ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Saturday, August 2, 2014

পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতাৰে শিল্প-কণ্ঠ- দিল্লীত সাংস্কৃতিক প্ৰতিবাদ

http://sadin.co.in/index.php?date=15-08-2014&page=14&year=2014&month=august&edition=3
Published in SADIN, 15th Aug, 2014, Guwahati Assam

Sharmila Tagore in Solidarity  
একোটা সামাজিক বা ৰাজনৈতিক উদ্দেশ্য সন্মুখত লৈ আগবাঢ়ি অহা শিল্পচৰ্চাৰ উদাহৰণ ভাৰতবৰ্ষত বিৰল নহয়। ভাৰতশিল্পত আধুনিকতাবাদৰ আৰম্ভণিৰ কালৰে পৰা কিছুমান সমান্তৰাল ৰাজনৈতিক ভাবধাৰাৰ শিল্প কৰ্মৰ প্ৰয়াস আমি দেখি আহিছোঁ। বিগত শতিকাৰ পঞ্চম আৰু ষষ্ঠ দশকত জইনুল আবেদিন, চিত্তপ্ৰসাদ ভট্টাচাৰ্য, সোমনাথ হোৰ, কামৰুল হুছেইন আৰু গোবৰ্ধন আশ প্ৰমুখ্যে কিছু সংখ্যক শিল্পীয়ে তৎকালীন গতানুগতিকতাৰ পৰা ফালৰি কাটি আহি ৰাজনৈতিক কলাৰ এটা নতুন জাগৰণ  ঘটাইছিল। যেতিয়াই দেশত একোটা প্ৰতিকূল ৰাজনৈতিক বাতাৱৰণৰ সৃষ্টি হৈছে, সৃষ্টিশীল প্ৰয়াসবোৰে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰি আহিছে। সম্প্ৰতি কেইবছৰমানৰ পৰা দৃশ্য শিল্পৰ লগত জড়িত ব্যক্তি সকলৰ মাজত ক্ৰমশঃ গুৰুত্ব বাঢ়ি অহা পাৰফর্মেমেঞ্চ আৰ্ট নামৰ ধাৰাটো স্বাভাবিকতে ৰাজনৈতিক ভাবে অধিক সোচ্চাৰ বুলি ক'ব পৰা যায়। ২০১১ চনৰ চেপ্তেম্বৰ মাহৰ আৰ্ট-এণ্ড-ডীল আলোচনীৰ সম্পাদকীয়ত ৰাহুল ভট্টাচাৰ্যই কয়, "এই কথা কোনেও উপেক্ষা কৰিব নোৱাৰে যে ভাৰতবৰ্ষত কলা আৰু সমাজৰ পাৰস্পৰিক সম্পৰ্কৰ ধাৰণাটোত সম্প্ৰতি অমূল পৰিৰ্তনে দেখা দিছে। এয়া একো আশ্চৰ্যৰ কথা নহয় যে এই পৰিৰ্তিত ধাৰণাবোৰ প্ৰকাশিত হৈছে আৰু অনুভূত হৈছে পাৰ্ফৰমেঞ্চ (বা পৰিবেশন কলা) আৰু তেনে ধৰণৰ সামাজিক ভাবে পৰিবেশিত ৰূপবোৰৰ মাজেৰে।" পৰিবেশন কলা আৰু সমাজ-কলা (পাব্লিক আৰ্ট) সাম্প্ৰতিক শিল্প চৰ্চাৰ দুটা চকুত লগাকৈ বাঢ়ি অহা ধাৰা আৰু এই দুইটি ধাৰাৰ কামেই অন্তৰ্হিত স্বভাবগত কাৰণতেই ৰাজনৈতিক হ'বলৈ বাধ্য। অলপতে ইন্দৰ চেলিম নামৰ শিল্পীজনে কৰা এটা পৰিবেশনে সামাজিক স্থলত এটা শিল্প-প্ৰকাশৰ ক্ষেত্ৰত পৰিবেশন কলাৰ গুৰুত্বটোক আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

৩১ জুলাই, ২০১৪ তাৰিখে ফদৰ হাছমী মেম'ৰিয়েল ট্ৰাষ্ট (চমুকৈ "চহমত/ সহমত")-ত পেলেষ্টাইনৰ গাজাত ঘটি থকা অমানবীয় ধংসলীলাৰ বিৰুদ্ধে এলানি সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হয়। উক্ত দিনলৈকে প্ৰায় ১৪০০ পেলেষ্টাইনী লোকৰ প্ৰাণ লোৱা ঘটনালানিৰ সন্দৰ্ভত এই অনুষ্ঠানত সমূহ সমসাময়িক শিল্পীবৃন্দৰ সন্মিলিত কন্ঠ শুনিবলৈ পোৱা যায়।
an old proof of Indian solidarity for Palestine
পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ সহমৰ্মিতাৰ ইতিহাস বহু পুৰণি। ১৯৩৮ চনতেই গান্ধীজীৰ মুকলি কন্ঠ শুনিবলৈ পোৱা গৈছিল। কিন্তু ইজৰাইলে সম্প্ৰতি চলাই থকা বৰ্বৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই মুহূৰ্তলৈকে কোনো অৱস্থান গ্ৰহণ কৰা নাই। এইখিনিতেই শিল্পী আৰু কলা-কুশলী সকলে এটা দায়িত্ব কান্ধ পাতি লৈছে।  বিখ্যাত আলোকচিত্ৰশিল্পী আৰু প্ৰতিবাদী শিল্পী ৰাম ৰহমানে এই লেখকৰ আগত ব্যক্ত কৰে যে, "আজিৰ অনুষ্ঠানত যি স্মাৰক প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱা হ'ল তাত আমাৰ চৰকাৰখনক পোণপটীয়াকৈ উদ্দেশ্য কৰি পেলেষ্টাইনী জনতাৰ সমর্থনত এটা পলিচি নিৰ্ধাৰণ কৰিবলৈ কঠোৰভাবে কোৱা হৈছে। আমাৰ স্বাধীনতাৰ আগৰ কালৰে পৰাই, আনকি যেতিয়া ইজৰাইল এখন দেশ হিচাপে গঢ় লৈ উঠাই নাছিল তেতিয়াৰে পৰা পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ সহমৰ্মিতাৰ এক পুৰণি ইতিহাস আছে।" ৰহমানে আৰু কয় যে, "যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰসচিব জন কেৰী আজি দিল্লীতে আছে। ইজৰাইলৰ আগাসনৰ বিৰুদ্ধে পেলেষ্টাইনৰ পক্ষত ভাৰতে সদায়ে ঠিয় দি আহিছিল আৰু আমাৰ এই নতুন চৰকাৰখনেও পেলেষ্টাইনৰ সংগ্ৰামৰ পক্ষত একেদৰেই সহমৰ্মিতা প্ৰদৰ্শণ কৰা উচিত। সহমতৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰসিদ্ধ অভিনেতা আৰু নাট্য পৰিচালক এম কে ৰাইনাৰো একেই ভাষ্য, "আজি আমি ঘটি থকা সেই ভয়াৱহ ঘটনাৰ প্ৰতিবাদৰ বাবেই একত্ৰিত হৈছোঁ। ভাৰতবৰ্ষ দেশখনে যদি একো অৱস্থান গ্ৰহণ নকৰে, আমি শিল্পী সকলে কিবা কৰি দেখুৱাব পাৰো, আৰু কৰি দেখুৱাম।"
Sanjna Kapoor in Solidarity
Subodh Gupta in Solidarity
গাজাত বৰ্বৰোচিতভাবে ঘটি থকা ইজৰাইলী সামৰিক অভিযানবোৰৰ প্ৰতিবাদত আৰু পেলেষ্টাইনী মানুহৰ পক্ষত এই অনুষ্ঠানত দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে যোগদান কৰেহি। ইয়াৰ ভিতৰত যুগজয়ী অভিনেত্ৰী আৰু পদ্মভূষণ প্ৰাপক শৰ্মিলা টেগৰ, মুম্বাইৰ বিখ্যাত নাট্যশিল্পী সঞ্জনা কাপুৰ আৰু জনপ্ৰিয় গায়ক ৰাহুল ৰামৰ নাম উল্লেখযোগ্য।  সহমতৰ দ্বাৰা ঘোষণা কৰা প্ৰতিবেদনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই শৰ্মিলা টেগৰে চামিহ আল্ কাজিম আৰু মেহমুদ ডাৰবিশৰ দুটা কবিতা পাঠ কৰে। পৃথ্বিৰা কাপুৰৰ নাতিনী, অভিনেত্ৰী সঞ্জনা কাপুৰে বিজয় প্ৰসাদৰ কবিতা আবৃত্তি কৰে। 'ইণ্ডিয়ান অ'চেন' নামৰ বিখ্যাত বেণ্ডৰ জৰিয়তে নতুন প্ৰজন্মৰ নয়নমণি হৈ উঠা সঙ্গীত শিল্পী ৰাহুল ৰামে "গৰ হো চকে ত' কয়ি চম্মা জলায়িয়ে, ইচ দৌৰ-এ-চিয়াচৰ কা আন্ধেৰা মিটাইয়ে" বুলি এটা প্ৰচলিত প্ৰতিবাদী গীত পৰিবেশন কৰে। তাৰ পিছতে তেওঁ অনুষ্ঠানটোৰ সহমৰ্মিতা প্ৰদৰ্শণ কৰি তেওঁলোকে "কাটিয়াবাজ" নামৰ ছবিখনত সন্নিবিষ্ট কৰা বৰুণ গ্ৰোভাৰ বিৰচিত "কাণপুৰা" শীৰ্ষক গীতটি পৰিবেশণ কৰে।
Rahul Ram from Indian Ocean in Solidarity
সুবোধ গুপ্তা, মালা হাছমী, ৰাম ৰহমা, তুষাৰ যোগ, ভিভান সুন্দৰম, নলিনী মালানি, ইন্দৰ চেলিম, চেইফ মেহমুদ আৰু বহুতো সমসাময়িক শিল্পীয়ে এই অনুষ্ঠানটি ফলপ্ৰসু কৰি তোলাত সহমৰ্মিতা পূৰ্বক সহযোগিতা আগবঢ়ায়। কবি নীলিমা গাৰ্গ আৰু জন নাট্য মঞ্চৰ ড০ বৃজেশ দেবেও কবিতা পাঠ কৰে। শিক্ষাবিদ সোহেইল হাছমীয়ে পেলেষ্টাইনৰ সমৰ-সদৃশ ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত গজল পৰিবেশন কৰে। মাৰ্ক্সবাদী পণ্ডিত আৰু ৰাজনৈতিক ভাষ্যকাৰ আইজাজ আহমেদ আৰু সঙ্গীতশিল্পী মদনগোপাল সিঙেও পেলেষ্টাইনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। এই অনুষ্ঠানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা আনবোৰ উল্লেখনীয় ব্যক্তিবৃন্দৰ মাজত আছে গীতিকাৰ জাভেদ আখতাৰ, 'ইনভিজিবল চিটি'-ৰ লেখক ৰাক্ষান্দা জালিল, উৰ্দু গজল কবি নমান শাক, ইতিহাসবিদ ইৰফান হাবিব, শিক্ষাবিদ অনিল সদগোপাল, ইতিহাসবিদ জয়া হাসান আদি।
R K Raina in Solidarity
Activists Singing Protest Songs
কাফিয়া হ'ল পেলেষ্টাইনৰ মানুহে ব্যৱহাৰ কৰা কাপোৰ আৰু ১৯৩০ চনৰ আৰব প্ৰতিবাদৰ কালত ই পেলেষ্টাইনৰ জাতীয়তাবাদী প্ৰতীক হিচাপে চিহ্নিত হৈ উঠিছিল। অনুষ্ঠানৰ ঠাইডোখৰ কাফিয়াৰে সজ্জিত কৰা হৈছিল। পশ্চাদপৃষ্ঠত গাজাত নিহত শিশু, ক্ৰন্দনৰত মাতৃ আৰু বিধ্বস্ত ঘৰ-দুৱাৰৰ ছবি আঁৰি থোৱা হৈছিল। এই সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী আয়োজন কৰাৰ আঁৰত বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হয় যেনে, সফদৰ হাছমী মেম'ৰিয়েল ট্ৰাষ্ট (সহমত), জন নাট্য মঞ্চ (জনম), পাৰ্চম, জনবাদী লেখক সংঘ, প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এচোচিয়েছন, এক্ট ওৱান, inCACBI, জনসংস্কৃতি আৰু পেলেষ্টাইন চ'লিডাৰিটি কমিটি আদি। 

Sanjna Kapoor in solidarity

শৰ্মিলা টেগৰে কয় যে, "এই সঙ্ঘাতত নিহত শিশু সকৰ প্ৰতি থকা সহানুভূতিৰ বাবেই তেওঁ এই অনুষ্ঠানৰ অংশীদাৰ হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ সম্পদ সঞ্চালকালয়ৰ মতে বিগত তিনিটা সপ্তাহৰ ভিতৰতে গাজাত দুশতকৈ অধিক শিশুৰ মৃত্যু হৈছে।"

"বিশেষকৈ যোৱাকালি ৰাষ্ট্ৰসংঘৰ বিদ্যালয় এখনত বোমা নিক্ষেপ কৰি উৰুৱাই দিয়াৰ পিছত ইউনিচেফৰ গুডউইল ৰাষ্ট্ৰদূত হিচাপে মোৰ এয়ে অনুভৱ যে বিশ্বৰ শিশু সকলৰ পক্ষত মই মাত মতা উচিত। এই যুদ্ধখন সমাপ্ত কৰিবলৈ কোনোবাই আগবাঢ়ি অহালৈকে  আৰু বা কিমান শিশু নিহত হ'বলৈ বাকী আছে?" শৰ্মিলা টেগৰে কয়।

Artists at action

ইন্দৰ চেলিম বহুকাল ধৰি ৰাজনৈতিক কলাৰ লগত জড়িত এগৰাকী দিল্লী নিবাসী পাৰফৰ্মেঞ্চ শিল্পী। 'The Art Cities of the Future, 21st Century Avant Gardes' নামৰ কিতাপখনত প্ৰসিদ্ধ কলাসমালোচক আৰু কিউৰেটৰ গীতা কাপুৰে তেওঁৰ সম্পৰ্কে উল্লেখ কৰিছে এনেধৰণেৰে -  "দিল্লীত বিগত পোন্ধৰটা বছৰৰ পৰিবেশনৰ অভিজ্ঞতাৰে পুষ্ট ইন্দৰ চেলিমে দুটা স্বকীয় আত্মপৰিচয় তুলি ধৰিছে- এটা ব্যক্তিগতভাবে ব্যতিক্ৰমী, আনটো সামূহিক কাৰ্যকলাপৰ বাবে সদা উন্মুখ। ৰাজহুৱা স্থানবোৰত একক ৰাজহুৱা পৰিবেশক হিচাপে তেওঁ অন্তৰ্নিহিত ৰাজনৈতিক বাৰ্তা সম্বলিত সাধাৰণ চাল-চলন দেখুৱায়।  ক্ষমতা-কেন্দ্ৰিক অনুষ্ঠানবোৰৰ বিৰোধিতা কৰি তেওঁ যেতিয়া প্ৰদৰ্শন কৰে, ইতিহাসৰ পাতে পাতে সন্নিবিষ্ট হৈ থকা প্ৰতিৰোধৰ অৱস্থানে সামাজিক মান্যতা এদিন লাভ কৰিব - তেওঁৰ পৰিবেশনে  এই আশা বহন কৰে।"- 

Inder Salim at performance

মহমদ ডাৰৱিশৰ এটি কবিতাৰ অনুপ্ৰেৰণাৰে কৰা এটি পৰিবেশনাত ইন্দৰ চেলিমে ফটা-ছিটা স্কুলীয় পোছাক এজোৰ পিন্ধি তৰমুজ এসোপামান মজিয়াত থেকেচা মাৰি ভাঙি তাৰ মাজৰ পৰা জলফাই কিছুমান উলিয়াই দৰ্শকক খাবলৈ দিয়ে। প্ৰতিবাদৰ অনুষ্ঠানটোৰ বাটচ'ৰাতে তেওঁ টান মজিয়াখনত তৰমুজবোৰ জোৰেৰে দলিয়ায় যাতে সেইবোৰ ভাঙি ছিঙি ওফৰি পৰে। সেউজীয়া তৰমুজৰ ভিতৰৰ ৰঙা অংশখিনি ৰক্তাক্ত মঙহৰ দৰে মজিয়াত যেনি তেনি ওফৰি ওফৰি পৰে। দৃশ্যগত ভাবে ই দৰ্শকসকলক জোকাৰি গৈছিল, তৰমুজ জোৰেৰে পেলোৱাটো বোমা নিক্ষেপৰ দৰে আছিল আৰু তাৰ পিছত ওফৰি পৰি ৰোৱা ৰঙা ৰঙা তৰমুজৰ ভিতৰৰ অংশখিনি যেন আহত মানৱ শৰীৰৰ ওফৰি পৰা মঙহ। তাৰ পিছতে শিল্পীজনে আৰু দৰ্শকে সেই সন্ত্ৰাস-কাৰ্যৰ মাজৰ পৰা সৰু সৰু জলফাইবোৰ খুচৰি খুচৰি বুলি লয়। জলফাই পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় প্ৰতীক, গাজাৰ মূল ফচল। জলফাইবোৰ ডাৰৱিশৰ "গাজাৰ বাবে মৌন প্ৰাৰ্থনা" শীৰ্ষক কবিতাটিৰ কিছুমান পংক্তিৰ স'তে সৰু সৰু পলিথিনৰ মোনাৰ ভিতৰত বন্ধ কৰি তৰমুজবোৰৰ ভিতৰত সুমুৱাই থোৱা আছিল। ইন্দৰে মানুহক সেই জলফাইবোৰ খাই "পেলেষ্টাইনৰ সোৱাদ" ল'বলৈ আহবান কৰিছিল। 

Performance by Inder Salim

"মই দৰ্শকক জলফাইৰ জৰিয়তে পেলেষ্টাইনৰ সোৱাদ দিবলৈ বিচাৰিছিলোঁ", ইন্দৰে কয়। ভাঙি ছিঙি নষ্ট কৰা তৰমুজৰ অৱশেষখিনিৰ মাজৰ পৰা উলিয়াই অনা জলফাই খিনি হয়তোবা আছিল বিধ্বংসী যুদ্ধৰ জৰিয়তে ইজৰাইলে মানৱতাৰ প্ৰতি কৰা তাচ্ছিল্যৰ পিছতো বাকী থাকিব পৰা কিবা এটা আশাৰ ৰেঙনি। ইজৰাইলৰ আগ্ৰাসনে কেনেকৈ জলফাই গছবোৰ ধংস কৰি গাজাত স্থান অধিগ্ৰহণ কৰিব খুজিছে- জলফাই বিতৰণৰ মাজেৰে হয়তোবা মানুহক সেই ঘটনাৰেই সম্ভেদ দিব খোজা হৈছিল।

Ram Rahman talking to Samudra Kajal Saikia

সাংস্কৃতিক প্ৰতিবাদৰ আয়োজক সকলৰ অন্যতম ৰাম ৰহমানে আমাক কোৱা মতে, "কেইবাটাও বামপন্থী মতাদৰ্শৰ শিল্পী আৰু সাহিত্যিকৰ দলে একগোট হৈহে আজিৰ সন্ধিয়াৰ অনুষ্ঠানটো আয়োজন কৰিছে। গাজাত হৈ থকা ভয়াৱহ পৰিস্থিতিৰ কথা আমি গম পাই আহিছোঁ আৰু মই ভাবোঁ ইয়াৰ ফলত সৃষ্টিশীল মনৰ অধিকাৰী এই মানুহখিনি আটাইতকৈ বেছি অতিষ্ঠ আৰু মৰ্মাহত হৈছে। সেয়েহে আমি বিভিন্ন ধৰণৰ কলাকৃতিৰ মাজেৰে এটা প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ভাবিলোঁ। এই বিভিন্ন ধৰণৰ প্ৰতিবাদী কণ্ঠক একত্ৰিত কৰি বিশ্বৰ দৰবাৰলৈ উলিয়াই নিয়াটোৱেই আমাৰ উদ্দেশ্য।"

"বহুতো সাংস্কৃতিক দল আৰু কলা কুশলীৰ সমাৱেশ আজি ইয়াত ঘটিছে আৰু সকলো দলৰেই প্ৰতিনিধিয়েই নিজৰ সহমৰ্মিতা প্ৰকাশ কৰিছে - কোনোবাই পৰিবেশন কৰিছে, কোনোবাই গান গাইছে, কোনোবাই কবিতা পঢ়িছে। মুঠতে, এয়া এক বহল পৰিসৰত মিলিত হোৱা সৃষ্টিশীল মনবোৰৰ সামগ্ৰিক প্ৰকাশ। মোৰ বিশ্বাস, শিল্পী আৰু বুদ্ধিজীবীসকল আহি একেলগ হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ দেশৰ এই নতুন চৰকাৰখনে এতিয়াও এইটো বিষয়ত যিহেতু মৌনতা আৱলম্বন কৰি আছে সেয়েহে আমিয়েই মাত মতা উচিত, আৰু চৰকাৰখনেও দেশৰ জনগণৰ কণ্ঠস্বৰ শুনিবলৈ চেষ্টা কৰা উচিত।"  

এই লেখকৰ দ্বাৰা নিৰ্মিত আৰু সম্পাদিত এই লেখাৰ লগত জড়িত এটি ভিডিঅ'ৰ লিঙ্ক -
https://www.youtube.com/watch?v=ii4bxhUCx68&feature=youtu.be&app=desktop&hd=1

Sharmila Tagore in Solidarity
 সমুদ্ৰ কাজল শইকীয়া
Samudra Kajal Saikia
A-31, 3rd Floor, Gali No. 10
West Vinod Nagar, Patparganj, New Delhi
110092

email: kankhowa@gmail.com, mobile: +91- 9811375594




No comments: