ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 22, 2022

পেখু পেখু (ঊনাশী): বৃন্দাবনী বস্ত্ৰ আৰু লেখকৰ ভিত্তি

   ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১১ জুলাই, ২০২১]

একক বিষয়ক কেন্দ্ৰ কৰি নিৰহ নিপানীকৈ লেখা অসমীয়া ভাষাৰ কিতাপ তাকৰ। সেয়ে মৃণাল চন্দ্ৰ কলিতাৰ বৃন্দাবনী বস্ত্ৰ নামক কিতাপখন প্ৰশংসাৰ যোগ্য। বৃন্দাবনী বস্ত্ৰৰ সৈতে আমাৰ বহু আবেগ জড়িত হৈ আছে যদিও ইয়াৰ সম্পৰ্কে আমি বৰ বিশেষ কথা জানিবলৈ নাপাওঁ। সেয়ে বহু সময়ত কাকত-আলোচনীত সিচৰতি হৈ থকা বিভিন্ন জনৰ প্ৰবন্ধপাতিলৈকে মুখ মেলি ৰ’ব লগা হয়। অসম সাহিত্য সভাৰ অন্তৰ্গত প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা (গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ)-ৰ দ্বাৰা ২০০৮ চনত প্ৰকাশিত এষষ্ঠি পৃষ্ঠাৰ এইখন কিতাপত সন্নিবিষ্ট বাৰটাকৈ অধ্যয়ত বৃন্দাবনী বস্ত্ৰখনৰ আৰ্হি আৰু গঠণ সম্পৰ্কীয় সকলোবোৰ দিশ, যেনে ইয়াত উপস্থাপন কৰা চানেকীসমূহ, সূতাত ব্যৱহাৰ কৰা ৰং, দীঘ আৰু পুতল আদিবোৰৰে পৰা ইয়াৰ ইতিহাস, গুৰুত্ব তথা সংৰক্ষণ সম্পৰ্কীয় প্ৰায় গোটেইবোৰ দিশেই সাঙোৰা হৈছে। গতিকে এই কিতাপখন যে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতৰ গৱেষকসকলৰ বাবেও সহায়ক পুথি তাক বহলাই সময় নষ্ট নকৰোঁ।   

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

‘প্ৰকাশকৰ এষাৰ’ত প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশচন্দ্ৰ শৰ্মাদেৱে কৈছে, “গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰৰ ওপৰত অসমত যোৱা ৫০০ বছৰৰ ভিতৰত কোনো লোকে গ্ৰন্থ লিখা শুনা নাযায়। বৈষ্ণৱ সাহিত্যৰ ভঁড়াললৈ এই ‘বৃন্দাবনী বস্ত্ৰ’ পুথিখন অন্য এক সংযোজন বুলিব পাৰি”। অৱশ্যে এইখন কিতাপক ‘বৈষ্ণৱ সাহিত্য’ৰ ভঁড়াললৈ এক সংযোজন বোলাত শৰ্মাদেৱৰ প্ৰতি আমাৰ আপত্তি আছে। এইখন সৰ্বাংগে এখন আধুনিক অসমীয়া ভাষাৰ কিতাপ আৰু সকলো বস্তুকেই ‘সাহিত্য’ৰ সৈতে সাঙুৰি বৰ্ণোৱাৰ প্ৰৱণতাক আমি বিৰোধিতাই কৰি আহিছোঁ। বৈষ্ণৱ-সংস্কৃতি বা বৈষ্ণৱ-চৰ্চা বুলিলেও আপত্তি নাথাকিলহেতেন কিজানি। ‘ভূমিকা’ত লেখক কলিতাই বিনয় সহকাৰে কেনেকৈ তেওঁ ঘটনাক্ৰমে এই কিতাপখন লিখি উলিওৱাৰ কামটো হাতত ল’লে তাৰ সবিশেষ বৰ্ণনা আছে। বিভিন্নজন গৱেষক পণ্ডিতক সাক্ষাৎ কৰি, চৰিত-পুথিৰে পৰা ভালেখিনি সমসাময়িক গৱেষণাপত্ৰ অধ্যয়ন কৰি কলিতাদেৱে কিতাপখন যুগুত কৰি উলিয়াইছে। 

মৃণাল চন্দ্ৰ কলিতাৰ ‘বৃন্দাবনী বস্ত্ৰ’ কিতাপ  
সি যি কি নহওক, আজিৰ আমাৰ এই আলোচনাটো আৰম্ভণীতে গ্ৰন্থ সমালোচনা যেন লাগিলেও আচলতে ইয়াত লেখকৰ লেখাৰ আধাৰ সম্পৰ্কেহে কিছু কথা উনুকিয়াবলৈ বিচাৰিছোঁ। অতি আগ্ৰহেৰে হাতত তুলি লোৱা এইখন কিতাপে আৰম্ভণীতেই প্ৰচুৰ সম্ভাৱনা বহন কৰিও শেষ পৰ্যন্ত আমাক নিৰাশ কৰিছে কেইবাটাও কাৰণত। বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে নহয়, এইখন বিশেষ কিতাপৰ বিষয়ে নহয়, বৰঞ্চ সামগ্ৰিকভাবে অসমীয়া লেখকৰ লেখা মেলাৰ অভ্যাসৰ প্ৰসংগতেই কেইটামান কথালৈ চকু দিয়াটো জৰুৰী বুলি ভাবিলোঁ। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

“জগতপতি শ্ৰীবিষ্ণুৰ নিবাস স্থল বৈকুণ্ঠপুৰিত সদায় প্ৰকাশিত হয় হৰি নাম” বুলি আৰম্ভ হোৱা প্ৰথমটো অধ্যায়ৰ এইখন কিতাপত কেইবা ঠাইতো গুৰুজনাৰ দৈৱগুণৰ উল্লেখ কৰা হৈছে। এই দিশটোৱে কিতাপখনক বৈজ্ঞানিক বস্তুনিষ্ঠ আলোচনাৰ পৰা বঞ্চিত কৰে। বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰিবৰ পৰত বাৰম্বাৰ চৰিতপুথি সমূহৰ প্ৰসংগ অনা হৈছে। চৰিতপুথি সমূহৰ উল্লেখেৰে তাহানিৰ দৰে শংকৰত দৈৱগুণ আৰোপ কৰি চলা কথাবতৰাবোৰৰ উল্লেখ হয়তো এটা ৰেফাৰেন্সিয়েল উল্লেখ হৈ থকালৈকে ঠিকেই আছিল। পাঠ সমীক্ষাৰ এটা দিশৰ প্ৰয়োজন বাৰু আছে। কিন্তু চৰিতপুথি আৰু কিংবদন্তিৰ আধাৰত বৃন্দাবনী বস্ত্ৰৰ কথাসমূহ এটা অধ্যায়তে সোমাই থকা হ’লে ভাল আছিল। ভিন্ন ঠাইত লেখকে নিজেও সভক্তিৰে গদগদ হৈ কিছুমান কথা বৰ্ণনা কৰিছে যিখিনি এখন গৱেষণামূলক গ্ৰন্থৰ বাবে একেবাৰেই শোভনীয় নহয়। উদাহৰণ স্বৰূপে এটা অধ্যায়ৰ নাম হ’ল- ‘বৃন্দাবনী বস্ত্ৰ বিশ্বৰ ইতিহাস প্ৰসিদ্ধ যাদুঘৰসমূহৰ মজিয়া পালেগৈ কেনেকৈ’, কিন্তু তাত থকা কেইটিমান বাক্য এনেধৰণৰ-

“গুৰুজনা যে স্বয়ং ভগৱানৰ অংশ আছিল, সেইকথা ৰজা নৰনাৰয়ণে অনুধাৱন কৰিছিল সেই দিনাখনৰ পৰা যিদিনাখন তেওঁ চাবলৈ মানস কৰা কৃষ্ণৰ ৰূপক শংকৰ গুৰুই তেৰাৰ অলৌকিক শক্তিৰে দিব্যৰূপী ভগৱন্তক স্বচক্ষে দেখুৱাইছিল”।

… …

“এই ঘটনাৰ কিছুদিনৰ পিছত তেওঁৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ গুৰুজনাৰ দ্বাৰা তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰৰ বিস্ময়াভিভূত কৃষ্ণলীলা দেখি ৰজা নৰনাৰায়ণ নিঃসংকোচ হৈছিল যে গুৰুজনা অৱতাৰী পুৰুষ” (পৃ- ৫০)। 

একবিংশ শতিকাৰ এখন আধুনিক কিতাপত এইখিনি কথা গ্ৰহণ কৰিবলৈ তেনেই অসুবিধা :

“গুৰুজনাৰ মহাপ্ৰয়াণৰ সময় আৰু তেৰাই ৰজা নৰনাৰায়ণক বিষ্ণুৰ দৈৱ ৰূপ দেখুওৱাৰ সময়কণ লক্ষ্য কৰিলে দেখা যায় যে দুয়োটা ক্ষণেই দুপৰীয়া চাৰিদণ্ড”। …ভগৱন্তৰ অংশস্বৰূপ হোৱাৰ বাবেই হয়তো গুৰুজনাই ৰজা নৰনাৰায়ণক বিষ্ণুৰ স্বৰূপ দেখুৱাৰ ব্যৱস্থা কৰাৰ লগতে তেৰাৰ নিজৰ প্ৰয়াণৰ সময়ো স্থিৰ কৰিব পাৰিছিল” (পৃ- ৫২)।

 ভগৱন্তৰ অংশস্বৰূপ, অলৌকিক শক্তিৰ অধিকাৰী, অৱতাৰী পুৰুষ এইজন শংকৰদেৱে মানুহ শংকৰদেৱক ঢাকি ধৰে। যদি অলৌকিক দৈৱ ঐশ্বৰিক শক্তিৰেই প্ৰভাৱ আছিল তেন্তে বৃন্দাৱনী বস্ত্ৰহে নালাগে আৰু বহুত কিবাকিবি অলৌকিক অসাধ্য সাধন কৰাটোও একো আশ্চৰ্যৰ বিষয় হৈ থাকিব নালাগিছিল। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

এইখিনি অসুবিধাৰ বাহিৰেও, বিভিন্ন তথ্য তথা তথ্যসূত্ৰৰ উল্লেখ থাকিলেও ভালেখিনি প্ৰসংগই ইয়াত উল্লিখিত হৈছে কেৱল অনুমান আৰু ধাৰণাৰ ভিত্তিত। সূতাৰ প্ৰকাৰ, ৰং, নিৰ্মাণৰ সময়কাল, নিৰ্মাণ-পদ্ধতি, প্ৰস্তুতিৰ আচল কাৰণ, দীঘ আৰু বাণি, কেনেকৈ কেতিয়া সংগ্ৰহশালালৈ প্ৰৰিভ্ৰমণ কৰিলে- এইবোৰৰ কোনোটো কথাই কিতাপখনত নিৰ্দিষ্টতাবাচক নহয়। বিভিন্ন তথ্যৰ সংযোজনেৰে ই আগলৈ অন্য গৱেষকক কিছু তথ্যসূত্ৰৰ সমল অৱশ্যে দিব পাৰিব কিন্তু কোনো বাট দেখুৱাবও নোৱাৰে অথবা ইয়াৰ আধাৰত এটা সমালোচনাৰ ভেটিও নিৰ্মাণ কৰিবলৈ নিদিয়ে। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

এতিয়া কিতাপখন হাতত তুলি লোৱাৰ পৰত থকা আমাৰ প্ৰত্যাশাৰ কথা ক’ম। মৃণাল চন্দ্ৰ কলিতাৰ ‘বৃন্দাবনী বস্ত্ৰ’ কিতাপখন এটা প্ৰস্তাৱ অথবা সম্ভাৱনা। এইটো আচলতে প্ৰায়ভাগ অসমীয়া লেখকৰ ক্ষেত্ৰতে সততে দেখিবলৈ পোৱা এটা সমস্যা যে আলোচনাৰ এটা দাৰ্শনিক ভেটী প্ৰস্তুত কৰি ল’বলৈ তেওঁলোক অপাৰগ হয়। আনকি লেখা এটাৰ বাবে যে এটা ভিত্তিভূমিৰ প্ৰয়োজন হয় হয়তো সেই কথালৈ বহুতে মনেই নকৰে। লেখক কলিতা হ’ল এজন বস্ত্ৰ প্ৰযুক্তিবিদ তথা সদৌ অসম হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিষয়া সন্থাৰ সাধাৰণ সম্পাদক। প্ৰসংগতঃ কৈ থওঁ তেওঁ হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠানৰ সংযোগেৰে ‘শিপিনীৰ হাতপুথি’-ৰ দৰে ব্যৱহাৰিক গ্ৰন্থৰো ৰচক। সেই সূত্ৰেই প্ৰথম প্ৰত্যাশাটো আছিল যে- বস্ত্ৰ প্ৰযুক্তিবিদ্যাৰ আধাৰত নৈৰ্ব্যক্তিক, বস্তুবাদী, প্ৰযুক্তিগত আৰু বিজ্ঞানসন্মত বিশদ আলোচনা হয়তো আমি পাম। কিছুমান ডিটেইল হয়তো আমি পাইছোঁ, কিন্তু অলৌকিকতা আৰু দৈৱিকতাৰ দিশবোৰে সেইবোৰ আলোচনা ঢাকি ধৰিলে। দ্বিতীয়টো প্ৰত্যাশা আছিল আমাৰ প্ৰৰম আগ্ৰহৰ- যিহেতু বিষয়টো শিল্প ইতিহাসৰ এক বিশিষ্ট সমল, শিল্প-কলা বীক্ষণৰ ইতিহাসৰ আধাৰত ইয়াৰ আলোচনা আগুৱাব পাৰিলেহেতেন। কিন্তু অসমত প্ৰচলিত থকা শ্ৰীমন্ত শংকৰদেৱে দিব্যগুণেৰে অকলেই সমস্তখিনি কৰিলে বোলা ধাৰণাকে সাৰোগত কৰি থকাৰ ফলত সমগ্ৰ কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ সাংস্কৃতিক ইতিহাসখিনি সংকুচিত হৈ ৰ’ল। বৃন্দাবনী বস্ত্ৰৰো পূৰ্বৰে পৰা অসমত বয়ন শিল্পৰ প্ৰচলন থকাৰ কথা উল্লেখ আছে, কিন্তু সেয়া উল্লেখ মাত্ৰ [“(সমিৰণ) বৰুৱাদেৱে ষ্টিভেন কহেনৰ গৱেষণাপত্ৰৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমত বৈষ্ণৱ ধৰ্মীয় কাপোৰ বোৱা পৰম্পৰাটো তাতকৈয়ো প্ৰাচীন”। পৃ- ২২]। বয়ন শিল্পৰ সৈতে জড়িত নন্দনতাত্বিক ইতিহাস ইয়াত তেনেই উপক্ষিত হৈ ৰ’ল। তৎকালীন সমাজৰ বৌদ্ধ, তান্ত্ৰিক কিম্বা জনজাতীয় পৰম্পৰাগত শিল্পৰ দৃশ্যগুণ; পুথিচিত্ৰ অথবা আন কলাশৈলীৰ অভ্যাস; সৰ্বভাৰতীয় শিল্পচেতনাৰ আগমন নাইবা পাৰ্শ্বদেশীয় শিল্পৰীতিৰ পৰিব্ৰাজন- এইবোৰৰ কোনো প্ৰসংগ এইখন কিতাপত নাই। বহুখিনি তথ্যসূত্ৰ সমাবেশিত হোৱাৰ পিছতো এইখন কিতাপতো পৰিশেষত বৃন্দাবনী বস্ত্ৰখন দিব্যগুণেৰে আকাশৰ পৰা সৰি পৰা বস্তু এবিধহে হৈ ৰ’ল। 

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ
গৱেষণা গ্ৰন্থ বুলি কোৱা হওক বা নহওক, বিষয়বস্তু আৰু ই বিচৰণ কৰা দিশবোৰলৈ চাই এইখন গৱেষণামূলক গ্ৰন্থই হয়। ওপৰৰ তাৰ্কিক বিশ্লেষণখিনিক চমুৱাই আনি ক’ব পাৰোঁ, এনে এখন কিতাপৰ আধাৰ হ’ব পাৰিলেহেতেন- (১) বস্ত্ৰ-প্ৰযুক্তি (Handloom and textile technology), (২) নৃতত্ব (Anthropology), (৩) সমাজ বিজ্ঞান (Social Sciences), (৪) কলা ইতিহাস (Art History), (৫) সাংস্কৃতিক ইতিহাস (Cultural History), (৬) সংৰক্ষণ-তত্ব (Censervation), (৭) ৰাজনীতি (Politics), (৮) ধৰ্ম আৰু পৰম্পৰা (Religion and tradition), (৯) লোকশিল্প অধ্যয়ন (Filklore Studies) ইত্যাদি।    

বৃন্দাবনী বস্ত্ৰৰ অংশ বিশেষ

সদৌ শেষত আমাৰ ক’বলগীয়াখিনি এয়ে যে, কথাবোৰ কেৱল এই বিশেষ কিতাপখনক লৈয়েই নহয় : যদি বিদ্যায়তনিক অৰ্থেৰে ‘গৱেষণা’ নামৰ শব্দটো এৰায়ো চলা হয়, সাধাৰণ পাঠকৰ বাবে লিখা কিবা এটা লেখাই হওক কিম্বা ‘মই কেৱল মোৰ মনৰ ভাবহে প্ৰকাশ কৰিছোঁ’ বোলা ব্যক্তিগত ৰচনাই হওক, সকলো প্ৰকাৰৰ লেখাতেই এক সুদৃঢ় দাৰ্শনিক কিম্বা শৃংখলা-নিৰ্ভৰ (ডিচিপ্লিনেৰী) ভিত্তিভূমি নিৰ্দিষ্ট হৈ থকাটো জৰুৰী।      

প্ৰদৰ্শনীত বৃন্দাবনী বস্ত্ৰ 

 

সমুদ্ৰ কাজল শইকীয়া

email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: