ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণিকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Tuesday, July 11, 2017

পৰিবেশন, তথ্যায়ন অথবা উপস্থাপনো এক গুৰুত্বপূৰ্ণ কলা

[দৈনিক জনমভূমিত প্ৰকাশিত]
শিল্প মানে কেৱল কেনভাচত অঁকা এখন ছবি নহয়। শিল্প মানে কেৱল হাতেৰে গঢ়া এটা মূৰ্তি নহয়। শিল্প এটা বিশ্ববীক্ষা (World View)-ৰ পদ্ধতি। হ’ব পাৰে এটা জীৱনবোধ। সামগ্ৰিকতাৰ এটা ধাৰণাক বাদ দি শিল্প আৰু শিল্পবোধৰ কথা পাতিবলৈ যোৱাটো অসাৰ। কিন্তু অসমৰ শিল্প আৰু সাংস্কৃতিক পৰিমণ্ডলত আমাৰ ধাৰণাবোৰ অতীজৰে পৰাই খণ্ডিত আৰু বিক্ষিপ্ত। এই সামগ্ৰিকতাৰ অভাৱ আৰু ডুখৰীয়া চৰিত্ৰটোৰ কথাই আমি বহুদিনৰ পৰাই কৈ আহিছোঁ। প্ৰত্যক্ষ ভাবে শিল্প সম্পৰ্কে কথা নাপাতি আজি কিন্তু এই খণ্ডিত বোধ আৰু সামগ্ৰিকতাৰ অভাবে কেনেকৈ আন আন ক্ষেত্ৰ সমূহতো আমাক ক্ষতিগ্ৰস্থ কৰি আহিছে সেই সম্পৰ্কেহে কিছু কথা পাতিম।

কিবা কিবি বহুতো কাৰণত শিল্প সম্পৰ্কে কথা পাতিব পৰা পৰিবেশ এটাই অসমত গঢ় লৈ নুঠিল। সেই ক্ষেত্ৰত শিল্পৰ পৰিবেশনৰ কলা সম্পৰ্কে কথা পতাটো প্ৰায় - দুৰ অস্ত! ছবি এখন অঁকাৰ পিছতো তাক কেনেকৈ ফ্ৰেম কৰা হৈছে, কেনেকৈ ক’ত প্ৰদৰ্শণ কৰা হৈছে, প্ৰদৰ্শণীস্থলত পোহৰৰ ব্যৱস্থা কেনে, ছবিখন য’ত ৰখা হৈছে তাৰ আশে পাশে কি কি বস্তু আছে এই সকলোবোৰৰ সৈতে শিল্পকৰ্মটিৰ উপভোগৰ কাৰবাৰটো নিৰ্ভৰ কৰে। সেয়েহে শিল্পৰ সৃষ্টিৰ লগতে কিউৰেটিং (Curating) এটা গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই কথাষাৰৰ প্ৰতি অৱজ্ঞা অন্যান্য চৰ্চাৰ ক্ষেত্ৰ সমূহতো যে দেখি আহিছোঁ সেয়াহে আজি উল্লেখ কৰিব খুজিছোঁ।

কবিতাৰ ক্ষেত্ৰতো “প্ৰান্তিক” আলোচনীত কবিতা প্ৰকাশ হোৱাটোকো এক মাপকাঠি হিচাপে গণ্য কৰা হয়। কিন্তু আমি জানো যে “প্ৰান্তিক” এখন নিউজ-লেটাৰহে, সাহিত্য আলোচনী নহয়। একেটা পৃষ্ঠাতে কেবাটাও কবিতা পিঠিয়াপিঠিকৈ সাঙুৰি দিয়াৰ ফলত তাৰ একোটা কবিতাৰ নিজস্ব ৰসাস্বাদন সম্পূৰ্ণ হৈ নুঠে। বহু সময়ত কবিতাৰ দুটা চৰণৰ মাজত কবিৰ ইপ্সিত ব্যৱধানো ইয়াত ৰক্ষিত নহয়। ফলত কবিতাৰ বাক-সমস্তৰ অন্তৰস্থ নিৰৱতাৰ অৱকাশখিনিও কেতিয়বা নষ্ট হৈ যায়। এনে অভিযোগ বিভিন্ন কবিৰ মুখেৰে শুনিছোঁ। কিন্তু তাৰ বিপৰীতে কবিতাক প্ৰাধান্য দিয়া আলোচনীতো ডিটিপি টাইপচেটিং আৰু অংগসজ্জা যেতিয়া মনোগ্ৰাহী নহয় তেতিয়া কথাটো সঁচায়ে চিন্তনীয় হৈ উঠে। অসমীয়া কবিতাৰ পঠণ বা আবৃত্তিৰ পৰম্পৰা বৰ বেছি সবল নহয়। তাৰ তুলনাত কবিতাৰ ছপা ৰূপ, অৰ্থাৎ দৃশ্যমান উপস্থাপিত ৰূপটোৰেই গুৰুত্ব বেছি। সেই অৰ্থত অসমীয়া কবিতা কেৱল পঢ়া বস্তুৱেই নহয়, দেখা বস্তুও।  

অলপতে অসমৰ সংস্কৃতি বিষয়ক এটা কৰপ’ৰেট প্ৰেজেণ্টেচনৰ বাবে কাম কৰিবলগীয়াত পৰিছিল। তেতিয়াই বিজ্ঞান বিষয়ক অনুষ্ঠান আদিৰ কিছু ফটো সংগ্ৰহ কৰিবলৈ গৈ আৱিষ্কাৰ কৰিছিলোঁ এটা অস্বস্তিকৰ সত্য। সেয়া হ’ল, এখন বিজ্ঞান বিষয়ক কৰ্মশালা বা যি কোনো অনুষ্ঠান, এখন কবি সন্মিলন, এখন ৰাজনৈতিক সভা, এখন প্ৰতিবাদী সভা, এটা বিদ্যায়তনিক অনুষ্ঠান আদি বিভিন্ন বিক্ষিপ্ত আয়োজন সমূহৰ মাজত দৃশ্যগত ভাবে অথবা সামগ্ৰিক প্ৰক্ষেপণৰ দিশেৰে কোনো পাৰ্থক্যই নাই। সকলোতেই দেখা যাব এখন মঞ্চত উপবিষ্ট কিছু সূধীজন, মঞ্চৰ ফালে মুখ কৰি থকা ৰাইজৰ একাংশ। মঞ্চৰ পৃষ্ঠপটত একোখন বেনাৰ (প্ৰায়ে ফ্লেক্স প্ৰিণ্ট)। ফুলদানী। কোনোবাই কাৰোবাক গামোচা পিন্ধাই থকাৰ দৃশ্য। এই বিষয়গত ভাবে ইমান বৈচিত্ৰ্যপূৰ্ণ অনুষ্ঠানবোৰৰ দৃশ্যগত আবেদনখিনি কিন্তু ইমান বেছি একেধৰণৰ হৈ পৰাৰ কাৰণখিনি কি? এটা বিজ্ঞান বিষয়ক অনুষ্ঠানৰ আলোকচিত্ৰ বিচাৰি থাকোতে পালোঁ চি ভি ৰমণৰ ছবি এখনত ফুলৰ মালা আঁৰি থোৱা এক থাপনা সদৃশ সজ্জা। তেনেকৈয়ে গ্ৰন্থমেলাৰ মাজৰ এক সাহিত্যানুষ্ঠানৰ মাজতো দেখা পালোঁ কবি হীৰেন ভট্টাচাৰ্যৰ ফটো এখনত ফুলৰ মালা। এতিয়া বিজ্ঞানৰ সভাত অথবা কবিৰ সভাত ফুলৰ মালাৰ কি কাম? সঁচা অৰ্থত সেই মাল্যাৰ্পিত থাপনাৰ ছবিয়ে কোনো চিন্তন, মনন অথবা সৃষ্টিমূলক ধাৰণাৰ জন্মতো নিদিয়েই, কাৰোবাৰ আদ্যশ্ৰাদ্ধৰ পৰিবেশলৈহে মনত পেলাই দিয়ে আৰু হাত চাপৰি বজাই মাহ-প্ৰসাদহে খাবলৈ মন যায়। ইয়াৰ পিছত যদি অসমীয়া এক শৰাধ খাই ভালপোৱা জাতি বুলি কোনোবাই কয়, আমাৰ আপত্তি কৰিবলগীয়া একো নাথাকে। পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় আলোচনা চক্ৰত, প্ৰযুক্তিৰ গৱেষণা সম্পৰ্কীয় সভাত, সমাজৰ উন্নয়ণমূলক কৰ্মকাণ্ডৰ আলোচনাস্থলীত গামোচাখনৰ কি কাম? পৰম্পৰাগত অনুষ্ঠানসমূহৰ পাৰম্পৰিক প্ৰয়োগত মাজতেই গামোচাখন থাকিলে তাৰ সন্মান আৰু সৌষ্ঠৱ বেছি ভালকৈ অক্ষুন্ন থাকিব যেন লাগে।

অদূৰদৰ্শিতা, বিষয়বস্তুৰ অন্তৰভাগলৈ নগৈ বাহ্যিক ৰেহ-ৰূপৰ প্ৰতি বেছিকৈ মনযোগ দিয়াৰ মনোবৃত্তি, সামাজিক স্তৰত মই-বৰ ভাবটো এৰিব নোৱৰা আৰু তাৰ সমান্তৰালকৈ ব্যক্তি-পূজনৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আদিবোৰেই হৈছে আমি উল্লেখ কৰি অহা কথাখিনিৰ আঁৰৰ কেৰোণ। আটাইখিনি সাঙুৰি সহজভাবে ক’বলৈ হ’লে ক’ব লাগিব – এক সামগ্ৰিক শিল্পবীক্ষাৰ অনাটন। উল্লেখ কৰি অহা সকলোবোৰ অনুষ্ঠানৰেই আৰ্হি হ’ল জনসভা, ৰাজহুৱা সভা বা পাব্লিক মিটিং। কিন্তু আয়োজন একোটাৰ সামগ্ৰিক পৰিবেশ বা তাৰ বডি লেংগুৱেজেও যে কথা কয় সেইটো ভাবিবৰ হ’ল।

নাটক বা শিল্প সম্পৰ্কীয় যিকোনো কৰ্মশালালৈ আমি প্ৰশিক্ষক হিচাপে গ’লেই সেয়েহে আমি স্পেচ-ডিষ্ট্ৰীউচন বা স্থান-বিন্যাস সম্পৰ্কেই কথাৰ আৰম্ভণী কৰোঁ। বক্তা, প্ৰশিক্ষক অথবা মূখ্য আকৰ্ষণ এফালে আৰু শ্ৰোতামণ্ডলী এফালে ঠিয় হোৱাটোৱেই এটা আসোঁৱাহপূৰ্ণ ব্যৱস্থা। ইয়াতে ক্ষমতাৰ কথা এষাৰো আহি পৰে। মই মঞ্চত ঠিয় হৈ কথা কৈ আছোঁ মানেই মোৰ হাতত ক্ষমতা বেছি, মোৰ আসনো উচ্চ। এই ক্ষমতাৰ খেলখনৰ বাবেই থাৰ্ড থিয়েটাৰৰ পুৰোধা বাদল সৰকাৰে প্ৰচেনিয়াম থিয়েটাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু থিয়েটাৰক উচ্চ, আলোকিত, সুসজ্জিত স্থাপত্যৰ পৰা মানুহৰ মাজলৈ নমাই আনিছিল। প্ৰচেনিয়াম মানে সচৰাচৰ আমৰ মনলৈ অহা ৰংগমঞ্চৰ ধাৰণাটোৱেই। ইয়াত অভিনেতাৰ পক্ষ আলোকিত, দৰ্শকৰ পক্ষ অন্ধকাৰত নিমজ্জিত। এনে এক পৰিবেশত দৰ্শক আৰু অভিনেতাৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্ভৱপৰ নহয়। এয়াই আছিল বাদল সৰকাৰৰ অভিযোগ। আনহাতে প্ৰত্যক্ষ যোগাযোগৰ ব্যতিৰেকে, শিল্পই যদি মানুহক চুবগৈয়ে নোৱাৰে, তেনেহ’লে শিল্পৰ উদ্দেশ্য কেনেকৈ পুৰণ হ’ব? এই প্ৰশ্নটো আজিও সমানেই প্ৰাসংগিক।

বিজ্ঞানৰ কৰ্মশালা এখনৰ তথ্যসংকলণ বা ডকুমেণ্টেচনত মূখ্য অতিথি অথবা বক্তাক গামোচা পিন্ধোৱা ছবি এখনতকৈ অংশগ্ৰহণকাৰী ছাত্ৰ বিজ্ঞানী এজনৰ কৰ্মৰত অৱস্থাৰ ছবি এখনে কিয় গুৰুত্ব নাপায়? ধৰা হওক আপুনি এখন কবিৰ সভা পাতিব খুজিছে, মানুহ হ’ব ২৫ বা ৩০ জন। তাৰ বাবে এটা বিশালাকাৰ ৰাজহুৱা সভাঘৰ কিয় লাগে? যদি সৰু কোঠালি এটাৰ মাজতে পাতিব খুজিছে, তাৰ বাবে মাইক্ৰ’ফ’ন কিয় লাগে? কবি এফালে আৰু শ্ৰোতা এফালে কিয় বহিব লাগে? তেনেকুৱা আসনবিন্যাস স্কুলীয়া শ্ৰেণীকোঠাতহে থাকে। ঘূৰণীয়াকৈ সকলোৱে সকলোৰে মুখ দেখা পোৱাকৈ বহি লৈ কোনো মাইক্ৰ’ফোন নোহোৱাকৈ কবিতা কিয় পঢ়িব নোৱাৰি? কেনেবাকৈ আসনৰ সজ্জা, ফুলদানী, মাইক্ৰ’ফোন, গামোচা আৰু নাৰ্জিফুলৰ মালা বিচাৰি ফুৰোতে আমি শিল্পৰ আচল মৰ্মখিনিৰ কথা পাহৰি থকা নাইতো?   

(দ্ৰষ্টব্য- কিছু ব্যতিক্ৰমী অনুষ্ঠান বা আয়োজন নিশ্চয় আছে যিখিনি এই লেখাটোৰ অভিযোগখিনিৰ মাজত ধৰ্তব্য নহয়)।  

সমুদ্র কাজল শইকীয়া,
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001


email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: