ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, June 29, 2018

ভ্ৰাম্যমাণ থিয়েটাৰ কেনেকৈ চাম?


*
মঞ্চত "হেমলেট" চলি আছে। তপন দাস হেমলেট। পূৰৱী শৰ্মা অ'ফেলিয়া। অ'ফেলিয়া সদ্য-পাগলী। ক'লৈ যাম কি কৰিম উৱাদিহ নাপাই অ'ফেলিয়াই কৈছে- "মই এতিয়া ক'লৈ যাওঁ?" লগে লগে গেলেৰীৰ পৰা চিঞৰ এটা ভাঁহি আহিল- "চিধা চিধা গেলেৰীলৈ পোণাই দে"।
*


যি কোনো এটা আলোচনা বা সমালোচনা আগবঢ়াবৰ বেলিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈ ৰয় আলোচকৰ অৱস্থান গ্ৰহণ। কোন অৱস্থানৰ পৰা বস্তু এটালৈ দৃষ্টি নিক্ষেপ কৰা হৈছে- সেইটোৱেই নিৰ্ধাৰণ কৰি দিয়ে আলোচকৰ পৰিপ্ৰেক্ষিত। এই অৱস্থান গ্ৰহণৰ প্ৰসংগটো যদি স্পষ্ট নহয়, তেনেহ’লে আলোচকৰ বক্তব্যও ধূসৰ হৈ ৰোৱাটো স্বাভাৱিক। অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উপাদানসমূহক লৈ কথা পাতিবৰ সময়ত এইটোৱেই হ’ল আটাইতকৈ গুৰুতৰ সমস্যা। এক কথাত অসমত সাংস্কৃতিক সমালোচক আজিও নাই, আগতেও কোনো নাছিল। যি দুই এক বাচকবনীয়া লেখকে সংস্কৃতিৰ পথাৰলৈ নিজৰ লেখাৰে অৱদান আগবঢ়াইছে তেওঁলোকৰ সৰহসংখ্যকেই আচলতে সাহিত্যৰ পথাৰৰ মানুহ। সাহিত্যৰ আলোচনাৰ ধৰণ কৰণেৰেই তেওঁলোকে সংস্কৃতিৰ উপাদান সমূহকো চাবলৈ চেষ্টা কৰাটো স্বাভাৱিক। কিন্তু সেই কামৰ কিছুমান অসুবিধাৰ দিশো আছে যাৰ বাবে আমি জানি বুজিয়েই অলপ উচ্চবাচ্য কৰি হ'লেও সোঁৱৰাই থাকিবলগীয়া হয় যে নাটক কেৱল সাহিত্য নহয়। সাহিত্যৰ শ্ৰেণীকোঠাত শ্বেইকছপীয়েৰ অথবা গীৰিশ কাৰনাডৰ নাটক এখনক সহিত্যৰ 'পাঠ' হিচাপে অধ্যয়ণৰ সুযোগ নিশ্চয় আছে। কিন্তু সেই নাটকৰ পৰিবেশন সম্পৰ্কে কথা পতাৰ সুযোগখিনি নাই। ফলত পৰিবেশন কলা হিচাপে তাৰ মূলগত দিশটো আওকণীয়া হৈয়েই ৰৈ যায়। তুলনামূলকভাবে নতুন নাট্যকাৰৰ নাটক এখন উপভোগ কৰি তাৰ আলোচনা এটা আগবঢ়াবৰ বেলিকাও সেয়েহে নাটকখনে কি ক’ব খুজিছে, অথবা তাৰ ‘মেছেজ’টোনো কি তাকে উল্লেখ কৰাতেই নাটকৰ সমালোচনাৰ অন্ত পৰে। নাটক হিচাপে তাৰ পৰিবেশনৰ দিশ সমূহৰ উল্লেখ প্ৰায় শূন্য। অভিনয়ৰ কথা ক’বলৈ গৈ “অমুকৰ অভিনয় যথাযথ” বুলি উল্লেখ কৰিয়েই দায় সামৰি থোৱা দেখা যায়। শব্দ, দৃশ্য, পৰিবেশ, অভিনেতা আৰু দৰ্শকৰ পাৰস্পৰিক সংযোগ আদিবোৰ দিশৰ কথা পতাৰ কোনো পৰিবেশেই দেখা পোৱা নাযায়। এনে এটা পৰিবেশত নাটক বা আন যি কোনো পৰিবেশনধৰ্মী শিল্পৰ ভৱিষ্যৎ কেনে হ’ব সেই সম্পৰ্কীয় কোনো ধৰণৰ উদ্বিগ্নতাৰো কোনো মানে নাথাকে।

কিবা এটা কাৰণত সাহিত্য শব্দটোৰ প্ৰতি আমাৰ অদম্য মোহ। সাহিত্যিক এজনৰ প্ৰতি যি সন্মান, অভিনেতা এজনে সেয়া কেতিয়াও আহৰণ কৰিব নোৱাৰেগৈ। শিল্পী হিচাপে অভিনেতা একোজনে ওৰেটো জীৱন পাত কৰিবলগীয়া হয় অৱহেলা আৰু অপমানৰ মাজেৰে। কবিতা এটা পঢ়ি আমি কথা পাতোঁ- ইয়াত কবিয়ে কি ক'ব খুজিছে সেইটোক লৈ। কবিজন হ'ল অৰিজিনেল অৰ্থাৎ মৌলিক সৃষ্টিকৰ্তা। নাট্যকাৰৰ নাটকখন পঢ়ি বা চাই (আচলতে শুনি) আমি কথা পাতোঁ নাট্যকাৰৰ বক্তব্যক লৈ। কিন্তু এজন অভিনেতাৰ বক্তব্য কি? এটা অভিনয়ৰ মাজেৰে অভিনেতাৰ ক'বলগীয়া কিবা থাকিব পাৰে বুলি আমি কেতিয়ালৈ ভাবিব পৰা হ'মগৈ? অভিনয় মানে কেৱল মুখা? অভিনয় মানে কি কেৱল ৰ'ল প্লে'? চং? ভাওভুকটি? আনৰ (আন চৰিত্ৰৰ) অনুকৰণ? অভিনেতা মানে কি কেৱল পৰিচালকৰ হাতৰ পুতলা? অভিনয় মানে সদায়ে কি মিছাৰ প্ৰতীক? অসত্য? অবাস্তৱ? যেতিয়া গায়কে গায় "জীৱনটো যদি অভিনয় হয়" তাৰ মানে কি বুজাব খোজে? অভিনয়ৰ আঁৰৰ অভিনেতাজনৰ অস্তিত্ব ক'ত? "Actors Prepare" নামৰ লেখাত অনুৰাধা কাপুৰে কোৱা এইখিনি কথা আমি আমাৰ বিভিন্ন কামৰ ক্ষেত্ৰত বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ- Actors are probably the only art makers who can be told (in response to gestures they make with their vocal and physical apparatus, their own attributes and their responses) by an observer that what they have palpably executed is not real or truthful.[1] "নাট্য-সাহিত্য"-ৰ মোহত আচ্ছন্ন, সাহিত্যৰ আভিজাত্যৰে মদগৰ্ৱী সমাজত অভিনেতাৰ মনৰ দুখৰ কথা কোনোদিনেই হয়তো পাতিব পৰা নহ'মগৈ। এনেধৰণৰ আৰু বহুখিনি দিশ ওলাব পৰিবেশনৰ পৰিপ্ৰেক্ষিতেৰে আলোচনা কৰিবলৈ নিশিকালৈকে  যিখিনিক লৈ আমি কথা পাতিব নোৱাৰিম।

বিশেষকৈ ভ্ৰাম্যমাণ সম্পৰ্কীয় যিখিনি কথা বতৰা আজিলৈকে আমাৰ চকুত পৰিছে সেই সমূহৰ ক্ষেত্ৰত আলোচনা বা সমালোচনাৰ প্ৰেক্ষাপট আটাইতকৈ বেছি গণ্ডগোলীয়া। ভ্ৰাম্যমান থিয়েটাৰক কোন পৰিপ্ৰেক্ষিতেৰে কেনেকৈ চোৱা উচিত, কেনেকৈ ইয়াৰ নন্দনতত্বক সংজ্ঞায়িত কৰিব পাৰি অথবা ইয়াৰ ভৱিষ্যৎ সম্পৰ্কে কেনেধৰণৰ ৰায় দিব পৰা যাব– এইখিনি কথা নতুনকৈ ভাবিবৰ অৱকাশ সদায়েই আছিল, আৰু থাকিব। সেয়েহে ভ্ৰাম্যমাণ থিয়েটাৰক আমি কেনেকৈ চাম- এই প্ৰশ্নটোৰ আঁত ধৰিয়েই আজি কিছু আলোচনা আগবঢ়াই নিব খুজিছোঁ।

প্ৰথম কথা, ভ্ৰাম্যমান থিয়েটাৰক থিয়েটাৰ বুলিয়েই কোৱা ভাল। ইয়াক নাটক বুলি কোৱাটো অন্যায়। কাৰণ নাটক বুলি কোৱাৰ লগে লগেই আচলতে থিয়েটাৰ শব্দটো সংকুচিত হৈ পৰে। থিয়েটাৰ শব্দই এটা স্থাপত্যকো বুজায়। থিয়েটাৰ শব্দৰ মাজত থকা সামূহিকতা নাটক শব্দটোত নাই। অসমীয়াত আকৌ নাটক শব্দটোৰ লগত নাট্য-সাহিত্য বুলি কথা এষাৰ যুক্ত হৈ কথাখিনিৰ আৰু অলপ সংকোচন ঘটে। দ্বিতীয় কথা, ভ্ৰাম্যমাণৰ নন্দনতত্ব আমি সচৰাচৰ নাট্যশিল্প বা নাট্যসাহিত্য আদি প্ৰচলিত ধাৰাসমূহেৰে যিখিনি কথা বুজি আহিছোঁ- সেই সমূহৰ পৰা বাজত ৰাখি কথা পাতিবলৈ যত্ন কৰা উচিত। কাৰণ প্ৰাথমিক ভাবে আৰু প্ৰধানত: ভ্ৰাম্যমাণ এটা জনপ্ৰিয়-সংস্কৃতি বা পপুলাৰ কালচাৰৰ অংশ। অন্য এলিট অভ্যাসৰ সৈতে ইয়াক সাঙুৰিবলৈ গ’লে ভুলটো আমাৰহে হব। এলিট শিল্প বা অভিজাত শিল্প কথাষাৰত এটা নঞৰ্থক সুৰ সোমাই, আছে সেয়েহে উচ্চ শিল্প, পপুলাৰ শিল্প বা সামগ্ৰিক ভাবে কেৱল শিল্প- এই কথাখিনি আমি অলোচনাৰ সুবিধাৰ্থে এই লেখাত ব্যৱহাৰ কৰি চলিম। এইখিনিতে সামগ্ৰিক ভাবে শিল্প আৰু পপুলাৰ শিল্পৰ মূলগত পাৰ্থক্যখিনিলৈ অলপ মন কৰি লোৱাটো ভাল হ’ব।

বহুতে ভাবি থকাৰ দৰে শিল্পৰ উদ্দেশ্য কিন্তু দৰ্শকৰ ৰুচিবোধক তৃপ্তি দিয়াটো নহয়, বৰঞ্চ দৰ্শকৰ পূৰ্ৱাপৰস্থিত ৰসবোধক আঘাত হনাটোহে। বাৰ্টোল্ট ব্ৰেখটৰ নামেৰে প্ৰচলিত কিন্তু আচলতেৰ্লিয়ন ট্ৰটস্কীৰ (Leon Trotsky) এষাৰ কথা এইখিনিতে প্ৰণিধানযোগ্য- সমাজৰ বাস্তৱতাক প্ৰতিবিম্বিত কৰিবলৈ শিল্প এখন দাপোন নহয়, বৰঞ্চ সমাজক গঢ় দিবলৈ ই এক হাতুৰিহে[2] (Art is not a mirror with which to reflect reality but a hammer with which to shape it)। শিল্প কেৱল বিনোদন নহয়। ই মানুহক কিবা এটা ভাবিবলৈ বাধ্য কৰে। ই মানুহৰ মাজলৈ কিছুমান দাৰ্শনিক প্ৰশ্ন এৰি থৈ যায়। বিনোদনৰ দিশখিনি ইয়াত একোটা অজুহাতহে। কাহিনীকথন অথবা দৃশ্যগত উপাদান- সমস্ত নান্দনিকতা ইয়াত কেৱল এক বাহানা। শিল্প হিচাপে পপুলাৰ শিল্পয়ো সমাজৰ প্ৰতি এটা দায়িত্ব পালন নিশ্চয় কৰে। কিন্তু পপুলাৰ শিল্পৰ ক্ষেত্ৰত বিনোদনৰ দিশটোহে মূল। পপুলাৰ শিল্পই জনতাৰ পূৰ্ৱাপৰস্থিত ৰসবোধক আঘাত দিয়া বা প্ৰশ্ন কৰাৰ বিপৰীতে সেই ৰসবোধকেই আধাৰ হিচাপে লৈ নিজকে গঢ় দিয়ে। সেয়েহে পপুলাৰ শিল্প সদায়েই যিটো নান্দনিক ধাৰা ইতিমধ্যেই সমাজত চলি আছে তাকে ভিত্তি হিচাপে লয়। এই চলতি নান্দনিকতা কেৱল এটা বোধৰ ক্ষেত্ৰতেই নহয়, মাধ্যমৰ দিশেৰেও গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ আৰম্ভণীৰ নে'মকাষ্টিঙৰ পৰম্পৰা এটা আছিল। অসমত চিডি-ৰ জৰিয়তে ভিডিঅ’ছবি আৰু মিউজিক ভিডিঅ'ৰ ব্যাপক প্ৰচলণ হোৱাৰ পিছত ভ্ৰাম্যমাণ থিয়েটাৰেও ডিজিটেল মিউজিক ভিডিঅ’ক আয়ত্ব কৰি নে’ম-কাষ্টিঙৰ অংশ কৰি ল’লে।   

২০০৭ চনত "দ্য লিগাচী" নামৰ আলোচনীত প্ৰকাশিত দেবৰাহ চ'ল'মনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত "কমেণ্টৰী" আলোচনীৰ সম্পাদক জন প'ধ'ৰেজ (John Podhoretz)-এ কোৱা কথা এষাৰ এইখিনিতে উল্লেখযোগ্য- জনপ্ৰিয় শিল্প সমাজ পৰিৱৰ্তনৰ এটা প্ৰতিবিম্বহে, তাৰ কাৰক নহয়[3] (Pop culture is a reflection of social change, not a cause of social change)। এই কথাষাৰ ওপৰত কৈ অহা ট্ৰটস্কীৰ কথাষাৰৰেই এটা অনুৰণন যেন লাগিব পাৰে, কাৰণ ট্ৰটস্কীয়ে কৈছিল শিল্প প্ৰতিবিম্ব নহয় বৰঞ্চ সমাজক গঢ় দিব পৰা এটা হাতুৰিহে। ট্ৰটস্কী আৰু প'ধ'ৰেজৰ দুয়োটা কথাৰ মাজত থকা বিভেদখিনিয়ে সামগ্ৰিকভাবে শিল্পৰ দায়িত্ব আৰু জনপ্ৰিয় স্তৰৰ শিল্পৰ স্বৰূপৰ ব্যৱধানটোকেই বুজাবলৈ প্ৰয়াস কৰে।

উচ্চ শিল্পত বিষয়বস্তু বা শিল্পীৰ বক্তব্য আদিয়ে কেন্দ্ৰীয়  স্থান গ্ৰহণ কৰি শিল্পত এক ঐক্য বা ইউনিটিৰ দাবী কৰে। পপুলাৰ শিল্পৰ ক্ষেত্ৰত এই ঐক্যৰ দিশটো একান্তই পৰিবেশন কেন্দ্ৰিক। বিভিন্ন উপাদানৰ সমাহাৰেৰে পৰিশেষত ইয়াত এটা সামগ্ৰিক উপভোগ্যতাৰ জন্ম হয়, যিটো আকৌ উচ্চ শিল্পত সচৰাচৰ এৰাই চলিবলৈ চেষ্টা কৰা হয়। উচ্চ শিল্প সচৰাচৰ মিনিমেলিষ্টিক, যিটো উপাদান নহ'লেই নহয় সেইটোহে তাত থাকে। পপুলাৰ শিল্পত বাহুল্য এটা চৰিত্ৰ। মূল বস্তুখিনিৰ লগতে নৃত্য, গীত, একচন আদিকে ধৰি বহুখিনি উপৰিঞ্চি বস্তু ইয়াত সাঙোৰ খাই থাকে।

শিল্পৰ নিৰ্মাণ বা প্ৰডাকচনৰ লগত অৰ্থনৈতিক দিশ এটা সদায়েই সাঙোৰ খাই আছে। এইখিনিতে উচ্চ শিল্পৰ এটা হিপোক্ৰিছী চকুত পৰে। শিল্পক পণ্য বুলি মানি ল'বলৈ অভিজাত শিল্পী নাৰাজ। ব্যৱসায় আৰু বিনিয়োগৰ সমস্ত দিশক আঁৰত লুকুৱাই থৈ উচ্চ শিল্পই শিল্প যে কেৱল জনগনৰ উৎকৰ্ষ সাধনৰ স্বাৰ্থত সেই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। ইয়াত এনে এটা ধাৰণাৰ নিৰ্মাণ কৰিবৰ কচৰৎ চলি থাকে যেন শিল্পী এজন ভলণ্টিয়াৰ বা স্বেচ্ছাসেৱী আৰু টকা পইচাৰ লগত তেওঁৰ কোনো সংযোগ নাই। এই ক্ষেত্ৰত পপুলাৰ শিল্প সম্পূৰ্ণ স্পষ্ট যে শিল্পৰো এটা বাণিজ্যিক দিশ আছে। শিল্পীৰো পেট আছে যাৰ লাললন-পালনৰ বাবে টকা পইচাৰ প্ৰয়োজন হয়। একেদৰেই শিল্পৰ ধাৰা এটাক জীয়াই ৰাখিবৰ বাবেও অৰ্থৰ বিনিয়োগ লাগে যাৰ ভিত্তিতে ব্যৱসায়ৰো বিকাশ ঘটাটো জৰুৰী। ভ্ৰাম্যমাণ থিয়েটাৰ এটা ব্যৱসায়িক উদ্যোগ। শিল্পৰ পণ্যকৰণৰ বিৰোধীসকলে, অথবা শিল্পৰ সৈতে টকা পইচাৰ সম্পৰ্কে নাই বুলি ভবি থকা সকলে সেয়েহে ভ্ৰাম্যমাণৰ নাটকৰ এষ্ঠেটিকছ সম্পৰ্কে মন্তব্য দিবলৈ আগবাঢ়ি আহিলে তাত বিসংগতি থকাটো স্বাভাৱিকেই।

শিল্পত চৰ্বিত চৰ্বন অথবা ক্লীচে (Cliche) এটা দোষ। শিল্পত সদায়ে নতুন কিবা এটাৰ সন্ধান কৰা হয়, দৰ্শকেও কিবা এটা নতুনত্বৰ দাবী কৰিয়েই শিল্প উপভোগ কৰিবলৈ আহে। আনহাতে পপুলাৰ শিল্পৰ আধাৰেই হ’ল ক্লিচে। যদিও নতুন কিবা এটা চাবলৈ পোৱাৰ হেঁপাহেৰে দৰ্শক আহে, আচলতে কিন্তু তেওঁলোকে একেখিনি বস্তুকেই নতুন ৰূপত চাবলৈ বিচাৰে। মূলগতভাবে নতুন বস্তু ইয়াত গ্ৰহণ কৰা নহয়। হিন্দী চিনেমাৰ পপুলাৰ হিৰো এজনক মানুহে যেনেকৈ জানে, যিটো ৰূপৰ মোহত আৱদ্ধ হৈ বিৰাট গুণমুগ্ধ বা 'ফেন' সকলৰ জন্ম হয়, সেই একেটা ৰূপতেই বাৰে বাৰে মানুহে চাবলৈ প্ৰত্যাশা ৰাখে। ইয়াত নতুনত্বৰ ধাৰণাটো বাহ্যিকহে। মূলগত নহয়।

এইখিনি কথাৰ আধাৰত যদি ভ্ৰাম্যমাণ থিয়েটাৰক চাবলৈ চেষ্টা কৰা হয় তেনেহ'লে আমি বুজি পাম যে ভ্ৰাম্যমাণ থিয়েটাৰৰ সমালোচনায়ো এটা নতুন ৰূপ বিচাৰে। ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা কোনোবা এমেচাৰ গ্ৰুপৰ নাটক সম্পৰ্কে আমি যেনেকৈ কথা পাতিম, ভ্ৰাম্যমাণৰ মঞ্চত মঞ্চস্থ হোৱা নাটক এখন সম্পৰ্কেও সেই একেখিনি সঁজুলি, ধাৰণা বা পৰীক্ষণৰ-মাপকাঠি হাতত লৈ আমি নিশ্চয় কৰা উচিত নহ’ব। সাহিত্যিক-সমালোচকৰ উন্নাসিকতা এই ক্ষেত্ৰত যথেষ্ট ক্ষতিকাৰক হৈ উঠিব পাৰে।

এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ দুৰ্যোগৰ কাল। আগৰ গৰিমা ক্ৰমশ: ম্লান পৰি আহিছে বুলি প্ৰায়ে অভিযোগ পাই থাকোঁ যিখিনি মিছা নহয়। তথাপিও ভ্ৰাম্যমাণৰ প্ৰতি আমাৰ সদ্ভাৱ থকাৰ কাৰণ এইখিনিয়েই যে ভ্ৰাম্যমাণ থিয়েটাৰত অন্যান্য সাংস্কৃতিক কৰ্মত থকা দ্বিভাৱ, কপটতা বা ভণ্ডামী নাই। শিল্পৰ প্ৰযোজনা বা নিৰ্মাণৰ সৈতে টকা পইচাৰ সংযোগ নাই ধৰণৰ ধাৰণা এটা প্ৰচলন কৰাৰ ভণ্ডামী এটাৰ কথা আগেয়ে উল্লেখ কৰি আহিছোঁ। দ্বিতীয়তে, অসমত আজিৰ তাৰিখত অনুষ্ঠিত হৈ থকা সাংস্কৃতিক চৰ্চা সমূহে অচলতে শিল্পৰ মূলগত উদ্দেশ্যসমূহো ৰক্ষা কৰি চলা নাই। দৰ্শকক অসুবিধাত পেলোৱা বা প্ৰশ্নৰ মুখামুখি কৰিব পৰা একোটা উদ্যোগ লোৱাৰ পৰিৱৰ্তে সেই সমূহ চৰ্চায়ো আচলতে দৰ্শকৰ ৰুচি অভিৰুচিকেই সন্তুষ্টিকৰণৰ কাম কৰি গৈ আছে। সেই একেখিনি মানুহেই যেতিয়া ভাম্যমাণক বিনোদনমুখী হ’ল বা ব্যৱসায়মুখী হল’বুলি অভিযোগ কৰে তেতিয়া সেয়া হাস্যকৰ হৈ উঠে।

অসমীয়া সমাজত সামগ্ৰিক মনস্তত্বত আৰু এটা অসুবিধা আছে, সেয়া হ'ল ইয়াত বৈচিত্ৰ্য আৰু ভিন্নতাক আচলতে আকোঁৱালি লোৱা নহয়। অসমীয়া চিনেমাৰ ক্ষেত্ৰত আমি আগতে অন্য লেখাত কৈ আহিছোঁ যে কোনো ধাৰা বা Genre চৰ্চা কৰা নহয়। অসমীয়া চিনেমা মানেই এটা পাৰিবাৰিক কাহিন্নিৰ সৰলৰৈখিক পুনৰকথন। কোনোবাখিনিত সেই সৰলৰৈখিক, একমুখী চিন্তাধাৰাৰেই ফলস্বৰূপে ভ্ৰাম্যমাণ যে এটা অন্য ধাৰাৰ চৰ্চা সেই কথাটো স্বীকাৰ কৰা নহয়। ভাম্যমান থিয়েটাৰক থিয়েটাৰ বুলি নাচাই নাটক বুলিয়েই চাবলৈ চেষ্টা কৰি থাকি বিসংগতিখিনি আকোঁৱালি থকা হয়। সেয়েহে আমি বাৰে বাৰে দোহাৰি থকা কথা এইটোৱেই যে ভাম্যমাণ থিয়েটাৰ এটা সমূলি পৃথক বস্তু। অন্যান্য সাধাৰণ নাটক বা নাট্যশিল্পৰ মাজত ই এটা – Other, অন্য।

ভাম্যমাণ থিয়েটাৰ সম্পৰ্কে আমি পাই থকা কেইটামান নেতিবাচক মন্তব্যলৈ মন কৰিলেই আমি ক’ব খোজা কথাখিনি স্পষ্ট হ’ব।

মন্তব্য ১: আজিকালি ভাম্যমাণৰ নাটকবোৰ নাটক নহয়, নৃত্য-গীত আৰু একচনৰ মছলাৰে ভৰ্তি কাৰবাৰ এটাহে।
সঁহাৰি- হয়। কিন্তু মনত ৰখা ভাল যে এটা পপুলাৰ সংস্কৃতিৰ অংশ হিচাপে এই নৃত্য-গীত অথবা একচনবোৰ ইয়াৰ অপৰিহাৰ্য অংগহে। এয়া ইয়াৰ দুৰ্বল দিশ নহয়। যদি কিবা কেনা লাগিছে, অথবা নান্দনিকতাত বিজুতি ঘটিছে তেনেহ’লে আলোচনা কৰা উচিত কেনেকৈ সেই নৃত্যগীতৰ উপস্থাপনে কাহিনীৰ অগ্ৰগতিত বাধা দিছে সেইখিনিহে। কৰিঅ'গ্ৰাফ কেনে ধৰণৰ? একচন চিকুৱেন্সটোৰ উপস্থাপন শিল্পসন্মত নে? কাহিনীয়ে দাবী কৰামতে সেই সমূহ উপাদানৰ চয়ন হৈছে নে? যদি নাই হোৱা তেনেহ'লে কি কৰিবৰ অৱকাশ ৰৈ গৈছিল?

মন্তব্য ২: ভাম্যমাণত আজিকালি চেলিব্ৰিটিৰ ধুম উঠিছে। মানুহে হিৰোৰ গ্লেমাৰ অনুযায়ীহে নাটক চাবলৈ যায়।
সঁহাৰি- ইয়াত অস্বাভাৱিকতা কোনখিনিত? এটা ব্যৱসায়িক উদ্যোগ গ্লেমাৰ, চেলিব্ৰিটি, বিজ্ঞাপন আদিৰ আধাৰতেই চলি থাকে। তাৰ পিছতো পৰিবেশনৰ উপভোগ্যতা তাত কেনেকৈ সংৰক্ষিত হৈছে আমি কিয় সেইটোলৈ চাবলৈ শিকা নাই? একেদৰেই, সেই গ্লেমাৰ বা চেলিব্ৰিটিৰ সংমিশ্ৰণখিনিয়ে আজিৰ তাৰিখত কেনে ৰূপ লৈছে সেইটোওতো এটা অধ্যয়ণৰেই বিষয়।

মন্তব্য ৩: ভ্ৰাম্যমাণত আজিকালি নতুন কাহিনীৰ অভাৱ। নতুন নাটকে মানুহৰ মন টানিব পৰা নাই।
সঁহাৰি- প্ৰতিভাৱান আৰু সম্ভাৱনাপূৰ্ণ কথাশিল্পী সকল ভ্ৰাম্যমাণৰ দৰে ক্ষেত্ৰৰ পৰা আঁতৰি থাকিলে এনেকুৱাই হ’ব। যি সকলে নিষ্ঠাৰে সাহিত্য বা শিল্পৰ চৰ্চা কৰিবলৈ বিচাৰে সেইসকলৰ মাজত পইচা ঘটাতো বেয়া কথা, বেপাৰ বেয়া বস্তু এনে ধাৰণা এটা জীয়াই ৰখালৈকে অৱস্থাৰ উত্তৰণ নঘটাটোৱেই স্বাভাৱিক। এইখিনিতে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাক্ষাৎকাৰ এটাত কোৱা কথা এষাৰ বাৰে বাৰে মনলৈ আহে। ভাম্যমান দলৰ ফালৰ পৰা তেওঁৰ ওচৰলৈ নাটক বিচাৰি অহাত তেওঁ মন কৰিলে যে সুযোগ পাওঁতেই যদি তেওঁ ইয়াৰ সৈতে জড়িত নহয় তেনেহ'লে দূৰত্ব বজাই ৰাখি তাক কেৱল সমালোচনা কৰি যোৱাৰ নৈতিক অধিকাৰো তেওঁ হেৰুৱাই পেলাব। এই দায়িত্ববোধৰ ফলতে আমি লাভ কৰিলোঁ ভ্ৰাম্যমাণৰ মঞ্চত কেইবাখনো মনোজ্ঞ নাটক। আজিও বহুতে সুঁৱৰিবৰ দৰে ভ্ৰাম্যমাণৰ এটা সোণালী যুগ। কিন্তু এই দৃষ্টান্তৰ বিপৰীতে আমি দেখা পাওঁ এলিট শিল্প-চৰ্চাকাৰীসকলৰ মাজত একধৰণৰ উন্নাসিকতা। ভ্ৰাম্যমাণ পপুলাৰ। ভ্ৰাম্যমাণ সস্তীয়া। ভ্ৰাম্যমাণ পণ্য।  

এইখিনিতে আৰু এটা সন্দেহ আমাৰ মনত থাকি যায়। কেনেবাকৈ আমি বাৰু ভ্ৰাম্যমানৰ নাটক চাবলৈ শিকা নাই নেকি? ভ্ৰাম্যমাণ এটা বিৰাট কাৰবাৰ। দুটা মঞ্চ একত্ৰে সাঙুৰি বিৰাট পেণ্ডেল। বিৰাটাকাৰ ৰঙা পৰ্দা এখন সন্মুখত। উত্তেজনাত বুকু কঁপাই দিব পৰাকৈ গলগলীয়া কণ্ঠ এটা ভাঁহি আহিছে- “আৰু ক্ষন্তেক পিছতেই…”। আন্ধাৰ হোৱাৰ লগে লগেই পিছফালৰ গেলেৰীৰ পৰা কীৰিলি ভাঁহি আহিছে। ই এটা পৰিবেশ। ই এটা নিৰ্মিত পৰিস্থিতি। এই পৰিস্থিতিৰ মাজত গোটেই পৰিবেশনাটো এটা ফৰ্মেল (ৰূপগত) কাৰবাৰ। কেনেবাকৈ এই ৰূপগত পৰিবেশনখিনিলৈ চকু মুদি থাকি নাটকখনৰ নাট্য-সাহিত্যই নো কি ক'ব খুজিছে সেইটোলৈহে আমি বাট চাই আছিলোঁ নেকি? এইটোও এটা প্ৰশ্ন।

মানৱ সভ্যতাৰ কিছুমান মৌলিক সৃষ্টিৰূপ কাহানিও সলনি নহয়। বিভিন্ন সংকটৰ মাজেৰেও মানৱ সভ্যতাৰ ধ্বংসৰ দিনটোলৈকে কবিতা জীয়াই থাকিব। ফটোগ্ৰাফীৰ ব্যপক প্ৰচলনৰ ফলত যেতিয়া যিকোনো দৃশ্যৰূপৰ প্ৰতিলিপি নিৰ্মাণ সহজসাধ্য হৈ উঠিছিল, মানুহে ভাবিছিল ইয়াৰ পিছত শিল্পীৰ ছবি অঁকা বন্ধ হৈ যাব নেকি? কিন্তু নহ’ল। বৰঞ্চ পেইণ্টিঙে শিল্প হিচপে নতুন মৰ্যাদা পাই উজ্জীৱিত হৈ হে উঠিল। ভিডিঅ’ ছবিৰ প্ৰসাৰৰ সময়ত চিনেমাও শেষ হৈ যাব নেকি বুলি এটা শংকা হৈছিল। কিন্তু সেয়া নহ'ল। বৰঞ্চ চিনেমাই এটা নতুন প্ৰাণ হে পালে। নাটকো তেনে এটা প্ৰাথমিক সৃষ্টি। নাটকৰো কোনো কালে মৃত্যু নহয়। কিন্তু এই মূলগত ফৰ্ম সমূহৰ ব্যতিৰেকেও আৰু বহুতো সৰু-বৰ সাংস্কৃতিক উপাদানৰ জন্ম হৈ গৈ থাকিব সময়ে সময়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰে এমেচাৰ নাটকৰ, প্ৰচেনিয়াম এলিট মঞ্চায়নৰ বাতত বাধা দিব নেকি? নিদিয়ে। সকলো ধাৰাই নিজৰ গৰিমাৰে বৰ্তি থাকিব। এই সময়ত ব্যাপক হাৰত প্ৰসাৰ লাভ কৰা অনলাইন ভাইৰেল চিনেমাখিনিৰ কথাই ক'ব পাৰি। আজিকালি ৱেব-ফিল্ম নামেৰে এক নতুন ধাৰাৰ প্ৰৱৰ্তন হৈছে য'ত যথেষ্ট ভাল কামো হৈ আছে। কিন্তু এখন ৱেব চিনেমাক মূল ধাৰাৰ চিনেমাৰ সৈতে সনা-পোটোকা কৰি হয়তো কোনেও নাচায়। ৰূপালী পৰ্দাৰ বাবে নিৰ্মিত চিনেমা এখন তাৰ নিজৰ মৰ্যাদা অক্ষুন্ন ৰাখিয়েই চালি ৰৈছে। এই সাময়িক ভাবে জন্ম লোৱা নতুন নতুন ধাৰা সমূহেও তদ্ৰূপ নিজৰ মৰ্যাদাৰে কাম কৰি গৈছে। দুটা ভিন্ন মাধ্যমৰ, ভিন্ন ধাৰাৰ, ভিন্ন পৰিস্থিতিৰ কামক দুটা ভিন্ন মানসিক প্ৰস্তুতি লৈয়েই মানুহে উপভোগ কৰে। এই ভিন্নতাক প্ৰাধান্য দি যদি কোনোবাই ভ্ৰাম্যমাণৰ নাটক সম্পৰ্কে আলোচনা কৰিছে বা কৰিবলৈ আগবাঢ়ি আহে, সেই আলোচনা পঢ়িবলৈ আমি সদায়ে আগ্ৰহী হৈ ৰ’ম।

আজি ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কে যিসকলে আলোচনা কৰিব খোজে সেই সকলৰ প্ৰতি আমাৰ কৌতুহল এনেকুৱা যে- সেইসকলে সমসাময়িক ফেশ্বন ইণ্ডাষ্ট্ৰী সম্পৰ্কে কিমান অৱগত? কৰিঅ'গ্ৰাফী-ৰ ৰসাস্বাদন বা সমালোচনা কেনেকৈ হয়? দৰ্শকৰ সাম্প্ৰতিক অৱস্থান কি, অৰ্থাৎ এই সময়ৰ অসমৰ মফস্বল বা গাঁও অঞ্চলৰ অৰ্থনৈতিক অৱস্থান কি কি প্ৰসংগই কেনেকৈ প্ৰভাৱিত কৰি আহিছে? বিজ্ঞাপন, প্ৰচাৰ আৰু প্ৰসাৰ মাধ্যমৰ সৈতে জনতাৰ কলাত্মক ৰসবোধৰ নিৰ্মাণৰ দিশটো কেনেকৈ জড়িত? নাটক এখনৰ সাহিত্য অংশই হয়তো কিবা কথা এটা কয়, কিন্তু পৰিবেশনৰ বাকী উপাদানসমূহে কি কথা কেনেকৈ কয়? ব্যৱসায়ৰ উদ্দশ্যৰে জন্ম লোৱা এটা শিল্প-ভিত্তিক উদ্যোগৰ গতি বিধি ব্যৱসায়িক দিশ সমূহেই নিয়ন্ত্ৰিত কৰিব, এই কথাটো বুজিবলৈ কাৰো অসুবিধা হ'ব নালাগে। ব্যৱসায়, জনতাক নিয়ন্ত্ৰিত কৰি থকা আন আন অৰ্থনৈতিক কাৰকসমূহ, আৰু ব্যৱসায়ক নিয়ন্ত্ৰণ কৰি থকা উপাদানসমূহ- এইখিনিক সাঙুৰিহে ভ্ৰাম্যমাণলৈ চকু দিয়াটো সম্ভৱ। ভাম্যমাণৰ ব্যৱসায়ৰ ভিত্তি হ'ল বিনোদনৰ মাধ্যমেৰে দৰ্শকক তৃপ্তি দিয়া। গীত-মাত, একচন, কাহিনী, চেলিব্ৰিটী, ফেশ্বন- এই সকলোবোৰ সাঙুৰি লৈহে ভ্ৰাম্যমাণৰ মঞ্চত কিবা এটা মঞ্চস্থ হয়। সেই “কিবা এটা”ক সমালোচনা কৰিবলৈ যোৱাৰ আগতে সমালোচনাৰ মাপকাঠিও যে পৃথক হোৱাটো জৰুৰী সেই কথাকেই বাৰে বাৰে কোৱা হৈছে।

এটা বিশেষ ঐতিহাসিক-সাংস্কৃতিক মূহূৰ্তত আহি ভ্ৰাম্যমাণ থিয়েটাৰে অসমত জন্ম লৈছিল। নাট্যশিল্প আৰু সামগ্ৰিকভাবে পৰিবেশনধৰ্মী শিল্পৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভালপোৱাৰ ফলতে ইয়াৰ জন্ম। জন্মলগ্নৰ পৰা এটা দীৰ্ঘকালীণ পৰিক্ৰমা ই পাৰ কৰিছে। গাঁও গাঁও, চহৰ চহৰ পৰিভ্ৰমী মানুহৰ  মাজলৈ লৈ যোৱা এটা বিৰাট বা লাৰ্জাৰ-দেন-লাইফ সাংস্কৃতিক অনুষ্ঠান হিচাপে এই ভ্ৰাম্যমাণেই আজি আছে যি জীৱিত হৈ আছে। পৰিৱৰ্তনশীল সময়ৰ ধামখুমীয়াত পৰি আন বহুতো লাইভ সাংস্কৃতিক অনুষ্ঠানৰ ইতিমধ্যেই অৱলুপ্তি ঘটিল। চাৰ্কাছ, যাদুখেল আদিৰ অৱস্থা আজি বৰ টনকীয়াল নহয়। লাইভ অনুষ্ঠান হিচাপে অসমত এতিয়া বৰ্তি থকাৰ ভিতৰত আন কিবা যদি আছে সেইটো হ'ল কিম্ভূত কিমাকাৰ বাৰেভচহু বিহুমেলাবোৰ। কালক্ৰমত আহি আজিৰ বিহুমেলায়ো এটা বিশেষ ৰূপ পৰিগ্ৰহ কৰিছেহি যদিও এইসমূহ নিতান্তই অসংগঠিত। সংস্কৃতিৰ কথা ক'লেও তাত কোনোটো সাংস্কৃতিক উপাদানৰেই মৰ্যাদা ৰক্ষিত নহয়। মনোৰঞ্জন বা বিনোদনৰ বাবে আজি অসমীয়া মানুহৰ যাবলৈ ঠাই নাই, হয় বিহুমেলা, নহয় ভ্ৰাম্যমাণ। ইয়াৰ ভিতৰত বিহুমেলাৰ অসংগঠিত অপৰিশীলিত ৰূপটোৰ বিপৰীতে ভ্ৰাম্যমাণ এটা সুসংগঠিত ৰূপ। স্বকীয় এটা নন্দততত্ব তৈয়াৰ কৰি লৈ ই মূৰ দাঙি আছে আজিও। ইয়াৰ সামগ্ৰিক ৰূপটো, সামাজিক আৰু অৰ্থনৈতিক পৰিপ্ৰেক্ষিত আদি সকলোবোৰ চালি জাৰি চাই আলোচনা কৰাৰ পৰিৱৰ্তে অসমীয়া সাহিত্যিক-সমালোকৰ উন্নাসিক মন্তৱ্যসমূহে বৰ বিশেষ কিবা ইতিবাচক দিশৰ মুকলি কৰিব পাৰিবগৈ বুলি মনে নধৰে।

যদি কোনোবা সাংস্কৃতিক সমালোচকে আগবাঢ়ি আহি নাট্য সমালোচনাৰ প্ৰচলিত পদ্ধতিবিধি সমূহৰ পৰা সমূলাঞ্চে মুক্তি দি ভ্ৰাম্যমাণ থিয়েটাৰক পাৰফৰমেন্স ষ্টাডিজ-ৰ দিশেৰে চাবলৈ এটা নতুন বাট কাটি দিয়েহি তেনেহ'লে সেয়া হ'ব আমাৰ বাবে পৰম সৌভাগ্যৰ কথা।

[নাটক আৰু চিত্ৰ-ভাষ্কৰ্য বিষয়ক আলোচনী "সংস্কৃতি"ৰ প্ৰথম সংখ্যা (অক্টোবৰ ২০১৮- মাৰ্চ ২০১৯)-ত প্ৰকাশিত]
[কহিনুৰ থিয়েটাৰৰ চতুৰ্চত্বাৰিংশ বাৰ্ষিক সংকলন "কৰণি", ২০১৯-ত পুনৰ প্ৰকাশিত।]

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594




[1] Anuradha Kapur, "Actors Prepare", Theatre India, National School of Drama's Theatre Journal, May 2004, Number Nine, ed. by, K S Rajendran, pp. 8-9

[2] Mistakenly attributed to Vladimir Mayakovsky in The Political Psyche (1993) by Andrew Samuels, p. 9; mistakenly attributed to Brecht in Paulo Freire: A Critical Encounter (1993) by Peter McLaren and Peter Leonard, p. 80; variant translation: "Art is not a mirror held up to society, but a hammer with which to shape it." First recorded in Leon Trotsky, Literature and Revolution (1924; edited by William Keach (2005), Ch. 4: Futurism, p. 120): "Art, it is said, is not a mirror, but a hammer: it does not reflect, it shapes."

[3] The Legacy, Interview by DEBORAH SOLOMON, DEC. 9, 2007


Monday, June 25, 2018

পেখু পেখু (ষোল্ল): নৃত্যকথা (এক প্ৰস্তাৱনা)

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২৪ জুন, ২০১৮]
"তেজপুৰীয়া থেছপীয়ান"-ৰ বিতৰ্কিত পৰিৱেশন
নৃত্য এটা একান্তই শৰীৰী শিল্প। এটা জীৱন্ত শৰীৰৰ বাহিৰত ইয়াৰ অস্তিত্ব নাই। মানৱী শৰীৰটো নিজেই প্ৰকৃতিৰ এটা অনবদ্য সৃষ্টি। এই শৰীৰৰ অংগ সঞ্চালনেই নৃত্যৰ মূল কথা। নৃত্য আৰু অভিনয় এই দুইটাই এনে শিল্পৰূপ য'ত শিল্পীয়ে কোনো শিল্পবস্তুৰ নিৰ্মাণ নকৰে, বৰঞ্চ নিজৰ শৰীৰটোকেই এটা শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰে। গতিকে এই শৰীৰটোৱেই এই শিল্পসমূহৰ প্ৰাথমিক উপাদান। দ্বিতীয়টো উপাদান হ'ল সময়। নাচটো শেষ হোৱাৰ লগে লগেই ই শেষ। ইয়াৰ অস্তিত্ব কেৱল ঘটনাটো ঘটো থকালৈকেহে। নাচটো শেষ হৈ যোৱাৰ পিছত তাক আৰু দুনাই পাব নোৱাৰি। নাচ এটা আকৌ চাবলৈ বিচাৰিলে হয়তো এটা ৰেকৰ্ডিং চাব লাগিব, যিটো আচলতে মূল নাচটো নহয়, তাৰ প্ৰতিলিপিহে। নাচোতাই আকৌ যদি নাচিবলৈ আৰম্ভ কৰে তেতিয়াও সেইটো এটা বেলেগ নাচ। একেটা নাচ দুবাৰ নাচিব নোৱাৰি। প্ৰতিটো নাচ প্ৰতিবাৰতেই একো একোটা নতুন নাচ। ইলোৰাৰ চৈধ্য নম্বৰ গুহালৈ সোমায়েই বাওঁফালে নৃত্যৰত শিৱ। অতিৰঞ্জিত ত্ৰিভংগ। দেহৰ উৰ্দ্ধাংগ সোঁফালে পৰ্যমানে থেলি বিপৰীত দিশে সম্প্ৰসাৰিত কৰা সোঁহাতখন দেখি এদিন মোহিত হৈ ৰৈছিলোঁ আৰু অনুভৱ কৰিছিলোঁ- নৃত্য মানেইতো শৰীৰৰ সম্ভাৱনাৰ সম্প্ৰসাৰণ!
 
ইলোৰাৰ ১৪ নম্বৰ গুহাৰ নৃত্যৰত শিৱ
সাহিত্য শব্দটোৰ প্ৰতি আমাৰ ইমানেই অদম্য মোহ যে সাহিত্যৰ সম্পৰ্কে মাজে মাজে কিছু কথা পতা হয় আৰু সেয়েহে সাহিত্য সমালোচনাৰ কিছু মাপকাঠি বা পৰম্পৰা আমি পাই আহিছোঁ। সম্ভৱ সাহিত্য আৰু সমালোচনা দুইটাই শব্দ নিৰ্ভৰ বাবেই তাত এটা সুবিধা আছে। শিল্পকলা সম্পৰ্কে কথা পাতিবলৈ গ'লেই সমস্যাটো আহি পৰে। তথাপি বিশ্বৰ শিল্পৰ ইতিহাসৰ এটা ডিছিপ্লিন আছে, শিল্পৰ মান নিৰূপন অথবা ৰসাস্বাদানৰ বাবে কেতবোৰ পদ্ধতিবিধি সময়ে সময়ে তৈয়াৰ হৈ আহিছে। আটাইতকৈ শোচনীয় অৱস্থাত ৰয়গৈ অভিনয় আৰু নৃত্য- যাৰ বিষয়ে কথা পাতিবলৈ আমাৰ হাতত পৰীক্ষিত সমলৰ অভাৱ (অন্তত: আমি সেইবুলি ভাবি থাকিলোঁ)। নাটক সম্পৰ্কে কথা পাতিবলৈ গৈ ঘূৰি পকি আমি আকৌ তাৰ লিখিত ৰূপটোতে আৱদ্ধ থাকোঁ, কাহিনী কি, নাট্যকাৰে কি ক'ব খুজিছে ইত্যাদিতে তাৰ সমালোচনা আৱদ্ধ থাকে। ইয়াৰ পিছত আকৌ অভিনয় সম্পৰ্কে কথা পতাৰ অৱকাশ ক'ত? নৃত্য সম্পৰ্কে কথা পাতিবলৈ আৰু বেছি আহুকাল এইবাবেই যে নাটকত অন্তত: পাণ্ডুলিপি বা "নাট্য-সাহিত্য" বোলা জিনিছটো আছিল। ইয়াত সেইটোও নাই। নৃত্যৰতো আৰু লিখিত স্ক্ৰিপ্ট এটা নাথাকে! এতিয়া কি কৰা যায়? গতিকে অভিনয় আৰু নৃত্য সম্পৰ্কীয় যি গোটা চেৰেক কথা-বাৰ্তা সম্ভৱপৰ হৈ উঠে সেইখিনি হয় শিল্পীৰ মন'গ্ৰাফ (অৰ্থাৎ এজন শিল্পীৰ জীৱনী, সাক্ষাৎকাৰ, অভিজ্ঞতা আদিৰ খতিয়ন), অথবা কৌশল বা পদ্ধতি সম্পৰ্কে কিছুমান মেনুৱেল- অভিনয় কেনেকৈ কৰা উচিত, বিশেষ নৃত্য এবিধ কেনেকৈ কৰা উচিত তাৰ বৰ্ণনা। কিন্তু এইখিনি কথাতেই সীমাৱদ্ধ হৈ থাকিলে বা তাৰ আন কোনো সমালোচনাৰ স্কুল আগবাঢ়ি নাহিলে শিল্পৰ বাগধাৰা আগুৱাবৰ বাট ৰ'বগৈ নে?

মাৰ্গী আৰু দেশী এই দুই ধাৰাৰেই নৃত্য চৰ্চা অসমত নিৰবিচ্ছিন্ন ভাবে চলি আহিছে আৰু এই দুইটা ধাৰাক প্ৰতিনিধিত্ব কৰিব পৰা প্ৰভূত্বশালী দুটা নাচ হ'লে ক্ৰমে সত্ৰীয়া আৰু বিহু। মাৰ্গীয় আৰু দেশী (কপিলা বৎসায়নে ব্যৱহাৰ কৰা অৰ্থেৰেই) নাচৰ ক্ষেত্ৰতো আলোচনাৰ বাবে কিছুমান সমল আমাৰ সন্মুখলৈ আহি পৰে আৰু তাকে ভিত্তি কৰি মত সাব্যস্ত অথবা বিতৰ্কৰ অৱতাৰনা কৰাৰ থল থাকে। মাৰ্গী-দেশী দুই ধাৰায়েই একোটা সুকীয়া পৰিচয়ে গঢ় লয় আৰু কোনোবা সুনিৰ্দিষ্ট উৎসৰ তথ্য-সূত্ৰ থাকক বা নাথাকক কিছুমান নিৰ্ধাৰিত ৰীতি বা বিধি থাকেই যাৰ আধাৰত আলোচনা সম্ভৱ। যাৰ আধাৰত আনকি এটা নৃত্য-পৰিৱেশনৰ গুণাগুণৰ পৰিমাপো সম্ভৱ। কিন্তু অসুবিধাটো ৰয় ক্ৰিয়েটিভ নৃত্যৰ ক্ষেত্ৰত অথবা এই দুই ধাৰাৰ বাহিৰত ৰৈ যোৱা নাচ সমূহৰ ক্ষেত্ৰত। পৰিৱেশন কলাৰ ক্ষেত্ৰত সমসাময়িক বাগধাৰা এটাৰ বিকাশ ঘটাব নোৱাৰি পৰিৱেশন কলা বুলিলেই কথায়ে প্ৰতি ভৰত মুণিৰ নাট্যশাস্ত্ৰলৈ ফৰ্মুটিয়ালে ফল নসৰে। বিশেষ কাৰণত "আধুনিক নৃত্য" কথাষাৰ পৰাপক্ষত পৰিহাৰ কৰি ক্ৰিয়েটিভ-নাচ বুলিয়ে ক'বলৈ চেষ্টা কৰিম। মাৰ্গী-দেশী পথেৰে বাট নুবুলিলে বুলিয়েই এই ক্ৰিয়েটিভ নাচসমূহ খতিয়ন নোলোৱাকৈয়ে ৰৈ যাব নেকি? এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে অন্তত: আমাৰ সন্মুখত নাই।   

শিল্প-ইতিহাসৰ ছাত্ৰ হিচাপে স্নাতকোত্তৰ স্তৰৰ সমালোচনাত্মক লেখাৰ শ্ৰেণীকোঠাত এবাৰ শিৱাজী কে পানিক্কৰেও কৈ উঠিছিল- অন্যান্য শিল্পৰূপৰ আলোচনাৰ বাবে কিছুমান পদ্ধতি-বিধি বাৰু আমাৰ হাতত আছেই, কিন্তু নাচ এটাক আমি কেনেকৈ চাম? পানিক্কৰ এজন শিল্প-ইতিহাসবিদ আৰু একালত তেওঁ নিজেও ভাৰত নাট্যমৰ চৰ্চা কৰিছিল। বৰোডাৰ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ শিল্প-ইতিহাস বিভাগৰ মূৰব্বী হৈ থাকোতেই তেখেতৰ প্ৰচেষ্টাত বিভাগটোত মহুমাত্ৰিক (মাল্টিডিছিপ্লিনেৰী) আলোচনাৰ বাট মুকলি হৈছিল। শিল্প-ইতিহাসৰ ধাৰাটোৱে কেতিয়াবা সংস্কৃতি অধ্যয়নৰ ওচৰ চাপিছিল, কেতিয়াবা ফালৰি কাটি সামগ্ৰিকভাবে ভিজুৱেল-ষ্টাডিজৰ ফালে বাট পোণাইছিল।

কেইদিনমানৰ আগতে তেজপুৰীয়া থেছপিয়ান নামৰ এটা সাংস্কৃতিক দলৰ নৃত্য পৰিৱেশনৰ এটা বিশেষ দৃশ্যই ৰাইজৰ চকু কপালত তুলিছিল আৰু তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। মোহময়ী হাঁহিৰে ভৰা এগৰাকী গাভৰু নাচনীৰ কান্ধত উঠি এজন জপৰা ছুলিৰ পেঁপাবাদকে পেঁপা বজাই থকা দৃশ্য এটাই খলকনি তুলিছিল। বিতৰ্ক আৰু বিশেষকৈ সেই "দৃষ্টিকটু", "অশোভনীয়", "অমাৰ্জিত" আৰু সকলোৰে উৰ্ধত "অসমীয়া সংস্কৃতি"ৰ বিৰোধী সেই দৃশ্যৰ বাবে এসময়ত তেজপুৰীয়া থেছপিয়ানে ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু আগলৈ এনে ভুলৰ পুনৰাবৃত্তি নঘটে বুলি বিবৃতি দিবলৈ বাধ্য হোৱা বুলি আমি শুনিবলৈ পাওঁ। সেই সময়তেই এই সময়ৰ নাচ, বা ক্ৰিয়েটিভ নাচ সম্পৰ্কে যে কোনো বিচাৰৰ মাপকাঠি আমাৰ হাতত নাই সেই কথাটোৱে মনত বাৰে বাৰে খুন্দিয়াই আছিল।
 
"তেজপুৰীয়া থেছপীয়ান"-ৰ বিতৰ্কিত পৰিৱেশন
কোনো বিশেষ সাংস্কৃতিক উপাদানৰ বাবেই অসমত এখন প্ৰশস্ত প্লেটফৰ্ম নাই। হয় বিহুমেলা নহয় সাংস্কৃতিক সন্ধিয়া নামৰ বাৰে-মিছল প্লেটফৰ্ম একোখনতেই সকলো ধৰণৰ শিল্পৰ সমাহাৰ ঘটে আৰু তাৰ ব্যতিৰেকে একাণপটীয়া কোনো শিল্প চৰ্চাৰ প্ৰতিয়েই আমি আজিলৈকে আগ্ৰহ দেখুওৱা নাই। ফলত এই সময়ৰ গীতেই হওক নাচেই হওক, সি বিহুৰ সৈতে সামঞ্জস্য একোটা মানি চলিয়েই আগবাঢ়িবলৈ বাধ্য। মিহুমঞ্চ-কেন্দ্ৰিক বিহু নাচ যে আচলতে পৰম্পৰাগত বিহুনাচ নহয়, বৰঞ্চ আধুনিক সময়ৰ উপযোগী কৰি গঢ় দি লোৱা এটা নতুন নাচহে সেই কথা অনেক বিজ্ঞলোকে স্বীকাৰ কৰি গৈছে। সন্ধ্যা মেনন, বিজয় ভূঞা আদি জনপ্ৰিয় হৈ থাকিবৰ সময়ত "বিহুসুৰীয়া আধুনিক গীত" বুলি ধাৰা এটা ওলাওতেও বহুতে সঠিক ভাবেই আঙুলিয়াই দিছিল যে- বিহুসুৰীয়া আধুনিক গীত বুলি একো নহয়, হয় বিহু বুলি কওক নহয় আধুনিক গীত বুলি কওক। তেজপুৰীয়া থেচপিয়ানৰ পৰিবেশনখিনিও এক আধুনিক পৰিৱেশনা, কেৱল তেওঁলোকৰ সমল বা আধাৰখিনি পৰম্পৰাগত। কোনোবাখিনিত নিজা আগ্ৰহ, কোনোবাখিনিত পৰম্পৰাগত লোকবাদ্য আৰু লোকনৃত্যৰ প্ৰতি থকা এটা আগ্ৰহ আৰু তাৰ লগতে পৰিবেশনৰ বাবে উপলব্ধ ক্ষেত্ৰৰ প্ৰভাৱ- এই তিনিৰ ফলতেই লোকায়ত শিল্পৰ সমলসমূহেৰে তেওঁলোকে নিৰ্মাণ কৰিছিল এই সময়ৰ দৰ্শকৰ বাবে ক'ৰিঅ'গ্ৰাফ।

এতিয়া আকৌ আৰম্ভণীৰ কথাখিনিলৈ উভতি গ'লে- নৃত্য মানেই এটা শৰীৰী কাৰবাৰ। ছন্দৰ সৈতে অংগ সঞ্চালন। আন একো নহয়। "টাকুৰি ঘুৰাদি ঘূৰ", "নাচ ঐ পমিলী বাহু দাঙি দাঙি" এইবোৰ কথাই যেনেকৈ অংগসঞ্চালন কৰাৰ কথাকেই কয় "Beat pe booty" বা "Shake, shake it baby"-এও একেটা কথাকেই কয়। চিত্ৰ শিল্পৰ সমল ৰং আৰু তুলি যদি হয় সেই ৰঙৰ সম্ভাৱনাৰ বিস্তাৰ কৰাটোৱেই শিল্পীৰ কাম। চিত্ৰশিল্পক ফটোগ্ৰাফিক অৰ্থেৰে কেৱল এক বাস্তৱতাক অন্য বাস্তৱতালৈ ৰূপান্তৰিক কৰাৰ কাৰুকৃতিৰ পৰা মুকলি দি ৰং আৰু ৰূপৰ নিজস্বতাক প্ৰাধান্য দিবলৈকে এদিন এবষ্ট্ৰেক্ট বা বিমূৰ্ত শিল্পই জন্ম লৈছিল। কবিতাৰো আধাৰ শব্দ। কেৱল বক্তব্য এটা প্ৰকাশ কৰা, বৰ্ণনা কৰা, বা বিষয় এটা তুলি ধৰাই যে শেষ কথা নহয় তাৰ বাবেই শব্দক তাৰ অৰ্থৰ পৰা মুক্তি দিবলৈ যুগে যুগে কবিসমস্তই সংগ্ৰাম কৰি আহিছে। ৰবীন্দ্ৰ সংগীতৰ আখৰৰ বিন্যাসেৰে কৰা ঋতেন মজুমদাৰৰ চিল্ক-প্ৰিণ্টৰ ছবিখিনি এইবাবেই গুৰুত্বপূৰ্ণ যে এহাতে ই দৃশ্যগত শিল্পকলাক এটা প্ৰতিৰূপনৰ (ৰিপ্ৰেজেণ্টেচন) বাধ্যবাধকতাৰ পৰা যেনেকৈ মুক্তি দিয়ে, তেনেকৈয়ে লিখিত বাচিক শব্দকো তাৰ পৰম্পৰাগত অৰ্থৰ বান্ধোনৰ পৰা মুক্তি দি এটা দৃশ্যৰূপ প্ৰদান কৰে। তেনেকৈয়ে নৃত্যৰ আধাৰ যদি শৰীৰ হয় এই ভৌতিক শৰীৰটোৰ সম্ভাৱনাক বিস্তাৰ কৰিবলৈ চেষ্টা কৰাটোৱেই নৃত্যশিল্পীৰ প্ৰাথমিক দায়িত্ব হ'বগৈ। কথাখিনি এনেকৈ ভাবিব পৰাৰ পৰিৱেশ এটা আমাৰ মাজলৈ আহিবনে? কিন্তু যিহেতু (আমি বাৰম্বাৰ বিভিন্ন প্ৰকাৰে দোহাৰি থকা কথাটো) আমাৰ শিল্পদৃষ্টি নাই, কেৱল চকুৰে চাই বা পৰিৱেশনৰ পৰত ঠাইত উপস্থিত থাকি পৰিৱেশনটোৰ ৰস উপভোগ কৰিবৰ অভ্যাসখিনি নাই, সেয়েহে শিল্পৰূপ এটাক, সি যিয়েই নহওক লাগিলে, এখন চিনেমাই হওক, চিত্ৰশিল্পই হওক বা এটা নাচেই হওক, তাত অলপ পৰম্পৰাৰ দোহাই, অলপ অসমীয়া জাতীয়তাবাদ আৰু অলপ "নৈতিক" ঔচিত্য-অনৌচিত্য-ৰ বাচ বিচাৰ যোগ দি তাক আমাৰ "বোধগম্যতা"ৰ আওতালৈ আনি লওঁহক। বিশিষ্ট শিল্পৰূপৰ বাবে বিশিষ্ট প্লেটফৰ্ম যদি আমাৰ মাজত থাকিলেহেতেন, বিহুমেলা বিহুমঞ্চত মানুহ ভাত পানী খাই আহিবৰ সময় হোৱা নাই- এনেকুৱা সময়ৰ ফিলাৰ হিচাপে সত্ৰীয়া নৃত্যশিল্পীয়ে নাচিবলগীয়া নহ'লহেতেন। একাণপটীয়াকৈ শাস্ত্ৰীয় সংগীতৰ শিল্পী দুজনমান আমাৰ মাজৰ পৰা ওলালেহেতেন। কেৱল বিহুসুৰীয়া নহৈ আধুনিক অসমীয়া গীতে অন্য আধুনিক ৰূপ ল'লেহেতেন।

তেজপুৰীয়া থেছপিয়ানে মহিলাৰ কান্ধত পুৰুষক উঠাই ভাল কাম কৰিলে বেয়া কাম কৰিলে তাৰ বাচ-বিচাৰ আমাৰ উদ্দেশ্য নহয়, তাৰ বিশদ বিবৰণ আৰু আলোচনা একেটা লেখাৰ পৰিসৰে সামৰিবও নোৱাৰে। এই মুহূৰ্তত দৃষ্টিগোচৰ কৰিবখোজা কথাটো এই যে, তেজপুৰীয়া থেছপিয়ানক ক্ষমা খুজিবলৈ বাধ্য কৰোৱা আলোচনা-বিলোচনাখিনি শিল্প বা সংস্কৃতি বিষয়ক আলোচনা নহয়েই। শিল্পৰ সমালোচনাত নৈতিকতা অথবা ঔচিত্য-    অনৌচিত্যৰ কথা পাতিবৰ স্থান নাথাকেই, অথবা থাকিলেও বাদ-বাকী অন্যান্য বহুতো কথা পতাৰ পিছত শেষৰ ফালেহে এনেবোৰ কথা আহিব পাৰে। কিন্তু অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ সামূহিক জনমানসতেই এনে হয় যে নৈতিকতাৰ বিচাৰতেই কথাখিনিৰ আৰম্ভ আৰু শেষ। মৰেল পুলিছিং-ক শিল্প সংক্ৰান্তীয় আলোচনাৰ নাম দিয়াটো ভুল। শিল্পত ভুল শুদ্ধ নাথাকে, শিল্পীয়ে কাৰোবাৰ ওচৰত ক্ষমা খোজাৰ প্ৰশ্নও নাথাকে। শিল্পী চৰকাৰ নহয় যে কি কৰা উচিত আমি তাৰ ওপৰতহে নজৰ ৰাখিম। পৰম্পৰা ৰক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুখিনি আছে আৰু তেওঁলোকে নিজৰ কাম কৰিও আছে। কিন্তু পৰম্পৰা আৰু নীতি-নিয়মৰ বান্ধোনৰ পৰা বাহিৰলৈ ওলাই উন্মুক্ত চিত্তে নাচিবলৈ বিচৰা কোনোবা থাকিবও পাৰে।  

        

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (পোন্ধৰ): জুবিন গাৰ্গ আৰু মিষ্টাৰ টেম্বুৰিন মেন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১০ জুন, ২০১৮]

জুবিন গাৰ্গে ফে'চবুকত আপলোড কৰা ফটোখন।

আজিৰ এটা অসহনীয় সত্য হ'ল- গীত আৰু সংগীত যে ‘লাইভ’ শিল্প, গাওঁতাই গায়, বজাওঁতাই বজায় আৰু শুনোতাই শুনে- এই প্ৰাথমিক অভিজ্ঞতাৰ কথাখিনি আমি প্ৰায় পাহৰি পেলাইছোঁ। গীত পৰিবেশনৰ কোনো লাইভ পৰম্পৰা আজি আৰু আমাৰ মাজত সুস্থ ভাবে থিয় দি থকা নাই। হাতত মাইক্ৰ’ফোনটো নাথাকিলে আজি আৰু কোনো গায়কে গান নাগায়। কোনোবা মঞ্চত উপবিষ্ট নোহোৱালৈকে গায়ক এজনক গায়ক বুলি আমি স্বীকৃতি নিদিওঁ। গান গোৱাৰ আৰু গান শুনাৰ কোনো পাৰস্পৰিক সৌহাৰ্দ্যপূৰ্ণ অন্তৰংগ পৰম্পৰাই আজি আৰু আমাৰ মাজত বৰ্তি থকা নাই। এইখিনিতেই আকৌ বিৰম্বনাৰ কথা এয়ে যে অসমীয়া সংস্কৃতিৰ জগতখন তোলপাৰ লগাই থকা সাংস্কৃতিক উপাদানবিধ হ’ল গানেই। ঘাইকৈ গানৰ পৰিবেশনক ভিত্তি কৰিয়েই অসমৰ উধৰ পৰা মূধলৈকে হাজাৰ হাজাৰ বিহুমেলাৰ পয়োভৰ। ইলেক্ট্ৰনিক মেডিয়াতো সৰ্বত্ৰ ছানি ধৰিছে গান আৰু গানৰ ভিডিঅ’ই। কিন্তু সেইবোৰৰ কোনোটোৱেই আচলতে গান শুনাৰ আপ্তকাৰী বা প্ৰশস্ত ক্ষেত্ৰ নহয়। বিহুমেলা নামৰ এই কিম্ভূত-কিমাকাৰ বাৰেভচহু আয়োজনটোত গানেই মূখ্য আকৰ্ষণ হ'লেও আচলতে তাত গান শুনাৰ পৰিবেশ এটা একেবাৰে নাথাকে। শব্দ-ব্যৱস্থাৰ বিসংগতিৰ দৰে কাৰিকৰী কথাখিনিৰ পৰা আৰম্ভ কৰি গান এটা মন দি শুনিব পৰা সুস্থিৰ পৰিবেশ এটাৰ অভাৱলৈকে তাত আহুকালৰ অন্ত নাই। পপুলাৰ কালচাৰৰ অংগ হিচাপে তাত কেৱল কোনোবাই গোৱা কিবা ধৰণৰ গানৰ কেৱল এটা "ঝলক দিখলা যা"হে হ'ব পাৰে। তাত গান হ'ব নোৱাৰে। হাৰমনিয়াম বা গীটাৰ হাতত লৈ গায়কজন মাজত, তাকে ঘেৰি ধৰি এচাম গুণমুগ্ধ শ্ৰোতা – এনে এটা পৰিবেশ মই অসমত দেখা মনত নপৰে। গ্ৰাম'ফ'ন, আকাশবাণী, দূৰদৰ্শন, কেছেট, ডেক, ৱাকমেন, চিডি আদিৰ মাজেৰে আহি আহি সংগীত আজি ৰ’লহি মোবাইলত। লাইভ পৰিবেশনৰ মাধুৰ্যৰ কথা উঠি অহা প্ৰজন্মই নজনাকৈয়ে আৰু নুবুজাকৈয়ে হয়তো কালাতিপাত কৰিবগৈ। বিয়াবোৰত বিয়ানামবোৰ আছেগৈনে? শিশুটিক শুৱাবৰ পৰত নিচুকণি গীত এটা গুণগুনোৱা হয়নে? আমি প্ৰযুক্তিবিৰোধী কোনোমতেই নহয়। প্ৰযুক্তি-প্ৰদত্ত উপকৰণ আৰু অনুভৱখিনিকলৈয়েই আমিও কাম কৰি আহিছোঁ। কিন্তু লাইভ পৰিবেশনৰ অভিজ্ঞতাৰ কথাখিনিও আমাৰ বাবে বিচাৰ্যৰ বিষয়।

প্ৰাণঢালি গীত গাই থকা বা একান্তে নিমগ্ন হৈ বাদ্যযন্ত্ৰৰ ধ্বনিৰ সৈতে খেলা কৰি থকা ব্যক্তি এজন কেনে মনোমোহা তাক ভাষাৰে বুজাব নোৱাৰি। বিভিন্ন সময়ত বিভিন্ন শিল্পীৰ হাতত এয়ে হৈ উঠে একো একোটা ৰূপক। পাবলো পিকাছোৰ ব্লু পিৰিয়ডৰ পেইণ্টিং “বৃদ্ধ গিটাৰিষ্ট”খনে যিকোনো দ্ৰষ্টাৰে মন টানে। বৃদ্ধ আৰু অন্ধ মানুহজনৰ যেন গীটাৰখনেই একমাত্ৰ সম্বল। নীলাচানেকীয়া ৰঙেৰে সামগ্ৰিকভাবে ধুৱাই থকা ছবিখনত গীটাৰখনতহে অলপ বেলেগ ৰং আছে যি পৃথক হৈ চকুত পৰিব পাৰে। গীটাৰখনৰ সৈতে এই নিমগ্নতাই এক বিষাদবোধৰ জন্ম যেনেকৈ দিয়ে, নি:সংগতাৰ চেতনা এটাৰো তেনেকৈয়ে জন্ম দিয়ে।
 
পাবলো পিকাছো, "বৃদ্ধ গীটাৰিষ্টজন", ১৯০৩-০৪ 
আধুনিক অসমীয়া সাহিত্যৰ উন্মেষকালতো ব’ৰাগী এজনে আহি হাতত বীণ এখন লৈ ঘনে ঘনে ভূমুকি মাৰিছিলহি। অসমীয়াৰ হৃত-গৌৰৱ উদ্ধাৰৰ নিমিত্তে হেৰোৱা ইতিহাসৰ কথা ব'ৰাগীয়ে সোঁৱৰাই গৈছিল। চন্দ্ৰকুমাৰ আগৰৱালা আৰু বেজবৰুৱাৰ ব’ৰাগীৰ ভূমিকা আমি জানো। জ্যোতিপ্ৰসাদৰ ব’ৰাগী আছিল সত্য আৰু সুন্দৰৰ বাহক। "...আহি ৰূপকোঁৱৰে/ হাঁহিটি মাৰিবহি/ বীণখনি বাই"। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথাৰেও ভূপেন হাজৰিকাই গালে- "আৰু নবজাবি বীণ বাটৰুৱা..."। ইয়াৰ আগতে আমি "দৰিয়া, আচমান আৰু মানিমুনি শাক" শীৰ্ষক এলানি লেখাৰ "বিস্ময়বোধ আৰু কৌতুহলৰ ইতিহাস" খণ্ডত আমি এই বীণ ব’ৰাগীৰ সন্ধান কৰিছিলোঁ।

বব ডিলানে এটি প্ৰখ্যাত গীতত তেনেকৈয়ে এজন লোকায়ত সংগীতকাৰ মিষ্টাৰ টেম্বুৰিনমেনক (Mr. Tambourine man) অনুৰোধ জনায়- মোৰ বাবে এটা গান গোৱা। সেই টেম্বুৰিনমেনেই আহি কবীৰ সুমনৰ গানত হলহি গানৱালা। মোৰ বাবে এটা গান গোৱা, আজি মোৰ ক'লৈকো যাবৰ নাই, একো কৰিবৰ নাই। এই গানৱালা, এই ব’ৰাগী সকলোৱেই যেন কিবা এটা সোঁৱৰাবলৈকে আহে। আমি পাহৰি যোৱা কিবা এটা মনত পেলাই দি আমাক আশ্বস্ত কৰিবলৈকে আহে।  

অসমীয়াৰ হাৰ্টথ্ৰ’ব, সোণালী কণ্ঠৰ গায়ক জুবিন গাৰ্গে এবছৰতকৈয়ো আগতে (৭ ফেব্ৰুৱাৰী, ২০১৭) ৰাজহুৱা স্থানৰ খটখটিত হাতত টোকাৰী এখন লৈ গান গাই থকা অন্ধ মানুহ এজনৰ ফটো এখন ফেচবুকত আপলোড কৰি লিখিলে- "মই যেতিয়া বুঢ়া হম" (When I’m Old)। এজন চেলিব্ৰিটিয়ে দিয়া এটা ফেচবুক ষ্টেটাচ হিচাপে স্বাভাৱিকতেই তাত আজিলৈকে পোৱা গ’ল চৈধ্য হাজাৰ লাইক, ৩৬৫ টা মন্তব্য। ১৫৭ বাৰ ছবিখন শ্বেয়াৰ কৰা হ'ল বিভিন্নজনৰ দ্বাৰা। মন্তব্যলানিৰ পৰা বুজা গ'ল সেই মানুহজন এজন অন্ধ ব্যক্তি, যি নিতৌ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চিৰিত বহি দৰ্শনাৰ্থীক লোকগীত শুনায়। ঘৰ হাজোৰ ৰামদিয়াত। নাম নাৰায়ণ ডেকা।

জুবিনক অন্ত:কৰণেৰে ভালপোৱা বহুজনেই ছবিখন দেখি আবেগত বিহ্বল হৈ পৰিল। বেছিভাগেই প্ৰকাশ কৰিলে- জুবিনদা আমি তোমাক এনেকৈ চাবলৈ নিবিচাৰোঁ। সেইলানি মন্তব্যৰ মাজত একাংশ মন্তব্য এনে য'ত সেই বৃদ্ধ মানুহজন হ'ল ভীক্ষাৰী আৰু জুবিনক তেওঁলোকে শেষ বয়সত ভীক্ষা খুজি খোৱাটো নিবিচাৰে। কেইজনমানেতো জুবিন গাৰ্গক নিজৰ ঘৰলৈ লৈ যাবলৈকো উদ্যত হ'ল, তেওঁলোকে নিজৰ ঘৰত ৰাখি জুবিন গাৰ্গৰ ভৰণ পোষণ কৰিব। দুটিমান মন্তব্য তুলি দিলে এনে হ'ব-
"সেয়া হবলৈ নিদিওঁ দাদা, লাগিলে মই দিন হাজিৰা কৰি তোমাক আমাৰ ঘৰত ৰাখিম"।
"দাদা আপুনি বহুত দয়ালু আৰু উদাৰ আপুনি অসমৰ কাৰনে সমস্ত ত্যাগ কৰিছে।আপোনাৰ তেনেকুৱা নহয়"।
জুবিন গাৰ্গে বলীউডতো ইমান নাম কৰাৰ পিছত এইবোৰ কি বাতুলামী কৰিছে (bullshit), মানুহ আগলৈ যায় তেওঁ আকৌ কিয় পিছলৈ গৈছে বুলিও খেনোৱে ওজৰ আপত্তি দেখুৱালে।

ফটোখন জুবিনৰ হেজাৰটা ভাববিলাসৰ মাজৰ এটা। “মন যায়” চিনেমাৰ “মন যায়” গানটোক জুবিন-ব্যক্তিত্বৰ বা জুবিন-মনস্কতাৰেই এটা প্ৰতিৰূপ বুলি অনেকে বিশ্বাস কৰে। আমাৰ বহুতৰ দৰেই জুবিনৰ কিবাকিবি হ’বলৈ মন যায়, অথবা, জুবিনৰ দৰেই আমাৰো বহুত কিবাকিবি হ’বলৈ মন যায়। কেতিয়াবা ‘বিষ্ণুৰাভা হ’বলৈ মন যায়’। কেতিয়াবা পথাৰৰ দাঁতিত লাং খাই এনেয়ে পৰি থাকিবলৈ আমাৰ মন যায়। কেতিয়াবা অটব্য অৰণ্যৰ মাজত হেৰাই যাবলৈ মন যায়। মন যোৱাৰ শেষ নাই। শিশু অৱস্থাতে কবিতা লিখিবলৈ আৰম্ভ কৰা সকলে জীৱনৰ প্ৰথম কবিতাটো ‘মই ভালপাওঁ’ বা ‘মোৰ মন যায়’ বুলিয়ে লিখে। এই ফটোখনত দেখা পোৱাৰ দৰে হয়তো হ’বই পাৰিলেহেতেন যে– বুঢ়া কালত বিৰাট কোলাহলমুখৰ মঞ্চায়োজনৰ পৰা আঁতৰি হাতত মাথোন দোতাৰা এখন লৈ অকলে অকলে গান গাই গাই সময় কটাবলৈ জুবিনৰ মন যায়। ফটোখন দেখি মোৰ তেনে অনুভৱেই হৈছিল। তাত বেয়া লাগিব লগা একো নাছিল, বৰঞ্চ ভালহে লাগিছিল। ফটোখনৰ মানুহজনৰ পৰিচয়টো আমি জানিও নজনা। মন কৰিব পাৰি যে সেই ব'ৰাগী, সেই টেম্বুৰিন মেন, সেই গানৱালা, অথবা জ্যোতিৰ ৰূপকোঁৱৰ- সকলোৱেই কোনোবা অজানা ঠাইৰ মানুহ। বাটৰুৱা। নাম থাকিও অনামী। আৰু আমি যেন ৰবীন্দ্ৰনাথৰ "ডাকঘৰ" নাটকৰ শিশু অমলৰ দৰে গৃহবন্দী যাৰ বাবে বহিৰ্দেশ বিচ্ছিন্ন এইসকলৰ বাৰ্তাবাহকৰ ব্যতিৰেকে। নিমাতী কইনাৰ মাত ফুটাবৰ সামৰ্থ্য আছিল ব'ৰাগীৰহে।

ফটোখনত কি আছে? দৃশ্যগতভাবেও ই সুন্দৰ ছবি। কৰ্ণৰেখাৰে পথালিকৈ থকা হেঙুলবৰণীয়া বেৰ এখনত ভেঁজা দি বহি টোকাৰী হাতত লৈ গান গাই থকা মানুহ এজন আছে। মানুহজনৰ উলম্ব অৱস্থানে কৰ্ণৰেখাৰ সৈতে সংঘাত সৃষ্টি কৰিছে। সংৰচনাৰ ক্ষেত্ৰতো কেন্দ্ৰবিন্দুৰ পৰা সামান্য বাওঁফালে বিষয়বস্তুটোৱে পইণ্ট-অব-ইণ্টাৰেষ্ট গঢ়ি তুলিছে। হেলনীয়াকৈ আহি পৰা ৰ'দৰ পোহৰে দিছে এটা অন্য আমেজ। মুখাবয়বতো ছাঁ-পোহৰে খেলা কৰি এটা লাৱণ্যৰ সৃষ্টি কৰিছে। ৰ'দত জিলিকি আছে হাতৰ বাদ্যযন্ত্ৰ। ফটোখন দেখি পিকাছোৰ অন্ধ বৃদ্ধ গীটাৰিষ্টজনলৈ মনত পৰি গৈছিল যদিও সেইখন ছবিৰ দৰে দু:খবোধ ইয়াত নাই। এইজন মানুহৰ মুখমণ্ডলতো দুখৰ চিনচাব নাই। বৰঞ্চ যেন তেওঁ আত্মতৃপ্ত, নিজতেই মগন। সাজপাৰ কেজুৱেল যদিও পৰিপাটি। এটা দুখৰ ৰেশ ইয়াত আহি পৰিব প্ৰসংগৰ ফালৰ পৰাহে। কাষত পৰি থকা খুচুৰা পইচা কেইটালৈ চাই। কি গাই আছিল তেওঁ তেতিয়া? আছিলেনে কোনোবাই শুনি? ফটোখন বন্ধু এজনক দেখুৱাওতে তেওঁ ক’লে– “ফটোখনত নি:সংগতা আছে”। মানুহজন নি:সংগ হয়, ফটোখনে তাকেই কয়। কিন্তু একে সময়তে এটা তৃপ্তিও আছে। মানুহজন অন্ধ, কিন্তু তেওঁৰ সম্বল টোকাৰীখন আছে। এই সম্বলেই অস্ত্ৰ। এয়াই আশ্ৰয়। সেয়ে– হি ইজ হোম। কিন্তু ঠাইডোখৰ পাব্লিক-প্লেচ, ৰাজহুৱা স্থান। সেইফালেই মানুহে অহা-যোৱা কৰে। সেইফালৰ পৰা এটা বৈপৰীত্যয়ো মনত দোলা দি যাব পাৰে। সন্মুখত খুচুৰা পইচা অলপ আছে মানে- দুটা পইচা যোগাৰ কৰিবৰ বাবেই হয়তো তেওঁ তেনেকৈ গান গায়। কিন্তু কেৱল মানুহে শুনক আৰু পইচা দুটামান দলিয়াই দিয়ক বুলিয়েই তেওঁ গান গায় নে? এবাৰলৈ হ’লেও পইচা নিদিলেও নাই, কিন্তু মানুহে অন্তত: শুনক বুলিওতো তেখেতে নিশ্চয় গান গায়! তাৰো এঢাপ আগুৱাই গৈ, মানুহে নুশুনিলেও নাই- এনে ভাবত, নিজৰ তৃপ্তিৰ বাবেওতো তেওঁ গান গায়। নাগায় জানো? কিন্তু পৰিতাপৰ কথা, এইখিনিতেই আমাৰ সাংস্কৃতিক অৱক্ষয়ৰ স্বৰূপ দাং খাই পৰে, যেতিয়া সেই মানুহজনক এজন শিল্পী হিচাপে অধিকাংশয়েই নেচালে, চালে কেৱল বাটৰ কাষৰ অসহায় অন্ধ ভীক্ষাৰী হিচাপেহে- যিটো ৰূপত জুবিনক কোনেও চাবলৈ নিবিচাৰে।

সেই ছবিখন আৰু তাৰ তলৰ মন্তব্যলানিয়ে বহুদিনলৈকে আমাক সমাজত শিল্পৰ অৱস্থান, শিল্পীৰ পৰিস্থিতি আদি বহুখিনি কথা ভবাই ৰাখিছিল। ছবিখন তুলি দি জুবিন গাৰ্গে নিশ্চয় বুজাব খোজা নাছিল যে মানুহজন এজন ভীক্ষাৰী আৰু জুবিন গাৰ্গে নিজে শেষ বয়সত ভীক্ষা খুজি চলিবলগীয়া হ'ব। হাতত টোকাৰী, দোতাৰা বা বীণ এখন লৈ গান গাই যোৱা লোক সংগীতৰ শিল্পী এজনক লৈ ৰোমাণ্টিক অনুভূতি এটা অহাটোত অস্বাভাৱিকতা একো নাই। কিন্তু কোনোবাখিনিত আমি আৰম্ভণীতে উল্লেখ কৰি অহাৰ দৰে সংগীতৰ লাইভ চৰিত্ৰটোক নুবুজাৰ সমস্যাটোৱেই ইয়াত প্ৰকট হৈ পৰিছে নেকি? হাজোৰ সেই অন্ধ মানুহজন কেৱল ভীক্ষাৰী? নে তেওঁ এজন শিল্পী? মাইক্ৰফ'নটো দলিয়াই দি, সুসজ্জিত মঞ্চ আৰু লাইটৰ জকজমকতাৰ পৰা আঁতৰি আহি, বাণীবন্ধনৰ অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি মানুহৰ মাজত বহি মুকলিত গান এটা গাবৰ বাসনা জুবিনৰো হ'ব নোৱাৰে নেকি? মাইক্ৰ'ফোন নোহোৱাকৈ মুক্তকণ্ঠেৰে জুবিন গাৰ্গৰ কণ্ঠ শুনিবলৈ আমিও কোনোদিন নিবিচাৰিম নেকি?

কি কাৰণত আমি সংগীতক আৰু শিল্পক আমাৰ জীৱনৰ পৰা দূৰলৈ ঠেলি পঠিয়ালোঁ?

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (চৈধ্য): মৃত্যু-দৰ্শন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২০ মে', ২০১৮]

বেণু মিশ্ৰৰ "মৃত্যু" 


ভালেই হ'ল দে মোৰ লোটাটো ভাগিল।
নিতে নিতে পানী অনাৰ লেঠাটো ছিগিল।।

কবীৰৰ এই দোহাফাকি প্ৰখ্যাত চুফি গায়িকা আবিদা পাৰৱীনে গোৱাৰ আগে আগে স্বনামধন্য গুলজাৰৰ কণ্ঠ ভাঁহি আহে- চুফি সন্তসকলৰ মাজত মৃত্যুৰ চিত্ৰকল্পই বৰ সুন্দৰ ৰূপ লয়। তাত দূৰ দূৰলৈকে কোনো দুখৰ চিন নাই। কবীৰৰ কলহটো হ'ল এই ভৌতিক দেহটো। এবাৰ ভাঙিলে জোৰা নালাগে। শৰীৰৰ বাজত জীৱনৰ অস্তিত্ব নাই। এই মৃত্যুৰ ধাৰণাই চিৰকালেই অনুসন্ধিৎসু মানৱ মনক কৌতুহলী কৰি ৰাখিছে। কবীৰৰ ৰচনাৰ অসমীয়া ভাঙনি কৰি থকাৰ মাজতে কবি নৱকান্তই কলম নাসামৰাকৈয়ে উঠি গৈছিল হঠাতে অসুস্থ হৈ পৰা জীয়ৰী জুনুকাৰ কাষলৈ। "জনুকা যি বাটে গুছি গ'ল, তাত বুদ্ধক দিবলৈ/ থোৱা সৰিয়হ এটাও নৰয়..."। কবিয়ে সুঁৱৰিছে, জুলহা কবীৰ, তাঁতী কবীৰলৈ। এদিন হাটৰ পৰা সূতা কিনি উভতি অহি থাকোতে খবৰ পালে যে কবীৰৰ এটি কণ্যা সন্তানৰ জন্ম হৈছে। কান্ধৰ পৰা সূতাৰ বোজাটো নমাই থৈ যি সন্তানক তেওঁ কেতিয়াও দেখা নাই সেই সন্তানৰ অন্তৰত থকা পৰমাত্মাক প্ৰণাম কৰি ক'লে, 'অনহদকা মুছাফিৰ', অসীমৰ বাটৰুৱা...

প্ৰায় সমস্ত দাৰ্শনিক চিন্তাৰ উন্মেষ এইখিনিতেই- শৰীৰ আৰু জীৱাত্মাৰ সম্পৰ্ক আৰু বিৰোধ। জগতবীক্ষা যিয়েই নহওক কিয়, এই কথা সত্য যে এই বীক্ষণৰ কেন্দ্ৰবিন্দু এই শৰীৰটো। এই শৰীৰটোৰ বাজত কোনোবা চিন্তাশক্তিৰ আধাৰ-আত্মা থাকিব পাৰে নে নাই আজিকোপতি তাৰ সন্ধান মানুহে পোৱা নাই। আজি আছে কালি নাই, এই ক্ষণভংগুৰতা, অস্থায়িত্ব, ভৌতিক অৱস্থানক কেন্দ্ৰ কৰিয়েই অথিৰ ধন-জন অথিৰ যৌৱনৰ দৰ্শন। বৈষ্ণৱী সংশয় আৰু কাৰুণ্যৰো উৎস মৃত্যুৱেই। গুৰুজনাৰ মহাপ্ৰয়াণৰ সংবাদ পাই মাধৱে গাইছিল- পৰাণ নিগৰে নদেখিয়া চান্দমুখ। নিজৰ মৃত্যুৰ কল্পনা কৰি নিজৰে শৱযাত্ৰাৰ ব্যংগ কৰি থৈ গৈছে মিৰ্জা গালিবে। মৃত্যুৰ শ্বাস্বত ৰহস্যক আধাৰ কৰিয়েই অগণন সৃষ্টি কৰি গ'ল ৰহস্যবাদী কবিসকলে। খেনোৱে মৃত্যুক দেখিলে ভিলেইনৰ ৰূপত, খেনোৱে আকৌ মৃত্যুক আহ্বান জনালে প্ৰিয়তমৰ ৰূপত। মুঠতে মৃত্যক লৈ মানুহৰ ৰোমাণ্টিচিজমৰ অন্ত নাই। আনহাতে মৃত্যুৰ ধাৰণাৰে জন্ম লোৱা অস্তিত্ববাদী প্ৰপঞ্চক ভেঙুচালি দেখুৱাই চন্দ্ৰধৰ বৰুৱাই ৰচিলে- "কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব"।

ধৰ্মীয় অনুষংগক বাদ দিও যিশু খৃষ্টৰ ক্ৰুছবিদ্ধ ৰূপটোৰ ব্যাপক আদৰৰ আন এটা কাৰণ সম্ভৱত: এয়ে যে ইয়াত এটা মৃত্যুৰ ধাৰণা সংযোজিত হৈ ৰৈছে। যুগে যুগে মানুহক সন্মোহিত কৰি ৰখা আন এক প্ৰতিচ্ছবি হ'ল- "পিয়েটা", মৃত যিশুক কোলাত লৈ মাতৃ মেৰী। অনন্ত আৰু অসীমৰ প্ৰতীক হৈয়ো ঈশ্বৰে অস্থায়িত্বৰ সত্যটোক উদযাপন কৰিবলৈকে যেন বাৰে বাৰে মানৱী অৱতাৰ গ্ৰহণ কৰি মৰিছিল। অলপ গমি চালেই মন কৰিবপাৰি যে হীৰ-ৰাঞ্জা, লেইলা-মজনুৰ দৰে যুগজয়ী প্ৰেমৰ কাহিনীবোৰ আচলতে মৃত্যুৰো উদযাপনৰ কাহিনী। মৃত্যুৱে এইবোৰ কাহিনীত পূৰ্ণতা দিয়ে। মৃত্যু অবাঞ্চিত হৈয়ো এইবোৰ কাহিনীত মৃত্যুৱেই পূজ্য হৈ ৰয়। মৃত্যুৰ ধাৰণাৰে আবিষ্ট হৈ আছে ৰবীন্দ্ৰনাথৰ দেধাৰ সৃষ্টি। লোকায়ত দেহতত্বৰ চৰ্চাৰ পৰা আহৰিত ধাৰণাৰেই ইয়াত মৃত্যু কেতিয়াবা এখন নদী মাত্ৰ- এই পাৰৰ কাম শেষ হ'ল, এতিয়া যাম ইপাৰৰ ঘাটলৈ। এই মৃত্যু ভাৱনাতো কোনো দুখৰ ৰেশ নাই। আছে কেৱল কাম শেষ কৰাৰ তৃপ্তি।
 
গুস্তাভ ক্লিমটৰ "মৃত্যু আৰু জীৱন"
অসমৰ শিল্পী বেণু মিশ্ৰৰো ছবিত মৃত্যুৰ ভাৱনাই আহি ভূমুকি মাৰেহি। ইয়াতো মৃত্যু কেৱল অন্ত নহয়। কেৱল দুখৰ উৎস নহয়। মিশ্ৰৰ মৃত্যু শীৰ্ষক ছবিৰ সংৰচনা আৰু সামগ্ৰিক আৱেদনৰ সৈতে মাৰ্ক ছাগালৰ বিবাহ বাৰ্ষিকী ছবিখনৰ সামগ্ৰিক দৃশগত আৱেদনৰ মিল থকাৰ কথাটো মন কৰিবলগীয়া। তেনেহলে কি, মৃত্যু এক পৰিসমাপ্তি নহৈ এক উদযাপনহে নেকি? 'মৃত্যু' শীৰ্ষক ছবিখনে প্ৰথম দৃষ্টিতে আকৰ্ষণ কৰে তাৰ ৰঙেৰে, কেৰিকেছাৰ ধৰ্মী অবয়ৱেৰে আৰু অভিব্যক্তিৰে। তাৰ পিছতে ই কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰে- সাঁথৰৰ দৰে। হাতত ফুল লৈ অহা পাখিলগা মানুহবোৰেৰে, হাই-কনট্ৰাষ্ট ৰঙৰ সমাহাৰেৰে এয়া কি মৃত্যুৰ উদযাপন? মৃত্যুও আনন্দময় হ'ব পাৰে। মৃত্যুৰ উদযাপন একো নতুন কথা নহয় - যদি চুফি কবি সকলৰ মৃত্যু-চেতনালৈ মনত পেলাওঁ। শান্তিনিকেতনৰ স্নাতক মিশ্ৰ নিশ্চয় ৰবীন্দ্রিয় মৃত্যু-ভাৱনাৰ সৈতেও অপৰিচিত নাছিল। কিন্তু পিছফালৰ এজন পলৰীয়া মানুহে সাঁথৰৰ জন্ম দিয়ে। সেই সাঁথৰৰ মৌচুমী কন্দলীয়ে আগবঢ়োৱা এটা বিশ্লেষণ এনে ধৰণৰ- "মৃত্যু শীৰ্ষক এই ছবিত কথকতাৰ বহুতৰপীয়া অভিব্যঞ্জনা অনুভূত হয়। তৎকালীন সামাজিক-ৰাজনৈতিক আবহাৱাৰ দ্বিধা- সংশয় নৈৰাজ্যৰ ৰেঙনি লাগি থকা 'Death' -অৰ দৃশ্যপটত পাখিলগা প্ৰতিকৃতি দুটাই গোপন ভয়-শংকাৰ ভাবৰ লগতে পলায়নবাদী মনোবৃত্তিৰো আভাস দিয়ে। ফিগাৰ দুটা যেন কোনো দেৱদূতৰ ছদ্মবেশী চয়তানহে! কোলাত মৃত শৰীৰ এটা লৈ মুখমণ্ডলৰ চৌপাশে ফুটি উঠা বলয়ৰে দেবীসদৃশ নাৰী গৰাকী অথবা মানবী সদৃশ দেবীগৰাকীৰ চিত্ৰকল্পটোৱে মাইকেল এঞ্জেল'ৰ 'Pieta' (কুমাৰী মেৰীয়ে মৃত যিশুক কোলাত লৈ থকা ৰূপ) মনত পেলায়। দৃশ্যপটৰ ওপৰত উৰি থকা দেৱদূতৰ ফিগাৰ দুটাই পৰম্পৰাগত কল্পৰূপ ত্যাগ কৰি বৰ্তমানৰ ৰূঢ় কঠিন বাস্তৱৰ সুবিধাবাদী চৰিত্ৰ চয়তানৰ ৰূপত উদ্ভাসিত হৈছে। 'Death' -অৰ ছবিখনত এক অধিবাস্তবিক আৰু মায়াবী বাস্তৱবাদী ৰেশ লাগি আছে। ছবিখনত ভাবগত প্ৰক্ষেপণ একমাত্ৰিক নহয়। ইয়াত মৃত্যু কেৱল একক অৰ্থৰ দ্যোতক নহয়। মৃত্যু সকলোতে ঘটিছে। কায়িক স্তৰত, সাংস্কৃতি, আধিভৌতিক, আধ্যাত্মিক স্তৰত। সকলোধৰণৰ বহুমাত্ৰিক মৃত্যুৰ ৰূপক এই 'Death'!"

সকলোৰে শেষত মৃত্যু সদায়েই দু:খদায়ক। এই সুন্দৰ পৃথিৱীখনলৈ আহি কোনেও নিশ্চয় ইয়াক এৰি থৈ যাবলৈ নিবিচাৰিব। মৃত্যুক লৈ অলেখ ৰহস্যবাদী সৃষ্টিৰ জনক সেই একেজন কবিগুৰুৱেই আকৌ "মৰিতে চাই না আমি সুন্দৰ ভূৱনে" বুলিও কোৱা নাছিল জানো? সেয়েই মৃত্যু- নিৰ্লোভ। এই নিৰ্লোভ শব্দটো হীৰুদাৰ। নিৰ্লোভ মানে যাৰ প্ৰতি লোভ নাথাকে, যাক বিচৰা নাযায়, কামনা কৰা নহয়। কিন্তু আমি জানো, আমি নিবিচাৰিলেও ই অৱশ্যাম্ভাৱী। ইয়াৰ প্ৰয়োজনীয়তাও আছে জীৱনক পূৰ্ণতা দিবৰ বাবে। অন্যথা জীৱনৰ কোনো সংজ্ঞা নাই। জীৱনক সম্পূৰ্ণ কৰিবলৈকে মৃত্যু আহে। মৃত্যু যেনেকৈ কাম্য নহয়, এটা মৃত্যুহীন জীৱনো কিন্তু কাম্য নহয়। এটা মৃত্যুহীন জীৱনৰ বিড়ম্বনা প্ৰকাশ পাই আহিছে বিভিন্ন ভেম্পায়াৰ মুভিত। মৰিব নোৱৰাৰ দুখত অন্তহীন যাতনাৰে জীয়াতু ভোগে ভেম্পায়াৰ চৰিত্ৰবোৰে।
 
মাইকেল এঞ্জেলোৰ "পিয়েটা"
মৃত্যু দু:খদায়ক। অকালতে, অৰ্থাৎ বাৰ্ধক্যপ্ৰাপ্তিৰ আগতেই অস্বাভাৱিক মৃত্যুক কোনোবাই আঁকোৱালি লব’লগা হ'লে সি হৈ পৰে আৰু মৰ্মান্তিক। কিন্তু সেই ক্ষেত্ৰতো মানি ল'বলৈ  আমি বাধ্য যে যিমান দিনলৈকে জীয়াই থকা হ'ল, জীৱনটোৰ পৰিধি সিমানলৈকেহে। অকাল মৃত্যুক মানি ল'বলৈ টান পোৱা সকলেও কেৱল কল্পনাহে কৰিব পাৰে যে মৃতক আৰু কিছুদিন জীয়াই থকা হ'লে অমুকটো হ'লহেতেন, বা তমুকটো হ'লহেতেন। সেইবোৰ সম্ভাৱনাহে, বাস্তৱ নহয়। পূৰ্ণ বয়সত মৃত্যু হোৱাজনৰ জীৱন যেনেকৈ মৃত্যুতে সম্পূৰ্ণ, আধা বয়সত মৃত্যু হোৱাজনৰো জীৱন মৃত্যুতে সম্পূৰ্ণ। সেয়েহে মৃত্যু নিজৰ গৰিমাৰে মহীয়ান। তাৰ ব্যতিৰেকেও মৃত্যুত বিভিন্ন ৰূপেৰে গৰিমাৰ আৰোপন কৰাৰ কিছুমান পৰম্পৰা আমি তৈয়াৰ কৰি লৈছোঁ। ছহিদৰ সংজ্ঞা নিৰূপিত হয় মৃত্যুৰ আধাৰতেই। মৃত্যু নিৰ্লোভ। মৃত্যু কেতিয়াও কাম্য নহয় যদিও দেশৰ  বাবে বা দহৰ হিতৰ বাবে আঁকোৱালি লবলগীয়া হোৱা মৃত্যু “অপৰাজেয়”। “তেনে মৃতক নহ'লোঁ মই কিয়” বুলিওতো গায়কে গায়!

এবছাৰ্ড দৰ্শনৰ হোতা আলবেয়ৰ কেম্যুৰ যেতিয়া গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল, তেওঁৰ চোলাৰ জেপৰ পৰা ওলাইছিল সেই একে গন্তব্যস্থানলৈ কাটি থোৱা ৰে’লৰ টিকট। মানে ৰেলেৰে যোৱাহেতেন তেওঁৰ মৃত্যু নঘটিলহেতেন নেকি? এই যে অনিশ্চয়তা আৰু তাৰ বিপৰীতে মৃত্যুৰ অৱশ্যাম্ভাৱীতা, তাকে কেন্দ্ৰ কৰিয়েই কেম্যুৰ উভট দৰ্শন, তাকে লৈয়েই অস্তিত্ববাদৰ যত বাগধাৰা।

সকলো মৃত্যু একে নহয়। প্ৰত্যেকটো মৃত্যুৱেই একক। কিন্তু সকলো মৃত্যুৰেই এটা সাধাৰণ কথা এয়ে যে ই যি ৰূপতেই নাহক কিয় জীৱন, জগত আৰু অস্তিত্ব সম্পৰ্কে ই কাৰোবাক নহয় কাৰোবাক, কিবা নহয় কিবা প্ৰকাৰে ভবাই তোলেই তোলে। শিল্প সম্পৰ্কে কথা পাতোতে আমি বাৰে বাৰে আগবঢ়াই থকা শিল্পৰ সংজ্ঞা সমূহৰ ভিতৰত এটা অন্যতম হ'ল এয়ে যে- শিল্পই সকলো সময়তে কিবা এটা ভাবিবলৈ আমাক বাধ্য কৰে। ই কঢ়িয়াই আনে কিছুমান অমীমাংসিত প্ৰশ্ন। সেই হিচাপেৰেও মৃত্যু এক শিল্প। যি দিয়ে এটা জীৱনক পূৰ্ণতা। হীৰুদাৰ মৃত্যু বিষয়ক সেই বিখ্যাত কবিতাটোৰ তৰল প্ৰসংগান্তৰণ প্ৰায়ে চকুতপৰে। জনপ্ৰিয়স্তৰৰ যিকোনো কৰ্মৰ ক্ষেত্ৰতেই এনে ঘটে। আত্মীয়জনৰ মৃত্যুত মৰ্মাহতজনে কৈ উঠা শুনো- "মৃত্যুক ওচৰৰ পৰা দেখিছোঁ, ইয়াক কেনেকৈ কোনোবাই শিল্প বুলিব পাৰে নাজানো"। ক্ষণিকৰ ব্যক্তিমনৰ এটা প্ৰতিক্ৰিয়াৰে আমি আচলতে মৃত্যু সম্পৰ্কে সমগ্ৰ মানৱ সভ্যতাৰ ভৰন্ত দৰ্শনৰ ঐতিহ্যক নিমিষতে নৎস্যাৎ কৰি পেলাব খোজোঁ নেকি বাৰু? সকলো মানুহ নৱকান্তৰ দৰে নহয় যে সন্তানৰ বিয়োগৰ সৈতে 'অনহদ কা মুছাফিৰ'ৰ সংযোগ এটা বিচাৰি উলিয়াব। যিমানেই মৰ্মান্তিক নহওক কিয়, কোনো মৃত্যুৱেই আমালৈ প্ৰশ্ন কিছুমান এৰি থৈ যাবলৈ নেৰে। হীৰুদাৰ কথাখিনি মেদমুক্ত, সংযত প্ৰকাশ। মিতব্যয়ী দুটা চৰণৰ মাজতেই আচলতে সোমাই আছে মৃত্যু সম্পৰ্কে মানুহৰ চিৰাচৰিত জিজ্ঞাসাৰ ঐতিহ্যৰ নিৰ্যাস। কবিতাও শিল্প। কেৱল ক্ষণিকৰ আবেগেৰে ইয়াৰ মৰ্মৰ অনুধাৱণ সম্ভৱ নহ'বও পাৰে। "মই ভাবোঁ", "মোৰ মতে", "এনে লাগে যেন"- এনে ধৰণৰ ব্যক্তি অনুভূতিৰ পৰা বাজলৈ ওলাই প্ৰসংগ, প্ৰাসংগিকতা আৰু প্ৰসংগায়িতকৰণৰ জৰিয়তে শিল্পলৈ চকু দিয়াটো এইকাৰণেই প্ৰয়োজনীয়।       
মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594


Saturday, June 9, 2018

শুক্ৰাচাৰ্য ৰাভাৰ প্ৰসংগায়িতকৰণৰ প্ৰস্তাৱেৰে...




নাট্যচৰ্চাত, অথবা অন্যান্য সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰতে অসমৰ চুকে কোণে বিভিন্ন ভাল কাম সময়ে সময়ে হৈ আছে। ইতিবাচক বহুখিনি খবৰ আমি মাজে মাজে পাই থাকোঁহক। কিন্তু তাৰ পিছতো ভাল মানবিশিষ্ট চৰ্চাৰ অভাৱ বুলি আমি হামৰাও কাঢ়ি থকাৰ কেতবোৰ বিশেষ কাৰণ আছে। কাম এটা ভাল বুলি জানি তাক কৰি পেলালেই নহয়। তাৰ বাবে প্ৰয়োজন হয় দীৰ্ঘম্যাদী পৰিকল্পনাৰ। নৈপুণ্য এটা দিশ, পৰিকল্পনা এটা দিশ, আৰু ভৱিষ্যৎ বীক্ষা আন এটা দিশ। এই সকলোখিনিৰ উপৰিও আকৌ যিটো বস্তুৰ প্ৰয়োজনীয়তা গুৰিতেই আহি পৰে সেয়া হ’ল এটা অৱস্থান গ্ৰহণৰ বাবে থাকিব লগা স্পষ্টতা, দৃঢ়তা আৰু সৎসাহস।

নাটকৰ ক্ষেত্ৰত অসমৰ মানুহ যথেষ্ট আবেগিক আৰু সৰু সুৰাকৈ হ’লেও ইয়াৰ চৰ্চাৰ কাহানিও যতি পৰা নাই, আৰু নপৰে। আনকি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আদিত অধ্যয়ণ কৰি অহাৰ পিছত কেৱল অসম আৰু উত্তৰ পূৱৰ কৰ্মীসকলেহে নাটকক নাটক বা অভিনয়ক অভিনয় হিচাপে লৈ আগবাঢ়ি যায় বুলি প্ৰখ্যাত নাট্যকৰ্মী অনুৰাধা কাপুৰেও কেইবাবাৰো স্বীকাৰ কৰিছিল। সৰ্বভাৰতীয় স্তৰত ক’বলৈ গ’লে যি ক্ষেত্ৰত আগবয়সত অভিনয় শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ ক্ৰমে ক্ৰমে নাট্যকৰ্মীসকল পেটৰ তাড়নাতেই হওক বা গ্লেমাৰ বিচাৰিয়েই হওক ব্যৱসায়িক উদ্যোগ সমূহত ব্যস্ত হৈ উঠে, কেৱল আমাৰ ফালৰ মানুহখিনিয়েহে নাটকৰ চৰ্চাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰে।

তিনিটা সমান্তৰাল ধাৰৰে অসমৰ নাটক চলি আছে। প্ৰথম ধাৰাটো গ্ৰামে-গঞ্জে মৰি মৰিও বাৰে বাজে জী উঠা এটা এমেচাৰ নাটকৰ চৰ্চা। নাটকৰ প্ৰতি থকা দুৰ্বাৰ ভালপোৱা আৰি কিবা এটা কৰাৰ অদম্য হাবিয়াসৰ ই প্ৰতীক। পিয়লি ফুকন, শকুনিৰ প্ৰতিশোধ, মগৰীবৰ আজান আদি নাটকৰ সমানে সমানে ফেৰ মাৰি আগবাঢ়ে আগাথা ক্ৰিষ্টীৰ ‘মাউচ ট্ৰেপ’, আয়োনেস্কোৰ ‘দা চেয়াৰ্ছ’ কিম্বা ৰবীন্দ্ৰনাথৰ ‘চিত্ৰাংগদা’ৰ অসমীয়া অভিযোজনা। প্ৰচেনিয়াম থিয়েটাৰৰ আৰ্হিৰে, চেগা চোৰোকাকৈ স্তানিসলাভস্কিৰ ধাৰণাৰে কিছুমান প্ৰস্তুতি যেনেকৈ চলি থাকে, তাৰ লগে লগে নতুন সম্পৰীক্ষণৰ বাবেও এইখিনি নাট্যকৰ্মীয়েই আগ্ৰহ দেখুৱাই আহি আছে। আনটো ধাৰা হ’ল “ভ্ৰাম্যমাণ থিয়েটাৰ”। নাটকক বিপুল জনসমাজৰ মাজলৈ লৈ যাব পৰা এই উদ্যোগৰ বিকল্প তাহানিও নাছিল, আজিও নাই। মূলত: ব্যৱসায়িক আন্ত:গাঠনিৰে পৰিচালিত হৈয়ো সমাজৰ এটা অবিচ্ছিন্ন অংগ হৈ উঠা এই ভাম্যমাণ থিয়েটাৰৰ মঞ্চত নতুনত্ব অথবা বহুল কথিত ‘চিৰিয়াছ’ নাট্যশিল্পৰ চৰ্চাৰ বাট সুগম নহয়। সেয়া নহয় এই বাবেই যে ইয়াৰ এটা নিৰ্দিষ্ট গঠন বা আৰ্হি আছে যাৰ বাহিৰত ইয়াৰ স্বকীয় অস্তিত্ব অথবা ব্যৱসায়িক হিচাপ নিকাচবোৰ হয়তো নাথাকিব। কিন্তু তাৰ মাজতো অভিনৱ সম্পৰীক্ষণে ইয়াতো দেখা দি আহিছে সময়ে সময়ে। দৃশ্য নিৰ্মাণৰ চমৎকাৰী কাৰুকাৰ্যৰে পৰা বিষয়বস্তুলৈকে অভিনৱত্ব ইয়াতো আছে। পুৰাণিক নাটক, সআমাজিক নাটক, কাল্পনিক নাটক কোনোটো ধাৰাকেই ই পৰিহাৰ কৰি চলা নাই। মঞ্চত লাইট আৰু শব্দৰে এটা মায়াজাল সৃষ্টি কৰাৰ মাজতে কোনোবাতো সময়ত হয়তো সেই মায়াজালৰ আৱৰণ ফালি অভিনেতা ইয়াতো ওলাই আহি দৰ্শকৰ সন্মুখত ঠিয় দিছেহি। সম্ভাৱনাৰ প্ৰচুৰ বাট ইও কঢ়িয়াই আছে, কঢ়িয়াই থাকিব। তৃতীয়টো ধাৰত থাকিব অসমৰ একাংকিকা বা একাংক নাটক। নক'লেও হ'ব যে এই একাংক নাটকৰ ধাৰাটো মূলত: প্ৰতিযোগিতা কেন্দ্ৰিক আৰু আজিৰ তাৰিখৰ সমস্ত নাট্যকৰ্মীৰ এক বুজন সংখ্যকেই এই একাংক নাটক সমূহৰ চৰ্চাৰ তলীৰ পৰাই ওলাই আহিছে।

একাংক নাট, বিশেষকৈ প্ৰতিযোগিতা কেন্দ্ৰিক হোৱাৰ বাবেই নিৰ্দিষ্ট কিছুমান "নিয়মাৱলী"ৰ গণ্ডীৰ বাহিৰৰ পৰা ই ওলাবগৈ নোৱাৰে। অসমীয়া একাংক নাট সম্পৰ্কে "প্রাত্যহিকতাৰ কল্পৰূপ: অসমীয়া একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা" শীৰ্ষক এটা লেখাত আমি সুবিস্তাৰে আলোচনা কৰিছোঁ। ব্যাপক চৰ্চাৰ ফলতে কিছুমান গ্ৰামাঞ্চলত নাটক বুলিলেই একাংকিকাকেই বুজি পালেও এটা নিৰ্দিষ্ট ফৰ্মৰ মাজত ই আৱদ্ধ হৈ ৰোৱাৰ কথা উলাই কৰিব নোৱাৰি। ভ্ৰাম্যমাণ থিয়েটাৰো নিৰ্দিষ্ট একোটা ফৰ্মৰ দাস। যিমানেই উৎকৃষ্ট মান সম্পন্ন নাটক মঞ্চায়িত নহওক কিয়, অভিনয় সম্পৰ্কে, নাট্যশিল্প সম্পৰ্কে এটা পৰ্যায়ৰ পিছত আৰু কথা পাতিবৰ অৱকাশ নৰয়গৈ। প্ৰথমে উল্লেখ কৰি অহা এমেচাৰ নাটকৰ ধাৰাটোৱেই চাবলৈ গ'লে আটাইতকৈ বেছি স্বতন্ত্ৰ আৰু সম্ভাৱনাপূৰ্ন। কিন্তু নাটক এখন কৰিবৰ বাবে যি আৰ্থিক আৰু পৰিস্থিতিগত সমৰ্থনৰ প্ৰয়োজন হয় সেইবোৰ আমাৰ সমাজত বৰ সুচল ৰূপত উপলব্দ্ধ নহয়। তাৰেই গইনা লৈ সততে এমেচাৰ নাট্যকৰ্মীসকলেও সহজ পথেৰেই আগবাঢ়িবলৈ লয়। নাটক মানে এনেকুৱা, অথবা নাটক মানে তেনেকুৱা, এনেকুৱা কিছুমান বদ্ধমূল ধাৰণা লৈ সেই ধাৰণাখিনিৰেই চৰ্বিত চৰ্বন কৰি নাটক কৰি গৈ থাকে। প্ৰচুৰ সম্ভাৱনা, প্ৰচুৰ চৰ্চা, প্ৰচুৰ নতুন প্ৰতিভা, প্ৰচুৰ মহীৰূহ সদৃশ স্বনামধন্যজন, প্ৰচুৰ সম্পৰীক্ষণ আমাৰ চাৰিওফালে আচলতেই ঘটি আছে। কিন্তু এই প্ৰাচুৰ্যই আমালৈ কিবা কঢ়িয়াই আনিছেনে? নাট্যচৰ্চাৰ ক্ষেত্ৰত এটা নিজস্ব ভাষা ক'ৰবাত তৈয়াৰ হৈছেনে? এটা নতুন ভাষা তৈয়াৰ হোৱা নোহোৱাৰ কথাখিনি বাৰু পাছলৈ থ'লোঁ। নাট্যশিল্প সম্পৰ্কে কথা পাতিব পৰা এটা বাগধাৰা কোনোবাখিনিত ওলাল নে? নোলাল। আজিও আমি নাজানো নাটক সম্পৰ্কে কথা পাতিবলৈ হ'লে কেনেকৈ কথা পাতিব লাগে। তাতোকৈ ডাঙৰ কথা হ'ল যে নাটক এখন কেৱল কৰিলেই নহয়, তাৰ সম্পৰ্কে কথা পতাটোও জৰুৰী- এই কথাটোতো মানুহক পতিয়ন নিয়াবলৈ টান। ভ্ৰাম্যমাণত যদি এইবছৰৰ "মঞ্চ কঁপোৱা" নায়িকা কোন সেই কথাটো সকলোতকৈ বেছি জৰুৰী কথা, একাংকিকাত কোনে প্ৰথম পুৰস্কাৰ পালে অথবা কোন দলক পুৰস্কাৰ নিদি বিচাৰকে অন্যায় কৰিলে সেই বিষয়ৰ গছিপ বা গুজৱখিনিহে বেছি জৰুৰী হৈ থাকিল। ইয়াৰ মাজত আকৌ নাটকৰ কথা কোনে কেনেকৈ পাতে?

তাৰ মাজতো আশাপ্ৰদ খবৰ কিছুমান আহে যেতিয়া দেখা পাওঁ এই সময়ৰ উদ্যমী লোকসকলে নাটক সম্পৰ্কে কথা পাতিবলৈ আগবাঢ়ি আহে, ৰংগমঞ্চৰ আখৰাৰ পৰা আহি হাতত কলম তুলি লয়। নাটক এখন কেনেকৈ চাম বা তাৰ বিষয়ে কেনেকৈ লিখিম এই প্ৰশ্নটো বাৰে বাৰে তুলিবলৈ চেষ্টা কৰিছে নিজৰা ৰাজকুমাৰীয়ে। নাট্যকৰ্মী কুশল ডেকাই নিজৰ অভিজ্ঞতাৰ পৰাই ডুখৰীয়া ছবি একোখনি তুলি ধৰি নাটকৰ কথা বতৰা নতুনকৈ আৰম্ভ কৰিছে। ৰণ্টু শৰ্মাইয়ো বাৰম্বাৰ চেষ্টা চলাই আহিছে নাটক সম্পৰ্কীয় কথা বতৰাক আগুৱাই নিবলৈ। এইকেইজনক ফে'চবুকৰ মজিয়াত কেইদিনমানৰ পৰা সততে দেখি থকা নামৰ মাজৰ পৰা উদাহৰণ হিচাপে তুলি ল'লোঁ। ইয়াৰ বাহিৰেও জনাই নজনাই হয়তো আৰু বহুজন আছে। যিখিনিৰ মাজৰ পৰা এদিন এটা নতুন বাগধাৰাৰ আৰম্ভণী হ'ব বুলি আমি আশা কৰি ৰ'ম।

এই বাগধাৰা বুলি কওতেই মূলগত সমস্যা এটা আমাৰ সন্মুখলৈ আহি পৰিল। নাটক সম্পৰ্কীয় কথাবতৰাত সকলো চৰ্চা থাকিও এটা চৰ্চাৰ অভাৱ বাৰুকৈয়ে ৰৈ গ'ল যিটো হ'ল বাগধাৰাৰ সমস্যাটো। একেটা সমস্যা অন্যান্য সাহিত্য আৰু সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰতো একেই। তথাপি সাহিত্যৰ বিভাগসমূহত কম-বেছি পৰিমানে তাৰ উপস্থিতি আছেই। বাণীকান্ত কাকতি, মহেন্দ্ৰ বৰা, ভৱেন বৰুৱাৰ পৰা হীৰেন গোহাঁইৰে লৈকে অসমীয়া সাহিত্য সমালোচনাৰ কেতবোৰ ঘৰাণা আমি পালোঁ। তাৰ হয়তো এটা সুবিধা এয়ে যে সাহিত্য যেনেকৈ শব্দ নিৰ্ভৰ সমালোচনাও তেনেকৈয়ে শব্দ নিৰ্ভৰ। সেয়েহে সমালোচনা এটাও সাহিত্যৰেই অংগ হৈ উঠিবলৈ সহজ। কিন্তু দৃশ্যশিল্পৰ ক্ষেত্ৰত কি হ'ব? দৃশ্য-শ্ৰাব্য শিল্পৰ ক্ষেত্ৰত কি হ'ব?

নাটক হ'ল এক ধৰণৰ কাৰিকৰী শিল্প, এপ্লাইড আৰ্ট। স্বাভাৱিকতেই চৰ্চাকাৰী সকলৰ অভিজ্ঞতাৰ ভেঁটিতেই ইয়াৰ কথাবাৰ্তা হোৱাটো সহজ আৰু যুক্তিসংগত। সেয়েহে অভিনেতাৰ স্মৃতিচাৰণ, সাক্ষাৎকাৰ, মঞ্চায়নৰ পদ্ধতিবিধান আদি ধৰণৰ সমলৰ পৰা কিছু আলচিব পৰা প্ৰসংগ আমি সময়ে সময়ে পাই থাকোঁ। কিন্তু এটা পৰিপূৰ্ণ বাগধাৰা সেইবোৰৰ মাজেৰে আগবাঢ়ি অহাটো আমি দেখা পোৱা নাই। মনত ৰখা উচিত যে ক্ৰিয়া আৰু তাৰ সমালোচনা, দুয়োটা বস্তুৰেই মান পৰস্পৰ নিৰ্ভৰশীল হয়। ধৰক কোনোবা এটা ভাষাৰ, কোনোবা এটা যুগৰ কবিতাৰ মান অত্যন্ত নিম্ন অথচ সেই সময়ৰ সেই স্থানৰ সমালোচনাৰ মান অতীৱ উচ্চ- এনে ধৰণৰ ঘটনাৰ নজিৰ আছেনে? এইটো কথাৰ আধাৰতে যদি চাবলৈ চেষ্টা কৰা হয়, ইমানপৰে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বুলি উল্লেখ কৰি অসমৰ নাটকৰ চৰ্চা সমূহৰ কথা পাতি আহিছিলোঁ যদিও এতিয়া আমি দেখিম যে সেই সম্ভাৱনাপূৰ্ণ চৰ্চাসমূহেও আচলতে নাটক সম্পৰ্কীয় বিশেষ চিন্তচৰ্চাৰ বাট মোকলোৱা নাছিল। নাটক এখন কৰাই কৰিছে, কৰিব লাগে কাৰণে কৰিছে। কৰাক দেখি কৰিছে। দহে হয়তো ভাল বুলিছে সেই বাবে কৰিছে। কোনোবাখন ভাল হৈছে, কোনোবাখন বেয়া হৈছে। তাৰ পাছত? তাৰ বাহিৰে কি কথা পাতিম? হয় আংগীক কোনোবাটো বিশেষ দিশক লৈ, নহয় সামগ্ৰিক ভাবে নাটকৰ স্বৰূপকে লৈ কথা পাতিবৰ অৱকাশটো কোনোদিনেই পোৱা নাছিলোঁ যেন লাগে। এইখিনিতে আহি পৰা আন এটা গুৰুতৰ প্ৰশ্ন এইটোৱেই যে কেনেবাকৈ "সাহিত্য" কেন্দ্ৰিক আমাৰ সমাজখনৰ উন্নাসিকতা বা সুচী-বায়ুগ্ৰস্থতায়ো কেনেবাকৈ আমাক কথা পতাত বাধা দি আহিছে নেকি?

কোনোবা এদিন হঠাৎ, হঠাৎ বুলিয়েই ক'ব লাগিব, শুক্ৰাচাৰ্য ৰাভাৰ শালনিৰ মাজৰ থিয়েটাৰৰ খবৰ এটা আহিল। দেশৰ ভিতৰৰ লগতে বাহিৰতো তাৰ খবৰ শুনা গ'ল। এটা অন্য আৰম্ভণী, এটা অন্য প্ৰচেষ্টা বুলি আকৌ এটা সম্ভাৱনাৰ সম্ভেদ পোৱা গ'ল। মূলগত বিষয় কিছুমান সন্মুখলৈ আহিবৰ বাট এটা ওলাল, নাটক বা থিয়েটাৰ বুলিলেই প্ৰচেনিয়ামৰ এটা ধৰাবন্ধা ফৰ্মেট কিয় আমাৰ সন্মুখলৈ আহি পৰে? বিশ্বৰ নাট্যজগতৰ আজিলৈকে যিমান কেইজন কাণ্ডাৰীৰ নাম সঘনে শুনা যায় সেইসকলৰ কোনো সম্ভৱ ইমান বেছি প্ৰচেনিয়ামৰ মোহত আৱদ্ধ নাছিল যিমান বেছি প্ৰচেনিয়ামৰ মোহ আমাৰ মাজত আছে। অভিনয় মিছা নহয়, অভিনয়ৰ প্ৰতীক মুখা হ'ব নোৱাৰে। নাট্যাভিনয় মানেই হেলোজেন অথবা স্পটলাইট নহয়। "নাটকত/সাহিত্যত সমাজ দায়বদ্ধতা" জাতীয় ৰচনা লিখি লিখি অভ্যস্ত আমাৰ মানুহক ক'বৰ বাট নৰয়গৈ যে কেৱল কথাভাগে বা সাহিত্যভাগে নহয়, বস্তু এটাৰ ফৰ্মেও সমাজৰ হৈয়েই কথা ক'ব পাৰে। শুক্ৰাচাৰ্য ৰাভাক লৈ এটা নতুন ধৰণৰ বাগধাৰাৰ সূত্ৰপাত ঘটাৰ যো জা চলিছিলহে মাথোঁ। একেদৰেই হঠাৎ পোৱা গ'ল আন এটা খবৰ- শুক্ৰাচাৰ্য ৰাভা আৰু নাই!

এতিয়া শুক্ৰাচাৰ্যৰ জীৱনক লৈ যদি এখন নাটক কোনোবাই কৰিব খোজে, সেইখন নাটক কোনখন অথবা কেনেকুৱা মঞ্চত পৰিৱেশিত হ'ব? Theatre Under the Saal Trees- সম্পৰ্কে কথা পাতিবলৈ গৈয়ো "অমুকৰ অভিনয় যথাযথ" বুলিয়েই কথা পতা হৈ থাকিব নেকি?

নাটক সম্পৰ্কে চিন্তা চৰ্চা কৰিম বুলি ভাবি থকা সকলৰ দায়িত্ব এতিয়া আৰু বঢ়িল। 
   
(অসম্পূৰ্ণ)


Tuesday, May 1, 2018

পেখু পেখু (তেৰ): ডিছপোজেবল জনতা (তিনি): চৰুত উতলা চাউল আৰু আঙুলিত জনতাৰ উত্তাপ



[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৬ মে', ২০১৮]

কোনোবাই "'Public' (পাব্লিক, সচেতন জনগণ) শব্দটোৰ এতিয়া চকুত পৰা অৱক্ষয় ঘটিছে" বুলি ক'লে কথাষাৰৰ সৈতে সহমত প্ৰকাশ কৰিবৰ কেইটাও কাৰণ ওলাব। পাব্লিকৰ জুতিৰ (Taste) সৈতে সাংস্কৃতিক উপাদানৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা বাৰে বাৰে দোহাৰিবৰ হয়তো প্ৰয়োজন নাই। কিন্তু ওপৰৰ উল্লেখটোৱে আকৌ এবাৰ এই কথাটোকেই প্ৰতিপন্ন কৰে যে পাব্লিক কথাষাৰ একান্তই আপেক্ষিক, আৰু সেইমতে পাব্লিকৰ জুতিৰ বিচাৰখিনিও আপেক্ষিক হ'বলৈ বাধ্য। পাব্লিক শব্দটোক "সচেতন জনগণ" বোলোঁতেই ওলাই পৰে এই মুহূৰ্তত ইপ্সিত পাব্লিকৰ সংজ্ঞা কোনদিশে। এইখিনিতেই উদয় হ'ব পৰা তাৎক্ষণিক প্ৰশ্নটো হ'ল পাব্লিক মানে যদি সচেতন জনগণ হয়, অসচেতন (অচেতন?) জনগণ পাব্লিকৰ আওতালৈ নহিব নেকি? তেনেহ'লে যিসকল সচেতন আৰু সুৰুচিবান নহয় তেওঁলোক উদ্বাস্তু হৈয়ে ৰ'ব? এই সমস্যাটোৱেই বাৰে বাৰে পাব্লিক সম্পৰ্কীয় কথাবাৰ্তাত উজুটি খুৱাবলৈ আহে। কাৰণ পাব্লিক লাইব্ৰেৰীৰ পঢ়ুৱৈ সকলৰ কথাতো যেনেকৈ পাব্লিক কথাষাৰ ব্যৱহাৰ হয়, কোনোবাই "পাব্লিক ধুলাই" বুলি কিবা এটা কওঁতেও সেই একেটা পাব্লিক শব্দই উচ্চাৰিত হয়। ক্ৰমবৰ্ধমান গণ-প্ৰহাৰৰ ঘটনাৰে ভৰি উঠা আজিৰ প্ৰাত্যহিকতাত পাব্লিকক কেৱল সচেতনতা, দায়বদ্ধতা আৰু ৰুচিৰ সংজ্ঞাৰে আৱদ্ধ কৰি ৰাখিবলৈ গ'লে তাত কেৰোণ ভালেখিনি ৰৈ যাব।

অসমীয়া আধুনিক গীত: "অসমীয়া" "আধুনিক" "গীত"

ব্যক্তিগত ভাবে কেইটামান ক্লাছিক উদাহৰণক বাদ দি আমাৰ অসমীয়া গান বৰকৈ শুনা নহয়। নতুন গান একেবাৰেই শুনা নহয়। বহুদিনৰ মূৰত অসমীয়া গান শুনিবলৈ মন গ'লে ইণ্টাৰনেট খুচৰি যিখিনি কাণত পৰে সেইখিনিয়ে অকথ্য পীড়া দিয়াৰ বাদে আন একো অভিজ্ঞতা নিদিয়ে। এই সময়ত জন-মাধ্যমত বহুল প্ৰচাৰিত সংগীত-শিল্পৰ বিপৰ্যয়ৰ কথা কওঁতে আগৰ দিনৰ ভাল গীতবোৰৰ কথা অনুষংগ হিচাপে আহি পৰাটো স্বাভাৱিক। কিন্তু এই 'অতীতৰ সোণালী দিন'ৰ ধাৰণাটোও এটা জোৰ কৰি নিৰ্মাণ কৰা বস্তু। অসমীয়া সংগীতত সাংঘাতিক ভাল দিন কোনোকালেই নাছিল। কেইটিমান কালজয়ী উৎকৃষ্ট উদাহৰণেৰে কেৱল এটা সোণালী অতীতৰ নিৰ্মাণ কৰি গৈ থকা হয়। অসমীয়া সংগীতত এটা শক্তিশালী ধ্ৰুপদী ধাৰাই গঢ় লৈ নুঠিল। বৰগীতৰ দৰে এটা অনন্য সুন্দৰ ধ্ৰুপদী উৎস থকাৰ পিছতো সেয়া কিয় হৈ নুঠিল সেয়া এক আশ্চৰ্যৰ কথা। 'জনমুখী' গীতৰ এটা ধাৰা সমান্তৰালকৈ পোৱা যায় যদিও সেয়া বিক্ষিপ্ত, আৰু কেইবাটাও প্ৰয়াস চালুকীয়া হৈয়ে ৰ'ল। বাকী সামগ্ৰিকভাবে জনমানসত প্ৰভাৱ বিস্তাৰ কৰি থকা গান সমূহ বহুলাংশেই একেখিনি আবেগ অনুভূতিৰ চৰ্বিত-চৰ্বন, আৰু পোনপটীয়া ভাষাত আচলতেই ক্লিচে (cliché)। পপুলাৰক বাদ দি মাৰ্জিত বা সম্ভ্ৰান্ত বুলি ভাবি থকা চৰ্চাসমূহৰো দশা আচলতে একেই। এটা সৰু উদাহৰণ দিলেই বুজিব পাৰিব। হয়তো অসমত এনে এজনো গীতিকাৰ নোলাল যাৰ অতীতলৈ, তাহানিৰ ল'ৰালিৰ দিনবোৰলৈ মনত নপৰাকৈ থাকিল। শ্ৰুতিমধুৰ অথবা মেল'ডি বুলিলেই যেনিবা এটা অতীতপ্ৰীতি, স্মৃতি-বিলাস। বহুদিন বকুলৰ গোন্ধ পোৱা নাই। এই আবেগখিনিয়েই এটা এপিট'মিক। পৰম শ্ৰদ্ধাভাজন হীৰেন ভট্টাচাৰ্যদেৱৰ গীতসমূহো ইয়াৰ পৰা আঁতৰত নহয়। কবি হিচাপে হীৰুদা যিমান মিতব্যয়ী আৰু স্পষ্টবাক, গীতিকাৰ হিচাপে আকৌ সিমান স্বচ্ছ নহয়। অ' জীৱন বুলাই দে তোৰ বিজুলী আঙুলি বুলি সুফলা মাটিৰ বীণখনি বাজি উঠাৰ কামনা কৰি এটা দেহত্বত্ব-ধৰ্মী আবেদন গঢ়ি তুলি সিও আকৌ পৰৱৰ্তী পংক্তি সমূহত কেৱল প্ৰকৃতিৰ বন্দনাতে আৱদ্ধ হৈ ৰয়। উৰি যোৱা চৰাইৰ মাটিত পৰা ছাঁটোত "কোন দূৰণিৰ বকুল বনৰ বা" আহি লগাটো আচলতে যে এটা উজু ৰাস্তা সেইটো আমি নভবাকৈয়ে থাকি যাওঁ। সেই একেটা উজু বাটেৰে বাট বোলাৰ ফলতেই ৰভাতলীৰ দাপোনমতীৰ সাজোন কাচোনৰ বৰ্ণনাৰ মাজতো আনকি কোনোবা দূৰণিৰ পেঁপাৰ মাতটো আহি সোমায়হি। কাব্যগুণ বা গীতিধৰ্মীতাৰ প্ৰতি সন্মান ৰাখিও সমগ্ৰ চৰ্চাৰ পৰিমণ্ডলেই যে চৰ্বিত-চৰ্বনেৰে ভৰা তাক আওকাণ কৰিব নোৱাৰি। এইখিনি উদাহৰণ শ্ৰেষ্ট বুলি মানি অহা গীতবোৰৰেই একো একোটা। ইয়াৰ বাজলৈ চালে অৱস্থা আৰু শোচনীয়। পাহাৰ বগাই কপৌফুল অনা, মাকো সৰি পৰা ছন্দৰ মোহতে আধাতকৈ বেছি অসমীয়া গীত আৱদ্ধ। বনঘোষাৰ পৰা ওজাপালিলৈকে অজস্ৰ উপাদানেৰে ভৰপূৰ পৰম্পৰাগত সাংস্কৃতিক পৰিমণ্ডলৰ পৰা "অসমীয়া আধুনিক গীত" নামৰ এই "জুগাড়" চৰ্চালৈ কেৱল ছন্দখিনিহে আহিল। কণ্টেণ্টখিনি নাহিল। দীৰ্ঘকালীন অভিজ্ঞতালৈ উভতি চালে অসমীয়া আধুনিক গীত শব্দত্ৰয়ৰ আধুনিক আৰু গীত দুয়োটা আঁতৰি কেৱল অসমীয়া শব্দটোলৈহে ঐকান্তিক মোহটো যে বৰ্তি থাকিল সেয়াই চকুত পৰে।

তেনেহ'লে অতীতৰ সোণালী দিন বুলিলে আমি কোনখিনি দিনক বুজিম, কোনখিনি উপাদানৰ কথা মনলৈ আনিম? বাচকবনীয়া কেইটিমান দৃষ্টান্তলৈ আঙুলিয়াই দেখুৱাই তাৰেই এটা ধাৰণা নিৰ্মাণ কৰি লোৱাৰ বাদে গত্যান্তৰ নাই। চৰুৰ এটা চাউল পিটিকি চালেই ভাত সিজিল নে নাই হয়তো উমান পোৱা যায়। কিন্তু সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰত একেটাই কাৰবাৰ সম্ভৱ নহ'বও পাৰে। এনে অৱস্থাত হয়তো কৰণীয় হ'ব ক্ষেত্ৰ-বিশিষ্ট বিশ্লেষণ আৰু অধ্যয়ণ। অতীতৰ অসমীয়া গীত আৰু শ্ৰোতাৰ কথা সামগ্ৰিককৈ পতাতকৈ কেৱল কেশৱ মহন্তকেই এটা যুগ বুলি ধৰি লৈ এটা কথা পতাৰ বাট ওলাবগৈ পাৰে। আনহাতে পৰিৱেশন শৈলী আৰু ছন্দ-মৰ্মৰ দিশেৰেও কোনোবাই আলচিব পাৰে। সংগীত মানেতো কেৱল গীত নহয়। গীতি-সাহিত্য কথাষাৰো আমি বেয়া পাওঁ, যেনেকৈ নাট্য-সাহিত্য কথাষাৰ বেয়া পাওঁ। পৰিবেশনৰ মৰ্ম উপলব্ধি কৰি এটা দৃষ্টিকোণ গঢ়ি তুলিব নোৱাৰিলে বহুখিনি কথাই অসম্পূৰ্ণ ৰৈ যাব। অন্যথা মাইকী ম'হৰ বেজাৰত মতা ম'হ মৰিলে বুলি গাওঁতেও পিৰালিত বহি কান্দি নাথাকি কিয়নো বিহুৱাই বাহু দাঙি দাঙি নাচে সেই কথা কোনোদিনেই বুজি পোৱা নাযাব।

এটা অতীত-বিলাসী আত্মগৌৰৱৰ বাটেৰে অসমীয়া জাতিৰ ধাৰণা এটা নিৰ্মাণ কৰাৰ দায়িত্ব এটা ইমানকালে সাংস্কৃতিক উপাদানসমূহে পালন কৰি আহিছিল। কিন্তু কালৰ গতিত ভালৰো ভাল কথা এষাৰো অত্যাধিক ব্যৱহাৰৰ ফলত ক্লিচেলৈ ৰূপান্তৰিত হয়। অসমীয়া আধুনিক গীতক অসমীয়া কৰি ৰাখিবলৈ বাৰে বাৰে যেতিয়া অতীতলৈকে মনত পেলাই থক হ'ল, মাটিৰ গোন্ধ ৰাখিবলৈ বাৰে বাৰে যেতিয়া কুলি-কেতেকীকে ইনাই বিনাই থাকিবলৈ দিয়া হ'ল, সকলোৱেই যেতিয়া 'বাৰেমিচল' এটা উজু বাটেৰেই বাট বুলিবলৈ ল'লে এইবোৰ সমলৰ জোৰ যিমানলৈকে আছিল সিমানলৈকে টানিলে, আৰু নোৱাৰিছে। পৰিৱৰ্তিত সময়ৰ গান কি হ'ব? এই প্ৰশ্নটো কৰিব পৰা এজন সাংস্কৃতিক সমালোচকৰ অভাৱটো এইখিনিতেই অনুভূত হয়। শিল্পৰ ৰসাস্বাদানৰ কোনো নতুন মাপকাঠি আমি তৈয়াৰ কৰিব পৰা নাই।

পাব্লিক কথাষাৰলৈ উভতি গৈ এই কথাৰে মোখনি মাৰিব পাৰি যে, কোন কালৰ সংগীতৰ মান কেনেকুৱা আছিল সেই বিচাৰটোতকৈ পাব্লিকক সংজ্ঞায়িত কৰাৰ পদ্ধতিসমূহ কোন দিশে গৈ আছে সেই বিচাৰটোহে এই সময়ত বেছি জৰুৰী। গানৰ ভিডিঅ' এটা ইউটিউবত আপলোড কৰি তাৰ 'লাইক' আৰু চাবস্ক্ৰিপচনৰ পৰিসংখ্যাৰে পাব্লিকক সংজ্ঞায়িত কৰা হৈ আছে। মঞ্চৰ পৰা আধা গান গাই মাইক্ৰ'ফোনটো দৰ্শকলৈ টোৱাই "ৰাইজ আপোনালোকেও ধৰক" বুলি কৈ থকা গায়কজনেও তেওঁৰ নিজৰ পাব্লিক নিৰ্মাণ কৰি গৈ আছে। এইখিনিতেই পাব্লিচিটি আৰু পাব্লিক দুয়োটা কাষ চাপি আহে। পাব্লিক বিচাৰি গীত নিৰ্মাণ কৰি গৈ থকা শিল্পীয়েও ভাষ্য দিয়ে সেই সংগীত পাব্লিকে বিচাৰিছে বুলিহে। তেনেকৈয়ো এক শ্ৰেণীৰ পাব্লিকৰ নিৰ্মাণ হৈ আছে। এনে পৰিস্থিতিত চাবলগীয়া হ'ব, পাব্লিক নিৰ্মাণৰ সমস্ত পদ্ধতিৰ বাহিৰত ৰৈ যাব পৰা কোনোবা পাব্লিক থাকিব পাৰে নেকি? পাব্লিক মানে গণতন্ত্ৰই কোৱা ভোটাধিকাৰ থকা সমস্ত ব্যক্তিৰ এটা পৰিসংখ্যা নহৈ যদি এক একক ব্যক্তিবিশেষ হয়, তেতিয়া? এইটো এটা আজৱ প্ৰশ্ন। কিন্তু এই আজৱ প্ৰশ্নৰেও এটা বাট ওলাবগৈ পাৰে। কাৰণ সকলোৰে বাবে, সকলোৱে ভাল পাব পৰা, আৰু সকলোৱে চাপৰি বজাই নাচিবই লাগিব বুলি ভাবি কৰি গৈ থকা চৰ্চাবোৰে যদি জুতিৰ অৱনমনহে ঘটায় তেন্তে পাব্লিক ৰুচিক বেয়া ৰুচি বুলি কৈ থাকি আকৌ 'পাব্লিক-ডিমাণ্ড'ৰ ফালেই বাট পোনোৱাৰ কোনো মানে নাই। যোৱা কেইবছৰমানত অসমীয়া সংগীতৰ দুৰাৱস্থাৰ প্ৰতি সঁহাৰি জনাই "সমাজ সচেতন" আৰু "মাটিৰ গোন্ধ" থকা যি কেইটা  গান ওলাল সেইকেইটাৰ অৱস্থা আৰু বিষম। মিষ্টাৰ ৰাজকুমাৰে অথবা কুসুম কৈলাসেও সিমান কষ্ট দিয়া নাই যিমান সচেতন গায়কৰ গানে দিছে।

ঐককেন্দ্ৰিক

আমাৰ বিচাৰেৰে বিভিন্ন সমস্যাৰ মাজত এটা কেন্দ্ৰীয় সমস্যা হ'ল সাংস্কৃতিক বৈশিষ্ট্যৰ একমুখীতা। অসমীয়া গায়কৰ অনুষ্ঠান এটাত নতুন মুখ এখনে আত্মপ্ৰকাশ কৰাৰ লগে লগেই আমাৰ প্ৰত্যাশা হ'ল এনে- গায়ক হিচাপে উত্তৰণ কৰিবলৈ হ'লে তেওঁ শংকৰদেৱ বা জ্যোতিপ্ৰসাদৰ নাম জনাটো বাধ্যতামূলক। ধৰক গায়কজনে বা গায়িকাগৰাকীয়ে শংকৰদেৱ বা জ্যোতিপ্ৰসাদৰ নামটোকেই শুনা নাই। তেওঁৰ গায়ন-চৰ্চাৰ যোগ্যতা নোহোৱা হৈ যাব নেকি? ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো নিশ্চয় ভাল কথা। কিন্তু সেই শ্ৰদ্ধা বা সমীহৰ নাম লৈ বাস্তৱক্ষেত্ৰত যিটো কৰা হৈ থাকে সেইটো হ'ল সমস্ত ব্যক্তি-বিশেষৰ ওপৰতে প্ৰায় একেধৰণৰ প্ৰত্যাশাৰ অভিৰোচন। একমুখীতা বুলি কি বুজাব খুজিছোঁ সেয়া "গায়ক হ'লে এনেকুৱা হ'ব লাগে" এই ধাৰণাটোৱেই ব্যাখ্যা কৰিবলৈ সক্ষম। পাব্লিকৰ এই চাহিদা পুৰণ কৰিবলৈ গৈয়েই জুবিন নামৰ এক অনন্য প্ৰতিভাশালী গায়কৰ বিপৰ্যয় কেনেকৈ ঘটিছিল তাৰ সুদীৰ্ঘ আলোচনা আমি অন্যত্ৰ কৰিছিলোঁ। একেদৰেই হীৰুদা, নীলমণি, নৱকান্ত আদি কেইটিমান বাটকটীয়া নামৰ অনুসৰণেৰে গৈ কবি হিচাপে নিজকে জনমানসত প্ৰিয়ভাজন কৰি তুলিবলৈ গৈ কেনেকৈ সমসাময়িক অসমীয়া কবিয়ে কবিতাৰ পথাৰখনো ক্লিচেৰ বোকাৰে ভৰাই পেলালে সেই কথাও আমি কেইবাবাৰো পাতিছোঁ। কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ প্ৰত্যাশা নাথাকিব। তাৰমানে এইটোও নহয় যে জুতিৰ স্খলন যেন লাগিলে আমি উদ্বিগ্নতাও প্ৰকাশ নকৰিম। কিন্তু সেই উদ্বিগ্নতাৰ আধাৰো যদি সৰলৰৈখিক হয় অথবা সাধাৰণীকৰণৰ দোষেৰে দোষী হয় তেতিয়াও বিপদ। ধৰা হওক এজন অত্যন্ত বেয়া সুৰ বা কথাৰে গায়ক এজনৰ গীতে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু তাকে লৈ আমি উদ্বিগ্ন। এতিয়া কথা হ'ল আমি কিয় ধৰি লৈছোঁ যে সেই গায়কজনৰ গীত সমস্ত পাব্লিকেই শুনিছে বা সমস্ত পাব্লিকৰ ৰুচিকে তেওঁ প্ৰতিনিধিত্ব কৰিছে? এইখিনিতে এটা সংখ্যাৰ প্ৰসংগও আহিব। জনপ্ৰিয় হৈছে বুলি উল্লেখ কৰিছোৱেই যেতিয়া ধৰি লোৱা হ'ল যে বহুল সংখ্যকেই তেওঁৰ গান শুনিছে বা শুনিবলৈ লৈছে। কিন্তু সাংস্কৃতিক ৰুচিৰ ক্ষেত্ৰত সংখ্যাটো কিমান বেছি গুৰুত্বপূৰ্ণ সেইটো এটা প্ৰশ্ন।

একমুখীতা কথাষাৰৰ আৰু অলপ ব্যাখ্যাৰ প্ৰয়োজন। আমি জানো যে গুৱাহাটীৰ মাজমজিয়াত থকা ৰবীন্দ্ৰ ভৱনো ৰংগমঞ্চ, ভ্ৰাম্যমানৰ অস্থায়ী আয়োজনো ৰংগমঞ্চ। কিন্তু ৰবীন্দ্ৰভৱনৰ সততে আশা কৰা আয়োনেস্কোৰ "দা চেয়াৰ্ছ"ৰ দৰে নাটক এখনৰ নান্দনিকতা বা অভিনয়ৰ গুণগত মান ভ্ৰাম্যমাণ মঞ্চতো একে ৰূপতে আশা কৰাটো এটা বিৰাট ভুল। পপুলাৰ সম্পৰ্কে এটা সম্যক ধাৰণা নথাকাকৈ সংস্কৃতিৰ সমালোচনাৰ নামত সমস্ত উপাদানক একেটা সুৰতে বান্ধিবলৈ যোৱাটোও এটা একমুখীতাৰেই উদাহৰণ। মিষ্টাৰ ৰাজকুমাৰৰ দৰে অধুনা চৰ্চিত এটা উপাদানক কেন্দ্ৰ কৰি হোৱা আলোচনাতো জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্ছিত্ৰৰ গৌৰৱময় ঐতিহ্যক টানি অনাটো যে এটা সংগতিৰ বিসংগতি সেই আলোচনা আগতে আমি কৰি আহিছোঁ। এতিয়াও, কুসুম কৈলাস নামৰ গায়ক এজনৰ গানৰ কথা পাতোতে তেওঁৰ পৰা ভূপেন হাজৰিকাৰ দৰেই কিবা এটা আশা কৰাটো কুসুম কৈলাসৰ ভুল, নে আমাৰ ভুল?

এটা সাংস্কৃতিক পৰিমণ্ডলত বহুতো স্তৰ বা তৰপ থকাৰ কথা। জটিল জনগোষ্ঠীয় আৰু ভাষিক সমিলমিলৰ এই অসম দেশত এনেকুৱা তৰপ আৰু বেছি জটিল হ'ব লাগিছিল। "আধুনিক অসমীয়া গীত" হ'বৰ কথা আছিল আৰু বেছি বৈচিত্ৰপূৰ্ণ, স্বভাৱতে বহুমুখী। কিন্তু তাকে নহৈ সকলো একেসুৰীয়া হোৱাৰ দোষটো আচলতে প্ৰতিভাৰ অভাৱ অথবা সদিচ্ছাৰ অভাৱ নহয়। সেয়া হ'ল এক বিশেষ ধাৰণাৰ "অসমীয়া" পাব্লিকৰ একমুখী দাবী। কথাটো হ'ব লাগিছিল অমুক গানটো হয়তো ক শ্ৰেণীৰ বাবে আৰু তমুক গানটো খ শ্ৰেণীৰ বাবে। এতিয়া একেখন সমাজতে যেনেকৈ ক শ্ৰেণীটোও আছে, খ শ্ৰেণীটোও আছে, সেই সূত্ৰেই অমুক গানটোও থাকক, তমুক গানটোও থাকক। কিন্তু আমি সেইটো হ'বলৈ দিয়া নাই। আমি ধৰি লৈছোঁ যে অমুক গানটোৱে আৰু তদ্ৰুপ তমুক গানটোৱে ক শ্ৰেণী, খ শ্ৰেণী আৰু কিবা যদি শ্ৰেণী আছে সকলোকে সমানে সন্তুষ্ট কৰিবই লাগিব। আৰু কেনেবাকৈ যদি সেয়া হৈ উঠা নাই হায় হায়, খালে খালে বুলি উদ্বিগ্নতা প্ৰকাশ কৰাত লাগিছোঁ। আৰু এই একেটা কাৰণতেই অন্য স্তৰৰ, অন্য শ্ৰেণীৰ, অন্য মাত্ৰাৰ গান আমাৰ মাজত নাই। দোষটো আমাৰ। পাব্লিকৰ। "সচেতন জনগণ"ৰ।

এটা বিশেষ স্থান আৰু কালত উপনীত হোৱাৰ পিছত পাব্লিকৰ প্ৰতি আস্থাবান হৈ থকাটো এটা সদগুণ নহৈ এটা বিপৰ্যয়ৰ কাৰণহে হৈ উঠিছে। তদ্ৰূপ, উজু বাটেৰে প্ৰমাণ দিবলৈ চেষ্টা কৰা "দায়বদ্ধতা"ৰ চিন বা "মাটিৰ গোন্ধ"ও হিতৈষী হৈ থকা নাই। জনতাই বিচৰা সকলোকে সন্তুষ্ট কৰিব পৰা সেৱাদাতা (চাৰ্ভিছ-প্ৰভাইডাৰ) গায়ক এজনতকৈ পাব্লিকক উপেক্ষা কৰিব পৰা আৰু পাৰিলে এঢাপ আগুৱাই গৈ পাব্লিকক প্ৰত্যাহ্বান জনাব পৰা গায়ক এজনৰহে প্ৰয়োজন এতিয়া বেছি। পাব্লিকক খুছ কৰি চলিবলৈ মোৰ একো গৰজ পৰা নাই বুলি যি নিৰ্দ্বিধাই ক'ব পাৰিব। এজন উভটগোৰে নাচিব পৰা নৈৰাজ্যবাদী-শিল্পীৰ দাবী সময়ে সময়ে উঠি আহিছে। পাব্লিক ডিছপোজেবল।

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (বাৰ): ডিছপোজেবল জনতা (দুই): "পাব্লিক-আৰ্ট"ৰ "পাব্লিক"

অংগ নৰ্থ ইষ্ট-ৰ ৰাজহুৱা স্থানৰ শিল্প

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২২ এপ্ৰিল ২০১৮]

শিল্পী এজনে শিল্পকৰ্ম এটা কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবৰ বেলিকা জনতা সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য হয় । কাম এটা কৰিবৰ পৰত অথবা কৰি উঠি যেতিয়া ভবা হয় এই কামটোনো কাৰ বাবে, তেতিয়াহে অনুভৱ কৰা যায় যে ‘ৰাইজ’ বা ‘জনতা’ বা ‘জনসাধাৰণ’ যিয়েই বোলা নহওক কিয়, তাৰ স্থিৰ আৰু পূৰ্ব-নিৰ্ধাৰিত একক সংজ্ঞা এটা আচলতেই নাই। বৰঞ্চ সেই শিল্পীৰ কৰ্মৰ অৱস্থান সাপেক্ষেহে (এইখিনিতে এই অৱস্থান কথাষাৰ মন কৰিব) সেই দ্ৰষ্টা ৰাইজৰ অৱস্থান নিৰ্ধাৰিত হয়। প্ৰসংগ এটা বহুকাল ধৰি একেধৰণেৰে চলি থাকিলে এটা সময়ত তাৰ কিছুমান ৰূপ সৰ্বসন্মতিসাপেক্ষ বা সৰ্বজনগ্ৰাহ্য যেন লগা হৈ উঠে। সেয়েহে চিত্ৰকলা (মানে চিত্ৰপটত এটা দৃশ্যৰূপ নিৰ্মাণ কৰা), ভাস্কৰ্য (মানে একোটা ত্ৰিমাত্ৰিক অবয়ব নিৰ্মাণ কৰা) আদিৰ পৰম্পৰাগত অভ্যাসৰ সৈতে জড়িত থকা ব্যক্তিসকলে বৰ দকৈ নাভাবিলে এনেবোৰ সমস্যাৰ পৰা সাময়িকভাবে গা সাৰি থাকিব পাৰে। (আকৌ কৈছোঁ, সাময়িক ভাবেহে)। মানে প্ৰতিকৃতি এটা কৰি উঠাৰ পিছত ষ্টুডিঅ'ত বহি শিল্পী এজনে "এই ছবিখন কাৰ বাবে কৰা হৈছে" - এই প্ৰশ্নৰ সন্মুখীন হ'বও পাৰে, নহ'বও পাৰে। নিভৃত কোণত ব্যক্তিগত পৰ্যায়ত কৰা শিল্পৰ চৰ্চা - যাক ষ্টুডিঅ' প্ৰেক্টিচ বুলিও জনা যায় - তাৰ ক্ষেত্ৰত ইপ্সিত দৰ্শক বা দ্ৰষ্টাৰ প্ৰশ্নটো এৰাই চলিব পাৰি। কিন্তু সমস্যাটো গুৰুতৰ হৈ উঠে যিয়ে পাব্লিক আৰ্টৰ চৰ্চা কৰে সেই সকলৰ বাবে।

মন কৰিব, কবিতাও এক প্ৰকাৰৰ ষ্টুডিঅ' প্ৰেক্টিচ। সচৰাচৰ বন্ধ ঘৰত, নিজৰ মনৰ মাজত, ব্যক্তিগত টোকাবহীত কবিতা এটাৰ খচৰা প্ৰস্তুত হয়। কিন্তু এই কৰ্মও কাক উদ্দেশ্যি কৰা হৈছে সেই প্ৰশ্নৰে কবিকুল চিৰ উদ্বিগ্ন হৈ ৰয়। সেয়েহে এজন কবি নীলমণিয়ে "এজন কবিয়ে কৈছিল/ যিসকলে কবিতা নপঢ়ে/ কবিতা তেওঁলোকৰ কাৰণেই..." বুলি কবিতাক মুকলি কৰি দিবলৈ বিচাৰিছিল। আন এজন কবি হীৰুদাই কবিতা এটা লিখাৰ আগমুহূৰ্তলৈকেহে নিজৰ হৈ থাকে বুলি নিৰ্মাণৰ স্বত্বটোৰ পৰাই হাত সাৰিবলৈ বিচাৰিছিল।  

এনেয়েও শিল্পৰ কোনো সংজ্ঞা নাই, ধৰা বন্ধা নিয়ম নাই। পাব্লিক আৰ্ট বুলিলেতো এই কথা আৰু বেছি ব্যাপক। নীতি নিয়ম নাই বুলি ধৰিলেও ছবি, ভাস্কৰ্য বা ছপাশিল্প আদিৰ মাধ্যমগত ভাবে কিছু সীমাবদ্ধতা থাকে আৰু সেই সূত্ৰেই কিছু সাধাৰণ চৰিত্ৰগত বৈশিষ্ট্যও নিৰ্ধাৰণ কৰিব পৰা হৈ উঠেগৈ। কিন্তু পাব্লিক আৰ্ট সেইবোৰৰ পৰাও মুক্ত। ইয়াৰ ৰূপ কি হ'ব বা কি হ'ব লাগিব তাৰ কোনো নিশ্চয়তা নাই। মাথোঁ এটাই ইয়াৰ চৰিত্ৰগত বা কেন্দ্ৰীয় কণচাৰ্ণ যে ই পাব্লিকৰ বাবে, অথবা পাব্লিকৰ দ্ৱাৰা, নহ'লেবা পাব্লিকৰ মাজৰ কিবা এটা। পাব্লিক কথাটোৱেইহে ইয়াৰ এটা এৰাব নোৱাৰা প্ৰসংগ। ইয়াত আপুনি ছবি আঁকিবই লাগিব বুলি কোনো কথা নাই। মূৰ্তি নগঢ়িবও পাৰে। আনকি প্ৰতীতি শিল্প, ইণ্টাৰেক্টিভ, সহযোগী আৰু ভাব-আদান-প্ৰদানৰ উত্থানৰ পৰৱৰ্তী কালত শিল্প বুলিলেই কোনো ধৰণৰ দৃশ্যৰূপ একোটাৰ সৃষ্টি কৰিব লাগিব বুলিও কোনো কথা নাই। দৈহিকতা (Physicality) বা বস্তুগুণ (Materiality) সম্পূৰ্ণৰূপে পৰিহাৰ কৰিও আপুনি পাব্লিক আৰ্ট কৰিব পাৰে। এটা কাৰ্টেজীয়ান অপসাৰণ পদ্ধতিৰে এটা এটাকৈ শিল্পৰ বৈশিষ্ট্য নৎস্যাৎ কৰি কৰি গৈ থাকিলে সকলো বাদ দিয়াৰ পিছত যিটো একান্তই এৰাব নোৱাৰাকৈ ৰয়গৈ সেইটো হ'লগৈ- পাব্লিক। গতিকে এনে ক্ষেত্ৰত আপুনি পাব্লিক সম্পৰ্কে নভবাকৈ কেনেকৈ থাকিব? যদি আপোনাৰ শিল্প পাব্লিকৰ বাবে, কোন শ্ৰেণীৰ পাব্লিকৰ কথা আপুনি বুজাব খুজিছে? যদিহে সেয়া পাব্লিকৰ দ্ৱাৰা কৃত বুলি ক'ব খুজিছে, তেনেহ'লে কোনখিনি পাব্লিকৰ কথা কোৱা হৈছে? যদিহে ই পাব্লিকৰ মাজত অৱস্থিত, তেনেহ'লে কোন পাব্লিকৰ বাবে ই উপলব্ধ আৰু কাৰ বাবে নহয়? পাব্লিক বুলোতে পাব্লিকৰ সংজ্ঞা কি? আৰু অলপ বিশেষ ভাবে সুধিব খুজিলে সুধিব পাৰি পাব্লিকৰ বহুতো সংজ্ঞাৰ মাজত কোনটো সংজ্ঞা আপুনি তুলি লৈছে? চকুৰ সন্মুখত দেখি থকা সংখ্যাগতভাবে অনেক মানুহৰ সমষ্টিয়েই পাব্লিক নহ'বও পাৰে। কাৰণ পাব্লিক কেতিয়াবা চকুৰ সন্মুখত দেখা পোৱা এটা শাৰীৰিক সমষ্টি, কিন্তু একে সময়তে ই এটা ধাৰণা। সকলো সময়তে এই বস্তুগত, বা শৰীৰী উপস্থিতি আৰু সেই ধাৰণাটো একে নহবও পাৰে। আমাৰ অভিজ্ঞতাই কয় যে প্ৰকৃতপক্ষে সেয়া বেছিভাগ সময়তে একে নহৈ বেলেগ বেলেগ হোৱাটোহে স্ৱাভাৱিক।

পাব্লিক আৰ্ট কাক বোলে সেই সম্পৰ্কে আমি অন্য ঠাইত লিখিছোঁ, ইয়াত বহলাবলৈ নাযাওঁ। ২০১০-ৰ পৰা ২০১২ চনৰ সময়খিনিত পাব্লিক আৰ্টৰ গতিবিধি সম্পৰ্কে অধ্যয়ণ কৰিবলৈ গৈ পাব্লিক মানেনো কি এই কথাটোক লৈ বিভিন্ন দৃষ্টিকোণেৰে চিন্তা কৰিবলৈ বাধ্য হৈছিলোঁ। বিশেষকৈ পাব্লিক আৰু প্ৰাইভেট, ৰাজহুৱা আৰু ব্যক্তিগত - এই বৈপৰিত্যকলৈয়ো ভাবিবলৈ বাধ্য হৈছিলোঁ। সেই সূত্ৰেই এলানি ধেমেলীয়া ব্যংগচিত্ৰও কৰিছিলোঁ। ধৰক ক-ই ৰাস্তাৰ কাষৰ বেৰ এখনত পেচাব কৰি আছে, খ-ই আহি সেইটো বেয়া কাম বুলি বাধা দিলে। ক-ই খঙেৰে উত্তৰ দিলে- "এইখন তোৰ বাপেৰৰ বেৰ নেকি? এইখন পাব্লিক বেৰ, মই যি খুছি তাকেই কৰিম"। তুলুঙা ৰগৰ হ'লেও মন কৰিবলগীয়া কথাটো হ'ল এটা স্তৰত পাব্লিক বা ৰাজহুৱা সম্পদ সম্পৰ্কে মানুহৰ ধাৰণা কেনেকুৱা। এইটো স্তৰত ৰাজহুৱা কথাষাৰে ব্যক্তিমনকো উন্মুক্ত স্বাধীনতাৰ আভাস দিছে। ইয়াৰ অৰ্থ হ'ল, ৰাজহুৱা সম্পদ এটাৰ ক্ষেত্ৰত ব্যক্তিৰ অধিকাৰ বোধ থাকিব পাৰে যিটো হয়তো অন্য ব্যক্তি-বিশেষৰ ব্যক্তিগত সম্পদৰ ক্ষেত্ৰত নাথাকিলে হেতেন। কিন্তু এনেকৈয়ে উদাহৰণ সাপেক্ষে স্তৰে স্তৰে পাব্লিক, ৰাজহুৱা আদিৰ ধাৰণাবোৰ সলনি হৈ গৈ থাকিব। যেনেকৈ কৌতুকটোৱে ৰাজহুৱা বেৰৰ কথাটোৰে ব্যক্তি-স্বাধীনতাৰ কথা বুজাইছিল, ৰাজহুৱা প্ৰেক্ষাগৃহ বা সভাঘৰ এটা বুজাওতে কিন্তু সেই একেধৰণৰ স্বাধীনতাৰ কথা নুবুজাব। আকৌ, ৰাজহুৱা কথাষাৰ কেতিয়াবা ব্যক্তিগত কথাষাৰৰ বিপৰীতে যেনেকৈ ব্যৱহাৰ হৈ থাকে, তেনেকৈয়ে কেতিয়াবা আকৌ চৰকাৰী কথাষাৰৰ বিপৰীতেও ব্যৱহাৰ হয়। ৰাজ্যিক চৰকাৰী পৰিবহণ (বাচ) আৰু ৰাইজৰ পৰিবহণৰ ধাৰণাটোতে এই কথা স্পষ্ট। আনহাতে অন্যত্ৰ আকৌ যি চৰকাৰী সিয়েই ৰাজহুৱা, ৰাইজৰ, জনতাৰ, সাৰ্বজনীন। কৰ্পোৰেট চেক্টৰৰ বিপৰীত অৰ্থত চৰকাৰী আৰু ৰাজহুৱা একাকাৰ হৈ পৰে। গতিকে দেখা গ'ল যে 'পাব্লিক'ৰ স্থিৰ সংজ্ঞা একোটা আচলতেই থাকিব নোৱাৰে।

তুলনামূলকভাৱে পাব্লিক আৰ্ট এটা নতুন চৰ্চা। ভালেখিনি নতুন প্ৰজন্মৰ শিল্পীয়ে স্থান-বিশেষ শিল্প আৰু পাব্লিক আৰ্টৰ প্ৰতি আজিকালি আগ্ৰহী হৈ উঠিছে। এনে ক্ষেত্ৰত অলপ নতুন ধৰণৰ চৰ্চাৰ সৈতে যুক্ত হ'বলৈ পাই পাব্লিক কথাষাৰকো বহুতেই কল্পনাপ্ৰসূত ৰূপ এটাত ব্যৱহাৰ কৰিবলৈ লয়। আপুনি এজন শিল্পী আৰু পাব্লিক স্থান এটাত আপুনি শিল্পনিৰ্মাণত ব্যস্ত। আপুনি বিচাৰিছে নিৰ্মাণ প্ৰক্ৰিয়াটোৱেই ইয়াত মূখ্য আৰু সেই সময়ত ৰাইজে আহি আপোনাৰ সৈতে সম্পৰ্ক স্থাপন কৰকহি। এতিয়া আপুনি কৰ্মৰত অৱস্থাত তিনিজন মানুহে আহি আপুনিনো কি কৰিছে বুলি চাই, কথা পাতি এইবোৰ ফাল্টু কাম বুলৈ আপোনাক তুচ্ছ-তাচ্ছিল্য কৰি থৈ গ'ল আৰু দুজন মানুহে ভূয়সী প্ৰশংসা কৰিলেহি। বাকী পাঁচপন্নজন মানুহ কাষেদি পাৰ হৈ গ'ল যি এবাৰৰ বাবে আপোনালৈ ঘূৰিও নাচালে। এতিয়া আপোনাৰ পাব্লিকৰ সংজ্ঞাক সিদ্ধ কৰিব কোনটো শ্ৰেণীয়ে? তাচ্ছিল্য কৰি যোৱা তিনিজনে, প্ৰশংসা কৰা দুজনে, নে নিৰ্বিকাৰ পাঁচপন্নজনে? এতিয়া আন এটা প্ৰশ্ন। এই বাটেদি পূৱা ন বজাত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীসকল কামলৈ যায় আৰু তেওঁলোকক উদ্দেশ্যি আপুনি কামটো হাতত লৈছিল। হয়, সেই সকলেই আপোনাৰ ইপ্সিত পাব্লিক। কিন্তু সেই বাটেদিয়েই সেই সময়তেই এজন চাফাই কৰ্মীয়ে ঝাৰু দি পাৰ হৈ গৈছিল, সৰু ল'ৰা এটায়ো হাফ পেডেল মাৰি মাৰি সেইখিনিতে চাইকেল চলোৱা শিকি আছিল যি আপোনাৰ কামটো এখন্তেক ৰ লাগি চাইছিল। এই ঝাৰুৱালাজন আৰু সেই সৰু ল'ৰাটো আপোনাৰ পাব্লিকৰ অন্তৰ্ভূক্ত হয় নে নহয়? এনেকুৱা আৰু অজস্ৰ প্ৰশ্ন তুলিব পৰা যাব। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে এনেধৰণৰ প্ৰশ্নৰ বুজন সংখ্যকেই যুক্ত হৈ আছে পাব্লিক মানে কি সেই সংজ্ঞাটোৰ সৈতে।

সামাজিক চিন্তনত, শিল্প-সংস্কৃতি আৰু সাহিত্যত জনতাৰ উল্লেখৰ এক সুকীয়া মৰ্যাদা আছে। জনগণ, জনতা, জনসাধাৰণৰ কথা কোৱা অথবা তাক সম্বোধন কৰা মানেই সেই কাৰ্যক সমীহৰ চকুৰে চোৱা যায়। আমাৰ শিল্প সমালোচনাৰ ধাৰাটো আধাকেচেলুৱা। ইয়াত সামাজিক দায়বদ্ধতা শিল্পৰ মান নিৰূপণৰ এক মাপকাঠি। সেয়েহে জনতাক উদ্দেশ্যি কিবা এটা কোৱা অথবা জনতাৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত হোৱা- এই দুটা কথাৰ বিশেষ গুৰুত্ব ইয়াত আছে। কিন্তু শিল্প সম্পৰ্কীয় প্ৰায় সমস্ত আলোচনাতেই জনতা আৰু জনগণৰ উল্লেখটো কৰিয়েই আলোচকে দায় সামৰে। যদি জনগণৰ কণ্ঠস্বৰৰ কথা কোৱা হৈছে সেই জনগণৰ সংজ্ঞা কি, আৰু কেনেকৈ সি প্ৰতিভাত হৈছে সেইবোৰ ফঁহিয়াই আলচিবৰ সদিচ্ছা বৰকৈ দেখা নাযায়। কিন্তু শিল্পীয়ে সেয়া ভাবিবই লাগিব, অন্যথা উপায় নাই।

হয়, এই মুহূৰ্তত এইখিনি কথা মই পাব্লিকৰ বাবে লিখি আছোঁ, আৰু আপোনাৰ বাবে লিখি আছোঁ, আপুনি- যি এইখিনি পঢ়ি আছে। এই মুহূৰ্তত আপুনিয়ে মোৰ পাব্লিক।


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594