নচ্‌ কৰোঁ ঘৰ, শেষত কান্দো

পকাত বাগৰি বাগৰি কান্দো।

মৃত্যুৱে তাৰ নোমাল দীঘল হাতখনেৰে মোৰ নিজান, নিথৰ শৰীৰটোক চুৱে, কয়,

খুব নিবিড়ভাবে কয়- জী থাকা

(তসলিমা নাসৰিন, ‘জী থকা’) 

শ্ৰীজাতও জানো কম?

পুৰণি চাউল ভাতত বাঢ়ে

আৰু নতুন কবিতাত বাঢ়ে ভাত...

(শ্ৰীজাত, ‘ভাত’) 

গ্ৰন্থ নিৰ্মানৰ প্ৰয়াস হিচাপে মুনমুন সৰকাৰৰ এই কিতাপখন এটা ৰাজনৈতিক সিদ্ধান্ত বুলি ক’বলৈ আমি এতিয়া বাধ্য।

সহজ অৰ্থৰ দাৰ্শনিক আৰু সহজ অৰ্থৰ সামাজিক- এই দুই বিন্দুৰ মাজৰ অৱস্থানতেই মুনমুন সৰকাৰৰ এই কাব্যসংকলনৰ নিৰ্বাচন বিৰাজমান যেন লাগিল। আৰু এই সহজ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবেই সহজতে এই কিতাপখনৰ প্ৰতি মই আকৃষ্ট হ’লোঁ। 

এতিয়া আহোঁ অন্যটো দিশ- বিষয়ী চেতনা। আলোকৰঞ্জন দাশগুপ্তই তেওঁৰ ‘আধুনিকতাৰ সংজ্ঞা’ নামৰ ৰচনাখনৰ আৰম্ভণীতেই এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষন দাঙি ধৰিছে। ঋষি ঘোষ সম্পাদিত ‘আধুনিক বাংলা কবিতা : সময়ের অভিজ্ঞান’ গ্ৰন্থৰ পাতনিও আৰম্ভ হৈছে তাৰ উদ্ধৃতিৰে- “প্ৰাচীন আৰু আধুনিক কবিতাৰ প্ৰস্থানভুমিৰ পাৰ্থক্য যদি একে আষাৰতে ক’বলৈ হয়, ইমানকণ ক’লেই পৰ্যাপ্ত হ’ব, প্ৰাচীন কাব্যৰ মূলসূত্ৰ ৰচয়িতাৰ আত্মবিলুপ্তি আৰু পৰৱৰ্তী কবিতাৰ উপপাদ্য অভিমানী অহং”।[iii] বাংলা কবিতাত কবিতাৰ অন্তৰালত অন্ততঃ কবিজন আছে, এজন মানুহ হিচাপে। এই কথাও খুব সহজ কথা নহয়। মই ‘কোন’ আৰু মই ‘ক’ত এই দুটা কথা এইখিনিতে খুব বেছি জৰুৰী। তাৰ লগতে সাঙোৰ খাই থাকে মই ‘কিয়’ আৰু মই ‘কেতিয়া’। 

আধুনিকতাক সংজ্ঞায়িত কৰাৰ সমস্যাৰে আলোচনাখিনি আৰম্ভ কৰিছিলোঁ। বিভিন্ন সমস্যাৰ মাজত এটা সমস্যাৰ মূল এয়ে যে আধুনিকতা বাৰে বাৰে ন-কৈ আৰম্ভ হয়, কিন্তু কোনোটো আধুনিকতাই শেষ নহয়। কিন্তু প্ৰতিবাৰেই ন-কৈ আত্মপ্ৰকাশ কৰা আধুনিকতাত নিহিত থাকে একধৰণৰ বিৰোধৰ চেতনা। মাইকেল মধুসুদন দত্তৰ বিৰোধিতাৰে ৰবীন্দ্ৰনাথৰ আধুনিকতা যদি আছিল, মহাযুদ্ধ-পৰৱৰ্তী কালৰ আধুনিকতাৰ এটা প্ৰধান চেলেঞ্জ আছিল মানৱীয় চেতনাৰ ৰবীন্দ্ৰীয় প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি অনাটো। এটা যুক্তিৰে আধুনিকতাবাদৰ দুৰ্ঘোৰ বিৰোধী উত্তৰ-আধুনিকতাও আধুনিকতাৰেই সম্প্ৰসাৰণ মাত্ৰ। ইংৰাজ শাসিত ভাৰতত কল্লোলৰ কালৰ আত্মচেতনা আছিল অন্যমাত্ৰাৰ। স্বাধীনতাৰ পৰৱৰ্তী কাললৈ এই আত্মচেতনা গাঢ় হ’বৰ বাবে বংগৰ ইতিহাসে আৰু ভালেখিনি আন্দোলন গৰকি আহিলে। আন্দোলন বোলোঁতে কৃষক আন্দোলন তে-ভাগা আৰু নক্সালবাৰি যেনেকৈ আছিল, দেশ-ভাগৰ পিঢ়া যেনেকৈ আছিল, তেনেকৈয়ে হাংৰি আন্দোলনৰ দৰে কাব্য-আন্দোলনো আছিল। 

কথাত কথা বাঢ়ি গৈ থাকিব। সদ্যহতে সামৰিছোঁ।

আমি যিহেতু অসন্তোষিয়া মানুহ, সেয়ে দুটামান কথা কৈ থওঁ। এই সংকলনটোৰ নাম ‘স্বনিৰ্বাচিত’ কিয় সেয়া নুবুজিলোঁ। সেই ব্যাখ্যা অনুবাদকে নিজে দিব। প্ৰাপ্ত পাণ্ডুলিপিৰ প্ৰথমটো কবিতা বিনয় মজুমদাৰৰ ‘গান এটা’-ৰ শেহৰ বাক্যটোৰ অনুবাদিত ৰূপটো হ’লগৈ “পৃথিৱীখনো এনেদৰেই সৃষ্টি হৈছিল চাগে”। এই চাগে যিটো আচলতে চাগে’, চাগৈ শব্দৰ অন্যৰূপ, অসমীয়া ভাষিক কথোপকথনৰ এটা পৰিচিত ৰূপ। বিনয়ৰ কথাত সেয়া আছিল এটা ষ্টেটমেণ্ট। মুনমুনৰ অনুবাদত সেয়া হৈ থাকিল এটা সম্ভাৱনা। অনুবাদ সম্পৰ্কীয় আৰু বহু কথা পাতিবলৈ আছে। পাতি আছোঁ, পাতি থাকিম। তাৰ আগতে এই কিতাপখন পঢ়ক। 

ইতিমধ্যেই বহু পলম হৈছে, এনে এখন কিতাপৰ প্ৰয়োজন অসমীয়া ভাষাত বহু আগতেই আছিল। সময়ৰ গুৰুত্ব আছে, কাৰণ- 

ৰাতিবোৰ ক্ৰমান্বয়ে শেষ হৈ হৈ গৈ আছে, জ্বলি জ্বলি নুমাই গৈ আছে ৰাতিবোৰ।

তেওঁক হয়তো বিচাৰিলে পাম এদিন,

কিন্তু ৰাতিবোৰ ঘূৰাই নাপাম।

(তসলিমা নাসৰিন, ‘ৰাতি’)

 

 

সমুদ্ৰ কাজল শইকীয়া, শিলপুখুৰী, নৱেম্বৰ ২০২১

kankhowa@gmail.com, Mobile: 9811375594



[i] বুদ্ধদেব বসু, ‘আধুনিক বাংলা কবিতা’

[ii] হীৰুদাৰ বাক্য

[iii] ঋষি ঘোষ (সম্পাদক), ‘আধুনিক বাংলা কবিতা : সময়ের অভিজ্ঞান

No comments: