ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, March 18, 2019

পেখু পেখু (বত্ৰিছ): মূৰ্তমান দৃশ্য, ভাবমূৰ্তি আৰু সৌৰভ কুমাৰ চলিহা

ৰেণে মাগ্ৰিটৰ ছবিৰ আধাৰত সৌৰভ কুমাৰ চলিহাৰ ইমেজৰ পুনৰনিৰ্মাণ, সমুদ্র কাজল শইকীয়া

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 17 March, 2019]


ভূপেন হাজৰিকাৰ জীৱনৰ অন্তিম কালত ৰুগ্ন অৱস্থাৰ কিছুমান ফটোগ্ৰাফ তেখেতৰ অনুৰাগীয়ে প্ৰচাৰ কৰোঁতে দুই একে আপত্তি দৰ্শাইছিল এই যুক্তিত যে গোটেই জীৱন মানুহজন আছিল নিজৰ ৰাজহুৱা ভাৱমূৰ্তি বা পাব্লিক ইমেজকলৈ অত্যন্ত সাৱধানী, এই ৰুগ্ন ভগ্ন শৰীৰেৰে অসাৱধানী অৱস্থাৰ ৰাজহুৱাকৰণ তেখেতে নিজেও হয়তো ভাল নাপালেহেতেন। কথাখিনি মিছা নহয়। শাক বাচি থকা বা পাচলি কুটি থকাৰ দৰে এটা নৈমিত্তিক ঘৰুৱা অৱস্থাৰ ফটো এখনতো ভূপেন হাজৰিকাক দেখা গৈছিল অত্যন্ত পৰিপাটী সাজেৰে, সচেতন অৱস্থাত। কিছুমান ব্যক্তি নিজৰ ভাৱমূৰ্তি, আনকি আবয়ৱিক দৃশ্যগত উপস্থিতিক লৈ অত্যন্ত সচেতন হয়। আমি যিমানেই উপেক্ষা নকৰো কিয়, দৃশ্যগত প্ৰতিকী ৰূপ এটাই জনমানসত দীৰ্ঘকালীন প্ৰভাৱ পেলায় আৰু সেইসমূহে ব্যক্তিৰ কৰ্মৰ সৈতেও সাঙোৰ খাই পৰি নিজেই এটা বিষয় হৈ উঠেগৈ। ইয়াৰে কিছুমান মূৰ্তি সচেতন ভাবে নিৰ্মিত, অৰ্থাৎ য’ত তাৰ নিৰ্মাণৰ আঁৰৰ মতাদৰ্শগত সিদ্ধন্ত সমূহ স্পষ্ট। আন কিছুমান সচেতন ভাবে নিৰ্মিত নহয়, কিন্তু কালক্ৰমত সামূহিক চেতনাই তাক এটা ৰূপ দি লয়। এই কথা নক’লেও হ’ব যে এই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত থকা নৰেন্দ্ৰ মোডী ডাঙৰীয়া এজন অত্যন্ত কেমেৰা সচেতন ব্যক্তি। অন্যভাবে ক’বলৈ হ’লে ৰাজহুৱা ভাৱমূৰ্তি নিৰ্মাণত তেখেত এজন অত্যন্ত সচেতন আৰু সেইবুলিয়েই বহুল চৰ্চিত ব্যক্তি। অৱশ্যে ৰাজনীতিৰ ক্ষেত্ৰখনত এই ইমেজ, মূৰ্তি, প্ৰতিকী ৰূপ অথবা আইকণ-ৰ গুৰুত্ব সকলো সময়তেই ব্যাপক ৰূপত ৰৈছে। নহ’লেনো বাৰু যিকোনো ৰাজনৈতিক দলে প্ৰচাৰৰ সময়ত স্থানীয় সমষ্টিৰ প্ৰাৰ্থীৰ লগতে সেই সংযুক্ত দলৰ মূৰব্বীৰ ফটোখনো কিয় ডাঙৰকৈ ব্যৱহাৰ কৰে? কোৱা হয় এতিয়াও গাঁৱে ভূঞে কংগ্ৰেছ বুলিলে মানুহে ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধীৰ আইকণিক মূৰ্তি-সমূহলৈকে মনত পেলায়। হাজাৰ সমালোচনা, তিৰষ্কাৰ, ককৰ্থনা স্বত্বেও কংগ্ৰেছ দলটোৰ মুখীয়াল দায়িত্বখিনি গান্ধী পৰিয়ালৰ মানুহৰ হাততেই সুদীৰ্ঘকাল ধৰি ন্যস্ত থকাৰ কাৰণটো ইয়াতেই বুলি ভাবিব পাৰি। কাৰণ নতুন মুখ এখন সন্মুখলৈ আনি তাক জনমাসত এটা সুদূৰপ্ৰসাৰী “আইকণ” ৰূপে প্ৰতিষ্ঠা কৰাটো উজু নহয়। মোডী ডাঙৰীয়াৰ মুখখন সন্মুখত নাথাকিলে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ যি জয়জয় ময়ময় অৱস্থা সেয়া কাইলৈ একেৰূপত থাকিবনে সেই প্ৰশ্নটোও বহুতো বিজ্ঞ ৰাজনীতি বিশাৰদে কৰে। জনমানসত এটা ব্যক্তিত্বৰ ভাৱমূৰ্তিৰ বাবে তেওঁৰ শৰীৰী প্ৰতিৰূপায়ণ (ৰিপ্ৰেজেণ্টেচন) কেনেকৈ গুৰুত্বপূৰ্ণ হৈ ৰয় সেই কথাখিনিৰ বাবেই এইখিনি উদাহৰণৰ অৱতাৰণা।

কালক্ৰমত ‘অৱলীলাক্ৰমে’ নিৰ্মিত মূৰ্তিৰ ক্ষেত্ৰত আমি অসমৰ দুই প্ৰাত:স্মৰণীয় ব্যক্তি জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদলৈ মনত পেলালেই হ’ল। জ্যোতি-জ্ঞান আৰু জ্যোতি-চৰ্চাৰ সৈতে ন্যূনতম জড়িত ব্যক্তিজনেও মনত কোনোবাখিনিত কপালৰ দুকষে কুম ওলোৱা চুলিৰে সৈতে এজন মাজবয়সীয়া জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখিছে। তাৰ লগতে এই সংবাদখিনিও আছে যে কম বয়সতে মানুহজন ঢুকাইছিল। সেয়েহে সেই ডেকা কিম্বা মাজবয়সীয়া ব্যক্তিজনৰ সেই ‘ইমেজ’টোৱেও ক’ৰবাত নহয় ক’ৰবাত আমাৰ অৱচেতনাত কাম কৰি থাকে যাৰ বাবে জ্যোতিপ্ৰসাদৰ ৰচনা বা সৃষ্টিৰ সৈতে অসমীয়াই সদায়ে এটা আৱেগিক সম্পৰ্ক স্থাপন কৰি চলে। একেদৰেই বিষ্ণু ৰাভাৰ কোৱাৰ্টাৰ প্ৰফাইল, অলপমান ওপৰলৈ মু-কৰি থকা ফটো এখন অথবা সেই ফটোখনৰ আধাৰত নিৰ্মিত গ্ৰাফিক ইমেজ আমাৰ সকলোৰে মনত খোদিত আছে। এইখিনি কালক্ৰমত জনমানসত সাব্যস্ত হোৱা ইমেজ। এই মূৰ্তিটো উৰ্ধমুখি, উদ্দাত্ত। সৈনিক শিল্পী বুলি নাম থকা শিল্পীজনৰ ভাৱমূৰ্তি নিৰ্মাণৰ বাবে ই এক সঠিক ৰিপ্ৰেজেণ্টেচন।

শিল্পত ৰিপ্ৰেজেণ্টেচন আৰু আইক’ণ’গ্ৰাফী- এই দুটাই ঘাই কথা। চিত্ৰকৰ বা মূৰ্তি-গঢ়োঁতাক চ্যুকাফাৰ কথা ক’লে তেওঁলোকে প্ৰথমেই ভাবিব হাতত কি থাকিব, হেংদাং নে তৰোৱাল। বাহন কি হ’ব, পোছাক কি হ’ব। নাট্যকৰ্মীৰ কথাও একেটাই। এজন গাৱলীয়া স্কুলৰ শিক্ষক বুলি ক’লে তেওঁৰ সাজ-সজ্জা কি হ’ব, তেওঁৰ ধৰণ-কৰণ কেনে হ’ব? এজন ৰাজনৈতিক নেতা আৰু এজন দৈনিক মজদুৰৰ শৰীৰী উপস্থাপনটো কেনে হ’ব- এইটোৱেই প্ৰথম প্ৰশ্ন। প্ৰচলিত ধাৰণাৰেই চৰ্বিত চৰ্বন কৰা হ’ব নে অন্য নতুন ৰূপৰ সন্ধান কৰা হ’ব সেইবোৰ কথাও আৰম্ভ এই প্ৰাথমিক প্ৰশ্নটোৰ পৰাই- মানুহজন দেখিবলৈ কেনে, অথবা মানুহজনৰ দেখিবলৈ পোৱা সম্ভাৱ্য কোনটো ৰূপৰ পৰা আমি কাম আৰম্ভ কৰিম?

কিন্তু সকলোৰে শেষত শিল্প আচলতে জীৱন-বীক্ষা, জগত-বীক্ষা। এটা মূৰ্তি নিৰ্মাণেই শেষ কথা নহয়। শিল্প যে এটা জ্ঞান-শাখা, এটা বাগধাৰা, এটা চিন্তন-প্ৰণালী, এটা দৰ্শন; এইখিনি কথাকেই প্ৰাধান্য দিবৰ বাবেই বিশ্বজুৰি শিল্পৰ শিল্পৰ ইতিহাসত সময়ে সময়ে ইমেজ-বিৰোধী প্ৰতিবাদ কিম্বা আন্দোলন চলি আহিছে। এইখিনিয়েই গুৰি কথা যাৰ বাবে চিত্ৰকৰে চিত্ৰ নিৰ্মাণ মাজে মাজে বন্ধ কৰি দিয়া উচিত, মূৰ্তি-গঢ়োঁতাই মূৰ্তিনিৰ্মাণ ত্যাগ কৰা কৰা উচিত, অভিনেতাই চৰিত্ৰৰ “যথাযথ” ৰূপায়ণৰ দায়বদ্ধতা এৰি দিয়া উচিত। (এই মুহূৰ্ততে অসমীয়া নাট্যাভিনয়ৰ প্ৰতিবেদনত সততে উপলব্দ্ধ “যথাযথ” শব্দটোৰো এটা ব্যাখ্যা পোৱা গ’ল, যিটো সম্পৰ্কে আগলৈ আলচিম)। আন নালাগে সংগীতশিল্পীয়েও মাজে মাজে সুৰৰ সৈতে বৈৰীতা স্থাপন কৰা উচিত। দৃশ্যৰ, শব্দৰ, কল্পনাৰ মোহিনীবাণেৰে জনসমাজক মোহিত কৰি ৰখাটো শিল্পৰ উদ্দেশ্য কোনোকালেই নাছিল।   

চিত্ৰশিল্পী হিচাপে নিজৰ কৰ্মজীৱনৰ আটাইতকৈ ভৰপক সময়খিনিতেই মাৰ্চেল ডুচ্যঁই ছবি আঁকিবলৈ এৰিছিল। শিল্পীৰ উদ্ধেশ্য কেৱল দৃশ্য নিৰ্মাণ বা বস্তু নিৰ্মাণ নহয় বুলিবলৈকে ১৯১৭ চনত চিনামাটিত মূত্ৰাগাৰ এটা প্ৰদৰ্শনীগৃহত ওলোটাকৈ সংস্থাপন কৰি তাতে স্বাক্ষৰ এটা কৰি দি ক’ব খুজিছিল- এয়ে মোৰ শিল্প। ৰেডীমে’ড। কথা আছিল যে বস্তু এটাৰ হুবহু ৰূপতে উপস্থাপন কৰি, অৰ্থাৎ তাক “সৃষ্টি” বা “নিৰ্মাণ” নকৰাকৈ তাৰ মাজেৰেও শৈল্পিক আৰু বৌদ্ধিক কথকতাৰ জন্ম দিব পৰা যায় নেকি তাৰেই প্ৰশ্ন কৰা। কিন্তু কালক্ৰমত ডুচ্যঁৰ সেই কামটো যুগান্তকাৰী বুলি পৰিগণিত হোৱাত আজি দৰাচলতে যিমানবোৰ আমি ডুচ্যঁৰ সেই “ফাউণ্টেইন, ২০১৭” নামৰ কামটোৰ প্ৰতিলিপি দেখা পাওঁ সেইবোৰৰ বেছিভাগেই আচলতে পৰৱৰ্তী কালত পুনৰনিৰ্মিত। ইমেজ নিৰ্মাণৰ বিৰোধীতা কৰিবলৈ বিচৰা কামটোও আকৌ ৰোমন্থিত হৈ ৰ’ল পুনৰনিৰ্মিত ইমেজৰ মাধ্যমেৰেই। কোনো ইমেজ বা বস্তু বা অবয়ৱ নিৰ্মাণ নকৰোঁ কেৱল দবা খেলি যাম বুলি সিদ্ধান্দ লোৱাৰ পিছতো মাৰ্চেল ডুচ্যঁই নিজেই ষাঠিৰ দশকত এটা চুটকেছত ভৰাই ফুৰিব পৰাকৈ নিজৰ পুৰণা কামৰ সৰু সৰু প্ৰতিলিপি বা মেকেট সাজি উলিয়াইছিল। তেনেহ’লে কি এয়া আছিল মাৰ্চেল ডুচ্যঁৰ ব্যৰ্থতা? ইমেজ আৰু বস্তুৰ পৰা আঁতৰি গৈ আকৌ ইমেজ বা বস্তুৰূপলৈকে প্ৰত্যাৱৰ্তন?

সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ জগতত এক বিৰল ব্যক্তিত্ব কেৱল সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানখিনিৰ বাবেই নহয় বৰঞ্চ নিজে নিজৰ এটা ৰাজহুৱা “ভাবমূৰ্তি” বা পাব্লিক ইমেজ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা তেওঁৰ ব্যক্তিগত সিদ্ধান্তখিনিৰ কাৰণেও। সৰ্বদা লোকচক্ষুৰ আঁৰত ৰৈ যোৱাৰ তেখেতৰ যি প্ৰৱণতা- সিয়ে আজি এটা নতুন বাগধাৰাৰ জন্ম দিব পাৰে। বলীউড চিনেমাৰ বা সংগীতৰ ফেন ক্লাব থাকে, কিন্তু অসমীয়া লেখকৰো যে ফেন ক্লাব থাকিব পাৰে এয়া অবিশ্বাস্য লাগিব পাৰে, কিন্তু আছে। কাৰ আছে? সৌৰভ কুমাৰ চলিহাৰ আছে।  সদায় লোকচক্ষুৰ পৰা আঁৰত থাকি কাম কৰি যাবলৈ বিচৰা ব্যক্তি এজনো ‘চেলিব্ৰিটী’ হৈ উঠিব পাৰে। কেতিয়াও কেমেৰাৰ সন্মুখলৈ আহিবলৈ নিবিচৰা সৌৰভ কুমাৰ চলিহাৰ এই মনোবৃত্তিটোৱেও বহু কথাৰ সূত্ৰপাত ঘটায়।

কিন্তু সকলোৰে শেষত কেমেৰালৈ মুখ নকৰি পিঠি দি থকা ইমেজটোও এটা ইমেজ। কালক্ৰমত এই ইমেজটোও এটা জনমানসত দীৰ্ঘকালীন ৰৈ যোৱা এটা ইমেজ হৈ ৰ’ল। কথাষাৰৰ ইংগিত এয়ে নেকি যে যিয়েই যি নকৰোঁ কিয়, ইমেজ নিৰ্মাণৰ কোনো গত্যান্তৰ নাই? উপৰিউক্ত গোটেই কথাখিনি মনলৈ আহিছিল সুকবি অনুভৱ তুলসীৰ “মাটিভাষা” সংকলনৰ অন্তৰ্ভূক্ত এটা কবিতা পঢ়াৰ পিছত।

“আমি তেওঁক দেখা নাই। দেখিছোঁ যদিও তেওঁৰ পিছফালটোহে, তেওঁৰ
পিঠিখনহে দেখিছোঁ। তেওঁ আমাক দেখাৰ কথা নাই। তেওঁ তেওঁৰ আগফালে
নিজৰ ছাঁটোলৈকে চাই আছে। সত নগ’ল আমনি কৰিবলৈ”।
এনেকৈয়ে আৰম্ভণী হৈছে অনুভৱ তুলসীৰ “সৌৰভ কুমাৰ চলিহা” শীৰ্ষক কবিতাটিৰ। গোটেই কবিতাটিৰ আধাৰ কেইখনমান ছবি, কেইটিমান ইমেজ, এটা আইকণ। সুপাঠ্য এই কবিতাটো আগবাঢ়ে কেইটিমান চলচ্ছিত্ৰীয় মুহূৰ্তৰে। কিবা ঘটনা এটা ঘটি থাকে। উপস্থিত নথকাকৈয়ো উপস্থিত থাকে চৰিত্ৰ এটা। আৰু তাৰ লগতে থাকে দ্ৰষ্টাৰ, কথকৰ সংযোগ স্থাপনৰ হাবিয়াসখিনি। এটা নাগৰীক মুহূৰ্ত জীৱন্ত হৈ উঠিছে ক্ৰমশ:। মুহূৰ্ত শব্দটো এইখিনিতে গুৰুত্বপূৰ্ণ এইবাবেই যে, ই এই আছে এই নাই।

“এয়াৰছেলৰ গ্ল’চাইনকিখনলৈ ৰঙা-নীলা চকুৰে সেয়া সৌৰভ কুমাৰ চলিহাই
চাই আছে নে কি? নে নিজেই বাইৰ হৈ গৈছে ফ্ৰেইমৰ”।
মুহূৰ্তত ধৰা দিয়া এটা ইমেজ, নিজেই ফ্ৰেইমৰ বাহিৰ যাব পাৰে। যিখিন ইমেজৰ কথা কোৱা হৈ আছে, সেয়া নিৰ্মিত ইমেজৰ আধাৰত ইমেজৰ পুনৰ্নিৰ্মাণৰ কথা। সেই হিচাপেৰে এই কবিতাটো এটা মেটা-কবিতা। সৌৰভ কুমাৰ চলিহা নামৰ কোনোবা এজন ব্যক্তিৰ ইচ্ছাত (বা অনিচ্ছাত) এটা ইমেজ নিৰ্মিত হৈছিল, কালক্ৰমত তাৰে আধাৰত আৰু এটা ইমেজ নিৰ্মাণ কৰি লোৱা হ’ল। তাৰো পাছত আহিল অনুভৱ তুলসী।

“পাহৰণিতে অৱশ্যে
ফ্লাইঅ’ভাৰৰ ৰেলিঙত সৌৰভ কুমাৰ চলিহাৰ
সোঁহাতখন ৰৈ গৈছে”।
এনেকৈ শেষ হৈছে কবিতাটো। এই পাহৰণিতে সৌৰভ কুমাৰ চলিহাৰ সোঁহাতখন ৰৈ যোৱাৰ কথাটোৱে আন কেইবাটাও কথা সূচায়। তাৰ মাজৰে এটা হ’ল, ইমেজ-মেকিং বা দৃশ্যগত প্ৰতীকী ৰূপায়ণক আমি নিমানেই নৎস্যাৎ কৰিবলৈ চেষ্টা নকৰোঁ কিয়, দৃশ্যগত আৱেদনৰ পৰা মুক্তি পোৱাটো আচলতে আমাৰ বাবে সম্ভৱ নহয়েই নেকি?

কেমেৰাৰ ফালে পিঠি দি, অৰ্থাৎ কেমেৰাৰ সন্মুখীন নোহোৱাকৈ প্ৰকাৰান্তৰে ইমেজ-নিৰ্মাণৰ প্ৰৱণতাৰ বিৰোধিতা কৰি সৌৰভ কুমাৰ চলিহাই অন্য এটা ইমেজ নিৰ্মাণ কৰি থৈ গ’ল- অনন্য আৰু আন বহুতো ইমেজতকৈ শক্তিশালী ইমেজ।


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: