ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Monday, March 18, 2019

পেখু পেখু (বত্ৰিছ): মূৰ্তমান দৃশ্য, ভাবমূৰ্তি আৰু সৌৰভ কুমাৰ চলিহা

ৰেণে মাগ্ৰিটৰ ছবিৰ আধাৰত সৌৰভ কুমাৰ চলিহাৰ ইমেজৰ পুনৰনিৰ্মাণ, সমুদ্র কাজল শইকীয়া

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 17 March, 2019]


ভূপেন হাজৰিকাৰ জীৱনৰ অন্তিম কালত ৰুগ্ন অৱস্থাৰ কিছুমান ফটোগ্ৰাফ তেখেতৰ অনুৰাগীয়ে প্ৰচাৰ কৰোঁতে দুই একে আপত্তি দৰ্শাইছিল এই যুক্তিত যে গোটেই জীৱন মানুহজন আছিল নিজৰ ৰাজহুৱা ভাৱমূৰ্তি বা পাব্লিক ইমেজকলৈ অত্যন্ত সাৱধানী, এই ৰুগ্ন ভগ্ন শৰীৰেৰে অসাৱধানী অৱস্থাৰ ৰাজহুৱাকৰণ তেখেতে নিজেও হয়তো ভাল নাপালেহেতেন। কথাখিনি মিছা নহয়। শাক বাচি থকা বা পাচলি কুটি থকাৰ দৰে এটা নৈমিত্তিক ঘৰুৱা অৱস্থাৰ ফটো এখনতো ভূপেন হাজৰিকাক দেখা গৈছিল অত্যন্ত পৰিপাটী সাজেৰে, সচেতন অৱস্থাত। কিছুমান ব্যক্তি নিজৰ ভাৱমূৰ্তি, আনকি আবয়ৱিক দৃশ্যগত উপস্থিতিক লৈ অত্যন্ত সচেতন হয়। আমি যিমানেই উপেক্ষা নকৰো কিয়, দৃশ্যগত প্ৰতিকী ৰূপ এটাই জনমানসত দীৰ্ঘকালীন প্ৰভাৱ পেলায় আৰু সেইসমূহে ব্যক্তিৰ কৰ্মৰ সৈতেও সাঙোৰ খাই পৰি নিজেই এটা বিষয় হৈ উঠেগৈ। ইয়াৰে কিছুমান মূৰ্তি সচেতন ভাবে নিৰ্মিত, অৰ্থাৎ য’ত তাৰ নিৰ্মাণৰ আঁৰৰ মতাদৰ্শগত সিদ্ধন্ত সমূহ স্পষ্ট। আন কিছুমান সচেতন ভাবে নিৰ্মিত নহয়, কিন্তু কালক্ৰমত সামূহিক চেতনাই তাক এটা ৰূপ দি লয়। এই কথা নক’লেও হ’ব যে এই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত থকা নৰেন্দ্ৰ মোডী ডাঙৰীয়া এজন অত্যন্ত কেমেৰা সচেতন ব্যক্তি। অন্যভাবে ক’বলৈ হ’লে ৰাজহুৱা ভাৱমূৰ্তি নিৰ্মাণত তেখেত এজন অত্যন্ত সচেতন আৰু সেইবুলিয়েই বহুল চৰ্চিত ব্যক্তি। অৱশ্যে ৰাজনীতিৰ ক্ষেত্ৰখনত এই ইমেজ, মূৰ্তি, প্ৰতিকী ৰূপ অথবা আইকণ-ৰ গুৰুত্ব সকলো সময়তেই ব্যাপক ৰূপত ৰৈছে। নহ’লেনো বাৰু যিকোনো ৰাজনৈতিক দলে প্ৰচাৰৰ সময়ত স্থানীয় সমষ্টিৰ প্ৰাৰ্থীৰ লগতে সেই সংযুক্ত দলৰ মূৰব্বীৰ ফটোখনো কিয় ডাঙৰকৈ ব্যৱহাৰ কৰে? কোৱা হয় এতিয়াও গাঁৱে ভূঞে কংগ্ৰেছ বুলিলে মানুহে ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধীৰ আইকণিক মূৰ্তি-সমূহলৈকে মনত পেলায়। হাজাৰ সমালোচনা, তিৰষ্কাৰ, ককৰ্থনা স্বত্বেও কংগ্ৰেছ দলটোৰ মুখীয়াল দায়িত্বখিনি গান্ধী পৰিয়ালৰ মানুহৰ হাততেই সুদীৰ্ঘকাল ধৰি ন্যস্ত থকাৰ কাৰণটো ইয়াতেই বুলি ভাবিব পাৰি। কাৰণ নতুন মুখ এখন সন্মুখলৈ আনি তাক জনমাসত এটা সুদূৰপ্ৰসাৰী “আইকণ” ৰূপে প্ৰতিষ্ঠা কৰাটো উজু নহয়। মোডী ডাঙৰীয়াৰ মুখখন সন্মুখত নাথাকিলে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ যি জয়জয় ময়ময় অৱস্থা সেয়া কাইলৈ একেৰূপত থাকিবনে সেই প্ৰশ্নটোও বহুতো বিজ্ঞ ৰাজনীতি বিশাৰদে কৰে। জনমানসত এটা ব্যক্তিত্বৰ ভাৱমূৰ্তিৰ বাবে তেওঁৰ শৰীৰী প্ৰতিৰূপায়ণ (ৰিপ্ৰেজেণ্টেচন) কেনেকৈ গুৰুত্বপূৰ্ণ হৈ ৰয় সেই কথাখিনিৰ বাবেই এইখিনি উদাহৰণৰ অৱতাৰণা।

কালক্ৰমত ‘অৱলীলাক্ৰমে’ নিৰ্মিত মূৰ্তিৰ ক্ষেত্ৰত আমি অসমৰ দুই প্ৰাত:স্মৰণীয় ব্যক্তি জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদলৈ মনত পেলালেই হ’ল। জ্যোতি-জ্ঞান আৰু জ্যোতি-চৰ্চাৰ সৈতে ন্যূনতম জড়িত ব্যক্তিজনেও মনত কোনোবাখিনিত কপালৰ দুকষে কুম ওলোৱা চুলিৰে সৈতে এজন মাজবয়সীয়া জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখিছে। তাৰ লগতে এই সংবাদখিনিও আছে যে কম বয়সতে মানুহজন ঢুকাইছিল। সেয়েহে সেই ডেকা কিম্বা মাজবয়সীয়া ব্যক্তিজনৰ সেই ‘ইমেজ’টোৱেও ক’ৰবাত নহয় ক’ৰবাত আমাৰ অৱচেতনাত কাম কৰি থাকে যাৰ বাবে জ্যোতিপ্ৰসাদৰ ৰচনা বা সৃষ্টিৰ সৈতে অসমীয়াই সদায়ে এটা আৱেগিক সম্পৰ্ক স্থাপন কৰি চলে। একেদৰেই বিষ্ণু ৰাভাৰ কোৱাৰ্টাৰ প্ৰফাইল, অলপমান ওপৰলৈ মু-কৰি থকা ফটো এখন অথবা সেই ফটোখনৰ আধাৰত নিৰ্মিত গ্ৰাফিক ইমেজ আমাৰ সকলোৰে মনত খোদিত আছে। এইখিনি কালক্ৰমত জনমানসত সাব্যস্ত হোৱা ইমেজ। এই মূৰ্তিটো উৰ্ধমুখি, উদ্দাত্ত। সৈনিক শিল্পী বুলি নাম থকা শিল্পীজনৰ ভাৱমূৰ্তি নিৰ্মাণৰ বাবে ই এক সঠিক ৰিপ্ৰেজেণ্টেচন।

শিল্পত ৰিপ্ৰেজেণ্টেচন আৰু আইক’ণ’গ্ৰাফী- এই দুটাই ঘাই কথা। চিত্ৰকৰ বা মূৰ্তি-গঢ়োঁতাক চ্যুকাফাৰ কথা ক’লে তেওঁলোকে প্ৰথমেই ভাবিব হাতত কি থাকিব, হেংদাং নে তৰোৱাল। বাহন কি হ’ব, পোছাক কি হ’ব। নাট্যকৰ্মীৰ কথাও একেটাই। এজন গাৱলীয়া স্কুলৰ শিক্ষক বুলি ক’লে তেওঁৰ সাজ-সজ্জা কি হ’ব, তেওঁৰ ধৰণ-কৰণ কেনে হ’ব? এজন ৰাজনৈতিক নেতা আৰু এজন দৈনিক মজদুৰৰ শৰীৰী উপস্থাপনটো কেনে হ’ব- এইটোৱেই প্ৰথম প্ৰশ্ন। প্ৰচলিত ধাৰণাৰেই চৰ্বিত চৰ্বন কৰা হ’ব নে অন্য নতুন ৰূপৰ সন্ধান কৰা হ’ব সেইবোৰ কথাও আৰম্ভ এই প্ৰাথমিক প্ৰশ্নটোৰ পৰাই- মানুহজন দেখিবলৈ কেনে, অথবা মানুহজনৰ দেখিবলৈ পোৱা সম্ভাৱ্য কোনটো ৰূপৰ পৰা আমি কাম আৰম্ভ কৰিম?

কিন্তু সকলোৰে শেষত শিল্প আচলতে জীৱন-বীক্ষা, জগত-বীক্ষা। এটা মূৰ্তি নিৰ্মাণেই শেষ কথা নহয়। শিল্প যে এটা জ্ঞান-শাখা, এটা বাগধাৰা, এটা চিন্তন-প্ৰণালী, এটা দৰ্শন; এইখিনি কথাকেই প্ৰাধান্য দিবৰ বাবেই বিশ্বজুৰি শিল্পৰ শিল্পৰ ইতিহাসত সময়ে সময়ে ইমেজ-বিৰোধী প্ৰতিবাদ কিম্বা আন্দোলন চলি আহিছে। এইখিনিয়েই গুৰি কথা যাৰ বাবে চিত্ৰকৰে চিত্ৰ নিৰ্মাণ মাজে মাজে বন্ধ কৰি দিয়া উচিত, মূৰ্তি-গঢ়োঁতাই মূৰ্তিনিৰ্মাণ ত্যাগ কৰা কৰা উচিত, অভিনেতাই চৰিত্ৰৰ “যথাযথ” ৰূপায়ণৰ দায়বদ্ধতা এৰি দিয়া উচিত। (এই মুহূৰ্ততে অসমীয়া নাট্যাভিনয়ৰ প্ৰতিবেদনত সততে উপলব্দ্ধ “যথাযথ” শব্দটোৰো এটা ব্যাখ্যা পোৱা গ’ল, যিটো সম্পৰ্কে আগলৈ আলচিম)। আন নালাগে সংগীতশিল্পীয়েও মাজে মাজে সুৰৰ সৈতে বৈৰীতা স্থাপন কৰা উচিত। দৃশ্যৰ, শব্দৰ, কল্পনাৰ মোহিনীবাণেৰে জনসমাজক মোহিত কৰি ৰখাটো শিল্পৰ উদ্দেশ্য কোনোকালেই নাছিল।   

চিত্ৰশিল্পী হিচাপে নিজৰ কৰ্মজীৱনৰ আটাইতকৈ ভৰপক সময়খিনিতেই মাৰ্চেল ডুচ্যঁই ছবি আঁকিবলৈ এৰিছিল। শিল্পীৰ উদ্ধেশ্য কেৱল দৃশ্য নিৰ্মাণ বা বস্তু নিৰ্মাণ নহয় বুলিবলৈকে ১৯১৭ চনত চিনামাটিত মূত্ৰাগাৰ এটা প্ৰদৰ্শনীগৃহত ওলোটাকৈ সংস্থাপন কৰি তাতে স্বাক্ষৰ এটা কৰি দি ক’ব খুজিছিল- এয়ে মোৰ শিল্প। ৰেডীমে’ড। কথা আছিল যে বস্তু এটাৰ হুবহু ৰূপতে উপস্থাপন কৰি, অৰ্থাৎ তাক “সৃষ্টি” বা “নিৰ্মাণ” নকৰাকৈ তাৰ মাজেৰেও শৈল্পিক আৰু বৌদ্ধিক কথকতাৰ জন্ম দিব পৰা যায় নেকি তাৰেই প্ৰশ্ন কৰা। কিন্তু কালক্ৰমত ডুচ্যঁৰ সেই কামটো যুগান্তকাৰী বুলি পৰিগণিত হোৱাত আজি দৰাচলতে যিমানবোৰ আমি ডুচ্যঁৰ সেই “ফাউণ্টেইন, ২০১৭” নামৰ কামটোৰ প্ৰতিলিপি দেখা পাওঁ সেইবোৰৰ বেছিভাগেই আচলতে পৰৱৰ্তী কালত পুনৰনিৰ্মিত। ইমেজ নিৰ্মাণৰ বিৰোধীতা কৰিবলৈ বিচৰা কামটোও আকৌ ৰোমন্থিত হৈ ৰ’ল পুনৰনিৰ্মিত ইমেজৰ মাধ্যমেৰেই। কোনো ইমেজ বা বস্তু বা অবয়ৱ নিৰ্মাণ নকৰোঁ কেৱল দবা খেলি যাম বুলি সিদ্ধান্দ লোৱাৰ পিছতো মাৰ্চেল ডুচ্যঁই নিজেই ষাঠিৰ দশকত এটা চুটকেছত ভৰাই ফুৰিব পৰাকৈ নিজৰ পুৰণা কামৰ সৰু সৰু প্ৰতিলিপি বা মেকেট সাজি উলিয়াইছিল। তেনেহ’লে কি এয়া আছিল মাৰ্চেল ডুচ্যঁৰ ব্যৰ্থতা? ইমেজ আৰু বস্তুৰ পৰা আঁতৰি গৈ আকৌ ইমেজ বা বস্তুৰূপলৈকে প্ৰত্যাৱৰ্তন?

সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ জগতত এক বিৰল ব্যক্তিত্ব কেৱল সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানখিনিৰ বাবেই নহয় বৰঞ্চ নিজে নিজৰ এটা ৰাজহুৱা “ভাবমূৰ্তি” বা পাব্লিক ইমেজ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা তেওঁৰ ব্যক্তিগত সিদ্ধান্তখিনিৰ কাৰণেও। সৰ্বদা লোকচক্ষুৰ আঁৰত ৰৈ যোৱাৰ তেখেতৰ যি প্ৰৱণতা- সিয়ে আজি এটা নতুন বাগধাৰাৰ জন্ম দিব পাৰে। বলীউড চিনেমাৰ বা সংগীতৰ ফেন ক্লাব থাকে, কিন্তু অসমীয়া লেখকৰো যে ফেন ক্লাব থাকিব পাৰে এয়া অবিশ্বাস্য লাগিব পাৰে, কিন্তু আছে। কাৰ আছে? সৌৰভ কুমাৰ চলিহাৰ আছে।  সদায় লোকচক্ষুৰ পৰা আঁৰত থাকি কাম কৰি যাবলৈ বিচৰা ব্যক্তি এজনো ‘চেলিব্ৰিটী’ হৈ উঠিব পাৰে। কেতিয়াও কেমেৰাৰ সন্মুখলৈ আহিবলৈ নিবিচৰা সৌৰভ কুমাৰ চলিহাৰ এই মনোবৃত্তিটোৱেও বহু কথাৰ সূত্ৰপাত ঘটায়।

কিন্তু সকলোৰে শেষত কেমেৰালৈ মুখ নকৰি পিঠি দি থকা ইমেজটোও এটা ইমেজ। কালক্ৰমত এই ইমেজটোও এটা জনমানসত দীৰ্ঘকালীন ৰৈ যোৱা এটা ইমেজ হৈ ৰ’ল। কথাষাৰৰ ইংগিত এয়ে নেকি যে যিয়েই যি নকৰোঁ কিয়, ইমেজ নিৰ্মাণৰ কোনো গত্যান্তৰ নাই? উপৰিউক্ত গোটেই কথাখিনি মনলৈ আহিছিল সুকবি অনুভৱ তুলসীৰ “মাটিভাষা” সংকলনৰ অন্তৰ্ভূক্ত এটা কবিতা পঢ়াৰ পিছত।

“আমি তেওঁক দেখা নাই। দেখিছোঁ যদিও তেওঁৰ পিছফালটোহে, তেওঁৰ
পিঠিখনহে দেখিছোঁ। তেওঁ আমাক দেখাৰ কথা নাই। তেওঁ তেওঁৰ আগফালে
নিজৰ ছাঁটোলৈকে চাই আছে। সত নগ’ল আমনি কৰিবলৈ”।
এনেকৈয়ে আৰম্ভণী হৈছে অনুভৱ তুলসীৰ “সৌৰভ কুমাৰ চলিহা” শীৰ্ষক কবিতাটিৰ। গোটেই কবিতাটিৰ আধাৰ কেইখনমান ছবি, কেইটিমান ইমেজ, এটা আইকণ। সুপাঠ্য এই কবিতাটো আগবাঢ়ে কেইটিমান চলচ্ছিত্ৰীয় মুহূৰ্তৰে। কিবা ঘটনা এটা ঘটি থাকে। উপস্থিত নথকাকৈয়ো উপস্থিত থাকে চৰিত্ৰ এটা। আৰু তাৰ লগতে থাকে দ্ৰষ্টাৰ, কথকৰ সংযোগ স্থাপনৰ হাবিয়াসখিনি। এটা নাগৰীক মুহূৰ্ত জীৱন্ত হৈ উঠিছে ক্ৰমশ:। মুহূৰ্ত শব্দটো এইখিনিতে গুৰুত্বপূৰ্ণ এইবাবেই যে, ই এই আছে এই নাই।

“এয়াৰছেলৰ গ্ল’চাইনকিখনলৈ ৰঙা-নীলা চকুৰে সেয়া সৌৰভ কুমাৰ চলিহাই
চাই আছে নে কি? নে নিজেই বাইৰ হৈ গৈছে ফ্ৰেইমৰ”।
মুহূৰ্তত ধৰা দিয়া এটা ইমেজ, নিজেই ফ্ৰেইমৰ বাহিৰ যাব পাৰে। যিখিন ইমেজৰ কথা কোৱা হৈ আছে, সেয়া নিৰ্মিত ইমেজৰ আধাৰত ইমেজৰ পুনৰ্নিৰ্মাণৰ কথা। সেই হিচাপেৰে এই কবিতাটো এটা মেটা-কবিতা। সৌৰভ কুমাৰ চলিহা নামৰ কোনোবা এজন ব্যক্তিৰ ইচ্ছাত (বা অনিচ্ছাত) এটা ইমেজ নিৰ্মিত হৈছিল, কালক্ৰমত তাৰে আধাৰত আৰু এটা ইমেজ নিৰ্মাণ কৰি লোৱা হ’ল। তাৰো পাছত আহিল অনুভৱ তুলসী।

“পাহৰণিতে অৱশ্যে
ফ্লাইঅ’ভাৰৰ ৰেলিঙত সৌৰভ কুমাৰ চলিহাৰ
সোঁহাতখন ৰৈ গৈছে”।
এনেকৈ শেষ হৈছে কবিতাটো। এই পাহৰণিতে সৌৰভ কুমাৰ চলিহাৰ সোঁহাতখন ৰৈ যোৱাৰ কথাটোৱে আন কেইবাটাও কথা সূচায়। তাৰ মাজৰে এটা হ’ল, ইমেজ-মেকিং বা দৃশ্যগত প্ৰতীকী ৰূপায়ণক আমি নিমানেই নৎস্যাৎ কৰিবলৈ চেষ্টা নকৰোঁ কিয়, দৃশ্যগত আৱেদনৰ পৰা মুক্তি পোৱাটো আচলতে আমাৰ বাবে সম্ভৱ নহয়েই নেকি?

কেমেৰাৰ ফালে পিঠি দি, অৰ্থাৎ কেমেৰাৰ সন্মুখীন নোহোৱাকৈ প্ৰকাৰান্তৰে ইমেজ-নিৰ্মাণৰ প্ৰৱণতাৰ বিৰোধিতা কৰি সৌৰভ কুমাৰ চলিহাই অন্য এটা ইমেজ নিৰ্মাণ কৰি থৈ গ’ল- অনন্য আৰু আন বহুতো ইমেজতকৈ শক্তিশালী ইমেজ।


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (একত্ৰিশ): নাট-কথা


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 3 March, 2019]

অসমৰ দৰে এখন ঠাই য'ত দিনটোৰ আধাখিনি সময় লোডশ্বেডিঙে অন্ধকাৰাচ্ছন্ন কৰি ৰাখে তাত অভিনেতাৰ উচ্চ বিদ্যুৎশক্তি চালিত স্পটলাইটৰ প্ৰতি ইমান মোহ কিয়? এই দেশত য'ত ঘৰ নিৰ্মিত হয় কাঠ বাঁহ অথবা মাটি লেপা ইকৰা খাগৰিৰে তাত অভিনেতাৰ চৰ্চা প্ৰেক্ষাগৃহমুখী কিয়? অভিনয়, কিম্বা যিকোনো শিল্পৰে মূল যদি হয় আপোন সত্বাৰ সৈতে মুখামুখি হোৱা, তেনেহ'লে নাট্যশিল্পৰ প্ৰতীক হিচাপে আজিও মুখা কিয়? যিবোৰ নাটক আমি দেখি আছোঁ, যিবোৰ আমি কৰি আছোঁ সেইবোৰ নাটক আমাৰ নাটক হয় জানো? আমাৰ নিজৰ নাটক হ'বলৈ হ'লে সেই নাটকৰ ভাষা কি হ'ব (ভাষা মানে ইয়াত নিশ্চয় অসমীয়া, হিন্দী, ইংৰাজী আদিৰ কথা কোৱা হোৱা নাই)?

অসমৰ সৰু বৰ অঞ্চলবোৰত সাংস্কৃতিক কাৰ্যকলাপ আগতকৈ হ্ৰাস পাইছে অথবা মান নিম্নগামী হৈ আহিছে বুলি অভিযোগ কিছুমান শুনিবলৈ পাই থকা যায় যদিও এতিয়াও ভালেখিনি শিল্পী আৰু কলাকুশলীয়ে নিৰবিচ্ছিন্ন ভাবে কাম কৰি আহিছে। ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত আজিও সংখ্যাগতভাবে অসমৰ অঞ্চলসমূহত সাংস্কৃতিক আৰু শৈল্পিক কাৰ্যকলাপ যথেষ্ঠপৰিমাণে সুলভ। কিন্তু নিৰবিচ্ছিন্নভাবে কৰি যোৱাটো এটা প্ৰাথমিক চৰ্ত হ'লেও সেয়ে শেষ কথা নহয়। অভিনয় কৰাই অভিনয় কৰি আছে, নচাই নাচি আছে, গোৱাই গাই আছে। কিন্তু আমি কি কৰি আছোঁ, আমি কি কৰা উচিত এনেধৰণৰ প্ৰশ্ন কিছুমান সন্মুখলৈ আহি নপৰালৈকে কৰি থকা কামখিনিয়ে বিশেষ তাৎপৰ্য বহন কৰিব নোৱাৰে। সম্প্ৰতি দুটামান দৃষ্টান্তই এইখিনি প্ৰশ্নক আমাৰ সন্মুখত তুলি ধৰি নতুন চিন্তাৰ খোৰাক যোগাইছে। 
 
তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"


মৰিগাঁৱৰ চৰাইবাহীৰ সোনাই পাৰত ১৬ আৰু ১৭ ফেব্ৰুৱাৰী (২০১৯) তাৰিখে অনুষ্ঠিত হৈ যায় তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"। পথাৰৰ মাজত অনুষ্টুপীয়া অথচ মনোগ্ৰাহী আয়োজনত দিনৰ পোহৰতে কৰা এইখিনি নাট্যাভিনয়ৰ খবৰ প্ৰীতম যোগীৰ জৰিয়তে পাই আপ্লুত হৈছিলোঁ যদিও সোঁশৰীৰে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ কেইদিনমানৰ পিছতে নলবাৰীৰ কৈঠালকুছিত তিনিদিনীয়াকৈ উদযাপিত'ল সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"। ইয়াটো তিনি দিন ধৰি চলিল পথাৰৰ মাজত নাটক। দিনৰ পোহৰত। সম্পূৰ্ণ অনুষ্ঠানত থাকিব নোৱাৰিলেও পৰিবেশটো দৰ্শনৰ অভিজ্ঞতা হ’ল।

এতিয়া এই প্ৰয়াসখিনিক কেৱল ব্যতিক্ৰমী কিম্বা পৰীক্ষামূলক বুলি কৈ থ'লেই অন্যায় কৰা হ'ব যদিহে এইখিনি প্ৰয়াসে আনি দিয়া বাগধাৰাখিনি আগবঢ়াই নিব পৰা নাযায়। ব্যতিক্ৰম কিহত? এই ব্যতিক্ৰমৰ প্ৰাসংগিকতা কোনখিনিত? পৰীক্ষামূলক যদি সেয়া কিহৰ পৰীক্ষা? পৰীক্ষাৰ ফলাফল বা অনুসিদ্ধান্ত কি?

অসমত চলি থকা সমসাময়িক নাট্যচৰ্চাৰ তিনিটা ধাৰাৰ কথা আমি আগতে পাতিছোঁ। এটা হ'ল অঞ্চলে অঞ্চলে অনুষ্ঠিত হৈ থকা সদৌ অসম ভিত্তিক প্ৰতিযোগিতা সমূহৰ উদ্যোগ আৰু সমৰ্থনত চৰ্চিত হৈ থকা একাংকিকা নাটকসমূহ। বিস্তৰ চৰ্চাই গাঁৱে ভূঞে অলেখ কলাকুশলীক জন্ম দি আগবঢ়াই অনা এই প্ৰতিযোগিতাকেন্দ্ৰিক একাংকিকা নাটকৰ পৰম্পৰাক উলাই কৰিব পৰা নিশ্চয় নাযায়। কিন্তু ত্বৎসত্বেও প্ৰতিযোগিতামূলক ব্যৱস্থা এটাৰ অন্তৰ্গত হৈ ৰোৱাৰ ফলতেই এই পৰম্পৰাই বহুখিনি সীমাবদ্ধতাৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিলে। এইখিনি কথা আমি অন্যত্ৰ ফঁহিয়াই বিশদভাবে আলোচনা কৰিছোঁ। দ্বিতীয়টো ভাগত থাকিল সততে এমেছাৰ বুলি চিহ্নিত এচাম কৰ্মীৰ নাট্যচৰ্চা। বিভিন্ন প্ৰেক্ষাগৃহত সময়ে সময়ে অনুষ্ঠিত নাটকসমূহ। একাংকিকাৰ চৰ্চাৰ পয়োভৰৰ অনুপাতে তাৰ আলোচনা সমালোচনা প্ৰায় নাই বুলিবই পাৰি। এমেছাৰ নাট্যচৰ্চা সমূহৰ দুই এখনৰ বাতৰি প্ৰতিবেদনৰ লেখীয়াকৈ অলপ অচৰপ কথা ওলায়। কিন্তু এটা দাৰ্শনিক ভিত্তিৰে সমালোচনাত্মক বাগধাৰা তেনেকৈ চকুত নপৰে। তৃতীয়টো ভাগত ৰ'ল ব্যৱসায়িক ভিত্তিত একালত শ্ৰীবৃদ্ধি লাভ কৰি এটা সুকীয়া পৰিচয় লাভ কৰা ভ্ৰাম্যমাণ নাটকখিনি। এই তিনিওটা ভাগতেই বছৰি হৈ থকা চৰ্চাৰ সংখ্যা তাকৰীয়া নহয়। কিন্তু এইবোৰৰ চৰ্চাই কেনেধৰণৰ কথাবতৰাৰ সুযোগ আমাৰ মাজলৈ অনি দিব পাৰিছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ।

নাটক মানে কেৱল আঁৰকাপোৰ, হেলোজেন আৰু স্পটলাইট, উইংছ, গ্ৰীণৰুম আৰু প্ৰেক্ষাগৃহ নহয়। প্ৰচেনিয়াম নামেৰে জনাজাত এটা গঠণৰ পৰা নাটকক বাহিৰলৈ উলিয়াই আনি চোৱাটো আজিও অত্যন্ত জৰুৰী হৈ আছে। আজিও বুলি এইবাবেই কোৱা হ'ল এইকাৰণেই যে এই বিষয়ত কথাবতৰা আগতেও হৈছে। নাটক এটা জীৱন চৰ্চা। নাটক এটা দৰ্শন প্ৰণালী। আমি কেনে ধৰণৰ নাটক কৰিম, অথবা কোনখিনি নাটক আমাৰ নাটক হ'ব এইখিনি প্ৰশ্নৰ অৱতাৰণা কৰি পশ্চিমীয়া নাট্যচৰ্চাৰ প্ৰভাৱেৰে আমাৰ মাজলৈ অহা প্ৰচেনিয়াম আৰ্হিটোক সমূলি নৎস্যাৎ কৰি পৰম্পৰাগত আৰু পশ্চীমীয়া আধুনিক নাটকৰ পৰিৱৰ্তে এই সময়ৰ আমাৰ নাটক এটা তৃতীয় ধাৰাৰহে হ'ব লাগিব বুলি কথা তুলিছিল বাদল সৰকাৰে। এই তৃতীয় থিয়েটাৰৰ প্ৰস্তাৱৰ ভিত্তিত যিখিনি কথা আলোচিত হ'ল তাত প্ৰাধান্য পালে অভিনেতা আৰু দৰ্শকৰ প্ৰত্যক্ষ যোগাযোগৰ দিশখিনিয়ে। নাটক মঞ্চৰ পৰা নামি আহিল বাটলৈ, বজাৰলৈ। বিগত শতিকাৰ সত্তৰৰ দশকটো অত্যন্ত গুৰুত্বপূৰ্ণ এইবাবেই যে প্ৰায় সমান্তৰালভাবে বহুখিনি নতুন চিন্তাৰ উন্মেষ ঘটিবলৈ লৈছিল। উত্তৰগঠণবাদী চিন্তা চৰ্চাই যেনেকৈ আধুনিকতাবাদী ভিত্তিমূলখিনিক প্ৰশ্ন কৰিবলৈ লৈছিল তাৰ প্ৰভাৱ সকলোতে পৰিছিল। বাদল সৰকাৰৰ থিয়েটাৰৰ ভাষা সম্পৰ্কীয় চিন্তা আৰু সম্পৰীক্ষণৰ দৰেই ৰিছাৰ্ড শ্বিখনাৰৰ আৰম্ভ হৈছিল পাৰ্ফৰমেটিভ চাৰ্কুমষ্টেন্সৰ অন্বেষন। আনফালে কানহাইলালে আগবঢ়াই নিলে নাটকক জীৱনৰ সৈতে সংপৃক্ত কৰি নাট্যচৰ্চা। শুক্ৰাচাৰ্য ৰাভায়ো গোৱালপাৰাৰ ৰামপুৰত আগবাঢ়াই আনিলে অন্য এটা পৰিৱেশ। মাজতে হিমাংশু প্ৰসাদ দাসেও নাটকক আনি সুমুৱালেহি মহানগৰৰ ছিটিবাছৰ ভিতৰত। নাটক কেৱল নাটক হৈ নাথাকি হৈ পৰিল একধৰণৰ দৰ্শন-চৰ্যা। ইয়াৰ পিছত নাটকৰ সৈতে জড়িত মানুহখিনিয়ে নাটকক কেৱল পৰম্পৰাগত ধাৰণাটোৰ মাজেৰেই চাই থাকিবলৈ আৰু নাৰাজ। তেওঁলোকে পৰিৱেশন কলাৰ সমস্ত উপাদান আৰু সেইবোৰৰ মৰ্ম অধ্যয়ণ কৰি সম্প্ৰসাৰণ ঘটাবলৈ ল'লে পাৰ্ফৰমেন্স ষ্টাডিজ নামেৰে অন্য এটা সমান্তৰাল জ্ঞানশাখা।

নাটক কৰি থকাটো যিমান জৰুৰী, নাটকৰ কথা পাতি থকাটোও সমানেই জৰুৰী।ক্থাওকতে উল্লেখ কৰি থওঁ যে নীলোৎপল বৰুৱাৰ “শুক্ৰাচাৰ্য ৰাভা- যাত্ৰা আৰু মাত্ৰা” নামেৰে শুক্ৰাচাৰ্য ৰাভাৰ থিয়েটাৰী দৰ্শন, সম্পৰীক্ষা, যাত্ৰা আৰু মাত্ৰা সম্বন্ধীয় গ্ৰন্থ এখন প্ৰকাশ পায় বাদুংদুপ্পা প্ৰকাশনৰ দ্বাৰা। কেৱল শুক্ৰাচাৰ্য কিম্বা বাদুংদুপ্পা নহয়, বৰঞ্চ পাৰফৰমেন্স সম্পৰ্কীয় বহুতো আনুষংগিক দিশক সামৰি অনা অসমীয়া ভাষাত এইখন এখন অনন্য আৰু একক গ্ৰন্থ।

চৰাইবাহীৰ সোনাই পাৰতত্ত্বান্বেষীৰ "হোলোং" হওক কিম্বা কৈঠালকুছিৰ সুনাগৰ "পথাৰৰ নাট" হওক, এইখিনি উদ্যোগে কৰিলে কি আগলৈ কথা পাতিব পৰাকৈ আমাৰ সন্মুখলৈ সমল অলপ আগবঢ়াই দিলে। প্ৰথম, ইমান দিনে নাটক সম্পৰ্কে কথাবাৰ্তা যিখিনি পতা হৈ আছিল তাৰ গুৰুভাগ "নাট্যসাহিত্য" আখ্যা দি কেৱল নাটকৰ কাহিনী, সংলাপ আৰু মূল (বাচিক) কণ্টেণ্ট খিনিৰ মাজতে আৱদ্ধ আছিল। এইবাৰ এইখিনি উদ্যোগে কণ্টেণ্টৰ লগে লগে পৰিৱেশনৰ ফৰ্ম (আংগিক) সম্পৰ্কেও আমাক ভাবিবলৈ বাধ্য কৰালে। দ্বিতীয়, পৰিৱেশনৰ আনন্দ, দৰ্শনৰ আমোদ প্ৰমোদৰ লগে লগে এটা পৰিৱেশন পদ্ধতি যে একপ্ৰকাৰৰ দৰ্শন চৰ্চা সেই কথাও সাব্যস্ত কৰিলে। তৃতীয়, পৰিৱৰ্তীত আৰ্থ-সামাজিক প্ৰেক্ষাপটত "আজিকালি নাটক চাবলৈ মানুহ নাহে" বুলি হামৰাও কাঢ়ি থকা সময়ত নাটক চাবলৈ যদি মানুহ নাহে নাটককেই মানুহৰ মাজলৈ লৈ যোৱা যাওক- এনে এটা মনোবৃত্তিৰে নতুন সম্ভাৱনাৰ উন্মেষ ঘটালে।

পৰিৱেশন কলা অথবা পৰিৱেশ্য কলা- এই দুয়োটা পৰিভাষাৰে ব্যুৎপত্তিগত মূল হৈছে পৰিৱেশ শব্দটো। সেয়েহে পৰিৱেশ শব্দটোকলৈ বিশেষ চিন্তা-ভাবনা নকৰাকৈ কেৱল ইয়াৰ চৰ্চাৰ পৰম্পৰাগত পদ্ধতিখিনিৰেই চৰ্বিত চৰ্বন কৰি গৈ থকাটো নিশ্চয়কৈ গ্ৰহণীয় নহয়। এই ক্ষেত্ৰত হোলোং আৰু পথাৰৰ নাটে নাটকৰ উপস্থাপনৰ ক্ষেত্ৰত পৰিৱেশৰ কথাখিনিক পুনৰ প্ৰসঙ্গায়িতকৰণ কৰি অলপ কথা পতাৰ সুযোগ আনি দিলে। এটা ব্যৱহাৰিক কলাৰূপ হিচাপে ইয়াৰ পিছত আহিব আন জটিলৰ পৰা জটিলতৰ প্ৰসংগখিনি। প্ৰচেনিয়াম মঞ্চৰ ‘সফল’ নাট এখনকে আনি হুবহু ৰূপত ইয়াতো উপস্থাপন কৰা হ’ব নেকি? অভিনয়ৰ মেথ’ড বা পদ্ধতি কেনে হ’ব? অভিনেতাৰ প্ৰস্তুতি-প্ৰক্ৰিয়া কেনে হ’ব? অসমৰ গাওঁ বা অসমৰ পথাৰ বুলি কথা কওতেও তাতো বিস্তৰ ব্যৱধান আছে। স্থানিক ভাষিক সাংস্কৃতিক সামূহিক স্মৃতিয়ে এইখিনি পৰিৱেশন পদ্ধতিক কেনেকৈ প্ৰভাৱিত কৰিব? উজনিৰ গাঁও এখনৰ দৰ্শকৰ সৈতে অভিনেতাৰ সাক্ষাৎ অভিজ্ঞতাক নামনিৰ গাঁও এখনৰ দৰ্শকৰ সৈতে হোৱা অভিজ্ঞতাৰ সৈতে কেনেকৈ ৰিজাব পৰা যাব? অনুষ্টুপ আৰু ক্ষণস্থায়ী আয়োজনবোৰেই প্ৰাধান্য পাই থাকিব নে দীৰ্ঘম্যাদী এটা আন্দোলনৰ ৰূপত আগবাঢ়ি যাব পৰাকৈ এইবোৰৰ সাংগঠনিক ৰননীতি একোটায়ো গা কৰি উঠিব? নব্য-উপস্থাপন-ৰীতিয়ে নাট্যকাৰসকলকো নাট ৰচনাৰ কৌশল সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰাব নেকি?

নতুন পুৰুষে কথাবোৰ পাতিবলৈ আৰম্ভ কৰিছে। প্ৰশ্নবোৰ কৰিবলৈ আৰম্ভ কৰিছে। কথাৰে আৰু কামেৰে।
 
সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"

সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"

তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (ত্ৰিশ): নুফুলা ফুলৰ গান: ফুলৰ গান, গানৰ ফুল

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 17 February, 2019]

ফেব্ৰুৱাৰী প্ৰেমৰ মাহ গান মানেই প্ৰেম প্ৰেম বুলিলেই ফুল ফুলাৰ বতৰা এতিয়া বসন্ত কিন্তু আমি চকুৰে দেখা ফুলপাহ গানত গোৱা হৈ থকা ফুলপাহৰ সৈতে একেই বুলি কোনো কথা নাই চাক্ষুস অভিজ্ঞতালব্ধ দৈনিক জীৱনত সাক্ষাৎ লাভ কৰা ফুলপাহ শিল্পই উপস্থাপন কৰা ফুলপাহৰ সৈতে একে নহবও পাৰে আৰু এই কথাটোৱেই আমাক ভাবিবলৈ বাধ্য কৰাব যে প্ৰাত্যহিক জীৱনৰ আপাত বাস্তৱতা আৰু শিল্পৰ বাস্তৱতা হুবহু একে নহয় সদায় চকুৰে দেখা গছ পাতটিও/ ছবিটিত ভাল হৈ পৰে;/ সদায় কাণেৰে শুনা সৰু কথাটিও/ গীত হলে প্ৰাণ টানি ধৰে...” কবিৰ ব্যাখ্যাই শৈল্পিক প্ৰতিৰূপায়ণ অথবা ৰিপ্ৰেজেণ্টেচনৰ প্ৰতি থকা আমাৰ আনুগত্যা কিম্বা আকৰ্ষণৰ কথাকেই সূচায় কিন্তু এই ৰিপ্ৰেজেণ্টেচনৰ ব্যতিৰেকেও শিল্পত উপস্থাপিত গছপাতটি কিম্বা ফুলপাহৰ একক, স্বকীয় আৰু অদ্বিতীয় এটা অস্তিত্ব থাকে সদায়ে তাক তাৰ এটা আপাত বাস্তৱিক অস্তিত্বৰ পৰিপূৰক বুলি উৎস সন্ধান কৰিবৰ প্ৰয়োজন নাথাকে ছবিৰ গছপাতটি ছবিৰেই গছপাত, গানৰ ফুলপাহ গানৰেই ফুলপাহ বুলি পতিয়ন যাব পাৰিলে শিল্পৰ ৰসগ্ৰহণৰ প্ৰক্ৰিয়াটো আৰু বেছি উজু হৈ পৰে

কেইটিমান গানৰ কথা আছে নুফুলা ফুলৰ বতৰা আছে নথকাৰ থকা ফুল নুফুলাৰ কথাখিনিয়ে তাৎক্ষণিকভাবে যদি বিৰহৰ ভাৱ এটাৰ উদ্ৰেক কৰে তেনেহলে ভুল কাৰণ খোজা গানকেইটা আচলতে অভাৱ, বিৰহ বা বিষাদৰ বিপৰীতে প্ৰাচুৰ্যৰহে গান



অত্যন্ত প্ৰভাৱশালী প্ৰথমটো গান বিশ্বৰ সৰ্ৱশ্ৰেষ্ট প্ৰেমৰ গান বুলি তালিকা এখন কৰিলে তাৰ ভিতৰত নিশ্চয় উপৰৰ ফালেই থাকিব যিহেতু প্ৰেমৰ গান, সেয়েহে ইয়াত ফুলৰ কথা আছে নতুন বছৰৰ আৰম্ভণীৰ কথা আছে, বৰষুণৰ কথা আছে গানৰ এটা সহজাত বৈশিষ্ট্য বা চৰিত্ৰ এয়েও যে সকলো সময়তে আপুনি গান এটা মনযোগেৰে নুশুনে, বা শুনিবই লাগিব বুলিও কথা নাই বেছিভাগ সময়তে অৱচেতন মনতহে গুণগুণনি এটাই অথবা তাৰ কথাংশই দোলা দি যায় সেই ফালৰ পৰা এই গীতটোত প্ৰেমৰ গান এটাত যিবোৰ শব্দ থাকিব লাগে সেইবোৰ শব্দই আছে এটা প্ৰেমাকূল আৱহাৱা নিৰ্মাণ কৰিবলৈ যিখিনি উপাদান লাগে সেইখিনিয়েই আছে কিন্তু সেইখিনি থাকিও নাই বস্তুখিনি থাকিও যে নাই সেয়াহে কৈ থকা হৈছে "উদযাপন কৰিবলৈ নতুন বছৰৰ আৰম্ভণীৰ দিনো নহয়... বসন্তৰ প্ৰথম দিনো নহয়, গাবলৈ কোনো গান নাই... আচলতেই এয়া এটা তেনেই সাধাৰণ দিন... এপ্ৰিলৰ বৰষুণ নাই, ফুল ফুলা নাই..." একোৰে একোটো নাই, বৰঞ্চ আজি তেনেই এটা গতানুগতীক বৈচিত্ৰহীন দিন এনে এটা বৈশিষ্ট্যৰহিত দিনতেই তোমাক মাতিলোঁ বা কল এটা কৰিলোঁ এই কথাটোকে বলৈ যে- তোমাক ভালপাওঁ, I just called to say I love you... সেই হিচাপেৰে এইটো এটা নুফুলা ফুলৰ গান, নোহোৱা বৰষুণৰ গান কিন্তু অন্তৰত প্ৰেমৰ উচ্ছাস ইমানেই আছে যে তাৰ বাবে ফুল ফুলিবৰ বতৰলৈ অপেক্ষা কৰিবৰ প্ৰয়োজনেই নহ এটা গতানুগতিক দিনটো নুফুলা ফুলৰ উল্লেখেৰেও, কেৱল বাচিক উল্লেখেৰেই প্ৰাপ্তিৰ অনুভৱখিনি এনেকৈয়ে নিৰ্মিত হৈছে

১৯৮৪ চনৰ ষ্টিভি ৱণ্ডাৰৰ এই গীতটো আজিও এটা শ্ৰেষ্ঠতম গীত বুলিয়েই পৰিগণিত কিন্তু এদিন আহি গম পালোঁ যে গানটোৰ ৰচয়িতা ষ্টিভি ৱণ্ডাৰ আছিল অন্ধ গানটোৰ এটা ভিডিঅ' আছে ' 'লা চছমা পিন্ধা ৱণ্ডাৰে টেলিফোনৰ ৰিচিভাৰটো কাণত কাষত ধৰি গানটো গাই আছে যেতিয়া গম পোৱা যায় যে যে এজন অন্ধ গায়কে ফুল নুফুলাৰ গানটি গাইছে তেতিয়া এই কথাটোত আকৌ এবাৰ পতিয়ন যাবলৈ সহজ হয় যে গানৰ মাজৰ এই ফুল ফুলাৰ অথবা নুফুলাৰ বতৰা বাস্তৱৰ ফুলপাহৰ ফুলা-নফুলাৰ বতৰাতকৈ পৃথকেই হয়   

তেনেকৈয়ে অঞ্জন দত্তৰ বঙালী ভাষাৰ যথেষ্ঠ জনপ্ৰিয় আন এটি গীত আছে এইটো গীতত আকৌ ফুল নুফুলাৰ কথাতকৈয়ো আৰু এঢাপ আগবাঢ়ি কোৱা যে ফুল ফুলিল বা নুফুলিল- সেই কথটোৰেই গুৰুত্ব নাই, “ফুল ফুটুক নাইবা ফুটুক আজ বসন্ত বাক্যাংশখিনি আহিছে কবি সুভাষ মুখোপাধ্যায়ৰ কবিতাৰ পৰা- ফুল ফুটুক না ফুটুক/ আজ বসন্ত এইটো আন এটা নুফুলা ফুলৰ প্ৰাপ্তিৰ গান তোমাৰ মোৰ আকাশৰ ৰং ফিকা হওক কোনো কথা নাই ধুমুহা আহক বা নাহক, কোনো কথা নাই এইখিনি গানে যি কথা প্ৰমাণ কৰে সেয়া বাস্তৱিক ফুলৰ উপস্থিতিয়েহে যে প্ৰাচুৰ্যৰ সম্ভেদ আনিব পাৰে তেনে কোনো কথা নাই গানৰ ফুলেও দিব পাৰে ঐশ্বৰ্যৰ সন্ধান গানত নুফুলাকৈ থকা ফুলপাহেও বিলাব পাৰে সুৰভি   

ফুল ফুলিছে বুলি কোৱাটো যেনেকৈ গানৰ এটা সহজ উপাদান, ফুল নাই ফুলা বুলি কোৱাটোও তেনেকৈয়ে এটা উপাদান ৰবীন্দ্ৰনাথৰ গানত "ফুলনিখন এতিয়া তেনেই উদং" কথাষাৰেও এটা চিত্ৰকল্পৰ সৃষ্টি কৰিছে হেমন্ত ঋতুৰ গানত গায়কে গাইছে- "ফুলনি আজি তেনেই যে উকা,/ কুলি কেতেকীয়ে নুশুনোঁ মতা,/ কঁহুৱানি সৰি যায় নদীৰ চৰে" নহয়, এয়াও বিষাহ বা বিৰহৰ গান নহয় কুলি-কেতেকীত মাত কিম্বা ফুল নাই মানেই সেয়া বিষাদৰ গান নহয় বৰঞ্চ এয়া বিষাদ দূৰ কৰাৰ হে প্ৰাৰ্থনা-সংগীত- "যাক অৱসাদ বিষাদ যিবোৰ,/ দিপালিকাৰে কৰা পোহৰ,/ কৰা পোহৰ, পোহৰে নিজৰ,/ শুনোৱা পোহৰৰ জয়বাণী..."



তেনেকুৱাকৈয়ে ফইজ আহমদ ফইজৰ তেনেই সহজ প্ৰেমৰ যেন লগা কিন্তু অত্যন্ত জটিল গান এটা আছে- “মুঝ চে পেহলি চি মুহব্বত মেৰে মেহবুব না মাংগ”: আগৰ দৰে আকৌ ভালপোৱাৰ কথা নকবি সোণ এহাতে মোৰ পৰা আৰু প্ৰেম নিবিচাৰিবি বুলি প্ৰকাৰান্তৰে প্ৰত্যাখ্যান কৰিও আকৌ গানটো ভৰি আছে প্ৰেমাস্পদৰ সৰস বৰ্ণনাৰে পোনতে গানটো বিৰহৰ গান নে প্ৰাপ্তিৰ গান বুজিবলৈ কঠিন ইমন কল্যাণ ৰাগৰ আধাৰেৰে মেডাম নুৰ জেহানৰ কণ্ঠত গীতটোৱে অসীম জনপ্ৰিয়তা লাভ কৰিছিল উৰ্দু ভাষাৰ অন্যন্য সুন্দৰ কথাৰে সৈতে এই গানটোৰ প্ৰভাৱ সুদূৰ-প্ৰসাৰী আন উদাহৰণ নালাগে, গানটোৰ মাজৰ পৰা "তেৰে আঁখোঁ কে চিৱা ইছ দুনীয়া মেইন ৰখা ক্যা হেই" বাক্যটোকে ধাৰলৈ আনি মজৰুহ চুলতানপুৰীৰ কলমেৰে সৃষ্টি হৈছিল আন এটি কালজয়ী গান লতা মংগেশকাৰৰ কণ্ঠত এই এটি মাত্ৰ বাক্যই যেনেকৈ অনুভৱী ব্যক্তি এজনক বহু সময় তন্ময় কৰি ৰাখিব পাৰে তেনেকৈয়ে গীতটোৰ বাকী বাক্যাংশবোৰো সমানেই শক্তিশালী গানটিয়ে বৰ্ণনা কৰি যায় প্ৰেমাস্পদক আৰু প্ৰেমাস্পদৰ প্ৰতি গীতিকাৰৰ হাবিয়াসক-
"...তোক পালেই পাম বৈকুন্ঠৰে ধাম
তোৰ দুখৰ মণিটি লৈ নেলাগে মোক কুবেৰৰো ধান
তোৰ এই মুখনিতে অনন্ত বসন্তৰে গান
তোৰ দুচকুতেই মোৰ পূৱা মোৰ দিবাৱসান..."  

কিন্তু ইমান হৃদয় উপচি পৰা প্ৰেমৰ অনুভূতি থকাৰ স্বত্বেও কিয় গানটোত বাৰে বাৰে কোৱা হৈছে, "আগৰ দৰে আকৌ ভালপোৱাৰ কথা নক'বি সোণ"? কিয় কোৱা হৈছে,
"ভালপোৱাতকৈয়ো আৰু অন্য দুখো আছে সংসাৰত
প্ৰেমৰ সিপাৰেও আছে অন্য হেঁপাহ এই মৰতত?"

কোৱা হয় ইংৰাজী ভাষাত প্ৰেম-ভালপোৱাৰ বাবে বহুল ব্যৱহৃত "Love" শব্দটোৰ বিপৰীতে উৰ্দু ভাষাত কেৱল প্ৰেম-ভালপোৱা বুজাবলৈকে ওঠৰটাকৈ শব্দ আছে উৰ্দু কবিয়ে প্ৰেমৰ আৰু প্ৰেমিকাৰ গুণ-গান নিৰহ-নিপানীকৈ গাব জানে কিন্তু গানটোৱে এইখিনিতে মোৰ সলায়- ভালপোৱাতকৈয়ো অন্য দুখৰ কথা যেতিয়া ক'বলৈ আৰম্ভ কৰে  
"অমানিশাই ঢাকি ৰাখিছে আমাক কত শত কাল
চেনেহৰ আঁচলেৰে ৰাখিব খোজা মানৱতা
প্ৰান্তে প্ৰান্তে দেখোঁ বজাৰত কেনেকে' বিক্ৰি হোৱা
দেখিছোঁ ছাই হোৱা, তেজতে লুতুৰি পুতুৰি হোৱা
মহাব্যাধিৰ জুহালত পোৰা মানুহৰ দেহা
পুতিগন্ধময় ক্ষত বিক্ষত মানুহৰ দেহা"

প্ৰেমাকুল হৃদয়াৱেগৰ উৰ্দ্ধত গীতিকাৰে দেখিছে সমাজৰ অন্ধকাৰাচ্ছন্ন সময়- "মোৰ দৃষ্টিয়ে পোনায় সেইফালেও বাট কি যে কৰোঁ, আজিও ধুনীয়া তোৰ মান কোনো নাই পিছে কি যে কৰোঁ" এটা প্ৰেমৰ গানৰ সলনি ই হৈ উঠিছে সমাজৰ প্ৰতি থকা শিল্পী-চেতনাৰ প্ৰকাশ কিন্তু এই আপাত প্ৰেমহীনতাত কোনো দুখ নাই

ফইজৰ আন এটি অনবদ্য গীত "গুলোঁ মেঁ ৰঙ্গ ভৰে' বাদ--নৌ-বাহাৰ চলে/ চলে ভি আৱ' কি গুলশন কা কাৰোবাৰ চলে " 'ত আছে ফুল ফুলাৰ কামনা ফুল ফুলি উঠাৰ প্ৰাৰ্থনা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ প্ৰখ্যাত গীতটোতো তীব্ৰ- "ফুল ফুলক, 'দৰে ফুল হৃদয় সেউজী ধৰাত" ফইজৰ গানত যেতিয়া ফুলৰ কামনা শুনিবলৈ পাইছোঁ- তেতিয়া ফইজ জেলত আৱদ্ধ কাৰাৰুদ্ধ কবিয়ে কামনা কৰিছে-
ফুলৰ পাপৰি ৰঙাই, বসন্তৰ সুগন্ধিত শীতল বায়ু বৈ যাওক
গুছি আহা তুমি, ফুলনি জাতিষ্কাৰ হওক
ইয়াতো ফুল ফুলা নাই কেৱল কামনাহে আছে- বসন্তই আহি ফুলে ফুলে ৰং ভৰাই যোৱাৰ  

ফুল নুফুলাৰ কালতো গানৰ ফুলে আমাক সুবাস দি আহিছে আনকি গানত নুফুলা ফুলেও সুবাস বিয়পাইছে, ফুলি মৰহি যোৱা ফুলেও দিছে প্ৰাচুৰ্যৰ সম্ভেদ হেমাংগ দত্তৰ কবিতাৰ সূৰ্যটোৰ দৰেইৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য/ কিন্তু ৰাতিৰ কবিতাই পাৰে
ফুল ফুলক জীৱন প্ৰেমময় হওক



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594