ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 21, 2017

কাণখোৱাৰ হাতপুথি ৯ :মাৰ্ক্সবাদী বা সমাজতাত্ত্বিক সমালোচনা

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"

[টোকা-
আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। 
- সমুদ্ৰ কাজল শইকীয়া]


বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)

নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ" 




মাৰ্ক্সবাদী বা সমাজত্বাত্বিক পাঠ

ব্যক্তিমনৰ একান্ত নিভৃত অনুভূতিৰ বহিৰ্প্ৰকাশ হিচাপেও যদি কবিতা এটাই আত্মপ্ৰকাশ কৰে তাৰ মাজতো সমাজৰ পাৰিপৰ্শ্বিকতা সম্পৰ্কে কথা পতাৰ অৱকাশ ৰৈ যায়। কাৰণ এই 'ব্যক্তিমন' আলাসতে ওপঙি থকা বা আকাশৰ পৰা হঠাতে এদিন ধুপুচকৈ সৰি পৰা বস্তু এটা নহয়। নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটোৰ ৰচনাৰ কাল ১৯৪৭ চন, স্থান শান্তিনিকেতন। ১৯৪৩ চনত নৱকান্ত বৰুৱা শান্তিনিকেতনলৈ যায় আৰু ১৯৪৭ চনত তেওঁ ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। সেই হিচাপত নৱকান্ত বৰুৱা তেতিয়া একৈশ বছৰীয়া চফল ডেকা। কিন্তু তাৰ এবছৰৰ আগতেই "অসমীয়া আধুনিক কবিতা" গ্ৰন্থেৰে তেখেতে আধুনিকতাবাদী পৰিচয়টো দঙি ধৰি থৈছে।

কবিতাটোত উল্লেখ থকা ৰবীন্দ্ৰনাথৰ নাম আৰু ৰবীন্দ্ৰীয় বিস্ময়বোধৰ প্ৰত্যক্ষ উল্লেখৰ ব্যতিৰেকেও শান্তিনিকেতনত থকাকালীন ৰচনা বুলি উল্লেখটোৱেও কয় যে ৰবীন্দ্ৰনাথ আৰু শান্তিনিকেতনৰ আদৰ্শৰ এটা যোগসূত্ৰ কবিতাটোত আছে। সি যি কি নহওক কবিমনে মানুহৰ বুৰঞ্জী লিখিব খুজিছে এটা বিশেষ পৰিপ্ৰেক্ষিতেৰে আৰু সেই পৰিপ্ৰেক্ষিতটোৰ আধাৰ হ'ল বিস্ময়বোধ, আৰু পৃথিৱীৰ আদিম মানুহটোৰ সৰ্বপ্ৰথম বিস্ময়বোধটো কেনেকৈ সময়ে সময়ে মানৱ ইতিহাসত জাগ্ৰত হৈ আহি আছে কিন্তু সম্প্ৰতি আধুনিক মননৰ পৰা কেনেকৈ সি মেলানি মাগিবৰ উপক্ৰম হৈছেহি তাৰ খতিয়নেই কবিতাটোৰ মৰ্ম। এটা বাক্যতে সাৰাংশ উলিয়াবলৈ গ'লে কবিতাটোৰ সম্পৰ্কে এনেকৈয়ে ক'ব লাগিব।

'প্ৰথম মানুহটো' আৰু 'উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ'ৰ পিছত যেতিয়া সেই বিষ্ময়বোধৰ কথা ৰবীন্দ্ৰনাথৰ প্ৰসংগত উল্লেখ কৰিবলগীয়া হৈছে তেতিয়া সেই বাক্যত 'নতুনকৈ' শব্দটোৰ উপস্থিতি মন কৰিবলগীয়া।
আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,

সেই প্ৰথম মানুহটোৰ দৰে হ'লেও 'নতুনকৈ' শব্দটোৰ উপস্থিতিয়ে অন্য এটা কথাৰ সম্ভেদ দিয়ে। সেয়া হ'ল - সভ্যতাৰ পথ যেতিয়া স্তিমিত হ'বৰ উপক্ৰম হয়, সমাজ যেতিয়া স্থবিৰ হৈ পৰে, কিছুমান প্ৰাথমিক বস্তুৰ বাবেই এটা নতুন আৰম্ভণীৰ প্ৰয়োজন হৈ উঠে। প্ৰশ্ন উঠিব পাৰে যে যি বুৰঞ্জী নৱকান্ত বৰুৱাই লিখিব খুজিছে সেয়া কিহৰ বুৰঞ্জী? ই ৰাজনৈতিক উত্থান পতন বা ৰজা-মহাৰজাৰ শাসনৰ তথ্যপঞ্জী থকা বুৰঞ্জী নিশ্চয় নহয়। অন্ন বস্ত্ৰ বাসস্থানৰ বুৰঞ্জী ই নহয় যদিও তেনেকুৱাই এক প্ৰাথমিকতাৰ বুৰঞ্জী- সেয়া হ'ল বিশ্বজগতৰ সন্মুখত ৰৈ, মহাজীৱনৰ বিপৰীতে জাগ্ৰত হ'ব পৰা এটা কৌতুহলৰ বুৰঞ্জী। নক'লেও হ'ব যে এই কৌতুহলৰ অন্তৰভাগতেই মানৱ মুক্তিৰ মন্ত্ৰটো সোমাই আছে। এইটোও নক'লেও হ'ব যে শেষৰটো স্তৱকত কবিয়ে আকৌ এবাৰ সেই মন্ত্ৰ বিচাৰিছে, সেই স্তৱকত "নতুনকৈ" বুলি শব্দটো নাই যদিও তেওঁ নতুনকৈয়ে বিচাৰিছে - সেই প্ৰথম মানুহটোৰ দৰেই। বিচাৰিছে হিৰন্ময় পাত্ৰেৰে আচ্ছন্ন হৈ থকা সত্যৰ মুখ প্ৰত্যক্ষ কৰিবলৈ। আহি আহি যি সামাজিক অৱস্থানত আমি উপনীত হৈছোহি সেই সময়ে আমাক বাধ্য কৰিছে এই উপলব্ধিৰ সন্মুখীন হ'বলৈ - যেন আকৌ এবাৰ নতুনকৈ!

ৰবীন্দ্ৰনাথৰ শান্তিনিকেতনৰ স্থাপনৰ উদ্যোগটোৱেই আছিল এটা সাংস্কৃতিক আৰু সামাজিক বিপ্লৱ। মাত্ৰ এদিনৰ বাবে স্কুললৈ গৈ স্কুলৰ বন্ধ ঘৰৰ উকমুকণিত অতী ষ্ঠ হৈ পলায়ণ কৰা ৰবীন্দ্ৰনাথে বিচাৰিছিল গোটেই শিক্ষাব্যৱস্থাটোকেই বেলেগ ধৰণেৰে প্ৰতিষ্ঠা কৰিবলৈ - নতুনকৈ। আত্ম পৰিচয়ৰ সন্ধানৰ বাট বিচাৰি লোকায়ত শিল্প সাহিত্য আৰু চহা মানুহৰ মুখৰ মাতৰ সন্ধান কৰি এটা বেলেগ ধৰণৰ প্ৰকৃতিৰ সান্নিধ্যত জীপাল হ'ব পৰা সামাজিক পৰিবেশ বিচাৰিছিল ৰবীন্দ্ৰনাথে শান্তিনিকেতন স্থাপনৰ যোগেদি - নতুনকৈ। উন্নতি আৰু প্ৰগতিৰ নামত সভ্যতাই আনি দিয়া বিড়ম্বনাবোৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সত্বাক আকোৱালি লোৱাটো যে প্ৰয়োজনীয় সেই কথা শান্তিনিকতনতে নৱকান্তই বুজি উঠিছিল - নতুনকৈ।

কিন্তু ব্যৱহাৰিক চৰ্চাৰ মাজেৰে ৰবীন্দ্ৰনাথে কৰি যোৱা অমূল বৈপ্লৱীক আন্দোলনৰ পৰা ৰবীন্দ্ৰীয় অতিন্দ্ৰীয়বাদ সামান্য পৃথক। সেই অতীন্দ্ৰীয়বাদৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ো সেই বাটেৰেই বাট বুলিবৰ সলনি পশ্চিমীয়া আধুনিকতাবাদে আনি দিয়া ব্যক্তিমনৰ উপস্থিতি আৰু সমসাময়িকতাৰ প্ৰতি সচেতনতাকে আকোৱালি ল'লে তেতিয়ালৈ ইংৰাজী সাহিত্যৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ নৱকান্ত বৰুৱাই। কথাখিনি সূক্ষ্মভাবে মন কৰিবলগীয়া যে ঊপনিষদৰ পৰা ৰবীন্দ্ৰনাথলৈকে এটা বিস্তৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ো আধুনিকতাবাদী মননৰ সংকট আৰু বিপৰ্যয়ৰ প্ৰতি কবি নৱকান্তৰ যি সচেতনতা সিয়েই নৱকান্ত বৰুৱাক টি এছ এলিয়টৰ কাষ ছপাই ৰাখিছে। "খীষ্টধৰ্মৰ ভৰসাত আস্থাবান হোৱা স্বত্বেও এলিয়টৰ কাব্য, তেওঁৰ জীৱনবোধত আধুনিক মানৱৰ এই বিপত্তি পৰিস্ফুত" [হীৰেন গোহাঁই, নৱকান্ত বৰুৱাৰ 'সম্ৰাট', "সাহিত্যৰ সত্য"]।

এই লেখাৰ আগতেও আমি বাৰে বাৰে কৈ আহিছোঁ যে সমাজ বাস্তৱতাৰ দৃষ্টিভংগীৰে কবিতা এটাক চাবলৈ যাওতে কেৱল যে তাত ডিঙিৰ শিৰ ফুলাই দিয়া শ্লোগান থাকিব লাগিব, শ্ৰেণী সংগ্ৰামৰ কথা ঘোষণা হ'বই লাগিব তেনে একো কথা নাই আৰু তেনেকৈয়ে 'সৰ্বহাৰা' দুখীয়া মানুহৰ দুখ দুৰ্দশাই থাকিব লাগিব বুলিও একো নাই। সেইবোৰে বৰঞ্চ বহুসময়ত সামাজিক দৃষ্টিকোণেৰে চাবলৈ গৈ শিল্পৰ, বক্তব্যৰ আৰু সামগ্ৰিক ভাবে মননৰেই অৱমাননাহে কৰে। এনে প্ৰসংগতে নৱকান্ত বৰুৱাৰ 'সম্ৰাট' কবিতাৰ সম্পৰ্কে ক'বলৈ গৈ ড০ হীৰেন গোহাঁই দেৱে কোৱা কিছু কথা আছিল এনে-

"আধুনিক অসমীয়া কবিসকলৰ ভিতৰত কেৱল নৱকান্ত বৰুৱাৰ কাব্যতে প্ৰথমৰে পৰা সন্ধানী বুদ্ধি আৰু সজাগ যুগ-চেতনা দেখা যায় - যি যুগ-চেতনা যথাৰ্থতে কাব্যিক, কাৰণ প্ৰচলিত মতবাদৰ নিৰ্দেশ অনুসাৰে নগৈ বিশুদ্ধ সংবেদনৰ পৰিশ্ৰমত সি নিমগ্ন। সেয়ে তেওঁৰ হৃদয়ৰ দাম আমাৰ ওচৰত বেছি। আধুনিক সমাজ আৰু সভ্যতাৰ বা-বতাহত গঢ়ি উঠা আধুনিক মানৱ-প্ৰাণৰ নাড়ী-জ্ঞান এই হৃদয়ৰ স্পন্দনৰ যোগেদি সম্ভৱ। আমাৰ বিপত্তিৰ ৰূপ আৰু অনুভৱনীয়, অভিজ্ঞতা আৰু অন্তৰ্ংগ হৈ উঠিব পাৰে এনে কবি-মনৰ সংযোগত। এই বিপত্তিৰ প্ৰতি মানৱ হৃদয়ৰ সকলো সঁহাৰি, মানৱীয় ঐতিহ্যৰ সকলো সমাধান উদ্ঘাটন কৰিব পাৰে এনে কবিৰ অন্বেষণে। অৱশ্যে ইয়াৰ মাজতো বিচাৰৰ অৱকাশ আছে। মধ্যবিত্ত সমাজৰ ভাত-মাছৰ আলু-পিটিকা আৰু ইনক্ৰিমেণ্ট বন্ধৰ দু:স্বপ্নৰ উল্লেখেই সজাগ আধুনিকতাৰ লক্ষণ নহ'বও পাৰে - বৰং সি সূক্ষ্মতৰ, গভীৰতৰ সন্ধানৰ পৰা কবিক বিভ্ৰান্তহে কৰিব পাৰে।
[হীৰেন গোহাঁই, "নৱকান্ত বৰুৱাৰ 'সম্ৰাট'", "সাহিত্যৰ সত্য"]

"বুৰঞ্জী" কবিতাটোতো নৱকান্ত বৰুৱাৰ 'সন্ধানী বুদ্ধি', 'সজাগ যুগ-চেতনা' আৰু 'আধুনিক সমাজ আৰু সভ্যতাৰ বা-বতাহত গঢ়ি উঠা আধুনিক মানৱ-প্ৰাণৰ নাড়ী-জ্ঞান'ৰ সম্ভেদ সম্ভৱপৰ হৈ উঠিছে। কাৰণ কবিতাৰ শেষৰ স্তৱকলৈ আহি, কবিৰ নিজৰ ব্যক্তিনিষ্ঠাৰ অৱস্থানলৈ আহি ৰবীন্দ্ৰনাথৰ দৰে নৱকান্তও আচৰিত হ'ব খুজিছে, কিন্তু আচৰিত হ'ব পৰা নাই। ইতিমধ্যেই জ্ঞান-গৰ্বী, বুদ্ধিত অহংকাৰী হৈ উঠা মানুহৰ সন্মুখত প্ৰকৃতিৰ ৰহস্য উন্মোচিত হৈ হৈ গৈ থাকি মানৱ মন এটা নিৰ্লিপ্ত অৱস্থান পাইছেগৈ। এই নিৰ্লিপ্তিয়েই মানৱ সভ্যতাৰ আটাইতকৈ ভয়াবহ বিপৰ্যয় হৈ উঠিবগৈ পাৰে - সেই কথা কবিতাটোত ফঁহিয়াই বুজাই নিদিলেও অনুভৱ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিততেই ঈশ্বৰৰ প্ৰতি কবিৰ প্ৰাৰ্থনা।

এই ঈশ্বৰৰ ধাৰণাটোও মন কৰিবলগীয়া। এই ঈশ্বৰ ধন দে, বল দে, বুদ্ধি দে বুলি বন্দনা কৰি থকা ব্ৰাহ্মণ্য ঈশ্বৰজন নহয়। ধন, বল, বুদ্ধিতো দূৰৰে কথা আনকি 'মুক্তিতো নিস্পৃহ' হৈ বন্দনা কৰা ভকতীয়া ঈশ্বৰজনো এইজন নহয়। বৰঞ্চ সৰ্ব মানৱৰ মুক্তিৰ কথা যাৰ সন্মুখত সম্বোধন কৰিব পাৰি তেনে এক সত্বাহে মাথোন। সেই প্ৰথম মানুহটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এক মহাকাব্যিক পৰিসৰৰ ইংগিত বহন কৰাৰ বাবে নহয়, 'পূৱফলৰ সেই বিৰাট কাৰবাৰটো'ৰ পৰা সত্যৰ মুখ আচ্ছন্ন কৰি ৰখা হিৰন্ময় পাত্ৰৰ কথা কোৱাৰ বাবে নহয়, সেই সকলোবোৰৰ ব্যতিৰেকেও কৌতুহলৰ পৰা আঁতৰি আহি স্থবিৰ হৈ পৰা সৰ্ব মানৱৰ মুক্তিৰ কামনাখিনিৰ কাৰণেহে নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" এটা সাৰ্বজনীন আৰু উৎকৃষ্ট কবিতা হৈ চিৰকাল মানুহৰ মাজত ৰ'ব।





সমুদ্র কাজল শইকীয়া

কাণখোৱাৰ হাতপুথি ৮ :নাৰীবাদী সমালোচনা


নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"

[টোকা-
আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এই লানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। 
- সমুদ্ৰ কাজল শইকীয়া]


বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)

নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ" 



নাৰীবাদী পাঠ

ইংৰাজী ভাষাৰ ভিত্তিত কৰা ভাষাত্বাত্বিক বিশ্লেষণ এটাক হুবহু ৰূপত অসমীয়ালৈ অনুবাদ কৰিলে হয়তো আসোঁৱাহ বহুত থাকিব, কিন্তু তাৰ উদ্দেশ্য আৰু পৰিমেয়খিনি বুজিবলৈ চেষ্টা কৰিলে কিছু সদৰ্থক উত্তৰ পোৱা যাব। ফৰ্দিনান্দ চচ্যুৰৰ ভাষাত্বত্ত্বৰ আঁত ধৰি (ভাল খবৰ যে পোণা মহন্তদেৱে চচ্যুৰৰ কিতাপখন অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে) গঠণবাদী আৰু তাৰ পিছত উত্তৰ-গঠণবাদী চৰ্চাৰ প্ৰসাৰ হোৱাৰ কালছোৱাত নাৰীবাদী চৰ্চায়ো ভাষাত্বত্বৰ আলমত সমাজত নাৰীৰ অৱস্থান সম্পৰ্কীয় বহুখিনি পুৰ্বে অলক্ষিত দিশলৈ আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বিগত শতিকাৰ ষাঠি আৰু সত্তৰৰ দশকত নাৰীবাদী আন্দোলনৰ দ্বিতীয় ঢৌটোৰ সময়ত ভাষিক ব্যৱহাৰৰ মাজত সোমাই থকা লিংগ সম্পৰ্কীয় পক্ষপাতদুষ্টতাৰ কথাখিনি বহুল ৰূপত আলোচিত হয়। ডেনিছ বেৰন (Dennis Baron) আৰু এন ব’ডিনৰ (Anne Bodine) দৰে লেখকসকলে এণ্ড্ৰ’চেণ্ট্ৰিক (Androcentric) বা পুৰুষকেন্দ্ৰিক ভাষাৰ বিকাশৰ ইতিহাসখিনি পোহৰলৈ আনে। ভাষাৰ সহজ আৰু সাধাৰণ শব্দ একোটা আৰু সিবোৰৰ প্ৰয়োগৰ ধৰণ কৰণবোৰ যে কেনেকৈ লিংগায়িত (Gendered) সেই কথা বহুকাললৈকে পোহৰলৈ অহা নাছিল। অতি সৰলভাবে ক'বলৈ বিচাৰিলে এনেকৈয়ে বুজাব পাৰি যে মানৱ সভ্যতাৰ ইতিহাসটোৱেই আছিল - History of Man বা মানুহৰ ইতিহাস। এতিয়া এই Man বা মানুহ বুলি কওতে সি পুৰুষেই, আৰু ভালকৈ চালে দেখা যাব সেয়া পুৰুষৰেই ইতিহাস। এই কথাষাৰত অৱস্থান কৰি ইতিহাসলৈ উভটি চালে, মানে এই অধুনাপৰ্যন্ত "মানুহ"ৰ দ্বাৰা লিখিত (তাৰ মানেই সৃষ্ট, কথাষাৰ মন কৰিব) সভ্যতাৰ ইতিহাসৰ সকলোবোৰ বিভাগতে সকলোবোৰ হোতাই পুৰুষ। ৰেণেছাঁৰ শিল্পী, দাৰ্শনিক, বিজ্ঞানী, ভ্ৰমণকাৰী, আৱিষ্কাৰক সকলোবোৰেই পুৰুষ। আধুনিকতাক গঢ় দিয়া সকলো বিভাগীয় সাকলো শীৰ্ষস্থানীয় ব্যক্তিয়েই পুৰুষ। মানে শেষ বিচাৰত সভ্যতাক গঢ় দিয়া সকলোৱেই পুৰুষ - আৰু তেনেকৈয়ে মানুহ মানে আচলতেই পুৰুষ।

সৌভাগ্যক্ৰমে অসমীয়া ভাষা অন্যান্য আধুনিক ভাষাবোৰতকৈ, আনকি হিন্দী আদিৰ লগত তুলনা কৰিলেও, তুলনামূলকভাবে কম লিংগায়িত (Gendered)। মানুহ বুলিলে তাৰ লগত জন বা জনী প্ৰত্যয় যোগ দিহে আমি তাৰ লিংগ নিৰূপন কৰোঁ, যেনে মানুহজন বুলিলে পুৰুষ, মানুহজনী বুলিলে নাৰী। কিন্তু এই কথাই আমাৰ আলোচনাখিনিত কোনোধৰণেৰে সহায় আগনবঢ়ায়। কাৰণ শেষ বিচাৰত যেতিয়া সাধাৰণ ভাবে "মানুহ" বুলি কোৱা হয় আমাৰ অৱচেতনাত নিমজ্জিত ছবিখন কিন্তু পুৰুষৰেই ছবি।

"প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল"

এই বাক্যটোৰ মানুহটো পুৰুষ, তাক "টো" বুলিয়েই কোৱা হৈছে। গতিকে নৱকান্ত বৰুৱাৰ এই "বুৰঞ্জী" যে পুৰুষ-মানুহৰেই বুৰঞ্জী সেই কথাত সন্দেহ নাই। কবিয়ে "টো" প্ৰত্যয় যুক্ত কৰি মানুহ শব্দটোৰ যদি পুৰুষকৰণ নকৰিলেহেতেন তেতিয়া কি হ'ল হেতেন? যদি বাক্যটো এনে হ'লহেতেন- "প্ৰথমে এদিন প্ৰথম মানুহ আচৰিত হ'ল" তেতিয়া? এইখিনিতে মন কৰিবলগীয়া কথা এইটোৱেই যে কবিৰ তৰফৰ পৰা সেই নিৰ্দিষ্টতাসূচক ইংগিতটো নেথাকিলেও আমাৰ অৱচেতনাত কিন্তু এখন পুৰুষৰ ছবিয়েই উদ্ভাসিত হ'লহেতেন। নাৰীবাদী সকলে দৃষ্টি আকৰ্ষণ কৰিব খোজা কথা এইটোৱেই।

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?

এইখিনিতেই আৰু এটা দিশ আছে যে মানুহটোৱে কিবা এটা চাইছে, বা দেখিছে। তেওঁ এজন দ্ৰষ্টা বা দৰ্শক (Spectator, Audience) ব চাওতা। এই চাওতাজন সকলোসময়তে পুৰুষ। পুৰুষেহে চায় বা দেখে। দ্ৰষ্টা, দৰ্শক, চাওতা এই কথাকেইটাৰ আটাইকেইটা পুলিংগবাচক আৰু ইয়াৰ এটাৰো স্ত্ৰীলিংগ নাই। ইংৰাজীতো কথা একেটাই। পুলিংগবাচক "অভিনেতা" শব্দটোৰ বিপৰীতে যেনেকৈ যেনেকৈ স্ত্ৰীলিংগৰ "অভিনেত্ৰী" শব্দটো আছে তেনেকৈ দৰ্শক শব্দটোৰ বিপৰীতে "দৰ্শকী" ধৰণৰ কিবা আছে জানোঁ? নাই। যদি নাই কিয় নাই? কথাষাৰ ধেমেলীয়া বা লঘূ অথবা নিচল এটা ভাষাৰ খেল বুলি উৰাই দিব নোৱাৰি এইবাবেই যে দৈনন্দিন ঘৰুৱা বা সামাজিক স্তৰৰ অভিজ্ঞতাৰ পৰা বিৰাট সাংস্কৃতিক পৰিমণ্ডললৈকে সকলো ক্ষেত্ৰতে দৃষ্টি নিক্ষেপ কৰোতাজন পুৰুষেই হৈ আহিছে। তাৰ বিপৰীতে নাৰী সদায়ে দৰ্শনযোগ্য, দৃষ্টিক্ষম নহয়। আমাৰ সাংস্কৃতিক ধাৰণাত ল'ৰাই হে ছোৱালীক চায়, ছোৱালীয়ে ল'ৰাক নাচায়। গতিকে "বুৰঞ্জী" কবিতাটোৰ প্ৰথম বাক্যতে মানুহ কথাষাৰেই যদি নাথাকিলে হেতেন তেতিয়াও আমি ধৰিয়েই ল'লোঁ হেতেন যে যাৰ কথা কোৱা হৈছে, যি চাই আছে বা দেখিছে আৰু আচৰিত হৈছে সি - মানুহ, পুৰুষ।  

ক্ৰমাগতভাবে সেই প্ৰথম মানুহটো যেনেকৈ পুৰুষ যি দেখিছে আৰু আচৰিত হৈছে, তেনেকৈয়ে দ্বিতীয়জন- উপনিষদৰ কবি যি "উন্মুক্ত কৰা সেই আৱৰণ" বুলি নিজৰ ইচ্ছা বা বাসনা প্ৰকট কৰিছে সিও পুৰুষ। "আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ"- তৃতীয়জন পুৰুষ। "আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ" - পুৰুষ কবিৰ এই "আমি"খিনিও পুৰুষেই আৰু যাক সম্বোধন কৰা দৈছে সেই "ঈশ্বৰ" পুৰুষেই। গতিকে এই গোটেই বুৰঞ্জী আচলতেই পুৰুষৰেই বুৰঞ্জী - যাক মানুহৰ বুৰঞ্জী বুলি মানি থকা হ'ল।

এইখিনি কথাক যদি কেৱল এটা যুক্তি-তৰ্কৰ খাতিৰতে চালে বেৰে কোবাই বা জোৰ কৰি প্ৰতিষ্ঠা কৰিবলৈ খোজা হৈছে বুলি কোনোবাই প্ৰতি-যুক্তি দিবলৈ বিচাৰে তেনেহ'লে এটা আপাততুচ্ছ কথাৰ অৱতাৰনা কৰিম। নৱকান্ত বৰুৱা এজন পুৰুষ কবি নহৈ এগৰাকী নাৰী কবি হ'লহেতেন তেতিয়া কি হ'লহেতেন? অথবা, ১৯৪৭ চনত নৱকান্তই "বুৰঞ্জী" কবিতাটো লিখি থকাৰ একে সময়তে অসমীয়া ভাষাত কবিতা লিখি থকা নাৰী কবিৰ কবিতাত কেনে ধৰণৰ সুৰ শুনা গৈছিল। এতিয়া আপোনাৰ কাম আৰম্ভ হ'ল। অসমীয়া কবিতাৰ আৰু সাহিত্যৰ ইতিহাসৰ সমস্তবোৰ পুথি-পাজি বিচাৰি চলাথ কৰক। এই প্ৰশ্নৰ উত্তৰ ক'তো নাপায়। নাৰী কবি সকল নিৰুদ্দিষ্ট। কাৰণ অসমীয়া কবিতাৰ ইতিহাসো পুৰুষেই লিখা পুৰুষৰেই সৃষ্টি। “নাৰী, মহিলা কবি আৰু অসমীয়া কবিতা” শীৰ্ষক এটি লেখাত অলপতে এইখিনি কথা ফঁহিয়াই দেখুওৱা হৈছিল যে কেনেকৈ অসমীয়া সাহিত্যৰ ইতিহাস ৰচনাৰ পথটোতো কেনেকৈ পুৰুষ কেন্দ্ৰিকতাই বহুখিনি কথাৰ নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে। আমেৰিকান শিল্পইতিহাসবিদ লিণ্ডা নকলিনে (Linda Nochlin) সুধিছিল “Why Have There Been No Great Women Artists?” তেনেকৈয়ে আমাৰ মাজে মাজে সুধিবৰ মন যায় “Why Have There Been No Great Assamese Women Poet?” এই কথাটোৱেই সেই সম্ভাব্য প্ৰতিযুক্তিটোকো গুৰিতেই খণ্ডন কৰিবলৈ যথেষ্ঠ।





সমুদ্র কাজল শইকীয়া   

কাণখোৱাৰ হাতপুথি ৭ :উত্তৰ আধুনিকতাবাদী সমালোচনা

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"


[টোকা-
আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এইলানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। - সমুদ্ৰ কাজল শইকীয়া]



বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)
নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ"



উত্তৰ আধুনিকতাবাদী পাঠ

আমি আগতে আগবঢ়াই অহা ঐতিহাসিক প্ৰেক্ষাপটত অৱস্থান নিৰূপনৰ যোগেদি কবিতাৰ পৰ্যবেক্ষণৰ দৰে এটা একেধৰণৰ প্ৰয়াস উত্তৰআধুনিক অৱস্থানৰ পৰাও কৰিব পৰা যায় যদিও দুয়োটাৰে মাজত প্ৰধান তফাৎ থাকিব এইখিনিত যে – অসমীয়া কবিতাৰ ৰমন্যাসবাদৰ পৰা আধুনিকতাৰ বাটত নৱকান্ত বৰুৱা এজন কবি হিচাপে কবিজনৰ অৱস্থানটোৱে তাত (আগৰ লেখাটোত) গুৰুত্ব পাইছিল। এতিয়া কিন্তু কবিতাটোৱেহে বেছি গুৰুত্ব পাব এটা পাঠ হিচাপে – লেখক নৱকান্ত বৰুৱা নে ক, খ অথবা গ সেইটো গৌণ।

উত্তৰ আধুনিকতাবাদী তত্ব সমূহৰ আটাইতকৈ বেছিকৈ চকুত পৰা বৈশিষ্ট্য কেইটাৰ মাজত দুটা হ’ল – বহুত্ব আৰু pastiche. “উপনিষদৰ কবি”ৰ পৰা ধাৰ কৰি অনা হিৰন্ময় পাত্ৰৰ ধাৰণাটোৱে এটা pastiche-ৰ ধাৰণা দিয়ে। পূৰ্বজ ৰমন্যাসিক কবিকূলে প্ৰকৃতিৰ উপাদান একোটাৰ বৰ্ণনা কৰোতে কবিমনৰ আৰু বিষয়বস্তুৰ মাজৰ নিবিড় সম্পৰ্কটোৰ বিশুদ্ধতাকেই প্ৰাধান্য দিছিল। এই সময়ত কবিতাটো যে অন্য ঐতিহাসিক সমলৰ ওপৰত আধৰিত সেই কথা কবিতাটোৰ পাজতেই প্ৰত্যক্ষ ভাবেই কৈ গৈছে। প্ৰকৃতিৰ প্ৰতি আৰু ‘মহাজগতৰ’ প্ৰতি বিস্ময়বোধটো যে ৰবিন্দ্ৰীয় এটা চেতনা সেই কথা পাদটীকা অথবা গ্ৰন্থৰ নিৰ্ঘণ্টলৈ নেৰাখি কবিতাটোৱেই নিজেই সাঙুৰিছে। উপনিষদৰ এষাৰি বাক্য হুবহু উঠি আহিছে –
“হে পূষণ
উন্মুক্ত কৰা সেই আৱৰণ”।

আধুনিকতাবাদৰ যিকেইটা প্ৰপঞ্চ আৱিষ্কাৰ কৰি উত্তৰ আধুনিকতাবাদী ত্বত্ব সমূহ সমালোচনাত মুখৰ হৈ উঠে সেই আটাইকেইটাই এই কবিতাত দেখা যায়।

ৰেণে ডেকাৰ্টে (René Descartes) নামৰ গণিতজ্ঞ আৰু দাৰ্শনিক এগৰাকী আধুনিকতাবাদী সকলৰ বাবে নমস্য ব্যক্তি আছিল। তেখেতৰ এষাৰ বিখ্যাত উক্তি – Cogito ergo sum -“মই ভাবোঁ সেয়ে মই আছোঁ” কথাষাৰে ব্ৰহ্মাণ্ড সম্পৰ্কেই মানুহৰ ধাৰণা সলনি কৰি পেলাইছিল। সেই কথাষাৰত তেখেত উপনীত হৈছিল এটা মজাৰ দাৰ্শনিক পদ্ধতিৰে। আমি যি ইন্দ্ৰিয় সমূহেৰে বহিৰ্জগতখন প্ৰত্যক্ষ কৰোঁ সেই ইন্দ্ৰিয়সমূহে আমাক সঠিক জ্ঞান দিয়ে বুলি আমি কেনেকৈ জানিম? আমি কেনেকৈ নিশ্চিত হ’ব পাৰিম যে চকুৰে দেখা বস্তুটো সচাকৈয়ে চকুৰ সন্মুখতে আছে অথবা আমি কাণেৰে শুনা শব্দটো সঁচাকৈয়ে হোৱা এটা শব্দ আৰু কোনো ভ্ৰান্তি নহয়। এনেকৈ তেখেতে এটা এটাকৈ ইন্দ্ৰিয়লব্ধ সংবেদনাখিনিকে প্ৰশ্ন কৰিবলৈ ল’লে। এনেকৈ প্ৰশ্ন কৰি কৰি আৰু নাকচ কৰি কৰি তেওঁ এনে এটা পৰ্যায় পালেগৈ যেতিয়া এই প্ৰশ্নটোৰ সন্মুখীন হ’ল যে- এই সকলোবোৰ বাৰু মিছা, কিন্তু এইবোৰ যে ভাবি আছে সেই মনটো? সেই মনটোৰ উপস্থিতিতো সঁচা। যদি মন নেথাকিলেহেতেন তেনেহ’লে এইবোৰ কথা কোনে ভাবি আছে? কোনোবাইতো ভাবিয়ে আছে। তেনেকৈয়ে তেওঁ আৱিষ্কাৰ কৰিলে যে যিহেতু মই ভাবি আছোঁ – সেয়েহে মই আছোঁ। মই যিহেতু আছোঁ, মোৰ অস্তিত্ব যিহেতু আছে, মই যিটো দেখি আছোঁ সেইটোও আছে। এই মজাৰ ঘটনাটোৱে বিশ্বজুৰি যুগান্তকাৰী পৰিৱৰ্তন আনিলে। ‘মই’ আৰু ‘মই’ বুলি চিন্তা কৰিব পৰা মানুহ স্থাপিত হ’ল বিশ্বজগতৰ কেন্দ্ৰস্থলত (man at the centre of the universe)।

“বুৰঞ্জী” কবিতাটোৰো কেন্দ্ৰস্থলত থাকিল মানুহ। কবিতাটোৰ আৰম্ভণীয়েই হৈছে – “প্ৰথমে এদিন আচৰিত হ’ল পৃথিৱীৰ প্ৰথম মানুহটো”। বুজিবলৈ আৰু বাকী নাথাকিল যে এই “বুৰঞ্জী” হ’ল মানুহৰ বুৰঞ্জী। বিশ্বজগতৰ ৰহস্যময়তাত “পূৱৰ সেই বিৰাট কাৰবাৰটো কি” বুলি প্ৰশ্ন কৰিব পৰা মানুহ। কাৰণ আধুনিকতাবাদৰ মানৱতাবাদ ‘মানুহ হোৱাৰ গৌৰৱ’ৰো বাদ। উত্তৰ আধুনিকতাবাদে বিশ্বজগতৰ কেন্দ্ৰস্থলৰ পৰা মানুহক অপসাৰিত কৰে। মানুহহে নেলাগে, কেন্দ্ৰস্থলৰ ধাৰণাটোকেই স্মূলি নৎস্যাৎ কৰি দিবলৈ বিচাৰে। এই বিকেন্দ্ৰীকৰণ আধুনিকতাবাদৰ অনন্য অৱদান।  ৰাষ্ট্ৰৰ গঠণ প্ৰক্ৰিয়াটোত এটা কেন্দ্ৰৰ স্থাপন হোৱা কাৰবাৰটোও ক্ৰমশ: নিগৃহিত হ’বলৈ আৰম্ভ কৰিলে সমসাময়িক চিন্তাধাৰাত। মানুহকে কেন্দ্ৰ বুলি ভবা ধাৰণাটোৱে কয় যে মানুহে বস্তু এটা চাব পাৰে। কিন্তু জাক ডেৰিডাৰ নিৰ্গঠনবাদী চিন্তা চৰ্চাৰ পিছৰ পৰা কথাবোৰ এনে হ’লগৈ যে – মই যদি বস্তু এটালৈ চাই আছোঁ তেনেহ’লে এই কথাও সম্ভৱপৰ যে সেই বস্তুটোৱেও মোলৈ চাই আছে (Seeing Other- Derrida).
"I see not only the eye of an other; I see also that he looks at me." That is, what is SEEN is not only a thing, a dead object, but also a responding subject, an intention even. If a LOOK can be seen, then empiricism and all the reductionisms that are associated with it are destroyed. But a look CAN be seen, not only the face, but another face's glance at my face.  [Jaques Derrida, Derrida quotes Scheler in his essay "Violence and Metaphysics: An Essay on the Thought of Emmanuel Levinas”, Writing and difference.]

আধুনিকতাবাদে সভ্যতালৈ আগবঢ়োৱা আন এটা কেৰোন আছিল সৰলৰৈখিকতা। ইতিহাস-বীক্ষন আৰু ইতিহাস সচেতনতা আধুনিকতাবাদে আনিলে সঁচা কিন্তু সেই ইতিহাসৰ ধাৰণাটো যেনেকৈ নিৰ্মাণ কৰা হ’ল সেই পদ্ধতিটোৱেই যে ভুল সেই কথা কালক্ৰমত প্ৰতীয়মান হ’ল। ইতিহাস লিখা হৈছিল সৰলৰৈখিক ভাবে। যেনে প্ৰথমে ক ঘটনাটো ঘটিল, তাৰপিছত খ ঘটিল, তাৰপিছত ঘটিল গ। এই ইতিহাস লেখনৰ পদ্ধতিটোক বায়’গ্ৰাফিকেল, প্ৰগ্ৰেছিভ (প্ৰগতিশীল, কিন্তু সমাজবাদী প্ৰগতিশীলৰ লগত ভুল নকৰিব) অথবা ডাৰউইনিয়ান পদ্ধতি বুলিও কোৱা হয়। কাৰণ জীৱন এটা যেনেকৈ প্ৰথমে জন্ম হয়, তাৰপিছত ডাঙৰ দীঘল হয়, তাৰপিছত বুঢ়া হয় আৰু তাৰ পিছত মৰে – তাৰ মাজতো এনেধৰণৰ সৰলৰৈখিক গতি দেখা যায়। জীৱজগতৰ এনে সৰলৰৈখিক অগ্ৰগতিৰ কথা কৈছিল ডাৰউইনে অৰু তেনেকৈয়ে আমি জানিব পাৰিলোঁ কেনেকৈ আদিম মানৱৰ পৰা ক্ৰমবিকাশৰ মাধ্যমেৰে আহি আজিৰ মানুহ হ’লহি। এই ক্ৰম-বিৱৰ্তনক ক্ৰম-বিকাশ বুলি ধৰা হ’ল, মানে ক্ৰমে বস্তুবোৰ উন্নতৰ হৈ আহে- যিটোক লৈ পাছলৈ প্ৰশ্ন উঠিল। ডেকাৰ্টেৰ দৰেই ডাৰউইন আছিল আন এজন আধুনিকতাবাদৰ বন্দিত ব্যক্তি কিন্তু উত্তৰ আধুনিক পৰ্যায়ত আটাইতকৈ বেছি নিন্দিত একোজন।

কিন্তু উত্তৰ আধুনিকতাই দেখুৱালে যে কথাবোৰ এডাল সৰল ৰেখৰ দৰে পোণ আৰু সহজ নহয়। ক-ৰ পিছত খ ঘটিলেও হয়তো ক-ৰ কিছু অংশ খ বা গ হে নেলাগে ঘ, বা ঙ ঘটিবৰ সময়ত ঘটিয়েই আছিল। ওলোটাভাবে, ঘ ঘটনাটো ক খ আৰু গ ঘটাৰ পিছতহে ঘটিছিল বুলি ইতিহাসে কৈছিল যদিও অন্যত্ৰ হয়তো ঘ-টো বা ঙ-টো ক ঘটাৰো বহু আগতেই ঘটি আছিল।  আধুনিক হৈ অহাৰ সৈতে উন্নতি আৰু বিকাশৰ যিটো ধাৰণা সংযুক্ত হ’বলৈ ল’লে সেইটোও গণ্ডগোলীয়া। আমি কেনেকৈ ক’ম যে আদিম মানৱ উন্নত নাছিল আৰু আজিৰ মানুহ উন্নত? ইলোৰাৰ কৈলাশনাথ নামৰ গুহাৰ সন্মুখত থিয় হৈ বা কোণাৰ্কৰ সূৰ্যমন্দিৰত থিয় হৈ আমি ভাবিবলৈ বাধ্য নহওনে – তেতিয়াৰ প্ৰযুক্তিবিদ্যা যে যথেষ্ঠ উন্নত আছিল? অষ্টদশ বা উনবিংশ শতিকাত মধ্য ভাৰতত এটা জনগোষ্ঠীয়ে হয়তো ধাতু গলাই ডোক্ৰা কাষ্টিং কৰিবলৈ শিকিছেহে, কিন্তু তাৰ সহস্ৰ বছৰৰ আগেয়ে হৰাপ্পা মহেঞ্জোদাৰোত দেখোন মানুহে ব্ৰোঞ্জেৰে মূৰ্তি গঢ়ি থৈ গৈছিল। এনে ক্ষেত্ৰত জ্ঞানৰ ইতিহাস, বা মানুহৰ ইতিহাস এটা সৰলৰেখাত কেনেকৈ সজাই তোলাটো সম্ভৱ হ’ব পাৰে? কিন্তু “বুৰঞ্জী” কবিতাটোৰ ইতিহাসৰ ধাৰণাটোৱে এই সৰলৰৈখিক ইতিহাস বীক্ষণৰ ধাৰণাটোকেই সংপৃক্ত কৰে। প্ৰথেম সেই ‘প্ৰথম মানুহটো”ৰ কথা, তাৰ পিছত উপনিষদৰ কবিৰ কথা, তাৰ পিছত ৰবীন্দ্ৰনাথ আৰু শেষত কবিৰ নিজৰ প্ৰজন্ম। কিন্তু আমি আগৰ আলোচনাত উল্লেখ কৰি অহা “বুৰঞ্জী” কবিতাটোৰ প্ৰায় তিনি দশকৰ পাছলৈ ৰচিত নীলমণি ফুকনৰ কবিতাটোৰ বিস্ময়ৰ চেতনাই কবিৰ আধুনিকতাবাদী সৰলৰৈখিক আৰু মানুহ কেন্দ্ৰিক চেতনাক নাকচ কৰি দিয়ে। এজন কবিয়ে যেতিয়া এতিয়াৰ মানুহে আচৰিত হ’বলৈ পাহৰিছে বুলি কৈ মোখনি মাৰিব খুজিছে তাৰ বিপৰীতে আমি অন্যত্ৰ আশ্চৰ্যচকিত মানুহৰ কণ্ঠত কৌতুহলৰ সুৰ শুনিবলৈ পাইছোঁ-

আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ
[নীলমণি ফুকন, "নৃত্যৰতা পৃথিৱী", প্ৰথম প্ৰকাশ- নৱেম্বৰ ১৯৮৫]

কথা ওলাওতেই আৰু এটা কথালৈ মন কৰিব পাৰি- সেয়া হ'ল, কেনেকৈ নীলমণি ফুকনৰ নৃত্যৰতা পৃথিৱীৰ আশ্চৰ্যবোধ বা বিস্ময়ৰ চেতনাই সৰলৰৈখিকতাক সমূলি বৰ্জন কৰিছে। আধুনিকতাবাদ আছিল নিশ্চিতিৰ আৰু মানুহৰ জ্ঞানৰ অহংকাৰৰ। উত্তৰ আধুনিকতা হ'ল অনিশ্চিতিৰ আৰু জ্ঞান-ত্বত্ত্বৰ প্ৰতি থকা অনাস্থাৰ। সন্দিগ্ধ আৰু উদ্বিগ্ন হ'লেও শেহত নৱকান্তৰ সম্বোধন আছিল কোনোবা "ঈশ্বৰ"ৰ প্ৰতি। এই ঈশ্বৰ কোন ঈশ্বৰ কেনেকুৱা ঈশ্বৰ সেয়া আমি নাজানো কিন্তু সেই সম্বোধনৰ সিপাৰে আছিল এক একক সত্বা। কিন্তু নীলমণিৰ কবিতাত কবিয়ে কাক সম্বোধন কৰিছে তাৰেই নিশ্চিতি নাই

কাক সোধোঁ কি সোধোঁ কাক সোধোঁ

একেদৰেই নৱকান্তৰ "বুৰঞ্জী"ৰ সৰলৰৈখিক বৰ্ণনাক্ৰমৰ পদ্ধতিক মাধমাৰ সোধাইছে নীলমণিৰ কাহানিও উত্তৰ নোপোৱা প্ৰশ্নই -
শেষ ক'ত শেষ নে আৰম্ভ কিহৰ আৰম্ভণি
ক'ত আৰম্ভণি
কোনে ল'ব কাৰ কিহৰ পৰিমাপ
[নীলমণি ফুকন, নৃত্যৰতা পৃথিৱী, প্ৰথম প্ৰকাশ- নৱেম্বৰ ১৯৮৫]

উত্তৰ আধুনিকতাবাদী দৃষ্টিৰে দেখা পোৱা আৰু কেইটামান আধুনিকতাবাদৰ আসোঁৱাহ সম্পৰ্কে এই কবিতাটোৰ আলম লৈ কথা পাতিব পাৰি। আধুনিকতাবাদীয়ে সকলো সময়তে যুক্তি, কাৰ্যকাৰণ আৰু বিজ্ঞানমনস্কতাৰ নামত এটা সামুহিক ত্বত্বৰ সন্ধান কৰিছিল। হয় এটা পৰম সত্য ক’ৰবাত আছে আৰু তাৰ সন্ধান কৰিব লাগিব, নহ’লে, কিবা এটা সৰ্বগ্ৰাসী তত্ব থাকিব যাৰ জৰিয়তে বাকী সকলোবোৰ ব্যখ্যা কৰিব পৰা যাব। মৰ্ক্সবাদে বিশ্বাস কৰা শ্ৰেণী সংগ্ৰামৰ সৰ্বগ্ৰাসী ত্বত্বটোও সমালোচিত হ’ল উত্তৰ আধুনিকতাবাদত। বিস্ময়বোধৰ এটা সূত্ৰ ধৰি “বুৰঞ্জী” কবিতাটোৱেও ক’ৰবাত এটা যেন পৰম তত্বৰ সুৰ বিচাৰি ফুৰিছে। আৰু বৈপৰীত্যসূচকভাবে ঔদ্যোগীকৰণ, বজাৰ সংস্কৃতি আদি যি আধুনিকতাবাদৰ দান, সেইবোৰৰ হাত ধৰি অহা পৰিস্থিতিবোৰত সৃষ্টি হোৱা হতাশা বা নিৰাশাৰ সুৰটোও আধুনিকতাবাদী সুৰেই। “বুৰঞ্জী” কবিতাৰ শেষৰ স্তৱকত সোমাই থকা হতাশাৰ সুৰটোও সেই সূত্ৰে আধুনিকতাবাদী সুৰেই।



সমুদ্র কাজল শইকীয়া   

কাণখোৱাৰ হাতপুথি ৬ : ঐতিহাসিক সমালোচনা

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"

[টোকা-
আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এইলানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। - সমুদ্ৰ কাজল শইকীয়া]


বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)

নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ" 




ঐতিহাসিক পাঠ

আধুনিকতাবাদৰ সংজ্ঞা তথা পৰিসৰ ব্যাপক। ই মাত্ৰ এটা বাদ নহয়, বৰঞ্চ বহুতো বাদৰ সমষ্টি মাত্ৰ বুলি ক’ব পৰা যায়। এই সম্পৰ্কে বিস্তাৰিত ভাবে জানিব খুজিলে হৰেকৃষ্ণ ডেকাদেৱৰ “আধুনিকতাবাদ” শীৰ্ষক গ্ৰন্থখন পঢ়ি চাব পাৰি। সি যি কি নহওক উনবিংশ শতিকাত অসমীয়া সাহিত্যৰ জগতলৈ জোনাকী আলোচনীৰ হাত ধৰি অহা ৰমন্যাসবাদ অসমত আধুনিকতাৰ আৰম্ভণীৰ পৰ্যায় বুলি ক’ব পাৰি। প্ৰকৃতি আৰু প্ৰেমৰ পূজন এই ৰমন্যাসবাদৰ  সাৰবস্তু যদিও কোৱা হয় যে এই প্ৰকৃতি-প্ৰেম অন্তৰ্ভাগৰ পৰা জন্ম হোৱা এটা স্বাধীন আৰু স্বত:ফুৰ্ত তাগিদা নাছিল। ইংৰাজী সাহিত্যৰ ৰোমাণ্টিচিজমৰ অনুপ্ৰেৰণাৰে জন্ম হোৱা এটা সচেতন আন্দোলনৰহে ফচল বুলি ইয়াক ক’ব খোজা হয়। এই ৰমন্যাসবাদী অভ্যুত্থানকে আধুনিকতাবাদৰ পূৰ্বাভাস বুলি ধৰিলে সময় সাপেক্ষ নহ’লেও ধাৰণাৰ ফালৰ পৰাই পশ্চিমীয়া শিল্প সাহিত্যত আধুনিকতাবাদৰ উন্মেষ আৰু অসমীয়া সাহিত্যত আধুনিকতাৰ উন্মেষৰ এট সংযোগ স্থাপন কৰিব পৰা যায়।

এটা বিচাৰে অষ্টদশ শতকৰ ৰোমাণ্টিচিজম পশ্চিমীয়া শিল্পৰ আধুনিকতাৰ প্ৰৰম্ভণ বুলি ক’লেও আন এটা বিচাৰে আৰু অলপ উধাই গৈ পঞ্চদশ শতকৰ নৱজাগৰণ অথবা ৰেণেছাঁৰ সময়খিনিৰ কথা ক’ব খোজে। যিখিনি চৰিত্ৰগত বৈশিষ্ট্যই এইখিনি বিচাৰক সিদ্ধ কৰে সেইখিনি এইখিনিতে অলপ জুকিয়াই চাব পাৰোঁ। ৰেণেছাঁ পূৰ্বক মধ্যযুগীয় শিল্প সাহিত্যৰ কেন্দ্ৰবস্তু আছিল ঐশ্বৰিক। বিজ্ঞানৰ প্ৰসাৰ আৰু দৰ্শনৰ নত্ন দ্ৰিসটিভংগীয়ে ইশ্বৰৰ পৰা ধ্যান মানুহলৈ আৰু প্ৰকৃতিলৈ নমাই আনিলে। লিউনাৰ্ডো দা ভিঞ্চিৰ যুগান্তকাৰী সৃষ্টি মনালিছাৰ অন্যতম বিশেষত্ব এয়ে যে ই মানৱী। কোনো পুৰাণগাঁথা অথবা ধৰ্মীয় অনুষংগ ব্যতিৰেকে ই এক মানৱী অৱয়ৱ আৰু তাৰ পৃষ্ঠভাগত প্ৰকৃতিক ৰূপায়িত কৰে। ৰেণেছাঁ যুগটোক সেয়েহে মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। তাৰ পিছতো মানুহ মানুহৰ গৰিমাৰেই মহিমামণদিত হৈ উপস্থাপিত হ’বলৈ আৰু প্ৰকৃতি প্ৰকৃতিৰ নিজস্ব মৰ্যাদৰে ঠিয় দি থাকিবলৈ ৰোমাণ্টিচিজম অথবা গুস্তাভ কুৰ্বেৰ ৰিয়েলিজম (বাস্তৱতাবাদ)ৰ সময়লৈকে ৰ’ব লগা হ’ল। কুৰ্বেয়ে ঘোষণাই কৰি দিলে যে যিটো বস্তু তেওঁ দুচকুৰে দেখা পাব নোৱাৰে সেইটো বস্ত তেওঁ আঁকিব নোৱাৰে। ঠিক তেনেকৈয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত শংকৰী আৰু উত্তৰ শংকৰী যুগৰ পিছত জোনাকী যুগে মানুহক আৰু প্ৰকৃতিক নিজস্ব গৰিমাৰে উদ্ভাসিত কৰিলেহি। অসমীয়া ৰমন্যাসিকেও ভাগৱত পুৰাণ আশ্ৰিত আধিভৌতিকতাৰ পৰা আঁতৰি আহি দৃষ্টি নিবদ্ধ কৰিলে চকুৰে দেখা পোৱা বাস্তৱ জগতখনত- সাদৰী গোলাপ পাহিত, দহিকতৰাত। সেই হিচাপেই ৰমন্যাসবাদ বাস্তৱতাবাদৰো সূচক। প্ৰকৃতিৰ সৌন্দৰ্য উদযাপন, প্ৰেমৰ জয়গান এইবোৰৰ লগে লগে উচ্চাৰিত হ’ল – “মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ”। 

এইখিনিতে ৰমন্যাসবাদ আৰু আধুনিকতাবাদৰ অনুষংগতে আধিভৌতিকতা আৰু ইতিহাস চেতনা সম্পৰ্কে দুটা কথা কৈ ল’ব লাগিব। ভক্তিবাদৰ কালৰ ধৰ্মীয় চৰ্চাৰ পৰা ফালৰি কাটি আহি প্ৰকৃতি, প্ৰেম আৰু মানুহকে কেন্দ্ৰস্থলত স্থাপন কৰিলেও আধুনিকতাবাদৰ উন্মেষকালত আধিভৌতিক চেতনাক এটা অন্য স্তৰলৈ লৈ গৈ চৰ্চা অব্যাহত ৰাখিলে। এনে ধৰণৰ এচাম কবিৰ কবিতাক অসমীয়া সাহিত্যৰ আলোচক সকলে ৰহস্যবাদী বা অতীন্দ্ৰীয়বাদী বুলি অভিহিত কৰিবলৈ ল’লে। শ্যেলী, কিটচ, ৱৰ্ডছৱৰ্থ আদিৰে প্ৰভাৱেৰে যদি প্ৰকৃতি  আৰু প্ৰেমে প্ৰাধান্য লাভ কৰিছিল, এই আধিভৌতিক চেতনাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা আৰু গীতৰ প্ৰভাৱ অসমীয়া সাহিত্যত উলাই কৰিব নোৱাৰি। ভৈৰৱচন্দ্ৰ খাটনিয়াৰদেৱৰ ‘মানিমুনি শাক’ নামৰ কবিতাটো এটা মজাৰ কবিতা। গোলাপ, দহিকতৰা আদিৰ দৰে চাক্ষুস আৰু প্ৰকৃতিগত এটা উপাদানক কেন্দ্ৰস্থলত লৈ লিখা কবিতা যদিও এই কবিতাটো আচলতে মহাজীৱন আৰু মহাজগতৰ সম্ভেদ দিয়া এটা আধিভৌতিক পৰ্যায়ৰ কবিতাহে।

আনটো কথা হ’ল ইতিহাস চেতনা যিটো এটা জাতিয়তাবাদী দায়িত্ববোধৰ হাত ধৰি ৰমন্যাসিক আৰু তদানুগামী আধুনিকতাবাদী সকলৰ মাজলৈ আহিছিল। এই আধুনিকতাবাদৰ সময়খিনি আত্মপৰিচয়ৰ সন্ধানৰো যুগ। ফলত ইতিহাস বীক্ষণৰ মাজেদিয়েই নিজৰ অস্ত্বিত্বৰ ধ্বজা বহন কৰিবলৈ বিচাৰি এই কবিকূলে হয় ইতিহাসৰ ঘটনা আৰু বীৰোচিত চৰিত্ৰসমূহলৈ নতুনকৈ চকু দিবলৈ চেষ্টা কৰিলে নহয় অসমৰ মাটি আৰু আকাশত নিহিত থকা পৰম্পৰাগত আৰু লোকায়ত সাধুকথা, মৌখিক সাহিত্য আদিৰ অনুসন্ধান আৰু পুণৰোত্থানতো মনোনিবেশ কৰিলে। এই ইতিহাস বীক্ষণৰ তাগিদাৰ ফলতেই আমি পালোঁ জয়মতী কুঁৱৰীৰ দৰে নাটক, আনকি তাৰ আধাৰতে কল্পনাপ্ৰসূত ডলিমীৰ দৰে চৰিত্ৰ। লোকসাহিত্যৰ গুৰুত্বৰ উপলব্ধিৰ ফলতে পালোঁ ‘বুঢ়ী আইৰ সাধু’। উপৰিউক্ত আটাইখিনি চৰিত্ৰগত বৈশিষ্ট্যকে সাঙুৰি সৃষ্টি হ’ল চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ তেজীমলাৰ দৰে কবিতা।

“মানুহৰ চোতালত মাধুৰী ফুটিলে
মানুহে নিচিনে হায়,
সাৰি, তুলি, ছিঙি মোহাৰি পেলালে
-          মানুহৰ মৰমো নাই।“

আধুনিকতাবাদৰ চৰিত্ৰগত বৈশিষ্ট্য সম্পৰ্কে এতিয়ালৈকে আমি পাতি থকা আটাইকেইটা প্ৰসংগই নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটোত পোৱা যাব। প্ৰকৃতি, মানুহ, প্ৰেম, লোক জীৱনৰ পৰা বুটলি অনা সমল, এইবোৰৰ মাজত আঁহে আঁহে সোমাই থকা কবিৰ দায়িত্ববোধৰ আভাস আদি সকলোবোৰ।

কিন্তু কবিতাৰ ধাৰা গতিশীল। সকলো সময়তে সি প্ৰবাহমান। এটা সময়ত যতীন্দ্ৰনাথ দুৱৰাৰ দৰে কবিয়ে সোঁৱৰালে – অতীতক নেযাবা পাহৰি। কিন্তু যিহেতু অতীতমুখী হৈ এঠাইতে থমকি ৰ’লে যিহেতু আৰু নচলিব এসময়ত সেই একেজন কবিয়েই ক’ব লগাত পৰিল- অতীতক যোৱাহে পাহৰি। এই অতীতক পাহৰিব লাগে নে নেলাগে সেই দোমোজাতে আৱদ্ধ হৈ ৰোৱা অসমীয়া কবিতাক এটা সন্ধিক্ষণ দিলে দেৱকান্ত বৰুৱাই। তুংগত উঠিল ৰমন্যাসবাদ, আৰম্ভ হ’ল অসমীয়া কবিতাৰ আধুনিকতাৰ পৰ্বান্তৰ। সেই পৰ্বান্তৰেদি অসমীয়া কবিতাৰ আধুনিকতাবাদৰ শীৰ্ষবিন্দু প্ৰতিষ্ঠা কৰিলে নৱকান্ত বৰুৱাই। আধুনিকতাবাদ গ্ৰন্থত হৰেকৃষ্ণ ডেকাদেৱে দেখুৱাইছে কেনেকৈ পশ্চিমীয়া ধৰণৰ এটা আধুনিকতাৰ বোধ অসমীয়া সাহিত্যলৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাতহে আহিছিল আৰু এইখিনি সময়ৰেই ফচল নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটো।

চমুৱাই ক’বলৈ যাওতে অসমীয়া কবিতাৰ আধুনিকতাবাদৰ ইতিহাসৰ ইটো সিটো বহুখিনি বাদ পৰি ৰোৱাটো স্বাভাৱিক। তথাপি চমুকৈ হ’লেও এই কথাখিনি ক’ব লগা হ’ল এইবাবেই যে নৱকান্ত বৰুৱাৰ “বুৰঞ্জী” শীৰ্ষক কবিতাটোৰ কথা ক’বলৈ গ’লে এইখিনি কথাই আমাক অলপ সহায় কৰিব। প্ৰকৃতি এই কবিতাৰ কেন্দ্ৰস্থ বস্তু হৈয়ো সি ৰমন্যাসবাদৰ প্ৰকৃতিতকৈ অলপ বেলেগ আৰু সেই প্ৰকৃতিয়ে মানৱ মনলৈ আনি দিয়া বিস্ময়বোধ হে ইয়াত মূখ্য অকৰ্ষণ হৈ ৰৈছে। সেই বিস্ময়বোধে কবিতাটোক প্ৰকৃতি বিষয়ক আন কবিতাবোৰৰ শাৰীত নথৈ আধিভৌতিক, অতীন্দ্ৰীয়বাদী বা ৰহস্যবাদী কবিতাসমূহৰ লগতহে থ’বলৈ অনুমোদন জনায়। কিন্তু সেই ৰহস্যবাদী বা মেটাফিজিকেল কবিতাসমূহৰ শাৰী পুৰাই বহিলেও নৱকান্তৰ "বুৰঞ্জী" তাত থাকিব এটা বিৰোধেৰে। সেই ৰহস্যবাদৰ ঐতিহ্যক প্ৰেক্ষাপটত ৰাখিও আধুনিক ব্যক্তিমনৰ নৈৰাশ্যৰ চেতনাই ইয়াক সিবোৰ কবিতাৰ সৈতে মিলিবলৈ দিয়া নাই।

এইখিনিতে কবিতাটোৰ লগত ৰবীন্দ্ৰনাথৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। তাৰ পিছত আকৌ এদিন নতুনকৈ আচৰিত হ’ল ৰবীন্দ্ৰনাথ বুলি কোৱা কথাষাৰে নিজেই সেই উল্লেখ দিছে। সেয়ে নহ’লেও প্ৰথমে এদিন আচৰিত হ’ল পৃথিৱীৰ প্ৰথম মানুহটো বুল কওতেও আমি সেই সম্ভেদ পাইছিলোঁ।
“আকাশভরা সূর্য-তারা, বিশ্বভরা প্রাণ,
তাহারি মাঝখানে আমি পেয়েছি মোর স্থান,
বিস্ময়ে তাই জাগে আমার গান॥"

ৰবীন্দ্ৰনাথৰ এই বিস্ময়ৰ চেতনা আৰু নৱকান্তৰ কবিতাৰ মাজত পোৱা বিস্ময়ৰ চেতনা যে একেই সেই কথা বুজিবলৈ আমৰ বৰ বেছি অসুবিধা নহয়। উল্লেখ্য যে নৱকান্তৰ কাব্যিক চেতনাৰ মাজত ৰবিন্দ্ৰীয় চেতনাই বাৰে বাৰে বিভিন্ন ৰূপত ভূমুকি মাৰিছেহি। নৱকান্তৰ গীত সমূহতো ৰবীন্দ্ৰ সংগীতৰ মৰ্মস্থলৰ সুৰ এটা আছেই-
“নিয়ৰৰে ফুল
এপাহ ফুলিল এপাহ সৰিল কেনি”।

কিন্তু ৰবিন্দ্ৰীয় বিস্ময়বোধতে আৱদ্ধ নাথাকি নৱকান্তৰ বিস্ময়বোধ অন্য এটা স্তৰলৈ আগবাঢ়ি আহিছে যিয়ে নৱকান্তৰ কবিতাক আধুনিকতাবাদৰ শীৰ্ষবিন্দুত উপনীত কৰালে। সেয়া হ’ল সেই বিস্ময়বোধক প্ৰেক্ষাপটত ৰাখি নৱকান্তই সন্মুখভাগলৈ লৈ অনা আধুনিক সভ্যতাৰ উদ্বিগ্নতা। ৰহস্যবাদ আৰু ৰবীন্দ্ৰ-চেতনা দুয়োটাৰে সৈতে সম্পৰ্ক স্থাপন কৰিও কেনেকৈ নৱকান্তৰ অস্তিত্ব আঁতৰি আহিছে সেই প্ৰসংগত ভবেন বৰুৱাদেৱে কোৱা কিছু কথা উল্লেখ কৰিবলৈ ভাল পাম-
"... নৱকান্ত বৰুৱাই যি 'আধুনিক' কবিতাৰ পথটো লৈছিল সি এহাতে mysticismঅৰ দূৰত ৰ'ল - আনহাতে, metaphysicsঅৰো দূৰত ৰ'ল। এই দুটা উৎসৰ যিকোনো এটাৰে পৰা ইতিধৰ্মী সত্তা-চেতনা আহিব পাৰে আৰু দুয়োটা উৎস লগ লাগিলে সৰ্বোত্তম পৰ্যয়টো আহে। তেনে সত্তাধৰ্মৰ প্ৰতিমুখে এবিধ ক্লীৱতাবোধ অক্ষমতাবোধেই নৱকান্ত বৰুৱাৰ মনৰ প্ৰধান ভাব হৈছিল -

পৰশমণিয়ে মোক নোৱাৰিলে কৰিব সোণালী
মোৰ কালিমাৰে মই
মণিটিকে কৰিলোঁ মলিন।
('কৃপণ')

ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছায়াৰ বীভৎসতা
('তেজীমলা')---- মোৰ আৰু পৃথিৱীৰ

এই ফুল গ্ৰহণ কৰাৰ যোগ্যতা
মোৰ জানোঁ আছে?
(অক্ষমতাৰ অশ্লীল টোপনিত মগ্ন
মোৰ অনুভূতিৰ ঘাঁহবোৰ
টোপনি - গ্লানিৰ টোপনি।)
(ত্ৰিশংকুৰ আত্মজীৱনী")

এই কথাবোৰে দেখুৱাব যে ৰবীন্দ্ৰনাথৰ লগত নৱকান্তৰ সম্পৰ্কটো যেন এবিধ antibodyৰে সম্পৰ্ক হৈছিল। ৰবীন্দ্ৰনাথৰ সংগীতৰ পৰা কবিতা আৰু নাটকৰ মাজেৰে গুৰুত্বপূৰ্ণ হৈ থকা এটা সৃষ্টিমুখী ইতিধৰ্মী আধ্যাত্মিক-দাৰ্শনিক ধাৰাৰ লগত নৱকান্ত বৰুৱাৰ মনৰ ইতিধৰ্মী সংযোগ নঘটিল - ঘটা নাছিল। এই কাৰণেই নৱকান্ত বৰুৱাৰ কবিতাত আৰু চিন্তাত ক'তো 'ৰবীন্দ্ৰসংগীত'ৰ ইতিধৰ্মী উল্লেখ আৰু বিশেষকৈ তাৰ ইতিধৰ্মী প্ৰেৰণাৰ পৰিচয় প্ৰকাশ নহ'ল। ৰবীন্দ্ৰনাথৰ 'বলাকা' কবিতাটোৰ 'নক্ষত্ৰেৰ পাখাৰ স্পন্দন' নৱকান্তৰ পথত কেতিয়াও অনুভূত নহ'ল - উত্তৰ-ৰাবীন্দ্ৰিক এবিধ 'আধুনিক' পথতো নহ'ল"।
[ভবেন বৰুৱা, অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব/ ১৩৫]

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাৰ শেহৰ স্তৱকটোত "আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ" বুলি যেতিয়া কোৱা হৈছে তেতিয়া তাৰ মাজতেই নোকোৱাকৈ বহুত কথাই কোৱা হৈ গৈছে। বিজ্ঞানৰ প্ৰসাৰৰ পিছত আমি সকলো ৰহস্যৰ সম্ভেদ জানি পেলাইছোঁ। আমি আজি জানোঁ সূৰ্যটো কেৱল এটা গোলাকৃতিৰ অগ্নিপিণ্ড। আমি জানোঁ আকাশ কিয় নীলা, কিয় নীলা সাগৰৰ পানী। ক্ৰমশ: আমি আচৰিত হ’বলৈ পাহৰিছোঁ কিয় দিন হয়, কিয় ৰাতি হয় এইবোৰ কথাত। তথ্য প্ৰযুক্তি সম্প্ৰসাৰ ঘটিছে। প্ৰযুক্তিবিদ্যাৰ ব্যাপক নিৰ্ভৰশীলতাই মানুহখিনিক যান্ত্ৰিক কৰি তুলিছে। নগৰীয়া জীৱনবোৰ যান্ত্ৰিকতাই ঘেৰি ধৰিছে। এই গোটেইখিনি কথা ভাঙি পাতি ক’বৰ আৱশ্যকেই নহ’ল। কবিয়ে নোকোৱাকৈয়ো আধুনিক মননৰ এই ছবিখন প্ৰেক্ষাপটত ৰৈ গ’ল।

সৌভাগ্যক্ৰমে আমি কবিতাটোৰ ৰচনাকাল জানো- ১৯৪৭ চন, ভাৰতবৰ্ষৰ বাবে সকলোফালৰ পৰাই এক সন্ধিক্ষণৰ সময়। এই কবিতা লেখাৰ এবছৰ আগেয়েই "অসমীয়া আধুনিক কবিতা" পুথি প্ৰকাশ হৈ আধুনিকতাবাদৰ সমসাময়িক পৰ্বটোৰ চৰিত্ৰসমূহৰ সম্পৰ্কে অসমীয়া পাঠক সমাজক অৱগত কৰি ৰখা হৈছে-
"নৱকান্ত বৰুৱাৰ কবিজীৱনৰ চল্লিশৰ দশকৰ পৰ্বটোৰ প্ৰথম পৰিচয় আমি পাওঁ ১৯৪৬ চনত প্ৰকাশিত আৰু যতিনাৰায়ণ শৰ্মা সম্পাদিত 'আধুনিক অসমীয়া কবিতা' নামৰ সংকলনখনত। তাতে বৰুৱাই আধুনিক ঈশ্বৰক ধূপৰ ধোঁৱাৰ পৰা এলেজেব্ৰাৰ এক্সলৈকে বিচাৰি চোৱা এটা আকৰ্ষণীয় আধুনিক মনৰ পৰিচয় আছিল"।
(ভবেন বৰুৱা, অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব/ ১০৭)


ৰবীন্দ্ৰনাথৰ উপৰিও নৱকান্তই কবিৰাৰ কবিতাও অনুবাদ কৰিছে, ৱাল্ট হুইটমেনৰ কবিতাও অনুবাদ কৰিছে। আনহাতে এলিয়টৰ প্ৰুফকীয় দ্বন্দও নৱকান্তৰ কবিতাত বিদ্যমান। প্ৰাচ্য পাশ্চাত্যৰ দৰ্শনৰ বিভিন্ন শাখা প্ৰশাখাৰ সৈতে সু-পৰিচিত নৱকান্তই আধুনিক সময়ে আনি দিয়া ব্যক্তি মননৰ আধুনিক প্ৰকাশকে সাৰোগত কৰি ল’লে। আধুনিক নগৰীয়া জীৱন যাত্ৰাই সমান্তৰালভাবে লৈ অনা নৈৰাশ্য আৰু হতাশাক লুকুৱাই থ’বলৈ কবি অপাৰগ। সেয়েহে
"মাথোন এবাৰ
আমাকো, এবাৰ"
বুলি আকুতি কৰি কবিয়ে নিজৰ উদ্বিগ্নতাকেই প্ৰকাশ কৰি গ’ল।

আনহাতে, সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি প্ৰায় তিনি দশকৰ পাছতো ঋষিতুল্য বুলি খ্যাত কবি নীলমণি ফুকনে সেই বিস্ময়বোধক বৰ্তাই ৰাখিলে-

আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ
["নৃত্যৰতা পৃথিৱী", প্ৰথম প্ৰকাশ- নৱেম্বৰ ১৯৮৫]




সমুদ্র কাজল শইকীয়া