ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Tuesday, July 11, 2017

পৰিবেশন, তথ্যায়ন অথবা উপস্থাপনো এক গুৰুত্বপূৰ্ণ কলা

[দৈনিক জনমভূমিত প্ৰকাশিত]
শিল্প মানে কেৱল কেনভাচত অঁকা এখন ছবি নহয়। শিল্প মানে কেৱল হাতেৰে গঢ়া এটা মূৰ্তি নহয়। শিল্প এটা বিশ্ববীক্ষা (World View)-ৰ পদ্ধতি। হ’ব পাৰে এটা জীৱনবোধ। সামগ্ৰিকতাৰ এটা ধাৰণাক বাদ দি শিল্প আৰু শিল্পবোধৰ কথা পাতিবলৈ যোৱাটো অসাৰ। কিন্তু অসমৰ শিল্প আৰু সাংস্কৃতিক পৰিমণ্ডলত আমাৰ ধাৰণাবোৰ অতীজৰে পৰাই খণ্ডিত আৰু বিক্ষিপ্ত। এই সামগ্ৰিকতাৰ অভাৱ আৰু ডুখৰীয়া চৰিত্ৰটোৰ কথাই আমি বহুদিনৰ পৰাই কৈ আহিছোঁ। প্ৰত্যক্ষ ভাবে শিল্প সম্পৰ্কে কথা নাপাতি আজি কিন্তু এই খণ্ডিত বোধ আৰু সামগ্ৰিকতাৰ অভাবে কেনেকৈ আন আন ক্ষেত্ৰ সমূহতো আমাক ক্ষতিগ্ৰস্থ কৰি আহিছে সেই সম্পৰ্কেহে কিছু কথা পাতিম।

কিবা কিবি বহুতো কাৰণত শিল্প সম্পৰ্কে কথা পাতিব পৰা পৰিবেশ এটাই অসমত গঢ় লৈ নুঠিল। সেই ক্ষেত্ৰত শিল্পৰ পৰিবেশনৰ কলা সম্পৰ্কে কথা পতাটো প্ৰায় - দুৰ অস্ত! ছবি এখন অঁকাৰ পিছতো তাক কেনেকৈ ফ্ৰেম কৰা হৈছে, কেনেকৈ ক’ত প্ৰদৰ্শণ কৰা হৈছে, প্ৰদৰ্শণীস্থলত পোহৰৰ ব্যৱস্থা কেনে, ছবিখন য’ত ৰখা হৈছে তাৰ আশে পাশে কি কি বস্তু আছে এই সকলোবোৰৰ সৈতে শিল্পকৰ্মটিৰ উপভোগৰ কাৰবাৰটো নিৰ্ভৰ কৰে। সেয়েহে শিল্পৰ সৃষ্টিৰ লগতে কিউৰেটিং (Curating) এটা গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই কথাষাৰৰ প্ৰতি অৱজ্ঞা অন্যান্য চৰ্চাৰ ক্ষেত্ৰ সমূহতো যে দেখি আহিছোঁ সেয়াহে আজি উল্লেখ কৰিব খুজিছোঁ।

কবিতাৰ ক্ষেত্ৰতো “প্ৰান্তিক” আলোচনীত কবিতা প্ৰকাশ হোৱাটোকো এক মাপকাঠি হিচাপে গণ্য কৰা হয়। কিন্তু আমি জানো যে “প্ৰান্তিক” এখন নিউজ-লেটাৰহে, সাহিত্য আলোচনী নহয়। একেটা পৃষ্ঠাতে কেবাটাও কবিতা পিঠিয়াপিঠিকৈ সাঙুৰি দিয়াৰ ফলত তাৰ একোটা কবিতাৰ নিজস্ব ৰসাস্বাদন সম্পূৰ্ণ হৈ নুঠে। বহু সময়ত কবিতাৰ দুটা চৰণৰ মাজত কবিৰ ইপ্সিত ব্যৱধানো ইয়াত ৰক্ষিত নহয়। ফলত কবিতাৰ বাক-সমস্তৰ অন্তৰস্থ নিৰৱতাৰ অৱকাশখিনিও কেতিয়বা নষ্ট হৈ যায়। এনে অভিযোগ বিভিন্ন কবিৰ মুখেৰে শুনিছোঁ। কিন্তু তাৰ বিপৰীতে কবিতাক প্ৰাধান্য দিয়া আলোচনীতো ডিটিপি টাইপচেটিং আৰু অংগসজ্জা যেতিয়া মনোগ্ৰাহী নহয় তেতিয়া কথাটো সঁচায়ে চিন্তনীয় হৈ উঠে। অসমীয়া কবিতাৰ পঠণ বা আবৃত্তিৰ পৰম্পৰা বৰ বেছি সবল নহয়। তাৰ তুলনাত কবিতাৰ ছপা ৰূপ, অৰ্থাৎ দৃশ্যমান উপস্থাপিত ৰূপটোৰেই গুৰুত্ব বেছি। সেই অৰ্থত অসমীয়া কবিতা কেৱল পঢ়া বস্তুৱেই নহয়, দেখা বস্তুও।  

অলপতে অসমৰ সংস্কৃতি বিষয়ক এটা কৰপ’ৰেট প্ৰেজেণ্টেচনৰ বাবে কাম কৰিবলগীয়াত পৰিছিল। তেতিয়াই বিজ্ঞান বিষয়ক অনুষ্ঠান আদিৰ কিছু ফটো সংগ্ৰহ কৰিবলৈ গৈ আৱিষ্কাৰ কৰিছিলোঁ এটা অস্বস্তিকৰ সত্য। সেয়া হ’ল, এখন বিজ্ঞান বিষয়ক কৰ্মশালা বা যি কোনো অনুষ্ঠান, এখন কবি সন্মিলন, এখন ৰাজনৈতিক সভা, এখন প্ৰতিবাদী সভা, এটা বিদ্যায়তনিক অনুষ্ঠান আদি বিভিন্ন বিক্ষিপ্ত আয়োজন সমূহৰ মাজত দৃশ্যগত ভাবে অথবা সামগ্ৰিক প্ৰক্ষেপণৰ দিশেৰে কোনো পাৰ্থক্যই নাই। সকলোতেই দেখা যাব এখন মঞ্চত উপবিষ্ট কিছু সূধীজন, মঞ্চৰ ফালে মুখ কৰি থকা ৰাইজৰ একাংশ। মঞ্চৰ পৃষ্ঠপটত একোখন বেনাৰ (প্ৰায়ে ফ্লেক্স প্ৰিণ্ট)। ফুলদানী। কোনোবাই কাৰোবাক গামোচা পিন্ধাই থকাৰ দৃশ্য। এই বিষয়গত ভাবে ইমান বৈচিত্ৰ্যপূৰ্ণ অনুষ্ঠানবোৰৰ দৃশ্যগত আবেদনখিনি কিন্তু ইমান বেছি একেধৰণৰ হৈ পৰাৰ কাৰণখিনি কি? এটা বিজ্ঞান বিষয়ক অনুষ্ঠানৰ আলোকচিত্ৰ বিচাৰি থাকোতে পালোঁ চি ভি ৰমণৰ ছবি এখনত ফুলৰ মালা আঁৰি থোৱা এক থাপনা সদৃশ সজ্জা। তেনেকৈয়ে গ্ৰন্থমেলাৰ মাজৰ এক সাহিত্যানুষ্ঠানৰ মাজতো দেখা পালোঁ কবি হীৰেন ভট্টাচাৰ্যৰ ফটো এখনত ফুলৰ মালা। এতিয়া বিজ্ঞানৰ সভাত অথবা কবিৰ সভাত ফুলৰ মালাৰ কি কাম? সঁচা অৰ্থত সেই মাল্যাৰ্পিত থাপনাৰ ছবিয়ে কোনো চিন্তন, মনন অথবা সৃষ্টিমূলক ধাৰণাৰ জন্মতো নিদিয়েই, কাৰোবাৰ আদ্যশ্ৰাদ্ধৰ পৰিবেশলৈহে মনত পেলাই দিয়ে আৰু হাত চাপৰি বজাই মাহ-প্ৰসাদহে খাবলৈ মন যায়। ইয়াৰ পিছত যদি অসমীয়া এক শৰাধ খাই ভালপোৱা জাতি বুলি কোনোবাই কয়, আমাৰ আপত্তি কৰিবলগীয়া একো নাথাকে। পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় আলোচনা চক্ৰত, প্ৰযুক্তিৰ গৱেষণা সম্পৰ্কীয় সভাত, সমাজৰ উন্নয়ণমূলক কৰ্মকাণ্ডৰ আলোচনাস্থলীত গামোচাখনৰ কি কাম? পৰম্পৰাগত অনুষ্ঠানসমূহৰ পাৰম্পৰিক প্ৰয়োগত মাজতেই গামোচাখন থাকিলে তাৰ সন্মান আৰু সৌষ্ঠৱ বেছি ভালকৈ অক্ষুন্ন থাকিব যেন লাগে।

অদূৰদৰ্শিতা, বিষয়বস্তুৰ অন্তৰভাগলৈ নগৈ বাহ্যিক ৰেহ-ৰূপৰ প্ৰতি বেছিকৈ মনযোগ দিয়াৰ মনোবৃত্তি, সামাজিক স্তৰত মই-বৰ ভাবটো এৰিব নোৱৰা আৰু তাৰ সমান্তৰালকৈ ব্যক্তি-পূজনৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আদিবোৰেই হৈছে আমি উল্লেখ কৰি অহা কথাখিনিৰ আঁৰৰ কেৰোণ। আটাইখিনি সাঙুৰি সহজভাবে ক’বলৈ হ’লে ক’ব লাগিব – এক সামগ্ৰিক শিল্পবীক্ষাৰ অনাটন। উল্লেখ কৰি অহা সকলোবোৰ অনুষ্ঠানৰেই আৰ্হি হ’ল জনসভা, ৰাজহুৱা সভা বা পাব্লিক মিটিং। কিন্তু আয়োজন একোটাৰ সামগ্ৰিক পৰিবেশ বা তাৰ বডি লেংগুৱেজেও যে কথা কয় সেইটো ভাবিবৰ হ’ল।

নাটক বা শিল্প সম্পৰ্কীয় যিকোনো কৰ্মশালালৈ আমি প্ৰশিক্ষক হিচাপে গ’লেই সেয়েহে আমি স্পেচ-ডিষ্ট্ৰীউচন বা স্থান-বিন্যাস সম্পৰ্কেই কথাৰ আৰম্ভণী কৰোঁ। বক্তা, প্ৰশিক্ষক অথবা মূখ্য আকৰ্ষণ এফালে আৰু শ্ৰোতামণ্ডলী এফালে ঠিয় হোৱাটোৱেই এটা আসোঁৱাহপূৰ্ণ ব্যৱস্থা। ইয়াতে ক্ষমতাৰ কথা এষাৰো আহি পৰে। মই মঞ্চত ঠিয় হৈ কথা কৈ আছোঁ মানেই মোৰ হাতত ক্ষমতা বেছি, মোৰ আসনো উচ্চ। এই ক্ষমতাৰ খেলখনৰ বাবেই থাৰ্ড থিয়েটাৰৰ পুৰোধা বাদল সৰকাৰে প্ৰচেনিয়াম থিয়েটাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু থিয়েটাৰক উচ্চ, আলোকিত, সুসজ্জিত স্থাপত্যৰ পৰা মানুহৰ মাজলৈ নমাই আনিছিল। প্ৰচেনিয়াম মানে সচৰাচৰ আমৰ মনলৈ অহা ৰংগমঞ্চৰ ধাৰণাটোৱেই। ইয়াত অভিনেতাৰ পক্ষ আলোকিত, দৰ্শকৰ পক্ষ অন্ধকাৰত নিমজ্জিত। এনে এক পৰিবেশত দৰ্শক আৰু অভিনেতাৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্ভৱপৰ নহয়। এয়াই আছিল বাদল সৰকাৰৰ অভিযোগ। আনহাতে প্ৰত্যক্ষ যোগাযোগৰ ব্যতিৰেকে, শিল্পই যদি মানুহক চুবগৈয়ে নোৱাৰে, তেনেহ’লে শিল্পৰ উদ্দেশ্য কেনেকৈ পুৰণ হ’ব? এই প্ৰশ্নটো আজিও সমানেই প্ৰাসংগিক।

বিজ্ঞানৰ কৰ্মশালা এখনৰ তথ্যসংকলণ বা ডকুমেণ্টেচনত মূখ্য অতিথি অথবা বক্তাক গামোচা পিন্ধোৱা ছবি এখনতকৈ অংশগ্ৰহণকাৰী ছাত্ৰ বিজ্ঞানী এজনৰ কৰ্মৰত অৱস্থাৰ ছবি এখনে কিয় গুৰুত্ব নাপায়? ধৰা হওক আপুনি এখন কবিৰ সভা পাতিব খুজিছে, মানুহ হ’ব ২৫ বা ৩০ জন। তাৰ বাবে এটা বিশালাকাৰ ৰাজহুৱা সভাঘৰ কিয় লাগে? যদি সৰু কোঠালি এটাৰ মাজতে পাতিব খুজিছে, তাৰ বাবে মাইক্ৰ’ফ’ন কিয় লাগে? কবি এফালে আৰু শ্ৰোতা এফালে কিয় বহিব লাগে? তেনেকুৱা আসনবিন্যাস স্কুলীয়া শ্ৰেণীকোঠাতহে থাকে। ঘূৰণীয়াকৈ সকলোৱে সকলোৰে মুখ দেখা পোৱাকৈ বহি লৈ কোনো মাইক্ৰ’ফোন নোহোৱাকৈ কবিতা কিয় পঢ়িব নোৱাৰি? কেনেবাকৈ আসনৰ সজ্জা, ফুলদানী, মাইক্ৰ’ফোন, গামোচা আৰু নাৰ্জিফুলৰ মালা বিচাৰি ফুৰোতে আমি শিল্পৰ আচল মৰ্মখিনিৰ কথা পাহৰি থকা নাইতো?   

(দ্ৰষ্টব্য- কিছু ব্যতিক্ৰমী অনুষ্ঠান বা আয়োজন নিশ্চয় আছে যিখিনি এই লেখাটোৰ অভিযোগখিনিৰ মাজত ধৰ্তব্য নহয়)।  

সমুদ্র কাজল শইকীয়া,
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001


email: kankhowa@gmail.com, mobile: +91 9811375594

Monday, July 3, 2017

জনন পৰিচয়, নাৰী, ৰাষ্ট্ৰ, এটিট্যুড, অধিকাৰ...

সাধাৰণীকৰণৰ দোষে চুব বুলি জানিও এষাৰ কথা নকৈ নোৱাৰি যে অসমৰ বৌদ্ধিক, চিন্তক আৰু সৃষ্টিশীল মহলত পৰম সত্য”, “চূড়ান্ত বিচাৰ”, “সাৰ্বজনীনএনে ধৰণৰ ধাৰণা কিছুমানৰ প্ৰতি একান্ত আনুগত্য আছে। সকলো কথাৰে একধৰণৰ আদৰ্শায়ণৰ প্ৰৱণতা এটা সৰ্বত্ৰ বিৰাজমান। এইখিনি ধাৰণায়েই  সাধাৰণীকৰণৰ দোষবোৰৰ প্ৰথম কাৰক। যি কোনো কথাৰ সত্যতা যে প্ৰসংগ সংগতি সাপেক্ষেহে নিৰূপণ হব পাৰে সেই কথা বুজাবলৈ গলেও বহুতো মানুহ নাৰাজ হৈ উঠে। কাৰণ স্থান আৰু কালৰ সাপেক্ষে বিষয় এটালৈ দৃষ্টি নিক্ষেপ কৰিবলৈ গলেই ব্যক্তিৰ আৰু চিন্তাৰ অৱস্থান গ্ৰহণৰ কথাটো আহি পৰে। কোন দৈহিক, মানসিক বা ধাৰণাগত অৱস্থানত থিয় হৈ সমল এটালৈ দৃষ্টি নিক্ষেপ কৰা হৈছে এই প্ৰশ্নটোৰ লগতে সাঙোৰ খাই আহি পৰে ৰাজনৈতিক স্থিতিৰ কথাখিনি। আৰু তালৈকে মানুহৰ সাংঘাতিক ভয়। এই অৱস্থান খিনিক এৰাই চলিবলৈকে সৃষ্টিশীল আহিলা কিছুমান যতনাই ৰখা হৈছে যাক কব পাৰি এক প্ৰকাৰৰ সৃজনী-স্বাধীনতা বা পয়েটিক লিবাৰ্টি। এই সৃজনী স্বাধীনতাৰ আলমতে দেশ সম্পৰ্কে কথা কবলৈ গৈ কোৱা হয় এটা ধাৰণাৰ কথা। তাত দেশখনত থকা মানুহৰ কথা কোৱাৰ সুযোগ নাই। তেনেকৈয়ে নাৰীসম্পৰ্কে কোৱা হয় এটা ধাৰণাগত অৱস্থানেৰেহে। ইয়াত নাৰী মাতৃ, ভগ্নী, সৃষ্টিশীলা, পৰমপূজ্য, নমস্য আৰু বহুত কিবাকিবি হৈ উঠিব পাৰে আৰু হৈ আহিছে। কিন্তু তেজ মঙহৰ ব্যক্তি বিশেষ হৈ উঠাৰ কোনো সুযোগ নাই। সেয়ে নহলে ধৰ্ষিতা, নিষ্পেষিতা, বঞ্চিতা আদিৰ ৰূপ লৈ উঠিব নাৰীয়ে। এই দুইৰ মাজৰ কোনো অৱস্থান নাই। অৰূপা বৰুৱাৰ এক অনন্য সাধাৰণ কবিতাত পোৱা দাসীৰ পৰা দেৱী হোৱাৰ পথত মানুহ হোৱাৰ অৱকাশ নাথাকেবাক্যটোৱে সেয়েহে আমাক বাৰে বাৰে অসুবিধাত পেলায়।

এই পৰমৰ ধাৰণা খিনিৰ সৈতে অসমীয়া মানুহ ইমানেই আৱেগিকভাবে জড়িত যে ইয়াৰ আঁসোৱাহ খিনি দেখুৱাই দিবলৈ গলেই ৰাইজৰ ৰোষত পৰা যায়। নদী নদী আৰু নাৰী নাৰী, নদী নাৰী নহয় আৰু নাৰী নদী নহয় বুলি কৈ এবাৰ ৰোষত পৰিছিলোঁ। তেনেকৈয়ে ছোৱালী এজনীক মাতৃ বা ভগ্নীৰ ৰূপত চাবই লাগিব বুলি কোনো কথা নাই বুলি যেতিয়া কলোঁ তেতিয়াতো কেৱল চুই কিলাবলৈহে বাকী থাকিল। সেয়েহে নাৰী বা মহিলা সম্পৰ্কীয় কোনো কথাতে আৰু মাত নামাতোঁ বুলি মাজে মাজে ঠিৰাং কৰিলেও কথাবোৰ ওলোটাহে হয়গৈ। যি কামেই নকৰোঁ কিয়, ঘূৰিপকি গৈ কোনোবাখিনিত পুৰুষ মহিলাৰ দ্বিৰথখিনি আহি পৰেই। জনন পৰিচয় এনে এটা এৰাব নোৱাৰা প্ৰসংগ যে যিকোনো কথা বা কামতে কোনোবা নহয় কোনোবা দিশেদি ই জড়িত হৈ পৰেহিয়েই। বাৰু, ই কথা ৰহোক।  

ফে’চবুকৰ জৰিয়তে বিভিন্ন জনে বিভিন্ন সময়ত প্ৰকাশ কৰি অহা উপলব্দ্ধিবোৰৰ ভিতৰত নুমান জামিলা ফিৰদৌছ নামৰ বান্ধবী জনীয়ে লিখা কথা এটা মনত ৰৈ গৈছিল, “আমি কেতিয়া কোনখন যুদ্ধত লিপ্ত হ’ম সেইটো আমাৰ সিদ্ধান্ত। এখন যুদ্ধত সৰৱ মানে এইটো ধৰি ল’লে নহ’ব যে সকলো যুদ্ধতে সকলো সময়তে আমি সৰৱ হৈ থাকিম”। কথাষাৰ গুৰুত্বপূৰ্ণ। লগতে এইটো কথাও গুৰুত্বপূৰ্ণ যে একেটা ৰণনীতি সকলো স্থান আৰু কালতে প্ৰয়োগ কৰিব নোৱাৰি। নাৰী বা মহিলা সংক্ৰান্তীয় সমস্যাৰ সৈতে জড়িত যুদ্ধ এখন চহৰত যেনেকৈ যুঁজা যায়, গাঁৱৰ পৰিবেশতো একেদৰে যুঁজিব নোৱাৰি। নিম্নবৰ্গ আৰু সংখ্যালঘূ সংক্ৰান্তীয় কথাবতৰাৰ সৈতে সাঙুৰি নাৰী সম্পৰ্কে কথা ক’বলৈ গৈ যদি জাতি-ভেদ, শ্ৰেণী-সংঘাত আৰু আন আৰ্থ-সামাজিক দিশসমূহ উপেক্ষিত হৈ ৰয় তেনেহ’লে সেইখিনি কথা বৰ বেছি আগবাঢ়িব নোৱাৰিব। সুখৰ কথা যে জুৰি বৰুৱাৰ দৰে কিছু নতুন লেখক লেখিকাৰ কিছু আলোচনাত এইবোৰ কথাই সম্প্ৰতি ভূমুকি মাৰিবলৈ লৈছে। লেখাটোৰ আৰম্ভণীখিনি এইখিনি কথাৰ বাবেই ক’বলগীয়া হৈছিল যে “পৰম”, “চৰম” আৰু সৰ্বজনসিদ্ধ বুলি ভাবি থকা আদৰ্শায়িত কথাৰ সুৰটোৰ বাবেই আমি বাৰে বাৰে থমকি ৰ’বলগীয়া হৈ আহিছে।

দহবছৰমানৰ আগতেই আলোচনা সভা এখনত ব্যক্তি এগৰাকীয়ে আলোচনা এটাৰ মাজতে থিয় হৈ “নাৰীবাদৰ ইতিমধ্যেই অন্ত পৰিছে, এতিয়া “উত্তৰ-নাৰীবাদ”ৰ যুগ” বুলি কৈছিল। অতিসম্প্ৰতি নগৰীয়া ধনিক শ্ৰেণীৰ মহিলাৰ আওতাত লালিত পালিত একধৰণৰ ‘মনোবৃত্তি’ (Attitude)-কে কোনো কোনোৱে নাৰীবাদ বুলি ক’বলৈ লোৱাটোও নাৰীবাদৰ নামত এটা বিসংগতিহে বুলি আমাৰ চকুত পৰিবলৈ লৈছে। LGBT আন্দোলনৰ পিছৰ পৰা জনন পৰিচয়টোহে (Gender) যে মূলগত সমস্যা হোৱা উচিত কেৱল নাৰী-সংক্ৰান্তীয় কথাবতৰাই শেষ কথা নহয় সেইখিনি কথা পোহৰলৈ আহিছে। নিস্পেষিত, শোষিত, দুখুনীৰ ৰূপত নাৰীৰ সমস্যাক লৈ কান্দি কাটি থকাৰ পৰিৱৰ্তে সৰ্বগ্ৰাসী ৰূপত থকা পিতৃতন্ত্ৰৰ কথাটো বেছি গুৰুতৰ বুলিও কথা উঠিছে। ইমানখিনি কথা আগবাঢ়ি অহাৰ পিছতো অসমৰ চিন্তক-লেখক-সৃষ্টিশীল মহলত আকৌ এতিয়াও ‘নাৰীবাদ’ বুলিলেই জাঙুৰ খাই উঠা স্বভাৱটো বৰ্তি আছে। সেই হিচাপত অসমত এতিয়াও মধ্যযুগ চলিয়ে আছে। গতিকে এনেক্ষেত্ৰত নাৰীবাদৰ সমালোচনা (Critique) এটা নগৰীয়া, চহৰীয়া, সৰ্বভাৰতীয় বা বিশ্বৰ পৰিপ্ৰেক্ষিতত যেনেকৈ তুলিবলৈ চেষ্টা কৰিম, তেনেকৈ হয়তো অসমৰ পৰিপ্ৰেক্ষিতত কৰিব নোৱাৰিম, বা কৰাটো যুগুত নহ’ব। গতিকে পৰিশেষত তৃণমূল পৰ্যায়ৰ গৱেষণা, সমীক্ষা আৰু কৰ্মপন্থা আকোঁৱালি লোৱাৰ বাহিৰে গত্যান্তৰ নাথাকে।



আনহাতে ৰাষ্ট্ৰ বা দেশ বা জাতি – এই ধাৰণাবোৰ সৰ্বগ্ৰাসী। সেইমতেই ৰাষ্ট্ৰই প্ৰৱৰ্তন কৰা বা ৰাষ্ট্ৰখন নিয়ন্ত্ৰণকল্পে প্ৰয়োজন হোৱা ন্যায়ব্যৱস্থা আৰু অন্যান্য প্ৰশাসনিক বিধান আদিও “সামগ্ৰিকতা”ৰ বলি। শাসকৰ পক্ষ যিয়েই নহওক, যি মতাদৰ্শৰেই দেশ এখন চলি নাথাকক কিয়, সকলোৰে অন্তত ধাৰণাগত দিশৰ পৰাও আৰু প্ৰায়োগিক দিশৰ পৰাও দেশখন Totalitarian হ’বলৈ বাধ্য। তাতে আকৌ ভাৰতবৰ্ষৰ দৰে এখন জটিল জনগাঁ‌ঠনিৰ দেশ এখনত সৰ্বগ্ৰাসী একো অধিনিয়মেই সুচাৰু ৰূপত কাৰ্যকৰী হ'নোৱাৰেগৈ। এইখিনি কথা ভালদৰে অনুধাৱণ কৰিব পাৰিলে আমাৰ আৰু বুজিবলৈ অলপো অসুবিধা নহ'ব যে সংৰক্ষণ জাতীয় বিশেষ অধিকাৰৰ অধিনিয়মসমূহক কেন্দ্ৰ কৰি হোৱা বিতৰ্কসমূহৰ গুৰি ক'ত। পিছপৰা বৰ্গক সুবিধা প্ৰদান কৰি সাম্য আৰু সমতা আনিবলৈ বিচৰা ব্যৱস্থা এটাৰ ভিত্তি জাতিগত নহৈ ৰ্থনৈতিক হ'ব লাগে বুলি উঠা যুক্তিখিনিয়ে বুজি নাপায় জাতিতত্বৰ আধাৰত আজিও চলি থকা বৈষম্যখিনি। ইয়াৰ কাৰণ, দেশৰ সকলো অংশতে ইয়াৰ ৰূপ একেটা নহয়। একেদৰে পৰিৱৰ্তিত সময়ৰ লগে লগে বিভিন্ন ব্যৱহাৰিক আৰু পেশাদাৰী ক্ষেত্ৰত উচ্চ বা সাধাৰণ বৰ্গৰ ব্যক্তিবিশেষে বঞ্চনাৰ সন্মুখীন হোৱা বুলি ভাবিলে সেই কথাও সমানেই বিচাৰ্য। মুঠতে সকলোৰে বাবে সমানে প্ৰযোজ্য বুলি একোবস্তুৱেই থাকিব নেলাগে। ন্যায়পালিকাৰ প্ৰযুক্ত সাধাৰণ নিয়ম অধিনিয়মৰ মাজতেই সেই প্ৰয়োগৰ অনিয়ম আৰু দুৰ্নীতিৰ বীজখিনিও সোমাই থাকে।

যোৱা প্ৰায় এটা দশক ধৰি দিল্লীৰ যিটো ঘৰত ভাড়া কৰি আছোঁ‌ তাৰ মালিকজন এজন পুৰুষ, কিন্তু ঘৰটো নামাংকিত হৈ আছে ঘৈণীয়েকৰ নামত, মানে মহিলাৰ নামত। একেটা কথাই দেখা যায় চ'চাইটিখনত অন্তৰ্ভূক্ত দহোটা ঘৰৰ ক্ষেত্ৰত। মানে আটাইবোৰ ঘৰেই প্ৰপাৰ্টি হিচাপে কাৰোবাৰ ঘৈণীয়েক অৰ্থাৎ একোগৰাকী মহিলাৰ নামেৰে পঞ্জীয়ণ কৰা। এতিয়া বাৰে বাৰে ঘৈণীয়েক আৰু মহিলা শব্দদুটা যুগপৎ উল্লেখ কিয় কৰিছোঁ‌? কাৰণটো হ'ল মহিলা হ'লেও এইসকলৰ স্বতন্ত্ৰ ব্যক্তি-পৰিচয় নাই। মহিলাসকলৰ নামেৰে ঘৰবোৰ হ'লেও তাৰ আচল গৰাকী কিন্তু পুৰুষহে। ঘৰটো কিনা, পৰিচৰ্যা কৰা বা সময়ত তাক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ সকলো ক্ষমতা পুৰুষৰ হাতত। তেনেহ'লে ঘৰবোৰ মহিলাৰ নামেৰে পঞ্জীয়ন কৰাই কেনে ধৰণেৰে নাৰীসৱলীকৰণকৰা হ'? ইয়াৰ দ্বাৰা নাৰীমুক্তি কেনেকৈ ঘটিল? এইখিনি অনিয়মজনিত ঘটনাৰ উদাহৰণ আৰু এনে উদাহৰণ দেধাৰ। নাৰীৰ সবলীকৰণ আৰু নাৰীমুক্তিৰ যিমান শ্লোগান আছিল, তাৰ মহৎ উদ্দেশ্য আগত ৰাখি যিমনবোৰ অধিনিয়মৰ প্ৰৱৰ্তন হৈ আহিছে তাৰ কিমান কি সুপ্ৰয়োগ গাঁ‌ৱে ভূয়ে ঘটিছে নাজানো। কিন্তু তাৰ বিস্তৰ মুনাফা আচলতে আদায় কৰি আহিছে নগৰীয়া, শিক্ষিতা আৰু আৰ্থিক ভাবে ইতিমধ্যেই সচ্চল মহিলা সকলেহে। আৰু অলপ শুদ্ধকৈ ক'বলৈ গ'লে নগৰীয়া মহিলাৰ নামেৰে পুৰুষ সকলেহে।

এনে ধৰণৰ উদাহৰণ আৰু বহুতো আছে। এগৰাকী ন্যায়কৰ্মী সমাজসেৱীয়ে ফঁ‌হিয়াই দেখুৱাইছিল যে আমাৰ দেশৰ ন্যায় ব্যৱস্থা আদ্যোপান্ত পুৰুষবিৰোধী। নাৰী আৰু পুৰুষ এই দুই লিংগ জৰিত থকা যি কোনো অপৰাধমূলক অভিযোগৰ ক্ষেত্ৰত এজন পুৰুষৰ আত্মপক্ষসমৰ্থনৰ কোনো সুবিধাই নাই। এই অভিযোগ লাগিলে ধৰ্ষণৰে হওক, ঘৰুৱা নিগ্ৰহৰে হওক বা সাধাৰণ বিবাহ বিচ্ছেদেই হওক। আৰু এই কথাখিনিৰ সুবিধা লৈয়েই বহু নাৰীৰ হাতত বহুতো পুৰুষ নিতে নিতে নিগৃহীত হৈ আহিছে। মোৰ ব্যক্তিগত ভাবে পৰিচিত, দুজনবন্ধু, এজন পুৰুষ এক নাৰীৰ মাজত ঘটা কিছুমান ব্যক্তিগত সম্পৰ্কজনিত অপ্ৰীতিকৰ ঘটনা অলপতে ঘটিছিল। তেওঁলোকৰ পাৰস্পৰিক মনোমালিন্যৰ পিছত মহিলাগৰাকীয়ে ব্যক্তিগতভাবে অপদস্থ কৰা, আদালতৰ কাষ ছপা এইবোৰ কৰাৰ উপৰিও ছ'চিয়েল মিডিয়াত পুৰুষজনৰ চৰিত্ৰহনন কৰিবলৈ ল'লে। এই ক্ষেত্ৰত পুৰুষজনৰ সাৰিবৰ কোনো বাট নৰ'লগৈ। কাৰণ মহিলাগৰাকী এগৰাকী অকলশৰীয়া মাতৃ – single mother. অথচ অন্যক্ষেত্ৰত, কৰ্মক্ষেত্ৰত আত্মপৰিচয় গঢ় দিবৰ বেলিকা কিন্তু অকলশৰীয়া মাতৃ হোৱাটোৱেই আছিল তেখেতৰ এটা সদৰ্থক আৰু সুবিধাজনক দিশ : empowering, Liberting. মানে কথাটো এনেকুৱাহে নেকি যে একেটা কথাকেই নিজকে সবল আৰু মুক্ত বুলি ঘোষণা কৰিবলৈ ব্যৱহাৰ কৰা হ'ব আৰু সময় সাপেক্ষে একেটা কথাতেই নিজকে নিচলা দুৰ্বল বুলি কৈ সহানুভুতি আদায় কৰিবলৈ বিচৰা হ'? এনে ধৰণৰ আৰু উদাহৰণেৰে দেখুৱাব পৰা যায় যে একাংশ সুবিধা ভোগী নগৰীয়া অৰ্থৱান মহিলাৰ জীৱনযাত্ৰাৰ মাজেৰে বিকাশ ঘটা এক বিশেষ ধৰণৰ মনোবৃত্তি বা attitude-কেই নাৰী-সমস্যা (Women Issues) আৰু নাৰীবাদৰ আধাৰ হিচাপে গঢ় দিবৰ প্ৰচেষ্টা চলি আহিছে। এতিয়া আমাৰ সমস্যাটো আৰু বেছি জটিল হ'ল। এই আৰ্বান এটিট্যুডটোৰ সৈতে অসন্মতি দেখুৱাবলৈ গৈ যদি এই এটিট্যুডে গঢ় দিয়া নাৰীবাদৰ(এমপাৱাৰমেণ্ট আৰু লিবাৰ্টিৰ ধাৰণাসহ) বিৰোধিতা কৰিবলগীয়া হয়, সেই বিৰোধিতাক আঞ্চলিকতা, শ্ৰেণী, জাতি আৰু অন্যান্য বৈষম্যতা বিশিষ্ট ক্ষেত্ৰসমূহতো প্ৰয়োগ কৰিবলৈ বিচৰাটো উচিত হ'বনে?


"নাৰীবাদ" শব্দটো সাধাৰণীকৃত এটা পৰিভাষালৈ পৰ্যবসিত হোৱাৰ কথাখিনিৰ পৰাই আৰু এটা দিশ আমাৰ চকুত পৰে। বিশেষকৈ নগৰীয়া ব্যক্তিকেন্দ্ৰিক জীৱনযাত্ৰাৰ প্ৰভাৱত (আৰু বিনোদন মধ্যম সমূহৰ কৃপাত) নাৰীবাদক এটা "এটিট্যুড"লৈ সংকুচিত কৰা হৈছে। এটিট্যুডক অনুবাদ কৰি মনোবৃত্তি বা মনোভাব বুলি ক'ব খোজা নাই। মনোবৃত্তি বুলিলে ভালেই হ'ল হেতেন। কিন্তু এই নৱ-নিৰ্মিত এটিট্যুডৰ ধাৰণাটোৱে অতিমাত্ৰাই ব্যক্তি-স্বতন্ত্ৰ ব্যতিক্ৰমৰ অজুহাত কিছুমানহে গঢ় দিবলৈ লৈছে - যিবোৰ ইডিঅ'চিনক্ৰেটিক। নন-ডিছকাৰ্ছিভ। এই "এটিটুড" বা "কুল"নেছ লৈ কোনোবা চুপাৰ-মেন, চুপাৰ-ৱ'মেন হ'ব পাৰিব, কিন্তু সংগঠিত এটা আন্দোলন হ'ব পাৰিবনে নাই তাত প্ৰশ্নৰ অৱকাশ আছে।
জনপ্ৰিয় বিনোদনধৰ্মী সৃজনীশীল মাধ্যমসমূহৰ মাজত কাহিনী কথনৰ বেলিকা চৰিত্ৰ এটা নিৰ্মণৰ ক্ষেত্ৰত এটিট্যুড এটা গুৰুত্বপূৰ্ণ শব্দ। বহুকাল এনিমেচন জগতত কাম কৰি বুজিলোঁ যে এনিমেচনৰ বাবে চৰিত্ৰ নিৰ্মাণ কৰিবৰ সময়ত সঘনে শুনিবলৈ পোৱা শব্দটোৱেই হ'ল - এটিট্যুড। চৰিত্ৰ এটাৰ চকুৰ চাৱনি, বিশেষ ধৰণেৰে থিয় হোৱাৰ কায়দা, পোছাক পাতি, এটা বিশেষ পৰিস্থিতিত কেনেকৈ চৰিত্ৰটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব - এই গোটেইখিনি মিলি চৰিত্ৰায়ণটো সম্পূৰ্ণ হৈ উঠে। সমসাময়িক বিনোদনৰ জগতখনৰ এই যি এটিট্যুডৰ ধাৰণা সেয়া বহুলাংশে হলিউডে নিৰ্ণয় কৰি দিয়া বস্তু। তাতোকৈ চিধাকৈ ক'বলৈ গ'লে এটা পুঁজিবাদৰ নিৰ্মাণ। বিনোদনৰ জগতত এটিট্যুড মানে একধৰণৰ কূল-নেছ (Cool-ness)। ধৰক এক্সন চিনেমা এখনৰ শেষৰ ফালে অক্ষয় কুমাৰ (হিৰো) কেমেৰাৰ ফালে আগুৱাই আহি আছে, দূৰৈত গাড়ী কেইখনমান দেখা গৈছে। হঠাতে প্ৰচণ্ড বিষ্ফোৰণ এটা হৈ গাড়ী কেইখনত জুই লাগি একোখন গাড়ী আকাশ পৰ্যন্ত উৰি গ'ল। অক্ষয় কুমাৰ, অৰ্থাৎ আমাৰ কল্পনাৰ, আমাৰ হেঁপাহৰ হিৰোজন ইমানেই 'কুল' যে তেওঁ উভটি চোৱাটো দূৰৰে কথা এজন সাধাৰণ মানুহ হিচাপে সেই বিষ্ফোৰণৰ শব্দত এবাৰ উচপ খায়ো নুঠিলে। তেওঁৰ মুখত মৃদু হাঁহি এটাহে বিৰিঙি উঠিল। হলিউডৰ চিনেমা এখন চলি আছে। বহু সময় ধৰি নায়িকাই ভিনেইনৰ সৈতে যুঁজ বাগৰ কৰি আছে। অৱশেষত কুলাকুটিৰে পূৰ্ণশক্তি প্ৰয়োগ কৰি চূড়ান্ত প্ৰহাৰটো কৰি হিৰোইন কেমেৰাৰ ফালে আগবাঢ়িল শত্ৰুপক্ষলৈ আৰু উভটি চাবলৈকো প্ৰয়োজন নাই, যিহেতু তেওঁ জানে যে শত্ৰু ইতিমধ্যে ধৰাশায়ী হৈছে। এই ধৰণৰ উপস্থাপনকে লোৱা হয় কুলনেছ হিচাপে। মানে আপুনি যদি 'কুল' তেনেহ'লে সৰু সুৰা কথাতো বাদেই, চৰম সংঘাতৰ সময়তো আপোনাৰ চকুৱে মুখে বিচলিত নোহোৱা ধৰণৰ এক অভিব্যক্তি থাকিব লাগিব। পাৰিপাৰ্শ্বিকতাৰ ঘটনাত যদি আপুনি বিচলিত তেনেহ'লে আপুনি আৰু 'কুল' হৈ থকা নাই। কিন্তু বুজিবলৈ একো অসুবিধা নহয় যে এই 'কুল-নেছ' খিনি অমানৱীয়। এটা বোমা বিষ্ফোৰণত, আঘাতপ্ৰাপ্ত মানুহ এজন মজিয়াত পৰি কেঁকাই উঠাত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো মানৱীয়ই নহয়, একান্ত জৈৱিক। এতিয়া কথা হ'ল, এই 'কুল-এটিট্যুড'ৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাই সমাজৰ নগৰীয়া জীৱনতো প্ৰভাৱ পেলোৱা যেন অনুভৱ হয়। আপোনাৰ চাৰিওফালে যিমান যি দুৰ্যোগেই নহওক কিয়, আপুনি এটা কুল-এটিট্যুড লৈ গৈ থাকিব লাগিব। এই এটিট্যুড দেখুওৱা এটিট্যুডটোৰ বাবে একাংশ সমসাময়িক নগৰীয়া স্বঘোষিত নাৰীবাদীৰো আবিৰ্ভাৱ ঘটিছে। নিজকে ফেমিনিষ্ট বুলি ঘোষণা কৰি তেওঁলোকে কেৱল চেষ্টা কৰে তেওঁলোক আচলতে কিমান cool about everything. কোনো ধৰণৰ সামাজিক বা মানৱীয় প্ৰমূল্যৰ সৈতে আচলতে তেওঁলোকৰ কোনো যোগাযোগ নাই। যিহেতু আৰ্থিকভাবে, স্থানগত ভাৱে এই সকল স্বঘোষিত নাৰীবাদী ক্ষমতাশালী অচিৰেই তেওঁলোকে নাৰীবাদ সম্পৰ্কে মানুহৰ সহজ ধাৰণাক প্ৰভাৱিত কৰিব পাৰে বুলি আশংকা কৰিব পাৰি। যদিওবা "নাৰীবাদ" শব্দটো ব্যৱহাৰ কৰি থকা হয়, শব্দটোক সাধাৰণীকৃত কৰি ব্যৱহাৰ কৰা হোৱা নাইতো? যদি নাই হোৱা, তেনেহ'লে নাৰীবাদী কোনসকল? তেওঁলোকৰ ৰাজনৈতিক জিনিঅ'ল'জী কেনেকুৱা? ৰাজনৈতিক স্থিতি কোনখিনিত? সংগঠিত আন্দোলন একোটাৰ বাবে কোনো উদ্যোগ বা উদ্যম ক'ৰবাত কেনেবাকৈ আমি দেখা পাইছোঁ জানো?


আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা কথা এইখিনিয়েই। নাৰীবাদ আৰু নাৰীবাদ সংক্ৰান্তীয় বাগধাৰা অপৰিহাৰ্যনাৰীবাদৰ প্ৰয়োজনীয়তা আছে নে নাই সেই বিতৰ্ক অৰ্থহীন। নগৰীয়া আৰু অৱস্থাসম্পন্ন শ্ৰেণীৰ ব্যক্তিবিশেষৰ জীৱনপ্ৰণালীৰ মাজত লালিত হোৱা কিছু নাৰীকেন্দ্ৰিক সমস্যাৰ আধাৰত নাৰীবাদক সংজ্ঞায়িত কৰিম নে নকৰিম, অথবা তেনে এক শ্ৰেণীৰ সমস্যাৰ সমালোচনা কৰিবলৈ গৈ সামগ্ৰিকভাবে নাৰীবাদ নামেৰে জনাজাত হোৱা চিন্তাপ্ৰণালীকেই দোষাৰোপ কৰাটো কিমান দূৰ সমিচীন হ'ব সেইখিনিহে প্ৰশ্ন। এইখিনিতেই আমি উপলব্দ্ধি কৰিম তৃণমূল পৰ্যায়ত সমাজৰ শ্ৰেণী, জাতি আৰু অন্যান্য বৈষম্যমূলক ক্ষেত্ৰখিনিলৈ গৈ অধ্যয়ণ কৰা আৰু হাতে কামে লাগিব পৰা এক নতুন যুৱ প্ৰজন্ম আগবাঢ়ি নহালৈকে সকলো আলোচনাই অসাৰ। ৰাষ্ট্ৰপ্ৰদত্ত একোটা ন্যায়ব্যৱস্থাৰ আসোঁৱাহ কোনখিনিত সেইকথা আলোচনা কৰি থাকোতে হয়তো আমি নিজেই মন কৰা নাই যে আমাৰ আলোচনাৰ মূলাধাৰো শ্ৰেণীবৈষম্যৰ দোষেৰে দোষী। নাৰী সবলীকৰণৰ মহৎ উদ্দেশ্য আগত ৰাখি প্ৰযুক্ত এটা ব্যৱস্থা যাক উদ্দেশ্য কৰি পৰিকল্পিত হৈছিল সেই সকলে হয়তো তাৰ একো সম্ভেদেই নাপায়গৈ। অশিক্ষা আৰু অৱহেলাৰ চিকাৰ হৈ ভূক্তভোগী একেটা অৱস্থাতেই ৰয়। নতুন প্ৰজন্মৰ কাম এইখিনিৰে পৰা আৰম্ভ হয়।


সমুদ্র কাজল শইকীয়া,
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594