ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, June 15, 2019

বিষয়, ব্যাখ্যান, নাৰী আৰু সোণজিৰা মাহীজনী

["প্ৰকাশ" আলোচনী]


“The subject of the narrative is the subject:
the analogous formation of our own identity through processes of perception and identification.
-Wolfgang Kemp, 'Narrative',
Robert S. nelson, Richard Shiff (Ed.), "Critical Terms for Art History", Second Edition, The University of Chicago Press, p. 62

কেশৱ মহন্তৰ "সোণজিৰা মাহীৰ নাড়ী"ত অন্তত: তিনি ধৰণৰ বিষয়ৰ (বিষয়ী) উপস্থিতি আছে। বিষয়বস্তুৰ কেন্দ্ৰমূলত যি আছে সেই সোণজিৰা মাহীজনীয়েই প্ৰথম বিষয়। ব্যাখ্যান বা বৰ্ণনাৰ পদ্ধতিয়ে ব্যাখ্যাকৰোঁতা বা কাহিনীকওঁতাৰ উপস্থিতি এটাও সূচায় যিটো ইয়াত আন এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠে। আন কেতবোৰ কবিতাৰ দৰে ইয়াত কবিয়ে "মই অমুক" বুলি নিজৰ পৰিচয় দাঙি ধৰিবৰ প্ৰয়োজন নাথাকিলেও ব্যাখ্যানৰ স্বধৰ্মৰ মাজেৰেই সি প্ৰতিভাত হৈ আছে। এটা পৰিৱেশ পৰিস্থিতি আৰু অন্য বিষয়ৰ সৈতে পাৰস্পৰিক সম্পৰ্কৰ মাজেৰে ই গা কৰি উঠে। তৃতীয়তে আহে দীননাথ বৰা একেলগে স্কুলত পঢ়াৰ দৰে আপাত গৌণ কিছু বিষয়। "সোণজিৰা মাহীৰ নাড়ী" অসমীয়া সহিত্যত মানৱীয় সংবেদনশীলতা আৰু অনুকম্পাৰ এক অনবদ্য সৃষ্টি। অপূৰ্ৱ কাহিনীকথনৰ মাজেৰে আগবঢ়া এই কাব্যকৃতিত বিষয়ী-গত (Subjective) পাৰস্পৰিকতাই এক মূলগত আধাৰ। আমি সাহিত্যৰ নিয়মীয়া সমালোচক নহয়। সেয়েহে এই লেখাটোক এটা পূৰ্ণাংগ আলোচনা বুলি নলৈ এটি সাহিত্যকৃতিৰ অৱলোকন পদ্ধতিৰ এমুঠি প্ৰস্তাৱ বুলি ধৰিলেহে পাঠকৰ বাবে বেছি সুবিধা হ’ব।

নাটকীয় পৰিৱেশনাৰ অংকিত পশ্চাদ্‌ পট, ১০/১০ ফুট 


অসমীয়া কবিতাত আৱেগ, শ্ৰম আৰু নাৰী

ৰোমাণ্টিক কবিসকলৰ বাবে কাব্যসৃষ্টিৰ অন্যতম উপাদান হিচাপে মানসী এগৰাকী আছিল। প্ৰেম, প্ৰকৃতিবন্দনা আৰু ৰহস্যবাদৰ প্ৰকাশৰ বাবে এই মানসী নাৰীৰ উপস্থিতি সদায়ে সহায়ক হৈ ৰৈছিল। এই মানসী নাৰীগৰাকী এহাতে কল্পনাপ্ৰসূত আৰু আনহাতে একোটা প্ৰতীকী ৰূপক। চন্দ্ৰকুমাৰ আগৰৱালা সম্পৰ্কে মহেন্দ্ৰ বৰাই কোৱাৰ দৰে-
"এইখন জগতত সাধুকথাৰ পৰীয়ে মাটিৰ পৃথিৱীত উমলি ফুৰিছেহি, ফুটুকাতলত যখিনী ছোৱালীয়ে চাপৰি বাইছেহি, সোণৰ নাৱত উঠি ৰূপৰ ব'ঠা বাই জলকুঁৱৰীয়ে নৈয়েদি উজাই গৈছেহি, নিজম দুপৰীয়া হাবিৰ মাজত বনকুঁৱৰীয়ে নীলবৰণীয়া চুলি মেলাইছেহি"১।
সমালোচকসকলে এই অৱস্থাৰ ৰূপান্তৰৰ এটা পোখালি হিচাপে ছল্লিশৰ দশকত “জয়ন্তী” আলোচনীৰ প্ৰকাশৰ সময়খিনিকেই চিহ্নিত কৰিব খোজে। "ক্ৰান্তিকাৰী চেতনাৰ বাহক হিচাপে কবিতা এক নতুন বাস্তৱৰ অনুগামী হওক- এইটোৱেই জয়ন্তী যুগৰ কাব্য-চৰ্চাৰ কন্দ্ৰীয় দিশ।২"

"সাদিন পাচত শেষ হ'ব ছুটি, / আঁতৰা আঁতৰি হ'ম আমি দুটি; / তোমাৰ হাতত ৰ'ব চৰু ছাই/ মোৰ হাত ক'লা কলম তিয়াই/ কাগজত মই আঁক পাৰি যাম/ এহাতেৰে মচি কপালৰ ঘাম…” ('ফুলশয্যাৰ ৰাতি') বুলি কেৰাণীৰ কামত ন্যস্ত ব্যক্তিৰ কবিতা লিখা চৈয়দ আব্দুল মালিক আছিল ৰোমাণ্টিক কালৰ ‘পলায়ণবাদীতা’ৰ বিৰুদ্ধে খৰ্গহস্ত। মালিকে দাবী কৰা কথাখিনি এনেধৰণৰ :
"কল্পনাৰ ৰাজ্যখনৰ কোনো সীমা বা কোনো দেশ-কাল নাই। ৰোমাণ্টিক কবিতাত কল্পনাৰেই প্ৰাধান্য বেচি। এই বুলি কোনো কবিতাতে কালৰ নিশ্বাস আৰু দেশৰ মাটিৰ গোন্ধ নাথাকি নোৱাৰে। …বেজবৰুৱাৰ ব'ৰাগী আৰু বীণত স্মৃতিজনিত বেদনাৰ পৰা নিষ্কৃতি পোৱাৰ চেষ্টা আছে, পুৰণি পৃথিৱী নকৈ চোৱাৰ হাবিয়াস আছে, কিন্তু সমকালীন কোনো সমস্যাৰ সন্মুখীন হোৱাৰ মনোবৃত্তি নাই।"৩

‘কবিতা : ৰোমাণ্টিক পটভূমি’ শীৰ্ষক আলোচনাটিত সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ঘটনাৱলীৰ এটা খতিয়ান দাঙি ধৰি মালিকে মনোগ্ৰাহী ৰূপত যুক্তিপূৰ্ৱক প্ৰশ্নখিনি সন্মুখলৈ আনিছিল :
"…এই কবিতাবোৰে সমকালীন অসমীয়া মানুহৰ জীৱনৰ কোনো স্বাক্ষৰ বহন কৰিছেনে নাই ভাবি চাবলগীয়া কথা। দুৱৰাই অতীতৰ স্মৃতিলোকত, চৌধাৰীয়ে মানৱসংসৰ্গ বিহীন বিহংগলোকত, আনকি অম্বিকাগিৰী ৰায়চৌধুৰীয়েও তত্ত্বময় তুমিলোকত আশ্ৰয় লোৱাই সমস্যাজৰ্জৰ জনসাধাৰণৰ পৰা আঁতৰি থকাৰ বাট বিচৰাৰে ইংগিত দিয়ে। প্ৰেৰণাৰ পটভূমিত কোনো ৰোমাণ্টিকতা নথকাকৈ আমাৰ কবি কেইজনে হঠাৎ আত্মপ্ৰকাশৰ কাৰণে কেনেকৈ ৰোমাণ্টিক ভাবাদৰ্শৰ পথ ল'লে সেইও ভাবিবলগীয়া কথা। আৰু ভাবিবলগীয়া কথা সমাজ জীৱনৰ বাস্তৱতাৰ কাষ নাচাপি, কল্পনাৰ ৰাজ্যতে বিচৰণ কৰি ফুৰাৰ নমেই ৰোমাণ্টিক কবিতা নেকি? আৰু যদি সেয়ে হয় তেন্তে এনে কবিতাৰ মূল্য কিমান?" ৪

স্বাধীনতাৰ পৰৱৰ্তী কালৰ ৰাজনৈতিক আৰু সামাজিক চেতনাই কবিমনক জোকাৰি যোৱাৰ পিছত আৰু আধুনিকতাবাদী প্ৰপঞ্চসমূহে ক্ৰমাগতভাবে গা কৰি উঠাৰ পিছতহে একোগৰাকী নাৰীচৰিত্ৰই নিজৰ বিষয়ী উপস্থিতিৰে সৈতে অসমীয়া কবিতাত বিদ্যমান হ'বলৈ ল'লে। হয়তো ইয়েই এক কাৰণ যাৰ বাবে হেম বৰুৱাৰ "মমতাৰ চিঠি" অসমীয়া সাহিত্যত আটাইতকৈ বেছি উল্লেখ কৰা হোৱা আৰু আলোচিত হোৱা কবিতা। একেদৰেই হেম বৰুৱাৰ শ্ৰেষ্টতম কবিতাসমূহৰ ভিতৰত আন এটি কবিতা হ'ল- "আইতা"। জোন-তৰা-ফুলৰ উপমা আৰু স্বৰ্গৰ অপেস্বৰীৰ লক্ষণাবোৰৰ পৰা নামি আহি এই সময়লৈ অসমীয়া কবিতাত থকা নাৰীগৰাকী এক তেজ-মঙহৰ ব্যক্তি হৈ পৰিল। মমতাৰ বৈধৱ্যৰ অভিজ্ঞতাই যিকোনো অনুভূতিপ্ৰৱণ মানুহৰ মনকেই দোলা দি যাব। মমতাৰ চিঠিখনে পাঠকক মোহিত কৰি ৰখাৰ কাৰণখিনি হ'ল ইয়াৰ যাদুকৰী সাৱলীল ভাষিক সৌন্দৰ্য, স্মৃতিবিহ্বলতাৰ মাজেৰে প্ৰতিভাত হৈ উঠা জীৱন-স্পৃহা, আৱেগধৌত বৰ্ণনাৰ মাজেৰে প্ৰতিভাত এক ব্যক্তিমনৰ নি:সংগতাৰ অনুভৱ আদি। হেম বৰুৱাৰ সৎ হৃদয়াবেগৰ সন্মুখত কবিতাৰ ফৰ্ম আৰু পৰীক্ষানিৰীক্ষাক অঁহীয়া-অহিকৈ চাব খোজা সমালোচক সকলেও বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। হীৰেন গোহাঁইদেৱে ক'বলৈ বাধ্য হৈছিল- "এলিয়টৰ সূক্ষ্ম ভাষাজ্ঞান, অন্তৰ্ভেদী বুদ্ধি আৰু মানুহৰ দৈৱ সম্পৰ্কে গভীৰ ভাৱনাৰ প্ৰতি আমি যথেষ্ঠ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। হেম বৰুৱাৰ কবিতাত সেইবোৰ বিচাৰি লাভ নাই। কিন্তু তলত দিয়া শাৰী কেইটাৰ দৰে মৰ্মস্পৰ্শী কবিতা লিখিব পৰা হ’লে এলিয়টেও নিশ্চয় নিজকে ধন্য মানিলেহেঁতেন :
“তোমাৰ জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিল :
“আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি”…” ৫
একেদৰেই গোঁহাই ডাঙৰীয়াই উল্লেখ কৰা এইখিনি কথালৈ মন কৰিব পাৰি :
“প্ৰতীকবাদী কবিতাৰ ৰহস্যবিলাস আৰু প্ৰগতিবাদী কবিতাৰ ৰণহুংকাৰৰ মাজত বহুতে পাহৰি গৈছে যে মানুহৰ হৃদয়াবেগৰ পৰাই ভাল কবিতাই তাৰ প্ৰাণৰস আহৰণ কৰে। হৃদয়াৱেগৰ অৰ্থ মই বাকপটু আত্মকেন্দ্ৰিক কবি বা সাংবাদিকৰ আত্মৰতি বুজাব খোজা নাই। মই বুজাব খুজিছোঁ সাৰ্বজনীন অনুভূতিৰ অনিবাৰ্য স্পন্দন- মুহূৰ্ততে যি ব্যক্তি আৰু সমাজৰ মাজত সেতুবন্ধন কৰে। এই দুৰ্লভ ক্ষমতা হেম বৰুৱাৰ আছিল, আৰু তেওঁৰ সমসাময়িক আৰু পৰৱৰ্তী কবিসকলৰ শব্দৰ ইন্দ্ৰজাল কালৰ বতাহে যেতিয়া বিবৰ্ণ কৰি পেলাব, তেতিয়াও নিজৰ মহিমাতে সৰস-সজীৱ হৈ থাকিব হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ আৰু ‘আইতা’। এই দুটা কবিতাৰ কলা-কৌশল ইমান উচ্চ স্তৰৰ যে তাত কৌশলৰ দাগ নাই। দুয়োটা যেন অকৃত্ৰিম উপলব্ধিৰ দুটা মুকুতা” ৬।

সোণজিৰা মাহীৰ কথাখিনি বৰ্ণনা-প্ৰধান। তেনেই সহজ গ্ৰাম্য ভাষাৰ বৰ্ণনা যদিও হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ৰ বিপৰীতে ইয়াত আছে আৱেগৰ প্ৰকাশৰ ক্ষেত্ৰত এক অদ্ভূত সংযম। প্ৰথম পুৰুষৰ বৰ্ণনা-ৰীতি হ’লেও ইয়াত যথাসম্ভৱ বস্তুনিষ্ঠ কাহিনী-কথনৰ মাজেদিয়েই সকলো অনুভৱৰ প্ৰকাশ ঘটে। আৰ্থনৈতিক আৰু সামাজিক এটা অৱস্থানৰ বিচাৰে এই সংযমখিনি আনি দিয়ে। "মাহীজনীক কোনোদিনে দেখা নাই চকুপানী টোকা" এই কথাখিনিয়েহে পাঠকৰ চকুলৈ চকুপানী আনি দিব পাৰে। দাৰিদ্ৰ আৰু অভাৱ অনাটনক লৈ সাহিত্যকৃতিও যথেষ্ঠ হৈছে। কিন্তু সোণজিৰা মাহীজনীৰ দাৰিদ্ৰই ক'তো পুতৌ বা অনাহকত সহানুভূতিৰ দাবী কৰা নাই। সেয়েহে ইয়াৰ আগলৈকে মাহীজনীক কাহানিও চকুপানী টোকা দেখা নাই। বৰঞ্চ “উচ্‌ পিচ্‌ লাগি তোকেই খুজিলোঁ টকা/ তথাপিও চিন্তা হ’ল, তই জানো ধাৰ কৰি/ ধন দি পঠাৱ” বোলা মাহীজনী আনৰ চিন্তাতহে ব্যাকুল। দৈনিক শ্ৰমৰ পৰা আহৰি নোপোৱা মাহীজনীৰ মনোবৃত্তিত “বৰ কষ্ট ঔ” ধৰণৰ সুৰ নাই বৰঞ্চ কোৱা হৈছে- ঢেঁকী-তাঁত-পথাৰৰ কাম যাৰ ‘কলীয়াৰ বাঁহী’।

হেম বৰুৱাৰ মমতাৰ চিঠিখন পঢ়ি যি মমতাৰ কথা আমি জানো- তেওঁ আছিল এগৰাকী স্বামীহাৰা মহিলা। মহিলাৰ অন্তৰ্জগতৰ অনুভূতিৰ এই কালজয়ী ব্যাখ্যান আকৌ হৈছিল এজন পুৰুষৰ কলমেদিহে। [এজন পুৰুষৰ কল্পনাৰে নাৰীৰ মনোজগতৰ অভ্যন্তৰলৈ ভূমুকি মৰা এই দিশটোক এতিয়ালৈকে কোনোবা নাৰীবাদী আলোচকে সমস্যাৰ দিশেৰে (problematize) চাইছেনে নাই নাজানো]। ইয়াত কবি-বিষয় আৰু মমতা-বিষয়- দুই বিষয় (subject) একাকাৰ। অন্যহাতে সোণজিৰা মাহীজনী পৰিশ্ৰমী, কৰ্মঠ, নিজৰ "মৰোঁ বুলি নাৰ্জিলে জিলে খাব কি" বুলি ঘূৰি বছৰত খেতি কৰিবলগীয়া হোৱাৰ পিছতো আন দহজনৰ চিন্তাত ব্যতিব্যস্ত হ'বলৈ আহৰি উলিয়াব পৰা এগৰাকী সক্ষম বলিষ্ঠ নাৰী চৰিত্ৰ। আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ঘটনাৰ চূড়ান্ত খেলিমেলিৰ মাজেৰে আৰু তাৰ সমান্তৰালভাবে অনেক পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আগবাঢ়ি আহি আজিও অসমীয়া কবিতাত এই পৰিশ্ৰমী তেজ-মঙহৰ নাৰীগৰাকীৰ উপস্থিতি কম। নাৰীক নদী, আকাশ, অৰণ্য আদিৰ সৈতে ৰিজাই এক ধাৰণাগত প্ৰতিমাৰ স্তৰত উপস্থাপন কৰাৰ প্ৰৱণতা সমসাময়িক কবিতাতো বৰ্তি আছে যিটো দুৰ্ভাগ্যজনক।

নাৰীৰ সম্বোধনৰ সৈতে সন্মোহিনী ভাষাৰে হৃদয়াবেগক উদ্বেলিত কৰাৰ প্ৰৱণতাটোৰ পৰা আঁতৰত সোণজিৰা মাহীজনীৰ যি উপস্থিতি দেখিলোঁ, তেনেকুৱাই আন এক উপস্থিতি দেখা পাওঁ পৰৱৰ্তী কালৰ আৰু এই সময়লৈকে অসমীয়া কবিতাত আটাইতকৈ প্ৰভাৱশালী হৈ থকা নীলমণি ফুকনৰ "মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি" কবিতাটোত (সংকলন “কবিতা”, প্ৰথম প্ৰকাশ ১৯৮১)। ইয়াতো মহিলাগৰাকী কৰ্মী মহিলা। "বাই তোৰ কোন গাঁৱত ঘৰ/ মৰেনে মানুহ তাত" বুলি যেতিয়া সোধা হৈছে- কোনোবাই ভাবিব পাৰে কিজানিবা মানুহজনীৰ কোনোবা আপোনজনৰ ইংগিত দিব খোজা হৈছে। "মানুহটো বাৰু তোৰ/ আহিলনে ঘূৰি" বোলা প্ৰশ্ন এটাও আছে। অতি মনোগ্ৰাহী ৰূপত ইয়াৰ বৰ্ণনাৰ ধৰণ এনে যে বাইক সুধি যোৱা প্ৰশ্নখিনিয়েই বৰ্ণনা। মানুহটো কামৰ পৰা ঘূৰি অহাৰ কথা সোধা হৈছে নে মানুহটো আচলতে নিৰুদ্দিষ্ট? কবিতাটো যি সময়ত ৰচিত সেই সময়ত মানুহ এটা ঘৰহীন হোৱাৰ বাট কেইবাটাও ৰয়। খেনো গ'ল হাবিলৈ, খেনোক উঠাই নিলে সেনাবাহিনীয়ে। জাতিগত গোষ্ঠীগত অৰিয়াঅৰিৰ এই দেশত শেষ নাই। কিন্তু এই মানুহটোৰ অনুপস্থিতিতো বাইয়ে লাওৰ খোলাত দিন সাঁচে, পুখুৰীত জীয়ায় মাছ। হয়নে? কথাখিনি আছে প্ৰশ্নৰ ৰূপত। বিগত চল্লিশটা দশকত অসমৰ যি ৰাজনৈতিক আৰু সামাজিক ৰূপ আমি দেখি আহিছোঁ তাৰ মাজত দৃঢ়তাৰে এছাৰ্টিভ কথা আমি একোৱেই ক'ব নোৱাৰোঁ। নিত্যনৈমিত্তিক ঘৰুৱা কথাবতৰাতো কেৱল ৰৈ যায় কিছুমান প্ৰশ্নবোধক চিহ্ন। ‘তোৰ মানুহটো’ বুলি কথা এষাৰ থাকিলেও কিন্তু এই বাইজনী কাৰো মাতৃ নহয়, কাৰো বোৱাৰী নহয়, কাৰো জীয়ৰী নহয়, কাৰো পত্নী নহয়, গৰ্ভাৱতী নহয়, বিধৱা নহয়। সেই ‘মানুহটো’ৰ পৰিচয়েৰে ‘বাই’ৰ পৰিচয়ে গা কৰা নাই, বৰং আজাৰৰ আন্ধাৰত মুঠি মুঠি কৈ কাটি ঢেঁকীয়াৰ আঙুলি বেচা বাইৰ পৰিচয়হে আৰম্ভণীতেই বৰ্ণিত হৈছে। অৰ্থনৈতিক অৱস্থাৰে দুখুনী বাৰু হয় (বাই তোৰ আখলৰ লাওৰ খোলাত/ সাঁচ দিন), কিন্তু অৱলা কোনোফালৰ পৰাই নহয়। অভাৱী অৱস্থা এটাৰ অনুভৱ আছে, মৃত্যুৰ অনুষংগও আছে, কিন্তু বাইৰ চকুতেই হওক বা কবিৰ চকুতেই হওক, ক'তো এটোপাল চকুপানীৰ ৰেশ নাই। "মৰেনে মানুহ তাত" কথাষাৰত এটা বিৰোধাভাস আছে। কাৰণ প্ৰশ্নটোৱে সূচায়- মানুহ মৰে। কবি মানুহ মৰাকলৈ বিচলিত। অথবা সঘনে অনাহকতে অকালতে মানুহবোৰ মৰিবলৈ লৈছে ইয়াত, মানে কবিৰ ইয়াত। সেয়েহে কবি এই কথা জানিবলৈ ব্যগ্ৰ হয় - ঠিক কি ঘটে বাইৰ তাত। নাৰীক সকলো সময়তেই মমতা, মাতৃত্ব কিম্বা আন পুৰুষ কেন্দ্ৰিক সম্পৰ্কৰ আধাৰতেই মূল্য আৰোপিত সংজ্ঞাৰে চাবলৈ চেষ্টা কৰি থকাৰ বিপৰীতে কেশৱ মহন্তৰ সোণজিৰা মাহীজনী আৰু নীলমণি ফুকনৰ বাইজনী নাৰীচৰিত্ৰক স্বতন্ত্ৰ আৰু আপোন সত্বাৰে সৈতে উপস্থাপন কৰা দুটা বলিষ্ঠ উদাহৰণ। এওঁলোকেই ৱৰ্কিং ৱ'মেন, চিংগল ৱ'মেন। নিজৰ শ্ৰমৰ বিনিময়েৰে আপুনি সবল।

অৱশ্যে অলপ সূক্ষ্ম বিচাৰেৰে নীলমণি ফুকনৰ কবিতাটোত অনুভূত কবিৰ ‘ইয়াত’ আৰু বাইৰ ‘তাত’- এই স্থানিক দুৰত্বটোৱে কবি-বিষয় আৰু বিষয়বস্তু-বিষয় দুয়োটাৰ মাজত এটা বিভাজন আনে। এই বিভাজনটোৱে মহন্ত আৰু ফুকনৰ আৰ্থ-সামাজিক অৱস্থানৰ দুটা সূচক-বিন্দু দৰ্শায়। কেশৱ মহন্ত আৰু নীলমণি ফুকন দুয়োজন গাঁৱৰ পৰিৱেশত দাঙৰ দীঘল হৈ পাছলৈ শিক্ষকতা আৰু অধ্যাপনাৰ দৰে বৃত্তিত নিবিষ্ট হৈ (এজন চ’তিয়াৰ পৰা আৰু আনজন দেৰগাঁৱৰ পৰা আহি) গুৱাহাটী মহানগৰীত থাকিবলৈ লয়। গাঁৱৰ পৰা নগৰলৈ এই যাত্ৰা বুজন সংখ্যক লেখক সাহিত্যিকৰ ক্ষেত্ৰতেই প্ৰযোজ্য। এই জীৱন-নিৰ্বাহৰ প্ৰপঞ্চত ক্ৰমাগতভাৱে গাঁওখন আৰু দৈনিক শাৰীৰিক প্ৰৰিশ্ৰমেৰে পেটৰ ভাত মোকলোৱা শ্ৰেণীটো ক্ৰমশ: ‘অন্য’ (other) হৈ গৈ থাকে। নীলমণি ফুকনৰ কবিতাৰ সেই বাইজনীৰ সৈতে কবিৰ সাক্ষাৎ বা এনকাউণ্টাৰ এটা ‘অন্য’ৰ সৈতে হোৱা সাক্ষাৎ। কিজানিবা কবি আৰু বাইৰ বিষয় একেটা অৰ্থনৈতিক শ্ৰেণীৰ অন্তৰ্গত নহয়। সেয়েহে "বাই তোৰ কোন গাঁৱত ঘৰ" প্ৰশ্নটোত অন্যৰ প্ৰতি থকা এটা কৌতুহলপূৰ্ৱক ৰোমাণ্টিক অনুভৱো আছে। চিনাকি অচিনাকিৰ দ্বন্দ এটাও বৰ্তমান : “বাই তোৰ কান গাঁৱত ঘৰ” প্ৰশ্নটোৰে বাই যদি অচিনাকি, “মানুহটো বাৰু তোৰ/ আহিলনে ঘূৰি” প্ৰশ্নটোত আকৌ বাইজনী তেনেই চিনাকী। "মৰেনে মানুহ তাত" বোলোঁতে বাইৰ "তাত" আৰু কবিৰ "ইয়াত"- এই দুই স্থানৰ এটা বিভাজন এনেকৈয়ে সৃষ্টি হয়। ঢাপত আকণ গছ ৰোৱা বা পুখুৰীত মাছ জীওৱা সেই গাঁওখন কবিৰ নিজা পৰিচিত গাঁওখনো হ'ব পাৰে অথবা অদেখা অজানা গাঁও এখনো হ'ব পাৰে। কবি-বক্তাৰ কৌতুহলে এই দুই স্থানৰ এটা সম্পৰ্ক যেনেকৈ স্থাপন কৰে এটা দূৰত্বৰো আভাস এনেকৈয়ে দিয়ে। অৱশ্যে মহানগৰৰ বাসিন্দা হৈয়ো ওৰে জীৱন নিজৰ গাঁওখন আৰু সাধাৰণ মানুহক বুকুৰ কোণত বহন কৰি চলা এইজন কবিৰ এই দৃষ্টিক পল গঁগাই টাহিতিৰ জনজীৱন ন-কৈ আৱিষ্কাৰ কৰাৰ দৰে আধুনিকতাবাদী ঔপনিৱেশিক দৃষ্টিৰ সৈতে ৰিজাবলৈ গ'লেও অন্যায় কৰা হ'ব। সি যি কি নহওক, কেশৱ মহন্তৰ "সোণজিৰা মাহীৰ নাড়ী"ৰ ক্ষেত্ৰত কিন্তু এই দূৰত্ব নাই। ইয়াত দুয়োটা বিষয় যে দুটা ভিন্ন অৰ্থনৈতিক স্থিতিত বিৰাজমান সেয়া বৰ্ণনাই স্পষ্টকৈয়ে কৈছে (যিহেতু মাহীক জিলালৈ মাতি পঠাবলৈ পইচাৰ যোগাৰ কথকে কৰিব পাৰে)। ইয়াত মাহীজনী আগৰে পৰাই চিনাকী, (‘ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী’), আৰু আটকীয়া ধনেৰে জীৱন কটোৱা দুটি প্ৰাণীৰ কেতবোৰ সমস্যা (‘হাতত যদিও নাই জমা/ বিয়াৰ ধাৰো নাই কমা,/ তথাপিও তথাপিও/ ঘৰৰ মানুহজনী মৰমতে পমা…’) মূলগতভাবে একেই। ইয়াত কবিয়ে নিজেই পথাৰত নামি বোকামাটি নগছকিলেও তেওঁৰ অৱস্থান পথাৰখনৰ পৰা দূৰৈত নহয়।    
 
‘সোণজিৰা মাহীৰ নাড়ী’ৰ অনুপ্ৰেৰণাৰে কৰা নাটকীয় পৰিৱেশনা, শান্তিনিকেতন, ২০০২-২০০৩
নেৰেটিভ নিৰ্মাণ

কাহিনী কোৱাৰো কিবা ব্যাকৰণ থাকিব পাৰে নেকি? জেটান ট’ড’ৰভ (Tzvetan Todorov) নামৰ বুলগেৰিয়াত জন্মগ্ৰহণ কৰি ফ্ৰান্সত কাম কৰা এগৰাকী সাহিত্যৰ তাত্বিকে বিগত শৰিকাৰ ষাঠিৰ দশকত নেৰেট’ল’জী নামেৰে শাখা এটাৰ উদ্ভাৱন কৰে৭। গল্প, ছুটিগল্প, উপন্যাস, উপন্যাসিকা আদি সাহিত্যৰ বিভিন্ন বিভাগবোৰক বেলেগে বলেগে আলোচনা কৰাতকৈ তাৰ বৰ্ণনাধৰ্মীতাকে কেন্দ্ৰীয় উপলক্ষ্য হিচাপে লৈ গদ্য-পদ্য সমন্বিতে এটা সাধাৰণীকৃত অধ্যয়ণৰ ক্ষেত্ৰৰ প্ৰস্তাৱ তেওঁ দিলে। এনেকৈ চালে মহাকাব্যৰ পৰা ক্ষুদ্ৰতম ছুটিগল্পলৈকে সকলো ৰূপৰ বৰ্ণনাপদ্ধতিৰ একধৰণৰ উমৈহতীয়া ব্যাকৰণ ওলাব পাৰে, যেনে, চৰিত্ৰবোৰ বিশেষ্য, সিহঁতে যিবোৰ কাম কৰে সেইবোৰ ক্ৰিয়া, চৰিত্ৰ আৰু সিহঁতৰ কৰ্মৰ বৈশিষ্ট্যবোৰ বিশেষণ ইত্যাদি। হাস্যকৰ যেন লাগিলেও ট’ড’ৰভ আৰু তেওঁৰ সমৰ্থকসকলে নৌম চমস্কিৰ transformational generative grammar-ৰ পৰিভাষাকো সাঙুৰিবৰ চেষ্টা কৰিছিল। সাহিত্যতত্বত এৰিষ্ট’টলৰ পোয়েটিক্সৰ ট্ৰেজেডী সম্পৰ্কীয় তত্বৰ যি ভূমিকা তাৰ দ্বাৰাই ট’ড’ৰভো অনুপ্ৰাণিত হৈছিল। বোকাচ্চিঅ’ৰ ‘ডেকামেৰন’ৰ এটি অধ্যয়ণৰ মাজেৰে ট’ড’ৰভৰ নেৰেট’ল’জীৰ সূত্ৰখিনি প্ৰকাশ পায়। ৰ’লাঁ বাৰ্থেও সমস্ত নেৰেটিভৰ এটা সাধাৰণ তত্বৰ প্ৰস্তাৱ দিছিল৮।

এটা বিচাৰেৰে ‘সোণজিৰা মাজীৰ নাড়ী’ লীৰিক প’য়েট্ৰীৰ সমগোট্ৰীয়। ৰচনাটি আত্মজীৱনীমূলক হয় নে নহয়, অৰ্থাৎ ভাষ্যকাৰজন ব্যক্তি হিচাপে কবিজন নিজেই হয় নে নহয় সেয়া স্পষ্টকৈ ক’ব নোৱাৰিলেও ইয়াৰ প্ৰথম পুৰুষৰ বিবৰণ পদ্ধতি আত্মজীৱনীমূলকেই হয়। এনে ক্ষেত্ৰত ইয়াৰ বাস্তৱানুগ সত্যতা আৰু কল্পনাপ্ৰসূত ৰচনাৰ মাজৰ দ্বন্দ এটা থাকেই। দ্বিতীয়তে কাহিনী-কথনৰ গুৰুত্বক কাব্যিকতাই আৰু ওলোটাপক্ষে কাব্যিকতা কিম্বা গীতিময়তাক কাহিনীকথনে ঢাকি ধৰে নেকি সেইটো এটা চাবলগীয়া দিশ হৈ উঠিব পাৰে। সেয়েহে ষ্টিফান ক্যাৰ্কেগাৰ্ডে প্ৰখ্যাত কবি এলিজাবেথ বিশ্বপ (Elizabeth Bishop)-ৰ লীৰিক পয়েট্ৰী ‘In the Waiting Room’-ৰ বিশ্লেষণৰ দৰে আৰ্হি এটা ‘সোণজিৰা মাহীৰ নাড়ী’ কবিতায়ো দাবী কৰিব পাৰে৯। নেৰেটিভ নিৰ্মাণৰ কৌশল বা নেৰেট’ল’জীৰ দিশেৰে নাচালে ‘সোণজিৰা মাহীৰ নাড়ী’ কবিতাৰ আচল ৰস পোৱা নাযাব।

"ভালেদিন হৈ গ'ল
জিলালৈ অহা নাই সোণজিৰা মাহী
যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত
খম্‌ খম্‌ খোজ
যাৰ ব্লাউজ নোহোৱা দেহা
কেৱল ৰিহাৰে ঢকা"
এনেদৰে সোণজিৰা মাহীৰ বৰ্ণনাৰে আৰম্ভ হয় ‘সোণজিৰা মাহীৰ নাড়ী’। কায়িক বৰ্ণনাৰ লগে লগে আগবাঢ়ে মাহীৰ শ্ৰম আৰু অৰ্থনৈতিক অৱস্থানৰ বৰ্ণনা। ছন্দিত গদ্যৰ দৰে ই এটা গল্প কয়। এই কবিতাটোৰ কাহিনীকথনৰ গঠণটোৰ মাজত যি নাটকীয়তা আছে সি ইয়াক এক অনন্য পৰিৱেশনযোগ্যতাৰ মাত্ৰা প্ৰদান কৰে। এমুঠি দৰ্শকৰ সন্মুখত থিয় হৈ কোনোবাই ইয়াক পৰিৱেশন কৰিলে তাক কেৱল আবৃত্তি বুলি নকৈ এটা নাটকীয় পৰিৱেশনৰ ওচৰ চপাই নিব বুলি ক'ব পাৰি। (স্কুলীয়া দিনৰ পৰাই মোৰ বন্ধু আৰু ভীনদেউ ৰাবুল শইকীয়াৰ মুখত ইয়াৰ পাঠ শুনি আহিছোঁ। ইয়াৰ পৰিৱেশনযোগ্যতাত আকৃষ্ট হৈ সোণজিৰা মাহী আৰু ৰুদ্ৰ বৰুৱাৰ ‘জেতুকী বাই’ৰ আৱলম্বনত শান্তিনিকেতন, কলকাতা আৰু নেপালৰ কাঠমাণ্ডুত এলানি নাটকীয় পৰিৱেশনাৰ প্ৰযোজনা কৰিছিলোঁ ২০০২-ৰ পৰা ২০১০ চনৰ ভিতৰৰ সময়খিনিত)। ছুটি গল্প আৰু নাটক দুয়োটা সৃষ্টিশীল ধাৰাৰে গুণ ইয়াত নিহিত আছে। সবিস্তাৰ অথচ সাৱলীল বৰ্ণনাৰ অন্তত শেষত সৃষ্টি হোৱা নাটকীয় সমাপ্তিয়ে চুটিগল্পৰ পঠণে দিয়া আনন্দখিনিকে দিয়ে।

জাৰ্মান শিল্প-ইতিহাসবিদ ৱল্ফগেং কেম্পে (Wolfgang Kemp) পঞ্চম শতিকাৰ ৰোমান ব্যাখ্যান-ধৰ্মী ৰিলীফ শিল্পৰ আলোচনাৰ আধাৰ এটা লৈ নেৰেটিভ এটাৰ অন্তৰালত পূৰ্ৱাপৰস্থিত আইক'ণ'গ্ৰাফীৰ প্ৰচলনৰ কথা কৈছে১০। সোণজিৰা মাহীজনী তেজ-মঙহৰ মানুহ বুলি উল্লেখ কৰি আহিছোঁ‌ যদিও অসমৰ গ্ৰাম্য সমাজত পৰিশ্ৰমী আৰু সাদৰী মহিলাৰ এটা প্ৰতীকী বা আইক'ণ'গ্ৰাফিক ৰূপ ইয়াতো আছে। "মুগাৰ মেখেলাৰ খম খম খোজ যাৰ" বৰ্ণনাৰে যি আইক'ণ'গ্ৰাফীৰ বিনিৰ্মাণ হৈছে সি একে সময়তে বিশেষ, একক, স্বকীয় ব্যক্তিত্বৰ প্ৰতিৰূপক আৰু একেসময়তে অসমীয়া পাঠক সমাজৰ মানসপটত সহজে ভাঁ‌হি উঠিব পৰা এটা সাধাৰণ প্ৰতিমা। ওৰে জীৱন শব্দৰ সৈতে খেলা কৰা, বিদ্যায়তনিক চৰ্চা আৰু শিক্ষকতাত ব্ৰতী হৈ ৰোৱা কেশৱ মহন্তই ভালেকেইটা প্ৰতীকবাদী আৰু আলংকাৰিক ঘনত্বৰ কবিতাও লিখিছে। কিন্তু সাধাৰণ মানুহৰ কথাৰে সাধাৰণ মানুহৰ সৈতেই যোগাযোগ ৰাখিবৰ স্পৃহা ৰখা মহন্ত বাৰে বাৰে নিজৰ আকাংক্ষিত জনতাৰ কাষলৈ ঘূৰি আহিছে নিভাঁজ সৰল কথ্য ভাষাৰ আধাৰ লৈ। কবিৰ বাবে তেওঁৰ ঈপ্সিত পাঠকৰ সমাজখন পৰিচিত, আৰু একেদৰেই কবিৰ কবিতাত সততে নিৰ্মিত বাস্তৱতাখিনিও সেই চিনাকি পাঠক 'বিষয়'ৰ তেনেই চিনাকি। ড০ চন্দ্ৰ কটকীয়ে “আধুনিক অসমীয়া কবিতা”ত কেশৱ মহন্তই কিছু প্ৰতীকী কবিতাৰো অনুশীলন কৰাৰ কথা উনুকিওৱাৰ পিছত কয় :
“কিন্তু সাধাৰণতে কেশৱ মহন্তই অজটিল, অপ্ৰতীকী সাধাৰণ ভাষাহে লিখি ভাল পায়। তেওঁৰ শাব্দিক সৰলতা পাঠকৰ আদৰৰ বস্তু। কেশৱ মহন্তৰ কবিতা স্বত:স্ফুৰ্ত কবিতা। আৰু এইটো সাধাৰণতে দেখা যায় যে যেতিয়া কবিতা স্বত:ষ্ফূৰ্তভাবে ওলায় আৰু পাঠক আৰু কবিৰ মাজত যেতিয়া অনাকৰ্ষিত (unstudied) সম্বন্ধ থাকে তেতিয়াই কবিতাৰ ভাষা সজীৱ হৈ উঠে। কেশৱ মহন্তৰ ক্ষেত্ৰত এইটো কথা অধিক সঁচা। তেওঁৰ বৰ্ণিত জনতাৰ আৰু বিষয়বস্তুৰ লগত কবিৰ এনে ঘনিষ্ঠ সম্বন্ধ যে সেই আত্মীয়তাই তেওঁৰ কবিতাবোৰক বিষয়বস্তু আৰু আংগিক উভয়ক্ষেত্ৰতে মনোহাৰীকৈ তুলিছে। কেশৱমহন্তৰ সৰহভাগ কবিতাৰ ভাষা যেন সাধাৰণ মানুহৰ মুখৰ ভাষা” ১১। 

যিক্ষেত্ৰত "সুৰটো আগ, কথাখিনি পাছ" ধৰণৰ লীৰিকেল সুৰ এটাৰ প্ৰতি অত্যাধিক অনুৰাগে অসমীয়া কবিতাৰ সামগ্ৰিক চৰিত্ৰক আগুৰি আছে, আশ্চৰ্যজনকভাবে দুজন প্ৰসিদ্ধ গীতিকাৰ কবিৰ কাব্যিক ৰচনাৰ মাজত একধৰণৰ গদ্যধৰ্মীতাই সততে দেখা দিছিল- কেশৱ মহন্ত আৰু ভূপেন হাজৰিকা। গীতৰ ৰূপেৰে কাব্যচেতনাক জনসমাজৰ মাজলৈ লৈ গৈ সৃষ্টিক জনপ্ৰিয় ৰূপ দিয়াত এই দুজনৰ সমকক্ষ প্ৰতিভা অসমত আৰু নাই। কিন্তু দুৰ্ভাগ্যজনক ভাবে এইসকলৰ নাম অসমীয়া কবিতা সম্পৰ্কীয় কোনো আলোচনাতেই তেনেকৈ উল্লেখ দেখা পোৱা নাই। গীতিসাহিত্য বুলি এইসকল ব্যক্তিৰ চৰ্চাক কাষৰীয়াকৈ থৈ দিয়াৰ ফলত লাভ একো নহ'ল, কিন্তু ক্ষতি হ'ল বিস্তৰ। আমাৰ বিচাৰেৰে ভূপেন হাজৰিকাৰ কবিতাখিনিৰ লগতে অসমীয়া কবিতা হিচাপে তেওঁৰ গীতসমূহৰো মূল্যায়ণ বা সেই সম্পৰ্কে আলোচনাৰ যথেষ্ঠ থল আছিল। আখ্যানমূলক কবিতাত গদ্যধৰ্মীতাও এটা গুণ। কিন্তু চহা অসমীয়া কথনভংগীৰ নিৰ্যাসখিনি সোণজিৰা মাহীৰ বৰ্ণনাত এনেকৈ সোমাই আছে যে সিয়েই পাঠকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ যথেষ্ঠ। “লয় আৰু বৃত্তি প্ৰধান ছান্দিক কৌশলেৰে তেওঁ পাঠকক বন্দী কৰে আৰু শব্দবোৰে সিহঁতৰ বিচিত্ৰ মধুৰ প্ৰভাৱেৰে পাঠকক চিৰন্তন কালৰ কাৰণে স্বপ্নালু কৰি তোলে। একোটা সামান্য শব্দৰ আবৃত্তিয়েই যে ক্ষেত্ৰ বিশেষে পৰম গধূৰ দ্যোতনা আৰু চৰম মধুৰ পুলক জগাই তুলিব পাৰে তাৰ সাক্ষী কেশৱ মহন্তৰ কবিতা” ১২। একেসময়তে এইজন কবি "বনৰ আন্ধাৰ দূৰ কৰে জোনে, মনৰ আন্ধাৰ দূৰ কৰে কোনে"ৰ দৰে জনপ্ৰিয় গীতৰ গীতিকাৰ হোৱাৰ সুবাদতেই অনুপ্ৰাস অনুৰূপ ধ্বনিৰ ওচৰা-ওচৰি উপস্থাপনেৰে এক যাদুকৰী বৰ্ণনাৰীতি গঢ় দি লোৱাত তেনেই সিদ্ধহস্ত।

“তিংৰাই তৰণীৰ তিনি পুৰা মাটি
বছৰতো খাটি
যিখিনি ভাগত পৰে, তাৰে হেনো,
শাওণতে টেকেলি- কাতি
বাকী চাৰিমাহ হেনো ধিক্কাৰ লাগে
ইমান খাটনি খাটি লাভ হ’ল কি
এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি
ভাবিলেও, খেতি কৰে ঘুৰি বছৰত
নহলেনো বাৰু মৰোঁ বুলি নাৰ্জিলে খাব কি”
ইয়াত ত/ট ধ্বনিৰ বাৰম্বাৰ উপস্থিতিয়ে আনি দিয়ে এক অপৰূপ ছন্দ। ছন্দ বা লয় সম্পৰ্কে বিশেষ সজাগ নোহোৱাকৈয়ো কোনোবাই যদি পাঠ কৰিবলৈ লয়, সাংগীতিক লয় এটাই আহি আপোনা-আপুনি ধৰা দিবহি।

সাম্প্ৰতিক অসমীয়া কবিৰ কবিতাৰ কলেৱৰ সাধাৰণতেই সৰু। বিপুল জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যৰ ছুটি কবিতাৰ শৃংখলা ‘জোনাকী মন’ৰ বিস্তৰ প্ৰভাৱ এটা সময়ত ন-কবি-যশপ্ৰাৰ্থীৰ ওপৰত পৰিছিল। দীঘল আৰু নেৰেটিভ কবিতা লিখাৰ সম্ভাৱনা বা ইচ্ছাৰ কথা নীলমণি ফুকনদেৱে তেওঁৰ সাক্ষাৎকাৰত উল্লেখ কৰিলেও; কেইটামান অনন্যসুন্দৰ দীঘল কবিতা লিখিলেও; তেওঁৰ কবিতাত নেৰেটিভিটিৰ এটা চৰিত্ৰ থাকিলেও, ছপা ৰূপত দৃশ্যগত ভাবে শাৰীৰ বিন্যাসৰ মাজৰ নৈশব্দ (silence) আৰু ছুটি কলেৱৰৰ কবিতাখিনিৰে যুৱ-সমাজত তেওঁৰ প্ৰভাৱ অধিক। এই সময়ৰ কবিসকলে চেগা-চোৰোকাকৈ দীঘল আৰু নেৰেটিভ কবিতা লিখিলেও তাৰ ছেগমেণ্টিভিটীৰ (segmentivity ) দিশটোহে বেছি লক্ষণীয় হৈ উঠে। (সাধাৰণভাবে ছেগমেণ্টিভিটী মানে হ’ল "the ability to articulate and make meaning by selecting, deploying, and combining segments"১৩)। এইখিনি কবিতাত ব্যাখ্যানৰ ৰৈখিক গতি প্ৰায়ে ব্যাহত হয় আৰু বহুমাত্ৰিকতাই প্ৰাধান্য পায়। আগতে উল্লেখ কৰি অহা নীলমণি ফুকনৰ “মুঠি মুঠি কৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি” কবিতাটোত থকা নেৰেটিভিটিলৈ মন দিলেই অ-সৰলৰৈখিক ছেগমেণ্টিভিটী চকুত পৰিব। লগতে কবিতাটোৰ চৰণ সমূহৰ বিন্যাস, অৰ্থাৎ কায়িক অংগসজ্জাৰ যি দৃষ্টিগ্ৰাহ্য ৰূপ (কবিতাৰ শাৰী সমূহ আৰু তাৰ মাজে মাজে থকা অন্তৰালখিনি সমন্বিতে) সেইটোও মন কৰিবলগীয়া।

‘সোণজিৰা মাহীৰ নাড়ী’ সৰলৰৈখিক। কিন্তু কেৱল কাহিনীৰ ৰৈখিক গতিৰ বাবেই নহয়, বৰ্ণনাধৰ্মী আৰু দীঘল এই কবিতাটোৰ ঠগটোত সামগ্ৰিক গাঁঠনি শিথিল হৈ পৰা নাই ইয়াৰ মাজত সংৰক্ষিত এৰিষ্ট’টলীয় পীৰামিডটোৰ বাবে। “ভালে দিন হৈ গ’ল/ জিলালৈ অহা নাই সোণজিৰা মাহী…” -এই আৰম্ভণীটোৱেই এটা নাটকীয় নেৰেটিভ ষ্ট্ৰাকচাৰৰ প্ৰাথমিক চৰ্ত সিদ্ধ কৰে। বাক্যটোৱেই ইংগিত দিয়ে বহুদিন জিলালৈ নহা মাহীজনী হয়তো কবিতাটোৰ শেষৰ ফালে জিলালৈ আহিব। লগতে মাহীনো কিয় ইমানদিনে অহা নাছিল, মাহীজনীনো কোন এই কৌতুহলখিনিয়েও থিতাতে গা কৰে। প্ৰাৰম্ভণীতে আহে মাহীৰ বৰ্ণনা- চৰিত্ৰৰ বিকাশৰ প্ৰথম চৰ্ত। “যাৰ/ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত/ খম্‌ খম্‌ খোজ, যাৰ/ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা/ মাগুৰ বৰণ…” এইখিনিয়ে যেনেকৈ মাহীৰ এটা দৃশ্যগত ৰূপ নিৰ্মাণ কৰে, তেনেকৈয়ে তাৰ ঠিক পৰৱৰ্তী পংক্তিত গঢ় দিয়ে সেই ব্যক্তিত্বৰ শ্ৰম-নিৰ্ভৰ সামাজিক-অৱস্থান-নিৰ্ভৰ দিশখিনি-
কাৰোবাৰ জীয়েকৰ চাদৰ ব’বলে’ তৰা যি তাঁতখনি
সোণজিৰা মাহীজনী তাৰেই শিপিনী,
তামোলৰ পিক্‌ মাৰি পৰৰ মাটিত
মোহাদেৱে চাই ৰয় যি বোকাখিনি
সোণজিৰা মাহীজনী তাৰেই ৰোৱনী,…

নেৰেটিভ নিৰ্মাণৰ কৌশলটোৰ বাবেই হীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াই মহন্তৰ ‘আঘোণৰ কুঁৱলী’ত দেখা পোৱা এটা শিথিলতাৰ দোষ ‘সোণজিৰা মাহীৰ নাড়ী’ত নাই। দত্তদেৱে ‘অসমীয়া কবিতাৰ ধাৰা : ১৯৪১- ১৯৭৩’-ত উল্লেখ কৰিছিল : আসমৰ গ্ৰাম্য জীৱনৰ সৈতে কেশৱ মহন্তৰ ঘনিষ্ঠ পৰিচয় সত্বেও 'আঘোণৰ কুঁৱলী'ত "আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা" এই কেন্দ্ৰীয় বোধটো ঘূণীয়া কৰিলে তলত দিয়া ধৰণৰ উক্তিয়ে :
"বৌদেউ/ আপুনি যে কৈছিলে সেউতিৰ কথা/ মোৰ কথা সেউতিক কৈছিলে জানো?"
এনেবোৰ শাৰী পঢ়ি মনত প্ৰশ্ন জাগে যে আঘোণৰ কুঁৱলীৰ পৰিহাস ইমান লঘু বুলি জানো কবিয়ে সূচাবলৈ বিচাৰিছিল? ১৪
ইয়াৰ বিপৰীতে সোণজিৰা মাহীৰ কথিকাটো কলেৱৰৰ হিচাপত ‘আঘোণৰ কুঁৱলী’তকৈ দীঘল হৈয়ো নিটোল।

“যোৱাবেলি বহাগতে মাতিছিলোঁ আমি…” -এইখিনিৰে পৰা নেৰেটিভ বিন্যাসটোৰ ‘Growth of action’ বুলি ধৰিব পাৰি। মাহীক জিলালৈ মতাৰ আচিলাতে এইখিনিতেই বক্তা এটা চৰিত্ৰ হৈ কাহিনীত প্ৰৱেশ কৰিছে। “তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি” বুলি মাহীৰ আৰ্থিক অৱস্থাৰ কথা আগতে কৈ অহা এই বক্তাৰ নিজৰ অৱস্থাৰো উমান এইবাৰ পাওঁ। কেৱল বস্তুনিষ্ঠ বৰ্ণনাতকৈ এটা কথিকাৰ ৰূপত আগবঢ়া কবিতাটোৰ সহজ-সৰল গ্ৰাম্য কথা-বতৰাৰ ধৰণটো ঘাই মোহিনী শক্তি। ৰোমাণ্টিক পৰ্বৰ আগৰ আখ্যানমূলক কবিতাৰ অধিক বৰ্ণনাৰ আতিশয্য ইয়াত নাই। চৰিত্ৰায়ণ আৰু চৰিত্ৰৰ মুখৰ কথাৰ দৰে আলাপনত ‘কথাতে কথা বাঢ়ে’ বুলি ভয় এটা যদিওবা ৰৈ যায়, ইয়াত পিছে “তাৰো হেনো ঢেৰ কথা আছে…”, বা “আৰু কিবা হয়তোবা ক’বলে’ আছিল”-ৰ দৰে কথ্যভংগীয়ে পাঠকৰ আগ্ৰহ-উৎকণ্ঠাক আৰু বেছি সাৰ-পানীহে যোগায়।

“এনেতে আহিল
এইমাত্ৰ ৰেডিঅ’ৰ সংবাদ লৈ
শ্ৰী দীননাথ বৰা, একেলগে স্কুলত পঢ়া”
এফালে মাহী, মাজত কবি আৰু আনফালে দীননাথ বৰা- এই সংযোগতে নিৰ্মিত হৈছে ক্লাইমেক্স। ৰেডিঅ’টোৱেই কবিতাটোৰ আৰু কবি কেশৱ মহন্তৰ জগতবীক্ষাৰ গ্লোকেল (Glocal) চৰিত্ৰটোৰ মেটাফ’ৰ। কবিৰ চেতনা একেসময়তে একান্তই লোকেল আৰু গ্লোবেল। এটা সময় আছিল যেতিয়া অসমৰ গাঁৱে ভূঞেও মানুহে দেশ বিদেশৰ নিয়মিত খবৰ ৰাখিছিল, আৰু বিভিন্ন ৰাজনৈতিক ঘটনাৰ পৰ্যবেক্ষণেৰে আৰ্থিক আৰু সামাজিক শোষণমুক্ত এখন নতুন সমাজ কেনেকৈ নিৰ্মিত হ’ব পাৰে তাৰ চৰ্চা কৰিছিল।

দীননাথ বৰাৰ মুখেৰে শুনা “পাইছনে কংগোৰ খবৰ!/ লুমুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে/ পলিন লুমুম্বাজনী শোকতে বাউলী---“ বোলা কথাষাৰত :
মাহীজনী থৰ লাগি ৰ’ল।

কংগো কি, লুমুম্বা কোন, খায় নে কাণত পিন্ধে
মাহীয়ে নেপায় একো গম
একমাত্ৰ এষাৰ কথাই
বাৰে বাৰে আছে খুন্দিয়াই

“কোন এই মৰা কেঁচুৱাটি?

কোন তাৰ মাক? তাৰ পিতাকেই বা কোন?

জানোবা সিহঁতো মোৰে কোনোবা আপোন!”

সকলো সমস্যা, ব্যক্তিকেন্দ্ৰিকতা বা জটিলতাৰ উৰ্ধত যে মানৱীয় প্ৰমূল্যখিনিয়েই শেষ কথা সেই ইংগিতটোৱেই সোণজিৰা মাহীৰ উপসংহাৰ।    
শান্তিনিকেতনৰ ‘নন্দন মেলা’ৰ সময়ৰ ‘সোণজিৰা মাহীৰ নাড়ী’ৰ অনুপ্ৰেৰণাৰে কৰা নাটকীয় পৰিৱেশনাৰ থল


সত্বাৰ নিৰ্মাণ আৰু আৱিষ্কাৰ

একধৰণৰ ব্যাখ্যাৰে বেলাডকে ধৰি সাহিত্যৰ আন নেৰেটিভ পদ্ধতিবোৰক সততে বস্তুনিষ্ঠ আৰু গীতিকবিতাৰ দৰে অনুভূতি-প্ৰধান শিল্পক ব্যক্তিনিষ্ঠ বুলি কৈ সামৰি থোৱা হয়। বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ বা চন্দ্ৰকুমাৰৰ ‘তেজীমলা’ৰ স্তৰলৈকে এনেধৰণৰ আলোচনা বা ব্যাখ্যা সহজ আছিল। কিন্তু কেশৱ মহন্তৰ ‘সোণজিৰা মাহীৰ নাড়ী’ৰ ক্ষেত্ৰত ই জটিল হৈ উঠিল কাৰণ বস্তুনিষ্ঠ কাহিনী-কথনৰ পদ্ধতি এটাৰ লগে লগে ইয়াৰ আত্মজীৱনীমূলক ধাৰাভাষ্য এটায়ো বক্তাৰ বিষয়ী-অৱস্থান চিহ্নিত কৰি ইয়াত ব্যক্তিনিষ্ঠতা আৰোপ কৰে, যদিওবা কবিতাটোৰ কথকজন কবিজন নিজেই হ’ব লাগিব বুলি কোনো কথা নাথাকে। কেশৱ মহন্ত সমাজৰ ৰূপান্তৰকামী আন কবিকূলৰ দৰে ক্ৰোধাম্বিত নহয়। উদ্দাত্ত কণ্ঠেৰে সজোৰে প্ৰতিবাদ কৰি সমাজ পৰিৱৰ্তনৰ হুংকাৰো তেওঁ দিয়া নাই। কিন্তু এটা বিশেষ সময় আৰু সমাজৰ স্থানিক অৱস্থানত নিজৰ উপস্থিতি তেওঁৰ সকলো কামতেই আছে। “কোনে ক’লে মোৰ ঘৰ নাই/ এই নিশালৈ মই অহালৈ/ আয়ে আছে বাট চাই/ ঘৰে ঘৰে মোৰ আই” বুলি কওঁতে এই “মই’টো অনুপেক্ষণীয়। মন কৰিবলগীয়া যে এসময়ত চাৰু গোহাঁয়ে গাই জনপ্ৰিয় কৰা “দুখৰে এৰাতি, দুখৰে দুৰাতি, দুখৰে কলীয়া ছাঁ”ৰ দৰে গীতকো কেৱল হৃদয়াৱেগেৰে সিক্ত ব্যক্তিগত বেদনাৰ গান বোলাটো অন্যায়। ইয়াতো এটা সামাজিক পৰিস্থিতিত অনুভূত অন্ধকাৰৰ প্ৰতি এক ব্যক্তিমনৰ সঁহাৰিহে আছে। (মহন্ত ডাঙৰীয়া আত্মজীৱনীমূলক কিতাপখনত ইয়াৰ উল্লেখ আছে১৫)। 

সৃষ্টিকৰ্মৰ মাজত ব্যক্তিসত্বাৰ সন্ধান এটা বিশেষ মনযোগৰ বিষয়। একেসময়তে এই ব্যক্তিসত্বাৰ উপস্থিতিটো আধুনিকতাৰ এক অন্যতম বৈশিষ্ট্য বুলিও গণ্য কৰা যায়। ৰমন্যাস-পূৰ্ৱৱৰ্তী কবিতাসমূহত নৈব্যক্তিক বৰ্ণনায়েই প্ৰাধান্য পাই আহিছিল। মনত ৰখা ভাল যে ৰমন্যাসবাদ আৰু আধুনিকতাবাদক তুলনাৰ বিচাৰেৰে চোৱা হয় যদিও ৰোমাণ্টিকতাও বহল অৰ্থত আধুনিকতাবাদৰেই প্ৰাৰম্ভিক কালৰ অংগ। ড০ মহেন্দ্ৰ বৰাই ‘অসমীয়া কবিতাৰ পৰিচয়’ অলোচনাটোত ভোলানাথ দাসৰ কবিতাত প্ৰথমবাৰৰ বাবে প্ৰকৃতিত ব্যক্তিসত্বাৰ আৰোপন আৱিষ্কাৰ কৰিছে :
"সংক্ৰান্তি যুগৰ প্ৰথম সফল কবিজন হ'ল ভোলানাথ দাস। তেওঁৰ 'মেঘ' কবিতাটো এটা অতি উল্লেখযোগ্য কবিতা। এইটো কবিতাতে প্ৰথমবাৰৰ কাৰণে অসমীয়া কাব্যৰ ইতিহাসত প্ৰকৃতি প্ৰাণময়তাৰে অভিষিক্ত হৈছে। আধুনিক যুগৰ আগলৈকে প্ৰকৃতি কেৱল মানৱীয় অনুভূতিৰ পটভূমিকাৰূপে চিত্ৰিত হৈছিল, নাইবা প্ৰকৃতিৰ চিত্ৰৰূপময় সৌন্দৰ্য বৰ্ণিত হৈছিল; কিন্তু ক'তোৱেই সেই প্ৰকৃতিৰ সৌন্দৰ্যত ব্যক্তিসত্বা আৰোপিত হোৱা নাছিল১৬।

কিন্তু ৰোমাণ্টিকতাৰ পৰৱৰ্তী কালত ব্যক্তিসত্বা পৰিহাৰ কৰাৰ এলিয়টীয় দাৰ্শনিক দাবী কিছুমানেও গা কৰি উঠিছিল। বস্তুসত্বাত বিসেহস গুৰুত্ব দিবলৈ বিচৰা এলিয়টেও শেহৰ ফাললৈ ব্যক্তিসত্বাৰ বিষয়টোৰ প্ৰতি নমনীয় হৈ আহিছিল১৭। কথাবোৰ কিবা এটা প্ৰজন্মই পিতৃ প্ৰজন্মৰ সৈতে বিৰোধ কৰি ককাদেউতাকৰ প্ৰজন্মৰ সৈতে বেছি আত্মীয়তা অনুভৱ কৰাৰ লেখীয়া প্ৰপঞ্চ। এটা অৱস্থানে নিৰ্ধাৰণ কৰি দিয়া ব্যক্তিৰ পৰিচয় আৰু উপস্থিতিৰ গুৰুত্ব আধুনিকতাৰ শেষৰ ফালে আকৌ ঘূৰি আহিবলৈ লয়। ব্যক্তিনিষ্ঠা আৰু বস্তুনিষ্ঠাৰ এই ওপৰা-ওপৰি কথাখিনি শিল্পৰ জগতত চিৰকালেই আছে। ১৮৫৬ চনতেই জন ৰাস্কিনে১৮ এই শব্দদুটাক লৈ চৰম বিৰক্তি প্ৰকাশ কৰি গ’লেও ইয়াৰ আধাৰতে সময়ে সময়ে একো একোটা দাৰ্শনিক ভেটি নিৰ্মাণ হৈ আহিছে আৰু সম্ভৱ আগলৈয়ো হৈ থাকিব।

বিশেষকৈ নেৰেটিভ শিল্পৰ মাজত সত্বাৰ বহুত্বই অৱলীলাক্ৰমেই খেলা কৰি গৈ থাকে। ব্যক্তি হিচাপে সোণজীৰা মাহীৰ সত্বাক প্ৰতিষ্ঠা কৰাৰ আঁ‌ৰত কবি-কথক-ভাষ্যকাৰৰ সত্বাৰো নিৰ্মাণ হৈ গৈ থাকে। যদিওবা পৰ্যমানে এই ভাষ্যকাৰৰ ব্যক্তি-উপস্থিতিক পেছিভ কৰি ৰাখিবৰ চেষ্টা কৰা হয় এই ভাষ্যকাৰো বৰ্ণিত (narrated) আৰু বৰ্ণনাকাৰী (narrating) দুটা সত্বাৰেই আমাৰ মাজত অদ্যোপান্ত উপস্থিত থাকে। এই লেখকৰ সত্বা আৰু কবিতাটো পঢ়ি থকাৰ মুহূৰ্তত তাৰ পাঠকৰ সত্বা একাকাৰ হৈ যায়, নহ'লে এক সত্বাই আনটো সত্বাৰ ৰূপ লয়। এনেকুৱাতে মনত পৰে, আমেৰিকান দাৰ্শনিক-লেখিকা চুজান চোন্তাজ(Susan Sontag)-ৰ সৈতে “ৱেইজ অফ ছিয়িং” খ্যাত জনপ্ৰিয় শিল্প-ইতিহাসবিদ জন বাৰ্জাৰ(John Berger)-ৰ ১৯৮৩ চনৰ এটি কথোপকথনত বাৰ্জাৰে কৈছিল :
“This subjectivity (of a story) is a kind of amalgam: of three elements, of three people. The storyteller or the writer, the protagonist of the story, and their subjectivity, and lastly, the subjectivity of the listener.  The story is already a cooperation between these three – which actually make the subjectivity of the story” ১৯.

অন্যহাতে ষ্টিফান ক্যাৰ্কেগাৰ্ডে২০ (Stefan Kjerkegaard) নেৰেট’ল’জীৰ দৃষ্টিকোণেৰে জেমছ ফেলান২১ (James Phelan) ব্ৰিয়ান মেকহে’ল২২ (Brian McHale) আদিৰ নেৰেটিভ সম্পৰ্কীয় আলোচনাৰ আঁত ধৰি নেৰেটিভ একোটাৰ আঁৰৰ বক্তাৰ ব্যক্তিত্ব, বৰ্ণিত ব্যক্তিৰ ব্যক্তিত্ব আদিৰ আলোচনা আগবঢ়াইছে যি ব্যক্তিসত্বাৰ উপস্থিতি সম্পৰ্কীয় আলোচনাখিনিক আৰু বেছি জটিল কৰি তুলিছে। এই সত্বাৰ সালসলনি কিম্বা ওপৰা-উপৰি প্ৰতিলেপন ইমানেই সহজ ঘটনাৰ দৰে ঘটে যে পাঠৰ মুহূৰ্তত আমি এই প্ৰশ্নটোও নকৰোঁ‌ : বৰ্ণনাকাৰী "মই"-জন কোন। এই উপস্থিতিক পেছিভ বুলি কোৱা হৈছিল এইবাবে যে এই সত্বাই সগৰ্ব ঘোষণাৰে কোনো সমাজ সংস্কাৰৰ দৰে কথাও নকয়, উচ্চকণ্ঠে একো প্ৰতিবাদো নকৰে। কিন্তু পাৰিপাৰ্শ্চিকতাৰ নিয়ত পৰ্যবেক্ষকৰ ভূমিকাৰে তেওঁ এক্টিভ সত্বা। 

‘সোণজিৰা মাহীৰ নাড়ী’ৰ অনুপ্ৰেৰণাৰে কৰা নাটকীয় পৰিৱেশনা নেপালৰ কাঠমাণ্ডুত, ২০১০

প্ৰাসংগিকীকৰণ

জয়ন্তীৰ পাতত ৰেঙনি এটা হিচাপে ওলাই ৰামধেনুৰ সময়লৈ এটা সৰু সুৰা আন্দোলনৰ ৰূপ ল’বলৈ সক্ষম হোৱা অসমীয়া বাস্তৱবাদী কবিতাৰ প্ৰসংগত, বিশেষকৈ সদ্য-অতীত হ’বলৈ লোৱা ৰোমাণ্টিকতাৰ পটভূমিত, এটা পৰ্ৱান্তৰৰ বাগধাৰাৰ হয়তো প্ৰয়োজন আছিল। কিন্তু আজিও অসমীয়া কবিতাৰ সামগ্ৰিক আলোচনাত সমানে প্ৰযোজ্য হ’ব নে নাই সেয়া এক বিচাৰ্য বিষয়। যিকোনো অধ্যয়ণ বা বিশ্লেষণৰ বাবেই শ্ৰেণীবিভাজন এটা প্ৰাথমিক স্তৰৰ প্ৰয়োজন যদিও এই শ্ৰেণিবিভাজনৰ সীমাবদ্ধতাও অনেক। মহেন্দ্ৰ বৰাৰ সম্পাদনাত “নতুন কবিতা”ৰ প্ৰকাশ (১৯৫৬) অসমীয়া কবিতাৰ বাবে এক উল্লেখযোগ্য ঘটনা। সেই সময়ত পৰ্ৱ আৰু পৰ্ৱান্তৰ তথা কবিতাৰ ধাৰা-বিচাৰৰ এটা অন্য প্ৰাসংগিকতা আছিল। এই প্ৰসংগতে মহেন্দ্ৰ বৰাৰ “নতুন কবিতা”ৰ অৱতৰণিকাটো বাৰে বাৰে উল্লিখিত হয়- “নতুন কবিসকলক দুটা বহল ভাগত ভগাব পাৰি। এদল জনতাৰ কবি; আনদল নিৰ্জ্জনতাৰ কবি। এই দুই ভিন্নমুখী কাব্যস্ৰোতৰ সমান্তৰাল গতি নতুন অসমীয়া কবিতাৰ তাৎপৰ্যপূৰ্ণ ঘটনা”২৩। কিন্তু ‘জনতা’ আৰু ‘নিৰ্জ্জনতা’ বুলিয়ে নকৈ কেতিয়াবা ‘প্ৰগতিশীল’ আৰু ‘মননশীল’ বুলি, নহ’লেবা কেতিয়াবা ‘অন্তৰ্মুখী’ আৰু ‘বহিৰ্মুখী’ বুলি এই বিভাজনৰ প্ৰৱণতাটোৱে অসমীয়া কবিতাৰ আলোচনাত নিগাজীকৈ ঘৰ কৰি ল’লে আৰু একেধৰণৰ কথাকেই পনিয়ল-মোহৰাদি মোহাৰি থকা হ’ল। আলোচনাৰ সুবিধা হয়তো হ’ল, কিন্তু ইয়াৰ ফলত একাংশ সমলক একোটা বৃত্তৰ মাজত আৱদ্ধ কৰি ৰখাও দেখা গ’ল। কবিতাৰ আংগিক আৰু ৰসগ্ৰাহিতাৰ কথা কওতে কেৱল মননশীল ঘৰাণাৰ কবিতাখিনিকেই বাচনিত তুলি বাকীখিনি কবিতাত সমাজৰ প্ৰতিচ্ছবি, ৰূপান্তৰৰ আকাংক্ষা আদি কেনেকৈ চিত্ৰিত হৈছে তাৰ আলোচনাতেই সেইবোৰক সীমাবদ্ধ কৰি ৰখা হ’ল। হীৰেন্দ্ৰনাথ দত্তই সেয়েহে 'অসমীয়া কবিতাৰ ধাৰা : ১৯৪১- ১৯৭৩’ বুলি লেখিবলৈ লৈ আৰম্ভণিতেই এই সমস্যাটোৰ কথাকেই ক’লে-
"শিৰোনামটো আহুকলীয়া। কাৰণ এজন সাৰ্থক কবিৰ এটা ধাৰাৰ অন্তৰ্ভূক্ত কৰিলে তেওঁৰ প্ৰতিভাৰ বহুমুখিতা উপেক্ষিত হয়। আকৌ এটা ধাৰা অন্য এটা ধাৰাৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নভাবে চাব নোৱাৰি। উদাহৰণ স্বৰূপে অনুভূতিৰ দোলন নাথাকিলে বাস্তৱমুখী কাব্য হ'ব অকাব্য; আনহাতেদি কল্পনাশ্ৰয়ী কবিতা মানেই পলায়নবাদী কবিতা বুলি বুজিলে নিৰ্ঘাত সাহিত্যিক অজ্ঞতাহে সূচাব"২৪।

এনেবোৰ কাৰণতে গীতেৰে মাতেৰে সুদীৰ্ঘকাল জনসমাজত বিশাল স্তৰত প্ৰভাৱশীল হৈ থকাৰ পিছতো ‘গ্ৰাম্য জীৱনৰ ছবি’, ‘সমাজ বাস্তৱতাৰ প্ৰতিফলন’ আদি সম্পৰ্কীয় দুই এশাৰী উল্লেখতেই কেশৱ মহন্ত সম্পৰ্কীয় আলোচনাবোৰৰ আইধা পৰে। অসমীয়া কবিতাৰ বিচাৰৰ গুটিদিয়েক পৰিমাপক যেনে ‘এলিয়টীয় প্ৰভাৱ’ আদিৰ সাঁচত পেলাব নোৱাৰিয়েই হ’বলা ‘পপুলাৰ’ গান লিখা কবি কেশৱ মহন্ত সততে দেখা পোৱা কবিতাৰ সমালোচনাবোৰৰ হিচাপেৰে মহৎ কবিৰ জাতত নুঠিল।  কেনেবাকৈ কবিতা সম্পৰ্কীয় যিকোনো আলোচনাতেই আলোচিত সমলটোক ‘যুগান্তকাৰী’, নতুন ‘মোচৰ’ দিব পৰা (মোচৰ শব্দটো হৰেকৃষ্ণ ডেকাদেৱৰ পৰা লোৱা), ‘পৰ্ৱান্তৰ’ বা ‘সন্ধিক্ষণ’ৰ সূচক আদিৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰৱণতা এটাও সততে দেখা যায়। কিন্তু কবিতাৰ বিকাশৰ সৰলৰৈখিক কাল-নিৰ্ভৰ বা তত্ব-নিৰ্ভৰ ইতিহাসৰ আধাৰত অৱলোকনৰ ব্যতিৰেকেও ‘সোণজিৰা মাহীৰ নাড়ী’ৰ দৰে কবিতা একোটাই বিশদ আলোচনাৰ অপেক্ষা সদায়েই ৰাখে। 

সোণজিৰা মাহীৰ ব্যাখ্যানৰ মাজেৰে যি মানৱীয় সহমৰ্মিতাৰ কথা প্ৰকাশ পায় আজিৰ পৰিৱৰ্তীত সামাজিক স্থিতিত তাৰ গুৰুত্ব ক্ৰমশ: বৃদ্ধিহে পাইছে। এহাতে চূড়ান্ত অমানৱীয় ৰাজনৈতিক ঘটনাৰাজিয়ে সৰ্ৱসাধাৰণৰ মাজত অনাস্থা আৰু বিশ্বাসহীনতাৰ জন্ম দিছে, আনহাতে জনসংযোগৰ নিত্য-নতুন মাধ্যমৰ আৱিস্কাৰ আৰু ব্যাপক প্ৰচলনে ওলোটাপক্ষে মানুহৰ পৰা মানুহৰ দূৰত্ব বঢ়াই লৈ গৈ আছে। সূক্ষ্মদৃষ্টিৰে চালে মানুহৰ পৰা মানুহৰ এই ক্ৰমবৰ্দ্ধমান দূৰত্ব কিন্তু অৱলীলাক্ৰমে ঘটা ঘটনা নহয়। পুঁজিবাদৰ বোকোচাত উঠি অহা যান্ত্ৰিকতাই সচেতনে বিচাৰে মানুহ সংগঠিত নহওক। শাসকীয় আসনৰ লোভত মগ্ন ৰাজনৈতিক যন্ত্ৰটোৱেও মানুহৰ পৰা মানুহৰ দূৰত্বৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি থাকে। বিশ্বপ্ৰেম আৰু মানৱপ্ৰেমৰ ঠাই এতিয়া আগুৰিবলৈ লৈছে ইছ্যু-ভিত্তিক উদ্দেশ্যপ্ৰণোদিত ঘৃণাৰ সম্প্ৰসাৰণে। কেতিয়াবা ধৰ্মৰ নামেৰে, কেতিয়াবা সম্প্ৰদায়-গোষ্ঠী কিম্বা ভাষাৰ নামেৰে ঘৃণাৰ মেনুফেকচাৰ ক্ৰমাগতভাবে হ’ব লাগিছে। চূড়ান্ত পৰিহাস এইখিনিতেই যে অসহিষ্ণুতাৰ পৰিৱেশ এটাই এনেকৈ গা কৰি উঠিছে যে মতৰ অমিল হ’লেই শিল্পী-সাহিত্যিক আৰু চিন্তাশীল ব্যক্তিৰ বিৰুদ্ধেও এটা সংগঠিত ঘৃণাৰ অভিযান আৰম্ভ হৈ যায়। কিন্তু একালত আছিল চিন্তাশীল ব্যক্তিসকলৰ প্ৰতি এটা সমীহ আৰু শ্ৰদ্ধৰ পৰিৱেশ। মহন্তদেৱৰেই “সাদিন” কাকতত ধাৰাবাহিকভাবে প্ৰকাশ পোৱা আৰু পাছলৈ অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত গ্ৰন্থৰ ৰূপ লোৱা আত্মজীৱনীখনত এনে উল্লেখ আছে-
“আমাক ছোভিয়েট কনচুলেটত কাম কৰা বুলি পাৰাবাসীৰ যিসকলে জানিছিল, তেওঁলোকে আমাক বৰ সমীহ কৰিছিল। তেওঁলোকৰ চকুত আমি ‘এলিট’ পৰ্যায়ৰ লোক। লাজত অধোমুখ হৈ গৈছিলোঁ। শিল্পী বা প্ৰগতিশীল চিন্তা-ভাৱনা কৰা মানুহৰ প্ৰতি এনে শ্ৰদ্ধা ভাৰতবৰ্ষৰ কোনোবা ঠাইত আছে নে নাই নাজানো”২৫।

মানুহ, শ্ৰম, সমাজ আৰু সময়ৰ প্ৰতি সঁহাৰি জনাই সৃষ্ট এই প্ৰগতিশীল ধাৰাৰ কবিতাখিনিয়ে এটা সময়ত অনেক বিদগ্ধ সমালোচকৰ দৃষ্টিতো বৰ এটা উচ্চ আসন পোৱা নাছিল। ধীৰেন দত্ত, ভবানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা আদিৰ দৰে কবিৰ কবিতা সেয়েহে বেছিভাগ সময়তেই একোটা বিশেষ বৃত্তৰ মাজতেইহে আলোচিত হৈ থাকিল। নলিনীধৰ ভট্টাচাৰ্যৰ কথাৰে : "জয়ন্তীত 'চোৰৰ কৈফিয়ৎ', 'তেওঁ আৰু মই' আদি কবিতাৰে আৰম্ভ কৰিছিল মহন্তই। এইবোৰ কবিতা সহজ আৰু স্পষ্ট। পাৰ্টিৰ ঘনিষ্ঠ সান্নিধ্যই তেওঁৰ মানসিকতাক গঢ় দিছিল। তথাপি তেওঁৰ কবিতাত বিপ্লৱৰ পদধ্বনি নুশুনি। … মুক্তক ছন্দৰ ব্যৱহাৰ 'ৰাগী' আৰু 'কুঁৱলী' শব্দৰ পুনৰুক্তিৰে গণ-চেতনাৰ পথ যে ৰুদ্ধ তাৰ ইংগিত দিছে এই কবিতাত”২৬।  টুনুজ্যোতি গগৈয়ে ২০০৬ চনত লিখা "কেশৱ মহন্তৰ গীত আৰু কবিতা" আলোচনাত উল্লেখ কৰিছে-
"সাধাৰণ মানুহৰ সম্ভাৱনাৰ প্ৰতি তেওঁৰ অসীম আস্থা আছিল। কলমৰ শক্তিৰ ওপৰত অগাধ বিশ্বাস ৰাখিয়েই তেওঁ অবিভক্ত চি.পি. আইৰ মুখপত্ৰ ‘নতুন অসম’ৰ সংবাদ পৰিৱেশনৰ কামত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। সেই সময়ত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ প্ৰগতিশীল কাম-কাজৰ সৈতেও জড়িত হৈছিল। গণনাট্য সংঘৰ অক্লান্ত কৰ্মী হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভা, মঘাই ওজা, দিলীপ শৰ্মা আদিৰ সৈতে তেওঁ গাঁৱে-নগৰে ঘূৰি ফুৰি ৰূপান্তৰৰ বাণী বিলাই ফুৰিছিল। তেওঁ ১৯৫৫ চনত প্ৰগতিশীল আলোচনী ‘প্ৰবাহ’ আৰু পৰৱৰ্তী সময়ত ‘লুইত’, ‘নতুন সাহিত্য’ আদি আলোচনীৰ সম্পাদনাৰ দায়িত্বভাৰ লৈয়ো ৰূপান্তৰৰ বাণী বিলাইছিল২৭ ।"

মাৰ্ক্সবাদী চিন্তাৰ প্ৰতি থকা আনুগত্যই মহন্তদেৱক চিৰকাল মানুহৰ মাজৰ শিল্পী কৰি ৰাখিছিল। সততে দেখা যায় প্ৰায়ভাগ শিল্পী-সাহিত্যিকেই ডেকা কালত অলপ অচৰম কমিউনিষ্ট হ’বলৈ মন মেলে কিন্তু পাছলৈ মোহভংগ হৈ যেনিয়েই সুবিধাৰ বাট দেখে তেনিয়েই বাট লয়গৈ। ভালেখিনি ব্যক্তিৰ বাবে একালত কমিউনিষ্ট হোৱাটো একোটা ষ্টেপিং ষ্টোনৰ লেখীয়া।  জনতাৰ কথা কৈ এবাৰ ৰাইজৰ মনত আসন লৈ লোৱাৰ পিছত বাটবোৰ সলনি হয়। কিন্তু কেশৱ মহন্ত এই সুবিধাবাদী শ্ৰেণীৰ আঁতৰত ৰৈ গ’ল।  দলীয় দায়িত্ব বা কাৰ্যকলাপৰ পৰা নিজৰ অপাৰগতা প্ৰকাশ কৰি আঁতৰি থাকিলেও “সিপাৰত তুমি কল্পনা মোৰ” নামৰ আত্মজীৱনীমূলক গ্ৰন্থখন সামৰিবৰ পৰলৈ এনেকৈ লিখিছে-
“বিশ্ববীক্ষা হিচাপে মাৰ্ক্সবাদৰ প্ৰতি মই সমূলি আস্থাহীন নহওঁ। বৰং মই ভাবোঁ যে মৰ্ক্সবাদী দৰ্শনৰ যিকণ পোহৰ ল’ব পাৰিলোঁ, সেইকণো ল’ব নোৱৰা হ’লে ইতিহাস, সমাজ আৰু সমাজৰ মানুহ সম্বন্ধে জানিবলৈ প্ৰকৃত পোহৰ নাপালোঁহেতেন। …সত্ৰৰ খোলাটোৰ পৰা ওলাই মাৰ্ক্সবাদৰ বিশাল আৰু গভীৰ জগতখনলৈ অহাৰ মোৰ এই একা-বেঁকা বাটটো এনেকুৱাই আছিল”। ২৮

এইখিনি কথা যি মুহূৰ্তত লিখি আছোঁ সেই সময়ত দুটাকৈ শিশু ধৰ্ষণ আৰু হত্যাৰ দৰে ঘটনাৰে দেশ উত্তাল হৈ আছে। এই উত্তাল অৱস্থাৰ সমস্ত কথাবতৰাত কিন্তু ঘাইকৈ প্ৰাধান্য পাইছে অপৰাধীৰ ধৰ্ম কিম্বা সাম্প্ৰদায়িক পৰিচয়ে। শেহতীয়াকৈ দেশত সাম্প্ৰদায়িকতাৰ চেতনাই এনেকৈ শিপাইছেগৈ যে ইয়াক উৎখাত কৰি এই মুহূৰ্তত এখন মানৱীয় সংবেদনশীল সমাজ নিৰ্মাণৰ স্বপ্নও প্ৰায় সুৰূহ হৈ পৰিছে। একেলগে স্কুলত পঢ়া দীননাথ বৰাৰ ৰেডিঅ’টোৱে আনি দিয়া এটা সংবাদে কোনোবা অজানা মুলুকৰ জনা-নজনা বাতৰি এটাৰ আধাৰতে যে কোনো কাহানিও নেদেখা নজনাজনৰ চিন্তাতো কাৰোবাৰ বুকু ব্যাকুল হ’ব পাৰে সেই কথা যেন আজি ভাবিবলৈকে টান। “কিজানিবা সিও মোৰ কোনোবা আপোন” বুলি ভাবত বিভোৰ হোৱা সোণজিৰা মাহীৰ অনুভূতিখিনি কেৱল সহজ সৰল মানুহৰ আৱেগ বুলিয়েই চিহ্নিত কৰি থোৱা উচিত নহ’ব। কাৰণ এইখিনিতেই মানৱীয় সম্পৰ্কৰ নিৰ্যাসটো সোমাই আছে। সামাজিক প্ৰাণী হিচাপে মানুহৰ বৰ্তি থকাৰ সূত্ৰ এইখিনিতেই।   


সোণজিৰা মাহীৰ নাড়ী
কেশৱ মহন্ত

ভালে দিন হৈ গ’ল
জিলালৈ অহা নাই সোণজিৰা মাহী, যাৰ
মুগাৰ মেখেলা পিন্ধা উদং ভৰিত
খম্ খম্ খোজ যাৰ

ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা
মাগুৰ বৰণ, যাৰ
পুৰুষৰ মন গলে বুলি, জুই লা গলাই লেপি
ক’লা কৰা দুয়োপাৰি দাঁত, যাৰ
ফটাকানি-সোপাহীন-কেৱল-চুলিৰ খোপা
কলডিল হেন আৰু ওৰণিৰে ঢকা

কাৰোবাৰ জীয়েকৰ চাদৰ ববলে তৰা যি তাঁতখনি
সোণজিৰা মাহীজনী তাৰেই শিপীনি,
তামোলৰ পিক্ মাৰি পৰৰ মাটিত
মোহাদেৱে চাই লয় যি বোকাখিনি,
সোণজিৰা মাহীজনী তাৰেই ৰোৱণী,
কপাহী মেখেলাখনি যাৰ ৰং বগা,
আধাৰো অধিক তাৰ বোকাৰেই ঢকা,
ঢেঁকী-তাঁত-পথাৰৰ কাম যাৰ কলীয়াৰ বাঁহী
সদায় ওঁঠত যাৰ লাগি থাকে
তামোলৰ ৰাগি লগা মোক - তোল - মোক- তোল
মিচ মিচ হাঁহি
সেইজনী লচ-পচ সোণজিৰা মাহী

পেটৰ জুৰণি যদি এমুঠি লখিমী হয়
বুকুৰ জুৰণি হব যদি
একেদিনে শেষ হয় বাৰ আষি কঠিয়াৰ ভুঁই
তথাপিও ভঁৰালত এবছৰে নাই যাৰ এমুঠিও ৰাহি

ভালে দিন হৈ গ’ল
জিলালৈ অহা নাই সেইজনী মাহী

যোৱাবেলি বহাগতে মাতিছিলোঁ আমি
‘‘মাহী
এইবাৰ হলে তই আহিব লাগিব
বিয়াত নাহিলি নাই
এইবাৰ বিহুতেই লগে-ভাগে এসাজ খাবলে’
সকলোৱে আশা পালি আছে’’

পাছে
মাহীৰ ন’হল অহা
তাৰো হেনো ঢেৰ কথা আছে।
তিংৰাই তৰণীৰ তিনি পুৰা মাটি
বছৰতো খাটি
যিখিনি ভাগত পৰে, তাৰে হেনো,
শাওণতে টেকেলি- কাতি
বাকী চাৰিমাহ হেনো ধিক্কাৰ লাগে
ইমান খাটনি খাটি লাভ হ’ল কি
এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি
ভাবিলেও, খেতি কৰে ঘুৰি বছৰত
নহলেনো বাৰু মৰোঁ বুলি নাৰ্জিলে খাব কি
আৰু বোলে ঢেৰ অসুবিধা

নেবাওঁ বুলিলেও যি নেনামে টিঙৰপৰা
সিসকল শিঙত খিৰোৱা

“এইবোৰ কথা বাৰু
কাক কম কোনে পতিয়াব
সেয়েহে মাহীয়ে মোলে’ সুধি পঠাইছিল
নোৰাৰনে তঁহতেই নিব।”

ঘৰৰ মানুহজনী মৰমতে পমা
হাতত যদিও নাই জমা
ধাৰে বান্ধে ৰূপ ডেৰকুৰি
পঠাই দিবৰ বাবে বৰ পেৰি আছে
ৰাতিৰ কলেজ পঢ়ি বি এ পাছ কৰা, আৰু
পিয়নৰ জলম এৰি কেৰাণীৰ কলমত ধৰা
এবছৰো হোৱা নাই, জানা
দৰ্মহা সৰ্বমু সাতান্নবৈ ঠকা আঠ অনা।

পঁচিছে তিয়াগি যোৱা ছবছৰ হ’ল
তিনিকুৰি বছৰৰ তিতা- কেঁহা খাই
আইৰ বৰ মন গ’ল
পুতেকৰ ঘৰ পাতি দিয়ে
সেয়ে,
হাতত যদিও নাই জমা
বিয়াৰ ধাৰো নাই কমা,
তথাপিও তথাপিও
ঘৰৰ মানুহজনী মৰমতে পমা।
নিতান্ত নগণ্য এই সামান্য ডেৰকুৰি টকা
সি কিনো কথা
প্ৰফেছৰ যদিওবা একেলগে পঢ়া শ্ৰী দীননাথ বৰা
তেঁওৰে হাতৰপৰা
আনিবতো পাৰোঁ মই সেই সামান্য ডেৰকুৰি টকা

এনেতে হঠাৎ চকামকা
দেখা পালোঁ সোণজিৰা মাইী
হাঁহি হাঁহি সুধি দিলোঁ “ টকা পালি ক’ত”
“তত ল বোপাই
থিতাদঁহে খালি টকা টকা”
বেথা ঢাকি কথা কোৱাত পকা
মাহীজনীক দেখা নাই কাহানিও চকুপানী টোকা
সেয়েহে সুধিলো ‘“মাহী
আজি দেখোঁ কথাবোৰ থোকা- থুকি তোৰ”
‘“মোৰ’” বুলি মাহীয়ে কান্দিলে আৰু ক’লে
‘“বিয়াতো ন’হল অহা। কোনদিনা চকু মুদোঁ
তাৰো ঠিক নাই। তাকে ভাবি আহিবলে’
উচ্ পিচ্ লাগি তোকেই খুজিলো টকা
তথাপিও চিন্তা হ’ল, তই জানো ধাৰ কৰি
ধন দি পঠাৱ, সেই ভয়তেই
সোণৰ কাৰণে থোৱা মাচুলখিনিকে
মোহাৰৰ পৰা গৈ জোৰেৰে আনিলোঁ
সোণক পঢ়াব লাগে, মোহাৰৰ এই আশা
ৰাখিবৰ বাবে বৰ ল’ৰা দেউতাকণক
পৰৰ ঘৰত হালোৱা ৰাখিছোঁ। তাৰোঁ...”

আৰু কিবা হয়তোবা কবলৈ আছিল।
এনেতে আহিল এইমাত্ৰ ৰেডিঅ’ৰ সংবাদ লৈ
শ্ৰী দীননাথ বৰা, একেলগে স্কুলত পঢ়াঃ
“পাইছানে কংগোৰ খবৰ
লুমুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে
পলিন লুমুম্বাজনী শোকতে বাউলী...”

মাহীজনী থৰ লাগি ৰ’ল।
কংগো কি, লুমুম্বা কোন, খায়নে কাণত পিন্ধে
মাহীয়ে নেপায় একো গম
একমাত্ৰ এষাৰ কথাই
বাৰে বাৰে আছে খুন্দিয়াই

“কোন এই মৰা কেচুঁৱাটি?

কোন তাৰ মাক? তাৰ পিতাকেই বা কোন?


জানোবা সিহঁতো মোৰে কোনোবা আপোন।”

পাদ-টীকা
 
১) ড০ মহেন্দ্ৰ বৰা, ‘অসমীয়া কবিতাৰ পৰিচয়’, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২ পৃ- ১৬
  ২) হীৰেন্দ্ৰনাথ দত্ত, 'অসমীয়া কবিতাৰ ধাৰা : ১৯৪১- ১৯৭৩’, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২
  ৩) চৈয়দ আব্দুল মালিক, 'কবিতা : ৰোমাণ্টিক পটভূমি’, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২
  ৪) পূৰ্বোল্লিখিত উৎস।
  ৫) ড০ হীৰেন গোহাঁই, হেম বৰুৱাৰ কবিতা, “হীৰেন গোঁহাই ৰচনাৱলী, প্ৰথম খণ্ড : বিষয় সাহিত্য”, সম্পাদক- শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, ২০০৯, পৃষ্ঠা- ৪৪০-৪৪৩, প্ৰথম প্ৰকাশ- পান্থপাদপ, মাৰ্চ-এপ্ৰিল, ১৯৮১
  ৬) পূৰ্বোল্লিখিত উৎস।
  ৭) কথাখিনি Ramkrishna Bhattacharya-ৰ “Introducing (and Critiquing) Narratology” নামৰ কাকত এখনৰ পৰা সংগৃহীত।
  ৮) Susan Sontag (ed.), “Introduction to the structural analysis of Narratives”, A Barthes Reader , London: Vintage, 1993, pp.251
  ৯) Stefan Kjerkegaard, “In the Waiting Room: Narrative in the Autobiographical Lyric Poem, Or Beginning to Think about Lyric Poetry with Narratology”, Narrative, Volume 22, Number 2, Published by The Ohio State University Press, May 2014, pp. 185-202
  ১০) Wolfgang Kemp, 'Narrative', Robert S. nelson, Richard Shiff (Ed.), "Critical Terms for Art History", Second Edition, The University of Chicago Press, p. 62
  ১১) ড০ চন্দ্ৰ কটকী, “আধুনিক অসমীয়া কবিতা”, অসম সাহিত্য সভা, প্ৰথম সংস্কৰণ ১৯৮০, দ্বিতীয়- ১৯৮৯, পৃষ্ঠা : ৯২
  ১২) পূৰ্বোল্লিখিত উৎস। পৃষ্ঠা : ৯৫
  ১৩) এই বিষয়ত আগ্ৰহীসকলে চাব পাৰে- Brian McHale, ‘Beginning to Think about Narrative in Poetry’, “Narrative”, Vol. 17, No. 1 (Jan., 2009), pp. 11-30
  ১৪) হীৰেন্দ্ৰনাথ দত্ত, 'অসমীয়া কবিতাৰ ধাৰা : ১৯৪১- ১৯৭৩, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২
  ১৫) কেশৱ মহন্ত, “সিপাৰত তুমি কল্পনা মোৰ”, সম্পাদক- অনুৰাধা শৰ্মা পূজাৰী, সাদিন গোষ্ঠী, জানুৱাৰী, ২০০৭, পৃষ্ঠা- ৩৫২
  ১৬) ড০ মহেন্দ্ৰ বৰা, ‘অসমীয়া কবিতাৰ পৰিচয়’, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২, পৃ : ১৪
  ১৭) Richard Schusterman-ৰ “Objectivity and subjectivity in Eliot’s Critical Theory”-ৰ দৰে লেখাত ইয়াৰ বিবৰণ আছে।
  ১৮) In 1856 John Ruskin complained that ‘objective’ and ‘subjective’ are “two of the most objectionable words that were ever coined by troublesomeness of metaphysicians…No words can be more exquisitely, and in all points, useless”, See: Richard Schusterman, “Objectivity and subjectivity in Eliot’s Critical Theory”
  ১৯) John Berger and Susan Sontag: To Tell A Story (1983) is a conversation between Berger and Sontag on the ethics of photography and storytelling, aired on Channel 4’s Voices, “a forum of debate about the key issues in the world of the arts and the life of the mind.”
  ২০) Stefan Kjerkegaard, “In the Waiting Room: Narrative in the Autobiographical Lyric Poem, Or Beginning to Think about Lyric Poetry with Narratology”, Narrative, Volume 22, Number 2, Published by The Ohio State University Press, May 2014, pp. 185-202
  ২১) Phelan, James. “Experiencing Fiction: Judgments, Progressions, and the rhetorical Theory of Narrative”, Columbus: The Ohio State Univ. Press, 2007. আৰু “The Implied Author, Deficient Narration, and Nonfiction Narrative: Or, What’s Off-Kilter in The Year of Magical Thinking and The Diving Bell and the Butterfly?” Style 45.1 (2011): 127–45
  ২২) McHale, Brian, “Beginning to Think about Narrative in Poetry.” Narrative 17.1 (January 2009): 11–27.
  ২৩) মহেন্দ্ৰ বৰা, অৱতৰণিকা, “নতুন কবিতা”, পৃষ্ঠা- ১১
  ২৪) হীৰেন্দ্ৰনাথ দত্ত, 'অসমীয়া কবিতাৰ ধাৰা : ১৯৪১- ১৯৭৩’, ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২
  ২৫) কেশৱ মহন্ত, “সিপাৰত তুমি কল্পনা মোৰ”, সম্পাদক- অনুৰাধা শৰ্মা পূজাৰী, সাদিন গোষ্ঠী, জানুৱাৰী, ২০০৭, পৃষ্ঠা- ১২৬
  ২৬) নলিনীধৰ ভট্টাচাৰ্য, 'কবিতা : আধুনিক যুগ', ড০ লীলা গগৈ (সম্পা.), "আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, বনলতা সংস্কৰণ, নৱেম্বৰ, ২০০২
  ২৭) টুনুজ্যোতি গগৈ, "কেশৱ মহন্তৰ গীত আৰু কবিতা", অনলাইন আলোচনী ‘মুক্তচিন্তা’ত পুনৰ প্ৰকাশিত, মূল ৰচনা-২০০৬।
  ২৮) কেশৱ মহন্ত, “সিপাৰত তুমি কল্পনা মোৰ”, সম্পাদক- অনুৰাধা শৰ্মা পূজাৰী, সাদিন গোষ্ঠী, জানুৱাৰী, ২০০৭, পৃষ্ঠা- ৪২৯


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

প্ৰেমে প্ৰতিবাদে পাৰফৰমেন্স আৰ্ট


[গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ বাবে, সম্পাদনা : হিমাক্ষী বৰা]
“Gauss, Riemann, and Einstein had between them come up with a description of how the space and time we exist in can be warped. They showed that space and time are not the fixed, unchanging stage on which the actions of the universe are played out. They are actually part of the performance”.
Jim Al-Khalili,
Everything and Nothing: The Amazing Science of Empty Space


বিদ্ৰোহমনষ্কতা পাৰফৰমেন্স আৰ্টৰ মজ্জাগত

শিল্পৰ সৈতে ৰাজনৈতিক চেতনা কিম্বা বিপ্লৱ, বিদ্ৰোহ আৰু প্ৰতিবাদৰ সংযোগ এটা আছেই। পাৰফৰমেন্স আৰ্ট-ৰ সৈতে এই সংযোগটো আৰু বেছি ওচৰ চপা। এই ৰাজনৈতিক চেতনা কথাষাৰ শিল্পবোধৰ পৰিসৰেৰে অলপ বহলাই বুজা হয়। কিন্তু কেতিয়াবা ই দেশৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিৰ সৈতে প্ৰত্যক্ষভাবেই যুক্ত হৈ পৰিব পাৰে। প্ৰত্যক্ষ ৰাজনৈতিক সংযোগে কামটোৰ শিল্ৰ্মূল্য হ্ৰাস কৰে নেকি, শিল্পী হিচাপে বা ব্যক্তি হিচাপে কৰ্তাৰ অৱস্থান বা ভূমিকা কি বা কেনে হোৱা উচিত এইবোৰ কথা লৈ বিতৰ্কৰ অৱকাশ থাকি যাব, দেধাৰ বিতৰ্ক হৈয়ো আহিছে। কিন্তু সমসাময়িকতা নিৰ্ভৰ ৰাজনৈতিক চেতনাৰ উপস্থিতিখিনিক কোনোপধ্যেই উলাই কৰা নাযায়। শিল্পৰ উদ্দেশ্য কি? শিল্পৰ অৰ্থ ক’ত নিহিত থাকে, তাৰ বিষয়বস্তু কিম্বাত্ভাষিক বক্তব্যত (কণ্টেণ্ট) নে তাৰ ৰূপ, গঢ়, আয়তন- এইবোৰত (ফৰ্ম)? এই প্ৰশ্নখিনিও চিৰকালৰ বাবেই অমীমাংসীত প্ৰশ্ন। কিন্তু এই সকলোবোৰ অমীমাংসীত প্ৰশ্নক বুকুত সামৰি লৈয়ো এটা বাগধাৰা হিচাপে, অৱস্থান গ্ৰহণ আৰু মনোবৃত্তিৰ নিৰ্ধাৰক হিচাপে শিল্পই এক এনন্য ভূমিকা পালন কৰি থাকিব।

পাৰফৰমেন্স আৰ্ট শিল্পৰ সকলোবোৰ প্ৰকাৰ বা ৰূপ-ভেদৰ ভিতৰত আটাইতকৈ বিতৰ্ক-জনক খণ্ড। পাৰফৰমেন্স আৰ্ট মানে কি বুলি সুধিলে যেনেকৈ ইয়াৰ নিৰ্দিষ্ট কোনো সংজ্ঞা নাই, তেনেকৈয়ে ইয়াক সংজ্ঞায়িত কৰিবৰ পদ্ধতিসমূহৰ বিৰুদ্ধেই প্ৰশ্ন তুলি পাৰফৰমেন্স আৰ্টে সমস্ত সম্ভাৱ্য বাটবোৰ এৰি অন্যবাটে আগুৱাই যাবলৈ উদগ্ৰীৱ হয়। এই যে কোনো সংজ্ঞাৰ মাজত নিজকে আৱদ্ধ কৰিবলৈ মান্তি হোৱাৰ মনোবৃত্তিটো- ই নিজেই এটা প্ৰদত্ত গঠণ বা স্থিতাৱস্থা বিৰোধী এটা ঘোষণা। সেই সূত্ৰে এটা বিশেষ সময় আৰু স্থানত এটা বিশেষ শৰীৰে যেতিয়া ঘোষণা কৰিবলৈ বিচাৰে- ময়েই আৰ্ট, আৰ্ট বা শিল্প সম্পৰ্কে কৌটিকলীয়া ভালেখিনি ধূতি-নীতিৰ ওপৰত ই আঘাত হানে। এই মজ্জাগত বিদ্ৰোহমনষ্কতায়েই পাৰফৰমেন্স আৰ্টক এটা ৰাজনৈতিক চৰিত্ৰ প্ৰদান কৰে। একধৰণৰ বিদ্ৰোহমনষ্কতা নাথাকিলে শিল্পই ছবি হিচাপে চাৰিকোণীয়া কেনভাচৰ ফ্ৰেমতে বেৰত ওলমি থাকিবলৈ ভাল পালেহেতেন, অথবা ভাষ্কৰ্য হিচাপে পৰম্পৰাগত মাধ্যম এটাৰেই ঠাই এডোখৰ আগুৰি থাকিলেহেতেন। সূক্ষ্ম দৃষ্টিৰে কবিতা বা গল্পয়ো আমাক বুজিবলৈ দিয়ে যে কেৱল শ্লোগানধৰ্মিতাতেহে যে প্ৰতিবাদ থাকে তেনে নহয়, বৰঞ্চ এপাহ ফুল ফুলি উঠাৰ বৰ্ণনাতো ৰাজনৈতিক চেতনা নিহিত থাকিবই পাৰে।

আলথুজাৰিয়ান মতাদৰ্শৰ ব্যাখ্যাটোৰ পিছৰ পৰা এই কথা স্পষ্ট হৈ পৰিছিল যে মতাদৰ্শ আচলতে থাকে আমাৰ দৈনন্দিন জীৱনত সততে সন্মুখীত হৈ থকা অপৰিত্যাজ্য উপাদানবোৰতে। জাতি, ধৰ্ম, ভাষা, গোষ্ঠী, ভৌগলিক স্থান, লৈংগিক পৰিচয় আদিৰ ভিত্তিত এক ব্যক্তি-অৱস্থানে যেতিয়া কথা ক’বলৈ লয় সেই কথা মূলগতভাবে ৰাজনৈতিকেই হয়। ৰাজনীতি শব্দটোক এনেকৈ এটা বহল পৰিসৰত আৰু সূক্ষ্ম বিচাৰবোৰেৰে বিবেচনা কৰিব নোৱৰালৈকে ৰাজনীতিয়ে কেৱল ৰজা-ভঙা-পতা কিম্বা ৰাজপথত সমদলবোৰকেই জনমানসত প্ৰতিনিধিত্ব কৰি থাকিব আৰু অসমৰ ক্ষেত্ৰত সেয়াই বহুকাল ধৰি হৈ আহিছে যিটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। ফলস্বৰূপে অসমৰ পৰিপ্ৰেক্ষিতত শিল্পীৰ বা লেখকৰ “সামাজিক দায়বদ্ধতা” সৃষ্টিশীল কৰ্মৰম্মূল্যায়নৰ এক অন্যতম মাপকাঠি হৈ থাকিও বেছিভাগ সময়তে সৃষ্টিশীল ব্যক্তিসকলৰ ৰাজনৈতিক স্থিতিৰ প্ৰকাশৰ সময়ত আকৌ একধৰণৰ দায়সৰা বা পলায়ণবাদী অৱস্থাংৰহণহে দেখা গৈ থাকে। আনহাতে প্ৰত্যক্ষ ৰাজনৈতিক সম্পৰ্ক থকা ৰচনাৰাজিক সাহিত্য শিল্পৰ ঘাই আলোচনা সমূহৰ পৰা সদায়েই পৃথক কৰি ৰখা হয়। একে এক পৰস্পৰ-বিৰোধী দ্বৈত অৱস্থান আমাৰ মাজত সঘনে দেখা দিয়া এটা প্ৰপঞ্চ।


পাৰফৰমেন্স-আৰ্ট, পাৰফৰমেন্স-অধ্যয়ণ আৰু প্ৰতিবাদৰ ভাষা

ফাউণ্ডেচন ফোৰ ইণ্ডিয়ান কণ্টেমপ’ৰেৰী আৰ্ট (থোৰতে ফিকা)ৰ ফালৰ পৰা ২০১৩ চনত এটা গৱেষণাৰ বাবে দিয়া অনুদানৰ অধীনত বেচ কিছুকাল পাৰফৰ্মেন্স আৰ্ট সম্পৰ্কীয় আলোচনা বিলোচনাৰ সন্মুখীন হৈছিলোঁ। ভাৰতবৰ্ষত এই শিল্পৰ চৰ্চা কৰা ভালেখিনি ন পুৰনি ব্যক্তিৰ সান্নিধ্যও লাভ কৰিছিলোঁ। পাৰফৰমেন্স আৰ্ট এতিয়া আৰু ভাৰতত একেবাৰে নতুন হৈ থকা নাই যদিও শিল্পৰ অন্যান্য ধাৰা, বা মাধ্যম বা ফৰ্মৰ তুলনাত ই আজিও নতুন। ইয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ প্ৰাথমিক কৌতুহলৰ পৰা ইয়াৰ একক চৰিত্ৰ আৰু বৈশিষ্ট্য নিৰূপন কিম্বা পাৰফৰ্মেন্স আৰ্ট ‘উপভোগ’ কৰাৰ পদ্ধতি-সমূহলৈকে সকলো দিশতে নতুন নতুন চিন্তাৰ অৱকাশ আছে। তাৰ পিছতে এছিয়া আৰ্ট আৰ্কাইভৰ সহযোগত ভাৰতত কৰ্মৰত শিল্পীসকলৰ ভিত্তিত পাৰফৰমেন্স আৰ্টৰ এটা ডিজিটেল সংগ্ৰহশালাৰ নিৰ্মানৰ কামত যুক্ত হ’বৰ সময়তো অনুধাৱন কৰিছিলোঁ যে এই সম্পৰ্কত নতুন প্ৰজন্মৰ উৎসাহ ক্ৰমাগতভাৱে বাঢ়িব লাগিছে, এই সম্পৰ্কীয় আলোচনাৰ প্ৰয়োজনীয়তাও বাঢ়িছে পিছে যিমানখিনি কাম ইতিমধ্যেই হৈ উঠিব লাগিছিল সিমানখিনি হৈ উঠা নাই। একে সময়তে অসমীয়া ভাষাতো লেখা মেলাৰ সৈতে জড়িত হৈ থাকোঁ বাবে মাজে সময়ে কিছু পাঠক বন্ধুৰ কৌতুহলৰো সন্মুখীন হওঁ। অসমীয়া ভাষাত এই সম্পৰ্কীয় কথা পাতিবলৈ আৰু বেছি অসুবিধা হয় মূলত: শৈল্পিক পৰিভাষাগত সমস্যাখিনিৰ বাবে। কিন্তু আমাৰ বিচাৰেৰে অসমৰ পৰিপ্ৰেক্ষিতত পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে। ন-শিকাৰু শিল্পী সকলৰ মাজত কৌতুহল উদ্ৰেক কৰাৰো প্ৰয়োজন আছে।

এই সমস্ত আলোচনাৰ প্ৰয়োজনীয়তাই কেৱল এইটোকেই নুসূচায় যে এইবোৰে পাৰফৰমেন্স আৰ্টৰ চৰ্চাহে কেৱল বৃদ্ধি কৰিব বা কৰা উচিত। পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় চৰ্চা আৰু আলোচনাই শিল্প সম্পৰ্কেই নতুন চিন্তা-ভাবনাৰ জন্ম দিব পাৰে আৰু সামগ্ৰিক ভাবে পাৰফৰমেন্স-অধ্যয়নৰ বাত এটাও যে মুকলি কৰিব পাৰে সেইখিনিহে বেছি গুৰুত্বপূৰ্ণ দিশ। কেইদিনমানৰ আগলৈকে কালচাৰেল-ষ্টাডিজ বোলা বিদ্যায়তনিক বিভাগটোও এটা নতুন বিভাগেই আছিল। পাৰফৰমেন্স-ষ্টাডিজৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাৰ সময়ো ইতিমধ্যেই আহি পৰিছে।

পাৰফৰমেন্স আৰ্ট সম্পৰ্কে অত্যুৎসাহী মুষ্টিমেয় এচামৰ বিপৰীতে ইয়াৰ প্ৰতি বিৰাগ ভাব পোষণ কৰা এটা বুজন সংখ্যক লোক আমাৰ মাজত দেখা পোৱা যায়। এই বিৰাট সংখ্যাৰ পক্ষটোৰ মতে পাৰফৰমেন্স আৰ্ট বা এই সম্পৰ্কীয় কথা বতৰাৰো কোনো প্ৰয়োজন নাই। তেওঁলোক সততে নন্দনতত্বৰ নাম লৈ দৃষ্টিনন্দন, সুখপাঠ্য আৰু শ্ৰুতিমধুৰ কিবা এটাৰ নিৰ্মাণ কৰাটোকেই শিল্প বুলিবলৈ আগ্ৰহী। জীৱনটো যিমানেই দ্ৰুতগতিত সলনি হৈ গৈ নাথাকক শিল্প সংক্ৰান্তীয় চিন্তা-ভাবনাখিনিক তেওঁলোকে স্থৱিৰ কিবা এটা বুলিয়ে ভাবি সন্তুষ্টি লভে। কোনোবাখিনিক এটা বৌদ্ধিক অনীহাৰ ফলতে শিল্প যে একধৰণৰ চিন্তন আৰু মন প্ৰক্ৰিয়া সেইটোও মানি ল’বলৈ এই পক্ষটো নাৰাজ। কিন্তু তাৰ মাজতো কিছু লোক আছে যি আগ্ৰহ প্ৰকাশ কৰে কিন্তু শিল্প সংক্ৰান্তীয় চিন্তা-চৰ্চাৰ এটা সুচল পৰিৱেশ আমাৰ মাজত নাই বাবেই ওৰ মোৰ নোপোৱাত ৰয়। এনে ক্ষেত্ৰত পাৰফৰমেন্স আৰ্ট বুলি এই আহুকলীয়া “আৰ্ট” শব্দটো যুক্ত নকৰাকৈও অন্তত: পাৰফৰমেন্স বুলি কৈয়ো কিছুমান দিশলৈ নতুনকৈ চাবলৈ শিকিব পাৰি।

অলপ সাধাৰণীকৰণ কৰি ক’ব পাৰি যে সকলোবোৰ বস্তুৱেই একোটা নিৰ্দিষ্ট স্থান আৰু কালত অৱস্থান কৰি ঘটি থকা একো একোটা পাৰফৰমেন্স মাত্ৰ। আৰ্ট শব্দটোক মুকলি কৰি দিলেও ৰাজনীতিয়েই হওক বা পদাৰ্থ বিজ্ঞানেই হওক, েকোটা পৰিঘটনাক পাৰফৰমেন্স বুলি চোৱাৰ যুক্তিযুক্ততা পুৰামাত্ৰাই থাকে। আনকি থিয়েটাৰ বা নাটকৰ কৰ্মীসকলেও এটা পৰ্যায়ৰ পিছৰ পৰা নাটককো এটা ঘটি যোৱা ঘটনা হিচাপেই চাবলৈ ভাল পোৱা হয়। বিয়া-সবাহকে ধৰি যিকোনো লোক-পৰম্পৰাৰ অন্তৰ্গত গীত-মাতৰ উদাহৰণবোৰকো ঘটনা বুলি চাব পাৰি। বিৰাট সাংস্কৃতিক আয়োজনবোৰৰ পৰা দৈনন্দিন জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম ঘটনাবোৰ যেনে বাটৰ কাষত জীৱিকাৰ বাবে কোনোবাই খেল দেখুৱাই থকা, বাচৰ ভিতৰত ৰহণ লগাই লগাই কথা কৈ কৈ সামগ্ৰী বিক্ৰী কৰা, মাটি খন্দা মেচিনে মাতি খান্দি থাকোতে তাকে চাবলৈ জুম বান্ধি থকা মানুহবোৰ- এই সকলোবোৰেই পাৰফৰমেন্স। এটা বিশেষ সময়ত আৰু স্থানত ঘটা এটা বিশেষ ঘটনাই কি অৰ্থ বহন কৰে? কি বাৰ্তা কঢ়িয়াই আনিব পাৰে? এজন চিন্তাশীন ব্যক্তি হিচাপে এনে একোটা ঘটনাৰ দৰ্শনে কিবোৰ ভাবৰ উন্মেষ ঘটাব পাৰে?

দেশৰ ৰাজনীতিৰ ক্ষেত্ৰত বিগত পাঁচটা বছৰ, বিশেষকৈ এই চলিত ২০১৯ চনটো অত্যন্ত গুৰুত্বপূৰ্ণ। শাসনাধিস্থ ভাৰতীয় জনতা পাৰ্টী আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ কাৰ্যকালত দেশজুৰি ইমানবোৰ ঘটনা ঘটিব লাগিছে যে প্ৰতিদিনেই অভূতপূৰ্ৱ কিছু খবৰে সমাজ জীৱনতো আলোড়নৰ সৃষ্টি কৰি আহিছে। মোডি ডাঙৰীয়াৰ ভাষণৰ পৰা আৰম্ভ কৰি বিমুদ্ৰাকৰণ, জি এছ টি লাঘু কৰাকে ধৰি সকলোবোৰ চৰকাৰী উদ্যোগৰ মাজতো বিৰাট পাৰফৰমেন্স সোমাই আছে। এই ঘটি থকা কাৰবাৰবোৰকো একোটা পাৰফৰমেন্স হিচাপে অধ্যয়ণ কৰাৰ এটা অৱকাশ নিশ্চয় আছে। কেৱল পাৰফৰমেন্স হিচাপেই নহয়, পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় কথাবতৰাতো সততে যিখিনি দিশ লৈ আলোচনা হৈ থাকে সেইখিনিৰ বিচাৰেৰেও এইবোৰক চাব পাৰি। ২০১৮ চনৰ জানুৱাৰী মাহত কলকাতা ইণ্টাৰনেচনেল ফাৰফৰমেন্স আৰ্ট ফেষ্টিভেল (কিপাফ, ২০১৮)-ত এটা পাৰফৰমেন্স কৰিবলৈ গৈ পাৰফৰমেন্সৰ নামেৰে ধেমালীৰ ছলেৰে কিছুমান কথাহে কৈছিলোঁ। কথাখিনি থোৰতে এনেধৰনৰ আছিল যে- এই সময়ৰ শ্ৰেষ্ঠ পাৰফৰমেন্স আৰ্টিষ্ট কোন- এই প্ৰশ্নটো কোনেও কৰা নাই যদিও এই প্ৰশ্নটোৰ এটা উত্তৰ মোৰ হাতত আছে, সেই আৰ্টিষ্টজন হ’ল- নৰেন্দ্ৰ দামোদৰ মোডি। পাৰফৰমেন্স আৰ্টে সৰ্বপ্ৰথমে শিল্পীৰ শাৰীৰিক উপস্থিতি, শৰীৰৰ নিয়োজনক লৈ কথা কয়। মোডি ডাঙৰীয়ায়ো কোনো বিৰতি নোহোৱাকৈ দৈনিক ওঠৰ ঘণ্টাকৈ নিজৰ শৰীৰক ব্যস্ত ৰখাৰ কথা কয়। পাৰফৰমেন্স আৰ্টে এটা চমক বা ‘চক’ৰ কথা কয়। মোডি ডাঙৰীয়ায়ো এটাৰ পিছত আন এটা চমক দেশবাসীক দি আহিছে। ধেমালীৰ ছলেৰে হ’লেও কোৱা এইলানি খুহুতীয়া কথাৰ মাজেৰে আচলতে পাৰফৰমেন্স আৰ্ট বোলা কথাষাৰে যিখিনি চৰিত্ৰ আৰু বৈশিষ্ট্যক সাঙুৰি লয় সেইখিনিৰ কথা পাতিবলৈ এটা বাট মোকোলাই লোৱা হৈছিল। পৰিশেষত আৰু এটা দিশলৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা হৈছিল যে ক্ৰমআগতভাবে পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় চৰ্চা আমাৰ দেশত বাঢ়িব লাগিছে যদিও একেখিনি কথাৰ চৰ্বিত চৰ্বন আৰু একেখিনি পৰিৱেশতে ইয়াৰ চৰ্চা নিবদ্ধ থকাৰ ফলত ইয়াৰ আচল উদ্দেশ্য যেন সিদ্ধ হোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে। সামগ্ৰিক ভাবে শিল্পজগতৰেই একধৰণৰ ব্যৰ্থতা আজিৰ সময়ত দেখা গৈছে। শিল্পই যি ব্যতিক্ৰমী, বৈপ্লৱিক আৰু ‘ৰেডিকেল’ প্ৰকাশৰ প্ৰতিশ্ৰুতি দিয়ে তেনেধৰণৰ প্ৰতিশ্ৰুতি আজিকালি শাসক পক্ষইহে বেছি ভালকৈ আয়ত্ব কৰি লৈছে। কথা আছিল স্থিতাৱস্থা বিৰোধী চিৰ-উন্মুক্ত মনৰ শিল্পীবৃন্দই নতুন ভাসাৰে কথা পাতিব। কিন্তু স্থিতাৱস্থাৰ পোষক শ্ৰেণীহে আজিৰ তাৰিখত অধিক সবাক হৈ ৰৈছে। কেনেবাকৈ শিল্পীসকলে নতুন কথা পাতিবলৈ এৰিছে নেকি? এটা নতুন বাতৰ সন্ধান কৰিবলৈ শিল্পীসকল ব্যৰ্থ হৈছে নেকি?

তাৰো এবছৰমান আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত আয়োজিত এটা কৰ্মশালা সদৃশ অনুষ্ঠানত “পাৰফৰমেন্স আৰ্ট আৰু প্ৰতিবাদৰ ভাষা” শীৰ্ষক এটা এদিনীয়া মুখামুখিৰ আয়োজন কৰা হৈছিল। তাতো মূল কথাখিনি আছিল এই যে বহুভাষিক, বহু-সংস্কৃতিক-সন্মিলনেৰে ভৰা অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত পৰিৱেশন সম্পৰ্কীয় কথাখিনিয়ে যেনেকৈ মনযোগ আকৰ্ষণ কৰিব লাগিছিল তেনেকৈ কৰিব নোৱৰাটো দুৰ্ভাগ্যৰ কথা। বিগত চল্লিশ বছৰ ধৰি অসম প্ৰতিবাদৰ কাৰ্যকলাপেৰে অশান্ত। কিন্তু প্ৰতিবাদৰ বাবে এটা নতুন প্ৰায়োগিক আৰু ফলপ্ৰসু ভাষাৰ সন্ধান কোনেও নকৰিলে। অসম বন্ধৰ দৰে ইমান শক্তিশালী নৈৰাজ্যবাদী কাৰ্যকো ইমান সঘনে ব্যৱহাৰ কৰি থকা হ’ল যে আজিৰ তাৰিখত আৰু অসম বন্ধই কোনো মানে কঢ়িয়াই নানে। গোটেই ৰাজ্যখনৰ অগণিত মানুহৰ জীৱন-যাত্ৰা ব্যাহত হোৱাৰ পিছতো সি আৰু কোনো চমক সৃষ্টি কিম্বা দাবী সাব্যস্ত কৰিবলৈ সমৰ্থবান নহয়গৈ। তেনেহ’লে কিবা প্ৰতিবাদ এটা সাব্যস্ত কৰিবলৈ আমি কৰ্মপন্থা হাতত ল’ম? ৰাস্তাত থিয় হৈ সলোগান দিয়াটোৱেই কিম্বা আমৰণ অনশনৰ দৰে আয়োজনখিনিয়েই বিপ্লৱৰ পন্থা হৈ থাকিব নেকি? কি হ’ব আমাৰ প্ৰতিবাদৰ ভাষা? কি ভাষাৰে কথা ক’লে যাক আমি কথাবোৰ শুনাবলৈ বিচাৰিছোঁ তেওঁলোকে শুনিবলৈ পাব? বিপ্লৱৰ মানে কেৱল চৰকাৰ কিম্বা শাসকৰ পক্ষৰ বিৰোধিতায়েই নহয়। প্ৰতিবাদৰ কথা বা বক্তব্য জনগণৰ কাণত পৰাটোও এটা দিশ। এনে ক্ষেত্ৰত আজি প্ৰতিবাদ আৰু প্ৰতিবাদৰ ভাসা সম্পৰ্কে নতুনকৈ ভাবিবৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰতিবাদক এটা পাৰফৰমেন্স হিচাপে চাবলৈ শিকিলেহে এই নতুন ভাষাৰ সন্ধানটোৱেও এটা নতুন মোৰ পাবগৈ পাৰিব।      





সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (সাতত্ৰিশ): এজেন্সী আৰু ঘৰুৱা পৰিৱেশত শিল্পৰ আয়োজন


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৯ জুন, ২০১৯]
শিল্প সম্পৰ্কীয় আলোচনা আমাৰ ভাষাত এনেয়েও কম, তাতে আকৌ ব্যৱহাৰিক দিশৰ কথা বতৰাখিনি পাতিবলৈ সুবিধাও নাই। “শিল্প মানৱ সমাজৰ আদিম প্ৰবৃত্তি”- ধৰণৰ কথাখিনি কিম্বা এহাতে সৌন্দৰ্যতত্ব আৰু আনহাতে সামাজিক দায়বদ্ধতাৰ দৰে গুৰু-গম্ভীৰ কথাৰ মাজত প্ৰায়োগিক দিশৰ বহু কথা নোকোৱাকৈ ৰৈ যায়। ন-শিকাৰুসকলকো শিল্প এক সাধনা কিম্বা জীৱন-বীক্ষা বুলি পতিয়ন নিয়াবলৈ গৈ থাকোতে ক’বলৈ থাকিয়েই যায় যে কিছুমান সামাজিক সাংগঠনিক এজেন্সী অৰ্থাৎ কৰ্তৃপক্ষ, মাধ্যম, মধ্যস্থতাকাৰী আদিৰ সক্ৰিয়তাতহে শিল্পসম্পৰ্কীয় কথা-বতৰাই এটা স্থান আগুৰিবলৈ সক্ষম হয়। শিল্পৰ চৰ্চা সকলোবোৰৰ পৰা মুক্ত এক পৰম সাধনা বুলি ভাবি থকাটো ভুল। কথাখিনি সহজকৈ বুজাবলৈ হ’লে কবিতাৰ উদাহৰণ দিবও পাৰি। কবিতা সম্পৰ্কে যিমানেই যি উচ্চ ধাৰণা নাথাকক কিয়, কবিতাৰ গতি-বিধি আৰু চৰিত্ৰ নিৰূপণ কৰে কবিতাটো প্ৰকাশ কৰা কাকত আলোচনীয়ে সৃষ্টি কৰি দিয়া এটা পৰিৱেশ, তাৰ অৱলোকন কৰা সমালোচক-আলোচক সমাজ, কবিতাৰ ইতিহাস সম্পৰ্কে এটা সম্যক ধাৰণা আমাৰ মাজত গঢ় দি তাক বৰ্তাই ৰখা বিদ্যায়তনিক বৌদ্ধিক সমাজ আদিয়ে। এইখিনিয়েই এজেন্সী। এই এজেন্সীখিনি সদায়ে সক্ৰিয় হৈ থাকিলেও শিল্পৰ মূলগত আলোচনাখিনিত ইহঁতবোৰ প্ৰায়ে উহ্য থাকে। অসমত সাহিত্যৰ, বিশেষকৈ কবিতাৰ ব্যাপক চৰ্চাৰ কাৰণ যে বিৰাট সংখ্যাত প্ৰকাশ হোৱা কাকত-আলোচনীসমূহ সেয়া নুই কৰা নাযায়। ইয়াত বাতৰি-কাকততো পৃষ্ঠা ভৰাই কবিতা প্ৰকাশ হয়। কবিতাৰ উদাহৰণেৰে কথাখিনি ক’বলৈ সুবিধা হ’ল কাৰণ কথাখিনি পাতোতেও শব্দই আমাৰ আশ্ৰয়, কবিতাটোতো শব্দই আশ্ৰয়। কবিতা বিৰাট সংখ্যাত মুদ্ৰণ, পুনৰ-মুদ্ৰণ, পাঠ, পুনৰ পাঠ কৰি গৈ থাকিব পাৰি। এইবোৰৰ বাবে প্ৰকাশন গোষ্ঠী আছে, স্ব-প্ৰকাশনৰ ব্যৱস্থাবোৰ আছে, কবিচক্ৰ বা কবি সন্মিলন আছে। কবিতা পঢ়ুওৱা শ্ৰেণীকোঠাবোৰো আছে। শেহৰ ফালে ৱাটছ-আপ বা ফে’চবুকৰ কথা নক’লোৱেই বা। চৰ্চাৰ প্ৰকাশ কিম্বা প্ৰদৰ্শনৰ ক্ষেত্ৰ সমূহে আমাৰ শৈল্পিক চেতনাকো নিয়ন্ত্ৰণ কৰি গৈ থাকে। তেওঁলোকে আমাক কৈ দিয়ে কোনটো শিল্প ভাল, কোনটো বেয়া; এই সময়ৰ চলতি ট্ৰেণ্ড কি আৰু কোন বাটেৰে চৰ্চা আগুৱাই গৈ থাকিলে কলা-কুশলীসকল লাভৱান হ'ব। ব্যক্তিৰ সাধনা আৰু শিল্পৰ প্ৰায়োগিক ব্যৱহাৰিক দিশসমূহ, এমেচাৰ আৰু পেছাদাৰীত্ব- এইখিনিৰ সম্পৰ্কবোৰ জটিল। শিল্পক ব্যক্তিমনৰ নিৰলস সাধনাৰ ফচল বুলি মানি থকাৰ লগে লগে ব্যৱহাৰিক প্ৰায়োগিক দিশ সমূহৰ বিষয়েও সমানেই আলোচনা কৰাৰ প্ৰয়োজনীয়তা থাকে।
ত’ম’ সেতোৰ ঘৰুৱা আয়োজন “Someone’s House”
  
ত’ম’ সেতোৰ ঘৰুৱা আয়োজন “Someone’s House”

দৃশ্যকলাৰ বাবে সেই অনুপাতে কলাবীথিকাবোৰ থাওকতে পোৱাতে নাই। মিউজিয়াম নাই। প্ৰদৰ্শনৰ বিকল্প ব্যৱস্থাও নাই। দুই এক ব্যৱস্থা অ’ত ত’ত থাকিলেও চকুৰে চোৱাৰ অভ্যাস এটা যে লাগে তাৰ প্ৰাথমিক জ্ঞানখিনিও নাই। কিন্তু সেইবুলিয়েই যে ‘জকাইচুকত’ বহি নীৰৱে সাধনা কৰা, কেতিয়াও কোনো দৰ্শকৰ বাবে উন্মোচনৰ ব্যৱস্থা নকৰা এজন প্ৰচাৰ বিমুখ শিল্পীৰ কামত আমি কৈ থকা ‘এজেন্সী’খিনিৰ কোনো প্ৰভাৱ নাই তেনে নহয়। কোনো এজেন্সীৰ সৈতে প্ৰত্যক্ষ সংযোগ নাথাকিলেও জ্ঞান-নিৰ্মান-পদ্ধতি সমূহ পাকে প্ৰকাৰে সেই একেখিনি এজেন্সীৰ দ্বাৰা নিৰ্মিত ব্যৱস্থাৰ মাজেদি সৰকিয়েই আহিছে। একেদৰে ছবিখন চাবৰ পদ্ধতিখিনিও একোটা সংস্থান আৰু সংযুতিৰ পৰা বাহিৰত নহয়। ছবিখনৰ উচ্ছল আৰু বহুতৰপীয়া ৰঙৰ প্ৰলেপখিনি যদি আমাৰ মানত মনচ্ছায়াবাদী, তাক মনচ্ছায়াবাদী বুলি উপভোগ কৰিবলৈ ছবিখনে ঊনবিংশ শতিকাৰ ফৰাছী শৈল্পিক সমাজৰ কিবা অনুষংগ বহন কৰিবই লাগিব বুলি কথা নাই। কিন্তু তৰপে তৰপে অভিজ্ঞতাই মানৱ চেতনা আৰু অনুভূতিক কালক্ৰমত সমৃদ্ধ কৰি গৈ থাকে যাৰ পৰা একক ব্যক্তিবিশেষক পুনৰাই বিচ্ছিন্ন কৰি ৰাখিব নোৱাৰি। 

অনুপম শইকীয়াৰ ঘৰুৱা আয়োজন “Someone’s House 02”

দৃশ্যকলাৰ বাবে উপযুক্ত কলাবিথীকা নাই বুলি হামৰাও কাঢ়ি থকাৰ সমানে সমানে আনফালে শিল্পৰ জগতত আৰ্ট গেলেৰীবোৰৰ প্ৰতি বিৰাট অনীহা আৰু বিৰাগেও জন্ম লৈছে। কাৰণ কেইবাটাও। ভালেখিনি শিল্পীয়ে সেই গেলেৰী ব্যৱস্থাটোৰ মাজত সোমাবলৈ যিখিনি প্ৰয়াস কৰিব লাগে সেইখিনি কৰিবলৈ নাৰাজ। বেছিভাগ শিল্পীৰে অলপ অন্তৰ্মুখী কিম্বা লাজকুৰীয়া স্বভাৱ এটা থাকে। সামাজিক স্তৰত, ব্যৱসায়িক লেন-দেনত তেওঁলোক সিদ্ধহস্ত নহ'বও পাৰে। ঠিক যেনেকৈ লিখি ভাল পোৱা কিন্তু নিজৰ কিতাপ প্ৰকাশৰ বাবে প্ৰকাশকক নেৰানেপেৰাকৈ কুটুৰি থাকিবলৈ অক্ষম হোৱা লেখকো আমাৰ মাজত আছে। এটা বিশেষ ব্যৱস্থৰ মাজেৰে গৈ ধনীক আৰু ব্যৱসায়িক গেলেৰী-অধিকাৰীসকলৰ তোষামোদৰ মাজেৰে শিল্প প্ৰদৰ্শণতকৈ শিল্পৰ নিৰ্মাণৰ আৰু দৰ্শনৰ আন্তৰিক আৰু কায়ক ভাবেও অন্তৰংগ অভিজ্ঞতাখিনিকহে কিছুমান শিল্পীয়ে গুৰুত্ব দিব খোজে। গেলেৰী ভিত্তিক ব্যৱস্থাৰ সৈতে তাল-মিল ৰাখিবলৈ যে এইখিনি শিল্পী অপাৰগ, কিম্বা কোনোবাজন অপাৰগ হ'লেও সেইটোৱেই যে মূল কথা তেনে নহয়। কথাখিনি আদৰ্শগতও। শিল্পৰ সংগ্ৰহ, প্ৰদৰ্শন আৰু দৰ্শনৰ বাবেই গেলেৰীসমূহ যদিও সুসজ্জিত সেই বিথীকাসমূহত শিল্পদৰ্শনৰ বেলিকা একধৰণৰ বিচ্ছিন্নতাৰ অনুভৱো অনেকেই ব্যক্ত কৰে। ইয়াত শিল্পৰ সৈতে একাত্মতা বা অন্তৰংগতা প্ৰায়েই স্থাপন নহয়। সেয়েহে কোনোৱা শিল্পীৰ কাম সম্পৰ্কে আগ্ৰহ জন্মিলে দ্ৰষ্টা যাবলগীয়া হয় শিল্পীৰ ষ্টুডিঅ'লৈ, কৰ্মশালালৈ। শিল্প-শিক্ষাৰ অনুষ্ঠানসমূহত শিক্ষাগ্ৰহণৰ কাললৈকে উঠি অহা শিল্পীসকলে সহপাঠী, শিক্ষক কিম্বা তেওঁলোকৰ ষ্টুডিঅ'লৈ সঘনে অহা যোৱা কৰা বিভিন্ন ব্যক্তিৰ সান্নিধ্যত এটা অনন্য পৰিৱেশ লাভ কৰে। কামৰ অভিজ্ঞতা সম্পৰ্কে দৈনিক কথা বতৰা হয়। কিন্তু সেই প্ৰাতিষ্ঠানিক দেওনা পাৰ হোৱাৰ পিছতে বহল সমাজখনত সকলো ব্যক্তি-জীৱন বিচ্ছিন্ন হৈ পৰে। একক আৰু বিচ্ছিন্ন শিল্পীসকলৰ বাবে দৈনিক কথা-বতৰা আৰু অভিজ্ঞতাৰ ভাগ-বতৰাৰ পৰিৱেশ এটা বিচাৰি উলিওৱাটো কিম্বা নিজাকৈ নিৰ্মাণ কৰি লোৱাটো বৰ সহজ কথা নহয়।  
ঘৰুৱা ষ্টুডিঅ’ত শিল্পী মৌমিতা ঘোষৰ আয়োজন

আনহাতে শিল্পীৰ ষ্টুডিঅ'লৈ মাজে মাজে কলাৰসিকৰ আগমন খুব নতুন কথাও কিন্তু নহয়। এজন শিল্পীৰ বিষয়ে লিখিবলৈ কলা-সমালোচক বা কিউৰেটৰে বাৰে বাৰে ষ্টুডিঅ' পৰিদৰ্শন কৰিবলগা হয়। শিল্পীৰ কাম তাৰ কৰ্মৰত অৱস্থাতে চাবলৈ বিচাৰে, শিল্পীৰ সৈতে কথা পাতে, কৰ্মপদ্ধতি আৰু মাধ্যম সম্পৰ্কে বুজ লয়। ঊনবিংশ শতিকাত শিল্পীৰ ষ্টুডিঅ'ই আধুনিকতাবাদী প্ৰপঞ্চসমূহক গঢ় দিয়াত এক বিশেষ ভূমিকা পালন কৰিছিল। ইউৰোপীয় ৰেণেছাঁৰ পৰৱৰ্তী কালত বিভিন্ন শিল্পীৰ সৃষ্টিতেই আহি শিল্পীৰ নিজৰ ষ্টুডিঅ'টো যেনেকৈ বাৰে বাৰে সোমাইছেহি, শিল্পীৰ ষ্টুডিঅ'ত হোৱা গল্প-গুজৱ আৰু আড্ডাৰ মুখৰোচকৰ কাহিনীয়েও আমাক আমোদ দি আহিছে। এনেকুৱা ষ্টুডিঅ'ত হোৱা কথা-বতৰাৰ আধাৰতেই আধুনিকতাবাদৰ বিশাল চন্দ্ৰতাপখনৰ তলৰ বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্প আন্দোলনৰ খচৰাও প্ৰস্তুত হৈছিল। 
ষ্টুডিঅ’ত পিকাছো

নিৰজ সৎপতিৰ ঘৰত “ঢালাও ২০১৮”

২৯ এপ্ৰিল, ২০১৮ তাৰিখে ত'ম' সেতো নামৰ জাপানী শিল্পী এগৰাকীয়ে দিল্লীত তেওঁ থকা অকণমানি এপাৰ্টমেণ্টটোতে এটা পাৰফৰমেন্স আৰ্টৰ সমাৱেশ পাতিছিল, নাম ৰাখিছিল- Someone's House (কাৰোবাৰ ঘৰ)। তাৰে আৰ্হি লৈ শিল্পী অনুপম শইকীয়াই ২৮ মে' ২০১৮ তাৰিখে কলকাতাৰ সেইসময়ৰ বাসগৃহতে আন এটা আয়োজন কৰিলে। নিৰজ সৎপতি নামৰ ওড়িশাৰ শিল্পীজনে "ঢালাও" নামেৰে দিল্লী আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাৰ নিজৰ ঘৰতে তেওঁৰ সমস্ত কামৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি আৰু কেইবাজনো শিল্পীক তাতে নিজৰ কাম প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিল ২৮ আৰু ২৯ চেপ্তেম্বৰ, ২০১৮ তাৰিখে। মৌমিতা ঘোষ নামৰ আমাৰ নিকট শিল্পী এগৰাকীয়ে বিগত বেছ কিছুদিন ধৰি নিজৰ বাসস্থানকে কেন্দ্ৰ কৰি কিছু কামৰ পৰিকল্পনা কৰি আছে য'লৈ মানুহ আহিব, কাম চাব, কথা পাতিব, কৰ্মশালা হ'ব, নিজৰ বসবাসৰ ঘৰটোৱেই হৈ উঠিব সাময়িকভাবে একোটা প্ৰদৰ্শশালা। কেৱল যে শিল্পৰ নামেৰে কাগজ বা কেনভাচত অঁকা ছবিবোৰেহে এটা গুৰুত্ব পাব সেয়া নহয়। দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা বিচনাখন, পাকঘৰটো বা আন আন গতানুগতিক আচবাববোৰেও এটা নিৰ্দিষ্ট সময়ৰ বাবে নতুন মাত্ৰাৰ অৰ্থ বহন কৰি চলিব। যোৱা এক আৰু দুই জুন তাৰিখে একেধৰণৰ আন এটা উদ্যোগ আমি চাবলৈ পালোঁ। নয়ডাৰ এটা ভাড়াঘৰত থকা প্ৰতিভা সৰকাৰ নামৰ শিল্পীগৰাকীয়ে নিজা বাসস্থানতে "চা ও গপ্পো" নামেৰে এখনি প্ৰদৰ্শণীৰ আয়োজন কৰিলে। পাঁচগৰাকী সমসাময়িক শিল্পীয়ে তাতে ঘৰুৱা পৰিৱেশত কাম চালে, কথা পাতিলে। আমি উপস্থিত থাকিও অনুভৱ কৰিছিলোঁ, লগতে প’ৰ্চিয়া ৰয় নামৰ শিল্পী গৰাকীয়ে উচ্ছাসেৰে সৈতে জানিবলৈ দিয়ে যে সমসাময়িক শিল্পৰ জগতৰ কোনো খা খবৰ নৰখা ওচৰ চুবুৰীয়া সাধাৰণ মানুহখিনিয়েও আহি যেনেকৈ শিল্পদৰ্শনৰ অংশীদাৰ হৈছিলহি সেয়া সঁচায়ে অভাৱনীয়।

ঘৰুৱা আয়োজন “চা-ও-গপ্পো”-ৰ আংশিক দৃশ্য

অসমৰ দৰে ঠাইত য'ত আৰ্ট গেলেৰী আৰু সংগ্ৰহশালাৰ অভাৱৰ কথা বাৰে বাৰে কৈ থকা হয়, তাৰ লগতে সমানে গুৰুত্বপূৰ্ণ শিল্প চোৱাৰ নিয়মিত অভ্যাসটো নথকাৰ কথাও আমি পাতি থাকোঁ, তাত এনেধৰণৰ উদ্যমবোৰ অত্যন্ত ফলপ্ৰসু হ'ব পাৰে। একোটা প্ৰাতিষ্ঠানিক আয়োজনৰ বাবে ৰৈ থকাৰ প্ৰয়োজন নাই। শিল্পী সকলে ব্যক্তিগত স্তৰত কিম্বা দুজন তিনিজন মিলি নিজৰ ঘৰুৱা পৰিৱেশতে শিল্পৰ প্ৰদৰ্শনৰ আয়োজন কৰি বন্ধু বান্ধৱসকলক নিমন্ত্ৰণ জনাব পাৰে। ২ জুন (২০১৯) তাৰিখৰ "আমাৰ অসম" কাকতত ধ্ৰুৱজ্যোতি বৰাদেৱে সদ্যপ্ৰয়াত শিল্পী বেণু মিশ্ৰৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যক্তিগত লেখা এটা লিখিছিল য'ত উল্লেখ কৰিছে- "বেণুদাৰ বাসগৃহতে তেখেতৰ চিত্ৰ আৰু ভাস্কৰ্যৰ এটা সুন্দৰ সংগ্ৰহালয় গঢ়ি তোলা হৈছে বুলি জানিব পাৰিছোঁ"। চালুকীয়া বয়সত আমিও কবি হীৰেন ভট্টাচাৰ্যদেৱৰ ঘৰ "স্নেহতীৰ্থ"লৈ গৈছিলোঁ। নীলপৱন বৰুৱা, নীলমণি ফুকন আদিৰ ঘৰলৈকো গৈছিলোঁ। এতিয়াও এইখিনি পুৰোধা ব্যক্তিৰ ঘৰলৈ যোৱাৰ হেঁপাহ এটা অনেকেই মনতে পুহি ৰাখে। ফুকনছাৰৰ ঘৰটো বা ঘৰৰ সন্মুখৰ বাগিচাখন চাই আহিলে সেই অভিজ্ঞতা কোনোবা কলাবিথীকা দৰ্শনৰ অভিজ্ঞতাতকৈ কোনোগুণে কম নহয়। এইখিনি কথাৰ পৰাই এই সময়ৰ কৰ্মৰত অসমীয়া শিল্পীসকলে ঘৰুৱা পৰিৱেশতে নিজাববীয়াকৈ শিল্প দৰ্শনৰ অভ্যাসৰ পৰিৱেশ একোটা গঢ় দি ল'ব পাৰে। লগতে উল্লেখ কৰি থওঁ যে বিৰাট আয়োজনৰ কোনো প্ৰয়োজন নাই। আনুষ্ঠানিকতাও পৰিহাৰ্য। আলোচনাৰ নামত "মই বিশেষ একো নকওঁ" বুলি কৈ এঘণ্টা ভাষণ দিয়া কিম্বা গামোচা-লুভীয়া মহামাণ্য ব্যক্তিসকলক দূৰত ৰাখিব পাৰিলেই এটা অন্তৰংগ শিল্পবীক্ষণৰ পৰিৱেশ সহজতেই গঢ় দি ল'ব পৰা যাব। বিকল্প নাই বুলি আমাক পতিয়ন নিয়াই থকাটো এটা ৰাজনৈতিক অভিসন্ধি। আচলতে বিকল্পৰ কোনো অভাৱ নাই আৰু বিকল্প তেনেই উজু। বিকল্পহে উজু।   

ঘৰুৱা আয়োজন “চা-ও-গপ্পো”-ৰ আংশিক দৃশ্য


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (ছয়ত্ৰিশ): ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি

সমুদ্ৰ কাজল শইকীয়া, ভিডিঅ' আৰ্টৰ স্থিৰচিত্ৰ

[‘দৈনিক অসম’ৰ দেওবৰীয়া চ’ৰাত প্ৰকাশিত, ২৬ মে’ ২০১৯]

পুনৰাবৃত্তি যিকোনো শৈল্পিক অভ্যাসৰে এটা প্ৰাথমিক আৰু মূলগত উপাদান। একেটা, নহ’লেবা একেধৰণৰ ৰূপ, ধ্বনি কিম্বা যিকোনো অস্তিত্বৰ বাৰম্বাৰ উল্লেখ, সমান্তৰাল অথবা ক্ৰমানুসাৰ উপস্থাপন, পুনপৌনিক পৰিৱেশন- এইবোৰৰ মাজত এক নান্দনিক আবেদন থাকিব পাৰে। শিল্প নিৰ্মাণ আৰু অনুধাৱনৰ মূলগত এই দিশটোক সময়ে সময়ে ৰিডম-আৰু-হাৰমনি বুলিও বুজি থকা হয়। গান আৰু কবিতা দুয়োটাৰে প্ৰাথমিক চৰ্ত যদি ছন্দ হয় তেন্তে ছন্দ মানে আন একো নহয় বৰঞ্চ একেটা বা সমৰূপবিশিষ্ট ধ্বনিৰ পুনৰাবৃত্তি মাত্ৰ। কেৱল এই পুনৰাবৃত্তিৰ আবেদনকে সাৰোগত কৰি সৃষ্টি হোৱা অলেখ দৃশ্যশিল্পৰ উদাহৰণ আছে। বিশেষকৈ পপ আৰ্টৰ উত্থানৰ কালত পুঁজিবাদৰ আগ্ৰাসনৰ স’তে হাতে হাত ধৰি বিকশিত হোৱা যান্ত্ৰিক উদ্যোগপ্ৰসূত “বস্তু”ৰ উৎপাদনৰ পয়োভৰৰ মাজত দেখা দিয়া সমৰূপ বস্তুৰ যুগপৎ অস্তিত্বই পুনৰাবৃত্তিৰে ভৰা শিল্প নিৰ্মাণক এক বিশেষ স্থান দিবলৈ বাধ্য হৈছিল। এণ্ডি ৱাৰহোলৰ ছপা-শিল্পই ইয়াৰ উৎকৃষ্ট উদাহৰণ। মেৰিলীন মনৰোৰ জনপ্ৰিয় ছবিৰ প্ৰতিলিপিৰ সমান্তৰাল উপস্থাপনখিনিলৈ যদি মনত পেলায় তেন্তে এইখিনি কথা বুজিবলৈ অলপো অসুবিধা নহ’ব। আনহাতে সংগীতৰ ক্ষেত্ৰতো ৰিমিক্স, মেডলী আৰু ডিজে-ৰ পয়োভৰৰ পৰৱৰ্তী কালত এই পুনৰাবৃত্তিৰ সংবেদনশীলতাই সুকীয়াকৈ আমাৰ মনযোগ আকৰ্ষণ কৰে। পুনৰাবৃত্তি হ’ল শিল্পৰ এনে এটা চৰিত্ৰ যি দ্ৰষ্টাৰ, শ্ৰোতাৰ মনযোগ পলকতে আকৰ্ষণ কৰে। পপুলাৰ ক্ষেত্ৰৰ উদাহৰণলৈ চালে বলিউড সংগীতত হিমেশ ৰসমীয়াৰ সংগীত আৰু গায়কীলৈ যদি কোনোবাই মন কৰে তেনেহ’লে দেখিব যে তেখেতৰ ৰচিত বেছিভাগ সংগীতৰ জনপ্ৰিয়কৰণৰ ৰূপগত আৰ্হিটোৰ ভিত্তি পুনৰাবৃত্তি। যেনে- “আশিক বনায়া, আশিক বনায়া, আশিক বনায়া...", “ঝলক দিখলা যা, ঝলক দিখলা যা, ঝলক দিখলা যা...", “তেৰা তেৰা তেৰা চুৰুৰ..." ইত্যাদি। সাম্প্ৰতিক বিনোদনধৰ্মী সংগীত বহুলাংশে পুনৰাবৃত্তি নিৰ্ভৰ। বহু সময়ত এনেকুৱাও হয়গৈ যে আন একো নালগে বাহু দাঙি নাচিবলৈ বা তাকে নকৰিলেও অন্তত: মূৰ দুপিয়াই থাকিবলৈ এটা ধ্বনিৰ পুনৰাবৃত্তিৰে ভৰা ছন্দ এটা হ’লেই হ’ল। আমেৰিকাৰ সংগীতত নাটকীয়তাৰহিত, মিনিমেলিষ্টিক পুনৰাবৃত্তিৰ নিৰ্ভৰশীলতাই কেনেকৈ পশ্চিমীয়া শিল্পসন্মত সংগীতত এটা আঘাত হানিছিল নিকোলাচ টিল-এ তাৰ বিশ্লেষণ কৰিছে "Joy in Repetition: Critical genealogies of musical minimalism" নামক ৰচনাত। এই ৰচনাখন অন্তৰ্ভূক্ত হোৱা "Performance Research" আলোচনীৰ চেপ্তেম্বৰ, ২০১৫-ৰ সংখ্যাটোত পুনৰাবৃত্তি অথবা Repetition-ক কেন্দ্ৰীয় বিষয় হিচাপে কেইবাটাও সাৰগ্ৰাহী আলোচনা আছে।
 
এণ্ডি ৱাৰহোলৰ মেৰিলীন মনৰোৰ প্ৰতিচ্ছবিৰ পুনৰাবৃত্তি
এটা শৈল্পিক উপাদান হিচাপে পুনৰাবৃত্তিয়ে উত্তৰ আধুনিক কালত এক বিশেষ ধৰণেৰে (আৰু ইচ্ছাকৃতভাবেই বিশেষ উদ্দেশ্যপ্ৰণোদিতভাবে) মনযোগ আকৰ্ষণ কৰিবলৈ বিচাৰে যদিও শিল্পৰ উপাদান হিচাপে পুনৰাবৃত্তি কিন্তু নতুন বিষয় একেবাৰেই নহয়। বৰঞ্চ কথা ওলোটাটোহে, পুনৰাবৃত্তি শিল্প-বোধৰ এক আদিতম চৰিত্ৰ। ৰত্নাকৰ বাল্মিকী হৈ উঠাৰ কাহিনীটোতো এটা পুনৰাবৃত্তিৰ আমোদজনক সংযোগ আছে। দস্যুৰ মুখত ৰাম নাম নুফুটে বাবে “মৰা” শব্দটো বাৰে বাৰে উচ্চাৰণ কৰি থাকিবলৈ দিয়া হৈছিল, সেই “মৰা” ধ্বনিটোৱেই পুনৰাবৃত্ত হৈ “ৰাম” ধ্বনিলৈ ৰূপান্তৰিত হৈছিল। পৃথিৱীৰ যিকোনো নৃগোষ্ঠীৰে লোকজীৱনৰ সাংস্কৃতিক আৰু শৈল্পিক সমলসমূহ বহুলাংশে পুনৰাবৃত্তিৰ আবেদনেৰে ভৰা। প্ৰাৰ্থনা, হৰিনাম, বিয়ানাম, বিহুনাম, নিচুকনি গীত- এই সকলোবোৰতে ধ্বনিৰ পুনৰাবৃত্তিয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে। শিশুটিক শুৱাবৰ সময়ত ধাই কিম্বা মাতৃয়ে একেটা ছাপেৰে একেটা সময়ৰ অন্তৰালেৰে দি থকা বাৰম্বাৰ ছাপৰটোৰ পুনৰাবৃত্তিয়েই শিশুক টোপনিত ঢলি পৰিবলৈ সহায় কৰে। ধাইৰ হাতত সেয়া স্থানৰো পুনৰাবৃত্তি, কালৰো পুনৰাবৃত্তি। সম্ভৱত: আমি লাভ কৰিব পৰা এয়াই মানৱসৃষ্ট পুনৰাবৃত্তিৰ চেতনাৰ প্ৰথম পাঠ। মন কৰিব বিহুগীত এটা নতুন আৰু বিভ্ৰান্তিকৰ অভিধা। আইনাম বা বিয়ানামৰ দৰে আগতে বিহুনামহে বোলা হৈছিল। নাম লোৱা মানেই তাত এটা বাৰে বাৰে উল্লেখ বা পুনৰোল্লেখৰ অনুষঙ্গ আপোনা-আপুনি আহি পৰে। এজন গাঁওতাই নামটো ধৰে, সংগত কৰা সকলে তাকে ঘূৰাই ধৰিব। কোনোবাটো নামত যদি অলপ ফালৰি কাটি যায়ো, অৰ্থাৎ পুনৰাবৃত্তি নঘটেও অন্তত: এটা বিশেষ অংশ থাকিবই যিটো অংশ এসময়ত উভতি আহিবই। বিহুনামৰ বেলা এই অংশটোক “জাত” বোলে।  “দীঘলী ঐ বিলতে জালে মাৰি আছিলোঁ” বুলি ধৰা নামটোত বাৰে বাৰে ঘূৰি ঘূৰি অহা অংশটো যদি “অ’ হে’ৰ গোলাপী/ মোৰে লগত ওলাবি/ ডালচেনি কিনি দিম/ মোৰোক মোৰোক চোবাবি” হয়, তেন্তে সেইখিনি অংশ বিহুনামটোৰ জাত। বিয়ানামতো “এ ৰাম ৰাম” বা “ৰামকৃষ্ণ”ৰ দৰে শব্দশৃংখলৰ ধ্বনিয়ে ভগৱন্তৰ নাম লোৱাটো বুজোৱাতকৈ বুজায় এটা ধনিগত পুনৰাবৃত্তিৰে শৈল্পিক আৱেদন সৃষ্টি কৰাটোহে। ওজাপালি মানেই প্ৰথম চৰ্ত হ’ল ওজাজনে প্ৰথমে ধৰিব, সেইখিনিকে পালিসকলে পুনৰাবৃত্তি কৰিব।

অ’ ফুল অ’ ফুল নুফুল কিয়? এই প্ৰশ্নটোৰ আঁত ধৰি একেটা সুৰেৰে আৰু এলানি প্ৰশ্ন বাৰে বাৰে ঘূৰি ঘূৰি আহে। উত্তৰবোৰো ঘূৰিবলৈ ধৰে। সাধুকথা কৈ যাওঁতেও “দে পানী পখালোঁ ঠোট, ভোজন কৰোঁ টিপচি গোট” ধৰণৰ ধ্বনিসমষ্টি বাৰে বাৰে ঘূৰি ঘূৰি আহে। পীট চিগাৰৰ কণ্ঠৰে জনপ্ৰিয় হোৱা “Where have all the flowers gone” এই প্ৰশ্নটোও বাৰে বাৰে আন এলানি প্ৰশ্নৰ বাবে বাট এৰি অহা এটা প্ৰশ্ন।  

লোকসংগীতৰ উপাদানেৰে যিখিনি আধুনিক সংগীতৰ সৃষ্টি হৈছে সেইখিনিতো পুনৰাবৃত্তিয়ে বিশেষ স্থান পায়। আইনামৰ সুৰেৰে ভূপেন হাজৰিকাৰ গীত “আই তোক কিহেৰে পূজিমে/ আই তোৰ চৰণে দুখানি/ আই অ’ কিহেৰে পূজিমে তোক/ আই অ’ জীৱন দি পূজিমে তোক” গীতটোত “আই” ধ্বনিৰ পুনৰাবৃত্তিলৈ মন কৰিব পাৰে। লোকসংগীতত আৰু লোকসংগীত-আধাৰিত ৰচনাত একে ধ্বনিৰ পুনৰাবৃত্তিৰে আবেদন সৃষ্টি কৰাৰ দৃষ্টান্ত দেধাৰ যদিও আধুনিক গীততো ই বিৰল নহয়। জুবিন গাৰ্গৰ এক অন্যতম মোহনীয়া গীত “অবাক অবাক, সপোন সপোন, পোহৰ পোহৰ আজি মন” গানটোত অবাক, সপোন, পোহৰ আদি শব্দৰ দ্বৈত উপস্থিতিলৈ মন কৰিব পাৰি।

আমাৰ এইলানি আলোচনাই যিহেতু শিল্পৰ পথাৰত ন-শিকাৰু তথা অনুসন্ধিৎসু শিল্পৰসিকক উদ্দেশ্য কৰিও কথা পাতিবলৈ বিচাৰে সেয়েহে শিল্প নিৰ্মাণ আৰু শিল্প-উপভোগৰ এটা মৌলিক উপাদান হিচাপে পুনৰাবৃত্তিক কেনেকৈ চাব পাৰি তালৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা হৈছে। আন যিকোনো শিল্প-উপাদানৰ দৰেই ৰিডম, পেটাৰ্ণ আৰু হাৰমনি বা অন্যভাবে পুনৰাবৃত্তিৰ অধ্যয়ণৰ বাবেও অপৰিহাৰ্য তথা উৎকৃষ্ট সমল হৈছে প্ৰকৃতি। ধাইৰ হাতৰ পুনপৌনিক ছাপৰটো যেনেকৈ মানৱ-সৃষ্ট পুনৰাবৃত্তিৰ প্ৰথম পাঠ বুলি কোৱা হৈছিল তেনেকৈ প্ৰকৃতিপ্ৰদত্ত প্ৰথম পাঠটোৱেই হ’ব আমাৰ বুকুৰ ধপধপনি আৰু শ্বাসপ্ৰশ্বাস। সমান অন্তৰালবিশিষ্ট আৰু অবিৰাম, অবিৰত, আজন্ম, আমৃত্যু। বেলি উঠা আৰু বুৰাৰো এটা পেটাৰ্ণ আছে। চন্দ্ৰকলাৰো এটা পুনৰাবৃত্তি আছে। ঢেকীয়াৰ পত্ৰগুচ্ছত থকা পাতবোৰৰো এটা পুনৰাবৃত্তিৰ ছন্দ আছে। তাল, ছন্দ বা পুনৰাবৃত্ত ধ্বনি-চেতনা যেনেকৈ সংগীতৰ প্ৰথম প্ৰয়োজন তেনেকৈ দৃশ্যগত শিল্প-সমলসমূহেও ৰূপৰ পুনৰাবৃত্তিকে প্ৰাথমিক চৰ্ত কৰি লৈছিল। গামোচাখনলৈ চালেই গম পোৱা যাব, আঁচুফুলেই হওক বা বুটাবচাই হওক- সকলোতে পুনৰাবৃত্তি দেখা পোৱা যাব।   
 
গামোচাৰ পাৰিত একে মটিফৰ পুনৰাবৃত্তি
কিন্তু উত্তৰ আধুনিক কালত আৰু তাৰো পৰৱৰ্তী ‘সমসাময়িক কাল’ত শিল্পত এটা ৰূপৰ বা এটা অস্তিত্বৰ হুবহু কিম্বা সামঞ্জ্যস্যপুৰ্ণ ৰূপৰ পুনৰাবৃত্তি এটা অনন্য প্ৰপঞ্চ হৈ উঠিল। ইয়াৰ অন্তৰালত থকা কাৰকসমূহ কেইবাধৰণেৰেও বিশ্লেষণ কৰিব পাৰি যদিও তিনিটা প্ৰধান কাৰণ চমুৱাই উল্লেখ কৰিম। পপ আৰ্টৰ কথা কওঁতে উল্লেখ কৰি অহাৰ দৰে আধুনিকতাবাদৰ পৰৱৰ্তী কালৰ ঔদ্যোগীকৰণে পণ্যবস্তুৰ বহুল সংখ্যাত উৎপাদন সক্ষমশীল কৰি তুলিছিল। এনেধৰণৰ প্ৰসংগ আহিলেই সততে মনত পৰা ১৯৩৬ চনত জাৰ্মান সাংস্কৃতিক সমালোচক ৱাল্টাৰ বেঞ্জামিনে "যান্ত্ৰিক পুনৰোৎপাদনৰ যুগত শিল্পকৰ্ম" (The Work of Art in the Age of Mechanical Reproduction) নামৰ ব্যাপক প্ৰভাৱশালী ৰচনাখনৰ কেৱল নামটোৰেই বহু কথা ব্যাখ্যা কৰিবলৈ যথেষ্ট। যান্ত্ৰিকভাবে পণ্যৰ বহুল (Mass) উৎপাদ সম্ভৱপৰ হোৱাৰ লগে লগে শিল্পৰো সংখ্যাগত বহুল উৎপাদন সম্ভৱপৰ হৈ উঠিল। এই নতুন সময়ৰ বজাৰৰ বহুত্বই গঢ় দিয়া আমাৰ দৈনন্দিন জীৱনৰো নতুন ৰূপটোৱে বস্তুৰ বা ৰূপৰ পুনৰাবৃত্তি সম্পৰ্কে শিল্পীসকলক নতুনকৈ ভাবিবলৈ শিকাইছিল।   

শিল্পৰ উপাদানসমূহক তাৰ পুৰ্বাপৰ-স্থিত প্ৰসংগ-সংগতিৰ পৰা আঁতৰাই আনি ন-কৈ প্ৰতিষ্ঠা কৰাটো সমসাময়িক শিল্পচৰ্চাৰ এটা বৈশিষ্ট্য হৈ উঠিবলৈ ল’লে। শব্দৰ ধ্বনিয়ে সকলো সময়তে অন্য কিহবাৰ অৰ্থ বুজাবলৈ এটা প্ৰতিৰূপক বা ৰিপ্ৰেজেণ্টেচন মাত্ৰ কিয় হৈ থাকিব? শব্দ এটা নিজেই নিজৰ অস্তিত্ব কিয় হ’ব নোৱাৰিব? ছবি এখনে কিয় সদায়েই আন কিবা বস্তুক ৰিপ্ৰেজেণ্ট কৰি থাকিব লাগিব? ৰং ৰূপ আকাৰ আকৃতিৰে ই নিজেই নিজৰ প্ৰতিৰূপায়ণ কিয় হ’ব নোৱাৰিব? মন কৰিব এবষ্ট্ৰেক্ট আৰ্টৰ উন্মেষ কালতো এনে মনোবৃত্তিয়েই এক গুৰুত্ব লাভ কৰিছিল। ছবিখনত দেখা নীলা ৰং খিনি আকাশ নহয়। সাগৰ নহয়। দুখ-বিষাদ বা আন একোৰেই প্ৰতীক নহয়। নীলাখিনি কেৱল নীলা। তেনেকৈয়ে কবিতা এটা কেৱল কবিতা কিয় হ’ব নোৱাৰিব, কিম্বা গান এটা কেৱল গান? সকলো সময়তে গানে, কবিতাই, ছবিয়ে, চিনেমাই আন কিবা কথাক ব্যাখ্যা কৰিয়েই চলিব লাগিব বুলি কোনো কথা নাই। এইখিনি শিল্পৰ মূলগত প্ৰশ্ন আৰু সৃষ্টিৰ আৰম্ভণীকালৰে পৰাই অনন্ত কাললৈকে ইয়াৰ বিতৰ্কও চলি থাকিব। সময়ে সময়ে শিল্পক অনুধাৱন কৰাৰ মনোবৃত্তিও সলনি হৈ গৈ থাকিব এটা যাদৃচ্ছিক (arbitrary) গতিৰে। একালত ৰেডিঅ’ত “কিনো পখীয়ে পুৱতী গালে” শুনি বনৰ পখীটিলৈ মনত পেলোৱা কোনোবাই আন একালত ফালগুনি পাঠকে ষ্টুডিঅ’ত বা ডেন্স-ফ্ল’ৰত নাচি নাচি গোৱা “ব’লে জ’ কোয়েল বাগ মেইন” শুনোতে বনৰ কুলীটিলৈ মনত নেপেলাবও পাৰে, অথবা সেয়া জৰুৰী নহ’বও পাৰে। এইখিনিৰ পৰাই ফৰ্ম আৰু কণ্টেণ্ট-ৰ সেই আওপুৰণি দ্বন্দাত্মক কথাখিনিয়ে নতুন মাত্ৰা পাবলৈ আৰম্ভ কৰে। এইধৰণৰ মাত্ৰাৰ বৈচিত্ৰ্য কালৰ হিচাপেৰেও আচলতে ঠাৱৰ কৰিব নোৱাৰি। “আমৰে ডালতে কুলীয়ে বিনালে” বুলি ইমন কল্যাণ ৰাগৰ গীত পৰিৱেশন এটাত একেটা সময়তে এজন দৰ্শকে যদি আমডালৰ কুলীটিলৈ মনত পেলায়, আন এজন দৰ্শকে ইমন ৰাগৰ কল্যাণ ঠাতৰ খেলখনতে মজি থাকিব পাৰে। তাৰমানে একেটা সমতলতে দুটা কালে অৱস্থান কৰাটো সম্ভৱ।  

যান্ত্ৰিক পুনৰোৎপাদনৰ প্ৰসংগ আৰু ফৰ্ম তথা কণ্টেণ্ট সম্পৰ্কীয় নতুন প্ৰপঞ্চতত্বৰ পিছতে আনটো অতি গুৰুত্বপূৰ্ণ দিশ হ’ল উত্তৰ-গঠনবাদ আৰু নিৰ্গঠনবাদৰ পৰৱৰ্তী কালত শিল্পৰ স্ৰষ্টাকেন্দ্ৰিক, সৰলৰৈখিক, একপাক্ষিক বিশ্লেষণ বা ব্যাখ্যা-পদ্ধতিক নাকচ কৰি ৰচয়িতাতকৈ অধিক সংগ্ৰাহক/ উপভোক্তা/ ক্ৰেতা/ পাঠক/ দ্ৰষ্টা/ শ্ৰোতা-ৰ পক্ষক অধিক গুৰুত্ব দিবৰ প্ৰৱণতাটো। কবিতা এটাৰ শৰীৰ কেৱল কবিয়েই নহয়, পাঠকেও গঢ় দি গৈ থাকে। আৰু এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া। গান এটাৰ সৃষ্টিত গায়ক-সুৰকাৰ-গীতিকাৰৰ ভূমিকা যিমান শ্ৰোতাৰ ভূমিকাও সিমানেই। এনে সময়ত মৌলিকতা, সত্যতা আদি শব্দবোৰৰ অৰ্থও সলনি হ’বলৈ ল’লে।    

দৃষ্টিভঙ্গীৰ সামান্য সালসলনিয়েই কুম্ভীলকবৃত্তি বুলি ভবা ক্ৰিয়া এটাক নে ঐতিহ্যৰ নিৰ্মাণ পদ্ধতি বুলিও সাব্যস্ত্য কৰি দিব পাৰে। এনেকৈয়ে উত্তৰ-আধুনিক শিল্পত ‘পাষ্টিচ’ এটা অনন্য অপৰিহাৰ্য প্ৰসংগ হৈ উঠিল। এটা কামত আন এটা কামৰ উল্লেখ, অনুকৰণ আৰু প্ৰতিৰূপায়ণ এটা সহজ অভ্যাস হৈ উঠিল। একেটা কামতেই সেই কামটোৰেই বাৰম্বাৰ পুনৰোল্লেখো স্বাভাৱিক হৈ উঠিল। চিনেমাৰ চিকুৱেল নিৰ্মাণ যেনেকৈ হ’বলৈ লৈছে, চিনেমাৰ ৰিমেকো তেনেকৈয়ে হ’বলৈ লৈছে। কাহিনীচিত্ৰ এখনত ফিকচনেল চৰিত্ৰ এটা ৰূপায়ণ কৰি থাকোতে অজয় দেৱগণে “মই অজয় দেৱগণ” বুলি কৈয়ো হাঁহিৰ খোৰাক যেনেকৈ যোগাইছে, তেনেকৈয়ে শ্বাহৰুখ খানে বিভিন্ন অন্য চৰিত্ৰৰ ৰূপায়ণৰ মাজতে অভিনেতা শ্বাহৰুখ খান চুপাৰ ষ্টাৰ শ্বাহৰুখ খান হৈ উঠাৰ কাহিনীও সণ্ঢালনিকৈ উদযাপন কৰি চলিছে। কল্পনা-প্ৰসূত কাহিনী আৰু বাস্তৱ একাকাৰ হৈ আগবাঢ়িছে। 

য়ু মিনজুনৰ ছবিত পুনৰাবৃত্তিৰ আভাস  

কিছুদিন আগতে “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” বুলি বিহুসুৰীয়া গীত এটিৰ পৰিৱেশনে ইণ্টাৰনেটৰ পৰা অসমৰ আন বৈদ্যুতিন মাধ্যমলৈকে যথেষ্ট খলকনি তুলিছিল। গানটোত আন কোনো কথা নাই, কেৱল “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” এইখিনি কথাকেই ঢোলৰ চেৱৰ সৈতে ঘূৰাই পকাই গাই থকা হৈছিল। পাছলৈ গম পোৱা গৈছিল সেয়া মন্মথ বৰুৱা নামৰ কৌতুক অভিনেতাগৰাকীয়ে গাইছিল আৰু অসমৰ শ্ৰোতাৰাইজৰ পৰা প্ৰসংশা আৰু ককৰ্থনা দুয়োটাই লাভ কৰিছিল। এইটোনো আকৌ কেনেধৰণৰ বিহুগীত হ’ল বুলি দেখুওৱা ভ্ৰুকূটিৰ বিপৰীতে বেচ কিছুবছৰ ধৰি বিহুগীতৰ নামত সস্তীয়া জনপ্ৰিয়তা বিচাৰি নিম্নৰুচিৰ সংগীতৰ ব্যাপক প্ৰচলনৰ বিৰুদ্ধে ই এটা ব্যংগাত্মক পৰিৱেশন বুলিও একাংশ ৰাইজৰ মনযোগ আকৰ্ষণ কৰিছে। অৰ্থহীন শব্দচয়নেৰে কেৱল ছন্দ-তালৰ বিন্যাসেৰেই যদি বিহু হয় তেনেহলে সেয়ে হওক- এনে এটা মনোবৃত্তি এই পৰিৱেশনটোত ওলাই পৰে। অলপ মন কৰিলেই বুজিব পাৰি যে টিকটক বা আন আন মোবাইল ফোনৰ 'এপ'ৰ জৰিয়তে এতিয়া তেনেই সধাৰণ হৈ পৰা অন্যান্য সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰা আচহুৱা কাৰ্যকলাপসমূহতকৈ এইটো পৰিৱেশন সামান্য পৃথক। পৰিৱেশনটোকলৈ আপত্তি দৰ্শোৱা মহলৰ দৃষ্টিভংগীলৈ চালে বুজিব পাৰি যে তেওঁলোক আচলতে বিহু আৰু 'বিহুগীত' সম্পৰ্কে থকা এটা নৈতিক ধৰণাৰে আৱদ্ধ হৈ থকাটো তেওঁলোকৰহে এটা সমস্যা। পৰিৱেশন এটাক socio-psychological studies-ৰ দিশেৰে কিয় চাব পৰা নাযাব? এজন গীতিকাৰৰ ৰচনাৰে, ষ্টুডিঅ'ত বাণীবদ্ধ হোৱা নৱৰচনাৰে এজন গায়কৰ কণ্ঠৰে জনপ্ৰিয়তা অৰ্জন কৰা "গীত" সমূহকলৈহে বেচি আপত্তি থাকিবৰ থল ৰয়। বিহুগীতৰ পৰিৱৰ্তে বিহুনামৰ ফালে মন দিলে এই "ফুলনি মানে বাগিচা"ৰ গায়কীত লোকশিল্পীৰ গায়নশৈলী আমোদজনক ভাবে অধিক সংৰক্ষিত। এই গীতৰ কথাংশ অনুৰাধা শৰ্মা পূজাৰীৰ "নাহৰৰ নিৰিবিলি ছাঁ" উপন্যাসতো উল্লিখিত আছিল। সেয়ে হ'লে ধাৰণা কৰিব পাৰি যে এইখিনি বিহুসুৰীয়া ধেমালীৰ এটা প্ৰচলিত অতীত আছিলেই। কেৱল এটা বিশেষ সময়ত আৰু বিশেষ পৰিপ্ৰেক্ষিতত মন্মথ বৰুৱাৰ কণ্ঠৰে ই বহল স্তৰত জনপ্ৰিয়তা পাবলৈ ল'লে। গোটেই পৰিৱেশনটোত কেৱল চৰ্বিত-চৰ্বন অথবা পুনৰাবৃত্তি থাকিলেও লয়ৰ সামান্য সালসলনি আছে। ধীৰ গতিৰ পৰা এটা সময়ত ই খৰ গতি লয়। লোকসংগীতৰ আন বহুতো উপাদানৰ দৰেই বিহুনামো অতীজৰে পৰাই ভালেখিনি ননচেন্স উপাদানেৰে সমৃদ্ধ যিখিনিৰ আক্ষৰিক অৰ্থৰে কোনো যৌক্তিক ব্যাখ্যা সম্ভৱপৰ নহয়। মন্মথ বৰুৱাৰ এই পৰিৱেশনটোৱে বিহুনামৰ সেই ননচেন্স উপাদানৰ চৰিত্ৰটোকো সন্মুখলৈ লৈ আনে। পুনৰাবৃত্তিক এটা শৈল্পিক উপাদান হিচাপে অন্য মাত্ৰা দি বিশেষ মনযোগ আকৰ্ষণ কৰা, অসমৰ সমসাময়িক সাংস্কৃতিক পৰিমণ্ডলত সততে দেখা পোৱা 'ক্লিচে' বা চৰ্বিত-চৰ্বনক এক অনন্য ৰূপত ইচ্ছাকৃতভাবে  ভেঙুচালি কৰা আৰু লোকসংস্কৃতিৰ উপাদান হিচাপে বিহুৰ মাজতো নিহিত থকা ননচেন্স আৱেদনক সম্বোধন কৰা মন্মথ বৰুৱাৰ এই "ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি' পৰিৱেশনটো সেয়ে আমাৰ বিচাৰেৰে বুদ্ধিমত্ত দক্ষতাৰে কৰা এটা সুচিন্তিত পৰিৱেশন। এইটো এই সময়ৰ আটাইতকৈ প্ৰভাৱশালী পাৰফৰমেন্স-আৰ্ট-সুলভ এটা পৰিৱেশন। 

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

Monday, May 13, 2019

পেখু পেখু (পয়ত্ৰিশ): গান শুনাৰ আনন্দ আৰু বিহুমেলাৰ দেহবিচাৰ


অসমীয়া মানুহ যে স্বভাৱতে সংগীতপ্ৰেমী তাত একো দ্বিধা নাই। পৰম্পৰাগত লোকসাংস্কৃতিক উপাদানসমূহতো আছেই, আধুনিক অসমীয়া সংগীতৰ জয়যাত্ৰাও যে অব্যাহত আছে আৰু থাকিব তাতো দ্বিমত নাই। কিন্তু অলপ যুক্তিৰ খাতিৰত আৰু নান্দনিক বাস্তৱতালৈ চকু দি এই কথাটোও মানিব লাগিব যে সাম্প্ৰতিক অসমীয়া সংগীতৰ চৰ্চাৰ পাৰিপাৰ্শ্বিকতাৰ সৈতে অসমীয়া মনৰ সংযোগটো অলপ আচহুৱা। গোলকীকৰণ আৰু ডিজিটেলাইজেচনৰ পৰৱৰ্তী কালত অসমীয়া সংগীতৰ সৃষ্টি, পৰিৱেশন, প্ৰসাৰ আৰু উপভোগৰ ধৰণ কৰণ যে যথেষ্ট আসোঁৱাহপূৰ্ণ-  কেইবাটাও দিশেৰে এই নিৰ্বচন সিদ্ধ কৰিব পাৰি। সেই সমূহৰ ভিতৰত আন যিকোনো সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰতেই ক’ব পৰা কথাষাৰ- ইয়াতো প্ৰযোজ্য যে স্ৰষ্টা কিম্বা শিল্পী-লেখক-কেন্দ্ৰিক কথকতাৰ পৰিৱৰ্তে উপভোগ কিম্বা দৰ্শক-শ্ৰোতাৰ দিশেৰে ইয়াৰ উপভোগৰ দিশসমূহক লৈ কোনোধৰণৰ সমালোচনাত্মক বৌদ্ধিক চৰ্চাৰ পৰিৱেশ আমাৰ মাজত নাই। সাংস্কৃতিক সমালোচনাৰ প্ৰয়োজনীয়তা এইখিনিতেই। সংগীত সম্পৰ্কীয় সকলো কথাবতৰাতেই সংগীতৰ নিৰ্মাণ আৰু আনকি তাৰ উপভোগৰ পদ্ধতিবোৰ যে মূলগতভাবে প্ৰযুক্তিগত বা টেকনিকেল- সেই কথাসমূহ ক’তো পতা নহয়। সৰ্বগ্ৰাসী সাহিত্যপ্ৰেমী সমালোচনা পদ্ধতিয়ে গান বিষয়ক সকলো কথা বতৰা কেৱল গীতিকাৰৰ কথাংশৰ ওপৰতে নিৰ্ভৰশীল কৰি ৰাখে। বাকী গায়ক কিম্বা অন্যান্য কলাকুশলী সম্পৰ্কীয় কথাখিনিও জাতিয়তাবাদী কিম্বা অসমীয়াত্বৰ উদযাপনৰ খতিয়ন তুলি ধৰাতেই আৰম্ভ হৈ তাতে শেষ হৈ থাকে। 

এজন গায়কে গান গাইছে আৰু সন্মুখত বহি কোনোবাই শুনিছে- গান শুনাৰ এই প্ৰাথমিক পৰিৱেশটোৱেই এতিয়া সুদূৰ পৰাহত। বিগত তিনিটা দশকত এই পৰিৱৰ্তন আটাইতকৈ খৰতকীয়া। আজি এই মুহূৰ্তত যিকোনো গান সম্পৰ্কে কথা পাতিবলৈ হ’লে আপোনাৰ আধাৰ হ’ব কিছুমান ইলেক্ট্ৰনিক সা-সৰঞ্জাম, বৈদ্যুতিন জন-সংযোগ মাধ্যম কিম্বা ইণ্টাৰনেট আশ্ৰিত সঁজুলি। সেয়ে যদি নহয় তেন্তে হ’ব লাগিব কিছুমান লাইভ কনচাৰ্ট। সেই লাইভ সমূহৰো প্ৰযুক্তিগত মাধ্যমৰ ওপৰত নিৰ্ভৰশীলতা আছে। আজিৰ গায়কে মাইক্ৰ’ফ’ন নহ’লে গান নাগায়, আৰু গাবও নোৱাৰে। এইটোৱেই মূল কথা। যি মূহূৰ্ততে আপুনি হাতত মাইক্ৰ’ফ’নটো তুলি লৈছে আপুনি সেই মাইক্ৰ’ফ’ন আৰু তাৰ সৈতে জড়িত হৈ থকা চিষ্টেমবোৰৰ দাবীখিনিও পূৰণ কৰি চলিবলৈ বাধ্য। বিংশ শতিকাৰ “লাইভ”ৰ ধাৰণা আৰু একবিংশ শতিকাৰ “লাইভ”ৰ অভিজ্ঞতাৰ মাজত আছে বিস্তৰ প্ৰভেদ। জয়ন্ত হাজৰিকাৰ সুৰবাহিনীৰ গান পৰিৱেশনৰ ধৰণ কৰণ, তাৰ উপভোগ্যতা, পাৰিৱেশিক বিশিষ্টতা- এইবোৰ এতিয়াৰ প্ৰজন্মই নাজানে। ভূপেন হাজৰিকা কিম্বা হেমাংগ বিশ্বাসে ৰেডিঅ’ কিম্বা বিৰাট মঞ্চ ব্যতিৰেকেও কেনে পৰিৱেশত গীত পৰিৱেশন কৰিছিল তাৰ অভিজ্ঞতা এই প্ৰজন্মই নাজানিব। চহৰমুখী, পুঁজীবাদ আগ্ৰাসী, ক্ৰমাৎ বিচ্ছিন্ন আধুনিকতাৰ পৰৱৰ্তী জনজীৱনলৈ সেই পুৰণি পৰিৱেশ ওভোতাই অনাটো সম্ভৱো নহ’ব। যদি এইখিনি কথা সত্য তেনেহ’লে বিংশ শতিকাত গান আৰু সংগীত সম্পৰ্কে পাতি থকা কথাৰ ধৰণ-কৰণ খিনিৰেই এতিয়াও এই সময়ৰ গীত-মাত সম্পৰ্কে আমি কেনেকৈ কথা পাতি থাকিব পাৰিম? নতুন সময়ৰ গানৰ সৃষ্টি আৰু পৰিৱেশনৰ নতুন পদ্ধতি যদি আহি পৰিছে তাৰ উপভোগৰো নতুন পদ্ধতি আহি পৰিছে, আৰু সেই সম্পৰ্কীয় যিকোনো কথকতাৰ বাবেও নতুন পদ্ধতি আমাৰ মাজলৈ আহিব লাগিছিল। শিল্প নিৰ্মাণ আৰু উপভোগৰ এটা বিস্তৰ ‘পেৰাডাইম শ্বিফ্ট’ৰ আঁত ধৰি কেতবোৰ নতুন মেথ’ড’ল’জীৰো যে প্ৰয়োজন সেই কথা আমাক কোনে আহি বুজাই দিবহি?     

এতিয়া আমি আধুনিক অসমীয়াৰ সংগীতপ্ৰেম (আৰু সংস্কৃতিপ্ৰেম) তথা ব্যৱহাৰিক দিশত দেখা দিয়া পৰিস্থিতি-প্ৰপঞ্চ যে সমানুপাতিক নহয় সেই কথা মনত ৰাখিয়ে কেইটিমান দিশলৈ চকু দিম। আধুনিক অসমীয়া সংগীতৰ পথাৰলৈ আটাইতকৈ বেছি সাৰ-পানী যোগোৱা উপাদান হৈছে বিহুৰ সময়ত সমগ্ৰ অসমজুৰি অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া বা চমুকৈ ‘বিহুমেলা’ বা 'ফাংচন' সমূহ। এয়েই সময় আৰু এয়েই পৰিৱেশ যিয়ে অসমৰ কলা-কুশলীক ভাত-পানী যোগায়। কিন্তু এই মুহূৰ্তত দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা কথাটো হ’ল- বিৰোধাভাসপূৰ্ৱকভাবে বিগত কেইবাটাও দশক জুৰি যিখন ক্ষেত্ৰ অসমীয়া সংগীতৰ স্ৰজন আৰু বিকাশৰ বাবে আটাইতকৈ প্ৰশস্ত ক্ষেত্ৰ সেইখন ক্ষেত্ৰ অৰ্থাৎ ‘বিহুমেলা’ গান শুনিবৰ উপযুক্ত বা সুচল ক্ষেত্ৰ কোনোপধ্যেই নহয়। বিহুমেলা-কেন্দ্ৰিক অসমীয়া গানৰ চৰ্চা ভুল ক্ষেত্ৰ এখনত ভুল দিশে গৈ থকা এটা ভুল চৰ্চাৰ দৃষ্টান্ত। কদা-কাশ্চিৎ দুই এটা উদ্যমক বাদ দি সুস্থ গান শুনিব পৰা অনুষ্ঠানৰ আয়োজন খুব কমেইহে হয়। বিহুমেলাৰ দৰে অনুষ্টুপ আৰু একেসময়তে সকলোকে সন্তুষ্ট কৰিবলৈ বিচৰা ধৰণৰ খিচিৰি সাংস্কৃতিক আয়োজনত চাউণ্ড চিষ্টেমৰ বিসংগতিৰে পৰা আৰম্ভ কৰি ৰভা-পৰলাৰ অ-বিজ্ঞানসন্মত স্থাপত্যই এটা সন্তুষ্টিজনক বাতাবৰণৰ সৃষ্টি কৰিব নোৱাৰে। এই কাৰিকৰী বিসংগতিখিনি নান্দনিক বিসংগতিৰো কাৰক। সংগীতপ্ৰেমী বুলি পৰিচয় দিব খোজা এই সমাজখনে সংগীতৰ প্ৰায়োগিক আৰু ব্যৱহাৰিক উপভোগ্যতাতকৈ অন্যান্য আনুসংগিক দিশ কিছুমানতহে প্ৰাধান্য দি আহিছে। এই পাৰ্শ্বদিশ সমূহৰ ভিতৰত গান এটাত থকা বিহুসুৰীয়া উপাদানৰ পৰা আৰম্ভ কৰি গায়িকাৰ সাজ-পোছাক বা গায়কৰ ব্যক্তি-চৰিত্ৰলৈকে বহুকথাই সোমাই পৰে। কেৱল উহ্য থাকে গান শুনাৰ সুস্থ পৰিৱেশ এটা কেনেকৈ পাব পাৰি সেই কথাখিনি।

অসমৰ গাঁও আৰু ক্ষুদ্ৰ-নগৰ অঞ্চলবোৰত এটা সময়ত বিহুমেলাসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আছিল অন্য ধৰণৰ। পৰম্পৰাগত লোকায়ত বিনোদনৰ মাধ্যমসমূহ জামৰি আহিছিল আৰু নতুন বিনোদনৰ মাধ্যমখিনি অসমৰ সাধাৰণ ৰাইজৰ বাবে হাততে পোৱাতে নাছিল। একেদৰে সাংস্কৃতিক আয়োজন একোটা ব্যয়বহুল আৰু কাৰিকৰী ব্যৱস্থা নিৰ্ভৰ হোৱাৰ বাবে একেটা আয়োজনৰে পৰা যিমান পাৰি সিমান ফায়দা উঠোৱাৰ মানসিকতা এটা আছিল। লগতে যিহেতু ৰাজহুৱা উদ্যোগত দান বৰঙণীৰে আয়োজনটো সম্পূৰ্ণ হয় সেই একেটা আয়োজনে সকলো স্তৰৰ মানুহকে একে সময়তে সন্তুষ্ট কৰাৰ দায়িত্ব এটাও ল'ব লগাত পৰিছিল। একেদৰেই এনে অনুষ্ঠানে সংস্কৃতিৰ সংজ্ঞা নিৰূপণ কৰাৰ দায়িত্ব এটাও লৈছিল। ফলত একেখন মঞ্চতে বৰগীত, সত্ৰীয়া নৃত্যৰ পৰা চাহ বাগানৰ জুমুৰলৈকে সকলো সামৰিবলগীয়াত পৰিছিল। এই বিহুমেলাবোৰ হৈ পৰিছিল "বৈচিত্ৰ্যৰ মাজত ঐক্য"ৰ দৰে আদৰ্শক সাৰোগত কৰা বিৰাট ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰজ্ঞাপণমূলক (প্ৰপাগণ্ডা) আয়োজনবোৰৰেই একো একোটা সৰু সৰু মেকেট বা জুমুঠি। দূৰদৰ্শন বা আকাশবাণীৰ সৈতে বিহুমেলাৰ আদৰ্শগত পাৰ্থক্য নাই। এই বিহুমেলাসমূহে কৰিব পৰা আটাইতকৈ ভাল কামটো আছিল গাঁৱে ভূঞে চুকে কোণে সোমাই থকা প্ৰতিভাখিনিক সন্মুখলৈ লৈ অনাটো। যিকোনো সাংস্কৃতিক কৰ্মীকে একোখন প্লেটফৰ্ম লাগে। এই বিহুমেলাই আছিল সেই প্লেটফৰ্ম।

কিন্তু এতিয়া সময় সলনি হ'ল। নতুন নতুন বিনোদনৰ মাধ্যম আজি মানুহৰ হাতে হাতে। সংস্কৃতি চৰ্চাৰ বাবে উপযুক্ত বিকল্প পৰিৱেশ গঢ়ি তোলাটো এতিয়া ইমান কষ্টকৰ নহয়। আনহাতে চৰ্চাৰ বাহুল্য আৰু প্ৰতিযোগিতায়ো অন্য স্তৰত পেছাদাৰীত্ব দাবী কৰিবলৈ লৈছে। পেছাদাৰীত্বৰ বাবে প্ৰথম চৰ্তটোৱেই হ'ল বিশেষীকৰণ বা স্পেচিয়েলাইজেচন। এনে নতুন পৰিৱেশত আচলতে অ'ৰ অলপ ত'ৰ অলপ সানমিহলি উপাদানেৰে সমৃদ্ধ বিহুমেলাই বৰ সুস্থ পৰিৱেশ এটাৰ অৰিহণা নোযোগায়। আধুনিক নৃত্য আৰু বিহুসুৰীয়া আধুনিক গীত বুলি দুবিধ আচহুৱা বস্তুৱেই কথাখিনিৰ যথাৰ্থতা প্ৰমাণ কৰিবলৈ যথেষ্ট। যিখিনি পুৰণি বিহুমেলা ইতিমধ্যেই এটা ঐতিহ্যৰ ৰূপ লৈছেগৈ সেইখিনি বাৰু একে ৰূপতে থাকক। কিন্তু নতুনকৈ আকৌ একেটা আৰ্হিৰে বিহুমেলাৰ জন্ম হোৱাৰ কোনো কাৰণ নাই। বৰঞ্চ ইপ্সিত বিষয়ৰ চৰ্চাৰ বাবে সুকীয়া অনুষ্ঠানৰহে আয়োজন হোৱা উচিত। যদি সংগীতানুষ্ঠান ৰাইজে বিচাৰিছে, তেনেহ'লে সংগীত পৰিৱেশন আৰু উপভোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাবে কেৱল সংগীতানুষ্ঠানৰেই আয়োজন হওক। তাত আকৌ যাদুখেল দেখুওৱা, লাইটৰ বাল্ব চোবাই খাব পৰা, বা কমেডী কৰিব পৰা আন প্ৰতিভাক আগবঢ়াবৰ প্ৰয়োজন নাথাকে। গান শুনিম বুলি অহা ৰাইজে গানকে শুনক। আনকি বন্তি প্ৰজ্বলনো নালাগে, সম্বৰ্দ্ধনাৰ দৰে আয়োজনো নালাগে। এনে হ'লে আয়োজক খিনিয়েও অলপ কামৰ কাম কৰিবলৈ সুবিধা পাব। কাক কাক গামোছা নিপিন্ধালে ঠেহ লাগিব বা কাৰ জীয়েকে আধুনিক নৃত্য নাচিব পাৰে সেইবোৰৰ হিচাপ নিকাচত ব্যস্ত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সংগীতৰ অনুষ্ঠানৰ কাৰ্যসূচীত আৰু তাৰ সময়ানুৱৰ্তিতাত মনোনিৱেশ কৰিব পাৰিব। আধুনিক গীতৰ অনুষ্ঠান পাতিছে যদি তাত জোৰ কৰি সংস্কৃতি বা ঐতিহ্যৰ দোহাই দি বৰগীত এটা সুমুৱাবহি নালাগে। বৰগীতৰ অনুষ্ঠান পাতিলে বৰগীতৰেই অনুষ্ঠান হওক। শাস্ত্ৰীয় সংগীত হ'লে শাস্ত্ৰীয় সংগীতৰেই হওক। চাউণ্ড চিষ্টেমবোৰ ভাল হওক। বহি লৈ মন দি গান শুনিব পৰা পৰিৱেশটোৱে গুৰুত্ব পাওক। এই পৰিৱেশটোৰ উত্তৰণ নঘটালৈকে আজিকালি ভাল গান শুনিবলৈকে নোপোৱা হ'লোঁ বুলি হামৰাও কাঢ়ি থাকি লাভ নহ'ব।         

একেধৰণৰ কিছুকথা "বিশেষজ্ঞতা" শীৰ্ষক আলোচনা এটাতো আগতে পতা হৈছিল (দেওবৰীয়া চ'ৰা, দৈনিক অসম, ৪ নৱেম্বৰ ২০১৮), য'ত মূল পৰ্যবেক্ষণটো আছিল- আমাৰ মাজত কোনো বিষয়ৰে একনিষ্ঠ চৰ্চাৰ প্ৰতি চৰম বিৰাগ। এটা বিশেষ মাধ্যমত উৎকৰ্ষলাভৰ বাবে যি এক বিশেষীকৃত পৰিৱেশৰ প্ৰয়োজন হয়, সেই বিশেষীকৰণৰ পৰা আমি সদায়েই আঁতৰি ৰৈছোঁ। সংখ্যাগত জনতাৰ মাজৰ জনপ্ৰিয়তাক শৈল্পিক চৰ্চাৰ এটা মাপকাঠি বুলি গ্ৰহণ কৰাৰ ফলতেই এই অন্তৰায়। এটা গানেই হওক, এখন চিনেমাই হওক, এটা কবিতাই হওক- তাক যেতিয়া জনপ্ৰিয়তাৰ মাপকাঠিৰে মান্যতা দিবলৈ চেষ্টা কৰা হ'ব তেতিয়া সেই চৰ্চাৰ আপোন মৰ্যাদা ক্ষুন্ন হোৱাটোৱেই স্বাভাৱিক। জনতা দৰ্শকে শিল্পীক ভষ্মধূলাত ফু মাৰি সকলো সমস্যা নিমিষতে বাজিমাৎ কৰি দিব পৰা যাদুকৰী বাবাজীৰ ৰূপতহে বিচাৰে। আমাৰ চৌপাশৰ যিখিনি চৰ্চাৰ মঞ্চ আছে সেইখিনি কোনো দিশৰ পৰাই একাগ্ৰ বিশেষজ্ঞ শিল্পীৰ চৰ্চাৰ থলী নহয়।

পৰিণতি বুলিবলৈ এইটোৱেই হয়গৈ যে, অজস্ৰ শিল্পী কলাকুশলীৰ অজস্ৰ সৃজনীশীল কৰ্ম চাৰিওফালে দেখা পোৱাৰ পিছতো সেইবোৰৰ সম্পৰ্কে কাৰো একো কথা পাতিবলৈ নাথাকেগৈ। সেয়ে কথাবোৰ আৰু আগবঢ়াৰো কোনো সম্ভাৱনা নৰয়।

[সংকলন- শিল্পপাঠ আৰু সাহিত্যদৰ্শন : কাণখোৱাৰ হাতপুথি]

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594